Home Blog Page 582

Changing Education System And Individual Leadership:পৰিৰ্বতিত শিক্ষা ব্যৱস্থা আৰু স্বকীয় নেতৃত্ব…

লেখিকাঃ ৰুনা ৰ্শমা
লেখিকাঃ ৰুনা ৰ্শমা

ধনীয়া গুটি কেইটামান সেমেকি গৈ খোৱাৰ অনুপযোগী হৈ উঠাত ঘৰৰ বাহিৰত থকা টাব এটাত সিঁচি দিলোঁ। কেইটামান দিনৰ পিছত প্ৰায় দুমুঠি মান ধুনীয়া শাক পূৰঠ হৈ ওলাল। কোনো সম্ভাৱনীয়তা নথকা গুটিকেইটা উপযুক্ত পৰিৱেশ পাই থন ধৰি উঠিল। এজন শিক্ষক হিচাবে ভাবিবলৈ বাধ্য হলো এই গুটিবোৰৰ নিচিনাই আমাৰ কন কণ শিশু সকলৰ ভৱিষ্যত বোৰ নহয় নে?আমাৰ কিছু অতিৰিক্ত প্ৰয়াসে এই শিশুসকলৰ ভৱিষ্যত বোৰ ও এনেকৈ ঠন ধৰি উঠাত সহায়ক হব নোৱাৰিনে?(changing education system and individual leadership)

গঢ় দিও বুলি শিশু এটিক সুন্দৰ ৰূপত গঢ় দিয়াটো জানো সহজ কাম?পৰিয়ালতকৈও অধিক শিক্ষক সকলেই এই গুৰু দায়িত্ব পালন কৰিব লগা হয়।সেয়েহে শিক্ষক সকলক সমাজৰ আটাইতকৈ সন্মানীয় ব্যক্তি হিচাপে বিবেচনা কৰা হয়। শৈক্ষিক ক্ষেএ বাদ দি অন্যান্ন প্ৰশিক্ষন ক্ষেএতো চানক্যয়ে হওঁক বা ৰমাকান্ত আৰচৰেকাৰ য়ে হওঁক ,চন্দ্ৰগুপ্ত মৌৰ্য বা শচীন তেণ্ডুলকাৰৰ সুপ্ত প্ৰতিভা চিনাক্ত কৰি বিকাশত তেওঁলোকে মুখ্য ভূমিকা পালন কৰিছিল। এটি বৃক্ষ পুলিৰ দৰে প্ৰতিটো কণ কণ শিশুৰ বাবে বিদ্যালয়ত এক সুন্দৰ , সুস্থ শৈক্ষিক পৰিৱেশ সৃষ্টি কৰা , লগতে শিশুটিক দৈহিক, মানসিক সামৰ্থ , ইচ্ছা, আদি কাৰকবোৰ অধ্যয়ন কৰাৰ লগতে সম্পূৰ্ণ প্ৰতিভা বিকাশত সহায়ক হৈ আহিছে এই শিক্ষক সমাজ।(Story)

অভিভাৱক সকলে শিশু সকলক কিয় বাৰু বিদ্যালয় লৈ পঠিয়াই? পিতৃ মাতৃ আৰু পৰিয়াল পৰিবেশৰ পিছতেই শিশুৰ জ্ঞান বিকাশৰ প্ৰধান ক্ষেত্ৰ হল বিদ্যালয় সমূহ। বিদ্যালয় লৈ যাব পৰা হলেই পিতৃ মাতৃ য়ে শিশু টিক ৰ্সবগুন সম্পৰ্ণ মানৱ সম্পদ ৰূপে গঢ় দিয়াৰ বাবে শিক্ষকৰ উপৰত গুৰু দায়িত্ব অৰ্পণ কৰে। শিক্ষক সকলেই হৈছে আশা ভৰষাৰ স্থল, শিশুসকলৰ ভৱিষ্যত নিয়ন্ত্ৰণ কাৰক। সেয়েহে শিক্ষকৰ ভূমিকা মহৎ, দায়িত্ব আৰু কৰ্তব্য ব্যাপক, কৰ্মবীৰ আৰু চিৰ জীৱন জ্ঞানপিপাসু।(Children to school)

সভ্যতা য়ে ঢুকি পোৱাৰ পৰায়ে মানৱ শিশু জ্ঞানৰ সন্ধানত বিদ্যালয় লৈ ধাবিত হৈছে। কিন্তু ইয়াৰ পৰিসৰ সময়ে সময়ে পৰিবৰ্তিত হৈ আহিছে। প্ৰায় ২০০ বছৰ মান আগৰ সমাজখনত শৈক্ষিক পৰিৱেশৰ অভাৱৰ ফলত পাঠ্যপুথিৰ জ্ঞান সীমিত আছিল আৰু সেয়েহে যি সকল লোকে জ্ঞান লাভৰ সুযোগ পাইছিল তেনে লোকৰ মাজত সংস্কাৰ শিকোৱাৰ আৱশ্যকতা নাছিল। কিয়নো সামাজিক সংস্কাৰক সৰ্বোপৰি মূল্য প্ৰদান কৰা হৈছিল।কিন্তু আজি একবিংশ শতিকাত কাৰিকৰী শিক্ষাৰ প্ৰভাৱত সকলোৱে জীৱিকাৰ বাবে নিজকে শ্ৰেষ্ঠ প্ৰতিপন্ন কৰিব লগা হৈছে । গতিকে বৰ্তমান যুগত শিক্ষকে নৈতিকতা ৰ লগতে পেছা আৰু নিছা হিচাপে লৈ শিক্ষাৰ গুনগত মান উন্নত কৰি আধূনিক সুবিধাৰে ছাত্ৰ ছাত্ৰীক প্ৰতিযোগীতাৰ যুগটোৰ লগত খাপ খোৱাকৈ প্ৰস্তত কৰিব লাগিব আৰু তাৰ বাবে প্ৰয়োজন হব শিশু সকলৰ সম্ভাবনীয়তাক চিনাক্ত কৰা আৰু সেই দিশত উপযুক্ত জ্ঞানেৰে আগবঢ়াই নিয়াৰ। বিদ্যালয়ত শিশুৰ শিক্ষা, চৰিত্ৰ গঠন শাৰীৰিক আৰু মানসিক বিকাশ , শৃংখলাবদ্ধ জীৱন আৰু সুপ্ত প্ৰতিভাৰ বিকাশ হয় । অকল পাঠ্যপুথিৰ জ্ঞানে আজিৰ ছাত্ৰ ছাত্ৰীক সু নাগৰিক গঢ়াত হয়তো সফল হব নোৱাৰিব। বৰ্তমান বিজ্ঞানৰ যুগত নতুন প্ৰযুক্তি আৰু আধুনিকতাক আমি আদৰি লবই লাগিব। কম্পিওতাৰ সংযোজন শিক্ষাা জগতখনত এটা যুগান্তকাৰি পদক্ষেপ। কিন্তু আজিৰ শিক্ষক সমাজ বাৰু তাৰ বাবে প্ৰস্তুত হৈছেনে?

একবিংশ শতিকাৰ অস্তিত্ব ৰক্ষা অন্যতম সমল হৈ পৰিছে জ্ঞান আৰু দক্ষতা আৰু যিকোনো বিষয়ৰ শৈক্ষিক জ্ঞান আহৰণ কৰিবলৈ নিতান্তই প্ৰয়োজন ভাষিক জ্ঞান আৰু শব্দ ভাণ্ডাৰ আয়ত্ব ।যিহেতু সমগ্ৰ বিশ্বৰ লগত ভাৱৰ আদান প্ৰদান কৰা একমাত্ৰ ভাষা হৈছে ইংৰাজী ভাষা। সেয়েহে সকলো মাধ্যমৰ ছাত্ৰ ছাত্ৰীৰ ইংলিছ ভাষাৰ পৰ্য্যাপ্ত জ্ঞান প্ৰদান কৰাৰ প্ৰয়োজনীয়তা আছে। ৰাজ্যিক বা দ্বিভাষিক মাধ্যমৰ বিদ্যালয় সমূহত ইংৰাজী কথোপকথনৰ পৰিৱেশ এটা এতিয়াও গঢ়ি উঠা নাই। তাৰ বাবে এটা পৰিৱেশ গঢ়াৰ অতি প্ৰয়োজন হৈ উঠিছে যাতে বিদ্যালয় ৰ শিক্ষা শেষ কৰি বাহিৰৰ জগতখনত ভৰি দিয়া এজন মেধাৱী ছাত্ৰ য়ে কতো খোকোজা খাব লগা নহয়।ভাষা তেওৰ উচ্ছ শিক্ষা আহৰণত বা কৰ্ম সংস্থাপনত বাধাৰ প্ৰাচীৰ হৈ থিয় নিদিয়ে।

সংস্কাৰ বা মানৱীয় মূল্যবোধ সাধাৰণতে এটা শিশুৱে ঘৰখনৰ পৰায়ে আয়ত্ব কৰে।শিক্ষক হিচাবে সামাজিক সংস্কাৰ, মূল্যবোধ, অনুশাসন প্ৰদান কৰাত শিক্ষকৰ গুৰুত্ব বৃদ্ধি পায় আহিছে। সমাজ ব্যৱস্থা,বিভিন্ন সামাজিক মাধ্যম, অনুশীলনৰ অভাৱৰ বাবে আজিৰ ছাত্ৰ সমাজ কিছু পৰিমানে বিশৠখল আৰূ বিপথে পৰিচালিত হৈছে। ৰাজনীতি ও অন্য এক প্ৰমুখ কাৰক। নৈতিক আৰু আধ্যাত্মিকতাৰ ভেটি সবল কৰিলেহে ছাত্ৰ ছাত্ৰী য়ে ভৱিষ্যতে এখন সুস্থ সমাজ গাঢ় দিব পাৰিব।

বৰ্তমান যুগৰ শিক্ষা নিয়োগ বজাৰৰ দাবীসন্মত হোৱাতো জৰুৰী। এইটো তেতিয়াহে সম্ভৱ হব যেতিয়া শিক্ষকে ছাত্ৰ ছাত্ৰীৰ দক্ষতা, নৈপুন তা, পাৰদৰ্শিতাৰ বাবে নিয়ন্ত্ৰন অনুশীলন অব্যাহত ৰাখিব। অনুশীলনৰ যোগেদি আমাৰ মগজটটোৱে বিচৰা ধৰণে গঢ় দিব পৰা , চৰ্চা আৰু অভ্যাসৰ বাবে ছাত্ৰ ছাত্ৰীক অনুপ্ৰাণিত কৰিব পাৰিব লাগিব। দক্ষাতায়ে উৎপাদনশীলতা বঢ়াই পাৰদৰ্শী কৰি তোলে। উদ্ভাৱন আৰু নতুনত্বয়ে সমাজক প্ৰগতিৰ পথত আগবহাই নিয়ে । বিদ্যালয় সমুহত চৰকাৰে সেইখিনি সা সুবিধা উপলব্ধ কৰোৱাৰ লগতে প্ৰয়োজনীয় ইনফৰমেচন টেকনলজীৰ, গবেশনাগাৰ, কৰ্মশালা আৰু শিক্ষকশকলৰ গুনগত শিক্ষাৰে আজিৰ যূগৰ লগত মোকাবিলা কৰিব পৰাকৈ মানৱ সম্পদ গঢ় দিয়াটো সম্ভৱপৰহৈ উঠিব। বহু ছাত্ৰ ছাত্ৰীযে তেওঁলোকৰ নিজৰ সপোন বাস্তৱত ৰূপান্তৰ কৰিবলৈ সক্ষম হয়।

এইখিনিতে এটা কথা নিতান্তই প্ৰয়োজন হৈ পৰে শিক্ষক শিক্ষয়িত্ৰীসকলে বাৰু এই কম্পিউটাৰ যুগত সামঞ্জস্য ৰাখি কাম কৰাটো কিছু কঠিন হৈ পৰা নাইনে? শিক্ষা নামৰ এই বিকাশ প্ৰক্ৰিয়া টোত আমি বাৰু কৰবাত উজুতি খাইছো নেকি?
অমি মনত ৰখা উচিত যে পৰিবৰ্তন চিৰসত্য।
সাম্প্ৰতিক সময়ত বিজ্ঞান আৰু প্ৰযুক্তিৰ যুগত সামাজিক মূল্যায়নৰ মাপকথিদাল প্ৰযুক্তিৰ ওপৰত নিৰ্ভৰশীল।আজিৰ শিক্ষা ব্যৱস্থা সৃষ্টিশীল লগতে বিজ্ঞানসন্মত মানসিকতা হব লাগিব।আমি বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ চৰম শিখৰত অৱস্থান কৰিছোঁ, কিন্তু নতুন প্ৰজন্মক প্ৰতিনিধিত্ত্ব কৰিব পৰাকৈ আমি পৰাকৈ দক্ষ নে?

Facilitator of Learning হৈটো সময়ৰ আহবান।
কেৱল জ্ঞান দিলেই সংস্থাপন মুখি শিক্ষা দিব পৰাটোহে আচল প্ৰত্যাহবান । সেয়েহে সুনিপুন, কৌশলগত শিক্ষাক প্ৰধ্যান্ন দিব লাগিব। চিন্তাবিদ সকলে এই কথা মানি লৈছে আউপুৰণি শিক্ষা ব্যৱস্থাক বস্তবসন্মত কৰাৰ উদ্দেশ্যে আজিৰ শিক্ষকে কম্পিউটাৰ শিক্ষাক আঁকোৱালি লৈছে। বিদ্যালয় সমূহত information technology হাতত লোৱাৰ লগতে আধুনিক সুবিধাৰ লদ্ধ কৰিবলৈ চেষ্টা কৰা হৈছে । ছাত্ৰ ছাত্ৰীৰ যুগৰ দাবী অনুসৰি শিক্ষা প্ৰদান কৰা ,প্ৰতিযোগিতাৰ মোকাবিলা কৰিবলৈ সাৰ্মথ্য কৰা, তথ্য , প্ৰযুক্তি বিদ্যাক আদৰি লৈ সহায়ক আৰু পথপৰ্দশক হোৱাৰ প্ৰয়োজনতা আহি পৰিছে। এই internet সাংস্কৃতিক যিমানেই আঁকোৱালি লম আমাৰ জ্ঞানৰ পৰিসৰ ও সিমানেই বিশাল আৰু সবল হৈ উঠিব।বৰ্তমান যুগত কম্পিউটাৰ একমাত্ৰ সম্বল যাৰ যোগেদি আমি ছাত্ৰ ছাত্ৰীক শিক্ষাৰ প্ৰতি আকৰ্ষিত কৰিবলৈ সক্ষম হম। কিন্তু তাৰ বাবে প্ৰয়োজন হব মাথোঁ কিছু ত্যাগ আৰু দ্ৰঢ়তা। “মই শক্তিশালী, মোৰ দ্বাৰা কৰা যাব, সকলোঁ ছাত্ৰ ছাত্ৰী মোৰ দ্বাৰা উপকৃত হব”তেনে মনোভাৱ অহাৰ লগে লগে হয়তো প্ৰতিজন শিক্ষক শিক্ষায়াত্ৰী য়ে নতুনত্বক আদৰিবলৈ আগবাঢ়ি আহিব।কিয়নো প্ৰতিজন শিক্ষকে অনাদি কালৰ পৰা অতিশয় প্ৰতিকুল পৰিৱেশ ও শিক্ষা প্ৰদান কৰি এখন সুস্থ সমাজ গঢ়াত অৰিহণা যোগায় আহিছে আৰু আগলৈও তেওঁলোকৰ এখন সুষ্ট সমাজ আৰু সু নাগৰিক গঠনত অমূল্য অৱদান থাকিব।

লেখিকঃ ৰুনা ৰ্শমা

কান্দিভেলী, মুম্বাই

Empty Stomach সাৱধান! খালী পেটত নাখাব এই সমূহ খাদ্য…

খালী পেটত নাখাব এই সমূহ খাদ্য
খালী পেটত নাখাব এই সমূহ খাদ্য

খাদ্য বিশেষজ্ঞসকলৰ মতে ৰাতিপুৱা প্ৰথমে কি খায় তাৰ ওপৰত নিৰ্ভৰ কৰে আপোনাৰ পেটৰ স্বাস্থ্যই। কিছুমান বস্তু স্বাস্থ্যকৰ হ’লেও ৰাতিপুৱা খালী পেটত খাব নালাগে। (empty stomach)

আমি খালী পেটত যি খাওঁ, সেই খাদ্যই আপোনাৰ দিনটো কেনেকুৱা হ’ব সেইটো নিৰ্ণয় কৰে। ৰাতিপুৱা খালী পেটত ভজা আৰু টেঙা ব্ৰেকফাষ্ট কৰিলে দিনটো পেটৰ স্বাস্থ্য বৰ বেছি ভালে নাথাকিব। অৱশ্যে কিছুমান স্বাস্থ্যকৰ বস্তুও আছে, যিবোৰ ৰাতিপুৱা খালী পেটত খালে গোটেই দিনটো কোনো সমস্যাৰ সৃষ্টি নহয়। (healthy eating)

ৰাতিপুৱা খালী পেটত ৬টা বস্তু খাব নালাগে। জানো আঙক এই ছয়টা খাদ্যৰ বিষয়ে-(foods)







কমলা, নেমু আৰু আঙুৰৰ দৰে টেঙাজাতীয় ফলত ভিটামিন চি আৰু এন্টিঅক্সিডেন্ট প্ৰচুৰ পৰিমাণে থাকে। এনে ফলে স্বাস্থ্যৰ বাবে বহু উপকাৰ সাধন কৰে। কিন্তু ৰাতিপুৱা এইসমূহ ফল খালে দিনটোৰ এচিডিটি আৰু হাৰ্টবাৰ্ণ আৰু গেষ্ট্ৰাইটিছৰ সমস্যাত ভুগিব।(never consume these foods on empty stomach)


বহুতে ৰাতিপুৱা কফি খায়। এইটো এটা ডাঙৰ ভুল। কাৰণ খালী পেটত কফি খালে পেটত এচিড গঠন হয়, যিয়ে আপোনাৰ পেটতো দিনটো আমনি কৰিব পাৰে। পিঠিত সামান্য বিষ হ’ব পাৰে।


যদি আপুনি ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে চেনিযুক্ত খাদ্য যেনে পেষ্ট্ৰি, পেকেটত থোৱা ফলৰ ৰস আদি খাই, তেন্তে এই অভ্যাস লগে লগে বন্ধ কৰক। ইয়াৰ বাবে তেজৰ চেনিৰ মাত্ৰা অতি দ্ৰুতগতিত বৃদ্ধি পায়। ইয়াৰ ফলত হঠাতে আপুনি বহুত ভাগৰুৱা অনুভৱ কৰিবলৈ আৰম্ভ কৰিব।

কেঁচা শাক সঁচাকৈয়ে স্বাস্থ্যকৰ। কিন্তু খালী পেটত কেঁচা শাক খোৱাটো ভূল। কাৰণ কেঁচা শাক-পাচলিত প্ৰচুৰ পৰিমাণে আঁহ থাকে, যি পেটৰ বাবে হজম কৰাত অসুবিধা হ’ব পাৰে।

লগতে পঢ়কঃ Bay Leaf Tea: তেজপাতৰ চাহ ঔধষি গুণেৰে ভৰপূৰ! কলেষ্টেৰল, ডায়েবেটিছৰ বাবে এই চাহ অতি উপকাৰী…


ভাৰতীয় মছলা ঔষধি গুণ আৰু সোৱাদৰ বাবে বিখ্যাত। কিন্তু যেতিয়া আপুনি ৰাতিপুৱা মছলাৰ সৈতে খাদ্য খায়, তেতিয়া ইয়াৰ পৰিণতি অতি বিপদজনক হ’ব পাৰে। ইয়াৰ ফলত বদহজম হব পাৰে।

আমি সকলোৱে জানো যে কল অতি স্বাস্থ্যকৰ। কিন্তু খালী পেটত কল খাব নালাগে। কলত মেগনেছিয়াম থাকে আৰু খালী পেটত খালে তেজত মেগনেছিয়ামৰ মাত্ৰা হঠাতে বৃদ্ধি পাব পাৰে।

published by: munmi gogoi

srimanta sankardev death anniversary: আজি জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৪৫৬ সংখ্যক তিৰোভাৱ তিথি…

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৪৫৬ সংখ্যক তিৰোভাৱ তিথি
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৪৫৬ সংখ্যক তিৰোভাৱ তিথি

গুৱাহাটী, ৪ ছেপ্তেম্বৰঃ আজি জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৪৫৬ সংখ্যক তিৰোভাৱ তিথি। গুৰু বন্দনাৰে মুখৰিত ৰাজ্যৰ সত্ৰ-নামঘৰ। ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ সত্ৰ-নামঘৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৪৫৬ সংখ্যক তিৰোভাৱ তিথি পালন ৰাইজৰ।(srimanta sankardev death anniversary)

উচ্চ-নীচ আৰু ভেদাভেদৰ পাহাৰ ভাঙি সম্প্ৰীতিৰ সাঁকো গঢ়া জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে অ, আ, ক, খ শিকিয়েই শ্ৰীমন্ত শংকৰদেৱে ‘কৰতল কমল’ ৰচনা কৰি সকলোকে আচৰিত কৰি তুলিছিল। অধ্যাপক কন্দলিয়ে শংকৰক প্ৰদান কৰিছিল ‘দেৱ’ উপাধি।(Mahapurush Srimanta Sankardev)

১৪৪৯ খ্ৰীষ্টাব্দত বৰদোৱাৰ আলিপুখুৰীত পিতৃ কুসুম্বৰ ভূঞা আৰু মাতৃ সত্যাসন্ধা দেৱীৰ ঔৰষত জন্মগ্ৰহণ কৰিছিল শ্ৰীমন্ত শংকৰদেৱে। বুঢ়ীমাক খেৰসুতীয়ে লালন-পালন কৰা শংকদেৱৰ সৰুতে পঢ়া-শুনাৰ প্ৰতি বিশেষ ধাউতি নাছিল। বুঢ়ীমাক খেৰসুতীয়ে ১২ বছৰ বয়সত মহেন্দ্ৰ কন্দলি টোলত নাম লগাই দিছিল শ্ৰীমন্ত শংকৰদেৱক।

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৪৫৬ সংখ্যক তিৰোভাৱ তিথি

ধৰ্ম প্ৰচাৰক, সমাজ সংগঠক, নাট্যকাৰ, অভিনেতা, চিত্ৰশিল্পী, নৃত্যশিল্পী, গীতিকাৰ, সুৰকাৰ তথা সৰ্ব গুণৰ অধিকাৰী আছিল আছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ।

আজি জাতিৰ জনক জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ (Srimanta Sankardev)লৈ সশ্ৰদ্ধ প্ৰণিপাত জনাই ৰাজ্যৰ নামঘৰে নামঘৰে তেওঁৰ ৪৫৬ সংখ্যক তিৰোভাৱ তিথি পালন কৰিছে।

published by: munmi gogoi

Encounter in Dantewada: ছত্তীশগড়ত নিৰাপত্তা বাহিনীৰে হোৱা মুখামুখি সংঘৰ্ষত ৬ গৰাকী মহিলাসহ নিহত ৯ মাওবাদী

Encounter in Dantewada: ছত্তীশগড়ত নিৰাপত্তা বাহিনীৰে হোৱা মুখামুখি সংঘৰ্ষত ৬ গৰাকী মহিলাসহ নিহত ৯ মাওবাদী
ছত্তীশগড়ত নিৰাপত্তা বাহিনীৰে হোৱা মুখামুখি সংঘৰ্ষত ৬ গৰাকী মহিলাসহ নিহত ৯ মাওবাদী

দন্তেওৱাড়া, ৪ ছেপ্তেম্বৰ: মাওবাদ বিৰোধী অভিযানৰ(Anti-Naxalite operations) অংশস্বৰূপে, ছত্তীশগড়ত মাওবাদীৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলা হৈছে । ইয়াৰে অংশ হিচাপে, দন্তেওৱাড়া আৰু বিজাপুৰৰ সীমান্তত(Encounter on Dantewada-Bijapur Border) নিৰাপত্তা বাহিনীৰ অভিযানকাৰী দলৰ সৈতে মঙলবাৰে মাওবাদীৰ এটা দলৰ মুখামুখি সংঘৰ্ষৰ সূত্ৰপাত ঘটে(Encounter in Dantewada) । সংঘৰ্ষস্থলীত দুয়োপক্ষৰ মাজত বহু সময় ধৰি গুলীবৰ্ষণ অব্যাহত থাকে । দন্তেওৱাড়াৰ সহকাৰী আৰক্ষী অধীক্ষক (এএসপি) আৰ কে বৰ্মনে এই সংঘৰ্ষৰ কথা উল্লেখ কৰি সংবাদ মাধ্যমৰ আগত সদৰী কৰা তথ্য অনুসৰি এতিয়ালৈকে ৯ জন মাওবাদী নিহত হৈছে(Security Forces Kill 9 Naxalites)।

দন্তেওৱাড়াৰ আৰক্ষী অধীক্ষক গৌৰৱ ৰায়ে জানিবলৈ দিয়া অনুসৰি, ২ ছেপ্টেম্বৰত বিজাপুৰ আৰু দন্তেওৱাৰাৰ সীমান্তত অৱস্থিত কিৰন্দুল আৰক্ষী থানাৰ অন্তৰ্গত এটা অঞ্চলত পশ্চিম বস্তাৰ ডিভিজন, দৰভা ডিভিজন আৰু পিএলজিএ ২ নম্বৰ কোম্পানীৰ উপস্থিতিৰ বিষয়ে তথ্য পোৱা গৈছিল । এই তথ্যৰ ভিত্তিতে দন্তেওৱাড়াৰ পৰা ডিআৰজি(District Reserve Guard), চিআৰপিএফ আৰু অন্যান্য নিৰাপত্তা বাহিনীৰ দলে যুটীয়াভাৱে চাৰ্চ অভিযান আৰম্ভ কৰে । নিৰাপত্তা বাহিনীৰ অভিযানৰ উমান পাই সেই স্থানত উপস্থিত মাওবাদীৰ দলটোৱে অভিযানকাৰী দলটোলৈ গুলীচালনা কৰে। প্ৰত্যুত্তৰ হিচাপে নিৰাপত্তাৰক্ষীৰ দলটোয়েও কৰা গুলীচালনাত ৯ টাকৈ মাওবাদীৰ মৃত্যু হয় । সংঘৰ্ষৰ অন্তত সেই স্থানৰ পৰা নিৰাপত্তাৰক্ষীয়ে ৬গৰাকী মহিলা মাওবাদী সদস্যাকে ধৰি নটা মৃতদেহ উদ্ধাৰ কৰে ।

সংঘৰ্ষস্থলীৰ পৰা নিৰাপত্তা বাহিনীয়ে স্বয়ংক্ৰিয় অস্ত্ৰ, এছএলআৰ, ৩০৩ ৰাইফল, ৩১৫ ৰাইফল, ১২ ব’ৰ ৰাইফলকে ধৰি বিপুল পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু বহু পৰিমানে আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰিছে(Weapons and Equipment Recovered)। এই মুখামুখি সংঘৰ্ষত অৱশ্যে নিৰাপত্তা বাহিনীৰ কোলো লোক আহত হোৱা নাই । অঞ্চলটোত আৰু অধিক মাওবাদী সদস্য থকাৰ সন্দেহত নিৰাপত্তা বাহিনীৰ অভিযান অব্যাহত আছে।

ইপিনে, দন্তেওৱাড়াৰ এগৰাকী আৰক্ষী বিষয়াই জনোৱা অনুসৰি, ২০২৪ চনৰ আৰম্ভণিৰ পৰা বৰ্তমানলৈকে বস্তাৰ অঞ্চলত হোৱা বহুকেইটা এনকাউণ্টাৰত ১৫৩ জন মাওবাদী নিহত হৈছে। ইয়াৰ উপৰিও, এই সময়ছোৱাৰ ভিতৰত মুঠ ৬৬৯ জন মাওবাদীক গ্ৰেপ্তাৰ কৰা হৈছে আৰু ৬৫৬ জনে আত্মসমৰ্পণ কৰিছে(Anti-Naxalite Operations in Chhattisgarh) ।

উল্লেখ্য যে, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে যোৱা ২৪ আগষ্টতআশ্বাসেৰে ঘোষণা কৰিছিল যে, ২০২৬ চনৰ মাৰ্চ মাহৰ ভিতৰত দেশখনক নক্সালবাদমূক্ত কৰিবলৈ চৰকাৰ সফল হ’ব। এই ঘোষণাৰ পিছতে নক্সালবাদ অৰ্থাৎ মাওবাদৰ বিৰুদ্ধে অভিযান অধিক তীব্ৰতৰ কৰি তুলা হৈছে।

লগতে পঢ়ক: J-K Police recovers 3 pistols: জম্মু আৰু কাশ্মীৰৰ ছাম্বাত সন্দেহযুক্ত পেকেটত উদ্ধাৰ ৩টা পিষ্টল

Anti-Rape Bill: পশ্চিমবংগ বিধানসভাত গৃহীত ধৰ্ষণ বিৰোধী বিধেয়ক ‘অপৰাজিতা’

West Bengal Assembly Passes Aparajita Anti-Rape Bill with Death Penalty
Anti-Rape Bill: পশ্চিমবংগ বিধানসভাত গৃহীত ধৰ্ষণ বিৰোধী বিধেয়ক ‘অপৰাজিতা’

কলকাতা, ৪ ছেপ্টেম্বৰঃ অৱশেষত পশ্চিমবংগ বিধানসভা(West Bengal Assembly)ত গৃহীত হ’ল ধৰ্ষণ বিৰোধী বিধেয়ক ‘অপৰাজিতা’ (Anti-Rape Bill) । বংগৰ আইন মন্ত্ৰী মলয় ঘটকে উত্থাপন কৰে ‘অপৰাজিতা মহিলা আৰু শিশু বিল’ (পশ্চিম বংগৰ অপৰাধ আইন সংশোধনী বিধেয়ক, ২০২৪)।

সোমবাৰে প্ৰতিগৰাকী বিধায়কক এই খচৰা বিধেয়ক প্ৰদান কৰা হৈছিল। একেদৰে বিধেয়কখন দাখিল কৰাৰ পূৰ্বে বিৰোধী নেতা সুভেন্দু অধিকাৰীয়ে কেইবাটাও সংশোধনীৰ সৈতে প্ৰস্তাৱ দাখিল কৰে । তাৰ আধাৰত অধ্যক্ষ বিমান বেনাৰ্জীয়ে কয় যে তেওঁ দাখিল কৰা সংশোধনীৰ বিষয়ে আলোচনা কৰা হ’ব। ডবগ্ৰাম-ফুলবাৰীৰ বিজেপি বিধায়িকা শিখা চট্টোপাধ্যায়ে আলোচনাৰ আৰম্ভণিতে এই বিষয়ে কয়।

এই বিধেয়কৰ এটা গুৰুত্বপূৰ্ণ নতুন সংযোজনত ধৰ্ষণকাৰীক ধৰ্ষণৰ ফলত কোনো নাৰী ক’মাত পৰিলে ধৰ্ষণকাৰীক মৃত্যুদণ্ডৰ ব্যৱস্থা কৰা হৈছে(Anti-Rape Bill with Death Penalty)। এই বিধানে মুম্বাইৰ অৰুণা শ্বানবাগৰ গোচৰৰ কথা মনত পেলাই দিয়ে । নিজৰ চিকিৎসালয়ত ধৰ্ষিতা হোৱা নাৰ্ছগৰাকীয়ে প্ৰায় ৪০ বছৰ ধৰি ক’মাত আছিল। কিন্তু ধৰ্ষণকাৰীক মৃত্যুদণ্ড বিহা নহ’ল।

বংগত এই বিধেয়কখন আইনত পৰিণত হোৱাৰ পিছত অৰুণাৰ দৰে বহুতে ন্যায় পাব বুলি আশা কৰা হৈছে। ইয়াৰ উপৰি ধৰ্ষণ আৰু হত্যাৰ ক্ষেত্ৰত পূৰ্বৰ আইন অনুসৰি মৃত্যুদণ্ড অব্যাহত থাকিব। দলবদ্ধ ধৰ্ষণৰ নূন্যতম শাস্তি হ’ব যাৱজ্জীৱন কাৰাদণ্ড আৰু জৰিমনা(West Bengal Assembly passes the anti-rape bill Aparajita)।

বিধানসভাৰ মজিয়াত বিৰোধী নেতা সুভেন্দু অধিকাৰী, আছানচল দক্ষিণৰ বিজেপিৰ বিধায়ক অগ্নিমিত্ৰ পালে ‘অপৰাজিতা’ বিধেয়কক পূৰ্ণ সমৰ্থন কৰে। সুভেণ্ডুৱে বিধেয়কখনৰ সৈতে ৭টা সংশোধনী দাখিল কৰে।

লগতে পঢ়ক: Sandip Ghosh Arrested by CBI: আৰ জি ক’ৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষক চি বি আইৰ গ্ৰেপ্তাৰ

Online Trading Scam: বিনিয়োগকাৰীৰ পৰা কোটি কোটি টকা সৰকাই বতাহত মিলি গ’ল স্বল্পখ্যাত অভিনেত্ৰী চুমী বৰা

Assam Actress Sumi Bora Involved in Major Online Trading Scam, Vanishes After Allegedly Defrauding Crores
Online Trading Scam: বিনিয়োগকাৰীৰ পৰা কোটি কোটি টকা সৰকাই বতাহত মিলি গ’ল স্বল্পখ্যাত অভিনেত্ৰী চুমী বৰা

গুৱাহাটী, ৪ ছেপ্টেম্বৰঃ অসমত শেহতীয়াকৈ কেইবাটাও অনলাইন ট্ৰেডিং কোম্পানীয়ে বিনিয়োগকাৰীক পাভচোচা দি পলায়ন কৰাৰ পিছত স্বল্পখ্যাত অভিনেত্ৰী চুমী বৰাৰ নাম সাঙোৰ খাইছে একেধৰণৰ জালিয়াতিৰ সৈতে। অভিযোগ অনুসৰি চুমী বৰা আৰু কোম্পানীয়ে অসমৰ বিনিয়োগকাৰীৰ পৰা ২০০০ কোটিৰো অধিক ধন আত্মসাত্‍ কৰিছে(Online Trading Scam)। এই ঘটনা পোহৰলৈ অহাৰ পিছতে অভিনেত্ৰী চুমী বৰাই আত্মগোপন কৰিছে।

অভিযোগ অনুসৰি চুমী বৰাৰ আছে বহু হাই প্ৰফাইল লোকৰ সৈতে অতি ঘনিষ্ঠ সম্পৰ্ক। সেইবাবেই তেনে কেনো হাই প্ৰফাইল লোকৰ ডেউকাৰ তলতে চুমি বৰাই আত্মগোপন কৰা বুলি বহুতে এতিয়া সন্দেহ কৰিছে। অসমীয়া অভিনেত্ৰী চুমী বৰাৰ সন্ধানত গুৱাহাটী আৰক্ষীয়ে আৰম্ভ কৰিছে তীব্ৰ অভিযান। কিন্তু চুমী বৰাৰ কোনো সন্ধান উলিয়াব পৰা নাই আৰক্ষীয়ে। যেন বতাহৰ সৈতে মিলি গ’ল চুমী বৰা(Actress Sumi Bora)।

আৰক্ষীয়ে ইতিমধ্যে কোটি কোটি টকাৰ সৰকোৱাৰ অভিযোগত বিশাল ফুকন নামৰ ২২ বছৰীয়া যুৱক এজনক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে মঙলবাৰে গুৱাহাটীৰ বেলতলাৰ এটা ফ্লেটত অভিযান চলাই যদিও চুমী বৰাক বিচাৰি নাপালে। আৰক্ষীয়ে সন্দেহ কৰিছে যে ফুকনক গ্ৰেপ্তাৰ কৰাৰ পিছতে চুমীয়ে পলায়ন কৰিছে(Assam Actress Sumi Bora Involved in Major Online Trading Scam) । চুমীৰ ফোনটোও চুইচ অফ হৈ আছে । চুমী বৰাৰ বিৰুদ্ধে ষ্টক মাৰ্কেট বিনিয়োগৰ জৰিয়তে বিনিয়োগকাৰীক ৬০ দিনৰ ভিতৰত ৩০% লাভৰ প্ৰতিশ্ৰুতি দিয়া বুলি অভিযোগ উত্থাপন হৈছে।

ধৃত বিশাল ফুকনক আৰক্ষীয়ে কৰা দীঘলীয়া জেৰাৰ অন্তত তেওঁক গ্ৰেপ্তাৰ কৰা হয় । আৰক্ষীৰ মতে ফুকনে তেওঁৰ খুলশালীয়েক চুমি বৰাৰ বিয়াত এক কোটি টকাৰ ওপৰত ব্যয় কৰিছিল ।ফুকনক গ্ৰেপ্তাৰ কৰাৰ পিছত ডিব্ৰুগড়ৰ প্ৰবঞ্জলি এপাৰ্টমেণ্টত থকা তেওঁৰ ফ্লেটত আৰক্ষীয়ে অভিযান চলাই লেপটপ, মোবাইলকে আদি কৰি বহু সামগ্ৰী জব্দ কৰিছে যদিও সবিশেষ তথ্য আৰক্ষীয়ে প্ৰকাশ কৰা হোৱা নাই(Online Trading Scams in Assam) ।

২২ বছৰ বয়সত ফুকনে তিনিটা কোম্পানীৰে মালিক হোৱা বিশালে ডুবাইলৈ সঘনাই ভ্ৰমণ কৰিছিল । বিলাসী বাহন, আৰু ছ’চিয়েল মিডিয়াত হাই-প্ৰফাইল উপস্থিতি প্ৰমাণেৰে মানুহক প্ৰলোভিত কৰিছিল। তেওঁ মিউজিক ভিডিঅ’তো অভিনয় কৰিছিল।

আৰ্থিক জালিয়াতিৰ বিৰুদ্ধে পদক্ষেপ গ্ৰহণ কৰি ডিব্ৰুগড় আৰক্ষীয়ে অসমত শতাধিক লোকক আৰ্থিকভাবে প্ৰতাৰণা কৰা দুটা বৃহৎ বিনিয়োগ কেলেংকাৰী উন্মোচনৰ ক্ষেত্ৰত উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিছে। আৰক্ষীয়ে ২২ বছৰীয়া বিশাল ফুকনক আটক কৰাৰ দিনাই নিশাৰ ভাগত গুৱাহাটীৰ পৰা স্বপ্ননীল দাসকো গ্ৰেপ্তাৰ কৰে । দুয়োজনেই এই আৰ্থিক কেলেংকাৰীত জড়িত বুলি অভিযোগ উত্থাপন হৈছে ।

বিশাল ফুকনে ষ্টক মাৰ্কেট কেলেংকাৰীত প্ৰায় ২০০ ব্যক্তিৰ পৰা কেইবা কোটি টকা সংগ্ৰহ কৰা বুলি জানিব পৰা গৈছে । ফুকনে ৩০ শতাংশ পৰ্যন্ত নিৰ্দিষ্ট ৰিটাৰ্ণৰ প্ৰতিশ্ৰুতি দিছিল বুলিও জানিব পৰা গৈছে । তেওঁৰ দাবীক বিশ্বাসযোগ্যতা প্ৰদান কৰিবলৈ ফুকনে ৰিটাৰ্ণৰ নিশ্চয়তা প্ৰদান কৰা নটাৰীকৃত নথি-পত্ৰ প্ৰদৰ্শন কৰা বুলি অভিযোগ উঠিছে।

অভিযোগ অনুসৰি, ফুকনে বিনিয়োগকাৰীসকলক তেওঁলোকৰ ধন তেওঁৰ ব্যক্তিগত বেংক একাউণ্টত জমা কৰিবলৈ নিৰ্দেশ দিছিল । কিন্তু প্ৰতিশ্ৰুতি দিয়া ৰিটাৰ্ণসমূহ গৰিষ্ঠসংখ্যক বিনিয়োগকাৰীয়ে লাভ নকৰিলে । খবৰ অনুসৰি প্ৰতিশ্ৰুতি দিয়া ৰিটাৰ্ণৰ এটা অংশহে প্ৰদান কৰা হৈছিল, আনহাতে মূলধনী ধন পৰিশোধ নকৰাকৈয়ে আছে । তাৰোপৰি ফুকনে তেওঁ নিজৰ নামত চাৰিটা কোম্পানী পঞ্জীয়ন কৰিছিল, যিবোৰ এতিয়া তদন্তৰ অংশ হিচাপে নিৰীক্ষণৰ আওতাত আছে ।

একেদৰে গুৱাহাটীৰ বেলতলা অঞ্চলত স্বপ্ননীল দাসক গ্ৰেপ্তাৰ কৰা হয় । তেওঁ ব্লেক ষ্টোন ট্ৰেডিং এপ নামৰ আন এটা অনলাইন ট্ৰেডিং এপ চলাইছিল(Black Stone Trading App) । এই এপটো ব্যৱহাৰ কৰি বিনিয়োগকাৰীৰ পৰা বৃহৎ পৰিমাণৰ ধন আদায় কৰিছিল দাসে। আৰক্ষীয়ে দাসক গ্ৰেপ্তাৰ কৰাৰ সময়ত দুখন বিলাসী বাহন জব্দ কৰে, যিবোৰ কেলেংকাৰীৰ জৰিয়তে লাভ কৰা ধনেৰে ক্ৰয় কৰা বুলি অনুমান কৰা হৈছে।

ইপিনে এই অনলাইন ট্ৰেডিং এপৰ মূল মাষ্টাৰ মাইণ্ড হিচাবে উচ্চাৰিত হৈছে অভিনেত্ৰী চুমী বৰাৰ নাম । চুমী বৰাই নানান কৰ্মৰ জড়িয়তে ইতিমধ্যে ৰাজ্যবাসীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল । ৰাজস্থানৰ উদয়পুৰ পেলেছত ৰাজকীয়ভাৱে বিয়াত বহিছিল চুমী বৰাই। সম্পূৰ্ণ এখন বিমান ভাড়া কৰি আত্মীয়স্বজনক লৈ গৈছিল ৰাজস্থানৰ উদয়পুৰলৈ(Udaipur Palace in Rajasthan) । তেতিয়াই সামাজিক মাধ্যমত সকলোৱে চুমি বৰাৰ আয়ৰ উৎসকলৈ প্ৰশ্ন কৰিছিল এগৰাকী সাধাৰণ স্বল্পখ্যাত অভিনেত্ৰীয়ে এনেদৰে বাহিৰত বিয়া পাতিবলৈ কোটি কোটি টকা পালে টকা ? বিয়াখনকলৈ সেয়ে বিতৰ্কৰ সৃষ্টি হৈছিল।

একেদৰে চুমী বৰাই এখন ছবিৰ চুক্তি কৰাৰ নামত ডুবাইৰ বুৰ্জ খালিফাত লাখ লাখ টকাৰে ৰূম বুক কৰিছিল(extravagant trips to Dubai)। পিছে কোনো দিনে মুক্তি নাপালে ছবিখনে। ডাঙৰ কথাটো হ’ল ছবি খনৰ শ্বুটিঙেই নহ’ল । অসমীয়া ছবিৰ চুক্তি কৰিবলৈও ডুবাইৰ বুৰ্জ খালিফালৈ গৈ চুমী বৰাই খৰচ কৰিছিল প্ৰায় ১০ লাখ টকা। সেই ধন চুমী বৰাই ক’ৰ পৰা পাইছিল, সেয়াও এক প্ৰশ্ন হৈ পৰিছে।

অসমত অনলাইন ট্ৰেডিঙৰ প্ৰতি বহুতৰে আগ্ৰহ বৃদ্ধি হোৱা কথাটোক চুমী বৰাৰ দৰে লোকসকলে অস্ত্ৰ হিচাবে লৈ বহু লোকক প্ৰতাৰণা কৰি গৈছিল বুলি এতিয়া চৰ্চা হৈছে। এনে প্ৰতাৰক চক্ৰৰ বিষয়ে অসম আৰক্ষী পূৰ্বে অৱগত নোহোৱাৰ কথাটোকো বহুতে সহজভাবে ল’ব পৰা নাই। অসম আৰক্ষীৰ এটা বিশাল চাইবাৰ অপৰাধ চেল থকাৰ পিছতো অনলাইন ট্ৰিঙেৰে ৰাজ্যবাসীক প্ৰতাৰণা কৰি অহা চক্ৰ সমূহক চিনাক্ত কৰিব নোৱাৰাৰ আঁৰত এনে চক্ৰৰ সৈতে আৰক্ষীৰ লোকো জড়িত থাকিব পাৰে বুলি বহুতে সন্দেহ প্ৰকাশ কৰিছে । এইক্ষেত্ৰত বহুতে এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰো(Assam Chief Minister Himanta Biswa Sarma) হস্তক্ষেপ কামনা কৰিছে ।

লগতে পঢ়ক: Online Trading Scam: অনলাইন ট্ৰেডিঙৰ নামত দেৰগাঁৱতো লুণ্ঠন কোটি কোটি টকা

Online Trading Scam: অনলাইন ট্ৰেডিঙৰ নামত দেৰগাঁৱতো লুণ্ঠন কোটি কোটি টকা

Online Trading Scam: অনলাইন ট্ৰেডিঙৰ নামত দেৰগাঁৱতো লুণ্ঠণ কোটি কোটি টকা
Online Trading Scam: অনলাইন ট্ৰেডিঙৰ নামত দেৰগাঁৱতো লুণ্ঠন কোটি কোটি টকা

দেৰগাঁও, ৩ ছেপ্তেম্বৰ: ষ্টক মাৰ্কেটত বিনিয়োগ অথবা অনলাইন ট্ৰেডিঙেৰে সহজতে ধনী হোৱাৰ সপোন দেখা একাংশৰ মাজত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে(Online Trading Scam) । অনলাইন ট্ৰেডিঙৰ জড়িয়তে অধিক লাভৰ লোভ দেখুৱাই প্ৰৱঞ্চনা কৰাৰ অভিযোগ অনলাইন ট্ৰেডিঙৰ একাংশ মাষ্টাৰ মাইণ্ডৰ বিৰুদ্ধে । যাক লৈ দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো এতিয়া ট্ৰেণ্ডিঙত থকা বিষয়টো হৈছে ষ্টক মাৰ্কেটত বিনিয়োগ বা অনলাইন ট্ৰেডিং ।

শেহতীয়াকৈ একাংশ বিনিয়োগকাৰীয়ে সহজতে লাভৱান হোৱাৰ আশাৰে ষ্টক মাৰ্কেটত বিনিয়োগ কৰি নিজৰ গাঁঠিৰ ধন হেৰুৱাবলগীয় হৈছে । মাত্ৰ কেইদিনমান পূৰ্বে ডি বি ষ্টকৰ নামত কোটি কোটি টকা লুট কৰি আত্মগোপন কৰি দীপাংকৰ বৰ্মন নামৰ এজন লোকে আত্মগোপন কৰা পাছতে এই অনলাইন ট্ৰেডিঙৰ ব্যৱস্থাটোক লৈ সৰ্বত্ৰে চৰ্চা আৰম্ভ হোৱা পৰিলক্ষিত হৈছে ।

ডি বি ষ্টকৰ স্বত্বাধিকাৰী দীপাংকৰ বৰ্মনৰ প্ৰৱঞ্চনাৰ অভিযোগৰ পাছতে ৰাজ্যখনত এজনৰ পাছত আন এজন ট্ৰেডিঙৰ মাষ্টাৰ মাইণ্ডৰ প্ৰৱঞ্চনাৰ কাহিনী পোহৰলৈ অহা পৰিলক্ষিত হৈছে । দীপাংকৰ বৰ্মনৰ প্ৰৱঞ্চনাৰ ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই এতিয়া ব্যাপকভাৱে চৰ্চালৈ আহিছে ডিব্ৰুগড়ৰ বিশাল ফুকন আৰু স্বপ্ননীল দাসৰ নাম ।

অনলাইন ট্ৰেডিঙৰ জৰিয়তে লুণ্ঠন চলোৱা এই দুই চক্ৰৰ বিৰুদ্ধে অসম আৰক্ষীয়ে অভিযান চলাই সোমবাৰে বিয়লি ডিব্ৰুগড়ৰ ব্যৱসায়ী বিশাল ফুকনক আটক কৰাৰ সমান্তৰালভাৱে সোমবাৰৰ নিশাই মহানগৰীৰ পৰা প্ৰৱঞ্চনাৰ অভিযোগত আটক কৰে অভিযুক্ত স্বপ্ননীল দাসক ৷

ইফালে অনলাইন ট্ৰেডিঙৰ এই দুই মাষ্টাৰ মাইণ্ডৰ দ্বাৰা সাধাৰণ লোকক প্ৰৱঞ্চনাৰ অভিযোগৰ কাহিনী পোহৰলৈ অহাৰ সময়তে গোলাঘাট জিলাৰ পৰাও আহিছে আন এক প্ৰৱঞ্চনাৰ ঘটনা(online trading scam in Dergaon) । দেৰগাঁৱৰ বৰ পুখুৰী পাৰাৰ ভাস্কৰ ভূষণ বৰুৱা নামৰ এজন যুৱকৰ বিৰুদ্ধে বহু লোকক প্ৰৱঞ্চনা কৰাৰ অভিযোগ উত্থাপিত হৈছে । অভিযুক্ত ভাস্কৰ ভূষণ বৰুৱাই একাংশ এজেণ্ট নিয়োগ কৰি জিলাখনত প্ৰৱঞ্চনাৰ এক ভয়ানক জাল মেলি বহু লোকক সৰ্বহাৰা হ’ব লগা পৰিস্থি্তিলৈ লৈ যোৱা বুলিও অভিযোগ উত্থাপিত হৈছে(Case of Bhaskar Bhushan Barua)।

অনলাইন ট্ৰেডিঙৰ এইগৰাকী মাষ্টাৰ মাইণ্ড ভাস্কৰ ভূষণে জিলাখনৰ বিনিয়োগকাৰী লোকসকলৰ পৰা পৰা প্ৰায় ১০ কোটিৰো অধিক টকা হৰলুকি কৰা বুলি অভিযোগ উত্থাপিত হৈছে। ভাস্কৰ ভূষণে জিলাখনৰ বিভিন্ন অঞ্চলৰ যুৱকসকলৰ পৰা বিনিয়োগৰ নামত ধন সংগ্ৰহ কৰি প্ৰথম প্ৰয্যায়ত কিছু ধন লাভসহিতে পৰিশোধ কৰিছিল যদিও পৰবৰ্তী সময়ত সকলোৰে ধন আত্মসৎ কৰাৰ অভিযোগ উত্থাপিত হৈছে ।

প্ৰৱঞ্চনাৰ অভিযুক্ত ভাস্কৰ ভূষণৰ ভুৱা প্ৰলোভনত পৰি সহজতে ধনী হোৱাৰ সপোন দেখা বিনিয়োগকাৰীসকলে এতিয়া নিজৰ গাঁঠিৰ ধন হেৰুৱাবলগীয়া পৰিস্থিতিৰ সন্মুখীন হৈ কাষ চাপিছে আৰক্ষীৰ । ভাস্কৰ ভূষণৰ প্ৰৱঞ্ছনাৰ বলি হৈ সৰ্বহাৰা হোৱা যুৱকসকলে এতিয়া আৰক্ষী থানাত গোচৰ ৰুজো কৰি উচিত তদন্ত কৰি দোষীক শীঘ্ৰেই গ্ৰেপ্তাৰৰ দাবী তুলিছে। তাৰোপৰি জিলাখনৰ একাংশ সচেতন লোকেও অনলাইন ট্ৰেডিঙৰ জৰিয়তে লুণ্ঠন চলোৱাৰ এই সমগ্ৰ বিষয়টোক লৈ প্ৰশাসন তথা আৰক্ষীক অধিক তৎপৰতাৰে তদন্ত কৰি দোষীক কৰায়ত্ব কৰিবৰ বাবে জনাইছে দাবী ।

লগতে পঢ়ক: Online Trading Scam: বিনিয়োগকাৰীৰ পৰা কোটি কোটি টকা সৰকাই বতাহত মিলি গ’ল স্বল্পখ্যাত অভিনেত্ৰী চুমী বৰা

DIKHOW RIVER NAZIRA : দিখৌত পৰি এজন ব্যক্তিৰ সলিল সমাধি…

A man's burial at Nazira, atop Nazira sub-division, fell into dikhow
দিখৌত পৰি এজন ব্যক্তিৰ সলিল সমাধি

নাজিৰা মহকুমাৰ ওপৰ নাজিৰাত দিখৌত পৰি এজন ব্যক্তিৰ সলিল সমাধি । গাওঁত নিশা মৃত্যু হোৱা এজন ব্যক্তিৰ অন্তিষ্টিক্রিয়া সম্পন্ন কৰি দিখৌনৈত সাতোঁৰি উভতি আহোঁতে অকাল মৃত্যুক সাৱটি ল’লে নাজিৰাৰ এজন ব্যক্তিয়ে । (DIKHOW RIVER NAZIRA )


আজি নাজিৰাৰ ১নং ৱাৰ্ডৰ নিবাসী ৰেৱকান্ত দাস উৰফে ভকত দাস নামৰ এজন ব্যক্তিৰ দিখৌনৈত সাঁতুৰি থকা অৱস্থাত হঠাতে নৈৰ বুকুত ডুব যায়। মৃত ব্যক্তি জনৰ বয়স প্ৰায় ৪৫ বছৰ বুলি জানিব পৰা গৈছে। মৃত ব্যক্তি জনৰ ঘৰ শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাৰ ওপৰ নাজিৰাৰ ১ নং ৱাৰ্ডত।

ঘটনাৰ খবৰ পাই উক্ত স্থানত নাজিৰা আৰক্ষীৰ লগতে SDRF বাহিনী ইতিমধ্যে উপস্থিত হৈছে।
বৰ্তমান সময়লৈকে ব্যক্তি জনক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই যদিও উদ্ধাৰ কাৰ্য অব্যাহত আছে।

নাজিৰাৰ পৰা দিলীপ হাজৰিকাৰ প্ৰতিবেদন

লগতে পঢ়ক : Teacher’s indefinite class boycott : সমগ্ৰ অসমতে অনিৰ্দিষ্ট কাললৈ শ্ৰেণী বৰ্জন কাৰ্যসূচী শিক্ষক – শিক্ষয়িত্ৰীৰ…

Teacher’s indefinite class boycott : সমগ্ৰ অসমতে অনিৰ্দিষ্ট কাললৈ শ্ৰেণী বৰ্জন কাৰ্যসূচী শিক্ষক – শিক্ষয়িত্ৰীৰ…

boycott classes
অনিৰ্দিষ্ট কাললৈ শ্ৰেণী বৰ্জন কাৰ্যসূচী শিক্ষক - শিক্ষয়িত্ৰীৰ

শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে (Education Minister Ranoj Pegu )কস্তুৰবা গান্ধী বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী সকলক অযোগ্য ঘোষণা কৰাৰ পিছতে প্ৰতিবাদমুখৰ হৈ পৰিছে বিহালী কস্তুৰবা গান্ধী বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী। সমগ্ৰ অসমতে অনিৰ্দিষ্ট কাললৈ শ্ৰেণী বৰ্জন কাৰ্যসূচী ( Protest ) ।

শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কালি অসম চৰকাৰৰ নিযুক্তি সভাত মুকলিকৈ কস্তুৰবা গান্ধী বিদ্যালয়ৰ (Kasturba Gandhi School ) শিক্ষক শিক্ষয়িত্ৰী সকলক অযোগ্য ঘোষণা কৰাৰ পিছতে প্ৰতিবাদমুখৰ হৈ পৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত থকা কস্তুৰবা গান্ধী বিদ্যালয়ৰ শিক্ষক- শিক্ষয়িত্ৰী। তাৰ ব্যতিক্ৰম নহয় বিহালী কস্তুৰবা গান্ধী বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী (Teacher’s )।

আজিৰে পৰা অসমত থকা ৮১ খন কস্তুৰবা গান্ধী বিদ্যালয়ে অনিৰ্দিষ্ট কাললৈ শ্ৰেণী বৰ্জন কাৰ্যসূচী গ্ৰহণ কৰিছে। শিক্ষক সকলৰ দাবী অতি সোনকালে সমগ্ৰ ঘটনা সন্দৰ্ভত শিক্ষামন্ত্ৰীয়ে এক স্পষ্টীকৰণ প্ৰদান কৰাৰ লগতে শিক্ষক শিক্ষয়িত্ৰী সকলক এনেধৰণৰ অপমানজনক শব্দ প্ৰয়োগৰ পৰা বিৰত থাকক । শিক্ষক সকলে চৰকাৰে সমকামৰ বাবে সমহাৰৰ দৰমহা প্ৰদান নকৰাৰ লগতে চাকৰি নিয়মীয়াকৰণ কৰাৰ বাবেও দাবী উত্থাপন কৰে ।

লগতে পঢ়ক : .IAF Fighter Plane Crashes: ৰাজস্থানৰ বৰমেৰত ভাৰতীয় বায়ুসেনাৰ যুঁজাৰু বিমান দুৰ্ঘটনাগ্ৰস্ত

Online trading : অনলাইন ট্ৰেডিঙৰ লুণ্ঠনকাৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান ! আৰক্ষীৰ জালত মহাপ্ৰৱঞ্চক স্বপ্ননীল দাস…

আৰক্ষীৰ জালত মহাপ্ৰৱঞ্চক স্বপ্ননীল দাস
আৰক্ষীৰ জালত মহাপ্ৰৱঞ্চক স্বপ্ননীল দাস

Online trading গুৱাহাটীত ট্ৰেডিং প্ৰৱঞ্চকক আটক প্ৰসংগ । অভিযুক্ত স্বপ্ননীল দাসৰ নামত আছিল ‘ব্লেকষ্টোন’ নামৰ এটা চেয়াৰ বিনিয়োগ প্ৰতিষ্ঠান । দিছপুৰৰ চুপাৰ মাৰ্কেটত অৱস্থিত ‘ব্লেকষ্টোন’ নামৰ ভুৱা বিত্তীয় প্ৰতিষ্ঠানটো ২০১৬ বৰ্ষতে RBI, SEBI অনুমোদন অবিহনেই স্বপ্ননীলে স্থাপন কৰিছিল ‘ব্লেকষ্টোন’। general fraudster Swapnanil Das in the police net

২০২৩ বৰ্ষলৈ সম্পূৰ্ণ সক্ৰিয় হৈ আছিল স্বপ্ননীলৰ ভুৱা ষ্ট’ক মাৰ্কেটৰ প্ৰতিষ্ঠান ‘ব্লেকষ্টোন’। বিগত এবছৰে কোটি টকা চেয়াৰ মাৰ্কেটত হঠাৎ অন্তৰ্ধান হৈ পৰিছিল স্বপ্ননীলৰ ‘ব্লেকষ্টোন’। দিছপুৰ থানাত স্বপ্ননীলৰ বিৰুদ্ধে এগৰাকী বিনিয়োগকাৰীয়ে ৰুজু কৰিছিল গোচৰ । An investor filed a case against Swapnil at Dispur police station

১৭ লাখ টকাৰ প্ৰৱঞ্চনাৰ গোচৰটোত দিছপুৰ আৰক্ষীয়ে ৱাইল্ডৰ পৰা পুৱতি নিশা আটক কৰিছিল স্বপ্ননীলক । ‘ব্লেকষ্টোন’ত গুৱাহাটীৰ একাংশ ব্যৱসায়ী, ঠিকাদাৰে লৈছিল চেয়াৰ । এই লোকসকলে সেই চেয়াৰৰ অংশত বিনিয়োগ কৰিছিল ক’লা ধন । কেইবাগৰাকীও প্ৰভাৱশালী ব্যৱসায়ী তথা ৰাজনৈতিক নেতাও জড়িত থকাৰ সন্দেহ আৰক্ষীৰ । Police crackdown against looters of online trading

একে সময়তে মহানগৰ আৰক্ষীৰ নিশা দ্বিতীয়টো অভিযান । ভুৱা বিত্তীয় লেনদেনৰ অভিযোগত অভিযুক্ত প্ৰসিদ্ধ কৰিঅ’গ্ৰাফাৰ চুমি বৰাৰ গুৱাহাটীস্থিত ফ্লেটতো অভিযান । ক্ৰাইম ব্ৰাঞ্চ আৰু মহানগৰ আৰক্ষীৰ যুটীয়া অভিযান চলিছিল কৰিঅ’গ্ৰাফাৰ চুমিৰ ফ্লেটত ।

অভিযানৰ উমান পাই মোবাইল ফোন অ’ফ কৰি হঠাৎ অন্তৰ্ধান চুমি বৰা । ডিব্ৰুগড়ত গ্ৰেপ্তাৰ হোৱা মূল মহা প্ৰৱঞ্চক বিশাল ফুকনৰ ঘনিষ্ঠ আছিল চুমি বৰা । দিছপুৰ আৰক্ষীয়ে শীঘ্ৰেই গ্ৰেপ্তাৰৰ সম্ভাৱনা বিত্তীয় প্ৰৱঞ্চক স্বপ্ননীল আৰু চুমিক । মহানগৰ আৰক্ষীৰ শীৰ্ষ বিষয়াৰ নেতৃত্বত চলি আছে সমগ্ৰ অভিযান।

লগতে পঢ়ক : অসমৰ প্ৰথম গৰাকী মহিলা চেইলৰ নিশামণিক জন্মভূমি সৰুপথাৰত উষ্ম আদৰণি…