Home Blog Page 553

Institute for Persons with Disabilities: ইনষ্টিটিউট ফৰ পাৰচনচ উইথ ডিছেবিলিটিছৰ নবাগত আদৰণি সভা সম্পন্ন

ইনষ্টিটিউট ফৰ পাৰচনচ উইথ ডিছেবিলিটিছ
ইনষ্টিটিউট ফৰ পাৰচনচ উইথ ডিছেবিলিটিছ

গুৱাহাটী, ৩০ ছেপ্টেম্বৰ: প্ৰতিবন্ধীসকলৰ, উন্নয়ন আৰু সবলীকৰণৰ বাবে কাম কৰি অহা পূৰ্ব্বোত্তৰ ইনষ্টিটিউট ফৰ পাৰচনচ্ উইথ্ ডিছেবিলিটিছৰ নৱাগত আদৰণি সভাখন অলপতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ফণিধৰ দত্ত প্ৰেক্ষাগৃহত দিনযোৰা কাৰ্যসূচীৰে পালন কৰা হয়।(Institute for Persons with Disabilities)

আৰম্ভণিতে ভিচন চানৰাইজ এন.জি.অৰ সদস্যবৃন্দৰ দ্বাৰা বন্তি প্ৰজ্জ্বলন কৰি কাৰ্যসূচীৰ শুভৰাম্ভণি কৰা হয়। আনহাতে প্ৰতিষ্ঠানখনৰ অধ্যক্ষ জ্যোতি প্ৰসাদ চহৰীয়াৰ উদ্দেশ্য ব্যাখ্যাৰে আৰম্ভ হোৱা সভাখনত সভাপতিত্ব কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ অৱসৰপ্ৰাপ্ত প্ৰবক্তা তথা ভিচন চানৰাইজ এন.জি.অৰ উপ-সভাপতি ডঃ ৰীতা চৌধুৰীয়ে। সভাত মুখ্য অতিথি হিচাপে ভাগ লৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ বিভাগৰ সঞ্চালক ডঃ ৰঞ্জন কুমাৰ কাকতিয়ে নৱাগত ছাত্ৰ-ছাত্ৰী সকলক খেলা-ধূলাৰ প্ৰতি আকৰ্ষিত হোৱাৰ বাবে যিখিনি সা-সুবিধা লাগে তাত সহায়-সহযোগিতা আগবঢ়াব বুলি প্ৰতিশ্ৰুতি দিয়ে।(Felicitation programm and open session)

সভাত তেতেলীয়া হাইস্কুলৰ প্ৰধান শিক্ষয়িত্ৰী অৰ্পনা গোস্বামী আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ মনোবিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপিকা ডঃ মনিদীপা বৰুৱাই প্ৰেৰণামূলক বক্তব্য প্ৰদান কৰে। সভাত বিশিষ্ট সমাজ সেৱক উৎপল হৰ্ষবধনকে ধৰি কেবাজনো বিশিষ্ট লোক উপস্থিত থাকে । তেনেদৰে মুকলি সভাত সভাপতিত্ব কৰে প্রতিষ্ঠানৰ সভাপতি তথা চৰকাৰী আযুৰ্বেদিক মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডাঃ ধনেশ্বৰ কলিতাই। মুকলি সভাত বিশিষ্ট গীতিকাৰ, মঞ্জুলা হাজৰিকা আৰু সমাজ সেৱিকা সাগৰিকা ৰয়ে ভাগ লৈ প্ৰতিষ্ঠানখনৰ ছাত্র-ছাত্রী সকলে Indian Sign Language ৰ সহায়ত কৰা চাৰিটা গীতৰ ভিডিঅ’ মুকলি কৰে।

এই ভিডিঅ’ কেইটিৰ পৰিকল্পনা আৰু প্রযোজনা কৰিছিল উত্তৰ -পূব সীমান্ত ৰেলৱেৰ বিষয়া কল্পনা ৰাজকুমাৰে । সভাত ছাত্র-ছাত্রী সকলৰ নৃত্য, গীত, নাটক আদি সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰা হয়। সাংস্কৃতিক অনুষ্ঠানৰ আঁত ধৰে প্ৰতিষ্ঠানখনৰ শিক্ষয়িত্রী ক্রমে চিন্ময়ী ডেকা, প্রিয়ংকা কুমাৰী আৰু গার্গী দত্তই। দোভাষী হিচাপে সহায় কৰে জুৰি কলিতাই। শেষত শলাগৰ শৰাই আগবঢ়াই প্রতিষ্ঠানৰ অধ্যক্ষ জ্যোতি প্রসাদ চহৰীয়াই।

National Arogya Mela: সাতসৰী সামাজিক, সাংস্কৃতিক উন্নয়নৰ উদ্যোগত ৰাষ্ট্ৰীয় আৰোগ্য মেলা

ৰাষ্ট্ৰীয় আৰোগ্য মেলা
ৰাষ্ট্ৰীয় আৰোগ্য মেলা

ডিচেম্বৰ মাহৰ ৫,৬,৭ আৰু ৮ তাৰিখে গুৱাহাটী মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত অনুষ্ঠিত হ’ব সাতসৰী সামাজিক, সাংস্কৃতিক উন্নয়নৰ উদ্যোগত ৰাষ্ট্ৰীয় আৰোগ্য মেলা।(National Arogya Mela)

সাম্প্ৰতিক সময়ত মানুহে যি স্বাস্থ্যহীনতা আৰু অৱস শৰীৰৰ কৰাল গ্ৰাসত ভুগিছে, জীৱন যন্ত্ৰণাৰ মুক্তি বিচাৰিছে তাৰ প্ৰতি দৃষ্টি ৰাখি ২৫ বৰ্ষ অতিক্ৰম কৰি ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিয়া সাতসৰী সামাজিক আৰু সাংস্কৃতিক সংস্থাই ভাৰত ৰত্ন তথা অমৰ পুৰুষ অটল বিহাৰী বাজপেয়ী দেৱৰ জম্মদিৱসৰ লগত সংগতি ৰাখি অহা ডিচেম্বৰ মাহৰ ৫,৬,৭ আৰু ৮ তাৰিখে অনুষ্ঠিত কৰিবলৈ ওলাইছে বৃহৎ ৰাষ্ট্রীয় আয়ুর্বেদিক আৰোগ্য আৰোগ্য মেলাত ভাৰতৰ বিভিন্ন ঠাইৰ পৰা অনেক লোকৰ সমাগম হোৱাৰ লগতে আহিব বিদেশী পর্যটকো। এই আৰোগ্য মেলা অনুষ্ঠিত হ’ব গুৱাহাটী মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত।(guwahati)


অসমৰ চুকে কোণে থকা বনদৰৱ মেলা সমূহ আৰু তাৰ চিকিতসা পদ্ধতিৰ প্ৰচাৰ , প্ৰসাৰ আৰু ভৱিষ্যতলৈ সংৰক্ষণ কৰাই এই মেলাৰ মুখ্য উদ্দেশ্য। মেলাৰ প্ৰথম দিনাই প্ৰায় ৩৪৭ বিধ বনৌষধি প্ৰদৰ্শনী জাগৰণ শোভাযাত্ৰা হোৱাৰ উপৰিও হব সদৌ অসম ভিত্তিত দিহানাম, ভূপেন্দ্ৰ সংগীত, ৰাবা সংগীত, বিয়া নাম, পৰম্পৰাগত সাজপাৰ আদি। প্রিয় নাৰী তথা সাতসৰীৰ সভানেত্ৰী ড° মন্দিৰা বৰুৱাৰ উদ্যোগত হবলগীয়া এই ৰাষ্ট্ৰীয় আয়ুবেদিক আৰোগ্য মেলা অসমত পোনপ্ৰথমবাৰৰ বাবে হৈ ইতিহাস ৰচনা কৰিব। অসমত নাই কি, অনেক বনৌষধি বৃক্ষ আৰু বনৌষধি চিকিতসাৰে অসম ভৰপূৰ কিন্তু আমাৰ জ্ঞানৰ অভাৱত আৰু চৰ্চাৰ অবাৱৰ বাবে এই মূল্যৱান অমৃত বৃক্ষ সমূহ লুপ্ত হৈ তথা অনাদৃত হৈ পৰি আছে।(National Arogya Mela 2024)

সাতসৰীৰ সভানেত্ৰী প্ৰিয়নাৰী ড°মন্দিৰা বৰুৱাই সমগ্ৰ অসমবাসীক বিনামূলীয়া আয়ুবেদিক চিকিতাসাসেৱা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। অসমবাসীক সাতসৰীৰ এই মহান উদ্দেশ্যক সাফল্যমণ্ডিত কৰিবলৈ আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছে। ৰাষ্ট্রীয় আৰোগ্য মেলাৰ মুখ্য উদ্দেশ্যসমূহ হ’ল-

১) পৰম্পৰাগত চিকিৎসা পদ্ধতিক পুনৰুদ্ধাৰ কৰা। ২) থলুৱা তথা অখ্যাত বৈদ্যৰ চিকিৎসা পদ্ধতি জনসাধাৰণৰ সমুখলৈ আনি প্রচাৰ প্রসাৰ কৰা। ৩) আদিম চিকিৎসক তথা পুৰণি কালৰ পৰাই বনদৰৱেৰে ৰাইজৰ হিতাৰ্থে সেৱা আগবঢ়াই অহা অখ্য়াত দৈদ্যসকলে বিখ্যাত কৰাৰ এক প্ৰয়াস। ৪)চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ্থীৰ বাবে এই মেলা হব অধ্যয়নৰ এক চক্ৰ তথা অনুশীলন চক্ৰ। ৫) পাশ্চক্রিয়াহীন বনদৰৱেৰে শৰীৰ সুস্থ কৰাৰ প্রয়াস। ৬) অসমৰ অনাদৃত অমৃত সম বনৌষধি বৃক্ষ ৰাইজৰ মাজলৈ আনি সংৰক্ষণৰ দিহা কৰা। ৭) পৰম্পৰাগত উৎকৃষ্ট চিকিৎসা পদ্ধতিক বর্তমানৰ লগতে ভবিষ্যত প্রজন্মলৈও সংৰক্ষণ কৰা। ৮) বনৌষধি বৃক্ষ সংৰক্ষণৰ লগে লগে জাগৰণ কৰা। ৯) মেলাৰ প্রত্যেক দিনেই পৰম্পৰা আৰু সংস্কৃতিৰ এক উৎকৃষ্ট নিদৰ্শন বিয়ানাম, দিহানাম, ৰাভাসংগীত, জ্যোতি সংগীত, ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা পাতি অসমীয়া সংস্কৃতি ধৰি ৰখাৰ প্ৰয়াস কৰা। ১০) জাগৰণ শোভাযাত্রাৰ জৰিয়তে বিলুপ্তিৰ পথলৈ গতি কৰা মহৌষধি বৃক্ষ, তৃণক অনন্তকাললৈ জীৱিত ৰখাৰ দৃঢ় প্রয়াস কৰা।

আনহাতে সাতসৰী ২০২৪ ৰাষ্ট্ৰীয় আয়ুর্বেদিক আৰোগ্য মেলাত অহা ডিচেম্বৰত ৫, ৬, ৭, আৰু ৮/১২/২৪ ডিচেম্বৰত সদৌ অসম ভিত্তিত হ’ব লগা প্রতিযোগিতাৰ পুৰস্কাৰ সমূহ হৈছে-
১) সাজ-পাৰ প্রতিযোগিতাৰ পুৰস্কাৰক্রমে
প্রথম ১৫০০০/-
দ্বিতীয়- ১০০০০/-
তৃতীয়- ৭০০০/-
২) দিহানামৰ পুৰস্কাৰ সমূহ ক্রমে-
প্রথম ২৫০০০/-
দ্বিতীয়- ২০০০০/-
তৃতীয় ১৫০০০/-
৩) বিয়ানাম প্রতিযোগিতাৰ পুৰস্কাৰ সমূহ ক্রমে
প্রথম ২০০০০/-
দ্বিতীয়- ১৫০০০/-
তৃতীয়- ১০০০০/-
৪) জ্যোতি সঙ্গীত প্রতিযোগিতাৰ পুৰস্কাৰ সমূহ ক্রমে-
প্রথম – ১০০০০/-
দ্বিতীয়- ৭০০০/-
তৃতীয়- ৫০০০
নিচুকনী পুৰস্কাৰ ২০০০/-
৫) ৰাভা সঙ্গীত প্রতিযোগিতাৰ পুৰস্কাৰ সমূহ ক্রমে-
প্রথম- ১০০০০
দ্বিতীয়- ৭০০০/-
তৃতীয়- ৫০০০/-
নিচুকনী পুৰষ্কাৰ২০০০/-

লগতে অহা ৪ ডিচেম্বৰৰ ৰাতিপুৱা ৯ বজাত কিছু আগশাৰীৰ স্কুল-কলেজৰ শিক্ষাৰ্থী আৰু গায়ন-বায়নৰ সৈতে ৩০০ বন শাকৰ নামৰ Play কার্ড লৈ সাতসৰীৰ সদস্যা সকলে দীঘল পুখুৰীৰ পাৰৰ লক্ষীধৰ বৰা ক্ষেত্ৰৰ পৰা শোভাযাত্রাত অংশগ্রহণ কৰিব।

Choline For Sleep: কলিন সমৃদ্ধ অমিতাই শান্তিপূৰ্ণ টোপনি যোৱাত সহায় কৰিব পাৰে, মগজুৰ বাবেও গুৰুত্বপূৰ্ণ অমিতা

কলিন সমৃদ্ধ খাদ্য
কলিন সমৃদ্ধ খাদ্য

এজন সুস্থ প্ৰাপ্তবয়স্ক ব্যক্তিয়ে দিনটোত প্ৰায় ৭ৰ পৰা ৮ ঘণ্টা টোপনি যাব লাগে। যদি আপোনাৰ টোপনি যোৱাত সমস্যা আছে, তেন্তে ইয়াৰ বাবে আপুনি কলিন সমৃদ্ধ খাদ্য গ্ৰহণ কৰিব পাৰে।(Choline For Sleep)

কলিন হৈছে এটা অতি গুৰুত্বপূৰ্ণ পুষ্টিকৰ পদাৰ্থ। কলিন অমিতাত পোৱা যায়, শৰীৰৰ ভিতৰতো উৎপন্ন হয় কলিন। কিন্তু কলিন সমৃদ্ধ খাদ্য খাব লাগিব। বহু সময়ত মানুহে প্ৰয়োজন অনুসৰি কলিন গ্ৰহণ কৰিব নোৱাৰে। আমাৰ বাবে কলিন কিয় ইমান গুৰুত্বপূৰ্ণ আৰু আমি কেনেকৈ কলিন লাভ কৰিম জানো আহক।(Choline)

শৰীৰৰ স্বাভাৱিক কাম-কাজৰ বাবে কলিনৰ প্ৰয়োজন, ই আপোনাৰ যকৃতৰ পৰাও কম পৰিমাণে নিৰ্গত হয় ই স্নায়ুতন্ত্ৰ, বিপাকীয় ক্ৰিয়া, মগজুৰ বিকাশ আৰু পেশীৰ গতিৰ বাবে গুৰুত্বপূৰ্ণ।

কলিনে আপোনাক ভাল টোপনি যোৱাত সহায় কৰিব-

টোপনি আমাৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ অংশ আৰু ই শাৰীৰিক আৰু মানসিক স্বাস্থ্য বজাই ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। টোপনিৰ সময়ত শৰীৰে নিজকে মেৰামতি কৰে আৰু মগজুৱে স্মৃতি প্ৰক্ৰিয়াকৰণ আৰু সংৰক্ষণৰ কাম কৰে। টোপনিৰ অভাৱ বা টোপনিৰ মানদণ্ড বেয়া হ’লে অলসতা, ভাগৰুৱা, খিংখিঙীয়া, হৃদৰোগ আদি বহুতো সমস্যাৰ সৃষ্টি হ’ব পাৰে।(Choline Rich Foods)

টোপনিৰ বাবে কলিন খাদ্য খাব লাগে-

১/ অমিতা

অমিতা এটা অতি সাধাৰণ ফল যিটো সাধাৰণতে ভাল হজমৰ বাবে খোৱা হয়। যাৰ বাবে পেটৰ কোনো সমস্যা নহয়। এই ফল খালে শৰীৰে কলিন পায়, যাৰ সহায়ত আপুনি শান্তিপূৰ্ণ টোপনি যাব পাৰে।(papaya)

২/ কণী

বিশেষকৈ হালধীয়া কুহুম খালে এই পুষ্টিকৰ উপাদানৰ অভাৱ নহয় আৰু আপোনাৰ টোপনিও ভাল হ’ব। এটা ডাঙৰ কণীত প্ৰায় ১৪৭ মিলিগ্ৰাম কলিন থাকে।(egg)

৩/ কুকুৰা

সাধাৰণতে কুকুৰা মাংস খোৱা হয় প্ৰ’টিন পাবলৈ, যিয়ে শৰীৰক শক্তিশালী কৰে। কিন্তু নিয়মিতভাৱে সীমিত পৰিমাণত খালে ১০০ গ্ৰাম সিজোৱা কুকুৰা মাংসত প্ৰায় ৭৩ মিলিগ্ৰাম ক’লিন থাকে।

Assam Blind Girl’s Cricket Team: গুৱাহাটীত অসম দৃষ্টিহীন ছোৱালী ক্ৰিকেট দলৰ প্ৰশিক্ষণ সম্পন্ন

Assam Blind Girl's Cricket Team: অসম দৃষ্টিহীন ছোৱালী ক্ৰিকেট দল
Assam Blind Girl's Cricket Team: অসম দৃষ্টিহীন ছোৱালী ক্ৰিকেট দল

গুৱাহাটী, ৩০ ছেপ্টেম্বৰ : বেচৰকাৰী সংস্থা কেয়াৰ ইউ ৩৬৫ৰ উদ্যোগত গুৱাহাটীৰ মাছখোৱাৰ ঈদগাহ খেলপথাৰত ২৮ আৰু ২৯ ছেপ্টেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে অসম দৃষ্টিহীন ক্ৰিকেটৰ ছোৱালীৰ দলটোৰ ক্ৰিকেট প্ৰশিক্ষণ অনুষ্ঠিত হয়। এই টুৰ্ণামেণ্টত লক্ষীমপুৰ, যোৰহাট, গুৱাহাটী, নগাঁও আৰু মৰিগাঁও জিলাৰ লগতে কটন বিশ্ববিদ্যালয়ৰ ভালেমান দৃষ্টিহীন ছোৱালী ক্ৰিকেটাৰে অংশগ্ৰহণ কৰে।(Assam Blind Girl’s Cricket Team)

খেলসমূহত অসম দৃষ্টিহীন ল’ৰাৰ ক্ৰিকেট দলৰ খেলুৱৈ হোমেন বৰগোহাঁয়ে প্ৰশিক্ষণ প্ৰদান কৰে। টিম মেনেজাৰ সুশীল পৌৰেলে খেলসমূহ পৰিচালনা কৰে। দৃষ্টিহীন খেলুৱৈসকলক গুৱাহাটীৰ সূৰুযমল জোহৰমল চাংগানেৰিয়া ধৰমশালা ট্ৰাষ্টৰ উদ্যোগত থকাৰ সু-ব্যৱস্থা কৰি দিয়া হয়। উল্লেখ্য যে ভাৰতীয় দৃষ্টিহীন ক্ৰিকেট সন্থাৰ উদ্যোগত আয়োজিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলসমূহত ভাগ লোৱাৰ উদ্দেশ্যে সংস্থাৰ উদ্যোগত এনেধৰণৰ প্ৰশিক্ষণসমূহ নিয়মীয়াকৈ অনুষ্ঠিত কৰি অহা হৈছে।(Assam’s Blind Girl’s Cricket Team Concludes Training in Guwahati)

দৃষ্টিহীনসকলৰ মাজত ক্ৰিকেটৰ প্ৰসাৰৰ বাবে কেয়াৰ ইউ ৩৬৫ এ দীৰ্ঘদিন ধৰি কাম কৰি আহিছে। ইতিমধ্যে অসম দৃষ্টিহীন ল’ৰা আৰু ছোৱালীৰ দল গঠন কৰা হৈছে আৰু আন্তঃৰাজ্যিক পৰ্যায়ত বিভিন্ন প্ৰতিযোগিতাত ভাগ লৈ দুয়োটা দলে খ্যাতি অৰ্জন কৰিছে। অধিক জানিবলৈ যোগাযোগ কৰিব পাৰে 8638608287 ভৃগু বৰঠাকুৰ (কেয়াৰ ইউ ৩৬৫)।

Suspected Bangladeshi Dulal Borbhuyan: সন্দেহযুক্ত বাংলাদেশী দুলাল বৰভূঞাৰ মৃত্যু দণ্ডৰ দাবীত খিলঞ্জীয়া ঐক্য মঞ্চৰ উদ্যোগত লালুকৰ ৰাজপথ কপালে হাজাৰ হাজাৰ খিলঞ্জীয়া অসমীয়া জনতাই

সন্দেহযুক্ত বাংলাদেশী দুলাল বৰভূঞাৰ মৃত্যু দণ্ডৰ দাবী
সন্দেহযুক্ত বাংলাদেশী দুলাল বৰভূঞাৰ মৃত্যু দণ্ডৰ দাবী

দৈনন্দিন বাৰ্তাৰ সেৱা, লালুক, ২9 ছেপ্টেম্বৰঃ এগৰাকী কণমানিক ফুচুলাই নি এটা সন্দেহযুক্ত বাংলাদেশী নৰপিশাচে ধৰ্ষণৰ দৰে পাশৱিক কাণ্ড সংঘটিত কৰা নৰপিশাচটোৰ মৃত্যু দণ্ডৰ দাবীত শনিবাৰে লালুকৰ ৰাজপথ কপালে হাজাৰ হাজাৰ খিলঞ্জীয়া অসমীয়া জনতাই৷(Suspected Bangladeshi Dulal Borbhuyan)

অৱশ্যে ধৰ্ষণকাৰীটোক যোৱা নিশাই লালুক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ ঘটনাটো সংঘটিত হয় যোৱা ২৭ ছেপ্টেম্বৰৰ বিয়লি হাৰমতীৰ ১ নং বগৰীত৷ সন্দেহযুক্ত বাংলাদেশী দুলাল বৰভুঞা নামধাৰী পাষণ্ডটোৰ দোকানলৈ আহিছিল কনমানি গৰাকী৷ কনমানি গৰাকীক ফুচুলাই নি দুলাল বৰভুঞাই দোকানৰ পিছফালে এই দুস্কাৰ্য সংঘটিত কৰে৷ পৰিয়ালৰ লোকে লগে লগে আৰক্ষীক অৱগত কৰে৷ উক্ত দিনাই অঞ্চলটোৰ বিভিন্ন দল সংগঠনে দুলাল বৰভূঞাক গ্ৰেপ্তাৰৰ দাবীত প্ৰতিবাদ কৰিছিল৷ নাৱালিকা গৰাকীক ফুচুলাই নি অসৎ উদ্দেশ্য চৰিতাৰ্থ কৰা ষাঠিৰ উৰ্দ্ধৰ দুলাল বৰভূঞা নামৰ নৰপিশাচ টোক ফাচিৰ দাবীত আজি লালুকত হাজাৰ হাজাৰ খিলঞ্জীয়া জনতা ৰাজপথলৈ ওলাই আহি উত্তাল প্ৰতিবাদ সাৱ্যস্ত কৰে৷ প্ৰতিবাদী জনতাই লালুক গণ ভৱনৰ খেল পথাৰৰ পৰা প্ৰতিবাদী সমদ’ল কৰি লালুক বাছ আস্থানলৈ আহে৷ প্ৰতিবাদী জনতাই লালুক বাছ আস্থানত ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথো অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷(Dulal Borbhuyan demands death penalty)

প্ৰতিবাদী জনতাই, ’ধৰ্ষনকাৰী দুলাল বৰভূঞাক ফাচি দিয়ক, মহিলাক সুৰক্ষিত কৰক, আমাক ন্যায় লাগিবলৈ, সন্দেহযুক্ত বাংলাদেশীক চিনাক্ত কৰক, আদি শ্ল’গান দি পৰিবেশ উত্তাল কৰি তোলে৷ প্ৰতিবাদী জনতাই লালুক বাছ আস্থানৰ পৰা আগুৱাই গৈ লালুক থানা চৌহদৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰি নৰপিশাচ দুলাল বৰভূঞাক ফাচিৰ দাবী তোলে৷ প্ৰতিবাদস্থলীত আৰক্ষী, চিৰ আৰ পি এফৰ জোৱান মোতায়েন কৰা হয়৷ প্ৰতিবাদস্থলীত লখিমপুৰ জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক উপস্থিত হৈ উত্তেজিত জনতাৰ সৈতে বাৰ্তালাপ কৰে৷ প্ৰতিবাদ কাৰী সকলে অসমীয়া খিলঞ্জীয়া জনগনৰ সুৰক্ষাৰ দাবী তোলে৷ সন্দেহযুক্ত বাংলাদেশীক চিনাক্ত কৰি বিতাৰণ কৰিবলৈ দাবী জনোৱাৰ লগতে এনে অপৰাধীৰ কবলৰ পৰা খিলঞ্জীয়া জনগনক সুৰক্ষা কৰিবলৈ চৰকাৰক দাবী জনায়৷ প্ৰতিবাদী জনতাই কয় যে নৰাধম দুলাল বৰভুঞাৰ প্ৰকৃত নাম দুলাল আলী আৰু এই নৰপিশাচটো বাংলাদেশী নাগৰিক৷ দুলাল আলীয়ে নিজৰ নাম দুলাল বৰভূঞা কৰিছে৷ এই নৰপিশাচটোৱে কিদৰে খিলঞ্জীয়াৰ উপাধি পালে বুলি প্ৰশ্ন কৰিছে৷ এই সন্দেহযুক্ত বাংলাদেশীটোৱে কনমানি গৰাকীক বৰ্বৰ কাৰ্য সংঘটিত কৰাত জাঙুৰ খাই পৰিছে অঞ্চলটোৰ সকলো দল সংগঠনৰ লগতে ৰাইজ৷ উত্তেজিত ৰাইজে চৰকাৰক অতি সোনকালেএই অপৰাধীটোক মৃত্যু দণ্ড দিবলৈ দাবী জনাইছে৷(Thousands of Assamese people protest on Lalus streets)

প্ৰতিবাদী কাৰ্যসূচীত অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক অনুপম শইকীয়া উপস্থিত থাকে৷ অসমীয়া যুৱ মঞ্চই মুণ্ডন কৰি অপৰাধী যাতে কোনো কাৰণতে হাৰি যাব নোৱাৰে তাৰ ব্যবস্থা কৰি দোষীক মৃত্যু দণ্ড বিহিবলৈ দাবী জনায়৷ প্ৰতিবাদত লালুকৰ বিভিন্ন দল সংগঠনে পুৰ্ণ সহযোগিতা আগবঢ়ায়৷ প্ৰতিবাদী কাৰ্যসূচীত লালুক খিলঞ্জীয়া ঐক্য মঞ্চৰ মুখ্য আহ্বায়ক প্ৰদীপ গগৈ, দেৱজিৎ ডেকাবৰুৱা, ৰত্নেশ্বৰ বৰুৱা, কনকলতা গগৈ চুতীয়া, দুলাল কোঁৱৰকে ধৰি বিভিন্ন দল সংগঠনৰ নেতা কৰ্মী উপস্থিত থাকি ভুক্তভোগী কনমানি গৰাকীয়ে যাতে সঠিক ন্যায় পাই তাৰ দাবী জনায়৷ লগতে ইয়াক লৈ কাকো ৰাজনীতিকৰন নকৰিবলৈ দাবী জনায়৷ ৰাইজে দোষীয়ে যদি উচিত শাস্তি নাপায় ভৱিষ্যতে তীব্ৰ গনতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে৷

Jharkhand Polls: আজছু, জেডি(ইউ) সৈতে বিজেপিৰ আসন ভাগ-বতৰা প্ৰায় চূড়ান্ত হৈছে, ঝাৰখণ্ডত ক‘লে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

ঝাৰখণ্ড বিধানসভা নিৰ্বাচন
ঝাৰখণ্ড বিধানসভা নিৰ্বাচন

দৈনন্দিন বাৰ্তা, ২৮ ছেপ্টেম্বৰঃ ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ বাবে সাজু হৈছে বিজেপি। পূৰ্বে বিজেপি আৰু সদৌ ঝাৰখণ্ড ছাত্ৰ সন্থাই একেলগে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বুলি আশা কৰা হৈছিল যদিও বিজেপি নেতা তথা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে জনতা দলো (ইউনাইটেড) এই মিত্ৰতাৰ অংশ হ’ব।(Jharkhand Polls)

আজছুৰ সভাপতি সুদেশ মাহাতোৰৰ সৈতে বিজেপিৰ ঝাৰখণ্ড নিৰ্বাচনৰ সহ-ভাৰপ্ৰাপ্ত প্ৰভাৰীৰ দায়িত্বতত থকা শৰ্মাই শনিবাৰে সন্ধিয়া কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে এক বৈঠকত মিলিত হৈ আসন ভাগ-বতৰা চূড়ান্ত কৰে।(Himanta Biswa Sarma)

ইয়াৰ পূৰ্বে সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, “নিৰ্বাচনত জনতা দল (ইউ) আৰু আজেছু পাৰ্টিৰ সৈতে মিত্ৰতা হ’ব। আসনৰ ভাগ-বতৰা প্ৰায় চূড়ান্ত হৈছে। ১-২খন আসনৰ বাবে আলোচনা হৈছে।”(AJSU, JD(U))

শৰ্মাই উল্লেখ কৰে যে এই বিষয়টো সন্দৰ্ভত আনুষ্ঠানিক ঘোষণা কৰা হ’ব ২ অক্টোবৰত শেষ হ’বলগীয়া ‘পিত্ৰী পক্ষ’ৰ সামৰণিৰ পিছত।ঝাৰখণ্ডৰ ৮১ জনীয়া বিধানসভাৰ নিৰ্বাচন চলিত বৰ্ষৰ শেষৰ ফালে অনুষ্ঠিত হোৱাৰ কথা।

মুখ্যমন্ত্ৰী শৰ্মাই ছোৰেনৰ চৰকাৰক সমালোচনা কৰি অপব্যৱস্থাপনাৰ অভিযোগ উত্থাপন কৰে আৰু নিযুক্তি অভিযানৰ সময়ত হোৱা খেলিমেলিৰ বাবে চৰকাৰক জগৰীয়া কৰে। অসমৰ চাহ বাগিচাত কৰ্মৰত লোকসকলক অ’ বি চিৰ পৰিৱৰ্তে এছ টিৰ মৰ্যাদা প্ৰদান সন্দৰ্ভত ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেণে প্ৰেৰণ কৰা এক পত্ৰৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয় যে তেওঁ ইয়াৰ উত্তৰ লিখিতভাৱে দিব ।

ইয়াৰ উপৰি তেওঁ কয় যে মুখ্যমন্ত্ৰী হেমন্ত ছোৰেণে পত্ৰখনৰ উত্তৰ কি হ’ব নিজে জানে। সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয়, “হেমন্ত ছোৰেণে লিখিত পত্ৰ দিছে, ময়ো ইয়াৰ উত্তৰ লিখিতভাৱে দিম। হেমন্তই নিজে জানে ইয়াৰ উত্তৰ কি।”(BJP Seat Sharing With AJSU, JD(U))


উল্লেখ্য যে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেণে শেহতীয়াকৈ অসমৰ মুখ্যমন্ত্ৰীলৈ এখন পত্ৰ লিখিছে । পত্ৰখনত লিখা হৈছে, “অসমৰ চাহ বাগিচাত ৭০ লাখৰো অধিক লোকে এতিয়াও অ’ বি চিৰ মৰ্যাদাতে আছে । ইয়াৰ বিপৰীতে তেওঁলোকক এছ টিৰ মৰ্যাদা দিব লাগে । ইয়াৰ বাবে চাহ জনগোষ্ঠীৰ লোকসকলে চৰকাৰী আঁচনিৰ সুবিধা লাভ কৰা নাই। যদি অসম চৰকাৰে এই সিদ্ধান্ত ল’বলৈ সমস্যাৰ সন্মুখীন হৈছে, তেন্তে ঝাৰখণ্ডে এক উচ্চ পৰ্যায়ৰ তথ্য অনুসন্ধান মিছন গঠন কৰিবলৈ সাজু আছে।”(Jharkhand Chief Minister Hemant Soren)

Somnath Temple: সোমনাথ মন্দিৰ বেদখল বিৰোধী অভিযান: ভাঙি পেলোৱা হ’ল ৯টা অবৈধ মছজিদ, দৰগাহ

Somnath Temple: সোমনাথ মন্দিৰ বেদখল বিৰোধী অভিযান
Somnath Temple: সোমনাথ মন্দিৰ বেদখল বিৰোধী অভিযান

দৈনন্দিন বাৰ্তা, ২৯ ছেপ্টেম্বৰঃ এইবাৰ সোমনাথ মন্দিৰৰ সমীপৰ চৰকাৰী ভূমিত চলিল উচ্ছেদ। বেদখলৰ বিৰুদ্ধে গুজৰাট চৰকাৰে গ্ৰহণ কৰা উল্লেখযোগ্য পদক্ষেপ হিচাবে এই উচ্ছেদ চলোৱা হৈছে। সেই ভূমিত পঞ্চাশটাতকৈও অধিক অট্টালিকা আৰু ধৰ্মীয় স্থান নিৰ্মাণ কৰা হৈছিল। অঞ্চলটো পুনৰুদ্ধাৰ আৰু সোমনাথ মন্দিৰৰ ভৱিষ্যৎ সুনি্ষ্চিত কৰাৰ বাবে চৰকাৰে সকলো অবৈধ বেদখল ভাঙি পেলোৱাৰএক বৃহৎ অভিযান আজি আৰম্ভ কৰে।(Somnath Temple)

গুজৰাটৰ গিৰ সোমনাথত মন্দিৰৰ পিছফালে থকা চৰকাৰী ভূমিৰ পৰা বেদখল আঁতৰোৱাৰ বাবে এই অভিযান আৰম্ভ কৰা হয়। এই অভিযান শুকুৰবাৰে নিশাৰে পৰাই আৰম্ভ হৈছিল আৰু শনিবাৰে গোটেই দিনটো চলিছিল। অভিযানত ৩৬ খন বুলডজাৰ, শ শ ট্ৰেক্টৰ, ডাম্পাৰৰ লগতে ১৪০০ আৰক্ষী জোৱান জড়িত কৰি ১০২ একৰ মাটি বেদখল মুক্ত কৰা হয়।(gujrat)

সোমনাথ মন্দিৰৰ সমীপত ১০৩ একৰ চৰকাৰী ভূমি দখল কৰা অবৈধ নিৰ্মাণৰ বিৰুদ্ধে আৰক্ষী আৰু প্ৰশাসনে এই উচ্ছেদ চলায়।

এই বেদখল বিৰোধী অভিযানৰ অংশ হিচাপে ৪৫টা আৱাসিক অট্টালিকাৰ লগতে ৯টা ধৰ্মীয় স্থান ভাঙি পেলোৱা হয়। প্ৰায় ৩২০ কোটি টকাৰ মাটি বেদখলৰ পৰা মুক্ত কৰা হয়।জিলা দণ্ডাধীশ ডি.ডি. জাদেজাই প্ৰকাশ কৰা মতে সোমনাথৰ অবৈধ বেদখল খালী কৰিবলৈ বহু আগতেই প্ৰশাসনে জাননী জাৰি কৰিছিল। অৱশ্যে এই সতৰ্কবাণীৰ পিছতো ভূমি দখল হৈয়েই আছিল।(Somnath Temple Anti-Encroachment Drive)


মন কৰিবলগীয়া যে উজ্জয়ন কৰিডৰৰ দৰেই সোমনাথতো নতুন কৰিডৰ গঢ়ি তোলাৰ কথা চিন্তা কৰা হৈছে। ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে ইয়াত অনুমোদন প্ৰদান কৰিছে। সোমনাথ মন্দিৰৰ বিভিন্ন উন্নয়নমূলক পৰিকল্পনা চলি আছে আৰু এই উচ্ছেদে কৰিডৰ প্ৰকল্পৰ অগ্ৰগতি ক্ষিপ্ৰতৰ কৰিব বুলি প্ৰশাসনে মন্তব্য কৰিছে।(9 Illegal Mosques, Dargahs Demolished)

Prastuti Porasor Abahan Theatre 2024-25: মই হেনো প্রেমতে পৰিছোঁ, “কলিজা নহয় মেডাম কলিজা”; মেডাম মেনকাৰ যাদু

মেডাম মেনকাৰ যাদু
মেডাম মেনকাৰ যাদু

আৱাহন থিয়েটাৰ প্রায় ৪৫ বছৰীমা এক বর্ণিল যাত্রা। ২০২৪-২৫ বর্ষব আৱাহন থিয়েটাৰত মঞ্চস্থ কৰা অন্যতম সমাজ ধর্মী নাট ‘মেডাম মেনকা’। বিশিষ্ট নাট্যকাৰ তথা পৰিচালক অভিজিত ভট্রাচার্যৰ ৰচনা মেদাম মেনকাৰ যাদু চলিছে ভ্ৰাম্যমাণত।(Prastuti Porasor Abahan Theatre 2024-25)

বর্তমান সমমত য়ে নাৰী শক্তিশালি হৈ উঠিছে ইয়াৰ উপৰিও বর্তমান সমাজ ব্যৱস্থাত ঘটি থকা বাস্তৱ ছবি কিছুমান দেখা পাব দৰ্শকে ‘মেডাম মেনকা’ত।(Prastuti Porasor)

“মেডাম মেনকা’ নাটত ৰোমান্টিক গীত আৰু নৃত্য সমূহে দর্শক মানাৰঞ্জন দিব। বিশেষকৈ ‘বেয়া নাপাবি দেই’, ‘মই হোনা প্ৰেমতে পৰিছোঁ – অন্যতম ধুনীয়া ৰোমান্টিক গীত। অভিনত্রী প্রস্তুতি পৰাশৰৰ লগতে অভিনেতা জেফী বক্সীমে সুন্দৰ নৃত্য ই মোহিত কৰিছে দৰ্শকক। ইয়াৰ উপৰি অভিনেতা সঞ্জীর শর্মাই ভাল অভিনয় কৰিছে । “বেয়া নাপাবি দেই’ এই গীতটি লিখিছে অভিজিৎ ভট্টাচার্যৰ লগতে সঙ্গীত পৰিচালক অজয় ফুকনে । সংগীত পলাশ গগৈৰ আৰু কণ্ঠদান কৰিছে নীল আকাশ আৰু পাপৰি গগৈয়ে। (Abahan Theatre 2024-25)

আৱাহন মানে ব্যক্তিক্ৰম কিবা এটা থাকে ! এইবাৰ আৱাহন থিয়েটাৰত কাৰিকৰী দিশত কিছু ব্যতিক্ৰম দেখা পাইছে দৰ্শকে।

বিশেষকৈ গীত সমূহৰ নৃত্য কৰাৰ সময়ত অভিনেতা অভিনেত্ৰীৰ লগতে কলা-কৌশলি সকলক অকল মঞ্চতে সীমাবদ্ধ হৈ নাথাকি পেক্ষাগৃহ বিভিন্ন স্থানলৈ অতি কৌশৰে দর্শকল মনোৰঞ্জন দিবলৈ সক্ষম হৈছে আৱহন থিয়েটাৰ । কাৰিকৰি দিশত ব্যবহাৰিক আলোকসজ্জা যথেষ্ট উন্ন বুলি ক’ব পাৰি।(Madam Manoka)

বুলেট , জিপ আদিত নামিকা প্রস্তুতি পৰাশৰৰ
প্ৰৱেশ ‘মেডাম মেনকা’ ত ।

পবেস সদা সাই অভিলেখ্য অভিনেত্রী সঙ্কল। হত্য কবি প্রবেশ Sa ‘মেডাম মনকাত।

‘মেডাম মনকা’ নামৰ নাটখনত মূলত এস্কন, ৰোমান্টিক আৰু কমেডি সকলো ৰস পাব দর্শকে। লগতে দর্শকে অনুভব কৰিব পাৰিব ‘মেডাম মেনকা’ত অভিনেত্রী প্রস্তুতি পৰাশৰে কৰা শ্ৰমৰ কথা। ভ্রাম্যমানত এজন অভিনেত্রীয়ে দ্বৈত চৰিত্ৰ লাইভ অভিনয় কৰাটো কিমান কষ্টকৰ। আকৌ দুটা পৃথক চৰিত্ৰ আৰু বিশেষ মুখ্য চৰিত্ৰ । এটা চৰিত্ৰত সহজ সৰল আৰু বিশেষভাৱে সক্ষম যুৱতী আনটো চৰিত্ৰত বিন্দাচ ছোৱালী এজনী ।

‘মেডাম মেনকা’ নাটখনৰ জড়িযতে বুজাব বিচাৰা হৈছে সত্যৰ সদায় জয় । টকা পইচাৰে সত্য লুকাই ৰাখিব নোৱাৰে। নাটখন উপভোগ কৰিলে দৰ্শকে বুজিব। বহু কেইটা চৰিত্ৰ ই সমাজৰ বাস্তৱ ছবিখনৰ প্ৰতিচ্ছবি দাঙি ধৰিছে ।
সাধাৰণ ৰাইজৰ ক্ষমতা কিমান শক্তিশালী সেয়াও বুজাবলৈ চেষ্টা কৰিছে নাট্যকাৰে। মুঠৰ ওপৰত মেডাম মেনকাৰ যাদু চলিব ভ্ৰাম্যমাণত । সংল্লাপ আৰু শব্দৰ ব্যৱহাৰ সুন্দৰ।

উল্লেখ্য যে – এইবেলি আৱাহন থিয়েটাৰে তিনিখনকৈ নাট লৈ সাজু হৈছে – ‘মইনা কুশলে আছানে ‘ , ‘মেডাম মেনকা’ আৰু ‘লেডী ম্যাকবেথ’ । তিনিখন নাটকৰে ভিন ভিন সোৱাদৰ নাট । এক কথাত ভ্ৰাম্যমাণৰ ৰাণী প্ৰস্তুতি পৰাশৰৰ দূৰ্দান্ত অভিনয়ে দৰ্শকক মোহিত কৰিছে ।

লেখকঃ নৱজ্যোতি কলিতা

Himanta Biswa Sarma rise in national politics: দেশৰ প্ৰধানমন্ত্ৰীৰ দৌৰত ড° হিমন্ত বিশ্ব শৰ্মা !

Himanta Biswa Sarma rise in national politics
Himanta Biswa Sarma rise in national politics: দেশৰ প্ৰধানমন্ত্ৰীৰ দৌৰত ড° হিমন্ত বিশ্ব শৰ্মা !

গুৱাহাটী, ২৯ ছেপ্টেম্বৰঃ ৰাজনীতিত কেতিয়া কাৰ ভাগ্যৰ চকৰি কোন দিশে ঘূৰি যায় সেয়া কোনেও ক’ব নোৱাৰে। দেশত ৰাজ্যিক ৰাজনীতিৰ সৈতে জড়িত বহু ব্যক্তি প্ৰধানমন্ত্ৰীৰ আসনত বহাৰ নজিৰ আছে। গুজৰাটৰ মুখ্যমন্ত্ৰীৰ পদত বহা নৰেন্দ্ৰ মোদী আজি দেশৰ প্ৰধানমন্ত্ৰী । (Chief Minister of Gujarat to Prime Minister)একে ধৰণৰ সুযোগেই আহিব পাৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ক্ষেত্ৰতো(Himanta Biswa Sarma rise in national politics)।

দিল্লীৰ এক উচ্চস্তৰীয় সূত্ৰই সদৰি কৰা অনুসৰি ৰাষ্ট্ৰীয় ৰাজনীতিত শেহতীয়াকৈ হিমন্ত বিশ্ব শৰ্মা স্ব-মহিমাৰে মহিমামণ্ডিত হৈ পৰিছে(Rise of Himanta Biswa Sarma)। সূত্ৰটোৰ মতে হিমন্ত বিশ্ব শৰ্মাৰ প্ৰভাৱ এতিয়া আৰু কেৱল অসমতে সীমাবদ্ধ হৈ থকা নাই । হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে কেইবাখনো ৰাজ্যৰ বিধানসভা নিৰ্বাচনত প্ৰধানমন্ত্ৰী মোদীৰ নিৰ্দেশতে প্ৰচাৰ অভিযান চলাইছে। কৰ্ণাটক, মধ্য প্ৰদেশ, ৰাজস্থান, তেলেংগানা, ছট্টিশগড়, ঝাৰখণ্ড আদি ৰাজ সমূহত্ হিমন্ত বিশ্ব শৰ্মাই এগৰাকী ৰাষ্ট্ৰীয় নেতাৰ দৰেই ৰোড শ্ব’, নিৰ্বাচনী সভা আদি কাৰ্যসূচীৰে প্ৰচাৰ চলোৱা দেখিবলৈ পোৱা যায় । আনকি দিল্লী পৌৰ নিগমৰ নিৰ্বাচনতো মোদীৰ আদেশ শিৰত লৈ হিমন্ত বিশ্ব শৰ্মাই প্ৰচাৰ চলাইছিল ।

দেশত ইমানবোৰ বিজেপি শাসিত ৰাজ্য থকাৰ পিছতো অৱশ্যে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ শীৰ্ষ নেতৃত্বই হিমন্ত বিশ্ব শৰ্মাকে দেশৰ বিভিন্ন ৰাজ্যত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ বাছনি কৰাৰ কথাই দলটোৰ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত যে হিমন্ত বিশ্ব শৰ্মাই নিজৰ বাবে এক বিশেষ স্থান দখল কৰি ল’বলৈ সক্ষম হৈছে সেয়াই প্ৰমাণ কৰিছে বুলি দিল্লীৰ উচ্চস্তৰীয় সূত্ৰটোৱে কয় । লক্ষ্যণীয় কথাটো হ’ল, হিমন্ত বিশ্ব শৰ্মাই চলিত বৰ্ষৰ ৯ৰ পৰা ২৮ মে’লৈ দেশৰ বিভিন্ন স্থানৰ ৫৭খন নিৰ্বাচনী সভা, ৰেলী আদিত ভাগ লৈছিল(Assam CM Himanta Sarma)।

তেওঁ গড়ে ১৯টা দিনত ৩খনকৈ নিৰ্বাচনী সভাত অংশ লৈ সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। সেই দিন কেইটাত হিমন্ত বিশ্ব শৰ্মাই ৪৭খন নিৰ্বাচনী সভা, ৭টা ৰ’ড শ্ব’, একোখনকৈ দলীয় সংবাদমেল, মনোনয়ন দাখিল পৰ্ব আৰু মত বিনিময় অনুষ্ঠান আদিত ভাগ লৈছিল। একেদৰে মুখ্যমন্ত্ৰী শৰ্মাই ওড়িশাত সৰ্বাধিক ২৪ খন, পশ্চিম বংগত ১২খন নিৰ্বাচনী সভাত অংশ গ্ৰহণ কৰিছিল আৰু ১৯টাকৈ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত মুখ্যমন্ত্ৰী শৰ্মাৰ সাক্ষাৎকাৰ প্ৰচাৰ হৈছিল। এনেদৰে অসমৰ মুখ্যমন্ত্ৰী হৈয়ো বেলেগ ৰাজ্যত শক্তিশালী ৰূপত নিৰ্বাচনী প্ৰচাৰ চলোৱা মুখ্যমন্ত্ৰীসকলৰ ভিতৰত হিমন্ত বিশ্ব শৰ্মা অন্যতম হিচাবে পৰিগণিত হৈছে।

কেৱল সেয়াই নহয়, নৰেন্দ্ৰ মোদী গুজৰাটৰ মুখ্যমন্ত্ৰী হৈ থকাৰ সময়ত গ্ৰহণ কৰা বহু আঁচনিৰ আৰ্হি দেশৰ আন ৰাজ্যয়ো গুজৰাট মডেল হিচাবে গ্ৰহণ কৰিছিল(Narendra Modis Gujarat Model)। অসমৰ ক্ষেত্ৰতো এতিয়া তেনে হোৱা দেখা গৈছে। অসমত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰম্ভ কৰা অৰুণোদয় আঁচনিকে(Arunodoi Scheme) ধৰি আন বহু আঁচনি ছট্টিশগড়, ৰাজস্থানৰ লগতে আন বহু ৰাজ্যই আৰ্হি হিচাবে গ্ৰহণ কৰি তেওঁলোকৰ নিজ নিজ ৰাজ্যতো একেধৰণৰ আঁচনি ৰূপায়ণ কৰিছে। এয়াও হিমন্ত বিশ্ব শৰ্মাৰ এক সাফল্য আৰু অসমৰ বাবে এক গৌৰৱৰ বিষয়।

শেহতীয়াকৈ সমগ্ৰ দেশত বিজেপিয়ে চলোৱা সদস্য ভৰ্তিৰ অভিযানতো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দক্ষতাৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে। বৰ্তমান দেশত বিজেপি শাসিত ৰাজ্য কেইখন হৈছে ক্ৰমে- উত্তৰ প্ৰদেশ, মধ্য প্ৰদেশ, গুজৰাট, ৰাজস্থান, ছট্টিশগড়,উত্তৰাখণ্ড, অৰুণাচল, মণিপুৰ , ত্ৰিপুৰা আৰু ওড়িশা। একেদৰে মহাৰাষ্ট্ৰ, বিহাৰ, অন্ধ্ৰপ্ৰদেশ, হাৰিয়ানা, অসম, নাগালেণ্ড, মেঘালয় আৰু ছিকিমত বিজেপি নেতৃত্বাধীন এনডিএৰ চৰকাৰ আছে ।

দেশজুৰি চলা বিজেপিৰ সদস্য ভৰ্তিৰ অভিযানৰ সময়ত সদস্য ভৰ্তিৰ ক্ষেত্ৰত শীৰ্ষত থকা ৰাজ্যখন হৈছে গুজৰাট আৰু দ্বিতীয় স্থানত আছে মধ্যপ্ৰদেশ। কিন্তু সদস্য ভৰ্তিৰ ক্ষেত্ৰত এটা কথা লক্ষ্যণীয় হৈ পৰিছে যে বিজেপি শাসিত আৰু এনডিএ শাসিত ৰাজ্যসমূহত বিজেপিৰ সদস্যভৰ্তিৰ হাৰ ১০ শতাংশ কমিছে। ইমানৰ পিছতো পিছে অসমত বিজেপিৰ সদস্য ভৰ্তিৰ হাৰ ১০ শতাংশ বৃদ্ধি পোৱাহে পৰিলক্ষিত হৈছে। ফলত সদস্য ভৰ্তিৰ দিশৰ পৰা শীৰ্ষত থকা দেশৰ ১০ টা সমষ্টিৰ ভিতৰত অসমৰ তিনিটা সমষ্টি ক্ৰমে হিমন্ত বিশ্ব শমাৰ জালুকবাৰী, পীয়ুষ হাজৰিকাৰ জাগীৰোড সমষ্টি আৰু জয়ন্ত মল্ল বৰুৱাৰ নলবাৰী সমষ্টি আছে। এয়া নিঃসন্দেহে অসমৰ বাবে এক সুখবৰ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঐকান্তিক প্ৰচেষ্টাতে এয়া সম্ভৱ হৈছে বুলি এতিয়া বহুতে আলোচনা কৰিছে। ইয়ৰ মাজতে দিল্লীৰ উচ্চস্তৰীয় সূত্ৰটোৱে সদৰি কৰা অনুসৰি সদস্য ভৰ্তিয়েই হওঁক বা আন ৰাজ্যত নিৰ্বাচনী প্ৰচাৰ চলোৱাই হওঁক, নানান কাৰণত প্ৰধানমন্ত্ৰী মোদী, অমিত শ্বাহ, জেপি নাড্ডা, নীতিন গাডকাৰী, ৰাজনাথ সিঙৰ পিছতে হিমন্ত বিশ্ব শৰ্মা এতিয়া ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জিলিকি উঠিছে(Strong Campaigner Beyond Assam) । এতিয়া বহুতে এইবুলিও চৰ্চা কৰা দেখা গৈছে যে গোপীনাথ বৰদলৈ, হেম বৰুৱা, হিতেশ্বৰ শইকীয়া, তৰুণ গগৈ, পি এ চাংমাৰ দৰে নেতাৰ পিছতে হিমন্ত বিশ্ব শৰ্মাই এতিয়া ৰাষ্ট্ৰীয় ৰাজনীতিত দপদপাই থাকিব পাৰিছে।

শেহতীয়াকৈ বিজেপিয়ে হিমন্ত বিশ্ব শৰ্মাক ছট্টিশগড়ৰ উপ-প্ৰভাৰী আৰু হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ ষ্টাৰ কেম্পেইনাৰ হিচাবে নিয়োগ কৰিছে। এয়া অসমৰ বাবেই এক গৌৰৱৰ বিষয় বুলি বহুতে আলোচনা কৰিছে। একাধিক ৰাজ্যত নিৰ্বাচনী প্ৰচাৰৰ দায়িত্ব লাভ কৰাৰ কথাই প্ৰমাণ কৰিছে যে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই হিমন্ত বিশ্ব শৰ্মাক কিমান বিশ্বাসত লৈছে । এনেবোৰ কথাই লগতে প্ৰমাণ কৰিছে যে হিমন্ত বিশ্ব শৰ্মাৰ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত গুৰুত্ব অধিক বৃদ্ধি পাইছে।

ওড়িশাত তিনিটা দশক ধৰি শাসনৰ ৰাজপাট খাই থকা নবীন পাটনায়কৰ চৰকাৰক ওফৰাই বিজেপিৰ চৰকাৰ অনাত হিমন্ত বিশ্ব শৰ্মাৰ অৱদান আছিল অতুলনীয়। একেদৰে মহাৰাষ্ট্ৰতো চৰকাৰ গঢ়াত হিমন্ত বিশ্ব শৰ্মাৰ অৱদানক সকলোৱে একেমুখে স্বীকাৰ কৰিছে। ইণ্ডিয়া টুডে আলোচনীৰ সমীক্ষাতো হিমন্ত বিশ্ব শৰ্মাক দেশৰ শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী হিচাবে স্থান দিছে। এইখিনিতে চৰ্চা হোৱা আটাইতকৈ ডাঙৰ কথাটো হৈছে যে যদি বিজেপিয়ে অৱসৰৰ বয়স ৭৫ বছৰ বুলি ধৰে তেন্তে ২০২৫ চনৰ ছেপ্টেম্বৰ মাহত ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে(Prime Minister Narendra Modi) ৭৫ বছৰত ভৰি দিব। যদি দলৰ নীতি মানি মোদীয়ে অৱসৰ লয়, তেন্তে দেশৰ প্ৰধানমন্ত্ৰীৰ দৌৰত থাকিব কোন? দিল্লীৰ বিশেষ সূত্ৰটোৱে প্ৰকাশ কৰা মতে মোদীয়ে অৱসৰ ল’লেও তেওঁৰ জনপ্ৰিয়তা তথা জনতাৰ আস্থাৰ বাবেই তেওঁ এনডিএৰ অধ্যক্ষ হৈ থকাৰ সম্ভাৱনা আছে, যিদৰে ইউপিএৰ অধ্যক্ষা হৈ আছিল ছোনিয়া গান্ধী।

তেনে পৰিস্থিতিত ২০২৯ৰ সাধাৰণ নিৰ্বাচনৰ সময়ত প্ৰধানমন্ত্ৰীৰ দৌৰত যোগী আদিত্যনাথ, নীতিন গাডকাৰী, অমিত শ্বাহ, ৰাজনাথ সিঙৰ লগতে হিমন্ত বিশ্ব শৰ্মাও থাকিব বুলি সূত্ৰটোৱে প্ৰকাশ কৰিছে। সূত্ৰটোৰ মতে হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰী নহ’লেও দেশৰ গৃহমন্ত্ৰীৰ আসন শুৱনি কৰাৰ পূৰ্ণ সম্ভাৱনা আছে(Future Prime Minister of India Himanta Biswa Sarma )। তেনে পৰিস্থিতিত হিমন্ত বিশ্ব ৰাষ্ট্ৰীয় ৰাজনীতিলৈ গুচি গ’লে অসমত মুখ্যমন্ত্ৰী পদৰ দাবীদাৰ কোন হ’ব পাৰে বাৰু ? বিশেষ সূত্ৰই প্ৰকাশ কৰা মতে, অসমত মুখ্যমন্ত্ৰীৰ দাবীদাৰ হ’ব পাৰে পীয়ুষ হাজৰিকা, জয়ন্ত মল্ল বৰুৱা, পৱিত্ৰ মাৰ্ঘেৰিটা আৰু বিশ্বজিত দৈমাৰী।

সূত্ৰটোৰ মতে কেন্দ্ৰীয় মন্ত্ৰী তথা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে পুনৰ অসমৰ ৰাজনীতিলৈ ঘূৰি নাহে। কাৰণ ৰাষ্ট্ৰীয় ৰাজনীতিত সোণোৱাল এতিয়া এগৰাকী অতি শক্তিশালী আৰু প্ৰভাৱশালী নেতা। নিজৰ দক্ষতাৰ বলত সোণোৱাল মোদীৰ মন্ত্ৰীসভাত গাডকাৰীৰ পিছতে দ্বিতীয় স্থানত আৰোহণ কৰিছে। এনে পৰিস্থিতিত অসমৰ শাসনৰ ভাৰ এজন জনজাতীয় নেতাক দিব বিচাৰিলে বিজেপিয়ে প্ৰথমেই বিশ্বজিত দৈমাৰীকেই পছন্দ কৰাৰ সম্ভাৱনা থকা বুলিও সূত্ৰটোৱে কয়।

সূত্ৰটোৱে লগত কয় যে বিজেপিৰ সদস্য ভৰ্তি অভিযানৰ পৰাই ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰো গুৰুত্ব বহু গুণে বৃদ্ধি পাইছে। ভৱেশ কলিতাকো সেয়ে দলে ভৱিষ্যতে এখন ভাল আসন দিয়াৰ সম্ভৱনা থকা বুলি সূত্ৰটোৱে প্ৰকাশ কৰিছে। যি কি নহওক, হিমন্ত বিশ্ব শৰ্মা ৰাষ্ট্ৰীয় ৰাজনীতলৈ গমন কৰাৰ বিষয়টো বহুদিনৰে পৰাই চৰ্চা হৈ আহিছে। এতিয়া বিভিন্ন ৰাজ্যৰ নিৰ্বাচন আৰু আন ক্ষেত্ৰত দেখুওৱা সফলতাই তেনে অনুমানক আৰু অধিক সবল কৰি তুলিছে। হয়তো সকলো ভালদৰে চলি থাকিলে অসমে লাভ কৰিব পাৰে এজন প্ৰধানমন্ত্ৰী অথবা কেন্দ্ৰীয় গৃহমন্ত্ৰী। এতিয়া বহুতৰে মাত্ৰ অপেক্ষা সেইদিনলৈ ।

অধিক জানিবলৈ click কৰক তলৰ ফটোখনত

লগতে পঢ়ক: আজছু, জেডি(ইউ) সৈতে বিজেপিৰ আসন ভাগ-বতৰা প্ৰায় চূড়ান্ত হৈছে, ঝাৰখণ্ডত ক‘লে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

World Heart Day 2024: বিশ্ব হৃদয় দিৱস, মূৰৰ বোজাই হৃদয়খনক গধুৰ কৰি তুলে! উশাহ-নিশাহত কষ্ট হয়

বিশ্ব হৃদয় দিৱস
বিশ্ব হৃদয় দিৱস

আজি বিশ্ব হৃদয় দিৱস। বৰ্তমান সময়ত হৃদৰোগীৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে। বিশেষজ্ঞসকলৰ মতে দীৰ্ঘদিন ধৰি মানসিক চাপৰ বাবে মানুহৰ ৰক্তচাপ নিয়ন্ত্ৰণহীন হৈ পৰে। মেট্ৰ’ চহৰৰ যুৱক-যুৱতীসকলৰ মাজত হৃদৰোগীৰ সমস্যা দ্ৰুতগতিত বৃদ্ধি পাইছে।(World Heart Day 2024)

মেট্ৰ’ চহৰৰ দ্ৰুতগতিত চলি থকা জীৱনশৈলীৰ মানসিক চাপ মানুহৰ মূৰৰ ওপৰত বোজা হৈ পৰিছে আৰু হৃদয়খন অসুস্থ কৰি তুলিছে। এনে পৰিস্থিতিত দীৰ্ঘদিন ধৰি শৰীৰে সংকেত দিয়ে যদিও অসাৱধানতাই মানুহৰ উশাহ-নিশাহত ক্ষতি কৰে।(HEART)

বিশেষজ্ঞসকলৰ মতে দীৰ্ঘদিন ধৰি মানসিক চাপৰ বাবে ৰক্তচাপ নিয়ন্ত্ৰণহীন হৈ পৰে। ইয়াৰ উপৰিও ধূমপান আৰু মদ্যপান কৰাটোও মানসিক চাপৰ পৰিস্থিতিত অধিক হোৱা দেখা গৈছে। মেট্ৰ’ চহৰৰ যুৱক-যুৱতীসকলৰ মাজত এই সমস্যা দ্ৰুতগতিত বৃদ্ধি পাইছে। মানসিক চাপৰ জীৱনে যুৱক-যুৱতীসকলৰ মাজত বিপদজনক কাৰক দ্ৰুতগতিত বৃদ্ধি কৰি আছে। মেটাবলিক চিনড্ৰম, অনিয়ন্ত্ৰিত ৰক্তচাপ, ডায়েবেটিছ, মেদবহুলতা, বেয়া জীৱনশৈলী, কম বয়সতে মানুহৰ অত্যধিক ধূমপান আৰু মদ্যপানৰ অভ্যাসে হৃদৰোগ গুৰুতৰ কৰি তুলিছে। বেয়া জীৱনশৈলীৰ বাহিৰেও যুৱক-যুৱতীসকলৰ মাজত হৃদৰোগ বৃদ্ধি পোৱাৰ আঁৰত এটা বিপদজনক কাৰক।(the burden on the head is making the heart cry)

বিশ্ব হৃদৰোগ দিৱসৰ বিষয়বস্তু হৈছে ইউজ হাৰ্ট ফৰ একচন। ইয়াত মানুহক হৃদৰোগ স্বাস্থ্যক অগ্ৰাধিকাৰ দিবলৈ উৎসাহিত কৰা হয়। (Heart patient)

যুৱক-যুৱতীসকলৰ হৃদৰোগৰ আঁৰত আন বহু কাৰণ থাকিব পাৰে। ইয়াৰ ভিতৰত হৃদযন্ত্ৰৰ ক্ষতি, জন্মগত হৃদৰোগ আৰু অন্যান্য সমস্যাও অন্তৰ্ভুক্ত। যদি কাৰোবাৰ হৃদস্পন্দন দ্ৰুতগতিত হয়, খোজ কঢ়াৰ সময়ত উশাহ বন্ধ হৈ পৰে বা আন কোনো লক্ষণ দেখা দিয়ে, তেন্তে চিকিৎসকৰ সৈতে যোগাযোগ কৰিব লাগে।(Heart disease)

নিজকে কেনেকৈ পৰীক্ষা কৰিব আপুনি-
কোনো সমস্যা নোহোৱাকৈ আধা ঘণ্টাত ৩ কিলোমিটাৰ খোজ কাঢ়িব পাৰে
বডি মাস্ক ইনডেক্স ১৮ৰ পৰা ২৪ৰ ভিতৰত হ’ব লাগে
স্বাভাৱিক ব্যক্তিৰ লিপিড প্ৰফাইল ১০০ৰ তলত
আপোনাৰ হৃদয়খন এনেদৰে সুস্থ কৰি ৰাখক

ভজা খাদ্য কম খাব-
বতৰৰ ফল বেছিকৈ খাব
নিয়মীয়াকৈ খোজ কাঢ়িব লাগে
ধূমপান নকৰিব আৰু ধঁপাত সেৱন কৰিব
এনে লোকৰ বিপদ অধিক

বি পি আৰু ডায়েবেটিছ ৰোগী
মেদবহুলতা
ধূমপায়ী আৰু মদ্যপান কৰা লোক
পৰিয়ালৰ কোনোবা এজনৰ লগত এনেকুৱা হোৱা
বেয়া জীৱনশৈলী
মানসিক চাপৰ মাজত জীয়াই থকা
যদি আপুনি এই লক্ষণসমূহ দেখা পায় তেন্তে চিকিৎসকৰ সৈতে যোগাযোগ কৰক

হৃদস্পন্দনত অস্বাভাৱিক শব্দ
উশাহ লোৱাত অসুবিধা হোৱা
বুকুৰ বিষ
মূৰ ঘুৰণি
ভাগৰ
ভৰি বা পেত ফুলা

এই সমূহ হৈছে হৃদৰোগীৰ লক্ষণ।