Home Blog Page 558

দিল্লীৰ কৃষক আন্দোলন সন্দৰ্ভত মন্তব্য কৰি বিতৰ্ক সোমাই পৰিছিল কংগনা ৰাণাৱত ! ‘মোক দলৰ নেতৃত্বই ধমক দিছিল, ভৱিষ্যতে কথা কওঁতে সাৱধান হ’ম…

‘মোক দলৰ নেতৃত্বই ধমক দিছিল, ভৱিষ্যতে কথা কওঁতে সাৱধান হ’ম।’ শেহতীয়া বিতৰ্কক লৈ কংগনাৰ মন্তব্য। দিল্লীৰ কৃষক আন্দোলন সন্দৰ্ভত মন্তব্য কৰি বিতৰ্ক সোমাই পৰিছিল কংগনা ৰাণাৱত।

‘দিল্লীৰ কৃষক আন্দোলনৰ উদ্দেশ্য আছিল চৰকাৰ ওফৰোৱা, আঁৰত চীন-আমেৰিকা।’ এই মন্তব্য কৰিছিল কংগনাই তাৰ পাছতেই সৃষ্টি হৈছে তুমুল বিতৰ্কৰ।

কংগনাৰ মন্তব্য নিজা বুলি চাফাই দিছিল বিজেপিয়ে।

চাপৰ ফলিমাৰীত চাঞ্চল্যকৰ ঘটনা ! মুছলমান যুৱকে অপহৰণ কৰি লৈ গ’ল আদিবাসী ছোৱালী…

চাপৰ ফলিমাৰীত চাঞ্চল্যকৰ ঘটনা। মুছলমান যুৱকে অপহৰণ কৰি লৈ গ’ল আদিবাসী ছোৱালী। পৰিয়ালৰ এজাহাৰৰ ভিত্তিত চাপৰ আৰক্ষীয়ে সোনামুখিৰ পৰা উদ্ধাৰ কৰে ছোৱালী জনীক। ইতিমধ্যে আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে যুৱকজনক।

যুৱকজনৰ নাম মফিদুল ইছলাম কলোবাড়ীৰ বুলি জানিব পৰা গৈছে। ঘটনা সংক্ৰান্তত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। আছা’ৰ ক্ষোভ আদিবাসী ছোৱালীসমূহ আদিবাসী গাঁৱত আৰু বাগান অঞ্চলত সুৰক্ষিত নহয় ।

আদিবাসী ছোৱালী লাভ জেহাদৰ কৱলত পৰিছে। মফিদুল নামৰ যুৱকজনে প্ৰথমে আদিবাসী ছোৱালীজনীক ফেচবুকৰ জৰিয়তে ভয় ভাবুকি প্ৰদান কৰি উক্ত কাণ্ড সংঘটিত কৰাৰ অভিযোগ।

মালিগাঁৱৰ তৰুণৰাম হাইস্কুলত বিশেষ স্বাস্থ্য শিবিৰ…

কামৰূপ মহানগৰ জিলা ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ উদ্যোগত আৰু পাণ্ডু স্বাস্থ্য খণ্ডৰ সহযোগত ২৭ আগষ্টত মালিগাঁৱৰ তৰুণ ৰাম ফুকন হাইস্কুলত ছাত্ৰ-ছাত্ৰী সকলৰ বাবে বিশেষ স্বাস্থ্য শিবিৰ অনুস্থিত কৰা হয়। ৩৬০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে স্বাস্থ্য পৰীক্ষা কৰা শিবিৰত চকু, কাণ, নাক মনোৰোগ,পৰিপুষ্টিতা আদি কেইবাটাও ৰোগৰ বিশেষজ্ঞ

চিকিৎসকৰ দ্বাৰা স্বাস্থ্য পৰীক্ষা কৰা হয়। মহানগৰ জিলাৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডা:উদয় শংকৰ মেধি, পাণ্ডু স্বাস্থ্য খণ্ডৰ অতিৰিক্ত অধীক্ষক ডা: কুমুদ ডেকা ৰাষ্ট্ৰীয় ৱাল স্বাস্থ্য মিছনৰ সমন্বয়ক বৰ্ষা দেবী পাণ্ডু স্বাস্থ্য

খণ্ডৰ সমন্বয়ক নিলাক্ষী দাস, পাণ্ডু স্বাস্থ্য খণ্ডৰ প্ৰৱন্ধক মানস বৈশ্যৰ তত্বাৱধানত অনুস্থিত স্বাস্থ্য শিবিৰত ৰাষ্ট্ৰীয় ৱাল স্বাস্থ্য মিছনৰ চিকিৎসক ডা: হেমন্ত কুমাৰ দাস, ডা: দিপ্তীৰেখা শৰ্মা, ডা:ময়ুৰী ডেকা আৰু ডা: ধনদা দাসে চিকিৎসা সেৱা প্ৰদান কৰে।

আধাৰ কাৰ্ডক লৈ সংবাদমেলত মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা ! বাধা আঁতৰাই কেন্দ্ৰই জাৰি কৰিলে নিৰ্দেশনা…

আধাৰ কাৰ্ড সম্পৰ্কত সংবাদমেল মুখ্যমন্ত্ৰীৰ

আধাৰ কাৰ্ড বিতৰণ বিতৰণ বন্ধ কৰি ৰখা হৈছিল ।

২০১৯ৰ ফেব্ৰুৱাৰীৰ পৰা ২০২৪ৰ আগষ্ট লৈ বন্ধ হৈ আছিল আধাৰ সমূহ ।

NRC বা আধাৰ কেন্দ্ৰ সমূহত গৈ এই লোকসকলে আবেদন কৰিছিল আধাৰ কাৰ্ড ।

৯,৩৫,৬৮২ জনৰ আধাৰ কাৰ্ড বন্ধ হৈ থকাৰ বাবে বিভিন্ন আঁচনিৰ পৰা বঞ্চিত হৈ আহিছিল ।

কেবিনেট চাব কমিটিয়ে প্ৰায়বোৰ সংগঠনৰ লগত আলোচনা কৰিছিল ।

ঐক্যমতত উপনিত হৈ আধাৰ কাৰ্ড আৰু NRCৰ সম্পৰ্ক নাই বুলি সমৰ্থন কৰিছিল ।

দুই বছৰ ধৰি আধাৰ কাৰ্ড সমূহ খুলি দিবলৈ কেন্দ্ৰীয় চৰকাৰৰ সৈতে কথা পাতি থকা হৈছিল ।

অসম চৰকাৰে ভাৰত চৰকাৰক ২৯-৭-২৪তাৰিখে আবেদন দিয়া হৈছিল আধাৰ কাৰ্ড মুকলিৰ বাবে ।

আমাৰ আবেদনক ভিত্তি কৰি মঙ্গলবাৰে নিৰ্দেশ দিয়ে আধাৰ কাৰ্ড মুকলি কৰি দিবলৈ ।

আধাৰ কাৰ্ড লোৱাৰ বাধা ভাৰত চৰকাৰে প্ৰত্যাহাৰ কৰে ।

১৫-২০দিনৰ ভিতৰত আধাৰ কাৰ্ড কাৰ্যালয়ত আধাৰ কাৰ্ড সমূহ গ্ৰহন কৰিব পাৰিব ।

২৭লাখ বুলি আমাৰ ধাৰণা আছিল, আলাপ আলোচনা কৰি গম পালোঁ ৯,৩৫,৬৮২হে ।

মৰিগাঁৱৰ জ্যেষ্ঠ সাংবাদিক ৰাতুল ডেকাৰ আকস্মিক মৃত্যুত শোক প্ৰকাশ জাফাৰ…

শোক প্ৰকাশ

মৰিগাঁৱৰ জ্যেষ্ঠ সাংবাদিক তথা district media club ৰ সভাপতি ৰাতুল ডেকাৰ আকস্মিক মৃত্যুত জাৰ্ণেলিষ্ট এচোছিয়েশ্যন ফৰ আসাম (জাফা)ৰ তৰফৰ পৰা গভীৰ শোক প্ৰকাশ কৰি তেখেতৰ বিদেহ আত্মাৰ চিৰ শান্তিৰ বাবে ভগবানৰ ওচৰত প্ৰাৰ্থনা জনাই।


লগতে শোকাকুল পৰিয়ালবৰ্গলৈ সমবেদনা প্ৰকাশ কৰে।

পৰিয়ালটোৰ এই দুখৰ দিনত সহায় – সহযোগিতাৰ হাত আগবঢ়াবলৈ জাফাৰ সতীৰ্থ সকলোক অনুৰোধ ।

শীঘ্ৰে বিক্ৰী হ’ব ৰাজ্যৰ ১০ খন চাহ বাগিচা…

শীঘ্ৰে বিক্ৰী হ’ব ৰাজ্যৰ ১০ খন চাহ বাগিচা! মুখ্য সচিবৰ পত্ৰত পোহৰলৈ ভয়ংকৰ চৰকাৰী ষড়যন্ত্ৰ। চৰকাৰী সম্পত্তি বিক্ৰী কৰি সংগ্ৰহ কৰিব ৰাজহ।

কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ এণ্ড্ৰিউ উইলৰ ১০ খন বাগিচা আছে অসমত। খোৱাং চাহ বাগিচা, হলৌগুৰি চাহ বাগিচা, টিংখং চাহ বাগিচা,

বাছমটিয়া চাহ বাগিচা, ৰাজগড় চাহ বাগিচা, দেছাম চাহ বাগিচা, মুৰফুলনি চাহ বাগিচা আছে এণ্ড্ৰিউ য়ুলৰ অধীনত।

কথাতে নহয় কামতো পৰিচয় দিলে বৰঝাৰত আগৰৱালা পৰিয়ালে…

দৰং ওদালগুৰি জিলাৰ সীমান্ত অঞ্চল বৰঝাৰ লীলানন্দ বিদ্যা নিকেতনত বহু দিনৰ ছাত্ৰ ছাত্ৰীৰ আন এটা অভাৱ পূৰণ কৰিলে আগৰৱালা পৰিয়ালে। বীৰেন্দ্ৰ নগৰ আশ্ৰমত দুই দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা শ্ৰী কৃষ্ণৰ জন্ম অষ্টমী অনুষ্ঠানত উপস্থিত থাকি গুৱাহাটীৰ পৱন আগৰৱালা পৰিয়ালে মংগবাৰে স্বৰ্গীয় প্ৰভু দয়াল আগৰৱালাৰ স্মৃতিত নাতিয়েক নীতিশ আগৰৱালা আৰু পুনিতা আগৰৱালাই ফিটা কাটি দ্বাৰ মুকলি কৰে ছাত্ৰ ছাত্ৰীৰ বাবে চাইকেল ষ্টেণ্ড। প্ৰায় পাঁচ লাখ টকা ব্যায়ৰে আটকধুনীয়া কৈ নিৰ্মাণ কৰে এই চাইকেল ষ্টেণ্ড। ধুনীয়া এটা চাইকেল ষ্টেণ্ড পাই ছাত্ৰ ছাত্ৰী আৰু বিদ্যালয় কতৃপক্ষই আনন্দিত হয়।

বিদ্যালয় কতৃপক্ষই ধন্যবাদ জ্ঞাপন কৰে আগৰৱালা পৰিয়ালক। কথাতে নহয় কামতো পৰিচয় দিলে আগৰৱালা পৰিয়ালে প্ৰায় দুই মাহ পূৰ্বে বৰঝাৰ লীলানন্দ বিদ্যা নিকেতন মূল প্ৰবেশ দ্বাৰ নিৰ্মাণ কৰি শুভ উদ্বোধন কৰে আকৌ মঙ্গলবাৰে একে খন বিদ্যালয়ত আটকধুনীয়া কৈ ছাত্ৰ ছাত্ৰীৰ বাবে চাইকেল ষ্টেণ্ড এটা বনাই মুকলি কৰি দিয়ে।
ইয়াৰ লগতে পৱন আগৰৱালাই আমাৰ আগত কয় যে বৰঝাৰ আৰু বৰঝাৰৰ মানুহে মোক বহুত ভালপায়। বৰঝাৰৰ বাবে বহু কৰিব লগীয়া আছে। মোৰ দেউতাকৰ স্মৃতিত বিদ্যালয়খনৰ মূল প্ৰবেশ দ্বাৰ, চাইকেল ষ্টেণ্ড হৈছে আৰু বীৰেন্দ্ৰ নগৰ আশ্ৰমত এখন পুথি ভড়াল খুওৱ কম দিনৰ ভিতৰতে নিৰ্মাণ হ’ব আৰু আগলৈ বৰঝাৰৰ শ্মশান টো খুওৱ ধুনীয়া কৈ বনাই দিয়াৰ ইচ্ছা আছে বুলি মত প্ৰকাশ কৰে। দিলীপ আগৰৱালাই বিদ্যালয়ৰ বিভিন্ন সমস্যাৰ বুজ লয় আৰু ছাত্ৰ ছাত্ৰীক গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ বিদ্যালয় কতৃপক্ষক দহ টা ফেন দিয়ে।

বিদ্যালয় কতৃপক্ষই গুৱাহাটীৰ পৰা অহা পৱন আগৰৱালা, ভবিতা আগৰৱালা, দিলীপ আগৰৱালা, মেহেক আগৰৱালা,নীতিশ আগৰৱালা,পুনিতা আগৰৱালাক ফুলাম গামোচাৰে সম্বৰ্ধনাৰ লগতে ধন্যবাদ জনায়। লীলানন্দ বিদ্যা নিকেতনৰ প্ৰধান শিক্ষক প্ৰবীৰ দে ই আগৰৱালা পৰিয়ালক আন্তৰিক ধন্যবাদ জনায় আৰু কয় যে স্থানীয় ৰাইজৰ সহায় অবিহনে বিদ্যালয় এখন পৰিচালিত কৰা বহু টান।এনেকোৱা সহায় সহযোগিতা পালে বহু ভাল লাগে।উক্ত চাইকেল ষ্টেণ্ড দ্বাৰ মুকলি অনুষ্ঠানত উপস্থিত থাকে বীৰেন্দ্ৰ নগৰ আশ্ৰম কতৃপক্ষৰ মনিন্দ্ৰ বসুমতাৰী,শশধৰ বিশ্বাস,অমিত দাস,লীলা নন্দ বিদ্যা নিকেতন হাইস্কুলৰ প্ৰধান শিক্ষক প্ৰবীৰ দে, সহকাৰী শিক্ষক গৌতম ভৌমিক,বকলি দাস,নন্দদুলাল চৰকাৰ, দিপক সাহা,বিদ্যুত সাহা, স্বপন বিশ্বাস, গৌৰি ঘোষ, নৱজীত ঘোষ, স্থানীয় মান্য গণ্য় ৰাইজ আৰু প্ৰায় চাৰি শতাধিক ছাত্ৰ ছাত্ৰী।

মৰিগাঁৱৰ সাংবাদিক ৰাতুল ডেকাৰ ৰহস্যজনক মৃত্যু…

মৰিগাঁৱৰ সাংবাদিক ৰাতুল ডেকাৰ ৰহস্যজনক মৃত্যু। নিশা ঘৰলৈ গৈ থকা অৱস্থাত মৃত্যু হয় সাংবাদিকজনৰ।

তেজেৰে লুতুৰি-পুতুৰি হৈ থকা অৱস্থাত উদ্ধাৰ মৃতদেহ। এয়া দুৰ্ঘটনা নে হত্যাকাণ্ড তাক লৈ বৰ্তমান ৰহস্য।

জেষ্ঠ্য সাংবাদিকজনৰ মৃত্যুত মৰিগাঁৱত শোকৰ ছাঁ ।

কলকাতাত চিকিৎসকৰ ন্য়ায়ৰ দাবীত আজি পশ্চিমবংগ বন্ধ…

আজি পশ্চিমবংগ বন্ধ! কলকাতাত চিকিৎসকক ধৰ্ষণ-হত্যাৰ প্ৰতিবাদত বুধবাৰে ৰাজ্যৰ সচিবালয়লৈ উলিয়াইছিল প্ৰতিবাদী সমদল।

বেৰিকেড ভাঙি ৰাজ্যৰ সচিবালয়ত প্ৰৱেশৰ চেষ্টা কৰিছিল প্ৰতিবাদকাৰীয়ে। প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ লাঠীচালনা, কন্দুৱা গেছ আৰু পানী হিলৈ নিক্ষেপৰ প্ৰতিবাদ।

পুৱা ৬ বজাৰ পৰা বিয়লি ৬ বজালৈ বন্ধৰ আহ্বান বিজেপিৰ।

ধিঙৰ বিধায়ক আমিনুল ইছলামৰ বিৰুদ্ধে ৩ খনকৈ এজাহাৰ দাখিল…

ধিঙৰ বিধায়ক আমিনুল ইছলামৰ বিৰুদ্ধে এজাহাৰ। ধিং থানাত ৩ খনকৈ এজাহাৰ দাখিল বিধায়কগৰাকীৰ বিৰুদ্ধে।

ধিং আঞ্চলিক ছাত্ৰ সন্থা, নাৰী সুৰক্ষা সমিতিয়ে দাখিল কৰে এজাহাৰ।

বিধায়ক আমিনুল ইছলামৰ বিৰুদ্ধে অশালীন মন্তব্যৰ অভিযোগ