Home Blog Page 552

বঙাইগাঁৱৰ নৰ্থ বইটামাৰীত অগ্নিদগ্ধ হৈ বৃদ্ধ দম্পতীৰ কৰুণ মৃত্যু…

Elderly couple charred to death
বঙাইগাঁৱৰ নৰ্থ বইটামাৰীত ভয়ংকৰ ঘটনা

বঙাইগাঁৱৰ নৰ্থ বইটামাৰীত ভয়ংকৰ ঘটনা। অগ্নিদগ্ধ হৈ বৃদ্ধ দম্পতীৰ কৰুণ মৃত্যু।

দুলাল ভট্টাচাৰ্য, কৌশল্যা ভট্টাচাৰ্যৰ মৃত্যু। এখন চাহৰ দোকানত নৈশ যাপন কৰিছিল দম্পতীটোৱে। নৰ্থ বইটামাৰীৰ বাশবাৰী বজাৰত এই ঘটনা।

অগ্নিকাণ্ডত ভস্মীভূত তিনিখনকৈ দোকান। গেছ চিলিণ্ডাৰ বিস্ফোৰণৰ ফলতে অগ্নিকাণ্ডৰ সূত্ৰপাত।

লগতে পঢ়ক : শিৱসাগৰৰ মটক গোহাঁইগাঁৱত পুখুৰীত বিহ দি মাছ নিধন দুষ্কৃতিকাৰীৰ…

শিৱসাগৰৰ মটক গোহাঁইগাঁৱত পুখুৰীত বিহ দি মাছ নিধন দুষ্কৃতিকাৰীৰ…

Miscreants kill fish in a pond in Sivasagar's
শিৱসাগৰত পুখুৰীত বিহ দি মাছ নিধন দুষ্কৃতিকাৰীৰ

শিৱসাগৰত পুখুৰীত বিহ দি মাছ নিধন দুষ্কৃতিকাৰীৰ। শিৱসাগৰৰ মটক গোহাঁইগাঁৱত হৈছিল এই ঘটনা। দিগন্ত ফুকন নামৰ মৎস্য ব্যৱসায়ীগৰাকীৰ পুখুৰীত দিছিল বিহ।

ঘটনা গুৰুত্বসহকাৰে ল’লে DGP জি পি সিঙে। শিৱসাগৰৰ আৰক্ষী অধীক্ষকক ঘটনাৰ তদন্তৰ নিৰ্দেশ DGPৰ। X যোগে ঘোষণা DGP জি পি সিঙৰ।

বিহ দিয়াৰ ফলত নিধন হৈছিল প্ৰায় ২ লাখ টকাৰ মাছ। পুখুৰীত ওপঙি উঠিছিল বিভিন্ন প্ৰজাতিৰ অসংখ্য মাছ।

লগতে পঢ়ক : https://www.dainandinbartagroup.in/bangladeshs-influential-leader-ishaq-ali-khan-pannas-death বাংলাদেশৰ প্ৰভাৱশালী নেতা ইছহাক আলী খান পান্নাৰ মৃত্যু সন্দৰ্ভত চাঞ্চল্যকৰ তথ্য…

বাংলাদেশৰ প্ৰভাৱশালী নেতা ইছহাক আলী খান পান্নাৰ মৃত্যু সন্দৰ্ভত চাঞ্চল্যকৰ তথ্য…

Bangladesh's influential leader Ishaq Ali Khan Panna's death
বাংলাদেশৰ প্ৰভাৱশালী নেতাৰ মৃত্যু সন্দৰ্ভত চাঞ্চল্যকৰ তথ্য

বাংলাদেশৰ প্ৰভাৱশালী নেতাৰ মৃত্যু সন্দৰ্ভত চাঞ্চল্যকৰ তথ্য। হত্যা কৰা হৈছিল আৱামী লীগৰ নেতা ইছহাক আলী খান পান্নাক।

মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত নেতাজনক হত্যা কৰাৰ তথ্য। মৃত ইছহাকৰ দেহৰ বিভিন্ন স্থানত পোৱা গৈছে আঘাতৰ চিহ্ন।

মেঘালয়ৰ উমকিয়াঙৰ পাহাৰত উদ্ধাৰ হৈছিল নেতাজনৰ মৃতদেহ। উমকিয়াং অসামৰিক চিকিত্সালয়ৰ মৰ্গত ৰখা হৈছে নেতাজনৰ মৃতদেহ।

কামৰূপ মহানগৰ জিলাত ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ দিৱসৰ শুভাৰম্ভ…

National Pest Eradication Day begins
ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ দিৱসৰ শুভাৰম্ভ

দৈনন্দিন বাৰ্তা ডিজিটেলঃ সমগ্ৰ ৰাজ্যৰ লগতে কামৰূপ মহানগৰ জিলাতো আজি ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ দিৱসৰ শুভাৰম্ভ কৰা হয়। এবছৰ বয়সৰ পৰা ১৯ বছৰ বয়সৰ শিশু সকলক পেলু মুক্ত কৰাৰ উদ্দেশ্যে পালন কৰা এই কাৰ্যসূচীৰ অধীনত কামৰূপ মহানগৰ জিলাৰ ১-১৯ বছৰৰ শিশু সকলক চৰকাৰী বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰত এলবেনডেজল টেবলেট খুওৱা হ’ব। ছেপ্তেম্বৰ মাহৰ ৬ তাৰিখৰ ভিতৰত জিলাৰ চৰকাৰী বিদ্যালয়ৰ সমূহ ছাত্ৰ-ছাত্ৰীক পেলুৰ টেবলেট খুওৱাৰ উপৰি স্কুল নোযোৱা আৰু স্কুলৰ পৰা বাদ পৰা শিশু সকলকো স্বাস্থ্য বিভাগৰ তৰফৰ পৰা আশাকৰ্মীসকলে ঘৰে ঘৰে গৈ টেবলেট সেৱন কৰাব। জিলাখনৰ অংগনৱাড়ী কেন্দ্ৰ আৰু বিদ্যালয়সমূহত ছাত্র-ছাত্রীসকলৰ মাজত শৌচাগাৰৰ ব্যৱহাৰ, পৰিষ্কাৰকৈ হাত ধোৱা অভ্যাস আৰু বিশুদ্ধ খোৱাপানী সেৱনৰ গুৰূত্ব সম্পৰ্কেও এই কাৰ্যসূচীৰ অধীনত সজাগতা সৃষ্টি কৰা হ’ব৷

লগতে পঢ়কঃপেৰালিম্পিকত দুটাকৈ স্বৰ্ণ পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা অৱনী লেখাৰা…

মহানগৰৰ বেতকুছি উচ্ছ ইংৰাজী বিদ্যালয়ত আয়োজিত আজিৰ এই অনুষ্ঠানৰ শুভাৰম্ভ কৰে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ বিশেষ কৰ্তব্যৰত বিষয়া পংকজ চমুৱাই। অনুষ্ঠানত উপস্থিত থাকে কামৰূপ মহানগৰ জিলাৰ স্বাস্থ্য বিভাগৰ দায়িত্বত থকা অতিৰিক্ত আয়ুক্ত ড০ জীৱন কৃষ্ণ গোস্বামী, যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ উদয় শংকৰ মেধি, অতিৰিক্ত মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়া (পৰিয়াল পৰিকল্পনা) ডাঃ কমল দেৱ গোস্বামী, বেতকুছি উচ্ছ ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষয়ত্ৰী সাবিত্ৰী কলিতা প্ৰমূখ্যে শিক্ষক-শিক্ষয়ত্ৰীসকল, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ ৰাজ্যিক, জিলা তথা খণ্ড ভিত্তিক বিষয়াসকল।

পেৰালিম্পিকত দুটাকৈ স্বৰ্ণ পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা অৱনী লেখাৰা…

Avani Lekhara
অৱনী লেখাৰা

পেৰালিম্পিকত দুটাকৈ স্বৰ্ণ পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা অৱনী লেখাৰা। পেৰিছত চলি থকা পেৰালিম্পিকৰ মহিলাৰ ১০ মিটাৰ এয়াৰ ৰাইফল (SH1) প্ৰতিযোগিতাত ভাৰতৰ অৱনী লেখাৰাই সোণৰ পদক লাভ কৰিছে। সতীৰ্থ মোনা আগৰৱালে ব্ৰঞ্জৰ পদক দখল কৰে। পেৰালিম্পিকত দুটাকৈ স্বৰ্ণ পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় হৈছে মহিলা অৱনী লেখাৰাও।

১১ বছৰ বয়সত এটা মটৰ দুৰ্ঘটনাত কঁকালৰ তলছোৱা পক্ষাঘাতগ্ৰস্ত হৈ পৰাৰ পিছত হুইল চেয়াৰত বহি থকা অৱনীয়ে ২০২১ চনত টকিঅ’ পেৰালিম্পিকতো সোণৰ পদক লাভ কৰিছিল।

লগতে পঢ়কঃ সময় বাগৰিলেও সলনি হোৱা নাই দৃশ্যপট! বিধানসভাৰ শৰতকালীন অধিৱেশনত আটাইতকৈ চৰ্চিত আৰু উত্তপ্ত বিষয়টোৱেই হৈছে মিঞাৰ আগ্ৰাসন

সময় বাগৰিলেও সলনি হোৱা নাই দৃশ্যপট! বিধানসভাৰ শৰতকালীন অধিৱেশনত আটাইতকৈ চৰ্চিত আৰু উত্তপ্ত বিষয়টোৱেই হৈছে মিঞাৰ আগ্ৰাসন

দৈনন্দিন বাৰ্তা ডিজিটেলঃ সময় বাগৰিলেও সলনি হোৱা নাই দৃশ্যপট, মাৰ যোৱা নাই প্ৰতিক্ৰিয়া৷ অসম বিধানসভাৰ শৰতকালীন অধিৱেশনৰ সময়ত এইবেলি আটাইতকৈ বেছি চৰ্চিত আৰু উত্তপ্ত বিষয়টোৱেই হৈছে মিঞাৰ আগ্ৰাসন৷ সদনৰ মজিয়াত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মিঞাৰ আগ্ৰাসন ৰোধ কৰিবই লাগিব বুলি কৰা মন্তব্যৰ পিছতে বিৰোধীয়ে এতিয়া মুখ্যমন্ত্ৰীক সাম্প্ৰদায়িক ৰাজনীতি কৰা বুলি উভতি ধৰিছে৷ এনে সময়তে বৃহস্পতিবাৰে পুনৰ হিন্দু-মুছলমান প্ৰসংগক লৈ পুনৰ উত্তপ্ত হৈ পৰে বিধানসভা ৷ ফলত ১০ মিনিটৰ বাবে সদন স্থগিত ৰাখিবলগীয়া হয়৷ মিঞা সম্প্ৰদায়ৰ লোকৰ পৰা হিন্দু শিক্ষয়িত্ৰীসকলৰ নিৰাপত্তা বিচাৰি বিজেপি বিধায়ক ৰমাকান্ত দেউৰীয়ে বিধানসভাত অধ্যক্ষক আহ্বান জনায় ৷ বিধায়ক দেউৰীয়ে কৰা এই আহ্বানৰ পিছতে সদনৰ মজিয়া উত্তাল হৈ পৰে৷ যাৰ বাবে বিধানসভাৰ অধ্যক্ষই দহ মিনিটৰ বাবে সদন স্থগিত ৰাখে৷ বিধানসভাৰ বাহিৰত সাংবাদিকক সম্বোধন কৰি দেউৰীয়ে কয়– ‘সদনৰ ভিতৰত অতি স্পৰ্শকাতৰ বিষয় উপস্থাপন কৰিছিলো৷ হিন্দু শিক্ষক আৰু শিক্ষয়িত্ৰীসকলৰ মিঞা এলেকাত নিৰাপত্তা নাই ৷

লগতে পঢ়কঃ আন স্থানলৈ স্থানান্তৰিত কৰাৰ দিহা ডিব্ৰু-ছৈখোৱা অভয়াৰণ্যৰ ভিতৰত বাস কৰা সহস্ৰাধিক পৰিয়ালক…

লাহৰীঘাট, মোৰ সমষ্টিত হিন্দু শিক্ষয়িত্ৰীৰ নিৰাপত্তা নাই৷’ তেওঁ কয়– ‘অসমৰ যিবোৰ সংখ্যালঘু এলেকাত যি টে’ট শিক্ষকক নিযুক্তি দিছিল সেই হিন্দু শিক্ষয়িত্ৰীসকলৰ নিৰাপত্তা নোহোৱা হৈছে ৷ মিঞাই তেওঁলোকক টানি লৈ যায়, জোৰ কৰি বিয়া পাতে ৷ প্ৰাক্তন শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যক এই কথা অৱগত কৰোৱা হৈছিল ৷ হিন্দু শিক্ষয়িত্ৰীক মিঞাই গৰুৰ মাংস খুওৱাৰ চেষ্টা কৰিছিল৷ আজিও হিন্দু শিক্ষয়িত্ৰীৰ নিৰাপত্তা নাই ৷’ বিধায়ক দেউৰীয়ে কয়, ‘এই কথা কোৱাত কংগ্ৰেছ আৰু এআই ইউডিএফৰ বিধায়কৰ মাজত জুই লাগি গৈছে ৷ মিঞা সম্প্ৰদায়ক সাৱধান হোৱাৰ বাবে আহ৩ান জনাইছো৷’ ৰমাকান্তৰ এনে মন্তব্যত জাঙুৰ খাই উঠে বিৰোধী৷

published by: munmi gogoi

আন স্থানলৈ স্থানান্তৰিত কৰাৰ দিহা ডিব্ৰু-ছৈখোৱা অভয়াৰণ্যৰ ভিতৰত বাস কৰা সহস্ৰাধিক পৰিয়ালক…

Dibru-Saikhowa sanctuary
ডিব্ৰু-ছৈখোৱা অভয়াৰণ্য

দৈনন্দিন বাৰ্তা ডিজিটেলঃ বিধানসভাৰ শৰতকালীন অধিৱেশনৰ সময়ত বৃহস্পতিবাৰে বিধায়ক পোনাকণ বৰুৱাই পৰিৱেশ আৰু বন বিভাগৰ মন্ত্ৰীক ডিব্ৰু-ছৈখোৱা অভয়াৰণ্য সন্দৰ্ভত কেইবাটাও প্ৰশ্ন কৰে৷ ডিব্ৰু-ছৈখোৱা অভয়াৰণ্যখনক ১৯৯৯ চনত ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীতকৰণ কৰাৰ সময়ত অৰণ্যখনৰ মাটিকালি কিমান আছিল? কিমান অংশত বনাঞ্চল আছিল আদি প্ৰশ্নসমূহ বিধায়কগৰাকীয়ে কৰে৷ তেওঁ লগতে কৰা আন কেইটামান প্ৰশ্ন হৈছে- ১৯৯৯ চনৰ পিছত অঞ্চলটোত ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ দ্বাৰা সৃষ্টি হোৱা বান-খহনীয়া বেদখলৰ ফলত সম্প্ৰতি ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি কিমান পৰিমাণৰ আছেগৈ? কাঠৰ চোৰাং বেপাৰীৰ দ্বাৰা আৰু খহনীয়াৰ ফলত কিমান মাটি কালিত বনাঞ্চল ৰৈছেগৈ? বান-খহনীয়া, বেদখল, মানৱসৃষ্ট পৰিস্থিতিৰ পৰা উদ্যানখনক ৰক্ষা কৰিবলৈ চৰকাৰে কিবা ব্যৱস্থা লৈছেনে? উদ্যানখনত কি কি জীৱ-জন্তু, পশু-পক্ষী পোৱা যায় ? ২০২২ বৰ্ষৰ পৰা বৰ্তমানলৈ অহা পৰ্যটকৰ তালিকা সদনক জনাব৷ ডিব্ৰু-ছৈখোৱাত পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ কি আছে ? অমৃত বৃক্ষ আন্দোলনেৰে ৰাজ্যখনক সেউজীয়া কৰিবলৈ গ্ৰহণ কৰা যুগান্তকাৰী পদক্ষেপৰ অংশ হিচাপে ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত ব্যাপক হাৰত বনানীকৰণৰ ব্যৱস্থা কৰিব নেকি? ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ বনাঞ্চল, জীৱ-জন্তু, পশু-পক্ষীসমূহৰ সুৰক্ষাৰ বাবে চৰকাৰে কি ফলপ্ৰসু ব্যৱস্থা লৈছে, বিতংকৈ জনাব৷ পোনাকণ বৰুৱাৰ এনেবোৰ প্ৰশ্নৰ উত্তৰত পৰিৱেশ আৰু বন বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে এইদৰে উত্তৰ দিয়ে- ডিব্ৰু-ছৈখোৱা অভয়াৰণ্যখনক ১৯৯৯ চনত ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীতকৰণ কৰাৰ সময়ত ৩৪০ বৰ্গ কিঃ মিঃ মাটিকালি আছিল ৷

ইয়াৰ ৩৫.৮৪ শতাংশ বনাঞ্চল [গছ-গছনি সমৃদ্ধ] আছিল৷ বিভাগীয় ভাবে সংগৃহীত ২০২৩ চনৰ উপগ্ৰহ চিত্ৰকল্প তথ্য অনুসাৰে বৰ্তমান ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি ২১৬.৫৩ বৰ্গ কিঃমিঃ৷ অৰ্থাৎ ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ ঘোষিত সৰ্বমুঠ ৩৪০ বৰ্গ কিঃমিঃ মাটিকালিৰ ১২৩.৪৭ বৰ্গ কিঃমিঃ গৰাখহনীয়াত ক্ষতিগ্ৰস্ত হৈছে ৷ তদুপৰি অভয়াৰণ্য খনৰ ৬.৫৩ বৰ্গ কিঃমিঃ বৰ্তমানে বেদখলৰ কৱলত আছে৷ কাঠৰ চোৰাং বেপাৰীৰ দ্বাৰা বনাঞ্চল কমাৰ কোনো বিতং তথ্য মজুত নাই যদিও খহনীয়াৰ ফলত ৰাষ্ট্ৰীয় উদ্যানৰ বৰ্তমান অৱস্থিতি সৰ্বমুঠ মাটি কালি ২১৬.৫৩ বৰ্গ কিঃমিঃ মাটিৰ ৩৮ শতাংশ ভূ-খণ্ড গছ-গছনিৰে সমৃদ্ধ বনাঞ্চল বৰ্তি আছে৷ বান-খহনীয়া ৰোধৰ ব্যৱস্থাৰ বাবে ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ কাৰণে ২০২৪-২৫১ পৰা ২০৩৩-৩৪ বৰ্ষৰ বাবে প্ৰস্তুত কৰা ‘ব্যৱস্থাপনা পৰিকল্পনা’ত আৱশ্যকীয় বিধান সন্নিৱিষ্ট কৰাৰ লগতে তাৰ বাবে আৱশ্যকীয় ধনৰ প্ৰয়োজনীয়তা উল্লেখ কৰা হৈছে ৷ এইক্ষেত্ৰত খহনীয়া ৰোধৰ বাবে উদ্যান কতৃৰ্পক্ষই সংশ্লিষ্ট বিভাগ আৰু জিলা দুৰ্যোগ ব্যৱস্থাপনা কতৃৰ্পক্ষ তথা বিশেষজ্ঞৰ সহায়-সহযোগিতা আৰু পথ প্ৰদৰ্শনৰ দ্বাৰা বাৰ্ষিক দুৰ্যোগ ব্যৱস্থাপনা পৰিকল্পনা প্ৰস্তুত কৰা বিধান ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ উক্ত ‘ব্যৱস্থাপনা পৰিকল্পনা’ত সন্নিৱিষ্ট৷ হৈ আছে৷ উদ্যানৰ ভিতৰত অৱস্থিত লাইকা [৫৪৩টা পৰিয়াল] আৰু দধিয়া [৬৭৫টা পৰিয়াল] বন গাঁও দুখনৰ পৰিয়ালসমূহক তাৰ পৰা বিতাৰণ কৰি আন স্থানলৈ স্থানান্তৰ কৰাৰ প্ৰক্ৰিয়া গ্ৰহণ কৰা হৈছে৷ যোৱা বছৰ লাইকাৰ পৰা সৰ্বমুঠ ৫৪৩ টা পৰিয়ালৰ মাজৰ ১৬০ টা পাৰয়ালক তিনিচুকীয়া জিলাৰ ডিগবৈ সংমণ্ডল [প্ৰাদেশিক] ৰ অধীনৰ নামফাই বনাঞ্চলৰ ৭২ হেক্টৰ মাটিত সংস্থাপিত কৰা হৈছে আৰু বাকী থাকা ৩৮৩ টা পৰিয়ালক ইতিমধ্যে পাহাৰপুৰ সংৰক্ষিত বনাঞ্চলৰ ১৬৬ হেক্টৰ মাটিত স্থানান্তৰ কৰাৰ প্ৰক্ৰিয়াহে কৰা হৈছে৷ আনহাতে, মানৱ সৃষ্ট বেদখল ৰোধ কৰাৰ বাবে উদ্যান কতৃৰ্পক্ষই সদায় সচেতন আৰু সষ্টম হৈ থাকে৷ উদ্যানৰ ভিতৰত সদায় আগশাৰীৰ কৰ্মচাৰীসকলে অহৰ্নিশে পহৰা দি থাকে৷ উদ্যানৰ ভিতৰত অবৈধকাৰ্য প্ৰতিৰোধ কৰাৰ বাবে ঠায়ে ঠায়ে চোৰাং চিকাৰ প্ৰতিৰোধী বন শিবিৰ স্থাপন কৰা হৈছে আৰু তাত বন কৰ্ম নিয়োগ কৰা হৈছে৷ তদুপৰি নিয়মিতভাৱে আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ পৰা টহলদাৰী দলে উদ্যানৰ ভিতৰত পহৰাৰ ব্যৱস্থা কৰি থাকে ৷ উদ্যানখনত বিপন্ন, অতিশয় বিপন্ন আৰু বিপদসংকুল প্ৰজাতিৰ জীৱ-জন্তু তথা পশু-পক্ষী বিদ্যামান৷ তাৰ ভিতৰত হাতী, বনৰীয়া ম’হ, হলৌ বান্দৰ, নাহৰফুটুকী বাঘ, বন ঘৰচীয়া ঘোঁৰা, বন গাহিৰ, মাছ চিকাৰী মেকুৰী, ডুৰা কাঁছ, বিভিন্ন প্ৰজাতিৰ বান্দৰ, পহু ইত্যাদি জীৱ-জন্তু আৰু উলুম’ৰা, ধনেশ, দুখান প্ৰজাতিৰ শত ফেওঁহাহ ইত্যাদি প্ৰজাতিৰ চৰাই বিদ্যামান৷ তদুপৰি নৱেম্বৰ মাহৰ বিভিন্ন পৰিভ্ৰমী চৰাইৰ উদ্যানখনলৈ আগমন ঘটে৷ মন্ত্ৰীগৰাকীয়ে লগতে কয়- অমৃত বৃক্ষ আন্দোলনৰ মুখ্য উদ্দেশ্য হৈছে জনসাধাৰণৰ সক্ৰিয় অংশগ্ৰহণৰ দ্বাৰা বনাঞ্চলৰ বাহিৰত গছপুলি ৰোপণৰ এক দৃঢ় পদক্ষেপ৷

লগতে পঢ়কঃ বড়োভূমিত তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন বিজেপি! এই প্ৰত্যাহ্বান আহিছে খোদ বিজেপিৰেই মিত্ৰ ইউপিপিএলৰ পৰা…

ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানখনৰ বনাঞ্চল, জীৱ-জন্তু, পশু-পক্ষীসমূহৰ সুৰক্ষাৰ বাবে বৰ্তমান দুটা আঞ্চলিক বিষয়াৰ কাৰ্যালয় [গুইজান আৰু ছৈখোৱা] আৰু বীট বন বিষয়াৰ কাৰ্যালয় প্ৰতিষ্ঠা কৰা হৈছে৷ আঞ্চলিক বন বিষয়াৰ কাৰ্যালয় দুটাৰ অধীনত বিভিন্ন স্থানত স্থায়ী চোৰাং চিকাৰ প্ৰতিৰোধী বন শিবিৰ আছে৷ তদুপৰি শৰালি আৰু উলুম’ৰা নামৰ দুখনৰ উপৰি চিকাৰী প্ৰতিৰোধী বন শিবিৰ [Floating Camp] নিৰ্মাণ কৰা হৈছে৷ এই বন শিবিৰবোৰত আগশাৰীৰ বন কৰ্মচাৰীৰ লগতে অসম বন সুৰক্ষা [সশস্ত্ৰ] বাহিনীৰ জোৱান, অস্থায়ী কৰ্মচাৰী, গৃহৰক্ষী বাহিনী নিয়োগ কৰা হৈছে৷ আনহাতে, ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাৰীয়া গাঁওসমূহক সামৰি প্তখন পৰিৱেশ উন্নয়ন সমিতি গঠন কৰা হৈছে আৰু এই সমিতিসমূহক চৰকাৰী অনুদানৰ দ্বাৰা সজাগতা বৃদ্ধিৰ সভা অনুষ্ঠিত কৰি ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানখনৰ সুৰক্ষা আৰু সংৰক্ষণৰ দিহা কৰা হৈছে৷ তদুপৰি ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ সুৰক্ষাৰ বাবে আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত সদ্যপ্ৰস্তুত ২০২৪- ২৫১ পৰা ২০০০-৩৪ ব্যৱস্থাপনা পৰিকল্পনা আৰু ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত বিভিন্ন স্থানত ১২টা নতুন স্থায়ী চোৰাং চিকাৰী প্ৰতিৰোধী বন শিবিৰ, ২০খন দেশীয় নাও, জ্জ্বখন চালিত নাও, নিৰীক্ষণ টাৱাৰ নিৰ্মাণৰ লগতে ওখ স্থান নিৰ্মাণ কৰাৰ বাবেও প্ৰস্তাৱ ৰখা হৈছে৷ ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানখন বিভিন্ন নদী-উপনদী যেনে- লোহিত, চিয়াং, ব্ৰহ্মপুত্ৰ, ডিব্ৰু ডিবাং আদি নৈপৰীয়া স্থানত অৱস্থিত৷ সেয়ে এই ৰাষ্ট্ৰীয় উদ্যানখন বিে¸শষকৈ বাৰিষা কালত বানপানীৰ কবলত পৰে৷ বানপানীৰ সময়ত বন্যপ্ৰাণীসমূহৰ আশ্ৰয় স্থলৰ অভাৱ হয়৷ ইয়াৰ উপৰি বাৰিষা কালত জীৱ-জন্তু উদ্ধাৰ কৰিব পৰা ৰবৰৰ যন্ত্ৰচালিত নাও যোগান ধৰাৰ বাবে অসম দুৰ্যোগ ব্যৱস্থাপনা কতৃৰ্পক্ষক তিনিচুকীয়া জিলাৰ দুৰ্যোগ ব্যৱস্থাপনা কতৃৰ্পক্ষৰ জৰিয়তে অনুৰোধ জনোৱা হৈছে বুলিও মন্ত্ৰী পাটোৱাৰীয়ে কয়৷

published by: munmi gogoi

বড়োভূমিত তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন বিজেপি! এই প্ৰত্যাহ্বান আহিছে খোদ বিজেপিৰেই মিত্ৰ ইউপিপিএলৰ পৰা…

বড়োভূমিত এতিয়া তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে বিজেপি৷ এই প্ৰত্যাহ্বান আন কাৰো পৰা অহা নাই৷ এই প্ৰত্যাহ্বান আহিছে খোদ বিজেপিৰেই মিত্ৰ ইউপিপিএলৰ পৰা৷ বিজেপি-ইউপিপিএলৰ মাজত চলি থকা শীতল যুদ্ধখন এতিয়া প্ৰকাশ্য হৈ পৰিছে৷ বিজেপিৰ বিৰুদ্ধে যেন বিটিআৰত এতিয়া মুকলি প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে ইউপিপিএলৰ নেতা তথা বিটিআৰপ্ৰধান প্ৰমোদ বড়োৱে৷ শেহতীয়াকৈ বিটিআৰত থকা বিজেপিৰ ইএম ৰেওৰেৱা নাৰ্জিহাৰীক অপসাৰণ কৰি প্ৰমোদ বড়োৱে বিটিআৰত বিজেপি আৰু ইউপিপিএলৰ মাজত চলি থকা শীতল যুদ্ধখনক লোকচক্ষুৰ সন্মুখলৈ আনিলে৷ প্ৰমোদ বড়োৰ এনে পদক্ষেপৰ পিছতে বহুতে এতিয়া আলোচনা কৰিছে যে বিটিআৰপ্ৰাধানগৰাকীয়ে নাৰ্জিহাৰীক অপসাৰণ কৰি মুখ্যমন্ত্ৰীক বুজাই দিব বিচাৰিছে- চাওক, আমি কি কৰিব পাৰো৷ ৰেওৰেৱা নাৰ্জিহাৰীক ই এম পদৰ পৰা অপসাৰণ কৰি প্ৰমোদ বড়োৱে মুখ্যমন্ত্ৰীৰ প্ৰমোদৰ মুকলি প্ৰত্যাহ৩ান মুখ্যমন্ত্ৰীক সন্মুখত নিজৰ শক্তি প্ৰদৰ্শন কৰা বুলিও এতিয়া বহুতে চৰ্চা কৰা পৰিলক্ষিত হৈছে৷ উল্লেখ্য, বডোলেণ্ড টেৰিটৰিয়েল ৰিজিঅ’নত [বিটিআৰ] ভাৰতীয় জনতা পাৰ্টীৰ এজন শক্তিশালী নেতা হিচাপে পৰিচিত ৰেওৰেৱা নাৰ্জিহাৰী৷

কিন্তু শক্তিশালী হ’লেও এতিয়া বিটিআৰৰ কাৰ্যবাহী সদস্য পদৰ পৰা অপসাৰিত হ’বলগীয়া হৈছে বিজেপিৰ নেতাগৰাকী৷ যোৱা ২৮ আগষ্টত অসমৰ ৰাজ্যপালৰ এই নিৰ্দেশ আনুষ্ঠানিকভাৱে ঘোষণা কৰা হয়৷ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ নেতৃত্বত বিটিচি চৰকাৰৰ ভিতৰচ’ৰাত উত্তেজনা বৃদ্ধি পোৱাৰ মাজতে নাৰ্জিহাৰীক কাৰ্যবাহী সদস্য পদৰ পৰা অপসাৰণ কৰা ঘটনাই বিশেষ ইংগিত বহন কৰিছে৷ বিশেষ সূত্ৰই প্ৰকাশ কৰা মতে, প্ৰমোদ বড়োৰ একনায়কত্ববাদৰ বিৰুদ্ধে বিজেপিৰ পাৰিষদ ৰেওৰেৱা নাৰ্জিহাৰীয়ে মুকলিকৈয়ে অভিযোগ উত্থাপন কৰি আহিছিল৷ তেওঁৰ এই মুকলি বিদ্ৰোহে বিটিআৰৰ আন পাৰিষদৰ এটা অংশৰ মাজত ক্ষোভৰ সৃষ্টি কৰিছিল৷ বিজেপিৰ পাৰিষদগৰাকীৰ পাখি কাটিবলৈয়েই প্ৰমোদ বড়োৱে ৰাজ্যপালৰ ওচৰত লিখিত অভিযোগ উত্থাপন কৰিছিল৷ প্ৰমোদ বড়োৱে এইবুলি অভিযোগ কৰিছিল যে নাৰ্জিহাৰীৰ এই কাৰ্যই বিটিচি চৰকাৰৰ ঐক্য আৰু সংহতিৰ প্ৰতি ভাবুকি আনিছে৷ সেয়ে তেওঁক অপসাৰণ কৰিব লাগে৷ ইয়াৰ পিছতে ৰাজ্যপালে নিৰ্ণায়ক ব্যৱস্থা গ্ৰহণ কৰি নাৰ্জিহাৰীক উদ্যোগ আৰু বাণিজ্য তথা আইন বিভাগৰ ই এম পদৰ পৰা বৰ্খাস্ত কৰাত অনুমোদন জনায়৷ নাৰ্জিহাৰীৰ অপসাৰণৰ পিছতে বহুতে এতিয়া মন্তব্য কৰিছে যে প্ৰমোদ বড়োৱে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত থকা খং নাৰ্জিহাৰীৰ ওপৰত জাৰিছে৷ বহুতে এইবুলি আলোচনা কৰিছে যে বিজেপিৰ পাৰিষদগৰাকীক অপসাৰণ কৰি প্ৰমোদ বড়োৱে লগতে এই কথাও বুজাই দিব বিচাৰিছে- বিটিআৰত বিজেপি এতিয়া আৰু গুৰুত্বপূৰ্ণ নহয়৷ উল্লেখ্য, মিত্ৰজোঁটৰ ধৰ্ম অনুসৰি কোনো সদস্যক অপসাৰণ কাৰিব লাগিলে অংশীদাৰ দলৰ সৈতে আলোচনা কৰাটো এক অলিখিত নিয়ম৷ কিন্তু নাৰ্জিহাৰীক অপসাৰণ কৰাৰ পূৰ্বে প্ৰমোদ বড়োৱে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ ৰাজি্যক সভাপতি ভৱেশ কলিতাৰ সৈতে আলোচনা কৰিছিল নে? এয়াই এতিয়া সচেতন মহলৰ মুখে মুখে বাগৰি ফুৰা প্ৰশ্ন হৈ পৰিছে৷ দৰাচলতে প্ৰমোদ বড়োৰ কেতবোৰ কাম-কাজে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অসন্তুষ্ট কৰি তোলা বুলি বহু দিনৰে পৰাই চৰ্চা চলি আছিল৷ বড়োভূমিতো প্ৰমোদ বড়ো মুখ্যমন্ত্ৰীৰ অপ্ৰিয় হৈ পৰা বুলি বিভিন্ন মহলত বহু দিনৰে পৰাই চৰ্চা চলি আহিছে৷ বিশেষ সূত্ৰই প্ৰকাশ কৰা মতে কাৰ্বি ভূমি আৰু বড়ো ভূমিৰ ৰাজনৈতিক নেতৃত্বক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নিজেই সুখী নহয়৷ সেই বাবেই হয়তো কলাক্ষেত্ৰৰ দলীয় সভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্পষ্টকৈ কৈছিল বিটিআৰত প্ৰমোদ বড়োৰ ইউপিপিএলৰ সৈতে পঞ্চায়ত নিৰ্বাচনলৈকেহে বিজেপিৰ মিত্ৰতা থাকিব৷

সাংবাদিকক আক্ৰমণ ক’ত কোনে কৰিলে !

মুখ্যমন্ত্ৰীৰ এনে মন্তব্যই নিঃসন্দেহে বড়োভূমিৰ ৰাজনৈতিক দৃশ্যপট সলনি কৰি পেলাব৷ সূত্ৰটোৱে প্ৰকাশ কৰা মতে হাগ্ৰামা মহিলাৰীৰ দুৰ্নীতি তথা অৰাজক পৰিস্থিতিৰ বাবেই বিটিআৰৰ নিৰ্বাচনত হাগ্ৰামৰ দল বিপিএফে ইউপিপিএলতকৈ বেছি আসন পোৱা সত্ত্বেও মুখ্যমন্ত্ৰী ৰ্শমাই হাগ্ৰামৰ সলনি প্ৰমোদ বড়োক বিটিআৰৰ দায়িত্ব গ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনাইছিল৷ কিন্তু প্ৰমোদ বড়োৰ দিনতো বিটিআৰত পূৰ্বৰ কোনো কথাৰে পৰিৱৰ্তন নঘটিল৷ বিপৰীতে বহু ক্ষেত্ৰত দুৰ্নীতি, ডকা-হকা আৰু কমিছনৰাজেহে বিটিআৰক গ্ৰাস কৰিলে৷ খ্ৰীষ্টিয়ান আগ্ৰাসন বাঢ়িল, প্ৰতিটো কামতে কমিছনৰ অংক নহ’লে একো কথাই নিসিজা হ’ল৷ শ্ৰীৰামপুৰ গে’টৰ কমিছনৰাজ প্ৰমোদ বড়োৰেই একাংশ ঘনিষ্ঠ লোকে চলাই থকা বুলি বহুতে কৈ আহিছে৷ এনে পৰিস্থিতিত বিটিআৰবাসী, বিশেষকৈ বড়ো সম্প্ৰদায়ৰ জনতাই অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীক বড়ো জনতাক নতুন দিশৰ সন্ধান দিব পৰা নেতা হিচাপে বিচৰা বুলি সূত্ৰটোৱে প্ৰকাশ কৰে৷ সূত্ৰটোৱে সদৰী কৰা অনুসৰি বিশ্বজিত দৈমাৰীক প্ৰমোদ বড়োৰ বিকল্প নেতা হিচাপে প্ৰক্ষেপ কৰিবলৈ গেৰুৱা শিবিৰ ইচ্ছুক হৈ পৰিছে৷ সেয়ে মুখ্যমন্ত্ৰীৰ পৰা ক্ৰমে আঁতৰি যোৱা দুই নেতা ক্ৰমে প্ৰমোদ বড়ো আৰু তুলিৰাম ৰংহাং এতিয়া একত্ৰিত হৈ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এঘঁৰি যুঁজ দিয়াৰ ষড়যন্ত্ৰ ৰচনা কৰা বুলি সূত্ৰটোৱে প্ৰকাশ কৰিছে৷ এই বিষয়ত পূৰ্বে ‘দৈনন্দিন বাৰ্তা’ত বিস্তৃত প্ৰতিবেদন প্ৰকাশ পাইছে৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক যিকোনো প্ৰকাৰে শ’লঠেকত পেলাবলৈ বিটিআৰৰ মুৰব্বী প্ৰমোদ বড়ো আৰু কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ মুৰব্বী তুলিৰাম ৰংহাং লগ লগাৰ কথা বহু দিনৰে পৰা চৰ্চিত হৈ আহিছে৷ কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ মুৰব্বী তুলিৰাম ৰংহাঙৰ পৰিয়ালকেন্দ্ৰিক ৰাজনীতি আৰু অবাধ দুৰ্নীতিক লৈয়ো মুখ্যমন্ত্ৰী অসন্তুষ্ট৷ এনে পৰিস্থিতিত বড়োভূমিৰ লগতে কাৰ্বিভূমিতো মুখ্যমন্ত্ৰীয়ে বিকল্প নেতাৰ সন্ধান কৰা বুলি বহু দিনৰে পৰাই আলোচনা হৈ আহিছে৷ ৰাজ্যত শেহতীয়াকৈ সক্ৰিয় হৈ প্ৰমোদ-তুলিৰামে নানান বুদ্ধি-সন্ধি কৰি যিকোনো প্ৰকাৰে মুখ্যমন্ত্ৰীক নিজৰ অধীন কৰি ৰাখিবলৈ মন্ত্ৰণা যুগুতাই থকা বুলিও সূত্ৰটোৱে কয়৷ সূত্ৰটোৰ মতে তুলিৰাম-প্ৰমোদে ফোনতে মুখ্যমন্ত্ৰীক কিদৰে শ’লঠেকত পেলাব পাৰি তাৰেই নিৰন্তৰ ষড়যন্ত্ৰ ৰচনাত মত্ত হৈছে৷ সূত্ৰটোৱে লগতে এইবুলিও কৈছে যে ২০২৬ৰ বিধানসভা নিৰ্বাচনলৈ এই দুই নেতাই বাট চাব বিচৰা নাই৷ তাৰ পূৰ্বেই মুখ্যমন্ত্ৰীক নানান ছল-চাতুৰীৰে কিদৰে বশ কৰি ৰাখিব পাৰি তাৰেই সূত্ৰ নিৰ্ধাৰণত ব্যস্ত হৈ পৰিছে প্ৰমোদ-তুলিৰাম৷

লগতে পঢ়কঃ তেজপাতৰ চাহ ঔধষি গুণেৰে ভৰপূৰ! কলেষ্টেৰল, ডায়েবেটিছৰ বাবে এই চাহ অতি উপকাৰী

ৰাজ্যত শেহতীয়াকৈ মিঞাৰ প্ৰসংগক লৈ বিৰোধী ঐক্যবদ্ধ হোৱাৰ সময়তে বিটিআৰৰ মুৰব্বী প্ৰমোদ বড়োই চল চাই কঠীয়া পৰা বুলি এতিয়া বহুতে আলোচনা কৰিছে৷ বিৰোধীয়ে হেঁচা মাৰি ধৰাৰ সময়তে মুখ্যমন্ত্ৰীক চাপত ৰাখিবলৈয়েই প্ৰমোদ বড়োৱে ৰেওৰেৱা নাৰ্জিহাৰীৰ দৰে জ্যেষ্ঠ বিজেপি নেতাক বিটিআৰৰ পাৰিষদ পদৰ পৰা অপসাৰণ কৰা বুলিও বহুতে চৰ্চা কৰিছে৷ বহুতে এইবুলিও কৈছে যে এয়া আৰম্ভণিহে৷ প্ৰমোদ বড়োই মুখ্যমন্ত্ৰীক চাপত ৰাখিবলৈ কাম আৰম্ভ কৰিলেই, এতিয়া কাৰ্বিভূমিত তুলিৰামে কেনে অভিসন্ধি ৰচনা কৰে সেয়া সময়েহে ক’ব বুলিও বিভিন্নজনে আলোচনা কৰা দেখা গৈছে৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰমোদ-তুলিৰামৰ এনে ৰাজনৈতিক পাশাখেলৰ মুখামুখি কিদৰে হয় সেয়া লক্ষণীয় হ’ব বুলিও এতিয়া সচেতন মহলত আলোচনা চলিছে৷

published by: munmi gogoi

Bay Leaf Tea: তেজপাতৰ চাহ ঔধষি গুণেৰে ভৰপূৰ! কলেষ্টেৰল, ডায়েবেটিছৰ বাবে এই চাহ অতি উপকাৰী…

Bay Leaf Tea
তেজপাতৰ চাহ

তেজপাত যিকোনো ৰন্ধন প্ৰণালীত ব্যৱহাৰ কৰিব পাৰি। তেজ পাতে ৰন্ধা-বঢ়াত সোৱাদ যোগ কৰাই নহয়, স্বাস্থ্যৰ বাবেও অতি উপকাৰী তেজপাত। তেজপাতত এন্টি অক্সিডেন্ট, ভিটামিন এ, আইৰণ, পটাছিয়াম, মেগনেছিয়াম থাকে। কোৱা হয় যে তেজ পাতে শৰীৰৰ যত্ন লয়। বিশেষকৈ যিসকলৰ কলেষ্টেৰল আছে তেওঁলোকৰ বাবে তেজপাতে ঔষধৰ দৰে কাম কৰে। কলেষ্টেৰলৰ লগতে ডায়েবেটিছ আৰু ই অন্ত্ৰৰ সমস্যাও হ্ৰাস কৰে। তেজপাত চাহৰ কি কি উপকাৰ জানো আহক-

Bay Leaf Tea

১) নিয়মিতভাৱে তেজপাতৰ চাহ খালে শৰীৰত ইনচুলিনৰ মাত্ৰা নিয়ন্ত্ৰণ কৰা সম্ভৱ। টাইপ ২ ডায়েবেটিছৰ বাবে তেজ পাত অতি ফলপ্ৰসূ।

২)শৰীৰৰ পৰা প্ৰদূষক আঁতৰোৱাতো তেজ পাত জড়িত হৈ থাকে। গতিকে তেজ শুদ্ধ কৰিবলৈ এই চাহ খাব পাৰে।

৩) খাদ্য হজম শক্তিৰ নিঃসৰণ উদ্দীপিত কৰাত তেজ পাত অতি উপযোগী। তেজ পাতৰ ৰসে খাদ্য সোনকালে ভাঙি পেলাব পাৰে। ফলত অন্ত্ৰৰ সমস্যাত ভুগি থকাসকলে নিয়মিতভাৱে তেজ পাতৰ চাহ খাব পাৰে।

৪)তেজ পাতত কেফেইক এচিড থকাৰ বাবে হৃদযন্ত্ৰ মজবুত কৰিব পাৰে। কলেষ্টেৰলৰ মাত্ৰা কমাই দিলে হাৰ্ট এটেকৰ সম্ভাৱনা হ্ৰাস পায়।

৫) তেজ পাতৰ এন্টি-বেক্টেৰিয়েল আৰু মাইক্ৰ’বেক্টেৰিয়েল গুণৰ বাবে ই ঘাঁ নিৰাময়ত ভাল কাম কৰে। চৰ্দিৰ সময়ত এই চাহ খালে যথেষ্ট সকাহ পোৱা যায়।

লগতে পঢ়কঃ অৰবিন্দ কেজৰিৱালৰ কাষ চাপিছে বিজেপি নেতা!

published by: munmi gogoi

অখিল গগৈ, দেবব্ৰত শইকীয়া আৰু ভূপেন বৰাৰ বিৰুদ্ধে গোচৰ ৰুজু বিজেপি নেতা ময়ূৰ বৰগোহাঁইৰ…

BJP leader Mayur Borgohain
অখিল গগৈ, দেবব্ৰত শইকীয়া আৰু ভূপেন বৰাৰ বিৰুদ্ধে গোচৰ ৰুজু ময়ূৰ বৰগোহাঁইৰ

শিৱসাগৰত অখিল গগৈ, দেবব্ৰত শইকীয়া আৰু ভূপেন বৰাৰ বিৰুদ্ধে গোচৰ ৰুজু বিজেপি নেতা ময়ূৰ বৰগোহাঁইৰ।শিৱসাগৰ ন্যায়িক দণ্ডাধীশৰ আদালতত ৰুজু গোচৰ। এটা বিশেষ ভিডিঅ’ক কেন্দ্ৰ কৰি বিজেপি নেতা ময়ুৰ বৰগোঁহাইয়ে দাখিল কৰিলে গোচৰ।

ময়ূৰ বৰগোহাঁইৰ বিৰুদ্ধে বৰপেটাত ৰুজু হৈছিল দুটাকৈ গোচৰ। তাৰ পিছতেই বিষয়তোক লৈ সৰৱ হৈছিল অখিল গগৈ, দেবব্ৰত শইকীয়া আৰু ভূপেন বৰা। ভুল তথ্যৰে মিছা অভিযোগ উত্থাপনৰ কৰা বুলি মন্তব্য ময়ুৰ বৰগোঁহাইৰ।