Home Blog Page 579

Prastuti Parasar: চুমি বৰা মোৰ কৰ্মসূত্ৰে চিনাকী, চুমি বৰাৰ লগত মোৰ কোনো ব্যক্তিগত সম্পৰ্ক নাইঃ প্ৰস্তুতি পৰাশৰ

চুমি বৰা মোৰ কৰ্মসূত্ৰে চিনাকীঃ প্ৰস্তুতি পৰাশৰ
চুমি বৰা মোৰ কৰ্মসূত্ৰে চিনাকীঃ প্ৰস্তুতি পৰাশৰ

এটা প্ৰায় কোটি টকীয়া কেলেংকাৰী। এই কেলেংকাৰীৰ মূল খল নায়িকা হিচাবে এতিয়া নাম উচ্চাৰিত হৈছে অভিনেত্ৰী চুমি বৰাৰ। চুমি বৰা বৰ্তমান পলাতক। ডিব্ৰুগড়ত চুমিৰ সহযোগী বুলি অভিযোগ উত্থাপন হোৱা বিশাল ফুকন গ্ৰেপ্তাৰ হোৱাৰ পিছতে ঘটনাৰ মূল খলনায়িকা চুমি বৰাই গুৱাহাটীত আৰক্ষীৰ নাকৰ তলেৰেই আত্মগোপন কৰিবলৈ সক্ষম হ’ল। হঠাতে বতাহৰ লগত মিলি যোৱা চুমি বৰাৰ কোনো সন্ধানেই উলিয়াবলৈ সক্ষম হোৱা নাই অসম আৰক্ষীৰ দৰে এটা বিয়াগোম বাহিনীয়ে। (Sumi Borah)

আনহাতে অসমৰ বহু গায়ক, অভিনেতা-অভিনেত্ৰী ট্ৰেডিঙৰ সৈতে জড়িত থকা বুলি সামাজিক মাধ্যমত চৰ্চাত হৈছে। আনকি অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে ট্ৰেডিং বিতৰ্কৰ সৈতে জড়িত থকা বুলি তেওঁৰ নাম উত্থাপন কৰিছিল একাংশ সংবাদ মাধ্যমে।(actress prastuti porasor clarification)

সামাজিক মাধ্যমত অভিনেত্ৰীগৰাকীয়ে কয় যে, বৰ্তমান চলি থকা ট্ৰেডিং বিতৰ্কৰ লগত একাংশ সংবাদ মাধ্যমে মোৰ নাম সাঙুৰি মইও ধন বিনিয়োগ কৰা বুলি বাতৰি প্ৰচাৰ কৰা দৃষ্টিগোচৰ হৈছে, যিয়ে আমাক মানসিকভাৱে হাৰাশাস্তি কৰিছে। চুমি বৰা মোৰ কৰ্মসূত্ৰে চিনাকী। বিগত দুটা বৰ্ষত এগৰাকী কৰিঅ’গ্ৰাফাৰ হিচাপে চুমিয়ে আৱাহন থিয়েটাৰৰ কেৱল দুটি গীতৰ নৃত্য পৰিচালনা কৰিছে। তাৰ বাহিৰে চুমি বৰাৰ লগত মোৰ কোনো ব্যক্তিগত সম্পৰ্ক নাই লগতে বিশাল নামৰ যুৱক জনৰ লগত মই পৰোক্ষ বা প্ৰত্যক্ষভাৱে কেতিয়াও সংস্পৰ্শলৈ অহা নাই। আশ্চৰ্য্যজনকভাৱে সংবাদ মাধ্যমৰ যোগেদিহে ল’ৰাজন চুমিৰ ভাতৃ বুলি জানিব পাৰিছোঁ।

এগৰাকী বাণিজ্য বিভাগৰ শিক্ষাৰ্থী হিচাপে ট্ৰেডিং আৰু সহজলভ্য বিনিয়োগৰ বিষয়ে মই ভালকৈয়ে অৱগত। লগতে এনেধৰণৰ Unauthorized Trading ত Invest কৰাৰ পক্ষপাতী মই কেতিয়াও নহয়। মই কষ্টত বিশ্বাসী ব্যক্তি। অভিনয় ক্ষেত্ৰ খনৰ প্ৰচাৰ আৰু প্ৰসাৰতে ব্ৰতী হৈ থাকি আপোনালোকৰ আশীৰ্বাদত এইবৰ্ষৰ ভ্ৰাম্যমাণ যাত্ৰাৰ বাবে আমাৰ ৩০০ জনীয়া পৰিয়ালটোক ইতিমধ্যে অগ্ৰসৰ কৰিছোঁ। কিন্তু সম্প্ৰতি এনেবোৰ অপপ্ৰচাৰে জনমানসত আমাক হেয় প্ৰতিপন্ন কৰাৰ লগতে মানসিকভাৱেও ব্যতিব্যস্ত কৰি তুলিছে। গতিকে সচেতন সমাজৰ যিসকল ব্যক্তিয়ে মোৰ ওপৰত এই অভিযোগ তুলিছে, তেওঁলোকৰ বাবে এটাই স্পষ্টীকৰণ দিব খোজোঁ যে এই অমান্য বিনিয়োগ ব্যৱস্থাৰ লগত মোৰ কোনো ধৰণৰ সম্পৰ্ক নাই আৰু মই কেতিয়াও ইয়াৰ প্ৰচাৰক সমৰ্থন জনোৱা নাই।

কষ্টৰ ফল আৰু ইজি মানিৰ পাৰ্থক্য মই ভালকৈয়ে জানোঁ। গতিকে অনাহকত মোক এই বিতৰ্কৰ আওঁতালৈ আনিব খোজা একাংশ সংবাদ মাধ্যমৰ যিসকলে এই কেলেংকাৰীত জড়িত ব্যক্তিৰ তালিকাখন আৰক্ষীৰ ফালৰ পৰা অহা বুলি দাবী কৰিছে, য’ত মোৰ নামো প্ৰকাশ পাইছে, সেই তালিকাখন ২৪ ঘন্টাৰ ভিতৰত পূৰ্ণ প্ৰমাণ সহকাৰে তথা মান্য নথিপত্ৰৰে আমাৰ আগত দেখুৱাবলৈ আহ্বান জনাইছোঁ, অন্যথা মই আইনৰ ওচৰ চাপিবলৈ বাধ্য হ’ম। অৱশেষত সকলো শুভাকাংক্ষী তথা ৰাইজক এনেধৰণৰ ভুৱা বাতৰিক বিশ্বাস নকৰিবলৈ অনুৰোধ জনোৱাৰ লগতে আৰক্ষী প্ৰশাসনক এই ঘটনাৰ উচিত তদন্ত কৰিবলৈ আহ্বান জনাইছোঁ।

লগতে পঢ়কঃ Sumi Borah: আজিও সন্ধান নাই স্বামীসহ ৰীলছ ৰাণী চুমি বৰাৰ

ইয়াৰউপৰিও অভিনেতা যতীন বৰা, কণ্ঠশিল্পী নীলাক্ষি নেওগ, মণ্টুমণি শইকীয়া, দিপলীনা ডেকা নামো চৰ্চালৈ আহিছে।

published by: munmi gogoi

Sumi Borah: আজিও সন্ধান নাই স্বামীসহ ৰীলছ ৰাণী চুমি বৰাৰ…

সন্ধানহীন চুমি আৰু স্বামী
সন্ধানহীন চুমি আৰু স্বামী

আজিও সন্ধান নাই স্বামীসহ ৰীলছ ৰাণী চুমি বৰাৰ। মহানগৰীৰ কেইবাটাও স্থানত আৰক্ষীৰ অভিযান, কিন্তু সন্ধান লাভ কৰা নাই ৰীলছ অভিনেত্ৰী চুমিৰ। গুৱাহাটীৰ কোনো অজ্ঞাত স্থানত আত্মগোপন কৰাৰ সন্দেহ আৰক্ষীৰ৷(sumi borah)

চুমি বৰাই কৌশলেৰে হাই প্ৰফাইল লোকক অনলাইন ট্ৰেডিঙৰ ফাণ্ডত পেলাইছিল

ইতিমধ্যে চুমি বৰা আৰু স্বামী তাৰ্কিক বৰাক থানাত হাজিৰ হ’বলৈ ডিব্ৰুগড় আৰক্ষীয়ে চমন জাৰি কৰিছে৷ (Online Trading Scam)

লগতে পঢ়কঃ Property List : বিশাল ফুকন আৰু চুমি বৰাৰ সম্পত্তিৰ তথ্য…

ৰাজ্যত এতিয়া এটা চৰ্চিত নাম চুমি বৰা। বিশেষ সূত্ৰই প্ৰকাশ কৰা মতে নৃত্যত পাকৈত অভিনেত্ৰী চুমি বৰাই বিয়াগোম আমোলা, আৰক্ষী বিষয়াকে ধৰি আন বহু হাই প্ৰফাইল লোকক অন লাইন ট্ৰেডিঙৰ ফাণ্ডত পেলাবলৈ নানান কৌশল ব্যৱহাৰ কৰিছিল। (reels queen sumi borah)

আনহাতে বিশাল ফুকন আৰু চুমি বৰাৰ সম্পত্তিৰ তথ্য জানিলে আপুনি আচৰিত হ’বঃ(Property List)

১) ডিব্ৰুগড়ৰ বৈৰাগীমঠত বিশালৰ ২,০০০ বৰ্গফুটৰ কাৰ্যালয়। ৮৫ লাখ টকাৰে ইণ্টেৰিঅ’ৰ ডিজাইন কৰা হৈছিল কাৰ্যালয়টোৰ। ইণ্টেৰিঅ’ৰ ডিজাইনাৰ কৰিশ্মা কাকতিক দিছিল নগদ ৫০ শতাংশ ধন

২)ডিব্ৰুগড়ৰ পূৰ্বাঞ্জলি এপাৰ্টমেণ্টৰ ফ্লেট ক্ৰয় কৰিছিল ৬৩.২৫ লাখ টকাত। বিল্ডাৰক নগদ দিছিল ৪৪ লাখ টকা

৩)ডিব্ৰুগড়ত চুমি বৰাৰ বাবে বিশালে খুলি দিয়া ডান্স একাডেমীৰ ডিজাইনিঙত ব্যয় ৩৩ লাখ টকা। চিগমা টাইলছক ১০ লাখ টকা দিছিল আৰু চাউণ্ড প্ৰুফৰ নামত ব্যয় ১৫ লাখ টকা

৪)গুৱাহাটীৰ তৰুণ নগৰৰ প্ৰতীক তৰুণ এপাৰ্টমেণ্টত ৭ কোটি টকাত ডুপ্লেক্স ফ্লেট ক্ৰয়

৫)গুৱাহাটীৰ নাৰেংগীত আইডিয়েল ভিউ এপাৰ্টমেণ্টত ১.৫ কোটি টকাত ফ্লেট ক্ৰয়

৬)৮ আগষ্টত চুমিৰ জন্মদিনত ২ লাখ টকীয়া টেডী বিয়েৰ উপহাৰ দিছিল বিশালে

৭) চুমিৰ ব্যক্তিগত জিম ট্ৰেইনাৰ তন্দ্ৰামণিক মাহে ৫০,০০০ টকা দৰমহা দিছিল বিশালে

৮)চুমিক ৭৬ লাখ টকাৰ হীৰাৰ আঙঠি দিছিল বিশালে

৯)ৰাজস্থানৰ উদয়পুৰত হোৱা চুমি-তাৰ্কিক বৰাৰ বিয়াত ৩ কোটি টকা ব্যয় কৰিছিল বিশালে

১০)বিয়াৰ অতিথিৰ বাবে বিমান ভাড়াত বিশালে ব্যয় কৰিছিল ৩৩ লাখ টকা

১১)চুমিৰ স্বামী তাৰ্কিকক ৪৫ লাখ টকীয়া ফৰ্চুনাৰ উপহাৰ বিশালৰ

১২)মাকক ৩৩ লাখ টকীয়া এম জি হেক্টৰ বাহন উপহাৰ বিশালৰ


published by: munmi gogoi

Fraudulent Bulls Eyes Online Trading: অনলাইন ট্ৰেডিঙৰ প্ৰৱঞ্চনাত অভিযুক্ত ‘বুলচ আইজ’ প্ৰতিষ্ঠানৰ দায়িত্বত চৰকাৰৰ মিত্ৰদলৰ নেতা

Fraudulent Bulls Eyes Online Trading Scheme in Assam: One Arrested, Key Suspects Absconding
Fraudulent Bulls Eyes Online Trading: অনলাইন ট্ৰেডিঙৰ প্ৰৱঞ্চনাত অভিযুক্ত 'বুলচ আইজ' প্ৰতিষ্ঠানৰ দায়িত্বত চৰকাৰৰ মিত্ৰদলৰ নেতা

নগাঁও, ৬ ছেপ্টেম্বৰ : বেংক অথবা অন্যান্য চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বিত্তীয় প্ৰতিষ্ঠানতকৈ অত্যাধিক লাভ দিয়াৰ সপোন দেখুৱাই অনলাইন ট্ৰেডিং আৰু ষ্টক মাৰ্কেটত ধন বিনিয়োগ কৰাৰ নামত লক্ষ লক্ষ টকাৰ লুণ্ঠন কৰাৰ অভিযোগৰে অভিযুক্ত ‘বুলচ আইজ’ নামৰ অস্বীকৃতিপ্ৰাপ্ত বিত্তীয় প্ৰতিষ্ঠানটোৰ সৈতে জড়িত থকাৰ অভিযোগত বিশাল তামুলী নামৰ এজন যুৱকক নগাঁও আৰক্ষীয়ে বুধবাৰে গ্ৰেপ্তাৰ কৰাৰ পিছত ইয়াৰ সৈতে নাম সাঙোৰ খাইছে আন বহুকেইজন যুৱকৰ(Fraudulent Bulls Eyes Online Trading)।

মূলতঃ অসম গণ পৰিষদ(Asom Gana Parishad)ৰ ভাতৃ সংগঠন ছাত্র পৰিষদৰ লগত ওতঃপ্ৰোতঃ ভাৱে জড়িত থকা ধৃত বিশালৰ লগতে আন কেইবাজনো ছাত্ৰ তথা যুৱ নেতা জড়িত থকাৰ তথ্য আৰক্ষীয়ে লাভ কৰিছে বুলি চৰ্চিত হৈছে(Political Leaders Linked to Fraudulent Bulls Eyes)।

চৰ্চিত খবৰ অনুসৰি, নগাঁও চহৰৰ পানীগাঁও চাৰিআলিৰ সমীপৰ কেবা মহলীয়া এটা বিল্ডিঙত স্থাপন কৰা ‘বুলচ আইজ’ নামৰ বিত্তীয় প্ৰতিষ্ঠানটোৰ লগত অসম গণ পৰিষদৰ ভাতৃ সংগঠন অসম যুৱ পৰিষদৰ নেতা কাশ্যপ ফুকনৰ লগতে অনিৰ্বাণ দেউৰী, লক্ষ্যজিৎ আৰু ধীৰাজ নামৰ যুৱককেইজন জড়িত আছিল। এই কেইজনৰ মালিকানাধীন বিত্তীয় প্ৰতিষ্ঠান ‘বুলচ আইজ’ৰ নামত কাৰ্যালয় পাতি অনলাইন ট্ৰেডিঙত মুনাফা লাভৰ প্ৰলোভনেৰে জিলাখনৰ বিভিন্নজনৰ পৰা লক্ষ লক্ষ টকা সংগ্ৰহ কৰা বুলি চৰ্চা চলিছে(Online Trading Scam)।

আৰক্ষীয়ে ইতিমধ্যে এই প্ৰতিষ্ঠানটোৰ দায়িত্বত থকা ছাত্র নেতা বিশাল তামুলীক গ্ৰেপ্তাৰ কৰিছে। প্ৰতিষ্ঠানটোৰ লগত জড়িত আন কেইজনৰ সন্ধান বৰ্তমানেও আৰক্ষীয়ে পোৱা নাই যদিও শীঘ্ৰেই তেওঁলোকক গ্ৰেপ্তাৰ কৰি জেৰা কৰাৰ সম্ভাৱনা আছে(Key Suspects Absconding)।

এক বিশেষ সুত্ৰে জানিব পৰা অনুসৰি, ‘বুলচ আইজ’ৰ নামত থকা বেংক একাউণ্টত বহু কোটি টকা জমা আছে(Large Sums in Bank Accounts)। অৱশ্যে আৰক্ষীৰ তদন্তত আৰু এই প্ৰতিষ্ঠানটোৰ লগত জড়িত থকা ব্যক্তিসকল গ্ৰেপ্তাৰ হোৱাৰ পিচতহে প্ৰকৃত সত্য পোহৰলৈ আহিব।

ইতিমধ্যে এই অবৈধ ব্যৱসায়টোৰ লগত জড়িত থকা লোকসকলৰ নামত থকা বেংক একাউন্টৰ সবিশেষ তথ্য সংগ্ৰহ কৰাৰ বাবে আৰক্ষীয়ে তৎপৰতা আৰম্ভ কৰা বুলি জানিব পৰা গৈছে(Nagaon Police)।

উল্লেখ্য যে গ্ৰেপ্তাৰৰ ভয়ত এই অবৈধ বিত্তীয় প্ৰতিষ্ঠানৰ লগত জড়িত আটাইকেইজন যুৱকেই ইতিমধ্যে আত্মগোপন কৰা বুলি জানিব পৰা গৈছে। ইপিনে, আত্মগোপন কৰাৰ পূ্বেই প্ৰতিষ্ঠানটোৰ স্বতাধিকাৰী কেইজনে আৰক্ষীৰ চকুত ধুলি মৰাৰ বাবে পানীগাঁও চাৰিআলিৰ সমীপত থকা ‘বুলচ আইজ’ৰ কাৰ্যালয়ত থকা চাইণ্ড বৰ্ড আতৰাই পেলায়।

তাৎপৰ্যপূৰ্ণ যে কোনোধৰণৰ স্বীকৃতি প্ৰাপ্ত নোহোৱা ‘বুলচ আইজ’ নামৰ প্ৰতিষ্ঠানটোত নগাঁৱৰ একাংশ বিষয়া কৰ্মচাৰী, ছাত্র-যুৱ নেতা আৰু সাংবাদিকে সহজলভ্য ধন লাভৰ আশাত ধন বিনিয়োগ কৰিছিল। বিনিয়োগকাৰী সকলৰ বহুজনে চৰকাৰে প্ৰতিষ্ঠানটোৰ বেংক একাউণ্ট জব্দ কৰা তথা প্ৰতিষ্ঠানটোৰ আটাইকেইজন স্বতাধিকাৰী গ্ৰেপ্তাৰ হ’লে বিনিয়োগ কৰা ধন হেৰুৱাৰ আতংকত ভুগিছে। আৰক্ষীয়ে যিকোনো মূহুৰ্তত এই প্ৰতিষ্ঠানটোৰ কাৰ্যালয়টোত তালাচী চলোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।

লগতে পঢ়ক: Online Trading Scam: বিশালৰ দ্য ব্লেক আম্ব্ৰেলাৰ তলত জিৰাইছিল অসমীয়া ছবি জগতৰ বহু ৰথী-মহাৰথীয়ে

India Singapore agreements: ছিংগাপুৰত প্ৰধানমন্ত্ৰী মোদীঃ স্বাক্ষৰ কৰিলে কেইবাখনো বুজাবুজি চুক্তিত

India Singapore agreements india-singapore-key-agreements-digital-health-education
India Singapore agreements: ছিংগাপুৰত প্ৰধানমন্ত্ৰী মোদীঃ স্বাক্ষৰ কৰিলে কেইবাখনো বুজাবুজি চুক্তিত

নতুন দিল্লী, ৬ ছেপ্তেম্বৰ: দক্ষিণ-পূব এছিয়াৰ দেশসমূহৰ(Southeast Asian nations) সৈতে সম্পৰ্ক উন্নীত কৰিবলৈ ভাৰতে চেষ্টা অব্যাহত ৰাখিছে । বৃহস্পতিবাৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছিংগাপুৰত উপস্থিত হয় (Prime Minister Narendra Modi visited Singapore)। প্ৰধানমন্ত্ৰী মোদী আৰু ছিংগাপুৰৰ প্ৰধানমন্ত্ৰী লৰেন্স ৱঙে বৃহস্পতিবাৰে ভাৰত আৰু ছিংগাপুৰপৰ মাজত বিভিন্ন বিষয়ৰ চাৰিখন বুজাবুজি চুক্তি স্বাক্ষৰ কৰে(India Singapore agreements) ।

এই অনুষ্ঠানত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড৹ এছ জয়শংকৰ(Foreign Minister Dr. S. Jaishankar) আৰু ছিংগাপুৰৰ বৈদেশিক মন্ত্ৰী ভিভিয়ান বালাকৃষ্ণনো উপস্থিত থাকে । ভাৰতে ছিংগাপুৰৰ সৈতে স্বাক্ষৰ কৰা এই বুজাবুজিৰ চুক্তিৰ ভিতৰত আছে ডিজিটেল প্ৰযুক্তিত সহযোগিতাৰ ক্ষেত্ৰত ছিংগাপুৰৰ ডিজিটেল উন্নয়ন আৰু তথ্য মন্ত্ৰালয় আৰু ভাৰতৰ ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ মাজত প্ৰথমখন বুজাবুজি চুক্তি(MoU signed between India Singapore) । এই চুক্তিয়ে ভাৰত আৰু ছিংগাপুৰৰ মাজত ডিজিটেল প্ৰযুক্তি যেনে ডিপিআই, চাইবাৰ-নিৰাপত্তা, ৫জি আৰু উদীয়মান প্ৰযুক্তি আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ ক্ষেত্ৰত সহযোগিতা কৰিব বুলি দুয়োখন দেশে আশা কৰিছে।

ভাৰত-ছিংগাপুৰৰ অৰ্ধপৰিবাহী পৰিস্থিতিতন্ত্ৰ অংশীদাৰিত্বৰ ক্ষেত্ৰত এই বুজাবুজি চুক্তিৰ পৰিধিৰ অধীনত ডিজিটেল ডমেইন সম্পৰ্কীয় শ্ৰমিকসকলক উৎসাহিত কৰিব। তদুপৰি ভাৰত আৰু ছিংগাপুৰে অৰ্ধপৰিবাহী ক্লাষ্টাৰ বিকাশ আৰু অৰ্ধপৰিবাহী ডিজাইন আৰু উৎপাদনত প্ৰতিভাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াব ।

ইয়াৰ উপৰি ভাৰতে ছিংগাপুৰৰ স্বাস্থ্য মন্ত্ৰালয়ে আন এক বুজাবুজি চুক্তি স্বাক্ষৰ কৰে । এই চুক্তিয়ে পাৰস্পৰিক স্বাৰ্থৰ ক্ষেত্ৰত গৱেষণা আৰু উদ্ভাৱনৰ ক্ষেত্ৰত যৌথ প্ৰচেষ্টাত সহায় কৰিব ।

ভাৰত আৰু ছিংগাপুৰে শৈক্ষিক সহযোগিতা আৰু দক্ষতা বিকাশৰ ক্ষেত্ৰতো বুজাবুজি চুক্তি স্বাক্ষৰ কৰে । এই চুক্তিয়ে কাৰিকৰী আৰু বৃত্তিমূলক শিক্ষা আৰু প্ৰশিক্ষণৰ ক্ষেত্ৰত ঘনিষ্ঠ সহযোগিতা বৃদ্ধি কৰিব আৰু দক্ষতা বিকাশৰ ক্ষেত্ৰত সহায় কৰিব(Health and Educational Cooperation Agreements)।

চুক্তি স্বাক্ষৰৰ অন্তত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ছিংগাপুৰ কেৱল ভাৰতৰ অংশীদাৰী ৰাষ্ট্ৰই নহয়, ই প্ৰতিখন উন্নয়নশীল দেশৰ বাবে এক অনুপ্ৰেৰণা স্বৰূপ হৈ পৰিছে ।

লগতে পঢ়ক: India Israel arms export: ভাৰতৰ পৰা ইজৰাইললৈ অস্ত্ৰ-শস্ত্ৰ, সামৰিক সজুলিৰ ৰপ্তানি বাতিলৰ বাবে সৰ্বোচ্চ ন্যায়ালয়ত আবেদন

RG Kar Doctor Rape and Murder: বিভ্ৰান্তিকৰ তথ্যৰে চিবিআইক বিপথে পৰিচালিত কৰাৰ চেষ্টা অভিযুক্ত সঞ্জয়ৰ

RG Kar Hospital Doctor Rape and Murder: Polygraph Reveals Suspect's Inconsistencies
RG Kar Doctor Rape and Murder: বিভ্ৰান্তিকৰ তথ্যৰে চিবিআইক বিপথে পৰিচালিত কৰাৰ চেষ্টা অভিযুক্ত সঞ্জয়ৰ

কলকাতা, ৫ ছেপ্টেম্বৰঃ আৰ জি কৰ হাস্পতালত এগৰাকী যুৱ চিকিৎসকক ধৰ্ষণ আৰু হত্যাৰ প্ৰধান অভিযুক্ত সঞ্জয় ৰয়ে পলিগ্ৰাফ পৰীক্ষাৰ সময়তো চি বি আইক বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰা বুলি জানিব পৰা গৈছে(RG Kar Hospital Doctor Rape and Murder) । চিবিআইৰ সূত্ৰই জনোৱা মতে, জেৰাৰ সময়ত তেওঁৰ বক্তব্যত বহু অসামঞ্জস্যতা দেখা গৈছে। অৱশ্যে সঞ্জয়ৰ ঘনিষ্ঠ বন্ধু তথা কলকাতা আৰক্ষীৰ ‘মেণ্টৰ’ সহকাৰী উপ পৰিদৰ্শক অনুপ দত্তৰ নাম শুনি তেওঁ স্তম্ভিত হৈ পৰে।

আনকি আৰ জি কৰ হাস্পতালৰ প্রাক্তন অধ্যক্ষ সন্দীপ ঘোষৰ সৈতে তেওঁৰ সম্পর্ক সন্দর্ভত সোধা-পোছা কৰাত সঞ্জয়ে চিবিআইৰ আগত উল্লেখ কৰে যে তেওঁ সন্দীপ ঘোষক চিনি নাপায়(Former hospital principal Sandeep Ghosh) ৷ তেওঁ সন্দীপ ঘোষক কেৱল চিকিৎসক দিৱসৰ দিনা আঁতৰৰ পৰাহে দেখিছিল । অৱশ্যে তেওঁৰ বহু বক্তব্য বিশ্বাসযোগ্য নহয় বুলি চিবিআইয়ে দাবী কৰিছে।

উল্লেখ্য যে, ন্যায়িক জিম্মাত থকা অৱস্থাতে অভিযুক্ত সঞ্জয় ৰয়ৰ পলিগ্ৰাফ টেষ্ট চিবিআইয়ে কৰিছে(Prime suspect Sanjay Roy) । চিবিআইৰ দাবী, এতিয়াও সঞ্জয় ৰায়ে চিবিআইৰ বিষয়াসকলক বিভিন্ন ধৰণে বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰি আছে। তেওঁ বিষয়াসকলক পতিয়ন নিয়াবলৈ চেষ্টা কৰিছে যে, আৰক্ষীয়ে তেওঁক ভাবুকি দিয়াৰ বাবেহে তেওঁ বহু কথা ক’বলৈ বাধ্য হৈছিল কাৰণ । কিন্তু যুৱ চিকিৎসকগৰাকীৰ হত্যা আৰু ধৰ্ষণৰ বিষয়ে তেওঁ একো নাজানে। তেওঁক মিছাতে দোষী কৰা হৈছিল।

আনকি, সঞ্জয়ে চিবিআইৰ আগত দাবী কৰিছে যে আৰক্ষীয়ে তেওঁক বিচাৰি যোৱা নাছিল(Central Bureau of Investigation)। আৰ জি কৰ হাস্পতালত থকা আউটপোষ্টলৈ তেওঁক আৰক্ষীয়ে মাতিহে পঠিয়াইছিল। তাতেই তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল ।

চি বি আইৰ সূত্ৰ অনুসৰি সঞ্জয় ৰায়ৰ পলিগ্ৰাফ টেষ্ট প্ৰেচিডেন্সি জেলৰ ভিতৰৰ এটা বিশেষ কোঠাত কৰা হৈছিল। তেওঁক একেৰাহে দহটা প্ৰশ্ন কৰা হৈছিল। তেওঁৰ নাম আৰু পৰিচয় প্ৰথমে চিবিআইৰ বিষয়া আৰু ফৰেনছিক বিশেষজ্ঞই সুধিছিল। ইয়াৰ পিছতে তেওঁক তদন্ত সন্দৰ্ভত জেৰা কৰা হয়।

তেওঁক সোধা হৈছিল, আৰ জি কৰ হাস্পতালৰ চতুৰ্থ মহলাত পুৱা ৪ বজাৰ পৰা ৪:৩০ বজাৰ ভিতৰত কি হৈছিল? এই প্ৰশ্নৰ উত্তৰত সঞ্জয় ৰয়ে চিবিআই আৰু ফৰেনছিকক জনাইছে যে তেওঁৰ এজন সহকৰ্মীৰ পিতৃক আৰ জি কৰ হাস্পতালত ভৰ্তি কৰা হৈছিল। তেওঁক বিচাৰিহে বিভিন্ন মহলালৈ তেওঁ গৈছিল। ট্ৰমা কেয়াৰ আৰু অপাৰেচন থিয়েটাৰত তেওঁ ৰোগীজনক বিচাৰিছিল। সঞ্জয় চতুৰ্থ মহলাৰ চেমিনাৰ ৰুমলৈও গৈছিল।

পলিগ্ৰাফ টেষ্টৰ সময়ত তেওঁ চিবিআই আৰু চেণ্ট্ৰেল ফৰেনছিকৰ দলক জনাইছিল যে তেওঁ পুৱা ৪ বজাৰ পিছত চেমিনাৰ ৰুমত প্ৰৱেশ কৰিছিল । তাতে যুৱতীগৰাকীক ৰক্তাক্ত অৱস্থাত পৰি থকা দেখিছিল । তেওঁ যুৱতীগৰাকীক চুই মাতিলে । কিন্তু কোনো সঁহাৰি নোপোৱাত তেওঁ নিশ্চিত হৈছিল যে চিকিৎসকগৰাকীৰ মৃত্যু ঘটিছে । তাৰ পাছত কোঠাটোৰ পৰা তেওঁ ওলাই আহিল ।

তাৰ পিছত চিবিআইৰ বিষয়াই তেওঁক সুধিছিল, যদি সেইটো সঁচা, তেন্তে তেওঁ নাগৰিক স্বেচ্ছাসেৱক হিচাপে তাত পৰি থকা যুৱ চিকিৎসকগৰাকীৰ মৃতদেহটো দেখি কিয় আৰক্ষী বা আৰ জি কৰ হাস্পতালৰ আউটপোষ্টৰ আৰক্ষীক একো খবৰ নিদিলে ? তেওঁ সেই প্ৰশ্নৰ কোনো উত্তৰ দিব নোৱাৰিলে । ফলত তেওঁৰ মিছা কথাও পলিগ্ৰাফত ধৰা পৰিল । তাৰোপৰি, চিবিআইয়ে তেওঁক সুধিছিল, ধৰ্ষণ আৰু হত্যাকাণ্ডৰ সময়ত তেওঁৰ বাহিৰেও কিমান মানুহ আছিল? সঞ্জয়ে নিজে এই ঘটনাত জড়িত নহয় বুলি দাবী কৰি এই লৈ তেওঁ একো নাজানে বুলি কৈ বিভ্ৰান্তিৰহে সৃষ্টি কৰে।

লগতে পঢ়ক: RG Kar Doctor Rape and Murder: জোৰ কৰি সিহতে আমাৰ ভিডিঅ’ বনাইছে : নিৰ্যাতিতাৰ পেহিয়েকৰ বিস্ফোৰক দাবী

RG Kar Doctor Rape and Murder: জোৰ কৰি সিহতে আমাৰ ভিডিঅ’ বনাইছে : নিৰ্যাতিতাৰ পেহিয়েকৰ বিস্ফোৰক মন্তব্য

RG Kar Doctor Rape and Murder statement of rg kar victims family on fake video issue
RG Kar Doctor Rape and Murder: জোৰ কৰি সিহতে আমাৰ ভিডিঅ' বনাইছে : নিৰ্যাতিতাৰ পেহিয়েকৰ বিস্ফোৰক মন্তব্য

সুদপুৰ, 5 ছেপ্টেম্বৰ: আৰ. জি. ক’ৰ চিকিত্‍সা মহাবিদ্যালয়ৰ এগৰাকী যুৱ চিকিৎসকক ধৰ্ষণ আৰু হত্যাকাণ্ড সন্দৰ্ভত শেহতীয়াকৈ এক চাঞ্চল্যকৰ অভিযোগ আনিছে নিৰ্যাতিতাৰ পৰিয়ালে(RG Kar Doctor Rape and Murder)। নিহত চিকিত্‍সক ছাত্ৰীগৰাকীৰ পেহিয়েকে মন্তব্য কৰিছে যে, তেওঁলোকৰ পৰিয়ালক জোৰ কৰি ভিডিঅ’ বনাবলৈ বাধ্য কৰোৱা হৈছে । লগতে, বিগত ৯ আগষ্টৰ পৰা এই পৰ্যন্ত তেওঁলোকক লৈ কি কি ঘটনা সংঘটিত হৈছিল, সেয়াও দিন-তাৰিখ উল্লেখ কৰি পেহিয়েকগৰাকীয়ে প্ৰমাণসহ প্ৰকাশ কৰিছে(RG Kar Victims Family Reactions on Video Issue) ।

কলকাতা আৰক্ষীৰ(Kolkata Police) বিৰুদ্ধে নিহত চিকিত্‍সক ছাত্ৰীগৰাকীৰ পৰিয়ালৰ অভিযোগ, তেওঁলোকক টকা দিয়াৰ প্ৰস্তাৱ আগবঢ়োৱাৰ লগতে পৰিয়ালটোক ভাবুকিৰে জোৰ-জবৰদস্তি কৰি এটা ভিডিঅ’ বনাবলৈ বাধ্য কৰোৱা হৈছে। এই ভিডিঅ’ত ৰেকৰ্ড কৰা কথাবোৰক আৰক্ষীৰ দ্বাৰা প্ৰস্তুত কৰা এক “পৰিকল্পিত ষড়যন্ত্র” বুলি পেহিয়েকে দাবী কৰে।

পেহিয়েকে কয় যে, “১১ আগষ্টৰ নিশা ১১ বজাত তেওঁলোকক লৈ এটা ভিডিঅ’ বনোৱা হৈছিল । তেওঁলোকৰ ঘৰলৈ এজন ভিডিঅ’গ্ৰাফাৰ আহি পৰিয়ালটোক কৈছিল, আৰক্ষীৰ কথা অমান্য কৰিলে কেচটোক লৈ তেওঁলোকে সমস্যাৰ সন্মুখীন হ’ব। এনেধৰণৰ ভাবুকিৰে পৰিয়ালটোৰ ওপৰত চাপ প্ৰয়োগ কৰি ভিডিঅ’ বনাবলৈ বাধ্য কৰেৱা হৈছিল।”

তেখেতে লগতে কয় যে, “ঘটনাৰ দিনা অর্থাৎ ৯ আগষ্টত নিহত চিকিত্‍সক ছাত্ৰীগৰাকীৰ ঘৰত মাক দেউতাকক বহুকেইটা টকাৰ বাণ্ডিল গ্ৰহণৰ প্ৰস্তাৱ দিয়া হৈছিল। প্ৰস্তাৱ দিয়াকেইজনৰ মাজত অসামৰিক সাজত এজন আৰক্ষীৰ লোকো(Policeman came in civil dress) তেওঁলোকৰ ঘৰলৈ আহিছিল ।”

নিহত চিকিত্‍সক ছাত্ৰীগৰাকীৰ পেহিয়েকে এই নৃশংস ঘটনাটোৰ সম্পৰ্কিত কোনো তথ্য কাৰোবাৰ জ্ঞাত থাকিলে, তেওঁলোকে আগুৱাই আহি ইয়াৰ সত্যতাক প্রকাশ কৰিবৰ বাবে আহ্বান জনায় । তেখেতে কয়, “হাস্পতালৰ চেষ্ট ডিপাৰ্টমেন্টৰ(Chest department) বহুকেইগৰাকী লোক ঘটনাটোৰ দিনা চিকিত্‍সালয়খনত উপস্থিত আছিল। যদি কোনোবাই এই সংক্ৰান্তত কিবা জানে, তেওঁলোকে এতিয়া মুখ খুলা উচিত, যাতে এনে দুষ্কৰ্মৰ বিৰুদ্ধে এক কঠোৰ বাৰ্তা যায়,” । তাৰোপৰি তেখেতে ভাৰতৰ ৰাষ্ট্ৰপতিলৈকো এখন পত্ৰ প্ৰেৰণেৰে এই ঘটনাটোৰ সন্দৰ্ভত ক্ষীপ্ৰ তদন্তৰ আহ্বান জনায়।

লগতে পঢ়ক: Anti-Rape Bill: পশ্চিমবংগ বিধানসভাত গৃহীত ধৰ্ষণ বিৰোধী বিধেয়ক ‘অপৰাজিতা’

Shivaji Maharaj Statue Collapse: প্ৰতিমূৰ্তি নিৰ্মাণৰ বাবে ২৩৫ কোটি আবণ্টনৰ বিপৰীতে খৰচ মাত্ৰ ডেৰ কোটি !

Shivaji Maharaj Statue Collapse: প্ৰতিমূৰ্তি নিৰ্মাণৰ বাবে ২৩৫ কোটি আবণ্টনৰ বিপৰীতে খৰচ মাত্ৰ ডেৰ কোটি !
Shivaji Maharaj Statue Collapse: প্ৰতিমূৰ্তি নিৰ্মাণৰ বাবে ২৩৫ কোটি আবণ্টনৰ বিপৰীতে খৰচ মাত্ৰ ডেৰ কোটি !

থানে, ৫ ছেপ্তেম্বৰ: ছত্ৰপতি শিৱাজী মহাৰাজৰ নৱনিৰ্মিত ৩৫ ফুট উচ্চতাৰ প্ৰতিমূৰ্তিটো খহি পৰা ঘটনাক লৈ ভাস্কৰ্য শিল্পী জয়দীপ আপ্তেক আজি পুৱাই মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে(Sculptor Jaydeep Apte Arrested)। এই প্ৰতিমূৰ্তিটো খহি পৰাৰ ঘটনাৰ পাছতে আপ্তে পলাতক অৱস্থাত আছিল। ২৬ আগষ্টত এই প্ৰতিমূৰ্তিটো খহি পৰা ঘটনাটো সংঘটিত হৈছিল, যাৰ ফলত সমগ্ৰ দেশজুৰি প্ৰতিবাদৰ জোৱাৰ উঠিছিল (Shivaji Maharaj Statue Collapse)।

মহাৰাষ্ট্ৰৰ সিন্ধুদুৰ্গ জিলাৰ ৰাজকোট গড়ত(Rajkot Fort in Sindhudurg) স্থাপন কৰা ছাত্ৰপতি শিৱাজী মহাৰাজৰ পূৰ্ণদৈৰ্ঘ্যৰ প্ৰতিমূৰ্তিটো(large-scale statues) ২৬ আগষ্টৰ দুপৰীয়া প্ৰায় এক বজাত ভাঙি পৰে। এই ঘটনাৰ পাছতে কেৱল ভাৰততে নহয়, সমগ্ৰ বিশ্বৰ বিভিন্ন প্ৰান্তত থকা শিৱাজীপ্ৰেমীসকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হোৱা পৰিলক্ষিত হয়। এই প্ৰতিমূৰ্তিটো নিৰ্মাণৰ লগত জড়িত ভাস্কৰ্য শিল্পী জয়দীপ আপ্তেক আৰক্ষীয়ে অৱশেষত বুধবাৰে নিশা গ্ৰেপ্তাৰ কৰে। জয়দীপ আপ্তেই নিশাৰ আন্ধাৰৰ সুযোগ লৈ পত্নীক লগ কৰিবলৈ অহাৰ সময়তে তেওঁৰ বাসগৃহৰ পৰাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।

প্ৰতিমূৰ্তিটো ভঙাৰ পিছতে সন্দেহৰ আৱৰ্তত সোমাই পৰা ভাস্কৰ্য শিল্পী জয়দীপ আপ্তেই আত্মগোপন কৰে যদিও মহাৰাষ্ট্ৰ আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰৰ বাবে অভিযান চলাই গৈছিল । অনুমান কৰা অনুসৰি, আপ্তেৰ গ্ৰেপ্তাৰৰ পাছত বহু গুৰুত্বপূর্ণ তথ্য পোহৰলৈ আহিব পাৰে ।

প্ৰতিমূৰ্তিটো খহি পৰাৰ ঘটনাৰ পটভূমি:

সিন্ধুদূৰ্গ জিলাৰ ৰাজকোট কিল্লাত যোৱা ২৬ আগষ্টৰ দুপৰীয়া ১ বজাত ছত্ৰপতি শিৱাজী মহাৰাজৰ প্ৰতিমূৰ্তিটো খহি পৰাৰ ঘটনাৰ পাছতে সমগ্ৰ দেশজুৰি আলোড়নৰ সৃষ্টি হৈছিল । ভাৰতীয় নৌসেনাৰ দায়িত্বত স্থাপন হোৱা প্ৰতিমূৰ্তিটো নিৰ্মাণৰ মাত্ৰ ৮ মাহ পাছতে খহি পৰাৰ ঘটনাৰ পাছতে ভাস্কৰ্য শিল্পী জয়দীপ আপ্তে আৰু কনচালটেন্ট ডাঃ চেতন পাটিলৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হৈছিল ।

সন্দেহৰ মাজত কিয় সোমাল ভাস্কৰ্য শিল্পী আপ্তে ?

প্ৰতিমূৰ্তি নিৰ্মাণৰ ক্ষেত্ৰত আপ্তেৰ পৰ্যাপ্ত অভিজ্ঞতা নথকাৰ পিছতো তেওঁক এই দায়িত্ব দিয়া হৈছিল। তাৰোপৰি প্ৰতিমূৰ্তিটোৰ ডিজাইন আৰু নিৰ্মাণৰ দ্বায়িত্ব ভাৰতীয় নৌসেনাৰ হাতত আছিল। বিশেষজ্ঞসকলৰ মতে, এনে এটা প্ৰতিমূৰ্তি নিৰ্মাণ কৰিবলৈ সাধাৰণতে প্ৰায় ৩ বছৰ সময় লাগে, কিন্তু আপ্তেই মাত্ৰ ৭ মাহতে নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিছিল। এই সন্দেহৰ পৰিপ্ৰেক্ষিততে ভাস্কৰ্য শিল্পী আপ্তে আৰু কনচালটেন্ট ড. চেতন পাটিলৰ ওপৰত অভিযোগ উত্থাপিত হৈছিল ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উন্মোচন কৰিছিল এই প্ৰতিমূৰ্তি

যোৱাটো বৰ্ষৰ ৪ ডিচেম্বৰত নৌসেনা দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে(Prime Minister Narendra Modi) এই প্ৰতিমূৰ্তিটো উন্মোচন কৰিছিল । এই প্ৰতিমূৰ্তিটোৰ ৰক্ষণাবেক্ষণৰ দায়িত্বত থকা নৌসেনাই জয়দীপ আপ্তে মালিকানাধীন মেছাৰ্ছ আৰ্টিষ্ট্ৰি কোম্পানীক নিৰ্মাণৰ চুক্তি দিছিল। তাৰোপৰি স্থপতিবিদজনকো নিৰ্বাচন কৰাৰ প্ৰক্ৰিয়া আৰু ইয়াৰ ডিজাইন নৌসেনাই নিজেই কৰিছিল।

২৩৫ কোটি আবণ্টনৰ বিপৰীতে প্ৰতিমূৰ্তি নিৰ্মাণত খৰচ মাত্ৰ ডেৰ কোটি !

আপ্তেক গ্ৰেপ্তাৰৰ পিছত বিজেপি নেতা প্ৰবীণ দাৰেকাৰে কয়, ‘আমাৰ চৰকাৰক সমালোচনা কৰা সকলে এতিয়া মুখ বন্ধ কৰিব লাগিব। এয়া সঁচা যে জয়দীপ আপ্তেক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষীয়ে অলপ বেছি সময় ল’লে। কিন্তু আৰক্ষীয়ে নিজৰ কাম কৰিলে।’ ইফালে মহাৰাষ্ট্ৰ কংগ্ৰেছে এই প্ৰতিমূৰ্তিটো নিৰ্মাণৰ বাবে ২৩৬ কোটি টকা আবণ্টন দিয়া বুলি দাবী উত্থাপন কৰিছে। কিন্তু প্ৰকৃত ক্ষেত্ৰত মাত্ৰ ডেৰ কোটি টকাহে নিৰ্মাণত খৰচ কৰা হৈছে বুলি দাবী কৰি বাকী টকাবোৰ ক’লৈ গ’ল বুলিও কংগ্ৰেছে প্ৰশ্ন উত্থাপন কৰিছে ।

Property List : বিশাল ফুকন আৰু চুমি বৰাৰ সম্পত্তিৰ তথ্য…

বিশাল ফুকন আৰু চুমি বৰা
বিশাল ফুকন আৰু চুমি বৰা

বিগত কিছুদিন ধৰি অসমৰ লগতে ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰো শিৰনাম দখল কৰি ৰখা ৰহস্যময়ী অভিনেত্ৰীগৰাকী হৈছে চুমি বৰা। মূলতঃ ৰীৱল ৰাণী হিচাবেহে সৰ্বাধিক পৰিচিত চুমি বৰাই পৰৱৰ্তী সময়ত গুৱাহাটীলৈ আহি অসমীয়া ছবি জগতৰ একাংশ লোকৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক গঢ়ি তুলিবলৈ সক্ষম হৈছিল। সেই ঘনিষ্ঠতাৰ সুবাদতে চুমিয়ে দুই এখন ছবিৰ লগতে গানৰ ভিডিঅ’ আদিত অভিনয় কৰাৰ সুবিধা পাইছিল। ডিব্ৰুগড়ৰ বাণীপুৰ নিবাসী চুমি বৰাৰ অতীতলৈ উভতি চালে নানান অধ্যায়ৰ পৃষ্ঠা খোল খাব বুলি বহুতে মন্তব্য কৰিছে।

অনলাইন ট্ৰেডিঙৰ প্ৰৱঞ্চনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্য়ত ঘটি থকা হাজাৰ-হাজাৰ কোটি টকাৰ ট্ৰেডিং কেলেংকাৰীক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে ক’লে ‘‘চুমি বৰাই নহয়, জড়িত সকলো গ্ৰেপ্তাৰ হ’ব। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নিয়ম উলংঘা কৰা সকলোৰে বিৰুদ্ধে ব্যৱস্থা হ’ব।’’

বিশাল ফুকন আৰু চুমি বৰাৰ সম্পত্তিৰ তথ্য

১) ডিব্ৰুগড়ৰ বৈৰাগীমঠত বিশালৰ ২,০০০ বৰ্গফুটৰ কাৰ্যালয়। ৮৫ লাখ টকাৰে ইণ্টেৰিঅ’ৰ ডিজাইন কৰা হৈছিল কাৰ্যালয়টোৰ। ইণ্টেৰিঅ’ৰ ডিজাইনাৰ কৰিশ্মা কাকতিক দিছিল নগদ ৫০ শতাংশ ধন

২)ডিব্ৰুগড়ৰ পূৰ্বাঞ্জলি এপাৰ্টমেণ্টৰ ফ্লেট ক্ৰয় কৰিছিল ৬৩.২৫ লাখ টকাত। বিল্ডাৰক নগদ দিছিল ৪৪ লাখ টকা

৩)ডিব্ৰুগড়ত চুমি বৰাৰ বাবে বিশালে খুলি দিয়া ডান্স একাডেমীৰ ডিজাইনিঙত ব্যয় ৩৩ লাখ টকা। চিগমা টাইলছক ১০ লাখ টকা দিছিল আৰু চাউণ্ড প্ৰুফৰ নামত ব্যয় ১৫ লাখ টকা

৪)গুৱাহাটীৰ তৰুণ নগৰৰ প্ৰতীক তৰুণ এপাৰ্টমেণ্টত ৭ কোটি টকাত ডুপ্লেক্স ফ্লেট ক্ৰয়

৫)গুৱাহাটীৰ নাৰেংগীত আইডিয়েল ভিউ এপাৰ্টমেণ্টত ১.৫ কোটি টকাত ফ্লেট ক্ৰয়

৬)৮ আগষ্টত চুমিৰ জন্মদিনত ২ লাখ টকীয়া টেডী বিয়েৰ উপহাৰ দিছিল বিশালে

৭) চুমিৰ ব্যক্তিগত জিম ট্ৰেইনাৰ তন্দ্ৰামণিক মাহে ৫০,০০০ টকা দৰমহা দিছিল বিশালে

৮)চুমিক ৭৬ লাখ টকাৰ হীৰাৰ আঙঠি দিছিল বিশালে

৯)ৰাজস্থানৰ উদয়পুৰত হোৱা চুমি-তাৰ্কিক বৰাৰ বিয়াত ৩ কোটি টকা ব্যয় কৰিছিল বিশালে

১০)বিয়াৰ অতিথিৰ বাবে বিমান ভাড়াত বিশালে ব্যয় কৰিছিল ৩৩ লাখ টকা

১১)চুমিৰ স্বামী তাৰ্কিকক ৪৫ লাখ টকীয়া ফৰ্চুনাৰ উপহাৰ বিশালৰ

১২)মাকত ৩৩ লাখ টকীয়া এম জি হেক্টৰ বাহন উপহাৰ বিশালৰ

লগতে পঢ়ক :Social Worker : সমাজ সেৱিকা দময়ন্তী পাণীলৈ অমলপ্ৰভা সৰ্বোদয় বঁটা…

Published by: Jebin Sultana

Online Trading Scam: চুমি বৰাই কৌশলেৰে হাই প্ৰফাইল লোকক অনলাইন ট্ৰেডিঙৰ ফাণ্ডত পেলাইছিল…

চুমি বৰাই কৌশলেৰে হাই প্ৰফাইল লোকক অনলাইন ট্ৰেডিঙৰ ফাণ্ডত পেলাইছিল
চুমি বৰাই কৌশলেৰে হাই প্ৰফাইল লোকক অনলাইন ট্ৰেডিঙৰ ফাণ্ডত পেলাইছিল

ৰাজ্যত এতিয়া এটা চৰ্চিত নাম চুমি বৰা। বিশেষ সূত্ৰই প্ৰকাশ কৰা মতে নৃত্যত পাকৈত অভিনেত্ৰী চুমি বৰাই বিয়াগোম আমোলা, আৰক্ষী বিষয়াকে ধৰি আন বহু হাই প্ৰফাইল লোকক অন লাইন ট্ৰেডিঙৰ ফাণ্ডত পেলাবলৈ নানান কৌশল ব্যৱহাৰ কৰিছিল। চুমি কাণ্ডই ৰাজ্যত জোকাৰণিৰ সৃষ্টি কৰাৰ সময়তে চুমি বৰাৰ এটা বিশেষ ভিডিঅ’ই ছ’চিয়েল মিডিয়াত আলোড়ণৰ সৃষ্টি কৰিছিল।

দৈনন্দিন বাৰ্তাৰ তৰফৰ পৰা অৱশ্যে সেই ভিডিঅ’ৰ সত্য-সত্যতা প্ৰমাণ কৰি চোৱা হোৱা নাই। যি কি নহওক, ছ’চিয়েল মিডিয়াত বতাহৰ গতিত ভাইৰেল হোৱা ভিডিঅ’টো অৱশ্যে পিছত কোনো পক্ষৰ হেঁচাত ডিলিট কৰা হ’ল। ভিডিঅ’টোত চুমিয়ে বহু প্ৰভাৱশালী লোকক হোটেল, ৰিজ’ৰ্ট আদিত আলিংগন কৰি চুমা খোৱা দেখা গৈছে। অৱশ্যে হাই প্ৰফাইল সমাজত তেনেদৰে আলিংগন কৰি চুমা খোৱাটো কোনো ডাঙৰ কথা নহয় বলিউডৰ লগতে বিদেশতো এনে পৰম্পৰা প্ৰচলিত আছে। কিন্তু ভিডিঅ’চটোৰ আঁত ধৰিয়েই বিশেষ সূত্ৰই কৈছে যে এনেদৰেই চুমিয়ে প্ৰভাৱশালী বিষয়া, ৰাজনীতিক আদিৰ সৈতে অধিক ঘনিষ্ঠ হৈ পৰাৰ চেষ্টা কৰিছিল আৰু সেইসকল লোকক পিছত অনলাইন ট্ৰেডিঙত ধন বিনিয়োগ কৰাৰ বাবে বিশাল ফুকনৰ লগলগাই দিছিল।

সূত্ৰটোৱে লগতে এই বুলিও প্ৰকাশ কৰিছে যে চুমি বৰাৰ কথিত ভিডিঅ’টো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পিছতে এতিয়া বহু প্ৰভাৱশালী শীৰ্ষ আমোলা, শীৰ্ষ আৰক্ষী বিষয়া, ৰাজনীতিকৰ সংসাৰ থানবান হোৱাৰ উপক্ৰম ঘটিছে। স্বামীয়ে ছলনাময়ী নাৰীৰ পাল্লাত পৰি অন লাইন ট্ৰেডিঙত ধন বিনিয়োগ কৰাৰ কথা জানিব পৰাৰি এতিয়া বহুতৰে প্তনীয়ে স্বামীক উভতি ধৰা বুলি সূত্ৰটোৱে প্ৰকাশ কৰে। ইপিনে বিনিয়োগ কৰা ধন পানীত পৰাৰ বাবে বহুতে মূৰে-কপালে হাত দিছে। এপিনে পত্নীৰ হুংকাৰ আৰু আন পিনে ধন পানীত পৰাৰ দুখত এতিয়া সেইসকল শীৰ্ষ আমোলা, আৰক্ষী বিষয়া, ৰাজনীতিক আৰু আন একাংশ লোকৰ অৱস্থা চাবলগীয়া হৈছে বুলি সূত্ৰটোৱে প্ৰকাশ কৰিছে।

ইয়াৰ মাজতে এগৰাকী আগশাৰীৰ সাংবাদিকে ছ’চিয়েল মিডিয়াৰ পোষ্টত ধন বিনিয়োগকাৰীসকলহে অপৰাধী, চুমি বৰা, বিশাল ফুকন আদি নহয় বুলি কৰা মন্তব্যয়ো সেইসকল বিষয়া, ৰাজনীতিকক হতাশ কৰি তুলিছে বুলি সূত্ৰটোৱে কয়। সঁচাকৈয়ে নাৰীয়েই গঢ়ে আৰু নাৰীয়েই ভাঙে বুলি কোৱা কথাষাৰ হয়তো মিছা নহয়।

Social Worker : সমাজ সেৱিকা দময়ন্তী পাণীলৈ অমলপ্ৰভা সৰ্বোদয় বঁটা…

Amalprabha Sarvodaya Award to Social Worker Damayanti Pani
সমাজ সেৱিকা দময়ন্তী পাণী

মধ্যপ্ৰদেশৰ চত্তৰপুৰৰ গান্ধী আশ্ৰমৰ সঞ্চলিকা, সমাজ সেৱিকা (Social Worker ) দময়ন্তী পাণীলৈ তেওঁ সমাজলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে চলিত ২০২৪ বৰ্ষৰ ‘অমলপ্ৰভা সৰ্বোদয় বঁটা’ৰ বাবে নিৰ্বাচিত কৰা হৈছে। দুই ছেপ্টেম্বৰত গুৱাহাটীৰ উলুবাৰীস্থিত শৰণীয়া আশ্ৰমত সৰ্বোদয় ট্ৰাষ্টৰ স্থায়ী সভাপতি মোহনদাস ভাণ্ডাৰীৰ সভাপতিত্বত অনুষ্ঠিত এখন সভাত “অমলপ্ৰভা সর্বোদয় বঁটা ২০২৪”ৰ বাবে মধ্যপ্ৰদেশৰ চত্তৰপুৰ গান্ধী আশ্ৰমৰ (Gandhi Ashram )সঞ্চালিকা,সমাজ সেৱিকা দময়ন্তী পাণীৰ নামটো সৰ্বসন্মতভাৱে নিৰ্বাচিত কৰা হয় ৷

ট্ৰাষ্টৰ সচিব, অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগৰ অৱসৰপ্ৰাপ্ত মুখ্য অভিযন্তা নয়ন ভাণ্ডাৰী শৰ্মাই জানিবলৈ দিয়া মতে এই বঁটা অহা ১২ নৱেম্বৰত শৰণীয়া আশ্ৰমত মুক্তিযোদ্ধা তথা বিশিষ্ট সমাজকর্মী প্রয়াত অমলপ্ৰভা দাসৰ ১১৩ সংখ্যক জন্ম জয়ন্তী উপলক্ষে অনুস্থিত হবলগীয়া এক অনুষ্ঠানত তেঁওক এই সন্মানীয় বঁটা (Prestigious Award ) প্ৰদান কৰা হব ৷ এই বঁটাত আছে নগদ ৫০ হাজাৰ টকাৰ চেক , এখন প্রশস্তি পত্ৰ, এখন শৰাই, এৰী চাদৰ আৰু এখন ফুলাম খাদী গামোছা।

লগতে পঢ়ক ::পলাতক চুমি বৰাৰ বাহনৰ সন্ধান! ক’ত আত্মগোপন কৰি আছে চুমি বৰাই…

তদুপৰি অনুষ্ঠানতেই ৬ গৰাকী মেধাৱী, পিতৃ – মাতৃহীন ছাত্র-ছাত্রীক (Students) ছয় হাজাৰ টকাকৈ বছৰেকীয়া জলপানী প্ৰদান কৰা হব। তাৰোপৰি শ্ৰীমন্ত শঙ্কৰদেৱ চিকিৎসা বিজ্ঞান বিশ্ববিদ্যালয়ৰ স্নাতক পৰীক্ষাত শল্যচিকিৎসা আৰু স্ত্ৰীৰোগ বিষয়ত সর্বোচ্চ নম্বৰ প্ৰাপক দুগৰাকী চিকিৎসকক ডাঃ হৰিকৃষ্ণ দাস আৰু ডাঃ তিলোত্তমা ৰায়চৌধুৰী বঁটা প্ৰদান কৰা হব ৷ এই বঁটাত নগদ ১৫ হাজাৰ টকা আগবঢ়োৱা হব ।

Published by: Jebin Sultana