Home Blog Page 572

Sankor Jyoti Baruah Resigns Aasu: আছু’ৰ পৰা অব্যাহতি শংকৰ জ্যোতি বৰুৱাৰ

আছু’ৰ পৰা অব্যাহতি শংকৰ জ্যোতি বৰুৱাৰ
আছু’ৰ পৰা অব্যাহতি শংকৰ জ্যোতি বৰুৱাৰ

১০ ছেপ্টেম্বৰ তাৰিখে শংকৰ জ্যোতি বৰুৱাক আছুৰ পৰা অব্যাহতি লোৱাৰ পৰামৰ্শ দিছিল মুখ্য উপদেষ্টা ড০ সমুজ্জল ভট্টাচাৰ্যই আৰু সভাপতি উৎপল শৰ্মাই।(Sankor Jyoti Baruah Resigns Aasu)এগৰাকী যুৱতীয়ে প্ৰৱঞ্চনাৰ অভিযোগ তুলি থানাত শংকৰ জ্যোতি বৰুৱাৰ বিৰুদ্ধে দিছিল এজাহাৰ। ইয়াৰ পিছতে বিভিন্ন মহলাত সৃষ্টি হৈছিল প্ৰতিক্ৰিয়া।(Samujjal Bhattacharya advises Sankor Jyoti Baruah to retire from AASU)আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ বিতৰ্ক সন্দৰ্ভত ১০ ছেপ্টম্বৰ তাৰিখে সংবাদমেল পাতে আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই।(aasu general secretary sankor jyoti baruah)

চলিত মাহৰ ৬ তাৰিখে এগৰাকী যুৱতীয়ে আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছিল। যুৱতীগৰাকীয়ে কৈছিল যে শংকৰজ্যোতি বৰুৱাই অন্য এগৰাকী যুৱতীৰ বাবে তেওঁক প্ৰতাৰণা কৰিছে। লগতে পিষ্টল দেখুৱাই অত্যাচাৰ কৰিছিল বুলি অভিযোগ কৰিছিল।যাৰ বাবে তেওঁ শাৰীৰিক-মানসিকভাৱে বিধ্বস্ত হৈ পৰিছিল। এনেবোৰ কাৰণতে অত্যাধিক মাত্ৰাত দৰৱ সেৱন কৰি জি এম চি এইচত ভৰ্তি হবলগীয়া হৈছিল। বৰ্তমানো চিকিৎসাধীন অৱস্থাতে আছে যুৱতীগৰাকী।

এই অভিযোগ-প্ৰতি অভিযোগৰ মাজতে ১১ ছেপ্টেম্বৰত আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই স্পষ্টীকৰণ দি তেওঁৰ সৈতে থকা প্ৰেমৰ সম্পৰ্কৰ কথা স্বীকাৰ কৰিছিল। কিন্তু তেওঁ অনা অভিযোগ সমূহ অভিযোগ বুলি কয়। ইয়াৰ বাবে তেওঁ এই বিষয়টোক লৈ ন্যায়ালয়ৰ কাষ চাপিছো বুলিও কয় শংকৰজ্যোতি বৰুৱাই।

শংকৰজ্যোতি বৰুৱাই স্পষ্টীকৰণ দি কৈছিল, শেহতীয়াকৈ ৬ তাৰিখৰ পৰা এগৰাকী যুৱতীয়ে মোৰ বিৰুদ্ধে অভিযোগ আনিছে, ইয়াৰ বাবে মোৰ ব্যক্তিগত আৰু সামাজিক জীৱনত যথেষ্ঠ ক্ষতি হৈছে। মোৰ লগতে মোৰ মা মানসিভাৱে ভাগৰি পৰিছে। যিগৰাকী যুৱতী জি এম চি এইচত ভৰ্তি হৈ আছে সেইগৰাকী যুৱতীৰ স্বাস্থ্যক লৈও মই চিন্তিত। মোৰ বিৰুদ্ধে অনা অভিযোগ মই মানি লৈছো। মই ভাবো, প্ৰেম কোনো অপৰাধ নহয়। বিশ্ববিদ্যালয়ৰ এখন সভালৈ যাওঁতে তেওঁৰ লগত চিনাকী হৈছিলো আৰু পাছত আমাৰ মাজত প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠিছিল। যোৱা ১ বছৰৰ পৰা আমাৰ মাজত সংঘাত আৰম্ভ হৈছিল আৰু পৰৱৰ্তী সময়ত এই সংঘাত বাঢ়ি গৈছিল। যুৱতীগৰাকীয়ে কোৱা দৰে প্ৰায় ৬ মাহ ধৰি যুৱতীগৰাকীৰ তেওঁৰ লগত মোৰ কোনো সম্পৰ্ক নাই। তেওঁ কোৱো সকলো কথায়েই সত্য। তেওঁ মোৰ মাৰ লগতো কথা পাতিছে। যিখন ফটো সামাজিক মাধ্যমত ভাইৰেল হৈ আছে সেই ফটোখন উঠাৰ দিনা যুৱতীগৰাকীৰ সৈতে মোৰ চিনাকী নাছিল। কিন্তু ৬ মাহ পাছত কিয় অভিযোগ আনিছে তাক লৈ চিন্তিত মই। তেওঁ কয় যে, মই এই বিষয়টোত ন্যায়ালয়ৰ কাষ চাপিছো। (sankarjyoti baruah)

তাৰপিছতে চলিত মাহৰ ১০ তাৰিখে শংকৰ জ্যোতি বৰুৱাক আছুৰ পৰা অব্যাহতি লোৱাৰ পৰামৰ্শ দিছিল মুখ্য উপদেষ্টা ড০ সমুজ্জল ভট্টাচাৰ্যই। তাৰপিছতে বিতৰ্কৰ সৃষ্টি হৈছিল সামাজিক মাধ্যমত। আনকি উজনি-নামনিক লৈও বিৰ্তকৰ সৃষ্টি হৈছিল। এনে বিৰ্তকৰ মাজতে আজি সদৌ অসম ছাত্ৰ সন্থাৰ পবিত্ৰ মজিয়াৰ পৰা সাধাৰণ সম্পাদক পদৰ পৰা অব্যাহতি গ্ৰহণ কৰে শংকৰ জ্যোতি বৰুৱাই। তেওঁ সামাজিক মাধ্যমৰ জৰিয়তে এই কথা ঘোষণা কৰে। ক্ষন্তেক পিছতে কেন্দ্ৰীয় সমিতিলৈ অব্যাহতি পত্ৰ প্ৰেৰণ কৰিব বুলিও উল্লেখ কৰে শংকৰ জ্যোতি বৰুৱাই৷(Sankor Jyoti Baruah Resigns Aasu)

Yonex-Sunrise North East Zone Inter-State Badminton:য়’নেক্স-ছানৰাইজ উত্তৰ-পূৱ মণ্ডল আন্তঃৰাজ্যিক বেডমিণ্টনৰ সামৰণি

য়’নেক্স-ছানৰাইজ উত্তৰ-পূৱ মণ্ডল আন্তঃৰাজ্যিক বেডমিণ্টন
য়’নেক্স-ছানৰাইজ উত্তৰ-পূৱ মণ্ডল আন্তঃৰাজ্যিক বেডমিণ্টন

গুৱাহাটী, ১১ ছেপ্টেম্বৰঃ বেডমিণ্টন এছ’চিয়েচন অব ইণ্ডিয়া [বাই]ৰ সহযোগিতাত অসম বেডমিণ্টন সন্থাই আয়োজন কৰা য়’নেক্স-ছানৰাইজ উত্তৰ-পূৱ মণ্ডল আন্তঃৰাজ্যিক বেডমিণ্টন প্ৰতিযোগিতাৰ সফল সামৰণি পৰিছে৷ গুৱাহাটীৰ ৰাধা গোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ কনকলতা ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনত অসমে নটা সোণসহ মুঠ ১৬ টা পদক জয় কৰি শ্ৰেষ্ঠত্ব অৰ্জন কৰিবলৈ সক্ষম হয়৷ আয়োজক ৰাজ্যখনে চাৰিটা ৰূপ তথা তিনিটা ব্ৰঞ্জৰ পদক জয় কৰে৷(Assam win medals in Yonex-Sunrise North East Zone Inter-State Badminton)

অসমৰ এই সফলতাত সৰ্বাধিক অৰিহনা আগবঢ়ায় ৰাজ্যৰ নৱাগতা শ্বাটলাৰ শান্তিপ্ৰিয়া হাজৰিকাই৷(Shuttler Shantipriya Hazarika) মুঠ চাৰিটা সোণ লাভ কৰি উজ্বলি উঠে শান্তিপ্ৰিয়া৷ উল্লেখ্য যে মহিলাৰ দলীয় শাখাৰ নিৰ্ণায়ক তৃতীয়খন একক শাখাৰ মেচত জয়লাভ কৰি অসমক প্ৰথমটো সোণ দিয়া শান্তিপ্ৰিয়াই জুনিয়ৰ ছোৱালীৰ দলীয় শাখাৰ ফাইনেলতো একক আৰু ডাবলছ শাখাৰ মেচত জয়ৰে দ্বিতীয়টো সোণ অৰ্জন কৰিছিল৷

যোৱানিশা শান্তিপ্ৰিয়াই আৰু দুটা সোণ লাভ কৰে৷ ১৯ বছৰ অনূৰ্ধ জুনিয়ৰৰ ছোৱালীৰ একক শাখাৰ খিতাপ জয় কৰাৰ পাছত শান্তিপ্ৰিয়াই জুনিয়ৰ ছোৱালীৰ ডাবলছ শাখাৰো সোণ লাভ কৰে৷ ইফালে, পুৰুষ শ্বাটলাৰৰ দুৰ্বল প্ৰদৰ্শনৰ বিপৰীতে প্ৰতিযোগিতাত শান্তিপ্ৰিয়াৰ লগতে অসমৰ আন তিনিগৰাকী মহিলা শ্বাটলাৰ উজ্বলি উঠে৷ স্মৰ্তব্য যে তিনিটাকৈ সোণ লাভ কৰিবলৈ সক্ষম হয় তিনি অসম কন্যা ময়ূৰী বৰ্মন, মনালী বৰা আৰু ভাৱিষ্যা চাংমাই৷

ময়ূৰীয়ে মহিলাৰ একক, ডাবলছ আৰু দলীয় শাখাত সোণ লাভ কৰাৰ বিপৰীতে মনালীয়ে মহিলাৰ দলীয়, ডাবলছ আৰু মিক্সড ডাবলছত সোণ অৰ্জন কৰে৷ ইফালে, ভাৱিষ্যাই ১৯ বছৰ অনূৰ্ধ জুনিয়ৰৰ ছোৱালীৰ দলীয়, ডাবলছ আৰু মিক্সড ডাবলছৰ সোণ হস্তগত কৰে৷

লগতে পঢ়কঃ North-east Badminton:উত্তৰ-পূৱ বেডমিণ্টনঃ মিক্সড ডাবলছৰ দুয়োটা সোণ অসমৰ শ্বাটলাৰৰ দখলত
প্ৰতিযোগিতাত পুৰুষ আৰু জুনিয়ৰ ল’ৰাৰ একক তথা দলীয় শাখাত অসমে সোণ লাভ কৰাত ব্যৰ্থ হ’লেও সংগ্ৰাম চুতীয়াই পুৰুষৰ ডাবলছ আ

ৰু মিক্সড ডাবলছত দুটা সোণ জয় কৰে৷ একেদৰে নিবিৰ ৰঞ্জন চৌধুৰীয়ে পুৰুষৰ ডাবলছ আৰু শুভাংকৰ দত্তই জুনিয়ৰ মিক্সড ডাবলছত সোণ অৰ্জন কৰে৷

প্ৰতিযোগিতাৰ অন্তত বঁটা বিতৰণি অনুষ্ঠানত উপস্থিত থাকে ক্ৰীড়া মন্ত্ৰী নন্দিতা গাৰ্লোছা, ক্ৰীড়া সঞ্চালক প্ৰদীপ টিমুং, অসম বেডমিণ্টন সন্থাৰ সম্পাদক ওমৰ ৰছিদ, কোষাধ্যক্ষ গৌতম মহন্তসহ বিষয়বৱীয়াসকল৷

Mainao Brahma Detained by Assam Police for Multi-Crore Online Trading Scam: ট্ৰেডিং কেলেংকাৰিত অভিযুক্ত মাইনাও ব্ৰহ্মক মাৰাথান জেৰা আৰক্ষীৰ

মাইনাও ব্ৰহ্ম
মাইনাও ব্ৰহ্ম

আৰক্ষীৰ জালত ট্ৰেডিং কেলেংকাৰিত অভিযুক্ত মাইনাও ব্ৰহ্ম। বৰঝাৰ বিমান বন্দৰৰ পৰা আটক কৰে মাইনাও ব্ৰহ্মক। দীৰ্ঘদিন ধৰি দিল্লীত আত্মগোপন কৰি আছিল মাইনাও ব্ৰহ্ম।(Mainao Brahma Detained by Assam Police for Multi-Crore Online Trading Scam)

দিল্লীৰ পৰা নিশা এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ বিমান যোগে বৰঝাৰ বন্দৰত উপস্থিত হোৱাৰ পিছত বৰঝাৰ আৰক্ষীৰ চকীৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জীৱ সন্দিকৈৰ সহযোগত বাক্সা আৰক্ষীয়ে আটক কৰে মাইনাও ব্ৰহ্মক। পৰৱৰ্তী সময়ত মহিলাগৰাকীক বৰ্তমান মহিলা আৰক্ষীৰ তত্বাৱধানত বৰঝাৰ বিমানবন্দৰত ৰাখে। ৰাতিপুৱা বিমানবন্দৰৰ পৰা বাক্সা আৰক্ষীয়ে বাক্সা আৰক্ষী থানলৈ লয় যায় মইনাও ব্ৰহ্মক।(Online trading scam)

লগতে পঢ়কঃ sumi borah Cries: পুনৰ কেমেৰাৰ সন্মুখত কান্দিলে চুমি বৰাই

পাণ দোকানী মাইনাও আছিল বিশাল সম্পত্তিৰ অধিকাৰী। ট্ৰেডিঙৰ জৰিয়তে কোটি কোটি টকা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছিল মাইনাও ব্ৰহ্মৰ বিৰুদ্ধে।
অবৈধ মানী ট্ৰেডিঙৰ নামত প্ৰৱঞ্চনাৰে কোটি কোটি টকা আত্মসাৎ কৰাৰ তালিকাত আছিল বাক্সাৰ মাইনাও ব্ৰহ্ম মহিলাগৰাকী নাম। কোটি কোটি টকা আত্মসাৎ কৰি সম্পত্তিৰ পাহাৰ গঢ়িছে মহিলাগৰাকীয়ে। পান দোকানীৰ পৰা কোটিপতি হৈছিল মাইনাও।

মুছলপুৰ পশ্চিম বাংনাবাৰীৰ সমীন স্বৰ্গীয়াৰীৰ পত্নী মাইনাও ব্ৰহ্মই বিগত আঠ বছৰত আঠ হাজাৰৰো অধিক লোকক জমা ধন চাৰিগুণ কৰাৰ প্ৰলোভন দি ধন সংগ্ৰহ কৰি আহিছিল ৷(police detained mainao brahma)

sumi borah Cries: পুনৰ কেমেৰাৰ সন্মুখত কান্দিলে চুমি বৰাই

মিডিয়া আৰু ডিব্ৰুগড়বাসীৰ ওপৰত ক্ষোভ উজাৰিলে চুমিয়ে
মিডিয়া আৰু ডিব্ৰুগড়বাসীৰ ওপৰত ক্ষোভ উজাৰিলে চুমিয়ে

অনলাইন ট্ৰেডিঙৰ কেলেংকাৰীত নাম সাঙোৰ খোৱাৰ পিছতে বিগত ১০ দিনে আত্মগোপন কৰি থকা চুমী বৰাক স্বামীসহ অৱশেষত আটক কৰিলে অসম আৰক্ষীৰ স্পিচিয়েল টাস্ক ফৰ্চে(STF) । বুধবাৰে সামাজিক মাধ্যমত কোনো এক অজ্ঞাত স্থানৰ পৰা ভিডিঅ’ বাৰ্তাৰে আত্মসমৰ্পণ কৰিব বুলি অৱগত কৰাৰ পাছতে অসম আৰক্ষীৰ লগতে সংবাদমাধ্যম অধিক তৎপৰ হৈ পৰা পৰিলক্ষিত হৈছিল।(Sumi Borah cries again in front of camera)

১০ দিনে আত্মগোপন কৰি থকাৰ পিছত আৰক্ষীৰ জালত পৰিল চুমি আৰু তাৰ্কিক।(sumi-tarkik arrested)ডিব্ৰুগড় জিলা পুথিভঁৰালৰ সন্মুখৰ পৰা STFএ নিজৰ জিম্মাত লয় চুমি আৰু তাৰ্কিকক। পুৱা ৬:৩০ বজাত STFএ নিজৰ জিম্মাত লয় । চুমি-তাৰ্কিকক গ্ৰেপ্তাৰৰ কথা ‘X’ যোগে জনালে আৰক্ষীৰ ডিজিপি জি পি সিঙে। জি পি সিঙে ক’লে তেওঁলোকৰ বাবে খেল শেষ। অভিনন্দন Team STF।(GP Singh)

বৰ্তমান ডিব্ৰুগড় থানাত চুমি আৰু তাৰ্কিক। STF-এ আটক কৰি চমজাই দিয়ে ডিব্ৰুগড় আৰক্ষীক। চমজি লৈ আৰক্ষীয়ে আৰম্ভ কৰিছে যাৱতীয় কাম-কাজ। (dibrugarh police)

আনহাতে আজি পুনৰ চুমি বৰাই কান্দি কান্দি কোমেৰাৰ সন্মুখত ক’লে, ‘‘কোনো নিউজ চেনেল, স্পেচিয়েলী ডিব্ৰুগড়ৰ, কোনেও মোৰ আজিলৈ বাইট লোৱা নাই। ইয়াত কোনো এখন বিহু হওক, কোনো এখন কিবা হওক, মোক কেতিয়াও কোনেও নামাতে। ভাল নিউজ মোৰ আজিলৈকে একো নবজালে। মই একদম কান্দিব বিচৰা নাছিলো দেই, এইটো একদম লাষ্ট ষ্টেজত মই… অলপ… অলপ ওলাই গৈছে। মই বহু ফাষ্ট্ৰেটেড হৈ আছো।’’
এইদৰে চুমিয়ে কান্দি কান্দি মিডিয়া আৰু ডিব্ৰুগড়বাসীৰ ওপৰত ক্ষোভ উজাৰিলে।(sumi borah)



অনলাইন ট্ৰেডিঙৰ নামত জনসাধাৰণৰ পৰা কোটি কোটি টকা প্ৰৱঞ্চনাৰে আত্মসাৎ কৰাৰ অভিযোগত ২২ বছৰীয়া বিশাল ফুকনক ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি চলোৱা জেৰাৰ অন্তত আদালতে তেওঁক ন্যায়িক জিম্মত ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰে । কিন্তু বিশালৰ অনলাইন ট্ৰেডিঙৰ মূল সহযোগী হিচাপে বিবেচিত হোৱা অভিনেত্ৰী চুমী বৰা আৰু চুমীৰ ফটোগ্ৰাফাৰ স্বামীক বিচাৰি চলাথ কৰিছিল কৰিছিল ডিব্ৰুগড় আৰক্ষীয়ে । চুমী আৰু তাৰ্কিকক বিচাৰি আৰক্ষীয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে অসমৰ চুবুৰীয়া ৰাজ্যকেইখনতো অভিযান চলাইছিল । অৱশেষত ১০ দিনে আত্মগোপন কৰি থকা চুমী বৰাক স্বামীসহ অৱশেষত আটক কৰিলে অসম আৰক্ষীৰ স্পিচিয়েল টাস্ক ফৰ্চে(STF) ।

লগতে পঢ়কঃ sumi-tarkik arrested:তেওঁলোকৰ বাবে খেল শেষ। অভিনন্দন Team STF: জি পি সিং

sumi-tarkik arrested:তেওঁলোকৰ বাবে খেল শেষ। অভিনন্দন Team STF: জি পি সিং

খেল শেষ চুমি-তাৰ্কিকৰ
খেল শেষ চুমি-তাৰ্কিকৰ

চুমি বৰা আৰু তাৰ্কিক বৰা দুয়ো আৰক্ষীৰ জালত পৰে। ডিব্ৰুগড়লৈ গৈ থকা অৱস্থাত বাহনসহ আটক কৰে চুমি-তাৰ্কিক। আৰক্ষীয়ে ১২দিনৰ জিম্মাত বিচৰাৰ সম্ভাৱনা চুমি-তাৰ্কিক।(sumi-tarkik arrested)

১০ দিনে আত্মগোপন কৰি থকাৰ পিছত আৰক্ষীৰ জালত পৰিল চুমি আৰু তাৰ্কিক।(sumi-tarkik arrested)ডিব্ৰুগড় জিলা পুথিভঁৰালৰ সন্মুখৰ পৰা STFএ নিজৰ জিম্মাত লয় চুমি আৰু তাৰ্কিকক। পুৱা ৬:৩০ বজাত STFএ নিজৰ জিম্মাত লয় । চুমি-তাৰ্কিকক গ্ৰেপ্তাৰৰ কথা ‘X’ যোগে জনালে আৰক্ষীৰ ডিজিপি জি পি সিঙে। জি পি সিঙে ক’লে তেওঁলোকৰ বাবে খেল শেষ। অভিনন্দন Team STF।

ডিব্ৰুগড় সদৰ থানাত নিশাই চুমী বৰা আৰু তাৰ্কিকে আত্মসমৰ্পণ কৰিব বুলি চৰ্চা চলি থকাত ওৰেটো নিশা প্ৰতিটো সাংবাদ মাধ্যমৰ সংবাদকৰ্মী ডিব্ৰুগড় সদৰ থানাত উপস্থিত আছিল ৷ কিন্তু আত্মসমৰ্পণৰ বাবে থানালৈ নাহিল চুমী আৰু তাৰ্কিক ।

কিন্তু আজি পুৱা ডিব্ৰুগড়লৈ গৈ থকা অৱস্থাত বাহনসহ আটক কৰে চুমি-তাৰ্কিক। তেওঁলোকক আটক কৰাৰ পাছতে আৰক্ষী বিভাগৰ এজন উচ্চ পদস্থ বিষয়া ইতিমধ্যে ডিব্ৰুগড় সদৰ থানাত উপস্থিত হৈছেহি । লগত যাৱতীয় নথি-পত্ৰ, সা-সামগ্ৰীসমূহ লৈ অহা হৈছে । সেই সামগ্ৰী সমূহ চুমী আৰু তাৰ্কিকৰ সামগ্ৰী বুলি জানিব পৰা গৈছে । ডিব্ৰুগড় সদৰ থানালৈ আজি দুয়োকে আনি জেৰা চলোৱাৰ সম্ভাৱনা আছে। এতিয়া আৰক্ষীৰ তদন্তৰ পিছতহে এই ঘটনাৰ সঠিক ৰহস্য পোহৰলৈ আহিব।

লগতে পঢ়কঃ Sumi-Tarkik Surrender: আজি চুমি-তাৰ্কিকে কৰিব আত্মসমৰ্পণ!

উল্লেখ্য যে, অনলাইন ট্ৰেডিঙৰ নামত জনসাধাৰণৰ পৰা কোটি কোটি টকা প্ৰৱঞ্চনাৰে আত্মসাৎ কৰাৰ অভিযোগত ২২ বছৰীয়া বিশাল ফুকনক ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি চলোৱা জেৰাৰ অন্তত আদালতে তেওঁক ন্যায়িক জিম্মত ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰে । কিন্তু বিশালৰ অনলাইন ট্ৰেডিঙৰ মূল সহযোগী হিচাপে বিবেচিত হোৱা অভিনেত্ৰী চুমী বৰা আৰু চুমীৰ ফটোগ্ৰাফাৰ স্বামীক বিচাৰি চলাথ কৰিছিল কৰিছিল ডিব্ৰুগড় আৰক্ষীয়ে । চুমী আৰু তাৰ্কিকক বিচাৰি আৰক্ষীয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে অসমৰ চুবুৰীয়া ৰাজ্যকেইখনতো অভিযান চলাইছিল । অৱশেষত প্ৰায় ১০ দিনৰ অন্তত নিজেই আৰক্ষীৰ হাতত ধৰা দিবলৈ ওলাই আহিল চুমী-তাৰ্কিক ৷

The Assam Rising-ৰ কাৰ্যবাহী সম্পাদকৰ দ্বায়িত্বত জ্যেষ্ঠ সাংবাদিক দুলাল মিশ্ৰ; DB Newsৰ কনচালটিং সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰিলে মনোজ লস্কৰে

Senior Journalists Dulal Mishra and Manoj Laskar Take on New Roles at Dainandin Barta Group
The Assam Rising-ৰ কাৰ্যবাহী সম্পাদকৰ দ্বায়িত্বত জ্যেষ্ঠ সাংবাদিক দুলাল মিশ্ৰ; DB Newsৰ কনচালটিং সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰিলে মনোজ লস্কৰে

গুৱাহাটী, ১১ ছেপ্তেম্বৰ: ৰাজ্যৰ আগশাৰীৰ সংবাদ গোষ্ঠী দৈনন্দিন বাৰ্তা গোষ্ঠী(Dainandin Barta Group)ত আজি দুগৰাকী জ্যেষ্ঠ সাংবাদিকে যোগদান কৰে। জ্যেষ্ঠ সাংবাদিক দুলাল মিশ্ৰই দৈনন্দিন বাৰ্তা গোষ্ঠীৰ পৰা প্ৰকাশিত ইংৰাজী দৈনিক কাকত The Assam Rising ৰ কাৰ্যবাহী সম্পাদক হিচাবে যোগদান কৰাৰ লগতে DB News-ৰ কনচালটিং এডিটৰ হিচাবে যোগদান কৰে জ্যেষ্ঠ সাংবাদিক মনোজ কুমাৰ লস্কৰে ।

অসমৰ সংবাদ জগতত প্ৰায় ২৯ টা বছৰ সেৱা আগবঢ়োৱা দুলাল মিশ্ৰই ইয়াৰ পূৰ্বে প্ৰাগ নিউজ, নৰ্থ ইষ্ট নাও, আমাৰ অসম, আজি , প্ৰতিবিম্ব, এদিনৰ সংবাদ আদি ডিজিটেল প্লেটফৰ্মৰ লগতে দৈনিক কাকতত সংবাদ সেৱা কৰিছিল। অসমীয়া দৈনিক এদিনৰ সংবাদৰ তেওঁ কাৰ্যবাহী সম্পাদক আছিল। একেদৰে নতুন দিল্লীৰ পৰা দেশৰ ১৪ টা ভাষাত প্ৰকাশিত সাপ্তাহিক বাৰ্তালোচনী দ্য ছানডে ইণ্ডিয়ানতো তেওঁ অসমৰ বিশেষ সংবাদদাতা আছিল। প্ৰথমে শৰাইঘাট প্ৰকাশ আৰু বৰ্তমান গুৱাহাটী পাণবজাৰৰ আৰ জি পাব্লিকেছনে প্ৰকাশ কৰা অসমীয়া ভাষাৰ প্ৰথম ইয়েৰ বুক শৰাইঘাট অসম ইয়েৰ বুকৰো মিশ্ৰ সম্পাদক।

আনহাতে জ্যেষ্ঠ সাংবাদিক মনোজ লস্কৰেও ৰাজ্যৰ লগতে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত বহু বছৰ ধৰি কাম কৰি আহিছে। তেওঁ চাউথ এছিয়া মনিটৰত চাৰ্চ ইঞ্জিন অপ্টিমাইজেচন (এছ.ই.ও.) বিশেষজ্ঞ হিচাবে কাম কৰাৰ উপৰি ৰাষ্ট্ৰীয় দৈনিক দৈনিক ভাস্কৰৰ জ্যেষ্ঠ প্ৰতিবেদক, মজো ইণ্ডিয়াৰ প্ৰতিষ্ঠাপক তথা সম্পাদক , ইটিভি ভাৰত অসমৰ প্ৰাক্তন সহকাৰী মুখ্য সমল সম্পাদক,নিউজ টাইম অসমৰ প্ৰাক্তন বাতৰি প্ৰযোজক,ফ্ৰণ্টিয়াৰ টিভিৰ প্ৰাক্তন সহকাৰী বাতৰি সম্পাদক,ডিৱাই ৩৬৫-ত প্ৰাক্তন জ্যেষ্ঠ কাৰ্যসূচী প্ৰযোজক, ডিৱাই৩৬৫ ত প্ৰাক্তন বাতৰি প্ৰযোজক, নৰ্থ ইষ্ট ৰাউণ্ড আপ, ডিডি নেচনেল এট নৰ্থইষ্ট ৰাউণ্ড আপৰ প্ৰাক্তন মেনেজিং এডিটৰ হিচাবে সেৱা আগবঢ়াইছে।

আজি দৈনন্দিন বাৰ্তা গ্ৰুপৰ কাৰ্যালয়ত The Assam Rising কাকতৰ সম্পাদক ভূপেন্দ্ৰ নাথ ভট্টাচাৰ্য(Editor of Assam Rising), দৈনন্দিন বাৰ্তা কাকতৰ মুখ্য সম্পাদক নৰেন হাজৰিকা(Chief Editor Naren Hazaraika), দৈনন্দিন বাৰ্তা গ্ৰুপৰ পৰিচালনা সঞ্চালক শংকৰ গোঁহাই , DB News পৰ্টেলৰ সম্পাদক নৱজ্যোতি কলিতাকে ধৰি সমূহকৰ্মীয়ে দুয়োগৰাকী সাংবাদিককে আদৰণিত জনায়।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি The Assam Rising কাকতৰ সম্পাদক ভূপেন্দ্ৰ নাথ ভট্টাচাৰ্যই কয় যে দুয়োগৰাকী সাংবাদিকৰ যোগদানে দৈনন্দিন বাৰ্তা গ্ৰুপক অধিক শক্তিশালী কৰি তুলিব। তেওঁ সাংবাদিকতাৰ জগতখন প্ৰত্যাহ্বানেৰে ভৰা আৰু আমি সেয়া অতিক্ৰম কৰিব লাগিব বুলি কয়।

দৈনন্দিন বাৰ্তা কাকতৰ মুখ্য সম্পাদক নৰেন হাজৰিকাই দুয়োগৰাকী সাংবাদিককে আদৰণি জনাই কয় যে অতি সাধাৰণভাবে আৰম্ভ কৰা দৈনন্দিন বাৰ্তা গ্ৰুপে এতিয়া ৰাজ্যৰ এক আগশাৰীৰ সংবাদ গোষ্ঠী হিচাবে পৰিগণিত হৈছে।

দৈনন্দিন বাৰ্তা গ্ৰুপৰ পৰিচালনা সঞ্চালক শংকৰ গোঁহাইয়ে(Managing Director Sankar Gohain) কোনো পৰিস্থিতিতে অশুভ শক্তিৰ ওচৰত শিৰনত নকৰাকৈ দৈনন্দিন বাৰ্তা গোষ্ঠীয়ে ৰাইজৰ সেৱা কৰি যাব বুলি আত্মপ্ৰত্যয়ৰে কয়।

Sumi-Tarkik Surrender: আজি চুমি-তাৰ্কিকে কৰিব আত্মসমৰ্পণ!

Sumi-Tarkik Surrender: আজি চুমি-তাৰ্কিকে কৰিব আত্মসমৰ্পণ!
Sumi-Tarkik Surrender: আজি চুমি-তাৰ্কিকে কৰিব আত্মসমৰ্পণ!

গুৱাহাটী, ১১ছেপ্টেম্বৰঃ আজিৰ তাৰিখত অসমত আটাইতকৈ চৰ্চিত বিষয়টোৱেই হৈছে অনলাইন ট্ৰেডিং সম্পৰ্কীয় বিষয়টো। অনলাইন ট্ৰেডিং নামৰ ভূতটোৱে এতিয়া খেদি ফুৰিছে সকলোকে। কোনোবাই অনলাইন ট্ৰেডিংনো কি সেইটো বুজি পাওকেই বা নাপাওকেই কিন্তু সকলোৰে মুখত এতিয়া এটাই বিষয় আৰু সেয়া অনলাইন ট্ৰেডিং। সেয়া সাধাৰণ লোকেই হওক বা ৰজা ঘৰতেই হওক।

অনলাইন ট্ৰেডিং কেলেংকাৰিৰ খবৰে এতিয়া ৰাজ্যৰ বতাহ গৰম কৰি ৰাখিছে । চুমি বৰা-বিশাল ফুকনৰ অনলাইন ট্ৰেডিঙত হোৱা কেলেংকাৰিয়ে এতিয়া বহুতকে চিন্তিত কৰি ৰাখিছে(Sumi Bora and Bishal Phukan) বিশেষকৈ প্ৰতাৰক চক্ৰৰ জালত ভৰি দি লাখ লাখ টকা বিনিয়োগ কৰা একাংশ বিনিয়োগকাৰীয়ে এতিয়া চিন্তাত ভাত গিলিব নোৱৰা অৱস্থাৰ সৃষ্টি হোৱা বুলি চৰ্চা চলিছে । একাংশ লোকে এইবুলি চৰ্চা কৰি যে অনলাইন ট্ৰেডিঙত লাখ লাখ টকা বিনিয়োগ কৰাসকলৰ ভিতৰত বহু আগশাৰীৰ ডাক্তৰ, ৰাজনৈতিক নেতাৰ লগতে শিক্ষক, চৰকাৰী কৰ্মচাৰী, সাধাৰণ কৃষক আদিও আছে(Online Trading Scam)।

বিশেষ সূত্ৰে জানিব পৰা মতে, চুমি বৰা-বিশালৰ জালত ভৰি দি অনলাইন ট্ৰেডিঙত বিনিয়োগ কৰা বহু ডাক্তৰৰ এখন দীঘলীয়া তালিকা ইতিমধ্যে ডিব্ৰুগড় আৰক্ষীয়ে প্ৰস্তুত কৰিছে। অৱশ্যে ডিব্ৰুগড় আৰক্ষীৰ তৰফৰ পৰা এই বিষয়ত এতিয়াও কোনো কথা সদৰী কৰা পৰিলক্ষিত হোৱা নাই।

কোটিটকীয়া কেলেংকাৰীৰ সৈতে জড়িত চুমি-তাৰ্কিক ১০ দিনে পলাই আছে। অৱশ্যে আজি গুৱাহাটীমুখী হৈছে পলাতক চুমি বৰা আৰু তাৰ্কিক! সূত্ৰৰ খবৰ অনুসৰি আজিয়েই গুৱাহাটীত উপস্থিত হ’ব চুমি আৰু তাৰ্কিক(Sumi-Tarkik Surrender)। দুয়ো ম’বাইল অফ কৰি বহিঃৰাজ্যত আত্মগোপন কৰি আছিল চুমি আৰু তাৰ্কিকে।আৰক্ষীয়ে দীৰ্ঘদিনে অনুসন্ধান চলাইছিল যদিও কোনো সন্ধান উলিয়াব পৰা নাছিল চুমি আৰু তাৰ্কিকৰ। অৱশেষত পৰিয়ালৰ সহযোগত আৰক্ষীৰ হাতত ধৰা পৰিল বুলি সূত্ৰৰ পৰা জানিব পৰা গৈছে। আজিয়েই চুমি বৰা-তাৰ্কিক বৰাই আত্মসমৰ্পণ কৰাৰ সম্ভাৱনা আছে৷ CIDৰ সৈতে যোগাযোগত আছে চুমি বৰা আৰু তাৰ্কিক বৰা৷

লগতে পঢ়কঃ Online trading scam: চুমিৰ কাপোৰ ক্ৰয়ৰ নামত এবছৰে বিশালে ব্যয় কৰিছিল ১ কোটি টকা

IIT guwahati: ছাত্ৰসমাজৰ প্ৰতিবাদত সেও মানি IIT গুৱাহাটী ডীনৰ পদত্যাগ

IIT গুৱাহাটী ডীনৰ পদত্যাগ
IIT গুৱাহাটী ডীনৰ পদত্যাগ

উত্তৰ গুৱাহাটী, ১১ ছেপ্টেম্বৰ : দেশৰ অতি আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠান আই আই টি গুৱাহাটীত সঘনাই হোৱা আত্মহননৰ ঘটনাই বিজ্ঞ মহলক চিন্তিত কৰি তুলিছে৷এনে ধৰণে অকালতে দেশৰ সম্পদবোৰ হেৰাই যোৱাতো অতি পৰিতাপৰ বিষয় হিচাপে চিহ্নিত হৈছে৷ (IIT Guwahati student community Protest dean resignation)

জ্ঞান আৰু প্ৰজ্ঞাৰ উচ্ছ শিক্ষা প্ৰতিষ্ঠান আই আই টি গুৱাহাটীত বিগত ৬ বছৰত ১১ টা আত্মহননৰ ঘটনা সংঘটিত হৈছে ৷ ২০১৯ চনৰ পৰা ২০২৪ চনৰ ছেপ্টেম্বৰ মাহলৈ সংঘটিত হোৱা আত্মহননৰ ঘটনাত আই আই টি গুৱাহাটীৰ ১১ জনকৈ কৃতী শিক্ষাৰ্থীয়ে অকালতে মৃত্যুবৰণ কৰিছে ৷ ইয়াৰে এগৰাকী ছাত্ৰী আৰু বাকী ১০ জন ছাত্ৰ৷ আই আই টি গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ,উমিয়াম, লোহিত, দিচাং আৰু দিহিং হোষ্টেলত সংঘটিত হৈছিল এই আত্মহননৰ ঘটনা সমূহ ৷ আত্মহননৰ চিকাৰ হোৱা এই শিক্ষাৰ্থী কেইজন ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ যদিও এজন শিক্ষাৰ্থী সূদুৰ জাপানৰ আছিল ৷ আই আই টি গুৱাহাটীত তথ্য প্ৰযুক্তিৰ উচ্ছ শিক্ষা গ্ৰহণ কৰিবলৈ আহি কিয় আত্মহননৰ দৰে পথ লবলগীয়া হ’ল সেয়া আজি পৰ্যন্ত ৰহস্য হৈ আছে ৷ আনকি এই আত্মহননকলৈ শিক্ষা প্ৰতিষ্ঠান খনত কোনোধৰণৰ সমূহীয়া আলোচনা বা প্ৰতিবাদ হোৱা নাছিল ৷

সকলোৱে সেয়া এক সাধাৰণ আত্মহননৰ ঘটনা বুলি গন্য কৰি পাহৰিবলৈ আৰম্ভ কৰিছিল ৷ কিন্তু যোৱা এমাহত আই আই টি গুৱাহাটীত সংঘটিত দুটাকৈ আত্মহননৰ ঘটনাই প্ৰৱল জোকাৰণি তুলিছে শিক্ষা প্ৰতিষ্ঠান খনত ৷ শিক্ষা প্ৰতিষ্ঠান খনৰ কম্পিউটাৰ বিজ্ঞান বিভাগৰ শিক্ষাৰ্থী ভিমলেশ কুমাৰৰ আত্মহনন সহজ ভাৱে লোৱা নাই শিক্ষাৰ্থী সমাজে ৷ ভিমলেশে নিজৰ স্বাস্থ্য সম্পৰ্কীয় এখন প্ৰমাণ পত্ৰ মুৰব্বী অধ্যাপকক দাখিল কৰাৰ পিছতো অধ্যাপক জনে সেয়া অগ্ৰাহ্য কৰিছিল ৷

যাৰ বাবে তীব্ৰ মানসিক চাপত ভুগি ভীমলেশে আত্মহননৰ পথ বাচি লোৱা বুলি অভিযোগ উত্থাপন কৰিছে আই আই টি গুৱাহাটীৰ শিক্ষাৰ্থী সমাজে ৷ যাৰ বাবে শিক্ষাৰ্থী সকলে আই আই টি গুৱাহাটীৰ প্ৰধান প্ৰশাসনিক ভৱনৰ সন্মুখত কৰা প্ৰতিবাদ কৰিছিল ৷ কালি বৰষুণ তিতি বুৰিও প্ৰতিবাদ সাব্যস্ত কৰে শিক্ষাৰ্থী সকলে ৷ শিক্ষাৰ্থী সকলৰ কেইবাটাও দাবীৰ ভিতৰত শিক্ষাপ্ৰতিষ্ঠান খনৰ কেইবাজনো অধ্যাপকক নিলম্বন কৰাৰ দাবী তুলিছিল ৷ উল্লেখ কৰিব লাগিব যে উত্তৰ প্ৰদেশৰ কৃতী ছাত্ৰ ভিমলেশ কুমাৰৰ আত্মহননে তীব্ৰ জোকাৰণি তুলিছিল দেশৰ আগশাৰীৰ শিক্ষাপ্ৰতিষ্ঠান খনত ৷ প্ৰতিবাদকাৰী শিক্ষাৰ্থীসকলৰ মতে ২১ বছৰীয়া যুৱকজনে শাৰীৰিক অসুস্থতাৰ বাবে নিয়মীয়াকৈ ক্লাছলৈ আহিব নোৱাৰা বাবে তেওঁৰ উপস্থিতি হ্ৰাস কৰিছিল আই আই টি, কৰ্তৃপক্ষই। ইয়াৰ বাবে পৰীক্ষা দিবলৈ অনুমতি দিয়া হোৱা নাছিল ছাত্ৰজনক।

অৱশেষত ছাত্ৰসমাজৰ প্ৰতিবাদত সেও মানি আই আই টি, গুৱাহাটীৰ ডীন অধ্যাপক কে ভি কৃষ্ণাইৰ অব্যাহতি ঘোষণা কৰে। প্ৰতিবাদকাৰীৰ আগত সেও মানি পদৰ পৰা অব্যাহতি ল’বলৈ বাধ্য হয় ডীনগৰাকীয়ে। 



Online trading scam: ট্ৰেডিঙৰ জৰিয়তে প্ৰবঞ্চনা কৰা কাকো ৰেহাই দিয়া নহ’বঃ পীয়ূষ হাজৰিকা

ট্ৰেডিঙৰ জৰিয়তে প্ৰবঞ্চনা কৰা কাকো ৰেহাই দিয়া নহ’ব
ট্ৰেডিঙৰ জৰিয়তে প্ৰবঞ্চনা কৰা কাকো ৰেহাই দিয়া নহ’ব

জাগীৰোড, ১১ ছেপ্তেম্বৰঃ জাগীৰোডত বিজেপিৰ সদস্যতা অভিযানত মন্ত্ৰী পীয়ূষ হাজৰিকা ৷ পালিগুৰি পঞ্চায়ত এলেকাত অনুষ্ঠিত হোৱা সদস্যতা অভিযানত উপস্থিত হৈ বিগত সাতটা দিনত অসমত বিজেপি দলৰ নতুন সদস্য প্ৰায় ১৩ লাখলৈ বৃদ্ধি হোৱা বুলি মন্তব্য কৰে ৷ লগতে তেওঁ কয়, ইয়ে প্ৰমান কৰে যে আজিৰ তাৰিখত অসমত বিজেপি দল কিমান শক্তিশালী ৷

আনহাতে জাগীৰোড বিধানসভা সমষ্টিত নতুনকৈ ৰ লাখ সদস্য ভৰ্তিৰ লক্ষ্য লোৱা হৈছে ৷ বিজেপি দলৰ সদস্যতা গ্ৰহণ কৰা সকলোকে ধন্যবাদ জ্ঞাপন কৰে মন্ত্ৰী পীয়ুষ হাজৰিকাই ৷ ইফালে উক্ত অনুষ্ঠানতে সদৌ তিৱা ছাত্ৰ সন্থা জাগীৰোড আঞ্চলিকৰ প্ৰাক্তন সম্পাদক নিৰঞ্জন বৰদলৈয়ে বিজেপি দলত যোগদান কৰে ৷

সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে ট্ৰেডিঙৰ জৰিয়তে প্ৰবঞ্চনা কৰা কাকো ৰেহাই দিয়া নহ’ব ৷ পুলিয়ে পোখাই উভালি আইনৰ মজিয়ালৈ অনা হ’ব ট্ৰেডিং প্ৰবঞ্চনাৰ সৈতে জড়িত জঘন্য ব্যক্তিক ৷ প্ৰয়োজনত ই ডি, আয়কৰ, বা চিবিআইক দিয়া হ’ব তদন্তৰ দায়িত্ব ৷ জাগীৰোডত ট্ৰেডিং প্ৰবঞ্চকৰ বিৰুদ্ধে এইদৰে সৰব হ’ল অসম চৰকাৰৰ মন্ত্ৰী পীয়ুষ হাজৰিকা ৷ লগতে এনেধৰণৰ প্ৰবঞ্চকৰ জালত ভৰি নিদিবলৈও সকলোকে আহ্বান জনায় মন্ত্ৰীগৰাকীয়ে৷(No one who cheats through trading will be spared)

লগতে পঢ়কঃ Online trading: প্ৰসংগঃ অনলাইন ট্ৰেডিং! সামাজিক ব্যাধিত পৰিণত হৈ পৰিছে অনলাইন ট্ৰেডিং

অনলাইন ট্ৰেডিং কেলেংকাৰিৰ খবৰে এতিয়া ৰাজ্যৰ বতাহ গৰম কৰি ৰাখিছে । চুমি বৰা-বিশাল ফুকনৰ অনলাইন ট্ৰেডিঙত হোৱা কেলেংকাৰিয়ে এতিয়া বহুতকে চিন্তিত কৰি ৰাখিছে(Sumi Bora and Bishal Phukan) বিশেষকৈ প্ৰতাৰক চক্ৰৰ জালত ভৰি দি লাখ লাখ টকা বিনিয়োগ কৰা একাংশ বিনিয়োগকাৰীয়ে এতিয়া চিন্তাত ভাত গিলিব নোৱৰা অৱস্থাৰ সৃষ্টি হোৱা বুলি চৰ্চা চলিছে । একাংশ লোকে এইবুলি চৰ্চা কৰি যে অনলাইন ট্ৰেডিঙত লাখ লাখ টকা বিনিয়োগ কৰাসকলৰ ভিতৰত বহু আগশাৰীৰ ডাক্তৰ, ৰাজনৈতিক নেতাৰ লগতে শিক্ষক, চৰকাৰী কৰ্মচাৰী, সাধাৰণ কৃষক আদিও আছে(Online Trading Scam)।

বিশেষ সূত্ৰে জানিব পৰা মতে, চুমি বৰা-বিশালৰ জালত ভৰি দি অনলাইন ট্ৰেডিঙত বিনিয়োগ কৰা বহু ডাক্তৰৰ এখন দীঘলীয়া তালিকা ইতিমধ্যে ডিব্ৰুগড় আৰক্ষীয়ে প্ৰস্তুত কৰিছে। অৱশ্যে ডিব্ৰুগড় আৰক্ষীৰ তৰফৰ পৰা এই বিষয়ত এতিয়াও কোনো কথা সদৰী কৰা পৰিলক্ষিত হোৱা নাই। সূত্ৰটোৱে প্ৰকাশ কৰা মতে যিসকল ডাক্তৰে অনলাইন ট্ৰেডিঙত বিনিয়োগ কৰিছিল সেই বিনিয়োগৰ সৰহভাগেই আছিল ক’লা ধন। কৰ ফাঁকিকে ধৰি আন উপায়েৰে আৰ্জন কৰা সেই ক’লাধনৰ বিশাল অংশ সেইসকল লোকে অনলাইন ট্ৰেডিঙত বিনিয়োগ কৰিছিল । এতিয়া কেলেংকাৰি ওলাই পৰাত তেওঁলোক সেয়ে চিন্তিত হৈ পৰিছে।

Benefits of eating neem leaves:খালী পেটত নিম পাত চোবাই খালে হ’ব স্বাস্থ্যৰ ১০ টা উপকাৰ

ছালৰ ৰোগৰ মহৌষধ নিমপাত
ছালৰ ৰোগৰ মহৌষধ নিমপাত

স্বাস্থ্য বাৰ্তাঃ আপোনাৰ হয়তো মনত আছে যে শৈশৱত যেতিয়াই ঘা হৈছিল মায়ে তাত নিমপাত পিহি লগাইছিল। নিম পাতে শৰীৰৰ ভিতৰত বহু উপকাৰ সাধন কৰে। প্ৰতিদিনে পুৱা খালী পেটত নিম পাত চোবাই খালে কি কি উপকাৰ হয় জানেনে?(neem leaves)

খালী পেটত নিম পাত চোবাই খালে লালা উৎপাদন বৃদ্ধি পায়, যিয়ে মুখ পৰিষ্কাৰ কৰাত সহায় কৰে। নিমৰ বাবে বেক্টেৰিয়া মুখত প্ৰৱেশ নকৰে আৰু দাঁতত গহ্বৰ হোৱাৰ কোনো অভিযোগ নাথাকে। আঁঠুৰ কোনো ৰোগো নহয় নিম খালে।(Benefits of eating neem leaves on empty stomach)

নিম পাতত এন্টিঅক্সিডেন্ট থাকে, যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাত সহায় কৰে। খালী পেটত নিম খালে সংক্ৰামক ৰোগৰ সম্ভাৱনা কম হয়।

নিমে শৰীৰৰ ভিতৰত থকা বিষাক্ত পদাৰ্থ পৰিষ্কাৰ কৰাৰ কাম কৰে।

যদি আপোনাৰ গেছ, কোষ্ঠকাঠিন্য আৰু পেট ফুলাৰ সমস্যা আছে তেন্তে নিমৰ পাত খাব।

খালী পেটত নিমৰ পাত খালে পেটৰ লগত জড়িত সকলো সমস্যা ক্ৰমান্বয়ে নাইকিয়া হয়। পেট পৰিষ্কাৰ হৈ থাকিলে আমাৰ গা-মন ভাল লাগে।
দৈনিক নিমৰ পাত খালে তেজত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণত যথেষ্ট সহায় হয়। বহু গৱেষণাত দেখা গৈছে যে প্ৰতিদিনে পুৱা খালী পেটত নিম পাত চোবাই খালে ডায়েবেটিছ ৰোগীৰ চুগাৰৰ মাত্ৰা নিয়ন্ত্ৰণত থাকে।

লগতে পঢ়কঃ White foods to avoid: বগা খাদ্য সুস্বাস্থ্যৰ শত্ৰু! আঁতৰি থাকক এই ৪বিধ খাদ্যৰ পৰা

নিমৰ পাত খালে কেইদিনমানৰ ভিতৰতে আপোনাৰ ছাল পৰিষ্কাৰ আৰু পিম্পলমুক্ত হ’ব পাৰে। নিমে ভিতৰৰ পৰা পৰিষ্কাৰ কৰে আৰু সকলো বিষাক্ত পদাৰ্থ আঁতৰোৱাৰ লগে লগে ছালখন সুস্থ হৈ উঠে। মুখত পিম্পলছ উঠা লোকে যদি নিম খাই তেন্তে তেওঁলোকে ইয়াৰ পৰা বহুত উপকৃত হ’ব পাৰে।

নিম খালে বিপাকীয় ক্ৰিয়া উন্নত হয় আৰু লগতে ভোক বৃদ্ধি হয়। লগতে ওজন কমোৱাত সহায় কৰে।

ৰাতিপুৱা খালী পেটত নিম পাত চোবাই খালেও যকৃতৰ বাবে উপকাৰী। নিমে যকৃতক বিষমুক্ত কৰাৰ কাম কৰে, যাৰ ফলত যকৃতৰ ক্ষতি ৰোধ কৰে।

খালী পেটত নিমৰ পাত খালে মানসিক চাপ কমি যাব আৰু মনটো শিথিল হৈ থাকিব।