Home Blog Page 567

World Bamboo Day 2024: আজি বিশ্ব বাঁহ দিৱস। বাঁহগাজৰ উপকাৰিতা বিষয়ে জানক

আজি বিশ্ব বাঁহ দিৱস
আজি বিশ্ব বাঁহ দিৱস

আজি বিশ্ব বাঁহ দিৱস৷ এই ঘাঁহজাতীয় ওখ গছবিধে পৰিৱেশৰ ভাৰসাম্যতা ৰক্ষা কৰাকে ধৰি অৰ্থনৈতিক আৰু সাংস্কৃতিক দিশত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰে৷ কাগজৰ পৰা গৃহ নিৰ্মাণ, ঘৰুৱা সামগ্ৰীৰ পৰা আচবাব আদি বিভিন্ন কামত বাঁহৰ প্ৰয়োজনীয়তাক সকলোৱে গুৰুত্ব দি আহিছে৷ ‘দুখীয়া মানুহৰ কাঠ’ আৰু ‘সেউজীয়া সোণ’ বুলি জনাজাত বাঁহগছ।(Today is World Bamboo Day 2024 bamboo shoot benefits)

এই বাঁহগছৰ শিপা অগণন ঔষধি গুণৰ বাবে জনাজাত। আচাৰৰ পৰা আৰম্ভ কৰি পানীয়লৈকে উত্তৰ-পূবৰ খাদ্যত বিভিন্ন ধৰণে ব্যৱহাৰ কৰা হয়। বাঁহৰ শিপাক বাঁহৰ গাজ বুলিও কোৱা হয়।

বাঁহগাজত কেলৰি কম আৰু ওজন কমাবলৈ অনুকূল বুলি গণ্য কৰা হয়। ১ কাপ বাঁহৰ গাঁজত প্ৰায় ১৩ কেলৰি আৰু আধা গ্ৰাম চৰ্বি থাকে। ইয়াৰ উপৰিও ডায়েটাৰী ফাইবাৰৰ পৰিমাণ বেছি, যিয়ে হজম শক্তিত সহায় কৰে।(bamboo shoot)

সাপ আৰু অন্যান্য বিষাক্ত জীৱৰ কামোৰৰ বিষৰ বাবে বাঁহৰ শিপাৰ ৰস অতি উপকাৰি। আয়ুৰ্বেদৰ মতে সতেজ বাঁহৰ ৰস ঘাঁত লগালে বিষ বাহিৰলৈ ওলাই যোৱাত সহায় কৰে। কিন্তু সাপে কামুৰিলে সদায় প্ৰথমে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে।

বাঁহগাজত প্ৰচুৰ পৰিমাণে ভিটামিন আৰু অন্যান্য যৌগ থাকে যিয়ে হাওঁফাওঁ শক্তিশালী আৰু কাৰ্য্যক্ষমতাত সহায় কৰে।

বাঁহৰ গাজত ইনুলিন নামৰ আঁহ এটা থাকে। ইনুলিনে গ্লুক’জ শোষণ লেহেমীয়া কৰি তেজৰ চেনিৰ মাত্ৰা হ্ৰাস কৰাত সহায় কৰে। কোৱা হয় যে বাঁহৰগাজ নিয়মীয়াকৈ খালে তেজত চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায়ক হয়।

ইয়াৰ উপৰিও ইয়াত ফাইটোষ্টেৰল আৰু ফাইটোনিউট্ৰিয়েণ্ট থাকে যিয়ে বন্ধ ধমনী পৰিষ্কাৰ কৰাত সহায় কৰে আৰু বেয়া বা এল ডি এল কলেষ্টেৰল দ্ৰৱীভূত কৰে।

ইয়াত প্ৰচুৰ পৰিমাণে ভিটামিন আৰু খনিজ পদাৰ্থ থাকে, যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত সহায় কৰে। শীতকালত বাঁহগাজ খালে ভাইৰাছ আৰু বেক্টেৰিয়াৰ সংক্ৰমণৰ পৰা ৰক্ষা কৰাত সহায় কৰে।

Assam’s pride, heritage site ‘Khatra Satra’: অসমৰ গৌৰৱ, ঐতিহ্যক্ষেত্ৰ ‘খটৰা সত্ৰ’

খটৰা সত্ৰ
খটৰা সত্ৰ

অসমৰ এখন ঐতিহ্যমণ্ডিত জিলা হ’ল দৰং জিলা। সংস্কৃতিৰ বৰঘৰ দৰঙৰ ঐতিহাসিক ওজাপালি, নাঙেলী গীত, ছিয়াগীত খুলীয়া ভাওনা, দেওধনী নৃত্য আদিয়ে দৰং জিলাৰ গৌৰৱ অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছে আজিও। এনেবোৰ গৌৰৱময় সংস্কৃতিৰ ঊৰ্ধবত আন এক দৰং গৌৰৱ, যিয়ে সমগ্ৰ দৰং তথা সমগ্ৰ অসমকে ধৰ্মীয় আৰু সাহিত্য-সংস্কৃতিৰে বান্ধি ৰাখিছে সেয়াই হৈছে ঐতিহাসিক ‘খটৰা’ সত্ৰ’। Assam’s pride, heritage site ‘Khatra Satra’

দৰং জিলাৰ একেবাৰে পশ্চিম প্ৰান্তত অৱস্থিত এখন গ্ৰাম্যপ্ৰধান ঠাই। যিখন এটা সময়ত আছিল হাবি-জংঘলেৰে পূৰ্ণ ঠাই। য’ত বাস কৰিছিল কিছুমান অসুৰ প্ৰকৃতিৰ লোক অৰ্থাৎ যিসকলক কোৱা হৈছিল ‘খট’। সেই ঠাইখনেই হৈছে আজিৰ ‘খটৰা’। মঙলদৈ চহৰৰ পৰা প্ৰায় কুৰি কিলোমিটাৰ পশ্চিমে তথা দৰং জিলাৰ একেবাৰে পশ্চিম সীমাৰ দিপীলা মৌজাত অৱস্থিত ঠাই এই পৱিত্ৰ খটৰা। আৰু ইয়াতেই অৱস্থিত ঐতিহাসিক ‘খটৰা সত্ৰ’। যিখন সমগ্ৰ অসমৰে এখন উল্লেখযোগ্য তথা প্ৰধান সত্ৰ।

আজিও এই সত্ৰত প্ৰৱাহিত হৈ থকা হৰিনামৰ ধ্বনিৰে আন এক বৈকুণ্ঠপুৰীত পৰিণত হৈছে। প্ৰতিদিনে এই সত্ৰলৈ সোঁত বয় হাজাৰ হাজাৰ ভক্তপ্ৰাণ লোকৰ। এই সত্ৰত নাই কোনো জাতি ভেদ, ধৰ্ম-সম্ৰদায়ৰ ভেদ ভাব। সকলো লোকেই খটৰা সত্ৰলৈ একান্ত চিত্তে আহিব পাৰে ভক্তি অৰ্ঘ লৈ। খটৰা সত্ৰলৈ আহি যিজনে ভক্তিসহকাৰে সেৱা-নৈবেদ্য অপৰ্ণ কৰি যি আশা পূৰণৰ ইচ্ছা প্ৰকাশ কৰে সেইগৰাকী ভক্তৰ আশা পূৰ্ণ হয় বুলি সকলোৰে বিশ্বাস আজিও অটুট আছে। সেয়ে হয়তো আজিও গায়—– ‘ৰাম কৃষ্ণ খটৰা গোসাঁইঘৰ/ ৰাম কৃষ্ণ দেখোতে ভয়ংকৰ/ হৰি মোৰ ঐ ছকুৰি নাহৰৰ খুঁটা/ ৰাম কৃষ্ণ দুফালে লিখিলে/ ৰাম কৃষ্ণ ৰামে-লক্ষ্মণে/ হৰি মোৰ ঐ মাজতে জানকী সীতা/ ৰাম কৃষ্ণ বাটচ’ৰাৰ মুখতে/ ৰাম কৃষ্ণ যুৰীয়া সিংহই/ হৰি মোৰ ঐ আছে নাম-গুণ গাই/ ৰাম কৃষ্ণ মণিকূটৰ ওপৰে/ ৰাম কৃষ্ণ সোণৰে কলচী/ হৰি মোৰ ঐ তাৰো যে তুলনা নাই।’


শ্ৰীমন্ত শংকৰদেৱৰ প্ৰধান শিষ্য আছিল শ্ৰীশ্ৰীমাধৱদেৱ। তেওঁ বৰপেটাত থকা অৱস্থাত এই মাধৱদেৱৰে প্ৰপন্ন শিষ্য লেচাকণীয়া গোবিন্দ আতৈক উত্তৰ অসমলৈ ধৰ্ম প্ৰচাৰ আৰু সত্ৰ প্ৰতিষ্ঠাৰ বাবে আজ্ঞা কৰিছিল। এইগৰাকী লেচাকণীয়া গোবিন্দ আতৈ আছিল মাধৱ গুৰুৰ ১২গৰাকী প্ৰধান শিষ্যৰ ভিতৰৰ এজন আছিল। তেতিয়া গোবিন্দ আতৈয়ে গুৰুৰ আজ্ঞা শিৰত লৈ ধৰ্ম প্ৰচাৰৰ বাবে ওলাল দৰঙলৈ তেওঁৰ লগত আৰু কেইগৰাকীমান ভকতক লৈ। তেওঁ পোনতে ভুলুংমুখ নামত ঠাইত সত্ৰ স্থাপন কৰি পিছত পানীশেলী আৰু নগৰা নামৰ ঠাইলৈ গৈ সত্ৰ স্থাপন কৰিবলৈ বিচাৰিলে যদিও তেওঁ তাত সফল নহৈ তেওঁ আন সুবিধাজনক ঠাইৰ অনুসন্ধাত যাত্ৰা কৰিলে। এইদৰে তেওঁ আহি উপস্থিত হ’ল আজি সকলোৰে পৰিচিত দৰং জিলাৰ বৰ্তমানৰ এখন উল্লেখযোগ্য তথা পৱিত্ৰ স্থান খটৰাত। তেতিয়া এই ঠাইখনৰ নাম খটৰা নাছিল।

ঠাইখনত উপস্থিত গোবিন্দ আতৈয়ে ঠাইখন খুব ভাল পালে আৰু তাৰ পৰিৱেশেও তেওঁক মোহিত কৰিলে। সেয়ে সেই ঠাইত তেওঁ সত্ৰ পাতিবলৈ মনস্থ কৰিবলৈ মন মেলিলে। সেয়া আছিল ১৫৬৮ খ্ৰীষ্টাব্দ। এদিন গোবিন্দ আতৈয়ে সেই ঠাইত এক অদ্ভুত দৃশ্য দেখিবলৈ পালে। তেওঁ দেখিলে যে এটা ভেকুলীয়ে এডাল প্ৰকাণ্ড সাপ গিলি আছে। তাকে দেখি আতৈয়ে ঠাইখন পুণ্য স্থান বুলি বিবেচনা কৰি উক্ত ঠাই খণ্ডতে চাকিগছি জ্বলাবলৈ মন স্থিৰ কৰিলে। আৰু তাতেই গোবিন্দ আতৈয়ে তাত ভেটি সাজি কীৰ্তন ঘৰ নিৰ্মাণ কৰিলে। তাকে দেখি সেই অঞ্চলত পূৰ্বৰে পৰা বসবাস কৰা খট নামৰ জাতিটোৰ ৰোষত পৰিল গোবিন্দ আতৈ। নামঘৰ পাতি নাম-কীৰ্তন কৰাত বাধা প্ৰদান কৰিলে সেই ‘খট’সকলে। তেতিয়া আতৈয়ে সেই খটসকলকো শৰণ-ভজন লৈ নাম-কীৰ্তন কৰিবলে আহ্বান জনালে। কিন্তু সেই দুষ্ট প্ৰকৃতিৰ লোকসকলে আতৈৰ কথা কোনোমতে মান্তি নহ’ল আৰু নামঘৰ পাতি নাম-কীৰ্তন কৰাত বাধা দিলে। আতৈৰ মনত বৰ দুখ লাগিল। তথাপি আতৈয়ে আশা এৰি নিদিলে।

মন দৃহ কৰি আতৈ মাধৱদেৱৰ ওচৰলৈ গৈ সকলোবোৰ বিবৰি ক’লে। তেতিয়া গুৰুজনাই আতৈক এটা উপায় দিলে। গুৰুজনাই গোবিন্দ আতৈক অযোধ্যাৰ পৰা ৰামলীলা ভাওনা কৰিবলৈ অনা ৰাম, লক্ষ্মণ, সীতাদেৱী আৰু হনুমানৰ মূৰ্তি চাৰিটা দি ক’লে যে, এই চাৰি মূৰ্তি লৈ যোৱা আৰু সত্ৰত স্থাপন কৰিবা। তেতিয়া গোবিন্দ আতৈ অতি আনন্দিত হ’ল আৰু চাৰি মূৰ্তি আনি তাল-খোল বজাই নাম-কীৰ্তন কৰি সত্ৰৰ মণিকূটত প্ৰতিষ্ঠা কৰিলে। আৰু নিয়মীয়াকৈ আতৈয়ে তাত নাম-কীৰ্তন কৰিবলৈ ধৰিলে। ইয়াৰ লগে লগে এই অঞ্চলটোলৈ অজ্ঞান আন্ধাৰ বিনাসী জ্ঞান সুৰুজে ভুমুকি মাৰিবলৈ আৰম্ভ কৰিলে।

গোবিন্দ আতৈয়ে ৰাম, লক্ষ্মণ, সীতা আৰু হনুমান এই চাৰি মূৰ্তি প্ৰতিষ্ঠা কৰি গীত-নৃত্য, নাম-কীৰ্তন কৰাত তাত বাস কৰা ‘খট’সকলে সাক্ষাৎ ভগৱানকে দেখা যেন অনুভৱ কৰিলে আৰু তিৰ পিছতে সেইসকলৰ মনৰ পৰিৱৰ্তন হ’বলৈ ধৰিলে। যেন শিল গলিবলৈ আৰম্ভ কৰিলে। ‘খট’সকলে ক্ৰমে আতৈৰ আৰু ভকতসকলৰ নাম-কীৰ্তনৰ প্ৰতি আকৰ্ষিত হ’ল। ৰাম, লক্ষ্মণ, সীতা আৰু হনুমানৰ সাক্ষাৎ লাভ কৰা বুলিও ভাবিলে আৰু তেওঁলোকৰ কঠোৰ মন কুমলিল। ইয়াৰ পিছতে খটসকলে তেওঁলোকৰ ভুল বুজিব পাৰিলে আৰু গোবিন্দ আতৈৰ ওচৰত শৰণ ল’লে আৰু মণিকূটত স্থাপন কৰা চাৰিজনা বিগ্ৰহৰ ওচৰত সাস্তাংগে প্ৰণিপাত জনাই তেওঁলোকৰ ভুল হোৱা বুলি স্বীকাৰ কৰি ক্ষমা-প্ৰাৰ্থনা মাগিলে। ইফালে আতৈক এই কথাই অতি আনন্দিত কৰি তুলিলে আৰু তেওঁ চেষ্টা আৰু কষ্ট সফল হোৱাত আনন্দত আত্মহাৰা হ’ল। আনন্দাশ্ৰু বৈ আহিল তেওঁৰ সফলতাত।

তেওঁ খটসকলক আশীৰ্বাদ দিলে। এই ‘খট’সকলৰ অবৈষ্ণৱ স্বভাৱ নাম-কীৰ্তনৰ প্ৰভাৱত ‘হৰণ’ কৰাৰ বাবেই ঠাইখনৰ নাম ‘খটহৰা’ (‘খট-হৰা’) ৰূপে পৰিচিত হ’ল। আৰু ক্ৰমান্বয়ে কালৰ সোঁতত গৈ গৈ ‘খটহৰা’ গুচি ‘খটৰা’ হ’ল। বৰ্তমানো ঠাইখন ‘খটৰা’ বুলিয়েই চিহ্নিত হ’ল। লগতে সত্ৰখনৰো নাম ‘খটৰা সত্ৰ’ বুলিয়েই পৰিচিত হ’ল। তেতিয়াৰে পৰা আজিও এই চাৰি বিগ্ৰহ সত্ৰৰ মণিকূটত বিৰাজমান হৈ আছে। অৱশ্যে মণিকূটৰ বাহিৰত গুৰু আসন প্ৰতিষ্ঠা কৰি আজিও সকলোৱে হৰি নাম-কীৰ্তন কৰি আহিছে। বৰ্তমানো এই সত্ৰত বৈষ্ণৱ, শাক্ত, শূদ্ৰ, বৈশ্য সকলোৱে সমান অধিকাৰেৰে সেৱা-বন্তি জ্বলাই আহিছে। ইয়াত কোনো লোকৰে প্ৰৱেশত বাধা নাই। সকলো সম্প্ৰদায় মিলি এই সত্ৰখনক এক সমন্বয়ৰ ক্ষেত্ৰৰূপে গঢ়ি তুলিছে। গোবিন্দ আতৈয়ে আজিৰ পৰা ৫০০ বছৰ আগতে যি গছি ধৰ্মৰ বন্তি জ্বলাই থৈ গৈছিল সেই বন্তিৰ পোহৰে আজিও সমগ্ৰ অসম পোহৰাই ৰাখিছে। এই অঞ্চলত সেই তেতিয়াৰ পৰাই লোকসকলৰ জ্ঞান চকু মেল খাইছিল গুৰুজনাৰ নাম-কীৰ্তন, নাট-ভাওনাৰ জৰিয়ত।
এই খটৰা সত্ৰৰ আন এক গুৰুত্বপূৰ্ণ তথা মূল কথা হ’ল এই সত্ৰত নাই ‘সত্ৰাধিকাৰ’ৰ কোনো ব্যৱস্থা। অসমৰ সত্ৰাধিকাৰৰ ব্যৱস্থা নথকা একমাত্ৰ সত্ৰখনেই হ’ল খটৰা সত্ৰ। এই সত্ৰখন পৰিচালিত হয় ‘সমূহ’ৰ দ্বাৰা। গোবিন্দ আতৈয়ে নৱ-বৈষ্ণৱ ধৰ্ম প্ৰচাৰ-প্ৰসাৰৰ বাবে স্থানীয় লোকসকলক অধিক গুৰুত্ব দি সত্ৰৰ সকলো কামত আগবঢ়াই নিছিল। সেয়ে সত্ৰখন সকলোৱে নিজৰ বুলি গ্ৰহণ কৰিছিল।

বৰ্তমানেও স্থানীয় ৰাইজ তথা ‘সমূহ’ৰ দ্বাৰা নিৰ্বাচিত এখন কমিটীৰ দ্বাৰা সত্ৰখন পৰিচালিত হৈ আহিছে। এই লেখকৰ পিতৃ মুক্তিযুঁজাৰু প্ৰয়াত গোপীকান্ত মহন্ত প্ৰায় ৪০ বছৰ কাল এই সত্ৰৰ মুৰব্বী অৰ্থাৎ সভাপতি হিচাপে সুচাৰুৰূপে সত্ৰ পৰিচালনা কৰিছিল। আতৈয়ে যে সত্ৰত নাম-কীৰ্তন কৰি অকল ধৰ্ম প্ৰচাৰেই কৰিছিল এনে নহয়, তেওঁ সত্ৰখনক সংস্কৃতিৰ পীঠস্থান হিচাপেও গঢ়ি তুলিছিল। সত্ৰৰ নিয়মীয়া নাম-প্ৰসংগ, বৰগীত, থিয়নাম, ছেও-চাপৰি নাম, খোলবাদন, বৰ নাগাৰা নাম, দধিমথন নৃত্য, ব্যাসৰ ওজা, নটুৱা, অংকীয়া ভাওনা, বোকা ভাওনা, গাঁৰিবাগৰ নৃত্য আদিৰ চৰ্চাৰে খটৰা সত্ৰক সংস্কৃতিৰ বৰভঁৰাললৈ পৰিণত কৰিছিল আতৈয়ে। খটৰা সত্ৰৰ ‘খুলীয়া ভাওনা’ দৰঙী সংস্কৃতিৰ এক মাইলৰ খুঁটি।


আনহাতে, সত্ৰত বিভিন্ন উৎসৱ-পাৰ্বণ নিয়মীয়াকৈ পালন কৰি অহা হৈছে গোবিন্দ আতৈৰ দিনৰে পৰা। সত্ৰৰ জৰিয়তে পালন কৰি অহা উৎসৱসমূহৰ ভিতৰত আটাইতকৈ জনপ্ৰিয় উৎসৱটিৱেই হ’ল ‘পাচেতি’ উৎসৱ। প্ৰতি বছৰে সত্ৰত আহিন মাহৰ দোমাহীত এই উৎসৱ পালন কৰি অহা হৈছে। পাচেতিৰ মূল আকৰ্ষণীয় কাৰ্যসূচী হ’ল দধিমথন। এইবাৰো অতি উলহ-মালহেৰে সত্ৰ প্ৰাংগণত কালিৰে পৰা ‘পাচেতি’ উৎসৱ পালন কৰা হৈছে।

এই উৎসৱত সত্ৰত নাম-কীৰ্তন, দধিমথন ভাওনা আৰু অন্যান্য কাৰ্যসূচীত অসমৰ হাজাৰ হাজাৰ লোকে অংশগ্ৰহণ কৰে। ইয়াৰ সমান্তৰালকৈ পাচেতিৰ কেইদিন এখন বৃহৎ মেলাও বহে সত্ৰ প্ৰাংগণতে। প্ৰতি বছৰে কেইবা লক্ষ লোকৰ সমাগম হয় ‘পাচেতি’ উৎসৱত। মুঠতে সংস্কৃতিৰ আপুৰুগীয়া বৰপেৰা হ’ল এই খটৰা সত্ৰ। বৰ্তমান খটৰা সত্ৰখন জাকত জিলিকা কৰি তোলাত সত্ৰৰ সুগন্ধি দুগুণে বিয়পি পৰিছে। সত্ৰ প্ৰাংগণত এবাৰ থিয় দিয়াৰ পিছত যেন সমষ্ট শোক-তাপ নিৰ্মূল হয় মনৰ পৰা। সেয়ে প্ৰতিদিনে সুখী-দুখী-তাপী সকলোৱেএবাৰ হ’লেও আহে এই সত্ৰলৈ মনৰ প্ৰশস্তি বিচাৰি। চিৰদিন চিৰকাল জিলিকি থাকক খটৰা সত্ৰ অসম আকাশত।

লেখকঃ ভূপেন মহন্ত

লগতে পঢ়কঃ Online trading: প্ৰসংগঃ অনলাইন ট্ৰেডিং! সামাজিক ব্যাধিত পৰিণত হৈ পৰিছে অনলাইন ট্ৰেডিং

eating eggs can make your brain sharper: কণী খালে আপোনাৰ মগজু চোকা হ’ব পাৰে! অধ্যয়নত প্ৰকাশ

কণী
কণী

স্মৃতিশক্তি দুৰ্বল হোৱা বয়স বৃদ্ধিৰ সাধাৰণ এটা কাৰক। বয়স বৃদ্ধিৰ লগে লগে জ্ঞান আৰু মনৰ শক্তি বহুতে হেৰুৱাবলৈ আৰম্ভ কৰে। বেছিভাগ মানুহৰে ক্ষেত্ৰত এনেকুৱা হয়।(eating eggs can make your brain sharper)

অৱশ্যে এটা নতুন গৱেষণাৰ পৰা দেখা গৈছে যে কণী খালে আপোনাৰ মগজু চোকা হ’ব পাৰে। অধ্যয়নটোত কোৱা হৈছে যে বয়সস্থ মহিলাৰ জ্ঞানশক্তিৰ অৱনতি ৰোধ কৰিব পাৰে কণীয়ে। ই আপোনাৰ স্মৃতিশক্তি উন্নত কৰাৰ লগতে মগজুৰ কাৰ্যবাহী কাৰ্য্যকলাপ, যেনে আত্মনিয়ন্ত্ৰণ, নমনীয়তা আৰু দক্ষতাৰ ব্যৱহাৰ উন্নত কৰাত সহায় কৰিব পাৰে। অৱশ্যে এই অধ্যয়নত কণীয়ে মগজুৰ স্বাস্থ্য উন্নত কৰা সন্দৰ্ভত কোনো কথা প্ৰকাশ কৰা নাই।

লগতে পঢ়কঃ Rainy Season: চৰ্দি আৰু কাহেই নহয়, বাৰিষাৰ বতৰে চকু, ছালো অসুস্থ কৰি তুলে; এইদৰে নিজৰ যত্ন লওক
শেহতীয়াকৈ এক অধ্যয়ন অনুসৰি কণী খোৱাৰ ফলত আপোনাৰ জ্ঞানশক্তিৰ অৱনতি নিয়ন্ত্ৰণত ৰখাত সহায়ক হ’ব পাৰে। অধ্যয়নত দেখা গৈছে যে কণী খালে আপোনাৰ মগজু চোকা হ’ব পাৰে। অধ্যয়নটোৰ জৰিয়তে দেখা গ’ল যে বয়স বৃদ্ধিৰ লগে লগে কণী খোৱাৰ ফলত জ্ঞানমূলক প্ৰদৰ্শন উন্নত হয়।

কণী প্ৰটিনৰ সমৃদ্ধ উৎস যিয়ে আপোনাৰ দৈনন্দিন প্ৰয়োজনীয়তা সহজে পূৰণ কৰাত সহায় কৰিব পাৰে। ইয়াত প্ৰচুৰ পৰিমাণে ভিটামিন আৰু খনিজ পদাৰ্থ থাকে। প্ৰটিনৰ উপৰিও ই আপোনাৰ চকুৰ স্বাস্থ্যৰ বাবেও উপকাৰী। কাৰণ কণীত লুটিন আৰু জিএক্সান্থিন থাকে, যিয়ে চকুৰ ৰেটিনাত প্ৰভাৱ পেলায়। এইবোৰৰ উপৰিও ওজন কমাবলৈ কণী খাব পাৰে।

দিনটোত এটা বা দুটা কণী খাব পাৰে। অৰ্থাৎ এসপ্তাহত ৭টা কণী খাব পাৰিব। অৱশ্যে ইয়াৰ লগতে আপুনি সুষম খাদ্যও খাব লাগিব। কণীত কলেষ্টেৰল বেছি থাকে। এটা কণীত ২০০ কলেষ্টেৰল থাকে, গতিকে খোৱাৰ আগতে এই কথা মনত ৰাখিব। কলেষ্টেৰলৰ পৰা হাত সাৰিবলৈ বগা অংশটোহে খাব পাৰে। কণীৰ বগা অংশত প্ৰটিন আৰু শূন্য চৰ্বি থাকে। ইয়াৰ হালধীয়া অংশত কলেষ্টেৰল আৰু চৰ্বি থাকে।

আপুনি প্ৰতিদিনে কণী খাব পাৰে, কিন্তু বেছি নহয়। কিন্তু যদি আপোনাৰ কলেষ্টেৰল বা হৃদযন্ত্ৰৰ লগত জড়িত কোনো ৰোগ আছে তেন্তে আপুনি দৈনিক কণী খোৱাৰ পৰা বিৰত থাকিব।
লগতে পঢ়কঃ How Often Should You Wash Your Hair With Shampoo:সপ্তাহত শ্বেম্পুৰে কেইবাৰ চুলি ধুব লাগে? জানি লওক

Atishi Marlena Speech: দিল্লীৰ মুখ্যমন্ত্ৰী হৈ প্ৰথমে কি ক’লে আতিশী মাৰ্লেনাই

আতিশী মাৰ্লেনা
আতিশী মাৰ্লেনা

দিল্লীৰ নতুন মুখ্যমন্ত্ৰী আতিশী মাৰ্লেনাই তেওঁক অভিনন্দন বা মালা নিপিন্ধাবলৈ ৰাইজক আহ্বান জনাইছে। নতুন মুখ্যমন্ত্ৰী আতিশীয়ে কয় যে দিল্লীৰ মুখ্যমন্ত্ৰী এজনহে আছে আৰু তেওঁৰ নাম অৰবিন্দ কেজৰিৱাল। বিগত দুবছৰে বিজেপিয়ে তেওঁক হাৰাশাস্তি কৰাৰ লগতে তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচনা কৰিছিল যদিও সেই প্ৰভাৱ তেওঁৰ গাত পৰা নাই। এনে এজন সৎ ব্যক্তিৰ বিৰুদ্ধে বিজেপিয়ে দুৰ্নীতিৰ ভুৱা অভিযোগ উত্থাপন কৰি গোচৰ ৰুজু কৰি ছমাহ কাৰাগাৰত ৰাখিলে।(Delhi New CM Atishi marlena 1st Speech)

উচ্চতম ন্যায়ালয়ৰ পৰা জামিন পোৱাৰ পিছতো তেওঁ পদত্যাগ কৰি জনসাধাৰণৰ আদালতলৈ যোৱাৰ সিদ্ধান্ত লোৱা বুলি উল্লেখ কৰি দিল্লীৰ ৰাইজে সৎ বুলি ক’লেহে মুখ্যমন্ত্ৰীৰ চকীত বহিব বুলি কয়। ইতিহাসত এনে ত্যাগ আমি বিচাৰি নাপাম। তেওঁৰ পদত্যাগৰ বাবে দিল্লীৰ জনসাধাৰণে মৰ্মাহত হৈ নিজৰ পুত্ৰক অতি সোনকালে পুনৰ মুখ্যমন্ত্ৰী হিচাপে চাব বিচাৰিছে। দিল্লীৰ নতুন মুখ্যমন্ত্ৰী হৈ দিল্লীবাসীৰ আঘত এইদৰে মন্তব্য ৰাখে মুখ্যমন্ত্ৰী আতিশী মাৰ্লেনাই।

আতিশিয়ে কয় যে অৰবিন্দ কেজৰিৱালে মোক ইমান বিশ্বাস কৰাৰ বাবে মই সুখী, কিন্তু আজি মোৰ মনত সুখতকৈ দুখ বেছি। দুখৰ কাৰণ দিল্লীৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী আৰু মোৰ জ্যেষ্ঠ ভাই অৰবিন্দ কেজৰিৱালে আজি পদত্যাগ কৰিছে। আজি আম আদমি পাৰ্টিৰ সকলো বিধায়ক আৰু দিল্লীৰ দুই কোটি জনতাৰ হৈ ক’ব বিচাৰিছোঁ যে দিল্লীৰ এজনে মুখ্যমন্ত্ৰী আৰু তেওঁৰ নাম অৰবিন্দ কেজৰিৱাল। বিগত দুবছৰ ধৰি অৰবিন্দ কেজৰিৱালক হাৰাশাস্তি কৰি তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচনা কৰিছিল বিজেপিয়ে। আই আৰ এছৰ চাকৰি এৰিব পৰা এজন ব্যক্তি, নতুন ৰাজনৈতিক দলৰ পৰা প্ৰথমবাৰৰ বাবে নিৰ্বাচন প্ৰতিদ্বন্দ্বিতা কৰি মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰিব পৰা ব্যক্তি, এনে এজন সৎ ব্যক্তিৰ বিৰুদ্ধে বিজেপিয়ে তেওঁক দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিছিল, মিছা আৰু ভুৱা দাখিল কৰিছিল গোচৰ। ইডি-চিবিআইৰ দৰে এজেন্সীক পিছ পেলাই দিলে। মিছা গোচৰত ৬ মাহ জেলত ৰখা হৈছিল। অৱশেষত উচ্চতম ন্যায়ালয়ে তেওঁক জামিন মঞ্জুৰ কৰে।(arvind kejriwal)

আতিশীয়ে কয় যে উচ্চতম ন্যায়ালয়ে কেৱল অৰবিন্দ কেজৰিৱালক জামিন প্ৰদান কৰাই নহয়, আদালতে কেন্দ্ৰীয় বিজেপি চৰকাৰ আৰু ইয়াৰ সংস্থাসমূহক চৰ মাৰিছে। কেন্দ্রীয় চৰকাৰৰ এজেন্সীসমূহ পিঞ্জৰাত বন্দী কপৌৰ দৰে আৰু অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰাটো ভুল বুলি উল্লেখ কৰে আদালতে৷ অৰবিন্দ কেজৰিৱালৰ ঠাইত যদি আন কোনো মুখ্যমন্ত্ৰী বা নেতা থাকিলহেঁতেন তেন্তে মুখ্যমন্ত্ৰীৰ চকীত বহিবলৈ তেওঁ দুমিনিটৰ বাবেও চিন্তা নকৰিলেহেঁতেন, কিন্তু অৰবিন্দ কেজৰিৱালে যি কৰিলে সেয়া দেশৰ ইতিহাসত বা সমগ্ৰ বিশ্বৰ ইতিহাসত কেতিয়াও হোৱা নাই। অৰবিন্দ কেজৰিৱালে কয় যে উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্ত তেওঁৰ বাবে যথেষ্ট নহয়, তেওঁ ৰাইজ আদালতলৈ যাব আৰু যেতিয়া দিল্লীৰ ৰাইজে তেওঁক ক’ব যে তেওঁলোকে অৰবিন্দ কেজৰিৱালক মুখ্যমন্ত্ৰী হিচাপে চাব বিচাৰে আৰু যেতিয়া জনসাধাৰণে ক’ব যে তেওঁলোকে কেজৰিৱালক বিশ্বাস কৰে সৎ হ’লেহে মুখ্যমন্ত্ৰীৰ চকীত বহিব। অৰবিন্দ কেজৰিৱালে দেশৰ সন্মুখত ৰখা গণতন্ত্ৰৰ ইতিহাসত এনে ত্যাগৰ কোনো উদাহৰণ আমি বিচাৰি পাম বুলি মই নাভাবো।

আতিশীয়ে কয় যে অৰবিন্দ কেজৰিৱালৰ পদত্যাগৰ বাবে সমগ্ৰ দিল্লীৰ জনসাধাৰণ দুখী। সোমবাৰে সন্ধিয়া কেজৰিৱালে পদত্যাগ কৰাৰ খবৰ পাই কান্দিবলৈ ধৰিলে এগৰাকী বৃদ্ধা। তেওঁ কয় যে কেজৰিৱাল তেওঁৰ পুত্ৰৰ দৰেই, বিজেপিৰ মানুহে তেওঁক বহুত হাৰাশাস্তি কৰিছিল, তেওঁৰ বিৰুদ্ধে মিছা অভিযোগ উত্থাপন কৰিছিল। বৃদ্ধাগৰাকীয়ে কয় যে তেওঁ ঘৰে ঘৰে গৈ মানুহক ক’ব যে তেওঁ নিজৰ পুত্ৰক মুখ্যমন্ত্ৰী বনাব বিচাৰে। আজি সকলো দিল্লীৰ জনসাধাৰণৰ খং উঠিছে। বিজেপিৰ ষড়যন্ত্ৰক লৈ তেওঁ অতিশয় ক্ষুব্ধ হৈ পুত্ৰ অৰবিন্দ কেজৰিৱালক পুনৰ দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে চাব বিচাৰে বুলি কয়।

দিল্লীৰ মুখ্যমন্ত্ৰী হৈ এইদৰে দিল্লীবাসীৰ সন্মুখত প্ৰথম প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আতিশী মাৰ্লেনাই।

Dhing Minor Rape Case: ধিং কাণ্ডৰ অভিযুক্ত তফাজ্জুলৰ মৃত্যুক লৈ বিৰোধী দলপতি দেৱব্রত শইকীয়াৰ প্ৰতিক্ৰিয়া

Rainy Season: চৰ্দি আৰু কাহেই নহয়, বাৰিষাৰ বতৰে চকু, ছালো অসুস্থ কৰি তুলে; এইদৰে নিজৰ যত্ন লওক

বাৰিষাৰ বতৰে চকু, ছাল অসুস্থ কৰি তুলে
বাৰিষাৰ বতৰে চকু, ছাল অসুস্থ কৰি তুলে

বৰষুণৰ বতৰত অধিক আৰ্দ্ৰতাৰ বাবে বহু ৰোগৰ সৃষ্টি হয়। এনে পৰিস্থিতিত আমি আমাৰ শৰীৰৰ বিশেষকৈ চকু আৰু ছালৰ যত্নৰ প্ৰতি বিশেষ গুৰুত্ব দিয়াটো জৰুৰী। এফালে বাৰিষাৰ বতৰে সকাহ আৰু শান্তি কঢ়িয়াই অনাৰ বিপৰীতে আনফালে বহু স্বাস্থ্যজনিত সমস্যাও কঢ়িয়াই আনে। চৰ্দি, কাহ আৰু জ্বৰৰ দৰে সাধাৰণ লক্ষণৰ লগতে এই বতৰত চকু আৰু ছালৰো ক্ষতি হ’ব পাৰে।(not only cold and cough rainy season is making eyes and skin sick too)

এই ঋতুত কেনেধৰণৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে আৰু আমি কেনেকৈ ইয়াৰ পৰা হাত সাৰিব পাৰো জানো আহক-

১/ চকুৰ সমস্যা
বাৰিষা কালত চকুৰ ৰোগৰ আশংকা বৃদ্ধি পায়। অধিক আৰ্দ্ৰতা, প্ৰদূষিত পানী আৰু আৰ্দ্ৰতাৰ বাবে বেক্টেৰিয়া আৰু ভাইৰাছৰ সংক্ৰমণৰ সম্ভাৱনা অধিক। চকুত জ্বলা-পোৰা, ৰঙা পৰা, খজুৱতি আৰু সংক্ৰমণৰ দৰে সমস্যা হ’ব পাৰে। ইয়াৰ উপৰিও বৰষুণৰ পানী প্ৰায়ে লেতেৰা হয়, যাৰ ফলত চকুৰ সংক্ৰমণৰ সম্ভাৱনা আৰু অধিক বৃদ্ধি পায়।

প্ৰতিৰোধমূলক ব্যৱস্থা:

  • বৰষুণত বাহিৰলৈ ওলাই যোৱাৰ সময়ত চকুৰ সুৰক্ষাৰ বাবে ছানগ্লাছ পিন্ধিব লাগে।
  • চকুত বিষ বা সংক্ৰমণ অনুভৱ কৰিলে লগে লগে পৰিষ্কাৰ পানীৰে চকু ধুব লাগে।
  • হাত দুখন ভালদৰে ধুই চকু স্পৰ্শ কৰিব।
  • যিকোনো ধৰণৰ ঔষধ বা চকুৰ টোপাল ব্যৱহাৰ কৰাৰ আগতে চিকিৎসকৰ পৰামৰ্শ লওক।

২/ ছালৰ সমস্যা
বাৰিষা কালত ছালৰ সমস্যাও যথেষ্ট সাধাৰণ হৈ পৰে। আৰ্দ্ৰতাৰ বাবে ছালত ভেঁকুৰৰ সংক্ৰমণ, একজিমা আৰু খজুৱতি আদি সমস্যাৰ সৃষ্টি হ’ব পাৰে। ইয়াৰ উপৰিও মলি আৰু বেক্টেৰিয়াই ছালত পিম্পল আৰু এলাৰ্জীৰ সৃষ্টি কৰিব পাৰে। বৰষুণৰ পানীত থকা প্ৰদূষক পদাৰ্থই ছালৰ পৰা আৰ্দ্ৰতা কাঢ়ি লৈ ​​যায়, যাৰ ফলত ছালখন শুকান আৰু নিৰ্জীৱ হৈ পৰে।

প্ৰতিৰোধমূলক ব্যৱস্থা

  • এই বতৰত সদায় পাতল আৰু কপাহী কাপোৰ পিন্ধিব লাগে যাতে ছালে উশাহ লোৱাৰ সুযোগ পায়।
  • তিতা কাপোৰ পিন্ধাৰ পৰা বিৰত থাকক, ইয়াৰ ফলত ছালত ভেঁকুৰৰ সংক্ৰমণৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে।
  • গা ধোৱাৰ পিছত মইশ্ব’ৰাইজাৰ ব্যৱহাৰ কৰিব লাগে যাতে ছাল আৰ্দ্ৰ হৈ থাকে।
  • বিশেষকৈ ঘামৰ ফলত বেছি প্ৰভাৱিত হোৱা অংশত এন্টি ফাংগেল পাউদাৰ বা ক্ৰীম ব্যৱহাৰ কৰিব পাৰি।

৩) চৰ্দি, কাহ আৰু ফ্লুৰ আশংকা
বাৰিষাৰ সময়ত চৰ্দি, কাহ, ফ্লুৰ দৰে সমস্যা সাধাৰণ হৈ পৰে। পৰিৱৰ্তিত বতৰ আৰু ঠাণ্ডা বতাহৰ বাবে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হৈ পৰিব পাৰে, যাৰ বাবে ভাইৰাছৰ সংক্ৰমণৰ আশংকা বৃদ্ধি পায়।

প্ৰতিৰোধমূলক ব্যৱস্থা

  • শৰীৰটো গৰম আৰু শুকান কৰি ৰাখক। বৰষুণত তিতিলে কাপোৰ সলনি কৰিব লাগে।
  • ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰিবলৈ স্বাস্থ্যসন্মত আৰু পুষ্টিকৰ খাদ্য গ্ৰহণ কৰক।
  • ভিটামিন চি সমৃদ্ধ বস্তু যেনে নেমু, কমলা আৰু আমলখি খাব।
  • চৰ্দি আৰু কাহৰ লক্ষণ দেখা দিলে লগে লগে ঘৰুৱা ঔষধ যেনে তুলসী, আদা, মৌ খাব।

Delhi CM: অৰবিন্দ কেজৰিৱালে কিয় আতিশীক দিল্লীৰ নতুন মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰিলে

আতিশী
আতিশী
দিল্লীৰ শিক্ষামন্ত্ৰী আতিশী এতিয়া দিল্লীৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ’ব। আজি তেওঁ বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত হয়। অৱশ্যে এই সিদ্ধান্তত আটাইতকৈ ডাঙৰ ভূমিকা পালন কৰিছিল মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। আম আদমি পাৰ্টিৰ অন্যতম প্ৰতিষ্ঠাপক সদস্য আতিশী। ২০১৩ চনত আম আদমী পাৰ্টিয়ে যেতিয়া প্ৰথম ইস্তাহাৰৰ খচৰা প্ৰকাশ কৰিছিল, তেতিয়া আতিশিকো তাত স্থান দিয়া হৈছিল।(why Arvind Kejriwal picks Atishi as new Delhi CM) বৰ্তমানৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে সন্ধিয়া পদত্যাগ কৰাৰ পূৰ্বে আতিশীক উত্তৰাধিকাৰী হিচাপে বাছি লৈছিল। ইয়াৰ বাবে বিধায়িনী দলৰ এখন সভা আহ্বান কৰি কেজৰিৱালে আতিশীৰ নাম প্ৰস্তাৱ কৰে। সকলোৱে তেওঁৰ কথাত সমৰ্থন কৰিছিল।

দিল্লীবাসীয়ে সুষমা স্বৰাজ আৰু শীলা দীক্ষিতৰ পিছত তৃতীয়গৰাকী মহিলা মুখ্যমন্ত্ৰী পাব। কেজৰিৱালে জামিনত জেলৰ পৰা ওলাই অহাৰ পাছতে পদত্যাগৰ কথা ঘোষণা কৰিছিল। আজি বিয়লি অৰবিন্দ কেজৰিৱালে ৰাষ্ট্ৰপতিৰ হাতত দাখিল কৰিব পদত্যাগ পত্ৰ।(AAP)

আতিশী দিল্লী চৰকাৰৰ আটাইতকৈ শক্তিশালী মন্ত্ৰী। কেজৰিৱাল আৰু তেওঁৰ ছিছ’দিয়া জেললৈ যোৱাৰ পিছত তেওঁ পূৰ্ণ শক্তিৰে দলৰ দায়িত্ব ল’লে। আতিশীৰ বয়স হৈছে ৪৩ বছৰ।(Atishi Marlena Singh)

দিল্লীত এগৰাকী এজন সফল মন্ত্ৰী হিচাপে স্বীকৃতি লাভ কৰিছে আতিশীয়ে। বৰ্তমান আতিশিয়ে ১০টাতকৈও অধিক মন্ত্ৰালয়ৰ দায়িত্ব চোৱাচিতা কৰি আছে। এতিয়া স্পষ্ট হৈ পৰিছে যে আগন্তুক নিৰ্বাচনলৈকে তেওঁ দিল্লীৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব ল’ব।

দেওবাৰে কেজৰিৱালে মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰাৰ সিদ্ধান্ত ঘোষণা কৰিছিল। তেওঁ কৈছিল যে তেওঁ মুখ্যমন্ত্ৰীৰ চকীত বহিব যেতিয়া মানুহে তেওঁক ‘সততাৰ প্ৰমাণ পত্ৰ’ দিব। আতিশী দল আৰু চৰকাৰৰ মূল মুখ আৰু বিত্ত, শিক্ষা আৰু পি ডব্লিউ ডি (ৰাজহুৱা কাম বিভাগ)কে ধৰি বহু বিভাগ চম্ভালি আছে।

১৯৮১ চনৰ ৮ জুনত জন্মগ্ৰহণ কৰা আতিশীয়ে দিল্লীৰ স্প্ৰিংডেল স্কুলৰ পৰা অধ্যয়ন কৰিছিল। ছেইণ্ট ষ্টিফেন কলেজৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰিছিল তেওঁ। ইয়াৰ পিছত তেওঁ চিভেনিং বৃত্তিৰে অক্সফৰ্ড বিশ্ববিদ্যালয়ত অধ্যয়ন কৰে। তাতেই তেওঁ দ্বিতীয় স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।

Gauhati HC on Dhing rape case: ধিং কাণ্ডৰ অভিযুক্ত তফাজ্জুলৰ মৃত্যুক লৈ ন্যায়ালয়ৰ কঠোৰ স্থিতি; চৰকাৰক শপতনামা দাখিলৰ নিৰ্দেশ

Gauhati HC on Dhing rape case Gauhati High Court Issues Notices To Assam Govt For Custodial Death Of Rape-Accused
Gauhati HC on Dhing rape case: ধিং কাণ্ডৰ অভিযুক্ত তফাজ্জুলৰ মৃত্যুক লৈ ন্যায়ালয়ৰ কঠোৰ স্থিতি; চৰকাৰক শপতনামা দাখিলৰ নিৰ্দেশ

গুৱাহাটী, ১৭ ছেপ্টেম্বৰ : সমগ্ৰ ৰাজ্যজুৰি চৰ্চিত ধিঙৰ কিশোৰী ধৰ্ষণকাণ্ডৰ(Dhing rape case) অভিযোগত গ্ৰেপ্তাৰ হোৱা তফাজ্জুল হুছেইনৰ মৃত্যুক লৈ সোমবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ত এক গুৰুত্বপূৰ্ণ শুনানি গ্ৰহণ কৰা হয় (Gauhati HC on Dhing rape case)৷ মৃত তফাজ্জুল হুছেইন আৰু ধৰ্ষণৰ মূল অভিযুক্ত তফাজ্জুল হুছেইন- এই দুজন ভিন্ন ব্যক্তি বুলি মৃত তফাজ্জুলৰ পৰিয়ালে আদালত অভিযোগ দাখিল কৰাৰ সন্দৰ্ভত মহামান্য ন্যায়ালয়ে অসম চৰকাৰ আৰু অসম আৰক্ষীৰ পৰা ইয়াৰ স্পষ্টতা বিচাৰি এক নিৰ্দেশনা জাৰি কৰিছে । লগতে মৃত তফাজ্জুল হুছেইনৰ মৰণোত্তৰ পৰীক্ষাকে আদি কৰি গ্ৰেপ্তাৰৰ সন্দৰ্ভত সকলো নথি-পত্ৰ আদালতত দাখিল কৰাৰ বাবে সোমবাৰে অসম চৰকাৰৰ গৃহ বিভাগক নিৰ্দেশ দিয়ে ।

উল্লেখ্য যে, ধিঙৰ ধৰ্ষণকাণ্ডৰ অভিযোগত তফাজ্জুল হুছেইনক গ্ৰেপ্তাৰ কৰা হৈছিল । আৰক্ষীৰ মতে, আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰি পুখুৰীত জাপ দিয়াৰ ফলত তফাজ্জুলৰ মৃত্যু হৈছিল ৷ এই ঘটনাক মানি লব নোৱাৰি মৃতকৰ পৰিয়ালৰ লোকে আৰক্ষীৰ জিম্মাতহে তফাজ্জুলৰ মৃত্যু হোৱা বুলি উল্লেখ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ত তৰিছিল এটা গোচৰ ৷গোচৰটোত পৰিয়ালৰ লোকে অভিযোগ কৰা‌ মতে, মৃত তফাজ্জুলৰ শৰীৰত আছিল আঘাতৰ চিন ৷ চিন আছিল হাত বন্ধাৰো ।

পৰিয়ালৰ লোকে ন্যায়ালয়ত দাখিল কৰা গোচৰটোত উল্লেখ কৰা‌ মতে, তফাজ্জুলৰ মৃতদেহৰ‌ কোনো মৰণোত্তৰ‌ পৰীক্ষাৰ প্ৰতিবেদন পৰিয়ালৰ হাতত দিয়া নাই । লগতে মৃত তফাজ্জুল আৰু ধৰ্ষণত অভিযুক্ত তফাজ্জুল দুজন ভিন্ন ব্যক্তি বুলি মৃতকৰ পৰিয়ালে অভিযোগ দিছে ৷ এই সন্দৰ্ভত সোমবাৰে ন্যায়ালয়ে শুনানি গ্ৰহণ কৰে ৷

গোচৰটোৰ শুনানিৰ অন্তত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা জুনাইদ খালিদে কয়, ‘‘ মৃত তফাজ্জুলৰ 74 বছৰীয়া পিতৃ আব্দুল আৱালে তেওঁৰ পুত্ৰৰ মৃত্যুৰ বাবে জিম্মাগত ক্ষতিপূৰণ আৰু ন্যায়িক তদন্তৰ বাবে আদালতত এখন আবেদন দাখিল কৰিছিল ।এই আবেদনৰ ভিত্তিত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মানস ৰঞ্জন পাঠক আৰু ন্যায়ধীশ সৌমিত্ৰা শইকীয়াৰ দুজনীয়া খণ্ড বিচাৰপীঠে ধিং ঘটনাৰ সৈতে সম্পৰ্কিত তফাজ্জুল হুছেইনৰ ধিং আৰক্ষীৰ জিম্মাত মৃত্যুৰ সন্দৰ্ভত ডব্লিউ পি চি নং 4662/2024 ৰ অধীনত অসম চৰকাৰক এক জাননী জাৰি কৰিছে ৷লগতে এই সন্দৰ্ভত সকলো তথ্য শপতনামা আকাৰে অহা 4 নৱেম্বৰত আদালতত জমা দিয়াৰ বাবে নিৰ্দেশ দিয়া হৈছে ।’’

PM Narendra Modi birthday 2024: আজি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ওপজা দিন

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ওপজা দিন
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ওপজা দিন

আজি দেশ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ওপজা দিন। আজি ৭৪ বছৰ সম্পূৰ্ণ হ’ল দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ। মোদীৰ জন্মদিন উপলক্ষে আজি বিজেপিয়ে আৰম্ভ কৰিছে স্বচ্ছতা পাখোৱাড়া কাৰ্যসূচী। (Today is prime minister Narendra Modi’s birthday)২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ ফলাফলৰ পিছত একেৰাহে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিছে নৰেন্দ্ৰ মোদীয়ে। পণ্ডিত নেহৰুৰ পিছত এই কৃতিত্ব অৰ্জন কৰা প্ৰথমজন নেতা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ১৯৬২ চনৰ পিছত প্ৰথমবাৰৰ বাবে চৰকাৰৰ দুটা কাৰ্যকাল সম্পূৰ্ণ কৰি তৃতীয়বাৰৰ বাবে পুনৰ ক্ষমতালৈ আহিছে মোদী।

৭৪ সংখ্যক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনত আৰম্ভ হৈছে উপহাৰৰ নিলাম প্ৰক্ৰিয়া।(Auction)আজিৰে পৰা আৰম্ভ তেওঁৰ শ শ উপহাৰৰ নিলাম প্ৰক্ৰিয়া। ইয়াৰ ভিতৰত আছে ৬০০ টকাৰ পৰা প্ৰায় ৯ লাখ টকালৈকে উপহাৰ।ৰাম মন্দিৰৰ প্ৰতিৰূপ, ৰূপালী বীনা, পেৰালিম্পিক পদক বিজয়ীসকলৰ জোতাকে ধৰি প্ৰধানমন্ত্ৰীয়ে লাভ কৰা বহু উপহাৰ আৰু স্মৃতিগ্ৰন্থৰ নিলাম প্ৰক্ৰিয়া আজিৰে পৰা আৰম্ভ হৈছে।(Auction Of PM Modi’s Gifts Starts Today)

এইবাৰ বিগত এবছৰত প্ৰধানমন্ত্ৰী মোদীয়ে উপহাৰ হিচাপে লাভ কৰা প্ৰায় ৬০০ সামগ্ৰী নিলাম কৰা হ’ব। যিবোৰ বস্তুৰ ভিত্তি মূল্য সৰ্বাধিক ৰখা হৈছে সেইবোৰৰ ভিতৰত আছে পেৰালিম্পিক ব্ৰঞ্জৰ পদক বিজয়ী নিত্য শ্ৰী শিৱন আৰু সুকান্ত কদমৰ বেডমিণ্টন ৰেকেট, আৰু ৰূপৰ পদক বিজয়ী যোগেশ খাতুনিয়াৰ ‘ডিস্কাছ’। তেওঁলোকৰ ভিত্তি মূল্য প্ৰায় ৫.৫০ লাখ টকা নিৰ্ধাৰণ কৰা হৈছে।

পেৰালিম্পিকৰ ব্ৰঞ্জৰ পদক বিজয়ী অজিত সিং, ছিমৰন শৰ্মা আৰু ৰূপৰ পদক বিজয়ী নিশাদ কুমাৰে উপহাৰ দিয়া জোতাৰ উপৰিও ৰূপৰ পদক বিজয়ী শৰদ কুমাৰে স্বাক্ষৰ কৰা টুপিৰ ভিত্তি মূল্য প্ৰায় ২.৮৬ লাখ টকা ৰখা হৈছে।

৫.৫০ লাখ টকাৰ ৰাম মন্দিৰৰ প্ৰতিৰূপ, ৩.৩০ লাখ টকাৰ ময়ুৰৰ মূৰ্তি, ২.৭৬ লাখ টকাৰ ৰাম দৰবাৰৰ প্ৰতিমূৰ্তি আৰু ১.৬৫ লাখ টকাৰ ৰূপালী বীনা আদিৰ ভিতৰত আছে।

আটাইতকৈ কম ভিত্তি মূল্যৰ উপহাৰৰ ভিতৰত আছে কপাহী অংগবস্ত্ৰ, কেপ আৰু চাদৰ, যাৰ মূল্য ৬০০ টকা। ১৭ ছেপ্টেম্বৰৰ পৰা প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিনৰ পৰা আৰম্ভ হৈছে আৰু ২ অক্টোবৰত সমাপ্ত হ’ব এই নিলাম।

Priyanka Chopra:পতিৰ জন্মদিনত কি উপহাৰ দিলে অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাই? উপহাৰ দেখিলে হ’ব আচৰিত

পতিৰ জন্মদিনত কি উপহাৰ দিলে অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাই
পতিৰ জন্মদিনত কি উপহাৰ দিলে অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাই

বলীউডৰ পৰা হলিউডলৈকে সকলোতে নিজৰ নাম অৰ্জন কৰা প্ৰিয়ংকা চোপ্ৰা আৰু নিক জোনাছক ছবি উদ্যোগৰ শক্তিশালী দম্পতী বুলি অভিহিত কৰা হয়। দুয়োৰে মাজত প্ৰায় ১০ বছৰৰ বয়সৰ পাৰ্থক্য আছে। প্ৰিয়ংকা নিকতকৈ ১০ বছৰ ডাঙৰ। তথাপিও দুয়োৰে মাজত থকা কেমেষ্ট্ৰী অনুৰাগীয়ে অতি ভাল পায়। (priyanka chopra birthday gift to husband nick jonas)শেহতীয়াকৈ নিকে ৩২ সংখ্যক জন্মদিন উদযাপন কৰে আৰু এই বিশেষ অনুষ্ঠানত প্ৰিয়ংকাই ছ’চিয়েল মিডিয়াত এটা মৰমলগা পোষ্ট শ্বেয়াৰ কৰে।

পোষ্টটোত তেওঁ নিকৰ প্ৰতি থকা প্ৰেম প্ৰকাশ কৰে। কন্যা মালতী মেৰীৰ সৈতে স্বামী নিকৰ কনচাৰ্টতো অংশ লৈছিল প্ৰিয়ংকাই। যিটো তেওঁৰ বাবে আছিল অতি বিশেষ। আচলতে জন্মদিনৰ বিশেষ উপলক্ষে নিক জ’নাছক এটা কনচাৰ্টত দেখা গৈছিল, য’ত প্ৰিয়ংকা চোপ্ৰা আৰু তেওঁৰ কন্যা মালতী মেৰীও অংশগ্ৰহণ কৰিছিল। প্ৰিয়ংকাই নিজৰ ইনষ্টাগ্ৰামত এই অনুষ্ঠানৰ কিছু ছবি আৰু এটা ভিডিঅ’ শ্বেয়াৰ কৰে। প্ৰথম ফটোখনত প্ৰিয়ংকা, নিক আৰু তেওঁলোকৰ মৰমলগা কন্যা মালতীক দেখা গৈছে। ফটোখন চাওক-

ফটোখনত মালতীয়ে প্ৰিয়ংকা আৰু নিকক সাৱটি ধৰা দেখা গৈছে। দ্বিতীয়খন ফটোত প্ৰিয়ংকাই জীয়েকক কোলাত লৈ আছে, তৃতীয়খন ফটোত নিক মালতীক কোলাত ধৰি আছে। প্ৰিয়ংকাই এটা ভিডিঅ’টোৰ সৈতে এটা মৰমলগা কেপচনো লিখিছিল, ‘শ্ৰেষ্ঠ স্বামী আৰু পিতৃৰ জন্মদিনৰ শুভেচ্ছা।’

অভিনেত্ৰীগৰাকীয়ে আৰু লিখিছে, ‘আপুনি আমাৰ সপোন পূৰণ কৰে… প্ৰতিদিনে… আমি তোমাক ভাল পাওঁ’। প্ৰিয়ংকাৰ এই মৰমলগা পোষ্টটোত তেওঁৰ অনুৰাগীসকলেও তিনিওজনৰ প্ৰতি মৰম প্ৰকাশ কৰিছে। লগতে নিকক জন্মদিনৰ শুভেচ্ছা জনাইছো।

প্ৰিয়ংকা চোপ্ৰা আৰু নিক জোনাছে ২০১৬ চনৰ পৰাই প্ৰেমৰ সম্পৰ্কত আছিল। দুয়োৰে দুবছৰ ডেটিঙৰ অন্তত ২০১৮ চনত পৰম্পৰাগত ৰীতি-নীতিৰে বিবাহপাশত আবদ্ধ হয়। ২০২২ চনত তেওঁলোকৰ এগৰাকী কন্যা সন্তান জন্ম হয়।