এনে সময়তে এছ পি নেতা মেহবুব আলীয়ে এক বিতৰ্কিত মন্তব্যৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। আমৰোহৰ বিধায়ক মেহবুব আলীয়ে বিজনুৰত এখন ৰাজহুৱা সভাত ভাষণ দি বিতৰ্কিত মন্তব্য কৰে। আলীয়ে কয়- ‘মুছলমানৰ জনসংখ্যা বৃদ্ধি পাইছে, আপোনাৰ শাসন শেষ হ’ব…’। আদিত্যনাথক উদ্দেশি আলীয়ে কৰা এই মন্তব্যই বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।(Muslim Population Increasing, Your Rule Will End)
সমাজবাদী পাৰ্টিৰ বিধায়ক মেহবুব আলীয়ে উত্তৰ প্ৰদেশত বৃদ্ধি পোৱা মুছলমান জনসংখ্যাৰ বাবে ২০২৭ চনৰ ভিতৰত ভাৰতীয় জনতা পাৰ্টি ক্ষমতাৰ পৰা আংতৰিব লাগিব বুলি দাবী কৰে। উত্তৰ প্ৰদেশ চৰকাৰৰ প্ৰাক্তন কেবিনেট মন্ত্ৰীগৰাকীয়ে ক্ৰমবৰ্ধমান মুছলমান জনসংখ্যাক ব্যৱহাৰ কৰি যোগী আদিত্যনাথ প্ৰশাসনলৈ এই সতৰ্কবাণী প্ৰেৰণ কৰে। সমাৱেশৰ সময়ত আলীয়ে উল্লেখ কৰে যে ৰাজ্যখনত মুছলমান জনসংখ্যা বৃদ্ধি পাইছে, আৰু ফলত বিজেপিৰ শাসনৰ অন্ত পৰিব। তেওঁ ৮০০ বছৰ ধৰি ভাৰতত চলা মোগলৰ শাসনৰ কথা উল্লেখ কৰি কয় যে যদি মোগলৰ শাসনৰ অস্তিত্ব ঘূৰি আহে তেন্তে উত্তৰ প্ৰদেশত বিজেপি কিমান দিন ক্ষমতাত থাকিব? ইয়াৰ পিছতে বিধায়কগৰাকীয়ে ভৱিষ্যদ্বাণী কৰে যে ২০২৭ চনৰ ভিতৰত যোগী আদিত্যনাথ উত্তৰ প্ৰদেশত ক্ষমতাৰ পৰা চিটিকি পৰিব।(SP Leader Mehboob Ali Warns Yogi Adityanath Government)
অসমত শক্তি পূজাৰ পৰম্পৰা প্ৰাচীন কালৰে পৰা চলি আহিছে যদিও ৰাজহুৱা দুৰ্গা পূজা অনুষ্ঠিত এটা শতিকাৰ পূৰ্বে আৰম্ভ হৈছিল। ১৮৮৯ চনৰ পৰা অসমত ৰাজহুৱা স্থানত দুৰ্গা পূজা কৰা হৈছিল বুলি জানিব পৰা গৈছে। আহোম ৰাজ পৰিয়ালৰ পৰা পূজা ভাগ ৰাইজৰ মাজলৈ উলিয়াই দিয়াত প্ৰথমতেই উজান বজাৰৰ বাৰোৱাৰীত ৰাইজৰ উদ্যোগত দুৰ্গা পূজা অনুষ্ঠিত কৰা হয়।(North Guwahati Na-Gohain Hauli Durga Puja)
ইয়াৰ পূৰ্বে অসমত দেৱীৰ দেৱালয় আৰু কিছু সম্ভ্ৰান্ত পৰিয়ালত শাৰদীয় দুৰ্গা পূজা অনুষ্ঠিত হৈছিল। আহোম ৰাজপৰিয়ালৰ পৃষ্ঠপোষকতা লাভ কৰা ৰাজপুৰোহিত-পুৰোহিত সকল লগতে ডা-ডাঙৰীয়াসকলে ব্যক্তিগত ভাবে দুৰ্গা পূজা পাতিবলৈ আৰম্ভ কৰে। বৃটিছৰ আমোলত বহু বঙালী পৰিয়ালে দুৰ্গা কৰিবলৈ লোৱাত অসমত দুৰ্গা পূজাৰ প্ৰচলন বৃদ্ধি পাবলৈ ধৰে।
(Boiled Foods Health Benefits)বৰ্তমান যুগত বেছিভাগ মানুহেই বহু ধৰণৰ ৰোগৰ বলি হৈছে, যেতিয়াই নানা ৰোগৰ বলি হয় মানুহ তেতিয়া স্বাস্থ্যকৰ খাদ্যৰ গুৰুত্ব পূৰ্বতকৈ অধিক বৃদ্ধি পাবলৈ আৰম্ভ কৰে। আমি যি খাওঁ আমাৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলায়। কিছুমান খাদ্য কেঁচা আৰু কিছুমান উতলাই খালে স্বাস্থ্যৰ বাবে ভাল। এই ৫ টা খাদ্য উতলাই খালে স্বাস্থ্য বেছি উপকাৰী হ’ব পাৰে-
১/ শাক-পাচলি
বিলাহী, ব্ৰকলি আদি শাক-পাচলি উতলালে কেৰটিনয়ড আৰু ফাইটোনিউট্ৰিয়েণ্টৰ দৰে স্বাস্থ্যকৰ এন্টিঅক্সিডেন্ট শোষণ বৃদ্ধি পায়। উতলালে শাক-পাচলিৰ তিতাও কমি যায়, যাৰ ফলত খাদ্য গ্ৰহণ কৰাটো সহজ হৈ পৰে। ইয়াৰ বাহিৰেও মেথি, সৰিয়হৰ দৰে সেউজীয়া পাতৰ শাক-পাচলি সিজলে ইয়াত থকা অক্সালেটৰ পৰিমাণ কমি যায়, যাৰ ফলত শৰীৰত কেলচিয়াম শোষণত প্ৰভাৱ পৰিব পাৰে। উতলালে এই শাক-পাচলিবোৰত আইৰণ আৰু অন্যান্য খনিজ পদাৰ্থৰ পৰিমাণো বৃদ্ধি পায়।
২/ দাইল
মচুৰ দাইল আৰু মগু আদি দালি উতলালে ইহঁতৰ পাচন শক্তি বৃদ্ধি পায়। উতলালে শৰীৰৰ বাবে অপৰিহাৰ্য প্ৰ’টিন আৰু আঁহৰ শোষণো উন্নত হয়। ইয়াৰ ফলত ওজন নিয়ন্ত্ৰণতো সহায় হয়।
৩/ ভাত(rice)
সিজোৱা চাউলে বিশেষকৈ ব্ৰাউন ৰাইচে অধিক পুষ্টিকৰ উপাদান যোগান ধৰে। উতলিলে চাউলৰ ষ্টাৰচৰ শোষণ বৃদ্ধি পায়, যাৰ ফলত ই শৰীৰৰ বাবে এক উৎকৃষ্ট শক্তিৰ উৎস। ইয়াৰ উপৰিও সিজোৱা চাউলে হজম শক্তিতো সহায় কৰে।
৪/ কণী(Egg)
সিজোৱা কণী প্ৰটিনৰ এক উৎকৃষ্ট উৎস। কণী উতলালে ইয়াৰ কলেষ্টেৰলৰ মাত্ৰা নিয়ন্ত্ৰণত থাকে আৰু ইয়াক হজম কৰাটোও সহজ। এইটো এটা স্বাস্থ্যসন্মত ব্ৰেকফাষ্ট বা খাদ্যৰ বিকল্প হ’ব পাৰে।
Honoured to announce that the Dadasaheb Phalke Selection Jury has decided to award legendary actor, Sh. Mithun Chakraborty Ji for his iconic contribution to Indian Cinema.
কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে টুইটযোগে কয়, ‘ভাৰতীয় চিনেমালৈ আগবঢ়োৱা উল্লেখযোগ্য অৱদানৰ বাবে দাদা চাহেব ফাল্কে বাছনি জুৰীয়ে এই বঁটা প্ৰদানৰ সিদ্ধান্ত লৈছে। এই বঁটা অহা ৮ অক্টোবৰত ৭০ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানত তেওঁক প্ৰদান কৰা হ’ব। তেওঁ আৰু লিখিছে, ‘মিথুন দাৰ উজ্জ্বল চলচ্চিত্ৰ যাত্ৰাই বহু প্ৰজন্মক অনুপ্ৰাণিত কৰে’! ৪৮ বছৰতকৈও অধিক সময় ধৰি চলচ্চিত্ৰ জগতত কাম কৰা মিথুন চক্ৰৱৰ্তীয়ে বহু হিট ছবিত কাম কৰি আহিছে।(Dadasaheb Phalke Award)
#WATCH | Kolkata: On being announced to be conferred with the Dadasaheb Phalke award, Actor and BJP leader Mithun Chakraborty says "I don't have words. Neither I can laugh nor cry. This is such a big thing… I could not have imagined this. I am extremely happy. I dedicate this… pic.twitter.com/tZCtwLSyxV
বিভিন্ন চৰিত্ৰ আৰু বলিষ্ঠ অভিনয়েৰে দৰ্শকৰ মাজত এক বিশেষ স্থান সৃষ্টি কৰিছে মিথুন চক্ৰৱৰ্তীয়ে। ইয়াৰ উপৰিও ডান্স ৰিয়েলিটি শ্ব’তো তেওঁক বিচাৰক হিচাপে দেখা গৈছে। শেহতীয়াকৈ তেওঁ ভাৰতীয় চিনেমালৈ আগবঢ়োৱা উল্লেখযোগ্য অৱদানৰ বাবে দাদা চাহেব ফাল্কে বঁটা লাভ কৰিব।