মিঞা গীতেৰে বিতৰ্কৰ সৃষ্টি কৰা আলতাফক আদালতত হাজিৰ।

গৌৰীপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আলতাফ হুছেইনক।

\
আলতাপৰ বিৰুদ্ধে 259/24 U/S 196/299 BNSৰ অধীনত গোচৰ ৰুজু।
মিঞা গীতেৰে বিতৰ্কৰ সৃষ্টি কৰা আলতাফক আদালতত হাজিৰ।

গৌৰীপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আলতাফ হুছেইনক।

\
আলতাপৰ বিৰুদ্ধে 259/24 U/S 196/299 BNSৰ অধীনত গোচৰ ৰুজু।
আৱাহন থিয়েটাৰৰ ফটকা ফাটি এগৰাকী মহিলা গুৰুতৰ ভাবে আহত ।
আহত মহিলা গৰাকী জোনালি কলিতা(৩৬) ।
আহত যুবক জনৰ নাম নিশান্ত দাস(২৮) বুলি জানিব পৰা গৈছে ।

ইতিমধ্যে সমগ্ৰ ঘটনাকলৈ সামাজিক মাধ্যমৰ লগতে নাট্যনগৰী পাঠশালাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।
ঘটনা সন্দৰ্ভত ভুক্তভোগী যুবক গৰাকী মুখ খুলিছে ।

আনফালে অভিনেত্ৰী তথা প্ৰযোজিকা প্ৰস্তুতি পৰাশৰে সংবাদ মাধ্য়মৰ সন্মুখত ঘটনা সন্দৰ্ভত মুখ খুলিছে। এইবোৰ হৈ যায়,কেতিয়াবা আৰ্টিষ্টৰ ও হয় – এগৰাকী অভিনেত্ৰী তথা প্ৰযোজিকাৰ এনেকুবা দায়ীসৰা মন্তব্যই সকলোকে স্তম্ভিত কৰি তুলিছে ।
লগতে পঢ়ক : তৃণমূল কংগ্ৰেছ ত্যাগ কৰিলে ৰিপুণ বৰাই
তৃণমূল কংগ্ৰেছ ত্যাগ কৰিলে ৰিপুণ বৰাই। ৰিপুণ বৰাৰ লগতে অসম তৃণমূল কংগ্ৰেছ ত্যাগ কৰিলে সাংগঠনিক সাধাৰণ সম্পাদক অৰূপজ্যোতি ভূঞা,

প্ৰশাসনিক সাধাৰণ সম্পাদক গজেন্দ্ৰ প্ৰসাদ উপমন্যু,

সাধাৰণ সম্পাদক জুলফিকৰ হুছেইনে।
লগতে পঢ়ক : ৰাছিয়াৰ ‘গুপ্তচৰ’ তিমিৰ মৃত্যু ! অৱশেষত নৰৱে সাগৰত বেলুগা তিমিৰ মৃতদেহ উদ্ধাৰ…
ব্ৰাজিলত বন্ধ ছ’চিয়েল মিডিয়া এক্স
ব্ৰাজিলৰ উচ্চতম ন্যায়ালয়ে দেশখনত ছ’চিয়েল মিডিয়া এক্স সাময়িকভাৱে বাতিল কৰাৰ নিৰ্দেশ দিছে। এই বছৰৰ আৰম্ভণিতে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ আলেকজেণ্ডাৰ ডি মৰিছে এক্সক কেইবাটাও একাউণ্ট ব্লক কৰিবলৈ নিৰ্দেশ দিছিল। ইয়াত কোৱা হৈছে যে একাউণ্টবোৰে “ডিজিটেল সন্ত্ৰাস” বিয়পাই আছে, ভুল তথ্য আৰু ঘৃণা বিয়পাইছে। কিন্তু এক্স-স্বত্বাধিকাৰী এলন মাস্কে সেই সময়ত কৈছিল যে তেওঁ আদালতৰ আদেশ মানি চলিবলৈ বাধ্য নহয়।

তাৰ পৰিৱৰ্তে, তেওঁ ব্ৰাজিলত এক্সৰ কাৰ্যালয় বন্ধ কৰে আৰু কয় যে ইয়াৰ কাৰ্যালয় নাথাকিলেও দেশখনত তেওঁলোকৰ সেৱা অব্যাহত থাকিব। তেতিয়াৰ পৰা, মাস্কৰ বিৰুদ্ধে ব্ৰাজিলৰ আদালতত গোচৰ চলি আছে। অৱশ্যে, মাস্কে ইয়াৰ বাবে আইনী প্ৰতিনিধি নিয়োগ কৰা নাছিল। আদালতে এটা সময়সীমা নিৰ্ধাৰণ কৰিছিল কিন্তু ইয়াক উপেক্ষা কৰিছিল। ন্যায়াধীশ মৰিছে আদালত অৱমাননাৰ বাবে ব্ৰাজিললৈ এক্স নিলম্বনৰ নিৰ্দেশ দিয়ে।

তেওঁ ব্ৰাজিলত মাস্কৰ বেংক একাউণ্ট ফ্ৰীজ কৰাৰ নিৰ্দেশ দিয়ে। এইটো জনোৱা হৈছে যে যদি আইনী প্ৰতিনিধি নিযুক্ত নহ’লে ১ কোটি ৮৫ লাখ ৰিয়া (ভাৰতীয় মুদ্ৰাত প্ৰায় ২৭ কোটি টকা) জৰিমনা পৰিশোধ কৰা নহয়, এক্সৰ ওপৰত থকা নিষেধাজ্ঞা উঠাই লোৱা নহ’ব। এইটোও কোৱা হৈছে যে যদি কোনো ব্যক্তি বা কোনো কোম্পানীয়ে আদালতৰ আদেশ উলংঘা কৰি ভিপিএনত এক্স ব্যৱহাৰ কৰে, তেন্তে তেওঁক ৫০,০০০ ৰিয়া (প্ৰায় ৭.৫ লাখ টকা) লৈকে জৰিমনা বিহা হ’ব পাৰে ৷
লগতে পঢ়ক : ৰাছিয়াৰ ‘গুপ্তচৰ’ তিমিৰ মৃত্যু ! অৱশেষত নৰৱে সাগৰত বেলুগা তিমিৰ মৃতদেহ উদ্ধাৰ…
ৰাছিয়াৰ ‘গুপ্তচৰ’ তিমিৰ মৃত্যু
ৰাছিয়ান ‘গুপ্তচৰ’ বা এটা সাধাৰণ তিমি! ইয়াৰ বিষয়ে বহুত জল্পনা-কল্পনা আছিল। অৱশেষত নৰৱে সাগৰত বেলুগা তিমিৰ মৃতদেহ পোৱা গৈছে। এই তিমিটোৰ মৃত্যুক লৈ বহুতো অনুমান আৰম্ভ হৈছে। ১৪ ফুট দীঘল আৰু ১,২০০ কিলোগ্ৰাম ওজনৰ তিমিটো প্ৰথমবাৰৰ বাবে ২০১৯ চনত প্ৰকাশ কৰা হৈছিল। তিমিটোৰ ডিঙিত বেল্ট বান্ধি থোৱা বেল্টৰ দৰে কিবা এটা আছিল। বিভিন্ন সূত্ৰৰ দ্বাৰা এইটোও দাবী কৰা হৈছিল যে ইয়াত ছেইণ্ট পিটাৰ্ছবাৰ্গৰ এটা সঁজুলি স্থাপন কৰা হৈছিল। আৰু ইয়াৰ ফলত অনুমান কৰা হৈছিল ৰাছিয়াই তিমিটো সাগৰত চোৰাংচোৱা হিচাপে কৰিবলৈ ব্যৱহাৰ কৰিছিল নেকি? অৱশ্যে ৰাছিয়াৰ পৰা কোনো তাৎক্ষণিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই।

কেৱল সেয়াই নহয়, ভ্লাদিমিৰ পুটিনৰ দেশখনে তিমিৰ বিষয়ে এটা বাক্যও ব্যয় কৰা নাই। ফলস্বৰূপে, জল্পনা-কল্পনা বৃদ্ধি পাইছে। বেলুগা তিমিৰ নাম হৈছে ‘হালদিমিৰ’, নৰৱেৰ ‘হল’ আৰু ৰাছিয়াৰ ‘ভ্লাদিমিৰ’ শব্দকেইটা একত্ৰিত কৰা। বেলুগা তিমি সাধাৰণতে আৰ্কটিক অঞ্চলৰ দূৰ সাগৰত পোৱা যায়। কিন্তু হালদিমিৰে মানুহৰ ওচৰত থাকিবলৈ ভাল পাইছিল।যোৱা বছৰ হালদিমিৰক অছলোৰ এটা ফিয়ৰ্ডত দেখা গৈছিল।

নৰৱেৰ প্ৰশাসনে নাগৰিকসকলক হালদিমিৰৰ ওচৰলৈ নাযাবলৈ আহ্বান জনাইছিল। নৰৱেৰ মীন বিভাগৰ সঞ্চালকজনে সন্দেহ কৰিছে যে অছলো ফিয়ৰ্ডত মানুহৰ চলাচলৰ বাবে কোনোবাই হালদিমিৰৰ কিছু ক্ষতি কৰিব পাৰে। অৱশ্যে, হালদিমিৰৰ মৃত্যু কেনেকৈ হৈছিল সেয়া স্পষ্ট নহয়। ৰাছিয়ান ‘গুপ্তচৰ’ হিচাপে, এই তিমিটো ইতিমধ্যে দীৰ্ঘদিন ধৰি আলোচনাৰ কেন্দ্ৰত আছিল, হঠাতে বহুলোকে তিমিটোৰ মৃত্যুত ৰহস্যৰ গোন্ধ পাইছে।
লগতে পঢ়ক :মহাৰজত জয়ন্তী উপলক্ষে ৰাজ্যিক ভিত্তিত ৰচনা ,চিঠি , কবিতা আৰু গল্প লিখা প্রতিযোগিতা…
চাপৰত নিশা ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত হয় চাৰিচকীয়া মালবাহী বাহনৰ হেণ্ডিমেন শিৱ জ্যোতি সিংহ ।চাপৰৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা । মালবাহী চাৰিচকীয়া বাহন আৰু ধুবুৰী অভিমুখে অহা GNRC হস্পিতালৰ বাহনৰ মাজত মুখামুখি সংঘৰ্ষ ।

দুৰ্ঘটনাৰ ফলত থিতাতে নিহত হয় হয় মালবাহী চাৰিচকীয়া বাহনখনৰ হেণ্ডিমেন জন আৰু গুৰুতৰভাৱে আহত হয় চালকজন লগতে ৰোগী কঢ়িয়াই অনা বাহনখনৰ বহু কেইজন ৰোগী আঘাতপ্ৰাপ্ত হয় । নিহত হেণ্ডিমেন জন চাপৰৰ খৰিদাগোসাই গাঁৱৰ শিৱজ্যোতি সিংহ বুলি জানিব পৰা গৈছে ।

আনফালে গুৱাহাটীৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ৰ বাহনখনে তীব্ৰ বেগত আহি মালবাহী বাহনখনক খুন্দিয়াই কাষতে থকা ৰিলায়েন্স ট্ৰেণ্ডচ শ্বপিং মোলত খুন্দিয়ায় । ফলত ৰিলায়েন্স ট্ৰেণ্ডচ শ্বপিং মোলৰ বিস্তৰ ক্ষয় ক্ষতি হয় । ঘটনাস্থলীত চাপৰ আৰক্ষী উপস্থিত হৈ মৃতদেহটো আৰু দুৰ্ঘটনাগ্ৰস্ত বাহন দুখনথানালৈ লৈ যায় ।
লগতে পঢ়ক :মহাৰজত জয়ন্তী উপলক্ষে ৰাজ্যিক ভিত্তিত ৰচনা ,চিঠি , কবিতা আৰু গল্প লিখা
মহাৰজত জয়ন্তী উপলক্ষে ৰাজ্যিক ভিত্তিত ৰচনা লিখা,চিঠি লিখা, কবিতা আৰু গল্প প্রতিযোগিতা
ধেমাজি: ধেমাজি জিলাৰ এখন অগ্রণী শিক্ষানুষ্ঠান ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়ে বিদ্যালয় স্থাপনৰ ৭৫ বছৰ হোৱা উপলক্ষত ২০২৪ বর্ষটো মহাৰজত জয়ন্তী হিচাপে উদযাপন কৰিব। সেই অনুসৰি অহা ৩১ অক্টোবৰ ২০২৪ তাৰিখৰ পৰা ১৬ ডিচেম্বৰ ২০২৪ তাৰিখলৈ কেইবাটাও কার্যসূচী ৰূপায়ণ কৰিব।তাৰে ভিতৰত অহা ১৫ আৰু ১৬ নৱেম্বৰ তাৰিখে দুদিনীয়া কার্যসূচীৰে সাহিত্য উৎসৱ অনুষ্ঠিত কৰা হব। মহাৰজত জয়ন্তীৰ বিভিন্ন কার্যসূচীৰ ভিতৰত সদৌ অসম ভিত্তিক দুটাকৈ শাখাত ছাত্র ছাত্রী সকলৰ মাজত “ৰচনা লিখা,কবিতা লিখা আৰু গল্প লিখা প্রতিযোগিতা” অনুষ্ঠিত হব।তদুপৰি চৰকাৰী বিদ্যালয়ৰ শিক্ষক সকলৰ মাজত” সদৌ অসমভিত্তিক চিঠি লিখা প্রতিযোগিতা”ও অনুষ্ঠিত হ’ব। এই চিঠি লিখা প্রতিযোগিতাটি বিদ্যালয়ত অধ্যয়ন কৰি যোৱা প্রাক্তন ছাত্র-ছাত্রী সকলৰ মাজতো অনুষ্ঠিত হ’ব।

মহাৰজত জয়ন্তী উদযাপন সমিতিৰ সাহিত্য আৰু আলোচনাচক্র উপ-সমিতিৰ সভাপতি দিগন্ত কুমাৰ কাকতি (৮৪৮৬০২৫২৬৬) আৰু সম্পাদক নয়নদীপ দত্ত(৬০০০৭৮৩১৬১) ই এক প্রেছ বিজ্ঞপ্তিযোগে জনাই যে ষষ্ঠ শ্রেণীৰ অষ্টম শ্রেণী লৈ ‘ক শাখা’ আৰু নৱম শ্রেণীৰ পৰা দ্বাদশ শ্রেণীলৈ ‘খ শাখা’ হিচাপে অনুষ্ঠিত হব লগা ৰচনা প্রতিযোগিতাৰ বিষয় হ’ল “ মোৰ সপোনৰ বিদ্যালয়খন”। অসমীয়া আৰু ইংৰাজী দুয়োটা মাধ্যমতে লিখিব পৰা ৰচনা সমূহ ১৫০০ শব্দৰ ভিতৰত হ’ব লাগিব।তদুপৰি একে কেইটা শাখাতে “স্ব ৰচিত কবিতা” আৰু “গল্প প্রতিযোগিতা”ও অনুষ্ঠিত হব। ছাত্র ছাত্রী সকলে নিজ নিজ বিদ্যালয় প্রধানৰ স্বাক্ষৰ সম্বলিত একোখন প্রমান পত্র নতুবা পৰিচয় পত্রৰ প্রত্যায়িত নকল সৈতে অহা ৩১ অক্টোৱৰ ২০২৪ তাৰিখৰ ভিতৰত পোৱাকৈ বগা কাগজৰ এপিঠিত স্পষ্ট হাতৰ আখৰেৰে নতুবা ডি টি পি কৰি ডাকযোগে অথবা পি ডি এফ কৰি মেইলযোগেও( nayandeepdutta95@gmail.com) পঠাব পাৰিব। ইয়াৰ উপৰি চৰকাৰী বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্রী সকলৰ মাজত “শিক্ষকতা জীৱনৰ মধুৰতম সময়” শীর্ষক আৰু ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অধ্যয়ন কৰি যোৱা প্রাক্তন ছাত্র-ছাত্রী সকলৰ মাজত “ ছাত্র জীৱনৰ মধুৰতম সময়” বিষয়ৰ সদৌ অসম ভিত্তিক চিঠি লিখা প্রতিযোগিতা অনুষ্ঠিত হব। এই চিঠিসমূহো ইংৰাজী নাইবা অসমীয়া ভাষাত একোখন ইনলেণ্ড কার্ডত যিমান লিখিব পাৰি সিমান সংখ্যাৰ শব্দৰে (প্ৰায় ৫০০)লিখিব পাৰিব।প্রতিযোগীসকলে নিজৰ বিদ্যালয়ত কর্মৰত যিকোনো প্রমাণ( নিযুক্তি পত্র বা পৰিচয়পত্রৰ প্রতিলিপি) আৰু প্রাক্তন ছাত্র- ছাত্রীসকলে ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা উর্ত্তীণৰ প্রমাণ পত্রৰ প্রতিলিপি লগত গাঁঠি দিব লাগিব।

প্রতিযোগিতালৈ পঠিওৱা ৰচনা,গল্প, কবিতা বা চিঠিৰ খামৰ ওপৰত “……প্রতিযোগিতালৈ বুলি লিখি ডাকযোগে সভাপতি/সম্পাদক,আলোচনা চক্র আৰু সাহিত্য উৎসৱ উপসমিতি, মহাৰজত জয়ন্তী উদযাপন সমিতি,মাৰফৎ: অধ্যক্ষা,ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়,বৰপাটৰীয়া,ধেমাজি -৭৮৭০৫৭(অসম) নাইবা nayandeepdutta95@gmail.com ই মেইলযোগে অহা ৩১ অক্টোবৰ ২০২৪ বা তাৰ আগতে পোৱাকৈ প্রেৰণ কৰিব পাৰিব। ইয়াৰোপৰি নৱম শ্রেণীৰ পৰা দ্বাদশ শ্রেণীলৈ মাত্র এটা শাখাত “ধেমাজি জিলা ভিত্তিক বিদ্যালয় সমূহৰ মাজত কুইজ প্রতিযোগিতা” পতা হব।অহা ১৫ নৱেম্বৰ ২০২৪ তাৰিখে পুৱা ১১ বজাত অনুষ্ঠিত হব লগা কুইজ প্রতিযোগিতাখনত প্রতিখন বিদ্যালয়ৰ সব্বোর্চ্চ ৩ জন ছাত্র ছাত্রীয়ে নিজ বিদ্যালয় প্রধানৰ প্রমাণপত্র সহ একোটা দল হৈ অংশগ্রহন কৰিব পাৰিব।ৰচনা,গল্প, কবিতা, চিঠিলিখা আৰু কুইজ প্রতিযোগিতাৰ প্রথম ,দ্বিতীয় আৰু তৃতীয় স্থানপ্রাপ্ত বিজয়ীসকলক নগদ ধন ক্রমে ৩০০০ টকা,২০০০ টকা আৰু ১৫০০ টকাৰ লগতে প্রমাণপত্র আৰু গ্রন্থৰ টোপোলাৰে পুৰস্কৃত কৰা হব। এই প্রতিযোগিতাবোৰৰ বাহিৰেও ১৫ আৰু ১৬ নৱেম্বৰত হব লগা সাহিত্য উৎসৱত বিখ্যাত সাহিত্যিকৰে অন্তৰঙ্গ অনুষ্ঠান ,কবি সন্মিলন আদিও অনুষ্ঠিত হব।:এই অনুষ্ঠানতে প্রতিযোগিতা সমূ্হৰ ফলাফল ঘোষণা কৰাৰ লগতে পুৰস্কাৰসমূহো প্রদান কৰা হব।। উক্ত সকলোবোৰ অনুষ্ঠানতে সমুহ সাহিত্যপ্রেমী ৰাইজৰ উপস্থিতি আৰু সহযোগিতা আলোচনা চক্র আৰু সাহিত্য উপসমিতিৰ সভাপতি আৰু সম্পাদকে আশা কৰিছে।
লগতে পঢ়ক :ধেমাজিৰ মাছখোৱাত প্ৰধান শিক্ষক নিতুল বৰগোহাঁইৰ অপকৰ্মৰ বলি প্ৰথম শ্ৰেণীৰ এগৰাকী ছাত্ৰী…
ধেমাজিৰ মাছখোৱাত প্ৰধান শিক্ষকৰ যৌন আতিশয্যৰ বলি প্ৰথম শ্ৰেণীৰ এগৰাকী ছাত্ৰী। দক্ষিণ যোৰকটা নেপালী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে অভিযোগ।

অভিযুক্ত প্ৰধান শিক্ষকজন নিতুল বৰগোহাঁই। মাছখোৱা আৰক্ষী চকীত অভিযুক্ত শিক্ষকজনৰ বিৰুদ্ধে এজাহাৰ দাখিল ভুক্তভোগী পৰিয়ালৰ।

দীৰ্ঘদিনে প্ৰধান শিক্ষকজনে ছাত্ৰীগৰাকীক নিৰ্যাতন চলোৱাৰ অভিযোগ। ধনৰ প্ৰলোভনেৰে ঘটনাক গাপ দিয়াৰ চেষ্টা অভিযুক্ত প্ৰধান শিক্ষকৰ।
লগতে পঢ়ক : ৰাজ্যৰ ঠিকাভিত্তিক শিক্ষকৰ বাবে সুখবৰ ! নিয়মীয়া হ’ল ২৩,৯৫৬ গৰাকী ঠিকাভিত্তিক শিক্ষকৰ চাকৰি…
ৰাজ্যৰ ঠিকাভিত্তিক শিক্ষকৰ বাবে সুখবৰ। নিয়মীয়া হ’ল ২৩,৯৫৬ গৰাকী ঠিকাভিত্তিক শিক্ষকৰ চাকৰি।

বিশেষ নিযুক্তিৰ জৰিয়তে নিয়মীয়া হ’ল শিক্ষকসকলৰ চাকৰি।

২ ছেপ্টেম্বৰত খানাপাৰাত অনুষ্ঠিত হ’ব নিযুক্তি-পত্ৰ বিতৰণ অনুষ্ঠান।
লগতে পঢ়ক মুষলধাৰ বৰষুণ ! কৃত্ৰিম বানপানীৰ কবলত পুনৰ গুৱাহাটী মহানগৰ…
কৃত্ৰিম বানপানী আৰু যান-জঁট গুৱাহাটী চহৰৰ চিৰন্তন সমস্যা। এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ চহৰৰ ৰাইজে কিমান দিন অপেক্ষা কৰিব লাগিব সেয়া কোৱা টান। দেওবাৰে পুৱাৰ পৰা বৰষুণৰ ফলত বিভিন্ন অঞ্চল পানীত ডুব যায়। কেইবাটাও অঞ্চলত আনকি ঘৰৰ ভিতৰলৈও পানী সোমাই পৰে।

এই কৃত্ৰিম বানপানীৰ বাবে আজি যান-জঁটৰ বাবে মানুহৰ জীৱন স্তব্ধ হৈ পৰিছে। অঞ্চলৰ এক আঁঠু পানীয়ে যাতায়াত ব্যঘাত ঘটায়। এয়া কোনো নতুন নহয়। বাৰিষাৰ সময়ত কৃত্ৰিম বানপানীৰ প্ৰভাৱত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হয়।

লগতে চহৰৰ বিভিন্ন নলা জাবৰেৰে ভৰি পৰাৰ ফলত পানীৰ নিষ্কাশনত ভয়াৱহ ব্যাঘাত জন্মে। ফলত বৰষুণৰ ফলত এই পানী জমা হৈ কৃত্ৰিম বানপানীৰ সৃষ্টি কৰে।