Home Blog Page 558

Death of class IX student: দৰঙৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাণ্ডক লৈ খৰ্গহস্ত জিলা ছাত্ৰ সন্থা

Death of class IX student: দৰঙৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাণ্ডক লৈ খৰ্গহস্ত জিলা ছাত্ৰ সন্থা
Death of class IX student: দৰঙৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাণ্ডক লৈ খৰ্গহস্ত জিলা ছাত্ৰ সন্থা

দৰং, ২৫ ছেপ্টেম্বৰ: দৰঙৰ মহলীয়াপাৰা পদুমপুখুৰী উচ্ছ মাধ্যমিক বিদ্যালয়ত এগৰাকী ছাত্ৰৰ মৃত্যুৰ দুৰ্ভাগ্যজনক ঘটনা(Death of class IX student) সংঘটিত হৈ যোৱাৰ তিনিদিনৰ পাছতো দৰং জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শকগৰাকীয়ে বিদ্যালয়খনত উপস্থিত নহ’ল । পৰিদৰ্শকগৰাকীয়ে বিদ্যালয়খনৰ পৰিস্থিতিৰ বুজ লোৱা বা পৰিয়ালটোৰ ওচৰত এবাৰো উপস্থিত নোহোৱাত খৰ্গহস্ত হৈ পৰে আছুৰ (All Assam Students Union)লগতে বিভিন্ন দল-সংগঠন ৷

বিষয়াগৰাকী বিদ্যালয়খনত উপস্থিত হৈ ঘটনাৰ কোনো ধৰণৰ খবৰ নকৰাৰ লগতে শিক্ষকসকলক আজি তিনিদিন ধৰি ঘটনা সংক্ৰান্তত কোনো ধৰণৰ জাননী পৰ্যন্ত জাৰী নকৰাৰ অভিযোগ উত্থাপন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য তথা দৰং আছুৰ প্ৰাক্তন সভাপতি পৰাগ চহৰীয়াই ৷ পৰিদৰ্শকগৰাকীয়ে কেৱল অফিচৰ এচি ৰুমত বহিয়ে দায়িত্ব পালন কৰাৰ অভিযোগ কৰে পৰাগ চহৰীয়াই ৷

আছু নেতাগৰাকীয়ে কয়, কাৰ্যালয়লৈ খুব কমেই অহা বিষয়াগৰাকীয়ে ময়মতালিৰে নিজৰ ভাড়া ঘৰতে কাৰ্যালয়ৰ কাম চলাই থকাৰ লগতে পৰিদৰ্শকৰ কাৰ্যালয়লৈ অহা বিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰী বা ৰাইজক হাৰাশাস্তি কৰি আহিছে বুলি গুৰুতৰ অভিযোগ কৰে ৷লগতে জিলাখনৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ দৰে এটি গুৰুত্বপূৰ্ণ পদবীত থাকি শিক্ষা বিষয়াগৰাকীয়ে পদুম পুখুৰী উচ্ছ মাধ্যমিক বিদ্যালয়ৰ মৰ্মান্তিক ঘটনাটোৰ বিষয়ে নিজাববীয়াকৈ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰাটো বাদেই, এবাৰো ঘটনাস্থলীত উপস্থিত হৈ খবৰ নোলোৱাত ক্ষোভ প্ৰকাশ কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্যগৰাকীয়ে ৷

প্ৰধান শিক্ষয়িত্ৰীয়ে সংবাদ মাধ্যমত বিভ্ৰান্তিকৰ মন্তব্য দিয়াৰ অভিযোগ

দশম শ্ৰেণীৰ ছাত্ৰৰ হাতত নৱম শ্ৰেণীৰ ছাত্ৰ ভবেশ ডেকাই প্ৰাণ হেৰুওৱাৰ পিছত বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰীগৰাকীয়ে সংবাদ মাধ্যমত নিহত ভবেশ ডেকা পূৰ্বৰে পৰা অসুস্থ হৈ থকাৰ কথা উল্লেখ কৰি এক বিভ্ৰান্তিকৰ মন্তব্যৰে ঘটনাটোক অন্য এক ৰূপ দিবলৈ চেষ্টা কৰাৰ অভিযোগেৰে অঞ্চলটোৰ ৰাইজ ক্ষোভিত হৈ পৰে(Controversial Statement of Principal) ৷ শোভিত ৰাইজে বুধবাৰে বিদ্যালয়খনত উপস্থিত হৈ নিহত ভৱেশ ডেকা পূৰ্বৰে পৰা অসুস্থ হৈ থকা বুলি সংবাদ মাধ্যমৰ আগত কিয় বিভ্ৰান্তিকৰ ভাষ্য প্ৰদান কৰিছিল বুলি প্ৰশ্ন কৰি পৰিস্থিতি উত্তপ্ত কৰি তোলে ৷ৰাইজৰ ৰুদ্ৰমূৰ্তি দেখি প্ৰধান শিক্ষয়িত্ৰীগৰাকীয়ে ক্ষমা বিচৰাতহে পৰিস্থিতি কিছু ক্ষান্ত হয় ৷স্থানীয় ৰাইজে ঘটনাত জড়িত ছাত্ৰ কেইগৰাকীৰ লগতে প্ৰধান শিক্ষয়িত্ৰীগৰাকীও সমানে জগৰীয়া বুলি দাবী কৰে ৷ কিয়নো প্ৰধান শিক্ষয়িত্ৰীগৰাকীয়ে বিদ্যালয়খনত যিধৰণে দায়িত্ব ল’ব লাগিছিল সেই ধৰণে দায়িত্ব আৰু কৰ্তব্য পালন নকৰাৰ বাবেই বিদ্যালয়খনত এনে মৰ্মান্তিক ঘটনা সংঘটিত হ’বলৈ পালে বুলি অভিযোগ কৰে ৷

ভবেশৰ পিতৃ- মাতৃ আৰু বায়েকক চিকিৎসালয়ত ভৰ্তি

ইফালে ২৪ ছেপ্টেম্বৰত আবেলি মৰণোত্তৰ পৰীক্ষাৰ অন্তত ভবেশৰ নিথৰ দেহ ঘৰলৈ আনি এক শোকাকুল পৰিৱেশৰ মাজত শেষকৃত সম্পৰ্ণ কৰাৰ পাছতে ভবেশৰ পিতৃ-মাতৃ আৰু বায়েককো চিকিৎসালয়ত ভত্তিৰ্ কৰাবলগীয়া হয় ৷ নিশাই ভবেশৰ পিতৃ হেমচন্দ্ৰ ডেকাৰ লগতে মাতৃ ধনমণি ডেকা আৰু বায়েকৰ লগতে একেলগে পঢ়া এগৰাকী সহপাঠীকো দেওমৰনৈ সামূহিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰি চিকিৎসা প্ৰদান কৰি থকা হৈছে(Deomornoi Community Health Centre) ৷

লগতে পঢ়ক: দশম শ্ৰেণীৰ ছাত্ৰৰ প্ৰহাৰত প্ৰাণ গ’ল নৱম শ্ৰেণীৰ ছাত্ৰৰ

Fake Officerভুৱা ৰাজহ চক্ৰ বিষয়া

Fake Officerভুৱা ৰাজহ চক্ৰ বিষয়া
Fake Officerভুৱা ৰাজহ চক্ৰ বিষয়া

Fake Officer ভুৱা ৰাজহ চক্ৰ বিষয়া বুলি পৰিচয় দিছিল মহিলাগৰাকীয়ে!নগাঁও জিলা সত্ৰ ন্যায়াধীশৰ আদালতৰ কৰ্মচাৰী মহিলাগৰাকী!মীনাক্ষী নেওগ নামৰ এগৰাকী মহিলাৰ পৰা সংগ্ৰহ কৰিছিল ডেৰ লাখ টকা!জিলা সত্ৰ ন্যায়াধীশৰ আদালতত চাকৰি দিয়াৰ নামত লৈছিল ধন!মহিলাগৰাকীৰ স্বামীও এগৰাকী অধিবক্তা!নগাঁও সদৰ আৰক্ষীয়ে ৯৪২/২৪ নম্বৰ গোচৰত মহিলাগৰাকীক প্ৰেৰণ কৰিছে জেললৈ!

দৈনন্দিন বাৰ্তা নগাঁও 25চেপ্তেম্বৰ
Fake Officer নগাঁও আৰক্ষীৰ জালত এগৰাকী ভুৱা ৰাজহচক্ৰ বিষয়া। ভুৱা ৰাজহচক্ৰ বিষয়াৰ পৰিচয় প্ৰদান কৰি মাটি-বাৰিৰ গোচৰ নিষ্পত্তি বাবদ আৰু চাকৰি দিয়াৰ নামত সংগ্ৰহ কৰিছিল ধন।ভুৱা ৰাজহচক্ৰ বিষয়াৰ পৰিচয় প্ৰদান কৰি নগাঁও জিলা সত্ৰ ন্যায়াধীশৰ আদালতৰ কৰ্মচাৰী ৰাজশ্ৰী দেৱীয়ে অনলাইন যোগে ২০ হাজাৰ টকা লৈছিল মিনাক্ষী নেওঁগৰ নামৰ মহিলা গৰাকীৰ পৰা।স্বামীক সত্ৰ ন্যায়াধীশৰ আদালতত নৈশচকিদাৰ চাকৰি দিয়াৰ নামতো মিনাক্ষী নেওঁগৰ পৰা ৰাজশ্ৰী দেৱী নামৰ কৰ্মচাৰী গৰাকীয়ে ডেৰ লক্ষাধিক টকা দাবী কৰাৰ অভিযোগ।ধন সংগ্ৰহৰ ক্ষেত্ৰত ৰাজশ্ৰী দেৱীক সহযোগ কৰাৰ অভিযোগ ৰিমি কলিতা নামৰ আন এগৰাকী মহিলাৰ ওপৰতো।ৰিমি কলিতাৰ জৰিয়তে ৰাজশ্ৰী দেৱীয়ে মিনাক্ষী নেওঁগৰ পৰা মাটি-বাৰিৰ বিবাদ নিষ্পত্তিৰ নামত পূৰ্বেও প্ৰায় ১লাখ ৩০হাজাৰ টকা সংগ্ৰহ কৰাৰ অভিযোগ।নগাঁও সদৰ আৰক্ষী থানত ৰুজু হোৱা ৯৪২/২৪ নম্বৰৰ গোচৰৰ ভিত্তিত ৰাজশ্ৰী দেৱীক গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰে আৰক্ষীয়ে।

অধিক খৱৰ পঢ়িবলৈ

জনতা ভৱনৰ পৰাই লুণ্ঠনৰ জাল পেলাই কোনে কোনে লুটিলে মটক কাউন্সিলৰ কোটি কোটি টকা

Janata Bhavan জনতা ভৱনৰ পৰাই লুণ্ঠনৰ জাল পেলাই কোনে কোনে লুটিলে মটক কাউন্সিলৰ কোটি কোটি টকা

Janata Bhavan জনতা ভৱনৰ পৰাই লুণ্ঠনৰ জাল পেলাই কোনে কোনে লুটিলে মটক কাউন্সিলৰ কোটি কোটি টকা
Janata Bhavan জনতা ভৱনৰ পৰাই লুণ্ঠনৰ জাল পেলাই কোনে কোনে লুটিলে মটক কাউন্সিলৰ কোটি কোটি টকা

Janata Bhavan প্ৰৱঞ্চক অসীম দাসৰ সৈতে কি সম্পৰ্ক মন্ত্ৰী সঞ্জয় কিষাণৰ?
জনতা ভৱনৰ পৰাই লুণ্ঠনৰ জাল পেলাই কোনে কোনে লুটিলে মটক কাউন্সিলৰ কোটি কোটি টকা?

দৈনন্দিন বাৰ্তাৰ সেৱা, ২৫ ছেপ্টেম্বৰ

Janata Bhavan ৰাজ্যত অন লাইন ট্ৰেডিং কেলেংকাৰিৰ জোকাৰণি মাৰ নৌযাওতেই পোহৰলৈ আহিছে আন এক বিয়াগোম কেলেংকাৰিৰ কথা। এই কেলেংকাৰিত জড়িত আছে খোদ বিজেপিৰেই এগৰাকী নেতা। বিজেপিৰ অনুসূচিত জাতি মৰ্চাৰ ৰাজ্যিক সাধাৰণ সম্পাদক অসীম দাসক মটক কাউন্সিলৰ নামত জালিয়াতিৰে কোটি কোটি টকা সৰকোৱাৰ অভিযোগত ক্ৰাইম ব্ৰান্সে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে। অসীম দাসৰ লগতে জালত পৰিছে বিৰিঞ্চি বৰকটকী আৰু নিৰঞ্জন দাস নামৰ দুই প্ৰৱঞ্চকো। জানিব পৰা মতে এই চক্ৰটোৰ সৈতে জড়িত আন কেইবাজনো লোক এতিয়াও লতক অৱস্থাতে আছে। আমাৰ হাতত পৰা তথ্য অনুসৰি নয়ডাৰ অমৃত জালীনী, অৰ্জুন মেহতাৰ লগতে গুৱাহাটীৰ জাকিৰ হুছেইন নামৰ লোকসকলো এই কেলেংকাৰিৰ সৈতে জড়িত যদিও তেওঁলোকক এতিয়াও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব পৰা নাই। মটক কাউন্সিলৰ নামত ধন সৰকোৱা চক্ৰটোৰ মূল অভিযুক্ত কেইজন আৰক্ষীৰ জালত পৰাৰ পিছতে প্ৰেক্ষাপটলৈ আহিছে মন্ত্ৰী সঞ্জয় কিষাণৰ নাম। জানিব পৰা মতে প্ৰৱঞ্চক চক্ৰটোৰ একাংশই মন্ত্ৰী কিষাণৰ নাম ব্যৱহাৰ কৰি ধন সৰকাই গৈছিল। মন্ত্ৰীৰ নাম লৈয়েই প্ৰৱঞ্চক চক্ৰটোৱে দিছপুৰত বহিয়েই চলাই গৈছিল লুণ্ঠন। সামগ্ৰী যোগানৰ নামত ভুৱা ৱৰ্ক অৰ্ডাৰ দি তেওঁলোকে কোটি কোটি টকা লুট কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হোৱাৰ সময়তে পিছে মন্ত্ৰী সঞ্জয় কিষাণে চক্ৰটোৰ সৈতে কোনো পধ্যে জড়িত নহয় বুলি স্পষ্টীকৰণ দিছে। বিশেষ সূত্ৰই প্ৰকাশ কৰা মতে ইতিমধ্যে বিজেপিৰ পৰা অব্যাহতি দিয়া অসীম দাসে ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী আছিল। অসীম দাসক সমগ্ৰ কেলেংকাৰিটো সংঘটিত কৰাত সহায় কৰিছিল ক্ষুদ্ৰ সঞ্চয় সঞ্চালকালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰচাৰ বিষয়া বিৰিঞ্চি বৰকটকীয়ে। অভিযোগ অনুসৰি বিৰিঞ্চি বৰকটকীক ভুৱা আইএএছ বিষয়া হিচাবে মানুহৰ আগত চিনাকী কৰাই দিয়া হৈছিল আৰু বি এন শৰ্মা ছদ্মনামেৰে দিছপুৰত বহিয়েই তেওঁ ভুৱা ৱৰ্ক অৰ্ডাৰত চহী কৰি গৈছিল। জনতা ভৱনৰ কনফাৰেন্স হলত বৰকটকীয়ে বহি লৈছিল আৰু তাৰ পৰাই পেলাইছিল লুণ্ঠনৰ জাল। ইতিমধ্যে এই চক্ৰটোৰ বিৰুদ্ধে দিছপুৰ থানা আৰু ক্ৰাইম ব্ৰান্সত একাধিক গোচৰ ৰুজু কৰা হৈছে। ক্ৰাইম ব্ৰান্সৰ গোচৰ নম্বৰ হৈছে ১৩, ২০২৪। প্ৰাপ্ত তথ্য অনুসৰি দিছপুৰ থানাৰ গোচৰটো ৩ কোটি ৭১ লাখ টকা জালিয়াতিৰে সৰকাই নিয়াৰ বাবে ৰুজু কৰা হৈছে। একেদৰে ক্ৰাইম ব্ৰান্সৰ গোচৰটো ৪ কোটি টকাৰ জালিয়াতিৰ গোচৰ। এই চক্ৰটোৱে বাংগালুৰুৰ মানফো এক্সপোৰ্ট নামৰ কোম্পানীটোক ভুৱা ৱৰ্ক অৰ্ডাৰ দি বিশাল অংকৰ ধন সৰকাইছিল। ইপিনে এই চক্ৰটোৰ সৈতে মন্ত্ৰী সঞ্জয় কিষাণৰ নাম সাঙোৰ খাই পৰাত মন্ত্ৰীগৰাকীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। সংবাদমাধ্যমৰ আগত মন্ত্ৰী কিষাণে কয় যে অসীম দাসৰ ঘটনাৰ লগত তেওঁ কোনো দিশৰ পৰাই জড়িত নহয় । তেওঁ লগতে কয় যে তেওঁৰ তেনে নমৰ কোনো ব্যক্তিগত সহায়কো নাই। মন্ত্ৰী কিষাণে কয়- আদিবাসী কাউঞ্চিল নতুন বিভাগ আৰু এই বিভাগটোৰ মন্ত্ৰী মই নহয়।মোৰ ঘৰলৈ এনে কোনো মানুহো অহা নাই। জধে মধে মানুহ মোৰ ঘৰলৈ মানুহ নাহে। মোৰ অফিচেল পি এৰ বাহিৰে কোনো পি এ গুৱাহাটীত নাই । অৱশ্যে তিনিটুকীয়াত ৰাহুল শৰ্মা আছে। তেওঁ তাত থাকি মোৰ কাম-কাজ আদি তদাৰক কৰি আছে। অসীম দাসক মই ভালদৰে চিনিয়েই নাপাওঁ। ব্যক্তিগতভাৱে মই তেওঁক কোনো দিনে চিনি নাপাইছিলো। বি জে পিৰ লোক হলেও কোনো সাৰি নাযায়।এজাহাৰত উল্লেখিত M9 কোৱাৰ্টাৰ নম্বৰ মোৰ নহয়।মোৰ নামো সঞ্জয় খেইতান নহয় ।যদি কোনোয়ে‌ মোৰ নাম লৈছে তেওঁলোকৰ বিৰুদ্ধে মই আইনী ব্যৱস্থা লম। মন্ত্ৰী কিষাণৰ এনে স্পষ্টীকৰণৰ পিছতে এইকথা দিনৰ পোহৰৰ দৰেই ফটফটীয়া হৈ পৰিছে যে খোদ দিছপুৰত বহিয়েই, জনতা ভৱনত বহিয়েই কেবোৰ চক্ৰই দিনৰ পিছত দিন ধৰি উন্নয়নৰ নমত অহা ধন জালিয়াতিৰে সৰকাই আছে। জনতা ভৱনৰ কনফাৰেন্স হলৰ পৰাই পৰিচালিত হোৱা এনে লুণ্ঠনৰ কথা পূৰ্বে কোনেও জনা নাছিল নে বুলিও এতিয়া বহুতে প্ৰশ্ন কৰিছে। বহুতে দিছপুৰৰ নিৰাপত্তাৰ দিশটোকলৈয়ো প্ৰশ্ন উত্থাপন কৰা দেখা গৈছে।

অধিক খৱৰ পঢ়িবলৈ

নৱম শ্ৰেণীৰ ৩ লক্ষাধিক ছাত্র-ছাত্রীলৈ চাইকেল

Coal India’sমাৰ্ঘেৰিটাৰ লিডুত ক’ল ইণ্ডিয়াৰ ডাম্প্ৰিং গ্ৰাউণ্ডে কঢ়িয়াই আনিছে জনজাতীয় গাঁৱলৈ চৰম ভাবুকি

Coal India's মাৰ্ঘেৰিটাৰ লিডুত ক'ল ইণ্ডিয়াৰ ডাম্প্ৰিং গ্ৰাউণ্ডে কঢ়িয়াই আনিছে জনজাতীয় গাঁৱলৈ চৰম ভাবুকি
মাৰ্ঘেৰিটাৰ লিডুত ক'ল ইণ্ডিয়াৰ ডাম্প্ৰিং গ্ৰাউণ্ডে কঢ়িয়াই আনিছে জনজাতীয় গাঁৱলৈ চৰম ভাবুকি

Coal India’s নিশ্চিহ্ন হোৱাৰ দিশত লিডুৰ লিডুৰ মালোগাঁৱকে ধৰি বহু চিৰ সেউজীয়া ঐতিহাসিক গাওঁ।মাৰ্ঘেৰিটাৰ লিডুত মাৰ্ঘেৰিটাৰ লিডুত Coal India’s ক’ল ইণ্ডিয়াৰ ডাম্প্ৰিং গ্ৰাউণ্ডে কঢ়িয়াই আনিছে tribal villageজনজাতীয় গাঁৱলৈ চৰম ভাবুকি ক’ল ইণ্ডিয়াৰ ডাম্প্ৰিং গ্ৰাউণ্ডে কঢ়িয়াই আনিছে জনজাতীয় গাঁৱলৈ চৰম ভাবুকি।বিটিছ উপনিৱেশিক কালত স্থাপিত কয়লা উদ্যোগসমূহত বিটিছসকলে প্ৰকৃতিৰ ক্ষতি নোহোৱাকৈ সুৰংগ পদ্ধতিয়ে কয়লা আহৰণ কৰিছিল কয়লা।

দৈনন্দিন বাৰ্তা ২৫ চেপ্তেম্বৰ মাৰ্ঘেৰিটাৰ পৰা বিকাশ বৰুৱা

Coal India’s কয়লাৰাণী খ্যাত মাৰ্ঘেৰিটাৰ লিডুত Coal India’s ক’ল ইণ্ডিয়া মুক্ত খননে কঢ়িয়াই আনিছেtribal village জনজাতীয় গাঁৱলৈ চৰম ভাবুকি।ক’ল ইণ্ডিয়াৰ ডাম্প্ৰিং গ্ৰাউণ্ডৰ বাবেই বৰ্তমান নিঃশেষ হোৱা দিশে আগবাঢ়িছে লিডু বহু কেইখন গাওঁ।বিটিছ উপনিৱেশিক কালত স্থাপিত কয়লা উদ্যোগসমূহত বিটিছসকলে প্ৰকৃতিৰ ক্ষতি নোহোৱাকৈ সুৰংগ পদ্ধতিয়ে কয়লা আহৰণ কৰিছিল কয়লা।কিন্তু স্বাধীনতা পৰৱৰ্তী কালত ক’ল ইণ্ডিয়া কতৃপক্ষই কয়লা আহৰণৰ বাবে মুক্ত খনন পদ্ধতি ব্যৱহাৰ কৰে।ইয়াৰ ফলত প্ৰকৃতি ধ্বংস হোৱা ওপৰিও ক’ল ইণ্ডিয়া প্ৰয়োজন হয় বৃহত বৃহত ডাম্প্ৰিং গ্ৰাউণ্ডৰ।বহু বছৰ ধৰি ক’ল ইণ্ডিয়াৰ মুক্ত খননৰ ফলত উক্ত অঞ্চলসমূহত থকা বহু গাওঁ ইতিমধ্যে নিঃশেষ হৈ পৰিল।অৱশিষ্ট যিসমূহ গাওঁ বাকি ৰৈ গৈছিল ক’ল ইণ্ডিয়া কতৃপক্ষই শেষতীয়াকৈ পুনৰ ডাম্প্ৰিং গ্ৰাউণ্ড পৰিসৰ বৃদ্ধি কৰাত লিডুৰ এখন ঐতিহাসিক তথা জনজাতীয় গাওঁ মালো গাঁৱলৈ কঢ়িয়াই আনিছে চৰম ভাবুকি।গাঁওখনত বসবাস কৰা প্ৰায় শতাধিক পৰিয়ালৰ বাসস্থান হেৰুৱাৰ উপক্ৰম হৈছে।ক্ষতিগ্ৰস্ত পৰিয়ালসমূহে ইতিমধ্যে ক’ল ইণ্ডিয়াৰ কতৃপক্ষক উক্ত অঞ্চলটোক ডাম্প্ৰিং গ্ৰাউণ্ড হিচাপে ব্যৱহাৰ নকৰিবলৈ স্মাৰক পত্ৰ প্ৰদান কৰিছে যদিও ক’ল ইণ্ডিয়া কতৃপক্ষই আকোৰগোজ হৈ আছে।ক’ল ইণ্ডিয়াৰ এই সিদ্ধান্ত ফলত নিশ্চিহ্ন হোৱাৰ দিশত আগবাঢ়িছে লিডুৰ ঐতিহাসিক তথা বহু চিৰ সেউজীয়া গাওঁ।ঐতিহাসিক জনজাতীয় গাওঁ মালোঁ গাওঁ ৰক্ষা কৰাৰ দাৱীত আজি সদৌ অসম টাংচা জাতীয় পৰিষদ আৰু সদৌ অসম টাংচা ছাত্ৰ সংস্থাই লিডুত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।

অধিক খৱৰ পঢ়িবলৈ

গোসাঁইগাঁৱত ভয়ংকৰ ঘটনাঃতিনি বছৰে সমাজৰ পৰা এঘৰীয়া ৩ টা পৰিয়াল

Gosaingaon: গোসাঁইগাঁৱত ভয়ংকৰ ঘটনাঃতিনি বছৰে সমাজৰ পৰা এঘৰীয়া ৩ টা পৰিয়াল

Gosaingaon: গোসাঁইগাঁৱত ভয়ংকৰ ঘটনাঃতিনি বছৰে সমাজৰ পৰা এঘৰীয়া ৩ টা পৰিয়াল
Gosaingaon: গোসাঁইগাঁৱত ভয়ংকৰ ঘটনাঃতিনি বছৰে সমাজৰ পৰা এঘৰীয়া ৩ টা পৰিয়াল

গোঁসাইগাঁও ২৪ ছেপ্টেম্বৰ: Gosaingaon: গোসাঁইগাঁৱত ভয়ংকৰ ঘটনাঃতিনি বছৰে সমাজৰ পৰা এঘৰীয়া ৩ টা পৰিয়ালগোসাঁইগাঁও মহকুমাৰ আলিনগৰত এক ভয়ংকৰ ঘটনা সংঘটিত হয়। গাঁৱৰ একাংশ লোকে ডাইনী বুলি অপবাদ দি সমাজৰ পৰা এঘৰীয়া কৰে তিনিটা পৰিয়ালক। গাঁওখনৰ বাসিন্দা তথা গাঁও বুঢ়া গণেশ চৰেন পিতৃ তিনি বছৰ পূৰ্বে ৰোগত আক্ৰান্ত হৈ মৃত্যু হয়। লোকজনৰ মৃত্যুৰ পিছৰ পৰাই ডাইনী অপবাদ দিয়ে গাঁৱৰ তিনি গৰাকী মহিলাক।
মহিলা তিনি গৰাকী ডাইনী বুলি অপবাদ দি সমাজৰ পৰা এঘৰীয়া কৰি ৰাখে।গণেশৰ লগতে গাঁৱৰ অন্যান্য লোক সকলে ডাইনী বুলি অপবাদ দি বিভিন্ন প্ৰকাৰে হাৰাশাস্তি কৰি অহাই নহয় ভাবুকি দি আহিছে পৰিয়াল তিনিটাক ।


এনেকি গাঁৱৰ কোনো লোকে মহিলা তিনি গৰাকীৰ ঘৰত গলে ৫০০ টকা জৰিমনা দিব লাগিব বুলি সিদ্ধান্ত গ্ৰহণ কৰে।
সমাজৰ পৰা এঘৰীয়া কৰা পৰিয়াল তিনিটা সমাজত নিবলৈ ৩০ হেজাৰ টকা বিচাৰে গাঁৱৰ মুৰৰবী গণেশ চৰেন ।
বিগত তিনিটা বছৰে এঘৰীয়া হোৱা পৰিয়াল তিনিটা এক আশংকাৰ মাজত কটাইছে।জীৱনৰ নিৰাপত্তা বিচাৰি ৭ আগষ্টত মহকুমাধিপতিক এখন অভিযোগ দাখিল কৰে যদিও কোনো সঁহাৰি লাভ নকৰিলে ।গাঁৱৰ লোক সকলে বিভিন্ন ভাবুকি দি আহিছে মহিলা তিনি গৰাকীৰ লগতে পৰিয়ালক।

Assam Cabinet:নৱম শ্ৰেণীৰ ৩ লক্ষাধিক ছাত্র-ছাত্রীলৈ চাইকেল

Assam Cabinet: Bicycles to over 3 lakh students of Class IX
Assam Cabinet:নৱম শ্ৰেণীৰ ৩ লক্ষাধিক ছাত্র-ছাত্রীলৈ চাইকেল

দৈনন্দিন বাৰ্তা,গুৱাহাটী, ২৫ ছেপ্টেম্বৰ: (Assam Cabinet)নৱম শ্ৰেণীৰ ৩ লক্ষাধিক ছাত্র-ছাত্রীলৈ চাইকেল )ৰাজ্যৰ নৱম শ্ৰেণীৰ ৩,২৩,৬৪০ গৰাকী ছাত্র-ছাত্রীক চৰকাৰে প্ৰদান কৰিব চাইকেল । ইয়াৰ বাবে মঙলবাৰে ৰাজ্যিক কেবিনেটে ১৪৮.৫৫ কোটি টকাৰ অনুমোদন জনায় । (Himanta biswa sarma)মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত মঙলবাৰে দিছপুৰৰ লোকসেৱা ভৱনত ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠক অনুষ্ঠিত হয় । কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । কেবিনেটৰ সিদ্ধান্তসমূহ সংবাদমেলযোগে সদৰী কৰে মন্ত্রী জয়ন্তমল্ল বৰুৱাই । (Jayanta Malla Baruah)

(Assam Cabinet)কেবিনেটৰ সিদ্ধান্ত:কেবিনেটে দ্বৈত ৰে’ল লাইনৰ বাবে প্ৰয়োজনীয় ৮ বিঘা ভূমি ৰে’লৱেক দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে । বিশেষকৈ গোৱালপাৰা হৈ আজাৰা-কামাখ্যা অনুমোদিত দ্বৈত ৰে’ল লাইনৰ বাবে প্ৰয়োজনীয় অসম চৰকাৰৰ আঠ বিঘা ভূমি ৰে’লৱেক দিয়াৰ বাবে কেবিনেটে অনুমোদন জনায় । ইয়াৰে সাত বিঘা ভূমি জালুকবাৰী মৌজাৰ অধীনৰ আৰু এক বিঘা ভূমি চকৰ্দৈ মৌজাৰ অধীনৰ ।
ৰাজ্যৰ হাজো, মাজুলী আৰু টিংখাঙত নিৰ্মাণ হৈ থকা তিনিখন পলিটেকনিকৰ বাবে কেবিনেটে ১৫০ কোটি টকাৰ অনুমোদন দিয়ে ।অসমৰ বিভিন্ন ইঞ্জিনীয়াৰিং আৰু পলিটেকনিক কলেজত নিয়োজিত হৈ থকা ৪৫১ গৰাকী অংশকালীন ফেকাল্টিক খালী থকা পদত নিযুক্তি দিয়াৰ বাবে কেবিনেটে অনুমোদন জনায় ।
(Assam Cabinet)কেবিনেটৰ সিদ্ধান্ত:নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক চাইকেল দিয়াৰ ক্ষেত্রত কেবিনেটৰ অনুমোদন । ৰাজ্যৰ নৱম শ্ৰেণীৰ ৩,২৩,৬৪০ গৰাকী ছাত্র আৰু ছাত্রীক চাইকেল দিয়াৰ বাবে মঙলবাৰৰ কেবিনেটে ১৪৮.৫৫ কোটি টকাৰ অনুমোদন জনায় । চাইকেল দিয়াৰ উদ্দেশ্য হৈছে যাতে শিক্ষাৰ্থীসকল সময়মতে তথা নিয়মীয়াকৈ শ্ৰেণীত উপস্থিত থাকিব পাৰে আৰু ড্ৰপ আউটৰ হাৰ কমি আহে ।
(Assam Cabinet)কেবিনেটৰ সিদ্ধান্ত:কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি ১৩১ গৰাকী শিক্ষক নিযুক্তি দিছিল । অসম চৰকাৰ তথা বিত্ত বিভাগৰ সন্মতি অবিহনে প্ৰয়োজনৰ তাগিদাত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে এই নিযুক্তি দিছিল । মঙলবাৰৰ কেবিনেটে নিযুক্তি দিয়া উক্ত ১৩১ গৰাকী শিক্ষকৰ নিয়মীয়াকৰণৰ ক্ষেত্রত অনুমোদন জনায় । লগতে অসম চৰকাৰে ভৱিষ্যতে এনেদৰে নিযুক্তি নিদিয়াৰ বাবে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে অসম চৰকাৰৰ পৰা অনুমতি ল’ব লাগিব ।

Tea Workers Protest for Bonus: চাহ শ্ৰমিকৰ প্ৰতিবাদত বন্ধ হৈ পৰিছে ডিব্ৰুগড়ৰ কেইবাখনো চাহ বাগিচাৰ কাম

Tea Workers Protest for Bonus, Shutting Down Multiple Tea Gardens in Dibrugarh Assam
Tea Workers Protest for Bonus: চাহ শ্ৰমিকৰ প্ৰতিবাদত বন্ধ হৈ পৰিছে ডিব্ৰুগড়ৰ কেইবাখনো চাহ বাগিচাৰ কাম

ডিব্ৰুগড়, ২৫ ছেপ্টেম্বৰ: নিজৰ প্ৰাপ্য বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰিব লগা হৈছে চাহ বাগিচাই বাগিচাই চাহ শ্ৰমিকসকলে(Tea Workers Protest for Bonus) ৷ কিয়নো সমাগত দুৰ্গা পূজা ৷ দুৰ্গা পূজাৰ বাবে সকলোৱে চলাইছে ব্যাপক প্ৰস্তুতি ৷

শাৰদীয় দুৰ্গা পূজা সমাগত হ’লেই বোনাচক কেন্দ্ৰ কৰি বৃদ্ধি হয় চাহ শ্ৰমিকৰ ক্ষোভ, অসন্তুষ্টি ৷ প্ৰতি বছৰৰ দৰেই এইবাৰ ডিব্ৰুগড়ত দেখিবলৈ পোৱা গৈছে একেই পৰিৱেশ(Dibrugarh Tea Gardens) ৷ দুৰ্গা পূজাৰ পূবেই ২০ শতাংশ বোনাচৰ দাবীত প্ৰতিবাদ কৰিছে বাগিচাৰ শ্ৰমিকসকলে ৷

কিন্তু চাহ বাগিচাসমূহত কতৃৰ্পক্ষই এটাৰ পিছত আন এটা অজুহাত দেখুৱাই ২০ শতাংশ বোনাচ দিবলৈ অমান্তি হৈছে ৷ ফলত শ শ চাহ শ্ৰমিকৰ প্ৰতিবাদত বন্ধ হৈ পৰিছে ডিব্ৰুগড়ৰ কেইবাখনো চাহ বাগিচাৰ কাম(Tea garden workers in Dibrugarh) ৷

মঙলবাৰে চাবুৱাৰ হাতীআলি চাহ বাগিচা(Hatiali Tea Estate in Chabua)ত সৃষ্টি হ’য় এক উত্তপ্ত পৰিৱেশৰ ৷ দেহৰ ঘাম মাটিত পেলাই হাড় ভঙা শ্ৰম কৰা শ্ৰমিকসকলে উপযুক্ত বোনাচৰ দাবীত ওলাই আহি হাতীআলি চাহ বাগিচা উত্তপ্ত কৰি তোলে ৷ বাগিচা কতৃৰ্পক্ষই প্ৰদান কৰিব বিচৰা ১৫ শতাংশ বোনাচ কোনোপধ্যেই মানি ল’ব বিচৰা নাই শ্ৰমিকসকলে(Bonus payments) ৷ তাৰ বিপৰীতে ২০ শতাংশ বোনাচৰ দাবীত অটল হৈ আছে চাহ শ্ৰমিকসকল ৷

আনহাতে, একেই পৰিৱেশ লাহোৱাল মটক চাহ বাগিচা(Lahowal Motok Tea Estate)তো দেখিবলৈ পোৱা যায় ৷ লাহোৱাল মটক চাহ বাগিচাতো শ্ৰমিকসকলে প্ৰতিবাদেৰে সৃষ্টি কৰ্ উত্তপ্ত পৰিস্থিতিৰ ৷শ্ৰমিকৰ সৈতে আলোচনা নকৰি বাগিচাৰ কতৃৰ্পক্ষই শ্ৰমিকসকলৰ একাউণ্টত ১৫ শতাংশ বোনাচৰ এটা অংশ ধন জমা কৰি দিয়াৰ পিছতেই শ্ৰমিকসকল ক্ষোভিত হৈ উত্তাল কৰি তোলে চাহ বাগিচা চৌহদ ৷

Schoolgirl Killed in Road Accident: কাছাৰৰ ৬নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত পথ দুৰ্ঘটনাত এগৰাকী স্কুলীয়া ছাত্ৰীৰ মৃত্যু

Schoolgirl Killed in Road Accident on NH-6, Cachar; Agitated Locals Block Highway
Schoolgirl Killed in Road Accident: কাছাৰৰ ৬নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত পথ দুৰ্ঘটনাত এগৰাকী স্কুলীয়া ছাত্ৰীৰ মৃত্যু

শিলচৰ, ২৫ ছেপ্টেম্বৰ: কাছাৰৰ ৬নং ৰাষ্ট্ৰীয় ঘাইপথ(National Highway 6)ৰ গুমৰা এলেকাত ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে এগৰাকী স্কুলীয়া ছাত্ৰীয়ে(Schoolgirl Killed in Road Accident) ৷ প্ৰত্যক্ষদৰ্শীৰ তথ্য অনুসৰি শিলচৰৰ দিশত অহা চিলিণ্ডাৰ বোজাই এখন লৰীয়ে খুন্দা মৰাৰ ফলত প্ৰাণ হেৰুৱাই স্কুলীয়া ছাত্ৰী ছাহানিয়া পাৰভিন বৰভূঞাই(Tragic death of schoolgirl) ৷

ওচৰৰে খেলমা সপ্তম খণ্ডত ছাত্ৰীজনীৰ ঘৰ৷ দুৰ্ঘটনাৰ পিছত গুমৰা অঞ্চলত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ উত্তেজিত ৰাইজে আৰু বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে পথ অৱৰোধ(Road block in Cachar) কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷

স্থানীয় প্ৰশাসনৰ বিষয়াকে ধৰি স্থানীয় প্ৰতিনিধিয়ে ৰাষ্ট্ৰীয় ঘাইপথৰ অৱৰোধ মুকলি কৰিবলৈ বহু চেষ্টা কৰে যদিও বহু সময়লৈকে সক্ষম হোৱা নাই ৷

অৱৰোধকাৰীসকলে স্পষ্ট কৰি দিয়ে যে মৃত ছাত্ৰীগৰাকীয়ে যেতিয়ালৈকে ন্যায় নাপায় তেতিয়ালৈকে অৱৰোধ প্ৰত্যাহাৰ কৰা নহ’ব ৷ অৱশ্যে তিনি ঘণ্টাৰ পিছত ৰাষ্ট্ৰীয় ঘাইপথৰ অৱৰোধ মুকলি কৰা হয় ৷

উল্লেখ্য যে, মঙলবাৰে পুৱা নলবাৰী জিলাৰ টিহুতো সংঘটিত হয় আন এগৰাকী ছাত্ৰীৰ মৃত্যুৰ ঘটনা । টিহু নগৰৰ উন্মুক্ত নলাত পৰি নৱম শ্ৰেণীৰ শিক্ষাৰ্থী এগৰাকী নিহত হোৱা ঘটনাই সমগ্ৰ টিহু অঞ্চলত গভীৰ শোকৰ ছাঁ পেলাইছে(Tragic accident in Tihu) ৷ ঘটনাৰ বিৱৰণী অনুসৰি পুৱাৰ ভাগত টিহুৰ শংকৰদেৱ বিদ্যা নিকেতন(Shankardev Vidya Niketan)ৰ নৱম শ্ৰেণীৰ শিক্ষাৰ্থী ভাস্বতী কলিতাই এগৰাকী শিক্ষকৰ ওচৰত টিউচনৰ পাঠ গ্ৰহণ কৰি ডাগা মিল আৰু টিহুৰ এফআৰইউ চিকিৎসালয় সংযোগী পথেৰে(Tihu FRU Hospital road) এ এছ-১৪ এন-১১০২ নম্বৰৰ এখন স্কুটীৰে ঘৰলৈ উভতি যোৱাৰ সময়ত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ নলাত বাগৰি পৰে ৷

দুৰ্ঘটনাথলীৰ ওচৰ-চুবুৰীয়াই লগে লগে টিহুৰ এফআৰইউ চিকিৎসালয়লৈ নিয়াত ডাক্তৰে নলবাৰী(Nalbari Hospital)লৈ প্ৰেৰণ কৰে যদিও ইতিমধ্যে তেওঁৰ মৃত্যু হয়(Tragic accident in Tihu) ৷ মৃত শিক্ষাৰ্থীগৰাকীৰ ঘৰ টিহুৰ ৰণাকুছি গাঁৱত আৰু গাঁওখনৰ গাঁওপ্ৰধান বাপন কলিতা আৰু সংগীতা কলিতাৰ প্ৰথমা জীয়াৰী আছিল ৷

Tragic accident in Tihu: টিহুত পথ দুৰ্ঘটনাত ছাত্ৰীৰ মৃত্যু

Tragic Accident Claims Life of 9th Grade Student in Tihu, Assam
Tragic accident in Tihu: টিহুত পথ দুৰ্ঘটনাত ছাত্ৰীৰ মৃত্যু

টিহু, ২৫ ছেপ্টেম্বৰ: মঙলবাৰে পুৱাৰ ভাগত টিহু নগৰৰ উন্মুক্ত নলাত পৰি নৱম শ্ৰেণীৰ শিক্ষাৰ্থী এগৰাকী নিহত হোৱা ঘটনাই সমগ্ৰ টিহু অঞ্চলত গভীৰ শোকৰ ছাঁ পেলাইছে(Tragic accident in Tihu) ৷ ঘটনাৰ বিৱৰণী অনুসৰি পুৱাৰ ভাগত টিহুৰ শংকৰদেৱ বিদ্যা নিকেতন(Shankardev Vidya Niketan)ৰ নৱম শ্ৰেণীৰ শিক্ষাৰ্থী ভাস্বতী কলিতাই এগৰাকী শিক্ষকৰ ওচৰত টিউচনৰ পাঠ গ্ৰহণ কৰি ডাগা মিল আৰু টিহুৰ এফআৰইউ চিকিৎসালয় সংযোগী পথেৰে(Tihu FRU Hospital road) এ এছ-১৪ এন-১১০২ নম্বৰৰ এখন স্কুটীৰে ঘৰলৈ উভতি যোৱাৰ সময়ত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ নলাত বাগৰি পৰে ৷

দুৰ্ঘটনাথলীৰ ওচৰ-চুবুৰীয়াই লগে লগে টিহুৰ এফআৰইউ চিকিৎসালয়লৈ নিয়াত ডাক্তৰে নলবাৰী(Nalbari Hospital)লৈ প্ৰেৰণ কৰে যদিও ইতিমধ্যে তেওঁৰ মৃত্যু হয়(Tragic accident in Tihu) ৷ মৃত শিক্ষাৰ্থীগৰাকীৰ ঘৰ টিহুৰ ৰণাকুছি গাঁৱত আৰু গাঁওখনৰ গাঁওপ্ৰধান বাপন কলিতা আৰু সংগীতা কলিতাৰ প্ৰথমা জীয়াৰী আছিল ৷

বুদ্ধিমতী এই শিক্ষাৰ্থীগৰাকী নাট্যাভিনয় আৰু কবিতা আবৃত্তিত বিশেষ পাৰদৰ্শী আছিল ৷ শিক্ষাৰ্থীগৰাকীৰ আকস্মিক মৃত্যুত টিহুৰ শংকৰদেৱ বিদ্যা নিকেতনৰ শিক্ষাৰ্থীবৰ্গ, শিক্ষক-কৰ্মচাৰীবৃন্দৰ লগতে ৰণাকুছি গাঁও উন্নয়ন সমিতিৰ বিষয়ববীয়া, টিহু ৰাজহ চক্ৰ গাঁওপ্ৰধান সমিতি আৰু গাঁওবাসীয়ে গভীৰ শোক প্ৰকাশ কৰিছে ৷

এই শোকাৱহ ঘটনা ঘটাৰ পিছত ৰাইজে চৰকাৰৰ ওচৰত নগৰৰ উন্মুক্ত নলাবোৰৰ ওপৰত ঢাকনি দিয়াৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে ৷

Wild elephant causes terror at Nagrijuli: নাগ্ৰীজুলিত বনৰীয়া হাতীৰ উপদ্ৰৱ: ঘৰ-দুৱাৰ ভাঙি লণ্ড-ভণ্ড

Wild elephant causes terror at Nagrijuli: Homes Destroyed, Crops Damaged
Wild elephant causes terror at Nagrijuli: নাগ্ৰীজুলিত বনৰীয়া হাতীৰ উপদ্ৰৱ: ঘৰ-দুৱাৰ ভাঙি লণ্ড-ভণ্ড

তামুলপুৰ, ২৫ ছেপ্টেম্বৰ: তামুলপুৰ জিলাৰ নাগ্ৰীজুলিৰ লগতে ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ উপদ্ৰৱ অব্যাহত আছে(Wild elephant causes terror at Nagrijuli) ৷ বনাঞ্চল ধবংস হোৱাৰ ফলত খাদ্যৰ অভাৱ হোৱাত খাদ্যৰ সন্ধানত পাহাৰৰ পৰা নামি অহা বনৰীয়া হাতীৰ জাক এটা সোমবাৰে নিশা ভূটান সীমান্তৰ পাহাৰৰ পৰা নদীৰ বুকুৰে নামি আহি সিদ্ধিনাথপুৰ গাঁও হৈ বৃহত্তৰ নাগ্ৰীজুলি অঞ্চলত প্ৰৱেশ কৰে(Indo-Bhutan border) ৷

হাতীৰ জাকটোৱে ইক্ৰাবিল গাঁৱত প্ৰৱেশ কৰি গাঁওখনৰ মাণিক মণ্ডল নামৰ লোকজনৰ বাসগৃহ ভাঙি লণ্ড-ভণ্ড কৰাৰ লগতে ভঁৰালৰ ধান, চাউল খাই, বাচন-বৰ্তন ভাঙি পেলায়(Wild Elephant Rampage in Nagrijuli) ৷ হাতীৰ জাকৰ প্ৰৱেশৰ খবৰ পাই নিশা বগৰীখুঁটি বন বিভাগৰ লোকে জাকটোক খেদিবলৈ চেষ্টা অব্যাহত ৰাখে ৷

উল্লেখ যে, ইয়াৰ পূৰ্বে জাকটোৱে মটঙা নৈ(Motonga River)ৰ বুকুয়েদি দক্ষিণৰ জনাঞ্চলত প্ৰৱেশ কৰি তামোলৰ বৃহৎ বাগান অনিষ্ট কৰাৰ লগতে পথাৰৰ ধান খাই অনিষ্ট কৰে ৷নিশা বনৰীয়া হাতীৰ জাকটোৱে গণেশপুৰ গাঁৱত প্ৰৱেশ কৰি বহু বিঘা মাটিৰ ধান খাই তহিলং কৰাত কৃষকসকলৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয় ৷

নিশা জুই জ্বলাই, টিন বজাই হাতীৰ জাকটোক খেদিবলৈ ৰাইজে চেষ্টা কৰিও বিফল হয় ৷ গোটেই নিশা হাতীৰ জাকটোৱে তাণ্ডৱ চলাই পুৱতি নিশা জাকটোৱে বৰনদীৰ দিশলৈ গতি কৰে ৷

বৰ্তমান জাকটো নাগ্ৰীজুলিৰ পূব দিশত অৱস্থান কৰি আছে বুলি জানিব পৰা গৈছে ৷ জাকটোত পোৱালি হাতীসহ ৭০ৰো অধিক হাতী থকাৰ বুলি জানিব পৰা গৈছে ৷