Home Blog Page 571

Online trading scam: সংবাদমাধ্যমত ক’লা ধন বিনিয়োগ কৰি বগা কৰিব বিচাৰিছিল বিকাশ-চুমি-দীপাংকৰে!

Assam journalist allegedly involved in online trading scam
Assam journalist allegedly involved in online trading scam

গুৱাহাটী, ১৪ ছেপ্টেম্বৰঃ অসমৰ অনলাইন ট্ৰেডিঙৰ কেলেংকাৰীয়ে সময় বাগৰাৰ লগে লগে নিত্য নতুন পাক লোৱা পৰিলক্ষিত হৈছে(Online trading scam)। বিশাল ফুকন-চুমি বৰা বাহিনীয়ে অসমৰ শত শত লোকৰ পৰা জালিয়াতিৰে অনলাইন ট্ৰেডিঙৰ নামত প্ৰায় ৪,০০০ কোটি টকা সৰকাই নিয়া বুলি বিয়োগোম অভিযোগ উত্থাপন হোৱাৰ সময়তে পিছে আজিলৈকে অনলাইন ট্ৰেডিঙত ধন বিনিয়োগ কৰা কেনেও তেওঁলোকৰ ধন পানীত পৰিল বুলি টু শব্দ এটাও উচ্চাৰণ কৰা নাই।

বিশেষ সূত্ৰই প্ৰকাশ কৰা মতে, বিশাল-চুমিৰ বিশাল নেটৱৰ্কটোৰ জালত বন্দী হৈছিল ডিব্ৰুগড়ৰ বহু আগশাৰীৰ চিকিৎসক, উচ্চ পদস্থ আমোলা আদি। সূত্ৰটোৰ মতে সেইসকল লোকে বেঁকা পথেৰে অৰ্জা ধনৰ এক বুজন পৰিমাণৰ অংশ বিশাল-চুমিৰ অনলাইন ট্ৰেডিঙত বিনিয়োগ কৰিছিল। এতিয়া মুখ খুলিলে ক’লা ধনৰ তথ্য ফাদিল হৈ পৰাৰ ভয়তে সেইসকল বিনিয়োগকাৰীয়ে মুখ বন্ধ কৰি ৰাখিছে বুলি সূত্ৰটোৱে দাবী কৰিছে(online trading scam in Assam)।

কিন্তু এইখিনিতে এটা প্ৰশ্ন উত্থাপন হৈছে প্ৰায় ৪,০০০ কোটিকৈ টকা দৰাচলতে কোনে কিদৰে, ক’ৰ পৰা সংগ্ৰহ কৰিলে? সেই বিশাল অংকৰ ধন বিশাল-চুমিয়ে বিনিয়োগেই বা কৰিলে ক’ত? এয়া এক সহজে সমাধান কৰিব নোৱাৰা সাঁথৰ হৈ থকাৰ সময়তে আন কেতবোৰ কথাই নতুন বিতৰ্কৰ সৃষ্টি কৰিছে । চুমি, বিশাল, দীপাংকৰৰ দৰে লোকসকলৰ বিৰুদ্ধে পাপেৰে অৰ্জা ধন একাংশ সংবাদমাধ্যমতে বিনিয়োগ কৰাৰ অতি গুৰুতৰ তথা স্পৰ্শকাতৰ অভিযোগ উত্থাপন কৰিছে খোদ এগৰাকী আগশাৰীৰ সাংবাদিকৰ লগতে এটা চেটেলাইট চেনেলে। ৰাজ্যৰ আগশাৰীৰ সাংবাদিকগৰাকীয়ে কৰা মন্তব্য অনুসৰি বিশাল চুমিৰ পাপৰ টকাৰ ভাগ পাইছিল ৰাজ্যৰে আন এগৰাকী আগশাৰীৰ সাংবাদিকে।

অভিযোগ উত্থাপন কৰা আগশাৰীৰ সাংবাদিকগৰাকীয়ে কৈছে যে এগৰাকী শীৰ্ষ সাংবাদিকে এটা নতুনকৈ নামকৰণ কৰা পুৰণি ছেটেলাইট চেনেল আৰু পোৰ্টেলত বিশাল-চুমিৰ বিশাল অংকৰ ধন বিনিয়োগ কৰোৱাইছিল(Satellite channel and portal)। এইক্ষেত্ৰত চেনেল আৰু পোৰ্টেলৰ নামত চুমি-বিশালৰ পৰা ধন লোৱা আগশাৰীৰ সাংবাদিকগৰাকীয়ে বিশালৰ পৰা চেকৰ সলনি নগদ ধন গ্ৰহণ কৰিছিল বুলিও আগশাৰীৰ সাংবাদিকগৰাকীয়ে স্পষ্টভাবে মুকলি অভিযোগ কৰিছে। সাংবাদিকগৰাকীৰ মতে ইতিমধ্যে তদন্তকাৰী সংস্থাই আগশাৰীৰ সাংবাদিকজনে চুমি-বিশালৰ পৰা লোৱা ধনৰ তথ্য লভ কৰা বুলিও দাবী কৰিছে।

সাংবাদিকগৰাকীৰ এনে অভিযোগৰ মাজতে আন এটা ছেটেলাইট চেনেলে এইবুলি বাতৰি পৰিবেশন কৰিছে যে বিভিন্ন কাকত, চেনেল আদিত কাম কৰা আন এজন আগশাৰীৰ সাংবাদিকে নিজৰ পোৰ্টেলৰ বাবে অনলাইন ট্ৰেডিং ডিবি ষ্টকৰ পলাতক হৈ থকা মূল প্ৰতাৰক দীপাংকৰ বৰ্মনৰ পৰা মোটা অংকৰ ধন লৈছিল। কিন্তু চুমি-বিশালে একাংশ সংবাদমাধ্যমত ধন বিনিয়োগ কৰা বুলি অভিযোগ কৰা আগশাৰীৰ সাংবাদিক জনেই হওঁক বা ছেটলাইট চেনেলটোৱেই হওঁক, কোনেও অনলাইন ট্ৰেডিঙৰ ধন লাভ কৰা চেটেলাইট চেনেল, পোৰ্টেল আদিৰ নাম ঘূণাক্ষৰেও উল্লেখ কৰা নাই। আগশাৰীৰ সাংবাদিক তথা এটা ছেটেলাইট চেনেলে এনেদৰে চুমি-বিশাল-দীপাংকৰৰ পাপাৰ্জিত ধন সংবাদমাধ্যমলৈ যোৱা বুলি কৰা অভিযোগে সেয়ে এতিয়া ৰাইজৰ মনত সমগ্ৰ সংবাদমাধ্যমৰ প্ৰতিয়েই এক নেতিবাচক ধাৰণাৰ সৃষ্টি কৰা বুলি বিভিন্ন মহলত আলোচনা হোৱা পৰিলক্ষিত হৈছে।

লক্ষ্যণীয় কথাটো হ’ল একাংশ সংবাদমাধ্যমত অনলাইন ট্ৰেডিঙৰ ধন বিনিয়োগ হোৱা বুলি অভিযোগ উত্থাপন হোৱাৰ পিছতো অৱশ্যে ৰাজ্যৰ অগ্ৰণী সংবাদ গোষ্ঠীসমূহে ৰহস্যজনক কাৰণত মৌন হৈ আছে। কিন্তু ৰাইজৰ মাজত যিহেতু সংবাদমাধ্যমকলৈ নেতিবাচক ধাৰণাৰ সৃষ্টি হৈছে, সংবাদমাধ্যমৰ প্ৰতি সন্দেহ আৰু অবিশ্বাসৰ ভাবৰ উদ্ৰেক ঘটিছে সেয়ে এই বিষয়ত আমি মৌনতা অৱলম্বন কৰিব নোৱাৰিলো। আমাৰ এই প্ৰতিবেদনৰ উদ্দেশ্য কোনো বিশেষ সাংবাদিকক আক্ৰমণ কৰা নহয়, এই প্ৰতিবেদনৰ উদ্দেশ্য হৈছে সংবাদ মাধ্যমৰ সৈতে জড়িত লোকসকলে এনে অভিযোগ প্ৰতি অভিযোগ উত্থাপনৰ সময়তে আত্মসমালোচনা কৰাৰ এক অৱকাশ দিয়া। কাৰণ সংবাদমাধ্যমত যিদৰে বক্ৰ পথেৰে ধন আৰ্জি ধনী হোৱা সাংবাদিক থাকিব পাৰে, তেনেদৰে দিনটো কষ্ট কৰি মাহৰ মূৰত দৰমহা কেইটা পাই ঘৰ চলোৱা বহু সাংবাদিকো আছে।

ৰাজ্যৰ এগৰাকী আগশাৰীৰ সাংবাদিক আৰু ছেটেলাইট চেনেলটোৱে উত্থাপন কৰা অভিযোগ নিঃসন্দেহে টিলিকতে উৰুৱাই দিব পৰা অভিযোগ নহয়। কাৰণ এনে অভিযোগ এগৰাকী সন্মানীয় সাংবাদিকে কৰিছে, এনে অভিযোগ এটা আগশাৰীৰ ছেটেলাইট চেনেলে কৰিছে। সেয়ে এনে অভিযোগে সমগ্ৰ সংবাদমাধ্যমৰে গাত লগা চেকা দূৰ কৰিবলৈ আৰক্ষীয়ে তদন্ত কৰিব লাগে বুলি বহুতে দাবী জনাইে। বহুতে এই বুলি দাবী কৰিছে যে আৰক্ষীৰ তদন্ততহে কোন বাঘা সাংবাদিকে, ছেটেলাইট চেনেলে বা পোৰ্টেলে বিশাল-চুমি-দীপাংকৰৰ ধন লাভ কৰিছিল সেই তথ্য উদ্ঘাটন কৰিব পাৰিব। তেতিয়াই তেনে ধন লোৱা সাংবাদিক,ছেটেলাইট চেনেল বা পোৰ্টেলৰ নাম পোহৰলৈ আনিব পৰা যাব বুলি বহুতে মন্তব্য কৰিছে(Satellite Channel Journalists)।

লক্ষ্যণীয় কথাটো হ’ল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অনলাইন ট্ৰেডিঙৰ সমগ্ৰ ঘটনাক্ৰম পোহৰলৈ অনাত মুখ্য ভূমিকা গ্ৰহণ কৰিছিল(Assam Chief Minister Himanta Biswa Sarma)। এই কেলেংকাৰিৰ প্ৰায় সকলো কথাই মুখ্যমন্ত্ৰীৰ অৱগত যদিও ইয়াৰ সৈতে যে একাংশ সাংবাদিকো জড়িত সেই কথা হয়তো তেওঁৰ কৰ্ণগোচৰ হোৱা নাই বুলি বহুতে সন্দেহ কৰিছে। মুখ্যমন্ত্ৰীয়ে অনলাইন ট্ৰেডিঙৰ ধন লোৱা সাংবাদিক, পোৰ্টেল, ছেটেলাইট চেনেলৰ সমগ্ৰ তথ্য ফাদিল কৰিবলৈ আৰক্ষী আৰু তদন্তকাৰী সংস্থাক নিৰ্দেশ দিলে সকলো কথাৰ গোঁমৰফাঁক হৈ পৰিব বুলি বহুতে মন্তব্য কৰিছে। মুখ্যমন্ত্ৰীৰ তৎপৰতাতে সমগ্ৰ বিষয়টোৰ ৰহস্য উদ্ঘাটন হ’লে সেয়া হৈ পৰিব চুমিৰ চুনামীৰ ফলতে পোহৰলৈ অহা দেশ সত্য প্ৰথম খবৰ। তেনে এক দেশ সত্য প্ৰথম খবৰৰ অপেক্ষাই কৰিছে এতিয়া বহুজনে।

Illegal trading was going on under the Congress: কংগ্ৰেছৰ ছত্ৰছায়াতে চলিছিল অবৈধ ট্ৰেডিং

Illegal trading was going on under the Congress: কংগ্ৰেছৰ ছত্ৰছায়াতে চলিছিল অবৈধ ট্ৰেডিং

(Illegal trading was going on under the Congress)অনলাইন ট্ৰেডিং কেলেংকাৰিত জড়িতসকল এজন এজনকৈ ধৰা পৰাৰ সময়তে এই ট্ৰেডিং কেলেংকাৰিত কংগ্ৰেছ দলৰ একাংশ নেতা-কৰ্মী জড়িত থকাৰ বিস্ফোৰক তথ্য পোহৰলৈ আহিছে। আনকি কংগ্ৰেছৰ ছত্ৰছায়াতে এই অবৈধ ট্ৰেডিং চলি থকা বুলি অভিযোগ উত্থাপিত হৈছে। শেহতীয়াভাৱে কাছাৰৰ বাখৰশালৰ ছাকিৰ এণ্ড কোম্পানীৰ প্ৰায় ৪০০ কোটি টকা লুণ্ঠনৰ তথ্য পোহৰলৈ অহাৰ পিছতে এই সমগ্ৰ ঘটনা যে কংগ্ৰেছে সাৰ পানী যোগাই আহিছিল সেয়া এতিয়া স্পষ্ট হৈ পৰিছে।

(trading)ইপিনে, ট্ৰেডিং প্ৰৱঞ্চক স্বপ্ননীল দাসে যিটো স্থানৰ পৰা ট্ৰেডিঙৰ লুণ্ঠন চলাইছিল সেয়া আছিল লাহৰীঘাটৰ প্ৰাক্তন মন্ত্ৰী, জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা বিধায়ক প্ৰয়াত ডাঃ নজৰুল ইছলামৰ পুত্ৰ বিধায়ক ডাঃ আছিফ মহম্মদ নাজাৰৰ ভাৰাঘৰ। এইগৰাকী কংগ্ৰেছ নেতাৰ ভাৰাঘৰতে স্বপ্ননীলে অবৈধ ট্ৰেডিঙৰ লুণ্ঠনৰ জাল মেলিবলৈ সক্ষম হৈছিল। আনহাতে, অনলাইন ট্রেডিঙৰ নামত প্ৰৱঞ্চনা কৰি সাধাৰণ ৰাইজৰ পৰা কোটি কোটি টকা সৰকাই নিয়া কৰিমগঞ্জৰ বাখৰশাল এলেকাৰ মহম্মদ ছাকিৰ নামৰ যুৱকজন প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি জুবেৰ আনম মজুমদাৰৰ অতিকৈ ঘনিষ্ঠ। এই ছাকিৰে বাখৰশালত ‘ছাকিৰ ট্রেডিং ক্লাচেছ নামৰ শিক্ষা প্রতিষ্ঠান’ খুলি ৰাইজক প্রশিক্ষণ দিছিল। এই ছাকিৰৰ সৈতে যুৱ কংগ্ৰেছৰ ৰাজ্যিক সভাপতি জুবেৰ এনামে বিগত লোকসভা নির্বাচনত দলীয় টিকট লাভ কৰাৰ আশাত বৰাকলৈ আহি গাড়ীত উঠি ঘূৰা ফুৰা কৰিছিল। Illegal trading was going on under the Congress

লগতে ছাকিৰ এণ্ড কোম্পানীৰ কেইবাজনো যুৱকক যুৱ কংগ্ৰেছৰ বিভিন্ন পদত অধিষ্ঠিত কৰা হৈছিল। ৪০০ কোটি টকা লুণ্ঠন কৰি সম্প্ৰতি পলাতক ছাকিৰ এণ্ড কোম্পানীৰ সদস্যসকল। লগতে পলাতক অৱস্থাত আছে যুৱ কংগ্ৰেছী নেতা জুবেৰ এনামো। মুন্না ওৰফে মুজ্জাকিৰ আহমেদ নাৰ আন এজন যুৱক ছাকিৰৰ অন্যতম সহযোগী। এওঁৰো আছে প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি জুবেৰ আনম মজুমদাৰ সৈতে সু-সম্পৰ্ক। আনহাতে, যুৱ কংগ্ৰেছে ছাকিৰৰ পৰা লৈছিল ৫০ লাখৰ অধিক টকা। যাৰ সুবাদত লুণ্ঠনৰ এজেণ্টক যুৱ কংগ্ৰেছত দিছিল বিভিন্ন পদ। মহম্মদ আফছাদ যুৱ কংগ্ৰেছৰ সম্পাদকো জড়িত এই লুণ্ঠনত। একেদৰে মুজ্জাকিৰক এন এছ ইউ আইৰ সম্পাদক পদ যঁচা হৈছিল। পলাতক আটাইৰে বিৰুদ্ধে আৰক্ষীয়ে জাৰি কৰিছে লুকআউট ন’টিচ। উল্লেখ্য যে কৰিমগঞ্জ আৰক্ষীয়ে ইতিমধ্যে ‘ট্রেডিং প্রশিক্ষক’ ছাকিৰ এণ্ড কোম্পানীৰ বিৰুদ্ধে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিছে। কৰিমগঞ্জ সদৰ থানাত ৫৪৩/২০২৪ নম্বৰৰ এটা গোচৰ পঞ্জীয়ন কৰি তদন্ত আৰম্ভ কৰিছে।

North Lakhimpur College : নৰ্থ লখিমপুৰ কলেজত সৃজনীশীল সাহিত্য বিষয়ক মনোজ্ঞ আলোচনা

North Lakhimpur College : নৰ্থ লখিমপুৰ কলেজত সৃজনীশীল সাহিত্য বিষয়ক মনোজ্ঞ আলোচনা

লখিমপুৰ , ১৩ ছেপ্টেম্বৰঃ ৰাজ্যখনৰ উচ্চ শিক্ষা গ্ৰহণ কৰি থকা ছাত্ৰ-ছাত্ৰীসকলৰ সাহিত্য চৰ্চা আৰু বৌদ্ধিক অনুশীলনক অধিক গতিশীল কৰাৰ লক্ষ্যৰে অসম প্ৰকাশন পৰিষদে মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় পৰ্যায়ত গ্ৰহণ কৰা কাৰ্যসূচীৰ অংশৰূপে আজি ঐতিহ্যমণ্ডিত নৰ্থ লখিমপুৰ কলেজত সৃজনীশীল সাহিত্য বিষয়ক আলোচনা সত্ৰ অনুষ্ঠিত কৰা হয় ৷“প্ৰকাশ সাহিত্য গোট, নৰ্থ লখিমপুৰ কলেজ”ৰ সহযোগত আয়োজন কৰা এই আলোচনা সত্ৰ উদ্বোধন কৰে প্ৰকাশ আলোচনীৰ সম্পাদক মিহিৰ দেউৰীয়ে ৷ (North Lakhimpur College ) তেওঁ কয় যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ আগ্ৰহ আৰু শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ অনুপ্ৰেৰণাত অসমৰ উচ্চশিক্ষা গ্ৰহণ কৰি থকা ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সাহিত্য আৰু গ্ৰন্থৰ প্ৰতি আস্থাশীল বৌদ্ধিক পৰিৱেশক অধিক দৃঢ় কৰাৰ লক্ষ্য-উদ্দেশ্য সন্মুখত ৰাখি প্ৰকাশ সাহিত্য গোট বিভিন্ন বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়সমূহত গঠন কৰা হৈছে ৷

অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাৰ পৰিকল্পনা অনুসৰি এই গোট সমূহৰ সহযোগত মহাবিদ্যালয় গ্ৰন্থমেলা, সৃষ্টিশীল সাহিত্যৰ কৰ্মশালা আদি অনুষ্ঠিত কৰি অহা হৈছে ৷ এই কাৰ্যসূচীৰে অংশ হিচাবে আজি ইয়াত আয়োজন কৰা অনুষ্ঠানত শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে ৷ এয়া আমাৰ বাবে আশাৰ বতৰা ৷ উদ্বোধনী সভাত বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰি নৰ্থ লখিমপুৰ কলেজৰ অধ্যক্ষ ড° বিমান চন্দ্ৰ চেতিয়াই অসম প্ৰকাশন পৰিষদে গ্ৰন্থ আন্দোলন আৰু শৈক্ষিক উত্তৰণৰ বাবে গ্ৰহণ কৰা কাৰ্যসূচী অতি গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰে ৷ তেওঁ লগতে কয় যে এই কাৰ্যসূচীৰ ফলত শিক্ষাৰ্থীসকলে নতুন বিষয়ৰ সন্ধান পাব আৰু সৃজনীশীলতাৰে উদ্বুদ্ধ হোৱাৰ সুযোগ পাব ৷ শিক্ষাৰ্থীৰ বৌদ্ধিক অনুশীলনৰ বাবে এয়া সহায়ক হ’ব ৷ ইয়াৰ পাছতে “উপন্যাস আৰু গল্পৰ নব্য ধাৰা” বিষয়ত সমল ব্যক্তিৰূপে অংশ লৈ বক্তব্য আগবঢ়ায় ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপিকা ড° লক্ষীপ্ৰিয়া গগৈয়ে ৷ বিশ্বৰ সামাজিক পৰিস্থিতিয়ে কিদৰে সাহিত্যত নব্য ধাৰাৰ সৃষ্টি কৰে সেই প্ৰসংগত তেওঁ মননশীল বিশ্লেষণ আগবঢ়ায় ৷ তেওঁ কয় যে ভাষিক আধিপত্যবাদ, ৰাজনৈতিক আৰু অৰ্থনৈতিক ঔপনিৱেশিকতা, অৱহেলিত মানুহৰ সমাজিক জীৱনৰ বাস্তৱতাই সাহিত্যক নতুন ধাৰাৰে সমৃদ্ধ কৰে ৷ সমান্তৰালভাৱে ব্যক্তি জীৱনৰ দন্দ্ব আৰু দৰ্শন, আবেগ-অনুভূতি, মানৱীয় প্ৰমূল্যবোধ, মানৱিক সম্পৰ্কয়ো সাহিত্যক নতুন চিন্তা আৰু ধাৰণাৰে নকৈ গঢ়ি তোলে ৷ আলোচনা সত্ৰখনত “সাহিত্যৰ তত্ত্ব আৰু সমালোচনা সাহিত্য”ৰ বিষয়ত সমল ব্যক্তিৰূপে বক্তব্য আগবঢ়ায় ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপক, কবি-সমালোচক ড° সত্যকাম বৰঠাকুৰে ৷North Lakhimpur College

তেওঁ কয় যে সাহিত্য আৰু সাহিত্যৰ তত্ত্ব সমাজৰ অতীত, বৰ্তমান আৰু ভৱিষ্যতেই নিৰ্মাণ কৰে ৷ তত্ত্ব সাধাৰণতে পূৰ্বৱৰ্তী এক ধাৰণাৰ আধাৰ ৷ এই আধাৰতে পৰৱৰ্তী ধাৰণাই গঢ় লৈ উঠে ৷ আনহাতে সমালোচনা হৈছে সাহিত্য সৃষ্টিৰ পৰৱৰ্তী পৰ্যায় ৷ কাৰণ সাহিত্য প্ৰকাশৰ পাছতহে সাহিত্য সমালোচনাৰ প্ৰসংগ আহি পৰে ৷ কিন্তু এনেকুৱা বোধহয় কমেইহে হয় যে তত্ত্ব পঢ়িহে বা তত্ত্বক সন্মুখত ৰাখিহে সাহিত্য ৰচনা কৰিব লাগে ৷ কিন্তু ৰচিত সাহিত্যক পূৰ্বৱৰ্তী তত্ত্বৰ আধাৰত চালিজাৰি চোৱা হয় ৷ তত্ত্ব আৰু সমালোচনাৰ সৃজনীশীল সাহিত্যৰ সৈতে আন্তঃসম্পৰ্ক আছে ৷ প্ৰসংগক্ৰমে ড° বৰঠাকুৰে বিশ্ব সাহিত্যৰ প্ৰেক্ষাপটত অসমীয়া সাহিত্যৰ বিচাৰ-বিশ্লেষণেৰে তেওঁৰ বিষয় নিৰ্বাচিত বক্তব্যক আকৰ্ষণীয় কৰি তোলে ৷ ইপিনে “কাব্য নিৰ্মাণ আৰু ধাৰণা”ৰ বিষয়ে ভাষণ প্ৰদান কৰে সমল ব্যক্তি, ছয়দুৱাৰ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক ড° অৰিন্দম শৰ্মাই ৷ তেওঁ কয় যে ধাৰণাটো প্ৰথমেই আহে, নিৰ্মণ প্ৰক্ৰিয়া ইয়াৰ পাছৰ স্তৰ ৷ ধাৰণাটোক নাইবা মনৰ ভাবক স্ব-নিয়ন্ত্ৰণেৰে এটা সুন্দৰ গঢ় দিব নোৱাৰিলে কবিতাই শক্তিশালী গঠনৰূপ পোৱাত বাধাগ্ৰস্ত হ’ব পাৰে ৷ নিৰ্মাণশৈলীয়ে কবিতাক কালোত্তীৰ্ণ কৰে ৷ এয়া দিক্ষীত কবিসকলৰ এক কলাৰূপ যাক শব্দৰ যথাযথ প্ৰয়োগেৰে নিৰ্মাণ কৰা হয় ৷ কবি-লেখক নৱজ্যোতি পাঠকে পৰিচালনা কৰা এই মনোজ্ঞ অনুষ্ঠানটিত সামৰণি ভাষণ আগবঢ়ায় প্ৰকাশ সাহিত্য গোট, নৰ্থ লখিমপুৰ কলেজৰ আহ্বায়ক তথা অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক, সাহিত্য-সমালোচক ড° অৰবিন্দ ৰাজখোৱাই ৷ বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয় পৰ্যায়ত এনে কাৰ্যসূচী ৰূপায়ণে বিদ্যায়তনিক ক্ষেত্ৰখনৰ বাবে নতুন সম্ভাৱনাৰ ৰেঙণি দেখুওৱা বুলি উল্লেখ কৰে তেওঁ ৷ বিশেষকৈ ভাষা-সাহিত্যৰ ন-শিকাৰুসকলক এনে কাৰ্যসূচীয়ে উদ্বুদ্ধ আৰু জাতিটোৰ ভৱিষ্যতৰ বাবে দায়ৱদ্ধ কৰি তুলিব বুলি কয় ড° ৰাজখোৱাই ৷ ড° ধনৰঞ্জন কলিতা, ড° ধীৰাজ পাটৰ, মুনমী দত্ত ৰাজখোৱা, কৃপাৰেখা গগৈ, প্ৰাৰ্থনা দত্ত, খগেন পেগু আদি অধ্যাপক-অধ্যাপিকাসকলে অংশগ্ৰহণ কৰি অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তোলে ৷(North Lakhimpur College)

Sonapur firing incident:সোণাপুৰৰ গুলীচালনা: কংগ্ৰেছৰ উচটনিতেই অনাকাংক্ষিত ঘটনা সংঘটিত হোৱাৰ দাবী মুখ্যমন্ত্ৰীৰ

Sonapur firing incident: বৃহস্পতিবাৰে সোণাপুৰৰ উচ্ছেদস্থলীত সৃষ্টি হয় এক শোকাৱহ ঘটনা । উচ্ছেদৰ সময়ত বেদখলকাৰীয়ে উচ্ছেদ অভিযানত নিয়োজিত আৰক্ষী আৰু বিভাগীয় বিষয়াসকলৰ ওপৰত আক্ৰমণ চলায় ।ইয়াৰ প্ৰত্যুত্তৰত আৰক্ষীয়ে গুলীচালনা কৰিবলগা হয় । এই অনাকাংক্ষিত ঘটনা দুজনকৈ বেদখলকাৰী নিহত হয় ।এই ঘটনাৰ পিচত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । (himanta biswa sarma)

Sonapur firing incident: বৃহস্পতিবাৰে সোণাপুৰৰ উচ্ছেদস্থলীত সৃষ্টি হয় এক শোকাৱহ ঘটনা ।
উচ্ছেদৰ সময়ত বেদখলকাৰীয়ে উচ্ছেদ অভিযানত নিয়োজিত আৰক্ষী আৰু বিভাগীয় বিষয়াসকলৰ ওপৰত আক্ৰমণ চলায় ।ইয়াৰ প্ৰত্যুত্তৰত আৰক্ষীয়ে গুলীচালনা কৰিবলগা হয় । এই অনাকাংক্ষিত ঘটনা দুজনকৈ বেদখলকাৰী নিহত হয় ।এই ঘটনাৰ পিচত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । (himanta biswa sarma)

সোণাপুৰ উচ্ছেদ অভিযানৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে কয়, “সোণাপুৰ এটা ট্ৰাইবেল বেল্ট ।
এই ট্ৰাইবেল বেল্টত শান্তিপূৰ্ণভাৱে আমাৰ উচ্ছেদ চলি আছিল । অবৈধ দখলকাৰীসকল দৰং আৰু মৰিগাঁও জিলাৰ নিজৰ ঘৰলৈ উভতি গৈ আছিল । পুৱাৰ পৰা কংগ্ৰেছ দলে উচটাবলৈ আৰম্ভ কৰিলে । তেতিয়া তাৰ এচাম মানুহ উগ্ৰ হৈ পৰিল ।”কংগ্ৰেছৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ অভিযোগ, “বিৰোধী দলপতিয়ে পুৱা ১০.৩০ বজাৰ পৰা এই সম্পৰ্কে বিৰোধিতা কৰা আৰম্ভ কৰিলে ।কংগ্ৰেছ দলে জনা উচিত, ট্ৰাইবেল বেল্ট কংগ্ৰেছ দলে আনিছিল । কিন্তু কংগ্ৰেছে এতিয়া ট্ৰাইবেল বেল্টৰ উচ্ছেদৰ বিৰোধিতা কৰি আছে ।যেতিয়া কংগ্ৰেছ দলে ৰাতিপুৱাৰ পৰা উচ্ছেদৰ বিৰোধিতা কৰিলে, তাত মানুহ উগ্ৰ হৈ পৰিল আৰু পুলিচৰ ওপৰত আক্ৰমণ কৰিলে ।” (Police Open Fire During Eviction Drive In Assam’s Sonapur, 2 Dead)

সোণাপুৰৰ ঘটনাত হতাহতৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়, “এই ঘটনাত উপ-আৰক্ষী আয়ুক্ত, চক্ৰ বিষয়া, সোণাপুৰৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আহত হ’ল ।যাৰ প্রত্যুত্তৰত আৰক্ষীয়ে গুলী চলাবলগীয়া হ’ল । যাৰ ফলত ২ জনকৈ লোক নিহত হোৱাৰ লগতে সাতজন লোক আৰু ২২ জন আৰক্ষীৰ লোক আহত হ’বলগা হয় ।

উচ্ছেদ অভিযান সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, “ইতিমধ্যে চৰকাৰী মাটিৰ উচ্ছেদ সম্পূৰ্ণ কৰা হৈছে । যিসকলে ম্যাদীপট্টা থকা মাটিত বহিছিল, তেওঁলোকক আঁতৰি যোৱাৰ জাননী দিয়া হ’ব ।
গুৱাহাটীৰ গাতে লাগি থকা এটা অঞ্চলত আজি যিধৰণৰ আক্ৰমণৰ ঘটনা সংঘটিত হ’ল, সি আহিবলগীয়া দিনবোৰৰ কথা আকৌ এবাৰ ভবাই তুলিছে যে আহিবলগীয়া দিনবোৰ কিমান ভয়ংকৰ হ’ব পাৰে ।
কালিলৈকে সকলো ঠিকেই আছিল, কিন্তু আজি কংগ্ৰেছে উৎসাহ জনোৱাৰ পিছতে এনে ঘটনা সংঘটিত হয় । কিন্তু এই উচ্ছেদ অভিযান চলি থাকিব ।”

Supreme Court Grants Bail to Delhi CM: অৰবিন্দ কেজৰিৱালক উচ্চতম ন্যায়ালয়ে প্ৰদান কৰিলে জামিন

Supreme Court grants bail to Delhi CM Arvind Kejriwal: অৱশেষত মুকলি আকাশৰ তললৈ অহাৰ পথ প্ৰশস্ত হ’ল অৰবিন্দ কেজৰিৱালৰ। উচ্চতম ন্যায়ালয়ে মঞ্জুৰ কৰিলে কেজৰিৱালৰ জামিন। দিল্লীৰ সুৰা নীতি কেলেংকাৰীত জামিন পালে অৰবিন্দ কেজৰিৱালে।অৱশ্যে কেজৰিৱালে গোচৰটোক লৈ কৰিব নোৱাৰিব কোনো মন্তব্য। গ্ৰেপ্তাৰৰ সময়ক লৈ প্ৰশ্ন কৰে ন্যায়াধীশ উজ্জ্বল ভূঞাই।(Justice Ujjal Bhuyan )
Supreme Court grants bail to Delhi CM Arvind Kejriwal: অৱশেষত মুকলি আকাশৰ তললৈ অহাৰ পথ প্ৰশস্ত হ’ল অৰবিন্দ কেজৰিৱালৰ।

নতুন দিল্লী, ১৩ ছেপ্তেম্বৰ:: অৱশেষত মুকলি আকাশৰ তললৈ অহাৰ পথ প্ৰশস্ত হ’ল অৰবিন্দ কেজৰিৱালৰ। উচ্চতম ন্যায়ালয়ে মঞ্জুৰ কৰিলে কেজৰিৱালৰ জামিন। দিল্লীৰ সুৰা নীতি কেলেংকাৰীত জামিন পালে অৰবিন্দ কেজৰিৱালে।অৱশ্যে কেজৰিৱালে গোচৰটোক লৈ কৰিব নোৱাৰিব কোনো মন্তব্য। গ্ৰেপ্তাৰৰ সময়ক লৈ প্ৰশ্ন কৰে ন্যায়াধীশ উজ্জ্বল ভূঞাই।(Justice Ujjal Bhuyan)


CBIএ খৰখেদাকৈ কেজৰিৱালক গ্ৰেপ্তাৰ কৰাক লৈ প্ৰশ্ন কৰে ভূঞাই।জামিন মঞ্জুৰ কৰি CBIৰ গ্ৰেপ্তাৰ ন্যায়সংগত নহয় বুলি উল্লেখ কৰে উচ্চতম ন্যায়ালয়ে।দোষী সাব্যস্ত নোহোৱালৈ অভিযুক্ত নিৰ্দোষী- এই মন্তব্য উচ্চতম ন্যায়ালয়ৰ। ১০ লাখ টকাৰ বণ্ডত জামিন মঞ্জুৰ লাভ কৰে অৰবিন্দ কেজৰিৱালে। (Supreme Court Grants Bail to Delhi CM)


বিগত ৬ মাহ জে’লত আছিল অৰবিন্দ কেজৰিৱাল। ২৬ জুনত কাৰাগাৰতে CBIএ গ্ৰেপ্তাৰ কৰিছিল অৰবিন্দ কেজৰিৱালক।(Arvind Kejriwal)ইপিনে, ‘সজাৰ ভাটৌ’সদৃশ মনোভাৱ ত্যাগ কৰিবলৈ CBIক আহ্বান জনাই উচ্চতম ন্যায়ালয়ে।অৰবিন্দ কেজৰিৱাল বিগত ৬ মাহ জে’লত আছিল। ২৬ জুনত কাৰাগাৰতে CBIএ গ্ৰেপ্তাৰ কৰিছিল অৰবিন্দ কেজৰিৱালক। (Bail to Delhi CM Arvind Kejriwal in CBI case)

Trading Scam Investigation: ভুৱা ট্রেডিঙত জড়িত এজনো লোক সাৰি যাব নোৱাৰেঃ পীযুষ হাজৰীকা

Congress Obstructing Trading Scam Investigation says Assam Minister Piyush Hazarika
Trading Scam Investigation: ভুৱা ট্রেডিঙত জড়িত এজনো লোক সাৰি যাব নোৱাৰেঃ পীযুষ হাজৰীকা

গুৱাহাটী, ১২ ছেপ্তেম্বৰ: অনলাইন ট্রেডিঙেই হওক বা আন প্ৰৱঞ্চনাই হওক, ইয়াৰ লগত জড়িত এজনো লোক সাৰি যাব নোৱাৰে।- এই গুৰুত্বপূৰ্ণ মন্তব্য অসম চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰীকাৰ(Piyush Hazarika on Trading Scam Investigation)। অসমত ব্যাপকভাৱে চৰ্চা লাভ কৰা অনলাইন ট্ৰেডিং প্ৰৱঞ্চনাৰ ঘটনা সন্দৰ্ভত বৃহস্পতিবাৰে সাংবাদিকৰ আগত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি মন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰে। তেওঁ কয় যে ড০ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰখনৰ নীতি হ’ল দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতা। এইকেইদিনত যি প্ৰৱঞ্চনাৰ কথা সকলোতে চলি আছে বা প্ৰচলিত হৈছে বা ব্যাপক চৰ্চা লাভ কৰিছে, অনলাইন ট্ৰেডিঙৰ যোগেদি মানুহক সৰ্বস্বান্ত কৰা হৈছে, মানুহৰ পইচা আত্মসাৎ কৰা হৈছে, ইয়াৰ বিৰুদ্ধে চৰকাৰৰ স্পষ্ট নীতি যে শূন্য সহনশীলতা। গতিকে যিসকল ব্যক্তি অভিযুক্ত বুলি নাম ওলাইছিল, প্ৰায়সংখ্যক ব্যক্তিকে কৰায়ত্ত কৰা হৈছে। আৰু যি এজন দুজন পলাই আছে, কোনেও পলাই থাকিব নোৱাৰে, মই অসম চৰকাৰৰ মন্ত্ৰী হিচাপে এইক্ষেত্ৰত নিশ্চিত(Minister Piyush Hazarika)।

মন্ত্ৰীগৰাকীয়ে পুনৰ কয় যে ড০ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এইক্ষেত্ৰত অত্যন্ত কঠোৰ, যি এজন দুজন পলাই আছে, তেওঁলোকো বেছিদিন পলাই থাকিব নোৱাৰে। তেওঁলোক আহি হয়তো আত্মসমৰ্পণ কৰিব লাগিব, নতুবা তেওঁলোকক আমাৰ আৰক্ষী প্ৰশাসনে কৰায়ত্ত কৰিব। ইয়াৰ বিৰুদ্ধে গুৰুত্বসহকাৰে ব্যৱস্থা লোৱা হ’ব, তদন্ত হ’ব। মই ভাবো যে আইনে নিজৰ পথ গুৰুত্বসহকাৰে ল’ব। কোনোবাই যদি সঁচাকৈ প্ৰৱঞ্চনা কৰিছে, তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা নিশ্চয়কৈ লোৱা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।

চুমি বৰা নেপাললৈ পলাই যোৱা বুলি কংগ্ৰেছে কৰা অপপ্ৰচাৰ সন্দৰ্ভতো মন্ত্ৰীগৰাকীয়ে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে। তেওঁ কয় যে কংগ্ৰেছে এনেধৰণৰ অপপ্ৰচাৰ কৰি সমগ্ৰ তদন্তৰ প্ৰক্ৰিয়াটোক বিপথে পৰিচালিত কৰিব বিচাৰিছিল। কংগ্ৰেছৰ এই কাৰ্যক মন্ত্ৰীগৰাকীয়ে তীব্ৰ গৰিহণা দিয়ে।

মন্ত্ৰীগৰাকীয়ে কয় যে অসম চৰকাৰ বা অসম আৰক্ষীয়ে গুৰুত্বসহকাৰে এই বিষয়টোৰ তদন্ত কৰি আছিল। তদন্ত যাতে হৈ নুঠে, ইয়াৰ বাবে মানুহে যাতে চৰকাৰখনক বেয়া পায়, তাৰ কাৰণে কংগ্ৰেছে ষড়যন্ত্ৰ ৰচনা কৰিছিল। কিন্তু সেই ষড়যন্ত্ৰৰ ৰহস্য ফাদিল হ’ল, কিয়নো চুমি বৰা আৰু অন্য অভিযুক্তসকল ধৰা পৰিল। কোনেও পলাই সাৰিব নোৱাৰে, অসম চৰকাৰ এই ক্ষেত্ৰত আৰু অধিক কঠোৰ হ’ব বুলি তেওঁ দৃঢ়তাৰে মন্তব্য কৰে। অনলাইন ট্ৰেডিঙেই হওক বা আন প্ৰৱঞ্চনাই হওক, এইবোৰ কৰি অসম পুলিচৰ পৰা কোনেও বাচি থাকিব নোৱাৰে বুলি তেওঁ কয়।

এই বিষয়টোক লৈ অসমৰ ৰাইজক বিপথে পৰিচালিত কৰাৰ বাবে কংগ্ৰেছে যি ষড়যন্ত্ৰ কৰিছিল, তেওঁলোকৰ ষড়যন্ত্ৰ ব্যৰ্থ হোৱা বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। এই কেলেংকাৰিত জড়িত এজনো ব্যক্তি সাৰি যাব নোৱাৰে বুলি তেওঁ সংবাদমাধ্যমৰ জৰিয়তে ৰাইজক আশ্বাস প্ৰদান কৰে।

SEMICON India 2024 in Greater Noida: নয়ডাত অনুষ্ঠিত ছেমীকন ইণ্ডিয়া ২০২৪ত উদ্যোগ মন্ত্রী বিমল বড়াৰ অংশগ্রহণ ( Bimal Borah)

'চেমিকন ইণ্ডিয়া২০২৪' সন্মিলনত অংশগ্ৰহন বিমল বৰাৰ


SEMICON INDIA 2024 : দিল্লী ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলৰ গ্ৰেটাৰ নয়ডাৰ ইণ্ডিয়া এক্সপো মাৰ্টত কালিৰেপৰা অনুষ্ঠিত হৈছে ‘চেমিকন ইণ্ডিয়া২০২৪’ সন্মিলন। (SEMICON India 2024 in Greater Noida) বিভিন্ন দেশৰ বিনিয়োগকাৰী,কাৰিকৰী বিশেষজ্ঞ,প্ৰযুক্তিবিদ আদিৰ উপস্থিতিত অহা ১৩ চেপ্তেম্বৰলৈ চলিব লগীয়া এই সন্মিলন উদ্বোধন কৰি কালি প্ৰদান কৰা ভাষণত ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২১শতিকাৰ ভাৰতে বিশ্বক আশ্বাস কৰিবলৈ সক্ষম হৈছে বুলি মন্তব্য কৰে।( Bimal Borah) ডিজাইনিঙৰ পৃথিবীত জড়িত ২০%লোক ভাৰতৰ বুলি উল্লেখ কৰাৰ লগতে ই নিৰন্তৰ বিস্তাৰিত হৈ থকা বুলিও ব্যক্ত কৰে।   ( SEMICON India in Greater Noida, Delhi NCR. Sep. 11-13-2024 )

আপোনালোক সঠিক সময়ত সঠিক স্থানত থকা বুলি বিনিয়োগকাৰী সকলক কৈ প্ৰধানমন্ত্ৰী গৰাকীয়ে ছেমীকণ্ডাক্টৰ উদ্যোগৰ বাবে কাৰিকৰী দক্ষতা থকা ব্যক্তি, অভিযন্তা, গৱেষণা আৰু ডিজাইনিঙত দক্ষ ৮৫ হেজাৰ লোকৰ এক গোট প্ৰস্তুত কৰি থকাৰ কথাওঁ ভাষণত উল্লেখ কৰে।( India is a rising player in the global semiconductor industry, with the region’s chip market projected)


সন্মিলনত ভাষণ প্ৰদান কৰিএন এক্সপি ছেমীকণ্ডাক্টৰৰ মুখ্য কাৰ্যবাহী বিষয়া কাৰ্ট ছিভাৰ্চে কয় যে ছেমীকণ্ডাক্টৰ উদ্যোগৰ ক্ষেত্রত সফলতা লাভ কৰিবলৈ লক্ষ্য, বিশ্বাস আৰু সহযোগিতা নিত্যান্তই আৱশ্যক।তেওঁ লগতে ইয়াৰ বাবে সৃজনশীলতা, গণতন্ত্র আৰু প্ৰত্যয়ৰো প্ৰয়োজনীয়তাৰ কথা দোহাৰে।(SEMICON India 2024 in Greater Noida) টাটা (TATA) ইলেক্ট্রনিকছৰ মুখ্য কাৰ্যবাহী বিষয়া ৰণধীৰ ঠাকুৰে অনুষ্ঠানত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতত ছেমীকণ্ডাক্টৰৰ সপোন সাৰ্থক হোৱা বুলি মন্তব্য কৰে।মন কৰিবলগীয়া যে ভাৰতত সম্প্ৰতি ছেমীকণ্ডাক্টৰৰ চাৰিটা প্ৰকল্পৰ কামচলি আছে।

তিনিদিনীয়া এই ‘ছেমীকন ইণ্ডিয়া ২০২৪'( SEMICON India 2024 ) সন্মিলনত অসমৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বড়াই অংশ গ্ৰহণ কৰি বিভিন্ন দেশৰ বিনিয়োগকাৰী তথা প্ৰযুক্তিবিদ সকলৰে মত বিনিময় কৰাৰ লগতে ছেমীকণ্ডাক্টৰ উদ্যোগৰ বিভিন্ন দিশ পৰ্যবেক্ষণ কৰে।মন্ত্ৰী বড়াই সন্মিলনৰ ইণ্ডিয়া এক্সপো মাৰ্টত অংশ গ্রহণ কৰা বিভিন্নদেশৰ প্ৰতিষ্ঠানৰ বিপণীত প্ৰদৰ্শন কৰা কাৰিকৰী প্ৰযুক্তিও পৰিদৰ্শন কৰে। উল্লেখ্য যে সন্মিলনৰ প্ৰদৰ্শনীত অংশগ্রহণ কৰা অসম ঔদ্যোগিক উন্নয়ন নিগমৰ বিপণিত উপস্থিত হৈ বিষয়া কৰ্মচাৰী সকলৰ সৈতেও মত বিনিময় কৰে। (SEMICON India in Greater Noida, Delhi )

Online trading scam: অনলাইন ট্ৰেডিং কেলেংকাৰীৰক লৈ সৰব মন্ত্ৰী পীয়ূজ হাজৰিকামন্ত্ৰী পীযুষ হাজৰিকা

অনলাইন ট্ৰেডিং কেলেংকাৰীৰক লৈ সৰব মন্ত্ৰী পীযুষ হাজৰিকা। (Assam Minister Piyush Hazarika) ট্ৰেডিং কেলেংকাৰী সন্দৰ্ভত মন্তব্য মন্ত্ৰী পীযুষ হাজৰিকাৰ মন্তব্য কোনো ব্যক্তি সাৰি যাব নোৱাৰে ।
অনলাইন ট্ৰেডিং কেলেংকাৰীৰক লৈ সৰব মন্ত্ৰী পীযুষ হাজৰিকা

Online Trading Scam : অনলাইন ট্ৰেডিং কেলেংকাৰীৰক লৈ সৰব মন্ত্ৰী পীযুষ হাজৰিকা। (Assam Minister Piyush Hazarika) ট্ৰেডিং কেলেংকাৰী সন্দৰ্ভত মন্তব্য মন্ত্ৰী পীযুষ হাজৰিকাৰ মন্তব্য কোনো ব্যক্তি সাৰি যাব নোৱাৰে । চুমি বৰা তাৰ্কিক বৰা গ্ৰেপ্তাৰ হোৱাৰ পিছতে মৰিগাঁৱত মন্ত্ৰী পীযুষ হাজৰিকাৰ মন্তব্য আইনে নিজৰ সক্ৰিয়তাৰে এই ব্যৱস্থাতোক কঠোৰ কৰিব কিন্তু চৰকাৰে এই ক্ষেত্ৰত বহি নাথাকে । কংগ্ৰেছ দলে ৰাজনীতি কৰিব বিচাৰিছিল কিন্তু নোৱাৰিলে । আমাৰ চৰকাৰ কঠোৰ দুৰ্নীতিৰ ক্ষেত্ৰত । কোনোৱে ট্রেডিং কৰি মানুহক প্ৰবঞ্চনা কৰি সাৰি যাব নোৱাৰে । ” Online trading ৰ লগত জড়িত সকলো গ্ৰেপ্তাৰ হব।  (Government will not let any individual involved in fraudulent online trading activities evade justice)


(“No one will escape”: Minister Piyush Hazarika vows strict action in online trading fraud case) কোনো সাৰি যাব নোৱাৰে আৰক্ষীৰ হাতৰ পৰা । কাৰন হিমন্ত বিশ্ব শৰ্মা নেতৃত্বীতাধীন বিজেপি চৰকাৰে এই ক্ষেত্ৰত অধিক কঠোৰ হৈছে” । এই মন্তব্য মন্ত্ৰী পীয়ূজ হাজৰিকাৰ (Piyush Hazarika )। মৰিগাঁওৰ মানিপুৰৰ এক দলীয় সভাত অংশগ্ৰহণ কৰি এনে দৰে কয় মন্ত্ৰী গৰাকীয়ে ।প্ৰৱঞ্চনাৰ লগত জড়িত ৯০% লোকক ইতিমধ্যেই গ্ৰেপ্তাৰ কৰা হৈছে বুলিও মন্তব্য মন্ত্ৰী গৰাকীৰ । আনহাতে কংগ্ৰেছ ইক’ছিষ্টেমে কিয় দোষী নেপাললৈ পলাই গুচি গল বুলি দাবী কৰা সন্দৰ্ভত মন্তব্য মন্ত্ৰীগৰাকীৰ (“No one will escape”: Minister Piyush Hazarika)

Letters From Vietnam’ to premiere at Costa Rica film festival:কিশোৰ কলিতাৰ তথ্যচিত্ৰ ‘লেটাৰ্ছ ফ্ৰম ভিয়েটনাম’ মেক্স ছাৰ আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱ লৈ নিৰ্বাচিত

'লেটাৰ্ছ ফ্ৰম ভিয়েটনাম'
'লেটাৰ্ছ ফ্ৰম ভিয়েটনাম'

ভাৰতৰ ৫২ সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ ভাৰতীয় পেনোৰামালৈ আনুষ্ঠানিক বাছনিকে ধৰি বিভিন্ন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত কেইবাটাও বঁটা আৰু সন্মান লাভ কৰা তথ্যচিত্ৰ ‘বীৰাঙ্গনা’ৰ জৰিয়তে সমালোচকৰ প্ৰশংসা লাভ কৰাৰ পিছত, গুৱাহাটীস্থিত তথ্যচিত্ৰ নিৰ্মাতা কিশোৰ কলিতাই এতিয়া তেওঁৰ নতুন তথ্যচিত্ৰ প্ৰকল্পৰ জৰিয়তে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। দক্ষিণ-পূব এছিয়াত অৱস্থিত ভিয়েটনামলৈ কলিতাৰ স্মৰণীয় যাত্ৰাৰ কাহিনীৰ লগতে এক অনন্য অন্তৰ্দৃষ্টিৰ ওপৰত আধাৰিত ‘লেটাৰ্ছ ফ্ৰম ভিয়েটনাম’ শীৰ্ষক এই তথ্যচিত্ৰখনে কোষ্টা ৰিকাত অনুষ্ঠিত হ’বলগীয়া মেক্স ছাৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ 2024-ত আনুষ্ঠানিকভাৱে বাছনি কৰা হৈছে। বছৰি অনুষ্ঠিত হোৱা এই উৎসৱত মূলতঃ প্ৰকৃতি-কেন্দ্ৰিত তথ্যচিত্ৰ আৰু চুটি ছবি প্ৰদৰ্শন কৰা হয়। ইয়াৰ পূৰ্বে, তথ্যচিত্ৰখনে ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চুটি চলচ্চিত্ৰ মহোৎসৱ বঁটালৈ আনুষ্ঠানিক নিৰ্বাচন লাভ কৰিছিল। ((Letters From Vietnam’ to premiere at Costa Rica film festival)


(Kishore Kalita’s latest documentary ‘Letters From Vietnam’) কিশোৰ কলিতাৰ বাবে, দক্ষিণ-পূব এছিয়াৰ অতি মনোমোহা আৰু আকৰ্ষণীয় ঠাই ভিয়েটনাম ভ্ৰমণ কৰাটো সঁচাকৈয়ে এক স্মৰণীয় অভিজ্ঞতা আছিল। এই ভ্ৰমণে তেওঁক ভিয়েটনামৰ জীৱন আৰু সংস্কৃতি, ইয়াৰ আকৰ্ষণীয় দৃশ্যপট, ঐতিহাসিক চিহ্ন আৰু প্ৰাণৱন্ত একাধিক সংস্কৃতিৰ ওপৰত কিছু আকৰ্ষণীয় অন্তৰ্দৃষ্টি লাভ কৰিবলৈ সক্ষম কৰিছিল, যিবোৰ ‘লেটাৰছ ফ্ৰম ভিয়েটনাম’ত স্বতঃস্ফূৰ্তভাবে বন্দী কৰা হৈছে। ভিয়েটনামৰ বিভিন্ন মঠ-মন্দিৰ, আধ্যাত্মিক স্থান আৰু প্ৰাসাদে অঞ্চলটোৰ ঐতিহাসিক উত্তৰাধিকাৰী, সাংস্কৃতিক আৰু আধ্যাত্মিক পৰম্পৰা আৰু কলাত্মক উৎকৰ্ষতাৰ জীৱন্ত প্ৰমাণ হিচাপে কাম কৰে।


(Max Sir International Film Festival 2024 )“ভিয়েটনামৰ কেইবাটাও আকৰ্ষণীয় ঠাই ভ্ৰমণ কৰা আৰু একে সময়তে সেইবোৰৰ চিত্ৰগ্ৰহণ কৰাটো মোৰ বাবে এক আধ্যাত্মিকভাৱে গতিশীল অভিজ্ঞতা আছিল,” কলিতাই কয়। ‘লেটাৰ্ছ ফ্ৰম ভিয়েটনাম’ৰ প্ৰযোজনা আৰু পৰিচালনা কৰাৰ উপৰিও, কিশোৰ কলিতাই কেমেৰাৰ কামো কৰিছে। বিপুল ৰাজৰ দ্বাৰা সম্পাদিত আৰু প্ৰসূন মুখোপাধ্যায়ৰ দ্বাৰা সংগীতৰ ডিজাইন কৰা, তথ্যচিত্ৰখনৰ সংগীত পৰিচালনা সৌম্যৰিত নাগৰ, আৰু ধাৰা বিৱৰণী হংসৰাজ বৰপাত্ৰগোহাঁইৰ।(Letters From Vietnam’ to premiere at Costa Rica film festival)

Annual Event Murchana Music Academy 2024: মূৰ্চ্ছনা মিউজিক একাডেমিৰ বাৰ্ষিক অনুষ্ঠান ২০২৪

মূৰ্চ্ছনা মিউজিক একাডেমিৰ বাৰ্ষিক অনুষ্ঠান
মূৰ্চ্ছনা মিউজিক একাডেমিৰ বাৰ্ষিক অনুষ্ঠান

‘মূৰ্চ্ছনা মিউজিক একাডেমি’য়ে বিগত বৰ্ষৰ দৰে এইবছৰো জুলাই মাহৰ ১২ তাৰিখে আবেলি ৪:০৪ বজাত গুৱাহাটীৰ শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰী মাধৱদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত “বাৰ্ষিক সাংস্কৃতিক অনুষ্ঠান ২০২৪” উদ্‌যাপন কৰে৷(Annual Event Murchana Music Academy 2024)নিমন্ত্ৰিত অতিথি শ্ৰদ্ধাৰ সাত্বনা বেনাৰ্জী আৰু শিক্ষাকেন্দ্ৰৰ মুখ্য অধ্যক্ষ হিৰণ্য কলিতাৰ লগতে বৰ্ণালী কলিতা, জোনালী দাস আৰু পৰাগ ডেকাই বন্তি প্ৰজ্বলন কৰি অসমৰ স্বনামধন্য শিল্পী প্ৰয়াত নন্দ বেনাৰ্জী আৰু ভূপেন উজিৰ দেৱৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে৷(Murchana Music Academy)


গুৱাহাটীৰ চান্দমাৰী অঞ্চলৰ পূৱ শৰণীয়া মুখ্য পথত থকা “মূৰ্চ্ছনা মিউজিক একাডেমি”য়ে ২০০০ চনতেই প্ৰতিষ্ঠা লাভ কৰি তেতিয়াৰ পৰা এতিয়ালৈকে অসমৰ যথেষ্ট সংখ্যক শিক্ষাৰ্থীক বিজ্ঞানসন্মতভাৱে গীটাৰ, ইলেকট্ৰনিক কীবোৰ্ড, পিয়ানো, ভায়োলিন, কণ্ঠসংগীত, তবলা ইত্যাদিৰ পাঠদান কৰাৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ শিক্ষাৰ্থীক অনলাইনযোগে প্ৰশিক্ষণ দি আহিছে৷ মুখ্য অধ্যক্ষ হিৰণ্য কলিতা আৰু তেওঁৰ পত্নী বৰ্ণালী কলিতাই আন্তঃৰাষ্ট্ৰীয় শৈক্ষিক সাংস্কৃতিক প্ৰতিষ্ঠান আৰু পৰীক্ষা পৰিষদ “মিউজিচিয়া আৰ্টচ এণ্ড কালচাৰ কাউন্সিল” (Musicea Arts And Culture Council) ৰ দ্বাৰা অনুমোদিত শিক্ষা কেন্দ্ৰটোৱে প্ৰতি বছৰে শিক্ষাৰ্থীসকলক তেওঁলোকৰ সাংস্কৃতিক বিকাশ, প্ৰচাৰ আৰু প্ৰসাৰ কৰিবলৈ অনুপ্ৰেৰণা যোগোৱাৰ লগতে মঞ্চত পাৰদৰ্শিতা প্ৰদৰ্শন কৰাৰ নিয়মীয়া সুযোগ দি আহিছে৷


মূৰ্চ্ছনাৰ এগৰাকী শিক্ষাৰ্থী ৰাগিনী গোস্বামী আৰু এগৰাকী শুভকাংশী মাইকন দেৱীয়ে গোটেই অনুষ্ঠানটোৰ ঘোষিকা হিচাপে আত ধৰি সুন্দৰভাৱে আগবঢ়াই নিয়ে৷ হিৰণ্য কলিতাৰ কথা-সুৰ আৰু সংগীতেৰে সজোৱা ‘লুকা- ভাকু খেলো আমি নাই আমনি’ সমবেত সংগীতত কণ্ঠসংগীতৰ শিক্ষাৰ্থীসকলে কণ্ঠদান কৰি সাংস্কৃতিক অনুষ্ঠানৰ শুভাৰম্ভণি কৰে৷


অসমৰ বিশিষ্ট সংগীতজ্ঞ প্ৰয়াত নন্দ বেনাৰ্জী দেৱলৈ “মূৰ্চ্ছনা মিউজিক একাডেমি’য়ে” “সংগীতাচাৰ্য” উপাধিৰে বিভূষিত কৰি তেখেতৰ পৰিয়ালৰ মুৰব্বীৰ হাতত এখনি মানপত্ৰ প্ৰদান কৰে৷


চ্যোনী কলিতাৰ কিবোৰ্ডত ‘জিতাথা জিচিকে লিয়ে’, কৃতাৰ্থ বৰুৱাৰ ‘পেহেলা নচা’, অয়ন কলিতাৰ ‘তুমকো দেখা তো য়ে খয়াল আয়া’, ছেমচ হাজৰিকাৰ ‘ফেডেড’, জৰ্ণভ চক্ৰৱৰ্তীৰ ‘জিনা য়াহা মৰণা য়াহা’ গীতৰ লহৰে উপস্থিত দৰ্শকক মন্ত্ৰমুগ্ধ কৰে৷ বৰ্ণালী কলিতাৰ পৰিচালনাত বেহেলাৰ শিক্ষাৰ্থীসকল ক্ৰমে অনন্যাশ্ৰী বৰুৱা, চুমনশ্ৰী দাস, প্ৰজ্ঞাশ্ৰী নাথ, ষ্টেলিনা কাকতি, শ্ৰেয়চী ৰয় আৰু কেইবাগৰাকীয়েও জ্যোতি প্ৰসাদ আগৰৱালাৰ কালজয়ী গীত ‘গছে গছে পাতি দিলে’ আৰু পাশ্চাত্য সুৰ ‘টেনটিং টুনাইট’ আৰু ভাৰতীয় শাস্ত্ৰীয় সংগীত ‘ৰাগ দেশকাৰ’ বজাই দৰ্শকৰ মাজত বিপুল সঁহাৰি লাভ কৰে৷


নৃত্য প্ৰশিক্ষক সন্মানীয় মিনা পালৰ তত্ত্বাৱধানত জিচা আগৰুৱালা, নভ্যা বাউৰী, শ্ৰেয়া শৰ্মা, চুমি মন্দল, পলাক্সী নাথ, প্ৰিয়াংশী শৰ্মা, ষ্টেলিনা কাকতি, শ্ৰেয়াসী ৰয়ে ‘সৰস্বতী বন্দনা’ ত অংশগ্ৰহণ কৰি নৃত্য সংগীতক এক বিশেষ মাত্ৰা প্ৰদান কৰে৷ সেউজী সেউজী সেউজী অ’, বিলতে হালিছে ধুনীয়া পদুমী, আপ জেইচা কোই মেৰে, য়ে শ্যাম মস্তানি, গধূলি আহিল তৰা জিলিকিল আৰু বহুটো গীতৰ লহৰে সকলোকে আমোদ দিয়ে৷ ২০২৩ বৰ্ষৰ একষ্টিক গীটাৰ পৰীক্ষাৰ বাছনিত অন্তৰ্ভুক্ত হৈ সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ধীমন্ত কুমাৰ বৰুৱালৈ ১১১১১.০০ টকাৰ এখন চেক, এখন শৰাই, এখন মানপত্ৰ আৰু এখনি ফুলাম গামোচাৰে সম্বদ্ধৰ্না জনাই চলিত বৰ্ষৰ সংগীত বৃত্তি ‘মূৰ্চ্ছনা মিউজিক একাডেমী’ প্ৰদান কৰে৷


২০২৩ চনৰ সংগীতৰ বিভিন্ন বিষয়ৰ পৰীক্ষাত ভাল ফলাফল পোৱা শিক্ষাৰ্থীসকলক অনুপ্ৰেৰণা যোগোৱাৰ উদ্দেশ্যে সকলোকে সংগীতানুষ্ঠানৰ এটিকে প্ৰতীক চিহ্ন প্ৰদান কৰা হয়৷ উমাংগী কাশ্যপ, ৱাহিদ আলম, শ্ৰীৰাগ পাটগিৰী, চাবিব আহমেদ, ৰাহুল সেন, পিবাণে লাইনেজাম, নিকুঞ্জ বাউৰী, নিবিৰ পাঠক, নিয়ৰ বৰ্মন, কৃথিক দাস, কৃতাৰ্থ কান্ত বৰুৱা, হৰ্ষবৰ্ধন বড়ো, সিদ্ধান্ত প্ৰতিম বৰুৱা, অৰণ্যক স্পন্দন শৰ্মা, মৃনাৰ্ভ চলিহা, শ্লোষ সাহা, কুনাল সাহা, কুনাল দাস, বিদিশা দাস, অয়ন জ্যোতি দাস, পৃথিকা প্ৰিয়দৰ্শিনী কাশ্যপ, সূৰ্যাংশ প্ৰতিম দাস আদিয়ে সংগীতৰ বিভিন্ন অনুষ্ঠানত অংশগ্ৰহণ কৰে৷ শেষত বহুকেইখন কিবোৰ্ড আৰু গীটাৰত একেলগে অসমৰ জাতীয় সঙ্গীত পৰিবেশন কৰি ‘বাৰ্ষিক সাংস্কৃতিক অনুষ্ঠান ২০২৪’ৰ সফল সামৰণি কৰা হয়৷