Hinduism । হিন্দু ধৰ্মাৱলম্বী লোকৰ ওচৰত অৱশেষত ক্ষমা খুজিলে হোজাইৰ মৌলানা হাফিজ আলা উদ্দিনে৷ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক যথেষ্ট ভালপোৱাৰ কাৰণে তথা শিল্পীগৰাকীৰ অকাল মৃত্যুত ব্যথিত হৈ মৌলানা হাফিজ আলা উদ্দিনে এইবেলি দেৱালী নাপাতিবলৈ অসমবাসী ৰাইজক আহ্বান জনাইছিল বুলি মন্তব্য কৰে৷ উল্লেখ্য যে কেইদিনমান পূৰ্বে মৌলনাগৰাকীয়ে আগন্তুক দেৱালী উদযাপন নকৰিবলৈ অসমবাসীক আহ্বান জনাইছিল৷ এক ভিডিঅ’ত ‘সঁচাকৈ যদি আমি জুবিন অনুৰাগী, জুবিনৰ মৃত্যুত যদি আমি সঁচাকৈ ব্যথিত, তেন্তে দেৱালী বৰ্জন কৰক’ বুলি অসমৰ ৰাইজক দেৱালী উদযাপন নকৰিবলৈ আহ্বান জনাইছিল৷ দল-সংগঠনৰ অসমত দেৱালী নাপাতিবলৈ জনোৱা আহ্বানৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়াই মৌলানাগৰাকীয়ে জুবিন গাৰ্গক ন্যায় দিবলৈ মুখ্যমন্ত্ৰীকো কাতৰ আহ্বান জনাইছিল৷ জুবিন গাৰ্গে ন্যায় নোপোৱালৈকে দেৱালী উদযাপন নকৰিবলৈ অসমবাসীক মৌলানাগৰাকীৰ আহ্বান জনাইছিল৷ ইয়াৰ পিছতে বিষয়টোক লৈ বিতৰ্কৰ সূত্ৰপাত হোৱাত মৌলনাগৰাকীয়ে অসমবাসীৰ ওচৰত ক্ষমা-ভিক্ষা বিচাৰে৷ আজি এক ভিডিঅ’ বাৰ্তাযোগে তেওঁ কয় যে মই এজন জুবিনৰ অনুৰাগী আৰু অসমীয়া হিচাপে দেৱালী উদযাপন নকৰিবলৈ আহ্বান জনাইছিলো৷ কোনোবা ধৰ্মক টাৰ্গেট কৰা বা কাৰোবাৰ মনত আঘাত দিয়াৰ তেওঁৰ উদ্দেশ্য মুঠেই নাছিল বুলি মৌলনাগৰাকীয়ে উল্লেখ কৰে৷ জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত যদি ঈদো থাকিলেহেঁতেন, তেন্তে তেওঁ আনন্দ-উলালহেৰে ঈদো পালন নকৰিলহেঁতেন বুলি কয়৷ জুবিনৰ মৃত্যুত বহুত দুখ লগাৰ বাবে তেওঁ ৰাইজক দেৱালী নাপাতিবলৈ আহ্বান জনাইছিল, দেৱালী বন্ধ কৰাৰ কথা কোৱা নাছিল বুলি স্পষ্ট কৰি দিয়ে৷ দেৱালীত ফটকা ফুটাই আনন্দ উল্লাস কৰাৰহে তেওঁ বিৰোধ কৰিছিল৷ যিটো নেকি অসমৰ বিভিন্ন দল-সংগঠনেও বিৰোধ কৰিছে৷ সেই দল-সংগঠনৰ আহ্বানক সমৰ্থন জনাই তেওঁ সেই কথাখিনি কোৱা বুলি উল্লেখ কৰে৷ তেওঁৰ এই কথাত যদি হিন্দু ধৰ্মাৱলম্বী কোনো লোকে দুখ পাইছে, মনত আঘাত পাইছে তাৰ বাবে তেওঁ ক্ষমা বিচাৰিছে৷ কোনেও যাতে তেওঁৰ এই কথাখিনিক ধৰ্মীয় দিশত টানি লৈ নাযায় তাৰ বাবে তেওঁ সকলোকে আহ্বান জনায়৷ জুবিন গাৰ্গৰ ন্যায়ৰ স্বাৰ্থতহে তেওঁ সেই কথাখিনি কোৱা বুলি উল্লেখ কৰে৷
সোণাপুৰৰ কমাৰকুছিত জুবিন গাৰ্গৰ সমাধিস্থলৰ সন্মুখত বিশৃংখল পৰিস্থিতি
অসমীয়াৰ হিয়াৰ আমঠু, গণশিল্পী জুবিন গাৰ্গৰ কমাৰকুছিস্থিত সমাধিস্থলৰ সন্মুখত একাংশ লোকে সৃষ্টি কৰিছে বিশৃংখল পৰিস্থিতি৷ গণশিল্পীগৰাকীৰ সমাধিস্থলৰ সন্মুখত সৃষ্টি হোৱা পৰিস্থিতিকলৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে কমাৰকুছি ৰাজহুৱা শ্মশান পৰিচালনা কমিটীয়ে। শ্মশান পৰিচালনা কমিটীৰ সভাপতি দেবেন চন্দ্ৰ দাস আৰু সম্পাদক হৰেশ্বৰ তুমুঙে ডিমৰীয়া সমজিলা আয়ুক্তক এই সন্দৰ্ভত এখন স্মাৰকপত্র প্ৰদান কৰিছে৷

স্মাৰকপত্রত উল্লেখ কৰা মতে, জুবিন গাৰ্গৰ সমাধিস্থলৰ সন্মুখত থকা ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োপাৰে কিছুমান দোকান আৰু সৰু-সুৰা দোকান-ঘৰ স্থাপন কৰা হৈছে। এই দোকানসমূহত কিছু অচিনাকি ব্যক্তিয়ে নিশাৰ ভাগত অবৈধভাৱে সুৰা আদি নিচাজাতীয় দ্ৰব্য বিক্ৰী কৰি অহা বুলি অভিযোগ উত্থাপন কৰা হৈছে। ইয়াৰ ফলত সমাধিস্থলৰ সন্মুখত বিশৃংখল পৰিস্থিতি উদ্ভৱ হোৱাৰ লগতে তীব্ৰ যান-জঁট সৃষ্টি হৈছে।
শ্মশান কমিটীয়ে জনায় যে এইদৰে ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োপাৰে দোকান স্থাপন কৰাটো আইনবিৰুদ্ধ হোৱাৰ উপৰি জুবিন গাৰ্গৰ সমাধিস্থলৰ পৱিত্ৰ পৰিৱেশৰ পৰিপন্থী। যোৱা নিশা সুৰাপান কৰা লোকে সমাধিস্থলত বিশৃংখল পৰিস্থিতিৰ সৃষ্টি কৰাৰ ফলত এক দুৰ্ঘটনাও সংঘটিত হয়।
এনে পৰিস্থিতিৰ প্ৰেক্ষাপটত কমাৰকুছি ৰাজহুৱা শ্মশান পৰিচালনা কমিটীৰ সভাপতি দেবেন চন্দ্ৰ দাস আৰু সম্পাদক হৰেশ্বৰ তুমুঙে ডিমৰীয়া সমজিলা আয়ুক্তক শীঘ্ৰে এই অবৈধ দোকানসমূহ উচ্ছেদৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে৷
Dhanteras 2025: ধনতেৰাছত ঘৰুৱা কাম শুভ নে অশুভ? নিয়ম জানি লওক, নহ’লে এটা ভুলে আপোনাৰ দীপাৱলী অশুভ কৰিব !
হিন্দু ধৰ্মত ধনতেৰাছৰ যথেষ্ট তাৎপৰ্য আছে। (Dhanteras 2025) ধনতেৰাছৰ দিনটোত ধনৰ দেৱতা কুবেৰ আৰু ভগৱান ধনবন্তৰীক পূজা কৰা হয়, যাৰ ফলত ধন-সম্পত্তিৰ আশীৰ্বাদ আৰু সুস্বাস্থ্যৰ আশীৰ্বাদ পোৱা যায়। এইবাৰ ১৮ অক্টোবৰত ধনতেৰাছ আৰু ২০ অক্টোবৰত দীপাৱলী। এই দিনটোত মানুহে নতুন সামগ্ৰী, যেনে সোণ-ৰূপৰ গহনা, মাটি, গাড়ী ক্ৰয় কৰে। কিন্তু ধনতেৰাছৰ দিনা ঘৰুৱা কাম কৰিব পাৰি নে তাক বিভ্ৰান্তিৰ সৃষ্টি হয়। ধনতেৰাছত নতুন ঘৰত প্ৰৱেশ কৰাটো শুভ নে অশুভ সেই বিষয়ে জানো আহক-
বাস্তু শাস্ত্ৰৰ মতে ধনতেৰাছৰ দিনা নতুন ঘৰত প্ৰৱেশ কৰাটো অশুভ বুলি গণ্য কৰা হয় কাৰণ ধনতেৰাছৰ সময়ত বাস্তু শাস্ত্ৰ নিদ্ৰাহীন অৱস্থাত থাকে। এই সময়ছোৱাত ঘৰত প্ৰৱেশ কৰিলে বাস্তুৰ দোষ আহিব পাৰে, নেতিবাচক শক্তি, দুৰ্ভাগ্য, আৰ্থিক কষ্টো আহিব পাৰে। আনহাতে বিবাহ, বাগ্দান বা গৃহ প্ৰৱেশৰ দৰে কোনো শুভ অনুষ্ঠান কৰা নহয়।
বিশ্বাস অনুসৰি ধনতেৰাছৰ দিনা গৃহ প্ৰৱেশ অনুষ্ঠানত প্ৰৱেশ কৰিলে পৰিয়ালটোৰ বাবে দুৰ্ভাগ্যৰ সৃষ্টি হ’ব পাৰে। পৰিয়ালৰ সদস্যৰ লগতে এই দিনটোত ঘৰত ঋণাত্মক শক্তিও প্ৰৱেশ কৰিব পাৰে।
ধনতেৰাছৰ নতুন ঘৰত থাকিলে পৰিয়ালটোৰ মূল সদস্যজনে সদায় আৰ্থিক অসুবিধাৰ সন্মুখীন হ’ব লাগিব। কোনোবা আৰ্থিক সমস্যা গোটেই জীৱন থাকিব পাৰে।
ধনতেৰাছৰ দিনা কি কাম কৰিব-
ধনেৰাছত নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰিব।
ধনেৰাছত কিনিব পাৰিব সোণ-ৰূপৰ গহনা।
ধনতেৰাছত গাড়ী বা মাটি কিনিব পাৰে।
AASU: জুবিন গাৰ্গক ন্যায় প্ৰদানৰ দাবীত ৰাজ্যজুৰি আছুৰ বিক্ষোভ
জুবিন গাৰ্গক ন্যায়ৰ প্ৰদানৰ দাবীত অৱস্থান বিক্ষোভ কাৰ্যসূচী।(AASU)
সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত এই কাৰ্যসূচী।
দীঘলীপুখুৰী পাৰত এই অৱস্থান বিক্ষোভ কাৰ্যসূচী।
অংশগ্ৰহণ সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্বল কুমাৰ ভট্টাচাৰ্য ,সভাপতি উৎপল শৰ্মা, সমীৰণ ফুকনৰ।
সমুজ্জ্বল ভট্টাচাৰ্যৰ ৪টা দাবী-
‘জুবিন গার্গে ন্যায় পাব লাগিব’
‘তদন্ত ক্ষিপ্ৰ আৰু পানী নসৰকা হ’ব লাগিব’
‘দোষীয়ে কঠোৰ দৃষ্টান্তমূলক শাস্তি দিব লাগিব’
‘SITয়ে সাক্ষ্য-প্ৰমাণৰ সৈতে এখন শক্তিশালী
চার্জশীট দাখিল কৰিব লাগিব,আইনৰ সুৰুঙাৰে যাতে এজনো দোষী সাৰি যাব নোৱাৰে; তেনে চার্জশীট দাখিল কৰিব লাগিব’
BTCৰ EM ৰূপে শপত ল’লে BPFৰ ১২ পাৰিষদে…
BTCৰ EM ৰূপে শপত ল’লে BPFৰ ১২ পাৰিষদে।
BTC প্রধান হাগ্রামা মহিলাৰীৰ দায়িত্বত PWD, P&RD, বিত্ত বিভাগ।
ক্রীড়া, সাংস্কৃতিক দপ্তৰকে ধৰি কেইবাটাও বিভাগৰ দায়িত্বত মহিলাৰী।
উপ-মুখ্য কাৰ্যবাহী ৰিহন দৈমাৰীক কৃষি বিভাগৰ দায়িত্ব পাৰিষদ মৃত্যুঞ্জয় নাৰ্জাৰীক আৰু পৰিবহণ বিভাগৰ দায়িত্ব পাৰিষদ মুনমুন ব্ৰহ্মক।
নগৰ উন্নয়নৰ দায়িত্ব পাৰিষদ ৰবিৰাম নাৰ্জাৰীক, শিক্ষা বিভাগৰ দায়িত্ব অর্পণ পাৰিষদ দেৰহাছাৎ বসুমতাৰীক।
স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ দায়িত্ব পাৰিষদ প্রকাশ বসুমতাৰীক সমাজ কল্যাণ বিভাগ অর্পণ পাৰিষদ পানীৰাম ব্ৰহ্মক বন বিভাগৰ দায়িত্ব অর্পণ।
ভূমি সংৰক্ষণ বিভাগৰ দায়িত্বত পাৰিষদ ধীৰাজ বৰগয়াৰী।
জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দায়িত্বত পাৰিষদ বেগম আখতাৰা আহমেদ, পাৰিষদ আগাষ্টুশ্ব টিয়াক পশুপালন বিভাগৰ দায়িত্ব অর্পণ।
পাৰিষদ গণেশ কছাৰীক জনসিঞ্চন বিভাগৰ দায়িত্ব, পাৰিষদ লামশ্ৰাও দৈমাৰীক ৰাজহ আৰু দুর্যোগ প্রশমন বিভাগৰ দায়িত্ব পাৰিষদ ফ্ৰেছ মুছাহাৰীক জলসম্পদ বিভাগৰ দায়িত্ব অর্পণ।
Justice For Zubeen Garg: প্ৰাণৰ শিল্পী জুবিন গাৰ্গক ন্যায়ৰ প্ৰদানৰ দাবীত আছুৰ অৱস্থান বিক্ষোভ কাৰ্যসূচী
প্ৰাণৰ শিল্পী জুবিন গাৰ্গক ন্যায়ৰ প্ৰদানৰ দাবীত অৱস্থান বিক্ষোভ কাৰ্যসূচী।(Justice For Zubeen Garg)
আজি দিনৰ ১১ বজাৰ পৰা প্ৰাণৰ শিল্পী জুবিন গাৰ্গক ন্যায়ৰ প্ৰদানৰ দাবীত “অৱস্থান বিক্ষোভ” কাৰ্যসূচী।
সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত এই কাৰ্যসূচী।
বিভিন্ন স্কুল, কলেজৰ শিক্ষাৰ্থীৰ অংশগ্ৰহণ এই অৱস্থান বিক্ষোভ কাৰ্যসূচীত।
দীঘলীপুখুৰী পাৰত এই অৱস্থান বিক্ষোভ কাৰ্যসূচী।
অংশগ্ৰহণ কৰে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্বল কুমাৰ ভট্টাচাৰ্য ,সভাপতি উৎপল শৰ্মা, সাধাৰণ সম্পাদক সমীৰণ ফুকনে।
Cape Verde qualify for World Cup 2026: ফিফা বিশ্বকাপ ২০২৬ত যোগ্যতা অর্জনেৰে ইতিহাস সৃষ্টি কেপ ভার্ডেৰ

ফিফা বিশ্বকাপ ২০২৬ত যোগ্যতা অর্জনেৰে ইতিহাস সৃষ্টি কেপ ভার্ডেৰ।(Cape Verde qualify for World Cup 2026)
ফিফা বিশ্বকাপত যোগ্যতা অর্জন কৰা দ্বিতীয় সৰু দেশ হ’ল কেপ ভার্ডে।
কেপ ভার্ডে দেশৰ মুঠ জনসংখ্যা হৈছে প্রায় ৫ লাখ।
দেশখনৰ মুঠ মাটিকালি প্রায় ৪০৩৩ বর্গ কিলোমিটাৰ।
পশ্চিম আফ্ৰিকাৰ উপকূলীয় অঞ্চলৰ ওচৰত থকা এটা সৰু দ্বীপ কেপ ভার্ডে।
আফ্রিকান কোৱালিফায়াৰৰ পৰা ফিফা বিশ্বকাপলৈ যোগ্যতা অর্জন দেশখনৰ।
Zubeen Garg Death Case: আজি ৰাজ্যৰ বিশিষ্ট ব্যক্তিৰে অসম আৰক্ষীৰ বৈঠক, বৈঠকত কোনে কোনে অংশ নলয় ?
আজি ৰাজ্যৰ বিশিষ্ট ব্যক্তিৰে অসম আৰক্ষীৰ বৈঠক।(Zubeen Garg Death Case)
আজি বিয়লি ৪ বজাত অনুষ্ঠিত হ’ব বৈঠকখন।
বৈঠকলৈ আমন্ত্রিত ব্যক্তিসকল হ’ল-
ডাঃ হিতেশ বৰুৱা, ৰামানুজ দত্ত চৌধুৰী, শ্যামন্তক গৌতম, ৰাজদ্বীপ বাইলুং বৰুৱা, ৰাহুল গৌতম শৰ্মা, শিৱাণু বৰা, অতনু ভূঞা, প্রাঞ্জল শইকীয়া, ছৈয়দ জাৰিৰ হুছেইন, ডাঃ শুভ্র কিংকৰ গোস্বামী, ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, ফনীন্দ্ৰ কুমাৰ দেৱ চৌধুৰী, উৎপল শর্মা, মনোজ গোস্বামী আৰু সঞ্জীৱ ফুকন।
১৫জনৰো অধিক বিশিষ্ট ব্যক্তিক আমন্ত্ৰণ আৰক্ষীৰ।
কিন্তু ৬জন ব্যক্তিয়ে অংশগ্ৰহণ নকৰাৰ সিদ্ধান্ত!
SITৰ এই বৈঠকত হয়তো উপস্থিত নাথাকে অনুৰাধা শৰ্মা পূজাৰী, আছুৰ কোনো এজন সদস্যই নকৰে অংশগ্রহণ এই বৈঠকত, ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰীৰ অংশগ্ৰহণ নকৰাৰ সিদ্ধান্ত আনহাতে সাংবাদিক ৰাজদ্বীপ বাইলুং বৰুৱা আৰু ৰাহুল গৌতম শৰ্মাইও অংশগ্ৰহণ নকৰাৰ সিদ্ধান্ত।
Siddharth Sharma: জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধার্থ শৰ্মাৰ পানীৰ ফেক্টৰী ছীল কৰিলে SIT-এ
জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধার্থ শৰ্মাৰ পানীৰ ফেক্টৰী ছীল।(Siddharth Sharma)
SIT-এ ছীল কৰিলে জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধার্থ শৰ্মাৰ পানীৰ ফেক্টৰী।
ছয়গাঁওস্থিত মহাবীৰ একুৱাৰ ফেক্টৰীত অভিযান SITৰ।
কেইবাঘণ্টা ধৰি চলোৱা অভিযানৰ অন্তত ছীল কৰে ফেক্টৰীটো।
পেকেজিং ড্রিংকিং ৱাটাৰৰ ফেক্টৰীৰ মালিক আছিল জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধার্থ শর্মা।
SITৰ ৮ ঘণ্টা অভিযানৰ পিছত ছীল কৰে ফেক্টৰীটো।
‘মহাবীৰ একুৱা’ত আৰক্ষীয়ে চলাইছিল অভিযান।
Zubeen Garg: জুবিন গাৰ্গৰ মৃত্যুৰ শেষ মুহূৰ্তৰ ভিডিঅ’ লাভ SITৰ!
জুবিন গাৰ্গৰ মৃত্যুৰ শেষ মুহূৰ্তৰ ভিডিঅ’ লাভ SITৰ।(Zubeen Garg)
সিদ্ধার্থ শৰ্মাৰ নিৰ্দেশত সেই ভিডিঅ’টো ডিলিট কৰিছিল বুলি স্বীকাৰ অমৃতপ্ৰভাৰ।
ডিলিট কৰাৰ পাছতো SITE IT ছেলে উদ্ধাৰ কৰে ভিডিঅ’।
অমৃতপ্রভাসহ আন এজনৰ মোবাইলত আৱদ্ধ হৈছিল ভিডিঅ’টি।
আনহাতে আদালতত জমা দিয়া হ’ব জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন।
ইতিমধ্যে তদন্তকাৰী গোটে লাভ কৰিছে মৰণোত্তৰ পৰীক্ষাৰ প্রতিবেদন।
কাইলৈ ৪ বজাত ৰাজহুৱা কৰা হ’ব বুলি হৈছিল প্ৰচাৰ একাংশ সংবাদ মাধ্যমত চলা প্ৰচাৰক নস্যাৎ SITৰ মুৰব্বী মুন্নাপ্রসাদ গুপ্তাৰ।









