Home Blog Page 568

Priyanka Chopra:পতিৰ জন্মদিনত কি উপহাৰ দিলে অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাই? উপহাৰ দেখিলে হ’ব আচৰিত

পতিৰ জন্মদিনত কি উপহাৰ দিলে অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাই
পতিৰ জন্মদিনত কি উপহাৰ দিলে অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাই

বলীউডৰ পৰা হলিউডলৈকে সকলোতে নিজৰ নাম অৰ্জন কৰা প্ৰিয়ংকা চোপ্ৰা আৰু নিক জোনাছক ছবি উদ্যোগৰ শক্তিশালী দম্পতী বুলি অভিহিত কৰা হয়। দুয়োৰে মাজত প্ৰায় ১০ বছৰৰ বয়সৰ পাৰ্থক্য আছে। প্ৰিয়ংকা নিকতকৈ ১০ বছৰ ডাঙৰ। তথাপিও দুয়োৰে মাজত থকা কেমেষ্ট্ৰী অনুৰাগীয়ে অতি ভাল পায়। (priyanka chopra birthday gift to husband nick jonas)শেহতীয়াকৈ নিকে ৩২ সংখ্যক জন্মদিন উদযাপন কৰে আৰু এই বিশেষ অনুষ্ঠানত প্ৰিয়ংকাই ছ’চিয়েল মিডিয়াত এটা মৰমলগা পোষ্ট শ্বেয়াৰ কৰে।

পোষ্টটোত তেওঁ নিকৰ প্ৰতি থকা প্ৰেম প্ৰকাশ কৰে। কন্যা মালতী মেৰীৰ সৈতে স্বামী নিকৰ কনচাৰ্টতো অংশ লৈছিল প্ৰিয়ংকাই। যিটো তেওঁৰ বাবে আছিল অতি বিশেষ। আচলতে জন্মদিনৰ বিশেষ উপলক্ষে নিক জ’নাছক এটা কনচাৰ্টত দেখা গৈছিল, য’ত প্ৰিয়ংকা চোপ্ৰা আৰু তেওঁৰ কন্যা মালতী মেৰীও অংশগ্ৰহণ কৰিছিল। প্ৰিয়ংকাই নিজৰ ইনষ্টাগ্ৰামত এই অনুষ্ঠানৰ কিছু ছবি আৰু এটা ভিডিঅ’ শ্বেয়াৰ কৰে। প্ৰথম ফটোখনত প্ৰিয়ংকা, নিক আৰু তেওঁলোকৰ মৰমলগা কন্যা মালতীক দেখা গৈছে। ফটোখন চাওক-

ফটোখনত মালতীয়ে প্ৰিয়ংকা আৰু নিকক সাৱটি ধৰা দেখা গৈছে। দ্বিতীয়খন ফটোত প্ৰিয়ংকাই জীয়েকক কোলাত লৈ আছে, তৃতীয়খন ফটোত নিক মালতীক কোলাত ধৰি আছে। প্ৰিয়ংকাই এটা ভিডিঅ’টোৰ সৈতে এটা মৰমলগা কেপচনো লিখিছিল, ‘শ্ৰেষ্ঠ স্বামী আৰু পিতৃৰ জন্মদিনৰ শুভেচ্ছা।’

অভিনেত্ৰীগৰাকীয়ে আৰু লিখিছে, ‘আপুনি আমাৰ সপোন পূৰণ কৰে… প্ৰতিদিনে… আমি তোমাক ভাল পাওঁ’। প্ৰিয়ংকাৰ এই মৰমলগা পোষ্টটোত তেওঁৰ অনুৰাগীসকলেও তিনিওজনৰ প্ৰতি মৰম প্ৰকাশ কৰিছে। লগতে নিকক জন্মদিনৰ শুভেচ্ছা জনাইছো।

প্ৰিয়ংকা চোপ্ৰা আৰু নিক জোনাছে ২০১৬ চনৰ পৰাই প্ৰেমৰ সম্পৰ্কত আছিল। দুয়োৰে দুবছৰ ডেটিঙৰ অন্তত ২০১৮ চনত পৰম্পৰাগত ৰীতি-নীতিৰে বিবাহপাশত আবদ্ধ হয়। ২০২২ চনত তেওঁলোকৰ এগৰাকী কন্যা সন্তান জন্ম হয়।

vishwakarma puja: আজি বিশ্বখনিকৰ বিশ্বকৰ্মা পূজা। পূজাৰ শুভ সময় কেতিয়ালৈ

আজি বিশ্বখনিকৰ বিশ্বকৰ্মা পূজা
আজি বিশ্বখনিকৰ বিশ্বকৰ্মা পূজা

গুৱাহাটী, ১৭ ছেপ্টেম্বৰঃ আজি শ্ৰীশ্ৰী বিশ্বকৰ্মা পূজা। বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজা উপলক্ষে সৰ্বত্ৰে মাংগলিক পূজা অৰ্চনা আৰু আধ্যাত্মিক পৰিৱেশ বিৰাজ কৰিছে৷ অসমৰ লগতে দেশজুৰি পালন আজি বিশ্বকৰ্মা পূজা।‌ এইবাৰ বিশ্বকৰ্মা পূজাৰ শুভ সময় পুৱা ৬.০৭ বজাৰ পৰা ১১.৪৩ বজালৈ হ’ব। এই সময়ত পূজা কৰিলে ভক্তই বিশেষ আশীৰ্বাদ লাভ কৰিব।(Today is vishwakarma puja)

প্ৰতি বছৰে ১৭ ছেপ্টেম্বৰত বিশ্বকৰ্মা পূজা পালন কৰা হয়। অশ্বিন কৃষ্ণ পক্ষৰ প্ৰতিপদ তাৰিখত ভগৱান বিশ্বকৰ্মাৰ জন্ম হৈছিল বুলি কোৱা হয়, একাংশই ভাদ মাহৰ শেষত বিশ্বকৰ্মা পূজা কৰা ভাল বুলি কয়। ইয়াৰ বাহিৰেও এটা বিশ্বাসৰ উন্মেষ ঘটিছিল যে বিশ্বকৰ্মা পূজাৰ সিদ্ধান্ত সূৰ্য্যৰ সংক্ৰমণ অনুযায়ী কৰা হৈছিল। পিছলৈ এই দিনটো সূৰ্য সংক্ৰান্তি হিচাপে পালন কৰিবলৈ আৰম্ভ কৰে। এই দিনটোতেই বিশ্বকৰ্মা পূজা পতা হয়। (vishwakarma puja)

আজি দেশৰ লগতে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজা অনুষ্ঠিত কৰা হৈছে। ব্যক্তিগতভাৱে আৰু ৰাজহুৱাভাৱে আয়োজন কৰা পূজাৰ স্থান সমূহত মাংগলিক ৰীতিনীতিৰে আৰু পৰম্পৰাগত পদ্ধতিৰে বিশ্ব খনিকৰক স্মৰণ কৰা হৈছে৷

সংবাদ প্ৰতিষ্ঠান, গেৰেজ, কাৰখানা, উদ্যোগ, শিক্ষানুষ্ঠানকে ধৰি সকলো নিৰ্মাণ প্ৰতিষ্ঠানত বিশ্বকৰ্মা পূজাৰ আয়োজন কৰিছে৷ সনাতী পৰম্পৰাত সকলো জাতি জনগোষ্ঠী আৰু সকলো ধৰ্মাৱলম্বী লোকে বিশ্বকৰ্মা পূজাত অংশগ্ৰহণ কৰাতো লক্ষ্যনীয়৷

আনহাতে মৃৎ শিল্পীয়ে জনোৱা মতে মূৰ্তি নিৰ্মাণ কৰা সামগ্ৰীসমূহ বাহিৰৰ পৰা গুৱাহাটীলৈ আহে। খেৰ, বাঁহ, মাটিসমূহ মহানগৰীৰ বাহিৰৰ পৰা আৰু পাৰ্শ্বৱতী এলেকা আদি ঠাইৰ পৰা আহে। ৰং বিলাক আহে কলকাতাৰ পৰা। আনহাতে মূৰ্তিৰ আকাৰ আৰু ডিজাইনক লৈ দামবোৰো পৃথক পৃথক হোৱা দেখা যায়। একোটা বিশ্বকৰ্মা মূৰ্তিৰ দাম ২০০০ টকাৰ পৰা ১০ হাজাৰ টকা পৰ্যন্ত বিক্ৰী কৰা দেখা গৈছে। পূৰ্বৰ তুলনাত মূৰ্তিৰ চাহিদা বৃদ্ধি পাইছে বুলিও উল্লেখ কৰে মৃত শিল্পীয়ে।‌

বিশ্বখনিকৰৰ পূজা উপলক্ষে ১৭ ছেপ্টেম্বৰত ৰাজ্যৰ কল-কাৰখানা, উদ্যোগ-প্ৰতিষ্ঠান, গেৰেজ, চৰকাৰী-বেচৰকাৰী প্ৰতিষ্ঠানত অনুষ্ঠিত কৰা হৈছে বিশ্বকৰ্মা পূজা।

NASA Asteroid Alert: পৃথিৱীৰ কাষেৰে পাৰ হৈ যাব দুখন ক্ৰিকেট খেলপথাৰৰ আকৃতিৰ গ্ৰহাণুৱে, সষ্টম নাছাৰ বিজ্ঞানী

পৃথিৱী কাষেৰে পাৰ হৈ যাব দুখন ক্ৰিকেট খেলপথাৰৰ আকৃতিৰ গ্ৰহাণুৱে
পৃথিৱী কাষেৰে পাৰ হৈ যাব দুখন ক্ৰিকেট খেলপথাৰৰ আকৃতিৰ গ্ৰহাণুৱে

দৈনন্দিন বাৰ্তা, ১৬ ছেপ্টেম্বৰঃ এক বিৰল মহাজাতগিক পৰিঘটনা সংঘটিত হ’ব মহাকাশত ৷ প্ৰায় ৭২০ ফুট ব্যাসৰ এটা গ্ৰহাণুৱে পৃথিৱীৰ পৰা ৯৯৭,৭৯৩ কিলোমিটাৰ দূৰত্বৰে পাৰহৈ যাব৷ বিজ্ঞানীসকলে অনুমাণ কৰা অনুসৰি গ্ৰহাণুটোৰ গতিবেগ ঘণ্টাত ৪০,২৩৩ কিলোমিটাৰ ৷ NASA Asteroid Alert

১৭ ছেপ্টেম্বৰত এই গ্ৰহাণুটোৱে পৃথিৱীৰ আটাইতকৈ ওচৰত অৱস্থান কৰিব৷ শেহতীয়াকৈ ২৭ জুলাইত এটলাছ স্কাই চাৰ্ভেই অন নামৰ গ্ৰহাণুটো আৱিষ্কাৰ কৰিছিল৷ এই মহাকাশৰ পৰিঘটনা ১৫ ছেপ্টেম্বৰৰ পৰাই সংঘটিত হৈছে আৰু নাছাৰ পৃথিৱীৰ ওচৰৰ বস্তু পৰ্যবেক্ষণ কাৰ্যসূচীয়ে কেলিফৰ্ণিয়াৰ পাছাডেনাত অৱস্থিত জেট প্ৰপালচন লেবৰেটৰী [জেপিএল]ৰ জৰিয়তে এই পৰিঘটনাৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে৷ (NASA)

নাছাৰ বিজ্ঞানীসকলে গ্ৰাণুটোৰ গঠন বুজিবলৈ আৰু ইয়াক অধ্যয়ন কৰিবলৈ অপটিকেল টেলিস্কোপ ব্যৱহাৰ কৰিছে৷ নাছাৰ এগৰাকী বিজ্ঞানীয়ে কয় যে তেওঁলোকৰ গ্ৰহ প্ৰতিৰক্ষা সমন্বয় কাৰ্যালয় [পিডিচিঅ’]ও প্ৰয়োজন হ’লে মহাকাশৰ এই গ্ৰহাণুটোক অনুসৰণ কৰি আছে আৰু প্ৰয়োজনত ইয়াক ইয়াৰ গতিপথৰ পৰা বিচু্যত কৰিবলৈও সাজু হৈ আছে৷

জে পি এল চেণ্টাৰ ফৰ নিয়াৰ-আৰ্থ অবজে” ষ্টাডিজৰ [চি এন ই অ’ এছ] এক প্ৰতিবেদন অনুসৰি প্ৰতি ১০ বছৰৰ মূৰে মূৰে এবাৰ এনে ধৰণৰ গ্ৰহাণু পৃথিৱীৰ কাষ চাপি আহে৷ অৱশ্যে অন নামৰ এই গ্ৰহাণুটোৱে পৃথিৱীত খুন্দা মৰাৰ সম্ভাৱনা তেনেই ক্ষীণ বুলি বিজ্ঞানীসকলে কৈছে৷

North Gauhati College: উত্তৰ গুৱাহাটী মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিৰ মইমতালি

Gauhati Collegeউত্তৰ গুৱাহাটী মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিৰ মইমতালি ।
উত্তৰ গুৱাহাটী মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিৰ মইমতালি ।

North Gauhati College : নীতিবহিৰ্ভুতভাবে মহাবিদ্যালয়ৰ অধ্যক্ষ নিযুক্তিৰ দিশে । কাৰাগাৰত সোমোৱা অপৰাধীক অধ্যক্ষ নিযুক্তিৰ কুচকাৱাজ। মুখ্য মন্ত্ৰীৰ সমষ্টিৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান ঐতিহ্যমণ্ডিত উত্তৰ গুৱাহাটী মহাবিদ্যালয়ৰ অচলাবস্থা দূৰ কৰিবলৈ অচিৰেই দুৰ্নীতিপৰায়ন পৰিচালনা সমিতি ভংগ কৰি দায়িত্বশীল স্বচ্ছ মহাবিদ্যালয় পৰিচালনা সমিতি গঠনৰ বাবে Concerned quarters have sought the chief minister’s intervention.

North Guwahati College ঐতিহ্যমণ্ডিত উত্তৰ গুৱাহাটী মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ College Managing Committee সভাপতিৰ মইমতালিৰ বাবেই মহাবিদ্যালয়খন সৰ্বতো প্ৰকাৰে ধ্বংসৰ দিশে গতি কৰাৰ অভিযোগ আনিছে মহাবিদ্যালয়ৰ একাংশ অধ্যাপক তথা কৰ্মচাৰীয়ে । মহাবিদ্যালয় খনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ প্ৰভাত চন্দ্ৰ শৰ্মাৰ কায্যনিৰ্বাহৰ সময়তে এজন স্থায়ী অধ্যক্ষ নিযুক্তিৰ বাবে পৰিচালনা সমিতিয়ে অলপতে বিজ্ঞাপন দিয়ে । মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ড• কুকিল বৰুৱাই নীতি বহিৰ্ভূতভাবে প্ৰাৰ্থী বাচনি সমিতি গঠন কৰি নিজ ঘৰতে প্ৰাৰ্থীৰ আবেদন পত্ৰ ৰাখি অবৈধ নিযুক্তিৰ দিশে আগবঢ়া বুলি একাংশই অভিযোগ কৰিছে ।প্ৰাপ্ত খবৰ অনুসৰি, উত্তৰ গুৱাহাটী মহাবিদ্যালয়ৰ অধ্যাপক ড• টাইজুদ্দন আহমেদক অধ্যক্ষ নিযুক্তি দি ড• কুকিল বৰুৱাই এক লবী সৃষ্টিৰে মহাবিদ্যালয়ৰ আন্ত:গাঠনি উন্নয়নৰ পূজি সৰকোৱাৰ ফন্দি কৰাৰ অভিযোগ । যি গৰাকী অধ্যাপক টাইজুদ্দিন আহমেদৰ বিৰুদ্ধে উগ্ৰপন্থী সংগঠনেৰে যোগসূত্ৰ ৰখাৰ অভিযোগত ২০০৫ চনৰ ১২জুন তাৰিখে অধ্যাপক টাইজুদ্দিন আহেমদক গ্ৰেপ্তাৰ কৰি, জালুকবাৰী আৰক্ষীয়ে তিনি দিন আৰক্ষীৰ জিম্মাত ৰাখি তদন্তৰ অন্তত কাৰাগাৰালৈ প্ৰেৰণ কৰাৰ গুৰুতৰ অভিযোগ আনিছে মহাবিদ্যালয়ৰ একাংশ শিক্ষকে । সেই অভিযোগতে ১২জুনৰ পৰা ২৯জুনলৈ ১৮ দিন ড• টাইজুদ্দিন আহমেদ কাৰাগাৰত কটোৱাৰ তথ্যভিত্তিক অভিযোগ কৰিছে । সেই সময়ত মহাবিদ্যালয় পৰিচালনা সমিতিৰ শিক্ষক গোটৰ সদস্য আছিল ড• কুকিল বৰুৱা। অধ্যাপক ড• কুকিল বৰুৱাৰ সতে থকা তাইজুদ্দিন আহমেদৰ মধুৰ সম্পৰ্কৰ বাবেই কাৰাগাৰত সোমোৱা তাইজুদ্দিন আহমেদ মহাবিদ্যালয়ৰ চাকৰিৰ পৰা নিলম্বন হোৱাৰ পৰা হাত সাৰিছিল । ইফালে এক আৰ টি আই তথ্য According to another RTI reportঅনুযায়ী তদানিন্তন মহাবিদ্যালয় অধ্যক্ষ সৰ্বানন্দ দাসক বিতৰ্কিত অধ্যাপক তাইজুদ্দিন আহমেদে ভয় ভাবুকি দি মহাবিদ্যালয় পৰিচালনা সমিতিৰ সিদ্ধান্ত সলনি কৰিবলৈ বাধ্য কৰোৱাইছিল । যাৰ ফলত ১৮ দিন কাৰাবাস খটা অধ্যাপক তাইজুদ্দিন আহমেদ নিলম্বনৰ পৰা হাত সাৰিছিল । তথ্য অনুসৰি সেই সময়ত তাইজুদ্দিন আহমেদে বেআইনীভাবে উত্তৰ গুৱাহাটী মহাবিদ্যালয়ৰ উপৰিও বকো বি এড কলেজ( দুটাকৈ শিক্ষানুষ্ঠানত )কাম কৰি চৰকাৰী ধন সৰকাইছিল । তদুপৰি ড • তাইজুদ্দিন আহমেদে সামাজিক দায়বদ্ধতা আঁচণিৰ দোহাই বিশেষভাবে সক্ষম এজন লোকক সহায় কৰা দেখুৱাই তথ্য জালিয়াতিৰে বাৰ্ষিক আয়কৰ ৫২ হাজাৰ টকা ৰেহাই পাবলৈ সক্ষম হৈছিল । একেখন প্ৰমাণ পত্ৰকে কেইবাবাৰো জালিয়াতিৰে দাখিল কৰি আয়কৰ বিভাগকো ফাঁকি দি অহাৰ তথ্য সদৰি কৰিছেCollege Managing Committee President’s Maamtali । মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ড•কুকিল বৰুৱাই দুবছৰ পুৰ্বে অনৈতিক পন্থাৰে মহাবিদ্যালয় খনত নিযুক্তি প্ৰক্ৰিয়াটো বক্ৰ পথ লোৱাৰ অভিযোগ উঠিছিল । মহাবিদ্যালয়ত কেজুৱেল (সামিয়ক) সাত কৰ্মচাৰীক ছাটাই কৰি ধনৰ বিনিময়ত প্ৰাৰ্থী নিযুক্তিকলৈ শ্ৰম আয়োগৰ কাষ চাপিছিল কৰ্মচাৰী কেইজন। উল্লেখ্য যে ড• কুকিল বৰুৱাই উত্তৰ গুৱাহাটী মহাবিদ্যালয়ৰ পৰা অবসৰ লৈ এবছৰৰ ভিতৰতে মহাবিদ্যালয় পৰিচালনা সমিতিৰ অধ্যক্ষ পদত অধীস্থিত হয় । যিটো বিশ্ববিদ্যালয় বিশ্ব বিদ্যালয় অনুদান আয়োগ ( UGC)ৰ নীতিবহিৰ্ভূত হয় । ইউ জি চিৰ নিয়ম অনুসৰি অৱসৰৰ পাঁচ বছৰ”নোহোৱাকৈ মহাবিদ্যালয় পৰিচালনা সমিতিৰ অধ্যক্ষ হব”নোৱাৰে । এই বিষয়ত শ্ৰম আয়োগৰ কাষ চপাত, শ্ৰম আয়ুক্তই শুনানীৰ বাবে কেইবাবাৰো জাননী জাৰি কৰে যদিও মহাবিদ্যায় পৰিচালনা সমিতিয়ে সহযোগ নকৰে । এই কায্যকালত শৈক্ষিক পৰিবেশ বিনষ্টৰ লগতে মহাবিদ্যালয়লৈ আবণ্টিত ধনৰো সিংহভাগ হৰলুকি হোৱাত মহাবিদ্যালয় খন দুৰবস্থাৰ দিশে গতি কৰিছে । বিগত চাৰি বছৰে উত্তৰ গুৱাহাটী মহাবিদ্যালয় চৌহদ পানীত ডুব”গৈ থকাত পাঠদানকে ধৰি যাবতীয় সকলো দিশতে বাধাগ্ৰস্ত হৈ পৰিছে । মুখ্য মন্ত্ৰীৰ সমষ্টিৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান ঐতিহ্যমণ্ডিত উত্তৰ গুৱাহাটী মহাবিদ্যালয়ৰ অচলাবস্থা দূৰ কৰিবলৈ অচিৰেই দুৰ্নীতিপৰায়ন পৰিচালনা সমিতি ভংগ কৰি দায়িত্বশীল স্বচ্ছ মহাবিদ্যালয় পৰিচালনা সমিতি গঠনৰ বাবে Concerned quarters have sought the chief minister’s intervention. মুখ্য মন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে সচেতন মহলেবাক্সাৰ ১০০ কোটিটকীয়া ট্ৰেডিং কেলেংকাৰীৰ মাষ্টাৰমাইণ্ড দীপাংকৰ ভট্টক মাৰাথন জেৰা

Aditi Rao-Siddharth Wedding: অদিতি ৰাও হায়দাৰী আৰু সিদ্ধাৰ্থৰ বিবাহ সম্পন্ন

Aditi Rao Hydari And Siddharth Are Now Married. See First Pics Of Newlyweds
Aditi Rao-Siddharth Wedding: অদিতি ৰাও হায়দাৰী আৰু সিদ্ধাৰ্থৰ বিবাহ সম্পন্ন

এণ্টাৰটেইনমেণ্ট ডেস্ক, ১৬ ছেপ্তেম্বৰ: জনপ্ৰিয় অভিনেত্ৰী অদিতি ৰাও হায়দাৰী আৰু তামিল, তেলেগু আৰু হিন্দী চলচ্চিত্ৰৰ খ্যাতনামা অভিনেতা সিদ্ধাৰ্থে আজি আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ হয়(Aditi Rao-Siddharth Wedding) । দুয়ো এই বিবাহ সম্পন্ন কৰিলে তেলেংগানাৰ ৱানাপাৰ্টি জিলাৰ ৪০০ বছৰীয়া পুৰণি এটা মন্দিৰত(400-year-old temple in Wanaparthy) ।

এই ঐতিহাসিক মন্দিৰত আয়োজিত অন্তৰংগ অনুষ্ঠানটিত উপস্থিতি আছিল দুয়োৰে মাত্ৰ কেইগৰাকীমান নিকট আত্মীয় আৰু বন্ধুবৰ্গ । এই নৱ দম্পত্তিয়ে সামাজিক মাধ্যমত তেওঁলোকৰ বিবাহৰ ফটোসমূহ শ্বেয়াৰ কৰি এই শুভ অনুষ্ঠানটিৰ কথা উল্লেখ কৰে।

ইনষ্টাগ্ৰামত(Instagram) তেওঁলোকৰ শুভমুহূৰ্তৰ ফটোসমূহ শ্বেয়াৰ কৰি লিখিছে, “You are my Sun, my Moon, and all my Stars…To being Pixie Soulmates for eternity…to laughter, to never growing up…To Eternal Love, Light & Magic. Mrs & Mr Adu-Siddhu.”

বিবাহৰ দিনা অদিতিয়ে(Aditi Rao Hydari) পৰিধান কৰিছিল ইণ্টিক্ৰেইট ডিটেইলিং থকা এখন সোণালী শাড়ী, য’ত সুৱৰ্ণৰ এক সূক্ষ্ম কৰ্মশৈলীৰ ডিজাইন কৰা আছিল। অন্যহাতে, সিদ্ধাৰ্থে পৰিধান কৰিছিল এটা বগা কুৰ্তা আৰু ধুতি, যিয়ে তেওঁক উজ্জ্বল কৰি তুলিছিল।

View this post on Instagram

A post shared by Aditi Rao Hydari (@aditiraohydari)

ইয়াৰ পূৰ্বে, এই দম্পত্তিয়ে চলিত বৰ্ষৰ মাৰ্চ মাহত তেওঁলোকৰ এংগেজমেণ্টৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিছিল। অদিতিয়ে ইনষ্টাগ্ৰামত লিখিছিল, “He said yes! E. N. G. A. G. E. D.,”

View this post on Instagram

A post shared by Aditi Rao Hydari (@aditiraohydari)

ইয়াৰ উত্তৰত সিদ্ধাৰ্থই(Siddharth) লিখিলে এইদৰে, “She said yes.”

ৱৰ্ক ফ্ৰণ্টত অদিতি ৰাও হাইদাৰীক শেষবাৰৰ বাবে দেখা গৈছিল সঞ্জয় লীলা ভাঞ্চালী(Sanjay Leela Bhansali)ৰ ধাৰাবাহিক হীৰামণ্ডিত। চলিত মাহৰ আৰম্ভণিতে নেটফ্লিক্সত এই ধাৰাবাহিকখনৰ প্ৰিমিয়াৰ হৈছিল। ইয়াৰ উপৰিও অদিতি ৰাও অভিনয় কৰিছে অজিব দাস্তানছ, দিল্লী ৬, বাজীৰাও মস্তানী আদিকে ধৰি বহুকেইখন ছবিত ।

আনহাতে সিদ্ধাৰ্থই কেইবা দশকজুৰি তামিল, তেলেগু আৰু হিন্দী ভাষাৰ ছবিত কৰা অভিনয়েৰে এক আকৰ্ষণীয় কেৰিয়াৰ গঢ়ি তুলিবলৈ সক্ষম হৈছে। নুভোষ্টানেণ্টে নেনোডান্টানা, ৰং দে বাছন্টি, বম্মাৰিলু, ষ্ট্ৰাইকাৰ আৰু আনগানাগা অ’ ধীৰুডু আদি ছবিত কৰা অভিনয়ৰ বাবে তেওঁ বহুলভাৱে লাভ কৰিছে স্বীকৃতি ।

Online trading scam: বাক্সাৰ ১০০ কোটিটকীয়া ট্ৰেডিং কেলেংকাৰীৰ মাষ্টাৰমাইণ্ড দীপাংকৰ ভট্টক মাৰাথন জেৰা

১০০ কোটিটকীয়া ট্ৰেডিং কেলেংকাৰীৰ মাষ্টাৰমাইণ্ড দীপাংকৰ ভট্টক জেৰা
১০০ কোটিটকীয়া ট্ৰেডিং কেলেংকাৰীৰ মাষ্টাৰমাইণ্ড দীপাংকৰ ভট্টক জেৰা

দৈনন্দিন বাৰ্তা, ১১ ছেপ্টেম্বৰঃ বাক্সা জিলাৰ মুছলপুৰৰ ১০০ কোটি টকীয়া অবৈধ ট্ৰেডিং কেলেংকাৰীত অভিযুক্ত মাইনাও ব্ৰহ্মৰ ঘনিষ্ঠ তথা মাষ্টাৰমাইণ্ড দীপাংকৰ ভট্টই অৱশেষত দেওবাৰে আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে ৷ জানিব পৰামতে দীৰ্ঘদিন ধৰি এক অজ্ঞাত স্থানত আত্মগোপন কৰি থকা প্ৰৱঞ্চকগৰাকীৰ সহযোগীসকলক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিচত দীপাংকৰে পলাই থকাৰ কোনো পথ নেদেখি দেওবাৰে পুৱাই মুছলপুৰ সদৰ আৰক্ষী থানাত আত্মসমৰ্পণ কৰে৷(deepankar bhatt the mastermind of the rs 100 crore trading scam in baksa)

তাৰ পিচত বাক্সা আৰক্ষীয়ে মুছলপুৰ সদৰ থানাত ৰুজু হোৱা ১০২য২০২৪ নম্বৰ গোচৰৰ ভিত্তিত প্ৰৱঞ্চক দীপাংকৰ ভট্টক গ্ৰেপ্তাৰ কৰি মাৰাথান জেৰা অব্যাহত ৰাখে ৷ জেৰাকালত প্ৰৱঞ্চক দীপাংকৰে বহু বিস্ফোৰক তথ্য সদৰী কৰা বুলি জানিব পৰা গৈছে যদিও অধিক তদন্তৰ খাতিৰত সেয়া আৰক্ষীয়ে সাংবাদিকক কোৱাৰ পৰা বিৰত থাকে৷ কাইলৈ প্ৰৱঞ্চক দীপাংকৰক আদালতত হাজিৰ কৰোৱাৰ পিচত আৰক্ষীয়ে জিম্মালৈ অনাৰ সম্ভাৱনা আছে৷(Online trading scam)

উল্লেখ্য যে ইতিমধ্যে বাক্সাৰ ১০০ কোটি টকীয়া ট্ৰেডিং কেলেংকাৰিৰ মূল অভিযুক্ত মুছলপুৰৰ মাইনাও ব্ৰহ্মৰ সৈতে জড়িত হৈ টিহুৰ ভোজকুছিৰ যুৱক তথা আই চি আই চি আই বেংকৰ মুছলপুৰ শাখাৰ প্ৰাক্তন কৰ্মচাৰী দীপাংকৰ ভট্টৰ গৃহত আৰক্ষীৰ দলে অনুসন্ধান চলাই দীপাংকৰৰ ক’লা বৰণৰ ‘ফৰচুনাৰ’ বাহনখনৰ লগতে তিনিখন মটৰ চাইকেল আৰু স্কুটী জব্দ কৰাৰ উপৰি পৰিয়ালটোৰ বিভিন্ন বেংক একাউণ্ট আৰু এটিএম কাৰ্ড জব্দ কৰিছিল ৷

প্ৰণিধানযোগ্য যে দীপাংকৰ ভট্টই বিগত চাৰি বছৰৰ ভিতৰতে অবৈধ ট্ৰেডিঙৰ জৰিয়তে বৃহৎ পৰিমাণৰ ধন আহৰণ কৰি পাঠশালা আৰু টিহু অঞ্চলৰ কেবা ঠাইতো নামে-বেনামে মাটি ক্ৰয় কৰাৰ উপৰি কেইবাখনো ব্যৱসায় প্ৰতিষ্ঠান খুলি বহু ধন বিনিয়োগ কৰি বিশাল সম্পত্তিৰ অধিকাৰী হোৱা বুলি অভিযোগ উত্থাপিত হৈছে৷ (deepankar bhatt)

দেওবাৰে মাইনাও ব্ৰহ্মৰ সহযোগী দীপাংকৰ ভট্টই আত্মসমৰ্পণ কৰাৰ খবৰ বিয়পি পৰাৰ পাচতে মুছলপুৰ আৰক্ষী থানাৰ সম্মুখত বহুলোকে ভিৰ পৰা পৰিলক্ষিত হয়৷ উল্লেখ্য যে দুদিন পূৰ্বে দীপাংকৰ ভট্টৰ দুই সহযোগী তথা আই চি আই চি আই চি বেংকৰ মুছলপুৰ শাখাৰ প্ৰাক্তন কৰ্মচাৰী ক্ৰমে মংগলদৈৰ জ্যোতিষ্মান শৰ্মা আৰু নিকাচীৰ সুমিত বৰ্মনক আৰক্ষীয়ে বঙাইগাঁওত গ্ৰেপ্তাৰ কৰিছিল৷ সম্প্ৰতি এই দুই সহযোগীক আৰক্ষীয়ে পাঁচ দিনৰ জিম্মাত লৈ জেৰা অব্যাহত ৰাখিছে৷

Deepika padukone holds her daughter first photo viral:কন্যাক কোলাত লৈ প্ৰথমবাৰৰ বাবে কেমেৰা সন্মুখত দীপিকা পাডুকন

কন্যাক কোলাত লৈ প্ৰথমবাৰৰ বাবে কেমেৰা সন্মুখত দীপিকা পাডুকন
কন্যাক কোলাত লৈ প্ৰথমবাৰৰ বাবে কেমেৰা সন্মুখত দীপিকা পাডুকন

বলীউডৰ বিখ্যাত দম্পতী দীপিকা পাডুকন আৰু ৰণবীৰ সিং। যোৱা ৮ ছেপ্টেম্বৰত প্ৰথমবাৰৰ বাবে পিতৃ-মাতৃ হয় দুয়ো। এগৰাকী মৰমলগা কন্যাক সন্তানৰ পিতৃ-মাতৃ হয় দীপিকা পাডুকন আৰু ৰণবীৰ সিং। এতিয়া দীপিকাক হস্পিতালৰ পৰা ৰিলিজ দিয়া হৈছে আৰু ৰণবীৰৰ সৈতে কণমানিটিক লৈ দুয়ো উভতিছে ঘৰলৈ। শেহতীয়াকৈ তেওঁলোকৰ কিছুমান ফটো-ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে, য’ত দীপিকা আৰু ৰণবীৰক তেওঁলোকৰ কন্যাৰ সৈতে দেখা গৈছে। (Deepika padukone holds her daughter first photo viral)

কন্যা সন্তান জন্মৰ পিছত দীপিকা পাডুকনক কন্যাৰ সৈতে চিকিৎসালয়ৰ পৰা ওলাই অহা দেখা গ’ল। চিকিৎসালয়ৰ পৰা ৰিলিজ পোৱাৰ পিছত অভিনেত্ৰীগৰাকীয়ে হাঁহিমুখেৰে গাড়ীৰে স্বামী ৰণবীৰ সিঙে কন্যাক কোলাত ধৰি চিকিৎসালয়ৰ পৰা ওলাই আহি দুয়ো ঘৰলৈ ৰাওনা হয়। এই ছবিবোৰ ওলোৱাৰ পিছত অনুৰাগীৰ সুখৰ সীমা নাই, অনুৰাগীয়ে ছ’চিয়েল মিডিয়াত দম্পতীহালক অভিনন্দন জনাইছে আৰু লগতে তেওঁলোকৰ কণমানিটিলৈ আৰ্শীবাদ দিছে।

চিকিৎসালয়ৰ পৰা ডিচচাৰ্জ হোৱাৰ মাত্ৰ কেইঘণ্টামান পূৰ্বে দীপিকা পাডুকনেও নিজৰ ইনষ্টাগ্ৰাম বায়’ সলনি কৰিছিল। অভিনেত্ৰীগৰাকীয়ে হাস্যৰসেৰে নিজৰ নতুন বায়’ত লিখিছে ‘ফিড.বাৰ্প.স্লিপ.ৰিপিট’।

এই শাৰীবোৰে তেওঁৰ নতুন পাৰিবাৰিক জীৱনৰ আভাস দেখুৱাইছে। ৮ ছেপ্টেম্বৰত দীপিকা আৰু ৰণবীৰে ছ’চিয়েল মিডিয়াত কন্যা সন্তানৰ জন্মৰ ভাল খবৰটো শ্বেয়াৰ কৰি লিখিছিল, ‘ৱেলকাম বেবী গাৰ্ল ৮.৯.২০২৪’। এই পোষ্টটোৰ বাবে দম্পতীহালৰ সকলো অনুৰাগী আৰু চেলিব্ৰিটিয়ে অভিনন্দন জনায়। শ্বাহৰুখ খানেও দীপিকাক লগ কৰি অভিনন্দন জনাবলৈ চিকিৎসালয়ত উপস্থিত হৈছিল। শ্বাহৰুখ খানৰ উপৰিও মুকেশ আম্বানী আৰু তেওঁৰ পৰিয়ালৰ বাকীসকলেও দীপিকা আৰু তেওঁৰ কন্যাক লগ কৰিবলৈ চিকিৎসালয়ত উপস্থিত হৈছিল।

লগতে পঢ়কঃ Deepika Padukone Daughter: ঐশ্বৰ্য-অনুষ্কাৰ পিছতে দীপিকা পাডুকন! সন্তানৰ যত্ন নিজেই ল’ব দীপিকাই

How Often Should You Wash Your Hair With Shampoo:সপ্তাহত শ্বেম্পুৰে কেইবাৰ চুলি ধুব লাগে? জানি লওক

সপ্তাহত শ্বেম্পুৰে কেইবাৰ চুলি ধুব
সপ্তাহত শ্বেম্পুৰে কেইবাৰ চুলি ধুব

নাৰীৰ সৌন্দৰ্য্য চুলিতে। আপোনাৰ ধুনীয়া চুলিকোছা বিভিন্ন কাৰণত বাৰে বাৰে লেতেৰা আৰু নিৰ্জীৱ যেন দেখাবলৈ আৰম্ভ কৰে কেতিয়াবা। ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ চেম্পু ব্যৱহাৰ কৰাটো অতি প্ৰয়োজনীয় হৈ পৰে। শ্বেম্পুৰে সঘনাই কেইবাৰ চুলি ধুব লাগে সেই বিষয়ে আপুনি জানেনে। চুলিৰ সৌন্দৰ্য্য বজাই ৰখাটো, পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু যত্ন লোৱাটো অতি প্ৰয়োজনীয়, নহ’লে চুলি শুকান দেখা যায়। চুলি চাফা কৰাৰ বাবে আমি প্ৰায়ে শ্বেম্পুৰে ধুই লওঁ, কিন্তু আপুনি জানেনে সপ্তাহত কেইবাৰ চুলি চেম্পুৰে ধুব লাগে। ।(How Often Should You Wash Your Hair With Shampoo)

১/ তেল

চুলিৰ আটাইতকৈ ডাঙৰ কাৰণটো হ’ল লেতেৰা চুলিৰ বাবে চুলিবোৰ ওলমি থকা আৰু নিৰ্জীৱ যেন লাগিব পাৰে। আপোনাৰ চুলিত কিমান তেল উৎপন্ন হ’ব সেয়া নিৰ্ভৰ কৰে আপোনাৰ বয়স, জিনীয়, লিংগ আৰু পৰিৱেশৰ ওপৰত। কিশোৰ আৰু ডেকা প্ৰাপ্তবয়স্কতকৈ শিশু আৰু আদবয়সীয়া লোকে কম চেবাম উৎপন্ন কৰে। যিসকলৰ চুলিত অধিক তেল উৎপন্ন হয়, তেওঁলোকে চুলি অধিক ধোৱাৰ প্ৰয়োজন।

২/ চুলিৰ প্ৰকাৰ

বেঁকা আৰু ডাঠ চুলিতকৈ পোন আৰু পাতল চুলি বেছিকৈ ধুব লাগে। পোন চুলিত সোনকালে আৱৰণ পৰে, অৰ্থাৎ সোনকালে তেলীয়া হৈ পৰে। ডাঠ আৰু বেঁকা চুলিত তেল সহজে জমা নহয়, সেয়েহে এনে চুলি শুকান যেন লাগে।

৩/ ঘাম ওলোৱা

ঘাম এটা ডাঙৰ কাৰক যিয়ে আপোনাক সঘনাই চুলি ধুবলৈ বাধ্য কৰাই। ঘামৰ ফলত চুলিত চেবাম বিয়পি পৰে, যাৰ ফলত চুলি লেতেৰা দেখা যায়। বিশেষকৈ ভাৰতৰ দৰে দেশত য’ত গ্ৰীষ্মকালত ঘাম বেছি হয়, তাত চুলি ধোৱাৰ প্ৰয়োজনীয়তা অধিক।

৪/ শাৰীৰিক মলি

যদি আপুনি চাফাই, বাগিচা বা আন কোনো কাম কৰে তেন্তে চুলিত ধূলি আৰু মলি জমা হ’বলৈ আৰম্ভ কৰে যাৰ ফলত চুলিবোৰ বেয়া হৈ পৰে। এনে লোকে চুলিখিনি শ্বেম্পুৰে বেছিকৈ ধুব লাগে যাতে চুলি পৰিষ্কাৰ আৰু সতেজ দেখা যায়।

৫/ ষ্টাইলিং প্ৰডাক্ট

যেতিয়া আপুনি বেছিকৈ ষ্টাইলিং প্ৰডাক্ট ব্যৱহাৰ কৰে তেতিয়া চুলিত সেই সমূহ বিয়পি পৰে আৰু তাৰ পিছত ক্ষতি কৰে। এনে সামগ্ৰীৰ ব্যৱহাৰ কৰিলে সঘনাই চুলি ধুব লাগে।

আহাতে সপ্তাহত কিমানবাৰ শ্বেম্পুৰে চুলি ধুব লাগে সেয়া বহু কাৰকৰ ওপৰত নিৰ্ভৰ কৰে যেনে চেবাম উৎপাদন, চুলিৰ টান হোৱা আৰু কিমান লেতেৰা হৈ পৰিছে ইত্যাদি। নিজৰ চুলিৰ যত্নৰ বাবে বিশেষজ্ঞৰ সৈতে যোগাযোগ কৰাটো ভাল।

লগতে পঢ়কঃ Side Effects Of Coconut Oil: সাৱধান! আপুনিও ছালত লগায় নেকি নাৰিকল তেল?

Ganpati Ganesh idol controversy:গণেশ মূৰ্তিৰ সাজ-পোছাকক লৈ বিতৰ্ক! আধুনিকতাৰ নামত এয়া কি?

গণেশ মূৰ্তিৰ সাজ-পোছাকক লৈ বিতৰ্ক
গণেশ মূৰ্তিৰ সাজ-পোছাকক লৈ বিতৰ্ক

তেলেংগানাৰ ছেকেণ্ডৰাবাদৰ সমীপত গণপতি পূজাৰ থিম আছিল বাজীৰাও মস্তানী ছবি। এই চিন্তাধাৰাৰ প্ৰতি লক্ষ্য ৰাখি বাপ্পাক মুছলমান ব্যক্তিৰ দৰে সাজ-পোছাক পৰিধান কৰোৱাৰ বাবে বিতৰ্কৰ সৃষ্টি হৈছে।(Controversy erupts over Ganpati Ganesh idol in Telangana)

দেশত গণেশ উৎসৱৰৰ মাজতে তেলেংগানাত গণেশ মূৰ্তিক লৈ সৃষ্টি হৈছে বিতৰ্ক। অভিযওগ অনুসৰি, পূজা পেণ্ডেলৰ আয়োজকসকলে বাপ্পাক মুছলমান সাজ-পোছাক পৰিধান কৰি লাখ লাখ ভক্তৰ বিশ্বাস আৰু ধৰ্মীয় আৱেগক আঘাত কৰিছে। কেতিয়াবা শিল্পৰ নামত, কেতিয়াবা সৃষ্টিশীলতাৰ নামত আৰু কেতিয়াবা তথাকথিত ধৰ্মনিৰপেক্ষতাৰ নামত মানুহে এনেকুৱা কাম কৰে যাক লৈ বিতৰ্কৰ সূত্ৰপাত হয়। তেনে কাৰ্য সংঘটিত হৈছে তেলেংগানাৰ ছেকেণ্ডৰাবাদৰ সমীপত গণেশ পূজাৰস্থলীত।

তেলেংগানাৰ ছেকেণ্ডৰাবাদৰ সমীপত এটা গণপতি পূজা পেণ্ডেলৰ থিম আছিল বাজীৰাও মস্তানী ছবি। এই থিম অনুসৰি গণেশক মুছলমান ব্যক্তিৰ দৰে সাজ-পোছাক পিন্ধাই নতুন বিতৰ্কৰ সৃষ্টি হৈছে। মানুহে কয় যে পূজাৰ বিষয়বস্তুত চিনেমাৰ দৰে সাজ-পোছাক দেখুওৱাটো কেৱল নিন্দনীয় নহয় বৰঞ্চ এক বৃহৎ পাপ। এতিয়া মানুহৰ মনত প্ৰশ্ন, আয়োজকসকলৰ উদ্দেশ্য সঠিক আছিল নে ভুল আছিল। আপুনি এ কাৰ্যক সঠিক বা ভুল কি বুলি গণ্য কৰিব?

‘বাজীৰাও মস্তানী’ ছবিৰ পৰা অনুপ্ৰাণিত গণেশৰ প্ৰতিমূৰ্তিক সামাজিক মাধ্যমত তীব্ৰ সমালোচনা কৰে ৰাইজে। সকলোৱে মাথোঁ সুধিছে এই বেয়া ধাৰণা কাৰ আছিল? ইণ্টাৰনেট ব্যৱহাৰকাৰীয়ে কয় যে গণপতি ভক্তৰ বিশ্বাসৰ সৈতে খেলা কৰাসকলক শাস্তি দিয়া উচিত। ইয়াৰ পিছত গণেশ উৎসৱৰ আয়োজকসকলে তেওঁলোকৰ স্পষ্টীকৰণত কয় যে তেওঁলোকৰ উদ্দেশ্য কাকো আঘাত দিয়া নাছিল।

ছিকেণ্ডৰাবাদত আয়োজিত বাৰ্ষিক গণপতি উৎসৱত গণেশৰ আবিৰ্ভাৱ আছিল এজন ‘মুছলমান মানুহ’ৰ দৰে।আয়োজকসকলে কয় যে গণপতি পেণ্ডেলৰ থিমটো বলীউডৰ ছবি ‘বাজীৰাও মস্তানী’ৰ পৰা অনুপ্ৰাণিত হৈছিল। আমাৰ উদ্দেশ্য কাৰো আৱেগক আঘাত কৰা নাছিল। ভুল বুজাবুজি বুলি কৈ নিজৰ ‘ভুল’ৰ ক্ষমা বিচাৰিলে আয়োজকে।

39th Chakradhar Samaroh: ছত্তিশগড়ৰ ‘চক্ৰধৰ সমাৰোহ’ত বিছমিল্লা খাঁ যুৱ বঁটা প্রাপক অসমৰ মৃদুস্মিতা দাস বৰাৰ সত্ৰীয়া নৃত্য প্রদর্শন

চক্ৰধৰ সমাৰোহত মৃদুস্মিতা দাস বৰাৰ সত্ৰীয়া নৃত্য প্রদর্শন
চক্ৰধৰ সমাৰোহত মৃদুস্মিতা দাস বৰাৰ সত্ৰীয়া নৃত্য প্রদর্শন

গুৱাহাটী ,১৬ ছেপ্টেম্বৰ : বিশিষ্ট সংগীতজ্ঞ, নৃত্য বিশাৰদ মহাৰজা চক্ৰধৰ সিংহৰ সোঁৱৰণত ছত্তিশগড়ৰ ৰায়গড়ত উদযাপিত হৈ আহিছে বাৰেৰহণীয়া কলা-সংস্কৃতিৰে সমৃদ্ধ দেশৰ ভিতৰতে প্রসিদ্ধ চক্ৰধৰ সমৰোহ। গণেশ চতুর্থীৰ পবিত্ৰ দিনটোত ৰায়গড়ৰ ৰামলীলা ময়দানত ১০ দিনীয়াকৈ ৩৯ সংখ্যক চক্ৰধৰ সমৰোহত ৰাজ্যখনৰ বিশিষ্ট শিল্পীসকলৰ লগতে ৰাষ্ট্ৰীয় বা অন্তৰাষ্ট্ৰীয় স্তৰৰ স্বনামধন্য পদ্ম বিভূষন, পদ্মশ্রী খ্যাত বিভিন্ন কলা-সংস্কৃতিৰ ক্ষেত্ৰত পাৰদৰ্শিতা দেখুওৱা মহান শিল্পী সকলে প্রদর্শন কৰে তেওঁলোকৰ কলাকীর্তি।(Assam’s Mridusmita Das Bora’s 39th Chakradhar Samaroh Showcases Magnificent Sattriya Nritya)

সমাৰোহত ভাৰত নাট্যম, কথক, মোহিনী আট্টম, কুচিপুড়ি, মণিপুৰী, ওডিচি, নৃত্যৰ বিশিষ্ট শিল্পী সকলৰ উপৰিও এইবাৰ অসমৰ সত্রীয়া নৃত্যক পোন প্রথম বাৰৰ বাবে প্ৰদৰ্শিত হোৱাৰ লগতে লোক সংগীত আৰু বাদ্যযন্ত্রী বিশাৰদ সকলেও প্রস্তুত কৰিব তেঁওলোকৰ গায়ন আৰু বায়ন শৈলী। (39th Chakradhar Samaroh)

অসমৰ বিহুৱেও এইবাৰ সমাৰোহত প্ৰথম বাৰৰ বাবে স্থান পোৱাটো অসমীয়াৰ বাবে গৌৰৱৰ বিষয়। অসমৰ কৃষ্টি প্ৰদৰ্শনৰ বাট মোকলাই দিয়াৰ বাবে ছত্তীশগড় ৰাজ্যত কৰ্মৰত অসমৰ সু- সন্তান, আই এ এছ বিষয়া সোণমণি বৰা ধন্যবাদৰ পাত্ৰ। তেওঁৰ প্ৰচেষ্টাতে এনে মহান অনষ্ঠানত অসমৰ সংস্কৃতিয়ে স্থান পোৱাটো অসমীয়াৰ বাবে গৌৰৱৰ বিষয়। অসমৰ সত্ৰীয়া নৃত্য প্রদর্শনৰ বাবে আমন্ত্ৰিত হয় সংগীত নাটক অকাডেমীৰ ওস্তাদ বিচমিল্লা খাঁ যুৱ পুৰস্কাৰৰে বিভূষিত মৃদুস্মিতা দাস।(Mridusmita Das Bora)

তেওঁক সহযোগ কৰিছে আন এগৰাকী নিপুণ সত্ৰীয়া নৃত্য শিল্পী ৰাজীৱ দাসে। তেওঁলোক দুয়োরে ১৩ ছেপ্টেম্বৰ দিনা সন্ধিয়া প্ৰায় ৪০ মিনিট সময় নান্দনিক ৰূপত প্ৰদৰ্শন কৰা সত্ৰীয়া নৃত্যই ৰসিক দর্শকসকলক সন্মোহিত কৰি ৰাখে। জাউৰিয়ে জাউৰিয়ে হাত চাপৰি বজাই শিল্পী দুগৰাকীৰ নৃত্য প্রতিভাক দর্শক শ্রোতাই সন্মান জনোৱাটো অসমৰ সত্ৰীয়া নৃত্যশৈলীৰ বাবে নিশ্চয় গৌৰৱ আৰু আনন্দৰ বিষয়।

এইবাৰৰ সমাৰোহত অংশগ্ৰহণ কৰা বিশিষ্ট শিল্পীসকলৰ ভিতৰত নৃত্য পটিয়সী তথা সাংসদ হেমা মালিনী, কবি কুমাৰ বিশ্বাস, পদ্মশ্রী দেবযানী, মীনাক্ষী শেষাদ্রী, ভূপেন্দ্ৰ বেৰধ, পূর্ণাশ্রী বার্ডত, দ্বীপান্বিতা সৰকাৰ, পদ্মশ্ৰী ৰঞ্জনা গৌহৰ, ৰাকেশ চৌৰচিয়া, তপচিৰ মহম্মদ, ৰাহুল শর্মা ইত্যাদি। এনে এক মহান সমাৰোহত দৃষ্টিনন্দন সত্ৰীয়া নৃত্য প্ৰদৰ্শন কৰি অসমীয়া সাংস্কৃতিক ক্ষেত্ৰখনক গৌৰৱান্বিত কৰা বাবে মৃদুস্মিতা দাস বৰা প্রশংসাৰ পাত্ৰ।