Home Blog Page 580

Sumi Borah:পলাতক চুমি বৰাৰ বাহনৰ সন্ধান! ক’ত আত্মগোপন কৰি আছে চুমি বৰাই…

পলাতক চুমি বৰাৰ বাহনৰ সন্ধান!
পলাতক চুমি বৰাৰ বাহনৰ সন্ধান!

দৈনন্দিন বাৰ্তাৰ ডিজিটেল সেৱাঃ এটা প্ৰায় ৪,০০০ কোটি টকীয়াৱ কেলেংকাৰী। এই কেলেংকাৰীৰ মূল খল নায়িকা হিচাবে এতিয়া নাম উচ্চাৰিত হৈছে অভিনেত্ৰী চুমি বৰাৰ। চুমি বৰা বৰ্তমান পলাতক। ডিব্ৰুগড়ত চুমিৰ সহযোগী বুলি অভিযোগ উত্থাপন হোৱা বিশাল ফুকন গ্ৰেপ্তাৰ হোৱাৰ পিছতে ঘটনাৰ মূল খলনায়িকা চুমি বৰাই গুৱাহাটীত আৰক্ষীৰ নাকৰ তলেৰেই আত্মগোপন কৰিবলৈ সক্ষম হ’ল। হঠাতে বতাহৰ লগত মিলি যোৱা চুমি বৰাৰ কোনো সন্ধানেই উলিয়াবলৈ সক্ষম হোৱা নাই অসম আৰক্ষীৰ দৰে এটা বিয়াগোম বাহিনীয়ে। (Sumi Borah)

বিশেষ সূত্ৰই প্ৰকাশ কৰা মতে চুমি বৰাক আটক কৰাৰ ক্ষেত্ৰত ডিব্ৰুগড় আৰক্ষীয়ে গুৱাহাটী আৰক্ষীক কোনো বিশেষ সহযোগ কৰা নাই। ফলত চুমিক সহজে কৰায়ত্ব কৰাটো এতিয়া গুৱাহাটী আৰক্ষীৰ বাবে সহজ কথা নহ’ব বুলিও সূত্ৰটোৱে সন্দেহ প্ৰকাশ কপিছে। সূত্ৰটোৰ মতে চুমি বৰাক এতিয়া আৰক্ষীৰেই একাংশ লোকে কৌশলেৰে আটক নকৰাকৈ ৰাখিব বিচাৰিছে। সূত্ৰটোৱে লগতে এইবুলিও কয় যে চুমি বৰাক আটক কৰিব পাৰিলেই বহুতৰে মুখা খোল খাই যোৱাৰ ভয় আছে।

যদি চুমিয়ে মুখ খোলে তেন্তে বহু আমোলা- বিষয়া, আৰক্ষীৰ শীৰ্ষ বিষয়া, মন্ত্ৰী-বিধায়ক, সাংবাদিক, চিকিৎসকৰ মুখা খোল খাই পৰিব পাৰে। চুমিৰ স্বীকাৰোক্তিয়ে উদঙাই দিব পাৰে সেইসকল লোকৰ আৰ্থিকৰ লগতে ব্যক্তিগত চৰিত্ৰৰ বহু অন্ধাৰ দিশ। সেয়ে সূত্ৰটোৰ মতে চুমিক আটক নকৰাকৈ ৰাখিবলৈ সেই আমোলা- বিষয়া, আৰক্ষীৰ শীৰ্ষ বিষয়া, মন্ত্ৰী-বিধায়ক, সাংবাদিক,চিকিৎসকৰ চক্ৰটোৱে প্ৰাণপণে চেষ্টা কৰিছে। লক্ষ্যণীয় কথাটো হ’ল বিশাল ফুকনক গ্ৰেপ্তাৰ কৰাৰ পিছতে আৰক্ষীয়ে চুমি বৰাৰ মোবাইল ফোনৰ লোকেচন পৰীক্ষা কৰিলেই চুমি সহজে ধৰা পৰিহেঁতেন, কিন্তু ৰহস্যজনক কাৰণত আৰক্ষীয়ে তেনে নকৰিলে।

লগতে পঢ়কঃ Online Trading Scam: চুমি বৰাৰ আছে অতীতৰ বহু অকথিত অধ্যায়…

বিশেষ সূত্ৰই প্ৰকাশ কৰা মতে বিশালক গ্ৰেপ্তাৰ কৰাৰ পিছতে আৰক্ষীৰেই একাংশ লোকে চুমি বৰাক আত্মগোপন কৰিবলৈ সুবিধা কৰি দিছিল। এইক্ষেত্ৰত একাংশ সাংবাদিকেও ইংগিতপূৰ্ণ ফেচবুক পোষ্টৰ জড়িয়তে চুমি বৰাৰ দৰে প্ৰতাৰকসকলক নিৰ্দোষী সজাই অনলাইন ট্ৰেডিঙত ধন বিনিয়োগ কৰা সকলকহে দোষী সজাইছে। অসমৰ এগৰাকী আগশাৰীৰ সাংবাদিকে নিজৰ ছ’চিয়েল মিডিয়া একাউণ্টত চুমি বৰা, স্বপ্ননীল, দীপাংকৰ, বিশাল আদিৰ কোনো দোষ নাই বুলি প্ৰতিপন্ন কৰিব বিচাৰি ওলোটাই ধন বিনিয়োগকাৰীসকলকহে ধোষী সজোৱাৰ কথাই বহুতকে নানান বিষয়ত সন্দেহ কৰিবলৈ বাধ্য কৰোৱাইছে। কাৰণ সেইগৰাকী সাংবাদিকৰ চৰকাৰৰ খবৰ নখ দৰ্পনত থাকে।

চৰককাৰৰ সকলো খবৰ প্ৰায়ে আগতীয়াকৈ পোৱা সেইগৰাকী সাংবাদিকৰ পোষ্টটো পোৱাৰ পিছত বহুতে এইবুলি কোৱা-কুই যে চুমি বৰা আৰু তেওঁৰ সংগীসকলৰ কাম ন্যায় সংগত বুলি প্ৰতিপন্ন কৰি চৰকাৰৰ ঘৰৰেই কোনোবাই চুমি বৰাহঁতক ধোৱা তুলসীৰ পাত সজাই বচাবলৈ চেষ্টা কৰিছে নেকি? এটা কথা মনকৰিবলগীয়া যে প্ৰায় ৪,০০০ কোটিটকীয়া অনলাইন ট্ৰেডিং কোম্পানীৰ কেলেংকাৰীত নিঃসন্দেহে কেৱল চুমি বৰা বা বিশাল ফুকনৰ দৰে লোকসকলেই হয়তো জড়িত নাই। এই কেলেংকাৰীত আঁৰ কাপোৰৰ আঁৰত থাকি আন কোনো প্ৰভাৱশালী লোকে বা লোকৰ সমষ্টিয়ে সমগ্ৰ চক্ৰটোক হয়তো পৰিচালনা কৰিছিল।

বিশেষ সূত্ৰই সদৰি কৰা অনুসৰি সেই প্রভাৱশালী চক্ৰটোত আৰক্ষীৰ লোকো জড়িত থকাৰ পূৰ্ণঁ সম্ভাৱনা আছে। আৰক্ষীয়েই এতিয়া চুমি বৰাক পলুৱাই ৰাখিছে বুলি বহুতে সন্দেহ কৰিছে। অসম আৰক্ষীৰ এটা বিয়াগোম চাইবাৰ চেল আছে, চোৰাংচোৱা আছে। ইমানৰ পিছতো স্বপ্নীল দাস, চুমি বৰা, বিশাল ফুকনৰ দৰে লোকসকলে আৰক্ষীৰ চকুত ধূলি দি কিদৰে ইমান বিশাল কেলেংকাৰী সংঘটিত কৰিব পাৰিলে বুলিও বহুতে প্ৰশ্ন কৰা পৰিলক্ষিত হৈছে। ট্ৰেডিং স্কুলৰ মাষ্টাৰ স্বপ্ননীল দাসে আৰক্ষীৰ নাকৰ তলতে অনলাইন ট্ৰেডিঙৰ স্কুল খুলি মানুহক প্ৰলোভিত কৰিছিল। তেনে স্কুল খোলাৰ ক্ষেত্ৰত নিঃসন্দেহে জিএমচিৰ পৰা ট্ৰেড লাইচেন্স এখন ল’ব লাগিব। ট্ৰেড লাইচেন্সত কি ব্যৱসায়, ব্যৱসায়ৰ প্ৰকৃতি আদি কথাবোৰ উল্লেখ থাকে। কিন্তু স্বপ্ননীল দাসৰ ক্ষেত্ৰত জিএমচি বা আৰক্ষীয়ে তেনে নিয়ম পালন কৰা নাছিল নেকি বুলিও এতিয়া বহুতে প্ৰশ্ন কৰিছে। বহুতে লগতে এইবুলিও কৈছে যে সাধাৰণ লোকৰ বেংকৰ একাউণ্টত কিবাকৈ অলপ ধন বেছিকৈ সোমালেই আয়কৰ বিভাগে জাননী জাৰি কৰে। কিন্তু স্বপ্ননীল দাসৰ দৰে প্ৰতাৰক সকলে লাখ লাখ টকীয়া বাইক, বিলাসী বাহন ক্ৰয় কৰাৰ পিছতো আয়কৰ ক’ত শুই আছিল বুলি এতিয়া বহুতেই প্ৰশ্ন কৰিছে। স্মননীল দাসৰ দৰে লোকসকলৰ এনে আকস্মিক আৰ্থিক উত্থানৰ বিষয়ে ডিজিপি জি পি সিং বা মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই একো গমেই পোৱা নাছিল নেকি বুলিও বহুতে প্ৰশ্ন উত্থাপন কৰিছে। এনেবোৰ দিশে আৰক্ষীৰ দুৰ্বলতা আৰু ব্যৰ্থতাকে প্ৰমাণ কৰা বুলিও এতিয়া চৰ্চা হৈছে।

এইপ্ৰসংগতে ক’বা পাৰি- অন লাইন ট্ৰেডিং কোম্পানীৰ প্ৰতাৰণাৰ বিষয়ত কিছুদিন পূৰ্বে ছ’চিয়েল মিডিয়াত গুৱাহাটীৰ আৰক্ষী আয়ুক্তৰ নামত প্ৰচাৰিত জাননী খনক আৰক্ষী আয়ুক্তৰ তৰফৰ পৰাই ভুৱা বুলি কোৱা হৈছিল। কিন্তু তেতিয়াও জাননী খনক ভুৱা বুলি কৈয়েই আৰক্ষীয়ে হাত সাৱটি বহি আছিল। সেই বিষয়ত তেতিয়াৰে পৰাই কিয় তদন্ত নকৰিলে বুলিও ৰাজ্যৰ বহুতে প্ৰশ্ন কৰিছিল। তেনে জাননী ছ’চিয়েল মিডিয়াত প্ৰকাশ পোৱাৰ পিছতো আৰক্ষীৰ চাইবাৰ চেলে কোনো ব্যৱস্থাই গ্ৰহণ নকৰাৰ কথাই অসম আৰক্ষীৰ বিশ্বাসযোগ্যতাক সন্দেহৰ আৱৰ্তলৈ লৈ গৈছিল। এইবাৰো তাৰ ব্যতিক্ৰম ঘটা নাই। বহুতে সেয়ে সন্দেহ কৰিছে আৰক্ষীৰ মাজৰে কোনোবা এই প্ৰতাৰক চক্ৰৰ সৈতে হয়তো চামিল হৈ আছে । লক্ষ্যণী. কথাটো হ’ল চুমি বৰাই স্বামী তাৰ্কিক বৰাৰ সৈতে শিল্পী দীক্ষু শৰ্মাৰ ঘৰত আশ্ৰয় লৈ থকাৰ সময়তো চুমি আৰু তাৰ্কিকলৈ আৰক্ষীৰ পৰা ফোন অহা বুলি খোদ দীক্ষুৰ পত্নীয়েই সংবাদমাধ্যমৰ আগত কৈছে। সেই ফোন পোৱাৰ পিছতে স্বামীৰ সৈতে চুমি বতাহত মিলি গ’ল।

আৰক্ষীয়েই সেইদিনা চুমিক পলাবলৈ কোৱা নাছিলতো বুলি বহুতে প্ৰশ্ন কৰিছে। এনেবোৰ প্ৰশ্ন আৰু সন্দেহৰ মাজতে এতিয়া সকলোৱে বিচাৰিছে বিষয়টোত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ। অসমৰ গৃহবিভাগৰো দায়িত্বত থকা মুখ্যমন্ত্ৰীয়ে বিষয়টোৰ তদন্তৰ ব্যৱস্থা কৰি এনে প্ৰতাৰক চক্ৰৰ সৈতে আৰু কোন জড়িত আছে সেয়া চিনাক্ত কৰিবলৈ এতিয়া সচেতন মহলে দাবী জনাইছে। উল্লেখ্য পূৰ্বৰ একেধৰণৰ ঘটনাৰ ক্ষেত্ৰতো মুখ্যমন্ত্ৰীৰ হস্তক্ষেপৰ পিছতহে আৰক্ষী-চিআইডিৰ গা লৰিছিল। এইবাৰ তেনে হোৱাটোৱেই বিচাৰিছে সচেতন ৰাইজে।

আনহাতে আজি নুনমাটিত ওলাইছে চুমি-তাৰ্কিকে ব্যৱহাৰ কৰা বাহনৰ সন্ধান। পাথৰকোঁৱেৰীৰ আইডেল হিল ভিউ এপাৰ্টমেণ্টত আৰক্ষীৰ অভিযান। এপাৰ্টমেণ্টটোৰ পাৰ্কিঙত আছে চুমিয়ে ব্যৱহাৰ কৰা বাহন। AS01FW 0006 নম্বৰ বাহনখন প্ৰত্যক্ষ কৰিছে আৰক্ষীয়ে।(sumi borah vehicle)

Online Trading Scam: চুমি বৰাৰ আছে অতীতৰ বহু অকথিত অধ্যায়…

চুমি বৰাৰ আছে অতীতৰ বহু অকথিত অধ্যায়
চুমি বৰাৰ আছে অতীতৰ বহু অকথিত অধ্যায়

দৈনন্দিন বাৰ্তাৰ ডিজিটেল সেৱাঃ বিগত কিছুদিন ধৰি অসমৰ লগতে ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰো শিৰনাম দখল কৰি ৰখা ৰহস্যময়ী অভিনেত্ৰীগৰাকী হৈছে চুমি বৰা। মূলতঃ ৰীৱল ৰাণী হিচাবেহে সৰ্বাধিক পৰিচিত চুমি বৰাই পৰৱৰ্তী সময়ত গুৱাহাটীলৈ আহি অসমীয়া ছবি জগতৰ একাংশ লোকৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক গঢ়ি তুলিবলৈ সক্ষম হৈছিল। সেই ঘনিষ্ঠতাৰ সুবাদতে চুমিয়ে দুই এখন ছবিৰ লগতে গানৰ ভিডিঅ’ আদিত অভিনয় কৰাৰ সুবিধা পাইছিল। ডিব্ৰুগড়ৰ বাণীপুৰ নিবাসী চুমি বৰাৰ অতীতলৈ উভতি চালে নানান অধ্যায়ৰ পৃষ্ঠা খোল খাব বুলি বহুতে মন্তব্য কৰিছে। (Online Trading Scam)

চুমি বৰাৰ স্থানীয় একাংশ লোকৰ মাজত চৰ্চিত খবৰ অনুসৰি চুমি বৰাই অতি সৰুতেই ঘৰৰ অজ্ঞাতে পলাই গৈ ডিব্ৰুগড়ৰ জালান চাহ বাগিচাৰ ৰাধাকৃষ্ণ মন্দিৰত এজন যুৱকৰ সৈতে বিয়া হৈছিল। কিন্তু বয়স অতি কম হোৱা বাবে পৰিয়ালৰ লোকে চুমিক পুনৰ ঘৰলৈ ওভতাই আনি পঢ়া শুনা কৰিবলৈ লগাইছিল বুলি বাণীপুৰৰ পুৰণি বাসিন্দাসকলৰ মাজত চৰ্চিত এটা খবৰ। খবৰ অনুসৰি চুমিক এগৰাকী অধিবক্তাই জীৱনৰ পথত আগুৱাই যাবলৈ বিশেষ ধৰণে প্ৰেৰণা দিছিল। (sumi borah)

সৰুৰে পৰা চুমি নৃত্যত অতি পাৰ্গত আছিল। সেই প্ৰতিভাৰ বাবেই হয়তো অধিবক্তাগৰাকীয়ে তেওঁক আগুৱাই যাবলৈ প্ৰেৰণা দিছিল বুলি বহুতে মন্তব্য কৰিছে। স্থানীয় সূত্ৰই প্ৰকাশ কৰা মতে চুমিয়ে সেই অধিবক্তা জনৰ সৈতেই বিয়াত বহিব বুলি সকলোৱে ভাবিছিল, কিন্তু পিছত চুমিৰ ৰাজকীয় বিয়া তাৰ্তিক বৰাৰ সৈতে ৰাজস্থানৰ অতি বিলাসী ৰাফলছ ৰিজ’ৰ্টত সম্পন্ন হৈছিল। সেই বিয়া খনলৈ অসমৰ পৰা বিমান ভাড়া কৰি মানুহ নিয়া হৈছিল। এনেদৰে বিয়াত কোটি কোটি টকা খৰচ কৰা চুমি বৰাৰ পৰিয়ালৰ আৰ্থিক দিশটো পিছে সিমান টনকিয়াল নহয়।

চুমি বৰাৰ আছে অতীতৰ বহু অকথিত অধ্যায়

লগতে পঢ়কঃ Online Trading Scam: চুমিৰ জন্মদিনত বিশালে দিছিল ২ লাখ টকীয়া টেডী বিয়েৰ

চুমিৰ পিতৃৰ এখন সূলভ মূল্যৰ দোকানহে আছে। ইমানৰ পিছতো চুমিয়ে নিজৰ বিয়াৰ বাবে ৰাজস্থানৰ উদয়পুৰৰ বিলাসী ৰিজ’ৰ্ট বুক কৰিবলৈ ধন ক’ত পালে, বিমান ভাড়া কৰি আমন্ত্ৰিত অতিথিক নিবলৈ ধন ক’ত পালে সেয়া এতিয়া বহুতৰে মাজত চৰ্চিত গৰম খবৰ হৈ পৰিছে। ইয়াৰ মাজতে চুমিয়ে বিশাল ফুকনৰ সৈতে সম্পৰ্ক গঢ়ি তুলিছিল। বিশালৰ ঘৰ নামৰূপত। জালিয়াতি আদিৰ বাবেই বিশালক নামৰূপৰ বহু লোকে এক প্ৰকাৰ এৰাই চলি আহিছে বুলিও বিশেষ সূত্ৰে জানিব পৰা গৈছে।

চুমিক বিশালে বাইদেউ পতাৰ প্ৰস্তাৱ দিছিল। বিশেষ সূত্ৰই প্ৰকাশ কৰা মতে প্ৰথম অৱস্থাত চুমিয়ে বিশালৰ সেই প্ৰস্তাৱ নাকচ কৰিছিল। সূত্ৰটোৱে লগতে এইবুলিও কয় যে বিশালে চুমিক এটা আই ফোন উপহাৰ দিয়াৰ পিছতে চুমিৰ মন গলে আৰু বিশালক ভাইটি পাতি লয়। পিছলৈয়ো বিশালে চুমিক বহু উপহাৰ দিছিল বুলি জানিব পৰা গৈছে। আনকি চুমিৰ বিয়াতো বিশালে অনলাইন ট্ৰেডিঙৰ জৰিয়তে গ্ৰাহকৰ পৰা লিট কৰা এক কোটি টকা দিছিল বুলি চৰ্চা হৈ আহিছে। বহুতে আকৌ বিশাল-চুমিৰ সম্পৰ্ককলৈয়ো সন্দেহ প্ৰকাশ কৰা পৰিলক্ষিত হৈছে। ইপিনে বিশালে জালিয়াতিৰে সংগ্ৰহ কৰা ধনৰ প্ৰায় ৮ কোটি টকাৰে উজনিত চাহ বাগান ক্ৰয় কৰা বুলিও তথ্য পোহৰলৈ আহিছে।

published by: munmi gogoi

Pressure Cooker Food : প্ৰেছাৰ কুকাৰত ৰন্ধা খাদ্য স্বাস্থ্যৰ বাবে অপকাৰী নে উপকাৰী…

advantages-and-disadvantages-of-pressure-cooking
প্ৰেছাৰ কুকাৰত ৰন্ধা খাদ্যৰ গুণাগুণ আৰু পুষ্টিৰ ওপৰত ইয়াৰ প্ৰভাৱ

আজিৰ ব্যস্ততা ভৰা জীৱনত প্ৰেছাৰ কুকাৰ অবিহনে পাকঘৰৰ কাম নচলে। সময় ৰাহি, গেছ ৰাহি, কষ্ট কমি যোৱা সকলো হৈ যায় প্ৰেছাৰ কুকাৰত ৰান্ধিলে। কিন্তু কিছুমান খাদ্য কুকাৰত ৰান্ধিলে সোৱাদ নষ্ট হোৱাৰ উপৰি নাথাকে পুষ্টিগুণ। বহু খাদ্য প্ৰেছাৰ কুকাৰত ৰান্ধিব নালাগে ।

প্ৰথমতে জানি লোৱা ভাল হ’ব প্ৰেছাৰ কুকাৰেনো কেনেকৈ কাম কৰে। পানী সাধাৰণ অৱস্থাত ১০০ ডিগ্ৰী ছেলছিয়াচত উতলে, সেয়া পানীৰ উতলাংক।কিন্তু কম চাপত পানীৰ উতলাংক কমে, কাৰণ পানীৰ অনুবোৰ সহজে পৃষ্ঠৰ পৰা ওলাই যাব পাৰে। সেইবাবে পাহাৰীয়া ওখ ঠাইত খাদ্য সিজিবলৈ বেছি সময় লয়। কাৰণ তাত বায়ুৰ চাপ কম, গতিকে পানী ১০০ ডিগ্ৰীতকৈ কমতে উতলে, কিন্তু তাপ কম হোৱা বাবে খাদ্য সিজাত সময় লাগে। পানী উতলাংকৰ ওপৰত গৰম কৰিব বিচাৰিলেও নোৱাৰি, তাৰ পিছত ই ভাপ হে হয়। তাৰ বিপৰীতে চাপ বাঢ়িলে পানীৰ উতলাংকও বাঢ়ে। প্ৰেছাৰ কুকাৰত পানীৰ ভাপ ধৰি ৰাখি চাপ বৃদ্ধি কৰা হয়। ইয়াৰ ফলত ঠাইখনৰ উচ্চতাৰ ওপৰত নিৰ্ভৰ কৰি প্ৰেছাৰ কুকাৰৰ ভিতৰত পানীৰ উতলাংক ১২১ ডিগ্ৰীলৈকে বাঢ়িব পাৰে। গতিকে অধিক তাপত খাদ্য কম সময়ত সিজে। ১২০ ডিগ্ৰী উষ্ণতাত সিজোৱা খাদ্য সাধাৰণভাৱে সিজোৱা খাদ্যতকৈ চাৰিভাগৰ এভাগলৈ কম সময়ত সিজে।

প্ৰেছাৰ কুকাৰত সিজাবলৈ পানী কম লাগে। লগতে অতি কম পৰিমাণৰ ৰসহে ভাপ হৈ ওলাই যায়। বেছিভাগ প্ৰেছাৰ কুকাৰটোৰ ভিতৰতে থাকে। ইয়াৰ ফলত ভিটামিন বা মিনাৰেল আদি বেছিকৈ leach বা দ্ৰৱীভূত হৈ নাযায়। সিজোৱা পানীখিনি পেলাই নিদিয়াটোৱেই ভাল। প্ৰেছাৰ কুকাৰত সিজাবলৈ সময় কম লাগে বাবে খাদ্যৰ পুষ্টি কম হানি হয়। বেছি সময় ৰান্ধি থাকিলে বেছি পুষ্টি হানি হয়। ( loss of nutrients )

প্ৰেছাৰ কুকাৰত খাদ্য পানীৰ সাধাৰণ উতলাংকতকৈ বেছি উষ্ণতাত সিজে বাবে বেছিভাগ অনুজীৱ ধ্বংস হয়। সেইবাবে ইয়াক শিশুৰ গাখীৰখোৱা বটল আদিৰ বীজাণুমুক্তকৰণৰ বাবেও ব্যৱহাৰ কৰা হয়।


বেছি শৰ্কৰা থকা খাদ্য যেনে আলু আদি ১২০ ডিগ্ৰী বা বেছি উষ্ণতাত সিজালে কিছুমান অপকাৰী যৌগৰ সৃষ্টি হয় (Acrylamide, heterocyclic amines, Lectins and Phytic Acid আদি)। ইয়াৰ কিছুমান কেন্সাৰৰ কাৰক হ’ব পাৰে, যেনে Acrylamide আৰু heterocyclic amines। আন বেছি উষ্ণতাৰ ৰন্ধন পদ্ধতি যেনে বেকিং, ভজা বা পোৰা আদিত সেয়া হয় যদিও প্ৰেছাৰ কুকাৰৰ ক্ষেত্ৰত সেয়া হোৱা দেখা নাযায়।কাৰণ হ’ল প্ৰেছাৰ কুকাৰৰ ভিতৰৰ জীপাল পৰিৱেশ।

লগতে পঢ়ক : Raymond Lifestyle Listing: শ্বেয়াৰ বজাৰত মুকলি হ’ল ৰেমণ্ড গ্ৰুপৰ নতুন ষ্টক

Published by: Jebin Sultana

Durga Puja: বেশ্যালয়ৰ মাটি অবিহনে দুৰ্গা পূজা কিয় অসম্পূৰ্ণ! কাৰণ জানিলে আচৰিত হ’ব আপুনিও…

দুৰ্গা পূজাত বেশ্যাৰ মাটিৰ প্ৰয়োজন
দুৰ্গা পূজাত বেশ্যাৰ মাটিৰ প্ৰয়োজন

কলকাতাৰ দুৰ্গা পূজা সমগ্ৰ বিশ্বতে বিখ্যাত। প্ৰস্তুতিও আৰম্ভ হয় কেইবাদিনৰ আগৰ পৰাই। এইবাৰ দুৰ্গা পূজাক লৈ কলকাতাত বিতৰ্কৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। আচলতে বহু ঠাইৰ পৰা মাটি লৈ মা দুৰ্গাৰ মূৰ্তি তৈয়াৰ কৰা হয়। ইয়াৰ ভিতৰত বেশ্যালয়ৰ মাটিও অন্তৰ্ভুক্ত।(Durga Puja)

কিন্তু কলকাতাৰ যৌনকৰ্মীসকলে দুৰ্গা পূজাৰ বাবে মাটি দিবলৈ অস্বীকাৰ কৰিছে। ইয়াৰ আঁৰৰ কাৰণ হৈছে কলকাতাৰ আৰ জি কাৰ মেডিকেল কলেজত শেহতীয়াকৈ এগৰাকী চিকিৎসকক ধৰ্ষণ আৰু নৃশংস হত্যাৰ ক্ষোভ এতিয়াও আছে মানুহৰ মনত। ইয়াৰ বাবেই এছিয়াৰ সৰ্ববৃহৎ ৰেড লাইট এলেকা কলকাতাৰ সোণাগাচীৰ যৌনকৰ্মীসকলে দুৰ্গা পূজাৰ সৈতে জড়িত যুগ যুগ ধৰি চলি অহা পৰম্পৰা অনুসৰণ কৰিবলৈ অস্বীকাৰ কৰিছে।

বেশ্যা ঘৰৰ মাটি কিয় লাগে দুৰ্গা পূজাত জানেনে আপুনি! আচলতে কোৱা হয়, বেশ্যাৰ ঘৰৰ ভিতৰলৈ যোৱা ব্যক্তিয়ে, দুৱাৰৰ বাহিৰত নিজৰ গুণ এৰি দিয়ে। গতিকে বেশ্যা ঘৰৰ বাহিৰৰ মাটিত বহু মানুহৰ গুণ আছে, যাৰ বাবে ই অতি পবিত্ৰ। সেয়ে দুৰ্গা পূজাৰ বাবে মা দুৰ্গাৰ মূৰ্তি বনোৱাৰ সময়ত আন বহু পবিত্ৰ স্থানৰ মাটিৰ লগতে বেশ্যাৰ ঘৰৰ বাহিৰৰ মাটি লোৱা হয়।(Prostitutes Soil Needs in Durga puja)

যিহেতু পত্নীক ঘৰৰ লক্ষ্মীৰ ৰূপ বুলি কোৱা হয় আৰু যেতিয়া কোনো ব্যক্তিয়ে পত্নীক এৰি বেশ্যা বা আন নাৰীৰ ওচৰলৈ যায় তেতিয়া তেওঁৰ সকলো গুণ পিছ পৰি ৰৈ যায়। গতিকে বেশ্যা ঘৰৰ বাহিৰৰ মাটিত এনে মানুহৰ গুণ থাকে, যাৰ বাবে মাটি পবিত্ৰ হৈ পৰে।

যেতিয়া পুৰোহিতসকলে এই মাটি সংগ্ৰহ কৰিবলৈ বেশ্যাৰ ঘৰলৈ যায় তেতিয়া তেওঁলোকে মাটি ল’বলৈ অনুমতি বিচাৰিব লাগে। তেতিয়াহে যৌনকৰ্মীসকলে তেওঁলোকক এই মাটি ল’বলৈ অনুমতি দিয়ে। অৰ্থাৎ সামাজিক দৃষ্টিকোণৰ পৰা বছৰটোৰ ভিতৰত মানুহে অসন্মানেৰে চোৱা যৌনকৰ্মীসকলক সন্মান জনাই বছৰত এবাৰহে শক্তিৰ পূজাৰ উৎসৱ পালন কৰিব পাৰি। এই বাৰ্তা যে ঈশ্বৰে তেওঁলোকক নাৰী শক্তি হিচাপে সমান মৰ্যাদা দিছে।

published by: munmi gogoi

Raymond Lifestyle Listing: শ্বেয়াৰ বজাৰত মুকলি হ’ল ৰেমণ্ড গ্ৰুপৰ নতুন ষ্টক…

Raymond Lifestyle shares
ৰেমণ্ড গ্ৰুপৰ নতুন ষ্টক

ৰেমণ্ড গ্ৰুপৰ নতুন শ্বেয়াৰ ৰেমণ্ড লাইফষ্টাইল আজি বৃহস্পতিবাৰে বজাৰত তালিকাভুক্ত হয়। আজি পুৱা বিএছইত ৰেমণ্ড লাইফ ষ্টাইলৰ শ্বেয়াৰ ৩ হাজাৰ টকাত তালিকাভুক্ত হোৱাৰ বিপৰীতে এনএছইত ৩০২০ টকাৰ পৰা আৰম্ভ হয়। শেহতীয়াকৈ গোটটোৰ পুনৰগঠন পৰিকল্পনাৰ অংশ হিচাপে বিভাজনৰ পিছত এই তালিকাভুক্ত কৰা হৈছে।

ৰেমণ্ড গ্ৰুপে নিজৰ কোম্পানীসমূহৰ পুনৰ গঠন আৰম্ভ কৰিছে আৰু ইয়াৰ ব্যৱসায় বিভিন্ন খণ্ডত আছে, যাৰ অধীনত খুচুৰা আৰু লাইফষ্টাইল কোম্পানী ৰেমণ্ড লাইফষ্টাইল ৰেমণ্ড লিমিটেডৰ পৰা বিচ্ছিন্ন কৰা হৈছে। ইয়াৰ পিছত ৰেমণ্ড লাইফষ্টাইল ৯,২৮৬ কোটি টকাৰ ৰেমণ্ড গ্ৰুপৰ এক স্বতন্ত্ৰ কোম্পানীত পৰিণত হৈছে। পুনৰ গঠন পৰিকল্পনাৰ অধীনত শ্বেয়াৰহোল্ডাৰসকলে ৰেমণ্ড লিমিটেডৰ প্ৰতি ৪টা শ্বেয়াৰৰ বিপৰীতে ৰেমণ্ড লাইফষ্টাইলৰ ৫টা শ্বেয়াৰ লাভ কৰিছে।

বজাৰত তালিকাভুক্ত হোৱাৰ পূৰ্বে কোম্পানীটোৱে কেইবাগৰাকীক নিযুক্তি দিছিল। এইচ চি এল টেকন’লজিছৰ প্ৰাক্তন চিইঅ’ বিনীত নাইৰ, আইচিআইচিআইৰ প্ৰাক্তন অধ্যক্ষ জিচি চতুৰ্বেদী, এবটৰ ব’ৰ্ডৰ সদস্য অনিশা মটৱানী আৰু ৰেমণ্ডৰ পৰিচালক দীনেশ লালক স্বতন্ত্ৰ পৰিচালক হিচাপে নিযুক্তি দিছিল।

ব্ৰকিং ফাৰ্ম ভেন্টুৰা ছিকিউৰিটিজৰ মতে, ৰেমণ্ড লাইফষ্টাইলৰ ব্যৱসায় মূলত ৪টা। সেই ৪টা হৈছে- বিবাহ ব্যৱসায়, নন-বিবাহ ব্ৰেণ্ডেড ব্যৱসায়, গাৰ্মেণ্টিং আৰু উচ্চ মূল্যৰ চাৰ্টিং ব্যৱসায়। ব্ৰকিং ফাৰ্মখনৰ মতে কোম্পানীটোৰ চাৰিওটা দিশতে ইবিআইটিডিএ মাৰ্জিন দুগুণ হোৱাৰ সম্ভাৱনা আছে। আগন্তুক বছৰবোৰত কোম্পানীটোৱে দ্ৰুতগতিত ব্যৱসায় সম্প্ৰসাৰণৰ পৰিকল্পনাও কৰিছে। অহা ৩ বছৰত কোম্পানীটোৱে ৯০০টা আউটলেট খোলাৰ পৰিকল্পনা।

পুনৰগঠনৰ পৰিকল্পনাৰ অধীনত ২০২৫ চনৰ শেষৰ ফালে ৰেমণ্ড গ্ৰুপৰ দুটা নতুন শ্বেয়াৰ বজাৰত তালিকাভুক্ত হ’ব পাৰে। এনে খবৰৰ পিছত ৰেমণ্ডৰ ফ্লেগশ্বিপ শ্বেয়াৰ ৰেমণ্ড লিমিটেডৰ মূল্য ভাল বৃদ্ধি পঞ্জীয়ন কৰিছে। আজি এই শ্বেয়াৰ প্ৰায় ১ শতাংশ বৃদ্ধিৰে ২১০০ টকা। ২ দিনত এই মূল্য ৮ শতাংশ বৃদ্ধি ।

লগতে পঢ়ক : অসমীয়া চিনেমা জগতৰ চুমি বিশালৰ ওচৰত বহুলোকৰ ধন বিনিয়োগৰ তথ্য লাভ আৰক্ষীৰ হাতত

Published by: Jebin Sultana

Online Trading Scam:  অসমীয়া চিনেমা জগতৰ চুমি বিশালৰ ওচৰত বহুলোকৰ ধন বিনিয়োগৰ তথ্য লাভ আৰক্ষীৰ হাতত…

Dibrugarh police have recovered new information about Vishal Phukan.
‘পাতি লোৱা’ভায়েক বিশালে বায়েক চুমি বৰাৰ বিয়াত উপহাৰ হিচাপে কৰিছিল খৰচ

বিশাল ফুকন সন্দৰ্ভত ন ন তথ্য উদ্ধাৰ কৰিছে তদন্তকাৰী ডিব্ৰুগড় আৰক্ষীয়ে। অসমীয়া চিনেমা জগতৰ বহুলোকেও ধন কৰিছিল বিনিয়োগ বিশালৰ ওচৰত। বায়েকৰ বিয়াৰ উপহাৰ হিচাপে কৰিছিল খৰচ। থাইলেণ্ডৰ ৰাজধানী বেংককত একাউণ্ট খুলিছিল বিশালে। ডিব্ৰুগড়ৰ ৩টা বেংকত কেইমাহমানতে ৬০কোটিৰ লেনদেন।

বিশালৰ এক্সিছত আছে ১টা, HDFC ৪টা, SBIত ১টা একাউণ্ট।পাৰ্ছেলিয়া নামৰ কোম্পানীৰ জৰিয়তে ক’লা ধন বগা কৰাৰ চেষ্টা।পাৰ্চেলিয়াৰ পৰা তৃতীয় এটা কোম্পানীলৈ কৰিছিল ধন হস্তান্তৰ।ধন হস্তান্তৰ কৰি শিৱসাগৰত কিনিছিল দুখন বাগান। চুমিলৈ থানাত হাজিৰৰ চমন জাৰি মহানগৰ আৰক্ষীক প্ৰদান।

বিনিয়োগকাৰীক আকৰ্ষণৰ বাবে চুমিৰ জৰিয়তে পাৰ্চেলিয়াক ব্যৱহাৰ কৰিছিল।চুমিয়ে গুৱাহাটীৰ, তাজ ভিভাণ্টা, ৰেডিচন ব্লু, ন’ভটেলত আয়োজন কৰিছিল পাৰ্টী। পাৰ্টীলৈ আমন্ত্ৰণ জনাইছিল একাংশ গায়ক-গায়িকা, অভিনেত্ৰীক, দিছিল বিলাসী উপহাৰ । চুমি বৰাই দিয়া বিনিয়োগকাৰীৰ বাবদ বিশালে দিছিল ১৫% কমিচন।কেৰালা, ওড়িশা, ছত্তিশগড়ৰ বিনিয়োগকাৰীকো কোটি কোটিৰ প্ৰবঞ্চনা।

Online Trading Scam: চুমিৰ জন্মদিনত বিশালে দিছিল ২ লাখ টকীয়া টেডী বিয়েৰ…

চুমিৰ জন্মদিনত বিশালে দিছিল ২ লাখ টকীয়া টেডী বিয়েৰ
চুমিৰ জন্মদিনত বিশালে দিছিল ২ লাখ টকীয়া টেডী বিয়েৰ

পাতিলোৱা ভায়েক বিশাল ফুকনে চুমি বৰাৰ জন্মদিন দিছিল ২ লাখ টকীয়া টেডি বিয়েৰ। ৮ আগষ্টত আছিল চুমি বৰাৰ জন্মদিন।(Online Trading Scam) 

চুমিৰ জন্মদিনতে বিশালে দিছিল দুই লাখ টকীয়া টেডি বিয়েৰ। ইয়াৰউপৰিও চুমি বৰাক বহু দামী উপহাৰ দিছিল বিশাল ফুকনে।

চুমিৰ জিম ট্ৰেইনাৰ তন্দ্ৰামণি কুমাৰৰ সমস্ত ধন ব্যয় কৰিছিল বিশালে। প্ৰতিমাহে জিম ট্ৰেইনাৰক আদায় দিয়া হৈছিল ৫০ হাজাৰ টকাকৈ নগদ ধন।

লগতে পঢ়কঃ বিশালৰ দ্য ব্লেক আম্ব্ৰেলাৰ তলত জিৰাইছিল অসমীয়া ছবি জগতৰ বহু ৰথী-মহাৰথীয়ে

আনহাতে চৰ্চালৈ আহিছে চুমিৰ এখন বিশেষ অসমীয়া ছবিৰ চুক্তি স্বাক্ষৰৰ কথা। ছবিখনৰ চুক্তি স্বাক্ষৰ কৰা হৈছিল বিশ্বৰ সৰ্বোচ্চ অট্টালিকা বুৰ্জ খালিফাত। স্বাক্ষৰ কৰা ছবিখনৰ নাম ‘The Black Umbrella’। বুৰ্জ খলিফাত এক ৰাতিত ৭ লাখ টকাৰে ৰূম বুক কৰিছিল প্ৰৱঞ্চক বিশাল-চুমিয়ে।(bishal Phukan and sumi Borah)


আচৰিত কথাটো হ’ল যে আৰক্ষীয়ে আজিও সন্ধান উলিয়াব পৰা নাই চুমি বৰাৰ। বিশাল ফুকনৰ প্ৰৱঞ্চনাৰ ক’লা অধ্যায়ৰ ৰহস্য ফাদিল কৰিব পাৰিবনে অসম আৰক্ষীয়ে?

Published by: munmi gogoi

Effect Of Milk Tea: গাখীৰ চাহে কৰে মানুহক দুৰ্বল! দৈনিক গাখীৰ চাহ খোৱাৰ পৰিনাম কি হ’ব জানি লওক…

গাখীৰ চাহে কৰে মানুহক দুৰ্বল
গাখীৰ চাহে কৰে মানুহক দুৰ্বল

চাহ খোৱা মানুহে চাহ অবিহনে জীয়াই থাকিব নোৱাৰে।(Milk Tea) যদি আপুনি দিনটোত কেইবাবাৰো গাখীৰ চাহ খায়, তেন্তে স্বাস্থ্যৰ ওপৰত কি প্ৰভাৱ পৰে সেয়া জনাটো আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ। গাখীৰ চাহ খাই গুৰুতৰ সমস্যাৰ সন্মুখীন হোৱাৰ পূৰ্বে গাখীৰ চাহ খালে শৰীৰৰ কি কি সমস্যা সন্মুখীন হ’ব জানি লওক এই সমূহৰ বিষয়ে।

গাখীৰত কেলচিয়াম থাকে। কিন্তু গাখীৰৰ চাহত কেফেইন আৰু টেনিন থাকে, যাৰ ফলত শৰীৰত কেলচিয়াম মাত্ৰা কমাই। সেয়েহে বেছিকৈ গাখীৰ চাহ খালে হাড়বোৰ দুৰ্বল হৈ পৰে।(Side effect of milk tea)

বেছিকৈ গাখীৰ চাহ খালে দাঁতৰ ক্ষতি হয়। কাৰণ গাখীৰৰ চাহত থকা চেনিয়ে দাঁতৰ ক্ষতি কৰে।

অত্যধিক গাখীৰৰ সৈতে চাহ খালে ছালৰ লগত জড়িত সমস্যা হব পাৰে, যেনে মুখৰ ব্ৰণ। ইয়াৰ উপৰিও ছালৰ উজ্বলতাও নোহোৱা কৰিব পাৰে।

গাখীৰৰ লগত চাহ খালে কোষ্ঠকাঠিন্য আৰু এচিডিটিৰ দৰে সমস্যা হ’ব পাৰে। পেটত ফুলি উঠিব পাৰে আৰু পেটৰ চৰ্বি বৃদ্ধি হ’ব পাৰে।(Effect Of Milk Tea)

যদি আপুনি বেছিকৈ গাখীৰ দি চাহ খাই তেন্তে আপোনাৰ হৃদযন্ত্ৰৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে। গাখীৰৰ চাহ খালে হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে।

লগতে পঢ়কঃ Milk Benefits: প্ৰতিদিনে এগিলাচ গাখীৰ খালে শৰীৰৰ হ’ব পৰিৱৰ্তন…

যদি আপুনি দৈনিক গাখীৰৰ সৈতে চাহ খায় তেন্তে আপোনাৰ ওজনতো প্ৰভাৱ পৰিব। বিশেষকৈ যদি আপুনি ওজন কমাবলৈ চেষ্টা কৰি আছে, তেন্তে গাখীৰ চাহৰ পৰা আঁতৰি থাকিব।

চাহত কেফেইন থাকে, সেয়েহে চাহ খালে টোপনিৰ ওপৰতো প্ৰভাৱ পৰে। বিশেষকৈ সন্ধিয়া দেৰিকৈ চাহ খালে টোপনি অহাত অসুবিধা হ’ব পাৰে।

published by: munmi gogoi

Teacher’s Day: আজি শিক্ষক দিৱস। প্ৰতিগৰাকী শিক্ষাগুৰুলৈ সশ্ৰদ্ধ প্ৰণিপাত…

আজি শিক্ষক দিৱস
আজি শিক্ষক দিৱস

গুৰু ব্ৰক্ষ্মা, গুৰু বিষ্ণু,
গুৰু দেৱ মহেশ্বৰ
গুৰু সাক্ষাৎ পৰমব্ৰক্ষ্ম
তস্মৈশ্ৰী গুৰুৱে নম:

আজি শিক্ষক দিৱস। প্ৰতিগৰাকী শিক্ষাগুৰুলৈ সশ্ৰদ্ধ প্ৰণিপাত। (Teachers’ Day)

শিক্ষক দিৱসৰ এই মধুৰ ক্ষণত, দেশৰ মহান চিন্তাবিদ, দাৰ্শনিক তথা মহান শিক্ষক ড৹ সৰ্বপল্লী ৰাধাকৃষ্ণণ দেৱক শ্ৰদ্ধাৰে স্মৰণ কৰিছে দেশবাসীয়ে।(Sarvepalli Radhakrishnan)

শিক্ষকসকলৰ সন্মানাৰ্থে পালন কৰা এই শিক্ষক দিৱস। শিক্ষক দিৱসত শিক্ষকসকলক সন্মান প্ৰদৰ্শন কৰাৰ লগতে শৈক্ষিক ক্ষেত্ৰ বা সমাজলৈ তেওঁলোকৰ অৱদানৰ বাবে পুৰস্কৃতও কৰা হয়।

এজন মহান ভাৰতীয় শিক্ষক তথা ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি তথা ভাৰতৰ ৰাষ্ট্ৰপতি ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ সোঁৱৰণত ভাৰতত শিক্ষক দিৱস পালন কৰা হয়। ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্মদিনটোতে অৰ্থাৎ ৫ ছেপ্টেম্বৰৰ দিনটোত সমগ্ৰ ভাৰতবৰ্ষই শিক্ষক দিৱস হিচাপে পালন কৰে। (happy teachers day)

published by: munmi gogoi

Online Trading Scam: বিশালৰ দ্য ব্লেক আম্ব্ৰেলাৰ তলত জিৰাইছিল অসমীয়া ছবি জগতৰ বহু ৰথী-মহাৰথীয়ে

Online Trading Scam Shakes Assamese Film Industry: Top Actors and Producers Involved
Online Trading Scam: বিশালৰ দ্য ব্লেক আম্ব্ৰেলাৰ তলত জিৰাইছিল অসমীয়া ছবি জগতৰ বহু ৰথী-মহাৰথীয়ে

গুৱাহাটী, ৫ ছেপ্টেম্বৰঃ দ্য ব্লেক আম্ব্ৰেলা এখন বিশ্ব বিখ্যাত ছবি । ইভান হাৰ্ট পৰিচালিত এই ছবিখনত এটা ক’লা ছাতিৰ যাদুকৰী শক্তিৰ কথা দেখুওৱা হৈছে। জালিয়াতি, প্ৰৱঞ্চনাৰ ঘটনাক্ৰমেৰে আগবাঢ়িছিল ছবিখনৰ কাহিনীভাগ। ‘দ্য ব্লেক আম্ব্ৰেলা’ ছবিখনৰ দৰেই এইবাৰ বাস্তৱত একেধৰণৰ ক’লা ছাতি এটাই অসমত মেলি দিছিল বিশাল ফুকন, অভিনেত্ৰী চুমি বৰাৰ লগতে আন্ধাৰতে থকা আন বহুতে। যিটো ছাতিৰ তলত আনকি আৰামেৰে জিৰাইছিল অসমৰ ছবি জগতৰ বহু ৰথী-মহাৰথীয়ে(Online Trading Scam Shakes Assamese Film Industry)।

অভিযোগ অনুসৰি অসমত সম্পূৰ্ণ নীতি বৰ্হিভূতভাবে ছবিৰ বিধি উলংঘা কৰি হাজাৰ হাজাৰ কোটি টকা সৰকাই নিয়া বিশাল-চুমি বাহিনীৰ শৰণাপন্ন হৈছিল অসমীয়া ছবি জগতৰ বহু নামী অভিনেতা- প্ৰযোজকে। বিশেষ সূত্ৰই প্ৰকাশ কৰা মতে অসমীয়া ছবি জগতৰ বহু চেলিব্ৰেটিয়ে বিশাল-চুমিৰ লগ লাগি নিজৰ ছবিত বিপুল মাত্ৰাত ধন বিনিয়োগ কৰাইছিল(Vishal Phukan and Chumi Bora Shakes Assamese Film Industry) ।

বিশেষ সূত্ৰই প্ৰকাশ কৰা মতে যতীন বৰাৰ দৰে অভিনেতায়ো তেওঁৰ কেইবাখনো ছবিৰ বাবে বিশাল ফুকন আৰু চুমি বৰাৰ দ্বাৰা ধন বিনিয়োগ কৰাইছিল(Fraudulent investments in films)। এনে অভিযোগ উত্থাপন হোৱাৰ পিছতে এতিয়া ছবি উদ্যোগৰ মাজত হাহাকাৰ লাগিছে। অৱশ্যে অভিনেতা যতীন বৰাই এই প্ৰসংগত এতিয়ালৈকে মুখ খোলা নাই। সেয়ে তেওঁৰ স্পষ্টীকৰণেহে বিষয়টো মানুহৰ সন্মুখত খোলোচা কৰিব বুলি সূত্ৰটোৱে প্ৰকাশ কৰে।

চুমি বৰাৰ ৰাজস্থানৰ ৰিজ’ৰ্টত হোৱা বিয়ালৈ ভাড়া কৰি নিয়া বিমানত অসমীয়া ছবি জগতৰ বহু অভিনেতা-অভিনেত্ৰীয়েই গৈছিল। এটা সাধাৰণ পৰিয়ালৰ পৰা আহি অতি কম দিনৰ ভিতৰতে বিমান ভাড়া কৰি বিয়ালৈ মানুহ নিব পৰা চুমি বৰাৰ আয়ৰ উৎসৰ বিষয়ে অৱশ্যে সেই সময়ত কোনো অভিনেতা-অভিনেত্ৰীয়েই সন্দেহ প্ৰকাশ কৰা নাছিল। ইয়াৰ আঁৰৰ কাৰণ বাখ্যা কৰি সূত্ৰটোৱে কয় যে বিনিয়োগকাৰীৰ ধনেৰে চন্দুক ভৰি পৰা চুমি বৰাক প্রশ্ন কৰাৰ সাহস কোনো অভিনেতা-অভিনেত্ৰীৰেই নাছিল।

সূত্ৰটোৰ মতে তেনে বহু অভিনেতা অভিনেত্ৰীয়েই চুমি বৰা আৰু কোম্পানীয়ে সাধাৰণ মানুহৰ পৰা লুটি নিয়া ধনৰ ভাগ পাইছিল ছবি বা ভ্ৰাম্যমান থিয়েটাৰত চুমিয়ে কৰা বিনিয়োগৰ জড়িয়তে। সেইবাবেই অসমত ইমান ডাঙৰ এটা আৰ্থিক কেলেংকাৰী সংঘটিত হোৱাৰ লগতে সেই কেলেংকাৰীত চুমি বৰাৰ দৰে অভিনেত্ৰী জড়িত হৈ থকাৰ পিছতো অসমৰ ছবি উদ্যোগৰ বহুতে মুখেৰে টু শব্দ এটা কৰিব পৰা নাই, ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ কৰিব পৰা নাই বুলি এতিয়া মানিহৰ মাজত গুঞ্জন উঠিছে। এই বুলিও চৰ্চা চলিছে যে অসমৰ এখন ভ্ৰাম্যমাণ থিয়েটাৰ প্ৰযোজিকা তথা জনপ্ৰিয় অভিনেত্ৰীয়েও তেওঁৰ থিয়েটাৰত ছুমি বৰাৰ ধন খটুৱাইছে। কেৱল সেয়াই নহয় সেই জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে বিশাল ফুকনৰ ট্ৰেডিং কোম্পানীত চুমিৰ জড়িয়তে নিজেও ধন বিনিয়োগ কৰা বুলি বিভিন্নজনে এতিয়া বু-বু বা-বা আৰম্ভ কৰিছে।

অভিযোগ অনুসৰি, অভিনয় জগতত থকা চা-চিনাকীৰ সুবাদতে চুমি বৰাই সংগীত তথা অভিনয় জগতৰ বহু লোকক অনলাই ট্ৰেডিঙত বিনিয়োগ কৰিবলৈ সৈমান কৰিছিল(Assamese film industry) । অনলাইন ট্ৰেডিঙৰ নামত মানুহক প্ৰতাৰণা কৰি ধনী হোৱাৰ সপোন দেখা চুমি আৰু বিশালে গুৱাহাটীৰ বহু ধনী লোকসকলক ধন বিনিয়োগ কৰিবলৈ বাধ্য কৰাইছিল। সূত্ৰটোৱে প্ৰকাশ কৰা মতে এইক্ষেত্ৰত চুমিক সহায় কৰিছিল স্বামী তথা ফটোগ্ৰাফাৰ তাৰ্কিক ফুকনে।

শেহতীয়াকৈ চুমি বৰাৰ কেলেংকাৰীৰ সৈতে নাম সাঙোৰ খাইছে আদিত্যম কাশ্যপ শইকীয়া নামৰ ডিজাইনাৰ জনৰো নাম। । আদিত্যমে কম দিনৰ ভিতৰতে ধনী হৈ পৰিছিল আৰু চিনেমা প্ৰযোজনা, মিউজিক ভিডিঅ’ আদি প্ৰযোজনা কৰিবলৈ আৰম্ভ কৰিছিল। কিন্তু আদিত্যমে ইমানবোৰ টকা ক’ৰ পৰা পালে বুলিও বহুতে এতিয়া প্ৰশ্ন কৰিছে।

চুমি বৰা আৰু তেওঁৰ স্বামী তাৰ্কিক বৰাক পলাই যোৱাৰ পূৰ্বে শেষ আশ্ৰয় দিয়া সংগীত শিল্পী দীক্ষু শৰ্মায়ো বিশাল ফুকনৰ ট্ৰেডিঙত ৩০ লাখ টকা বিনিয়োগ কৰিছিল বুলি এতিয়া বিভিন্ন মহলত আলোচনা হোৱা দেখা গৈছে। অৱশ্য দীক্ষুৱে অনলাইন ট্ৰেডিঙৰ সৈতে তেওঁ কোনোধৰণে জড়িত নহয় বুলি স্পষ্ট কৰি দিছে। নিজৰ ঘৰত চুমি আৰু তাৰ্কিক বৰাক আশ্ৰয় দি আৰক্ষীক খবৰ নিদিয়াৰ কথাটোকলৈ বহুতেই এতিয়া দীক্ষুৰ প্ৰতিও সন্দেহৰ আঙুলি টোৱাইছে। ।প্ৰযোজক আদিত্যম কাশ্যপ শইকীয়া, তাৰ্কিক বৰা আৰু দীক্ষুৰ পত্নী মেকআপ আৰ্টিষ্ট বিজিয়েতাই একেলগে কাম কৰি আহিছে। সেয়ে পেছাগতভাবে তাৰ্কিক আৰু চুমিক দীক্ষু আৰু তেওঁৰ পত্নীয়ে চিনি পায় বুলি শৰ্মা দম্পতীয়ে সংবাদমাধ্যমক জনাইছে।

ইপিনে চুমি বৰাক স্বামীৰ সৈতে আশ্ৰয় দি পলোৱাত সহায় কৰা বুলি অভিযোগ উত্থাপন হোৱাৰ পিছতে বুধবাৰে গুৱাহাটী আৰক্ষীৰ এটা দলে কণ্ঠশিল্পী দীক্ষু শৰ্মাৰ বাসগৃহত উপস্থিত হয়। ইয়াৰ পিছতে সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত দীক্ষু শৰ্মাই কয়, ‘আৰক্ষীয়ে আহি মোক ঘটনাটো সন্দৰ্ভত জেৰা কৰিছে। মই পূৰ্বে সংবাদ মাধ্যমৰ আগত যি সবিশেষ উল্লেখ কৰিছিলো, সেইখিনিকে তেওঁলোককো জনাইছো । প্ৰয়োজন সাপেক্ষে আৰক্ষীৰ তদন্তত সহযোগিতা আগবঢ়াবলৈ মই প্ৰতিশ্ৰুতিবদ্ধ।’’

চুমি বৰাক পলায়ন কৰাত সহায় কৰাত গায়িকা গীতালী দেৱীও জড়িত বুলি উৰাবাতৰি প্ৰচাৰ হোৱাৰ লগে লগে ঘটনাটোৱে আন এক পাক লৈছে। খবৰ অনুসৰি গীতালী দেৱীক দীক্ষু শৰ্মাৰ সৈতে একেটা অট্টালিকাতে বাস কৰা সংগীত শিল্পী বাবনৰ বাসগৃহত দেখা গৈছিল । এনে উৰাবাতৰিত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি দীক্ষু শৰ্মাই এই দাবী খণ্ডন কৰি কয় যে, ‘কালি গায়িকা গীতালি দেৱীয়ে সংগীতজ্ঞ বাবনৰ ঘৰলৈ গৈছিল। বাবন আৰু মই একেটা এপাৰ্টমেণ্টতে থাকোঁ। গীতালিয়ে চুমি বৰাক পলায়ন কৰাত সহায় কৰিছিল বুলি উত্থাপন কৰা অভিযোগ মিছা। গীতালীয়ে গাড়ীও চলাব নোৱাৰে। এনে ভুৱা তথ্য ক্ষতিকাৰক আৰু আঘাতজনক।’

ইফালে উৰাবাতৰিৰ প্ৰতি সঁহাৰি জনাই গীতালী দেৱীয়ে নিজৰ ফেচবুক পেজত নিজৰ স্থিতি স্পষ্ট কৰি কৈছে : ‘মই কাৰোবাক পলায়ন কৰাত সহায় কৰা বুলি ভুৱা বাতৰি প্ৰকাশ পাইছে, যিটো সঁচা নহয়। মই গাড়ী নচলাও ৷ বন্ধু এজনক লগ কৰিবলৈ বিল্ডিংটোলৈ গৈছিলো, মোৰ লগত মোৰ স্বামীও আছিল। চুমি বৰা বা তেওঁৰ স্বামীৰ লগত মোৰ কোনো সম্পৰ্ক নাই, আৰু তেওঁলোকৰ নিৰুদ্দেশৰ বিষয়েও মই অজ্ঞাত।’

কিন্তু এইখিনিতে বহুতৰে মনত প্রস্ন জাগিছে- চুমি বৰা পলাতক হৈ থকাৰ কথা সমগ্ৰ অসমে জানে, দীক্ষুৰ পত্নী অথবা গায়িকা গীতালী দেৱীয়ে নজনাটোহে আচৰিত কথা নহয় জানো ? নে তেওঁলোক এইকেইদিন কোনো মঙল গ্ৰহত আছি বুলিও বহুতে প্ৰশ্ন কৰি দৈখা গৈছে। যি কি নহওক চুমি-বিশালৰ পাপৰ ধনৰ ভাগ যে ছবি জগতৰ বহুতৰে হাতলৈ গৈছিল সেয়া নিশ্চিত বুলিও বহুতে মন্তব্য কৰিছে। আৰক্ষীয়ে সঠিক দিশেৰে তদন্ত আগুৱাই নিলেই সকলো কথা দিনৰ পোহৰৰ দৰে স্পষ্ট হৈ পৰিব বুলিও বহুতে মন্তব্য কৰিছে ।

লগতে পঢ়ক: Online Trading Scam: বিনিয়োগকাৰীৰ পৰা কোটি কোটি টকা সৰকাই বতাহত মিলি গ’ল স্বল্পখ্যাত অভিনেত্ৰী চুমী বৰা