Home Blog Page 557

সুব্ৰত কাপ ছাৱ-জুনিয়ৰ ফুটবলত মেঘালয় চেম্পিয়ন, বয়স ব্যৰ্থতাৰ বাবে বিদায় লৈছিল অসমৰ দলে…

মেঘালয়ৰ নংগিৰি প্ৰেছবিটেৰিয়ান মাধ্যমিক বিদ্যালয়ে ৬৩ সংখ্যক সুব্ৰত কাপ ছাৱ-জুনিয়ৰ ফুটবলৰ ল’ৰাৰ খিতাপ দখল কৰিছে৷ বেংগালুৰুত বুধবাৰে অনুষ্ঠিত হোৱা ফাইনেলত দলে ৩-০ গলৰ ব্যৱধানত পৰাস্ত কৰে উত্তৰ প্ৰদেশৰ মেজৰ ধ্যানচান্দ ক্ৰীড়া মহাবিদ্যালয়ক৷ বিজয়ী দলটোৰ হৈ ৰিনটঙে দুটা গ’ল কৰাৰ বিপৰীতে নামেবানলাম নংচেহে তৃতীয়টো গ’ল দিয়ে৷

উল্লেখ্য যে খেলৰ ২০ ছেকেণ্ডতে প্ৰথমটো গল কৰা ৰিনটঙে ৩৪ মিনিটত দ্বিতীয়টো গল কৰে৷ আনহাতে, মেঘালয়ে ৪৮ মিনিটত তৃতীয়টো গল কৰে৷ খেলৰ অন্তত চেম্পিয়ন দলক বঁটা আৰু প্ৰাইজমানি প্ৰদান কৰে এয়াৰ মাশ্বৰ্ল নাগেশ কাপুৰ, ভাৰতীয় বেডমিণ্টনৰ তাৰকা অলিম্পিয়ান এইচ এছ প্ৰনয় আৰু এথলীট অশ্বিনী আকুনজিয়ে৷

বিজয়ী দলে চাৰি লাখ, ৰানাৰ্ছআপ দলে দুই লাখ, ছেমিফাইনেল পৰাস্ত হোৱা উভয় দলে ৫০ হেজাৰকৈ আৰু কোৱাৰ্টাৰ ফাইনেলত পৰাস্ত হোৱা দলে ২৫ হেজাৰকৈ টকা লাভ কৰে৷ উল্লেখ্য যে প্ৰতিযোগিতালৈ অসমৰ ক্ৰীড়া বিভাগেও দল প্ৰেৰণ কৰিছিল যদিও বয়সৰ পৰীক্ষাতে ব্যৰ্থ হৈ এখনো মেচত অংশ ল’ব নোৱাৰিলে৷ অথচ লাখ টকা খৰছ কৰি বিভাগে অসমত প্ৰতিযোগিতা আয়োজন কৰিছিল৷

ইফালে, প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈ নিৰ্বাচিত হয় মেজৰ ধ্যানচান্দ ক্ৰীড়া মহাবিদ্যালয়ৰ অভিষেক পেটেল৷ তেওঁ ৪০ হেজাৰ টকা লাভ কৰে৷ শ্ৰেষ্ঠ গ’লৰক্ষক মেঘালয়ৰ থ্ৰিচিলবিথ এ চাংমা আৰু শ্ৰেষ্ঠ প্ৰশিক্ষক মেঘালয়ৰ দলটোৰ পিনখ্ৰেহলাং নংচেহ৷ উভয়ে ২৫ হেজাৰকৈ লাভ কৰে৷ ফেয়াৰ প্লে বঁটা লাভ কৰা ছিকিমৰ তাছি নামগ্যাল একাডেমীক ৫০ হেজাৰ প্ৰদান কৰাৰ বিপৰীতে শ্ৰেষ্ঠ বিদ্যালয়ৰ সন্মান লাভ কৰা মেজৰ ধ্যানচান্দ ক্ৰীড়া মহাবিদ্যালয়ক ৪০ হেজাৰ টকা দিয়া হয়৷

উল্লেখ্য যে সুব্ৰত কাপৰ জুনিয়ৰ ছোৱালীৰ খেল ইতিপূৰ্বে সমাপ্ত হোৱাৰ পাছত অহা দুই ছেপ্টেম্বৰৰ পৰা নতুন দিল্লীত ১৭ বছৰ অনূধ্বৰ্ ল’ৰাৰ জুনিয়ৰ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব৷ অসমেও এই প্ৰতিযোগিতালৈ পিলিক চৌধুৰীৰ চেম্পিয়ন দলটোক প্ৰেৰণ কৰিব৷

অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে নয়না দেৱীয়েঃ ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈ দহটা দিনে জীৱন মৃত্যুৰে যুঁজিছিল মৰিধল মহাবিদ্যালয়ৰ ছাত্ৰী গৰাকীয়ে

২৮ আগষ্টঃ এক ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈ বিগত দহটা দিনে জীৱন মৃত্যুৰে যুঁজি অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে মৰিধল মহাবিদ্যালয়ৰ মেধাৱী ছাত্ৰী নয়না দেৱীয়ে ৷ যোৱা ১৯ আগষ্টৰ সন্ধিয়া মৰিধলৰ খজুৱাত সংঘটিত এক পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকা ছাত্ৰীগৰাকীয়ে আজি দিনৰ প্ৰায় ২.৩০ বজাত শেষ নিশ্বাস ত্যাগ কৰে ৷

উল্লেখ্য যে, যোৱা ১৯ আগষ্টৰ সন্ধিয়া নয়না দেৱীয়ে ঘৰলৈ বুলি মৰিধলৰপৰা ধেমাজি অভিমুখী AS 22C 9768 নম্বৰৰ এখন অট’ত যাত্রী হিচাপে আহি থকা অৱস্থাত ধেমাজি মৰিধল খজুৰাস্থিত পেট্রল ডিপুৰ সমীপত বিপৰীত দিশৰ পৰা অহা AS 07X 6965 নম্বৰৰ এখন Scorpio গাড়ীয়ে সম্মুখৰ পৰা প্রচণ্ড জোৰত খুন্দা মৰাত অট’খনত একমাত্র যাত্রী হিচাপে থকা নয়না দেবী গুৰুতৰভাবে আঘাতপ্রাপ্ত হৈছিল ।

পিছত অতি সংকটজনক অৱস্থাত থকা নয়নাক ধেমাজি অসামৰিক চিকিৎসালয়লৈ নিয়া হৈছিল যদিও পিছত উন্নত চিকিৎসাৰ বাবে ডিব্রুগড়লৈ নিয়া হৈছিল ৷ প্ৰথম অৱস্থাত সংকটজনক অবস্থাত ডিব্ৰুগড়ৰ ‘সৃষ্টি নার্চিং হ’ম’ত ভৰ্তি কৰা হৈছিল যদিও জটিল অৱস্থাত থকা নয়নাক শেহতীয়াকৈ অসম চিকিৎসা মহাবিদ্যালয়ৰ আই,চি,ইউত ৰখা হৈছিল ৷ শৰীৰৰ বিভিন্ন অংশত গুৰুতৰ জখম লৈ চিকিৎসাধীন হৈ থকা নয়নাই বিগত দহটা দিনেই ভেন্টিলেচনৰ মাজত জীৱন মৃত্যুৰে যুঁজিছিল ৷ মৰিধল মহাবিদ্যালয়ত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনৰ দুৰ-সংযোগী পাঠ্যক্ৰমৰ স্নাতকোত্তৰ শাখাৰ দ্বিতীয় ষান্মাষিকৰ(অসমীয়া বিভাগৰ) ছাত্ৰী নয়না দেৱীৰ মৃত্যুৰ বাতৰিয়ে শোকস্তব্ধ কৰি তুলিছে সকলোকে ৷ ছাত্ৰীগৰাকীৰ আশু আৰোগ্যৰ বাবে সকলোৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছিল যদিও তাই আজি কৰুণ মৃত্যুক সাৱতি লয় ৷ মেধাৱী ছাত্ৰীগৰাকীৰ মৃত্যুত সমগ্ৰ মৰিধল মহাবিদ্যালয় পৰিয়ালবৰ্গ, বিভিন্ন ছাত্ৰ সংগঠন তথা শুভাকাংক্ষী সকলোৱে গভীৰ শোক প্ৰকাশ কৰিছে ৷

স্মাৰ্ট মিটাৰ বন্ধ কৰা আৰু বিদ্যুৎ যোগান  নিয়মীয়া কৰাৰ দাবীত ঢেকীয়াজুলিত কংগ্ৰেছ দলে তীব্ৰ প্ৰতিবাদ

স্মাৰ্ট মিটাৰ বন্ধ কৰা আৰু বিদ্যুৎ যোগান  নিয়মীয়া কৰাৰ দাবীত ঢেকীয়াজুলিত কংগ্ৰেছ দলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷উল্লেখ্য যে স্মাৰ্ট মিটাৰ আৰু অনিয়মীয়া বিদ্যুৎ যোগানে গ্ৰাহক ৰাইজক ব্যাপক সমস্যাত পেলাইছে

ইয়াকেলৈ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ ঢেকীয়াজুলি বিধানসভা সমষ্টি কমিটি আৰু বৰছলা বিধানসভা সমষ্টি কমিটিৰ যৌথ উদ্যোগত ঢেকীয়াজুলি বিদ্যুৎ উপ সংমণ্ডল(১) কাৰ্যালয়ত বিভিন্ন শ্ল’গান দি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি পৰিবেশ উত্তাল কৰে৷

প্ৰতিবাদী কাৰ্যসূচীত কংগ্ৰেছ দলৰ শোণিতপুৰ জিলা সমিতিৰ উপ-সভাপতি সকল ক্ৰমে বেণুধৰ নাথ,উৎপল নন্দী,সাধাৰণ সম্পাদক অনাথ বন্ধু গোহৰাই,অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ উপ সভাপতি কাৰ্তিক কুৰ্মী,কংগ্ৰেছ দলৰ ঢেকীয়াজুলি নগৰ কমিটিৰ

সভাপতি স্বদেশ ঘোষ,ঢেকীয়জুলি গ্ৰাম্য ব্লক কংগ্ৰেছ কমিটিৰ সভাপতি প্ৰফুল্ল ৰাভা,বৰছলা ব্লক কংগ্ৰেছ কমিটিৰ সভাপতি হীৰেণ সেন,বিহগুৰি ব্লক কংগ্ৰেছ কমিটিৰ ভাৰপ্ৰাপ্ত সভাপতি বিপিন নাথ,সম্পাদক সুনীল কছাৰী,ঢেকীয়াজুলি ব্লক কংগ্ৰেছ কমিটিৰ

সম্পাদকদ্বয় ক্ৰমে হৰেন বৈশ্য,মোহন চেত্ৰী আৰু নিলোৎপল বৰা,বৰছলা ব্লক কংগ্ৰেছ কমিটিৰ সম্পাদক ছাহেব আলী,অসম জাতীয় পৰিষদৰ ৰাজ্যিক উপ সভাপতি অঞ্জন উপাধ্যায়,ৰাইজৰ দলৰ শোণিতপুৰ জিলাৰ সম্পাদক আৰিফ আহামেদ,ৰাইজৰ দলৰ কাৰ্যনিৰ্বাহক সদস্য পাৰূল আহমেদৰ লগতে

মহিলা কংগ্ৰেছৰ নেত্ৰী শীমা দেৱনাথ চম্পা বড়ো,মামনি গোৱালা,মীনা বিভাৰৰ উপৰিও প্ৰতিটো দলৰে নেতাকৰ্মী উপস্থিত থাকে৷

ৰাজ্যত এক উদ্যোগীমুখী পৰিস্থিতিতন্ত্ৰ সৃষ্টিৰ দিশত প্ৰস্তুতিৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ সন্দর্ভত এক বৈঠকত অংশগ্রহণ কৰে।

ৰাজ্যত এক উদ্যোগীমুখী পৰিস্থিতিতন্ত্ৰ সৃষ্টিৰ দিশত প্ৰস্তুতিৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ সন্দর্ভত এক বৈঠকত অংশগ্রহণ কৰে।

নতুন উদ্যোগ স্থাপন আৰু বিদ্যমান উদ্যোগসমূহৰ শক্তিশালীকৰণেৰে গ্ৰাম্য অঞ্চলৰ লগতে নগৰাঞ্চলত নিয়োগৰ সুযোগ সৃষ্টি কৰি মুখ্যমন্ত্ৰীয়ে উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্রতিষ্ঠান বিভাগৰ কাৰ্যকৰী সংস্থাটোক অভিযানটোক ইয়াৰ প্ৰতিশ্ৰুতিপূৰ্ণ সাফল্যৰ দিশত লৈ যোৱাৰ বাবে সকলো প্ৰস্তুতি সম্পূর্ণ কৰিবলৈ নির্দেশনা প্রদান কৰে।

এই আঁচনিৰ অধীনত নিৰ্বাচিত হিতাধিকাৰীসকলে নতুন অৰ্থনৈতিক ব্যৱসায় আৰম্ভ কৰিবলৈ আৰু তেওঁলোকৰ বিদ্যমান ব্যৱসায় সম্প্ৰসাৰিত কৰিবলৈ বিত্তীয় সহায় লাভ কৰিব।

বিহপুৰীয়া বিধান সমষ্টিৰ বিধায়কৰ শিক্ষা উন্নয়ন সমিতি চতুৰ্থ সংখ্যক কেন্দ্ৰীয় শিক্ষক দিৱস



বিগত বছৰ সমূহৰ দৰে এইবাৰো চতুৰ্থ সংখ্যক বিহপুৰীয়া সমষ্টিভিত্তিত বিধায়ক অমিয় কুমাৰ ভূঞাৰ তৎপৰতাত ৭৩ নং বিহপুৰীয়া বিধান সভা সমষ্টিৰ বিধায়কৰ শিক্ষা উন্নয়ন সমিতৰ উদ্যোগত , ফুলনিখাট উচ্চ মাধ্যমিক বিদ্যালয় আৰু ৰাইজৰ সহযোগত চতুৰ্থ বাৰৰ বাবে শিক্ষক দিৱসভাগ অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত লোৱা হৈছে।

সমষ্টিভিত্তিত আয়োজন কৰা এইবাৰ শিক্ষক দিৱসটি দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৪ আৰু ৫ ছেপ্তেম্বৰ বুধ আৰু বৃহস্পতিবাৰে নাৰায়ণপুৰ সাতবৰস্থিত ফুলনিখাট উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হ’ব। ইতিমধ্যে পূৰ্ণগতিত প্ৰস্তুতি চলি থকা অনুষ্ঠানটোৰ বাবে এখন সবল অভ্যৰ্থনা সমিতি গঠন কৰি দিয়া হৈছে।

ড°অমিয় কুমাৰ ভূঞাক মুখ্য উপদেষ্টা,বিৰেন্দ্ৰ নাথ ভাগৱতীক উপদেষ্টা আৰু মনোৰঞ্জন শৰ্মাক আহ্বায়ক বিহপুৰীয়া সমষ্টিৰ শিক্ষা উন্নয়ন সমিতি আৰু শিক্ষা আদৰণী সমিতিৰ হিচাপে অৰুণ বৰাক সভাপতি, হিৰেণ দাসক প্রধান সম্পাদক,মনোজ দত্ত আৰু গকুল বণিয়া যুটীয়া সম্পাদক হিচাপে লৈ গঠন কৰা সমিতিখনে পূৰ্ণ পৰ্যায়ত প্ৰস্তুতি চলাই কেইবাখনো উপ সমিতি গঠন কৰিছে।

অনুষ্ঠানৰ লগত সংগতি ৰাখি জ্যোতিৰ্ময় নামৰ এখন স্মৰণিকা প্ৰকাশৰো ব্যৱস্থা কৰি জগত গগৈক সম্পাদক সঞ্জীৱ বসুমতাৰীক সহযোগী সম্পাদক আৰু সত্যৰঞ্জন বৰাক সভাপতি হিচাপে লৈ গঠন কৰা হৈছে। এখন পূৰ্ণাঙ্গ সম্পাদনা সমিতি উক্ত অনুষ্ঠান সকলো ৰাইজৰ সহযোগিতা আৰু প্ৰতিযোগিতাত ইচ্ছুক প্ৰতিযোগীক প্ৰতিযোগিতাত অংশগ্ৰহণ কামনা কৰিছে।

উক্ত দুদিনীয়া কাৰ্যসূচীত প্ৰথম দিনা পৰিৱেশ নিকাকৰণ, গছপুলি ৰোপন, শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ তিৰোভাৱ তিথি উদযাপন, গ্ৰন্থ মেলা ,সাহিত্য প্ৰতিযোগিতা, চিত্ৰাংকন ,ঠাইতে লিখা ৰচনা প্ৰতিযোগিতা আৰু প্ৰহেলিকা প্ৰতিযোগিতা (নিম্ন আৰু উচ্চ শাখা), দিহানাম প্ৰতিযোগিতা আয়োজন কৰা হৈছে।দ্বিতীয় দিনা অৰ্থাৎ ৫ চেপ্তেম্বৰত পৰিৱেশ নিকাকৰণ ,স্মৃতি তৰ্পণ, দাৰ্শনিক পণ্ডিত সৰ্বপল্লী ৰাধাকৃষ্ণণৰ প্ৰতিকৃতিত মাল্যাৰ্পণ বন্তি প্ৰজ্বলন আৰু সভাৰ উদ্বোধন, শিক্ষক দিৱসৰ মুকলি সভা আৰু সম্বৰ্ধনা অনুষ্ঠান, স্মৃতি গ্ৰন্থ উন্মোচন আদি কৰি কেইবাটাও বৰ্ণাঢ্য কাৰ্যসূচী ৰূপায়ন কৰা হ’ব।

উল্লেখযোগ্য যে ৭৩ নং বিহপুৰীয়া বিধান সমষ্টিত বিধায়ক ড০ অমিয় কুমাৰ ভূঞাই ব্যতিক্ৰমীভাৱে প্ৰতিবছৰে শিক্ষকসকলক সেৱা জনোৱাৰ উদ্দেশ্যে আয়োজন কৰা সমষ্টিভিত্তিত শিক্ষক দিৱসে শিক্ষকসকলক উৎসাহিত কৰাৰ লগতে এক শুভ পৰম্পৰা সৃষ্টি কৰিছে। বিধায়ক এনে ধৰণৰ পদক্ষেপে ৰাইজকো সুখ প্ৰদান কৰা বহু সচেতন ৰাইজে উল্লেখ কৰিছে যে শিক্ষকৰ মূল্যায়ন কৰিব পৰা,শিক্ষকক কৃতজ্ঞতা জনাব পৰা আৰু শিক্ষকৰ বাবে সময় দিব পৰা বিধায়ক ড০ অমিয় কুমাৰ ভূঞাৰ এই পদক্ষেপ অসমৰ বহুলোকে অনুসৰণ কৰিছে আৰু ভূয়সী প্ৰশংসা আগবঢ়াইছে।

বিশিষ্ট শিল্পী কৃষ্ণ ৰয়লৈ সদৌ অসম কবি মঞ্চৰ কলাৰত্ন বঁ‌টা…

২৭ আগষ্টত ভ্ৰাম্যমাণৰ জন্মস্থান পাঠশালাত আৱাহন থিয়েটাৰৰ উদ্বোধনী অনুষ্ঠানত বিশিষ্ট শিল্পী তথা আৱাহন থিয়েটাৰৰ প্ৰতিষ্ঠাপক প্ৰয়োজক কৃষ্ণ ৰয়ক সদৌ অসম কবি মঞ্চই প্ৰদান কৰে ২০২৪’বৰ্ষৰ কলাৰত্ন বঁটা। সদৌ অসম কবি মঞ্চৰ প্ৰধান সম্পাদক জিতু কাঞ্চন সদৌ অসম কবি মঞ্চৰ উপদেষ্টা তথা অসম সাহিত্য সভাৰ

মাতৃভাষা- ৰাজ্যভাষা প্ৰয়োগ উপ-সমিতিৰ আহ্বায়ক হেমন্ত কলিতা, মঞ্চৰ উপদেষ্টা তথা অধিবক্তা চৈয়দ মোস্তাফা আহমেদ আৰু যুটীয়া সম্পাদক চাকিল আহমেদৰ লগতে কেইবাগৰাকী বিষয় ববীয়াই আৱাহন থিয়েটাৰৰ প্ৰতিষ্ঠাপক প্ৰযোজক তথা বিশিষ্ট শিল্পী গৰাকীক এই বঁ‌টা প্ৰদান কৰে।

জনপ্ৰিয় অভিনেত্ৰী তথা আৱাহন থিয়েটাৰৰ প্ৰযোজিকা প্ৰস্তুতি পৰাশৰৰ লগতে বজালী জিলাৰ উপায়ুক্ত, জিলা আৰক্ষী অধীক্ষকৰ উপস্থিতিত বিশিষ্ট শিল্পী গৰাকী আৱাহন থিয়েটাৰৰ মঞ্চত সদৌ অসম কবি মঞ্চৰ ২০২৪ বৰ্ষৰ কলাৰত্ন কৰা হয়।

ৰাজ্যৰ সকলো শিক্ষানুষ্ঠান আৰু ছবিগৃহত বাধ্যতামূলক পৰিবেশন হ’ব লাগিব অসম সঙ্গীতঃ অসম যুৱ পৰিষদ…

ৰাজ্যৰ সকলো শিক্ষানুষ্ঠান আৰু ছবিগৃহত
বাধ্যতামূলক পৰিবেশন হ’ব লাগিব অসম সঙ্গীতঃ অসম যুৱ পৰিষদ

অসম চৰকাৰৰ নিৰ্দেশনা অনুসৰি অসম যুৱ পৰিষদে ৰাজ্যখনৰ সকলো ছবিগৃহ আৰু শিক্ষানুষ্ঠান/বিদ্যালয়তে অসম সংগীত পৰিবেশন বাধ্যতামূলক কৰাটোৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে। এই ক্ষেত্ৰত অসম যুৱ পৰিষদৰ তৰফৰ পৰা ৰাজ্যখনৰ ছবিগৃহ সমূহৰ লগতে বিদ্যালয়সমূহত যাতে বাধ্যতামূলক ভাৱে অসম সংগীত পৰিবেশন হয় তাৰ বাবে পত্ৰ প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি আজি গুৱাহাটীৰ কেইবাটাও ছবিগৃহ আৰু বিদ্যালয়ত অসম সংগীত পৰিবেশন কৰিবলৈ ছবিগৃহৰ স্বত্বাধিকাৰী আৰু বিদ্যালয়সমূহৰ অধ্যক্ষ সকলক সাক্ষাৎ কৰি পত্ৰ প্ৰদান কৰিছে। অসম যুৱ পৰিষদে কয় যে, চৰকাৰী নিৰ্দেশনা অনুসৰি যদিহে অসম সংগীত পৰিবেশন নকৰে তেন্তে ই জাতীয় স্বাৰ্থৰ পৰিপন্থী হিচাপে বিবেচনা কৰা হব।


ৰাজ্যৰ শেহতীয়া পৰিস্থিতি পৰ্য্যবেক্ষণ কৰি অসম যুৱ পৰিষদে নিবনুৱা যুৱক-যুৱতী সকলক সংস্থাপন/স্বাৱলম্বী কৰাৰ বাবে বিভিন্ন ধৰণৰ প্ৰশিক্ষণ ব্যৱস্থা কৰাৰ লগতে চৰকাৰৰ আচঁনি সমূহৰ পৰা উপকৃত হোৱাৰ বাবে বিভিন্ন ধৰণৰ পদক্ষেপ যুৱ পৰিষদৰ তৰফৰ পৰা ইতিমধ্যে গ্ৰহণ কৰি আহিছে আৰু কৰি যাব। অপৰাধ কেতিয়াও জাতি বা ধৰ্মৰ ভিত্তিত হ’ব নোৱাৰে। শেহতীয়া পৰিস্থিতিত উদ্বেগ প্ৰকাশ কৰি অসম যুৱ পৰিষদে কয় যে, অসম গণ পৰিষদ দল ধৰ্মনিৰ্পেক্ষতাত বিশ্বাসী এটা দল। এই ক্ষেত্ৰত এটা জাতি বা ধৰ্মৰ মানুহে কেতিয়াও অপৰাধমূলক প্ৰৱনতা লৈ জীয়াই নাথাকে। সেয়েহে কোনো নিৰ্দিষ্ট জাতি বা ধৰ্মৰ লোকক অপৰাধী সজোৱা পৰিৱতে চৰকাৰখনে অপৰাধীক

উচিত শিক্ষা প্ৰদানৰ বাবে সঠিক ব্যৱস্থা লবলৈ আহ্বান জনাইছে অসম যুৱ পৰিষদে। সাম্প্ৰতিক পৰিস্থিতিত অসম আন্দোলনৰ নায্যতা পুনৰ প্ৰতিপন্ন হোৱাৰ লগতে অসম চুক্তিৰ প্ৰাসংগিকতা প্ৰমানিত হৈছে বুলি মতপোষণ কৰি শেহতীয়া বাংলাদেশৰ অস্হিৰ পৰিস্থিতিৰ গইনা লৈ যাতে কোনো অবৈধ বাংলাদেশী নাগৰিকে যাতে অসমত প্ৰৱেশ কৰিব নোৱাৰে এই বিষয়ত চৰকাৰ কঠোৰ হব লাগে ।অবৈধ বাংলাদেশীৰ লগতে অসমত বসবাস কৰা সকলো সন্দেহযুক্ত নাগৰিকক অসম চুক্তিৰ আধাৰত চিনাক্তকৰন কৰি বহিস্কাৰ কৰাৰ বাবে সংবাদ মেলত চৰকাৰক আহ্বান জনাইছে ।অৰ্থনৈতিক স্বাবলম্বীতা আৰু ৰাজনৈতিক নিৰাপত্তা ৰাজ্যখনৰ খিলঞ্জীয়া জনসাধাৰণৰ বাবে নিশ্চিত কৰিবলৈ যুৱ পৰিষদে চৰকাৰক আহ্বান জনায় ।

মিৰ্জাৰ বিশিষ্ট সমাজকৰ্মী ৰাজেন কুমাৰৰ হৃদৰোগত আক্ৰান্ত হৈ দেহাৱসান…

মিৰ্জাৰ বিশিষ্ট সমাজকৰ্মী ৰাজেন কুমাৰ মেধিৰ দেহাৱসান।

হৃদৰোগত আক্ৰান্ত হৈ ৭৬ বছৰ বয়সত আজি শেষ নিশ্বাস ত্যাগ কৰে ব্যক্তিগৰাকীয়ে।

ৰাজেন কুমাৰ মেধিৰ মৃত্য়ুত দক্ষিণ কামৰূপত শোকৰ ছাঁ।

বাংলাদেশৰ অস্থিৰতাৰ বাবে ভাৰতত মুছলমানৰ প্ৰৱেশ বৃদ্ধি পাইছে : মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা…

‘বাংলাদেশৰ অস্থিৰতাৰ বাবে ভাৰতত মুছলমানৰ প্ৰৱেশ বৃদ্ধি পাইছে’।

অসমৰ জনগাঁথনি পৰিৱৰ্তনক লৈ চিন্তিত মুখ্যমন্ত্ৰী। অবৈধ প্ৰব্ৰজনৰ ফলত হোৱা অসমৰ জনগাঁথনি পৰিৱৰ্তনৰ ওপৰত আলোকপাত কৰিবলৈ শীঘ্ৰেই শ্বেতপত্ৰ মুকলি কৰিব চৰকাৰে ।

এই কথা সদৰী কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

৭দিনৰ ভিতৰত শিৱসাগৰৰ সকলো দোকানৰ সন্মুখত অসমীয়াত থাকিব লাগিব নাম ফলক : শিৱসাগৰৰ পৌৰসভাৰ ব্যৱসায়ীলৈ নিৰ্দেশ…

৭দিনৰ ভিতৰত শিৱসাগৰৰ সকলো দোকানৰ সন্মুখত অসমীয়াত থাকিব লাগিব নাম ফলক।

জাতীয় দল-সংগঠনৰ দাবীৰ পাছতেই জাননীযোগে শিৱসাগৰৰ পৌৰসভাৰ ব্যৱসায়ীলৈ নিৰ্দেশ।

শিৱদৌলৰ সন্মুখৰ পৰা দ’লমুখ চাৰিআলিলৈ দোকানসমূহত অসমীয়াতে নামফলক লিখাৰ ব্যৱস্থা পৌৰসভাৰ।