Home Blog Page 573

কলকাতাৰ চিকিৎসক ধৰ্ষণকাণ্ডই ভূলুণ্ঠিত কৰিলে সভ্য সমাজৰ গৰ্ব-অহংকাৰ…


***ভূপেন মহন্ত

কোন দিশে আজিৰ আজি মানৱ সভ্যতা। আৰু কিমান তললৈ নামিব পাৰিব মানুহ নামৰ এই জাতিটো। ভাবিলেই যেন গাৰ নোম শিয়ৰি উঠে। ২১ শতিকাৰ মানুহৰ কিয় এনেদৰে স্খলন হ’ল, যি বন্য পশুৰ লগতো তুলনা কৰিব নোৱৰা পৰ্যায় এটা পাইছেহি। বন্য জীৱ-জন্তুয়েও সিহঁতৰ চিৰাচৰিত তথা সু-শৃংখল নিয়ম-নীতিৰ মাজেদিহে চলে। এইক্ষেত্ৰত যেন মানুহতকৈ ভালদৰে বুজি পায় বন্য জীৱ-জন্তু, চৰাই-চিৰিকটি আদিয়েও। সিহঁতে কেতিয়াও সিহঁতৰ জীৱন ধাৰণৰ প্ৰণালীত হানি হ’ব পৰা কাৰ্য নকৰে। সৃষ্টিৰ আৰম্ভণীৰে পৰা সিহঁতৰ মাজত নাই ঘৃণা, হাই-কাজিয়া অথবা যৌন উৎপীড়ন। কিন্তু আজি মানুহে চন্দ্ৰত গৈ বাস কৰাৰ চিন্তা কৰাৰ সময়তে এচাম মানুহৰূপী দানৱে সমগ্ৰ মানৱ জাতিটোকেই কলংকিত কৰি পেলালে। ধূলিসাৎ কৰি পেলালে সভ্য মানুহ বুলি পৰিচয় দি অহা অহংকাৰ। কাৰো যেন মূৰ তুলি চাবলৈকে সাহস নোহোৱা হৈ গৈছে। আজি যেন সঁচা অৰ্থতে মানৱতাৰ অপমৃত্যু হৈছে। এনেবোৰ কথা ভাবিয়েই হয়তো আমাৰ সুধাকণ্ঠ ড° ভূপেন হাজৰিকাই তাহানিতে সোঁৱৰাই দিছিল— ‘মানুহ যদিহে নহয় মানুহ দানৱ কাহানিও নহয় মানুহ/ যদি দানৱ কাহানিবা হয় মানুহ লাজ পাব কোনেনো কোৱা…’ পিছে লাজ পাবনো কোনে ? এতিয়াচোন মানুহে পৰিৱৰ্তন হৈ গ’ল দানৱলৈ। ভৃপেন হাজৰিকাৰ সেইষাৰ কথা এতিয়া অসাৰ প্ৰতিপন্ন হ’ল। আজি আমি মানুহৰ শাৰীৰ পৰা বৰ দুখ লগাকৈ পিছলি পৰিছো। পৃথিৱীৰ একমাত্ৰ সভ্য, জ্ঞানী প্ৰাণী বুলি দম্ভালি মাৰি ফুৰা মানুহ নামৰ প্ৰাণীবিধ দেখোন বন্য জীৱ-জন্তুতকৈয়ো বেছি হিংস্ৰ হৈ গৈছো। আজি মানৱ সমাজৰ পৰা সহিষ্ণুতা বোলা শব্দটো লোপ পাই গৈছে। এতিয়া কাকো কোনেও বিশ্বাস কৰিব নোৱৰা এটা পৰিৱেশৰ সৃষ্টি হৈছে। এতিয়া মানৱ সমাজখনত দ্ৰুততাৰে বিয়পিবলৈ ধৰিছে হিংসা, প্ৰতিহিংসা, বিদ্বেষ, উচ্ছৃংখলতা, যৌন লিপ্সাৰ প্ৰৱণতা। এতিয়া মানুহ নামৰ এই প্ৰাণীবিধে ক’ত কেনেকৈ সিহঁতৰ বিকৃত যৌন ক্ষুধা নিৰ্বাপন কৰিব পাৰে তাৰেই সুযোগৰ যেন অপেক্ষাত খাপ পিটি থাকে। যিটো সভ্য মানুহৰ ক্ষেত্ৰত নীতিবিৰুদ্ধ কাৰ্য। কিন্তু তাকেই সুযোগ পালে একাংশ মানুহ নামৰ এই দানৱবোৰে সততে কৰি আহিছে। সমাজ এখনৰ মানসিকতা বা চৰিত্ৰ প্ৰকাশ পায় সেই সমাজখনত ঘটি থকা এনে নিকৃষ্ট কৰ্ম-কাণ্ড, চিন্তাধাৰা, আৰু কাৰ্য প্ৰণালীৰ দ্বাৰা। ভাল কাম এটাই যেনেদৰে সমাজখনক উচ্চ প্ৰশংসাৰে ওপচাই পেলাই, ঠিক তেনেদৰে এটা মাত্ৰ বেয়া কামেই সমগ্ৰ সমাজখনকেই কলুষিত কৰি পেলায়। যেনেদৰে এগিলাছ গাখীৰত মাত্ৰ এটোপাল বিষ মিহলি হ’লেই সম্পূৰ্ণ গাখীৰ গিলাছেই বিষাক্ত হৈ পৰে।


এনে মানুহৰূপী দানৱৰ হাততে এইখন অসমতে এটি অকণমানি নাবালিকাক বৰ্বৰভাৱে ধৰ্ষণ কৰি হত্যা কৰি পেলাই দিয়া হৈছিল পাইখানাৰ টেংকীত। অনন তাঁতী নামৰ এটা নৰ পিশাচে এই বৰ্বৰ, জঘন্য কাণ্ড কৰিছিল। ইমান ঘৃণনীয় কাণ্ড সংঘটিত হৈছে কেৱল পৃথিৱীৰ একমাত্ৰ জ্ঞানী মানৱ সমাজতে। পিতৃতুল্য মানুহ এজনো যে কেৱল যৌনক্ষুধা নিবাৰণৰ বাবেই এগৰাকী কণমানিৰ ওপৰত ইমান নিৰ্দয় ৰূপত জঁপিয়াই পৰিব পাৰে বুলি সেই কণমানিজনীয়ে হয়তো কল্পনাই কৰিব পৰা নাছিল। এই ঘটনাই সমাজৰ প্ৰতিগৰাকী পুৰুষকেই নিন্দিত কৰিলে আৰু সমাজখনকো লজ্জানত কৰিলে। এই ঘটনাই এটি কণমানিকো শংকিত কৰি তুলিলে পিতৃতুল্য প্ৰতিগৰাকী পুৰুষকে। তেওঁলোকে হয়তো ভাবে এই পুৰুষ সমাজখনে এনে প্ৰতিগৰাকী কণমানিকে ভক্ষণ কৰিব নেকি ? যিখন সমাজত পুৰুষৰ দৃষ্টিত এটি অবুজ কন্যা শিশুও যৌন উপভোগৰ সামগ্ৰীৰ বাহিৰে আন একো নহয়, সেই সমাজৰ মনঃস্তত্বলৈ পৰিশুদ্ধি আনিব নোৱাৰিলে কোনো আৰ্থিক সংস্কাৰৰ বিকাশে সমাজ শুদ্ধ কৰিব নোৱাৰে। যিখন ভাৰতবৰ্ষত নাৰীক কামাখ্যা, দুৰ্গা, লক্ষ্মী, সৰস্বতী, কালী আদিৰ ৰূপত পূজা কৰা হয়, সেইখন দেশতে নাৰীক বৰ্বৰভাৱে যৌন নিৰ্যাতন চলাই হত্যা কৰিবলৈও কুণ্ঠাবোধ নকৰে একাংশ মানুহে। এয়াই হ’ল চৰিত্ৰ মানুহৰ। নাৰীয়ে ভাৰতবৰ্ষত পুৰুষৰ সমানে খোজ দিয়াৰ সময়তে, অৰ্থাৎ দেশৰ প্ৰতিৰক্ষাই হওক, শাসনকৰ্তাই হওক, বিজ্ঞানী, ডাক্তৰ, ইঞ্জিনিয়াৰ, অধ্যাপক-শিক্ষক আদি পদত অধিষ্ঠিত হৈ দেশৰ প্ৰগতিত আগ ভাগ লোৱাৰ পিছতো আজি নাৰী সমাজ সুৰক্ষিত নহয় কেৱল মানুহৰ পৰা, পুৰুষ সমাজৰ পৰা।


দেশ জোকাৰি যোৱা ডামিনী কাণ্ড, নিৰ্ভয়া কাণ্ড, বিলকিছ বানু কাণ্ডৰ লগতে আমাৰ অসমত সংঘটিত অৰ্ণমাই বৰা কাণ্ডৰ উত্তাপ মাৰ নৌযাওঁতেই আকৌ দেশৰ সকলো প্ৰান্তকে জোকাৰি গ’ল কলকাতাৰ এক নিৰ্লজ্জ, অক্ষমণীয় বৰ্বৰ হত্যাকাণ্ডই। আকৌ যেন ডামিনী-নিৰ্ভয়া কাণ্ডৰে পুনৰাবৃত্তি। কেইটামান নৰাধম পিশাচে পৈশাচিক উন্মাদনাৰে বলাৎকাৰ কৰি হত্যা কৰিলে এগৰাকী অসহায় চিকিৎসকক। পশ্চিমবংগৰ ৰাজধানী কলকাতাৰ আৰ জে কৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাল চৌহদৰ ভিতৰতে এগৰাকী স্নাতোকোত্তৰ মহলাৰ চিকিৎসক শিক্ষাৰ্থীক অতি নৃশংসভাৱে কেইটামান নৰ পিশাচে বৰ্বৰতাৰে ধৰ্ষণ কৰি হত্যা কৰি পেলাই থৈ গ’ল চিকিৎসা মহাবিদ্যালয় চৌহদতে। নৰ পশুকেইটাৰ বাঘ নখৰ আঁচোৰত বিদীৰ্ণ হৈ গৈছিল দুৰ্ভগীয়া চিকিৎসকগৰাকীৰ শৰীৰ। চিকিৎসকৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিৱেদন মতে চিকিৎসকগৰাকীক শ্বাসৰুদ্ধ কৰি হত্যা কৰা হৈছিল। তেওঁৰ ব্যক্তিগত অংশত হোৱা ঘাই বিকৃত যৌনতা দেখুৱাই আৰু জনানংগত নিৰ্যাতন কৰা হৈছিল। তদুপৰি তেওঁৰ ডিঙিত কামোৰাৰ চিন পোৱা গৈছে । তেওঁৰ চচমা ভাঙি টুকুৰা-টুকুৰ হৈছিল আৰু সেই কাচৰ ভঙা টুকুৰা চকুত সোমাই গৈছিল আৰু চকুৰ পৰা তেজ ওলাই আছিল। চিকিৎসকগৰাকীৰ মূৰটো বেৰত খুন্দিয়াই দিয়া হৈছিল, যাৰ ফলত মূৰত আঘাত পাইছিল। মুখৰ পৰা তেজ ওলাই থকাৰ উপৰি গোপন অংগৰ পৰাও ৰক্তক্ষৰণ হৈ আছিল। পেট, ভৰি, হাত, ওঁঠ আদিতো যথেষ্ট আঘাতৰ চিন পোৱা গৈছে। শ্বাসৰুদ্ধ কৰিবলৈ অপৰাধীয়ে ডিঙিত চেপি ধৰাৰ ফলত থাইৰয়ড কাৰ্টিলেজ ভাঙি গৈছিল। ভৰি দুখন ৯০ ডিগ্ৰী দূৰত আছিল ফলত পেলভিক গাৰ্ডল ভাঙি গৈছিল। চিকিৎসকগৰাকীৰ মৰণোত্তৰ প্ৰতিবেদন দেখি গাৰ নোম ডাল ডাল হোৱা অৱস্থা । কিমান নৃশংস হ’ব পাৰে সভ্য বুলি ফিতাহি মাৰি ফুৰা মানুহ নামৰ শ্ৰেণীটো। এনে ঘটনাৰ গৰিহণা দিবলৈও ভাষা নাই। বলাৎকাৰৰ বলি হোৱা দুৰ্ভগীয়া চিকিৎসকগৰাকীলৈ সন্মান জনাই এই লেখাটোত তেওঁ নামটো প্ৰকাশ কৰাৰ পৰা বিৰত থাকিলো । চিকিৎসকগৰাকীৰ বলাৎকাৰ আৰু হত্যাকাণ্ডৰ মূল অভিযুক্ত সঞ্জয় ৰায়ক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। কিন্তু কি শাস্তি হ’ব সঞ্জয়ৰ লগতে কালপ্ৰিতকেইটাৰ। নে বছৰ বছৰ বাগৰি থাকিব হত্যাৰ গোচৰত অভিযুক্ত সঞ্জয়ৰ বিচাৰ প্ৰক্ৰিয়া। হয়তো সাৰিও যাব পাৰে হত্যাকাৰী। আৰু এনেবোৰ সুযোগৰ বাবেই কোনো অপৰাধীয়ে ভয় নকৰে অপৰাধ কৰিবলৈ। সঞ্জয়ৰো এনে অপৰাধ কৰাৰ পিছতো কোনো অনুশোচনাই হোৱা নাই। আকৌ কেতিয়াবা ৰাজনৈতিক ৰক্ষণা-বেক্ষণৰ বাবেও অপৰাধী সাৰি যাবলৈ সক্ষম হয়। বিলকিছ বানু হত্যাত জড়িত অপৰাধীসকলক হঠাতে এনে কাৰণতেই হয়তো কাৰাগাৰৰ পৰা মুক্ত কৰি দিয়া হৈছিল। কিন্তু উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপত সেইসকল অপৰাধীক পুনৰ কাৰাগাৰলৈ নিক্ষেপ কৰা হ’ল। আনহাতে, ২০১৭চনত দুগৰাকী যুৱতীক বলাৎকাৰ কৰাৰ অভিযোগত ২০ বছৰ কাৰাদণ্ড বিহা হৈছিল আৰু এগৰাকী সাংবাদিকক হত্যাৰ গোচৰত কুখ্যাত অপৰাধী ৰাম ৰহিমক জাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত হৈছিল। কিন্তু এনে এগৰাকী কুখ্যাত অপৰাধীয়ে এতিয়ালৈ ১৩বাৰ পেৰেলত মুক্তি পাইছে। যোৱা সাত বছৰত ২৫৫ দিনৰ পেৰল দিয়া হৈছে। এনেবোৰ ঘটনাৰ পৰাই কুখ্যাত অপৰাধীবোৰে যে কাৰোবাৰ আশীৰ্বাদধন্য হৈ সাহস গোটাই থাকে তাকেই প্ৰমাণ কৰে। আমি ভাবো এনে অপৰাধী কেতিয়াও সাৰি যাব নালাগে। বা এনে জঘন্য অপৰাধত জড়িত অপৰাধীৰ বিচাৰ প্ৰক্ৰিয়া দীঘলীয়া হ’বও নালাগে। ফাষ্টটেক আদালতত বিচাৰ কৰি সিহঁতক কঠোৰৰ পৰা কঠোৰ শাস্তি বিহিব লাগে, যাতে দ্বিতীয়বাৰ কোনোবাই এনে অপৰাধ কৰিবলৈ সাহস নকৰে বা হাজাৰবাৰ ভাবিব লাগে। ইতিমধ্যে কাকতত প্ৰকাশ পোৱা অনুসৰি খোদ ৰাজধানী চহৰ দিল্লীতেই নিতৌ প্ৰায় পাঁচটাকৈ বলাৎকাৰৰ ঘটনা সংঘটিত হয়। লক্ষণীয়ভাৱে ১জুলাইৰ পৰা দেশত নতুন ন্যায় সংহিতা বলৱং হোৱাৰ পিছতো দিল্লীত এনে অপৰাধৰ ঘটনা হ্ৰাস পোৱা নাই। অকল যোৱাতো মাহতে নতুন দিল্লীত ১৪৯টা বলাৎকাৰৰ ঘটনা সংঘটিত হৈছে। গতিকে এই ছবিখন চালেই অনুমান কৰিব পাৰি মানুহৰ মানসিকতা কোন দিশে ধাৱমান হৈছে। আজি একৈশ শতিকাতো অকলে সন্ধিয়া পৰাত বা দিনতো অকলশৰীয়াকৈ মুকলি মনে ফুৰিব নোৱাৰে গাভৰু-বোৱাৰী । ক’ৰবাত নহয় ক’ৰবাক ৰৈ থাকে নাৰী মাংস লোলুপ নৰ পিশাচবোৰ। হায় মানৱতা। যিখন দেশত প্ৰতিদিন বেটি বাচাও বেটি পঢ়াও শ্ল’গান আওৰোৱা হয় সেইখন দেশতে আকৌ নিতৌ ধৰ্ষণৰ দৰে ঘটনা সংঘটিত হৈ আহিছে সেই দেশতে আজি নিৰাপত্তা নোহোৱা হৈ পৰিছে নাৰী সমাজৰ। শ্ল’গান আওৰাবলৈ বৰ ভাল কিন্তু সেই কথাবোৰ নিৰাময় কৰাটোহে ডাঙৰ কথা। কিয় এনেবোৰ ঘটনা প্ৰতিদিনে ঘটিবলৈ ধৰিছে ইয়াৰ এক গভীৰ গৱেষণাৰ প্ৰয়োজন আছে। এনে ঘটনাক ৰাজনীতিৰ পৰা দূৰত ৰাখি বিচাৰ প্ৰক্ৰিয়া কঠোৰ কৰিলে হয়তো একেবাৰে নিৰাময় নহ’লেও দ্ৰুত হ্ৰাস পাব। মানুহৰ মনৰ পৰা যৌন বিকৃতি নিৰাময়ৰ উপায় চিন্তা কৰাৰ প্ৰয়োজন আহি পৰিছে। এই ব্যাধি যেতিয়ালৈ ৰোধ কৰিব পৰা নাযাব তেতিয়ালৈ পুনৰাবৃত্তি ঘটিয়েই থাকিব এনে জঘন্য অপৰাধ কাৰ্য। আনহাতে, পুৰুষতান্ত্ৰিক দেশত নাৰী সুৰক্ষাৰ সম্পূৰ্ণ দায়িত্ব বহন কৰিব লাগিব পুৰুষ সমাজে। নহ’লে পুৰুষ সদায়ে লজ্জানত হৈ থাকিব লাগিব। মৃন্ময় মূৰ্তিক মাতৃ জ্ঞান কৰি যেনেদৰে পূজা কৰা হয়, তেনেদৰে বাস্তৱ ক্ষেত্ৰত নাৰীক দেৱী জ্ঞান কৰি সন্মান কৰিবলৈ শিকক আজিৰ পুৰুষ সমাজে।

মাকুমত আপৰ যোগদান কাৰ্যসূচী ! আপত যোগ দিলে কংগ্ৰেছৰ ভগীৰথী গোৱালা, বিজেপিৰ পিটাৰ নন্দই…

তিনিচুকীয়া জিলাৰ মাকুম বিধান সভা সমষ্টিত দীৰ্ঘদিনৰ পৰা কংগ্ৰেছ দলৰ গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰা জ্যেষ্ঠ কংগ্ৰেছ নেতা ভগীৰথী গোৱালাৰ দলত্যাগ। আজি কংগ্ৰেছ ত্যাগ কৰি আম আদমী পাৰ্টিত যোগদান কৰে জ্যেষ্ঠ নেতাগৰাকীয়ে। মাকুমৰ হাপজান আঞ্চলিক পঞ্চায়তৰ সভাপতি হিচাপে কংগ্ৰেছ দলৰ পৰা ক্ৰমে দুটাকৈ কাৰ্যকালৰ বাবে নিৰ্বাচিত হৈছিল গোৱালা। তদুপৰি আদিবাসী চাহ জনগোষ্ঠীৰ জনপ্ৰিয় নেতাগৰাকীয়ে টিপুক সমবায় সমিতিৰ প্ৰাক্তন সভাপতি পদতো কাৰ্যনিৰ্বাহ কৰিছিল। আজি আপৰ জ্যেষ্ঠ নেতা তথা ৰাজ্যিক ৱৰ্কিং কমিটীৰ সহযোগী আহ্বায়ক মনোজ ধানোৱাৰ, আপ যুৱ শক্তিৰ আহ্বায়ক বাবুল বিকাশ চেতিয়া আৰু দলৰ চাহ শক্তিৰ নেতা যোগেশ্বৰ কুৰ্মীৰ উপস্থিতিত ভগীৰথী গোৱালাই আপত যোগদান কৰে। আনহাতে, আম আদমী পাৰ্টিৰ

নীতি আৰু আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ বিজেপিৰ সংখ্যালঘু কোষৰ প্ৰাক্তন মণ্ডল সভাপতি পিটাৰ নন্দ আৰু অনিল কুমাৰে বিজেপি ত্যাগ কৰি আপত যোগদান কৰে। কাৰ্যসূচীত এই সকল নেতাৰ লগতে বাঘজান আৰু কৰ্দৈগুৰি গাঁও পঞ্চায়তৰ অন্তৰ্গত বহুসংখ্যক কংগ্ৰেছ আৰু বিজেপিৰ সমৰ্থকেও আম আদমী পাৰ্টিত যোগ দিয়ে। নতুনকৈ দলত যোগদান কৰা নেতা-কৰ্মী সকলক আম আদমী পাৰ্টিলৈ আদৰণি জনাই দলৰ জ্যেষ্ঠ নেতা মনোজ ধানোৱাৰে কয়, ” কংগ্ৰেছ আৰু বিজেপিৰ প্ৰতি ৰাইজৰ মোহ ভংগ হৈছে। বিজেপিয়ে ক্ষমতাত অধিষ্ঠিত হোৱাৰ পূৰ্বে যি

প্ৰতিশ্ৰুতি দিছিল সেইবোৰ পূৰণ কৰিব পৰা নাই। সেইবাবেই আপৰ জনপ্ৰিয়তা বৃদ্ধি পাইছে। দিল্লী আৰু পঞ্জাৱ চৰকাৰৰ আৰ্হিত অসমতো এখন জনকল্যাণকামী চৰকাৰ গঠনৰ বাবে আপৰ প্ৰতি জনসাধাৰণৰ আকৰ্ষণ বৃদ্ধি পাইছে। পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বেই আমাৰ দললৈ বহু নেতা কৰ্মীৰ যোগদান হ’ব। সকলোৰে সহযোগিতাত আমি কংগ্ৰেছ আৰু বিজেপিৰ শক্তিশালী বিকল্প হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ’ম। ” যোগদান কাৰ্যসূচীত আপ যুৱ শক্তিৰ আহ্বায়ক বাবুল বিকাশ চেতিয়াই যুৱ প্ৰজন্মক ৰাজনৈতিক পৰিবৰ্তনৰ স্বাৰ্থত আপক সমৰ্থন কৰিবলৈ আহ্বান জনায়।

নীৰৱ সাধক শ্মশান বন্ধু দণ্ডীৰাম দাসৰ দেহাৱসান…

উত্তৰ গুৱাহাটীত শোকৰ ছাঁ

উত্তৰ গুৱাহাটী ৰজা দুৱাৰ নিবাসী সমাজ হিতৈষী নীৰৱ সাধক তথা শ্মশান বন্ধু নামে খ্যাত দণ্ডীৰাম দাসৰ আজি পুৱতি নিশা নিজা বাসগৃহত বাৰ্ধক্যজনিত ৰোগত মৃত্যু হয়। পৰোপকাৰী দাসৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে প্ৰতিকুল বতৰকো নেওচি অলেখ গুণমুগ্ধ তেখেতৰ বাসগৃহত উপস্থিত হৈ তেখেতলৈ অন্তিম শ্ৰদ্ধা জ্ঞাপন কৰে। ওৰেটো জীৱন লোকচক্ষুৰ আঁৰত থাকি সমাজৰ কল্যাণৰ হকে কাম কৰা দণ্ডীৰাম দাসৰ মৃত্যুত উত্তৰ গুৱাহাটীত গভীৰ শোকৰ ছাঁ পৰে। শ্মশানত সৎকাৰ কৰিবলৈ অনা মৃত ব্যক্তিৰ সৎকাৰ কৰা কাৰ্য্যত নিজে উপস্থিত থাকি সৎকাৰ কাৰ্য্য সমাপন কৰাতেই ক্ষান্ত নাথাকি শ্মশানখন পৰিস্কাৰ পৰিচ্ছন্ন কৰি থৈ যায়। দাসে শ্মশান খন পৰিষ্কাৰ পৰিচ্চন্ন কৰি ৰখা টোৱেই জীৱনৰ মূল কৰ্ম হিচাপে লৈ সেই কাম নিৰৱিচ্ছিন্ন ভাৱে কৰি গৈছিল।

জীৱনৰ অধিক সময় তেওঁ শ্মশানৰ এই কৰ্মতে নিজকে ব্যস্ত ৰাখিছিল। দাসে ইয়াৰোপৰি দৌল গোবিন্দ মন্দিৰৰ লগতো জড়িত থাকি বিভিন্ন সেৱা আগবঢ়াই আহিছিল। এইজন নীৰৱ সাধকৰ মৃত্যুত উত্তৰ গুৱাহাটীৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে ৰজাদুৱাৰ ক্লাব আৰু লাইব্ৰেৰী,দৌল গোবিন্দ মন্দিৰ পৰিচালনা সমিতি, উত্তৰ গুৱাহাটী যুৱ সমাজ, উত্তৰ গুৱাহাটী সাংবাদিক সন্থা, স্বেচ্ছাসেৱী সামাজিক অনুষ্ঠান জিলিঙনি , শিলা সেন্দুৰী ঘোপা মৌজাৰ মৌজাদাৰ ৰাতুল বৰুৱাকে আদি কৰি বিভিন্ন ব্যক্তিয়ে দণ্ডীৰাম দাসৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক

সন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। দাসৰ মৃত্যুত অসম চৰকাৰৰ হাঁহ কুকুৰা আৰু পশুধন নিগমৰ অধ্যক্ষ মনোজ শ‌ইকীয়াই গভীৰ শোক প্ৰকাশ কৰি এক শোক বাৰ্তাত কয় এইজনা নীৰৱ সাধকৰ মৃত্যুত উত্তৰ গুৱাহাটী বাসীয়ে এজন প্ৰকৃত সমাজ সেৱকক হেৰুৱালে। যিজন ব্যক্তিয়ে নিস্বাৰ্থ ভাৱে দহৰ বাবে কাম কৰি গৈছিল। তেওঁ শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। ৮৪ বছৰ গৰকা প্ৰয়াত দণ্ডীৰাম দাসে মৃত্যুৰ সময়ত পত্নী, দুজনী জীয়ৰীৰ লগতে অনেক গুণমুগ্ধক ইহ সংসাৰত এৰি থৈ যায়।

উত্তৰ গুৱাহাটী পৌৰসভাৰ হঠকাৰী সিদ্ধান্তত সৰ্ব্বনাশী প্ৰদূষণ ! দীৰ্ঘেশ্বৰী মন্দিৰলৈ শেহতীয়াকৈ নামি আহিছে এক ভয়ংকৰ বিপদ তথা সৰ্ব্বনাশী প্ৰদূষণ…

পুৰাণ প্ৰসিদ্ধ দীৰ্ঘেশ্বৰী দেৱালয়ৰ কাষতে নিৰ্মাণ ডাম্পিং গ্ৰাউণ্ড

মনোমোহা বনভোজ স্হলিলৈ অশনি সংকেত

পঞ্চতীৰ্থ ৰূপে খ্যাত উত্তৰ গুৱাহাটীৰ অন্যতম ধৰ্মীয় স্থান তথা অসমৰ এক অন্যতম পৰ্যটন স্থলী পুৰাণ প্ৰসিদ্ধ দীৰ্ঘেশ্বৰী মন্দিৰলৈ শেহতীয়াকৈ নামি আহিছে এক ভয়ংকৰ বিপদ তথা সৰ্ব্বনাশী প্ৰদূষণ। উল্লেখ্য ধৰ্মীয় স্থানৰ উপৰিও এই বৃহত্তৰ অঞ্চলটো এক পৰ্যটনৰ স্হলী হিচাপে গঢ় লৈ উঠাৰ লগতে এক সুন্দৰ মনোমোহা বনভোজ স্হলি হিচাপে সৰ্বজনীন বিদিত। অসমৰ বিভিন্ন অঞ্চলৰ পৰা এই স্হলিলৈ বনভোজৰ বাবে অসংখ্য যাত্ৰীৰ আগমন ঘটে। তেনে ক্ষেত্ৰত উত্তৰ গুৱাহাটী পৌৰ সভাই লোৱা এই হঠকাৰী সিদ্ধান্তত ৰাইজ আচৰিত হৈ পৰিছে। ৰাইজে এই ভয়ংকৰ সিদ্ধান্তৰ কাৰণ হিচাপে সকলোৱে অভিযোগৰ আঙুলি টোৱাইছে উত্তৰ গুৱাহাটী পৌৰসভাক ।

উল্লেখ্য ,উত্তৰ গুৱাহাটী পৌৰ সভাই শেহতীয়াকৈ গ্ৰহণ কৰা এক হঠকাৰী সিদ্ধান্তত ঐতিহাসিক দীর্ঘেশ্বৰী মন্দিৰলৈ নামি আহিছে এই অশনি সংকেত । এসময়ৰ চৰণীয়া পথাৰ আৰু মনোমোহা বনভোজ স্থলী বৰ্তমান হৈ পৰিছে দুৰ্গন্ধ আৰু কদৰ্যময় পৰিবেশ । কেৱল ইমানেই নহয় ঐতিহ্যমণ্ডিত দীর্ঘেশ্বৰী মন্দিৰৰ ভোগ গৃহলৈ বিয়পি পৰিছে আৱৰ্জনাৰ দুর্গন্ধ । উত্তৰ গুৱাহাটী পৌৰ সভাই নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবেই সমগ্ৰ চহৰ অঞ্চলৰ আৱৰ্জনীয় পেলনীয়া সামগ্ৰী পেলাবৰ বাবে ব্যৱহাৰ কৰিছে দীর্ঘেশ্বৰী মন্দিৰৰ নিচেই কাষৰ এটি ঐতিহাসিক অঞ্চলকে ধৰি এটা বৃহৎ অঞ্চল । যাৰ ফলত মৃত্যু মুখত পৰিছে বহুতো পশু ধনৰ লগতে ঐতিহাসিক শিলগুৰি বিলৰ মৎস্য ।

উত্তৰ গুৱাহাটী পৌৰসভাৰ হঠকাৰী সিদ্ধান্তৰ বিৰোধিতা কৰি যোৱা ১৮ আগষ্টত প্ৰায় পাঁচ শতাধিক লোকৰ উপস্থিতিত উত্তৰ গুৱাহাটীৰ দীর্ঘেশ্বৰী বজাৰত এখন প্ৰতিবাদী সভা অনুষ্ঠিত হৈ যায় । দীৰ্ঘেশ্বৰী দেৱালয় পৰিচালনা সমিতিৰ উপ সভাপতি অনিল দাসৰ পৌৰোহিত্যত তথা সমাজকৰ্মী প্ৰবোধ লেখাৰুৰ উদ্দেশ্য ব্যাখ্যাৰে অনুষ্ঠিত সভাত উত্তৰ গুৱাহাটীৰ বিভিন্ন প্ৰান্তৰ কেইবাজনো বক্তাই ভাষণ প্ৰদান কৰি এই ডাম্পিং গ্ৰাউণ্ড বন্ধ কৰাৰ বাবে হুংকাৰ প্ৰদান কৰে । উত্তৰ গুৱাহাটী পৌৰসভাই অতি শীঘ্ৰে কাৰ্যকৰী হোৱাকৈ এই ডাম্পিং গ্ৰাউণ্ড বন্ধ নকৰিলে গণতান্ত্ৰিক জংগী আন্দোলনৰো হুংকাৰ দিয়ে প্ৰতিবাদকাৰী সভাই ।

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰাক্তন সংঘচালক বৈকুণ্ঠ চেতিয়াৰ মৃত্যু…

বিশ্ব হিন্দু পৰিষদৰ খানাপাৰা প্ৰখণ্ডৰ মুখ্য উপদেষ্টা তথা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মাধৱ নগৰৰ প্ৰাক্তন সংঘচালক বৈকুণ্ঠ চেতিয়াৰ আজি পুৱা ৬-৪৫ বজাত গুৱাহাটীৰ ডাউন টাউন হাস্পতালত মৃত্যু হয়। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ বিবিধ সংগঠন সংস্কৃত ভাৰতী, সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰ, সহকাৰ ভাৰতীৰ স্বীকৃতিপ্ৰাপ্ত আয়ুষ্কাম বহুমুখী সমবায় সমিতি লিমিটেডৰ সৈতে জড়িত চেতিয়াৰ মৃত্যুৰ সময়ত বয়স হৈছিল ৮১ বছৰ।

খণ্ড উন্নয়ন বিষয়া হিচাপে অৱসৰ গ্ৰহণ কৰাৰ পাছত গুৱাহাটীৰ পাঞ্জাবাৰীত স্থায়ীভাৱে থাকিবলৈ লোৱা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰবীণ স্বয়ংসেৱকগৰাকী বেচৰকাৰী সংগঠন নিউ হ’ৰাইজনসহ অঞ্চলটোৰ বিভিন্ন সামাজিক অনুষ্ঠানৰ সৈতে জড়িত আছিল। চেতিয়াৰ মৃত্যুত বিশ্ব হিন্দু পৰিষদৰ খানাপাৰা প্ৰখণ্ডৰ সভাপতি প্ৰভাত চন্দ্ৰ

ঠাকুৰীয়া, পৰিষদৰ বাঘৰবৰী খণ্ডৰ উপ-সভাপতি ৰুমী দেৱী, বতাহঘূলী খণ্ডৰ উপ-সভাপতি মাকন ঠাকুৰীয়া, পাঞ্জাবাৰী খণ্ডৰ সভাপতি চন্দ্ৰকান্ত বৰ্মন, অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ প্ৰাক্তন জিলা কাৰ্যকৰ্তা ৰঞ্জন কুমাৰ চক্ৰৱৰ্তী, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মাধৱ নগৰৰ কাৰ্যবাহ বুদ্ধি প্ৰসাদ খনাল প্ৰমুখ্যে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰে ।

কৃষ্ণকান্ত সন্দিকৈ চৰকাৰী সংস্কৃত মহাবিদ্যালয়ত সংস্কৃত দিৱস আৰু ৰাখী বন্ধন উদযাপন…

গুৱাহাটীৰ জালুকবাৰীস্থিত কৃষ্ণকান্ত সন্দিকৈ চৰকাৰী সংস্কৃত মহাবিদ্যালয়ত ১৯ আগষ্টত সংস্কৃত দিৱস আৰু ৰাখী বন্ধন উদযাপন কৰা হয়। সংস্কৃত দিৱসৰ লগত সংগতি ৰাখি মহাবিদ্যালয়ত গীতা শ্লোক আবৃত্তি, দীপ প্ৰজ্বলন মন্ত্ৰ আৰু সংস্কৃত হাতৰ আখৰ লিখা প্ৰতিযোগিতা অনুষ্ঠিত হয় ।

এই উপলক্ষে মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত সভাখনত সভাপতিত্ব কৰে মহাবিদ্যালয়ৰ অধ্যক্ষা ডঃ বন্দনা সন্দিকৈয়ে । সভাত মুখ্য অতিথি হিচাপে মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা ডঃ বিনীতা ভাগৱতীয়ে ভাগ লৈ ৰক্ষা বন্ধনৰ ওপৰত সাৱলীল বক্তৃতা প্ৰদান কৰে।

মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সভাপতি তথা অধ্যাপিকা ডঃ অৰুন্ধতী গোস্বামীয়ে সংস্কৃত দিৱসৰ তাৎপৰ্য্য দাঙি ধৰে । সভাত জিজ্ঞাসী শইকীয়াই এটা সংস্কৃত গীতত নৃত্য , কৰিণা চমুৱাই এটা সংস্কৃত গীত পৰিৱেশন কৰাৰ লগতে অংকুৰ শইকীয়াই যোগ প্ৰদৰ্শন কৰি সকলোকে আপ্লুত কৰে।

আজাৰা ভি ভি আই পিৰ আৰ আৰ চিনেমাছত বিদূৰভাইৰ অভিলেখ ! এমাহৰো অধিক দিন ধৰি চলি আছে অসমীয়া চিনেমা…

শেহতীয়াভাৱে অসমীয়া চিনেমাৰ জগতলৈ বিগত বৰ্ষৰ পৰা নতুনত্বৰ সমান্তৰালভাৱে ইখনৰ পাছত সিখন ছবিৰ বাণিজ্যিক সফলতাই নতুন আশাৰ ৰেঙনি কঢ়িয়াই অনাটো নিশ্চিতভাৱে এক ইতিবাচক দিশ হিচাপে পৰিগণিত হৈছে । ভাল ছবি নিৰ্মাণ কৰিলে যে দৰ্শকে আঁকোৱালি লয় সেইটো প্ৰমাণিত হল বিদূৰভাই নামৰ অসমীয়া চিনেমাখনত । বিশেষকৈ অসমীয়া ছবি উদ্যোগটোলৈ নতুন জোৱাৰ কঢ়িয়াই আনিছে পৰিচালক সুব্রত কাকতিৰ পৰিচালনা আৰু অৰ্ণৱ হাজৰিকাৰ প্ৰযোজনাত ৰুটষ্টক এণ্টাৰমেইটেন্টৰ বেনাৰত নিৰ্মিত কথাছবি ‘বিদূৰভায়ে’। যোৱা ১৯ জুলাইত মুক্তিৰ পাছত প্ৰথম দুই সপ্তাহ মান ধৰি অসমৰ বহু চিত্রগৃহতে ‘হাউছফুল’ হৈ আছিল এই ছবিখনো । ইতিমধ্যে ছবিখনে ব্যৱসায়িকভাৱে লাভৱান হোৱা বুলি জানিব পৰা গৈছে । ইফালে গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ব্যস্ত অঞ্চল হিচাপে পৰিচিত আৰু বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ কাষৰীয়া আজাৰা ভি ভি আই পিস্থিত “আৰ আৰ চিনেমাছ” নামৰ আধুনিক সা – সুবিধাযুক্ত চলচিত্ৰ গৃহটোত

এমাহৰো অধিক দিন ধৰি চলি আছে বিদূৰভাই। চলচিত্ৰ গৃহটোৰ স্বত্বাধিকাৰী ৰাজীৱ কুমাৰ দত্তই জানিবলৈ দিয়া মতে যোৱা ১৯ জুলাইত ৰাজ্যৰ আন বহু চলচিত্ৰ গৃহৰ দৰে তেওঁলোকৰ আৰ আৰ চিনেমাছতো বিদূৰভাই মুক্তি দিয়া হৈছিল। ১৯ আগষ্টত এটা মাহ পাৰ হৈ যোৱাৰ পাছতো দৰ্শকৰ বিপুল সহাৰিৰ বাবে চিনেমাখন এটা দৰ্শনীত চলি আছে। প্ৰথমতে দুটা সপ্তাহ চলচিত্ৰ গৃহটোত চাৰিটা দৰ্শনী ক্ৰমে – দিনৰ ১১.৩০ বজা , বিয়লি ২ বজা , সন্ধিয়া ৫.৩০ বজা আৰু নিশা ৮ বজাত আটাইকেইটাতে হাউছফুল হিচাপে বিদূৰভাই চলি আছিল । তাৰ পাছত দুটা আৰু বৰ্তমান সন্ধিয়া ৫.৩০ বজাত এটা দৰ্শনীত চিনেমাখন চলি আছে । অৱশ্যে বৃহত্তৰ অঞ্চলটোৰ চলচিত্ৰপ্ৰেমী সকলৰ বহুতেই চিনেমাখন চোৱাৰ পাছত প্ৰথম তিনি সপ্তাহৰ তুলনাত দৰ্শকৰ সংখ্যা এতিয়া কমি আহিছে। আনকি অনা অসমীয়া দৰ্শকেও বিশেষকৈ বৰঝাৰস্থিত ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণকে ধৰি অঞ্চলটোত থকা সৰ্বভাৰতীয় পৰ্য্যায়ৰ বহু অনুষ্ঠান – প্ৰতিষ্ঠানৰ বিষয়া – কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালৰ লোকেও চিনেমাখন উপভোগ কৰিছে।

নিশ্চিতভাৱে ই এক শুভলক্ষণ । ইফালে ৰাজীৱ কুমাৰ দত্তই জানিবলৈ দিয়া মতে অসমৰ জনপ্ৰিয় অভিনেতা যতীন বৰাকে ধৰি অসমৰ বহু শিল্পীয়ে তেওঁলোকৰ তাত আহি বিদূৰভাই চিনেমাখন চাই অভিভূত হৈছে। বিগত ২০২৩ বৰ্ষৰ জুন মাহত মুক্তি লাভ কৰা, সুব্ৰত কাকতিৰ পৰিচালনাত নিৰ্মিত শ্ৰীৰঘূপতি নামৰ অসমীয়া চলচ্চিত্ৰখন আৰ আৰ চিনেমাছত দুমাহৰো অধিক দিন ধৰি চলিছিল। ৰাজীৱ কুমাৰ দত্তই অনুসৰি ২০২২ বৰ্ষৰ ১৮ মাৰ্চত জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱাই চলচিত্ৰ গৃহটো মুকলি কৰিছিল। সেইদিনাই দেশজুৰি তেতিয়াই খলকনি তোলা “কাশ্মীৰ ফাইলছ” নামৰ চিনেমাখন মুক্তি দিয়া হৈছিল । উল্লেখ্য যে অহা ৩০ আগষ্টত হলটোত পুনৰ মুক্তি দিয়া হব আন এখন অসমীয়া চলচ্চিত্ৰ “চিলনীচোৰ”।

শৃংখল চলিহাৰ জয় ! অৱশেষত গোচৰ প্ৰত্যাহাৰ কৰিলে গৌৰৱ ছোমানীয়ে…

অৱশেষত গোচৰ প্ৰত্যাহাৰ কৰিলে গৌৰৱ ছোমানীয়ে৷ দিছপুৰ আৰক্ষীলৈ পত্ৰ লিখি গোচৰ প্ৰত্যাহাৰ গৌৰৱ ছোমানীৰ৷

১৮ আগষ্টত শৃংখল চলিহাৰ বিৰুদ্ধে তৰিছিল গোচৰ৷

গোচৰ প্ৰত্যাহাৰ নকৰিলে আলফা(স্বাঃ)ই কঠোৰ ব্যৱস্থা লোৱাৰ দিছিল ভাবুকি৷

ভাৰতত প্ৰৱেশ কৰা ৩ বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ ! চেন্নাইলৈ কাম বিচাৰি যোৱাৰ পৰিকল্পনা কৰিছিল তিনিওৱে…

ভাৰতত প্ৰৱেশ কৰা ৩ বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ৷ চেন্নাইলৈ কাম বিচাৰি যোৱাৰ পৰিকল্পনা কৰিছিল তিনিওৱে৷ এজনৰ পৰা উদ্ধাৰ কৰা হৈছে আধাৰকাৰ্ড৷ ইয়াৰে এজনে দ্বিতীয়বাৰৰ বাবে প্ৰৱেশ কৰিছিল ভাৰতত ৷ অসম আৰক্ষীয়ে ধুবুৰীত আটক কৰা ঢাকা ডিভিজনৰ লিপি আখতাৰক বাংলাদেশী কৰ্তৃপক্ষক ঘূৰাই দিয়া হয়।

অনুসন্ধানত প্ৰকাশ পাইছে যে লিপি আখতাৰে ২৪ ঘণ্টাতকৈ অধিক কাল বাছ আৰু নাও যাত্ৰাৰ পাছত ১৮ আগষ্টৰ পুৱতি নিশা দক্ষিণ শালমাৰাৰ সুখচৰত খোজকাঢ়ি ভাৰতীয় ভূখণ্ডত প্ৰৱেশ কৰিছিল। সুখচৰৰ এটা ঘৰত আশ্ৰয় লোৱাৰ অন্তত নাৱেৰে ধুবুৰীলৈ গৈছিল, য’ত অসম আৰক্ষীৰ হাতত ধৰা পৰে৷

আকৌ যোৱা নিশা অসম আৰক্ষীয়ে ত্ৰিপুৰা হৈ ভাৰতত প্ৰৱেশ কৰা তিনিজন বাংলাদেশী নাগৰিকক আটক কৰে। লোককেইজন হৈছে ৰাজশ্বাহী জিলাৰ আখিলা গাঁৱৰ আব্দুল আদুদৰ পুত্ৰ আবু ছাইদ, ৰাজশ্বাহী জিলাৰ গোদাগৰী গাঁৱৰ প্ৰয়াত আতাবুৰ ৰহমানৰ পুত্ৰ আছাদুল ইছলাম আৰু ৰাজশ্বাহী জিলাৰ গোদাগৰী গাঁৱৰ সতাবুৰ ৰহমানৰ পুত্ৰ মহম্মদ সৰৱাৰ। তেওঁলোকে চেন্নাইলৈ যোৱাৰ উদ্দেশ্য লৈছিল। অসম আৰক্ষীৰ প্ৰচেষ্টাত তেওঁলোকক বাংলাদেশলৈ ঘূৰাই পঠিওৱা হয়।

তৰুণ নগৰত পথ সংকুচিত কৰি নলাৰ ওপৰতে দেৱাল-দোকান নিৰ্মাণকলৈ তীব্ৰ প্ৰতিবাদ ! এজাক সামান্য বৰষুণতে কৃত্ৰিম বানত ডুব যোৱা তৰুণ নগৰ মূল পথত অচলাৱস্থাত ভুগিবলগীয়া হৈছে বৃহত্তৰ অঞ্চলবাসী…

তৰুণ নগৰত পথ সংকুচিত কৰি নলাৰ ওপৰতে দেৱাল-দোকান নিৰ্মাণকলৈ তীব্ৰ প্ৰতিবাদ

জি এম চি, জি এম ডি এক শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ দাবী তৰুণ নগৰ উন্নয়ন সমিতিৰ

এখন অবৈধ দেৱালকলৈ ৰাজহুৱা অভিযোগ তুলি এটা পৰিয়ালৰ বিৰুদ্ধে সৰৱ হৈছে তৰুণ নগৰ উন্নয়ন সমিতি। অবৈধ দেৱাল নিৰ্মাণৰ বাবে কৃত্ৰিম বানৰ সন্মুখীন হৈ অহা ৰাইজে ক্ষোভ প্ৰকাশ কৰি ইতিমধ্যে নাথ উপাধিৰ এজন লোকৰ বিৰুদ্ধে গুৱাহাটী পৌৰনিগম (জিএমচি) আৰু গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকাৰী (জিএমডিএ)ক অভিযোগ দাখিল কৰি শীঘ্ৰে উপযুক্ত ব্যৱস্থা গ্ৰহণৰ বাবে দাবী জনালে ৷ প্ৰাপ্ত অভিযোগ অনুসৰি পৰিয়ালটোৱে

তৰুণ নগৰ মুখ্য পথৰ দুইফুট পৰ্যন্ত দখল কৰাৰ লগতে আশ্চৰ্যজনকভাৱে পথৰ নলাৰ ওপৰতে এখন দেৱাল নিৰ্মাণ কৰি সদাব্যস্ত অঞ্চলটোৰ যাতায়াতত চৰম ব্যাঘাত জন্মাইছে । এজাক সামান্য বৰষুণতে কৃত্ৰিম বানত ডুব যোৱা তৰুণ নগৰ মূল পথত অচলাৱস্থাত ভুগিবলগীয়া হৈছে বৃহত্তৰ অঞ্চলবাসী ৷ তদুপৰি তৰুণ নগৰ, শ্ৰীনগৰৰ সংযোগ স্থানত অবৈধভাৱে এখন ব্যৱসায়িক প্ৰতিষ্ঠান স্থাপন কৰিছে মহাপ্ৰতাপী পৰিয়ালটোৱে। ফলত উক্ত স্থানত

পথচোৱা সংকুচিত হৈ দুৰ্ঘটনাপ্ৰৱন এলেকা হৈ পৰিছে। সেয়েহে ৰাইজৰ অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি শীঘ্ৰে অবৈধ দেৱাল ভাঙি দিয়াৰ লগতে দোকান উচ্ছেদ কৰি অনতিপলমে অঞ্চলটোক দুৰ্ঘটনামুক্ত কৰাৰ বাবে সংশ্লিষ্ট বিভাগক তৰুণ নগৰ উন্নয়ন সমিতিৰ সভাপতি মনোৰঞ্জন দাস আৰু সম্পাদক সুৰজ চৌধুৰীয়ে দাবী জনাইছে।