Home Blog Page 573

North-east Badminton:উত্তৰ-পূৱ বেডমিণ্টনঃ মিক্সড ডাবলছৰ দুয়োটা সোণ অসমৰ শ্বাটলাৰৰ দখলত

উত্তৰ-পূৱ বেডমিণ্টন
উত্তৰ-পূৱ বেডমিণ্টন

গুৱাহাটী, ১১ ছেপ্টেম্বৰঃ অসমৰ ময়ূৰী বৰ্মন আৰু শান্তিপ্ৰিয়া হাজৰিকাই চলিত য়’নেক্স-ছানৰাইজ উত্তৰ-পূৱ মণ্ডল আন্তঃৰাজ্যিক বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলা আৰু জুনিয়ৰ ছোৱালীৰ একক শাখাৰ খিতাপ লাভ কৰিছে৷

গুৱাহাটীৰ ৰাধা গোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ কনকলতা ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনৰ ফাইনেলত ময়ূৰীয়ে অসমৰে ছুজেন বুঢ়াগোঁহাইক ২১-৪, ২১-১৪ ৰ পোনপটিয়া ব্যৱধানত পৰাস্ত কৰি স্বৰ্ণ পদক অৰ্জন কৰে৷(both gold in mixed doubles are held by Assam shuttlers)

ইফালে, ১৯ বছৰ অনূৰ্ধ জুনিয়ৰৰ ছোৱালীৰ একক শাখাৰ ফাইনেলত অসম কন্যা শান্তিপ্ৰিয়াই মিজোৰামৰ লালৰিনকিমিক ২১-১২, ২১-১১ ৰ পোনপটিয়া ব্যৱধানত হৰুৱাই খিতাপ দখল কৰিবলৈ সক্ষম হয়৷

বেডমিণ্টন এছ’চিয়েচন অব ইণ্ডিয়া [বাই]ৰ সহযোগিতাত অসম বেডমিণ্টন সন্থাই আয়োজন কৰা প্ৰতিযোগিতাখনৰ ছিনিয়ৰ আৰু জুনিয়ৰ উভয় শাখাৰে মিক্সড ডাবলছৰো চেম্পিয়ন ট্ৰফী অসমৰ শ্বাটলাৰে অৰ্জন কৰে৷

লগতে পঢ়কঃ WTC Final: গ্ৰীনে ভাৰতক পৰাস্ত কৰি টেষ্ট বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰিব বিচাৰিছে

সংগ্ৰাম চুতীয়া আৰু মনালী বৰাৰে গঠিত অসমৰ যুটিটোৱে ফাইনেলত নাগালেণ্ডক ২১-১২, ২১-১০ ৰ পোনপটিয়া ব্যৱধানত পৰাস্ত কৰি খিতাপ হস্তগত কৰাৰ বিপৰীতে জুনিয়ৰ মিক্সড ডাবলছৰ ফাইনেলত অসমৰ শুভাংকৰ দত্ত আৰু ভাৱিষ্যা চাংমাই যুটিয়ে মনিপুৰক ২১-১৪, ২১-১১ ৰ পোনপটিয়া ব্যৱধানত হৰুৱাই সোণৰ পদক লাভ কৰে৷

ইফালে, অসমৰ শ্বাটলাৰে পুৰুষ-মহিলা আৰু জুনিয়ৰ ল’ৰা-ছোৱালীৰ ডাবলছ শাখাৰ ফাইনেলত প্ৰৱেশ কৰি পদক নিশ্চিত কৰিছে৷ অৱশ্যে ল’ৰাৰ ডাবলছৰ ফাইনেলত মনিপুৰৰ বিৰুদ্ধে অসমৰ আলবিৰ আমন আৰু ৰিতু প্ৰতিম বৰা ২১-১৪, ২১-১৮ ৰ পোনপটিয়া ব্যৱধানত পৰাস্ত হৈ ৰূপৰ পদক লাভ কৰে৷

পুৰুষ-মহিলা আৰু ছোৱালীৰ ডাবলছ শাখাৰ তিনিখন ফাইনেলৰ লগতে ল’ৰা আৰু পুৰুষৰ একক শাখাৰ খিতাপৰ যুঁজ নিশালৈ অনুষ্ঠিত হ’ব বুলি অসম বেডমিণ্টন সন্থাৰ সম্পাদক ওমৰ ৰছিদে জনাইছে৷

Distinguished Business Honours :কমল সৈন্যাসিক নবোদয়া মহিলা সমিতিৰ পৰা আগবঢ়োৱা হয় বিশিষ্ট ব্যৱসায়িক সন্মান

কমল সৈন্যাসিক নবোদয়া মহিলা সমিতিৰ পৰা আগবঢ়োৱা হয় বিশিষ্ট ব্যৱসায়িক সন্মান
কমল সৈন্যাসিক নবোদয়া মহিলা সমিতিৰ পৰা আগবঢ়োৱা হয় বিশিষ্ট ব্যৱসায়িক সন্মান

ওদালগুৰি জিলাৰ নলবাৰী নেপালী খুটিৰ লালি গোৰাছ প্ৰাঙ্গনত নবোদয়া মহিলা সমিতিৰ উদ্যোগত দিনযোৰা কাৰ্যসূচীৰে বৰ ওলহ-মালহেৰে ৰবিবাৰে উৎযাপন হয় দ্বিতীয় বাৰ্ষিক তীজ সামাৰোহ।গোৰ্খা জনগোষ্ঠীয় মহিলা সকলৰ অতি আদৰৰ উৎসৱ তীজ। (Distinguished Business Honours ) গোৰ্খা সমাজত মহিলাৰ স্থান সকলোতকৈ উচ্চ।গোৰ্খা জনগোষ্ঠীৰ পৰম্পৰাগত ভাবে চলি অহা এক লোক উৎসৱ হ’ল তীজ উৎসৱ।তীজ বিশেষ কৈ গোৰ্খা মহিলা সকলৰ ব্ৰতোৎসৱ। মহিলা সকলৰ বাবে অতি আদৰৰ উৎসৱ।

প্ৰতি বছৰে ভাদ্ৰ মাহৰ শুক্ল তৃতীয়ৰ দিনা এটুপি পানী পৰ্যন্ত মুখত নিদিয়াকৈ নিজ স্বামী আৰু দাম্পত্য জীৱনৰ সুখ, সমৃদ্ধি,মঙ্গল কামনা কৰি লগতে শ্ৰদ্ধা সহকাৰে “হৰিতালিকা ব্ৰত” ৰ কাহিনী শ্ৰৱন কৰে। ৰাতিপুৱা জন্মদাত্ৰী পিতৃ মাতৃয়ে নিজৰ জীয়াৰিক ভৰিত ধৰি সেৱা কৰাৰ লগতে নিজৰ ককায়েক ভায়েকে ও ভৰিত ধৰি সেৱা কৰে। ইয়াৰ অন্তত গোৰ্খা মহিলা সকলে উপবাসে থাকি নৃত্য গীত কৰি ভক্তি সহকাৰে নেপালী খুটিৰ বিশাল শিৱ মন্দিৰত শিৱ পাৰ্বতীৰ পূজা কৰে।এক কথাত এই উৎসৱৰ সৈতে জড়িত হৈ আছে আধ্যাত্মিক আৰু সমাজিক ভাৱনা (spiritual)।তীজ উৎসৱৰ লগত সঙ্গতি ৰাখি দেওবাৰে আবেলি ওদালগুৰি জিলাৰ নলবাৰী নেপালী খুটিৰ ৰঙ্গমঞ্চত অনুষ্ঠিত হয় এক বিশাল মুকলি সভা।

সভাত গোৰ্খা ছাত্ৰ সন্থাৰ (All Assam Gorkha Students Union ) বিভিন্ন জিলা সমিতিৰ বিষয়ববীয়াৰ,আঞ্চলিক পৰ্যায়ৰ গোৰ্খা ছাত্ৰ সংগঠনৰ বিভিন্ন নেতা,স্থানীয় গন্য মান্য ব্যক্তিৰ লগতে গোৰ্খা ছাত্ৰ সন্থা ওদালগুৰি জিলা সমিতিৰ সভাপতি ৰাম ছেত্ৰী,উপ-সভাপতি পুষ্প দাকাল, উপদেষ্টা মনোজ ৰায় উপস্থিত থাকি তীজ উৎসৱৰ আৰু গোৰ্খা জনগোষ্ঠীয় সংস্কৃতি ৰীতি-নীতি বিষয়ে বিষাদ ভাবে আলোচনা কৰে।মাজে মাজে অনুষ্ঠিত হয় গোৰ্খা জনগোষ্ঠীয় নৃত্য, গীত। নবোদয়া মহিলা সমিতিৰ মহিলা সকলে প্ৰস্তুত কৰে বিভিন্ন গোৰ্খা জনগোষ্ঠীয় খাদ্য সম্ভাৰ।

সভাত এই বছৰৰ বৃহত্তৰ ধনশ্ৰীঘাট,বৰঝাৰ,শিলবৰী অঞ্চলৰ বিশিষ্ট সফল ব্যৱসায়িক কমল সৈন্যাসিক নবোদয়া মহিলা সমিতিৰ পৰা এখন মানপত্ৰ,গোৰ্খা জনগোষ্ঠীয় টুপী,গামোচাৰে সন্মানিত কৰা হয়। সন্ধিয়া অনুষ্ঠিত হয় সংস্কৃতিক সন্ধিয়া। য’ত গোৰ্খা জনগোষ্ঠীয় (gurkha cultural dance) বিভিন্ন নৃত্য-গীত কলা সংস্কৃতি প্ৰদৰ্শন কৰা হয়।উক্ত অনুষ্ঠানত উপস্থিত থাকে নলবাৰী নবোদয়া মহিলা সমিতিৰ সভানেত্ৰী পদ্মা দেৱী সম্পাদিকা বীনা দেৱী,তীজ সামাৰোহৰ সম্পাদক কৃষ্ণ কাৰ্কী,দিপক সৈন্যাসি,গোপাল থাপা, সদস্যা কবিতা দেৱী, ইন্দিৰা দেৱী, শিক্ষয়িত্ৰী ইমা দেৱী আদি কৰি স্থানীয় সহস্ৰধিক ৰাইজ গন্য মান্য ব্যক্তি আৰু স্থানীয় ৰাইজ।

Published by: Jebin Sultana

Sankor jyoti Baruah: আছুৰ মজিয়াত খলকনি! শংকৰ জ্যোতি বৰুৱাক আছুৰ পৰা অব্যাহতি লোৱাৰ পৰামৰ্শ সমুজ্জল ভট্টাচাৰ্যৰ

শংকৰ জ্যোতি বৰুৱা
শংকৰ জ্যোতি বৰুৱা

শংকৰ জ্যোতি বৰুৱাক আছুৰ পৰা অব্যাহতি লোৱাৰ পৰামৰ্শ মুখ্য উপদেষ্টা ড০ সমুজ্জল ভট্টাচাৰ্যৰ। এগৰাকী যুৱতীয়ে প্ৰৱঞ্চনাৰ অভিযোগ তুলি থানাত শংকৰ জ্যোতি বৰুৱাৰ বিৰুদ্ধে দিছিল এজাহাৰ। ইয়াৰ পিছতে বিভিন্ন মহলাত সৃষ্টি হৈছিল প্ৰতিক্ৰিয়া।(Samujjal Bhattacharya advises Sankor Jyoti Baruah to retire from AASU)আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ বিতৰ্ক সন্দৰ্ভত আজি সংবাদমেল পাতে আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই।(aasu general secretary sankor jyoti baruah)

মুখ্য উপদেষ্টা ড০ সমুজ্জল ভট্টাচাৰ্যই সংবাদমেলত কয় যে শংকৰ জ্যোতি বৰুৱাৰ বিৰুদ্ধে উত্থাপিত হোৱা অভিযোগৰ বাবে এক ৰাজহুৱা প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল। এই বিষয় সন্দৰ্ভত কালি আছুৰ সভাপতি উৎপল শৰ্মা, সাধাৰণ সম্পাদক শংকৰ জ্যোতি বৰুৱা আৰু মই আলোচনাত মিলিত হৈছিলোঁ। আলোচনাত মিলিত হৈ সদৌ অসম ছাত্ৰ সন্থাৰ বৃহত্তৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি সাধাৰণ সম্পাদক শংকৰ জ্যোতি বৰুৱাক সভাপতি উৎপল শৰ্মা আৰু মই অব্যহতি আৰু চুটি লবলৈ আহ্বান জনাইছোঁ।আমি আসা কৰিছোঁ তেখেতে গোটেই বিযয়টোত ইতিবাচকভাৱে সহাঁৰি জনাব।আৰু অতি সোনকালে সদৌ অসম ছাত্ৰ সন্থাৰ এখন ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হ’ব।

চলিত মাহৰ ৬ তাৰিখে এগৰাকী যুৱতীয়ে আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছিল। যুৱতীগৰাকীয়ে কৈছিল যে শংকৰজ্যোতি বৰুৱাই অন্য এগৰাকী যুৱতীৰ বাবে তেওঁক প্ৰতাৰণা কৰিছে। লগতে পিষ্টল দেখুৱাই অত্যাচাৰ কৰিছিল বুলি অভিযোগ কৰিছিল।যাৰ বাবে তেওঁ শাৰীৰিক-মানসিকভাৱে বিধ্বস্ত হৈ পৰিছিল। এনেবোৰ কাৰণতে অত্যাধিক মাত্ৰাত দৰৱ সেৱন কৰি জি এম চি এইচত ভৰ্তি হবলগীয়া হৈছিল। বৰ্তমানো চিকিৎসাধীন অৱস্থাতে আছে যুৱতীগৰাকী।

এই অভিযোগ-প্ৰতি অভিযোগৰ মাজতে কালি আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই স্পষ্টীকৰণ দি তেওঁৰ সৈতে থকা প্ৰেমৰ সম্পৰ্কৰ কথা স্বীকাৰ কৰে। কিন্তু তেওঁ অনা অভিযোগ সমূহ অভিযোগ বুলি কয়। ইয়াৰ বাবে তেওঁ এই বিষয়টোক লৈ ন্যায়ালয়ৰ কাষ চাপিছো বুলিও কয়।

শংকৰজ্যোতি বৰুৱাই স্পষ্টীকৰণ দি কৈছিল, শেহতীয়াকৈ ৬ তাৰিখৰ পৰা এগৰাকী যুৱতীয়ে মোৰ বিৰুদ্ধে অভিযোগ আনিছে, ইয়াৰ বাবে মোৰ ব্যক্তিগত আৰু সামাজিক জীৱনত যথেষ্ঠ ক্ষতি হৈছে। মোৰ লগতে মোৰ মা মানসিভাৱে ভাগৰি পৰিছে। যিগৰাকী যুৱতী জি এম চি এইচত ভৰ্তি হৈ আছে সেইগৰাকী যুৱতীৰ স্বাস্থ্যক লৈও মই চিন্তিত। মোৰ বিৰুদ্ধে অনা অভিযোগ মই মানি লৈছো। মই ভাবো, প্ৰেম কোনো অপৰাধ নহয়। বিশ্ববিদ্যালয়ৰ এখন সভালৈ যাওঁতে তেওঁৰ লগত চিনাকী হৈছিলো আৰু পাছত আমাৰ মাজত প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠিছিল। যোৱা ১ বছৰৰ পৰা আমাৰ মাজত সংঘাত আৰম্ভ হৈছিল আৰু পৰৱৰ্তী সময়ত এই সংঘাত বাঢ়ি গৈছিল। যুৱতীগৰাকীয়ে কোৱা দৰে প্ৰায় ৬ মাহ ধৰি যুৱতীগৰাকীৰ তেওঁৰ লগত মোৰ কোনো সম্পৰ্ক নাই। তেওঁ কোৱো সকলো কথায়েই সত্য। তেওঁ মোৰ মাৰ লগতো কথা পাতিছে। যিখন ফটো সামাজিক মাধ্যমত ভাইৰেল হৈ আছে সেই ফটোখন উঠাৰ দিনা যুৱতীগৰাকীৰ সৈতে মোৰ চিনাকী নাছিল। কিন্তু ৬ মাহ পাছত কিয় অভিযোগ আনিছে তাক লৈ চিন্তিত মই। তেওঁ কয় যে, মই এই বিষয়টোত ন্যায়ালয়ৰ কাষ চাপিছো। (sankarjyoti baruah)

আনহাতে আজি শংকৰ জ্যোতি বৰুৱাক আছুৰ পৰা অব্যাহতি লোৱাৰ পৰামৰ্শ দিয়ে মুখ্য উপদেষ্টা ড০ সমুজ্জল ভট্টাচাৰ্যই।

Dubai Princess Launches New Perfume Line Divorce: স্বামীৰ সৈতে বিবাহ বিচ্ছেদৰ পিছতেই ডুবাইৰ ৰাজকুমাৰীয়ে মুকলি কৰিলে PERFUMEৰ নতুন ব্ৰেণ্ড DIVORCE

PERFUMEৰ নতুন ব্ৰেণ্ড DIVORCE
PERFUMEৰ নতুন ব্ৰেণ্ড DIVORCE

ইনষ্টাগ্ৰামত স্বামীৰ সৈতে বিচ্ছেদৰ কথা ঘোষণা কৰা ডুবাইৰ ৰাজকুমাৰী শ্বেইখা মাহৰাই মুকলি কৰিলে নতুন পাৰফিউম লাইন Divorce। (Dubai Princess Launches New Perfume Line Divorce)

চলিত বৰ্ষৰ জুলাই মাহত ইনষ্টাগ্ৰাম পোষ্টত স্বামীৰ সৈতে বিবাহ বিচ্ছেদ কৰা ডুবাইৰ ৰাজকুমাৰী শ্বেইখা মাহৰা মহম্মদ ৰাছেদ আল মাকতুমে মুকলি কৰিছে এক নতুন লাইনৰ সুগন্ধি আৰু তেওঁ ইয়াৰ নাম দিছে “Dubai”।

ৰাজকুমাৰীয়ে নিজৰ অফিচিয়েল ইনষ্টাগ্ৰাম পেজত এই কথা ঘোষণা কৰে। ডুবাইৰ বজাৰত এই পাৰফিউমৰ মূল্য এতিয়াও জানিব পৰা হোৱা নাছিল।

ত্ৰিশ বছৰীয়া শ্বেইখা মাহৰা বিন্ত মহম্মদ বিন ৰছিদ আল মাকতুম সংযুক্ত আৰব আমিৰশ্বাহীৰ উপ-ৰাষ্ট্ৰপতি তথা প্ৰধানমন্ত্ৰী তথা ডুবাইৰ শাসক মহামহিম শ্বেইখ মহম্মদ বিন ৰছিদ আল মাকতুমৰ কন্যা। তেওঁৰ ইনষ্টাগ্ৰামত প্ৰায় ১০ লাখ ফ’ল’ৱাৰ আছে।

চলিত বৰ্ষৰ ১৬ জুলাইত ডুবাইৰ ৰাজকুমাৰীয়ে ইনষ্টাগ্ৰাম পোষ্টত স্বামীৰ সৈতে বিবাহ বিচ্ছেদ কৰাৰ পিছত ইণ্টাৰনেটত প্ৰায়ে চৰ্চাত থাকে। ইনষ্টাগ্ৰামত বিবাহ বিচ্ছেদৰ কথা ঘোষণা কৰি তেওঁ লিখিছে-

“প্ৰিয় স্বামী, যিহেতু আপুনি আন সংগীৰ লগত ব্যস্ত, গতিকে মই ইয়াৰ দ্বাৰা আমাৰ বিবাহ বিচ্ছেদ ঘোষণা কৰিছো। মই তোমাক বিবাহ বিচ্ছেদ দিছোঁ, মই তোমাক বিবাহ বিচ্ছেদ দিছোঁ আৰু মই তোমাক বিবাহ বিচ্ছেদ দিছোঁ। যত্ন লওক। আপোনাৰ প্ৰাক্তন পত্নী।’

ডুবাইৰ ৰাজকুমাৰী শ্বেইখা মাহৰাই “ডিভোৰ্চ” নামৰ নতুন পাৰফিউমৰ বেণ্ড, বিবাহ বিচ্ছেদৰ প্ৰায় দুমাহৰ পিছত ঘোষণা কৰিছে।

শ্বেইখা মাহৰাই যোৱা বছৰৰ মে’ মাহত আমীৰাটী ব্যৱসায়ী শ্বেইখ মানা বিন মহম্মদ বিন ৰছিদ বিন মানা আল মাকতুমৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। ছ’চিয়েল মিডিয়াত ট্ৰিপল তালাকৰ জৰিয়তে স্বামীক বিবাহ বিচ্ছেদ কৰাৰ সিদ্ধান্তই বিশ্বজুৰি দৃষ্টি আকৰ্ষণ কৰিছিল, তেওঁলোকে একেলগে প্ৰথম সন্তানক আদৰণি জনোৱাৰ মাত্ৰ দুমাহৰ পাছতেই বিচ্ছেদ কৰিছিল।

Assam’s Online Trading Scam: মুখ্যমন্ত্ৰীৰ আহ্বান অনলাইন ট্ৰেডিঙৰ প্ৰৱঞ্চকক যেতিয়ালৈকে আৰক্ষীয়ে ধৰিব নোৱাৰে তেতিয়ালৈকে বাতৰি পৰিবেশন কৰি থাকক

অনলাইন ট্ৰেডিঙৰ প্ৰৱঞ্চকক যেতিয়ালৈকে আৰক্ষীয়ে ধৰিব নোৱাৰে তেতিয়ালৈকে বাতৰি পৰিবেশন কৰি থাকক : মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা
অনলাইন ট্ৰেডিঙৰ প্ৰৱঞ্চকক যেতিয়ালৈকে আৰক্ষীয়ে ধৰিব নোৱাৰে তেতিয়ালৈকে বাতৰি পৰিবেশন কৰি থাকক : মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা

ৰাজ্যত অনলাইন ট্ৰেডিং কেলেংকাৰীৰ জোকাৰণি এতিয়াও মাৰ যোৱা নাই। অনলাইন ট্ৰেডিং কেলেংকাৰিৰ মূল হোতা বুলি সন্দেহ কৰা অভিনেত্ৰী চুমি বৰা এতিয়াও স্বামীৰ সৈতে পলাতক হৈয়েই আছে। আৰক্ষীয়েও চুমি বৰাৰ লগতে তেওঁৰ স্বামী তাৰ্কিক বৰাক ধৰিবলৈ ৰাজ্যৰ সীমা পাৰ হৈয়ো অনুসন্ধান চলাইছে (Assam’s Online Trading Scam)। দেওবাৰে নিশাও পলাতক চুমি বৰাক (sumi borah ) আটক কৰিবলৈ অসম আৰক্ষীয়ে মেঘালয়ত এক ব্যাপক তালাচী আৰম্ভ কৰা বুলি বিশেষ সূত্ৰই প্ৰকাশ কৰিছে। প্ৰাপ্ত তথ্য অনুসৰি যোৱা নিশা চেৰাপুঞ্জীকে ধৰি মেঘালয়ৰ বিভিন্ন স্থানত আৰক্ষী-প্ৰশাসনে তালাচী অভিযান চলায়। এই অভিযান মেঘালয় আৰক্ষী, গুৱাহাটী আৰক্ষী, ডিব্ৰুগড় আৰক্ষীয়ে সমন্বিত প্ৰচেষ্টাৰে চলোৱা বুলি জানিব পৰা গৈছে।

চুমিৰ শেহতীয়া ফোনৰ অৱস্থানৰ ওপৰত ভিত্তি কৰি এই অভিযান চলোৱা হয়, কাৰণ ফোনৰ অৱস্থানে চেৰাপুঞ্জীত তেওঁৰ উপস্থিতিৰ ইংগিত দিছিল।কিন্তু অভিযান ব্যৰ্থ হয় আৰু সোমবাৰে পুৱাৰ ভাগত আৰক্ষীৰ দলে মেঘালয়ৰ পৰা উভতি আহিবলগীয়া হয় । প্ৰত্যাশিত জামিন লাভ নকৰালৈকে চুমি বৰাই আত্মগোপন কৰিয়েই থাকিব বুলি সন্দেহ কৰা হৈছে। উল্লেখ্য নূনমাটি আৰক্ষীয়ে ৫ ছেপ্টেম্বৰত গুৱাহাটীৰ পাথৰ কুৱেৰীত থকা আইডল হিল ভিউ এপাৰ্টমেণ্টতো অভিযান চলাই এই যুটিটোক বিচাৰি উলিয়াবলৈ সক্ষম হোৱা নাছিল। এনেদৰে চুমি বৰা আৰু তাৰ্কিক বৰাক আৰক্ষীয়ে বিচাৰি উলিয়াবলৈ সমৰ্থ নোহোৱাৰ সময়তে মুখ্যমন্দ্ৰী হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa Sarma) সংবাদমাধ্যক উদ্দেশ্যি এক বিশেষ মন্তব্য কৰিছে।

মুখ্যমন্ত্ৰীয়ে কয়- অনলাইন ট্ৰেডিঙৰ প্ৰবঞ্চকসকলক আৰক্ষীয়ে ধৰিব নোৱাৰা লৈকে সংবাদমাধ্যমে নিউজ কৰি থাকক, আৰক্ষীক হেঁচা দিয়ক যাতে আৰক্ষীয়ে শীঘ্ৰেই তেওঁলোকক ধৰিব পাৰে। তেওঁ লগতে কয় যে এই বিষয়ত প্ৰতিদিনে নতুন খবৰ নোলাব পাৰে . কিন্তু আৰক্ষীয়েই যেতিয়াই তেওঁলোকক ধৰিব তেতিয়াই সংবাদমাধ্যমক খবৰ দিব। উল্লেখ্য ডিজিপি জিপি সিঙে (Dgp gp singh )অনলাইন ট্ৰেডিঙৰ বিষয়ত সংবাদমাধ্যমে পৰিবেশ কৰি থকা সংবাদ সন্দৰ্ভত মন্তব্য কৰি সৌ সিদিনা কৈছিল যে বাতৰিৰ ওপৰত ভিত্তি কৰি নহয়,অপৰাধীৰ বিষয়ে টেকনিকেল প্ৰমাণ পালেহে তেওঁলোকক দোষী বুলি ক’ব পৰা যাব। এইক্ষেত্ৰত অনুমাণ ভিত্তিক বাতৰি পৰিবেশন নকৰিবলৈয়ো জিপি সিঙে আওপাকে আহ্বান জনাইছিল।

লগতে পঢ়ক : Online trading: প্ৰসংগঃ অনলাইন ট্ৰেডিং! সামাজিক ব্যাধিত পৰিণত হৈ পৰিছে অনলাইন ট্ৰেডিং…

ইয়াৰ মাজতে মুখ্যমন্ত্ৰী সংবাদমাধ্যমক অনলাইন ট্ৰেডিঙৰ প্ৰবঞ্চকসকলক আৰক্ষীয়ে ধৰিব নোৱাৰা লৈকে সংবাদমাধ্যমে নিউজ কৰি থাকক, আৰক্ষীক হেঁচা দিয়ক বুলি জনোৱা আহ্বানে বিশেষ গুৰুত্ব বহন কৰিছে। মুখ্যমন্ত্ৰীয়ে বিজেপিত সদস্য ভৰ্তিৰ প্ৰসংগতো মন্তব্য কৰে। তেওঁ কয়- সদস্য ভৰ্তি অভিযান ২ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হৈছিল । তেওঁ কয় ২৫ ছেপ্টেম্বৰ লৈকে চলিব এই সদস্য ভৰ্তি অভিযান ।অসমত অভিলেখ গঢ়িব সদস্য ভৰ্তি অভিযানে।সদস্যভৰ্তিত দেশৰ ৫খন ৰাজ্যৰ ভিতৰত অসমো এখন বুলি তেওঁ কয়। অৰ্ণমাই বৰা হত্যাৰ গোচৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে এনেদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে- গুৱাহাটী উচ্চ ন্যায়ালয়ত(Gauhati High Court) মূল অভিযুক্তৰ শাস্তি লাঘৱ হোৱাৰ পাছত উচ্চতম ন্যায়ালয়লৈ যোৱাৰ প্ৰতিশ্ৰুতি দিছিল ৰাজ্য চৰকাৰে। এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়- সকলো প্ৰস্তুতি সম্পন্ন হৈছে । অচিৰেই উচ্চতম ন্যায়ালয়ৰ মজিয়ালৈ যাব চৰকাৰ।আনহাতে অৰ্ণমাই বৰাৰ পৰিয়ালৰ নিৰাপত্তা সন্দৰ্ভতো প্ৰতিক্ৰিয়া ব্যক্ত কৰি মুখ্যমন্ত্ৰীয়ে কয়- আজিৰ তাৰিখত কোনেও এই দুঃসাহস কৰিব নোৱাৰে, নিশ্চিন্ত থাকক।

Published by: Jebin Sultana

India world’s biggest plastic polluter : বিশ্বত সৰ্বাধিক প্লাষ্টিক প্ৰদূষণৰ সৃষ্টি ভাৰতত

বিশ্বত সৰ্বাধিক প্লাষ্টিক প্ৰদূষণৰ সৃষ্টি ভাৰতত
বিশ্বত সৰ্বাধিক প্লাষ্টিক প্ৰদূষণৰ সৃষ্টি ভাৰতত

ভাৰতে বিশ্বব্যাপী প্লাষ্টিক প্ৰদূষণৰ এক পঞ্চমাংশত অৰিহণা যোগায়, যোৱা সপ্তাহত নেচাৰ আলোচনীত প্ৰকাশিত এক অধ্যয়নত এই তথ্য পোৱা গৈছে। ভাৰতে প্ৰতি বছৰে প্ৰায় (India world’s biggest plastic polluter) ৫.৮ নিযুত টন (মেট্ৰিক টন) প্লাষ্টিক জ্বলাই আৰু পৰিৱেশত (ভূমি, বায়ু, পানী) আৱৰ্জনা হিচাপে আন ৩.৫ মিটাৰ প্লাষ্টিক মুকলি কৰে। সামগ্ৰিকভাৱে, ভাৰতে বিশ্বত বছৰি ৯.৩ মিটাৰ প্লাষ্টিক প্ৰদূষণত অৰিহণা যোগায়  (9.3 million tonnes) যি এই তালিকাৰ পৰৱৰ্তী দেশবোৰতকৈ যথেষ্ট বেছি ।নাইজেৰিয়া (৩.৫ মিটাৰ), ইণ্ডোনেছিয়া (৩.৫ মিটাৰ) আৰু চীন (২.৮ মিটাৰ)ক অতিক্ৰম কৰে। লিডছ বিশ্ববিদ্যালয়ৰ গৱেষক জচুয়া ডব্লিউ কটম, এড কুক আৰু কষ্টাছ এ ভেলিছে কৰা এই অধ্যয়নত অনুমান কৰা হৈছে যে প্ৰতি বছৰে প্ৰায় ২৫১ মিটাৰ প্লাষ্টিক আৱৰ্জনা উৎপাদন কৰা হয়, যি প্ৰায় ২০,০,০০০ অলিম্পিক আকাৰৰ ছুইমিং পুল পূৰণ কৰিবলৈ পৰ্যাপ্ত।

এই আৱৰ্জনাৰ প্ৰায় এক পঞ্চমাংশ -৫২.১ মিটাৰ পৰিৱেশত “নিৰ্গত” হয়, যিটো অপৰিচালিত। গৱেষকসকলে “পৰিচালিত” আৱৰ্জনাক পৌৰ নিগমৰ দ্বাৰা সংগ্ৰহ কৰা আৱৰ্জনা হিচাপে সংজ্ঞায়িত কৰে, যিবোৰ পুনৰব্যৱহাৰ কৰা হয় বা লেণ্ডফিললৈ প্ৰেৰণ কৰা হয়। বেছিভাগ প্লাষ্টিক আৱৰ্জনা পিছত মিলিত হয়। (global plastic emissions) “অপৰিচালিত” আৱৰ্জনা হৈছে প্লাষ্টিক যাক মুকলি অনিয়ন্ত্ৰিত জুইত জ্বলোৱা হয় যাৰ ফলত সূক্ষ্ম কণিকা আৰু কাৰ্বন মনোক্সাইডৰ দৰে বিষাক্ত গেছ উৎপন্ন হয় যাক হৃদৰোগ, শ্বাসতন্ত্ৰৰ বিকাৰ, কৰ্কট ৰোগ আৰু স্নায়বিক সমস্যাৰ সৈতে সম্পৰ্কিত কৰা হৈছে। ইয়াত প্লাষ্টিকও অন্তৰ্ভুক্ত থাকে যি পৰিৱেশত অদগ্ধ আৱৰ্জনা হিচাপে শেষ হয় । পৃথিৱীৰ প্ৰতিটো অনুভৱযোগ্য স্থান মাউণ্ট এভাৰেষ্টৰ উচ্চতাৰ পৰা প্ৰশান্ত মহাসাগৰৰ মাৰিয়ানা ট্ৰেঞ্চৰ তললৈ প্ৰদূষিত কৰে।

অপৰিচালিত আৱৰ্জনাবোৰৰ ভিতৰত, প্ৰায় ৪৩ শতাংশ বা ২২.২ মিটাৰ হৈছে জ্বলা নোহোৱা আৱৰ্জনাৰ প্ৰকাৰ আৰু বাকীবোৰ, প্ৰায় ২৯.৯ মিটাৰ ডাম্পচাইট বা স্থানীয়ভাৱে জ্বলাই দিয়া হয়। অধ্যয়নটোৱে চিনাক্ত কৰা এটা প্ৰৱণতা আছিল যে প্লাষ্টিক প্ৰদূষণৰ ক্ষেত্ৰত এক উল্লেখযোগ্য গোলকীয় উত্তৰ আৰু গোলকীয় দক্ষিণ বিভাজন আছে। অধ্যয়নটোত কোৱা হৈছে, “সম্পূৰ্ণ ভিত্তিত, আমি দেখিছোঁ যে দক্ষিণ এছিয়া, চাব-চাহাৰা আফ্ৰিকা আৰু দক্ষিণ-পূব এছিয়াৰ দেশবোৰত প্লাষ্টিক আৱৰ্জনা নিৰ্গমন সৰ্বাধিক। দৰাচলতে, বিশ্বৰ প্লাষ্টিক প্ৰদূষণৰ প্ৰায় ৬৯ শতাংশ (বা প্ৰতি বছৰে ৩৫.৭ মিটাৰ) ২০ খন দেশৰ পৰা আহে, যাৰ কোনোটোউচ্চ উপাৰ্জনৰ দেশ নহয় (বিশ্ব বেংকৰ মতে মুঠ ৰাষ্ট্ৰীয় উপাৰ্জন ১৩,৮৪৬ ডলাৰ বা অধিক)। এইএইচ আই চিবোৰৰ স্বত্বেও – যিবোৰ তথাকথিত গোলকীয় উত্তৰত আছে – দক্ষিণৰ দেশবোৰতকৈ প্লাষ্টিক আৱৰ্জনা উৎপাদনৰ হাৰ অধিক।

অধ্যয়নটোত কোৱা হৈছে যে এজনো এইচ আই চি-ক “শীৰ্ষ ৯০টা প্ৰদূষণকাৰীৰ ভিতৰত স্থান দিয়া হোৱা নাই, কিয়নো বেছিভাগৰ ১০০ শতাংশ সংগ্ৰহ কভাৰেজ আৰু নিয়ন্ত্ৰিত নিষ্পত্তি আছে। মুকলিভাৱে জ্বলা হৈছে বিশ্বব্যাপী দক্ষিণত প্লাষ্টিক প্ৰদূষণৰ মুখ্য প্ৰকাৰ (চাব-চাহাৰা আফ্ৰিকাৰ বাহিৰে, য’ত অনিয়ন্ত্ৰিত আৱৰ্জনাবোৰ প্ৰদূষণ পাইৰ এক বৃহৎ অংশ আছিল) গ্লোবেল নৰ্থৰ বিপৰীতে, য’ত প্লাষ্টিক প্ৰদূষণমুখ্যতঃ অনিয়ন্ত্ৰিত আৱৰ্জনাৰে গঠিত। গৱেষকসকলে কয় যে এইটো কেৱল অপৰ্যাপ্ত বা সম্পূৰ্ণৰূপে অনুপস্থিত আৱৰ্জনা ব্যৱস্থাপনা প্ৰণালীৰ লক্ষণ আৰু ইয়াৰ বাবে ৰাজহুৱা আন্তঃগাঁথনিৰ অভাৱ। অৱশ্যে, “আমি বিশ্ব ব্যাপী দক্ষিণৰ ওপৰত দোষ, কোনো দোষ দিব নালাগে বা আমি যিকোনো প্ৰকাৰে গ্লোবেল নৰ্থত কি কৰোঁ তাৰ বিষয়ে নিজকে প্ৰশংসা কৰক,” গৱেষক কষ্টাছ ভেলিছে এছ’চিয়েটেড প্ৰেছক কয় যে মানুহৰ আৱৰ্জনা নিষ্কাশন কৰাৰ সামৰ্থ্য মুখ্যতঃ তেওঁলোকৰ চৰকাৰৰ প্ৰয়োজনীয় সেৱা প্ৰদান কৰাৰ ক্ষমতাৰ ওপৰত নিৰ্ভৰ কৰে।

প্লাষ্টিক প্ৰদূষণৰ ওপৰত প্ৰথম আইনীভাৱে বাধ্যতামূলক আন্তৰ্জাতিক চুক্তিৰ বাবে চুক্তি আলোচনা চলি থকাৰ বাবে এই অধ্যয়নটো আহিছে। ২০২৩ চনত ৰাষ্ট্ৰসংঘৰ পৰিৱেশ সভাই এনে এক চুক্তি বিকশিত কৰিবলৈ সন্মত হৈছিল – যিটো বিশেষজ্ঞসকলে কয় যে ২০১৫ চনত জলবায়ু পৰিৱৰ্তনৰ ওপৰত পেৰিছ চুক্তিৰ পিছত আটাইতকৈ গুৰুত্বপূৰ্ণ পাৰিপাৰ্শ্বিক চুক্তি হ’ব পাৰে – ২০২৪ চনৰ শেষলৈ। অৱশ্যে, ইয়াৰ বাবে কি প্ৰয়োজন হ’ব লাগে সেই বিষয়ে সহমত পোৱাটো কঠিন হৈ পৰিছে। এফালে জীৱাশ্ম-ইন্ধন উৎপাদক দেশ আৰু উদ্যোগ গোট আছে, যি প্লাষ্টিক প্ৰদূষণক (plastic pollution) “আৱৰ্জনা ব্যৱস্থাপনা সমস্যা” হিচাপে বিবেচনা কৰে, আৰু উৎপাদন নিয়ন্ত্ৰণ কৰাৰ পৰিৱৰ্তে ইয়াৰ ওপৰত গুৰুত্ব দিব বিচাৰে। আনহাতে ইউৰোপীয় ইউনিয়ন আৰু আফ্ৰিকাৰ দেশসমূহ আছে, যিবোৰে একক ব্যৱহাৰৰ প্লাষ্টিক পৰ্যায়ক্ৰমে বন্ধ কৰিব বিচাৰে আৰু উৎপাদন নিয়ন্ত্ৰণ প্ৰৱৰ্তন কৰিব বিচাৰে।

এই “উচ্চ উচ্চাকাংক্ষা মিত্ৰজোঁট”ত কোৱা হৈছে যে প্লাষ্টিকৰ আৱৰ্জনা উৎপাদনৰ পৰিমাণ আৰু পুনৰ্ব্যৱহাৰৰ অৰ্থনীতি আৰু জটিলতাৰ পৰিপ্ৰেক্ষিতত প্লাষ্টিকৰ আৱৰ্জনাবোৰ একেবাৰে প্ৰদূষণ নোহোৱালৈকে “নিয়ন্ত্ৰণ” কৰাটো অসম্ভৱ। এপ্ৰিলত ছাইন্স এডভান্সছ আলোচনীত প্ৰকাশিত এক অধ্যয়নত প্লাষ্টিক উৎপাদন বৃদ্ধি আৰু প্লাষ্টিক প্ৰদূষণৰ মাজত এক ৰৈখিক, পোনপটীয়া সম্পৰ্ক পোৱা গৈছে – অৰ্থাৎ উৎপাদন ১ শতাংশ বৃদ্ধিৰ ফলত প্ৰদূষণ ১ শতাংশ মুকলি হয়। (উইন কাউগাৰ এট আল, “প্লাষ্টিক প্ৰদূষণৰ বাবে বিশ্বব্যাপী উৎপাদকৰ দায়িত্ব”, ২০২৪)। সমালোচকসকলে কয় যে শেহতীয়া গৱেষণাই প্লাষ্টিকক “আৱৰ্জনা ব্যৱস্থাপনা সমস্যা” আখ্যান হিচাপে অভিনয় কৰিছে।

শূন্য আৱৰ্জনা আৰু পাৰিপাৰ্শ্বিক ন্যায়ৰ পদক্ষেপৰ ওপৰত কাম কৰা ওকালতি সংগঠনসমূহৰ এক বিশ্বব্যাপী নেটৱৰ্ক জিএআইএ-ৰ বিজ্ঞান আৰু নীতিৰ জ্যেষ্ঠ সঞ্চালক নীল টাংৰীয়ে এপিক কয়, “ই আমাক ওপৰৰ ফালে মনোযোগ হেৰুৱাই দিয়াৰ আশংকা কৰে আৰু কয়, এতিয়া আমি আৱৰ্জনাবোৰ ভালদৰে নিয়ন্ত্ৰণ কৰিব লাগিব। লক্ষণীয়ভাৱে, প্লাষ্টিক উদ্যোগ গোটে অধ্যয়নটোৰ প্ৰশংসা কৰিছে। আন্তৰ্জাতিক ৰাসায়নিক সংস্থাৰ সম্পাদক ক্ৰিছ জাহনে এক বিবৃতিত কয়, “এই অধ্যয়নটোৱে এইটো সূচায় যে সংগ্ৰহ নকৰা আৰু অপৰিচালিত প্লাষ্টিক আৱৰ্জনা হৈছে প্লাষ্টিক প্ৰদূষণত সৰ্বাধিক অৱদানকাৰী।

Published by: Jebin Sultana

Monkeypox Found in India: সাৱধান! ভাৰতত চিনাক্ত মাংকিপক্সৰ প্ৰথম গৰাকী ৰোগী

মাংকিপক্স
মাংকিপক্স

ভাৰতত মাংকিপক্স ৰোগত আক্ৰান্ত প্ৰথমজন ৰোগী ধৰা পৰিছে। ৰোগীজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। মন্ত্ৰালয়ে জনাইছে যে তেওঁৰ দেহত এমপ’ক্স পজিটিভ পোৱা গৈছে।(first case of monkeypox found in india)

ক’ৰ’নাৰ দৰে বিপদ মাংকিপক্স ৰোগ। ভাৰতত মাংকিপক্সৰ প্ৰথমজন ৰোগী ধৰা পৰিছে। এই ৰোগৰ সংক্ৰমণৰ সন্দৰ্ভত চৰকাৰে প্ৰকাশ কৰিছে বহু কথা। এই ৰোগৰ কি কি লক্ষণ জানো আহক।

যোৱা ৮ ছেপ্টেম্বৰত বহিঃৰাজ্যৰ পৰা উভতি অহা এজন ৰোগীৰ দেহত এমপিঅ’এক্সৰ লক্ষণ দেখা পোৱাৰ পিছত তেওঁক আছুতীয়াকৈ ৰখা হৈছিল। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে ৯ ছেপ্টেম্বৰত নিশ্চিত কৰে যে বহিঃৰাজ্যৰ পৰা উভতি অহা ব্যক্তিজন মাংকিপক্স ৰোগত আক্ৰান্ত। মন্ত্ৰালয়ে দিয়া তথ্য অনুসৰি নমুনা পৰীক্ষাৰ অন্তত সংক্ৰমণ নিশ্চিত হৈছে। ৰোগীজন পশ্চিম আফ্ৰিকাৰ ক্লেড ২ ষ্ট্ৰেইনত আক্ৰান্ত হয়। স্বাস্থ্য মন্ত্ৰালয়ৰ মতে, এই ষ্ট্ৰেইনটো WHOৰ বিশ্ব স্বাস্থ্য জৰুৰীকালীন অৱস্থাত অন্তৰ্ভুক্ত কৰা ক্লেড ১ ষ্ট্ৰেইন নহয়।

এই ক্লেডটো পশ্চিম আফ্ৰিকাৰ পৰা আহিছে। ২ নং ক্লেডক সাধাৰণতে কম গুৰুতৰ বুলি গণ্য কৰা হয়। ইয়াত সংক্ৰমণত আক্ৰান্ত ৯৯.৯%তকৈ অধিক লোক জীয়াই থাকে। ২০২২ চনত বিশ্বজুৰি এই প্ৰাদুৰ্ভাৱৰ আৰম্ভণি হৈছিল ক্লেড ২ৰ পৰাই। এই সংক্ৰমণৰ সন্দৰ্ভত ভাৰতৰ স্বাস্থ্য মন্ত্ৰালয়ে কয় যে এই সময়ত জনসাধাৰণৰ বাবে কোনো ব্যাপক ভাবুকি নাই।

ভাৰতত বান্দৰ ৰোগত আক্ৰান্ত প্ৰথমজন ৰোগী ধৰা পৰাৰ লগে লগে কেন্দ্ৰীয় স্বাস্থ্য সচিব অপূৰ্ব চন্দ্ৰই মাংকিপক্স ৰোগ সন্দৰ্ভত সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চললৈ পৰামৰ্শ জাৰি কৰি সকলো ৰাজ্যকে সজাগ হৈ থাকিবলৈ কয়। এই সংক্ৰমণ ৰোধৰ বাবে সকলো ৰাজ্যই ব্যৱস্থা ল’ব লাগিব বুলিও তেওঁ কৈছে।

চৰকাৰে লগতে কয় যে “অপ্ৰয়োজনীয় আতংক”ৰ পৰা আঁতৰি থকাটো গুৰুত্বপূৰ্ণ। সেয়েহে মানুহে ইয়াৰ লক্ষণসমূহৰ প্ৰতি সচেতন হ’ব লাগে। চৰকাৰে ৰাইজক আহ্বান জনাইছে যে মাংকিপক্স সন্দৰ্ভত WHO’ৰ শেহতীয়া আপডেটটোও চাব লাগে, য’ত কোৱা হৈছে যে এই সংক্ৰমণে ১৮ৰ পৰা ৪৪ বছৰ বয়সৰ লোকক সৰ্বাধিক প্ৰভাৱিত কৰিছে, য’ত জ্বৰৰ লগতে ফোহাৰ দৰে লক্ষণ দেখা যায়। হৈছে।

BSP chief Mayawati : ৰাহুল গান্ধীৰ বক্তব্যত খং মায়াৱতীৰ

ৰাহুল গান্ধীৰ বক্তব্যত খং মায়াৱতীৰ
ৰাহুল গান্ধীৰ বক্তব্যত খং মায়াৱতীৰ

বিএছপিৰ মুৰব্বী মায়াৱতীয়ে ( BSP chief Mayawati ) কয় যে ৰাহুল গান্ধীয়ে দিয়া এই মাৰাত্মক বক্তব্যৰ প্ৰতি কংগ্ৰেছ নেতাসকল সতৰ্ক হ’ব লাগে, কাৰণ এই দলটোৱে কেন্দ্ৰত ক্ষমতালৈ অহাৰ লগে লগে এই বক্তব্যৰ আঁৰত তেওঁলোকৰ সংৰক্ষণৰ অন্ত নিশ্চয়কৈ শেষ কৰিব।

কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ (Rahul Gandhi) বক্তব্যক লৈ এতিয়া আমেৰিকাত ৰাজনৈতিক অস্থিৰতা। প্ৰতিক্ৰিয়া প্ৰকাশ সকলো বিজেপি নেতাৰ। এতিয়া কংগ্ৰেছ নেতাগৰাকীয়ে সংৰক্ষণ সন্দৰ্ভত কৰা মন্তব্যক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিএছপি প্ৰধান মায়াৱতীয়ে। তেওঁ কংগ্ৰেছ আৰু ৰাহুল গান্ধীৰ প্ৰতি সতৰ্ক হ’বলৈ পৰামৰ্শ দিছে।

মায়াৱতীয়ে কয়, ‘কেন্দ্ৰত দীৰ্ঘদিন ক্ষমতাত থকাৰ সময়ত কংগ্ৰেছ দলৰ চৰকাৰে অ’বিচি সংৰক্ষণ কাৰ্যকৰী কৰা নাছিল, দেশত জাতি লোকপিয়ল চলোৱা এই দলটোৱেও এতিয়া ইয়াৰ আৱৰণত ক্ষমতালৈ অহাৰ সপোন দেখা নাই . তেওঁলোকৰ নাটকৰ প্ৰতি সচেতন হওক যিয়ে জাতিগত লোকপিয়ল পুনৰ কেতিয়াও চলোৱাত বাধা দিব।

বিএছপিৰ অধ্যক্ষই কয়, ‘এতিয়া কংগ্ৰেছ দলৰ নেতা ৰাহুল গান্ধীৰ এই নাটকৰ পৰা সাৱধান হওক য’ত তেওঁ বহিঃৰাজ্যত কৈছে যে যেতিয়া ভাৰতৰ পৰিস্থিতি উন্নত হ’ব তেতিয়া আমি অনুসূচিত জাতি, অনুসূচিত জাতি, অ’বিচিৰ সংৰক্ষণৰ (Reserved Category) অন্ত পেলাম। ইয়াৰ পৰা স্পষ্ট যে কংগ্ৰেছে বছৰ বছৰ ধৰি তেওঁলোকৰ সংৰক্ষণৰ অন্ত পেলোৱাৰ ষড়যন্ত্ৰত লিপ্ত হৈ আহিছে।

বিএছপি প্ৰধানে কয়, ‘কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে দিয়া এই মাৰাত্মক বক্তব্যৰ প্ৰতি এই শ্ৰেণীৰ লোকসকল সতৰ্ক হোৱা উচিত, কাৰণ এই দলটোৱে কেন্দ্ৰত ক্ষমতালৈ অহাৰ লগে লগে এই বক্তব্যৰ আঁৰত তেওঁলোকৰ সংৰক্ষণৰ অন্ত নিশ্চিতভাৱে কৰিব। সংবিধান (constitution) আৰু সংৰক্ষণ ৰক্ষাৰ অভিনয় কৰা এই দলটোৰ প্ৰতি এইসকল লোক সচেতন হ’ব লাগিব।

মায়াৱতীয়ে কয়, ‘যিহেতু বাস্তৱত কংগ্ৰেছে আৰম্ভণিৰে পৰা সংৰক্ষণ বিৰোধী চিন্তাধাৰা কৰি আহিছে। কেন্দ্রত তেওঁলোকৰ চৰকাৰত যেতিয়া তেওঁলোকৰ সংৰক্ষণ কোটা পূৰণ নহ’ল, তেতিয়া বাবা চাহেব ড০ ভীমৰাও আম্বেদকাৰে (babasaheb bhimrao ambedkar) এই দলৰ পৰা ন্যায় নোপোৱাৰ বাবে আইন মন্ত্রী পদৰ পৰা পদত্যাগ কৰে৷ মানুহে সাৱধান হ’ব লাগে।

তেওঁ কয়, ‘সামগ্ৰিকভাৱে দেশৰ পৰা জাতিবাদ সম্পূৰ্ণৰূপে নিৰ্মূল নোহোৱালৈকে ভাৰতৰ তুলনামূলকভাৱে উন্নত অৱস্থাৰ মাজতো এই শ্ৰেণীসমূহৰ সামাজিক, অৰ্থনৈতিক ( Economic) আৰু শৈক্ষিক অৱস্থা উন্নত হ’বলৈ যোৱা নাই। জাতিবাদ সম্পূৰ্ণৰূপে ধ্বংস নোহোৱালৈকে সংৰক্ষণৰ শুদ্ধ সাংবিধানিক ব্যৱস্থা অব্যাহত ৰাখিব লাগিব।

Published by: Jebin Sultana

Online trading: প্ৰসংগঃ অনলাইন ট্ৰেডিং! সামাজিক ব্যাধিত পৰিণত হৈ পৰিছে অনলাইন ট্ৰেডিং

অনলাইন ট্ৰেডিং
অনলাইন ট্ৰেডিং

আজিৰ তাৰিখত অসমত আটাইতকৈ চৰ্চিত বিষয়টোৱেই হৈছে অনলাইন ট্ৰেডিং সম্পৰ্কীয় বিষয়টো। অনলাইন ট্ৰেডিং নামৰ ভূতটোৱে এতিয়া খেদি ফুৰিছে সকলোকে। কোনোবাই অনলাইন ট্ৰেডিংনো কি সেইটো বুজি পাওকেই বা নাপাওকেই কিন্তু সকলোৰে মুখত এতিয়া এটাই বিষয় আৰু সেয়া অনলাইন ট্ৰেডিং। সেয়া সাধাৰণ লোকেই হওক বা ৰজা ঘৰতেই হওক।(Online trading become social disorder)

মানুহ আজি ইমানেই এলেহুৱা, পৰনিৰ্ভৰশীল হৈ পৰিছে যে সকলোকে এতিয়া লাগে কেৱল সহজ উপায়েৰে ধন ঘটাৰ উপায়। আৰু এনে কাৰণতেই অতি সহজতে চতুৰ প্ৰলোভনকাৰীসকল সু-পৰিকল্পিতভাৱে পেলোৱা জালখনত ভৰি দি বন্দী হৈ পৰে অনলাইন ট্ৰেডিং নামৰ জালখনত। এইক্ষেত্ৰত ! অৱশ্যে বহু কাৰকেও ক্ৰিয়া নকৰা নহয়। আমাৰ ভাৰতবৰ্ষত ইমানেই দ্ৰুতহাৰত নিবনুৱা সংখ্যা বাঢ়ি গৈ আছে যে এই নিবনুৱা যুৱক-যুৱতীসকলে কোনো ফালৰ পৰা উপায় নেদেখি তেওঁলোকৰ বহু কষ্টৰ ফলত উপাৰ্জন কৰা ধন সোনকালে ধনী হোৱাৰ লোভত আৰু জমা থোৱা ধন দুগুণৰো দুগুণ হোৱাৰ আশাত বন্দী হৈ সোমাই পৰে প্ৰৱঞ্চকে অধিক ধনৰ লোভ দেখুৱাই পতা এই মায়াৱী জালখনত। যিখন জালত বন্দী হৈ কোনোফালৰ পৰা ওলাব নোৱাৰি কক্‌বকাই মৰিবলগীয়া অৱস্থা হয়গৈ। নিবনুৱাসকলৰ এনে দুৰ্বলতা তথা সোনকালে ধনী হোৱাৰ যি মানসিকতা সেই কথা উপলব্ধি কৰিয়েই এই প্ৰৱঞ্চকৰ দলে সৰ্বস্ব লুটি লৈ যায় সাঁচতীয়া ধনকেইটাও। এই ধন পিছে তেওঁলোকৰ ক’লা টকা নাছিল। আছিল কষ্টোপাৰ্জিত তেজক পানী কৰি অৰ্জন কৰা টকা। কিন্তু এই টকাকেইতাৰ ওপৰতো যেতিয়া শেন চকু পৰিব প্ৰৱঞ্চকৰ তেতিয়া আৰু লুণ্ঠন নকৰাকৈ নাথাকে। দুগুণত চাৰিগুণ লাভ দেখুৱাই লুটি লৈ যায় তেওঁলোকৰ সমষ্ট। তেওঁলোকৰ সেই সাঁচতীয়া ধনখিনিও যেতিয়া প্ৰৱঞ্চকে লুটি লৈ উধাও হয়, তেতিয়া তেওঁলোকৰ জ্ঞান চকু মেল খায়।


এইবোৰ ঘটি থকাৰ এটা অন্যতম কাৰণ হ’ল দ্ৰুতগতিত বাঢ়ি অহা নিবনুৱা সমস্যা আৰু আৰ্থিক দুৰৱস্থা। একাংশ নিবনুৱা আৰু আৰ্থিক অনাটনৰ মাজত সোমাই থকা লোকসকলে যেতিয়া একেবাৰে ওচৰৰ পৰাই দেখি থাকিব যে একাংশ লোকে বে-হিচাবত ধন-সম্পত্তি গোটাই বিলাসী জীৱন কটাইছে তেতিয়া নিশ্চয় সেই নিবনুৱা অথবা আৰ্থিকভাৱে দুৰ্বল লোকসকলৰো মনত ধনী হোৱাৰ প্ৰবল ইচ্ছা জাগে। তেতিয়া এই লোকসকলে ধন হাতলৈ অহাৰ বিভিন্ন পথ বিচাৰি ফুৰে। তেতিয়াই এইসকল লোকৰ সন্মুুখত তেওঁলোকৰ ত্ৰাণকৰ্তা হৈ, তেওঁঁলোকৰ ভৱিষ্যতৰ সপোন সাকাৰ কৰি তোলাৰ প্ৰলোভন তথা লোভ দেখুৱাই প্ৰৱঞ্চকৰ জালখন লৈ হাজিৰ হয় প্ৰৱঞ্চকৰ দল। আৰু সেই সহজ উপায়েৰে ধন ঘটিবলৈ উৎসুক থকা লোকসকল বন্দী হৈ পৰে প্ৰৱঞ্চনাৰ জালত। অৱশেষত এনেকৈয়ে তেওঁলোকৰ হাতত থকা কষ্টোপাৰ্জিত সাঁচতীয়া ধনকেইটাও চকুৰ আগতেই হেৰুৱাব লগা হয়। লুটি লৈ যায় সকলো। পিছত যেতিয়া বুজি পাব যে তেওঁলোকৰ হাতলৈ সহজতে পাব বিচৰা অতিৰিক্ত ধনৰ কথাতো বাদেই, তেওঁলোকৰ সাঁচতীয়া পইচাকেইটাও প্ৰৱঞ্চকে লুটি লৈ গ’ল তেতিয়াহে এইসকল লোকৰ চেতনা জাগ্ৰত হয় আৰু হাবাথুৰি খাব লগাত পৰে নিজৰ সাঁচতীয় ধনকেইটা হেৰুৱায়। প্ৰৱঞ্চকসকলে এতিয়া নগৰে-চহৰেতো বাদেই, গাঁৱে-ভূঞে কেউফালে এই সহজ উপায়েৰে ধন ঘটা জালখন পেলাবলৈ কুণ্ঠাবোধ কৰা নাই। এই জাল পেলোৱা লোকসকল মহা চতুৰ। ক’ত কেতিয়া কেনেকৈ আৰু কাৰ ওপৰত জালখন পেলালে উপকৃত হ’ব তেওঁলোকে ভালদৰেই জানে। আনহাতে, এইখন বৃহৎ জালত যে অকল সমাজৰ আৰ্থিকভাৱে দুৰ্বল লোকখিনিহে পৰিছে এনে নহয়। এই সহজ উপায়েৰে ধন ঘটাৰ জালখনত খোজ দিছে একাংশ ধনী ব্যক্তিয়েও অৰ্থাৎ যিসকল লোকৰ ধনৰ কোনো অভাৱ নাই অথবা তেওঁলোকৰ ইমানেই ধন যে খৰচ কৰিবলৈও ঠাইৰ অভাৱ।

অৱশ্যে তেওঁলোকে এই অনলাইন ট্ৰেডিং ব্যৱসায়ত জড়িত হোৱাৰ মূল কাৰণ হ’ল ক’লা টকা বগা কৰাহে। এতিয়া আমি দেখিছো যে এই অনলাইন ট্ৰেডিং ব্যৱসায়ত এনে লোকৰ ধন জমা থোৱাৰ প্ৰৱণতা বেছি। ইয়াৰ প্ৰধান কাৰণটোৱেই হ’ল তেওঁলোকে পিছ দুৱাৰেদি তেওঁলোকৰ ১৪ পিৰিলৈ ঘটি থোৱা ধনৰ প্ৰকৃত হিচাব দিব নোৱৰাটো। সেয়ে সেই ক’লা টকা বগা কৰাৰ একমাত্ৰ উপায় হিচাপে ধন জমা থয় এনেবোৰ ট্ৰেডিঙৰ জৰিয়তে। আৰু আজি এনেকৈয়ে অসমত গঢ়ি উঠিছে অনলাইন ট্ৰেডিঙৰ ক’লা ব্যৱসায়। কিন্তু আজি অসমত যেনেদৰে নিবনুৱা সমস্যাই দিনে দিনে এক ভয়ংকৰ ৰূপ লৈ গৈ আছে, যদিও চৰকাৰে এক লাখ নিবনুৱাক সংস্থাপন দিয়া বুলি কৈছে। কিন্তু সেয়া এতিয়া এপাচি শাকত এটা জালুকসদৃশহে হৈছে। কাৰণ আমি দেখিছো য শেহতীয়াকৈ চৰকাৰে চতুৰ্থবৰ্গৰ চাকৰিৰ বাবে আবেদন কৰাপ্ৰায় ৩২ লাখ আৱেদনকাৰীয়ে আৱেদন কৰিছে। অথচ চতুৰ্থ শ্ৰেণীৰ পদৰ বাবে পদ আছে মাত্ৰ ১২,৬০০টা। এইটো মাত্ৰ এটা উদাহৰণহে। এনে বহু হাজাৰ নিবনুৱা এতিয়িও অসমত ঠাহ খাই আছে। গতিকে এইসকল যুৱক-যুৱতীয়ে যেতিয়া সহজ উপায়েৰে ধন ঘটাৰ জালত পৰিবলৈ সততে আগ্ৰহ প্ৰকাশ কৰিবই। ভাৰতবৰ্ষত মাজে-সময়ে বিভিন্ন আন্তঃৰাষ্ট্ৰীয় সংস্থাই সমীক্ষা চলায়। এনেবোৰ সংস্থাৰ বেছি ভাগ সমীক্ষাতে দেশৰ আৰ্থিক বৈষম্য আৰু কৰ্মসংস্থানহীনতাৰ বিষয়টোৱেই প্ৰধানকৈ ওলাই পৰিছে। কেন্দ্ৰীয় চৰকাৰে ভাৰতবৰ্ষৰ সম উন্নয়নৰ ঢোল যিমানেই নবজাওক কিয় বাস্তৱ ক্ষেত্ৰত কিন্তু ইয়াৰ বিপৰীত ছবি এখনহে আমি দেখিবলৈ পাই আহিছো। দেশৰ অৰ্থনৈতিক বৈষম্যই এতিয়া যেন চূড়ান্ত ৰূপ পাইছে। ইয়াৰ ফলতে একাংশ দিশহাৰা হৈ পৰিছে আৰু তেওঁলোকৰ সন্মুখত যি আহিছে তাকেই কৰিবলৈ লৈছে। ইয়াত ভাল-বেয়া ভাবিবলৈ তেওঁলোকৰ সময় নাই বা নাভাবে। কাৰণ তেওঁলোকেও জীয়াই থাকিব বিচাৰে উন্নত মানেৰে। প্ৰতিষ্ঠিত হ’ব খোজে, বিত্তশালী হ’ব খোজে যিকোনো উপায়েৰে।(Online trading)


এই ব্যৱসাৰ ৰাতিটোৰ ভিতৰতে অসমত গঢ়ি উঠা নাছিল। কিন্তু দেশৰ প্ৰতিটো খবৰ, ঘটনা-দুৰ্ঘটনাৰ খবৰ নখ দৰ্পণত থকা চৰকাৰৰ লগতে স্মাৰ্ট আৰক্ষীয়ে জোঁৰ পুৰি হাত নোপোৱালৈ কিয় গম পোৱা নাছিল এনে এক বৃহৎ প্ৰৱঞ্চনাৰ জালখনৰ কথা। নে দেখিও নেদেখাৰ ভাও জুৰি টোপনি যোৱাৰ নাটকখন কৰি আছিল। আজি যেতিয়া জনসাধাৰণ এই অনলাইন ট্ৰেডিঙৰ তথাকথিত কোম্পানীৰ জালত পৰি সৰ্বস্বান্ত হৈ হাহাকাৰ কৰিবলৈ ধৰিলে তেতিয়াহে চকু লাহে লাহে খোল খাবলৈ আৰম্ভ কৰিছে প্ৰশাসন তথা চৰকাৰৰ। শেহতীয়াকৈ অসমত ৱাই বি ৱাই, ডি বি আদি অনলাইন ট্ৰেডিং কোম্পানীয়ে মানুহক জোলোকা জোলোকে পানী খুৱাইছে। বহুতে আজি ধনী হোৱাৰ আশাত ঘৰৰ গৰু-ছাগলী, মাটি-ভেটি বেছি অথবা বন্ধকীত থৈ ধনী হোৱাৰ সপোন দেখি সৰ্বস্বান্ত হৈছে। একাংশই আকৌ ক’লা ধনৰ চন্দুকটো বগা ধনেৰে ভৰাই তেওঁলোকৰ মুখৰ আঁৰৰ মুখাখন স্বচ্ছ আৰু নিকা ৰূপত দেখুৱাবলৈকে অনলাইন ট্ৰেডিঙৰ বিত্তৰ ভিতৰত সোমাইছে। কিন্তু এই ব্যৱস্থাই আমাৰ দৰে ৰাজ্যখনৰ কিমান ক্ষতি কৰিব পাৰে সেই কথা ভাবিলে এখন ভয় লগা ছবি ভাহি উঠে। শেহতীয়াকৈ অসমত এই ট্ৰেডিং জালিয়াতিৰ সৈতে জড়িত বুলি সৰ্বত্ৰ সৰব আলোচনাৰ শীৰ্ষত থকা লোককেইগৰাকী হ’ল- চুমি বৰুৱা, বিশাল ফুকন, স্বপ্ননীল দাস, দিবাকৰ বৰ্মন, ভাস্কৰ বৰুৱা, ৰঞ্জিত কাকতি আদি। এইসকলৰ জালত দুই ধৰণৰ লোক সাঙোৰ খাই পৰিছে। পিছে এতিয়ালৈ সততে স্মাৰ্ট আখ্যা দিয়া অসম আৰক্ষীয়ে তেওঁলোক দোষী হয়নে নহয় সেই কথাটোৰে নিশ্চিতি দিব পৰা নাই। চুমি বৰুৱা ক’ত তাৰেই সন্ধান উলিয়াব পৰা নাই। বাতৰি কাকতত পঢ়িবলৈ পোৱা মতে হেনো কোনোবা আৰক্ষীৰ লোকেই চুমি বৰুৱাক পলুৱাই ৰাখিছে। কি আচৰিত কাণ্ড। চুমি বৰুৱা এই অনলাইন ট্ৰেডিঙৰ জালখনত হেনো বহু ৰাজনৈতিক ব্যক্তি, আৰক্ষী, ডাক্তৰ, চৰকাৰী কৰ্মচাৰী, শিল্পী, অভিনেতা-অভিনেত্ৰী আদিও সোমাই পৰিছে। যেতিয়া এনেবোৰ অবৈধ ধনৰ লেন-দেনত শাসক তথা সমাজৰ আগশাৰীৰ লোক জড়িত থাকে তেতিয়া এনে কেলেংকাৰিৰ তদন্ত কিমানদূৰ সত্যনিষ্ঠ হ’ব সেয়া আমি নিশ্চয় সময়ত দেখিবলে পাম। এজন ২২ বছৰীয়া ল’ৰা যেতিয়া অগাধ সম্পত্তিৰ মালিক হৈ পৰিছিল তেতিয়াই তাৰ তদন্ত হ’ব লাগিছিল। চুমি বৰুৱাই সোঁৱে-বাঁৱে ঘটা সম্পত্তি হিচাব আৰম্ভণিতেই কৰা হ’লে আজিৰ এই পৰ্যায় হয়তো নাপালেহেঁতেন। গতিকে মাছ মূৰৰ পৰাই গেলাৰ দৰে আমাৰ গোটেই পৰিকাথামোটোৱেই গেলিছে মূৰৰ পৰা। এতিয়া এনে এটা পৰিৱেশৰ সৃষ্টি হৈছে, মানে সৃষ্টি কৰা হৈছে যে আচলতে কোন দোষী।


এতিয়া এই কথাবোৰ লাহে লাহে ওলাব ধৰিছে। আৰক্ষীয়ে এতিয়া আটক কৰিছে বিশালক । যিটো কেতিয়াবাই কৰা হ’লে হয়তো ইমান দূৰলৈ ট্ৰেডিং কেলেংকাৰিয়ে শিপাব নোৱাৰিলেহেঁতেন। এই ঘটনাক লৈ এতিয়া ন ন তথ্য নিতৌ ওলাই আছে। এতিয়ালৈ কোনেও মুকলিকৈ কাকো দোষাৰোপ কৰা নাই। সকলোৰে কেঁচু খান্দোতে সাপ ওলোৱাৰ ভয়। মুখ্যমন্ত্ৰীয়ে এই কেলেংকাৰিৰ সৈতে জড়িত কোনো সাৰি যাব নোৱাৰে বুলি ঘোষণা কৰিছে। সেইটো সঁচাকে ভাল কথা। আমিও বিচাৰো কেইটামান পুঠি-খলিহনা ধৰি যাতে ৰৌ-বৰালিক সাৰি যোৱাৰ বাট মুকলি কৰি দিয়া নহয়। এই কেলেংকাৰিৰ ইপ্ৰকৃত দোষীক ধৰি উপযুক্ত শাস্তিৰ ব্যৱস্থা কৰি সাধাৰণ জনতাৰ কষ্টোপাৰ্জিত ধনৰ সুৰক্ষা প্ৰদান কৰাৰ লগতে ক’লা ধনৰ বজাৰখন সম্পূণ্ট বন্ধ কৰাৰ ব্যৱস্থা কৰক। সকলো এতিয়া ৰজাঘৰৰ সদিচ্ছাৰ ওপৰতে নিৰ্ভৰশীল।

লেখকঃ ভূপেন মহন্ত

Durga Puja 2024 Date:দুৰ্গা পূজা কেতিয়া? মহালয়াৰ পৰা বিজয়াদশমীৰ তাৰিখ জানি লওক

দুৰ্গা পূজাৰ তাৰিখ
দুৰ্গা পূজাৰ তাৰিখ

হিন্দু ধৰ্মত দুৰ্গা পূজা অতি নিয়ম-নীতিৰে পালন কৰা হয়। এই উৎসৱ অশুভক আঁতৰাই জয়ৰ প্ৰতীক হিচাপে পালন কৰা হয়। এই সময়ছোৱাত মাতৃ দুৰ্গাক নটা ভিন্ন ৰূপত পূজা কৰা হয়। মহালয়াৰ পৰা আৰম্ভ কৰি বিজয়দশমীলৈকে দুৰ্গা পূজাৰ উৎসৱ। এই বছৰ কেতিয়া হ’ব দুৰ্গা পূজা জানি লওক। লগতে মহালয়াৰ পৰা বিজয়দশমীলৈকে গুৰুত্বপূৰ্ণ তাৰিখ আৰু ইয়াৰ লগত জড়িত গুৰুত্বৰ বিষয়েও জানি লওক।(Durga Puja 2024 Date)ধৰ্মীয় বিশ্বাস অনুসৰি মাতৃ দুৰ্গাই অশ্বিন শুক্ল পক্ষৰ দশমীত মহিষাসুৰৰ সৈতে ৯ দিন যুদ্ধ কৰি হত্যা কৰিছিল। হিন্দু ধৰ্মত দুৰ্গা পূজাত ৯ গৰাকী দেৱী দুৰ্গাক ন দিন পূজা কৰা হয় আৰু দশম দিনত বিজয়াদশমী পালন কৰা হয়।

সাধাৰণতে ছেপ্টেম্বৰৰ পৰা অক্টোবৰৰ ভিতৰত পৰে দুগা পূজা। এইবাৰ মহালয়া ২ অক্টোবৰত আৰু তাৰ পিছত ০৩ ছেপ্টেম্বৰৰ পৰা দুৰ্গা পূজা আৰম্ভ হ’ব আৰু ১২ অক্টোবৰত শেষ হ’ব।

লগতে পঢ়কঃ Durga Puja 2024 : দুৰ্গা পূজাৰ কিছু পৌৰাণিক কাহিনী ৰীতি-নীতি পৰম্পৰা

বিশ্বাস কৰা হয় যে মা দুৰ্গা মহালয়াৰ দিনতহে পৃথিৱীলৈ আহে। এই দিনটোক সৰ্ব পিত্ৰু অমৱস্য বা মহালয় অমৱস্য বুলি জনা যায়।

দুৰ্গা পূজা ২০২৪ তাৰিখঃ
মহালয়া-২ অক্টোবৰ

মহাপঞ্চমী-৮ অক্টোবৰ

মহাষষ্ঠী – ৯ অক্টোবৰ

মহাসপ্তমী – ১০ অক্টোবৰ

মহাষ্টমী – ১১ অক্টোবৰ

মহানৱমী – ১২ অক্টোবৰ

মহাদশমী – ১৩ অক্টোবৰ

দুৰ্গা পূজাৰ গুৰুত্বঃ
দুৰ্গা পূজা সন্দৰ্ভত বহুতো কাহিনী আৰু বিশ্বাস আছে। ধৰ্মীয় পৌৰাণিক কাহিনী অনুসৰি দুৰ্গা পূজাৰ সময়ত দেৱী দুৰ্গা নিজৰ মাতৃগৃহলৈ যায়। তদুপৰি এই উৎসৱে আধ্যাত্মিকতা, ঐক্য, নাৰী শক্তি, অন্যায়ৰ ওপৰত ধৰ্মৰ জয় আৰু ভাৰতত হিন্দু সংস্কৃতিৰ সাংস্কৃতিক বৈধতাৰ প্ৰতীক।
আনহাতে আন এক পৌৰাণিক কাহিনী অনুসৰি মহিষাসুৰ এজন অসুৰ আছিল যিয়ে ভগৱান ব্ৰহ্মৰ পৰা এনে বৰ লাভ কৰিছিল যে তেওঁক কোনো দেৱতা বা মানুহৰ দ্বাৰা পৰাস্ত কৰিব নোৱাৰি। ইয়াৰ ফলত তেওঁ শক্তিশালী হৈ উঠিছিল আৰু তেওঁ স্বৰ্গৰ দেৱতাসকলক বহুত অশান্তি দিছিল। দেৱতাৰ সহায়ৰ অনুৰোধৰ প্ৰতি সঁহাৰি জনাই ভগৱান ব্ৰহ্মাই ভগৱান বিষ্ণু আৰু ভগৱান শিৱৰ সৈতে দেৱী দুৰ্গাক সৃষ্টি কৰি মহিষাসুৰৰ সৈতে যুঁজিবলৈ তেওঁক পৰম শক্তি প্ৰদান কৰে।

মহিষাসুৰ আৰু দেৱী দুৰ্গাৰ মাজত তীব্ৰ যুদ্ধ হৈছিল। সুবিধা লাভ কৰিবলৈ দানৱে নিজকে ম’হলৈ ৰূপান্তৰিত কৰিলে। এই সংঘৰ্ষ ১০ দিন ধৰি চলিছিল, যাৰ শেষত মহিষৰ মূৰ কাটি মহিষাসুৰক পৰাস্ত কৰি দেৱী দুৰ্গা বিজয়ী হৈ ওলাই আহিছিল। মহিষাসুৰৰ আবিৰ্ভাৱ হৈছিল তেওঁৰ আদি ৰূপত।

ধৰ্মীয় বিশ্বাস অনুসৰি মাতৃ দুৰ্গে অশ্বিন শুক্ল পক্ষৰ দশমীত মহিষাসুৰৰ সৈতে ৯ দিন যুদ্ধ কৰি হত্যা কৰিছিল। হিন্দু ধৰ্মত দুৰ্গা পূজাত ৯ গৰাকী দেৱী দুৰ্গাক ন দিন পূজা কৰা হয় আৰু দশম দিনত বিজয়দশমী পালন কৰা হয়।

দুৰ্গা পূজা ভাৰতৰ পশ্চিম বংগ, বিহাৰ, অসম, ওড়িশা, ঝাৰখণ্ড, ত্ৰিপুৰা ৰাজ্য আৰু এই অঞ্চলসমূহৰ প্ৰব্ৰজনকাৰী সমাজে পালন কৰা এক প্ৰধান হিন্দু উৎসৱ।