Home Blog Page 569

BJP Involvement in Online Scam: অনলাইন কেলেংকাৰিত বিজেপিৰ কোনো জড়িত নাই, সেয়ে আমি তদন্তৰ ভাৰ চিবিআইক দিব পাৰিছোঃ মন্ত্ৰী হাজৰিকা

Assam Minister Pijush Hazarika Denies BJP Involvement in Online Scam, Welcomes CBI Investigation
BJP Involvement in Online Scam: অনলাইন কেলেংকাৰিত বিজেপিৰ কোনো জড়িত নাই, সেয়ে আমি তদন্তৰ ভাৰ চিবিআইক দিব পাৰিছোঃ মন্ত্ৰী হাজৰিকা

গুৱাহাটী, ১৬ ছেপ্টেম্বৰঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী(Prime Minister Narendra Modi) আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা(Chief Minister Dr. Himanta Biswa Sarma)ৰ নেতৃত্বত অসমত বিজেপি দল অত্যন্ত শক্তিশালী । ৰাইজে বিজেপি দলক ভাল পায় । সেইবাবে প্ৰত্যেক দিনাই অসমত ২ লাখৰো অধিক লোকে বিজেপি দলৰ সদস্যপদ গ্ৰহণ কৰি আছে। এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰিকাৰ। (BJP Involvement in Online Scam)

বিহালীৰ উপ-নিৰ্বাচন সন্দৰ্ভত মন্তব্য কৰি মন্ত্ৰী হাজৰিকাই কয়- বিহালীত উপ-নিৰ্বাচন হ’ব(Upcoming by-elections)। সেইমৰ্মে দলে মোক বিহালী সমষ্টিৰ দায়িত্ব দিছে। সেয়ে মাজে মাজে আহি আছো। আমি আমি বিহালী ডিগ্ৰী কলেজৰ শিক্ষাৰ্থীসকলৰ সৈতে মত অন্তৰংগ আলাপ কৰিলো। বৰ ভাল লাগিল। লগতে আমি যি চাৰিটা জিলা পৰিষদ আছে তাৰ অন্তৰ্গত পঞ্চায়তসমূহত সমিতি তৈয়াৰ কৰি দিছো।

মন্ত্ৰী হাজৰিকাই কয়- প্ৰতিদিনে কমেও ২ লাখকৈ লোকে বিজেপিৰ সদস্যপদ গ্ৰহণ কৰিছে(Bharatiya Janata Party)। এয়া কোনো সৰু কথা নহয়। বিহালীতো ইয়াৰ ব্যতিক্ৰম ঘটা নাই। মানুহ এজনে এনেয়ে ঘৰত বহিয়েই বিজেপিৰ সদস্য পদ লোৱা নাই। ইয়াৰ বাবে মানুহ এজন অন্তঃকৰণেৰে দলটোক ভাল পাব লাগিব। এটা নিৰ্দিষ্ট প্ৰক্ৰিয়াৰে মানুহ এজনে বিজেপিৰ সদস্য পদ ল’ব লাগে।

অনলাইন ট্ৰেডিং কেলেংকাৰি সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মন্ত্ৰী হাজৰিকাই কয়- বিজেপিৰ কোনোবা ইয়াত জড়িত থাকিলে তদন্তৰ দায়িত্ব চিবিআইক(Central Bureau of Investigation) দিয়ে নেকি? বিজেপিৰ কোনো লোক ইয়াত জড়িত নাই। গতিকে আমি অত্যন্ত দৃঢ়তাৰে এই কেলেংকাৰিৰ তদন্তৰ ভাৰ চিবিআইক দিব পাৰিছো বুলিও মন্ত্ৰী পীযুষ হাজৰিকাই সাংবাদিকৰ আগত প্ৰকাশ কৰে ।

Assam Direct Recruitment Examination: অসমত এডিআৰই নিযুক্তি পৰীক্ষা সুচাৰুৰূপে চলোৱাৰ বাবে মুখ্যমন্ত্ৰীৰ প্ৰশংসা

Assam CM Himanta Biswa Sarma Praises Smooth Conduct of Assam Direct Recruitment Examination (ADRE)
Assam Direct Recruitment Examination: অসমত এডিআৰই নিযুক্তি পৰীক্ষা সুচাৰুৰূপে চলোৱাৰ বাবে মুখ্যমন্ত্ৰীৰ প্ৰশংসা

গুৱাহাটী, ১৬ ছেপ্টেম্বৰঃ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা(Assam CM Himanta Biswa Sarma)ই প্ৰথম অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা (Assam Direct Recruitment Examination) সফল আৰু শান্তিপূৰ্ণভাৱে পৰিচালনা কৰাৰ বাবে ইয়াৰ সৈতে জড়িত বিষয়া-কৰ্মচাৰীসকলক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছে।

ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত(Social media platform X) মুখ্যমন্ত্ৰীগৰাকীয়ে চৰকাৰৰ কৰ্মশক্তিয়ে কোনো ধৰণৰ জটিলতা নোহোৱাকৈ এই উল্লেখযোগ্য পৰীক্ষা দক্ষতাৰে পৰিচালনা কৰাৰ বাবে বিষয়া-কৰ্মচাৰীসকলক প্ৰশংসা কৰে।

মুখ্যমন্ত্ৰীগৰাকীয়ে পৰীক্ষা শান্তিপূৰ্ণভাৱে সম্পন্ন হোৱাৰ কথাটোকে এক কৃতিত্ব বুলি উল্লেখ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় “প্ৰথম এডিআৰই পৰীক্ষা(ADRE) শান্তিপূৰ্ণভাৱে সমাপ্ত হৈছে। কোনো সমস্যা নোহোৱাকৈ এই কাম সফলতাৰে সম্পূৰ্ণ কৰা অসম চৰকাৰৰ সকলো বিষয়া-কৰ্মচাৰীলৈ মোৰ গভীৰ কৃতজ্ঞতা জনাইছোঁ।”

অসমৰ যুৱক-যুৱতীসকলৰ প্ৰতি থকা নিজৰ দায়বদ্ধতাৰ কথা পুনৰবাৰ উল্লেখ কৰি তেওঁ ৰাজ্যৰ চাকৰি প্ৰত্যাশীসকলক দুৰ্নীতিমুক্ত আৰু ন্যায্য প্ৰক্ৰিয়াৰে পৰিচালিত পৰীক্ষাৰ প্ৰতিশ্ৰুতি দিয়ে(Recruitment examinations) ।

উল্লেখ্য যে, তৃতীয় বৰ্গৰ(Grade III posts) ৩১২৭ টা পদৰ বিপৰীতে এই নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ হৈছিল এঘাৰ লক্ষাধিক প্ৰাৰ্থীয়ে। উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাত ৰাজ্যৰ ২৮ খন জিলাৰ ২,৩০৫ টা কেন্দ্ৰত অনুষ্ঠিত কৰা হয় । পুৱা ১০:৩০ বজাৰ পৰা আৰম্ভ হয় এই পৰীক্ষা(Higher Secondary level Grade III posts) । পৰীক্ষাত অৱতীৰ্ণ প্ৰাৰ্থীৰ সংখ্যা আছিল ১১,২৩,২০৪ গৰাকী ।

লগতে পঢ়ক: Assam recruitment exam: ৰাজ্যত অনুষ্ঠিত হ’ল সৰ্ববৃহৎ নিযুক্তি পৰীক্ষা, ৩১২৭ টা পদৰ বিপৰীতে প্ৰার্থী ১১ লক্ষাধিক

Arvind Kejriwal Resignation: কেজৰিৱালৰ পদত্যাগৰ ঘোষণাক সস্তীয়া প্ৰচাৰৰ কৌশল আখ্যা বিজেপিৰ

Arvind Kejriwal Resignation: কেজৰিৱালৰ পদত্যাগৰ ঘোষণাক সস্তীয়া প্ৰচাৰৰ কৌশল আখ্যা বিজেপিৰ
Arvind Kejriwal Resignation: কেজৰিৱালৰ পদত্যাগৰ ঘোষণাক সস্তীয়া প্ৰচাৰৰ কৌশল আখ্যা বিজেপিৰ

গুৱাহাটী, ১৬ ছেপ্টেম্বৰ: দেওবাৰে কাৰাগাৰৰ পৰা মুক্তি পোৱাৰ পিছত দিল্লীৰ মুখ্যমন্ত্রীগৰাকীয়ে প্রথমখন ৰাজহুৱা সভাত মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিব বুলি ঘোষণা কৰিছিল (Arvind Kejriwal Resignation)। তেওঁ কয় , “জনসাধাৰণে মোক পুনৰ নির্বাচন নকৰালৈকে মই মুখ্যমন্ত্রীৰ চকীত বহি নাথাকো ৷ মই প্ৰতিজন মানুহৰ ঘৰলৈ যাম।”

কেজৰিৱালে দাবী কৰে যে বিজেপিয়ে আপ(Aam Aadmi Party) ধ্বংস কৰাৰ উদ্দেশ্যেৰে তেওঁক জেললৈ প্ৰেৰণ কৰিছিল । কেজৰিৱালে কয়, “মোক জে’ললৈ পঠিয়াই আমাৰ দলটো ভাঙি পেলাব বিচাৰিছিল ৷ কিন্তু তেওঁলোকে তেনে কৰিব নোৱাৰিলে । মই সংবিধান বচাব বিচাৰিছিলো, সেইবাবেই জে’লত থকাৰ পিছতো পদত্যাগ কৰা নাছিলো।”

ইফালে অৰবিন্দ কেজৰিৱালে(Delhi Chief Minister Arvind Kejriwal) দিল্লীৰ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিব বুলি কৰা ঘোষণাৰ পিছতেই বিজেপিয়ে(Bharatiya Janata Party) কেজৰিৱালৰ এই ঘোষণাক সস্তীয়া প্ৰচাৰৰ কৌশল আখ্যা দিছে।

গেৰুৱা দলটোৰ মুখপাত্ৰ প্ৰদীপ ভাণ্ডাৰীয়ে(BJP spokesperson Pradeep Bhandari) এই প্ৰসংগত কয় যে, কেজৰিৱালে নিজৰ ভাবমূৰ্তি পুনৰ উজলাবৰ বাবেই এনে ঘোষণা কৰি মানুহক আবেগিক কৰিব বিচাৰিছে ।

ভাণ্ডাৰীয়ে লগতে কয়, “এয়া অৰবিন্দ কেজৰিৱালৰ এক প্ৰচাৰৰ কৌশল । তেওঁ জানে যে দিল্লীৰ জনতাই তেওঁক আৰু সৎ নেতা হিচাবে গণ্য নকৰে। সেয়ে তেওঁ এনে কৌশলৰ জৰিয়তে ভাবমূৰ্তি উজ্জ্বল কৰিব বিচাৰিছে।

উল্লেখ্য যে, চলিত বছৰৰ মাৰ্চ মাহত আবকাৰী দুৰ্নীতিৰ গোচৰত গ্ৰেপ্তাৰ হৈছিল কেজৰিৱাল। ইয়াৰ পিছত ৬ মাহ জেলৰ পৰাই তেওঁ চৰকাৰ চলাইছিল। জেলত থকা সময়ত বিজেপিয়ে বাৰে বাৰে কেজৰিৱালৰ পদত্যাগ দাবী কৰিছিল। দুৰ্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা কেজৰিৱালে মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হোৱাৰ নৈতিক অধিকাৰ হেৰুৱাইছে বুলি দাবী কৰিছিল বিজেপিয়ে।

Assam recruitment exam: ৰাজ্যত অনুষ্ঠিত হ’ল সৰ্ববৃহৎ নিযুক্তি পৰীক্ষা, ৩১২৭ টা পদৰ বিপৰীতে প্ৰার্থী ১১ লক্ষাধিক

Assam recruitment exam Assam Conducts Largest Recruitment Exam
Assam recruitment exam: ৰাজ্যত অনুষ্ঠিত হ’ল সৰ্ববৃহৎ নিযুক্তি পৰীক্ষা, ৩১২৭ টা পদৰ বিপৰীতে প্ৰার্থী ১১ লক্ষাধিক

গুৱাহাটী, ১৬ ছেপ্টেম্বৰ : অসম চৰকাৰে ৰাজ্যৰ নিবনুৱা সমস্যা সমাধানৰ অৰ্থে আয়োজন কৰিলে সৰ্ববৃহৎ নিযুক্তি পৰীক্ষা(Assam recruitment exam)। তৃতীয় বৰ্গৰ পদৰ বাবে আবেদন কৰা স্নাতক আৰু স্নাতকোত্তৰ উত্তীৰ্ণ লাখ লাখ নিবনুৱাই এটা চাকৰিৰ বাবে দেওবাৰে উবুৰি খাই পৰিল প্ৰতিটো পৰীক্ষা কেন্দ্ৰত(Government of Assam) ।

দেওবাৰে ৰাজ্যৰ জিলাই জিলাই নিবনুৱাৰ ভয়াৱহ ছবিখন ভালদৰেই প্ৰকট হ’ল। ৰাজ্য চৰকাৰে অসমৰ নিবনুৱাক কৰ্মসংস্থাপনৰ কোনো বাট দেখুৱাব নোৱাৰ ছবিখনো দেওবাৰে প্ৰকট হৈ পৰিল। সেয়ে দৰমহা যিয়েই হোঁক, চাকৰি এটা যিকোনো প্ৰকাৰে লাগে মনোভাবেৰে স্নাতক আৰু স্নাতকোত্তৰ উতীৰ্ণ বহুতে পৰীক্ষাত অৱতীৰ্ণ হ’ল(Job-seeking graduates and postgraduates)।

পৰীক্ষাৰ বাবেই দেওবাৰে পুৱা প্ৰায় ৮ বজাৰ পৰাই কৰ্তন কৰা হ’ল মোবাইল ইণ্টাৰনেট সেৱা(Mobile internet services) । পূৰ্বে ১০ বজাৰ পৰা ইণ্টাৰনেট সেৱা বন্ধ কৰা হ’ব বুলি কোৱা হৈছিল যদিও বহুতে প্ৰকাশ কৰা মতে বিভিন্ন এলেকাত পুৱা ৮ বজাৰ পৰাই ইণ্টাৰনেট বন্ধ হৈ পৰে।

উল্লেখ্য যে, তৃতীয় বৰ্গৰ ৩১২৭ টা পদৰ বিপৰীতে পৰীক্ষাত অৱতীৰ্ণ হৈছে এঘাৰ লক্ষাধিক প্ৰাৰ্থীয়ে(Grade III posts) । উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাত ৰাজ্যৰ ২৮ খন জিলাৰ ২,৩০৫ টা কেন্দ্ৰত অনুষ্ঠিত কৰা হয় । পুৱা ১০:৩০ বজাৰ পৰা আৰম্ভ হয় এই পৰীক্ষা । পৰীক্ষাত অৱতীৰ্ণ প্ৰাৰ্থীৰ সংখ্যা আছিল ১১,২৩,২০৪ গৰাকী ।

ইফালে এই পৰীক্ষাক কেন্দ্ৰ কৰি দেওবাৰৰ দিনটোত ৰাজ্যৰ প্ৰায়ভাগ বাট-পথত ব্যাপক যান-জঁটৰ সৃষ্টি হয় । গুৱাহাটী মহানগৰীতো পুৱাৰ যান-জঁটে সাধাৰণ মানুহৰ জীৱন প্ৰায় অচল কৰি তোলে।

পৰীক্ষাৰ্থীসকলক পৰীক্ষা কেন্দ্ৰৰ ভিতৰলৈ ম’বাইল, বেগ, পানীৰ বটল, ঘড়ী আদি নিবলৈ দিয়া নহ’ল । আনহাতে চি চি টিভি কেমেৰা নথকা পৰীক্ষা কেন্দ্ৰত তিনিজনকৈ ভিডিঅ’গ্ৰাফাৰৰ ব্যৱস্থা কৰা হয় । তদুপৰি প্ৰত্যেকটো কেন্দ্ৰত এজন ৰাজপত্ৰিত বিষয়া আৰু বিদ্যালয় পৰিদৰ্শকক ছুপাৰভাইজৰ হিচাপে নিযোজিত কৰা হয় । নিবনুৱাসকলে আজি যি আশাৰে পৰীক্ষাত বহিল সেই আশা তেওঁলোকৰ পূৰণ হ’বনে নাই সেয়া সময়ত স্পষ্ট হ’ব ।

Side Effects Of Coconut Oil: সাৱধান! আপুনিও ছালত লগায় নেকি নাৰিকল তেল?

নাৰিকল তেল
নাৰিকল তেল

নাৰিকল তেল ব্যৱহাৰৰ জনপ্ৰিয়তা দিনক দিনে বাঢ়িছে। নাৰিকল তেলে ছালখন মইশ্ব’ৰাইজ, কোমল কৰাৰ লগতে আন বহুতো উপকাৰ প্ৰদান কৰে বুলি জনা যায়। কিন্তু ইয়াৰ স্বাস্থ্যকৰ গুণ থকাৰ পিছতো এই তেল অত্যধিক বা ভুলকৈ ব্যৱহাৰ কৰিলে কিছু পাৰ্শ্বক্ৰিয়া হ’ব পাৰে।(Side Effects Of Coconut Oil)

নাৰিকল তেলত এন্টিবেক্টেৰিয়েল আৰু এন্টিফাংগেল গুণ আছে, এই দুয়োটাই ছালখন সুস্থ কৰি ৰখাত সহায়ক। নাৰিকল তেলত থকা ল’ৰিক এচিড আৰু কেপ্ৰিক এচিডৰ দৰে ফেটি এচিডে ছালখন পৰিষ্কাৰ আৰু উজ্জ্বল কৰি তোলে। লগতে সংক্ৰমণ, ব্ৰণ, ফোলিকুলাইটিছ, চেলুলাইটিছৰ দৰে সমস্যাও প্ৰতিৰোধ কৰে।

কিন্তু নাৰিকল তেল ব্যৱহাৰ কৰোঁতে মনত ৰাখিব এই সমূহ কথা-

নাৰিকল তেলৰ বহু উপকাৰীতা থাকিলেও এই তেলে কিছু সমস্যা সৃষ্টি কৰিব পাৰে। নাৰিকল তেলৰ গধুৰতাই সমস্যা হ’ব পাৰে। সৌন্দৰ্য্য সামগ্ৰীত অতিৰিক্ত পৰিমাণে ব্যৱহাৰ কৰিলে মুখমণ্ডলত বলিৰেখা আৰু ৰেখাৰ সৃষ্টি হ’ব পাৰে। ইয়াৰ উপৰিও নাৰিকল তেল অত্যধিক ব্যৱহাৰ কৰিলেও ছালৰ এলাৰ্জী হ’ব পাৰে।

চিকিৎসকগৰাকীৰ মতে, নাৰিকল তেলত থকা ট্ৰেন্স ফেটে ছালত বাধাৰ সৃষ্টি কৰে, যাৰ ফলত ছালৰ পৰা আৰ্দ্ৰতা ওলাই নাযায়। ইয়াৰ ফলত ছালখন ভিতৰৰ পৰা শুকাই যাব পাৰে।

নাৰিকল তেল ব্যৱহাৰৰ বাবে পিম্পল আৰু ব্ৰণৰ সমস্যাও হ’ব পাৰে। ট্ৰেন্স ফেট আৰু নাৰিকল তেলৰ গধুৰতাৰ বাবে ই কমেড’জেনিক হ’ব পাৰে, অৰ্থাৎ ই ছালৰ ছিদ্ৰবোৰ বন্ধ কৰি দিব পাৰে। ইয়াৰ ফলত ছালত তেলৰ উৎপাদন বৃদ্ধি পাব পাৰে, যাৰ ফলত ব্ৰণৰ সৃষ্টি হ’ব পাৰে।

নাৰিকল তেল ফেচ পেক হিচাপে ব্যৱহাৰ কৰিব পাৰে। এইদৰে আপুনি তেলৰ সুফল লাভ কৰিব পাৰে, দীৰ্ঘ সময় ছালত নাৰাখিব। যদি আপোনাৰ ছাল তেলীয়া হয় তেন্তে গোটেই ৰাতি নলগাব।

তেলীয়া ছালৰ লোকসকলে বিশেষভাৱে ইয়াৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। ইয়াৰ বাহিৰেও যদি আপোনাৰ ছাল সংবেদনশীল, তেন্তে আপুনি সীমিত পৰিমাণত নাৰিকল তেল ব্যৱহাৰ কৰিব।

লগতে পঢ়কঃ Black Pepper Health Benefits: বহু ৰোগৰ মহাষৌধ জালুক! প্ৰতিদিনে পুৱা খালী পেটত খাওক জালুক

England vs Australia 3rd T20I : এইকেইগৰাকী খেলুৱৈৰ ওপৰত এপলক দৃষ্টি

3rd T20I: Players to watch out in England vs Australia
England vs Australia 3rd T20I: এইকেইগৰাকী খেলুৱৈৰ ওপৰত এপলক দৃষ্টি
জেকব বেথেল(Jacob Bethell): আন্তঃৰাষ্ট্ৰীয় চাৰ্কিটত নিজকে পৰিচয় কৰি দিয়াৰ লগতে ইংলেণ্ডৰ হৈ দ্বিতীয়খন মেচত ২৪টা বলতত ৪৪ ৰান সংগ্ৰহ কৰিছিল।
ট্ৰেভিছ হেড(Travis Head): ট্ৰেভিছ হেডে শেহতীয়াকৈ এৰন ফিঞ্চক অতিক্ৰম কৰি এটা কেলেণ্ডাৰ বৰ্ষত এজন অষ্ট্ৰেলিয়ানৰ দ্বাৰা সৰ্বাধিক টি-২০ ইণ্টাৰনেশ্যনেলত ছিক্সাৰ মাৰিছিল। তেওঁ ইতিমধ্যে নিজৰ দুটা ইনিংছত ৯০ ৰান সংগ্ৰহ কৰিছে।
লিয়াম লিভিংষ্টন(Liam Livingstone): ইংলেণ্ডৰ লিয়াম লিভিংষ্টনে টি-২০ ছিৰিজৰ দ্বিতীয়খন খেলত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৪৭ টা বলত ৮৭ ৰান সংগ্ৰহেৰে মেচ-উইনিং প্ৰদৰ্শন আগবঢ়াই টি-২০ ছেট-আপত চাৰি নম্বৰত অৱতীৰ্ণ হ’বলৈ সক্ষম হৈছিল। তাৰোপৰি দুখন খেলত তেওঁ ৫ টা উইকেট দখল কৰিছে।
জেক ফ্ৰেজাৰ-মেকগাৰ্ক(Jake Fraser-McGurk): ২২ বছৰীয়া যুৱকজনে টি-২০ ইণ্টাৰনেশ্যনেল ছিৰিজৰ দ্বিতীয়খন খেলত অৰ্ধশতক ৰান সংগ্ৰহ কৰা ২য় কনিষ্ঠ অষ্ট্ৰেলিয়ান হিচাপে পৰিগণিত হৈছে। ইতিমধ্যে তেওঁ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)ত নিজৰ সম্ভাৱনা প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে।
মেথিউ শ্বৰ্ট(Matthew Short): টি-২০ ইণ্টাৰনেশ্যনেলৰ এই ছিৰিজত মেথিউ শ্বৰ্টে এজন অষ্ট্ৰেলিয়ান হিচাপে ৩য় শ্ৰেষ্ঠ বলিং স্পেল বিচাপে পঞ্জীয়ন কৰিবলৈ সক্ষম হয় । তেওঁ প্ৰথমখন খেলত ২৬টা বলত ৪১ ৰান সংগ্ৰহ কৰাৰ ওপৰিও দ্বিতীয়খন খেলত ২২ ৰানৰ বিপৰীতে ৫ টা উইকেট দখল কৰিছিল।

Eye Check-Up Camp: মালিগাৱঁত লায়নচ ক্লাবৰ উদ্যোগত বিনামূলীয়া চকু পৰীক্ষা শিবিৰ

মালিগাঁৱত চকু পৰীক্ষা শিবিৰ
মালিগাঁৱত চকু পৰীক্ষা শিবিৰ

মালিগাঁও চাটেলগেটত অৱস্থিত কালী মন্দিৰ প্ৰাংগনত আজি এক বিনামূলীয়া চকু পৰীক্ষা শিবিৰ সম্পন্ন হয়। লায়নচ ক্লাৱ অফ ৰিভাৰভিউৰ উদ্যোগত আৰু মালিগাওঁ চাটেলগেট কালী মন্দিৰ উন্নয়ন কমিটিৰ সহযোগত উক্ত অনুষ্ঠানটো অনুষ্ঠিত হয়।(Free eye check-up camp at lions club’s initiative in Maligaon)

শংকৰদেৱ নেত্ৰালয়ৰ সঞ্চালক কস্তুৰী ভট্টাচাৰ্যৰ নেতৃত্বত অহা নেত্ৰালয়ৰ চিকিৎসকৰ এটা দলে স্থানীয় ৰাইজৰ চকু পৰীক্ষা কৰে। এই শিবিৰত দুশৰো অধিক পুৰুষ-মহিলাই চকু পৰীক্ষা কৰে। মালিগাঁও চাটেলগেট কালী মন্দিৰ উন্নয়ন সমিটিৰ সভাপতি ধ্বজেন দাস আৰু সাধাৰণ সম্পাদক উত্তম বৰুৱাই চকু পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰাত সহযোগ কৰা বাবে লায়নচ ক্লাৱ অফ ৰিভাৰভিউ আৰু শংকৰদেৱ নেত্ৰালয়ৰ সমূহ চিকিৎসকক কৃতজ্ঞতা জনায়।

Arvind Kejriwal to resign as Delhi CM:পদত্যাগ কৰিব অৰবিন্দ কেজৰিৱালে! কোন হ’ব দিল্লীৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী

পদত্যাগ কৰিব অৰবিন্দ কেজৰিৱালে
পদত্যাগ কৰিব অৰবিন্দ কেজৰিৱালে

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ডাঙৰ ঘোষণা। দুদিনৰ পাছত মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰিব বুলি মন্তব্য কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। ইয়াৰ সমান্তৰালকৈ তেওঁ দিল্লীতো আগতীয়াকৈ নিৰ্বাচনৰ দাবী জনাইছে। দেওবাৰে তেওঁ আপৰ নতুন কার্যালয়ৰ পৰা দলীয় কৰ্মীসকলক সম্বোধন কৰি তেওঁ কয় যে তেওঁ দোষমুক্ত নোহোৱালৈকে মুখ্যমন্ত্রীৰ পদত বহিব নোৱাৰিব ৷ দুদিনৰ ভিতৰত তেওঁ পদত্যাগ কৰিব আৰু ঘোষণা কৰা হ’ব নতুন মুখ্যমন্ত্ৰীৰ নাম। (Arvind Kejriwal to resign as Delhi Chief Minister)

আম আদমী পাৰ্টিৰ কৰ্মীক সম্বোধন কৰি অৰবিন্দ কেজৰিৱালে পদত্যাগ ঘোষণা কৰে। তেওঁ কয় যে জনসাধাৰণৰ আশীৰ্বাদত বিজেপিৰ সকলো ষড়যন্ত্ৰ প্ৰতিহত কৰাৰ শক্তি আমাৰ আছে। বিজেপিৰ আগত আমি বিক্ৰী নহওঁ। আমি আজি দিল্লীৰ বাবে ইমানখিনি কৰিব পাৰিলোঁ কাৰণ আমি সৎ। আজি তেওঁলোকে আমাৰ সততাক লৈ ভয় কৰে কাৰণ সেয়া সৎ নহয়। ‘টকাক ক্ষমতালৈ আৰু ক্ষমতাৰ পৰা ধনলৈ’ এই খেলৰ অংশ হৈ যোৱা নাছিলোঁ৷ দুদিন পিছত মই মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰিম। আদালতৰ পৰা ন্যায় পালোঁ, এতিয়া ৰাজহুৱা আদালতে মোক ন্যায় দিব।(Arvind Kejriwal resign)

মুখ্যমন্ত্ৰী কেজৰিৱালে কয় যে জনসাধাৰণে ৰায় নিদিয়ালৈকে মই মুখ্যমন্ত্ৰীৰ চকীত নবহো। আজিৰ পৰা কেইমাহমানৰ পিছত দিল্লী নিৰ্বাচন, কেজৰিৱালক যদি সৎ বুলি ভাবে, তেন্তে আগন্তুক নিৰ্বাচনত মোৰ পক্ষত ভোট দিয়ক। আপোনাৰ প্ৰতিটো ভোট মোৰ সততাৰ প্ৰমাণ পত্ৰ হ’ব। তেওঁলোকে অভিযোগ কৰিছে যে কেজৰিৱাল চোৰ, মই ক্ষমতাৰ খেল খেলিবলৈ অহা নাই, দেশৰ বাবে কিবা এটা কৰিবলৈ আহিছো। ১৪ বছৰৰ মূৰত যেতিয়া ভগৱান ৰাম বনবাসৰ পৰা উভতি আহিছিল, তেতিয়া মাতৃ সীতাই সেই কষ্ট পাৰ কৰিবলগীয়া হৈছিল। আজি জেলৰ পৰা আহি অগ্নিপৰীক্ষা দিবলৈ সাজু হৈছো।

কেজৰিৱালে কয়, ‘দেশৰ সকলো অবিজেপি মুখ্যমন্ত্রীক মই হাতযোৰ কৰি আবেদন জনাইছো, যদি প্ৰধানমন্ত্ৰীয়ে আপোনালোকৰ বিৰুদ্ধে ভুৱা গোচৰ ৰুজু কৰি জেলত ভৰাই, তেন্তে কোনো কাৰণতে পদত্যাগ নকৰিব। জেলৰ পৰা ওলাই অহাৰ পিছত এইটোৱেই হৈছে দিল্লীৰ মুখ্যমন্ত্ৰীৰ প্ৰথম ভাষণ।(arvind kejriwal)

Delhi CM Arvind Kejriwal: তিহাৰ জেইলৰ পৰা মুক্তিৰ পিছতে প্ৰথমবাৰৰ বাবে দলীয় কাৰ্যালয়ত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল

Delhi CM Arvind Kejriwal: তিহাৰ জেইলৰ পৰা মুক্তিৰ পিছতে প্ৰথমবাৰৰ বাবে দলীয় কাৰ্যালয়ত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল
Delhi CM Arvind Kejriwal: তিহাৰ জেইলৰ পৰা মুক্তিৰ পিছতে প্ৰথমবাৰৰ বাবে দলীয় কাৰ্যালয়ত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল

জেইলৰ পৰা মুক্তিৰ পিছতে দলৰ কাৰ্যালয়ত উপস্থিত কেজৰিৱাল

দিল্লী, ছেপ্টেম্বৰ ১৫: দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টীৰ (AAP) ৰাষ্ট্ৰীয় সংযোজক অৰবিন্দ কেজৰিৱালে(Delhi CM Arvind Kejriwal) তিহাৰ জেইলৰ পৰা মুক্তি পোৱাৰ পিছতে দেওবাৰে দলৰ কাৰ্যালয়ত উপস্থিত হয় । শুকুৰবাৰ নিশা তিহাৰ জেইলৰ পৰা মুক্তি লাভ কৰাৰ পিছত এইয়া আছিল তেওঁৰ প্ৰথমটো দলীয় কাৰ্যালয় ভ্ৰমণ(Aam Aadmi Party)।

ভাৰতবাসীক উদ্দেশ্যি কেজৰিৱালৰ আহ্বান

পঞ্জাবৰ মুখ্যমন্ত্ৰী ভাগৱন্ত মানে(Punjab CM Bhagwant Mann) কেজৰিৱালে ৰাষ্ট্ৰৰ উদ্দেশ্যে ভাষণ প্ৰদান কৰিব বুলি উল্লেখ কৰি কয়, “তেওঁ জেইলৰ পৰাই দলৰ একতা অক্ষুন্ন ৰাখিবলৈ সক্ষম হৈছিল। একেধৰণে বাহিৰত থকা আম আদমী পাৰ্টীৰ কৰ্মীসকলেও একতাৰ ধাৰাটো সুন্দৰকৈ বৰ্তাই ৰাখিছিল । দেশৰ আন কোনো দলে এনে ধৰণৰ সমস্যাৰ সন্মুখীন হোৱা হ’লে, এতিয়ালৈ তেওঁলোকৰ দলেই নাথাকিলেহেঁতেন।”


হাৰিয়ানাত নিৰ্বাচনী প্ৰচাৰত অংশ ল’ব কেজৰিৱালে

কাৰাগাৰৰ(Tihar Jail) পৰা মুক্তিৰ পিছত শনিবাৰে কেজৰিৱালে দলৰ শীৰ্ষ নেতৃত্বৰ সৈতে এক গুৰুত্বপূর্ণ বৈঠকত মিলিত হয় । উক্ত বৈঠকত হাৰিয়ানাৰ আগন্তুক বিধানসভা নিৰ্বাচন আৰু দিল্লীত দলটোৰ আভ্যন্তৰীণ বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰা হয় । এই গুৰুত্বপূর্ণ বৈঠকৰ অন্তত AAP নেতৃত্বই জানিবলৈ দিয়ে যে, কেজৰিৱালে হাৰিয়ানাত নিৰ্বাচনী প্ৰচাৰৰ আৰম্ভ কৰিব, য’ত দলটোৱে ৯০ খন আসনৰ আটাইকেইখনতে প্রতিদ্বন্দ্বিতা আগবঢ়াব।

আপৰ সাধাৰণ সম্পাদক আৰু সংসদীয় সদস্য সন্দীপ পাঠকে সংবাদ মাধ্যমক কয় যে তেওঁলোকৰ দলে সম্পূৰ্ণ শক্তিৰে এই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব। এই গুৰুত্বপূৰ্ণ বৈঠকখন দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিছ’দিয়াৰ(Former Deputy Chief Minister Manish Sisodia) বাসগৃহত অনুষ্ঠিত হৈছিল। বৈঠকত শীৰ্ষ নেতা সঞ্জয় সিং আৰু গোপাল ৰাইকে আদি কৰি বহুকেইগৰাকী শীৰ্ষ নেতৃত্ব উপস্থিত আছিল ।


অৰবিন্দ কেজৰিৱালক লৈ ৰাজপথত শোভাযাত্ৰা

অৰবিন্দ কেজৰিৱালে তিহাৰ জেইলৰ পৰা মুক্তি লাভৰ পিছতে চান্দগিৰাম আখাৰাৰ পৰা তেওঁৰ চৰকাৰী বাসভৱনলৈকে এই পথচোৱাৰে এক শোভাযাত্ৰা বাহিৰ কৰা হয়। শুকুৰবাৰে সন্ধিয়া চুপ্ৰীম কোৰ্টৰ পৰা পোৱা জামিনৰ পাছত তেওঁ মুক্তি লাভ কৰিছিল । দিল্লী আবকাৰী নীতি কেলেংকাৰীৰ সৈতে জড়িত এটা গোচৰত কাৰাবাসত থকা কেজৰিৱালৰ জামিন মঞ্জুৰ কৰা হৈছিল। কেজৰিৱালৰ অধিবক্তাই উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ উদ্ধৃত দি চিবিআইৰ বিশেষ ন্যায়াধীশৰ সন্মুখত তেওঁৰ মুক্তিৰ বাবে জামিন বণ্ড প্ৰদান কৰিছিল ।

অৰবিন্দ কেজৰিৱালে মুক্তি লাভৰ লগে লগে তিহাৰ জেইলৰ সন্মুখত আপৰ নেতা আৰু সমৰ্থকসকলে তেওঁক উষ্ম আদৰণি জনাই । তাৰোপৰি তেওঁৰ বাসভৱনৰ বাহিৰতো সমৰ্থকসকলে ফটকা ফুটাই আনন্দ উলাহ কৰা দেখিবলৈ পোৱা যায়।

শুকুৰবাৰে চুপ্ৰীম কোৰ্টে কেজৰিৱালক জামিন প্ৰদান কৰি কয় যে, দীৰ্ঘকালৰ বাবে কাৰাবাস খটাটো অন্যায়ভাৱে কৰা স্বাধীনতাৰ বঞ্চনাৰ সমান। শীৰ্ষ আদালতে কেজৰিৱালৰ মুক্তিৰ লগত কিছু চৰ্তও বান্ধি দিছে । জনতাৰ সন্মুখত তেওঁ বিষয়টোৰ সন্দৰ্ভত কোনো মন্তব্য প্ৰকাশ কৰিব নোৱাৰিব আৰু ৰেহাই নোপোৱালৈকে পৰৱৰ্তী সকলো শুনানিত তেওঁ আদালতত উপস্থিত থাকিব লাগিব ।

লগতে পঢ়ক:Arvind Kejriwal bail: মুকলি আকাশৰ তললৈ আহি কেজৰিৱালে সমৰ্থকক ক’লে: মোৰ শক্তি দুগুণ হ’ল

CBI Arrested Sandeep Ghosh: কলকাতা আৰ জি কৰ হাস্পতালৰ জঘন্য কাণ্ডৰ গোচৰত গ্ৰেপ্তাৰ হ’ল সন্দীপ ঘোষ, অভিজীত মণ্ডল!

গ্ৰেপ্তাৰ হ’ল সন্দীপ ঘোষ
গ্ৰেপ্তাৰ হ’ল সন্দীপ ঘোষ

কলকাতা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষ আৰু তালা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অভিজিৎ মণ্ডলক কলকাতাৰ আৰ জি কাৰ চিকিৎসা মহাবিদ্যালয়ত এগৰাকী প্ৰশিক্ষাৰ্থী চিকিৎসকক অপকৰ্ম আৰু হত্যাৰ গোচৰত চিবিআইয়ে গ্ৰেপ্তাৰ কৰিছে।(CBI arrested sandeep ghosh and abhijit mandal in kolkata rape murder case)

কলকাতাৰ আৰ জি কৰ হাস্পতালৰ মহিলা চিকিৎসকক অপকৰ্ম আৰু হত্যাৰ ঘটনাৰ সৈতে জড়িত এইবাৰ সন্দীপ ঘোষক গ্ৰেপ্তাৰ কৰিলে চিবিআইয়ে। ঘোষৰ লগতে চিবিআইয়ে তালা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অভিজিত মণ্ডলকো গ্ৰেপ্তাৰ কৰিছে।(Kolkata Case)

ইয়াৰ পূৰ্বেও আৰ জি কৰ হাস্পতালৰ দুৰ্নীতিৰ তদন্তত সন্দীপ ঘোষক গ্ৰেপ্তাৰ কৰিছিল চিবিআয়ে। চিবিআইৰ কলকাতা মুখ্য কাৰ্যালয়ত তেওঁক অহৰহ জেৰা চলি আছিল। এই সময়ছোৱাত সন্দীপ ঘোষৰ লগতে চিবিআইয়েও বহু ঠাইত অভিযান চলাই বহু জটিল প্ৰশ্ন সুধিছিল, যাৰ কোনো স্পষ্ট উত্তৰ দিব নোৱাৰিলে। সূত্ৰ অনুসৰি, ইয়াৰ পিছত চিবিআইয়ে তেওঁক এই কাণ্ডত সন্দেহজনক ভূমিকা পোৱা প্ৰমাণৰ ভিত্তিত গ্ৰেপ্তাৰ কৰে।

ইয়াৰ সমান্তৰালকৈ তালা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অভিজিত মণ্ডলকো গোচৰটোৰ সঠিক তদন্ত নকৰাৰ লগতে হত্যাকাণ্ডটোক আত্মহত্যা ঘটনা কৰি তোলাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে। গ্ৰেপ্তাৰ কৰাৰ পূৰ্বে চিবিআইয়ে এছএইচঅ’ অভিজীত মণ্ডলক জেৰা চলাইছিল। এই সময়ছোৱাত তেওঁক আৰ জি কৰ হাস্পতালত মৃতদেহ উদ্ধাৰ হোৱা যুৱতীগৰাকীৰ তদন্তত চিকিৎসকৰ অৱহেলাৰ সৈতে জড়িত বহু প্ৰশ্ন কৰিছিল। সূত্ৰৰ পৰা জানিব পৰা মতে, এছ এইচ অ’ই সেই প্ৰশ্নসমূহৰ সঠিক উত্তৰ দিব পৰা নাছিল, তাৰ পিছত CBI এ তেওঁক গ্ৰেপ্তাৰ কৰে।

৯ আগষ্টৰ পুৱা কলকাতাৰ আৰ জি কাৰ হস্পিতালৰ এগৰাকী কনিষ্ঠ চিকিৎসকক তৃতীয় মহলাৰ চেমিনাৰ হলত ​​মৃত অৱস্থাত উদ্ধাৰ হৈছিল। মৃতদেহৰ মৰণোত্তৰ পৰীক্ষাৰৰ প্ৰতিবেদনত যুৱতীগৰাকীৰ সৈতে অপকৰ্ম কৰি হত্য়া কৰাৰ তথ্য পোৱা গৈছিল। এই ঘটনাৰ সৈতে ১৪ জন জড়িত বুলি জানিব পৰা গৈছিল। এই গোচৰত আৰক্ষীয়ে মূল অভিযুক্ত হিচাপে গ্ৰেপ্তাৰ কৰিছিল নাগৰিক স্বেচ্ছাসেৱক সঞ্জয় ৰয়ক। পিছত পৰিয়ালৰ লোকৰ দাবীত কলকাতা উচ্চ ন্যায়ালয়ে গোচৰৰ তদন্ত চিবিআইক অৰ্পণ কৰে।