Home Blog Page 585

২০৪৭ চনৰ ভিতৰত আমি উন্নত ভাৰতৰ লক্ষ্যত উপনীত হ’মঃ লালকিল্লাৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিলে ‘উন্নত ভাৰত’ৰ মন্ত্ৰ…

দেশবাসীলৈ ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ শুভেচ্ছা। স্বাধীনতা দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লালকিল্লাৰ প্ৰাচীৰৰ পৰা একেৰাহে ১১ সংখ্যক বাৰৰ বাবে দেশবাসীক সম্বোধন কৰে। ভাৰতে আজি গৌৰৱেৰে উদযাপন কৰিছে ৭৮তম স্বাধীনতা দিৱস। ১৯৪৭ চনৰ ১৫ আগষ্টত দেশখন স্বাধীন হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লালকিল্লাৰ প্ৰাচীৰৰ পৰা কয় যে ‘২০৪৭ চনৰ ভিতৰত আমি উন্নত ভাৰতৰ লক্ষ্যত উপনীত হ’ম।’ প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘২০৪৭ চনৰ ভিতৰত আমি উন্নত ভাৰতৰ লক্ষ্যত উপনীত হ’ব পাৰিম। যদি ৪০ কোটি দেশবাসীয়ে নিজৰ প্ৰচেষ্টা, নিষ্ঠা, ত্যাগ আৰু ত্যাগৰ দ্বাৰা স্বাধীনতা লাভ কৰি স্বাধীন ভাৰত গঢ়ি তুলিব পাৰে, তেন্তে ১৪০ কোটি দেশবাসীয়েও একে মনোভাৱেৰে এখন সমৃদ্ধিশালী ভাৰত গঢ়ি তুলিব পাৰে। প্ৰধানমন্ত্ৰী মোদীয়ে একেৰাহে ১১ সংখ্যক বাৰৰ বাবে লালকিল্লাৰ প্ৰাচীৰৰ পৰা পতাকা উত্তোলন কৰে।

লালকিল্লাৰ প্ৰাচীৰৰ পৰা স্বাধীনতা দিৱসৰ ভাষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ‘ভাৰত সদায় বাংলাদেশৰ প্ৰগতিৰ শুভাকাংক্ষী হৈ থাকিব।’ বাংলাদেশৰ হিন্দু আৰু সংখ্যালঘু জনগোষ্ঠীৰ সুৰক্ষা সুনিশ্চিত কৰাটো গুৰুত্বপূৰ্ণ বুলিও তেওঁ কয়। প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘আমি বিশ্ববাসীক ক’ব বিচাৰো যে তেওঁলোকে প্ৰগতিশীল ভাৰতক লৈ চিন্তা কৰাৰ প্ৰয়োজন নাই। তেওঁ কয়, ‘দেশৰ ভিতৰত আৰু বাহিৰত প্ৰত্যাহ্বান আছে; আমি অধিক শক্তিশালী হোৱাৰ লগে লগে প্ৰত্যাহ্বানসমূহো বাঢ়িব। লালকিল্লাৰ পৰা প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘আমি দৃঢ়তাৰে আগবাঢ়িছো কিন্তু এনে কিছুমান লোক আছে যিয়ে প্ৰগতি দেখা নাপায়, যিয়ে ভাৰতৰ মংগলৰ কথা ভাবিব নোৱাৰে। নিজৰ বাবে ভাল নহ’লে আন কাৰোবাৰ ভাল লগা নাই। দেশে এনে লোকৰ পৰা আঁতৰি থাকিব লাগিব… দুৰ্নীতিৰ বিৰুদ্ধে মোৰ যুঁজখন সততাৰে আৰু জোৰদাৰ গতিৰে চলি থাকিব। লগতে দেশবাসীক সকীয়াই দি কয় যে, ‘মানুহে বুজিব লাগিব যে নেতিবাচক মানসিকতাৰ কিছুমান লোকে দেশত ভাৰসাম্যহীনতা সৃষ্টিৰ ষড়যন্ত্ৰ কৰিছে।’

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লালকিল্লাৰ প্ৰাচীৰৰ পৰা কয়, ‘আমি গুৰুত্বসহকাৰে চিন্তা কৰিব লাগিব। আমাৰ মাতৃ, ভগ্নী, কন্যাৰ ওপৰত চলি থকা অত্যাচাৰক লৈ সাধাৰণ ৰাইজৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে। দেশ, সমাজ, আমাৰ ৰাজ্য চৰকাৰে এই কথাটো গুৰুত্বসহকাৰে ল’ব লাগিব৷ মহিলাৰ বিৰুদ্ধে হোৱা অপৰাধৰ তদন্ত অতি সোনকালে কৰিব লাগে। দানৱীয় কাণ্ড সংঘটিত কৰা সকলক অতি সোনকালে কঠোৰ শাস্তি দিয়া উচিত, সমাজত আস্থা সৃষ্টিৰ বাবে এইটো প্ৰয়োজনীয়।

আজি দেশৰ ৭৮ সংখ্যক স্বাধীনতা দিৱস, এই বৰ্ষৰ স্বাধীনতা দিৱসৰ থীম হৈছে ‘বিকশিত ভাৰত ২০৪৭’…

আজি দেশৰ ৭৮ সংখ্যক স্বাধীনতা দিৱস। এই বৰ্ষৰ স্বাধীনতা দিৱসৰ থীম হৈছে ‘বিকশিত ভাৰত ২০৪৭’। আজি দেশবাসীয়ে উদযাপন কৰিছে ৭৮ সংখ্যক স্বাধীনতা দিৱস । লালকিল্লাত পতাকা উত্তোলন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰতিগৰাকী দেশবাসীক স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

সমগ্ৰ দেশবাসীলৈ স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলে ৰাহুল গান্ধীৰ। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলে দেশবাসীক। দেশবাসীলৈ স্বাধীনতা দিৱসৰ ওলগ জনাই অসমমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও।

“দেশ বিভাজনৰ কৰুণ অধ্যায়ৰ আঁৰত আছিল কংগ্ৰেছ, কমিউনিষ্ট আৰু মুছলিম লীগৰ ক্ষমতালোভী আৰু বিভাজনমুখী ভুল নীতি”: কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

ডিব্ৰুগড়, ১৪ আগষ্ট ২০২৪: “১৯৪৭ চনত হোৱা ভাৰতৰ বিভাজন ~ হাজাৰ হাজাৰ লোকৰ প্ৰাণহানি, লাখ লাখ লোকৰ স্থানান্তৰ, হত্যা-হিংসা আৰু অজস্ৰ সা-সম্পত্তি, ঘৰ-বাৰী ধ্বংস হোৱাৰ এক কৰুণ অধ্যায়। বিশ্ব ইতিহাসৰে এয়া এক মৰ্মান্তিক ঘটনা। কংগ্ৰেছ, কমিউনিষ্ট আৰু মুছলিম লীগৰ ভুল নীতি তথা ক্ষমতালোভী চৰিত্ৰৰ বাবেই দেশৰ লাখ লাখ লোকে নাৰকীয় যাতনা ভুগিবলগীয়া হৈছিল। সেই বিভীষিকা, সীমাহীন যন্ত্ৰণা কোনোকালেই দেশবাসীয়ে পাহৰি যাব নোৱাৰে।”- ভাৰতীয় জনতা পাৰ্টিৰ ডিব্ৰুগড় জিলা মহিলা মৰ্চাৰ উদ্যোগত আজি ডিব্ৰুগড়ত আয়োজিত ‘বিভাজন বিভীষিকা স্মৃতি দিৱস’ৰ অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশগ্ৰহণ কৰি এই কথা ব্যক্ত কৰে আৰু দেশ বিভাজনৰ হিংসাত্মক ঘটনাত যিসকলে প্ৰাণ হেৰুৱাইছিল, তেওঁলোকলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁলোকৰ সংগ্ৰাম আৰু কৰুণ ত্যাগ দেশবাসীয়ে সদায়েই সুঁৱৰি যাব বুলি সোণোৱালে উল্লেখ কৰে।

সোণোৱালে ভাষণ প্ৰসংগত কয়, “১৯৪৭ চনৰ আজিৰ দিনটোতে অখণ্ড ভাৰত খণ্ডিত হৈ ভাৰত আৰু পাকিস্তানৰ জন্ম হৈছিল। দেশ বিভাজনৰ কৰুণ অধ্যায়ৰ আঁৰত আছিল কংগ্ৰেছ, কমিউনিষ্ট আৰু মুছলিম লীগৰ ক্ষমতালোভী আৰু বিভাজনমুখী ভুল নীতি। এই দলবোৰে কেৱল ৰাজনৈতিক নেতাৰ স্বাৰ্থ সিদ্ধিৰ বাবে ভাৰতক অগ্নিকুণ্ডত পৰিণত কৰিছিল। লাখ লাখ লোক গৃহহীন হোৱা, হিংসাত্মক ঘটনাত মৃত্যুবৰণ কৰাৰ এই মৰ্মান্তিক ঘটনাৰ বাবে কংগ্ৰেছ, কমিউনিষ্ট আৰু মুছলিম লীগ সম্পূৰ্ণৰূপে দায়ী। দেশবাসীয়ে এই দলবোৰে কৰা মাৰাত্মক অভিসন্ধি কেতিয়াও পাহৰি নাযায়। আমি সমস্বৰে আজি পুনৰ তেওঁলোকক গৰিহণা দিছোঁ আৰু লাখ লাখ লোকৰ হত্যাৰ বাবে দায়ী এই দলবোৰৰ তীব্ৰ নিন্দা কৰিছোঁ। নতুন প্ৰজন্মই দেশ বিভাজনৰ কৰুণ অধ্যায় পঢ়ি ৰাজনৈতিকভাৱে সচেতন হ’ব লাগিব আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ যাত্ৰাক ন উদ্যমেৰে শক্তিশালী কৰাৰ বাবে আগুৱাই আহিব লাগিব।”

সোণোৱালে কয়, “মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত আমাৰ দেশখন এতিয়া সকলো দিশতে ক্ষিপ্ৰতাৰে আগবাঢ়িছে। এখন শক্তিশালী আৰু সমৃদ্ধিশালী ভাৰত গঢ়াৰ বাবে মোদী ডাঙৰীয়াই অহোপুৰুষাৰ্থ কৰিছে। ২০৩০ চনৰ ভিতৰত ভাৰতক বিশ্বৰ তিনি বৃহৎ অৰ্থনীতিৰ ভিতৰত অন্তৰ্ভুক্ত কৰাৰ যাত্ৰাত প্ৰতিগৰাকী নাগৰিকে সক্ৰিয় ভূমিকা পালন কৰিব লাগিব। দেশৰ ৭৮তম স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত আমি সকলোৱে ঐক্যবদ্ধভাৱে সংকল্প ল’ব লাগিব যে- শান্তি-সমন্বয় আৰু প্ৰগতিৰ যোগেদি ভাৰতক এক নতুন শিখৰত উপনীত কৰিম।”

বৰলুইত প্ৰডাকচনৰ প্ৰথমখন পূৰ্ণদৈৰ্ঘ্যৰ ছবি ‘ডিফলু’ৰ শুভাৰম্ভণি…

ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত বিভিন্ন বঁটাপ্ৰাপ্ত চুটি ছবি নিৰ্মাণৰ বাবে সুপৰিচিত বৰলুইত প্ৰডাকচনে এইবাৰ নিৰ্মাণ কৰিব এখন পূৰ্ণদৈৰ্ঘ্যৰ অসমীয়া বোলছবি। বুধবাৰে এক সংবাদমেল সম্বোধন কৰি প্ৰথমখন অসমীয়া কথাছবি ‘ডিফলু’ৰ চিত্ৰগ্ৰহণৰ কাম আৰম্ভ কৰাৰ কথা ঘোষণা কৰে বৰলুইত প্ৰডাকচনে। পৰিস্থিতিগত হাস্যৰস আৰু আৱেগৰ ৰহণ সানি নিৰ্মাণ কৰিবলগীয়া এই নতুন অসমীয়া কথাছবিখন প্ৰডাকচন কোম্পানীটোৰ বিৱৰ্তনৰ যাত্ৰাত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে পৰিগণিত হ’ব বুলি আশা প্ৰকাশ কৰা হৈছে।

উল্লেখ্য যে, ছবিপ্ৰেমী আৰু সমালোচকৰ দ্বাৰা উচ্চ প্ৰশংসিত চুটি ছবি ‘আকাশ বিচাৰি- ইনটু দ্য স্কাই’ আৰু ‘ৰং- দ্য কালাৰ’ৰ অভূতপূৰ্ব সফলতাৰ পিছত ‘ডিফলু’ হৈছে বৰলুইত প্ৰডাকচনৰ দ্বাৰা নিৰ্মিত প্ৰথমখন পূৰ্ণদৈৰ্ঘ্যৰ বোলছবি। প্ৰডাকচন কোম্পানীটোৰ পূৰ্বৰ প্ৰকল্পসমূহৰ কলাত্মক দৃষ্টিভংগী আৰু কাহিনীৰ শক্তিশালী উপস্থাপন শৈলীৰ প্ৰবাহ অক্ষুণ্ণ ৰাখি এই নতুন ছবিখনে দৰ্শকৰ বাবে এক আকৰ্ষণীয় আৰু স্মৰণীয় চিনেমাৰ অভিজ্ঞতা প্ৰদানৰ নিশ্চয়তা প্ৰদান কৰিছে।

‘ডিফলু’ৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে অমৃতা গগৈ আৰু সুব্ৰত দেউৰীয়ে। ইয়াৰোপৰি অৰুণ নাথ, চেতনা দাস, মৃদুলা বৰুৱা, জয়ন্ত ভাগৱতী আৰু অৰুণ হাজৰিকাৰ দৰে অসমীয়া বোলছবিৰ প্ৰবীণ অভিনেতা-অভিনেত্ৰীৰ অভিনয়ে ছবিখনৰ কাহিনী অধিক মনোগ্ৰাহী কৰি তুলিছে। ছবিখনত অভিনয় কৰা আন আন প্ৰতিভাৱান অভিনেতা-অভিনেত্ৰীসকলৰ ভিতৰত আছে ড° হিতেশ বৰুৱা, সীমাশ্ৰী বৰা, ৰাজীব দুৱৰী, অনিৰ্বাণ কলিতা, অংকুৰ বৈদ্য, প্ৰিয়াংশী কাশ্যপ, দিব্য প্ৰতিম ভাগৱতী, কণিকা নাথ, প্ৰবাল বৰা, নিলোফাৰ নাজবিন, আৰু নাচিম বেগম।

কুঁহি নামৰ চৰিত্ৰত অভিনয় কৰা অমৃতা গগৈক লৈয়েই আগবাঢ়ে ‘ডিফলু’ ছবিখনৰ কাহিনী। ছবিখনত চিকিৎসা প্ৰশিক্ষণৰ অংশ হিচাপে গুৱাহাটীৰ যুৱতী কুঁহিক ডিফলু নদীৰ পাৰৰ এখন দুৰ্গম গাঁৱত নিযুক্তি দিয়া হয়। গাঁৱৰ কঠিন পৰিস্থিতি আৰু জৰাজীৰ্ণ স্বাস্থ্য সুবিধাৰ সৈতে কুঁহিয়ে সংগ্ৰাম কৰি থকাৰ সময়তে তেওঁৰ পৰিচয় ঘটে নীল (সুব্ৰত দেউৰী) নামৰ এগৰাকী বিদ্যালয় শিক্ষকৰ সৈতে। দুয়োৰে প্ৰাৰম্ভিক সাক্ষাৎ লাহে লাহে ব্যক্তিগত বিকাশ আৰু সামুদায়িক প্ৰভাৱৰ এক হৃদয়স্পৰ্শী যাত্ৰালৈ বিকশিত হৈ পৰে। ছবিখনত হাস্যৰস আৰু আৱেগিক পৰিঘটনাৰ মাজেৰে কুঁহিয়ে নিজৰ বস্তুবাদী চহৰকেন্দ্ৰিক সপোনৰ পৰা ওলাই আহি এগৰাকী দয়ালু আৰু নিষ্ঠাবান যুৱতী হৈ পৰাৰ পৰিৱৰ্তনশীল যাত্ৰাক চিত্ৰিত কৰা হৈছে।

ছবিখনৰ কাহিনী, পৰিচালনা আৰু সম্পাদনা কৰিছে নেকিবে, আনহাতে চিত্ৰনাট্য আৰু সংলাপ হৈছে দেৱজিৎ বৰাৰ। ছবিখনৰ চিনেমেট’গ্ৰাফীৰ দায়িত্বত আছে উত্তম কলিতা আৰু কলা পৰিচালনাৰ দায়িত্ব চম্ভালিছে নাৰায়ণ মেধিয়ে। ছবিখনৰ প্ৰযোজক জেকবে সংগীত আৰু আৱহ সংগীতো প্ৰদান কৰিছে। ‘ডিফলু’ৰ মুখ্য সহকাৰী পৰিচালক হিচাপে আছে জিতুল ৰাজবংশী আৰু তেওঁক সহায় কৰিছে দেৱাশীষ ডেকা আৰু আফিৰন নিচাই। ছবিখনৰ সাজ-সজ্জা জুৰি কলিতাৰ আৰু মেক-আপ পিজুমণি শৰ্মাৰ। আনহাতে প্ৰডাকচন মেনেজাৰ হিচাপে আছে উৎপল কলিতা। উল্লেখ্য যে, ছবিখনৰ জনসংযোগ আৰু ছ’চিয়েল মিডিয়া প্ৰচাৰ অভিযান পৰিচালনা কৰিব গুৱাহাটীস্থিত সুপৰিচিত জনসংযোগ আৰু ব্যৱস্থাপনা পৰামৰ্শদাতা প্ৰতিষ্ঠান লাইফছ পাৰ্পলে।

নতুন কথাছবি ‘ডিফলু’ৰ উন্মোচনৰ সমান্তৰালভাৱে এই অনুষ্ঠানতে সমালোচকৰ দ্বাৰা উচ্চ প্ৰশংসিত বৰলুইত প্ৰডাকচনৰ চুটি ছবি ‘ৰং- দ্য কালাৰ’ৰ আনুষ্ঠিক মুক্তিৰ বিষয়েও ঘোষণা কৰা হয়। উল্লেখ্য যে, শক্তিশালী কাহিনী আৰু উপস্থাপন শৈলীৰ বাবে বহু-প্ৰশংসিত এই চুটি ছবিখনে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ইতিমধ্যে অসংখ্য বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। লক্ষণীয় যে, বিশ্বজুৰি স্বীকৃতি লাভ কৰা ‘ৰং- দ্য কালাৰ’ চুটি ছবিখন এতিয়া বৰলুইত প্ৰডাকচনৰ ইউটিউব চেনেলতো দৰ্শকৰ বাবে উপলব্ধ।

স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ”Nayi Rashni Foundation” ৰ তৰফৰ পৰা আদৰ্শনীয় পদক্ষেপ…

স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত Nayi Rashni Foundation ৰ তৰফৰ পৰা আদৰ্শনীয় পদক্ষেপ । এনজিঅ’ৰ সদস্যসকলে ভঙাঘৰ আৰক্ষী চকীৰ প্ৰত্যেকগৰাকী আৰক্ষী বিষয়াক স্বাধীনতা দিৱস উপলক্ষে

একোখনকৈ ফুলাম গামোচা প্ৰদান কৰে লগতে এটা ধুনীয়া ফুলৰ থোপাও দিয়া হয়

আৰক্ষী চকীখনৰ আৰক্ষী বিষয়াসকলক ।লগতে অনাথ কণ কণ শিশু সকলক দুপৰীয়া আহাৰৰ ব্যৱস্থা গ্ৰহণ কৰে।

২ অক্টোবৰৰ পৰা আৰম্ভ হ’ব মিছন বসুন্ধৰা-৩.০…

২ অক্টোবৰৰ পৰা আৰম্ভ হ’ব মিছন বসুন্ধৰা-৩.০। মহানগৰীৰ বৰাগাঁৱৰ কৃষ্ণনগৰত ঘোষণা মুখ্যমন্ত্রীৰ।

মাটিৰ প্ৰিমিয়াম হ্ৰাস কৰাৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰীৰ।

সকলোকে বসুন্ধৰাৰ অধীনত ভূমিপট্টাৰ বাবে আবেদনৰ আহ্বান মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।

সাই আৰ এন এছ একাডেমীৰ এগৰাকী ১৭ বছৰীয়া দ্বাদশ শ্ৰেণীৰ ছাত্ৰক গুৰুলা গুৰুলকৈ প্ৰহাৰ…

সাই আৰ এন এছ একাডেমীৰ সঞ্চালকৰ বৰ্বৰতা। এগৰাকী ১৭ বছৰীয়া দ্বাদশ শ্ৰেণীৰ ছাত্ৰক গুৰুলা গুৰুলকৈ প্ৰহাৰ। কোচিং কৰা ব্যক্তিগত প্ৰতিষ্ঠানৰ পোছাক পিন্ধি মাচুল দিবলৈ যোৱাৰ বাবেই ছাত্ৰক প্ৰহাৰ।

সঞ্চালক দুলাল তালুকদাৰৰ বৰ্বৰোচিত প্ৰহাৰত আহত ছাত্ৰগৰাকী। সাই আৰ এন এছত অধ্যয়নৰত ছাত্ৰগৰাকীয়ে এখন ব্যক্তিগত প্ৰতিষ্ঠানত JEEৰ বাবে কোচিং কৰে।

কোচিঙৰ পৰা সাই আৰ এন এছত দ্বাদশ শ্ৰেণীৰ পঞ্জীয়ন মাচুল দিবলৈ গৈছিল। ব্যক্তিগত প্ৰতিষ্ঠানৰ পোছাক পিন্ধি মাচুল দিবলৈ যোৱাটোৱেই যেন অপৰাধ হ’ল ছাত্ৰজনৰ বাবে।

গৰমকালি পুৰুষ বা নাৰী উভয়ে মুখামুখী হোৱা এক অস্বস্তিকৰ স্বাস্থ্য-সমস্যা হ’ল খজুৱতি…

গৰমকালি পুৰুষ বা নাৰী উভয়ে মুখামুখী হোৱা এক অস্বস্তিকৰ স্বাস্থ্য-সমস্যা হ’ল কৰঙণৰ খজুৱতি। কৰঙণ (Groin) অংশৰ ছাল প্ৰথমতে ৰঙা পৰি (কামৰুপী অসমীয়াত যাক অমি ‘চহ্‌ৰা পৰা’ বুলি কওঁ) খজুৱতি উঠে আৰু সময়ত বৰ বিপাঙত পেলায়। আমাৰ দেহৰ ছালখনত কেবাধৰণৰ ভেঁকুৰ থাকে যাক আমি ‘চৰ্ম-ভেকুৰ’ (Dermaatophytes)বুলি কওঁ। সাধাৰণ অৱস্থাত অৰ্থাৎ যেতিয়ালৈকে ইহঁতে আমাৰ অসুবিধা নকৰে এনে ভেকুৰবোৰৰ অৱস্থিতি সম্পৰ্কে আমি সচেতন নহওঁ। গৰমকালি উষ্ণতা অধিক হোৱাৰ লগতে পৰিৱেশো সেমেকা হয় আৰু এনে গৰম অথচ সেমেকা পৰিৱেশত এই ভেঁকুৰবোৰে দ্ৰুত গতিত বংশবৃদ্ধি কৰে। মূৰকত মানুহজনৰ খজুৱতি, জ্বলন আদি অস্বস্তিকৰ অনুভূতি হয়। টিনিয়া, কেণ্ডিডা আদি ভেঁকুৰে এনে অসুবিধা কৰিব পাৰে যদিও ‘টিনিয়া ক্ৰুৰিজ’(Tinea Cruris) নামৰ চৰ্ম-ভেঁকুৰৰ প্ৰজাতিটোৱেই প্ৰধান।

কিছুমান ব্যৱস্থা আমি নিজেই গ্ৰহণ কৰি কৰঙণৰ এই অস্বস্তিকৰ খজুৱতিৰ পৰা পৰিত্ৰাণ পাব পাৰো। প্ৰথমতে আমি নিৰ্দিষ্ট ঠাইসমূহ যথাসম্ভৱ পৰিস্কাৰ আৰু শুকানকৈ ৰখাৰ যত্ন কৰিব লাগে। দিনটোত কমেও দুবাৰকৈ ভাল বীজানুনাশক চাবোন ব্যৱহাৰ কৰি নিয়মিয়াকৈ গা ধুব লাগে আৰু কৰঙণ অংশৰ পৰিচ্ছনতাৰ প্ৰতি বিশেষ মনোযোগ দিব লাগে। ঠইখিনি শুকানকৈ ৰাখিবলৈ গা ধুৱাৰ পিছতে আচুতীয়া টাৱেলেৰে কৰঙণ অংশ ভালকৈ মচিব লাগে আৰু শুকান পৰিস্কাৰ কাপোৰ পৰিধান কৰিব লাগে। শুকানকৈ মঁচাৰ পিছত বজাৰত উপলব্ধ Canesten, Fungikem আদি ভেঁকুৰনাশক পাউদাৰ আক্ৰান্ত হ’ব পৰা সম্ভাৱ্য ঠাইবোৰত প্ৰয়োগ কৰিব পৰা যায়। মেদবহুলসকলে ওজন কমোৱাৰ চেষ্টা কৰিব লাগে, মেদবহুল ব্যক্তিৰ ছালৰ ফাঁক (fold) বোৰ বেছি দ’ হয় যাৰ বাবে ভেঁকুৰৰ বংশ বৃদ্ধি অধিক সুচল হয়। চেনি বা অইন মিঠা আহাৰ পৰিহাৰ কৰাই ভাল। কপাহী কাপোৰ পৰিধানত গুৰুত্ব দিব লাগে। কিয়নো স্ংশ্লেষিত (চিন্থেটিক) কাপোৰে ঘাম শুকুৱাত বাধা প্ৰদান কৰি পৰিৱেশটো দীৰ্ঘসময়লৈ সেমেকা হৈ থকাত অৰিহণা যোগায়। ঢিলা পোছাক পৰিধান কৰিলে ছালৰ স’তে ঘঁহনি খোৱা ৰোধ হোৱাৰ লগতে ঘামত বা অইন ধৰণে ভিজি থকা কাপোৰে ছালক প্ৰত্যক্ষভাৱে সেমেকাই ৰখাৰ সম্ভৱনা নোহোৱা হ’ব। বতাহ আৰু পোহৰ সোমাব নোৱাৰা পশ্চিমীয়া সাজ-পোছাকতকৈ আমাৰ পৰম্পৰাগত সাজ যেনে- মেখেলা-চাদৰ, ধূতি, গামোচা আদিয়ে বতাহৰ আহ-যাহ সুচল কৰি ৰাখি ঠাইবোৰ শুকান হৈ থকাত অৰিহণা যোগায়। ৰ’দ আৰু পোহৰৰ পৰিৱেশত ভেঁকুৰে বংশ বৃদ্ধি কৰাত অসুবিধা পায়। ভিজি থকা অন্তৰ্বাস বা অইন যিকোনো কাপোৰ কাহানিও

পিন্ধিব নালাগে। অন্তৰ্বাস নিয়মীয়াকৈ ধুব লাগে আৰু ধুৱাৰ পিছত ৰ’দত ভালকৈ শুকাব লাগে। পুৰুষৰ ক্ষেত্ৰত ‘ভি’(V) আকৃতিৰ চুটি(Brief) অন্তৰ্বাসতকৈ কিছু দীঘল ৱেষ্ট(Vest) বোৰে যথেষ্ট সকাহ দিব পাৰে। ৰাতি অন্তৰ্বাস পৰিধান কৰি শুব নালাগে। এনেবোৰ সাবধানতা সত্বেও খজুৱতিয়ে দেখা দিলে মিকোনাজ’ল, ক্লোট্ৰাইমাজ’ল, বাট’লনাফ্‌টেট আদি ঔষধযুক্ত মলম বা স্প্ৰে’ ব্যৱহাৰ কৰিব লাগে। বেছিভাগ ক্ষেত্ৰতে এনেবোৰ ঔষধী মলম সঠিকভাৱে ব্যৱহাৰ কৰাৰ কিছুদিনৰ ভিতৰতে উপসম পোৱা যায়। খজুৱতি কমাৰ লগে লগে মলমৰ ব্যৱহাৰ বন্ধ কৰিব নালাগে, দুই-তিনিদিনমান পিছলৈ মলম লগাই থাকিব লাগে। ঘৰুৱা নিৰাময় হিচাপে নহৰু বা পিয়াঁজ বটি লেপ লগাই আধাঘণ্টামানকৈ কিছুদিন ৰাখিলে সুফল পোৱা যায় বুলি কোৱা হৈছে। এই ব্যৱস্থাসমূহ গ্ৰহন কৰাৰ দুসপ্তাহৰ পিছতো যদি কোনো সকাহ পোৱা নাযায়, তেতিয়া চিকিত্ৎসকৰ পৰামৰ্শ গ্ৰহণ কৰা উচিত কিয়নো ভেঁকুৰৰ উপৰি ঠাইটুকুৰাত বেক্টেৰিয়াজনিত স্ংক্ৰমণ হ’ব পাৰে। যাৰ বাবে বিশেষধৰণৰ চিকিত্সা আৰু ঔষধৰ প্ৰয়োজন হ’ব পাৰে। তদুপৰি চ’ৰিয়াচিচ(Psoriasis), ইৰীথ্ৰাজ্‌মা(Erythrasma) আদি অন্য ধৰণৰ অসুখো হ’ব পাৰে যাৰ বাবে স্ক্ৰেপিং(Scrappings) পদ্ধতিৰে ছালৰ পৰীক্ষা বা তেজৰ পৰীক্ষা আদিৰ প্ৰয়োজন হ’ব পাৰে। ভেঁকুৰৰ স্ংক্ৰমণ খুব বেছি বা ছালৰ গভীৰলৈ হ’লে অকল লগোৱা মলমেৰে চিকিত্সা সম্ভৱ নহ’ব পাৰে- ফ্লুকোনজ’ল, ইট্ৰাকোনোজ’লৈ, টাৰ্বিনাফিন আদি মুখেৰে খাব লগা ভেঁকুৰ নিধনকৰী ঔষধ ব্যৱহাৰৰ প্ৰয়োজন হ’ব। এনেবোৰ ঔষধৰ কিছুমান পাৰ্শ্চক্ৰিয়া থাকে আৰু সেয়ে চিকিৎসকৰ পৰামৰ্শ অবিহনে এনে ঔষধ ব্যৱহাৰ কৰিব নালাগে। শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা(Immunity) পৰ্যালোচনাৰ প্ৰয়োজন আহিব পাৰে।

বাইহাটা চাৰিআলিৰ জালিমূৰাত যৌতুক বিচাৰি অত্যাচাৰ মহফিদা বেগম নামৰ মহিলাগৰাকীক…

ৰাজ্যত পুনৰ যৌতুক বিচাৰি অত্যাচাৰৰ ঘটনা। এইবাৰ ঘটনাৰ স্থান বাইহাটা চাৰিআলিৰ জালিমূৰা। নিশা গুৱাহাটী পাণবজাৰ মহিলা আৰক্ষী থানাত উপস্থিত ভুক্তভোগী স্বামী-স্ত্ৰী। মহফিদা বেগম নামৰ মহিলাগৰাকীক যৌতুক

বিচাৰি আক্ৰমণৰ অভিযোগ। প্ৰায় ডেৰ বছৰ ধৰি পত্নী-স্বামীক অকথ্য নিৰ্যাতনৰ অভিযোগ নিজ পৰিয়ালৰ বিৰুদ্ধে। মহিলাগৰাকীক মাৰপিটৰ লগতে কণমানি সন্তানকো আক্ৰমণ পৰিয়ালৰ।

স্বামীৰ পিতৃ-মাতৃৰ লগতে পৰিয়ালৰ আন সদস্যৰ বিৰুদ্ধে এই অভিযোগ। কমলপুৰ আৰক্ষী থানাত এজাহাৰ দিয়াৰ পাছতো গুৰুত্ব নিদিয়াৰ অভিযোগ।

নাজিৰা মহকুমাত স্বাধীনতা দিৱস উপলক্ষে জ্যেষ্ঠ নাগৰিক সকলৰ মাজত খোজ কঢ়া প্ৰতিযোগিতা অনুষ্ঠিত…

৭৮ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে আজি নাজিৰা মহকুমা প্ৰশাসনৰ উদ্যোগত, নাজিৰা এম.চি ক্লাবৰ পৰা নাজিৰা মহকুমাধিপতি কাৰ্য্যালয়লৈ ষাঠী বছৰ উৰ্দ্ধৰ ব্যক্তি সকলৰ মাজত “Freedom Walk” শীৰ্ষক এক খোজ কঢ়া প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।


সত্তৰো অধিক ব্যক্তিৰ উপস্থিতিৰে আয়োজন কৰা এই প্ৰতিযোগিতাত অতিৰিক্ত আয়ুক্ত তথা নাজিৰা মহকুমাৰ মহকুমাধিপতি আয়ুষী জৈন উপস্থিত থাকে আৰু জ্যেষ্ঠ নাগৰিক সকলক স্বাধীনতা দিৱসৰ শুভেচ্ছা জনোৱাৰ লগতে তেঁওলোকৰ সক্ৰিয় অংশগ্ৰহণৰ শলাগ লয়।

উক্ত প্ৰতিযোগিতাত, পুৰুষৰ শাখাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰ লাভ কৰে ক্ৰমে প্ৰদীপ কুমাৰ গগৈ, বেনী মাধৱ গগৈ আৰু দিলীপ দাসে লগতে মহিলা শাখাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰ লাভ কৰে ক্ৰমে পুষ্পা গগৈ, অঞ্জু সাধনীদাৰ আৰু চম্পা দুৱৰা বৰুৱাই । এই অনুষ্ঠানত জ্যেষ্ঠ নাগৰিক সকল, বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰী সকলৰ লগতে স্থানীয় ৰাইজ উপস্থিত থাকে ।