Home Blog Page 554

North Guwahati Girls High School: উত্তৰ গুৱাহাটী ছোৱালী হাইস্কুলত দৈনিক অসমৰ নাগৰিক সভা, স্বদেশ আৰু স্বজাতিৰ প্ৰতি জাতিটোৰ দায়বদ্ধতা কমি আহিছে-হিতেশ ডেকা

উত্তৰ গুৱাহাটী ছোৱালী হাইস্কুলত দৈনিক অসমৰ নাগৰিক সভা
উত্তৰ গুৱাহাটী ছোৱালী হাইস্কুলত দৈনিক অসমৰ নাগৰিক সভা

দৈনন্দিন বাৰ্তা,উত্তৰ গুৱাহাটী: শনিবাৰে উত্তৰ গুৱাহাটী ছোৱালী হাইস্কুলত দৈনিক অসম কাকতৰ উদ্যোগত অনুষ্ঠিত “বাতৰি কাকতৰ সংকটঃ সমাজৰ দায়িত্ব” বিষয়ক নাগৰিক সভাত উপস্থিত থাকি আদৰণি ভাষণ প্ৰদান কৰি দৈনিক অসম কাকতৰ সম্পাদক হিতেশ ডেকাই কয় স্বজাতিৰ প্ৰতি জাতিটোৰ দায়বদ্ধতা কমি আহিছে।(North Guwahati Girls High School)

১৯৬৫ চনৰ ৪ অক্টোবৰত আধুনিক অসম নিৰ্মাতা সিংহ পুৰুষ ৰাধাগোবিন্দ বৰুৱাৰ বলিষ্ঠ নেতৃত্বত জন্ম লাভ কৰা দৈনিক অসম কাকতে জন্ম লগ্নৰে পৰা কাৰো লগত আপোচ কৰা নাই আৰু ভৱিষ্যতেও নকৰে।বৰং দৈনিক অসম কাকতে অসমৰ আৰ্থ সামাজিক, সাংস্কৃতিক ৰাজনৈতিক, আৰু শৈক্ষিক ক্ষেত্ৰখনত এক বলিষ্ঠ প্ৰদক্ষেপ গ্ৰহণ কৰি আহিছে। শনিবাৰে উত্তৰ গুৱাহাটী ছোৱালী হাইস্কুলত দৈনিক অসম কাকতৰ উদ্যোগত অনুষ্ঠিত বৰ্তমান সময়ত “বাতৰি কাকতৰ সংকটঃ সমাজৰ দায়িত্ব” বিষয়ক নাগৰিক সভাত আদৰণি ভাষণত এইদৰে উল্লেখ কৰে কাকত খনৰ সম্পাদক হিতেশ ডেকাই।(North Guwahati)

উত্তৰ গুৱাহাটী ছোৱালী হাইস্কুল বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি দিগন্ত বড়াৰ সঞ্চালনত অনুষ্ঠিত আৰু দৈনিক অসম কাকতৰ সহকাৰী সম্পাদক শিৱপ্ৰসাদ ডেকাই উদ্দেশ্য ব্যাখ্যা কৰা সভাত ভাষণ দি সম্পাদক ডেকাই বৰ্তমান সময়ত বাতৰি কাকত পঢ়াৰ প্ৰতি পঢ়ুৱৈৰ গুৰুত্ব কমি অহাত গভীৰ উদ্ৰেক প্ৰকাশ কৰি কয় ইয়াৰ মূলতে আমাৰ মানুহৰ অসমীয়া ভাষাৰ প্ৰতি অবহেলা মনোভাৱে গ্ৰাস কৰিছে আৰু ই জাতিটোৰ প্ৰতি এক অশনি সংকেট। আমাৰ মানুহে অসমীয়া মাধ্যমৰ বিদ্যালয় পৰিবৰ্তে ইংৰাজী ভাষাৰ বিদ্যালয়ত নিজৰ সন্তানক পঢ়ুৱাবলৈ লৈছে। যাৰ ফলত আজিৰ প্ৰজন্মই‌ অসমীয়া ভাষা কবলৈ ইচ্ছা নকৰে বা নপঢ়ে।(Dainik Assam)

ই অত্যন্ত স্পৰ্শ কাতৰ বিষয় হৈ পৰিছে। এটা সময় আছিল অসমীয়া জাতিয়ে নিজৰ মাতৃভাষা ৰক্ষাৰ বাবে বঙালী জাতিৰ লগত যুজ কৰিছিল। এতিয়া আমাৰ নিজৰ ভাষাটোৰ কাৰণে পৰিয়ালৰ মাজতে যুঁজ দিবলগীয়া হৈছে। অসমীয়া মাধ্যমত পঢ়ালে ঠাট্টা ইতিকিং কৰা হৈছে পৰিয়ালৰ ভিতৰতে। নিজৰ ঘৰতেই যদি মাতৃভাষাৰ প্ৰতি আদৰ নাথাকে কেতিয়াও নিজৰ সন্তানক জাতীয় সন্তান হিচাপে গঢ়ি তুলিব নোৱাৰি। এই ক্ষেত্ৰত প্ৰতিজন অভিভাৱকক নিজৰ সন্তানক নিজৰ মাতৃভাষাৰ জৰিয়তে শিক্ষা প্ৰদানত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবলৈ ডেকাই লগতে আহ্বান জনায়। সভাৰ আৰম্ভণিতে আউনীআটী কমলদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ প্ৰমোদ তামুলীয়ে সিংহ পুৰুষ ৰাধাগোবিন্দ বৰুৱাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰাৰ লগতে উত্তৰ গুৱাহাটী ছোৱালী হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী লীলা দেৱীয়ে মাল্যাৰ্পন কৰে।

সভাত ভাষণ দি বিশিষ্ট শিক্ষাবিদ ড০ বন্তি বড়া দত্তই দৈনিক অসম কাকত খনৰ লগত আবেগ জড়িত থকাৰ কথা উল্লেখ কৰি কয় যে কাকত খনে সদায় বস্তু নিষ্ঠ,নিৰপ্ৰেক্ষতা আৰু সদায় নিজস্বতা বজায় ৰাখি বাতৰি প্ৰচাৰ কৰি আহিছে। বাতৰি কাকতৰ প্ৰতি অহা ভাবুকিৰ ওপৰত মন্তব্য কৰি ড০দত্তই এই ভাবুকি নিৰ্মূল কৰাৰ বাবে সমাজৰ লোক সকলে ভুগি অহা সমস্যা সমূ্হৰ বাতৰি আৰু গুণগত মানদণ্ডৰ ওপৰত বাতৰি পৰিৱেশন কৰিবলৈ কাকত গোষ্ঠীক আহ্বান জনায়। এই ক্ষেত্ৰত স্থানীয় সংবাদদাতা সকলৰো যথেষ্ট ভূমিকা আছে বুলি ড০ দত্তই লগতে কয়। সভাত ভাষণ দি বিশিষ্ট সমাজকৰ্মী মৃন্ময় ডাউকাই বাতৰি কাকতৰ মালিক, কৰ্মচাৰী, বিক্ৰেতা আৰু এজেণ্ট সকলৰ মাজত সমন্বয় বজাই ৰাখিবলৈ পৰামৰ্শ আগবঢ়ায়।

ডাউকাই লগতে কাকত খন পাঠক সমাজৰ মনোগ্ৰাহীকৈ আৰু সকলো স্থানৰ নাগৰিকে যাতে পেপাৰ খন লাভ কৰিব পাৰে তাৰ ওপৰত পৰামৰ্শ আগবঢ়া। সভাত ভাষণ দি বিশিষ্ট সমাজকৰ্মী চন্দন বৰুৱাই দৈনিক অসম কাকত খনৰ লগত অসমীয়া মানুহৰ আবেগ জড়িত হৈ থকাৰ কথা উল্লেখ কৰি পূৰ্বৰ দৰে আপোচহীন ভাৱে কাকত খন জনসাধাৰণৰ বাবে আগবঢ়াবলৈ আহ্বান জনায়। সভাত শিক্ষক গিৰিণ দাসে ছাত্ৰ ছাত্ৰী সকলৰ উপযোগী হোৱাকৈ শিক্ষাৰ এটি শিতানৰ ব্যৱস্থা ৰাখিবলৈ আহ্বান জনায়। সভাত ভাষণ দি বিশিষ্ট শিক্ষাবিদ ড০ হুপেশ চৌধুৰীয়ে কয় বৰ্তমান সময়ত বাতৰি কাকত খনৰ গুণগত মানদণ্ডৰ উন্নতি হৈছে যদিও পঢ়ুৱৈৰ সংখ্যা হ্ৰাস পোৱাত গভীৰ আক্ষেপ প্ৰকাশ কৰে। বাতৰি কাকত পঢ়াৰ বাবে ছাত্ৰ ছাত্ৰী সকলক আগ্ৰহী কৰাৰ বাবে শিক্ষক শিক্ষয়িত্ৰী আৰু অভিভাৱক অভিভাৱিকা সকলক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিবলৈ ড০ দাসে আহ্বান জনায়।

সভাত ভাষণ দি বিশিষ্ট সমাজকৰ্মী ৰমেন নাথে বাতৰিৰ গুণগত মানদণ্ড উন্নত কৰাৰ লগতে ছাত্ৰ ছাত্ৰী সকলৰ মাজত কিতাপ পঢ়া আন্দোলন গঢ়ি তুলিবলৈ শিক্ষক শিক্ষয়িত্ৰী অভিভাৱক সকলৰ প্ৰতি আহ্বান জনায়। সভাত উত্তৰ গুৱাহাটী ছোৱালী হাইস্কুলৰ অৱসৰপ্ৰাপ্ত সহকাৰী প্ৰধান শিক্ষয়িত্ৰী বৃন্দালী দেৱী, শিক্ষাবিদ তথা বন্তি প্ৰজ্বলক প্ৰমোদ তামুলী, মাল্যাৰ্পক শিক্ষাবিদ লীলা দেৱী,বিশিষ্ট সমাজকৰ্মী তথা শিক্ষাবিদ মোহন শইকীয়া , বিশিষ্ট সমাজকৰ্মী গৌৰী কান্ত কাকতি, শিক্ষাবিদ প্ৰভাত শৰ্মা, শিক্ষাবিদ চন্দ্ৰ কান্ত দাস, বিশিষ্ট সমাজকৰ্মী সৌৰভ বৰুৱা, অসম বাৰ্তাজীৱী সংঘৰ সভাপতি মধুসূদন মেধি, বিশিষ্ট সমাজসেৱিকা ঊষা দেৱী, উত্তৰ গুৱাহাটী ছোৱালী হাইস্কুলৰ প্ৰধান শিক্ষক কৃষ্ণৰাম শইকীয়া, প্ৰবীণ সাংবাদিক দীপেন বায়ন, বিশিষ্ট সমাজকৰ্মী পৱিত্ৰ বৰুৱা, সভাৰ সভাপতি দিগন্ত বড়াই কাকত খনৰ উত্তৰণৰ ক্ষেত্ৰত বহুমূলীয়া পৰামৰ্শ আগবঢ়ায়। সভাৰ অন্তত শলাগৰ শৰাই আগবঢ়ায় দৈনিক অসমৰ চাৰ্কোলেচন মেনেজাৰ ভাস্কৰ দাসে।

IIFA 2024 winners list : শ্বাহৰুখ খান আৰু ৰাণী মুখাৰ্জীলৈ শ্ৰেষ্ঠ অভিনেতাৰ সন্মান

IIFA 2024 winners list : শ্বাহৰুখ খান আৰু ৰাণী মুখাৰ্জীলৈ শ্ৰেষ্ঠ অভিনেতাৰ সন্মান
IIFA 2024 winners list : শ্বাহৰুখ খান আৰু ৰাণী মুখাৰ্জীলৈ শ্ৰেষ্ঠ অভিনেতাৰ সন্মান

আবুধাবি, 29 ছেপ্টেম্বৰ: ইণ্টাৰনেচনেল ইণ্ডিয়ান ফিল্ম একাডেমি (IIFA 2024) বঁটাৰ কাৰ্যসূচীৰ দ্বিতীয় দিনটো আছিল তাৰকাৰে ভৰা এক জাকজমকতাপূৰ্ণ অনুষ্ঠান । আবুধাবিত আয়োজিত এই অনুষ্ঠানত বলীউডৰ জনপ্ৰিয় তাৰকাসকল উপস্থিত আছিল(IIFA 2024 winners list) । হেমা মালিনী, ৰেখা, সুপাৰষ্টাৰ শ্বাহৰুখ খান, ৰাণী মুখাৰ্জী, অনিল কাপুৰ, ববি দেউল, বিকি কৌশল, শাহিদ কাপুৰ আৰু কৃতি ছাননকে আদি কৰি জনপ্ৰিয় তাৰকাসকলে অনুষ্ঠানটোৰ শুভা বঢ়ায়।

IIFA 2024ৰ দ্বিতীয় নিশাৰ অন্যতম প্ৰধান আকৰ্ষণ আছিল শ্বাহৰুখ খান, যিয়ে কেৱল অনুষ্ঠানটো হষ্ট (host) কৰাই নহয়, নিজৰ চিগনেচাৰ চাৰ্মেৰে উপস্থিত দৰ্শকসকলক দিছিল মনোৰঞ্জন। অভিনেতাগৰাকীয়ে বিকি কৌশল আৰু কৰণ জোহাৰৰ সৈতেও মঞ্চত “ঝুমে জো পাঠান” গীতটোৰ তালে তালে এটা মনমোহা নৃত্য প্ৰদৰ্শন কৰিছিল, যি দৰ্শকসকলৰ বাবে হৈ পৰিছিল মনোৰঞ্জনৰ এক অকল্পনীয় অনুভৱ ।

IIFA 2024 ৰ বঁটা প্ৰদান অনুষ্ঠানটোত বিজয়ীসকলৰ নাম ঘোষণাৰ লগে লগে সকলোৰে উত্তেজনা শীৰ্ষত উপনীত হৈছিল। তলত IIFA 2024 ৰ জনপ্ৰিয় শ্ৰেণী অনুসৰি বিজয়ীসকলৰ সম্পূৰ্ণ তালিকাখন উল্লেখ কৰা হৈছে:

শ্ৰেণী(Category) বিজয়ী(Winners)
শ্ৰেষ্ঠ ছবিভূষণ কুমাৰ, কৃষ্ণ কুমাৰ আৰু প্ৰণয় ৰেড্ডি ৱাংগাৰৰ “এনিমেল”
শ্ৰেষ্ঠ পৰিচালকবিধু বিনোদ চোপ্ৰা – “১২ ফেইল”
শ্ৰেষ্ঠ অভিনেত্ৰী (নাম ভূমিকাত)ৰাণী মুখাৰ্জী – “মিছেছ চেটাৰ্জী ভাৰ্চেছ নৰৱে”
শ্ৰেষ্ঠ অভিনেতা (নাম ভূমিকাত)শ্বাহৰুখ খান – “জোৱান”
সহায়ক ভূমিকাত শ্ৰেষ্ঠ অভিনেত্ৰীশ্বাবানা আজমী – “ৰকী অউৰ ৰাণী কী প্ৰেম কাহানী”
সহায়ক ভূমিকাত শ্ৰেষ্ঠ অভিনেতাঅনিল কাপুৰ – “এনিমেল”
ঋণাত্মক ভূমিকাত শ্ৰেষ্ঠ অভিনয়ববি দেউল – “এনিমেল”
শ্ৰেষ্ঠ সঙ্গীত পৰিচালনাপ্ৰীতম, বিশাল মিশ্ৰ, মনন ভৰদ্বাজ, শ্ৰেয়াস পুৰাণিক, জানী, ভূপিন্দৰ বাব্বল, আচিম কেমছন, হৰ্ষবর্ধন ৰমেশ্বৰ – “এনিমেল”
শ্ৰেষ্ঠ প্লেবেক গায়ক (পুৰুষ)ভূপিন্দৰ বাব্বল – “আৰ্জন ৱাইলী” – “এনিমেল”
শ্ৰেষ্ঠ প্লেবেক গায়িকা (মহিলা)শিল্পা ৰাও – “চলেয়া” – “জোৱান”

উল্লেখ্য যে, ২৭ ছেপ্টেম্বৰৰ পৰা আয়োজিত IIFA 2024 ৰ এই বৰ্ণাঢ্য কাৰ্যসূচীৰ তিনিদিনীয়া অনুষ্ঠানটো দক্ষিণৰ চলচ্চিত্ৰ উদ্যোগ – তামিল, তেলেগু, মালায়ালম আৰু কানাড়াৰ প্ৰতি উৎসৰ্গিত আছিল।

২৯ ছেপ্টেম্বৰ অৰ্থাৎ আজি IIFA ২০২৪ ৰ অন্তিমটো অনুষ্ঠান “আইফা ৰক্স” অনুষ্ঠিত হ’ব, য’ত উপস্থিতি থাকিব কেৱল নিমন্ত্ৰিত অতিথিসকল । মঞ্চত হ’নী সিং, শিল্পা ৰাও আৰু শংকৰ-এহছান-লয়ৰ দৰে শিল্পীসকলে দৰ্শকৰ বাবে নিজৰ সংগীতৰ লাইভ প্ৰদৰ্শন আগবঢ়াব।

Floods Landslides In Nepal: নেপালত বান আৰু ভূমিস্খলনত ৬৬ গৰাকীৰ মৃত্যু, আহত অৰ্ধশতাধিক

Floods Landslides In Nepal: নেপালত বান আৰু ভূমিস্খলনত ৬৬ গৰাকীৰ মৃত্যু, আহত অৰ্ধশতাধিক
Floods Landslides In Nepal: নেপালত বান আৰু ভূমিস্খলনত ৬৬ গৰাকীৰ মৃত্যু, আহত অৰ্ধশতাধিক

কাঠমাণ্ডু: নেপালত অব্যাহত থকা ধাৰাষাৰ বৰষুণৰ ফলত সৃষ্টি হোৱা বান আৰু ভূমিস্খলন(Floods Landslides In Nepal)ত দেশখনৰ পৰিস্থিতি অধিক জটিল হৈ পৰিছে। দেশখনৰ বিভিন্ন স্থানত হৈ থকা মুষলধাৰ বৰষুণৰ ফলত এতিয়ালৈকে ৬৬ গৰাকী লোকৰ মৃত্যু হৈছে আৰু ৬০ গৰাকী আহত হৈছে।

নেপালৰ চৰকাৰৰ বিষয়াই জানিবলৈ দিয়া অনুসৰি, দেশখনৰ বহু অঞ্চলত বৃহস্পতিবাৰৰ পৰাই অব্যাহত থকা বৰষুণৰ ফলত বান পৰিস্থিতি অধিক জটিল হৈ পৰাৰ ফলত আকস্মিক বানৰ সতৰ্কবাণী জাৰি কৰা হৈছে। নেপাল আৰক্ষীৰ উপ-মুখপাত্ৰ বিশ্ব অধিকাৰীয়ে সদৰী কৰিছে যে, ধাৰাসাৰ বৰষুণৰ ফলত কাঠমাণ্ডুৰ ১৬ গৰাকী লোককে ধৰি দেশখনত মুঠ ৭৯ গৰাকী লোক সন্ধানহীন হৈ আছে। উদ্ধাৰকাৰী দলে দেশখনৰ বানক্ষতিগ্ৰস্ত বিভিন্ন প্ৰান্তৰ পৰা হাজাৰৰো অধিক লোকক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।

আকস্মিক এই বানৰ ফলত দেশখনৰ ৪৪ টা স্থানত প্ৰধান ৰাষ্ট্ৰীয় পথ বন্ধ হৈ পৰিছে। ইপিনে, কাৰ্যনিৰ্বাহী প্ৰধানমন্ত্ৰী তথা নগৰ উন্নয়ন মন্ত্ৰী প্ৰকাশ মান সিঙে গৃহমন্ত্ৰী, গৃহ সচিব আৰু বিভিন্ন মন্ত্রণালয়ৰ লগতে নিৰাপত্তা সংস্থাৰ প্ৰধানৰ সৈতে এক জৰুৰি বৈঠক আহ্বান কৰি সকলো বৈঠকত মিলিত হৈছে। তেওঁ সন্ধান আৰু উদ্ধাৰ অভিযান ক্ষিপ্ৰ কৰি তুলিবৰ বাবে নিৰ্দেশ প্ৰদান কৰিছে্।

বানৰ ফলত বিদ্যুৎ সংযোগ বিঘ্নিত হোৱাৰ বাবে কাঠমাণ্ডুত শনিবাৰৰ সমগ্ৰ দিনটো ধৰি বিদ্যুৎ যোগান বন্ধ হৈ আছিল যদিও সন্ধিয়াৰ ভাগলৈ বিদ্যুৎ যোগান পুনৰ স্থাপিত কৰা হৈছে । আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি, কেৱল কাঠমাণ্ডুতে বহু বাসগৃহ বানৰ পানীত ডুব গৈ আছে আৰু এই সংকটকালীন পৰিস্থিতিত নেপাল আৰক্ষীৰ প্ৰায় তিনিহেজাৰ সুৰক্ষাকৰ্মী ক্ষতিগ্ৰস্ত অঞ্চলসমূহত তৎপৰতাৰে নিয়োজিত হৈছে ।

Dengue vaccine trial: ডেংগুৰ ভেকচিনৰ সফল পৰীক্ষণ: ভাৰতত শীঘ্ৰেই উপলব্ধ হ’ব ডেংগুৰ ভেকচিন

Dengue vaccine trial started in India
ডেংগুৰ ভেকচিনৰ সফল পৰীক্ষণ: ভাৰতত শীঘ্ৰেই উপলব্ধ হ'ব ডেংগুৰ ভেকচিন

নতুন দিল্লী: প্ৰতি বছৰে বাৰিষাৰ সময়চোৱাত ডেংগু ৰোগৰ ঘটনা অসমকে ধৰি সমগ্ৰ ভাৰতত অধিক পৰিমাণে বৃদ্ধি পোৱা পৰিলক্ষিত হয়। এই ৰোগত আক্ৰান্ত হৈ প্ৰতিবছৰে মৃত্যু ঘটে বহু লোকৰ । কিন্তু এতিয়া ডেংগুৰ পৰা পৰিত্ৰাণ পোৱাৰ ক্ষেত্ৰত আহিছে এটা সুখবৰ । ইতিমধ্যে ভাৰতত আৰম্ভ হৈছে ডেংগু ভেকচিনৰ মানৱ পৰীক্ষণ আৰু এই পৰীক্ষণ সফল হৈ উঠিলেই ৰক্ষা পৰিব ডেংগুত আক্ৰান্ত বহু ৰোগীৰ জীৱন(Dengue vaccine trial started in India) ।

পেনেছিয়া বায়’টেক আৰু ICMRৰ যৌথ প্ৰচেষ্টাত ডেংগুৰ এই ভেকচিনবিধ প্ৰস্তুত কৰা হৈছে। ইতিমধ্যে এই ভেকচিনৰ তৃতীয় পৰ্যায়ৰ ট্রায়েল মানৱ শৰীৰৰ ওপৰত আৰম্ভ কৰা হৈছে । দিল্লীৰ ৰাম মনোহৰ লোহিয়া (RML) হাস্পতালত এই মানৱ পৰীক্ষণৰ আৰম্ভণি কৰা হৈছে।

ডেংগু ভেকচিনৰ তৃতীয় পৰ্যায়ৰ পৰীক্ষণৰ আঁচনি

ডেংগু ভেকচিনৰ তৃতীয় পৰ্যায়ৰ মানৱ পৰীক্ষণৰ বাবে ভাৰতৰ ১৯ টাকৈ কেন্দ্ৰত ১০,০০০ৰো অধিক লোকক অংশগ্ৰহণ কৰোৱা হৈছে। প্ৰত্যেক কেন্দ্ৰত প্ৰায় ৫৪৫ গৰাকীক এই ভেকচিন প্ৰদান কৰা হ’ব । ইয়াৰে অন্যতম কেন্দ্ৰ হৈছে দিল্লীৰ ৰাম মনোহৰ লোহিয়া হাস্পতাল, য’ত স্বাস্থ্য মন্ত্ৰালয়ে এই ট্রায়েলৰ অনুমতি প্ৰদান কৰিছে। চিকিৎসালয়খনৰ কমিউনিটি মেডিচিন বিভাগৰ প্ৰধান চিকিৎস ডাঃ নীলম ৰয়ৰ নেতৃত্বত এটা চিকিৎসৰ দলক ডেংগু ভেকচিনৰ এই মানৱ পৰীক্ষণৰ দায়িত্ব প্ৰদান কৰা হৈছে।

ডাঃ নীলম ৰয়ে জানিবলৈ দিয়া অনুসৰি, তৃতীয় পৰ্যায়ৰ ট্রায়েলত প্ৰায় ৭০% লোক ১৮-৪৫ বছৰ বয়সৰ আৰু বাকী ৩০% লোক ৪৫ বছৰ ওপৰৰ বয়সৰ। এই ডেংগু ভেকচিনৰ ষ্ট্ৰেইন আমেৰিকাৰ এ আই এছ পৰা সংগ্ৰহ কৰি ইয়াৰ গুৰুত্বপূর্ণ পৰীক্ষণ আৰু বিশ্লেষণসমূহ ইতিমধ্যে সম্পূৰ্ণ কৰা হৈছে।

দুবছৰৰ পৰ্যবেক্ষণত থাকিব ট্রায়েলত অংশগ্ৰহণ কৰা লোকসকল

ডাঃ নীলমৰ মতে, যিসকলক এই ভেকচিন প্ৰদান কৰা হৈছে, তেওঁলোকক দুবছৰলৈ সম্পূৰ্ণ পৰ্যবেক্ষণত ৰখা হ’ব। এই ভেকচিনে ডেংগুৰ চাৰিটা মেজৰ ষ্ট্ৰেইনৰ ওপৰত কার্যক্ষমতা প্ৰমাণ কৰিছে, যাৰ বাবে ইয়াক ‘ডেংগু অল ভেকচিন’ নামেৰে নামাকৰণ কৰা হৈছে ।

ডেংগুৰ পৰা মুক্তিৰ আশা

যদি এই ভেকচিনবিধৰ মানৱ পৰীক্ষণ সফল হয়, তেন্তে দেশৰ সকলো প্ৰান্তৰ লোকক ইয়াক প্ৰদান আৰম্ভ হ’ব। ঠিক ক’ৰোনাৰ ভেকচিনৰ দৰে, এই ভেকচিনেও বহু লোকৰ জীৱন ৰক্ষা কৰিব।

Cotton University: কটন বিশ্ববিদ্যালয়ত অনুষ্ঠিত তৃতীয় বাৰ্ষিক ভাৰত-জাপান শিক্ষা সন্মিলন

গুৱাহাটী, ছেপ্টেম্বৰ ২৮ :( Cotton University) কটন বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত তৃতীয় বাৰ্ষিক ভাৰত-জাপান শিক্ষা সন্মিলন অনুষ্ঠিত হয়। অনুষ্ঠানটো ভাৰত-জাপান ব্যৱসায়িক পৰিষদ আৰু কটন বিশ্ববিদ্যালয়ৰ দক্ষতা বিকাশ কেন্দ্ৰৰ উদ্যোগ আৰু বিবেকানন্দ কেন্দ্ৰৰ সহযোগত অনুষ্ঠিত হয়। এই সন্মিলনখনৰ উদ্দেশ্য আছিল দুয়োখন ৰাষ্ট্ৰৰ মাজৰ শৈক্ষিক সম্বন্ধ সুদৃঢ় কৰা। অনুষ্ঠানটোত বিভিন্ন বিশ্ববিদ্যালয়, মহাবিদ্যালয়ৰ বহুতো ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। (3rd Annual India-Japan Education Conference)

এই শিক্ষা সন্মিলনখনৰ উদ্ধোধনী অনুষ্ঠানত মুখ্য অতিথি ৰূপে উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু আৰু সন্মানীয় অতিথি ৰূপে উপস্থিত থাকে ৰাজ্যিক শিক্ষা মন্ত্ৰী ড° ৰণোজ পেগু আৰু জাপানৰ ৰাষ্ট্ৰদূত সন্মানীয় জিৰ’ ক’দেৰা, ভাৰত-জাপান ব্যৱসায়িক পৰিষদৰ সভাপতি সিদ্ধাৰ্থ দেশমুখ আৰু কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ৰমেশ চন্দ্ৰ ডেকা।

অনুষ্ঠানটোৰ মুখ্য অতিথি তথা কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে তেওঁৰ ভাষণত জাপান ভ্ৰমণৰ কথা বৰ্ণনা কৰে। জাপানৰ জনসাধাৰণৰ চহকী সংস্কৃতি আৰু অনুশাসনৰ কথা উল্লেখ কৰে আৰু উপস্থিত ছাত্ৰ-ছাত্ৰীসকলক ইয়াৰ বিষয়ে শিকিবলৈ উৎসাহিত কৰে। আনহাতে অসমৰ শিক্ষামন্ত্ৰী ড° ৰানোজ পেগুৱে দুয়োখন দেশৰ বিশেষকৈ উত্তৰ-পূৰ্বাঞ্চলৰ লগত জাপানৰ সংস্কৃতি, খাদ্যাভ্যাস আৰু আতিথ্যৰ ক্ষেত্ৰত থকা সাদৃশ্যৰ কথা উল্লেখ কৰে।ভাৰত-জাপান ব্যৱসায়িক পৰিষদৰ সভাপতি সিদ্ধাৰ্থ দেশমুখে সন্মিলনখনৰ পাতনি মেলে আৰু কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ৰমেশ চন্দ্ৰ ডেকাই মুখ্য ভাষণ প্ৰদান কৰে। অনুষ্ঠানটোৰ উদ্বোধনী ভাষণ প্ৰদান কৰে দক্ষতা বিকাশ কেন্দ্ৰৰ সঞ্চালক ড° সংগীতা বৰঠাকুৰে। ড° বৰঠাকুৰে ভাৰত জাপানৰ সম্পৰ্ক সুদৃঢ় কৰাৰ ক্ষেত্ৰত দক্ষতা বিকাশ কেন্দ্ৰটোৱে লোৱা পদক্ষেপ কথা বৰ্ণনা কৰে আৰু এই সন্মিলনখন পঞ্চমটো পদক্ষেপ বুলি জানিব দিয়ে।

উদ্ধোধনী অনুষ্ঠানৰ পূৰ্বে, ভাৰত-জাপান ব্যৱসায়িক পৰিষদৰ উচ্চ শিক্ষা গৱেষণা সমিতিৰ অধ্যক্ষ সুধীৰ জয়ছৱালে ভাৰত-জাপান ব্যৱসায়িক পৰিষদ আৰু শিক্ষা সমিতিখনৰ চমু পৰিচয় দাঙি ধৰে। লগতে বিবেকানন্দ সাংস্কৃতিক কেন্দ্ৰৰ সংগঠক কুমাৰী সায়ন্তীয়ে অনুষ্ঠানটোত ভাষণ প্ৰদান কৰে।

উদ্ধোধনী অনুষ্ঠানৰ পিছত দিনটোৰ পৰৱৰ্তী কাৰ্যসূচীত আছিল উত্তৰ-পূব ভাৰতত জাপানী ভাষা আৰু শিক্ষাৰ ওপৰত আলোকপাত, জাপানত ভাৰতৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে শিক্ষা আৰু সংস্থাপন সুযোগ বিষয়ক আলোচনাচক্ৰ, আৰু বিভিন্ন জাপানী কাৰিকৰী দিশৰ প্ৰদৰ্শনী অনুষ্ঠান।

উচ্চ শিক্ষা, গৱেষণা, আৰু বৃত্তিমূলক শিক্ষাকে ধৰি বিভিন্ন শৈক্ষিক ক্ষেত্ৰত সহযোগিতা আৰু সুযোগ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা অনুষ্ঠানটোত অসমৰ বিভিন্ন বিশ্ববিদ্যালয়, মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰাৰ লগতে কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, অধ্যাপক আৰু বিষয়-ববীয়াসকলৰ লগতে অন্যান্য শিক্ষানুষ্ঠানৰ বহুকেইগৰাকী অধ্যাপক উপস্থিত থাকে।

Janata Bhawan:ভৱনস্থিত কাৰ্যালয়ত সভাকক্ষত বৈঠকত

Janata Bhawan:ভৱনস্থিত কাৰ্যালয়ত সভাকক্ষত বৈঠকত
Janata Bhawan:ভৱনস্থিত কাৰ্যালয়ত সভাকক্ষত বৈঠকত

Janata Bhawanগৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহলে আজি তেওঁৰ জনতা ভৱনস্থিত নিজ কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত এলানি বৈঠকত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ বিভিন্ন শাখা যেনে গুৱাহাটী জল ব’ৰ্ড, প্ৰধানমন্ত্ৰী আৱাস যোজনা (নগৰীয়া)আৰু গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ ইউনিফাইড পৰ্টেলৰ লগতে জলসিঞ্চন বিভাগৰ বিভিন্ন কাম-কাজৰ পৰ্যালোচনা কৰে৷

দৈনন্দিন বাৰ্তা প্ৰতিনিধি ২৮ ছেপ্টেম্বৰ

Janata Bhawanগুৱাহাটী জল ব’ৰ্ডৰ সৈতে হোৱা আলোচনাত মন্ত্ৰী সিংহলে জাইকা সাহায্যপ্ৰাপ্ত বৃহত্তৰ গুৱাহাটী পানী যোগান আঁচনিৰ গৃহ সংযোগ, সুৰক্ষা পৰীক্ষণ আদি কাম-কাজৰ শেহতীয়া স্থিতিৰ বুজ লয়। আনহাতে প্ৰধানমন্ত্ৰী আৱাস যোজনা (নগৰীয়া)ৰ বিষয়ববীয়াসকলৰ সৈতে হোৱা আলোচনাত ভাৰত চৰকাৰৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা (নগৰীয়া)২.০ৰ নীতি-নিৰ্দেশাৱলীৰ ওপৰত আলোকপাত কৰা হয়। মন্ত্ৰী সিংহলে জলসিঞ্চন বিভাগৰ সৈতেও এক সুকীয়া বৈঠকত মিলিত হৈ বিভাগটোৰ বিভিন্ন কাম-কাজৰ পৰ্যালোচনা কৰে। ডিজিটেল ৰূপান্তৰৰ ক্ৰমবৰ্ধমান প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি মন্ত্ৰী সিংহলে বিষয়াসকলক গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ ইউনিফাইড পৰ্টেল আৰু জলসিঞ্চন বিভাগৰ ইনো এপ্লিকেচনক অত্যাধুনিক মানলৈ উন্নীত কৰিবলৈ নিৰ্দেশ দিয়ে। এই পদক্ষেপে দুয়োটা বিভাগৰ কাম-কাজ সুশৃংখলিত কৰাৰ লগতে সৰ্বসাধাৰণ ৰাইজে ঘৰতে বহি বিভাগীয় চৰকাৰী সেৱাসমূহ লাভ কৰিব পাৰিব।আজিৰ পৰ্যালোচনা বৈঠকত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ আয়ুক্ত-সচিব কবিতা পদ্মনাভন; জলসিঞ্চন বিভাগৰ আয়ুক্ত-সচিব বীৰেন্দ্ৰ মিট্টাল; দুয়োটা বিভাগৰে সচিবৰ দায়িত্বত থকা পৱিত্ৰ ৰাম খাউণ্ডৰ লগতে অন্যান্য শীৰ্ষ বিষয়াসকলে অংশগ্ৰহণ কৰে।

অধিক খৱৰ পঢ়িবলৈ

অনুসূচিত জাতিৰ নামত সংঘটিত দুৰ্নীতিৰ তদন্ত কৰিবলৈ মুখ্যমন্ত্ৰীক স্মাৰক জংগী আন্দোলন হুংকাৰ অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ

Online Trading Scam:জেৰাৰ সন্মুখীন হৈ কি কয় অৱয়ব ভূঞাই আৰু হিমাশ্ৰী শইকীয়াই?

Online Trading Scam:জেৰাৰ সন্মুখীন অৱয়ব ভূঞাই আৰু হিমাশ্ৰী শইকীয়া
জেৰাৰ সন্মুখীন অৱয়ব ভূঞাই আৰু হিমাশ্ৰী শইকীয়া

ডিব্ৰুগড়, ২৮ ছেপ্টেম্বৰ : (Online Trading Scam)ট্ৰেডিং কেলেংকাৰীত অভিযুক্ত হৈ বিশাল ফুকন আৰু চুমী বৰা জেৰাৰ সন্মুখীন হৈ আছে ডিব্ৰুগড় আৰক্ষীৰ লগতে CIDৰ ৷ ইফালে চুমী বৰাৰ লগতে এই কেলংকাৰীত অভিযুক্তৰ সাক্ষাৎকাৰ লৈ বিপদত পৰিছে ইউটিউবাৰো ৷ শনিবাৰৰ পৰা ডিব্ৰুগড় সদৰ থানালৈ অহা-যোৱা আৰম্ভ হৈছে ইগৰাকীৰ পিছত সিগৰাকী ইউটিউবাৰ, পডকাষ্টাৰ ৷ জেৰাৰ সন্মুখীন হয় তিনি ইউটিউবাৰ ক্ৰমে অৱয়ব ভূঞা, হিমাশ্ৰী শইকীয়া আৰু চক্ৰপাণি পৰাশৰ ৷

জেৰাৰ সন্মুখীন হোৱাৰ পিছত অৱয়ব ভূঞাই কয়, ‘‘এটা ধাৰণা আৰম্ভ হৈছিল যে পডকাষ্ট কেৱল প্ৰম’শ্যনৰ বাবে কৰা হয় । চুমী বৰাক কেনেকৈ কিয় পডকাষ্ট কৰিবলৈ নিমন্ত্ৰণ কৰা হৈছিল সেই কথা জানিবলৈ আজি ইয়ালৈ মাতিছিল । আৰক্ষীয়ে সকলো কথা ৰেকৰ্ড কৰিছে । এতিয়াৰে পৰা পডকাষ্ট যে কেৱল প্ৰম’শ্যনৰ বাবে নহয় সেই কথা সকলোৱে জানিব বুলি ভাবিছো ৷ মোৰ লগত হোৱা পডকাষ্টত কেৱল চুমী বৰাৰ বিয়াৰ কথা আলোচনা কৰা হৈছিল । অনলাইন ট্ৰেডিঙৰ কথা আলোচনা কৰা হোৱা নাছিল ৷’’

আৰক্ষীৰ জেৰাৰ পাছতেই হিমাশ্ৰী শইকীয়াই কয়, ‘‘চুমী বৰাৰ লগত পডকাষ্ট কৰিছিলো ৷ সেই বিষযে সুধিছে । কেতিয়া পডকাষ্ট কৰিছা, কিমান সময় কৰিছিলা, কিবা ফাইনেন্সিয়েল কথা কৈছিল নেকি সেই বিষয়ে সুধিছিল । চুমী বৰাৰ সৈতে বহু আগৰে পৰাই যোগাযোগ কৰিছিলো । যিহেতু তেওঁ নাচে আৰু সাংস্কৃতিকভাৱে সক্ৰিয়, সেই সূত্ৰে বিয়াৰ পূৰ্বে পডকাষ্টলৈ মাতিছিলো । চুমী বৰাৰ জীৱনৰ কথাহে পাতিছিলো পডকাষ্টত ।’’

Assam Welfare Fund Corruption: অসম অনুসূচিত জাতি কল্যাণ সঞ্চালকালয়ত ১৪০ কোটি টকাৰ বৃহৎ কেলেংকাৰী !

গুৱাহাটী, ২৮ ছেপ্তেম্বৰ: কাৰ জেপত সোমাই অনুসূচিত জাতিৰ উন্নয়নৰ বাবে আৱণ্টিত ধন ? এই কথা এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে ৷ কিয়নো অনুসূচিত জাতিৰ বাবে আৱণ্টন দিয়া ধন কাৰ পকেটলৈ যায় সেই কথা অনুমান পোৱা গৈছিল এটা সংগঠনে শেহতীয়াকৈ সৰৱ হৈ থকা এক দুৰ্নীতিক লৈ(Assam Welfare Fund Corruption) ৷ অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদ নামৰ সংগঠনটোৱে শেহতীয়াকৈ অসম অনুসূচিত জাতি কল্যাণ সঞ্চালকালয়ত ১৪০ কোটি টকাৰ বিয়াগোম কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ আনিছে (Corruption in Welfare Funds)৷

ইতিমধ্যে সংগঠনটোৱে অনুসূচিত জাতি সঞ্চালকালয় ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, ৰাষ্ট্ৰীয় অনুসূচিত জাতি আয়োগ আৰু অসমৰ মুখ্যমন্ত্ৰীক অভিযোগ দাখিল কৰিছে ৷ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়(Prime Minister Office), ৰাষ্ট্ৰীয় অনুসূচিত জাতি আয়োগে অসমৰ মুখ্য সচিবক তদন্ত কৰি প্ৰতিবেদন ৰাজহুৱা কৰিবলৈ নিৰ্দেশ দিছিল যদিও বৰ্তমানলৈকে তদন্ত নাই কৰা বুলি অভিযোগ উত্থাপন কৰিছে অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদে ৷

শনিবাৰে সংগঠনটোৱে অসমৰ মুখ্যমন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান কৰি ১৪০ কোটি টকীয়া দুৰ্নীতিৰ তদন্ত এগৰাকী অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ নেতৃত্বত কৰিবলৈ দাবী উত্থাপন কৰিছে ৷ অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ সভাপতি সঞ্জীৱ দাস আৰু সাধাৰণ সম্পাদক লক্ষ্যজ্যোতি হাজৰিকাই দুৰ্নীতিৰ সঠিক তদন্ত নোহোৱাত তীব্ৰ ক্ষোভ ব্যক্ত কৰি কয় যে দ্বিতীয়বাৰৰ বাবে আমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা(Assam CM Himanta Biswa Sarma) আৰু সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ আয়ুক্ত সচিবক স্মাৰক পত্ৰ প্ৰদান কৰিছো ৷ শেষৰবাৰ ৰাজ্য চৰকাৰৰ মুৰব্বীক স্মাৰক পত্ৰ প্ৰদান কৰিছো ৷ যদি দুৰ্নীতিৰ তদন্ত কৰে কৰক ৷ অন্যথাই জংগী আন্দোলন কৰিবলৈ আমি সাজু হৈছো ৷

স্মাৰক পত্ৰযোগে সংগঠনটোৱে মুখ্যমন্ত্ৰীক কয় যে ৰাজ্য চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগ আৰু অনুসূচিত জাতি কল্যাণ সঞ্চালকালয়ে(Assam SC Welfare Department) ২০২২-২৩ বৰ্ষত আঁচনি যুগুত কৰি অনুসূচিত জাতিৰ হিতাধিকাৰীক একোটাকৈ টিভি, টিভি থবলৈ প্লাষ্টিকৰ চেবুল-চকী, প্লাষ্টিকৰ মগ, বাল্টি, প্লাষ্টিকৰ কণ্টেইনাৰ, গেছৰ চৌকা, প্ৰেচাৰ কুকাৰ দিয়াৰ ব্যৱস্থা কৰিছিল ৷ টিভি আৰু পাকঘৰৰ সামগ্ৰী প্ৰদানৰ নামত ১৪০ কোটি টকা আৱণ্টন দিয়া বুলি অৱগত ৷ ঠিকা লাভ কৰিছিল বিতৰ্কিত ঠিকাদাৰ নুপূৰ চাহাই ৷ কিন্তু সামগ্ৰী বিতৰণৰ নামত বৃহৎ অনিয়ম হোৱা প্ৰত্যক্ষ কৰি বিভিন্ন কৰ্তৃপক্ষক অৱগত কৰিছিলো ৷ কিন্তু আজিলৈ উচ্চ পৰ্যায়ৰ তদন্ত কৰা নহ’ল ৷ হিতাধিকাৰীক দিয়া প্লাষ্টিকৰ চকীসমূহ ইমানে পাতল যে মানুহে বহিবই নোৱাৰে ৷ টেবুলখনৰো অৱস্থা একেই ৷ পাকঘৰৰ সামগ্ৰীসমূহ যেনে প্লাষ্টিকৰ মগ, বাল্টি, প্লাষ্টিকৰ কণ্টেইনাৰ, গেছৰ চৌকা, প্ৰেচাৰ কুকাৰ আদি প্ৰদান কৰা হৈছে ৷ টিভিসমূহো ব্ৰেণ্ডেড নহয় আৰু অত্যন্ত কম দামৰ ৷ বজাৰত ৬০০ টকাত লাভ কৰা প্ৰেচাৰ কুকাৰ কিনি ২৭০০ টকা দেখুৱাইছে ৷ ২৩ হাজাৰ টকীয়া টিভি ৫৯ হাজাৰ টকাত কিনা দেখুওৱা হৈছে ৷ এই সামগ্ৰীসমূহ নিম্ন মানদণ্ডৰ আৰু ব্যৱহাৰৰ অনুপযোগী ৷

মুখ্যমন্ত্ৰীক স্পষ্ট কৰি কয় যে, এই দুৰ্নীতিত জড়িত সঞ্চালিকা কুলশ্ৰী নাথ, সুবৰ্ণময় দেৱ আৰু প্ৰকল্প বিষয়া লিটন মিত্ৰ৷ অনুসূচিত জাতি কল্যাণ সঞ্চালকালয়ৰ কাৰ্যালয়টোৰ ত্ৰিমূৰ্তি কুলশ্ৰী নাথ, ষ্টেনোগ্রাফাৰ সুবৰ্ণময় দেৱ আৰু প্ৰকল্প বিষয়া লিটন মিত্ৰৰ বিৰুদ্ধে তদন্ত কৰক ৷ অনুসূচিত জাতি কল্যাণ সঞ্চালকালয় আৰু সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগত সংঘটিত এই দুৰ্নীতিৰ তদন্ত কৰিবলৈ অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ নেতৃত্বত তদন্ত সমিতি গঠন কৰক৷ সুবৰ্ণময় দেৱ নামৰ ষ্টেনোগ্রাফাৰজন প্ৰায় ৫০ কোটি টকাৰ সম্পত্তিৰ গৰাকী ৷ নিবিদাৰ নিয়ন্ত্ৰণ আৰু ঠিকাদাৰ তেওঁৰ হাতত৷ সুবৰ্ণময় দেৱৰ বিৰুদ্ধে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা, আয়কৰ বিভাগ আৰু অসমৰ চিআইডিৰ দ্বাৰা তদন্ত কৰা হওক ৷ প্ৰায় ৫০ হাজাৰ টকা দৰমহা পোৱা এজন লোকে কেইটামান বছৰৰ ভিতৰত ইমান সম্পত্তি গঢ়িলে কেনেকৈ ? আয়তকৈ তেওঁৰ সম্পত্তি অধিক ৷ সেয়েহে আয় বহিৰ্ভূত সম্পত্তিৰ তদন্ত কৰিবলৈ মুখ্যমন্ত্ৰীৰ অধীনত থকা সংস্থাক নিৰ্দেশ দিবলৈ আহ্বান জনাই অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদে ৷

লগতে অনুসূচিত জাতি কল্যাণ সঞ্চালকালয়ত ষ্টেনোগ্রাফাৰ পদৰ প্ৰয়োজনীয়তা নাই বুলি উল্লেখ কৰি সুবৰ্ণময় দেৱক শীঘ্ৰে ডেপুটেচনত অন্য কাৰ্যালয়লৈ বদলি কৰাৰ দাবী জনায় সংগঠনটোৱে ৷ লগতে অনুসূচিত জাতি কল্যাণ সঞ্চালকালয়ৰ কাৰ্যালয়ৰ অৰ্থনৈতিক পৰিসংখ্যা বিভাগৰ কৰ্মচাৰী লিটন মিত্ৰক শীঘ্ৰে নিজৰ বিভাগলৈ বদলি কৰিবলৈ মুখ্যমন্ত্ৰীক পুনৰবাৰ আহ্বান জনালে সংগঠনটোৱে ৷

লগতে পঢ়ক: গুৱাহাটী পৌৰ নিগমৰ পাঁচ নম্বৰ সংমণ্ডলৰ দুই অৱসৰী কৰ্মচাৰীক বিদায় সম্বৰ্দ্ধনা

us presidential election 2024: নৱেম্বৰত অনুষ্ঠিত হ’ব আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচন! নিৰ্বাচনত প্ৰবাসী ভাৰতীয়ই ল’ব গুৰুত্বপূৰ্ণ ভূমিকা

us presidential election 2024: আমেৰিকা ৰাষ্ট্ৰপতি নিৰ্বাচন
us presidential election 2024: আমেৰিকা ৰাষ্ট্ৰপতি নিৰ্বাচন

আগন্তুক আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰবাসী ভাৰতীয়সকলে উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰাৰ সম্ভাৱনা আছে। আমেৰিকাত ভাৰতীয় মূলৰ প্ৰায় ৫০ লাখ লোক বাস কৰাৰ বাবে নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰপতি নিৰ্বাচনত এইসকল ভোটাৰে এক প্ৰকাৰে নিৰ্ণায়ক ভূমিকা পালন কৰিব পাৰে।(us presidential election 2024)

‘‘প্ৰবাসী ভাৰতীয়সকল আমেৰিকাত এটা ক্ৰমবৰ্ধমান আৰু প্ৰভাৱশালী সম্প্ৰদায় ৷ যদিও তেওঁলোকৰ ভোটাৰৰ সামগ্ৰিক অংশ এতিয়াও তুলনামূলকভাৱে কম, বিশেষকৈ টেক্সাছ, জৰ্জিয়া, পেনচিলভেনিয়াৰ দৰে গুৰুত্বপূৰ্ণ ৰাজ্যসমূহত
তেওঁলোক এক উল্লেখযোগ্য ভোটাৰৰ গোটত পৰিণত হৈছে।’’ ফেডাৰেচন অৱ ইণ্ডিয়ান এছ’চিয়েশ্যনৰ সভাপতি অবিনাশ গুপ্তাই এএনআইক জনায় এই কথা।(donald trump)

ভাৰতীয় ভোটাৰৰ তাৎপৰ্যৰ ওপৰত আলোকপাত কৰি গুপ্তাই কয় যে তেওঁলোকৰ ভোটদানৰ পছন্দই ২০২৪ চনৰ ৫ নৱেম্বৰ মঙলবাৰে অনুষ্ঠিত হ’বলগীয়া তীব্ৰ প্ৰতিদ্বন্দ্বিতামূলক নিৰ্বাচনত পৰিৱৰ্তন আনিব পাৰে, যিটো ৬০
সংখ্যক চতুৰ্থ বাৰ্ষিক আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচন ।গুপ্তাই কয় যে প্ৰবাসী ভাৰতীয় সমাজে কেইবাটাও মূল বিষয়ৰ সৈতে যুঁজি আছে, বিশেষকৈ অনুপ্ৰৱেশ নীতিৰ সৈতে জড়িত বিষয়সমূহৰ সৈতে প্ৰবাসী ভাৰতীয়সকলৰ বাবে কিছুমান মূল বিষয় হৈছে অনুপ্ৰৱেশ নীতি।(joe biden)

বহুতেই অনুপ্ৰৱেশকাৰী বা অনুপ্ৰৱেশৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক থকাটো লক্ষ্য কৰিলে পৰিয়াল পুনৰ একত্ৰীকৰণ,
গ্ৰীণ কাৰ্ড বেকলগ, আৰু এইচ ১-বি ভিছা সংস্কাৰৰ সৈতে জড়িত নীতিসমূহ প্ৰায়ে প্ৰাথমিক চিন্তাৰ বিষয়। ‘‘লগতে, আমি অবৈধ অনুপ্ৰৱেশক সমৰ্থন নকৰো, যিটো বৰ্তমানৰ প্ৰশাসনৰ অধীনত দক্ষিণ আৰু উত্তৰ দুয়োটা সীমান্তৰ পৰা ঘটি আছে। ইয়াৰ ফলত বহুত অৰ্থনৈতিক বোজা পৰে আৰু অপৰাধৰ হাৰ বৃদ্ধি পায় কাৰণ ইয়াৰ পৰীক্ষা কৰা নহয় আৰু আমি নাজানো কোনে সোমাই আহিছে। এইবোৰ কাৰাগাৰ বা মানসিক আশ্ৰয় শিবিৰৰ পৰা হ’ব পাৰে ।’’ গুপ্তাই কয় ।তেওঁ আৰু কয়, “স্বাস্থ্যসেৱা, যিহেতু বহু ভাৰতীয় আমেৰিকান স্বাস্থ্যসেৱাৰ পেছাদাৰী, সুলভ স্বাস্থ্যসেৱা আৰু
চিকিৎসা পেছাদাৰীসকলৰ বাবে উন্নত কৰ্ম পৰিস্থিতি মূল বিষয়।(kamala harris)

মই নিজেই এজন চিকিৎসক হোৱাৰ বাবে আমাৰ ৰিএম্বাৰ্ছমেণ্ট কমি যোৱা দেখিছো আৰু আমাৰ প্ৰেকটিছ চলাবলৈ অ’ভাৰ হেড যথেষ্ট বৃদ্ধি পাইছে। ৰিপাব্লিকানসকলেও কম কৰ দিয়াৰ পক্ষত আছে। আনহাতে ডেম’ক্ৰেটসকলে
ধনীসকলৰ ওপৰত কৰ আৰোপ কৰে আৰু দুখীয়াৰ ওপৰত খৰচ কৰে।’’অৰ্থনৈতিক বিষয়ত গুপ্তাই কয়, অৰ্থনৈতিক বৃদ্ধি, ক্ষুদ্ৰ ব্যৱসায়ৰ মালিকীস্বত্ব আৰু উদ্যোগীকৰণক সমৰ্থন কৰা নীতিসমূহে প্ৰব্ৰজনকাৰীসকলৰ মাজত ভালদৰে অনুৰণন ঘটায়, যাৰ বহুতেই ব্যৱসায়ৰ মালিক। মধ্যপ্ৰাচ্য আৰু ইউৰোপৰ যুদ্ধই যথেষ্ট পৰিমাণে মুদ্ৰাস্ফীতিৰ সৃষ্টি কৰিছে আৰু মধ্যবিত্তীয় লোকসকলে গেলামালৰ বস্তু হওক, গেছ হওক বা চিকিৎসা সেৱাৰ দৰে অত্যাৱশ্যকীয় সামগ্ৰী হওক, জীৱন নিৰ্বাহ কৰাত অসুবিধা হৈছে।

গুপ্তাই দৃঢ়তাৰে কয় যে আমেৰিকা-ভাৰতৰ সম্পৰ্ক আৰু আমেৰিকা আৰু ভাৰতৰ মাজত শক্তিশালী কূটনৈতিক আৰু বাণিজ্যিক সম্পৰ্ক ব্যক্তিগত আৰু পেছাদাৰী দুয়োটা কাৰণতে গুৰুত্বপূৰ্ণ। ভাৰতীয় আমেৰিকানসকলে বৰ্ণ ন্যায়, ধৰ্মীয় স্বাধীনতা আৰু এলজিবিটিকিউূ অধিকাৰৰ দৰে বিষয়সমূহৰ ওপৰত বৈচিত্ৰ্যপূৰ্ণ দৃষ্টিভংগী ৰাখে, নৱ প্ৰজন্মই অধিক উদাৰ
আৰু বয়সস্থ প্ৰজন্ম কিছু অধিক ৰক্ষণশীল হয়। বিশেষকৈ আমাৰ প্ৰজন্মই পৰিয়ালৰ মূল্যবোধৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু সেই কাৰণেই ৰিপাব্লিকানসকলক ভাল পায়। গুপ্তাই ক’লে ৰিপাব্লিকান আৰু ডেম’ক্ৰেট দুয়োটা ডাঙৰ দলে আমেৰিকাৰ ৰাজনীতিত সম্প্ৰদায়টোৰ ক্ৰমবৰ্ধমান প্ৰভাৱক স্বীকাৰ কৰি ভাৰতীয়-আমেৰিকান ভোটৰ সৈতে সক্ৰিয়ভাৱে প্ৰেমৰ সম্পৰ্ক গঢ়ি তুলিছে।

সম্প্ৰদায়টোৰ প্ৰভাৱ কেৱল সংখ্যাৰ বাহিৰেও বিস্তৃত, কিয়নো তেওঁলোক দুয়োটা প্ৰধান দলৰ বাবেও উল্লেখযোগ্য আৰ্থিক অৱদানকাৰী। ফ্ল’ৰিডা, জৰ্জিয়া, এৰিজোনা, ভাৰ্জিনিয়া, নিউ জাৰ্চি আৰু পেনচিলভেনিয়াত ভাৰতীয়-আমেৰিকান জনসংখ্যা যথেষ্ট, যাৰ বাবে ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ফলাফল নিৰ্ণয় কৰাত তেওঁলোক অতি গুৰুত্বপূৰ্ণ। কংগ্ৰেছ আৰু ৰাজ্যৰ গৱৰ্ণৰ পদত ভাৰতীয়-আমেৰিকান নেতাৰ সংখ্যা বৃদ্ধি পোৱাতো এই সম্প্ৰদায়ৰ প্ৰভাৱ স্পষ্ট হৈ পৰিছে।গুপ্তাই
কয় যে শেহতীয়া নিৰ্বাচনত প্ৰবাসী ভাৰতীয়ই ডেম’ক্ৰেটৰ প্ৰতি হেলান দিয়াৰ প্ৰৱণতা দেখা যায়। ২০২০ চনত প্ৰায় ৭৪ শতাংশ ভাৰতীয় আমেৰিকান লোকে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনক ভোট দিছিল, ইয়াৰ কাৰণ আংশিকভাৱে ৰিপাব্লিকান দলৰ প্ৰাৰ্থী ড’নাল্ড ট্ৰাম্পৰ অনুপ্ৰৱেশ সম্পৰ্কীয় স্থিতিৰ অসন্মতি আৰু বৰ্ণ সমতাৰ বিষয়সমূহৰ প্ৰতি অনুভূত উদাসীনতা।

ডেম’ক্ৰেট প্ৰাৰ্থী কমলা হেৰিছক লৈ প্ৰব্ৰজনকাৰীৰ মতামত সন্দৰ্ভত গুপ্তাই কয়, গুquotজ্বআমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি
হিচাপে কাৰ্যনিৰ্বাহ কৰা ভাৰতীয় বংশৰ প্ৰথমজন ব্যক্তি হিচাপে কমলা হেৰিছে ভাৰতীয় আমেৰিকান সম্প্ৰদায়ৰ বহুতৰে বাবে এক বিশেষ আবেদন বহন কৰিছে। ডেমগুক্ন৩৯জ্বক্ৰেটিক দলৰ টিকটত তেওঁৰ উপস্থিতিয়ে প্ৰতিনিধিত্বৰ প্ৰতীক আৰু স্বীকৃতি। অৱশ্যে এফ আই এৰ সভাপতিয়ে কয় যে ভাৰতীয় আমেৰিকান সম্প্ৰদায়ৰ ভিতৰত ট্ৰাম্পৰ সমৰ্থক আছে, বিশেষকৈ যিসকল অধিক ৰক্ষণশীল বা ব্যৱসায়মুখী ।‘‘অভিবাসনৰ ক্ষেত্ৰত তেওঁৰ কঠোৰ স্থিতি আৰু তেওঁৰ বাক্যবাণৰ
অনুভূত বিভাজনে হয়তো বহুতকে বিচ্ছিন্ন কৰি তুলিব পাৰে । অৱশ্যে ভাৰতীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে তেওঁৰ শক্তিশালী সম্পৰ্কৰ একাংশ ভাৰতীয় আমেৰিকান লোকে শলাগ লয়, আৰু চীনৰ ওপৰত তেওঁৰ কঠোৰ স্থিতিক একাংশই অনুকূলভাৱে লয়।

অৰ্থনৈতিক আৰু বৈদেশিক নীতিৰ কাৰণে সম্প্ৰদায়ৰ এটা অংশক ট্ৰাম্পে এতিয়াও আকৰ্ষণ কৰিব পাৰে ।’’ গুপ্তাই কয় ।ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শেহতীয়াকৈ গণতন্ত্ৰৰ গুৰুত্ব আৰু প্ৰব্ৰজনকাৰীৰ শক্তিৰ ওপৰত
আলোকপাত কৰি আমেৰিকাত ভাৰতীয় সম্প্ৰদায়ক একত্ৰিত কৰিছে। আগন্তুক ৰাষ্ট্ৰপতি নিৰ্বাচনত কমলা হেৰিছ আৰু ড’নাল্ড ট্ৰাম্পক সমৰ্থন কৰাৰ মাজত বিচ্ছিন্ন হৈ পৰিছে আমেৰিকাত প্ৰবাসী ভাৰতীয়। গুপ্তাৰ মতে, সম্প্ৰদায়টো বিভক্ত, কিছুমানে হেৰিছৰ পূৰ্বৰ চাৰি বছৰৰ ক্ষমতাৰ কাৰ্যকৰীতাক লৈ প্ৰশ্ন উত্থাপন কৰিছে ।গুquotজ্বপ্ৰবাসী ভাৰতীয় কমলা হেৰিছ আৰু ডনাল্ড ট্ৰাম্পৰ মাজত বিভক্ত। প্ৰশ্নটো হ’ল, যদি তেওঁ যোৱা চাৰি বছৰে ক্ষমতাত আছিল, তেন্তে তেওঁ যি কাম কৰিবলৈ প্ৰতিশ্ৰুতি দিছে, সেইবোৰৰ কোনো এটা কামেই কিয় কৰা নাছিল ঞ্জ আনহাতে, মই ব্যক্তিগতভাৱে
অনুভৱ কৰোঁ, যদি ট্ৰাম্প নিৰ্বাচিত হয়, তেন্তে যুদ্ধৰ অন্ত পৰিব, কোনো নতুন যুদ্ধ নহ’ব, মুদ্ৰাস্ফীতি লাঘৱ হ’ব, চাকৰিৰ পৰিস্থিতি আৰু অৰ্থনীতিৰ উন্নতি হ’ব আৰু সীমান্ত সুৰক্ষিত হ’ব ।’’


গুপ্তাই কয় ।ইফালে, আমেৰিকান ইণ্ডিয়া পাব্লিক এফেয়াৰ্ছ কমিটীৰ সভাপতি জগদীশ ছেৱানীয়ে এএনআইক জনাইছে যে ভাৰতীয় আমেৰিকান সম্প্ৰদায় শক্তিশালী আৰু ইয়াত আমেৰিকাত তেওঁলোকৰ ৰাজনৈতিক ক্ষমতা বৃদ্ধি পাইছে।এই নিৰ্বাচন তীব্ৰ প্ৰতিদ্বন্দিতাপূৰ্ণ নিৰ্বাচন আৰু কেইহাজাৰমান ভোটেহে নিৰ্ণয় কৰিব যে আমেৰিকাৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি কোন হ’ব । পেনচিলভেনিয়া, জৰ্জিয়া, নেভাদা, মিচিগানৰ দৰে যুদ্ধক্ষেত্ৰৰ ৰাজ্যসমূহত ভাৰতীয় জনসংখ্যা
যথেষ্ট, গতিকে তাত ই ভোট নিৰ্ণায়ক হগুক্ন৩৯জ্বব আৰু নিৰ্বাচনৰ মূল কাৰক হ’ব ।’’ সেৱানীয়ে কয় ।সেৱানীয়ে আৰু দৃঢ়তাৰে কয় যে ভাৰতীয় আমেৰিকানসকলৰ বাবে মূল বিষয় হ’ব অনুপ্ৰৱেশ । ইণ্ডিয়ান আমেৰিকানৰ বাবে অৱশ্যেই প্ৰধান বিষয়টো হৈছে অনুপ্ৰৱেশ আৰু তেওঁলোকে প্ৰব্ৰজন সমৰ্থক দলটোক সমৰ্থন কৰিব । আন এটা ডাঙৰ বিষয় হৈছে দুখন দেশৰ অৰ্থনীতি আৰু দ্বিপাক্ষিক সম্পৰ্ক। আমেৰিকাত ভাৰতীয় আমেৰিকান প্ৰব্ৰজনকাৰীয়ে অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। আগন্তুক ৰাষ্ট্ৰপতি নিৰ্বাচনৰ সন্দৰ্ভত সেৱানীয়ে কয়, গুquotজ্বহেৰিছ বা ট্ৰাম্পক ভোট দিয়াৰ কথা ক’বলৈ গ’লে মই কম ভাৰতীয় আমেৰিকান প্ৰব্ৰজনকাৰীসকল বিভক্ত।

এটা সময় আছিল যেতিয়া ভাৰতীয় আমেৰিকানসকলৰ সংখ্যাগৰিষ্ঠই ডেমগুক্ন৩৯জ্বক্ৰেটিক পাৰ্টিক ভোট দিছিল ৷ ক’ব পাৰি যে ই এতিয়ালৈকে হোৱা আটাইতকৈ কঠিন আৰু ঘনিষ্ঠ নিৰ্বাচন তথা ভাৰতীয় আমেৰিকান ভোটাৰসকল
২০২৪ চনৰ নিৰ্বাচনত মূল নিৰ্ণায়ক কাৰক হ’ব। ভাৰতীয় আমেৰিকান সম্প্ৰদায়ৰ নেতা, বিহাৰ ফাউণ্ডেশ্যন ইউ এছ এ (ইষ্ট ক’ষ্ট)ৰ অধ্যক্ষ আলোক কুমাৰে এ এন আইক জনোৱা মতে, উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছে কৃষ্ণাংগ আৰু ভাৰতীয়-আমেৰিকান দুয়োটা সম্প্ৰদায়কে প্ৰতিনিধিত্ব কৰি প্ৰথম মহিলা সভানেত্ৰী হিচাপে ইতিহাস ৰচনা কৰাৰ সম্ভাৱনা কঢ়িয়াই আনে।

World Heart Day 2024: “হৃদযন্ত্ৰৰ ৰোগৰ বাবে প্ৰতি বছৰে ১৭.৯ নিযুত ব্যক্তিৰ মৃত্যু হয়”: বিশ্ব স্বাস্থ্য সংস্থা

বিশ্ব হৃদৰোগ দিৱস
বিশ্ব হৃদৰোগ দিৱস

গুৱাহাটী, ২৮ ছেপ্টেম্বৰ: ২০২৪:১৯৮৭ চনত প্ৰতিষ্ঠা হোৱাৰ পৰা অত্যাধুনিক স্বাস্থ্যসেৱা সেৱাৰ বাবে বিখ্যাত উত্তৰ-পূব ভাৰতৰ প্ৰথমখন ছুপাৰ স্পেচিয়েলিটি হাস্পতাল জিএনআৰচিয়ে অঞ্চলটোৰ হৃদস্বাস্থ্য উন্নত কৰাৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছে।(World Heart Day 2024)

২০২৪ চনৰ বিশ্ব হৃদযন্ত্ৰ দিৱস উপলক্ষে জিএনআৰচি হাৰ্ট ইনষ্টিটিউটে ২৬ বছৰীয়া অভিজ্ঞতাৰ সৈতে হৃদৰোগ, ইয়াৰ লক্ষণ, প্ৰতিৰোধ কৌশলৰ বিষয়ে জনসাধাৰণৰ সজাগতা বৃদ্ধিৰ লক্ষ্যৰে এক ধাৰাবাহিক পদক্ষেপ আৰম্ভ কৰিছে।
১৯৯৮ চনত প্ৰতিষ্ঠা হোৱা আৰু অসমৰ প্ৰাক্তন ৰাজ্যপাল প্ৰয়াত ডাঃ এছ. কে. সিনহাৰ দ্ৱাৰা উদ্ধোধিত, জিএনআৰচি হাৰ্ট ইনষ্টিটিউট সমগ্ৰ উত্তৰ-পূব ভাৰতত হৃদযন্ত্ৰৰ যত্ন প্ৰদানৰ ক্ষেত্ৰত আগৰণুৱা হৈ আহিছে।(GNRC)

এইবাৰ বিশ্ব হৃদৰোগ দিৱস উপলক্ষে জিএনআৰচি হাস্পতালে হৃদস্বাস্থ্যৰ বিভিন্ন দিশৰ প্ৰতি জনসাধাৰণক সচেতন কৰাৰ বাবে এমাহজোৰা অভিযানৰ নেতৃত্ব দিছে। এই অভিযানৰ অংশ হিচাপে জিএনআৰচিয়ে সমগ্ৰ অঞ্চলটোৰ বিশিষ্ট প্ৰতিষ্ঠান আৰু সংস্থাসমূহৰ সহযোগত ধাৰাবাহিকভাৱে হৃদৰোগ স্বাস্থ্য পৰীক্ষা শিবিৰৰ আয়োজন কৰিছে। মুঠ ১২টা এনে শিবিৰৰ আয়োজন কৰা হৈছিল য’ত ২,৩২০ জন লোকে এই সেৱা গ্ৰহণ কৰিছিল।

এই শিবিৰসমূহে হৃদৰোগৰ আগতীয়া নিৰ্ণয় আৰু প্ৰতিৰোধৰ গুৰুত্বৰ বিষয়ে সাধাৰণ জনতাক সচেতন কৰি তোলাত যথেষ্ট সহায় কৰিছে। ইয়াৰ উপৰিও জিএনআৰচি হাস্পতালে মাত্ৰ ২৫৯৯ টকাত এক বিশেষ পেকেজ আজিৰ পৰা আৰম্ভ কৰিছে। এই পেকেজে সৰ্বসাধাৰণ ৰাইজক হৃদৰোগৰ সময়মতে উচিত চিকিৎসা পোৱাত সহায় কৰিব।
জিএনআৰচি দিছপুৰত আজি অনুষ্ঠিত এক সংবাদমেলত হৃদৰোগ বিভাগৰ সঞ্চালক ডাঃ অনুপ কুমাৰ বড়োৰ লগতে জ্যেষ্ঠ পৰামৰ্শদাতা ডাঃ হবিবৰ ৰহমান, হৃদৰোগ বিশেষজ্ঞ ডাঃ শিল্পী লাহোটী, আৰু ডাঃ চন্দ্ৰ প্ৰকাশ ঠাকুৰ আৰু ডাঃ জয়ন্ত কুমাৰ গগৈয়ে, উত্তৰ-পূব ভাৰতত হৃদৰোগৰ স্বাস্থ্যৰ প্ৰসাৰৰ বাবে চিকিৎসালয়খনৰ অব্যাহত থকা প্ৰচেষ্টা সন্দৰ্ভত সংবাদ মাধ্যমক সম্বোধন কৰে।


ডাঃ ৰহমানে আৰু কয় যে, “ভাৰতত হৃদৰোগ মৃত্যুৰ অন্যতম কাৰণ। আমাৰ এমাহজোৰা পদক্ষেপৰ লক্ষ্য হৈছে সজাগতা সৃষ্টি কৰা, জনসাধাৰণক কেতিয়াও আওকাণ কৰিব নোৱাৰা লক্ষণসমূহৰ বিষয়ে সজাগ কৰা, আৰু নিয়মীয়া স্ৱাস্থ্য় পৰীক্ষা আৰু সঠিক জীৱন যাপনেৰে প্ৰতিৰোধমূলক যত্নক উৎসাহিত কৰা।”(Heart disease is one of the leading causes of death in India)


এই অনুষ্ঠানটোৱে সোনকালে ধৰা পেলোৱা আৰু চিকিৎসাৰ গুৰুত্বৰ ওপৰতো আলোকপাত কৰে, কিয়নো জিএনআৰচি হাস্পতালে নিজৰ ব্যতিক্ৰমী যত্ন আৰু বিশ্বমানৰ বিশেষজ্ঞতাৰে সেৱা আগবঢ়াই আহিছে । এই চলি থকা প্ৰচেষ্টাসমূহৰ জৰিয়তে জিএনআৰচি হাস্পতালে অঞ্চলটোৰ জনসাধাৰণক গুণগত স্বাস্থ্যসেৱা প্ৰদান আৰু সমগ্ৰ উত্তৰ-পূব ভাৰতত হৃদৰোগৰ স্বাস্থ্যৰ ফলাফল উন্নত কৰাৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰিছে।


আমি সংবাদ মাধ্যম আৰু জনসাধাৰণক এই গুৰুত্বপূৰ্ণ পদক্ষেপসমূহত জিএনআৰচি চিকিৎসালয়সমূহৰ সৈতে যোগদান কৰি সমাজৰ সকলো শ্ৰেণীৰ লোকলৈ সজাগতা আগবঢ়াই নিবলৈ আমন্ত্ৰণ জনাইছো।