Home Blog Page 584

Andhra Pradesh-Telangana Rain: অন্ধ্ৰপ্ৰদেশ, তেলেংগানাত বানৰ সংহাৰী ৰূপ! বহু লোকৰ মৃত্যু, ১৪০খন ৰে’ল বাতিল…

Floods
অন্ধ্ৰপ্ৰদেশ, তেলেংগানাত বানৰ সংহাৰী ৰূপ

প্ৰবল বৰষুণে দাক্ষিণাত্য ৰাজ্য সমূহলৈ বিপদ মাতি আনিছে। তেলেংগানাত ধাৰাসাৰ বৰষুণৰ ফলত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত কমেও ৯ জন লোকৰ প্ৰাণহানি হোৱাৰ লগতে ৰাজ্যখনৰ খাম্মাম জিলাৰ পাঁচজন লোক নিৰুদ্দেশ হোৱা বুলি জানিব পৰা গৈছে। ৰাজ্যখনৰ খাম্মাম জিলাত পিতৃ-কন্যা হায়দৰাবাদ বিমানবন্দৰলৈ যোৱাৰ পথতে কৃত্ৰিম বানে উটুৱাই লৈ যায়।

আনহাতে অন্ধ্ৰ প্ৰদেশতো ধাৰাসাৰ বৰষুণৰ ফলত ১৫গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে অন্ধ্ৰ প্ৰদেশৰ ৰাজধানীতো ছয়জন লোক বানপানীৰ পানীত উটি যায়। বিজয়াৱাড়াৰ বুডামেৰু নদীৰ পানী হঠাৎ ওফন্দি উঠাৰ ফলত ভয়াৱহ বানৰ সৃষ্টি হয়, যাৰ ফলত চহৰখনৰ ৪০% অংশ ডুব যায়।

ধাৰাসাৰ বৰষুণৰ ফলত দক্ষিণৰ ৰাজ্যসমূহৰ চৰকাৰী আৰু ব্যক্তিগত সম্পত্তিৰ ব্যাপক ক্ষতিসাধন হৈছে আৰু হাজাৰ হাজাৰ কোটি টকাৰ লোকচানৰ সন্মুখীন হৈছে। জলসিঞ্চন প্ৰকল্প, বিদ্যুৎ যোগান আৰু নেটৱৰ্ক, লক্ষাধিক একৰ ভূমি শস্য, ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় ঘাইপথ, দলং, কালভাৰ্ট, আৰু অন্যান্য সম্পত্তিৰ ক্ষতি হয়। অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৱে বান পৰিস্থিতি পৰ্যৱেক্ষণ কৰিছে ।

লগতে পঢ়কঃ আজি দেশজুৰি সদস্যভৰ্তি অভিযান আৰম্ভ কৰিব বিজেপিয়ে

publishes by: munmi gogoi

BJP Launches Nationwide Membership Drive: সোমবাৰৰ পৰা আৰম্ভ বিজেপিৰ ৰাষ্ট্ৰজোৰা সদস্যভৰ্তি অভিযান

BJP Launches Nationwide Membership Drive Sanghatan Parva, Sadasyata Abhiyan 2024
সোমবাৰৰ পৰা আৰম্ভ বিজেপিৰ ৰাষ্ট্ৰজোৰা সদস্যভৰ্তি অভিযান

নতুন দিল্লী, ছেপ্টেম্বৰ ২ : সোমবাৰে বিয়লি নতুন দিল্লীৰ দলীয় মুখ্য কাৰ্যালয়ত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জগত প্ৰকাশ নড্ডাৰ উপস্থিতিত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে(Prime Minister Narendra Modi) বিজেপিৰ ‘সংঘটন পৰ্ব, সদস্যতা অভিযান ২০২৪’ উদ্বোধন কৰিব(BJP Launches Nationwide Membership Drive)।

এই সদস্যভৰ্তি অভিযানৰ প্ৰথম পৰ্যায় ২ ছেপ্টেম্বৰৰ পৰা ২৫ ছেপ্টেম্বৰলৈ আৰু দ্বিতীয় পৰ্যায় ১অক্টোবৰৰ পৰা ১৫ অক্টোবলৈ অনুষ্ঠিত হ’ব। ইয়াৰ পাছতে, সক্ৰিয় সদস্যভৰ্তি অভিযান আগন্তুক ১৬ অক্টোবৰৰ পৰা ৩১ অক্টোবৰলৈ আৰম্ভ হ’ব।

এই সন্দৰ্ভত বিজেপিৰ ৰাষ্ট্ৰীয় মহাসচিব বিনোদ তাৱদেৱে(BJP National General Secretary) কয় যে, এই সদস্যভৰ্তি অভিযান ২০২৪ হৈছে দেশৰ সকলো আগ্ৰহী নাগৰিকৰ বাবে ভাৰতীয় জনতা পাৰ্টিত(Bharatiya Janata Party) যোগদান কৰি দেশৰ উন্নয়নত পদে পদে অৱদান আগবঢোৱাৰ এক সুবৰ্ণ সুযোগ।

লগতে বিনোদ তাৱদেৱে কয়,“এই সদস্যভৰ্তি অভিযানৰ মুল উদ্দেশ্য হৈছে বিজেপিৰ ৰাষ্ট্ৰ গঠনৰ মনোভাৱৰ সৈতে জনসাধাৰণক সংযুক্ত আৰু সংগঠিত কৰি ২০৪৭ৰ ভিতৰত ভাৰতক সম্পূৰ্ণ বিকশিত ৰাষ্ট্ৰৰূপে গঢ়াৰ এক পৰিকল্পনা ।”

দলৰ সূত্ৰ অনুসৰি, প্ৰাথমিক সদস্যভৰ্তি মিছড কল (৮৮০০০০২০২৪), ন’মো এপ, QR ক’ড, আৰু পৰম্পৰাগত আবেদন পত্ৰৰ জৰিয়তে কৰা হ’ব, যাতে সীমিত ম’বাইল কভাৰেজ থকা এলেকাৰ বা যিসকলৰ ম’বাইল ফোন নাই তেওলোকেও অংশগ্ৰহণ কৰিব পাৰে।

উল্লেখ্য যে, বিগত ১৭ আগষ্টত বিজেপিয়ে সদস্যভৰ্তি অভিযান আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।

লগতে দলটোৱে ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰা ৰাজ্যিক, চহৰ, গাঁও, আৰু বুথ পৰ্যায়লৈ ব্যাপকভাৱে নিজৰ উপস্থিতি ব্যাপৰভাৱে সম্প্ৰসাৰণ কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰা বুলি দলীয় সূত্ৰৰ পৰা জানিব পৰা গৈছে ।

লগতে পঢ়কঃ অসম চৰকাৰক প্ৰতিনিধিত্ব কৰি মন্ত্রী জয়ন্ত মল্ল বৰুৱাৰ ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক সাহাক ৫ কোটি টকাৰ চেক প্ৰদান…

Published by: Munmi gogoi

অসম চৰকাৰক প্ৰতিনিধিত্ব কৰি মন্ত্রী জয়ন্ত মল্ল বৰুৱাৰ ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক সাহাক ৫ কোটি টকাৰ চেক প্ৰদান…

Minister Jayanta Malla Baruah donates Rs 5 crore to Tripura CM
মন্ত্রী জয়ন্ত মল্ল বৰুৱাৰ ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীক ৫ কোটি টকাৰ চেক প্ৰদান

দৈনন্দিন বাৰ্তা ডিজিটেলঃ দেওবাৰে অসমৰমুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে অসম চৰকাৰক প্ৰতিনিধিত্ব কৰি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ড° মানিক শ্বাহক ৰাজ্যখনৰ বানপীড়িত ৰাইজৰ সহায়ৰ অৰ্থে ৫ কোটি টকাৰ বিশেষ আৰ্থিক অনুদানৰ চেক প্ৰদান কৰে। ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ড° মানিক শ্বাহক বাসভৱনত সাক্ষাৎ কৰি অসম চৰকাৰৰ মন্ত্রী জয়ন্ত মল্ল বৰুৱাই কয় যে, ” অসম চৰকাৰৰ এনে ধৰণৰ সংহতি, অন্তৰংগতা আৰু সমমর্মিতা শেহতীয়াকৈ বানত পীড়িত ত্ৰিপুৰাবাসীৰ প্ৰতি সদায় থাকিব। অসম চৰকাৰৰ এই অৰিহণাই নিসন্দেহে চলিত প্ৰত্যাহ্বানপূৰ্ণ সময়ছোৱাত ত্ৰিপুৰা চৰকাৰক সহায় কৰিব।” তেওঁ আৰু কয় যে, “শেহতীয়াকৈ ত্ৰিপুৰাৰ ভয়াৱহ বিধ্বংসী ৰূপ ধাৰণ কৰা আৰু ৰাজ্যখনৰ জীৱন আৰু জীৱিকাত যথেষ্ট প্ৰভাৱ পেলোৱা বানপানীৰ কথা শুনি মৰ্মাহত হৈছোঁ।”


ইপিনে, অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই এক বিশেষ পত্ৰযোগে ত্ৰিপুৰাৰ বান পৰিস্থিতিৰ বাবে অসম চৰকাৰৰ মাননীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক ৰাজ্যখনলৈ প্ৰেৰণ কৰি ৫ কোটি টকাৰ আৰ্থিক অনুদানৰ চে’ক আগবঢ়োৱাৰ কথা উল্লেখ কৰে। লগতে ত্ৰিপুৰাৰ এই প্ৰত্যাহ্বানমূলক সময়ত অসমবাসীৰ আন্তৰিক সমবেদনা সদায়ে লগত থাকিব বুলি তেওঁ পত্ৰযোগে কয়।

লগতে পঢ়কঃ জালুকবাৰীত চুৰি বাইক উদ্ধাৰ, চোৰক গ্ৰেপ্তাৰ…

published by: munmi gogoi

জালুকবাৰীত চুৰি বাইক উদ্ধাৰ, চোৰক গ্ৰেপ্তাৰ…

thief arrested
জালুকবাৰীত চোৰক গ্ৰেপ্তাৰ

গুৱাহাটী মহানগৰীৰ জালুকবাৰী আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি অভিযান চলায় দেওবাৰে দুপৰীয়া এখন চুৰি বাইক উদ্ধাৰ কৰাৰ লগতে এজন চোৰক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ কৰা কৰা চোৰটোক দৰং জিলাৰ মঙলদৈৰ গোৱিন্দ ৰাজবংশী (২৯) বুলি চিনাক্ত কৰা হৈছে। জানিব পৰা মতে মঙলদৈৰ পৰা চুৰি কৰা অনা বাইকখন জালুকবাৰীলৈ বিক্ৰী কৰিবলৈ আনিছিল গোবিন্দ ৰাজবংশীয়ে।

কিন্তু নম্বৰ প্লেট নথকা দুচকীয়া গ্লেমাৰ বাইকখন জালুকবাৰীৰ সমীপৰ সদিলাপুৰত বিক্ৰী কৰাৰ যো-জা কৰোঁতে জালুকবাৰী আৰক্ষী চকীৰ এটা দলে বাইকসহ গোৱিন্দ ৰাজবংশীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

published by: munmi gogoi

Abkari constable dies during physical test আবকাৰী কনিষ্টবল পদৰ শাৰীৰিক পৰীক্ষাৰ সময়ত চাকৰি প্ৰাৰ্থীৰ মৃত্যু, তদন্ত আৰক্ষীৰ

Abkari constable
Abkari constable dies during physical test আবকাৰী কনিষ্টবল পদৰ শাৰীৰিক পৰীক্ষাৰ সময়ত চাকৰি প্ৰাৰ্থীৰ মৃত্যু, তদন্ত আৰক্ষীৰ

constable dies

আবকাৰী কনিষ্টবল পদৰ শাৰীৰিক পৰীক্ষাৰ সময়ত চাকৰি প্ৰাৰ্থীৰ মৃত্যু, তদন্ত আৰক্ষীৰ

constable dies

আবকাৰী বিভাগৰ কনিষ্টবল পদৰ বাবে শাৰীৰিক সক্ষমতাৰ পৰীক্ষা চলিছিল কেইবাটাও কেন্দ্ৰত। কিন্তু সেই পৰীক্ষাৰ সময়তে কেইবাজনো চাকৰিৰ প্ৰত্যাশীৰ এজনৰ পিছত এজনকৈ কেইবাজনৰো মৃত্যু।এই ঘটনা সংঘটিত হৈছে ঝাৰখণ্ডত।

constable dies

এই ঘটনা সন্দৰ্ভত শনিবাৰে ঝাৰখণ্ড আৰক্ষীয়ে এক বিবৃতি প্ৰকাশ কৰিছে। তাতেই কেইবাজনো চাকৰি প্ৰত্যাশীৰ মৃত্যু হোৱাৰ কথা কোৱা হৈছে। ৰাজ্যখনৰ ৭টা কেন্দ্ৰত শাৰীৰিক সক্ষমতা পৰীক্ষাৰ আয়োজন কৰা হৈছে। সেই কেন্দ্ৰসমূহ হ’ল — ৰাঁচী, গিৰিডি, হাজৰিবাগ, পালামু, পূব সিংভূম আৰু চাহেবগঞ্জ।

constable dies

বিবৃতিটোত দাবী কৰা হৈছে যে পৰীক্ষাৰ সময়ত দুৰ্ভাগ্যজনকভাৱে একাংশ কেন্দ্ৰত চাকৰি প্ৰাৰ্থীৰ মৃত্যু ঘটিছে। মৃত্যুৰ কাৰণৰ তদন্ত অব্যাহত আছে।

লগতে পঢ়ক: ব্ৰাজিলত উচ্চতম ন্যায়ালয়ৰ ছ’চিয়েল মিডিয়া ”এক্স” সাময়িকভাৱে বাতিল কৰাৰ নিৰ্দেশ…

Srimanta Sankardeva Krishti Kendra in three namghars of Shillong.শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি কেন্দ্ৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ তিৰোভাব তিথি আৰু আবিৰ্ভাৱ মহোৎসৱৰ আয়োজন শ্বিলঙৰ তিনিটাকৈ নামঘৰত চলি আছে ভাদ মাহৰ এমহীয়া নাম প্ৰসংগ

শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি কেন্দ্ৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ তিৰোভাব তিথি আৰু আবিৰ্ভাৱ মহোৎসৱৰ আয়োজন শ্বিলঙৰ তিনিটাকৈ নামঘৰত চলি আছে ভাদ মাহৰ এমহীয়া নাম প্ৰসংগ
শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি কেন্দ্ৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ তিৰোভাব তিথি আৰু আবিৰ্ভাৱ মহোৎসৱৰ আয়োজন শ্বিলঙৰ তিনিটাকৈ নামঘৰত চলি আছে ভাদ মাহৰ এমহীয়া নাম প্ৰসংগ

Shillong

অবিভক্ত অসমৰ এসময়ৰ সাহিত্য সংস্কৃতিৰ চৰ্চাৰ কেন্দ্ৰবিন্দু শ্বিলঙৰ বিষ্ণুপুৰস্থিত শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি কেন্দ্ৰই জন্মলগ্নৰে পৰা বৃহত্তৰ শ্বিলং চহৰত মহাপুৰুষ দুজনাৰ , সৃষ্টিৰাজি, আদৰ্শ – কৰ্মৰাজিৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰি আহিছে ।

Shillong

আনকি শ্বিলঙত থকা অসমীয়া লোক আৰু মহাপুৰুষ দুজনাৰ অনুগামী লোক সকলক একতাৰ দোলেৰে বান্ধি ৰাখিবলৈ সক্ষম হৈছে ৭৫ বছৰত ভৰি দিয়া উপলক্ষে এইবেলি মহাৰজত জয়ন্তী বৰ্ষ পালন কৰা শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি কেন্দ্ৰই ।

Shillong

আনহাতে কৃষ্টি কেন্দ্ৰই বিগত বছৰৰ দৰে এইবেলিও ২৪ আগষ্টত মহাপুৰুষ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ পূণ্য তিৰোভাব তিথি আৰু ২৬ আগষ্টত ভগৱান শ্ৰী কৃষ্ণৰ জন্মাষ্টমী উৎসৱ পালন কৰে । তেনেদৰে অহা ৪ ছেপ্টেম্বৰত মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ তিৰোভাৱ তিথি আৰু অহা ১২ অক্টোবৰত আবিৰ্ভাৱ মহোৎসৱ উদযাপনৰ আয়োজন কৰিছে ।

Shillong

কৃষ্টি কেন্দ্ৰৰ সভাপতি শোণিত tpকুমাৰ ফুকন আৰু সাধাৰণ সম্পাদক হৰেন্দ্ৰ তালুকদাৰে জানিবলৈ দিয়া মতে অহা ৪ ছেপ্তেম্বৰত দিবা – নৈশ কাৰ্যসূচীৰে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ তিৰোভাব তিথি উদযাপন কৰা হব । তেনেদৰে অহা ১২ অক্টোবৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৬ সংখ্যক আবিৰ্ভাৱ তিথি মহোৎসৱ উদযাপন কৰা হব ।

Shillong

আনহাতে কাৰ্যসূচী সমূহ সুচাৰুভাৱে সম্পন্ন কৰিবলৈ ডঃ পৰাগ নাথক সভাপতি , যুগল শৰ্মাক সম্পাদক আৰু বিকাশ বৰাক সহকাৰী সাধাৰণ সম্পাদক হিচাপে লৈ এখন সাংস্কৃতিক শাখা সমিতি গঠন কৰা হৈছে । ইয়াৰ উপৰি জ্যোতি মজুমদাৰক সভানেত্ৰী , কেশৱ চন্দ্ৰ শইকীয়াক সম্পাদক আৰু টিকেন্দ্ৰজিৎ তালুকদাৰক সহকাৰী সাধাৰণ সম্পাদক হিচাপে লৈ নামঘৰ শাখা সমিতি এখন গঠন কৰা হৈছে ।

Shillong

উদ্যোক্তা সকলে আটাইকেইদিনৰ কাৰ্যসূচীতে শ্বিলংবাসী অসমীয়া সমাজ আৰু শুভাকাংক্ষী ৰাইজৰ সহায় – সহযোগ আৰু উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে । উল্লেখযোগ্য যে শ্বিলঙৰ ধানখেতিস্থিত মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ নামঘৰ , লাবানস্থিত লাবান অসমীয়া নামঘৰ আৰু বিষ্ণুপুৰস্থিত কৃষ্টি কেন্দ্ৰৰ শ্ৰীমন্ত শঙ্কৰদেৱ নামঘৰতো ভাদ মাহৰ পহিলা দিনটোৰ পৰা চলি আছে এমহীয়া ভাদ মহীয়া নাম ।

Shillong

অৰ্থাৎ প্ৰায় তিনি কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত থকা মেঘালয়ৰ ৰাজধানী চহৰ শ্বিলঙত তিনিটাকৈ নামঘৰ চৌহদ হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ থকা দৃশ্যই তাত থকা অসমীয়া লোকসকলক বাৰুকৈয়ে উৎসাহিত আৰু গৰ্বিত কৰি আহিছে বুলি বৰ্ণালী হাজৰিকা , সঞ্জিমা চলিহা ওজা, দ্বিজেন মহন্ত , উত্তৰ পূব পৰিষদৰ জ্যেষ্ঠ অভিযন্তা মনেশ্বৰ কলিতাকে ধৰি শ্বিলং নিবাসী একাংশ অসমীয়া লোকে জানিবলৈ দিছে ।

লগতে পঢ়কhttp://তৃণমূল কংগ্ৰেছ ত্যাগ কৰিলে ৰিপুণ বৰাই…

উল্লেযোগ্য যে শ্বিলঙৰ বিষ্ণুপুৰস্থিত শ্ৰীমন্ত শংকৰদেৱ নামঘৰ পৰিচালনা সমিতিৰ আমন্ত্ৰণ ক্ৰমে – গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ খানামুখৰ প্ৰখ্যাত মহিলা নামতি দল হিচাপে পৰিচিত জ্ঞানমালিনী বিকশিত মহিলা দলে ২০১৮ আৰু ২০২২ চনত তাত গৈ নাম পৰিবেশন কৰি শ্বিলংবাসী অসমীয়া সমাজৰ ভূয়সী প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছিল।

Book launch of Digdarshan যোৰহাটত দিগদৰ্শন প্ৰকাশনৰ গ্ৰন্থ উন্মোচন

Book launch of Digdarshan Prakashan in Jorhatযোৰহাটত দিগদৰ্শন প্ৰকাশনৰ গ্ৰন্থ উন্মোচন
ABBook launch of Digdarshan Prakashan in Jorhat

Book launch

যোৰহাট প্রেছ ক্লাৱত ১ছেপ্টেম্বৰত অনুষ্ঠিত এখন গাম্ভীর্যপূর্ণ গ্রন্থ উন্মোচনী সভাত যোৰহাটৰ বিশিষ্ট লেখিকা তথা গীতার্থী বিদ্যালয়ৰ অৱসৰপ্রাপ্ত প্রধান শিক্ষয়িত্রী ৰূপা ফুকনৰ ‘নগা উৎসৱ’ শীর্ষক অনুবাদ গ্ৰন্থখন উন্মোচন

Book launch

গ্ৰন্থখন উন্মোচন কৰি জনপ্রিয় বিজ্ঞান লেখিকা ড০ অদিতি বেজবৰুৱাই ভাষণ প্রসংগত কয় যে অনুবাদ এক কলা , এই কলা আয়ত্ব কৰিবৰ বাবে এগৰাকী লেখকে বহু কষ্ট স্বীকাৰ কৰিব লগা হয় ।

Book launch

সভাখনত যোৰহাটৰ অগ্ৰণী প্ৰকাশন গোষ্ঠী দিগদৰ্শন প্ৰকাশনৰ হৈ পংকজ কুমাৰ দাসে প্ৰকাশ কৰা ৰূপা ফুকনৰ আন এখন গ্ৰন্থ “আঁক-বাক” উন্মোচন কৰে বিশিষ্ট শিক্ষাবিদ বিনীতা দত্তই । গ্ৰন্থখন উন্মোচন কৰি উন্মোচক বিনীতা দত্ত কয় অসমীয়া সাহিত্যলৈ এক ব্যতিক্রমী সংযোজন হৈছে আঁক-বাক ।

Book launch

বিভিন্ন সামাজিক-সাংস্কৃতিক অনুষ্ঠানৰ সৈতে জৰিত হৈয়ো লেখিকা ৰূপা ফুকনে হাতত কলম তুলি লৈ ইতিমধ্যে বহুকেইখন গ্ৰন্থ প্রণয়ন কৰিছে। এয়া অসমীয়া সাহিত্যৰ বাবে শুভ বতৰা। বন্দিতা মৃণাই আঁত ধৰা অনুষ্ঠানত কস্তুৰী বৰাই লোকগীত, অর্পিতা শর্মাই আধুনিক গীত পৰিৱেশন কৰি সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে ।

যোৰহাট জিলা সাহিত্য সভাৰ প্রাক্তন সভাপতি ড০ ৰাতুল চন্দ্র বৰাই বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰা সভাত গ্ৰন্থ দুখনৰ লেখিকা ৰূপা ফুকনেও ভাষণ আগবঢ়াই নিজৰ অনুভৱ ব্যক্ত কৰে। সভাত যোৰহাটৰ বহুকেইগৰাকী গণ্য- মান্য ব্যক্তি উপস্থিত থাকে।

লগতে পঢ়ক :http://আৱাহন থিয়েটাৰত ফটকা ফাটি এগৰাকী মহিলা গুৰুতৰ ভাবে আহত…

মিঞা গীতেৰে বিতৰ্কৰ সৃষ্টি কৰা আলতাফক আদালতত হাজিৰ…

মিঞা গীতেৰে বিতৰ্কৰ সৃষ্টি কৰা আলতাফক আদালতত হাজিৰ
মিঞা গীতেৰে বিতৰ্কৰ সৃষ্টি কৰা আলতাফক আদালতত হাজিৰ

মিঞা গীতেৰে বিতৰ্কৰ সৃষ্টি কৰা আলতাফক আদালতত হাজিৰ।

গৌৰীপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আলতাফ হুছেইনক।

\

আলতাপৰ বিৰুদ্ধে 259/24 U/S 196/299 BNSৰ অধীনত গোচৰ ৰুজু।

আৱাহন থিয়েটাৰত ফটকা ফাটি এগৰাকী মহিলা গুৰুতৰ ভাবে আহত…

জোনালী কলিতা
আহত মহিলা গৰাকী জোনালি কলিতা

আৱাহন থিয়েটাৰৰ ফটকা ফাটি এগৰাকী মহিলা গুৰুতৰ ভাবে আহত ।

আহত মহিলা গৰাকী জোনালি কলিতা(৩৬) ।

আহত যুবক জনৰ নাম নিশান্ত দাস(২৮) বুলি জানিব পৰা গৈছে ।

ইতিমধ্যে সমগ্ৰ ঘটনাকলৈ সামাজিক মাধ্যমৰ লগতে নাট্যনগৰী পাঠশালাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

ঘটনা সন্দৰ্ভত ভুক্তভোগী যুবক গৰাকী মুখ খুলিছে ।

আনফালে অভিনেত্ৰী তথা প্ৰযোজিকা প্ৰস্তুতি পৰাশৰে সংবাদ মাধ্য়মৰ সন্মুখত ঘটনা সন্দৰ্ভত মুখ খুলিছে। এইবোৰ হৈ যায়,কেতিয়াবা আৰ্টিষ্টৰ ও হয় – এগৰাকী অভিনেত্ৰী তথা প্ৰযোজিকাৰ এনেকুবা দায়ীসৰা মন্তব্যই সকলোকে স্তম্ভিত কৰি তুলিছে ।

লগতে পঢ়ক : তৃণমূল কংগ্ৰেছ ত্যাগ কৰিলে ৰিপুণ বৰাই

তৃণমূল কংগ্ৰেছ ত্যাগ কৰিলে ৰিপুণ বৰাই…

তৃণমূল কংগ্ৰেছ ত্যাগ কৰিলে ৰিপুণ বৰাই
তৃণমূল কংগ্ৰেছ ত্যাগ কৰিলে ৰিপুণ বৰাই

তৃণমূল কংগ্ৰেছ ত্যাগ কৰিলে ৰিপুণ বৰাই। ৰিপুণ বৰাৰ লগতে অসম তৃণমূল কংগ্ৰেছ ত্যাগ কৰিলে সাংগঠনিক সাধাৰণ সম্পাদক অৰূপজ্যোতি ভূঞা,

প্ৰশাসনিক সাধাৰণ সম্পাদক‌‌‌ গজেন্দ্ৰ প্ৰসাদ উপমন্যু,

সাধাৰণ সম্পাদক‌‌‌ জুলফিকৰ হুছেইনে।

লগতে পঢ়ক : ৰাছিয়াৰ ‘গুপ্তচৰ’ তিমিৰ মৃত্যু ! অৱশেষত নৰৱে সাগৰত বেলুগা তিমিৰ মৃতদেহ উদ্ধাৰ…