Home Blog Page 560

monkeypox clade 1b: ভাৰতত নতুন ৰূপত মাংকিপক্স! এইৰোগৰ লক্ষণ আৰু প্ৰতিৰোধৰ বিষয়ে জানক

মাংকিপক্স
মাংকিপক্স

বিশ্ব স্বাস্থ্য সংস্থাই (WHO) জনস্বাস্থ্য জৰুৰীকালীন ঘোষণা কৰা ষ্ট্ৰেইনৰ সৈতে জড়িত ভাৰতত মাংকিপক্সৰ Clade 1b ৰ প্ৰথমজন ৰোগী ধৰা পৰিছে। এই ৰোগীজন কেৰালাৰ মালাপ্পুৰম জিলাৰ হয়। খবৰ অনুসৰি এই ৰোগত আক্ৰান্ত ৰোগীজন ৩৮ বছৰীয়া এজন পুৰুষ, তেওঁ শেহতীয়াকৈ সংযুক্ত আৰব আমিৰশ্বাহী (ইউ এ ই)ৰ পৰা উভতি আহিছিল। বৰ্তমান ৰোগীজনৰ অৱস্থা সুস্থিৰ বুলি কোৱা হৈছে।(monkeypox clade 1b)

মাংকিপক্স হৈছে ভাইৰাছজনিত জুনোটিক ৰোগ, ই সংক্ৰমিত ছালৰ ঘাঁ বা সংক্ৰমিত কাপোৰ আৰু বিচনাৰ সংস্পৰ্শৰ দ্বাৰা বিয়পে। এই ৰোগ প্ৰাণীৰ পৰা মানুহলৈ আৰু মানুহৰ প্ৰত্যক্ষ সংস্পৰ্শৰ দ্বাৰা বিয়পে। WHO এ ইয়াক দুবাৰকৈ জনস্বাস্থ্য জৰুৰীকালীন অৱস্থা (PHEIC) হিচাপে ঘোষণা কৰিছে। প্ৰথমে ২০২২ চনৰ জুলাই মাহত আৰু পুনৰ ২০২৪ চনৰ আগষ্ট মাহত, যেতিয়া সমগ্ৰ বিশ্বতে ক’ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাবলৈ আৰম্ভ কৰিছিল।

ভাৰতত কেৰালাত প্ৰথমবাৰৰ বাবে এই ভাইৰাছৰ Clade 1b ষ্ট্ৰেইন পোৱা গৈছে, যাৰ বাবে ই চিন্তাৰ বিষয় হৈ পৰিছে। ইয়াৰ পূৰ্বে দিল্লীত ক্লেড ২ ষ্ট্ৰেইনৰ এজন ৰোগী ধৰা পৰিছিল, যিটো WHOৰ জৰুৰী সতৰ্কবাণীৰ অধীনত নাছিল।

সংক্ৰমণৰ ১৪ দিনৰ ভিতৰত মাংকিপক্সৰ লক্ষণ আৰম্ভ হ’ব পাৰে। প্ৰাৰম্ভিক লক্ষণসমূহ হ’ল জ্বৰ, মূৰৰ বিষ, ভাগৰুৱা আৰু ডিঙি ফুলা। এই প্ৰাৰম্ভিক লক্ষণসমূহ সাধাৰণতে এদিনৰ পৰা চাৰিদিনলৈকে থাকে, তাৰ পিছত ছালৰ ফোহা আৰু ঘাঁৰ সৃষ্টি হয়। কিন্তু মাংকিপক্সত এই ঘাবোৰ প্ৰায়ে মুখ, হাত, ভৰি আৰু বুকুত দেখা দিয়ে। মাংকিপক্সৰ ঘাঁ হাত-ভৰিৰ হাতৰ তলুৱা আৰু তলুৱাতো হ’ব পাৰে। (monkeypox)

বিশ্বজুৰি এমপিঅ’এক্স বিয়পি পৰাৰ বাবে স্বাস্থ্য বিশেষজ্ঞসকলে এই ৰোগ প্ৰতিৰোধৰ বাবে সাৱধানতা অৱলম্বন কৰিবলৈ পৰামৰ্শ দিছে। এই ভাইৰাছ মূলতঃ ছালৰ পৰা ছালৰ সংস্পৰ্শৰ দ্বাৰা বিয়পে। গতিকে মাংকিপক্সৰ লক্ষণ দেখা পোৱা ব্যক্তিৰ লগত ঘনিষ্ঠ বা যৌন সংস্পৰ্শৰ পৰা বিৰত থাকিব লাগে। ইয়াৰ বাহিৰেও ৰোগীৰ ব্যক্তিগত সামগ্ৰী যেনে কাপোৰ, বিচনা বা অন্যান্য বস্তুৰ সংস্পৰ্শৰ পৰা বিৰত থাকিবলৈ পৰামৰ্শ দিয়া হৈছে। স্বাস্থ্য বিশেষজ্ঞসকলে সংক্ৰমিত ব্যক্তিজনক আছুতীয়াকৈ ৰাখিবলৈ আৰু অতি সোনকালে চিকিৎসা কৰিবলৈও পৰামৰ্শ দিয়ে।

Nagaon News: মুছলমান সম্প্ৰদায়ৰ শিক্ষিতা যুৱতীৰ হিন্দু সনাতন ধৰ্মলৈ প্ৰত্যাৱৰ্তন

ৰেজিনা বেগম
ৰেজিনা বেগম

নগাঁও, ২৩ ছেপ্টেম্বৰ: অসমৰ পুৰণা মুছলমান সম্প্ৰদায়ৰ আঢ্যৱন্ত পৰিয়ালৰ এগৰাকী শিক্ষিতা যুৱতীয়ে সোমবাৰে হিন্দু সনাতন ধৰ্মলৈ প্ৰত্যাৱৰ্তন কৰে। নগাঁও চহৰৰ শ্ৰী শ্ৰী জখলাবন্ধা সত্ৰত যুৱতীগৰাকীয়ে যাৱতীয় নিয়ম নীতিৰ মাজেৰে এই প্ৰত্যাৱৰ্তন কৰে।(Nagaon News)

সত্ৰখনৰ সত্ৰাধিকাৰ যুগল চন্দ্ৰ দেৱ গোস্বামীৰ তত্বাৱধানত পুৰোহিতৰ পুজা, অৰ্চনা, হোম আদিৰ জৰিয়তে মহাপুৰুষ শ্ৰী শ্ৰী দামোদৰ দেৱ গুৰুৰ ধৰ্ম দৰ্শনত শৰণ গ্ৰহণ কৰি যুৱতীগৰাকীয়ে হিন্দু সনাতন ধৰ্মলৈ প্ৰত্যাৱৰ্তন কৰে। যুৱতীগৰাকীৰ আবেদনৰ ভিত্তিত সত্ৰাধিকাৰ গোস্বামীয়ে তেওঁক প্ৰত্যাৱৰ্তনৰ প্ৰমাণ পত্ৰ প্ৰদান কৰে। যুৱতীগৰাকীৰ ঘৰ হৈছে ৰঙিয়াত।(RANGIA GIRL)

মুছলমান যুৱতীগৰাকীৰ নাম হৈছে ৰেজিনা বেগমে। এতিয়াৰে পৰা ৰেজিনা বেগমক অনন্যা দেউৰী হিচাপে সকলোৱে জানিব। ইঞ্জিনিয়াৰিঙত স্নাতকোত্তৰ ডিগ্ৰীধাৰী ৰেজিনা। স্ব-ইচ্ছাৰে হিন্দু ধৰ্ম গ্ৰহণ কৰাৰ কথা উল্লেখ কৰিলে ৰেজিনাই। ইছলাম ধৰ্মৰ ধৰ্মীয় গোড়ামি, নাৰী অধিকাৰহীনতা, বোৰ্খা প্ৰথা, বহুবিবাহ আৰু বহু কু-সংস্কাৰত অতিষ্ঠ হৈ আৰু সনাতন ধৰ্মৰ সংস্কাৰৰ প্ৰতি আকৃষ্ট হৈ তেওঁ হিন্দু ধৰ্ম গ্ৰহণ কৰা বুলি মন্তব্য কৰে।(rezina begum)

আনহাতে, ৰেজিনাই হিন্দু ধৰ্ম গ্ৰহণ কৰাৰ পিছত এই সন্দৰ্ভত সত্ৰাধিকাৰ যুগল চন্দ্ৰ দেৱ গোস্বামীয়ে কয় যে এতিয়ালৈকে মই প্ৰায় ১১০০ ল’ৰা-ছোৱালীক হিন্দু ধৰ্মত দীক্ষা দিছো। ৰেজিনাই মোৰ সৈতে যোগাযোগ কৰিছিল। যথেষ্ট শিক্ষিত ছোৱালী। হিন্দু ধৰ্মৰ প্ৰতি তেওঁ নিজে আকৃষ্ট হৈছে।(rangia muslim girl rezina begum converted to hindu)

Dr. Himanta Biswa Sarmaমুখ্যমন্ত্ৰীক প্ৰশংসা জালুকবাৰীৰ খানামুখৰ জ্ঞানমালিনী বিকশিত মহিলা দলৰ

CHIEF Ministerমুখ্যমন্ত্ৰীক প্ৰশংসা জালুকবাৰীৰ খানামুখৰ জ্ঞানমালিনী বিকশিত মহিলা দলৰ
CHIEF Ministerমুখ্যমন্ত্ৰীক প্ৰশংসা জালুকবাৰীৰ খানামুখৰ জ্ঞানমালিনী বিকশিত মহিলা দলৰ

Dr. Himanta Biswa Sarmaমাৰাংগাৰ আৰু বৰাপানীত দিহানাম পৰিবেশন কৰি ৰাইজৰ ভূয়সী প্ৰশংসা লাভ জালুকবাৰীৰ খানামুখৰ জ্ঞানমালিনী বিকশিত মহিলা দলে ; মেঘালয়ৰ নংপোৰ মাৰাংগাৰত শঙ্কৰদেৱ নামঘৰত এমহীয়া পৱিত্ৰ ভাদ মাহৰ নামৰ সামৰণি ; নামঘৰৰ উন্নয়নত সহযোগিতা আগবঢ়োৱাৰ বাবে অসমৰ মুখ্যমন্ত্ৰীক প্ৰশংসা

দৈনন্দিন বাৰ্তা গুৱাহাটী ২২ছেপ্টেম্বৰ

Dr. Himanta Biswa Sarma অসমৰ জনজীৱনত গুৰুত্বপূৰ্ণ মাহ হিচাপে পৰিচিত ভাদ মাহত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীশ্ৰী মাধৱদেৱৰ তিৰোভাব তথা মহাপ্ৰয়াণ হোৱা বাবে ভাদ মাহক পৱিত্ৰ জ্ঞান কৰি অহা হৈছে । যাৰ বাবে অসমৰ সকলো সত্ৰ, নামঘৰ সমূহত ভাদ মাহ আৰম্ভ হোৱাৰ দিনাৰ পৰাই মহাপুৰুষ দুজনাক স্মৰণ কৰি দৈনিক নাম-প্ৰসংগ পৰিবেশন কৰা হয়। যাৰ বাবে ভাদ মাহ হৈ পৰিছে অসমৰ জনজীৱনৰ এক গুৰুত্বপূৰ্ণ মাহ। এক কথাত কবলৈ গলে পৱিত্ৰ ভাদ মাহটোত হৰি নামেৰে মুখৰিত হৈ থাকে সত্ৰ আৰু নামঘৰ সমূহ । আনকি গুৱাহাটীৰ পৰা প্ৰায় ৪০ কিঃমিঃ নিলগৰ চুবুৰীয়া ৰাজ্য মেঘালয়ৰ ৰি-ভয় জিলাৰ সদৰ নংপো চহৰৰ পৰা প্ৰায় ৬ কিঃমিঃ ভিতৰত মাৰাংগাৰ নামৰ জনজাতি প্ৰধান অঞ্চলটোত আছে কেবাখনো গাঁও। পৰিস্থিতিৰ তাগিদাত পৰি বহিঃ ৰাজ্যত থাকিলেও তাৰ বাসিন্দা সকলে এতিয়াও শিপা এৰি দিয়া নাই । অবিভক্ত অসমত থকাৰ সময়তে তেওঁলোকে তাত স্থাপন কৰিছিল শ্ৰীমন্ত শংকৰদেৱ হাইস্কুল আৰু হাইস্কুলৰ সীমাতে আছেSrimanta Sankardeva Namghar শ্ৰীমন্ত শঙ্কৰদেৱ নামঘৰ । নামঘৰটোক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অন্যতম শাখা “পৰমানন্দ প্ৰাথমিক শাখা মাৰাংগাৰ নামঘৰ” নামেৰে তাত পৰিচিত । অঞ্চলটোৰ এজন বিশিষ্ট সমাজকৰ্মী, অভিযন্তা তথা নামঘৰ পৰিচালনা কমিটীৰ উপদেষ্টা মনীন ৰাজা, সভাপতি জয়মালা বিনং আৰু সম্পাদক যোগেশ মাৰৱেটে জানিবলৈ দিয়া মতে তেওঁলোকৰ পিতৃ পুৰুষৰ দিনৰে পৰা নামঘৰত পৱিত্ৰ ভাদ মাহত পুৰুষ – মহিলা সকলে এমহীয়া নাম – প্ৰসংগত ভাগ লৈ আহিছে । ইয়াৰ মাজতে যোৱা ২৪ আগষ্টত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ আৰু ৪ ছেপ্টেম্বৰত মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ তিৰোভাৱ তিথি নাম – প্ৰসংগৰ মাজেৰে উদযাপন কৰা হয় । আনহাতে ১৭ ছেপ্টেম্বৰত ভাদ মাহৰ অন্তিম দিনটোত এটা বছৰৰ বাবে নাম – প্ৰসংগৰে এমহীয়া ভাদ মাহৰ নামৰ সামৰণি মৰা হয় । ইয়াৰ মাজতে ১৫ ছেপ্টেম্বৰত মাৰাংগাৰ নামঘৰ কমিটীৰ আমন্ত্ৰণ ক্ৰমে আৰু পাৰস্পাৰিক সাংস্কৃতিক বিনিময় কাৰ্যসূচীৰ অংশ হিচাপে অসমৰ অন্যতম মহিলা নামতি দল হিচাপে পৰিচিত হৈ অহা গুৱাহাটীৰ জালুকবাৰী অঞ্চলৰ খানামুখৰ “জ্ঞানমালিনী বিকশিত মহিলা দল”ৰ সভানেত্ৰী পূৰ্ণিমা কলিতা আৰু সম্পাদিকা জুমি কলিতাৰ নেতৃত্বত অহা ১৫ জনীয়া দলটোৱে তাৰ নামঘৰত মহাপুৰুষ দুজনাৰ নাম – প্ৰসংগ , দিহানাম পৰিবেশন কৰি উপস্থিত সকলোকে আপ্লুত কৰে। মহিলা দলটোক মাৰাংগাৰ নামঘৰৰ মহিলা সমাজৰ কৰ্মকৰ্তা ক্ৰমে – ৰুণুমী বিনং, কাঁহি চিয়েম আৰু মিনতি বিনঙে পৰম্পৰাগত ভাৱে আদৰণি জনায় । দলটোৱে সিদিনা শ্বিলঙৰ সমীপৰ বৰাপানী তথা উমিয়ামৰ উত্তৰ পূব মহাকাশ কেন্দ্ৰ চৌহদত থকা সাৰ্বজনীন নামঘৰ আৰু শ্ৰী কৃষ্ণ মন্দিৰতো তাৰ পৰিচালনা কমিটীৰ আমন্ত্ৰণ ক্ৰমে নাম – প্ৰসংগ আৰু দিহানাম পৰিবেশন কৰি উপস্থিত শতাধিক লোকক আপ্লুত কৰে। এইখিনিতে উল্লেখ্য যে বৃহত্তৰ মাৰঙা তথা মাৰাংগা অঞ্চলটোৰ দহখন গাঁওৰ বাসিন্দা সকল মূলতঃKarbi and Tiwa communities কাৰ্বি আৰু তিৱা সম্প্ৰদায়ৰ যদিও তাত তেওঁলোক জাতিগত পৰিচয় মৰঙালী হিচাপে পৰিচিত হৈ আহিছে। বৃহত্তৰ মাৰঙা অঞ্চলৰ দহখনকৈ গাঁও হল ক্ৰমে – বৰগাং, নালাপাৰা , নঙা গাঁও, পুৰাণ গাঁও, লালুমপাম, জয় গাঁও, বৰকুছি, বৰখাত চাই, চাৰিকুছি আৰু আঠগাঁও । এই সন্দৰ্ভত মনীন ৰাজাই জানিবলৈ দিয়া মতে অসমৰ পৰা দূৰত থাকিলেও তেওঁলোকে নীৰৱে অসমীয়া সংস্কৃতিৰ চৰ্চা কৰি আহিছে। আনকি বিগত বৰ্ষত অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই তেওঁলোকৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই নামঘৰটো মেৰামতি আৰু পুনৰ নিৰ্মাণৰ বাবে ব্যক্তিগতভাৱে আৰ্থিক সাহায্য প্ৰদান কৰিছে বুলিও মনীন ৰাজাই জানিবলৈ দিছে। আনকি মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে বিগত বৰ্ষত অসম চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী পীয়ুষ হাজৰিকাই মাৰাংগালৈ আহি আৰ্থিক সাহায্যৰ ধনৰাশি প্ৰদান কৰিছে। সেই ধনৰে নামঘৰটোৰ আন্তঃগাঁথনিৰ যথেষ্ট উন্নয়ন সাধন কৰা হৈছে । যাৰ বাবে অঞ্চলবাসীয়ে অসমৰ মূখ্যমন্ত্ৰীDr. Himanta Biswa Sarma ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লগতে অসম চৰকাৰৰ মন্ত্ৰী পীয়ুষ হাজৰিকাক ধন্যবাদ জ্ঞাপন কৰি আগলৈকে যাতে সহায়ৰ হাত আগবঢ়ায় তাৰ কামনা কৰিছে বুলি মনীন ৰাজাই জানিবলৈ দিছে।

অধিক খৱৰ পঢ়িবলৈ
মাটি বাৰীৰ কাজিয়া লৈ ভয়ঙ্কৰ পৰিণতি

Broker new name থানাৰ দালালৰ নতুন নাম

Broker new name থানাৰ দালালৰ নতুন নাম
Broker new name থানাৰ দালালৰ নতুন নাম

Broker new name এফালে মুখ্যমন্ত্ৰীৰ দালালৰাজ উৎখাতৰ কাঢ়া নিৰ্দেশ, সমান্তৰালকৈ আকৌ কামৰূপৰ নগৰবেৰাৰ টুপামাৰী আৰক্ষী চকীত ওলোটা ছবিভাৰ প্ৰাপ্ত আৰক্ষী বিষয়া হাৰদেৱ সিংয়ে টুপামাৰী আৰক্ষী চকীত পুহি ৰাখিছে একাংশ দালাল, দালাল নহয়, আৰক্ষী বিষয়াৰ মতে দালাল এয়া Source হে

দৈনন্দিন বাৰ্তা ২২ ছেপ্টেম্বৰ নগৰবেৰা আবুল হুছেইন

Broker new name থানাৰ দালালৰ নতুন নাম হ’ল –Source‘ আৰু Source ৰ আঙুলি ঠাঁৰত উঠা-বহা কৰে এগৰাকী আৰক্ষী বিষয়া Source ৰূপী দালালে চলায় আৰক্ষী চকীৰ সকলো কাম-কাজ, কেৱল কলমডাল হে থাকে বিষয়াৰ হাতত এফালে মুখ্যমন্ত্ৰীৰ দালালৰাজ উৎখাতৰ কাঢ়া নিৰ্দেশ, সমান্তৰালকৈ আকৌ কামৰূপৰ নগৰবেৰাৰ টুপামাৰী আৰক্ষী চকীত ওলোটা ছবিভাৰ প্ৰাপ্ত আৰক্ষী বিষয়া হাৰদেৱ সিংয়ে টুপামাৰী আৰক্ষী চকীত পুহি ৰাখিছে একাংশ দালাল, দালাল নহয়, আৰক্ষী বিষয়াৰ মতে দালাল এয়া Source হে 3 নং টুপামাৰী গাওঁৰ ৰশিদ আৰু আয়নালৰ মাজত ছাগলীয়ে খেতি খোৱাক কেন্দ্ৰ হৈছিল কাজিয়া।পিছে উভয় পক্ষই বিষয়টো লৈ টুপামাৰী আৰক্ষী চকীত গৈছিল এজাহাৰ দিবলৈ আৰু টুপামাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হৰদেও সিঙে চকীৰ ভিতৰতে মহিলা সহ পাঁচজনকৈ লোকক বেয়াকৈ প্ৰহাৰ কৰে।
অভিযোগ কৰা মতে আৰক্ষী বিষয়া গৰাকী মধ্যপান কৰি ছাদেক আলী, ৰশিদ, মনোৱাৰা খাতুন, হুনুফা খাতুন, ইলাহি বক্সো শাৰীৰিকভাৱে প্ৰহাৰ কৰেআনকি আৰক্ষী বিষয়াৰ এনে আতিশয্যৰ পৰা সাৰি নগ’ল এগৰাকী বৃদ্ধ লোক ,অৱশেষত আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া Hardeo Singhহৰদেও সিঙেৰ এনে ঔদ্ধতালিৰ বিৰুদ্ধে ন্যায় বিচাৰি স্থানীয় বহু লোক সমবেত হয় নগৰবেৰা আৰক্ষী থানাত আৰক্ষী চকীলৈ অহা নিৰীহ লোকক প্ৰায়ে দুৰ্ব্যৱহাৰ আৰু প্ৰহাৰ কৰাৰ বহু অভিযোগ আছে গুণ্ডাৰূপী আৰক্ষী বিষয়া হৰদেও সিঙৰ বিৰুদ্ধে ইতিমধ্যে বিষয়টো কামৰূপ জিলাৰ আৰক্ষী অধীক্ষকক বিষয়টো অৱগত কৰিছে বুলি জনাইছে ভোক্তভোগী পৰিয়ালটো প্ৰশ্ন হয় ,মুখ্যমন্ত্ৰীৰ নিৰ্দেশকো কেৰেপ নকৰা কোন এই হৰদেও সিং ? এনে আৰক্ষী বিষয়াৰ বাবেই সুদূৰপৰাহত হ’বগৈ নেকি Slogan of police for public welfare, public service” “জনহিতাৰ্থে ,জনসেৱাৰ্থে আৰক্ষী’ৰ শ্ল’গান” ?

অধিক খৱৰ পঢ়িবলৈ বিবাহ বিচ্ছেদৰ দুমাহৰ পিছত মুখামুখি নাটাছা-হাৰ্ডিক

Six Tribal Unity Forum: ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত নতুন দিল্লীত প্ৰতিবাদী কাৰ্যসূচী ছয় জনগোষ্ঠী ঐক্য মঞ্চৰ

ছয় জনগোষ্ঠী ঐক্য মঞ্চ
ছয় জনগোষ্ঠী ঐক্য মঞ্চ

নতুন দিল্লী,২৩ চেপ্তেম্বৰ: অসমৰ এক জ্বলন্ত সমস্যা ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়ক লৈ দীৰ্ঘদিনৰ পৰা প্ৰতিবাদ। আলোচনা চলি আহিছিল যদিও কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে অসমৰ ছয় জনগোষ্ঠীক মাহী আইৰ চকুৰে চোৱা পৰিলক্ষিত হৈছে।(Six Tribal Unity Forum)

ছয় জনগোষ্ঠী ঐক্য মঞ্চৰ উদ্যেগত নতুন দিল্লীৰ যন্তৰ-মন্তৰত আজি প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে পুনৰবাৰ বিজেপি নেতৃত্বাধীন কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক দেশৰ ৰাজধানীৰ পৰা ছয় জনগোষ্ঠীক শীঘ্ৰেই জনজাতিকৰণ প্ৰদান কৰিবলৈ সকিয়াই দিয়া হয়। প্ৰতিবাদস্থলীৰ পৰাই মৰাণ, মটক, টাই আহোম, চুতীয়া, কোঁচ-ৰাজবংশী, চাহ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত স্মাৰক পত্ৰ প্ৰধানমন্ত্ৰী,গৃহমন্ত্ৰী আৰু জনজাতি পৰিক্ৰমা মন্ত্ৰীলৈ প্ৰেৰণ কৰা হয়। (delhi)

উল্লেখযোগ্য যে ২০১৯ চনৰ ৮ জানুৱাৰী তাৰিখে ৰাজ্যসভাত অনুসূচীত জনজাতি সংশোধনী বিধেয়ক উত্থাপন কৰা হৈছিল, তাত ছয় জনগোষ্ঠীক অনুসূচীত জনজাতি মৰ্যদা প্ৰদান কৰাৰ কথা স্পষ্ট ভাৱে উল্লেখ কৰা হৈছিল কিন্তু আজি পৰ্যন্ত এই বিধেয়ক গৃহীত হৈ আইনলৈ ৰূপান্তৰিত নহ’ল।(six communities)

অন্যহাতে ২০১৯ বৰ্ষৰ ৭ জানুৱাৰী তাৰিখে ৰাষ্ট্ৰীয় অনুসূচীত জনজাতি আয়োগৰ লগত হোৱা বৈঠকৰ পিছত আয়োগে স্পষ্টভাৱে অসমৰ মৰাণ, মটক, টাই আহোম, চুতীয়া, কোঁচ-ৰাজবংশী আৰু চাহজনগোষ্ঠীক অনুসূচীত জনজাতিকৰণৰ পক্ষত মতপোষণ কৰিছিল। জনজাতি মন্ত্ৰণালয়ৰ তৰফৰ পৰা পত্ৰ নং- 12026/02/2003-C&LM(5th Jan,2019)ত উল্লেখ কৰিছিল যে ৰাষ্ট্ৰীয় অনুসূচীত জনজাতি আয়োগৰ পৰামৰ্শৰ ভিত্তিত অসমৰ ছয় জনগোষ্ঠীৰ বৈশিষ্ট্য সমূহ সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰাৰ অন্তত জনজাতি মৰ্যদা প্ৰদানৰ যোগ্য বুলি আনুষ্ঠানীক ভাবে জনাই।

দুৰ্ভাগ্যজনক ভাবে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সংশ্লিষ্ট আয়োগ,সমিতি সমূহে সন্মতি প্ৰদান কৰা পিছতো ডাবল ইঞ্জিনৰ চৰকাৰে আমাক চূড়ান্ত প্ৰতাৰণা কৰি কংগ্ৰেছৰ দিনৰ অসম বিধানসভাৰ এক প্ৰস্তাৱৰ বাবে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ কৰিব পৰা নাই বুলি অসমৰ মুখ্যমন্ত্ৰীৰ দায়সৰা মন্তব্যক অত্যন্ত লজ্জাজনক আৰু দুৰ্ভাগ্যজনক আখ্যা দিয়ে ছয় জনগোষ্ঠী ঐক্য মঞ্চই।(protest)


আজিৰ প্ৰতিবাদী কাৰ্যসূচীত সদৌ মৰাণ ছাত্ৰ সন্থা, সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলন, সদৌ তাই আহোম ছাত্ৰ সন্থা, চুতীয়া যুৱ সন্মিলন অসম, চাহ জনজাতি ছাত্ৰ সন্থা আৰু চাহ জনজাতি মহিলা সমিতিৰ বিষয়-ববীয়া উপস্থিত থাকে। অতি শীঘ্ৰেই এই দাবী পূৰণ নকৰিলে আগন্তুক দিনত জংগী প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব ছয় জনগোষ্ঠী ঐক্য মঞ্চই। ছয় জনগোষ্ঠীৰ ৰাইজৰ সহযোগত আগন্তুক পঞ্চায়ত আৰু বিধানসভা নিৰ্বাচনত বিজেপি নেতৃত্বাধীন কেন্দ্ৰ আৰু ৰাজ্যৰ মিত্ৰদলীয় চৰকাৰক কঠোৰ প্ৰত্যাহবান জনোৱাৰ হুংকাৰ ছয় জনগোষ্ঠী ঐক্য মঞ্চৰ।(demanding tribalisation of six communities)

Over land fight মাটি বাৰীৰ কাজিয়া লৈ ভয়ঙ্কৰ পৰিণতি

Over land fight মাটি বাৰীৰ কাজিয়া লৈ ভয়ঙ্কৰ পৰিণতি
মাটি বাৰীৰ কাজিয়া লৈ ভয়ঙ্কৰ পৰিণতি

Over land fight মাটি বাৰীৰ কাজিয়া লৈ ভয়ঙ্কৰ পৰিণতি ।নষ্ট কৰিলে ২ বিঘা পুখুৰীৰ মাছ ।বিষাক্ত ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰি ১১বিঘা ধান খেতি নষ্ট কৰিলে আৰু 2 বিঘা পুখুৰীত বিষ প্রয়োগ কৰি লাখ লাখ টকাৰ মাছ নিধন কৰিলে ।

দৈনন্দিন বাৰ্তা মৈৰাবাৰী ২২ ছেপ্টেম্বৰ

Over land fight মৈৰাবাৰীৰ শগুণবাহি গাওঁৰ মানৱ ৰূপী দানৱৰ কাণ্ড দেখিলে আপোনাৰ চকু কপালত উঠিব ।নষ্ট কৰিলে ১১ বিঘা ধান খেতি ।নষ্ট কৰিলে ২ বিঘা পুখুৰীৰ মাছ ।বিষাক্ত ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰি ১১বিঘা ধান খেতি নষ্ট কৰিলে আৰু 2 বিঘা পুখুৰীত বিষ প্রয়োগ কৰি লাখ লাখ টকাৰ মাছ নিধন কৰিলে ।শগুণবাহি গাওঁৰ আমিৰুদ্দিনৰ পৰিয়াল আৰু এটা ফৈদৰ মাজত দুই তিনি বছৰ ধৰি Terrible consequences মাটি বাৰীৰ কাজিয়া লৈ ভয়ঙ্কৰ পৰিণতিমাটি বাঢ়ি লৈ কাজিয়া চলি আছিল কিন্তু যোৱা ৰাতি ২ বজাত আমিৰ উদ্দিৰ ১১ বিঘা ধান খেতিত বিষাক্ত কীটনাশক প্ৰয়োগ কৰি ধান খেতি নষ্ট কৰে লগতে ২ বিঘা পুখুৰীত বিষাক্ত ৰাসায়নিক দ্ৰব্য প্ৰয়োগ কৰি লাখ লাখ টকাৰ মাছৰ ক্ষতি সাধন কৰে বুলি অভিযোগ উত্থাপন কৰে ভুক্তভোগীয়ে ।আমিৰুদ্দিনৰ কপালৰ ঘাম মাটিত পেলাই একমাত্ৰ উপাৰ্জনৰ পথ নষ্ট কৰাত পৰিয়াল মানসিক ভাৱে ভাঙি পৰিছে ।ঘটনা সন্দৰ্ভত আমিৰুদ্দিননে ন্যায় বিচাৰি Moirabari police station মৈৰাবাৰী থানাত এজাহাৰ দাখিল কৰে ।ৰাতি বিষাক্ত কীটনাশক দ্ৰব্য প্ৰয়োগ কৰাৰ সময়ত প্ৰত্যক্ষ কৰা ব্যক্তি সকলৰ নাম এজাহাৰত উল্লেখ কৰে ।

অধিক খৱৰ পঢ়িবলৈ: চন্দ্ৰবাবু নাইডুক ‘অভ্যাসগত মিছলীয়া’ আখ্যা জগন ৰেড্ডীৰ

Natasa-Hardik Meeting: বিবাহ বিচ্ছেদৰ দুমাহৰ পিছত মুখামুখি নাটাছা-হাৰ্ডিক

নাটাছা-হাৰ্ডিক
নাটাছা-হাৰ্ডিক

নাটাছা ষ্টেনকভিচ আৰু হাৰ্দিক পাণ্ডিয়াৰ বিবাহ বিচ্ছেদৰ ২ মাহ হ’ল। চলিত বৰ্ষৰ ২০২৪ চনৰ জুলাই মাহত নাটাছা ষ্টেনকভিচ আৰু হাৰ্দিক পাণ্ডিয়াই বিবাহ বিচ্ছেদৰ কথা ঘোষণা কৰিছিল। দুয়োজনে একেলগে এক বিবৃতি প্ৰকাশ কৰিছিল, য’ত তেওঁলোকে কয় যে চাৰি বছৰ একেলগে থকাৰ পিছত পাৰস্পৰিক সন্মতিৰে পৃথক হোৱাৰ সিদ্ধান্ত লৈছে, কিন্তু একেলগে পুত্ৰ অগস্ত্যৰ যত্ন ল’ব। কিন্তু এই সিদ্ধান্তই তেওঁৰ অনুৰাগীসকলক বহুত হতাশ কৰিছিল আৰু মানুহে নাটাছাক বহুত ট্ৰল কৰিবলৈ আৰম্ভ কৰিছিল। পিছত খবৰ ওলাল যে হাৰ্দিকেহে বেলেগৰ সৈতে ডেটিং কৰি আছে।(Natasa-Hardik Meeting)

তাৰপিছত অনুৰাগীয়ে নাটাছাৰ ওচৰত ক্ষমা খুজিছিল। ইফালে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ আছে এটা ভিডিঅ’, য’ত নাটাছা আৰু হাৰ্দিক ২ মাহৰ বিবাহ বিচ্ছেদৰ পিছত মুখামুখি হৈছিল। ভিডিঅ’টো যথেষ্ট ভাইৰেল হৈ পৰিছে। আচলতে বিবাহ বিচ্ছেদৰ ঘোষণাৰ পিছত নাটাছা পুত্ৰ আগষ্ট্যাৰ সৈতে ছাৰ্বিয়াৰ নিজৰ গৃহ চহৰলৈ গৈছিল আৰু এতিয়া নাটাশা ভাৰতলৈ উভতি আহিছে। এনে অৱস্থাত পুত্ৰক দেখাৰ পিছত হাৰ্দিকৰ সুখৰ সীমা নাই আৰু লগে লগে পুত্ৰক কোলাত লয় হাৰ্দিকে।(natasa stankovic)

অনুৰাগীসকলো যেন নাটাছা আৰু হাৰ্দিকৰ এই সাক্ষাৎকাৰত অতিশয় উৎসাহিত হৈ পৰিছিল। পুত্ৰ অগস্ত্যক দেখাৰ লগে লগে হাৰ্দিকে কোলাত তুলি ল’লে। এই সময়ছোৱাত হাৰ্দিকৰ জ্যেষ্ঠ ভাতৃ ক্ৰুনালৰ পুত্ৰকো তেওঁৰ লগত দেখা গ’ল। ভিডিঅ’টোত দেখা গৈছে যে হাৰ্দিকে আনন্দত চিঞৰি চিঞৰি নিজৰ পুত্ৰক কোলাত তুলি লৈছে। দুয়োৰে অনুৰাগীসকলেও এই ভাইৰেল ভিডিঅ’টোত মন্তব্য কৰি উল্লাস প্ৰকাশ কৰিছে।(hardik pandya)

ক’ৰোনা মহামাৰীৰ সময়ত ২০২০ চনত নাটাছা ষ্টেনকভিচ আৰু হাৰ্দিক পাণ্ডিয়াৰ বিবাহ হৈছিল। ইয়াৰ পিছত দুয়োজনে পুত্ৰ অগস্ত্যক আদৰণি জনায়। ইয়াৰ পিছত দুয়োৰে পৰিয়াল আৰু বন্ধু-বান্ধৱীৰ উপস্থিতিত ২০২৩ চনত অতি আড়ম্বৰেৰে বিবাহপাশত আবদ্ধ হয়। কিন্তু বিয়াৰ এবছৰৰ অন্তত দুয়োৰে বিবাহ বিচ্ছেদ হোৱাৰ সিদ্ধান্ত লোৱাত অনুৰাগীৰ সকলেও কষ্ট পাইছিল। লগতে, নাটাছাই নিজৰ ইনষ্টাগ্ৰাম প্ৰফাইলৰ পৰা পাণ্ডিয়াৰ উপাধিও আঁতৰাই পেলাইছিল।(divorce)

Tirupati Ladoo controversy: চন্দ্ৰবাবু নাইডুক ‘অভ্যাসগত মিছলীয়া’ আখ্যা জগন ৰেড্ডীৰ

চন্দ্ৰবাবু নাইডু আৰু জগন ৰেড্ডী
চন্দ্ৰবাবু নাইডু আৰু জগন ৰেড্ডী

দৈনন্দিন বাৰ্তাৰ সেৱা, ২৩ ছেপ্টেম্বৰঃ অন্ধ্ৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা ৱাই এছ আৰ কংগ্ৰেছৰ মুৰব্বী ৱাই এছ জগন মোহন ৰেড্ডীয়ে দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এখন পত্ৰ লিখি তিৰুপতি মন্দিৰৰ লাডুত পশুৰ চৰ্বি পোৱা বুলি উত্থাপিত অভিযোগ সম্পৰ্কীয় বিতৰ্কত তেওঁৰ হস্তক্ষেপ বিচাৰিছে৷ তেওঁ কয় যে মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৱে তিৰুমালা তিৰুপতি দেৱস্থানম [টিটিডি]ৰ পবিত্ৰতা, অখণ্ডতা, সুনামক অপূৰণীয়ভাৱে কলংকিত কৰাৰ চেষ্টা চলাইছে৷(Tirupati Ladoo controversy)

প্ৰধানমন্ত্ৰী মোদীলৈ প্ৰেৰণ কৰা আঠ পৃষ্ঠাৰ পত্ৰখনতত ৰেড্ডীয়ে অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰীক ‘‘অভ্যাসগত মিছলীয়া’’ বুলি অভিহিত কৰি কয় যে মুখ্যমন্ত্ৰী নাইডুৱে ইমানেই তললৈ নামিছে যে কেৱল ৰাজনৈতিক উদ্দেশ্যৰ বাবেই কোটি কোটি লোকৰ বিশ্বাসত আঘাত হানিছে৷ তেওঁ কয় ‘‘মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডু ডাঙৰীয়াই, তিৰুমালা তিৰুপতি দেৱস্থানৰ পবিত্ৰতা, অখণ্ডতা, আৰু সুনামক অপূৰণীয়ভাৱে কলংকিত কৰাৰ প্ৰয়াস কৰিছে৷ ভগৱান ভেংকটেশ্বৰৰ কেৱল ভাৰততে নহয় সমগ্ৰ বিশ্বতে কোটি কোটি হিন্দু ভক্ত আছে ৷’’ (narendra modi)

সাৱধানে চম্ভালিব নোৱাৰিলে এই মিছাবোৰে ব্যাপক যন্ত্ৰণাৰ সৃষ্টি কৰিব পাৰে, বুলিও পত্ৰখনত উল্লেখ কৰা হৈছে৷ ৰেড্ডীয়ে লগতে কয় যে নাইডুক কঠোৰভাৱে ধমক দিয়া হওক আৰু সত্য পোহৰলৈ অনা হওক৷ ‘‘ অভ্যাসগত মিছলীয়া চন্দ্ৰবাবু নাইডুৱে ৰাজনৈতিক উদ্দেশ্যৰ বাবেই কোটি কোটি মানুহৰ বিশ্বাসক গুৰুতৰভাৱে আঘাত কৰিছে.. এনেনিৰ্লজ্জ কাৰ্য্যৰ বাবে নাইডুক কঠোৰভাবে ধমকি দিয়াটো অতি প্ৰয়োজনীয়৷’’ পূৰ্বৰ ৱাইএছআৰচিপি চৰকাৰে শ্ৰী ভেংকটেশ্বৰ মন্দিৰকো ৰেহাই নিদিয়া আৰু লাডু বনোৱাৰ বাবে অমান্য উপাদান আৰু পশুৰ চৰ্বি ব্যৱহাৰ কৰা বুলি অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী নাইডুৱে দাবী কৰাৰ পিছতে তিৰুপতি মন্দিৰৰ লাডু সম্পৰ্কীয় বিতৰ্কই সমগ্ৰ দেশতে জোকাৰণিৰ সৃষ্টি কৰিছে৷(Jagan Reddy)

টিটিডিৰ কাৰ্যবাহী বিষয়া জে শ্যামালা ৰাৱে এক সংবাদমেলত কয় যে লেব পৰীক্ষাত নিৰ্বাচিত নমুনাত পশুৰ চৰ্বি আৰু চৰ্বিৰ উপস্থিতি ধৰা পৰিছে৷ৰেড্ডীয়ে কয় ‘‘নিৰ্বাচনৰ পূৰ্বে ভোটাৰসকলৰ প্ৰতি দিয়া প্ৰতিশ্ৰুতিসমূহ পূৰণৰ ক্ষেত্ৰত নাইডুৰ নতুন চৰকাৰে সকলো দিশতে ব্যৰ্থ হৈছে৷ নতুন চৰকাৰে চলিত বিত্তীয় বৰ্ষৰ সাধাৰণ বাজেটখনো গৃহীত কৰিব নোৱাৰিলে ৷’’

উল্লেখ্য শেহতীয়াকৈ অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৱে বিখ্যাত তিৰুপতি মন্দিৰৰ লাডুত পশুৰ চৰ্বি ব্যৱহাৰ কৰা বুলি অভিযোগ উত্থাপন কৰাৰ পিছতে তিৰুপতিৰ লাডুক লৈ বিবাদৰ সূত্ৰপাত ঘটিছে৷ নাইডুৰ এই দাবীৰ পিছতে এনডিডিবি কেএলএফৰ এক প্ৰতিবেদনত প্ৰকাশ পাইছে যে তিৰুপতি মন্দিৰৰ লাডু বনাবলৈ ব্যৱহাৰ কৰা ঘিৰ নমুনাত পাম তেল, মাছৰ তেল, গৰুৰ মাংসৰ চৰ্বি আৰু গাহৰিৰ চৰ্বিযু আদিকে ধৰি আন বহু চৰ্বি পোৱা গৈছে৷ এনডিডিবি হৈছে পশুৰ খাদ্য আৰু গাখীৰ তথা গাখীৰৰ পৰা তৈয়াৰী সামগ্ৰী বিষয়ে পৰীক্ষা কৰা এটা ব্যক্তিগত পৰীক্ষাগাৰ৷(Chandrababu Naidu)

Arvind Kejriwal: ‘জনতা কি আদালত’ত মোহন ভাগৱতক কেইবাটাও প্ৰশ্ন কেজৰিৱালৰ! অৱসৰৰ বয়সৰ নীতি মোদীৰ ক্ষেত্ৰত নাখাটে কিয়?

অৰবিন্দ কেজৰিৱাল আৰু মোহন ভাগৱত
অৰবিন্দ কেজৰিৱাল আৰু মোহন ভাগৱত

দিল্লীৰ সদ্য পদত্যাগী মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক উপলক্ষ্য কৰি আৰ এছ এছক কেইটামান প্ৰশ্ন উত্থাপন কৰে৷ কেজৰিৱালে আৰএছএছৰ মুৰব্বী মোহন ভাগৱতক প্ৰশ্ন কৰে-বিজেপিয়ে কেন্দ্ৰীয় সংস্থাসমূহ ব্যৱহাৰ কৰি দলসমূহ ভাঙি বিৰোধী চৰকাৰক উৎখাত কৰাৰ লগতে ‘‘দুৰ্নীতিগ্ৰস্ত’’ নেতাক ক্ষমতাত বহুওৱাৰ কৌশলক আৰএছএছে সমৰ্থন কৰে নেকি?(Arvind Kejriwal)

দিল্লীৰ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাৰ পাছত যন্তৰ মন্তৰত অনুষ্ঠিত হোৱা প্ৰথমখন ‘জনতা কি আদালত’ ত কেজৰিৱালে আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতক পাঁচটা প্ৰশ্ন উত্থাপন কৰে৷ তেওঁৰ এটা প্ৰশ্ন আছিল যে বিজেপিৰ অৱসৰৰ বয়সৰ নিয়ম মোদীৰ ক্ষেত্ৰত প্ৰযোজ্য হয় নেকি? তেওঁ ভাগৱতক প্ৰত্যাহ্বান জনাই প্ৰশ্ন কৰে-বিজেপিয়ে একাংশ ৰাজনীতিকক ‘‘দুৰ্নীতিগ্ৰস্ত’’ বুলি লেবেল লগোৱাৰ বিপৰীতে একে সময়তে দুৰ্নীতিগ্ৰস্ত নেতাক নিজৰ দলত আদৰণি জনোৱাৰ প্ৰথাক আৰএছএছে সমৰ্থন কৰে নেকি? (Arvind Kejriwal Questions to Mohan Bhagwat)

কেজৰিৱালে ভাগৱতক লগতে প্ৰশ্ন কৰে যে বিজেপি দলৰ মতাদৰ্শগত মেৰুদণ্ড হিচাপে কাম কৰা আৰ এছ এছৰ প্ৰয়োজন নাই বুলি বিজেপিৰ মুৰব্বী জে পি নাড্ডাই কৰা বক্তব্যক লৈ ভাগৱতৰ অনুভৱ কেনে? কেজৰিৱালে কয় যে তেওঁ ৰাজনীতিত প্ৰৱেশ কৰিছিল জাতিৰ সেৱা কৰিবলৈ, কোনো ক্ষমতা বা পদৰ আকাংক্ষাৰ বাবে নহয় ৷

যোৱা দশকত তেওঁ কেৱল সন্মানহে লাভ কৰিছিল–ধন-সম্পত্তি নহয়৷ তেওঁ আগন্তুক দিল্লী বিধানসভা নিৰ্বাচনক নিজৰ বাবে এক ‘‘অগ্নি পৰীক্ষা’’ বুলি অভিহিত কৰি ভোটাৰক তেওঁক অসৎ বুলি বিশ্বাস কৰিলে তেওঁক সমৰ্থন কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায়৷

Junmoni Rabha:জোনমনি ৰাভাৰ মৃত্যুৰ চি বি আইৰ প্ৰতিবেদনৰ ভিত্তিত আৰম্ভ বিভাগীয় তদন্ত

জোনমনি ৰাভা
জোনমনি ৰাভা

নগাঁও, ২৩ ছেপ্টেম্বৰঃ আৰক্ষী বিষয়া জোনমনি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ চি বি আইৰ তদন্তৰ প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি নগাঁৱৰ ৭ জন আৰক্ষী বিষয়াৰ বিৰুদ্ধে বিভাগীয় তদন্ত আৰম্ভ হ’ব৷ উল্লেখযোগ্য যে বিগত বৰ্ষত নগাঁৱৰ জখলাবন্ধাত এক ৰহস্যজনক পথ দুৰ্ঘটনাত সেই মৃত্যু হোৱা আৰক্ষী বিষয়া জোনমনি ৰাভাৰ মৃত্যুক পৰিয়ালৰ লগতে সাধাৰণ ৰাইজেও সহজভাৱে লব পৰা নাছিল৷(Junmoni Rabha)

পিচত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত গোচৰটোৰ তদন্তৰ দায়িত্ব কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চি বি আইক অৰ্পণ কৰা হৈছিল৷ চি বি আইৰ এটা দলে প্ৰাৰম্ভিকভাৱে জোনমনি ৰাভাৰ মৃত্যুৰ লগতে মৃত্যুৰ সৈতে সাঙোৰ খোৱা আন এটা গোচৰো ৰুজু কৰি আৰম্ভ কৰিছিল তদন্ত৷ চি বি আইৰ দলে জোনমনি ৰাভাৰ মৃত্যুৰ চূড়ান্ত প্ৰতিবেদন নগাঁও আদালতৰ দাখিল কৰাৰ পাছত অৱশেষত নকল সোণ আৰু জালনোটৰ গোচৰৰ তদন্তৰ প্ৰতিবেদনো দাখিল কৰিছে ৷(CBI)

চি বি আইৰ শেহতীয়া প্ৰতিবেদনৰ ভিত্তিত অসম আৰক্ষীৰ সাতগৰাকীকৈ বিষয়াৰ বিৰুদ্ধে নগাঁও আৰক্ষীয়ে বিভাগীয় তদন্ত আৰম্ভ কৰিছে৷ সেই সময়ত জোনমনি ৰাভাৰ মৃত্যুৰ সৈতে নাম সাঙোৰ খোৱা সাত গৰাকীকৈ বিষয়াৰ নাম চি বি আইৰ প্ৰতিবেদনত উল্লেখ কৰাৰ পাছতেই বিষয়া কেইগৰাকীৰ বিৰুদ্ধে নগাঁও আৰক্ষীয়ে বিভাগীয় তদন্ত আৰম্ভ কৰিছে৷ (SI junmoni rabha)

নগাঁও আৰক্ষীৰ শীৰ্ষ বিষয়াই আনুষ্ঠানিকভাবে আৰক্ষী বিষয়া কেইজনৰ নাম প্ৰকাশ কৰিব বিচৰা নাই যদিও আৰক্ষী বিষয়ালীনা দলে,ৰূপজ্যোতি কলিতা, আভাজ্যোতি ৰাভা,পৱন কলিতা,উৎপল বৈশ্য, জাকাৰিয়া চৌধুৰী, মনোজ বৰুৱাৰ বিৰুদ্ধে বিভাগীয় তদন্ত হব বুলি এটা সূত্ৰত প্ৰকাশ৷ইয়াৰোপৰি গোচৰটোত সাঙোৰ খোৱা আন দুজনকৈ লোকৰ বিৰুদ্ধেও নগাঁও আৰক্ষীয়ে অপৰাধৰ গোচৰ ৰুজু কৰিছে৷ আৰক্ষীৰ এক বিশেষ সূত্ৰে জানিব পৰা মতে ৰচিদুল হক আৰু ৰাজু বাস্ফৰ নামৰ লোক দুজনৰ বিৰুদ্ধে নগাঁও আৰক্ষীয়ে চি বি আইৰ প্ৰতিবেদনৰ ভিত্তিত গোচৰ ৰুজু কৰিছে৷(Nagaon police)