Home Blog Page 555

India to set Space Station: ২০৩৫ চনৰ ভিতৰত মহাকাশত নিজাকৈ মহাকাশ কেন্দ্ৰ স্থাপন কৰিব ভাৰতে

India to set Space Station: মহাকাশ কেন্দ্ৰ স্থাপন কৰিব ভাৰতে
India to set Space Station: মহাকাশ কেন্দ্ৰ স্থাপন কৰিব ভাৰতে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে মুকলি কৰে ৩ টা পৰম ৰুদ্ৰ ছুপাৰ কম্পিউটাৰ। ইয়াৰ লগতে মোদীয়ে জলবায়ু গৱেষণাৰ বাবে উচ্চ পৰ্যায়ৰ কম্পিউটিং ব্যৱস্থাও মুকলি কৰে। থলুৱা প্ৰযুক্তিৰ ওপৰত নিৰ্মিত এই ছুপাৰ কম্পিউটাৰ ভাৰতৰ ৰাষ্ট্ৰীয় ছুপাৰ কম্পিউটিং অভিযান (এন এছ এম)ৰ অধীনত প্ৰস্তুত কৰা হৈছে। এই উপলক্ষে মোদীয়ে কয় যে
দেশৰ দৃষ্টিশক্তি বৃহৎ হ’লেহে সাফল্য লাভ কৰিব পাৰি৷(India to set Space Station)

প্ৰযুক্তিৰ উন্নীতকৰণৰ লক্ষ্য হ’ব লাগে দৰিদ্ৰ লোকসকলক সবলীকৰণ কৰা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰৰ সন্ধিয়া ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে এই ৩ টা ছুপাৰ কম্পিউটাৰ দেশবাসীৰ বাবে উৎসৰ্গা কৰে। থলুৱা প্ৰযুক্তিৰে নিৰ্মিত এই কম্পিউটাৰ পুনে, দিল্লী আৰু কলকাতাত গৱেষণাৰ বাবে উপযোগী হ’ব। এই সন্দৰ্ভত মোদীয়ে কয়, প্ৰযুক্তিৰ বিকাশৰ লক্ষ্য দৰিদ্ৰ লোকৰ সবলীকৰণ হোৱা উচিত। আজি ভাৰতত সৃষ্টি হোৱা সম্ভাৱনাই দেশত নতুন সুযোগৰ সৃষ্টি কৰিছে। (narendra modi)

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে তেওঁৰ চৰকাৰে প্ৰযুক্তি গৱেষণাই যাতে সাধাৰণ জনতাক উপকৃত কৰিব পাৰে তাৰ বাবে কাম কৰি আছে। নতুন প্ৰযুক্তিয়ে অনাগত দিনত ভাৰতক আন এক নতুন পৰিচয় দিব। ইয়াৰ দ্বাৰা অভূতপূৰ্ব পৰিৱৰ্তন
আহিব আৰু আই টি খণ্ড, উদ্যোগ, এম এছ এম ই আৰু ষ্টাৰ্টআপত নতুন সুযোগৰ সৃষ্টি হ’ব। মোদীয়ে লগতে কয় যে ভাৰতে ২০৩৫ চনৰ ভিতৰত মহাকাশত নিজাকৈ মহাকাশ কেন্দ্ৰ স্থাপন কৰিব।

প্ৰধানমন্ত্ৰীয়ে লগতে কয়, বৰ্তমান এনে কোনো খণ্ড নাই, যিটো প্ৰযুক্তি আৰু কম্পিউটিং শক্তিৰ ওপৰত নিৰ্ভৰশীল নহয়। ইয়াৰ বাবে আমাৰ অৱদান কেৱল কোৱাতেই আৱদ্ধ নাথাকি, টেৰাবাইট আৰু পিটাবাইট হ’ব লাগে। ৮৫০ কোটি মূল্যৰ হাই-এণ্ড কম্পিউটিং চিষ্টেম বিকশিত কৰা হৈছে। বাৰিষা আৰু জলবায়ু গৱেষণাৰ দিশত আজি বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰখনে যথেষ্ট সফলতা লাভ কৰিছে।(India to set up space station by 2035)

Bharat Mata Ki Jai: ‘ভাৰত মাতা কি জয়’ ধ্বনি দিয়াটো অপৰাধ বা ঘৃণামূলক ধ্বনি নহয়, কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

ভাৰত মাতা কি জয়
ভাৰত মাতা কি জয়

দৈনন্দিন বাৰ্তাৰ অনলাইন ফিচাৰ, ২৮ ছেপ্টেম্বৰঃ ‘ভাৰত মাতা কি জয়’ ধ্বনি দিয়াটো অপৰাধ নে ঘৃণামূলক ধ্বনি? এটা অদ্ভুত গোচৰত কৰ্ণাটক আৰক্ষীয়ে চলিত বৰ্ষৰ জুন মাহত ‘ভাৰত মাতা কি জয়’ ধ্বনিৰে শত্ৰুতা বৃদ্ধি কৰাৰ অপৰাধত ৫জন লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল।(Bharat Mata Ki Jai)

অৱশ্যে কৰ্ণাটক উচ্চ ন্যায়ালয়ে অৱশেষত ‘ভাৰত মাতা কি জয়’ ধ্বনি দিয়াটো ঘৃণামূলক ভাষণৰ আওতালৈ নাহে বুলি কৈ এজাহাৰ বাতিল কৰিছে। ভাৰতীয় দণ্ডবিধিৰ ১৫৩ক ধাৰাত পাঁচজন লোকৰ বিৰুদ্ধে পঞ্জীয়ন কৰা এজাহাৰ বাতিল কৰাৰ সময়তে কৰ্ণাটক উচ্চ ন্যায়ালয়ে কয়- ‘ভাৰত মাতা কি জয়’ ধ্বনি দিয়াটো অপৰাধ বা ঘৃণামূলক ভাষণ হ’ব নোৱাৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শপতগ্ৰহণ অনুষ্ঠানৰ পৰা উভতি অহাৰ সময়তে পাঁচজন লোকে উ চলিত বৰ্ষৰ জুন মাহত ‘ভাৰত মাতা কি জয়’ ধ্বনি দিছিল।(Karnataka High Court)

ভাৰত মাতা কি জয়’ ধ্বনি দিয়াৰ বাবে একাংশ লোকে তেওঁলোকক আক্ৰমণ আৰু ছুৰীৰে আঘাত কৰিছিল। ঘটনাটো সংঘটিত হৈছিল যোৱা ৯ জুনত।কিন্তু যেতিয়া ভুক্তভোগীয়ে আৰক্ষীৰ কাষ চাপিছিল, তেতিয়া কৰ্ণাটক আৰক্ষীয়ে আইপিচিৰ কেইবাটাও ধাৰাৰ অধীনত অভিযোগকাৰীৰ বিৰুদ্ধেহে গোচৰ ৰুজু কৰে।(bharat mata ki jai would not promote disharmony karnataka high court)

আৰক্ষীয়ে জনোৱা মতে, আবেদনকাৰীয়ে ভাবুকি দিয়া বুলি এজন মুছলমান লোকৰ অভিযোগৰ পিছতে গোচৰ ৰুজু কৰা হৈছিল। আজি ন্যায়াধীশ এম নাগপ্ৰসন্নই পাঁচ অভিযুক্তক সকাহ দিয়াই নহয়, গোচৰটোত ১৫৩ক ধাৰাৰ এটাও উপাদান অন্তৰ্ভুক্ত হোৱা নাই বুলিও কয়। ন্যায়াধীশে এই গোচচৰ কোনো ভিত্তি নাই বুলি উল্লেখ কৰি পাঁচজন লোককে দোষমুক্ত ঘোষণা কৰে।

Madhavdev University: ড° ক্ষীৰপদ দত্তক মাধৱদেৱ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক নিযুক্তি

ড° ক্ষীৰপদ দত্তক মাধৱদেৱ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক নিযুক্তি
ড° ক্ষীৰপদ দত্তক মাধৱদেৱ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক নিযুক্তি

দৈনন্দিন বার্তাৰ সেৱা, নাৰায়ণপুৰ, ২৮ ছেপ্টেম্বৰ: আজি লখিমপুৰ জিলাৰ মাধৱদেৱ বিশ্ববিদ্যালয়ৰ পঞ্জীয়কৰ দায়িত্বভাৰ গ্ৰহণ কৰে ড° ক্ষীৰপদ দত্তই। মাধৱদেৱ বিশ্ববিদ্যালয়ৰ পঞ্জীয়কৰ দায়িত্বভাৰ আনুষ্ঠানিকভাৱে প্ৰদান কৰে বিশ্ববিদ্যালয়ৰ উপাচার্য ড° অৰূপজ্যোতি চৌধুৰীয়ে। উল্লেখ্য, ড° ক্ষীৰপদ দত্তই বিগত মাধৱদেৱ মহাবিদ্যালয়ত (বর্তমান বিশ্ববিদ্যালয়লৈ উন্নীত) ২০০৩ চনৰ ৪ জানুৱাৰীত ইংৰাজী বিভাগৰ অধ্যাপক হিচাপে যোগদান কৰিছিল।(Madhavdev University)

উক্ত মহাবিদ্যালয়খন ২০১৯ চনত বিশ্ববিদ্যালয়লৈ উন্নীত হোৱাৰ সময়ৰে পৰা ২০২৩ চনলৈ ড° দত্তই শৈক্ষিক পঞ্জীয়ক হিচাপে কাৰ্যনিৰ্বাহ কৰে আৰু ২০২৪ চনৰ পৰা ছেপ্টেম্বৰলৈ ভাৰপ্ৰাপ্ত পঞ্জীয়কৰ লগতে বিত্ত বিষয়া হিচাপে সুচাৰুৰূপে দায়িত্ব পালন কৰে। চলিত মাহৰ ২৩ ছেপ্টেম্বৰত অনুষ্ঠিত স্থায়ী পঞ্জীয়কৰ সাক্ষাৎকাৰ ভিত্তিত বিশ্ববিদ্যালয়ৰ কাৰ্যবাহী পৰিষদৰ অনুমোদনমর্মে আজি বিশ্ববিদ্যালয়ৰ উপাচার্য ড°অৰূপজ্যোতি চৌধুৰীয়ে পঞ্জীয়কৰ দায়িত্বভাৰ অর্পণ কৰে। (Dr. Khirapada Dutta)

বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰা সময়ত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত নৱনিযুক্ত পঞ্জীয়ক ড° দত্তই বিশ্ববিদ্যালয়ৰ সর্বাংগীণ উন্নতিৰ ক্ষেত্ৰত দীর্ঘদিনে স্থগিত হৈ থকা শিক্ষক আৰু অনা-শিক্ষক পদসমূহৰ নিযুক্তি প্রদান আৰু বিশ্ববিদ্যালয়ৰ সামগ্রিক আন্তঃগাঁথনি উন্নয়ন, ছাত্রাবাস আৰু ছাত্রীনিবাস নির্মাণ, নির্মীয়মাণ বিশ্ববিদ্যালয়ৰ গৃহলৈ সম্প্ৰসাৰণ কৰা, ‘নাক’ৰ মূল্যায়ন আদি বিষয়ৰ ওপৰত তাৎক্ষণিকভাৱে গুৰুত্ব আৰোপ কৰিব বুলি জানিবলৈ দিয়ে।(Dr. Khirapada Dutta appointed Registrar of Madhavdev University)

নৱনিযুক্ত পঞ্জীয়ক হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছত বিশ্ববিদ্যালয়ৰ উপাচার্য, শিক্ষক গোট, কৰ্মচাৰী গোট, ছাত্ৰ একতা সভা, পঞ্জীয়কগৰাকীৰ গণকদলনিৰ স্থানীয় অঞ্চলৰ শুভাকাংক্ষী ৰাইজে বিপুলভাৱে শুভেচ্ছা আৰু আদৰণি জনায়। বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক হিচাপে নিযুক্তি লাভ কৰা ড° ক্ষীৰপদ দত্ত ধলপুৰ গণকদলনিৰ লক্ষীপদ দত্ত আৰু চেনিমাই বৰা দত্তৰ সুযোগ্য সন্তান।

BJP membership drive: সদস্য ভৰ্তিৰ দিশৰ পৰা দেশৰ প্ৰথম ২০ টা বিধানসভা সমষ্টিৰ তালিকাত অসমৰ তিনি সমষ্টিঃ জয়ন্ত মল্ল বৰুৱা

জয়ন্ত মল্ল বৰুৱা
জয়ন্ত মল্ল বৰুৱা

দৈনন্দিন বাৰ্তাৰ সেৱা, ২৮ ছেপ্টেম্বৰঃ অসমকে ধৰি সমগ্ৰ দেশতে এতিয়া চলি আছে বিজেপিৰ সদস্য ভৰ্তি অভিযান। এই অভিযানত অসমৰ বহু কেইটা সমষ্টিয়ে লক্ষ্যণীয় হাৰত সদস্য ভৰ্তি কৰিবলৈ সক্ষম হৈছে। সদস্য ভৰ্তিৰ দিশৰ পৰা দেশৰ প্ৰথম ২০ টা বিধানসভা সমষ্টিৰ তালিকাত অসমৰ তিনি সমষ্টি থকা বুলি মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই প্ৰকাশ কৰিছে।(BJP membership drive)

সেই তিনি সমষ্টিৰ ভিতৰত অসমৰ জালুকবাৰী, জাগীৰোড আৰু নলবাৰী সমষ্টি থকা বুলি মন্ত্ৰী বৰুৱাই ছ’চিয়েল মিডিয়াৰ এক পোষ্টত সদৰী কৰিছে। ছ’চিয়ল মিডিয়াৰ পোষ্টত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এইদৰে লিখিছে- ভাৰতীয় জনতা পাৰ্টিৰ সমগ্ৰ দেশতে সদস্যতা অভিযান চলি আছে। (jayanta malla baruah)

এই সদস্য ভৰ্ত্তি অভিযানতে দেখা গৈছে দলটোৰ ক্ৰমবৰ্ধমান জনপ্ৰিয়তা৷ দেশৰ সকলো প্ৰান্ততে আমাৰ দলটোৰ প্ৰতি সাধাৰণ জনতাৰ আগ্ৰহ পূৰ্বতকৈও বাঢ়ি যোৱাত সদস্য সংখ্যাই পূৰ্বৰ অভিলেখকো চেৰ পেলাবলৈ আগবাঢ়িছে৷
অসমতো সদস্য ভৰ্তিৰ প্ৰতি ৰাইজৰ আগ্ৰহত আমি অভিভূত হৈছোঁ৷ (bjp)

ইতিমধ্যে ২৬ চেপ্তেম্বৰৰ নিশালৈ অসমত অনলাইন সদস্য ভৰ্ত্তিৰ সংখ্যা ৪৯,৯৪,৯৬৭ চুইচেগৈ৷ আজি আমি ৫০ লাখ অতিক্ৰম কৰি এক অভিলেখ ৰচনা কৰিম৷ লগতে আমাৰ ৰাজ্যখনৰ বাবে গৌৰৱৰ কথা যে আমাৰ অসমৰ তিনিটা সমষ্টিৰ ভিতৰত নলবাৰী সমষ্টিও সদস্য ভৰ্ত্তিৰ সংখ্যাৰে দেশৰ প্ৰথম ২০ টা বিধানসভা সমষ্টিৰ তালিকাত নাম লিখিবলৈ সক্ষম হৈছে৷ অসমৰ জালুকবাৰী সমষ্টিয়ে ১,০২,৭৯৬ সদস্য সংখ্যাৰে নৱম স্থান, জাগীৰোড সমষ্টিয়ে ৯২,৯১৭ সদস্য সংখ্যাৰে ১৪ তম স্থান আৰু নলবাৰী সমষ্টিয়ে ৮৭,৫৩৭ সদস্য সংখ্যাৰে ১৬ তম স্থান লাভ কৰিবলৈ সক্ষম হৈছে৷ (assam)

স্বাভাৱিকতে এই ধৰণৰ সফলতাৰ আৰত আমাৰ দলৰ বুথ পৰ্যায়ৰ পৰা ৰাজ্যিক স্তৰলৈ থকা নিষ্ঠাবান আৰু দলৰ প্ৰতি সমৰ্পিত মনোভাৱেৰে কাম কৰা সন্মানীয় কাৰ্যকৰ্তা সকল৷ সকলোলৈকে পুনৰ এবাৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা যাচিলোঁ।

Kulgam encounter: কুলগামত সুৰক্ষা বাহিনীৰে সন্ত্ৰাসবাদীৰ সংঘাত: তিনি সেনা জোৱানকে ধৰি এজন আৰক্ষী বিষয়া আঘাতপ্ৰাপ্ত

Kulgam encounter: কুলগামত সুৰক্ষা বাহিনীৰে সন্ত্ৰাসবাদীৰ সংঘাত: তিনি সেনা জোৱানকে ধৰি এজন আৰক্ষী বিষয়া আঘাতপ্ৰাপ্ত
Kulgam encounter: কুলগামত সুৰক্ষা বাহিনীৰে সন্ত্ৰাসবাদীৰ সংঘাত: তিনি সেনা জোৱানকে ধৰি এজন আৰক্ষী বিষয়া আঘাতপ্ৰাপ্ত

কুলগাম: কাশ্মীৰৰ কুলগামত অব্যাহত আছে সুৰক্ষা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘাত(Kulgam encounter)। প্ৰাপ্ত তথ্য অনুসৰি, কাশ্মীৰৰ কুলগাম জিলাৰ অন্তৰ্গত আডিগাম দেৱচৰ অঞ্চলত আজি পুৱতি নিশাৰ পৰা আৰম্ভ হয় সুৰক্ষা বাহিনীৰ সৈতে সন্ত্ৰাসবাদীৰ সংঘাত । এই সংঘাতৰ সময়চোৱাত তিনিজন সেনা জোৱান আৰু এজন আৰক্ষী বিষয়া আঘাতপ্ৰাপ্ত হৈছে ।

আৰক্ষীৰ ফালৰ পৰা জানিবলৈ দিয়া অনুসৰি, বৰ্তমানেও অঞ্চলটোত দুটা-তিনিটা সন্ত্ৰাসবাদীয়ে আত্মগোপন কৰি থকাৰ সন্দেহ কৰা হৈছে। এই অভিযানত আছে সেনা, চিআৰপিএফ, আৰু জম্মু আৰু কাশ্মীৰ আৰক্ষীৰ এটা যৌথ দল । বিশেষ সূত্ৰৰ পৰা আডিগামত সন্ত্ৰাসবাদীৰ উপস্থিতি সন্দৰ্ভত খবৰ পোৱাৰ পাছতেই অঞ্চলটোত চাৰ্চ অপাৰেশ্বন আৰম্ভ কৰা হৈছিল।

অভিযানকাৰী দলটোৱে্ সন্দেহজনক অঞ্চলটোত উপস্থিত হোৱাৰ সময়তেই সেই স্থানত আত্মগোপন কৰি থকা সন্ত্ৰাসবাদীৰ দলটোৱে সুৰক্ষা বাহিনীৰ দলটোৰ ওপৰত অতৰ্কিতে গুলীচালনা কৰাত সুৰক্ষা বাহিনীয়েও ইয়াৰ প্ৰত্যুত্তৰ দিয়ে যদিও এই সংঘাতত তিনি সেনা জোৱানকে ধৰি এজন আৰক্ষী বিষয়া আঘাতপ্ৰাপ্ত হয়। আঘাতপ্ৰাপ্ত আটাইকেইগৰাকী জোৱানকে ততাতৈয়াকৈ চিকিৎসালয়লৈ স্থানান্তৰ কৰা হয়।

ইফালে আডিগামৰ সমগ্ৰ অঞ্চলটো ঘেৰাও কৰাৰ লগতে সুৰক্ষা বাহিনীৰ দলটোলে সন্ত্ৰাসবাদীৰ সন্ধানত অভিযান অধিক তীব্ৰতৰ কৰি তুলিছে।

কাশ্মীৰ জ’ন আৰক্ষীয়ে এটা (X) প’ষ্টত উল্লেখ কৰিলে এইদৰে,, “কুলগামৰ আডিগাম দেৱচৰ অঞ্চলত সংঘাত আৰম্ভ হৈছে । আৰক্ষী আৰু সুৰক্ষা বাহিনীয়ে নিজৰ কৰ্মত ব্ৰতী হৈ আছে। অধিক তথ্য শীঘ্ৰে প্ৰকাশ কৰা হ’ব।”

ইতিমধ্যে, ২২ ছেপ্টেম্বৰ তাৰিখেও কিশ্তোৱাৰ জিলাৰ চাট্ৰু অঞ্চলতো সন্ত্ৰাসবাদী আৰু সুৰক্ষা বাহিনীৰ মাজত সংঘাতৰ এটা ঘটনা সংঘটিত হৈছিল।

উল্লেখ্য যে, কাশ্মীৰৰ অশান্ত স্থানসমূহত সুৰক্ষা বাহিনীয়ে সন্ত্ৰাসবাদবিৰোধী অভিযান চলাই থকাৰ লগতে ইয়াক নিৰ্মূল কৰাৰ বাবে সকলো প্ৰচেষ্টা অব্যাহত ৰাখিছে।

Assam historical and cultural heritage: বিশ্ব পৰ্যটন দিৱসত অসমৰ চহকী ঐতিহাসিক আৰু সাংস্কৃতিক ঐতিহ্যৰ সন্ধানত গুজৰাটৰ এদল সাংবাদিক

অসমৰ চহকী ঐতিহাসিক আৰু সাংস্কৃতিক ঐতিহ্যৰ সন্ধানত গুজৰাটৰ সাংবাদিক
অসমৰ চহকী ঐতিহাসিক আৰু সাংস্কৃতিক ঐতিহ্যৰ সন্ধানত গুজৰাটৰ সাংবাদিক

দৈনন্দিন বাৰ্তাৰ সেৱা, ২৮ ছেপ্টেম্বৰঃ পৰ্যটন হৈছে এনে এক অন্যতম গুৰুত্বপূৰ্ণ বিষয় যিয়ে মানুহক শিকিবলৈ, তথ্য বিনিময় কৰিবলৈ, সংস্কৃতি আৰু পৰম্পৰাৰ মাজেৰে ব্যৱধান দূৰ কৰিবলৈ সক্ষম কৰি তোলে। গুজৰাটী ভাষাত “আদৰণি”ৰ অর্থ “আৱো পধাৰো”ৰ শুক্ৰবাৰে অসমত প্রকৃত অৰ্থ বিচাৰি পালে গুজৰাটৰ সাংবাদিকৰ এটা দলে। শুক্ৰবাৰে বিশ্ব পৰ্যটন দিৱস উপলক্ষে অসমৰ যোৰহাট, শিৱসাগৰ, চৰাইদেউ জিলাৰ বিভিন্ন ঐতিহাসিক, স্থাপত্য, আৰু প্ৰত্নতাত্ত্বিক স্থান পৰিদৰ্শন কৰে গুজৰাটৰ সাংবাদিকৰ দলটোৱে। উল্লেখ্য প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত বিশ্বজুৰি পালন কৰা হয় বিশ্ব পৰ্যটন দিৱস।(Assam historical and cultural heritage)

২০২৪ চনৰ ২৩ ছেপ্টেম্বৰৰ পৰা সাতদিনীয়াকৈ অসম ভ্ৰমণ কৰা গুজৰাটৰ সাংবাদিকৰ প্ৰতিনিধি দলটোৱে ২৯ ছেপ্টেম্বৰত তেওঁলোকৰ ভ্ৰমণৰ সামৰণি মাৰিব। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনস্থ গুৱাহাটীৰ প্ৰেছ ইনফৰ্মেশ্যন ব্যুৰোৱে গুজৰাটৰ সাংবাদিকৰ এই ভ্ৰমণৰ আয়োজন কৰিছে। এই ভ্ৰমণৰ উদ্দেশ্য হৈছে যাতে গুজৰাটৰ সাংবাদিকসকলে অসমৰ সাংস্কৃতিক, প্ৰাকৃতিক, ঔদ্যোগিক আৰু আন্তঃগাঁথনিগত উন্নয়নৰ বিষয়ে বুজিব পাৰে।

আজি সাংবাদিকৰ দলটোৱে অসমৰ যোৰহাট জিলাৰ হোলোঙাপাৰত নিৰ্মাণৰত লাচিত বৰফুকনৰ ব্ৰঞ্জৰ প্ৰতিমূৰ্তি পৰিদৰ্শন কৰে। শেহতীয়াকৈ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উন্মোচন কৰিছিল “Statue of Valour” নামেৰে পৰিচিত এই প্ৰতিমূৰ্তি। এই প্ৰতিমূৰ্তিটো লাচিত মৈদাম স্মৃতিসৌধ আৰু সাংস্কৃতিক প্ৰকল্পৰ অন্তৰ্গত, যি প্ৰকল্প ০২৫ চনৰ জুলাই মাহৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ কথা।এই কমপ্লেক্সত অন্তৰ্ভুক্ত থাকিব লাচিতৰ মূৰ্তি, টাই আহোম সংগ্ৰহালয়, লাচিত সংগ্ৰহালয়, এটা প্ৰেক্ষাগৃহ আৰু অন্যান্য। এই ২০২৩ চনৰ জানুৱাৰীাহত এই প্ৰকল্পৰ কাম আৰম্ভ হৈছিল।(Gujarat journalists)

সম্পূৰ্ণ হৈ উঠাৰ পিছত এই প্ৰতিমূৰ্তিটো এক ঐতিহ্যমণ্ডিত সম্পদত পৰিণত হ’ব, যাৰ ফলত অসমৰ, বিশেষকৈ যোৰহাট জিলাৰ পৰ্যটনৰ সম্ভাৱনা আৰু অধিক বৃদ্ধি পাব। শৰাইঘাটৰ যুদ্ধত মোগলৰ আক্ৰমণ প্ৰতিহত কৰা আহোমৰ সেনাপতি লাচিত বৰফুকনৰ সাহস আৰু বীৰত্বৰ স্মৃতিত এই প্ৰতিমূৰ্তি নিৰ্মাণ কৰা হৈছে। প্ৰতিমূৰ্তি নিৰ্মাণৰ কাম দ্ৰুতগতিত চলি থকাৰ লগতে অতি সোনকালে সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে।(journalists from Gujarat in search of Assam’s rich historical and cultural heritage)

আহোম ৰাজ্যৰ অসংখ্য স্থাপত্য, প্ৰত্নতাত্ত্বিক, অভিযান্ত্ৰিক আশ্চৰ্য্যৰ বাবে পৰিচিত শিৱসাগৰো সাংবাদিকৰ দলটোৱে পৰিদৰ্শন কৰে। সাংবাদিকৰ প্ৰতিনিধিৰ দলটোৱে ১৭৪৪ খ্ৰীষ্টাব্দত স্বৰ্গদেউ প্ৰমত্ত সিংহৰ ৰাজত্বকালত নিৰ্মিত এছিয়াৰ প্ৰথম এম্ফিথিয়েটাৰ বা পেভিলিয়ন ৰংঘৰো পৰিদৰ্শন কৰে। এই দুমহলীয়া ভৱন শিৱসাগৰৰ এক উল্লেখযোগ্য স্মৃতিসৌধ আৰু ই সমগ্ৰ অসম তথা ভাৰতৰ পৰ্যটকক আকৰ্ষণ কৰি আহিছে। ভাৰতীয় প্ৰত্নতাত্ত্বিক জৰীপ চমুকৈ এ এছ আই আৰু ৰাজ্যিক পুৰাতত্ত্ব বিভাগে বৰ্তমান এই কীৰ্তিচিহ্নটোৰ ৰক্ষণাবেক্ষণৰ দায়িত্ব বহন কৰি আহিছে। ৰাজ্যৰ পৰ্যটন বিভাগৰ বিষয়াসকলে গুজৰাটৰ সংবাদ মাধ্যমৰ প্ৰতিনিধিসকলক ৰংঘৰৰ ঐতিহাসিক গুৰুত্বৰ বিষয়ে অৱগত কৰে।

ছপা আৰু ইলেক্ট্ৰনিক উভয় মাধ্যমেৰে সংবাদ মাধ্যমৰ সাংবাদিকসকল গুজৰাটৰ এই প্ৰতিনিধি দলটোত অন্তৰ্ভূক্ত হৈ আছে। দলটোৱে আহোম ৰাজত্বকালত নিৰ্মিত আন এক উল্লেখযোগ্য কীৰ্তিচিহ্ন তলাতল ঘৰো পৰিদৰ্শন কৰে।

পিছত সাংবাদিকৰ দলটোৱে ২০২৪ চনৰ জুলাই মাহত ইউনেস্কোৰ বিশ্ব ঐতিহ্য তালিকাত অন্তৰ্ভুক্ত হোৱা চৰাইদেউ মৈদামো পৰিদৰ্শন কৰে।মৈদাম হ’ল আহোম ৰজা, ৰাণী, সম্ভ্ৰান্ত লোকসকলৰ সমাধিস্থল। “মৈদাম” শব্দটো টাই শব্দ “ফ্ৰাং-মাই-ডাম” বা “মাই-তাম”ৰ পৰা উদ্ভৱ হৈছে। “ফ্ৰাং-মাই”ৰ অৰ্থ হৈছে “কবৰত ৰখা” বা “কবৰ দিয়া” আৰু “ডাম”ৰ অৰ্থ হৈছে “মৃতকৰ আত্মা।”

এই ঐতিহাসিক স্থানক বিশ্ব ঐতিহ্য তালিকাত অন্তৰ্ভুক্ত কৰাৰ প্ৰচেষ্টা ২০২১ চনৰ পৰা আৰম্ভ হৈছিল, য’ত আন্তঃগাঁথনি সম্পৰ্কীয় উন্নয়ন, মৈদামসমূহৰ সংৰক্ষণ, ইউনেস্ক’ৰ বাবে ড’ছিয়াৰ প্ৰস্তুত কৰা আদি কাম নিহিত হৈ আছিল। ২০২৩ চনৰ অক্টোবৰ মাহত এই ড’ছিয়াৰ দাখিল কৰা হৈছিল আৰু ২০২৪ চনৰ জুলাই মাহত এই স্থানক আনুষ্ঠানিকভাৱে বিশ্ব ঐতিহ্য তালিকাত অন্তৰ্ভুক্ত কৰা হৈছিল।(World Tourism Day 2024)

পৰ্যটন বিভাগৰ বিষয়াসকলে সাংবাদিকৰ প্ৰতিনিধি দলটোক জনোৱা মতে সংৰক্ষণৰ প্ৰচেষ্টা আৰম্ভ হোৱাৰ সময়ত বহু মৈদাম জৰাজীৰ্ণ অৱস্থাত পোৱা আছিল। আহোম ৰাজ্যৰ শাসন দুৰ্বল হোৱাৰ লগে লগে বহু মৈদাম ভাঙি পেলোৱা হৈছিল। বৰ্তমান এই স্থান ভাৰতীয় প্ৰত্নতাত্ত্বিক জৰীপ (এএছআই ) আৰু অসমৰ ৰাজ্যিক প্ৰত্নতাত্ত্বিক বিভাগৰ দ্বাৰা ৰক্ষণাবেক্ষণ দি থকা হৈছে। এটা সংগ্ৰহালয়ো নিৰ্মাণৰ কাম চলি আছে আৰু অতি সোনকালে জনসাধাৰণৰ বাবে সেয়া মুকলি কৰা হ’ব। ৰাজ্যিক পুৰাতত্ত্ব বিভাগৰ দ্বাৰা পৰিচালিত এই সংগ্ৰহালয়ত আহোম ৰজা চ্যু-কা-ফাৰ জীৱন আৰু মৈদাম খননৰ সময়ত আৱিষ্কাৰ হোৱা শিল্পকৰ্মসমূহ প্ৰদৰ্শন কৰা হ’ব।

এই স্থান বিশ্ব ঐতিহ্য তালিকাত অন্তৰ্ভুক্ত হোৱাৰ পিছত পৰ্যটকৰ আগমনৰ সন্দৰ্ভত বিষয়াসকলে উল্লেখ কৰে যে দৰ্শনাৰ্থীৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে আৰু পিছলৈ অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।

বিষয়াসকলে অঞ্চলটোৰ জলবায়ু আৰু ভৌগলিক কাৰকক আটাইতকৈ ডাঙৰ বাধা হিচাপে উল্লেখ কৰি মৈদামৰ সংৰক্ষণ আৰু ৰক্ষণাবেক্ষণৰ প্ৰত্যাহ্বানসমূহৰ বিষয়ত আলোকপাত কৰে। পাটকাই পাহাৰৰ পাদদেশত অৱস্থিত এই স্থানত গছ-গছনি দ্ৰুতগতিত বৃদ্ধি পোৱাৰ বাবে অহৰহ ঘাঁহ-বন আৰু অপতৃণ পৰিষ্কাৰ কৰাৰ প্ৰয়োজন হয় বুলিও তেওঁলোকে কয়।

এই প্ৰত্যাহ্বানসমূহৰ মাজতো এই ঐতিহাসিক স্থানে দৰ্শনাৰ্থীসকলক এক অনন্য স্থাপত্যৰ অভিজ্ঞতা প্ৰদান কৰি আহিছে। সেউজীয়া পাটকাই পাহাৰৰ মাজত ইয়াৰ অৱস্থানে পৰ্যটকৰ ইয়াৰ প্ৰতি আকৰ্ষণ আৰু অধিক বৃদ্ধি কৰিছে। গুজৰাটৰ সাংবাদিকসকলে এই স্থানৰ অনন্য স্থাপত্য দৰ্শন কৰি তথা আৰু ইতিহাসৰ বিষয়ে জানিব পাৰি মোহিত হৈ পৰে।

Israel Claims To Eliminate Hezbollah Commander: ইজৰাইলৰ বেইৰুটত হিজবুল্লাৰ অধিনায়ক মহম্মদ আলী ইছমাইলক হত্যা

Israel Claims To Eliminate Hezbollah Commander Muhammad Ali Ismail, His Deputy in Beirut
Israel Claims To Eliminate Hezbollah Commander: ইজৰাইলৰ বেইৰুটত হিজবুল্লাৰ অধিনায়ক মহম্মদ আলী ইছমাইলক হত্যা

ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীৰ অভিযানত মৃত্যু হিজবুল্লাৰ বহুকেইজন শীৰ্ষ নেতা

বেইৰুট: ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে বেইৰুটত থকা হিজবুল্লাৰ (Hezbollah) মুখ্য কাৰ্যালয়ত কৰা বিমান আক্ৰমণত মুঠ ৬ জন উগ্ৰপন্থী নিহত হোৱাৰ লগতে আহত হৈছে ৯১ জন ।ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে দাবী কৰা অনুসৰি, এই আক্ৰমণত হিজবুল্লাৰ বহুকেইজন নেতা, বিশেষকৈ মহম্মদ আলী ইছমাইল(Hezbollah Commander Muhammad Ali Ismail) আৰু তেওঁৰ উপ-অধিনায়ক হুছেইন আহমেদ ইছমাইলৰ মৃত্যু ঘটিছে(Israel Claims To Eliminate Hezbollah Commander)। তাৰোপৰি এই আক্ৰমণৰ ফলত সমগ্ৰ অঞ্চলটোৰ বহুকেইটা অট্টালিকাৰ ক্ষতিসাধন হোৱা দেখা গৈছে।

বেইৰুটৰ দক্ষিণ প্ৰান্তৰ পৰা আৰম্ভ হোৱা এই আক্ৰমণৰ ঘটনাৰ পাছতেই ইজৰাইল আৰু হিজবুল্লাৰ মাজত যুদ্ধৰ আশংকা অধিক বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে। লেবাননৰ স্বাস্থ্য মন্ত্ৰ্যালয়ে জানিবলৈ দিয়া অনুসৰি, মৃতকৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে । বৰ্তমানেও উদ্ধাৰকাৰী দলে ধ্বংসস্তূপৰ মাজৰ পৰা ক্ষতিগ্ৰস্তসকলক উদ্ধাৰৰ বাবে অভিযান অব্যাহত ৰাখিছে।

হিজবুল্লাৰ অধিনায়ক হাছান নাছৰাল্লা(Hezbollah leader Hassan Nasrallah)ক লক্ষ্য কৰি ইজৰাইলৰ এই আক্ৰমণ সংঘটিত হৈছিল বুলি দাবী কৰা হৈছে যদিও ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে এই সন্দৰ্ভত কোনো মন্তব্য প্ৰকাশ কৰা নাই। তাৰোপৰি আক্ৰমণৰ সময়ত নাছৰাল্লা সেই স্থানত উপস্থিত আছিল নে নাই, সেয়া এতিয়াও স্পষ্ট হোৱা নাই । ইফালে হিজবুল্লাইও এই বিষয়ত কোনো মন্তব্য প্ৰকাশ কৰা নাই ।

ইজৰাইলৰ এই আক্ৰমণৰ লক্ষ্যই হৈছিল, হিজবুল্লাৰ শীৰ্ষ নেতাসকলক ধ্বংস কৰা(Hezbollah headquarters in Beirut) । ইজৰাইলৰ বায়ুসেনাই আক্ৰমণত ব্যৱহাৰ কৰা বোমাৰ প্ৰকাৰ আৰু সংখ্যাক লৈ কোনো মন্তব্য প্ৰাকশ কৰা নাই যদিও আমেৰিকাত নিৰ্মিত ২০০০ পাউণ্ড ওজনৰ বাংকাৰ বষ্টাৰ গাইডযুক্ত বোম যি বিশেষভাৱে ভূগৰ্ভত থকা যিকোনো লক্ষ্যত সহজতে আঘাত কৰিব পাৰে, তেনেধৰণৰ বোমা ব্যৱহাৰ কৰাৰ সন্দেহ কৰিছে বিশেষজ্ঞসকলে।

ইয়াৰ মাজতে, ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেনজামিন নেতানিয়াহুৱে আমেৰিকা ভ্ৰমণৰ কাৰ্যসূচী তাৎক্ষণিকভাৱে বাতিল কৰি নিজদেশলৈ উভতি আহিছে। ইউনাইটেড নেশ্যনৰ মঞ্চত ভাষণ প্ৰদান কৰি থকাৰ সময়তে হোৱা এই আক্ৰমণৰ খবৰ পোৱাৰ পিছতে তেওঁৰ বক্তৃতা সামৰি মঞ্চৰ পৰা ওলাই আহিছিল। নেতানিয়াহুৱে জানিবলৈ দিয়া অনুসৰি হিজবুল্লাৰ ওপৰত ইজৰাইলৰ এই অভিযান অব্যাহত থাকিব ।ইফালে নেতানিয়াহুৰ এই মন্তব্যৰ পাছতে যুদ্ধবিৰতিৰ প্ৰস্তাৱৰ আশা অধিক হ্ৰাস পোৱাটো নিশ্চিত হৈ পৰিল ।

বৰ্তমানেও হিজবুল্লা আৰু ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে আক্ৰমণ প্ৰত্যাক্ৰমণ অব্যাহত ৰাখিছে, যাৰ ফলত দুখন দেশৰ সীমান্তত বসবাস কৰা লক্ষ্যাধিক লোকে নিজগৃহ পৰিত্যাগ কৰিবলৈ বাধ্য হৈছে ।

Cucumber Benefits: তিয়হ খালে বহু পুৰণি কথাও মনত থাকে

তিয়হ
তিয়হ

তিয়হ অতি স্বাস্থ্যকৰ খাদ্য। তিয়হ খালে শৰীৰত পানীৰ অভাৱ নহয়, আমাৰ মগজুৰ শক্তি বৃদ্ধিতো তিয়হে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।(Cucumber Benefits)

স্বাস্থ্যকৰ খাদ্যৰ কথা আহিলেই তিয়হ নিশ্চিতভাৱে আপুনি আপোনাৰ খাদ্যত অন্তৰ্ভুক্ত কৰে, তিয়হত ভিটামিন বি, ভিটামিন চি, ভিটামিন কে, পটাছিয়ামৰ দৰে বহুতো গুৰুত্বপূৰ্ণ পুষ্টিকৰ উপাদান পোৱা যায়। কিন্তু আপুনি জানেনে যে তিয়হৰ গুৰুত্বৰ বিষয়ে। তিয়হ সাধাৰণতে চালাড হিচাপে খোৱা হয়। নিয়মিতভাৱে তিয়হ খোৱা লোকৰ কি কি উপকাৰিতা হয় জানো আহক-(cucumber for memory brain power)

তিয়হ খোৱাৰ ৬ টা উপকাৰ হৈছে-

১/ স্মৃতিশক্তি অধিক শক্তিশালী হ’ব

তিয়হে কেৱল আপোনাৰ শৰীৰক সুস্থ কৰি ৰখাই নহয়, তিয়হ মানসিক স্বাস্থ্যৰ বাবেও ভাল বুলি বিবেচিত কৰা হয়। শসাত Fisetin নামৰ এবিধ উপাদান থাকে যিয়ে আপোনাৰ স্মৃতিশক্তি বৃদ্ধি কৰিব পাৰে। স্মৃতিভ্ৰংশ ৰোগত আক্ৰান্ত লোকে তিয়হ খাব লাগিব। ইয়াৰ ফলত আপোনাৰ মন চোকা হৈ পৰিব আৰু পুৰণি কথাবোৰো মনত পৰিব।

২) শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰি যায়

তিয়হে শৰীৰৰ পৰা বিষাক্ত উপাদান আঁতৰাই পেলায়। ইয়াত ৯৫ শতাংশ পানী থাকে, যাৰ সহায়ত শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ ওলাই আহে।

৩) হজম শক্তিত সহায়ক

তিয়হত পোৱা আঁহযুক্ত মৌলবোৰ হজম প্ৰক্ৰিয়াত সহায়ক। এইখিনি খালে কোষ্ঠকাঠিন্যৰ দৰে সমস্যাবোৰ নাইকিয়া হয়।

৪) কৰ্কট ৰোগৰ সম্ভাৱনা হ্ৰাস কৰে

তিয়হত লিগনান আৰু পলিফিনল থাকে যিয়ে ডিম্বাশয়, জৰায়ু, স্তন আৰু প্ৰষ্টেট কেন্সাৰৰ সম্ভাৱনা হ্ৰাস কৰে। ইয়াত কুকাৰবিটাচিন থাকে, যিবোৰক কেন্সাৰ প্ৰতিৰোধী উপাদান বুলি গণ্য কৰা হয়।

৫) শৰীৰ শীতল কৰি ৰাখে

তিয়হ খালে দিনটোত পানী খাবলৈ পাহৰিলেও শৰীৰত পানীৰ অভাৱ পূৰণ কৰে। ইয়াৰ উপৰিও গৰমত পোৰা, ছালৰ এলাৰ্জী আৰু ৰ’দত পোৰাৰ পৰাও সকাহ দিয়ে। য’তেই এই সমস্যাৰ সৃষ্টি হয় তাতেই তিয়হ লগাব লাগে।

৬) বৃক্ক সুস্থ কৰি ৰাখে

তিয়হ খালে শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰি যায় আৰু শৰীৰৰ ব্যৱস্থা সুচাৰুৰূপে চলি থাকে। তিয়হৰ ৰস খালে বৃক্ক সুস্থ হৈ থাকে।

লগতে পঢ়ক- Migraine: মাইগ্ৰেইনৰ কোনো ঔষধ নাই! কিন্তু খোৱা-বোৱাত কিছু নিয়ম মানি চলিব লাগে


Kolkata News: কলকাতাত চকলেটৰ লোভ দেখুৱাই ৭ বছৰীয়া কন্যা শিশুৰ সৈতে অপকৰ্মঃ আদালতে মৃত্যুদণ্ড বিহিলে এজনক

কলকাতা
কলকাতা

দৈনন্দিন বাৰ্তা, ২৮ ছেপ্টেম্বৰঃ এটি ৭ বছৰীয়া কিশোৰীক ধৰ্ষণৰ পিছত হত্যা কৰি বস্তাৰ ভিতৰত মৃতদেহ ভৰাই থোৱা এজন লোকক অৱশেষত আদালতে মৃত্যুদণ্ড বিহিলে। ঘটনা সংঘটিত হোৱাৰ ডেৰ বছৰৰ পাছত কলকাতাৰ এখন আদালতে ধৰ্ষণকাৰীক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰিলে।(Kolkata News)

আদালতে এই অপৰাধটো “বিৰলতকৈ বিৰল” শ্ৰেণীৰ অন্তৰ্গত বুলি ধৰি লয় আৰু স্কটিছ দাৰ্শনিক তথা অৰ্থনীতিবিদ এডাম স্মিথৰ উদ্ধৃতি দি বৃহস্পতিবাৰে শাস্তি ঘোষণা কৰে। স্পেছিয়েল প্ৰটেকচন অৱ চিলড্ৰেনছ এগেইনষ্ট চেক্সুৱেল অফেন্স (POCSO) আদালতে কয় যে, “দোষীসকলৰ প্ৰতি কৰা দয়া নিৰীহৰ প্ৰতি কৰা নিষ্ঠুৰতা” ২০২৩ চনৰ ২৬ মাৰ্চৰ পুৱা কলকাতাৰ তিলজালা অঞ্চলত সংঘটিত হৈছিল এই নাৰকীয় কাণ্ড।

শিশুটিৰ পৰিয়ালৰ অভিযোগৰ ভিত্তিত কলকাতা আৰক্ষীয়ে ব্যাপক তালাচী আৰম্ভ কৰিছিল আৰু পিছদিনা সন্ধিয়া, চুবুৰীয়া লোক এজনৰ ফ্লেটৰ পাকঘৰৰ ভিতৰত বস্তাত শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল। চুবুৰীয়াজনক আলোক কুমাৰ শ্ব’ বুলি চিনাক্ত কৰা হৈছিল।(Kolkata Court Sentences Death Penalty)

তদন্তত জানিব পৰা গৈছে যে তেওঁ কিশোৰীগৰাকীক চকলেট দিয়া লোভ দেখুৱাই অপহৰণ কৰি ধৰ্ষণ আৰু হত্যা কৰা হৈছিল। এই ঘটনাই অঞ্চলটোত ক্ষোভৰ সৃষ্টি কৰাৰ লগতে প্ৰতিবাদকাৰীয়ে কেইবাখনো গাড়ী জ্বলাই দিছিল। প্ৰতিবাদকাৰীয়ে এখন থানাও ভাঙি লণ্ডভণ্ড কৰিছিল।

কলকাতা আৰক্ষীৰ অপৰাধ তদন্তকাৰী শাখাই এই গোচৰৰ তদন্ত কৰি ১৬ জুনত অভিযোগনামা দাখিল কৰে। যোৱা ২৪ জুলাইত বিশেষ POCSO আদালতৰ সন্মুখত অভিযোগৰ গতিগোত্ৰ লগোৱা হয় আৰু বৃহস্পতিবাৰে আদালতে লোকজনৰ মৃত্যুদণ্ডৰ ৰায়দান কৰে।

আদালতে কয় যে ৭ বছৰীয়া শিশুটিক যি ধৰণে যৌন নিৰ্যাতন আৰু হত্যা কৰা হৈছে, সেই ঘটনাই অপৰাধটোক “বিৰল গোচৰৰ ভিতৰত আটাইতকৈ বিৰল” শ্ৰেণীত স্থান দিছে।(rarest of rare)

Shipping and Waterway সাজু বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়

Shipping and Waterway সাজু বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়
Shipping and Waterway সাজু বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়

Shipping and Waterways সাজু বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়।স্বচ্ছতাক প্ৰতিষ্ঠানিকৰণ আৰু লেহেমীয়া গতি ৰোধৰ বাবে বিশেষ অভিযান ৪.০ৰ জৰিয়তে বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ে এই মূল্যবোধসমূহক দৈনন্দিন কাৰ্য্যকলাপত সন্নিৱিষ্ট কৰাৰ বাবে ব্যাপক প্ৰাৰম্ভিক পদক্ষেপ গ্ৰহণ কৰিছে। এই অভিযানৰ নিৰ্দেশনা মন্ত্ৰালয়ৰ প্ৰশাসনিক নিয়ন্ত্ৰণত থকা সকলো সংগঠন আৰু ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ সৈতে ভাগ কৰা হৈছে।

দৈনন্দিন বাৰ্তাৰ অনলাইন ফিচাৰ, ২৬ ছেপ্টেম্বৰ

Shipping and Waterway স্বচ্ছতাক প্ৰতিষ্ঠানিকৰণ আৰু লেহেমীয়া গতি ৰোধৰ বাবে বিশেষ অভিযান ৪.০ৰ জৰিয়তে বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ে এই মূল্যবোধসমূহক দৈনন্দিন কাৰ্য্যকলাপত সন্নিৱিষ্ট কৰাৰ বাবে ব্যাপক প্ৰাৰম্ভিক পদক্ষেপ গ্ৰহণ কৰিছে। এই অভিযানৰ নিৰ্দেশনা মন্ত্ৰালয়ৰ প্ৰশাসনিক নিয়ন্ত্ৰণত থকা সকলো সংগঠন আৰু ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ সৈতে ভাগ কৰা হৈছে। অনাময় মন্ত্ৰালয়ৰ সচিবে মন্ত্ৰালয়ৰ বিষয়া আৰু সকলো সংস্থা/ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ মুৰব্বীৰ সৈতে কেইবাখনো পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰি অভিযানৰ প্ৰস্তুতি আৰু লক্ষ্য নিৰ্ধাৰণৰ সুবিধা প্ৰদান কৰিছে।প্ৰাৰম্ভিক পৰ্যায়ত (১৬ৰ পৰা ৩০ ছেপ্টেম্বৰ, ২০২৪) বাকী থকা ৰেফাৰেন্স, ভৌতিক আৰু ইলেক্ট্ৰনিক ফাইল/ৰেকৰ্ডসমূহ পৰ্যালোচনা কৰা হৈছে। এতিয়ালৈকে ১৬৪টা স্বচ্ছতা অভিযানৰ পৰিকল্পনা কৰা হৈছে৷ এই সময়ছোৱাত পৰ্যালোচনাৰ বাবে প্ৰায় ২১,২০০টা ভৌতিক আৰু ইলেক্ট্ৰনিক ফাইল চিনাক্ত কৰা হৈছে।অভিযানৰ পূৰ্বৰ সংস্কৰণ বিশেষ অভিযান ৩.০ত সাংসদ, ৰাজ্য চৰকাৰ, অন্যান্য মন্ত্ৰালয় আৰু জনসাধাৰণৰ পৰা ৰেফাৰেন্সৰ বেকলগ হ্ৰাস কৰাৰ লগতে সংসদীয় আশ্বাস নিষ্পত্তি কৰাৰ ক্ষেত্ৰতো মন্ত্ৰালয়ে যথেষ্ট অগ্ৰগতি লাভ কৰে। এই সময়ছোৱাত প্ৰায় ২,১২,০০০ ফাইল পৰ্যালোচনা কৰা হৈছিল, ইয়াৰে প্ৰায় ২৮,০০০ ফাইল আঁতৰোৱা হৈছিল। তদুপৰি, প্ৰায় ১,১৮,০০০ ই-ফাইল বন্ধ কৰা হৈছিল আৰু ৩৬টা নিয়ম সৰল কৰা হৈছিল। আৱৰ্জনা নিষ্কাশনৰ জৰিয়তে মন্ত্ৰালয়ে ২১.২৫ কোটি টকাৰ ৰাজহ লাভ কৰি প্ৰায় ৭২ হাজাৰ বৰ্গফুট ঠাই মুকলি কৰে৷বিশেষ অভিযান ৪.০ সফল ৰূপায়ণ নিশ্চিত কৰিবলৈ মন্ত্ৰালয়ত নিয়মীয়াকৈ উচ্চ পৰ্যায়ৰ পৰ্যালোচনা কৰা হৈছে।

অধিক খৱৰ পঢ়িবলৈ

ছাত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত সহপাঠী