২৩ সংখ্যক আইন আয়োগ গঠনক লৈ কেন্দ্ৰৰ অধিসূচনা; সদস্যৰ তালিকাত উচ্চ আৰু উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ
নতুন দিল্লী, ৩ ছেপ্তেম্বৰ: সোমবাৰে এটা গেজেট বিজ্ঞপ্তিৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে দেশৰ ২৩ সংখ্যক আইন আয়োগৰ সংবিধানক তিনি বছৰৰ সময়সীয়াৰ বাবে অধিসূচনা জাৰি কৰে(Government Constitutes 23rd Law Commission), য’ত উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়ত কাৰ্যনিৰ্বাহ কৰি থকা ন্যায়াধীশসকলক(Supreme Court and High Court judges) অধ্যক্ষ আৰু সদস্য হিচাপে নিযুক্তি দিয়াৰ ব্যৱস্থাৰ কথা উল্লেখ কৰা হৈছে । ৩১ আগষ্টত ২২ সংখ্যক আইন আয়োগৰ(22nd law panel) কাৰ্যকাল অন্ত পৰাৰ পাছতে ২ ছেপ্তেম্বৰ, সোমবাৰৰ সন্ধিয়া এক গেজেট বিজ্ঞপ্তিৰ(gazette notification) জৰিয়তে জাৰি কৰা আইন মন্ত্ৰালয়ৰ অধিসূচনা অনুসৰি পেনেলত এজন পূৰ্ণকালীন অধ্যক্ষ আৰু সদস্য-সচিবকে ধৰি চাৰিজন পূৰ্ণকালীন সদস্য থাকিব। এই আয়োগত আইনী পৰিক্ৰমা বিভাগৰ সচিব(Department of Legal Affairs) আৰু বিধান বিভাগৰ সচিব(secretary of the Legislative Department) পদমৰ্যাদাৰ সদস্য হিচাপে থাকিব। অধিসূচনা অনুসৰি ইয়াত পাঁচজনতকৈ অধিক অংশকালীন সদস্য থাকিব নোৱাৰিব ।
অধিসূচনাখনত উল্লেখ কৰা হৈছে যে “উচ্চতম ন্যায়ালয়/উচ্চ ন্যায়ালয়ৰ কৰ্তব্যৰত বিচাৰপতিসকলে আয়োগৰ অধ্যক্ষ/সদস্য হিচাপে নিয়োজিত হৈ আয়োগৰ কাৰ্যকাল শেষ নোহোৱালৈকে সম্পূৰ্ণ-সময়ৰ ভিত্তিত নিজৰ দায়িত্ব পালন কৰিব লাগিব।”
ৰাজস্থানৰ বৰমেৰত ভাৰতীয় বায়ুসেনাৰ যুঁজাৰু বিমান দুৰ্ঘটনাগ্ৰস্ত
বৰমেৰ (ৰাজস্থান), ৩ ছেপ্টেম্বৰ: ভাৰতীয় বায়ুসেনাৰ এখন মিগ-২৯ যুঁজাৰু বিমান ৰুটিন নাইট প্ৰশিক্ষণ মিছনৰ সময়ত এক “জটিল কাৰিকৰী ক্ৰুটি”ৰ সন্মুখীন হোৱাৰ ফলত ৰাজস্থানৰ বৰমেৰ জিলাত দুৰ্ঘটনাগ্ৰস্ত হয়(IAF Fighter Plane Crashes) । অৱশ্যে দুৰ্ঘটনাত পতিত হোৱা যুঁজাৰু বিমানখনত থকা পাইলটগৰাকীয়ে নিৰাপদে ওলাই আহিবলৈ সক্ষম হোৱা বুলি বায়ুসেনা কৰ্তৃপক্ষই জানিবলৈ দিছে(Indian Air Force) ।
বৰমেৰৰ জিলা আয়ুক্ত নিশান্ত জৈনে সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে, সোমবাৰে নিশা যুদ্ধ বিমানখন আৱাসিক অঞ্চলৰ পৰা কিছু আঁতৰত দুৰ্ঘটনাগ্ৰস্ত হৈছে যদিও দুৰ্ঘটনাটোত কোনো লোকৰ প্ৰাণহানি অথবা সা-সম্পত্তিৰ ক্ষতি হোৱা নাই(Barmer district of Rajasthan)।
ইফালে এই দুৰ্ঘটনাটোৰ সন্দৰ্ভত তদন্তৰ নিৰ্দেশ দিয়া হৈছে বুলি বায়ুসেনা কৰ্তৃপক্ষই X হেণ্ডেলত এটা পোষ্টৰ জড়িয়তে জনাইছে(Indian Air Force Tweet) ।
During a routine night training mission in Barmer sector, an IAF MiG-29 encountered a critical technical snag, forcing the pilot to eject. The pilot is safe and no loss of life or property was reported. A Court of Inquiry has been ordered.
Gogamukh :Mising tribe to get constitutional status ahead of 2026 elections গোগামুখত তিনি মিচিং জাতীয় সংগঠনৰ গাঁও সভা সমাৰোহ দৈনন্দিন বাৰ্তাৰ সেৱা, গোগামুখ, ২ ছেপ্টেম্বৰঃ সুন্দৰ প্ৰগতিশীল গণতান্ত্ৰিক সমাজ ব্যৱস্থা গঢ়ি তোলাৰ উদ্দেশ্য মিচিং জনজাতিসকলৰ সংগ্ৰাম অব্যাহত ৰাখি গাঁও পৰ্যায়ৰ পৰাই সাংগঠনিক স্থিতি সমগ্ৰ অসমতে টনকিয়াল কৰি আহিছে মিচিং জাতীয় সংগঠন টি এম পি কে, এম এম কে আৰু টি এম এম কেই ৷ সমগ্ৰ ৰাজ্যখনৰ দৰে আজি ধেমাজি জিলাৰ গোগামুখতো ধেমাজি জিলা টি এম পিকে, এম এম কে আৰু টি এম এম কেৰ উদ্যোগত ধেমাজি জিলা ভিত্তিত টি এম পি কে, এম এম কে আৰু টি এম এম কেৰ বাঃতাক কৗবাং অৰ্থাৎ গাঁওসভাৰ সমাৰোহ অনুষ্ঠিত হৈ যায় ৷ গোগামুখস্থিত গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হোৱা উক্ত বাঃতাক সমাৰোহত ধেমাজি জিলাৰ দুই শতাধিক বাঃতাক কেবাঙৰ ২০ সহস্ৰাধিক ৰাইজ উপস্থিত থাকে ৷
সমােৰোহত উপস্থিত থাকি জোনাই বিধানসভা সমষ্টিৰ বিধায়ক ভূবন পেগুৱে কয় যে, ষষ্ঠ অনুসূচী কিম্বা সাংবিধানিক মৰ্যাদা আমাৰ প্ৰাপ্য অধিকাৰ ৷ আমাৰ প্ৰাপ্য অধিকাৰৰ বাবে আমি দীৰ্ঘদিন আন্দোলন কৰি আহিছোঁ ৷ এই আন্দোলনৰ সুফল পাবলৈ আমি এতিয়া দুৱাৰদলিত উপনীত হৈছোঁ ৷ এই ক্ষনত আমি অধিক সংগবদ্ধ হ’ব লাগিব ৷ আমাৰ জনজাতি ভাইসকলৰ নাগাসকলৰ বাবে নাগালেণ্ড আছে, অৰুনাচলীসকলৰ বাবে অৰুণাচল ৰাজ্য আছে, মিজোসকলৰ বাবে মিজুৰাম আছে, মনিপুৰীসকলৰ বাবে মনিপুৰ ৰাজ্য আছে ৷
Mising tribe to get constitutional status ahead of 2026 elections
আনকি আমাৰ অসমৰ কাৰ্বিসকলৰ বাবে কাৰ্বি আংলং, ডিমাছাসকলৰ বাবে ডিমা হাছাও আছে আৰু বড়োসকলৰ বাবে বড়োলেণ্ড আছে ৷ আমাৰ মিচিং সকলৰ বাবেও মিচিংলেণ্ড লাগিব ৷ আমি স্বাধীন মিচিং ৰাজ্য বিচৰা নাই, সুকীয়া ৰাজ্য বিচৰা নাই । আমি মিচিংসকলে অসমৰ ভিতৰতে থাকি মৰ্যাদাসহকাৰে জীয়াই থকাৰ ৰাস্তা বিচাৰিছোঁ বুলি বিধায়ক পেগুৱে দোহাৰে ৷ দীঘলীয়া ভাষণ প্ৰসংগত তেওঁ বিধায়ক অখিল গগৈ, সাংসদ গৌৰৱ গগৈ আৰু অসম জাতীয় পৰিষদৰ নেতা লুৰিণজ্যোতি গগৈক তীব্ৰ সমালোচনা কৰি কয়- অখিল গগৈ য’তে ত’তে কাজিয়া কৰা মানুহ ৷ অখিল গগৈয়ে য’ত যায় তাতেই শুদ্ধই-অশুদ্ধই মানুহক গালি দি ফুৰে ৷ অখিল গগৈয়ে নিজেও শান্তিত নাথাকে আনকো শান্তিত থাকিবলৈ নিদিয়ে ৷ অসমখন সি অশান্তিত ৰাখিব বিচাৰে ৷ অখিল গগৈ অসমৰ বাবি শনিলগা মানুহ ৷ গৌৰৱ গগৈয়ে সাংসদ ভৱনত ডাঙৰ ডাঙৰ কথা কয় ৷ টি ভি-বাতৰিত নিজৰ চেহেৰা দেখাবলৈ হকে-বিহকে চিঞৰ-বাখৰ কৰে, নিৰ্বাচনৰ সময়ত মিচিং অঞ্চলত গৈ প্ৰলোভনৰ ৰাজনীতি কৰে ৷
কি (Garuva Gogoi ) গৌৰৱ গগৈয়ে সাংসদ হোৱা তিনিবাৰ হ’ল ৷ কিন্তু অনগ্ৰসৰ মিচিং ৰাইজৰ বিষয়ে এবাৰো মাত মাতি পোৱা নাই ৷ লুৰিণজ্যোতি গগৈৰ সন্দৰ্ভত তেওঁ কয়-ভাষণৰ ফুলজাৰিৰে দেশ তথা ৰাইজক সেৱা কৰিব নোৱাৰে ৷ আন্তৰিকাতাৰে সকলো জাতি-জনগোষ্ঠীক আকোঁৱালী লৈহে ৰাজনীতি কৰিব লাগে ৷ যদি তিনিগৰাকী গগৈয়েে সঁচা অৰ্থতে মিচিং জনজাতিসকলৰ উন্নতি কামনা কৰে তেন্তে মিচিংসকলৰ ন্যায্য দাবী ষষ্ঠ অনুসূচীৰ দাবীক সমৰ্থন কৰিবলৈ বিধায়ক পেগুৱে আহ্বান জনায় ৷ কংগ্ৰেছ দলৰ ৰাজ্যিক সভাপতি ভূপেন বৰাক তীব্ৰ সমালোচনা কৰি কয়- ভূপেন বৰা নপতা ফুকন ৷ তেওঁ ৰাইজক মিচা প্ৰতিশ্ৰুতি দিয়ে ৷ ভূপেন বৰাই ৰাইজক দিবলৈ কেন্দ্ৰত তেওঁলোকৰ চৰকাৰ নাই, অসমত তেওঁলোকৰ চৰকাৰ নাই ৷ ভূপেন বৰা সপোন দেখি দেখি ভাগৰি পৰিছে আৰু ২০২৬ চনৰ নিৰ্বাচনতো তেওঁৰ সপোন পুৰণ নহয় আৰু ভূপেন বৰা তেতিয়াৰ পৰাই সপোন দেখাও বাদ দিব বুলি কটাক্ষ কৰে ৷
সমাৰোহত উপস্থিত থাকি মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই কয়- আমাৰ লক্ষ্য আৰু উদ্দেশ্য কেৱল স্বায়ত্তশাসন নহয় ৷ আমাৰ লক্ষ্য আৰু উদ্দেশ্য হৈছে সুন্দৰ প্ৰগতিশীল সমাজ ব্যৱস্থা গঢ়ি তোলা ৷ আমাৰ কাম আৰু কথাৰ মাজত কোনো প্ৰাৰ্থক্য নাই ৷ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতবৰ্ষক বিশ্বৰ ৫ খন উন্নত দেশলৈ ৰূপান্তৰিত কৰিব বিচাৰিছে ৷ আমাৰ অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্বশৰ্মাও অসমক দেশৰ ৫ খন উন্নত ৰাজ্যৰ মাজলৈ আগুৱাই নিব বিচাৰিছে ৷ আমি মিচিং স্বায়ত্তশাসিত পৰিষদেও আমাৰ পৰিষদীয় সমষ্টিৰ ৰাইজক উন্নয়নৰ শিখৰলৈ লৈ যোৱাৰ পণ লৈছোঁ ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সব্কা সাথ সব্কা বিকাশ শ্ল’গানক আমি মিচিং স্বায়ত্তশাসিত পৰিষদেও কাৰ্যকৰী কৰিছোঁ আৰু ই বহুদূৰ সফল হৈছে ৷ আমাৰ মিচিং জাতীয় সংগঠনৰ দীৰ্ঘম্যাদী কৰ্মসূচী আছে ৷ এই কৰ্মসূচী মতে আমি আগবাঢ়িছোঁ আৰু আমাৰ কৰ্মসূচীত আকৃষ্ট হৈ আজি হাজাৰ হাজাৰ লোক আমাৰ এই সমাৰোহত উপস্থিত হৈছে বুলি চায়েঙীয়াই দোহাৰে ৷ সমাৰোহত উপস্থিত থাকে এম এম কেৰ সভাপতি সুনীল কুমাৰ পেগু, প্ৰাক্তন সম্পাদক পুৰুষোত্তম দলে, মিচিং বানে কেবাঙৰ কেন্দ্ৰীয় সম্পাদক ইন্দ্ৰ কুমাৰ চুংক্ৰাং, টি এম পি কেৰ কেন্দ্ৰীয় সভাপতি তিলক দলে, সম্পাদক চান কুমাৰ পাংগিং, টি এম এম কেৰ সম্পাদিকা শৰ্মিলা পায়েং পেগু প্ৰমূখ্যে টি এম পি কে, এম এম কে, টি এম এম কেৰ কেন্দ্ৰীয় নেতৃত্ববৰ্গই ৷ অনুষ্ঠানটো সামগ্ৰীকভাৱে পৰিচালনা কৰে এম এম কেৰ জেষ্ঠ নেতা ৰাজু পেগু, টি এম পি কেৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক হৰিচন্দ্ৰ কামান, সঞ্জীৱ মিলি আদিয়ে ৷
দৈনন্দিন বাৰ্তাৰ Digital সেৱা : Barkhopa High School in Tamulpur district তামুলপুৰত বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে যৌন অতিশয্যৰ অভিযোগ (Allegations of sexual misconduct) । তামুলপুৰ জিলাৰ বৰখোপা হাইস্কুলৰ প্ৰধান শিক্ষক যোগেন ৰাজবংশীৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ। উত্তপ্ত বিদ্যালয় চৌহদ।
গুৱাহাটী, ২ ছেপ্তেমেবৰঃ মিছ আছাম ছিজন-৩ চলিত বৰ্ষৰ ২০ অক্টোবৰত অনুষ্ঠিত হ’ব৷ আজি গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এখন সংবাদমেলত এই কথা সদৰি কৰিছে মিছ আছাম অৰ্গেনাইজেচনৰ কৰ্মকৰ্তাসকলে৷ উল্লেখযোগ্য যে মিছ আছাম প্ৰতিযোগিতাখন অল আছাম য়ুথ এমপাৱাৰিং এছ’চিয়েছনৰ অধীনত অনুষ্ঠিত হৈ আহিছে৷ (Miss Assam Season-3)