Home Blog Page 559

Samaguri By-Election: ধুবুৰীত পৰাজয়ৰ পোতক চামগুৰিত তুলিব নেকি আজমলে

Can AIUDF Chief Badruddin Ajmal Bounce Back in Assam’s Samaguri By-Election After Dhubri Defeat?
Samaguri By-Election: ধুবুৰীত পৰাজয়ৰ পোতক চামগুৰিত তুলিব নেকি আজমলে

নগাঁও, ২৫ ছেপ্টেম্বৰ: ২৪১ লোকসভা নিৰ্বাচনত অভিলেখসংখ্যক ভোটত এ আই ইউ ডি এফপ্ৰধান বদৰুদ্দিন আজমল(AIUDF Chief Badruddin Ajmal)ক পৰাজিত কৰি একপ্ৰকাৰ ইতিহাস ৰচিছিল ৷ নিৰ্বাচনৰ পূৰ্বে নিজকে বুঢ়া বাঘ আৰু ৰকিবুলক তাজা ছাগলী বুলি অভিহিত কৰা বদৰুদ্দিন আজমলে শোচনীয়ভাৱে পৰাজিত হৈছিল ৰকিবুল হুছেইনৰ হাতত ৷ (Samaguri By-Election)

পিছে এই পৰাজয়ৰ পোতক তুলিবলৈ আকৌ সাজু হৈছে আজমল ৷ কাৰণ সন্মুখত চামগুৰিৰ উপ-নিৰ্বাচন ৷ পুৰণি চামগুৰি সমষ্টিক লৈ হ’ব লগা এইবাৰৰ উপ-নিৰ্বাচনত ৰকিবুল হুছেইন(Rokibul Hussain)ৰ পুত্ৰ তাঞ্জিল হুছেইনে প্ৰতিদ্বন্দ্বিতা কৰাটো প্ৰায় নিশ্চিত ৷

ইপিনে আনুষ্ঠানিক ঘোষণা নহ’লেও বিজেপিৰ ৰাজ্যিক সম্পাদক দিপ্লুৰঞ্জন শৰ্মায়ে(Diplu Ranjan Sharma)ই বিজেপিৰ প্ৰাৰ্থী হোৱাটো খাটাং(upcoming Samaguri by-election) ৷ সেয়ে এতিয়া চামগুৰিত কংগ্ৰেছ আৰু বিজেপি দুয়োটা দলেই চলাইছে জোৰদাৰ প্ৰচাৰ অভিযান ৷ পিছে বৰ্তমানলৈকে চামগুৰিত এ আই ইউ ডি এফৰ কোনো ধৰণৰ সাংগঠনিক কাৰ্যকলাপ পৰিলক্ষিত হোৱা নাই ৷

কিন্তু দুৰ্গোৎসৱৰ পূৰ্বেই চামগুৰিত দলটোৱে প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ সম্ভাৱনাও আছে ৷ জানিব পৰা মতে, ৰকিবুল হুছেইনৰ পুত্ৰক পৰাজিত কৰি চামগুৰি সমষ্টিত এ আই ইউ ডি এফে প্ৰাৰ্থী জয়ী কৰাই নিয়াৰ বাবে আপ্ৰাণ চেষ্টা চলাব ৷ এ আই ইউ ডি এফৰ শীৰ্ষ পৰ্যায়ৰ নেতাক চামগুৰিত প্ৰক্ষেপ কৰাৰ বাবেও সাজু হৈছে দলটো ৷ অৱশ্যে ইয়াৰ আগৰ নিৰ্বাচনসমূহত চামগুৰিত দলটোৱে ৰহস্যজনকভাৱে দুৰ্বল প্ৰাৰ্থী প্ৰক্ষেপ কৰিছিল ৷ কিন্তু এইবাৰ ধুবুৰীত পৰাজয়ৰ পোতক তুলিবলৈকে এ আই ইউ ডি এফে(AIUDF party) শক্তিশালী প্ৰাৰ্থী প্ৰক্ষেপ কৰাটো প্ৰায় নিশ্চিত ৷

Illegal Coal Trade: পাহাৰপুৰৰ এক ঘটনাই উন্মোচিত কৰিলে মাৰ্ঘেৰিটাত চলি থকা অবৈধ কয়লাৰ ক’লা সাম্ৰাজ্যৰ গোপন তথ্য

Illegal Coal Trade in Margherita Exposed After Trailer Incident in Paharpur
Illegal Coal Trade: পাহাৰপুৰৰ এক ঘটনাই উন্মোচিত কৰিলে মাৰ্ঘেৰিটাত চলি থকা অবৈধ কয়লাৰ ক’লা সাম্ৰাজ্যৰ গোপন তথ্য

লেখাপানী, ২৫ ছেপ্টেম্বৰ: দীৰ্ঘদিন ধৰি অবৈধভাৱে চলি থকা মাৰ্ঘেৰিটাৰ কয়লাৰ কলা সাম্ৰাজ্যখন বৰ্তমানেও নিৰ্বিকাৰভাৱে চলি থকা দেখা গৈছে(Illegal Coal Trade in Margherita) ৷ কয়লাৰ এই ক’লা সাম্ৰাজ্যখনৰ ক’লা অধ্যায়ৰ ওৰ পেলাবলৈ যেন এতিয়া কাৰো সাধ্য নাই ৷কয়লাৰ এই চোৰাং কাৰবাৰত সাঙোৰ খাই চৰকাৰী এচাম বিষয়া-কৰ্মচাৰী তলৰ পৰা ওপৰলৈকে যেন গেলিবলৈ আৰম্ভ কৰিছে ৷

যোৱা ২১ জুন তাৰিখে বিধানসভাৰ সদস্যৰে গঠিত বিধায়িনী দলৰ ক্ষেত্ৰভিত্তিক পৰিদৰ্শনৰ পিছতো গা লৰাব পৰা নাই কয়লাৰ চোৰাং কাৰবাৰৰ লগত জড়িত দুষ্ট চক্ৰটোক ৷ বিধায়িনী দলটোৱে ক্ষেত্ৰভিত্তিক পৰিদৰ্শন কৰা অঞ্চলসমূহত হাজাৰ হাজাৰ টন অবৈধ কয়লা মজুত থকাৰ পিছতো মাৰ্ঘেৰিটা মহকুমা প্ৰশাসনে কেৱল মাত্ৰ নিয়ম মাফিক কিছু পৰিমাণৰ কয়লা বাজেয়াপ্ত কৰিহে দায়িত্ব সামৰা দেখা যায় ৷ যাৰ ফলত বাজেয়াপ্ত নকৰা হাজাৰ হাজাৰ টন অবৈধ কয়লা বৰ্তমানেও প্ৰতি নিশা ৰাজপথেৰে বহিঃৰাজ্যলৈ সৰবৰাহ হৈ আহিছে ৷ এই কথাকেই প্ৰমাণ কৰিছে পুৱতি নিশা লেখাপানী থানা(Lekhapanai Police Station)ৰ অন্তৰ্গত পাহাৰপুৰৰ টিপং নৈত সংঘটিত এক ঘটনাই ৷

পাহাৰপুৰ অঞ্চলৰ পৰা অবৈধ কয়লা কঢ়িয়াই অনা এখন ট্ৰেইলাৰ গাড়ী টিপং নৈ পাৰ হ’ব লওঁতে নৈখনৰ মাজত যান্ত্ৰিক বিজুতি ঘটি আবদ্ধ হৈ পৰে(Smuggled coal transporting) ৷ নিশা এজাক বৰষুণৰ ফলত পাহাৰীয়া খৰস্ৰোতা নৈখনৰ বাঢ়নী পানীয়ে নৈত আবদ্ধ ট্ৰেইলাৰখন সম্পূৰ্ণৰূপে বুৰাই পেলায় ৷ বৰ্তমানেও নৈৰ মাজতে আবদ্ধ হৈ থকা ট্ৰেইলাৰখন আৰক্ষী কিম্বা মহকুমা প্ৰশাসনে(Sub-divisional authorities) উদ্ধাৰ তথা জব্দ কৰিবলৈ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই ৷ তদুপৰি আৰক্ষী প্ৰশাসনৰ নিৰ্লিপ্ত ভূমিকাৰ বাবেই পাহাৰপুৰ আৰু ইয়াৰ দাঁতিকাষৰীয়া উপকণ্ঠ অঞ্চলসমূহত মজুত থকা অবৈধ কয়লাসমূহ প্ৰতি নিশাই ৰাজপথেৰে সৰবৰাহ হৈ আহিছে ৷

এইক্ষেত্ৰত ক্ষেত্ৰ অধ্যয়নৰ বাবে গঠিত বিধায়িনী দল তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই(Chief Minister Himanta Biswa Sarma) কেনে ধৰণৰ পদক্ষেপ গ্ৰহণ কৰে সেয়াহে লক্ষণীয় বিষয় হিচাপে পৰিগণিত হ’ব ৷

Durga Pujaদুৰ্গোৎসৱৰ প্ৰাকক্ষণত পথ-সুৰক্ষাকলৈ অধিক সতৰ্ক পৰিবহণ বিভাগ

Durga Pujaদুৰ্গোৎসৱৰ প্ৰাকক্ষণত পথ-সুৰক্ষাকলৈ অধিক সতৰ্ক পৰিবহণ বিভাগ
দুৰ্গোৎসৱৰ প্ৰাকক্ষণত পথ-সুৰক্ষাকলৈ অধিক সতৰ্ক পৰিবহণ বিভাগ

Durga Pujaদুৰ্গোৎসৱৰ প্ৰাকক্ষণত পথ-সুৰক্ষাকলৈ অধিক সতৰ্ক পৰিবহণ বিভাগদুৰ্গোৎসৱৰ প্ৰাকক্ষণত পথ-সুৰক্ষাকলৈ অধিক সতৰ্ক পৰিবহণ বিভাগ ৷ ৩০ছেপ্টেম্বৰৰ ভিতৰত সকলো শ্ৰেণীৰ যান-বাহনৰ নথি-পত্ৰসমূহ সঠিক কৰি আগন্তুক দুৰ্গাপূজাৰ প্ৰাকক্ষণত ৰাজ্যৰ ৰাজপথত পথ-সুৰক্ষা নিশ্চিত কৰাৰ আহ্বান জনাইছে পৰিবহণ বিভাগে।

দৈনন্দিন বাৰ্তা গুৱাহাটী ২৪ছেপ্টেম্বৰ

Durga Pujaদুৰ্গোৎসৱৰ প্ৰাকক্ষণত পথ-সুৰক্ষাকলৈ অধিক সতৰ্ক পৰিবহণ বিভাগ ৩০ছেপ্টেম্বৰৰ ভিতৰত সকলো শ্ৰেণীৰ যান-বাহনৰ নথি-পত্ৰসমূহ সঠিক কৰি আগন্তুক দুৰ্গাপূজাৰ প্ৰাকক্ষণত ৰাজ্যৰ ৰাজপথত পথ-সুৰক্ষা নিশ্চিত কৰাৰ আহ্বান জনাইছে পৰিবহণ বিভাগে। ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটী মহানগৰীত আগন্তুক দুৰ্গোৎসৱ সুকলমে উদযাপন কৰা সন্দৰ্ভত অনুষ্ঠিত সভাসমূহত আৰক্ষী বিভাগকে ধৰি পৰিবহণ বিভাগে পথ সুৰক্ষাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ব্যৱস্থা গ্ৰহণৰ বাবে সষ্টম হোৱাৰ কথা উল্লেখ কৰে পৰিবহণ বিভাগৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাসে। তেওঁ কয় যে দুৰ্গোৎসৱৰ দৰে দেশৰ বৃহৎ উৎসৱকালীন সময়চোৱাত কোনো পথ-দুৰ্ঘটনাই যাতে উৎসৱৰ আনন্দ ম্লান কৰিব নোৱাৰে, বৰঞ্চ পথত সকলোৱে যাতে সুৰক্ষিতভাৱে যাতায়াত কৰিব পাৰে তাৰবাবে বিভিন্ন বিভাগসমূহৰ সহযোগত পথ-সুৰক্ষা বজাই ৰাখিবলৈ পৰিবহণ বিভাগে প্ৰচেষ্টা চলাইছে । ব্যক্তিগত বাহনকে ধৰি বিশেষকৈ বাণিজ্যিক তথা বহুজাতিক উদ্যোগ-প্ৰতিষ্ঠান, নিৰ্মাণ সংস্থা আদিত ব্যৱহৃত সঠিক নথিপত্ৰ নোহোৱা কোনো বাহনে যাতে পথ-সুৰক্ষা বিনষ্ট কৰিব নোৱাৰে তাৰ বাবে সতৰ্ক দৃষ্টি ৰাখিছে পৰিবহণ বিভাগে। এইক্ষেত্ৰত পৰিবহণৰ বিশেষ কতৰ্ব্যৰত বিষয়া আৰু কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত দায়িত্ববাহী পৰিবহণ বিষয়া গৰাকীয়ে অতি বিনম্ৰতাৰে আহ্বান জনায় কয় যে, বাহনৰ গৰাকীয়ে অনতিপলমে নিজৰ ঘৰতে বহিয়ে অনলাইনযোগে বাহনৰ নথি-পত্ৰসমূহ সঠিক কৰি লওক, প্ৰয়োজন হ’লে কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়লৈ আহি হ’লেও নিজৰ বাহনখন পথত চলাচলৰ বাবে বৈধ কৰি ৰখাৰ স্বাৰ্থত যানবাহনৰ বকেয়াসহ যাৱতীয় সকলো কৰ পৰিশোধ কৰি লওক। চালকৰ বাহন চালনাৰ অনুজ্ঞাপত্ৰকে ধৰি সকলো নথিপত্ৰ সঠিক হৈ থকা বাহনহে পথত সকলোৰে বাবে সুৰক্ষিত বুলিও গুৰুত্বপূৰ্ণ মন্তব্য কৰে পৰিবহণৰ উচ্চপদস্থ বিষয়াগৰাকীয়ে ৷

অধিক খৱৰ পঢ়িবলৈ

অক্টোবৰত ডিব্ৰুগড়ৰ জেৰাইত অগপৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস

AGP foundation day অক্টোবৰত ডিব্ৰুগড়ৰ জেৰাইত অগপৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস

AGP foundation day অক্টোবৰত ডিব্ৰুগড়ৰ জেৰাইত অগপৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস
AGP foundation day অক্টোবৰত ডিব্ৰুগড়ৰ জেৰাইত অগপৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস

AGP foundation day ১৪ অক্টোবৰত ।Dibrugarh ডিব্ৰুগড়ৰ জেৰাইত অগপৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস।অসমৰ আঞ্চলিকতাবাদৰ ধ্বজাবাহক অসম গণ পৰিষদে ১৪ অক্টোবৰত ৪০সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰিব। ডিব্ৰুগড় জিলাৰ Jerai জেৰাইত কেন্দ্ৰীয়ভাৱে অনুষ্ঠানটি অনুষ্ঠিত হোৱাৰ লগতে প্ৰতিটো বিধানসভা সমষ্টিত প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হ’ব।

দৈনন্দিন বাৰ্তা গুৱাহাটী, ২৪ ছেপ্টেম্বৰ

AGP foundation day অসমৰ আঞ্চলিকতাবাদৰ ধ্বজাবাহক অসম গণ পৰিষদে14 October ১৪ অক্টোবৰত
৪০সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰিব।Dibrugarh ডিব্ৰুগড় জিলাৰ Jerai জেৰাইত কেন্দ্ৰীয়ভাৱে অনুষ্ঠানটি অনুষ্ঠিত হোৱাৰ লগতে প্ৰতিটো বিধানসভা সমষ্টিত প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হ’ব।আজি গুৱাহাটীৰ আমবাৰীস্থিত দলৰ মুখ্য কাৰ্যালয়ত অগপৰ এখন কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়৷ এই সভাত অংশগ্ৰহণ কৰি অগপৰ সভাপতি তথা অসম অসম চৰকাৰৰ মন্ত্ৰী অতুল বৰাই আগন্তুক প্ৰতিষ্ঠা দিৱসৰ বিভিন্ন কাৰ্যসূচীৰ প্ৰস্তুতিৰ বিষয়ে সভাত বিতংভাৱে আলোচনা কৰে ৷ দলে আয়োজন কৰিবলগীয়া বিধানসভা সমষ্টিভিত্তিত কৰ্মশালা, ব্যাপক সদস্যভৰ্তি-সদস্য নৱীকৰণ অভিযান, আঞ্চলিক দলৰ সন্মিলন, আগন্তুক অসম বিধানসভাৰ উপ-নিৰ্বাচন, পঞ্চায়ত, মিচিং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনকে ধৰি অন্যান্য স্বায়িত্তশাসিত পৰিষদৰ নিৰ্বাচন আৰু দলীয় সাংগঠনিক দিশৰ বিভিন্ন বিষয়তো আলোচনা কৰা হয় ৷ সভাত অগপৰ কাৰ্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্ত, লোকসভাৰ MP Fani Bhushan Chowdhuryসাংসদ ফণীভূষণ চৌধুৰী,Rajya Sabha MP Birendra Prasad Vaishya ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰপ্ৰসাদ বৈশ্যৰ লগতে কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতিসকল, সাধাৰণ সম্পাদকসকল, কেন্দ্ৰীয় সমিতিৰ সদস্য-সদস্যা, জিলা সভাপতিসকল, ভাতৃ-ভগ্নী সংগঠনসমূহৰ সভাপতি তথা অন্যান্য বিষয়ববীয়াসকল উপস্থিত থাকে।

অধিক খৱৰ পঢ়িবলৈ

উত্তৰ জালুকবাৰীত কামৰূপ মহানগৰ জিলাৰ কবি সন্মিলনৰ পোহৰৰ দিন আৰু কবিতাৰ দিন উদযাপন

North Jalukbari News: উত্তৰ জালুকবাৰীত কামৰূপ মহানগৰ জিলাৰ কবি সন্মিলনৰ পোহৰৰ দিন আৰু কবিতাৰ দিন উদযাপন

পোহৰৰ দিন
পোহৰৰ দিন

জালুকবাৰী, ২৪ ছেপ্টেম্বৰ: “কামৰূপ মহানগৰ জিলা কবি সন্মিলন”ৰ উদ্যোগত এখন কবি সন্মিলন ২১ ছেপ্টেম্বৰত সন্মিলন”ৰ বৰ্তমানৰ সভাপতি, অৱসৰপ্ৰাপ্ত অধ্যক্ষ, অধ্যাপক হাচমত আলীৰ উনাশী সংখ্যক জন্মদিনটো তেওঁৰ উত্তৰ জালুকবাৰীস্থিত বাসভৱনত পোহৰৰ দিন আৰু কবিতাৰ দিন হিচাপে উদযাপন কৰা হয়।(North Jalukbari News)

এই উপলক্ষে অনুষ্ঠিত সভাখনত সভাপতিত্ব কৰে “অসম কবি সন্মিলন”ৰ সভাপতি ড৹ গীতা দত্তই। সভাত মুখ্য অতিথি হিচাপে বিশিষ্ট কবি কৌস্তুভমণি শইকীয়া, বিশিষ্ট অতিথি হিচাপে ৰেণু দত্ত বৰফুকন, সমীন্দ্ৰ হুজুৰি, লীলাধৰ হাজৰিকা, সন্মিলনৰ প্ৰাক্তন জিলা সভাপতি অতুল তামুলী উপস্থিত থাকে। সভাৰ আৰম্ভণিতে এটি জ্যোতি সংগীত পৰিৱেশন কৰে কণমানি মিনহাজ চাকিবে। (Poets Conference)

জন্মদিনৰ কেক কাটি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে হাচমত আলীয়ে আৰু তেওঁক সহায় কৰে সহধৰ্মিনী নুৰজাহান বেগমে। সভাত প্ৰায় কুৰি গৰাকী কবিয়ে তেওঁলোকৰ স্ব-ৰচিত কবিতা পাঠ কৰে। তেনেদৰে চাৰিগৰাকী শিল্পীয়ে গীত পৰিবেশন কৰে। ইয়াৰ উপৰিও কেবাগৰাকী জেষ্ঠ নাগৰিক আৰু গুণমুগ্ধই হাচমত আলীক শুভেচ্ছা জনাই বক্তৃতা প্ৰদান কৰে। সভাত জিলা সন্মিলনৰ ফালৰ হাচমত আলীক ওপজা দিনৰ ওলগ জনাই ফুলাম গামোচা, চেলেং চাদৰ, শৰাই, ফুলৰ টোৰা আৰু ওলগনি পত্ৰৰে শুভেচ্ছা জনোৱা হয়।

সভাখনৰ আঁত ধৰে অসম কবি সন্মিলনৰ যুটীয়া সম্পাদক মনোজ কুমাৰ দাস আৰু কামৰূপ মহানগৰ জিলা কবি সন্মিলনৰ সম্পাদক ৰবিন চন্দ্ৰ ৰাজবংশীয়ে। সভাত সন্মিলনৰ সভাপতি হাচমত আলীয়ে ওপজা দিন সন্দৰ্ভত নিজৰ অনুভৱ ব্যক্ত কৰি তেঁওৰ ঘৰলৈ আহি কৃতাৰ্থ কৰা বাবে উপস্থিত সকলোকে ধন্যবাদ জ্ঞাপন কৰে। শেষত শলাগৰ শৰাই আগবঢ়াই সম্পাদক ৰবিন চন্দ্ৰ ৰাজবংশীয়ে।(North Jalukbari celebrates Poets Conference of Kamrup Metropolitan District)

Dispur Press Club: দিছপুৰ প্ৰেছ ক্লাবৰ ২০২৪ বৰ্ষৰ বঁটা প্ৰাপকৰ নাম ঘোষণা

দিছপুৰ প্ৰেছ ক্লাব
দিছপুৰ প্ৰেছ ক্লাব

গুৱাহাটী ২৪ ছেপ্টেম্বৰ: দিছপুৰ প্ৰেছ ক্লাবৰ ২০২৪ বৰ্ষৰ বঁটা প্ৰাপকৰ নামসমূহ আজি ঘোষণা কৰা হয়।ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰত বিশেষ অৱদান আগবঢ়াই অহা বিশিষ্ট ব্যক্তি সকলৰ মাজৰ পৰা একাংশক নিৰ্বাচিত কৰি প্ৰতি বছৰে দিছপুৰ প্ৰেছ ক্লাবে এই বাৰ্ষিক বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন কৰি বঁটা প্ৰদানেৰে সমাজৰ বাবে ভাল কাম কৰাৰ বাবে তেওঁ লোকক নিজৰ কৰ্ম ক্ষেত্ৰত আগুৱাই যোৱাৰ প্ৰেৰণা যোগাই আহিছে।(Dispur Press Club)

এন কে ইনফ্ৰাকে ধৰি কেবাটাও প্ৰতিষ্ঠানৰ সহযোগিতাত অহা ২৯ ছেপ্টেম্বৰত দিছপুৰ লাষ্ট গেটত থকা লোক নিৰ্মাণ বিভাগৰ প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰেক্ষাগৃহত আয়োজন কৰা এক গাম্ভীৰ্য পূৰ্ণ অনুষ্ঠানত প্ৰেছ ক্লাবৰ ২০২৪ বৰ্ষৰ বিভিন্ন শিতানৰ বঁটা সমূহ প্ৰদান কৰা হ’ব।প্ৰেছ ক্লাবৰ সভাপতি ড°নৰেন হাজৰিকা, কাৰ্যকৰী সভাপতি আৰ্জেদ হুচেইন চহৰীয়া আৰু সাধাৰণ সম্পাদক কুঞ্জ মোহন ৰায়ে আজি বঁটা প্ৰাপকৰ নাম সমূহ ঘোষণা কৰে।(Dispur Press Club announces 2024 award winners)

দিছপুৰ প্ৰেছ ক্লাবৰ ২০২৪ বৰ্ষৰ বিভিন্ন শিতানৰ বঁটা প্ৰাপক সকল ক্ৰমে জীৱনজোৰা সাধনা বঁটা(সাংস্কৃতিক ক্ষেত্ৰ)প্ৰস্তুতি পৰাশৰ, বিশিষ্ট অভিনেত্ৰী, সম্পাদক বঁটা ৰামলাল সিনহা কাৰ্যবাহী সম্পাদক, দ্যা ছেণ্টিনেল,সাংবাদিকতা বঁটা,বিদ্যুৎ কলিতা অসমীয়া প্ৰতিদিন, জ্যেষ্ঠ সহযোগী সম্পাদক, লক্ষ্যজিৎ গোহাঁই দৈনিক অসম, জ্যেষ্ঠ সাংবাদিক,পলাশ খাউণ্ড আমাৰ অসম, জ্যেষ্ঠ সাংবাদিক, কমল কৃষ্ণ ডেকা প্ৰতিদিন টাইম, জ্যেষ্ঠ সাংবাদিক, সুৰজিৎ শইকীয়া জ্যেষ্ঠ সাংবাদিক, এন কে টিভি,চহিৰ ভূঞা উপ সম্পাদক, দৈনিক সোণৰ অসম, ফটো সাংবাদিকতাবঁটা অনুপম নাথ জ্যেষ্ঠ ফটো সাংবাদিক ,নিউজ এংকৰ বঁটা ময়ূৰী চৌধুৰী এন বি নিউজ, এংকৰ, ভিডিঅ’ সাংবাদিকতা বঁটা এলবাৰ্ট বেণ্ডো নিউজ লাইভ, জ্যেষ্ঠ ভিডিঅ’ সাংবাদিক,সাংবাদিক সংগঠক কল্যাণ বঁটা চাম্প্ৰি বে’ জেষ্ঠ্য সাংবাদিক, জাফা,সাহসী বঁটা শৃংখল চলিহা , বীৰ লাচিত সেনা ,জীৱন সঞ্জীৱনী বঁটা ডা: অমৰেন্দ্ৰ নাৰায়ণ দেৱ বিশিষ্ট চিকিৎসক,কণ্ঠ শিল্পী বঁটা (পুৰুষ) মণ্টুমণি শইকীয়া ,কণ্ঠ শিল্পী বঁটা (মহিলা) প্ৰাৰ্থনা বৰঠাকুৰ,সমাজ হিতৈষী বঁটা মিনতি বৰঠাকুৰ, চিত্ৰ শিল্পী বঁটা লিয়াকত আলি ,সাহিত্য বঁটা মৌচুমী ঘোঁৰাচোৱা, যুৱ বন্ধু বঁটা অৰবিন্দ দাস ,মানৱ সেৱা বঁটা জনি টিমুং ,অগ্ৰণী মহিলা বঁটা ৰিংকু মণি বৰুৱা শৰ্মা ,নীৰৱ সাধক বঁটা বদনছিং তিছ’, জন সেৱা বঁটা ড° ভাস্কৰ কুমাৰ কাকতি, যুৱ ৰাজনীতিক বঁটা ৰঞ্জীৱ শৰ্মা,উদ্যোগী বঁটা নিপুল কলিতা ,বিশেষ পেৰা মেডিকেল প্ৰশিক্ষণ সেৱা বঁটা Nepeds Group Of Institutions. জনহিতৈষী আৰক্ষী বঁটা কল্যাণ কুমাৰ পাঠক উপ অতিৰিক্ত আৰক্ষী অধীক্ষক, এছ টি এফ, কৰ্মযোগী বঁটা হেমাংগ ঠাকুৰীয়া, বিধায়ক (পলাশবাৰী সমষ্টি)নাট্য সাধক বঁটা শৈলেন দাস আৰু সমাজকৰ্মী বঁটা অতুল বৰঠাকুৰলৈ।

autumn season: শৰতৰ আগমনৰ লগে লগে প্ৰকৃতিও মতলিয়া৷ শিল্পীয়েও গায় কহুঁৱা বন অশান্ত মন শীৰ্ষক গান

শৰৎ
শৰৎ

দৈনন্দিন বাৰ্তা সেৱা, ২৪ ছেপ্টেম্বৰঃ শৰতৰ আগমনৰ লগে লগে প্ৰকৃতিও মতলিয়া ৷ শিল্পীয়েও গায় কহুঁৱা বন অশান্ত মন শীৰ্ষক গান৷ সংগোপনে নামিছে শৰৎ৷ কঁহুৱাই মাতিছে আহিনক৷ শৰতৰ উমান পায় শুভ্ৰ, দলিছা পাৰিছে কহুঁৱাই ৷ প্ৰকৃতিয়ে সাজোন-কাচোন কৰিছে যেন শৰতৰ আগমনৰ বতৰা পায়৷(autumn season)

প্ৰকৃতিৰ সুন্দৰ ৰূপক সজাই তুলিবলৈকে যেন শৰতৰ আগমন৷ পদুলিত মুখত আহিন আৰু আহিন মানেই শৰতৰ ছাঁ৷ শৰতৰ আগমনৰ বতৰা লৈয়ে শাৰদীয় স্নিগ্ধতা সানি নৈৰ পাৰে পাৰে ফুলিছে কঁহুৱাই৷ শৰতৰ আগমনৰ উমান পাই শাৰদীয়ৰ পৰশ পৰিছে তেজপুৰৰ মৰা ডিপোটা নদীৰ পাৰ৷ (Nature)

নদীৰ কাষে কাষে হালি-জালি শাৰী শাৰীকৈ ফুলিছে অসংখ্য কঁহুৱা৷ ডিপোটা নৈৰ কাষে কাষে ফুলা এই কঁহুৱা ফুলবোৰে বতাহত হালি-জালি নাচি যেন আহিনক হাত বাউল দি মাতিছে৷ ডিপোটা নদীৰ পাৰৰ কঁহুৱা ফুলৰ এই দৃষ্টিনন্দন দৃশ্যই এতিয়া মন্ত্ৰমুগ্ধ কৰিছে সকলোকে৷ প্ৰকৃতিৰ বুকুত কঁহুৱা ফুলবোৰে যেন সৌন্দৰ্যৰ মেলাহে পাতিছে৷ এই কঁহুৱা ফুলৰ মনোৰম দৃশ্যই যেন মানুহৰ মনলৈও লৈ আনিছে অফুৰন্ত আশা আৰু প্ৰেৰণাৰ বতৰা৷

কোনোবাই যদি নৈৰ পাৰৰ কহুৱা হৈ উৰিব খোজে, আন কোনোবাই সেই বিনন্দীয় পৰিৱেশৰ মাজত নিজৰ মনটোক কঁহুৱা কোমল কৰি প্ৰেমময় পৃথিৱীত এৰি দিয়ে৷ হয় এয়াই শৰৎ আৰু শৰতৰ আগমন৷ শিল্পী মুৰুলী নাথেও শৰৎৰ আগমনী গান গায় মতলীয়া৷

Nature:পুৱাই প্ৰকৃতিৰ সৈতে সময় কটাওক, দেখিব আপোনাৰ সাস্থ্যৰ উন্নতি

প্ৰকৃতি
প্ৰকৃতি

বৰ্তমান ব্যস্ত জীৱনত মানুহে নিজৰ দৈনন্দিন কাম-কাজত ইমানেই ব্যস্ত হৈ পৰিছে যে নিজৰ বাবে সময় বিচাৰি পোৱাটো কঠিন হৈ পৰিছে।(Nature) বিশেষকৈ ৰাতিপুৱা বেছিভাগ মানুহৰে খৰখেদা হয়। কিন্তু আপুনি জানেনে যে ৰাতিপুৱা প্ৰকৃতিৰ সৈতে অলপ সময় কটালে আপোনাৰ দিনটো ভাল হোৱাই নহয় শাৰীৰিক আৰু মানসিক স্বাস্থ্যও শক্তিশালী হ’ব পাৰে। আপোনাৰ ৰাতিপুৱাৰ ৰুটিনত প্ৰকৃতিৰ সৈতে সংযোগ স্থাপনৰ ৫টা উপকাৰৰ বিষয়ে জানো আহকঃ

ৰাতিপুৱাই প্ৰকৃতিৰ লগত সময় কটালে মনলৈ গভীৰ শান্তি পোৱা যায়। সূৰ্য্য উদয়ৰ সময়ত শান্ত পৰিৱেশত মুকলি আকাশৰ তলত খোজ কাঢ়িলে আপোনাৰ মানসিক ক্লান্তি দূৰ হয় আৰু দিনটোৰ কামৰ বাবে মানসিকভাৱে প্ৰস্তুত হয়। সেউজীয়া ঠাইত ৰাতিপুৱা খোজ কাঢ়িলে আপোনাৰ মগজুত চেৰ’টনিন হৰম’ন বৃদ্ধি পায়, যাৰ ফলত গোটেই দিনটো সতেজ অনুভৱ হয়।(connecting with nature early in the morning)

প্ৰকৃতিৰ সৈতে সংযোগ স্থাপন কৰিলে মানসিক চাপ আৰু উদ্বেগও হ্ৰাস পায়। বৈজ্ঞানিক অধ্যয়নে প্ৰমাণ কৰিছে যে সেউজীয়া ঠাইত সময় কটালে ষ্ট্ৰেছ হৰম’ন ‘কৰ্টিছল’ৰ মাত্ৰা হ্ৰাস পায়, যাৰ ফলত মানসিক চাপ আৰু উদ্বেগ নিয়ন্ত্ৰণ হয়। ৰাতিপুৱা সোনকালে বাৰীত বা পাৰ্কত বহি লঘু ব্যায়াম বা যোগাসন কৰিলে মানসিক চাপৰ পৰা উপশম পাব পাৰি।

প্ৰাকৃতিক পৰিৱেশত ৰাতিপুৱা খোজ কাঢ়িলেও শাৰীৰিক স্বাস্থ্যৰ উন্নতি হয়। শুদ্ধ বতাহৰ গভীৰ উশাহ ল’লে হাওঁফাওঁত অধিক অক্সিজেন যোগান ধৰা হয়, যাৰ ফলত ৰক্ত সঞ্চালন উন্নত হয় আৰু হৃদৰোগৰ সম্ভাৱনা কম হয়। ইয়াৰ লগতে শৰীৰে ৰাতিপুৱাৰ সূৰ্যৰ পোহৰৰ পৰা ভিটামিন ডি লাভ কৰে, যিয়ে হাড় শক্তিশালী কৰাত সহায় কৰে।(amazing benefits of connecting with nature early in the morning)

ৰাতিপুৱাৰ সতেজ বতাহত সময় কটালে মনটো পৰিষ্কাৰ হয় আৰু সৃষ্টিশীলতা বৃদ্ধি পায়। মনটোক অলপ মুক্ত কৰি প্ৰকৃতিৰ সৌন্দৰ্য্য দেখিলেই আপোনাৰ চিন্তা শক্তিৰ উন্নতি ঘটে আৰু আপুনি নিজৰ কামত মনোনিৱেশ কৰিবলৈ সক্ষম হয়। সেয়ে ৰাতিপুৱা প্ৰকৃতিৰ লগত সময় কটোৱা মানুহবোৰ গোটেই দিনটো অধিক উৎপাদনশীল হয়।

যদি আপুনি ৰাতি টোপনি নাহে বা সঠিকভাৱে টোপনি আহিব নোৱাৰে, তেন্তে ৰাতিপুৱাই প্ৰকৃতিৰ সৈতে সময় কটালে আপোনাৰ টোপনি ভাল হ’ব পাৰে। ৰাতিপুৱাৰ সূৰ্য্যৰ পোহৰে আপোনাৰ শৰীৰত মেলাটনিন হৰম’ন নিঃসৰণ কৰে, যিয়ে আপোনাৰ টোপনি নিয়ন্ত্ৰণ কৰে। গতিকে নিয়মিতভাৱে পুৱা প্ৰকৃতিৰ লগত সময় কটোৱা লোকসকলে ৰাতি ভাল টোপনি লাভ কৰে আৰু টোপনিৰ ধৰণো ভাল হয়।

Darrang News: দশম শ্ৰেণীৰ ছাত্ৰৰ প্ৰহাৰত প্ৰাণ গ’ল নৱম শ্ৰেণীৰ ছাত্ৰৰ

ছাত্ৰ হত্যাকাণ্ড
ছাত্ৰ হত্যাকাণ্ড

দৈনন্দিন বাৰ্তাৰ সেৱা, দৰং, ২৩ চেপ্তেম্বৰঃ দশম শ্ৰেণীৰ তিনিগৰাকী ছাত্ৰৰ প্ৰহাৰত প্ৰাণ গ’ল নৱম শ্ৰেণীৰ এগৰাকী ছাত্ৰৰ দৰঙৰ মহলীয়াপাৰাৰ পদুম পুখুৰী উচ্চ মাধ্যমিক বিদ্যালয়ত। মৃত্যু হোৱা ছাত্ৰজন বুঢ়ীনগৰ সেনাপতিপাৰাৰ হেমচন্দ্ৰ ডেকাৰ একমাত্ৰ পুত্ৰ ভৱেশ ডেকা। জানিব পৰামতে দশম শ্ৰেণীৰ ছাত্ৰ অভিজিৎ বৰুৱা আৰু নৱম শ্ৰেণীৰ ছাত্ৰ ভবেশ ডেকাৰ মাজত ২২ তাৰিখে আবেলি বঢ়ীনগৰ পুখুৰীৰ পাৰত খেলি থকা অৱস্থাত কিবা কাৰণত মনোমালিন্য হৈছিল।(Darrang News)

কিন্তু আজি দশম শ্ৰেনীৰ ছাত্ৰ অভিজিৎ বৰুৱাই কালিৰ ঘটনাটো বিদ্যালয়লৈ আহি লগৰীয়া দুগৰাকীক অৱগত কৰে আৰু নৱম শ্ৰেনীৰ ছাত্ৰ ভবেশ ডেকাৰ ওপৰত প্ৰতিশোধ লোৱাৰ বাবে লগৰীয়া ছাত্ৰ দুজনৰ সৈতে লগ হৈ ক্লাছ শেষ হোৱাৰ পাছতে ভবেশক বেয়াকৈ প্ৰহাৰ কৰে৷

অভিজিতসহ তিনিগৰাকী ছাত্ৰৰ প্ৰহাৰত ভৱেশ ডেকা গুৰুতৰভাবে আহত হৈ অৱস্থা সংকটজনক হৈ পৰে৷ ভবেশ ডেকাৰ অৱস্থা সংকটজনক হোৱাত লগে বিদ্যালয়ৰ লোকে পৰিয়ালক খবৰ দি প্ৰথমে দেওমৰনৈ সামূহিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰিছিল যদিও পিছত ছাত্ৰ জনৰ অৱস্থা অধিক সংকটজনক হোৱাত চিকিৎসকৰ পৰামৰ্শমতে মঙলদৈ অসামৰিক চিকিৎসালয়লৈ নিয়াৰ পথতে মৃত্যু হয় ভবেশ ডেকা নামৰ নৱম শ্ৰেণীৰ ছাত্ৰজনৰ।

ছাত্ৰজনৰ মৃত দেহ আৰক্ষীয়ে মৰনোত্তৰ পৰীক্ষাৰ বাবে মঙলদৈ অসামৰিক চিকিৎসালয়ত কৰাৰ ব্যৱস্থা কৰিছিল যদিও চিকিৎসাকে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়লৈ প্ৰেৰন কৰাত ছাত্ৰ জনৰ মৃত শৰীৰ আজি মঙলদৈ অসামৰিক চিকিৎসালয়ৰ মৰ্গত ৰাখি কালিলৈহে মৰনোত্তৰ পৰীক্ষা সম্পৰ্ণ হ’ব বুলি জানিব পৰা গৈছে৷ ইফালে আৰক্ষীয়ে ঘটনাত জড়িত দশম শ্ৰেণীৰ অভিজিৎ বৰুৱাৰ লগতে অন্য দুগৰাকী ছাত্ৰক আটক কৰাৰ লগতে বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী জানকী ডেকাসহ ৭ গৰাকী শিক্ষক শিক্ষয়িত্ৰীক তদন্তৰ বাবে সোধপোছ কৰিবলৈ থানালৈ লৈ যায়৷

ছাত্ৰ দুজনৰ মাজত আজি কেইবাদিনৰ পৰাই কিবা কাৰনত কাজিয়াৰ সুত্ৰপাত হৈ আহিছিল যদিও ২২ তাৰিখৰ আবেলিৰ পৰা ক্ৰমান্বয়ে ডাঙৰ হৈ গৈ আজি চুৰান্ত পয্যায়লৈ গৈ এগৰাকী ছাত্ৰই মৃত্যুক সাবতি লোৱা ঘটনাই সমগ্ৰ অঞ্চলটোত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ এনেদৰে দুগৰাকী ছাত্ৰৰ কাজিয়াৰ পৰাই মৃত্যু পয্যায়লৈ যোৱা ঘটনা এটা সংঘটিত হোৱাত অঞ্চলটোৰ সচেতন লোক সকলে দূৰ্ভাগ্যজনক আখ্যা দিয়াৰ লগতে একাংশ শিক্ষকৰ অমনোযোগিতা আৰু অভিভাৱকৰ অসচেতনতাৰ বাবেই প্ৰায়ে বিদ্যালয়ত এনেধৰণৰ ঘটনা সংঘটিত হৈ আহিছে বুলি ব্যক্ত কৰে৷ লগতে বিদ্যালয় খনৰ প্ৰধান শিক্ষয়িত্ৰী জানকী ডেকাৰ কাণ্ডজ্ঞান হীন কামৰ বাবে এনে ঘটনা সংঘটিত হ’বলৈ পালে বুলি কয়৷

কাৰন প্ৰধান শিক্ষয়িত্ৰী গৰাকীৰ চকী খনৰ যি ধৰনৰ দায়িত্ব থাকিব লাগিছিল সেয়া দায়িত্ব একেবাৰে বহন নকৰাৰ প্ৰতিফলন বুলি অভিযোগ ৰাইজৰ৷ ৰাইজৰ অভিযোগ অনুসৰি প্ৰধান শিক্ষয়িত্ৰী জানকী ডেকাৰ লগতে বাকী শিক্ষক শিক্ষয়িত্ৰী সকলেও কেবল দৰমহাৰ বাবেহে বিদ্যালয়ত আহে৷ ছাত্ৰছাত্ৰীক শিক্ষা দিয়াৰ প্ৰতি কোনো ধৰনৰ গুৰুত্বই নাই বুলি কয়৷ যাৰ বাবে দুজন ছাত্ৰৰ কাজিয়া গৈ মৃত্যুলৈ ৰূপান্তৰ হ’ল৷ এতিয়া সমগ্ৰ ঘটনাটো কিদৰে সংঘটিত হবলৈ পালে সেয়া আৰক্ষীৰ তদন্ততহে ওলাই পৰিব৷

Fitness Center: গুৱাহাটীত মুকলি প্রথমটো পূর্ণাংগ ফিটনেছ কেন্দ্র ‘দ্য ফিট ফর্মুলা’

দ্য ফিট ফর্মুলা
দ্য ফিট ফর্মুলা

গুৱাহাটী, ২৪ ছেপ্টেম্বৰ, ২০২৪: মানুহৰ জীৱনত স্বাস্থ্য আৰু ফিটনেছৰ গুৰুত্বপূর্ণ প্রভাৱ বিবেচনা কৰি ২০২৪ চনৰ ৩১ আগষ্টত গুৱাহাটীত মুকলি কৰা হ’ল ‘দ্য ফিটনেছ ফর্মুলা’ৰ প্ৰথমটো ফিটনেছ কেন্দ্র। মহানগৰীৰ গীতানগৰৰ বি এছ এফ কেম্পৰ সমীপৰ গৃহ নং ২৭১ত এই ফিটনেছ কেন্দ্ৰটো মুকলি কৰা হয়।(Fitness Center)

৩২০০ বর্গফুট এলেকাত বিস্তৃত এই জিমটোত সকলো প্রয়োজনীয় সা-সুবিধাৰ সু-ব্যৱস্থাপনাৰ লগতে ইয়াত বিশ্বমানৰ ফিটনেছ আৰু জীৱনশৈলীৰ সৈতে জড়িত সেৱাসমূহো উপলব্ধ কৰা হৈছে। ব্যক্তিৰ সামগ্রিক সুস্থতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি এই কেন্দ্ৰটোৱে শাৰীৰিক সুস্বাস্থ্যৰ সমান্তৰালকৈ পূর্ণ স্বাস্থ্য তথা পুষ্টিমুলক সমাধানো আগবঢ়ায়।

উল্লেখ্য যে, এই এই ফিটনেছ কেন্দ্ৰটো স্থাপন কৰা ব্যক্তিসকলৰ ভিতৰত আছে ৰিপুণজিৎ দাস, ৰোহিত ৰাউথ, আৰু পূজা শর্মা। ‘অসমৰ ৰিপুণ’ নামৰ এটা জনপ্রিয় ইউটিউব চেনেল চলাই থকা ৰিপুণজিৎ দাস হৈছে কম্পিউটাৰ বিজ্ঞানত স্নাতক আৰু এম বি এ ডিগ্রীধাৰী।(The Fit Formula launched in Guwahati)

ইফালে, নেশ্যনেল একাডেমী অৱ স্পার্টছ এণ্ড মেডিচিনে প্রদান কৰা ‘শ্বেৰু ক্লাছিক’ বঁটা লাভ কৰা প্ৰথমগৰাকী ব্যক্তি হিচাপে পৰিগণিত হোৱা বোহিত ৰাউথৰ ফিটনেছ উদ্যোগত আছে ষোল্ল বছৰীয়া অনন্য অভিজ্ঞতা। ফিটনেছ উদ্যোগৰ সৈতে জড়িত থাকি তেওঁ ইতিমধ্যে অসংখ্য পদক লাভ কৰিবলৈ সক্ষম হৈছে।(TFF Gym)

আনহাতে, ছমহীয়া গর্ভাৱস্থাতে প্রসিদ্ধ কেদাৰনাথ আৰোহণ কৰি ইতিহাস ৰচনা কৰিবলৈ সক্ষম হৈছিল পূজা শৰ্মাই। ইয়াৰ বাবে তেওঁ ইন্ডিয়া বুক অৱ ৰেকৰ্ডছতো নিজৰ নাম অন্তর্ভূক্ত কৰিবলৈ সক্ষম হৈছে। কম্পিউটাৰ এপ্লিকেচন আৰু বিজনেছ এডমিনিষ্ট্ৰেচনত স্নাতকোত্তৰ ডিগ্রী লাভ কৰা পূজা শৰ্মাৰো ফিটনেছ উদ্যোগত আছে কেইবাবছৰীয়া অভিজ্ঞতা।

লক্ষণীয় যে, এই জিমত প্রশিক্ষক হিচাপে আছে মেঘালয়ৰ ২৩ বছৰীয়া অশিত বৰুৱা। প্রণিধানযোগ্য যে, অশিত বৰুৱাই শেহতীয়াকৈ ৭০ কেজি- ওজন শাখাত জুনিয়ৰ পুৰুষ বডি বিল্ডিং বিভাগত আন্তঃৰাষ্ট্ৰীয় ফিটনেছ এণ্ড বডি বিল্ডিং ফেডাৰেচনে প্ৰদান কৰা ‘মিষ্টাৰ ইউনিভাৰ্ছ ২০২৪’ খিতাপ দখল কৰিছে। মুম্বাইত অনুষ্ঠিত এই প্রতিযোগিতাত বিভিন্ন দেশৰ প্ৰায় ১০০০ প্রতিযোগীয়ে অংশগ্রহণ কৰিছিল। অশিতক প্রশিক্ষণ প্রদান কৰিছিল তেওঁৰ পিতৃ আৰু ৰোহিত ৰাউথে। বর্তমান তেওঁ ‘দ্য ফিট ফর্মুলা’ জিমত ব্যক্তিগত প্রশিক্ষক হিচাপে নিযুক্ত হৈ আছে।

দ্য ফিট ফর্মুলাৰ উদ্বোধনী অনুষ্ঠানত ফিটনেছ কেন্দ্ৰটোৰ প্ৰতিষ্ঠাপকসকলে কয়, “আমাৰ সেৱাসমূহৰ ভিতৰত ব্যক্তিগত লক্ষ্য অনুসৰি বিশেষ খাদ্যৰ বিকল্প অন্তর্ভুক্ত কৰা হৈছে, যিয়ে গ্রাহকৰ ওজন হ্রাস বা বৃদ্ধিৰ লক্ষ্যত উপনীত হোৱাত সহায় কৰে। লগতে, যিসকলে পিঠিৰ সমস্যা, ডায়েবেটিছ, হার্নিয়া আদি ৰোগত ভুগি আছে, তেওঁলোকেও আমাৰ কাৰ্যসূচীত যোগদান কৰিব পাৰে। ইয়াত আমি তেওঁলোকৰ বাবে বিশেষভারে প্রস্তুত কৰা ব্যায়ামৰ ৰুটিন প্রদান কৰিম।”

স্বাস্থ্যই পৰম ধন- এই নীতিৰ ওপৰত বিশ্বাসী দ্য ফিট ফর্মুলাই সুস্থ জীৱনশৈলীৰ প্ৰসাৰৰ বাবে নিজৰ সমৰ্পণ ব্যক্ত কৰি আহিছে। গীতানগৰ, জু- নাৰেঙ্গী ৰোডৰ গৃহ নং ২৭১ত অৱস্থিত দ্য ফিট ফর্মুলা (টি এফ এফ) জিমৰ বিষয়ে অধিক তথ্য লাভ কৰিবলৈ ৭০৯৯০৭০১১১ নম্বৰত ফোন কৰক।