Home Blog Page 574

Stock Market Opening: আজি ভাৰতীয় ষ্টক মাৰ্কেটৰ আৰম্ভণিতে নিফটিৰ ২৫ হাজাৰৰ গুৰুত্বপূৰ্ণ স্তৰ অতিক্ৰম

আজি ভাৰতীয় ষ্টক মাৰ্কেটৰ আৰম্ভণিতে নিফটিৰ ২৫ হাজাৰৰ গুৰুত্বপূৰ্ণ স্তৰ অতিক্ৰম
আজি ভাৰতীয় ষ্টক মাৰ্কেটৰ আৰম্ভণিতে নিফটিৰ ২৫ হাজাৰৰ গুৰুত্বপূৰ্ণ স্তৰ অতিক্ৰম

আজি ভাৰতীয় ষ্টক মাৰ্কেটৰ আৰম্ভণিতে ভাল উত্থান দেখা গৈছে আৰু বজাৰখনে গ্ৰাহকৰ সামগ্ৰীৰ শ্বেয়াৰৰ ভাল বৃদ্ধিৰ পৰা (০.৭২ শতাংশ) সমৰ্থন লাভ কৰিছে। আজি নিফটিৰ (Stock Market Opening )সকলো ছেক্টৰেল ইনডেক্সে বৃদ্ধিৰ লগে লগে ভাল ব্যৱসায় কৰি আছে।

বজাৰ খোলাৰ লগে লগে নিফটিয়ে (nifty share price ) ২৫ হাজাৰৰ গুৰুত্বপূৰ্ণ স্তৰ অতিক্ৰম কৰিছিল। ইয়াৰ সমান্তৰালকৈ পি এছ ইউ বেংক, ফাৰ্মা, মেটেল, অটো আদি খণ্ডইও দ্ৰুত গতিত ব্যৱসায় চলাই আছে।

বিএছইৰ চেন্সেক্সৰ ( Sensex) মূল্য ২০৯.১৮ পইণ্ট বা ০.২৬ শতাংশ ভাল বৃদ্ধিৰে ৮১,৭৬৮.৭২ত আৰু এনএছইৰ নিফটিয়ে ৬৩.০০ পইণ্ট বা ০.২৫ শতাংশ সামান্য বৃদ্ধিৰে ২৪,৯৯৯.৪০ত মুকলি হয়।

বিএছই চেন্সেক্সৰ ৩০টা ষ্টকৰ ভিতৰত ২২টা ষ্টক মুকলি কৰাৰ সময়ত বৃদ্ধিৰ লগতে ইনফ’ছিছ শীৰ্ষত আছে। ইয়াৰ পিছত আছে টেক মহিন্দ্ৰা, এক্সিছ বেংক, পাৱাৰগ্ৰিড, এইচচিএল টেক, টাটা মটৰ্ছৰ শ্বেয়াৰ (tata motors shares)।

হ্ৰাস পোৱা আঠটা ষ্টকৰ ভিতৰত এম এণ্ড এম, এছিয়ান পেইণ্টছ, এইচ ইউ এল, টাইটান, আই টি চি আৰু ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ (Reliance Industries ) শ্বেয়াৰত আটাইতকৈ বেছি হ্ৰাস দেখা গৈছে।

বজাৰ মুকলি হোৱাৰ সময়ত এইচ ইউ এল এন এছ ইৰ (NSE) শীৰ্ষ লাভজনক হৈয়ে আছে আৰু ইয়াৰ ৫০টা শ্বেয়াৰৰ ভিতৰত ৩২টা শ্বেয়াৰ বৃদ্ধিৰ সৈতে ব্যৱসায় কৰা হৈছে, আনহাতে ১৮টা শ্বেয়াৰ হ্ৰাসৰ সৈতে ব্যৱসায় কৰি আছে।

লগতে পঢ়ক :Share Market Update: শ্বেয়াৰ মাৰ্কেটত সপ্তাহটোৰ আৰম্ভণিতে সৰ্বাধিক লোকচানৰ সন্মুখীন টাটা ষ্টীল

আজি শ্বেয়াৰ বজাৰ মুকলি হোৱাৰ পূৰ্বে বি এছ ই চেন্সেক্সৰ ( BSE Ltd ) মূল্য ১৩৩.১৭ পইণ্ট বা ০.১৬ শতাংশ বৃদ্ধিৰে ৮১,৬৯২.৭১ত ব্যৱসায় কৰা হৈছিল। ষ্টক মাৰ্কেট মুকলি হোৱাৰ পূৰ্বৰ পৰাই বজাৰখন বুলিছ (bullish) মুকলি হোৱাৰ ইংগিত পোৱা গৈছিল।

শ্বেয়াৰ বজাৰৰ মাৰ্কেট কেপত ( Market capitalization) ঘৰুৱা শ্বেয়াৰ মাৰ্কেটৰ মাৰ্কেট কেপ আছিল ৪৫৯.৯৯ লাখ কোটি টকা। আজি ইয়াত ভাল বৃদ্ধিৰ সৈতে ই ৪৬২.৮২ লাখ কোটি টকা লাভত আছে। এই সংখ্যাটো কেৱল আৰম্ভণিৰ মিনিটৰ বাবেহে।

Published by: Jebin Sultana

Himanta Biswa Sarma: চৰ্চাত এখন ফটো! কোন হয় চিনি পাইছে নে ফটোখনত

মামা খ্যাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
মামা খ্যাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

অনুৰাগীৰ মাজত সক্ৰিয় মুখ্যমন্ত্ৰী হিচাপে পৰিচিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। দিনটোৰ প্ৰায় সকলোবোৰ কাৰ্যৰ বিষয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমৰ জৰিয়তে ৰাইজক জনাই। শিশুৰ পৰা বৃদ্ধলৈ, যুৱতীৰ পৰা মহিলালৈ সকলোৱে প্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। সেয়ে তেওঁক মৰমতে নাম দিছে ‘মামা’। (Himanta Biswa Sarma)মামা খ্যাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এখন ফটো সামাজিক মাধ্যমত যথেষ্ট ভাইৰেল হৈছে। অৱশ্যে এই ফটোখন মুখ্যমন্ত্ৰীগৰাকীয়ে নিজৰ সামাজিক মাধ্যমৰ একাউণ্টত শ্বেয়াৰ কৰিছে। (Chief Minister Himanta Biswa Sarma’s emotional post on Facebook)ফটোখন শ্বেয়াৰ কৰি তেওঁ লিখিছে-

স্মৃতিৰ পেৰাত কটনৰ সাঁচতীয়া সময়!
চাওঁতে চাওঁতে দুটা দশকতকৈ অধিক সময় ৰাজনীতিৰ পথাৰত কটাইছোঁ৷ কিমান যে নিৰ্বাচন আহিল আৰু পাৰ হৈ গ’ল৷ এই সকলোৰে ভিতৰত কটনৰ সাধাৰণ সম্পাদকৰ নিৰ্বাচন আছিল মোৰ জীৱনৰ আটাইতকৈ নিৰ্ধাৰিত কঠিন যুঁজৰ অন্যতম৷ এই নিৰ্বাচনী যুঁজ কেৱল ভোটৰ বাবে নাছিল; এয়া আছিল এটা প্ৰজন্মৰ সৌহাৰ্দ্য, আৱেগ আৰু সপোন ভগাই লোৱাৰ প্ৰবল ইচ্ছাৰ আধাৰ৷
উভতি চালে দেখোঁ– সেই দিনবোৰ মোৰ যাত্ৰাৰ এটি সামান্যতম অধ্যায় নহয়, বৰঞ্চ তাৰ পাছত ঘটা সমূহৰ এক ভেটি। জীৱনৰ শিক্ষা, গঢ়ি উঠা বন্ধুত্ব আৰু সেই প্ৰচাৰৰ সময়ত জাগি উঠা দুৰ্বাৰ হেঁপাহেৰে আজিও সমৃদ্ধ এই জীৱন। আজিও সেয়ে ঘূৰি চাওঁ কটনৰ সেই দিনবোৰলৈ…

সামাজিক মাধ্যমত এইদৰে কটনৰ স্মৃতি ৰোমন্থন কৰি আৱেগিক হৈ পৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

১৯৮৫ চনত কামৰূপ একাডেমীৰ পৰা মেট্ৰিক পাছ কৰাৰ পিছতে হিমন্ত বিশ্ব শৰ্মাই উচ্চ শিক্ষাৰ বাবে কটন কলেজত নামভৰ্তি কৰে। তেওঁ ১৯৯১-৯২ত কটন কলেজৰ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক আছিল। তেওঁ কটনৰ পৰাই ৰাজনীতি বিজ্ঞানত ১৯৯০ চনত স্নাতক আৰু ১৯৯২ চনত স্নাতকোত্তৰ পৰীক্ষা পাছ কৰে। গুৱাহাটী চৰকাৰী আইন মহাবিদ্যালয়ৰ পৰা আইনৰ স্নাতক আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰে।

আনহাতে ২০০১ চনত জালুকবাৰীৰ সমষ্টিৰ পৰা প্ৰথমবাৰলৈ বিধানসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল শৰ্মাই। কিন্তু তেওঁ পৰাজয় হৈছিল। ২০০৬ চনত দ্বিতীয়বাৰৰ বাবে জালুকবাৰীৰ সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি প্ৰথমবাৰলৈ বিধানসভালৈ নিৰ্বাচিত হৈছিল হিমন্ত বিশ্ব শৰ্মা। ২০১১ চনতো জালুকবাৰীৰ সমষ্টিৰ পৰা বিপুল ভোটত জয়ী হৈছিল হিমন্ত বিশ্ব শৰ্মা।

অৱশ্যে ২০১৪ চনত কংগ্ৰেছৰ সদস্য পদ ত্যাগ কৰি ডঃ হিমন্ত বিশ্ব শৰ্মাই ২০১৫ চনত ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে। ২০১৬ চনত ভাৰতীয় জনতাৰ পাৰ্টিৰ প্ৰাৰ্থী হিচাপে বিপুল ভোটত জয়লাভ কৰে ডঃ হিমন্ত বিশ্ব শৰ্মা। ২০২১ চনতো ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী হৈ জালুকবাৰীৰ সমষ্টিৰ পৰা ১ লাখৰো অধিক ভোটত জয়লাভ কৰে। তাৰপিছত ২০২১ চনৰ ১০ মে তাৰিখে অসমৰ মুখ্যমন্ত্ৰীৰূপে দায়িত্বভাৰ গ্ৰহণ কৰে ডঃ হিমন্ত বিশ্ব শৰ্মাই।

White foods to avoid: বগা খাদ্য সুস্বাস্থ্যৰ শত্ৰু! আঁতৰি থাকক এই ৪বিধ খাদ্যৰ পৰা

বগা খাদ্য অস্বাস্থ্যকৰ!
বগা খাদ্য অস্বাস্থ্যকৰ!

স্বাস্থ্য বাৰ্তাঃ বিভিন্ন সোৱাদযুক্ত খাদ্য খোৱাৰ ইচ্ছাত আমি আমাৰ স্বাস্থ্যৰ কথা নাভাবি যিকোনো মিঠা খাওঁ। যাৰ বাবে আমি বহুতো ৰোগৰ আক্ৰমণত আক্ৰান্ত হওঁ। কিছুমান বগা খাদ্য আছে যিবোৰ আমাৰ স্বাস্থ্যৰ প্ৰধান শত্ৰু। (White foods to avoid)

আমাৰ চিকিৎসকে প্ৰায়ে আমাক স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিয়ে। কিন্তু সোৱাদৰ নামত শেষত আমি নিজৰ ক্ষতি কৰা খাদ্য খাওঁ। দৈনন্দিন জীৱনত যদি আমি এনে বহু বগা খাদ্য খাওঁ তেন্তে আমাৰ স্বাস্থ্য বেয়াকৈ ক্ষতি হ’ব পাৰে। কোনবোৰ বগা খাদ্যৰ পৰা আঁতৰি থাকিব লাগে জানো আহক।(White food)

১/ আটা

আটা খুব মিহিকৈ পিহিলে ময়দাৰ ৰূপ লয়। পুৰী, চিংৰা, নিমখীয়া খাদ্য তথা ভজা বস্তুত ব্যৱহাৰ কৰা হয় আটা। আটা আমাৰ হজম শক্তিৰ বাবে একেবাৰেই উপকাৰী নহয়, ইয়াৰ বাহিৰেও ই মেদবহুলতা, হৃদৰোগ আৰু ডায়েবেটিছ ৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে।

২)চেনি

ঘৰত সাধাৰণতে ব্যৱহাৰ কৰা বগা চেনীক ৰিফাইন চেনি বোলা হয়। মিঠাই, চাহ, খীৰৰ পৰা আৰম্ভ কৰি প্ৰায় মিঠা খাদ্যতে আমি কোনো চিন্তা নকৰাকৈ ব্যৱহাৰ কৰো চেনি, কিন্তু ইয়াৰ ফলত মেদবহুলতা, ডায়েবেটিছ, কেন্সাৰ, হৰম’নৰ ভাৰসাম্যহীনতা আৰু হৃদৰোগ হয়।

৪/ বগা চাউল

দৈনিক ঘৰত খোৱা বগা চাউলে আমাৰ স্বাস্থ্য নষ্ট কৰিব পাৰে। ইয়াত প্ৰচুৰ পৰিমাণে কেলৰি আৰু কাৰ্ব থাকে, লগতে ই শৰীৰক পৰ্যাপ্ত পুষ্টি প্ৰদান নকৰে। তাৰ পৰিৱৰ্তে ব্ৰাউন ৰাইচ খালে ভাল।

লগতে পঢ়কঃ Never Wear Someone else Clothes: বেলেগৰ কাপোৰ কেতিয়াও নিপিন্ধিব! বহু ৰোগৰ আশংকা থাকে
৫/ বগা নিমখ

স্বাস্থ্যৰ মানদণ্ড অনুসৰি আমি এদিনত মাত্ৰ ৪ গ্ৰাম নিমখ খাব লাগে, কিন্তু আমি দৈনন্দিন জীৱনত খাদ্য সামগ্ৰীত নিমখ বহুত ব্যৱহাৰ কৰো। ইয়াত থকা ছডিয়ামে উচ্চ ৰক্তচাপ আৰু হৃদৰোগৰ সৃষ্টি কৰে। লগতে হাঁপানী ৰোগীৰ বাবে নিমখ ভাল নহয়। ইয়াৰ পৰিৱৰ্তে আপুনি গোলাপী ৰঙৰ নিমখ ব্যৱহাৰ কৰিব পাৰে।

লগতে পঢ়কঃ 7th National Poshan Maah 2024: দেশৰ ৩৫ খন ৰাজ্য, কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৭৫২ খন জিলাত সম্পন্ন ১.৩৭ কোটি কাৰ্যসূচী
আমি যি খাওঁ সেয়া আমাৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰে। সেয়ে আমি খাদ্যৰ প্ৰতি সঠিক গুৰুত্ব দিব লাগে। তেতিয়াহে আমাৰ স্বাস্থ্য ভালে থাকিব।

published by: Munmi gogoi

গুৱাহাটী প্ৰেছ ক্লাবত শিক্ষাগুৰুৱে উন্মোচন কৰিলে ছাত্ৰীৰ গ্ৰন্থ

শিক্ষাগুৰুৱে উন্মোচন কৰিলে ছাত্ৰীৰ গ্ৰন্থ
শিক্ষাগুৰুৱে উন্মোচন কৰিলে ছাত্ৰীৰ গ্ৰন্থ

গুৱাহাটী, ১০চেপ্তেম্বৰঃ প্ৰেৰণাৰ আলোচনী “নিয়ৰৰ ফুল”ৰ উদ্যোগত আৰু সাহিত্যৰ আলোচনী “সাহিত্যৰ সুবাস”ৰ সহযোগত আলোচনী/গ্ৰন্থ উন্মোচনী সভা আৰু সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ ওপজা দিনত গীত-মাত-কবিতাৰ আবেলি অনুষ্ঠানটি ৮ ছেপ্টেম্বৰ ২০২৪ গুৱাহাটী প্ৰেছ ক্লাবত কবি, লেখিকা জুৰিমণি মুদৈৰ “অনুভৱৰ গুঞ্জন” (প্ৰবন্ধ পুথি) গ্ৰন্থখন উন্মোচন কৰে।(Book release at Guwahati Press Club)

প্ৰাক্তন ন্যায়ধীশ মাননীয় বিনয় কুমাৰ শৰ্মাদেৱ, জ্যেষ্ঠ সাংবাদিক, শিশু সাহিত্যৰ সাহিত্য অকাদেমী বঁটা প্ৰাপক যুগললোচন দাস, দাপোণ সাহিত্য-সংস্কৃতিৰ আলোচনী আৰু কাকতৰ মুখ্য সম্পাদক দিনমণি ভাণ্ডাৰ কায়স্থ, কটন মহাবিদ্যালয়ৰ নৃ-তত্ত্ব বিভাগৰ অৱসৰপ্ৰাপ্ত আধ্যাপিকা আৰু বৰ্তমান গুৱাহাটী ডাউনটাউন বিশ্ববিদ্যালয় মানৱ বিজ্ঞান আৰু সমাজ বিজ্ঞান বিভাগৰ অধ্যাপিকা ড° তিলোত্তমা বৰুৱা,”গণস্তম্ভ কাকত”ৰ সম্পাদক আৰু প্ৰকাশক চম্পাক কলিতাদেৱ , প্ৰেৰণাৰ আলোচনী “নিয়ৰৰ ফুল”ৰ প্ৰতিষ্ঠাপক সম্পাদক বিজু ফুকন কলিতা, ৰঞ্জন কুমাৰ মুদৈ, দুলুমণি দাস, বিশিষ্ট অতিথিসকলৰ উপস্থিতিত “অনুভৱৰ গুঞ্জন” প্ৰবন্ধ গ্ৰন্থখন উন্মোচন কৰে ৰহা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধিপিকা ড° ৰাজশ্ৰী বৰাই।

বাস্তৱ সমাজখনৰ সৰু সৰু ঘটনাৱলীক সাৱলীলভাৱে উপস্থাপন কৰা গ্ৰন্থখনিত লেখিকাই নিজস্ব যুক্তিসংগতভাৱে সমাজৰ নীতি-নিয়মক প্ৰাঞ্জলভাষাৰে দাঙি ধৰিছে। অসমীয়া প্ৰবন্ধৰ বিশাল সাহিত্যৰ ভাণ্ডাৰটোত এই গ্ৰন্থখনত পাঠক সমাজে এটা সুকীয়া মাত্ৰা বিচাৰি পাব বুলি আশা কৰিব পাৰি। উল্লেখযোগ্য, তেখেতৰ “সংগ্ৰাম জীৱনৰ অন্য এক নাম” (কাব্যগ্ৰন্থ), জীৱন মৰুত সুখৰ মৰূদ্যান(কাব্যগ্ৰন্থ) আৰু “জীৱন নদীৰ সোঁত”ৰ ,জুৰিমণি মুদৈৰ “অনুভৱৰ গুঞ্জন” হৈছে চতুৰ্থখন গ্ৰন্থ।

Flood Control in Assam : জলসম্পদ বিভাগৰ সকলো অভিযন্তাৰে ভাৰ্চুৱেল পৰ্যালোচনা বৈঠক মন্ত্ৰী পীযুষ হাজৰীকাৰ

Assam Water Resources Minister Pijush Hazarika Reviews Flood Control in Assam in Virtual Meeting
Flood Control in Assam : জলসম্পদ বিভাগৰ সকলো অভিযন্তাৰে ভাৰ্চুৱেল পৰ্যালোচনা বৈঠক মন্ত্ৰী পীযুষ হাজৰীকাৰ

গুৱাহাটী, ১০ ছেপ্তেম্বৰ: অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই সোমবাৰে জনতা ভৱনস্থিত নিজ কাৰ্যালয়ৰ পৰা ভাৰ্চুৱেলী(virtual review meeting) বিভাগৰ সকলো অভিযন্তাৰ সৈতে এখন বিশেষ পৰ্যালোচনা বৈঠকত অংশ লয়(Assam Water Resources Minister Pijush Hazarika) । ৰাজ্য চৰকাৰৰ বিশেষ মুখ্য সচিব চৈয়দ্দিন আব্বাচীৰ উপস্থিতিত মন্ত্ৰীগৰাকীয়ে বিভাগীয় মুখ্য অভিযন্তা তথা আন অভিযন্তাসকলৰ সৈতে বিভাগীয় কামসমূহৰ পৰ্যালোচনা কৰে(Flood Control in Assam) ।

বিশেষকৈ বিভাগে হাতত লোৱা জলাশয় উন্নয়নৰ কামৰ পৰ্যালোচনা কৰি মন্ত্ৰীগৰাকীয়ে সকলো অভিযন্তাকে নিৰ্দিষ্ট কিছু জলাশয় বাছনি কৰি বান নিয়ন্ত্ৰণৰ সহায় হোৱাকৈ উন্নয়ন কৰিব পাৰি নেকি সেয়া অধ্যয়ন কৰিবলৈ নিৰ্দেশনা দিয়ে(Focus on Lake Development for Flood Control) ।

উল্লেখ্য যে অসম চৰকাৰৰ জলসম্পদ বিভাগে ৰাজ্যখনৰ বান নিয়ন্ত্ৰণৰ সহায়ক হোৱাকৈ নদীৰ সৈতে সংলগ্ন কিছু জলাশয় বাছনি কৰি উন্নয়ন কৰাৰ চিন্তা চৰ্চা কৰি আছে((Flood control measures)) । প্ৰাথমিক পৰ্যায়ত মুঠ ৯ টা এনে জলাশয় বাছনি কৰি ইতিমধ্যে ক্ষেত্ৰ অধ্যয়ন কৰি থকা হৈছে । এই সম্পৰ্কে মন্ত্ৰীগৰাকীয়ে বিস্তৃতভাৱে সোমবাৰৰ এই বৈঠকত আলোচনা কৰে ।

সোমবাৰৰ এই বৈঠকতে জলসম্পদ মন্ত্ৰীগৰাকীয়ে অহা খৰালিৰ সময়ত ৰাজ্যখনত নিৰ্মাণ হ’বলগা প্ৰায় ২২৫ কিল’মিটাৰ দৈৰ্ঘ্যৰ নতুন মথাউৰিৰ বিষয়েও উল্লেখ কৰি সকলোকে এই নিৰ্মাণকাৰ্যৰ সুক্ষ্ম তদাৰক কৰিবলৈ নিৰ্দেশ দিয়ে । আনহাতে এই বৈঠকতে জলসম্পদ মন্ত্ৰীগৰাকীয়ে বিগত বানৰ সময়ত বিভাগীয় অভিযন্তা-কৰ্মচাৰীসকলে লোৱা সবল ভূমিকাৰ কথা উল্লেখ কৰি সকলোৰে শলাগ লয় ।

বিভাগীয় অভিযন্তা-কৰ্মচাৰীৰ কষ্ট তথা সবল ভূমিকাৰ বাবে এইবাৰ বানৰ প্ৰকোপ যথেষ্ট হ্ৰাস পোৱা বুলি তেওঁ উল্লেখ কৰে | উল্লেখ্য যে বিগত বিধানসভাৰ শৰৎকালীন অধিৱেশনত জলসম্পদ বিভাগৰ কামৰ ওপৰত আলোচনা কৰি শাসক আৰু বিৰোধী উভয় পক্ষৰ বিধায়কসকলে জলসম্পদ বিভাগে বিগত তিনিটা বছৰত বান-নিয়ন্ত্ৰণৰ বাবে হাতত লোৱা কামসমূহৰ ভুয়সী প্ৰশংসা কৰিছিল ।

সোমবাৰৰ বৈঠকত এই বিষয়ে উল্লেখ কৰি জলসম্পদ মন্ত্ৰীগৰাকীয়ে কয় যে এইবছৰ বানত মূলতঃ মথাউৰিৰ ভিতৰফালে অৰ্থাত নদীৰ ফালে ক্ষতিগ্ৰস্ত বেছিকৈ হৈছে । মথাউৰিৰ ভিতৰফালে বান নিয়ন্ত্ৰণৰ বাবে জলসম্পদ বিভাগে ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে বিভাগীয় অভিযন্তাক এই ক্ষেত্ৰত নদীৰ খহনীয়া ৰোধৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা হাতত ল’বলৈ নিৰ্দেশ দিয়ে(River Erosion) ।

Remembering Dr Bhupen Hazarika : নিউ আৰ্ট প্লেয়াৰ্ছ আৰু প্ৰাগ‌জ্য়োতি কমিউনিকেশ্যনচ‌ৰ যৌথ উদ্যোগত সুধাকণ্ঠক স্মৰণ

নিউ আৰ্ট প্লেয়াৰ্ছ আৰু প্ৰাগ‌জ্য়োতি কমিউনিকেশ্যনচ‌ৰ যৌথ উদ্যোগত সুধাকণ্ঠক স্মৰণ
নিউ আৰ্ট প্লেয়াৰ্ছ আৰু প্ৰাগ‌জ্য়োতি কমিউনিকেশ্যনচ‌ৰ যৌথ উদ্যোগত সুধাকণ্ঠক স্মৰণ

অসম সম্পদ, জাতীয় প্ৰাণ, সুধাকণ্ঠ ড: ভূপেন হাজৰিকাৰ ওপজা দিনটো অসমৰ অগ্ৰণী সামাজিক- সাংস্কৃতিক অনুষ্ঠান নিউ আৰ্ট প্লেয়াৰ্ছ আৰু প্ৰাগ‌জ্য়োতি কমিউনিকেশ্যনচ‌ৰ যৌথ উদ্যোগত নিউ আৰ্ট প্লেয়াৰ্ছৰ নিৰ্মিয়মান প্ৰেক্ষাগৃহত যোৱা ৮ ছেপ্টেম্বৰ, ২০২৪ ত এক গাম্ভীৰ্যপূৰ্ণ পৰিবেশত উদ‌‌যাপন কৰা হয় ( Remembering Dr Bhupen Hazarika) । প্ৰাগ‌জ্য়োতি কমিউনিকেশ্যনচ‌ৰ অধ্যক্ষ দীপাংক হাজৰিকাই আঁত ধৰা এই অনুষ্ঠানৰ আৰম্ভণিতে নিউ আৰ্ট প্লেয়াৰ্ছৰ সভাপতি অজয় কুমাৰ দত্তই সুধাকণ্ঠক স্মৰণ কৰাৰ লগতে অভ্যাগত সকলক আদৰণি জনায় ৷

অনুষ্ঠানত যশস্বী আবৃত্তিকাৰ উপম শইকীয়াৰ পৰিচালনাত “শব্দম স্কুল অৱ ৰিচাইটেচন“ৰ ছাত্ৰ-ছাত্ৰীসকলে সুধাকণ্ঠৰ কালজয়ী গীতৰ আবৃত্তি আৰু নৃত্যৰ সমাহাৰত এক মনোমোহা অনুষ্ঠান পৰিৱেশন কৰে ৷ অনুষ্ঠানৰ মুখ্য বক্তা অসমৰ বিশিষ্ট তবলাবাদক, শাস্ত্ৰীয় সংগীতৰ গৱেষক তথা ইউনেস্কৰ অন্তৰ্গত সংস্থা আইক’মচৰ আন্তঃৰাষ্ট্ৰীয় বিশেষজ্ঞ দিলীপ চাংকাকতিয়ে সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ শাস্ত্ৰীয় সংগীতৰ শিক্ষা আৰু তেখেতৰ গীতত ইয়াৰ প্ৰয়োগ সন্দৰ্ভত এক তথ্য সমৃদ্ধ বক্তব্য প্ৰদান কৰাৰ লগতে অনুষ্ঠানত উপস্থিত অতিথি সকলৰ সৈতে এটি অন্তৰংগ আলাপত মিলিত হয় ৷ ইয়াৰ পিছতেই নিউ আৰ্ট প্লেয়াৰ্ছৰ শিল্পী সকলে সুধাকণ্ঠৰ কালজয়ী গীতৰ আধাৰত বিভিন্ন অনুষ্ঠান পৰিবেশন কৰে ৷

বিশিষ্ট সত্ৰীয়া নৃত্য শিল্পী ডা° মিৰনন্দা বৰঠাকুৰৰ সুধাকণ্ঠৰ গীতৰ সুৰত নৃত্য আৰু লগতে দেবাশী শৰ্মা তামুলী, ভূষান তালুকদাৰ আৰু গৰিষ্ঠা শৰ্মাই পৰিবেশন কৰা দলীয় নৃত্যই দৰ্শকৰ প্ৰসংশা লাভ কৰে ৷ পৰবৰ্তী কাৰ্যসূচীত বিশিষ্ট সুৰকাৰ, সংগীত পৰিচালক অনুপম চৌধুৰীৰ পৰিচালনাত নিউ আৰ্ট প্লেয়াৰ্ছৰ মহিলা শিল্পী সকল ক্ৰমে সুনয়না গোস্বামী, চেমিমা খাতুন, ড° মল্লিকা শইকীয়া বৰুৱা, নিৰদা চক্ৰৱৰ্তী আৰু ইনা চক্ৰৱৰ্তীৰ কণ্ঠত বৃন্দগান আৰু কৃতাঞ্জলি গোস্বামীয়ে পৰিবেশন কৰা ভূপেন্দ্ৰ সঙ্গীতে দৰ্শকৰ ভূয়সী প্ৰসংশা লাভ কৰে ৷ অনুষ্ঠানৰ শেষত অনুপম চৌধুৰীৰ একৰডিয়ানত সুধাকণ্ঠৰ কালজয়ী গীতৰ সুৰ বজাই প্ৰেক্ষাগৃহত উপস্থিত সকলোকে মন্ত্ৰমুগ্ধ কৰি ৰাখে ৷ এই অনুষ্ঠান আয়োজনত গুৱাহাটী ৰিডাৰ্ছ ফ’ৰামৰ সদস্য সকলেও সক্ৰিয় সহযোগ কৰে ৷

যুৱতীগৰাকীৰ সৈতে থকা প্ৰেমৰ সম্পৰ্কৰ কথা স্বীকাৰ আছু নেতা শংকৰজ্যোতি বৰুৱাৰ

প্ৰেমৰ সম্পৰ্কৰ কথা স্বীকাৰ আছু নেতা শংকৰজ্যোতি বৰুৱাৰ
প্ৰেমৰ সম্পৰ্কৰ কথা স্বীকাৰ আছু নেতা শংকৰজ্যোতি বৰুৱাৰ

মুখ খুলিলে আছু নেতা শংকৰজ্যোতি বৰুৱাই। যুৱতীগৰাকীয়ে অনা অভিযোগৰ সন্দৰ্ভত শংকৰজ্যোতি বৰুৱাই আজি স্পষ্টীকৰণ দিছে। যুৱতীগৰাকীৰ সৈতে থকা প্ৰেমৰ সম্পৰ্কৰ কথা স্বীকাৰ কৰিলে নেতাগৰাকীয়ে। ন্যায়ালয়ত সকলো সত্য উন্মোচিত হ’ব বুলি আশাবাদী শংকৰজ্যোতি বৰুৱা।(aasu general secretary sankarjyoti baruah reaction on ex gf allegation)


শংকৰজ্যোতি বৰুৱাই ক’লে, শেহতীয়াকৈ ৬ তাৰিখৰ পৰা এগৰাকী যুৱতীয়ে মোৰ বিৰুদ্ধে অভিযোগ আনিছে, ইয়াৰ বাবে মোৰ ব্যক্তিগত আৰু সামাজিক জীৱনত যথেষ্ঠ ক্ষতি হৈছে। মোৰ লগতে মোৰ মা মানসিভাৱে ভাগৰি পৰিছে। যিগৰাকী যুৱতী জি এম চি এইচত ভৰ্তি হৈ আছে সেইগৰাকী যুৱতীৰ স্বাস্থ্যক লৈও মই চিন্তিত। মোৰ বিৰুদ্ধে অনা অভিযোগ মই মানি লৈছো। মই ভাবো, প্ৰেম কোনো অপৰাধ নহয়। বিশ্ববিদ্যালয়ৰ এখন সভালৈ যাওঁতে তেওঁৰ লগত চিনাকী হৈছিলো আৰু পাছত আমাৰ মাজত প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠিছিল। যোৱা ১ বছৰৰ পৰা আমাৰ মাজত সংঘাত আৰম্ভ হৈছিল আৰু পৰৱৰ্তী সময়ত এই সংঘাত বাঢ়ি গৈছিল। যুৱতীগৰাকীয়ে কোৱা দৰে প্ৰায় ৬ মাহ ধৰি যুৱতীগৰাকীৰ তেওঁৰ লগত মোৰ কোনো সম্পৰ্ক নাই। তেওঁ কোৱো সকলো কথায়েই সত্য। তেওঁ মোৰ মাৰ লগতো কথা পাতিছে। যিখন ফটো সামাজিক মাধ্যমত ভাইৰেল হৈ আছে সেই ফটোখন উঠাৰ দিনা যুৱতীগৰাকীৰ সৈতে মোৰ চিনাকী নাছিল। কিন্তু ৬ মাহ পাছত কিয় অভিযোগ আনিছে তাক লৈ চিন্তিত মই। তেওঁ কয় যে, মই এই বিষয়টোত ন্যায়ালয়ৰ কাষ চাপিছো। (sankarjyoti baruah)

চলিত মাহৰ ৬ তাৰিখে এগৰাকী যুৱতীয়ে আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছিল। যুৱতীগৰাকীয়ে কৈছিল যে শংকৰজ্যোতি বৰুৱাই অন্য এগৰাকী যুৱতীৰ বাবে তেওঁক প্ৰতাৰণা কৰিছে। লগতে পিষ্টল দেখুৱাই অত্যাচাৰ কৰিছিল বুলি অভিযোগ কৰিছিল।যাৰ বাবে তেওঁ শাৰীৰিক-মানসিকভাৱে বিধ্বস্ত হৈ পৰিছিল। এনেবোৰ কাৰণতে অত্যাধিক মাত্ৰাত দৰৱ সেৱন কৰি জি এম চি এইচত ভৰ্তি হবলগীয়া হৈছিল। বৰ্তমানো চিকিৎসাধীন অৱস্থাতে আছে যুৱতীগৰাকী।

এই অভিযোগ-প্ৰতি অভিযোগৰ মাজতে আজি আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই স্পষ্টীকৰণ দি তেওঁৰ সৈতে থকা প্ৰেমৰ সম্পৰ্কৰ কথা স্বীকাৰ কৰে। কিন্তু তেওঁ অনা অভিযোগ সমূহ অভিযোগ বুলি কয়। ইয়াৰ বাবে তেওঁ এই বিষয়টোক লৈ ন্যায়ালয়ৰ কাষ চাপিছো।

Durga Puja 2024 : দুৰ্গা পূজাৰ কিছু পৌৰাণিক কাহিনী ৰীতি-নীতি পৰম্পৰা

দুৰ্গা পূজাৰ কিছু পৌৰাণিক কাহিনী ৰীতি-নীতি পৰম্পৰা
দুৰ্গা পূজাৰ কিছু পৌৰাণিক কাহিনী ৰীতি-নীতি পৰম্পৰা

প্ৰাচীন কালৰ পৰাই অসমত দুৰ্গা পূজাৰ প্ৰচলন আছে। ধৰ্মীয় উৎসৱ বাবেই বিভিন্ন শাস্ত্ৰীয় ব্যাখ্যা, পৌৰাণিক কাহিনী, ৰীতি-নীতি, পৰম্পৰা ইয়াৰ সৈতে জড়িত হৈ আছে। ‘দুৰ্গ’ শব্দই দৈত্য, কুকৰ্ম, শোক-দুখ, মহাভয়, অতিৰোগ আদিক বুজায়। ‘আ’-কাৰৰ অৰ্থ— নাশক। অৰ্থাৎ যি দেৱীয়ে এই সকলোবোৰ নাশ কৰিব পাৰে, তেৱেঁই দুৰ্গা (Durga Puja 2024) । আনহাতে, দ+উ+ৰ+গ+আ=দুৰ্গা, ইয়াত দ শব্দৰ অৰ্থ দৈত্য নাশক, উ-কাৰৰ অৰ্থ বিঘিনি নাশক, ৰ— ৰোগ নাশক, গ— পাপ নাশক, অ— ভয় বা শত্ৰু নাশক। গতিকে দেখা যায় যে যিমানবোৰ অশুভ শক্তি আছে, সেই সকলোবোৰৰ বিনাশকাৰী হৈছে দেৱী দুৰ্গা। যুগে যুগে হিন্দু ধৰ্মৰ শাক্তপন্থী লোকসকলে দেৱী দুৰ্গাক সমাজৰ পৰা অপায়- অমংগল, বিভেদকামী শক্তিক নাশ কৰিবৰ বাবেই আৰাধনা কৰি আহিছে

দুৰ্গা পূজা চাৰি দিন ব্যাপী হয়। দুৰ্গা পূজাৰ প্ৰাৰম্ভিক অৱস্থাটো হৈছে— ‘বোধন’। ‘বোধন’ শব্দৰ অৰ্থ হৈছে জাগ্ৰত কৰা বা জগোৱা। ষষ্ঠীৰ দিনা ‘বিল্ব বোধন’-এৰে দেৱী পূজাৰ আৰম্ভ কৰা হয়। দেৱী পূজাৰ আগেয়ে বেলগছত পূজা কৰি দেৱীক জগাই তোলা হয়। অৰ্থাৎ বেলগছ হৈছে শক্তিৰ প্ৰতীক, বেলপাতৰ আকৃতি ত্ৰিশূলসদৃশ। যুৰীয়া বেলত দেৱীৰ শক্তি সংস্থাপন কৰা হয় বাবে ইয়াক বেলবোধন বোলে।

সপ্তমীৰ দিনা দেৱীক আহ্বান কৰি কলগছত স্থাপন কৰি দেৱী পূজাৰ আৰম্ভণি কৰা হয়। এই মহা সপ্তমীৰ দিনা যুৰীয়া বেলৰ লগতে নৱপত্ৰিকাৰে দেৱীৰ ৰূপ-সংস্কৃতিৰ পূজা কৰা হয়। এই নৱপত্ৰিকাত নবিধ শস্য, যেনে— কলগছ, মানকচু, হালধি, ধান, জয়ন্তী ফুলৰ গছ, ডালিম, অশোক, বগা অপৰাজিতা আৰু বেল থাকে। এই নবিধ দ্ৰব্য হালধীয়া সূতাৰে কলপুলিত বান্ধি তাত অপৰাজিতা ফুলৰ লতাৰে মেৰিয়াই দি তাৰ ওপৰত ৰঙা পাৰিৰ শাৰীৰে ন- কইনাৰ দৰে দীঘল ওৰণিৰে ঢাকি ৰখা হয়। এয়াই হৈছে ‘নৱ পত্ৰিকা’।

দুর্গাপূজা চাৰিদিনতে সমাপ্ত হয়; তাতকৈ বেছিদিন পূজা নহয় (Durga PujaFestival ) । ইয়াৰ এটা অন্তর্নিহিত লৌকিক কাহিনী বঙালীসকলৰ মাজত প্ৰচলিত আছে । হিমালয়ৰ কন্যা উমাই (দুর্গাই) বিবাহৰ বহু বছৰৰ পাছত পুত্রকন্যা সমন্বিতে মাত্র তিনিদিনৰ বাবেহে পতি-গৃহৰপৰা পিতৃগৃহলৈ আহিছিল আৰু মাতৃ-মেনকাক কন্দুৱাই চতুর্থদিনাই পুনৰ পতি-গৃহলৈ গমন কৰিছিল । সেইবাবেই পূজাৰ চতুর্থ দিনা দেৱীৰ বিসর্জন হয় । বঙালীসকলৰ পাৰ্বিাৰিক জীৱনতাে এই কাহিনীৰ সামঞ্জস্য তেওঁলােকে দেখিবলৈ পায় । বিবাহিতা কন্যাৰ পিতৃ-গৃহলৈ আগমনত অন্যান্যসকলৰ লগতে মাতৃৰ অন্তৰ আনন্দত উদ্বেলিত হৈ উঠে। সেইদৰে স্বামী-গৃহলৈ প্রত্যাগমনৰ দিনা বিদায়বেলাত মাতৃৰ অন্তৰেই আটাইতকৈ বেদনাসিক্ত হৈ পৰে; অঞনীৰে বেদনা-সাগৰ পূৰ্ণ হৈ যায়;এইসাদৃশ্যই, সামঞ্জস্যই দুর্গাপূজাক বঙালীসকলৰ অতি দৰদৰ, অতি মৰমৰ প্ৰাণৰ আপােন কৰি তুলিছে ।

দুর্গাদেৱী দশভুজা (Durga devi) । দশ হস্তে দহ পাত শাণিত অস্ত্র, সিংহৰ পিঠিত আৰহণ কৰি তেওঁ পৰম পৰাক্ৰমী মহিষাসুৰক নিধন কৰিবৰ কাৰণে উদ্যতা । তেওঁৰ সোঁকোষত ঐশ্বর্য বিভূতিৰ অধিষ্ঠাত্রী দেৱী লক্ষ্মী আৰু সিদ্ধিদাতা গণেশ, বাওঁ কাষত বিদ্যাৰ অধিষ্ঠাত্রী দেৱী সর্বশুক্লা আই সৰস্বতী আৰু বীর্যৱান দেৱতাসকলৰ সেনাপতি কার্তিক । একেখন বেদীতে এইসকল দেৱ-দেৱীৰ স্থাপনত এক বিশেষ অর্থ নিহিত হৈ আছে ।

Published by: Jebin Sultana

Akshay Kumar Announces Horror Comedy Movie: জন্মদিনত নতুন ভয়ানক হৰৰ কমেডী ছবি ঘোষণা অভিনেতা অক্ষয় কুমাৰৰ

হৰৰ কমেডী ছবি ঘোষণা অভিনেতা অক্ষয় কুমাৰৰ
হৰৰ কমেডী ছবি ঘোষণা অভিনেতা অক্ষয় কুমাৰৰ

বলীউডৰ খিলাদি অক্ষয় কুমাৰৰ আজি জন্মদিন। আজি ৫৭ সংখ্যক জন্মদিন উদযাপন কৰিছে অক্ষয় কুমাৰে। এই দিনটোতে তেওঁ এক বিশেষ অনুষ্ঠানত ঘোষণা কৰিছে আন এখন নতুন হৰৰ কমেডী ছবি। যদিও অক্ষয় দীৰ্ঘদিন ধৰি ফ্লপ ছবিৰ সন্মুখীন হৈ আহিছে, কিন্তু এই নতুন হৰৰ কমেডী ছবিখনৰ ঘোষণাৰ লগে লগে তেওঁৰ লগতে তেওঁৰ অনুৰাগীৰ বাবে বহু আশাৰ সঞ্চাৰ হৈছে। ছবিখনৰ নতুন পোষ্টাৰ এখনো মুকলি কৰা হৈছে, পোষ্টাৰ খনো অতি আকৰ্ষণীয় হৈছে।(Akshay Kumar Announces New Horror Comedy Movie)

নীলা ৰঙৰ চুট পিন্ধি থকা দেখা গৈছে পোষ্টাৰখনত অক্ষয়ক। লগতে তেওঁৰ হাতত গাখীৰৰ বাটি এটা দেখা যায় আৰু কান্ধত ক’লা মেকুৰী এটা বহি আছে। ইয়াৰ উপৰিও তেওঁৰ পিছফালে এটা ডাঙৰ ভয়ংকৰ বাংলোও দেখা গৈছে। এই ছবিখনৰ নাম ‘ভূত বাংলা’, যিখন ছবি অক্ষয়ে নিজৰ ইনষ্টাগ্ৰাম হেণ্ডেলত শ্বেয়াৰ কৰিছে।

লগতে পঢ়কঃ Director Vasan Bala Apologized To Shraddha Kapoor: আলিয়া ভাটৰ জিগ্ৰাৰ পৰিচালকে ক্ষমা খুজিলে শ্ৰদ্ধা কাপুৰক

জন্মদিনৰ বিশেষ উপলক্ষে অক্ষয়ে নিজৰ ইনষ্টাগ্ৰামত ছবিখনৰ কথা ঘোষণা কৰি এটা পোষ্ট লিখিছিল, ‘প্ৰতি বছৰে মোৰ জন্মদিনত আপোনালোকে দিয়া মৰমৰ বাবে বহুত বহুত ধন্যবাদ! এইবাৰ ‘ভূত বাংলা’ৰ প্ৰথম ৰূপেৰে উদযাপন কৰিছোঁ। ১৪ বছৰৰ পাছত আকৌ এবাৰ প্ৰিয়দৰ্শনৰ সৈতে কাম কৰাৰ সুযোগ পাইছো আৰু মই অতিশয় উৎসাহিত হৈছো। আমাৰ দুয়োৰে বাবে এইটো এটা অতি বিশেষ প্ৰজেক্ট আৰু আমি এই যাত্ৰা আপোনালোক সকলোৰে সৈতে শ্বেয়াৰ কৰিবলৈ ৰৈ থাকিব নোৱাৰো। যাদুৰ জগতত থাকক!’।

২০২৫ চনত মুক্তি পাব পাৰে অক্ষয় আৰু প্ৰিয়াদৰ্শনৰ এই ছবিখন আৰু অতি সোনকালে ছবিখনৰ শ্বুটিং আৰম্ভ হ’ব। সূত্ৰ অনুসৰি প্ৰযোজকসকলে এই প্ৰজেক্টৰ বাবে অক্ষয় কুমাৰৰ সৈতে কৰীনা কাপুৰ খানক কাষ্ট কৰাৰ কথা চিন্তা কৰিছে।

লগতে পঢ়কঃ Zubeen Garg Sikaar: আহি আছে চিকাৰ! চিকাৰ চাবলৈ সকলোকে আহ্বান জুবিন গাৰ্গৰ

Online trading scam: চুমিৰ কাপোৰ ক্ৰয়ৰ নামত এবছৰে বিশালে ব্যয় কৰিছিল ১ কোটি টকা

বিশালৰ SBIৰ একাউন্টত বৰ্তমানেও জমা হৈ আছে ১০০ কোটি
বিশালৰ SBIৰ একাউন্টত বৰ্তমানেও জমা হৈ আছে ১০০ কোটি

বিশাল-চুমি সম্পৰ্কৰ ইটোৰ পিছত সিটো বিস্ফোৰক তথ্য। এবছৰে চুমিৰ কাপোৰ ক্ৰয়ৰ নামত বিশালে ব্যয় কৰিছিল ১ কোটি টকা। বিদেশ ভ্রমণ, আমোদ-প্রমোদৰ নামত ব্যয় কৰিছিল আঢ়ৈ কোটি টকা। দুটা মাহত বিশালে চুমিৰ একাউণ্টলৈ ট্ৰেন্সফাৰ কৰিছিল ২০ কোটি টকা। চুমিৰ জৰিয়তে বিশালৰ কোম্পানীত বিনিয়োগ প্রায় ১০০ কোটি টকা।(Sumi borah-bishal phukan collected one thousand crore)

ৰাজ্যৰ লগতে অৰুণাচলৰ প্ৰভাৱশালী ব্যক্তি আছিল চুমিৰ গ্রাহক। বিশ্বকর্মা পূজাৰ আগদিনা বিশালে বুক কৰা ৰেঞ্জ ৰ’ভাৰ অহাৰ কথা। বিশালৰ SBIৰ একাউন্টত বৰ্তমানেও জমা হৈ আছে ১০০ কোটি। আনহাতে, চুমী-বিশালে মিলি ধন সংগ্ৰহ কৰিছিল প্ৰায় ১ হাজাৰ কোটি টকা।(Online trading scam)

বিশ্বকৰ্মা পূজাৰ আগদিনা বিশালে বুক কৰা ৰেঞ্জ ৰ’ভাৰ অহাৰ কথা আছে। ইফালে চুমী-বিশালৰ প্ৰৱঞ্চনাৰ জাল কেৱল অসমতে নহয় অৰুণাচলতো আছে অৰুণাচলৰ প্ৰভাৱশালী ব্যক্তিয়েও বিনিয়োগ কৰিছিল ধন।

এইসমূহ তথ্যৰ লগতে আৰু ন-ন তথ্য পোৱাৰ সম্ভাৱনা আছে। বৰ্তমান চুমী-তাৰ্কিক ক’ত আছে লুকাই। কেতিয়া ধৰা দিব আৰক্ষীৰ ওচৰত। তাকেই লৈ ব্যাপক চৰ্চা ৰাইজমেলত। আনহাতে অনলাইন ট্ৰেডিঙৰ নামত বিশাল-চুমীয়া পতা জালখন ভেদ কৰিবলৈ তৎপৰ হৈ পৰিছে আৰক্ষী।

লগতে পঢ়কঃ YBY Trading App Scam : ৱাই বি ৱাই ট্ৰেডিং এপ কেলেংকাৰিৰ দুই মাষ্টাৰমাইণ্ডক চিআইডিৰ মাৰাথন জেৰা

আনহাতে ডিব্ৰুগড়ৰ অনলাইন ট্ৰেডিঙৰ প্ৰৱঞ্চনাৰৰ তদন্তৰ বাবে গঠন কৰা হৈছে SIT । IGP সংযুক্তা পৰাশৰৰ নেতৃত্বত গঠন কৰা হৈছে এই SITখন। বিশেষ তদন্ত কমিটিখনত থাকিব অসম আৰক্ষীৰ ৭জন বিষয়া।

ছয়টা দিনে আৰক্ষীৰ চুকুত ধূলি মাৰি পলায়ন কৰা চুমী-তাৰ্কিক ধৰিব পাৰিব নে আৰক্ষীয়? যদিহে আত্মসমৰ্পণ নকৰে তেতিয়া হ’লে চুমী-তাৰ্কিক ধৰিব পাৰিব নে আৰক্ষীয়ে। তাকে লৈ নানা প্ৰশ্ন মানুহৰ মাজত।

বিশেষ সূত্ৰে জানিব পৰা মতে, চুমি বৰা-বিশালৰ জালত ভৰি দি অনলাইন ট্ৰেডিঙত বিনিয়োগ কৰা বহু ডাক্তৰৰ এখন দীঘলীয়া তালিকা ইতিমধ্যে ডিব্ৰুগড় আৰক্ষীয়ে প্ৰস্তুত কৰিছে। অৱশ্যে ডিব্ৰুগড় আৰক্ষীৰ তৰফৰ পৰা এই বিষয়ত এতিয়াও কোনো কথা সদৰী কৰা পৰিলক্ষিত হোৱা নাই। সূত্ৰটোৱে প্ৰকাশ কৰা মতে যিসকল ডাক্তৰে অনলাইন ট্ৰেডিঙত বিনিয়োগ কৰিছিল সেই বিনিয়োগৰ সৰহভাগেই আছিল ক’লা ধন । কৰ ফাঁকিকে ধৰি আন উপায়েৰে আৰ্জন কৰা সেই ক’লাধনৰ বিশাল অংশ সেইসকল লোকে অনলাইন ট্ৰেডিঙত বিনিয়োগ কৰিছিল । এতিয়া কেলেংকাৰি ওলাই পৰাত তেওঁলোক সেয়ে চিন্তিত হৈ পৰিছে।