Home Blog Page 56

Bagurumba : ‘বাগুৰুম্বা দহৌ’ সমন্বয় আৰু ভাতৃত্ব বোধৰ এক নিদৰ্শনঃ সাংস্কৃতিক মন্ত্ৰী বিমল বড়া

'বাগুৰুমবা দহৌ' সমন্বয় আৰু ভাতৃত্ব বোধৰ এক নিদৰ্শনঃ সাংস্কৃতিক মন্ত্ৰী বিমল বড়া
'বাগুৰুমবা দহৌ' সমন্বয় আৰু ভাতৃত্ব বোধৰ এক নিদৰ্শনঃ সাংস্কৃতিক মন্ত্ৰী বিমল বড়া

অসমৰ অন্যতম (Bagurumba) প্ৰাচীন জনগোষ্ঠী বড়ো সম্প্রদায়ৰ এক জনপ্ৰিয় লোক নৃত্য হৈছে বাগুৰুমবা। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত ১৭ জানুৱাৰীৰ সন্ধিয়া মহানগৰীৰ সৰুসজাইৰ ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত প্ৰায়১০হেজাৰ বড়ো জনগোষ্ঠীয় শিল্পীয়ে খাম, ছেৰজা, ছিফুং, জথা আৰু জাপশ্ৰিঙৰ তালে তালে এক অপৰূপ দৃষ্টিনন্দন শৈলীৰে বাগৰুমবা নৃত্য উপস্হাপন কৰিব।

বৃহস্পতিবাৰে গুৱাহাটীৰ সৰু সজাই ক্ৰীড়া প্ৰকল্পত এক সংবাদ মেলক সম্বোধন কৰি ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা, উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বড়াই প্ৰকাশ কৰে যে ৰাজ্যৰ বৈচিত্ৰপূৰ্ণ সাংস্কৃতিক বৈভৱ সমূহক বিশ্ব মঞ্চত উদ্ভাসিত কৰি তোলাৰ বাবেই বিগত কেই বছৰমানৰ পৰা কেতবোৰ বিশেষ পদক্ষেপ গ্ৰহণ কৰি আহিছে। এই পদক্ষেপৰ অংশ হিচাপে ইতিমধ্যে বিহু বিনন্দীয়া আৰু ঝুমইৰ বিনন্দিনী অনুষ্ঠান সফল ভাৱে আয়োজিত হোৱা বুলি মন্ত্ৰী বড়াই উল্লেখ কৰি কয় যে এই অনুষ্ঠান সমূহে আমাৰ সাংস্কৃতিক সম্পদ সমূহ বিশ্বৰ সমুখত তুলি ধৰাৰ লগতে আমাৰ মাজৰ সাতামপুৰুষীয়া ভাতৃত্ববোধ আৰু সমন্বয়ৰ এনাজৰীডালো কটকটীয়া কৰে।


এই অনুষ্ঠানৰ সফল ৰূপায়ণে বাগুৰুমবা নাচত ব্যৱহৃত বাদ্য- খাম, চেৰজা, চিফৌং,জথা ,জাপশ্ৰীংআদিৰ লগতে বড়ো চিখলা সকলে পৰিধান কৰা দখোনা, ৰেগেৰেগাং জোমগ্ৰা, আৰণাই, গছলা, চন্দ্ৰহালা মালা, ফুলকুৰি খেৰা, আসাম গথা আদি সাজ পাৰ আৰু আ -অলংকাৰ আদিয়েই দেশ-বিদেশৰ লোকৰ দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হ’ব বুলি প্ৰকাশ কৰি মন্ত্ৰী বড়াই সংবাদ মেলত প্ৰকাশ কৰি ই পৰ্যটনৰ বিকাশতো ইতিবাচক প্ৰভাৱ পেলাব বুলিও কয়।

উল্লেখ্য যে বড়ো সমাজৰ দুলাৰাই বড়ো হাৰিমু আফাদ,বড়ো সাহিত্য সভা,দুলাৰাই বাথৌ গৌথুমকে ধৰি কেবাটাও সংগঠনৰ সহযোগত ২৫ গৰাকী বিশেষজ্ঞই যুগুটাই দিয়া পৰামৰ্শৰ ভিত্তিত গুৱাহাটীৰ শিল্পগ্ৰামত ৪,৫আৰু ৬ জানুৱাৰীত প্ৰায় চাৰিশ ওজা প্ৰশিক্ষকক প্ৰশিক্ষণ প্ৰদান কৰা হৈছিল। এই প্ৰশিক্ষক সকলে ৰাজ্যৰ ২৩খন জিলাৰ ৮১টা সমষ্টিত ৮ৰপৰা ১০ জানুৱাৰীলৈ প্ৰায় ১০হেজাৰ শিল্পীক প্ৰশিক্ষণ প্ৰদান কৰে। শিল্পী সকলক বিভিন্ন জিলাৰ পৰা ১১
জানুৱাৰীত গুৱাহাটীলৈ অনা হয় আৰু ১২জানুৱাৰীৰ পৰা সৰু সজাইত আখৰা অনুষ্ঠিত হয়।

দেশৰ প্ৰধানমন্ত্ৰীৰ উপস্থিতিত পৰিৱেশন হ’ব লগা এই ঐতিহাসিক অনুষ্ঠানে বড়ো জনগোষ্ঠীৰ এই বৰ্ণাঢ্য সাংস্কৃতিক বিশ্বৰ মানচিত্ৰত প্ৰতিষ্ঠা কৰিব বুলিও মন্ত্ৰী বড়াই সংবাদমেলত প্ৰকাশ কৰে। কাইলৈ চূড়ান্ত আখৰাৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী ড০হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকিব বুলিও মন্ত্ৰী বড়াই প্ৰকাশ কৰে। এই বাগুৰুমবা দহৌৰ প্ৰতি ৰাইজৰ আগ্ৰহৰ পৰিপ্ৰেক্ষিতত কাইলৈ চূড়ান্ত আখৰাৰ ব্যৱস্হা কৰা হৈছে বুলি উল্লেখ কৰি সাংস্কৃতিক মন্ত্রী বড়াই ইতিমধ্যে প্ৰায় ১৪ হেজাৰ প্ৰৱেশ পত্ৰ বিতৰণ কৰা হৈছে বুলিও ব্যক্ত কৰে। ১৭ জানুৱাৰীৰ দিনা দৰ্শকৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি মূল ষ্টেডিয়ামৰ বাহিৰত এল ই ডি স্ক্ৰিণৰ ব্যৱস্থা কৰাৰ কথাও তেওঁ প্ৰকাশ কৰে।

PM Narendra Modi: উন্নয়নৰ বাৰ্তা লৈ প্ৰধানমন্ত্ৰীৰ অসম আগমণক ৰাজ্যিক বিজেপিৰ উষ্ম আদৰণি

উন্নয়নৰ বাৰ্তা লৈ প্ৰধানমন্ত্ৰীৰ অসম আগমণক ৰাজ্যিক বিজেপিৰ উষ্ম আদৰণি
উন্নয়নৰ বাৰ্তা লৈ প্ৰধানমন্ত্ৰীৰ অসম আগমণক ৰাজ্যিক বিজেপিৰ উষ্ম আদৰণি

ৰাজ্যবাসীলৈ উন্নয়নৰ (PM Narendra Modi) বাৰ্তা লৈ অহা ১৭ জানুৱাৰীত দুদিনীয়া ভ্ৰমণসূচীৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণক ৰাজ্যিক বিজেপিয়ে উষ্ম আদৰণি জনাইছে৷ আজি বাজেপয়ী ভৱনৰ পৰা এক প্ৰেছ বিবৃতি জৰিয়তে ৰাজ্যিক মিডিয়া পেনেলিষ্ট আশীষ ভৰালীয়ে এই বিষয়ে সদৰী কৰি কয় যে, প্ৰধানমন্ত্ৰী গৰাকীৰ প্ৰতিটো ভ্ৰমণতেই অসমবাসীয়ে লাভ কৰে একোটি নতুন উপহাৰ৷ এইবাৰৰ ভ্ৰমণত প্ৰাধনমন্ত্ৰী গৰাকীয়ে অসমৰ ৰেল সংযোগ ব্যৱস্থাৰ এক নতুন সংযোজনৰ দিশে আগবাঢিছে৷ অসম ভ্ৰমণ কালত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুৱাহাটী পৰা কলকতালৈ চলাচল কৰিব লগা ভাৰতৰ প্ৰথম বন্দেভাৰত শ্লীপাৰ ট্ৰেইন তথা লক্ষ্ণৌ আৰু ৰোহতক সংযোগ কৰা দুখন নতুন অমৃত ভাৰত ট্ৰেইনৰ ফ্লেগ অফ কৰি ৰাইজলৈ উচৰ্গা কৰিব৷ ইয়াৰোপৰিও ভাৰত আৰু ভূটান সংযোগী কোকৰাঝাৰ আৰু ভূটানৰ গেলেফুৰ মাজত নতুন ৰেলৱে লাইনৰ শিলান্যাস কৰিব৷


অসম চৰকাৰে অসমৰ সংস্কৃতি বিহু নৃত্য আৰু ঝুমুৰ নৃত্যক যেনেকৈ বিশ্বৰ মঞ্চলৈকে লৈ গৈছে ঠিকতেনেকৈ এইবাৰো অসমৰ অন্য এক লোকনৃত্য তথা বড়ো জনগোষ্ঠীসকলৰ বাগৰুম্বা নৃত্যকো বিশ্ব দৰবাদৰলৈ লৈ যোৱাৰ প্ৰয়াস কৰিছে৷ সেয়েহে প্ৰধানমন্ত্ৰীৰ উপস্থিতিত প্ৰায় ১০ হাজাৰ নৃত্য শিল্পীয়ে গুাৱাহাটী সৰুসজাইস্থিত অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত বাগৰুম্বা নৃত্য পৰিৱেশন কৰিব৷ ইয়াৰ লগতে কাজিৰঙাৰ বন্যপ্ৰাণীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধানমন্ত্ৰী মোদীয়ে কাজিৰঙাত ৬৯০০ কোটি টকা ব্যয়ৰে হ’বলগা প্ৰায় ৩৪ কিলোমিটাৰ কাজিৰঙা এলিভেটেড কৰিডৰৰো শিলান্যাস কৰিব৷
এন ডি এ চৰকাৰৰ দিনতেই ৰাজ্যখনে লাভ কৰিবলৈ সক্ষম হৈছে কেইবাটাও অভিলাষী প্ৰকল্প যাৰ ভিতৰত গহপুৰ নুমলীগড় সংযোগী ব্ৰহ্মপুত্ৰৰ তলেৰে সুৰংগ পথ, গুৱাহাটীৰ ৰিং ৰোড প্ৰকল্প, পলাশবাৰী-শুৱালকুছি সংযোগী দলং, ধুবুৰী-ফুলবাৰী সংযোগী দলং, নাৰেঙ্গী কুৰুৱা সংযোগী দলং, ধলা-শদিয়া [ড॰ ভূপেন হাজৰিকা সেতু] দলং, কামাখ্যা কৰিডৰ, এইমছ্‌ গুৱাহাটী, জাগীৰোডৰ ছেমি-কণ্ডাক্টৰ প্ৰকল্প, শিলচৰৰ প্ৰস্তাৱিত গ্ৰীণ ফিল্ড বিমান বন্দৰ আৰু নুমলীগড়ত বাঁহৰ পৰা ইথানল প্ৰস্তুত কৰিব পৰা বায়’ৰিফায়নাৰী প্ৰকল্প আদি অন্যতম৷

বিগত এটা দশকত ভৱিষ্যদ্ৰষ্টা প্ৰধানমন্ত্ৰী মোদীৰ প্ৰচেষ্টাতেই কোনোধৰণৰ দাবী অথবা আন্দোলন নকৰাকৈয়ে কংগ্ৰেছৰ আমোলত অৱহেলিত অসম তথা উত্তৰ-পূৰ্বাঞ্চলে আজি উন্নয়নৰ দিশত দেশৰ বাকী অংশৰ লগত সমানে খোজ মিলাবলৈ সক্ষম হৈছে৷ আনহাতে, এই পৰ্যন্ত প্ৰধানমন্ত্ৰী গৰাকীয়ে ৩৫ বাৰতকৈ অধিক অসম তথা উত্তৰ-পূৰ্বাঞ্চল ভ্ৰমণ কৰিছে যিটো দেশৰ যিকোনো প্ৰধানমন্ত্ৰীৰ ক্ষেত্ৰত এক অভিলেখ হিচাপে পৰিগণিত হৈছে৷ স্বকীয় উদ্যোগত বৃহৎ প্ৰকল্পৰ কথাটো বাদেই, অসমৰ পৰা ৰাজ্যসভাৰ প্ৰতিনিধি হোৱা স্বত্বেও পূৰ্বৰ প্ৰধানমন্ত্ৰী মনমোহন সিঙে নিজৰ ১০ বছৰীয়া কাৰ্যকালত ১০ বাৰো অসম ভ্ৰমণ কৰা নাছিল৷ তাৰ পূৰ্বেও নতুন উদ্যোগ স্থাপন দূৰৰ কথা, অসমক বিদেশীৰ চৰণীয়া পথাৰ হিচপে এৰি দি কংগ্ৰেছে নামৰূপৰ সাৰ কাৰখানা আৰু গুৱাহাটী চাহ নিলাম কেন্দ্ৰ পশ্চিম বংগলৈ নিয়াৰহে ষড়যন্ত্ৰ কৰিছিল৷ এনেবোৰ কথাই এহাতে অসমৰ জনসাধাৰণৰ প্ৰতি বিজেপি দলৰ দায়বদ্ধতা পৰিস্ফুট কৰে আৰু অন্যহাতে কংগ্ৰেছৰ অৱহেলাৰ ছবিখন প্ৰকট কৰি তোলে৷

Pradip Baruah: প্রদীপ বৰুৱাৰ মৃত্যুত অসম সাহিত্য সভাৰ শোক

প্রদীপ বৰুৱাৰ মৃত্যুত অসম সাহিত্য সভাৰ শোক
প্রদীপ বৰুৱাৰ মৃত্যুত অসম সাহিত্য সভাৰ শোক

গুৱাহাটী(Pradip Baruah)চানমাৰিৰ নৱগিৰি পথৰ নিবাসী, বিশিষ্ট বর্ষীয়ান ব্যক্তি, প্রান্তিক আলোচনীৰ জন্মদাতা তথা সম্পাদক প্রদীপ বৰুৱাৰ মৃত্যুত অসম সাহিত্য সভাই গভীৰ শোক প্রকাশ কৰিছে।

অসম সাহিত্য সভাৰ সভাপতি ড০ বসন্তকুমাৰ গোস্বামী, উপসভাপতি পদুম ৰাজখোৱা আৰু প্রধানসম্পাদক দেৱজিৎ বৰাই প্রদীপ বৰুৱাৰ মৃত্যুত গভীৰ শোক প্রকাশ কৰি এক শোক বার্তাত কয়- ‘বৰুৱাৰ মৃত্যু অসমৰ সমাজ জীৱনৰ বাবে অপূৰণীয় ক্ষতি।

বিগত বছৰসমূহত তেখেতে কর্মৰ যোগেদি কেৱল প্রান্তিক আলোচনীখনকেই নহয়, সমগ্র অসমীয়া জাতি সত্ত্বাটোকেই শক্তিশালী কৰি ৰাখিছিল।’ কাকতলৈ প্রেৰণ কৰা শোক বার্তাটোত সভাপতি, উপসভাপতি আৰু প্রধানসম্পাদকে বৰুৱাৰ আত্মাৰ সদ্গতি কামনা কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবগলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।

Pijush Hazarika: অসমত কিংমেকাৰ হ’ব নোৱাৰে এআইইউডিএফঃ মন্ত্ৰী পীয়ূষ হাজৰিকা

অসমত কিংমেকাৰ হ'ব নোৱাৰে এআইইউডিএফঃ মন্ত্ৰী পীয়ূষ হাজৰিকা
অসমত কিংমেকাৰ হ'ব নোৱাৰে এআইইউডিএফঃ মন্ত্ৰী পীয়ূষ হাজৰিকা

শেহতীয়াকৈ (Pijush Hazarika) ধিং সমষ্টিৰ এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামৰ ‘এ আই ইউ ডি এফ অসমৰ কিংমেকাৰ’ বিষয়ক মন্তব্যৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে মন্ত্ৰী পীয়ূষ হাজৰিকাই।

আজি কলিয়াবৰত আমিনুল ইছলামৰ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মন্ত্ৰী পীয়ূষ হাজৰিকাই কয় – অসমত কিংমেকাৰ হ’ব নোৱাৰে এ আই ইউ ডি এফ। তেওঁলোক যদি কিংমেকাৰ হ’বলগীয়া হয়, বাংলাদেশলৈ যাব লাগিব। বাংলাদেশৰে যিহেতু মানুহ, বাংলাদেশলৈ ঘূৰি গ’লে অত্যন্ত সুখী হ’ম।

তাতে তেওঁলোক কিং হওক, কিংমেকাৰ কিয় হ’ব লাগে? ইয়াত কিংমেকাৰহে হ’ব খুজিছে, বাংলাদেশতো তেওঁলোক কিং হ’ব। কিং হোৱা মানুহে কিংমেকাৰ হ’ব বিচাৰে নেকি? মন্ত্ৰীগৰাকীয়ে এ আই ইউ ডি এফৰ বিতৰ্কাত বিধায়কগৰাকীৰ এই মন্তব্যক নৎসাত কৰি আৰু কয় – অসমৰ মানুহে এ আই ইউ চি এফক কেতিয়াও কিং ডেকাৰ হ’লে নিদিয়ে। এনে আগতেও হ’বলৈ দিয়া নাই, আগলৈও নিদিয়ে।

Hajo News: সমন্বয়ৰ বাৰ্তা লৈ হাজোত আছুৰ উদ্যোগত মণিকূট উৎসৱৰ সমন্বয় শোভাযাত্ৰা

সমন্বয়ৰ বাৰ্তা লৈ হাজোত আছুৰ উদ্যোগত মণিকূট উৎসৱৰ সমন্বয় শোভাযাত্ৰা
সমন্বয়ৰ বাৰ্তা লৈ হাজোত আছুৰ উদ্যোগত মণিকূট উৎসৱৰ সমন্বয় শোভাযাত্ৰা

সমন্বয়ৰ বাৰ্তা লৈ (Hajo News) হাজোত আছুৰ উদ্যোগত উলিওৱা হৈছে মণিকূট উৎসৱৰ সমন্বয় শোভাযাত্ৰা।

হাজোৰ পোৱামক্কা দৰগাহৰ পৰা মাধৱ মন্দিৰলৈ উলিওৱা হৈছে এই শোভাযাত্ৰা।

এক উদুলি মৃদুলি পৰিবেশ বিৰাজমান পবিত্ৰ হাজোৰ বাকৰি।

বাৰে ৰহনীয়া সংস্কৃতিক শোভাযাত্ৰাই মুহিত কৰিছে সকলোকে।

ভিন্ন জাতি জনগোষ্ঠীৰ সমাহাৰ ঘটিছে এই সমন্বয় শোভাযাত্ৰাত।

অসমৰ কেইবাগৰাকীও জনপ্ৰিয় শিল্পীয়ে অংশ লৈছে এই শোভাযাত্ৰাত।

আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যইও অংশগ্ৰহন কৰিছে এই উৎসৱত।

Himanta Biswa Sarma: ‘কংগ্ৰেছত মোৰ মানুহ আছে’—ৰেজাউল প্ৰসংগত গৌৰৱ গগৈক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য

‘কংগ্ৰেছত মোৰ মানুহ আছে’
‘কংগ্ৰেছত মোৰ মানুহ আছে’

কংগ্ৰেছ দলত নিজৰ মানুহ(Himanta Biswa Sarma)থকা বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুনৰ মন্তব্য আগবঢ়োৱাৰ লগে লগে ৰাজ্যৰ ৰাজনীতিত নতুন বিতৰ্কৰ সূচনা হৈছে। বিৰোধী দলৰ পৰা কোনোবাই যদি তেওঁৰ বাবে কাম কৰে, তেন্তে সেয়া তেওঁৰ বাবে লাভজনক হ’ব বুলি মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছ দলক লক্ষ্য কৰি কটাক্ষ কৰে। সদ্য কংগ্ৰেছত যোগদান কৰি কিছুদিন নৌহওতেই দল ত্যাগ কৰা ৰেজাউল কৰিম চৰকাৰৰ পদত্যাগ প্ৰসংগত এই মন্তব্য কৰা বুলি ৰাজনৈতিক মহলে ধাৰণা কৰিছে। বুধবাৰে কাৰ্বি আংলং জিলাত অনুষ্ঠিত এখন পুঁজি বিতৰণ অনুষ্ঠানত সাংবাদিকসকলৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয়,“কংগ্ৰেছ দলত মোৰ হৈ কাম কৰা মানুহ আছে। তেওঁলোক অধিক সক্ৰিয় হ’লে তাৰ ফল মোৰ পক্ষতেই যাব। এইটো নতুন কথা নহয়।”


উল্লেখযোগ্য যে, চলিত মাহৰ ১৪ তাৰিখে কংগ্ৰেছ ত্যাগ কৰাৰ পূৰ্বে ৰেজাউল কৰিম চৰকাৰে বিধানসভাৰ বিৰোধী দলনেতা দেৱব্ৰত শইকীয়া আৰু নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈক বিজেপিৰ এজেণ্ট বুলি অভিযোগ কৰিছিল। এই বক্তব্যই কংগ্ৰেছ দলৰ ভিতৰতেই তীব্ৰ চৰ্চাৰ জন্ম দিছিল। এই প্ৰসংগ উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে এইবাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈৰ ভূমিকাক লৈও প্ৰশ্ন কৰে। হিমন্ত বিশ্ব শৰ্মাৰ মতে, ধুবুৰি আৰু শিৱসাগৰ সন্দৰ্ভত ৰেজাউল কৰিম চৰকাৰৰ বিতৰ্কিত মন্তব্যৰ পাছতে দলীয় অনুশাসন বজাই ৰাখিবলৈ কঠোৰ পদক্ষেপ ল’ব লাগিছিল। তেনে সিদ্ধান্ত নোলোৱাৰ ফলতেই ৰেজাউলে নিজকে ৰাজনৈতিকভাৱে উপস্থাপন কৰাৰ সুযোগ পাইছে বুলিও মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে।


ইয়াৰ পূৰ্বেও মুখ্যমন্ত্ৰীয়ে একাধিকবাৰ কংগ্ৰেছ দলৰ ভিতৰৰ তথ্য তেওঁৰ ওচৰলৈ আহে বুলি দাবী কৰি আহিছে। তেওঁ দাবী কৰে যে কংগ্ৰেছৰ দলীয় বৈঠক, সিদ্ধান্ত আৰু আগন্তুক কৌশল সম্পৰ্কে তেওঁ নিয়মিতভাৱে অৱগত হয়। ২০২৫ চনৰ জুলাই মাহত গুৱাহাটীত অনুষ্ঠিত কংগ্ৰেছৰ এখন ৰুদ্ধদ্বাৰ বৈঠকৰ প্ৰসংগ উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কৈছিল যে সেই বৈঠকত ৰাহুল গান্ধীয়ে দলৰ ভৱিষ্যৎ সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছিল। ৰেজাউল কৰিম চৰকাৰৰ পদত্যাগক লৈ বিজেপি আৰু কংগ্ৰেছৰ মাজত চলি থকা ৰাজনৈতিক সংঘাত মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ পিছত অধিক গতি লাভ কৰিব বুলি ৰাজনৈতিক পৰ্যবেক্ষকসকলে মত প্ৰকাশ কৰিছে। যদিও আগন্তুক দিনত কংগ্ৰেছ দলে এই বিষয়ত কি ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰে, সেয়াই এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।

Pradip Baruah: প্রান্তিক আলোচনীৰ সম্পাদক প্ৰদীপ বৰুৱাৰ দেহাৱসান

প্রান্তিক আলোচনীৰ সম্পাদক প্ৰদীপ বৰুৱাৰ দেহাৱসান
প্রান্তিক আলোচনীৰ সম্পাদক প্ৰদীপ বৰুৱাৰ দেহাৱসান

প্রান্তিক আলোচনীৰ সম্পাদক প্ৰদীপ বৰুৱাৰ দেহাৱসান।(Pradip Baruah)

বুধবাৰে ৮৭ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে প্ৰদীপ বৰুৱাই।

আজি পুৱা ৮ বজাত নিজা বাসভৱনলৈ অনা হ’ল ‘প্ৰান্তিকৰ পিতৃ’ প্ৰদীপ বৰুৱাৰ নশ্বৰ দেহ।

আজি নৱগ্ৰহত হ’ব শেষকৃত্য।

অসম বিজেপি ৰাজ্যিক কাৰ্যালয় জ্বলাই দিয়া কাৰ্যক প্ৰৰোচনা অসম কংগ্ৰেছৰ

অসম বিজেপি ৰাজ্যিক কাৰ্যালয় জ্বলাই দিয়া কাৰ্যক প্ৰৰোচনা অসম কংগ্ৰেছৰ
অসম বিজেপি ৰাজ্যিক কাৰ্যালয় জ্বলাই দিয়া কাৰ্যক প্ৰৰোচনা অসম কংগ্ৰেছৰ

কংগ্ৰেছৰ এক ভয়ংকৰ ষড়যন্ত্ৰ। অসম বিজেপি ৰাজ্যিক কাৰ্যালয় জ্বলাই দিয়া কাৰ্যক প্ৰৰোচনা অসম কংগ্ৰেছৰ। সামাজিক মাধ্যমত ৰাজ্যিক বিজেপিৰ কাৰ্যালয় জ্বলাই দিয়াৰ ফটো আপলোড কৰিছিল অসম প্ৰদেশ কংগ্ৰেছে। খিলঞ্জীয়া ৰাইজৰ বিৰোধী অসম প্ৰদেশ কংগ্ৰেছে এতিয়া অসমীয়া পৰম্পৰা, সনাতন সংস্কৃতিক প্ৰত্যক্ষভাৱে আক্ৰমণ কৰিছে। কংগ্ৰেছৰ এই নিকৃষ্ট মানসিকতাক কঠোৰ ভাষাৰে নিন্দা কৰিছে কেবিনেট মন্ত্ৰী পীয়ুষ হাজৰিকাই। ঘটনাৰ বিবৰণ অনুসৰি, মাঘ বিহুৰ উপলক্ষে বিহুৰ শুভেচ্ছা দিবলৈ কংগ্ৰেছ দলে সামাজিক মাধ্যমত এটা বিশেষ পোষ্ট কৰিছিল। সেই পোষ্টটোত আছিল ভেলাঘৰ দাহ কৰা এখন ছবি।

সামাজিক মাধ্যমত শ্বেয়াৰ কৰা সেই ফটোখনৰ পিছতে অসমৰ ৰাজনৈতিক পৰিবেশ উত্তপ্ত হৈ পৰে। কিয়নো ভোগালী বিহুৰ সময়ত দাহ কৰা ভেলাঘৰ এক গভীৰ প্ৰতীকী আৰু সাংস্কৃতিক তাৎপৰ্য বহন কৰা পৰম্পৰা। সেই পবিত্ৰ পৰম্পৰাক বিকৃত ৰূপত উপস্থাপন কৰি বিভ্ৰান্তি সৃষ্টি কৰিছে কংগ্ৰেছে। কংগ্ৰেছৰ সেই পোষ্টটো সামাজিক মাধ্যমত মন্ত্ৰী পীয়ুষ হাজৰিকাই শ্বেয়াৰ কৰি তীব্ৰ ভাষাৰে গৰিহণা দিয়ে। তেওঁ কয় – ‘এয়া কোনো ধেমালি নহয়। খিলঞ্জীয়া ৰাইজৰ বিৰোধী অসম প্ৰদেশ কংগ্ৰেছে এতিয়া অসমীয়া পৰম্পৰা, সনাতন সংস্কৃতিক প্ৰত্যক্ষভাৱে আক্ৰমণ কৰিছে। ভোগালী বিহুত অসমীয়া ৰাইজে আনুষ্ঠানিকভাৱে জ্বলোৱা ভেলাঘৰ সম্পূৰ্ণৰূপে সুকীয়া, ইয়াৰ অৰ্থ সুকীয়া। আমাৰ ধৰ্ম, সংস্কৃতিৰ সম্পূৰ্ণ বিৰোধীসকলৰো ঘৰ আমি কেতিয়াও নজ্বলাও।

আজি অসমৰ এক পৱিত্ৰ দিন, য’ত আমি শান্তি-সম্প্ৰীতি, ভাতৃত্ববোধৰ পোষকতা কৰোঁ। কিন্তু অসমীয়া সংস্কৃতিক বিকৃতভাৱে উপস্থাপন কৰি আপোনালোকে এক বিশেষ শ্ৰেণীৰ লোকক আমাৰ সাংগঠনিক কাৰ্যালয়, ঘৰত আক্ৰমণ কৰিবলৈ উচটনি দিছে। অসমত নেপালৰ দৰে পৰিস্থিতিৰ সৃষ্টি কৰাৰ ষড়যন্ত্ৰৰে আপোনালোকে দিয়া এই উচটনিক কেতিয়াও সহ্য কৰা নহ’ব।’ একাংশই বিষয়টোৰ নিৰপেক্ষ তদন্তৰ দাবী জনায়।

Road Accident: ভোগালী বিহুৰ দিনাই বৰক্ষেত্ৰীৰ আৰিকুছি দোনাবাৰীত ভয়াৱহ পথ দুৰ্ঘটনা

ভোগালী বিহুৰ দিনাই বৰক্ষেত্ৰীৰ আৰিকুছি দোনাবাৰীত ভয়াৱহ পথ দুৰ্ঘটনা
ভোগালী বিহুৰ দিনাই বৰক্ষেত্ৰীৰ আৰিকুছি দোনাবাৰীত ভয়াৱহ পথ দুৰ্ঘটনা

নলবাৰী জিলাৰ(Road Accident)বৰক্ষেত্ৰীৰ আৰিকুছি দোনাবাৰীত ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হৈছে।

আৰিকুছি দোনাবাৰীস্থিত বৰুৱা এণ্টাৰপ্ৰাইজত খুন্দিয়ালে এখন চাৰিচকীয়া বাহনে।

জানিব পৰা মতে,চালকে নিয়ন্ত্ৰণ হেৰুৱাই খুন্দিয়াই ব্যৱসায়ীক প্ৰতিষ্ঠানখনত।

দুৰ্ঘটনাটোৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ব্যৱসায়িক প্ৰতিষ্ঠানখনত বহি থকা মালা বৈশ্য, প্ৰদীপ বৈশ্য,হৰে দাস, পংকজ দাস নামৰ লোককেইজন।

ঘটনাস্থলীত কমাৰকুছি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া উপস্থিত হৈ ঘটনাৰ বুজ লোৱাৰ লগতে দুৰ্ঘটনা সংঘটিত হোৱা এ এছ ০১ বি ই ৩৫৯০ নম্বৰৰ চাৰিচকীয়া বাহনখন জব্দ কৰে।

সম্প্ৰতি আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।

Murder: বন্ধুৰ ঘৰত বিহু খাবলৈ যোৱা যুৱকৰ মৃতদেহ উদ্ধাৰ বন্ধুৰ পাকঘৰত

বন্ধুৰ ঘৰত বিহু খাবলৈ যোৱা যুৱকৰ মৃতদেহ উদ্ধাৰ বন্ধুৰ পাকঘৰত
বন্ধুৰ ঘৰত বিহু খাবলৈ যোৱা যুৱকৰ মৃতদেহ উদ্ধাৰ বন্ধুৰ পাকঘৰত

উৰুকাৰ নিশা চাঞ্চল্যকৰ ঘটনা ৷(Murder)

নিশা বন্ধুৰ ঘৰত বিহু খাবলৈ যোৱা যুৱকৰ মৃতদেহ উদ্ধাৰ বন্ধুৰ পাকঘৰত ৷

পৰিয়ালৰ লগতে তাই আহোম ছাত্ৰ সন্থা (আটাছু)ৰ অভিযোগ হত্যা কৰা হ’ল মণিকান্ত দুৱৰী নামৰ যুৱক জনক ৷

তিনিচুকীয়া জিলাৰ কাকপথাৰ উপৰ ওৱন গাঁৱত সংঘটিত হয় এই ঘটনা ।

পেটৰ তাড়নাত বহিঃৰাজ্যত কৰ্মৰত অতি দৰিদ্ৰ পৰিয়ালৰ মণিকান্ত প্ৰায় তিনিদিন পূৰ্বে ভোগালী বিহু বুলি আহিছিল ঘৰলৈ ৷

বুল গগৈ নামৰ এজন ব্যক্তিৰ বিৰুদ্ধে মণিকান্ত দুৱৰীক হত্যাৰ অভিযোগ ৷

জানিব পৰা মতে পলাতক বুল গগৈক ইতিমধ্যে আটক কৰিছে আৰক্ষীয়ে ।

দোষীক উচিত শাস্তিৰ লগতে দৰিদ্ৰ পৰিয়ালটোক উচিত ক্ষতিপূৰণ প্ৰদানৰ দাবী পৰিয়ালৰ লগতে আটাছু তিনিচুকীয়া জিলা সমিতি আৰু কাকপথাৰ আঞ্চলিক সমিতি ও উপৰ ওৱন গাঁৱৰ ৰাইজৰ ৷