Home Blog Page 570

Deepika Padukone Daughter: ঐশ্বৰ্য-অনুষ্কাৰ পিছতে দীপিকা পাডুকন! সন্তানৰ যত্ন নিজেই ল’ব দীপিকাই…

দীপিকা পাডুকন
দীপিকা পাডুকন

চলিত বৰ্যৰ ৮ ছেপ্টেম্বৰত দীপিকা পাডুকন আৰু ৰণবীৰ সিং এগৰাকী কন্যা সন্তানৰ পিতৃ-মাতৃ হয়। দুয়োগৰাকী তাৰকাৰ অনুৰাগীৰ পৰা আৰম্ভ কৰি বলীউডৰ সকলোৱে অভিনন্দন জনায়। ইফালে আ এখ খবৰ চৰ্চালৈ আহিছে যে দীপিকাই কন্যাৰ বাবে নেনী নিয়োগ নকৰে। (Deepika Padukone To Not Have Nanny For Her Daughter)

গণেশ চতুৰ্থীৰ দ্বিতীয় দিনা দীপিকা পাডুকন আৰু ৰণবীৰ সিং এগৰাকী মৰমলগা কন্যা সন্তান জন্ম হয়। ৰণবীৰৰ ইচ্ছা আছিল কন্যা সন্তানৰ পিতৃ হোৱা আৰু এতিয়া এই সপোন পূৰণ হ’ল। কাৰণ তেওঁৰ কন্যা সন্তানটি তেওঁৰ পত্নী দীপিকাৰ দৰেই। শ্বাহৰুখ খান আৰু আম্বানী পৰিয়ালেও হাস্পতালত দীপিকাৰ খবৰ লৈছিল। এতিয়া এই দম্পতীয়ে সন্তানটিক ঘৰলৈ অনাৰ সম্পূৰ্ণ প্ৰস্তুতি চলাইছে।(Deepika Padukone)

ইফালে খবৰ ওলাইছে যে দীপিকা পাডুকনে হয়তো নিজৰ কন্যাৰ বাবে নেনী নিয়োগ নকৰে। সূত্ৰ অনুসৰি দীপিকাই নিজেই কন্যাৰ যত্ন লোৱাৰ ক্ষেত্ৰত ঐশ্বৰ্য ৰায় বচ্চন আৰু অনুষ্কা শৰ্মাক অনুসৰণ কৰিব। কেৱল এয়াই নহয়, ৰণবীৰ-আলিয়া আৰু অনুষ্কা-বিৰাটৰ দৰে দীপিকা আৰু ৰণবীৰেও নিজৰ কন্যাৰ ফটো সংবাদ মাধ্যমৰ পৰা আঁতৰাই ৰাখিব আৰু উপযুক্ত সময় আহিলেহে কেমেৰা সন্মুখলৈ আনিব।

অৱশ্যে এই খবৰসমূহ নিশ্চিত হোৱা নাই বৰ্তমানলৈকে। আনহাতে ঐশ্বৰ্য ৰায় বচ্চনে কন্যা আৰাধ্যাক চোৱা-চিতা কৰিবলৈ কোনো নেনীৰ সহায় লোৱা নাছিল। জয়া বচ্চনেও তেওঁক প্ৰশংসা কৰি ‘হেণ্ডছ-অন-মম’ বুলি টেগ কৰিছিল। গতিকে দীপিকাইও কন্যাৰ বাবে এই পথ গ্ৰহণ কৰিব পাৰে। ইয়াৰ উপৰিও আলিয়া-ৰণবীৰ কাপুৰ আৰু অনুষ্কা শৰ্মা-বিৰাট কোহলীয়ে দীৰ্ঘদিন ধৰি সংবাদ মাধ্যমৰ পৰা আঁতৰত ৰাখিছিল নিজৰ কন্যাৰ ফটো। যোৱা বছৰ আলিয়া-ৰণবীৰে কন্যা ৰহাৰ মুখ দেখুৱাইছিল। এনে পৰিস্থিতিত দীপিকা-ৰণবীৰেও তেওঁলোকৰ কন্যাক সংবাদ মাধ্যমৰ পৰা আঁতৰাই ৰাখিব পাৰে।

দীপিকা আৰু ৰণবীৰে ইনষ্টাগ্ৰামত এটা পোষ্ট শ্বেয়াৰ কৰি তেওঁলোকৰ অনুৰাগীৰ লগতে বলীউডৰ সকলো চেলিব্ৰিটিৰ সৈতে এই বিশেষ খবৰটো শ্বেয়াৰ কৰি লিখিছিল ‘Welcome baby girl’। ইয়াৰ পিছতে সকলো অনুৰাগীৰ লগতে বলীউডৰ তাৰকাসকলেও দম্পতীহালক অভিনন্দন জনাই।

লগতে পঢ়কঃAkshay Kumar Announces Horror Comedy Movie: জন্মদিনত নতুন ভয়ানক হৰৰ কমেডী ছবি ঘোষণা অভিনেতা অক্ষয় কুমাৰৰ

Black Pepper Health Benefits: বহু ৰোগৰ মহাষৌধ জালুক! প্ৰতিদিনে পুৱা খালী পেটত খাওক জালুক

মহাষৌধ জালুক
মহাষৌধ জালুক

ক’লা জালুক এনে এবিধ মছলা, যি বিধ মছলা ভাৰতৰ প্ৰায় প্ৰতিখন ঘৰৰ পাকঘৰতে পোৱা যায়। জালুকৰ সহায়ত আপুনি খাদ্যৰ সোৱাদ বৃদ্ধি কৰিব পাৰে। জালুক আয়ুৰ্বেদিক ঔষধতকৈ কম নহয়, জালুকত থকা কেপচাইচিন(Capsaicin)শৰীৰৰ বাবে অতি উপকাৰী।(Black Pepper Health Benefits) প্ৰতিদিনে পুৱা খালী পেটত যদি ক’লা জালুক গৰম পানীৰ সৈতে মিহলি কৰি সেৱন কৰে তেন্তে ই স্বাস্থ্যৰ বাবে অতি উপকাৰী হ’ব পাৰে। আহকচোন জানো ক’লা জালুকে স্বাস্থ্যৰ কিদৰে উপকাৰ কৰে। ক’লা জালুক খোৱাৰ ৭ টা উপকাৰ-

১/ ক’লা জালুকে ষ্টেমিনা বৃদ্ধি কৰে

কুহুমীয়া পানীৰ সৈতে ক’লা জালুক খালে শাৰীৰিক ষ্টেমিনা বৃদ্ধি পায়। লগতে শৰীৰত পানীৰ অভাৱ নিয়ন্ত্ৰিত হয়। বিশেষকৈ শ্ৰমিক পুৰুষৰ বাবে ই অতি স্বাস্থ্যকৰ পানীয়।

২/ পেটৰ সমস্যা নাইকিয়া হৈ যাব
যদি পেটত গেছ বা এচিডিটি থাকে, তেন্তে নেমুৰ ৰসত এচিকুট ক’লা নিমখ আৰু ক’লা জালুকৰ গুড়ি মিহলাই খাব। দেখিব ক্ষন্তেকতে বিষৰ পৰা উপশম পাব।

৩/ টেনচন নাইকিয়া হ’ব
ক’লা জালুকত পাইপেৰিন থাকে আৰু ইয়াৰ এন্টি-ডিপ্ৰেছন গুণ আছে। যাৰ বাবে ক’লা জালুকে মানুহক উত্তেজনা আৰু হতাশা দূৰ কৰাত সহায় কৰে।

৪) আঁঠু দুৰ্বল নহ’ব
ক’লা জালুকে আঁঠুৰ বিষৰ পৰা সোনকালে সকাহ দিয়ে। ক’লা জালুক, নিমখ সমান পৰিমাণে মিহলাই গুড়ি বনাই সৰিয়হৰ তেল কেইটোপালমান মিহলাই দাঁতত লগাই আধা ঘণ্টাৰ পিছত মুখখন পৰিষ্কাৰ কৰক। ইয়াৰ ফলত আপোনাৰ দাঁত আৰু আঁঠুৰ বিষৰ সমস্যাও দূৰ হ’ব।

৫/ কেন্সাৰ প্ৰতিৰোধ কৰিব
ক’লা জালুক খোৱাটো মহিলাৰ বাবে অতি উপকাৰী। ক’লা জালুকত ভিটামিন চি, ভিটামিন এ, ফ্লেভন’ইড, কেৰটিন আৰু অন্যান্য এন্টিঅক্সিডেন্ট থাকে, যাৰ ফলত মহিলাৰ স্তন কেন্সাৰ হোৱাৰ সম্ভাৱনা হ্ৰাস পায়।

৬/ ঠাণ্ডাৰ সমস্যা নাইকিয়া হ’ব
ইয়াৰ বাহিৰেও ঠাণ্ডাৰ দিনত গৰম গাখীৰৰ লগত মিহলি কৰি ক’লা জালুক খালে সকাহ পোৱা যায়। ইয়াৰ বাহিৰেও যদি বাৰে বাৰে ঠাণ্ডা লাগে তেন্তে অবিৰতভাৱে হাঁচি আহি থাকে, তেতিয়া ক’লা জালুক প্ৰতিদিনে এটাকৈ বৃদ্ধি কৰি পোন্ধৰটালৈকে আৰু তাৰ পিছত প্ৰতিদিনে এটাকৈ কমাই পোন্ধৰৰ পৰা এক হোৱালৈকে খাব। এইদৰে আপুনি ঠাণ্ডাৰ সমস্যাৰ পৰা সকাহ পাব।

৭) পানীলগা সমস্যা নাইকিয়া হৈ যাব
যদি আপোনাৰ পানীলগাৰ সমস্যা আছে তেন্তে কুহুমীয়া পানীৰ সৈতে ক’লা জালুক সেৱন কৰিলে শৰীৰত পানীৰ নাটনি ৰোধ হয়। ইয়াৰ ফলত শৰীৰ ভাগৰুৱাও নহয়। ইয়াৰ লগতে ছালত কোনো শুকানতা নাথাকে।

লগতে পঢ়কঃ Health benefits of drinking coffee: অপকাৰিতাই নহয়, উপকাৰিতাও আছে কফিৰ!

Bimal Bora: সংস্কাৰ ভাৰতীৰ উত্তৰ অসম প্ৰান্তৰ ত্ৰি বাৰ্ষিক অধিবেশন আৰু শিল্পী সমাৰোহ

Bimal Bora: সংস্কাৰ ভাৰতীৰ উত্তৰ অসম প্ৰান্তৰ ত্ৰি বাৰ্ষিক অধিবেশন আৰু শিল্পী সমাৰোহ
Bimal Bora: সংস্কাৰ ভাৰতীৰ উত্তৰ অসম প্ৰান্তৰ ত্ৰি বাৰ্ষিক অধিবেশন আৰু শিল্পী সমাৰোহ

সাংস্কৃতিক বিনিময়ৰ জৰিয়তে আমি ভাৰতৰ মহান ঐতিহ্যক শক্তিশালী কৰিব লাগিব -সাংস্কৃতিক মন্ত্রী বিমল বড়া-Cultural Minister Bimal Bora


Cultural Minister Bimal Bora: গুৱাহাটী ১৪ছেপ্টেম্বৰ:’পাচঁহাজাৰ বছৰীয়া মহান ঐতিহ্যৰে সমৃদ্ধ ভাৰতীয় সংস্কৃতিকলৈ আমি প্ৰতিগৰাকী ভাৰতীয় গৌৰৱান্বিত’ -সংস্কাৰ ভাৰতী, উত্তৰ অসম প্ৰান্তৰ ত্ৰিবাৰ্ষিক অধিবেশন আৰু শিল্পী সন্মিলন উপলক্ষে পাঞ্জাবাৰীৰ শিল্প গ্ৰাম প্ৰেক্ষাগৃহত আয়োজিত উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাবে প্ৰদান কৰা ভাষণত এইদৰে কয় ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা, উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বড়াই।ভাষণ প্ৰসংগত সাংস্কৃতিক মন্ত্ৰী বড়াই সাংস্কৃতিক বিনিময়ৰ জৰিয়তে ভাৰতৰ মহান ঐতিহ্যক শক্তিশালী কৰিব লাগিব বুলি উল্লেখ কৰি যুগ যুগ ধৰি নিৰবধি আমাৰ বৈচিত্র্যময় সাংস্কৃতিক পৰম্পৰাই আমাক বিশ্বত উজলাই ৰাখিছে বুলিও কয়। Bimal Bora:

শিল্পী সকল সাংস্কৃতিক দূত বুলি উল্লেখ কৰি মন্ত্ৰী গৰাকীয়ে আমাৰ সাংস্কৃতিক বৈভৱ সমূহক উপযুক্ত ধৰণে উপস্থাপনৰ ক্ষেত্রত শিল্পীসকলৰ গধূৰ দায়িত্ব আছে বুলিও কয়।দেশৰ চহকী সাংস্কৃতিৰ উপযুক্ত ধৰণে, শুদ্ধ ৰূপত পৰিবেশন ,প্ৰসাৰ তথা প্ৰচাৰৰ ক্ষেত্ৰত সংস্কাৰ ভাৰতীয়ে বহূ বছৰ ধৰি কাম কৰি থকাৰ কথা ব্যক্ত কৰি এনে প্ৰচেষ্টাই আমাৰ সংস্কৃতিক উজলাই ৰাখিছে বুলিও মন্ত্রী বড়াই কয়।সংস্কাৰ ভাৰতীৰ উত্তৰ অসম প্ৰান্তৰ সভানেত্রী মঞ্জু বড়াই আদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানত ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ জ্যেষ্ঠ প্ৰচাৰকদ্বয় ভাস্কৰ কূলকাৰ্ণী আৰু লক্ষ্মী নাৰায়ণ ভাল্লা তথা সংস্কাৰ ভাৰতীৰ কৰ্মকৰ্তা তথা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ শিল্পী সকল উপস্থিত আছিল। উল্লেখ্য যে উদ্বোধনী অনুষ্ঠানৰ পাছতে ৰাজ্যৰ বৰ্ণাঢ্য লোক সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰা হয়।

ADRE 2.0 Exam Assam :পৰীক্ষা কেন্দ্ৰলৈ ভূলতো নিনিব এইকেইবিধ সামগ্ৰী

কাইলৈ ৰাজ্যৰ সৰ্ববৃহৎ নিযুক্তি পৰীক্ষা, ৰাজ্যৰ ২,৩০৫টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হ'ব ADRE 2.0 পৰীক্ষা,

ADRE 2.0 Exam :কাইলৈ ৰাজ্যৰ সৰ্ববৃহৎ নিযুক্তি পৰীক্ষা, ৰাজ্যৰ ২,৩০৫টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হ’ব ADRE 2.0 পৰীক্ষা,পৰীক্ষাৰ্থীয়ে এইবোৰ নিয়মাৱলী মানি নচলিলে বিহিব গুৰুতৰ শাস্তি! পৰীক্ষা কেন্দ্ৰৰ ১০০ মিটাৰৰ ভিতৰত প্ৰাৰ্থীৰ অভিভাৱক বা আন কোনো লোকে প্ৰৱেশ কৰিব নোৱাৰিব পৰীক্ষাৰ্থীসকলে পৰীক্ষা কেন্দ্ৰৰ ভিতৰলৈ এডমিট কাৰ্ডৰ লগত কেৱল নিব পাৰিব নীলা বা ক’লা ৰঙৰ বল পেন, পেঞ্চিল, স্কেল আৰু ৰবৰ লগতে পৰীক্ষাৰ্থীসকলে নিব লাগিব পৰিচয় পত্ৰ পৰিচয় পত্ৰৰ ভিতৰত পৰিব আধাৰ কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ আনহাতে মোবাইল ফোন, যিকোনো ধৰনৰ ইলেক্ট্ৰনিক সঁজুলি বা প্ৰগ্ৰেমেবল ডিভাইচ নিয়াত নিষেধাজ্ঞা স্মাৰ্ট ঘড়ী, স্বাস্থ্য বেণ্ড, ব্লুটুথ ডিভাইচ, ইয়াৰফোন, মাইক্ৰ’ফোন আদি সামগ্ৰী পৰীক্ষা কেন্দ্ৰৰ ভিতৰলৈ নিব নোৱাৰিব ।(ADRE 2.0 Exam)

কোনো পৰীক্ষাৰ্থীয়ে এইসমূহ নিৰ্দেশনাৱলী উলংঘা কৰিলে ‘The Assam Public Examination (Measures for Prevention of Ufair Means in Recruitment) Act, 2024’ৰ ধাৰা ১০(১)অনুসৰি ৩ বছৰলৈ জে’ল আৰু জৰিমণাৰ সন্মুখীন হ’ব।উল্লেখ্য যে এইবাৰ পৰীক্ষাত ভুল উত্তৰৰ বাবে ঋণাত্মক নম্বৰ দিয়াৰ ব্যৱস্থা আছে ৷
পৰীক্ষাৰ OMR চিহ্নিত কৰাৰ সময়ত প্ৰাৰ্থীসকলক সাৱধান হ’বলৈ পৰামৰ্শ ৷কিয়তো OMR ছীটত এটাত কৈ অধিক নম্বৰত চিহ্নিত কৰিলে ভুল ঋণাত্মক নম্বৰ লাভ কৰিব ৷

Assam Olympic Association:অসম অলিম্পিক সন্থাৰ সভাপতি হ’ল কোন ?

Assam Olympic Association president
পুনৰ বিনা প্ৰতিদ্বন্দ্বিতাৰে অসম অলিম্পিক সন্থাৰ সভাপতি পদত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

গুৱাহাটী, ১৪ ছেপ্টেম্বৰঃ পুনৰ বিনা প্ৰতিদ্বন্দ্বিতাৰে অসম অলিম্পিক সন্থাৰ সভাপতি পদত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল (Sarbananda Sonowal ) । অসম অলিম্পিক সন্থাৰ বিগত নিৰ্বাচনতো বিনাপ্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছিল কেন্দ্ৰীয় মন্ত্ৰীগৰাকী ।কেন্দ্ৰীয় মন্ত্ৰী হিচাপে তেওঁ অসম অলিম্পিক সন্থাৰ সভাপতিৰ দায়িত্ব বহন কৰিব ।(Assam Olympic Association) ২২ ছেপ্টেম্বৰত ডিব্ৰুগড়ত অসম অলিম্পিক সন্থাৰ ২০২৪-২৮ বৰ্ষৰ বাৰ্ষিক সাধাৰণ সভা আৰু নিৰ্বাচন অনুষ্ঠিত হ’ব ।(Assam Olympic Association)


ইতিমধ্যে অসম অলিম্পিক সন্থাৰ নিৰ্বাচন আয়োগে প্ৰকাশ কৰিলে চূড়ান্ত প্ৰাৰ্থী তালিকা । সেই অনুসৰি অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক, কোষাধ্যক্ষ, যুটীয়া সম্পাদক আৰু কাৰ্যনিৰ্বাহক পদৰ বাবে নিৰ্বাচন ।
বৰ্তমানৰ অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰে সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰে ।


ইফালে অসম অলিম্পিক সন্থাৰ সভাপতি পদৰ উপৰি সহকাৰী সম্পাদকৰ পদত আঠগৰাকীকৈ প্ৰাৰ্থী বিনাপ্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে । ইফালে জ্যেষ্ঠ উপ-সভাপতি পদৰ বাবে প্ৰাৰ্থিত্ব আগবঢ়োৱা সকলো প্ৰাৰ্থীয়ে মনোনয়ন প্ৰত্যাহাৰ কৰিছে । যাৰ ফলত এই পদৰ বাবে মন্ত্ৰী পীযুষ হাজৰীকা, জয়ন্ত মল্লবৰুৱা আৰু নন্দিতা গাৰ্লোছা মনোনীত হৈছে । আনহাতে সাধাৰণ সম্পাদকৰ পদত লক্ষ্য কোঁৱৰৰ বিপৰীতে আছে কেবাগৰাকীও প্ৰাৰ্থী । ৰাজনৈতিক হেঁচাৰ পিছতো কেবাজনো প্ৰাৰ্থীয়ে নিজৰ মনোনয়ন প্ৰত্যাহাৰ নকৰাৰ বাবেই নিৰ্বাচন অনুষ্ঠিত হোৱাটো নিশ্চিত হৈছে ।(Assam Olympic Association )নতুন কাৰ্যনিৰ্বাহক কমিটীখনত ক্ৰীড়াক্ষেত্ৰৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত ব্যক্তিৰ বিপৰীতে সকলো শীৰ্ষপদত শাসনাধিষ্ঠিত বিজেপিৰ নেতা অধিষ্ঠিত হোৱাটো নিশ্চিত ।

ইতিমধ্যে অসম অলিম্পিক সন্থাৰ জ্যেষ্ঠ উপ-সভাপতি হিচাপে প্ৰৱেশ ঘটিছে দুই ক্ষমতাশালী মন্ত্ৰী পীযুষ হাজৰীকা আৰু জয়ন্ত মল্লবৰুৱাৰ ।উল্লেখ্য যে সভাপতি পদত প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা আছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa Sarma )।পৰম্পৰাগতভাৱে দেখা যায় যে ৰাজ্যৰ মুখ্যমন্ত্ৰীজনেই সাধাৰণতে অসম অলিম্পিক সন্থাৰ সভাপতি হৈ আহিছে ।কিন্তু সোণোৱালৰ আৰু এটা কাৰ্যকালৰ প্ৰতি থকা প্ৰৱল ইচ্ছা আৰু শীৰ্ষ নেতৃত্বৰ আশীৰ্বাদৰ বাবে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈয়ো থমকি ৰ’ল । অহা ২২ ছেপ্টেম্বৰত ডিব্ৰুগড়ত হ’বলগীয়া অলিম্পিক সন্থাৰ সাধাৰণ সভাত নতুন কমিটীখন ঘোষণা কৰা হ’ব ৷

Monstrous bodybuilder Dies: বিশ্বৰ জনপ্ৰিয় বডিবিল্ডাৰ ইলিয়া য়েফিমচিক আৰু নাই! ৩৬ বছৰ বয়সত হাৰ্ট এটেক আহে ইলিয়াৰ

বিশ্বৰ জনপ্ৰিয় বডিবিল্ডাৰ মৃত্যু
বিশ্বৰ জনপ্ৰিয় বডিবিল্ডাৰ মৃত্যু

বিশ্বৰ জনপ্ৰিয় বডিবিল্ডাৰ ইলিয়া য়েফিমচিৰ দেহাৱসান! হৃদৰোগত আক্ৰান্ত হৈ অকাল মৃত্যু ‘The Mutant’ ইলিয়াৰ। বেলাৰুছৰ এই খেলুৱৈগৰাকীৰ ৩৬ বছৰ বয়সত হাৰ্ট এটেক আহে ইলিয়াৰ।(Monstrous bodybuilder dies of heart attack)

এখন আলোচনীৰ মতে, আৰ্নল্ড শ্ব’ৱাৰ্জেনেগাৰ আৰু চিলভেষ্টাৰ ষ্টেলনৰ পৰা অনুপ্ৰাণিত হৈ য়েফিমচিকে বডি বিল্ডিঙৰ কাম হাতত লৈছিল। ছয় ফুট ১৫৪ কিলোগ্ৰাম ওজনৰ উচ্চ শৰীৰৰ বাবে বিশ্বৰ আটাইতকৈ জনপ্ৰিয় বডি বিল্ডাৰ বুলি কোৱা ইলিয়া য়েফিমচিকক। বেলাৰুছৰ বডিবিল্ডাৰজনে যদিও কেতিয়াও Professional eventত অংশগ্ৰহণ কৰা নাছিল, তথাপি তেওঁৰ শৰীৰচৰ্চাৰ ৰুটিনৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছিল আৰু লাভ কৰিছিল ব্যাপক জনপ্ৰিয়তা। যাৰ ফলত তেওঁ লাভ কৰিছিল ‘The Mutant’ উপাধি।

বেলাৰুছ আৰু ৰাছিয়াৰ বিভিন্ন সংবাদ মাধ্যমৰ মতে, ৬ ছেপ্টেম্বৰত হাৰ্ট এটেকৰ পিছত ক’মাত ৰাখিছিল খেলুৱৈগৰাকী আৰু ১১ ছেপ্টেম্বৰত তেওঁৰ মৃত্যু হয়। শেহতীয়াকৈ হাৰ্ট এটেকত আক্ৰান্ত হোৱা লোকৰ খবৰ প্ৰত্যেক দিনেই লাভ কৰা যায়। কিন্তু প্ৰশ্ন হয়, ৩৬ বছৰ বয়সৰ এজন ব্যক্তি কেনেকৈ হাৰ্ট এটেকত আক্ৰান্ত হ’ব পাৰে?যিয়ে ফিটনেছ আৰু ব্যায়ামৰ ওপৰত কঠোৰ সময়সূচী মানি চলে।

সূত্ৰৰ খবৰ অনুসৰি য়েফিমচিকে দৈনিক সাতবাৰ আহাৰ গ্ৰহণ কৰিছিল, যাৰ পৰিমাণ আছিল ১৬,৫০০ কিলোগ্ৰাম কেলৰি-ডায়েট। তেওঁৰ বুকুৰ জোখ আছিল ৬১ ইঞ্চি আৰু বাইচেপছৰ জোখ ২৫ ইঞ্চি। আৰ্নল্ড শ্ব’ৱাৰ্জেনেগাৰ আৰু চিলভেষ্টাৰ ষ্টেলনৰ পৰা অনুপ্ৰাণিত হৈ য়েফিমচিকে বডি বিল্ডিং কৰিছিল।

বডি বিল্ডাৰসকলৰ হৃদৰোগৰ আশংকা কিয়-

কম বয়সীয়া বহুলোক হাৰ্ট এটেকত ভুগিছে, বহুলোক ট্ৰেডমিলত দৌৰি থাকোঁতে পৰিছে, ক’ভিড-১৯ মহামাৰীৰ পিছত হাৰ্ট এটেকৰ লোকৰ সংখ্যা বাঢ়িছে।

কিন্তু প্ৰশ্ন হয়, ফিটনেছ আৰু ৱৰ্কআউটৰ ওপৰত কঠোৰ সময়সূচী ৰাখি ৩০ বছৰীয়া এজন ব্যক্তিয়ে কেনেকৈ হাৰ্ট এটেকত আক্ৰান্ত হ’ব পাৰে।

ৱৰ্কআউটৰ মাজত ভাৰসাম্য ৰক্ষা কৰাটো অতি প্ৰয়োজনীয় আৰু শৰীৰ ওপৰত অত্যধিক হেঁচা পৰিহাৰ কৰাটো অতি প্ৰয়োজনীয়।

Dainandin Barta newspapers: দৈনন্দিন বাৰ্তা কাকতৰ টোপোলা চুৰি, গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক বশ কৰাৰ চক্ৰান্ত!

Theft of Dainandin Barta Newspapers Across Assam Raises Alarm Over Press Freedom
Dainandin Barta newspaper: দৈনন্দিন বাৰ্তা কাকতৰ টোপোলা চুৰি, গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক বশ কৰাৰ চক্ৰান্ত!

গুৱাহাটী,১৪ ছেপ্তেম্বৰ: আপুনি নিশ্চয় বিভিন্ন সামগ্ৰীৰ চুৰিৰ খবৰ প্ৰায়েই পঢ়িবলৈ অথবা শুনিবলৈ পায় । কিন্তু এইবাৰ ৰাজ্যৰ ভিন্ন প্ৰান্তত চুৰি হ’ল অসমীয়া দৈনিক বাতৰি কাকত দৈনন্দিন বাৰ্তাৰ আজিৰ সংখ্যাৰ বহুসংখ্যক টোপোলা(Theft of Dainandin Barta Newspapers)। একেটা দিনতে ৰাজ্যৰ ভিন্ন প্ৰান্তত দৈনন্দিন বাৰ্তা কাকতৰ টোপোলা চুৰি হোৱা ঘটনাই এতিয়া সৰ্বত্ৰে চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

পুৰ্বৰ প্ৰতিদিনাৰ দৰে আজিও পুৱা দৈনন্দিন বাৰ্তা গোষ্ঠীৰ গুৱাহাটী আৰু ডিব্ৰুগড় সংস্কৰণৰ(Newspapers from Guwahati and Dibrugarh editions) বাহনে ৰাজ্যৰ ভিন্ন প্ৰান্তত থকা এজেঞ্চিসমূহৰ সন্মুখত থৈ গৈছিল কাকতৰ টোপোলাসমূহ। কিন্তু তাৰ পিছতে বহুকেইটা এজেঞ্চিৰ সন্মুখৰ পৰা অন্তৰ্ধান হয় দৈনন্দিন বাৰ্তাৰ আজিৰ সংখ্যাৰ বহুকেইটা টোপোলা।

দৈনন্দিন বাৰ্তা গোষ্ঠীৰ বানিজ্যিক বিভাগে ঘটনা প্ৰসংগত উদ্বেগ প্ৰকাশ কৰি কলে, পূৰ্বতেও বহুকেইবাৰ দৈনন্দিন বাৰ্তা কাকতৰ টুপুলা চুৰিৰ ঘটনা সংঘটিত হৈছিল যদিও আজিৰ দৰে ঘটনা ঘটা নাছিল(fourth pillar of democracy) । ইফালে পুৱাই দৈনিক বাতৰি কাকতখন পঢ়িবলৈ নাপাই বহুসংখ্যক পাঠকে কাকত গোষ্ঠীৰ কাৰ্যালয়লৈ ফোন কৰি অৱগত কৰিলে কাকতখন নোপোৱাৰ খবৰ(Dainandin Barta newspapers in Assam) ।

আজিৰ এই ঘটনাক প্ৰকাশক গোষ্ঠীটোৱে ৰাজ্যৰ পাঠক সমাজক উদ্দেশ্যি কলে, আমাৰ বাতৰি কাকতৰ আজিৰ সংখ্যাটি আপোনালোকৰ হাতত তুলি ধৰিব নোৱাৰাৰ বাবে আমি দুখিত । তথাপি আমাৰ আজিৰ সংখ্যাটি আপোনাক পঢ়ুৱাবৰ বাবে আমি দায়বদ্ধ । আজিৰ সংখ্যাটি পঢ়িবৰ বাবে আপুনি ক্লিক কৰিব লাগিব আমাৰ কাকতৰ ডিজিটেল সংস্কৰণ https://www.dainandinbartagroup.in/

উল্লেখ্য যে, শেহতীয়াকৈ দৈনিক বাতৰি কাকত দৈনন্দিন বাৰ্তাই নিৰ্ভিক আৰু নিৰপেক্ষভাৱে ৰাজ্যৰ অনলাইন ট্ৰেডিং কেলেংকাৰীৰ বিভিন্ন বাতৰি সবিস্তাৰে প্ৰকাশ কৰি জনসাধাৰণক অৱগত কৰি আহিছে । বাতৰি কাকতখনৰ দ্বাৰা প্ৰকাশিত এইসমূহ বাতৰিয়ে বহুতৰ বাবে সম্ভাব্য বিপদৰ ইংগিত দিয়াৰ লগতে সমাজৰ মাজতো খোল খাইছিল বহুতৰে মুখৰ আঁৰৰ আন এখন মুখ । এনে পৰিপেক্ষিততেই দৈনিক বাতৰি কাকতখনৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰি কাকতগোষ্ঠীক ভৃতিগ্ৰস্ত কৰাৰ অপচেষ্টা চলোৱা বুলি উল্লেখ কৰিছে ৰাজ্যৰ সচেতন সমাজে ।

Legendary Footballer Tashen Borah: আন্তঃৰাষ্ট্রীয় ফুটবলাৰ টচেন বড়াৰ দেহাৱসান

আন্তঃৰাষ্ট্রীয় ফুটবলাৰ টচেন বড়াৰ দেহাৱসান
আন্তঃৰাষ্ট্রীয় ফুটবলাৰ টচেন বড়াৰ দেহাৱসান

বিশিষ্ট ক্রীড়াবিদ টচেন বড়াৰ দেহাৱসান, আন্তঃৰাষ্ট্রীয় ফুটবলাৰ আছিল টচেন বড়া। টচেন বড়া অসমৰ ‘মাৰাডোনা’ বুলিও অভিহিত। টচেন বড়া জন্ম হৈছিল নাহৰকটীয়াৰ বৃহত্তৰ চাচনি অঞ্চলৰ বৰবাম গাঁৱত।(Legendary Footballer Tashen Borah Passes Away)প্ৰথমবাৰৰ বাবে ১৯৬৪ চনত, মাত্ৰ ১৪ বছৰ বয়সতে তেওঁ ডিব্ৰুগড় জিলা দলত খেলিছিল। জুনিয়ৰ আৰু ছিনিয়ৰ উভয় পৰ্যায়ত। সেইবাৰেই টচেন বড়া পোন প্ৰথমবাৰলৈ অসম দললৈ নিৰ্বাচিত হয়। তাৰ পিছতে শ্বিলঙত খেলিছিল ৰাষ্ট্ৰীয় স্কুল ক্ৰীড়া। তাৰ পিছতে তেওঁ ১৯৭২ চনত ভাৰতৰহৈ ৰেংগুনত প্ৰি অলিম্পিকৰ খেলত ভাগ লবলৈ গৈছিল। স্নাতকোত্তৰ ডিগ্ৰীধাৰী টচেন বড়াই নামৰূপস্থিত ভাৰতীয় সাৰ নিগমৰ উচ্চ বিষয়া হিচাপে অৱসৰ লোৱাৰ আগেয়ে ফুটবল প্ৰশিক্ষণৰ এন আই এছ ডিপ্লোমা লাভ কৰিছিল, প্ৰথম শ্ৰেণীৰ প্ৰথম হিচাপে ( অসমৰ প্ৰথম )। (Footballer Tashen Borah)

১৯৯৭ চনত তেওঁৰ প্ৰশিক্ষণতে পঞ্জাবৰ মহিলপুৰত হোৱা ৰাষ্ট্ৰীয় স্কুল ফুটবলত অসম চেম্পিয়ন হৈছিল। ১৯৬৪ চনত প্ৰথমবাৰৰবাবে অসমৰ হৈ খেলোতেই ( শ্বিলঙত, স্কুল দলত ) তেওঁ আছিল সহ অধিনায়ক। তাৰ পিচত ১৯৬৫, ৬৬ আৰু ১৯৬৭ চনত টচেনদাই অসমৰ স্কুল আৰু জুনিয়ৰ দলৰ অধিনায়ক আছিল । ১৯৬৭ চনত তেওঁৰ নেতৃত্বতে কানৈ কলেজ আন্তঃ কলেজত বিজয়ী হৈছিল। পিচলৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰো অধিনায়ক হৈছিল । আন্তঃ জিলা ছিনিয়ৰ ফুটবলৰ বিজয়ী গুৱাহাটী দলৰো অধিনায়ক হৈছিল টচেন বড়া । সন্মানীয় সন্তোষ ট্ৰফীত অসমৰ অধিনায়ক আছিল ১৯৭০ আৰু ১৯৭২ চনত। সেই সময়ত কলিমুদ্দিন আহমেদ, অনিল ৰাই, ফজল হক, দুলেন চেতীয়া, নিৰ্মল নাহা, চন্দ্ৰমোহন গঞ্জু, কমলা নাথ, অৰুণ বৰঠাকুৰ, জয়ৰাম বাগলাৰী, হৰেণ সোণোৱাল, ভবেশ ৰায়,শান্তি কুমাৰ সিং আদিৰ দৰে খেলুৱৈ আছিল দলত।(Maradona of Assam)

ৰাজ্যৰ কিংবদন্তী ফুটবলাগৰাকী ডিব্ৰুগড়ৰ AMCHত চিকিত্সাধীন অৱস্থাত মৃত্যু হয়। তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে কেন্দ্ৰীয় মন্ত্ৰী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ সৰ্বানন্দ সোণোৱালে।(legendary footballer dibrugarh)

সামাজিক মাধ্যমযোগে মন্ত্ৰীগৰাকীয়ে শোক প্ৰকাশ কৰি লিখিছে, দুৰন্ত খেলেৰে অসমৰ ফুটবল ইতিহাসৰ এগৰাকী অন্যতম শ্ৰেষ্ঠ খেলুৱৈ হিচাপে পৰিগণিত হোৱা, ভাৰতীয় ফুটবল দলক প্ৰতিনিধিত্ব কৰা টছেন বৰাদেৱৰ বিয়োগৰ খবৰটো পাই মৰ্মাহত হৈছোঁ। দুভৰিৰ যাদুৰে অজস্ৰ ক্ৰীড়াপ্ৰেমীক মন্ত্ৰমুগ্ধ কৰা টছেন বৰাদেৱৰ বিয়োগ অসমৰ ক্ৰীড়া জগতৰ বাবে এক অপূৰণীয় ক্ষতি, অসম ফুটবলৰ এটা যুগৰ অৱসান। তেখেতৰ বিদেহ আত্মাৰ সদ্গতি কামনা কৰিলোঁ আৰু শোকসন্তপ্ত পৰিয়ালৰ লগতে গুণমুগ্ধসকললৈ গভীৰ সমবেদনা জনালোঁ। ওঁম শান্তি!(sarbananda sonowal)

Arvind Kejriwal bail: মুকলি আকাশৰ তললৈ আহি কেজৰিৱালে সমৰ্থকক ক’লে: মোৰ শক্তি দুগুণ হ’ল

মুকলি আকাশৰ তললৈ অৰবিন্দ কেজৰিৱাল
মুকলি আকাশৰ তললৈ অৰবিন্দ কেজৰিৱাল

অৱশেষত ১৭৭ দিনৰ অন্তত তিহাৰ জেলৰ পৰা মুকলি আকাশৰ তললৈ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। দিল্লীৰ সুৰা কেলেংকাৰী গোচৰত শুকুৰবাৰে উচ্চতম ন্যায়ালয়ৰ পৰা জামিন লাভ কৰে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। তেওঁ জেলৰ পৰা মুক্তি লাভ কৰাৰ পিছতে আম আদমী পাৰ্টিৰ কৰ্মীৰ পৰা আৰম্ভ কৰি জ্যেষ্ঠ নেতালৈকে সকলোৱে আনন্দত আত্মহাৰা হৈছে।(Tihar Jail)জেলৰ পৰা ওলাই অহাৰ লগে লগে দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালে ক’লে যে মোৰ মুক্তিৰ বাবে প্ৰাৰ্থনা কৰা সেইসকল লোকক মই ধন্যবাদ দিব বিচাৰো, মোৰ শক্তি এতিয়া দুগুণ হৈছে। ধাৰাসাৰ বৰষুণৰ মাজতে পোষ্টাৰ, বেনাৰ আৰু দলৰ পতাকা লৈ কাৰাগাৰৰ বাহিৰত উপস্থিত আছিল আপ সমৰ্থকসকল। সেই মুহূৰ্তত ৰাইজে কেজৰিৱালৰ সমৰ্থনত শ্লোগান দিয়া পৰিলক্ষিত হয়।(Arvind Kejriwal bail)

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক ২১ মাৰ্চত ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল। ১০ দিনৰ জেৰাৰ অন্তত ১ এপ্ৰিলত তেওঁক তিহাৰ কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল। তাৰ পিছত ১০ মে’ত সাধাৰণ নিৰ্বাচনত প্ৰচাৰ চলাবলৈ ২১ দিনৰ বাবে মুকলি কৰি দিয়া হয় তেওঁক। ৫১ দিন কাৰাগাৰত থকাৰ পিছত মুকলি কৰি দিয়া হয়। ২ জুনত কেজৰিৱালে তিহাৰ জেলত আত্মসমৰ্পণ কৰে। যিহেতু ১৩ ছেপ্টেম্বৰত মুকলি কৰি দিয়া হয় তেওঁক সেয়ে তেওঁ জেলত থকা মুঠ দিন হ’ব ১৭৭টা। যদি ২১ দিন মুক্তিৰ সময় হ্ৰাস কৰা হয় তেন্তে তেওঁ জেলত থকা দিন হ’ব ১৫৬টা।(Delhi CM Arvind Kejriwal)

সুৰা কেলেংকাৰীৰ সৈতে জড়িত ধন সৰবৰাহৰ গোচৰত যেতিয়া মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালে ৯ বাৰকৈ ইডিৰ জাননী আওকাণ কৰিলে, তেতিয়া চলিত বৰ্ষৰ ২১ মাৰ্চত তেওঁক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীক। এই সময়ত কেজৰিৱালক জেৰা চলি থাকিল, য’ত বহু তথ্য পোহৰলৈ আহিল। কিন্তু দেশত লোকসভা নিৰ্বাচনৰ সময়ত ভাৰতীয় ৰাজনীতিত নিজৰ স্থিতি বৃদ্ধি কৰিবলৈ চেষ্টা কৰা আম আদমী পাৰ্টিয়ে নিজৰ নেতা কেজৰিৱালৰ গুৰুত্ব উপলব্ধি কৰিলে।

ইয়াৰ পিছতে আম আদমী পাৰ্টিয়ে জামিন বিচাৰি উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল। উচ্চতম ন্যায়ালয়ে তেওঁক ১০ মে’ৰ পৰা ১ জুনলৈ লোকসভা নিৰ্বাচনৰ বাবে জামিন মঞ্জুৰ কৰে। উচ্চতম ন্যায়ালয়ে কয় যে কেজৰিৱাল অপৰাধী প্ৰকৃতিৰ ব্যক্তি নহয়, তেওঁৰ কোনো অপৰাধৰ অভিলেখো নাই, সেয়েহে তেওঁ সমাজৰ বাবে ভাবুকি নহয়।

আনহাতে ২ জুনত জামিনৰ সময়সীমা শেষ হোৱাৰ পিছত কেজৰিৱাল পুনৰ তিহাৰ জেলত আত্মসমৰ্পণ কৰে। ইয়াৰ পিছত ১২ জুলাইত উচ্চতম ন্যায়ালয়ে ইডি গোচৰত অৰবিন্দ কেজৰিৱালক জামিন মঞ্জুৰ কৰিছিল যদিও চিবিআই গোচৰত তেওঁ কোনো সকাহ নাপালে।

৫ আগষ্টত দিল্লী উচ্চ ন্যায়ালয়ে চিবিআইৰ কেজৰিৱালক গ্ৰেপ্তাৰ কৰা সিদ্ধান্তক সমৰ্থন কৰি নিম্ন আদালতৰ কাষ চাপিবলৈ নিৰ্দেশ দিয়ে কেজৰিৱালক। ইয়াৰ পাছতে উচ্চতম ন্যায়ালয়ত উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাই কেজৰিৱালে জামিনৰ দাবী জনায়। ৫ ছেপ্টেম্বৰত চিবিআইৰ গ্ৰেপ্তাৰক প্ৰত্যাহ্বান জনোৱা আবেদনৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে নিজৰ ৰায় সংৰক্ষণ কৰি ৰাখিছিল।

অৱশেষত ১৩ ছেপ্টেম্বৰত দিয়া ৰায়দানত ন্যায়াধীশ সূৰ্য কান্তৰ নেতৃত্বত দুজনীয়া বিচাৰপীঠে দিল্লী আবকাৰী নীতিৰ গোচৰত কেজৰিৱালক জামিন মঞ্জুৰ কৰে। চি বি আইৰ গোচৰত এই জামিন মঞ্জুৰ কৰা হৈছে। ইয়াৰ পিছত আম আদমি পাৰ্টিৰ নেতাসকলক মুখত সুখৰ হাঁহি দেখা গ’ল। আম আদমি পাৰ্টিৰ মুখ্য কাৰ্যালয়ত সমবেত হয় বহু আপৰ নেতা-কৰ্মী।

Health benefits of drinking coffee: অপকাৰিতাই নহয়, উপকাৰিতাও আছে কফিৰ!

কফিৰ উপকাৰিতা
কফিৰ উপকাৰিতা

কফি প্ৰেমীৰ অভাৱ নাই, ঘৰতে হওক বা অফিচৰ কামৰ ব্যস্ততাৰ মাজতেই হওক আমি কিমান কফি খাওঁ সেয়া আমি গুৰুত্বই নিদিওঁ। কফি অত্যধিক খালে স্বাস্থ্যৰ ক্ষতিৰ সম্ভাৱনা থাকে। এই কথা জানিও বহুতে দিনটো কফিৰে আৰম্ভ কৰি মন সতেজ কৰে। মানুহৰ মনত এনে ভাব হয় যে কফি খালে শৰীৰত তৎক্ষণাত শক্তি পোৱা যায় আৰু মানুহৰ মন ভাল লাগে। কিছুমান গৱেষণাৰ পৰা জানিব পৰা গৈছে যে টাইপ ২ ডায়েবেটিছ, (diabetes) কেন্সাৰ (cancer) আৰু ফেটি লিভাৰ আদি গুৰুতৰ ৰোগত কফি খালে ভাল। কিন্তু সীমিত পৰিমাণতহে কফি খোৱাৰ লাভ আছে, কফি অত্যধিক সেৱনে স্বাস্থ্যৰ ক্ষতিকাৰক বুলি প্ৰমাণিত হ’ব পাৰে।(Health benefits of drinking coffee: অপকাৰিতাই নহয়, উপকাৰিতাও আছে কফিৰ!)

সিজোৱা কফিত কেফেষ্টল আৰু কাহৱেল নামৰ প্ৰাকৃতিক তেল থাকে, যাৰ ফলত শৰীৰত কলেষ্টেৰলৰ গঠন কম হয়। কফি এদিনত কিমান পৰিমাণে খাব লাগে জানেনে।

এক কাপ কফিত প্ৰায় ১০০ মিলিগ্ৰাম কেফেইন থাকে যিয়ে শৰীৰৰ মলত্যাগত সহায় কৰে। ইয়াৰ ফলত ভাগৰ নাইকিয়া হয়। ২ কাপ কফি খালে মানুহৰ ব্যায়ামৰ ক্ষমতা যথেষ্ট উন্নত হয় আৰু হৃদৰোগৰ সম্ভাৱনা হ্ৰাস পায়। ইয়াৰ উপৰিও ৩ কাপ কফি খালে হৃদযন্ত্ৰৰ ৰোগৰ সম্ভাৱনা ১২ শতাংশ হ্ৰাস পায়।(Benefits of Coffee)

আনহাতে দৈনিক ৪ কাপ কফি খালে মদ্যপান নকৰা ৰোগৰ সম্ভাৱনা ১৯ শতাংশ হ্ৰাস পায়। একে সময়তে ৫ কাপ কফি সেৱন কৰিলে টাইপ ২ ডায়েবেটিছৰ সম্ভাৱনা প্ৰায় ২৯ শতাংশ হ্ৰাস পায়।

কোৱা হয় যে যিকোনো বস্তু অত্যাধিক খালে স্বাস্থ্যৰ ক্ষতি হোৱাৰ সম্ভাৱনা থাকে। যদি আপুনি অত্যধিক কফি সেৱন কৰে তেন্তে টোপনিৰ অভাৱ, অস্থিৰতা, পেটৰ বিষ, বমি, স্নায়বিক অৱস্থা, মূৰৰ বিষ, হৃদস্পন্দন বৃদ্ধি আদি সমস্যাৰ সৃষ্টি হ’ব পাৰে। আনহাতে গৰ্ভৱতী বা স্তনপান কৰাই থকা মহিলাই কেফেইন সীমিত পৰিমানে সেৱন কৰাৰ পৰামৰ্শ দিয়ে।(Coffee Benefits and Side Effects)

ক’লা কফিত (গাখীৰ বা ক্ৰীম অবিহনে) এশ মিলিলিটাৰ কেলৰি কম। অৰ্থাৎ প্ৰায় এটা সাধাৰণ কাপ ক’লা কফি, ইয়াত মাত্ৰ প্ৰায় ২ কেলৰি থাকে। কিন্তু ক্ৰীম বা চেনি যোগ কৰিলে কেলৰিৰ মূল্য বৃদ্ধি পাব।

কফিৰ বীনত পলিফিনলও থাকে, যিটো এক প্ৰকাৰৰ এন্টিঅক্সিডেন্ট। এন্টিঅক্সিডেন্টে শৰীৰক ফ্ৰী ৰেডিকেলৰ ক্ষতিৰ পৰা ৰক্ষা কৰাত সহায় কৰিব পাৰে।

গতিকে সীমিতভাৱে আপুনিও আপোনাৰ স্বাস্থ্যৰ উপযোগী হোৱাকৈ কফি সেৱন কৰিব পাৰে।