Home Blog Page 587

নলবাৰীত সংঘটিত দুৰ্ঘটনাৰ পাছতেই গধুৰ যান-বাহনৰ চলাচলত বিশেষ নিৰ্দেশনা জাৰি…

গধুৰ যান-বাহনৰ বিৰুদ্ধে কঠোৰ নলবাৰী জিলা প্রশাসন
► গধুৰ যান-বাহনৰ চলাচলত বিশেষ নির্দেশনা জাৰি


► পুৱা ৭ বজাৰ পৰা নিশা ১০ বজালৈ গধুৰ যান-বাহনৰ
চলাচলত নিষেধাজ্ঞা নিষেধাজ্ঞা


► আইন উলংঘাকাৰীৰ বিৰুদ্ধে অভিযোগ দিবলৈ নম্বৰ
মুকলি প্ৰশাসনৰ
► হোৱাটছএপ নম্বৰ ৯৭০৬১-১৫৬৪৯ত দিব পাৰিব অভিযোগ

অসম আৰক্ষীৰ জালত ২০জনকৈ উগ্ৰপন্থী সংগঠনৰ সদস্য…

অসম আৰক্ষীৰ বৃহৎ সাফল্য৷ আৰক্ষীৰ জালত ২০জনকৈ উগ্ৰপন্থী সংগঠনৰ সদস্য৷

১০টাকৈ ৰাইফল, মেগজিনসহ ৩টা পিষ্টল, ৫টা হেণ্ড গ্ৰেনেড উদ্ধাৰ৷

AK-47ৰ ৫৪ জাঁই সক্ৰিয় গুলী, ৯ ৰাউণ্ড পিষ্টলৰ গুলীও উদ্ধাৰ কৰে আৰক্ষীয়ে৷

মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মা দেৱে এক বৈঠকত অধ্যক্ষতা

গুৱাহাটী পানী যোগান প্ৰকল্পৰ বিষয় সন্দৰ্ভত লোক সেৱা ভৱনত আজি সমূহ সংশ্লিষ্ট বিষয়াৰ সৈতে মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মা দেৱে এক বৈঠকত অধ্যক্ষতা কৰে।

উক্ত বৈঠকত দক্ষিণ গুৱাহাটী পানী যোগান প্ৰকল্প, দক্ষিণ-মধ্য আৰু উত্তৰ গুৱাহাটী পানী যোগান প্ৰকল্প, জাইকা সমৰ্থনপ্ৰাপ্ত জি ডব্লিউ এছ পিৰ সম্পৃক্ত বিষয়সমূহ প্ৰেজেণ্টেশ্যনৰ জৰিয়তে আলোচনা কৰা হয়৷

লগতে পানী যোগান প্ৰকল্পৰ সৈতে জড়িত স্থায়ী পথ পুনৰুদ্ধাৰ কাৰ্যকলাপ স্থাপন আৰু পৰীক্ষণ, ভাল্ভ চেম্বাৰ নিৰ্মাণ আদিৰ বিষয়েও বিস্তৃতভাৱে আলোচনা কৰা হয়৷

মাননীয় মুখ্যমন্ত্ৰী দেৱে সংশ্লিষ্ট বিভাগসমূহক অগ্ৰাধিকাৰৰ ভিত্তিত সমস্যাসমূহ সমাধান কৰাৰ বাবে সমন্বিতভাৱে কাম কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰে।

এ আই ইউ ডি এফ’ৰ যুৱ মৰ্চাৰ সভাপতি জেহেৰুল ইছলামে ভাৰতীয় জাতীয় কংগ্ৰেছ দলত আনুষ্ঠানিক যোগদান

এ আই ইউ ডি এফ’ৰ যুৱ মৰ্চাৰ সভাপতি জেহেৰুল ইছলামে ভাৰতীয় জাতীয় কংগ্ৰেছ দলত আনুষ্ঠানিক যোগদান

নগাওঁৰ চামগুৰি সমষ্টিৰ অন্তৰ্গত পশ্চিম লৰিৰমুখত ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ ৰকিবুল হুছেইনৰ উপস্থিতিত অনুষ্ঠিত সভাত এ আই ইউ ডি এফ’ৰ যুৱ মৰ্চাৰ সভাপতি জেহেৰুল ইছলামে ভাৰতীয় জাতীয় কংগ্ৰেছ দলত আনুষ্ঠানিক যোগদান কৰে।


উক্ত সভাত NSUI ৰাষ্ট্ৰীয় কোষাধ্যক্ষ তৰ্জিহুছ হুছেইন NSUI লাঁওখোৱা ব্লক কংগ্ৰেছৰ সভাপতি জগদীশ সিনহা লগতে সকলো স্তৰৰ নেতা কৰ্মী উপস্থিত থাকে।

ৰাষ্ট্ৰীয় উদ্যানত বিশ্ব হাস্তী দিৱস উদযাপন

পৰিবেশৰ ভাৰসাম্য বজাই ৰখাৰ লগতে হস্তীৰ ক্ষেত্ৰত এক সজাগতাৰ সৃষ্টি কৰিবলৈ প্ৰতি বছৰে ১২ আগষ্টৰ দিনটো পালন কৰা হয় বিশ্ব হস্তী দিৱস।হাতীৰ সুৰক্ষা আৰু সংৰক্ষণৰ ক্ষেত্ৰত সজাগতা তথা গুৰুত্ব প্ৰদান কৰাই হ’ল মূল উদ্দ্যেশ্য।

প্ৰত্যেক বছৰৰ ১২ আগষ্ট তাৰিখে পালন কৰা হয় বিশ্ব হাস্তী দিৱস৷ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালভাৱে সোমবাৰে ওৰাং ৰাষ্ট্ৰীয় উদ্যানতো বিভিন্ন কাৰ্য্যসূচীৰে অনুষ্ঠিত কৰা হয় বিশ্ব হস্তী দিৱস৷হাতীক সন্মান জনাই উদ্যান খনত উদযাপন কৰা হাস্তী দিৱস৷ৰাতিপুৱা বন বিভাগৰ পোহনীয়া হাতী সমূহক গা ধোৱাই পূজা কৰে বনকৰ্মী সকলে। লগতে ওৰাং ৰাষ্ট্ৰীয় উদ্যান কতৃপক্ষই হাতীৰ মাউত সকলক জনায় সম্বৰ্ধনা।

ইয়াৰ অন্তত
উদ্যানখনৰ মুল প্ৰবেশ দ্বাৰৰ পৰা বিভাগীয় পোহনীয়া হাতী নাম ক্ৰমে ৰাম প্ৰসাদ, পূৰ্ণিমা,ৰাজু,আজাদ আৰু মাউত ৰজৱ আলী,নিলেৰাম স্বৰ্গিয়াৰী, আবুল আলী শ্বাহাজুল হকৰ সৈতে বনকৰ্মী সকলে এক দীঘলীয়া শুভযাত্ৰা ওলায়।

শুভাযাত্ৰা খন মুকলি কৰে ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ আটাইতকৈ পুৰণি বনৰক্ষী ৰামোল বড়োৱে।শুভা যাত্ৰা খন ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ মূখ্য প্ৰৱেশ দ্বাৰৰ পৰা প্ৰায় এক কিলোমিটাৰ দূৰ নলবাৰী প্ৰাথমিক বিদ্যালয়লৈ গৈ
উদযাপন কৰে হাস্তী দিৱস৷সোমবাৰে অনুষ্ঠিত এই কাৰ্য্যসূচীত বিভিন্ন সংস্থা,চৰকাৰী কৰ্মচাৰী আৰু বিভিন্ন পৰ্যায়ৰ ব্যক্তিসকলে আগভাগ লৈ হাতী দিৱস উপলক্ষে সজাগতা সৃষ্টি কৰা পৰিলক্ষিত হয়৷ওৰাং উদ্যান খনত বৰ্তমান ৩৭ টা ঘৰচীয়া হাতীৰ লগতে ১৬ টা বনৰীয়া হাতী থকা বুলি জনাইছে

বনকৰ্মীয়ে৷ ৰাষ্ট্ৰীয় উদ্যানৰ নিৰাপত্তা আৰু পৰ্যটন সেৱাত নিয়োজিত লগতে উদ্যান খনৰ দূৰ্ঘম এলেকাত বনকৰ্মীৰ সৈতে কৰ্তব্য পালনৰ দৰে গধূৰ দায়িত্ব পালন কৰি আহিছে এই হাতী সমূহে। ওৰাং ৰাষ্ট্ৰীয় উদ্যানত সোমবাৰে আয়োজিত হস্তী দিৱস উপলক্ষে উদ্যানৰ দাঁতি-কাষৰীয়া অঞ্চল নলবাৰী প্ৰাথমিক বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ মাজত অনুষ্ঠিত হয় চিত্ৰাঅংকন প্ৰতিযোগিতা।বনপালক মমী বসুমতাৰীয়ে কয় যে হাতী আৰু মানুহৰ সম্পৰ্ক বহুত পূৰনীকলীয়া।ইয়াক সংৰক্ষণ আৰু সুৰক্ষা দিয়াৰ প্ৰতি জন নাগৰিকৰ দায়িত্ব। লগতে মনমী বসুমতাৰীয়ে
সকলোকে হস্তি তথা বিভিন্ন জীৱ জন্তুৰ খাদ্য তথা অভাসস্থলী সংৰক্ষণ
বাবে আহ্বান জনায়।

সোমবাৰে ওৰাং ৰাষ্ট্ৰীয় উদ্যানত অনুষ্ঠিত হস্তী দিৱসত আগভাগলয় বনপালক বিচিত্ৰা ৰায়, মৌচুমী দাস,ASI বিপিন ডেকা, বনৰক্ষী সীতা পৌউডেল,দীপা ঠাকুৰ,আক্লিমা বেগম।

বিশ্ব হস্তী দিৱস উপলক্ষে বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলৰ উদ্যোগত প্ৰীতি ফুটবল

বিশ্ব হস্তী দিৱস উপলক্ষে বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলৰ উদ্যোগত প্ৰীতি ফুটবল।

বিশ্ব হস্তী দিৱস উপলক্ষে বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলে দিনযোৰা কাৰ্যসূচীৰে ৰাইজৰ মাজত বিভিন্ন সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰাৰ উপৰিও বিয়লি বিশ্বনাথৰ গলিয়া খেল পথাৰত এখন প্ৰীতি ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হয়।


বিশ্বনাথৰ গলিয়া খেল পথাৰত বিশ্বনাথ ফুটবল একাদশ আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ফুটবল একাদশৰ মাজত।
প্ৰতিযোগিতাখনত ট্ৰাই বেকাৰৰ জড়িয়তে ২-১ গ’লৰ ব্যৱধানত বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডল ফুটবল একাদশ।
প্ৰতিযোগিতাগন মুকলি কৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক ভাৰতীয় বন সেৱা ড. সোণালী ঘোষে।


উপস্থিত আছিল বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ প্ৰাক্তন নৌসেনা বিষয়া এন চি চৌধুৰী কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এচি এফ ভাৰতীয় বন সেৱা বিষয়া অলেচ চাক্সচেনা বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলৰ বন প্ৰাধিকাৰী বিষয়া খগেশ পেগু পুৱ শোণিতপুৰ বন প্ৰাধিকাৰী বিষয়া বিশ্বজিৎ দাস।


আজিৰ সুন্দৰ অনুষ্ঠানটোৰ আঁত ধৰে বেচৰকাৰী সংগঠন উপত্যকাৰ সঞ্চালক চৈদুৰ ৰহমানে।

শালকোচা আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৯ টা চোৰাং গৰু।

শালকোচা আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৯ টা চোৰাং গৰু।

পৰ’ৰ শ্ৰীগ্ৰাম ষষ্ট খণ্ড তথা খেৰডুবিত এক গোপন সুত্ৰৰ পোমখেদি শালকোচা আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৯ টা চোৰাং গৰু।

শালকোচা আৰক্ষী চকীৰ নেতৃত্বত চলে এই অভিযান। অভিযানত চোৰাং গৰু কেইটা উদ্ধাৰ কৰিবলৈ সক্ষম হয়

আৰক্ষীৰ উমান পাই ঘটনাস্থলীৰ পৰা পলায়ন কৰে চোৰাং গো-সৰবাৰহকাৰী। ঘটনা সংক্ৰান্তত শালকোচা আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

নকছাৰিত আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱস উদযাপন”এইডছ বিৰোধী সজাগতা সভা সম্পন্ন


আন্তৰাষ্ট্ৰীয় যুৱ দিৱসৰ লগত সংগতি ৰাখি যোৰহাট জিলা প্ৰশাসন, জিলা স্বাস্থ্য সমিতি তথা এইড্চ নিয়ন্ত্ৰণ সমিতিৰ উদ্যোগত আৰু নকছাৰি স্নাতক মহাবিদ্যালয় আৰু জেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ সহযোগত দিনজোৰাকৈ ড্ৰাগচ বিৰোধী তথা এইডচ্ বিৰোধী এখনি সজাগতা সভা অনুষ্ঠিত কৰা হয় ৷

নিচা বিৰোধী বিভিন্ন সজাগতা প্লেকাৰ্ড আৰু ফেষ্টুন প্ৰদৰ্শন কৰি মহাবিদ্যালয়ৰ ছাত্ৰছাত্ৰীসকলে গঠন কৰা মানৱ শৃংখলক শুভেচ্ছা জনাই জিলা প্ৰশাসনৰ হৈ অতিৰিক্ত আয়ুক্ত (স্বাস্থ্য) পংকজ বৰাই অনুষ্ঠানটিৰ শুভ উদ্বোধন কৰে ৷

ইয়াৰ পাছতে নকছাৰি মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত মূল সভাখন অতিৰিক্ত আয়ুক্ত, জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক, মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ৰূপৰেখা বৰদলৈৰ সহযোগত বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে যোৰহাট জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিব দেৱজ্যোতি ভূঞাই ৷

মহাবিদ্যালয়ৰ ছাত্ৰছাত্ৰীসকলৰ এটি সমবেত সংগীতেৰে শুভাৰম্ভ কৰা কাৰ্যসূচীৰ আদৰণি ভাষণ আগবঢ়াই মহাবিদ্যালয়খনৰ অধ্যক্ষ উত্তম বৰুৱাই ৷ ড্ৰাগচৰ দৰে নিচাৰ ভয়াবহতাই যোৰহাটত বঢ়াই তোলা ড্ৰাগচ আসক্তৰ সংখ্যাৰ বিৰুদ্ধে যুৱচামক সক্ৰিয় কৰি তোলাৰ স্বাৰ্থত আন্তৰাষ্ট্ৰীয় যুৱ দিৱস পালনৰ প্ৰয়োজনীয়তা আহি পৰা বুলি সভাৰ মূল বিষয়বস্তুৰ আঁত ধৰে স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালনক ডাঃ দিলীপ কুমাৰ দেৱশৰ্মাই ৷

তিতাবৰ মহকুমাৰ মহকুমাধিপতি বিপাঞ্চী দত্ত, চক্ৰ বিষয়া কুইন গগৈ, জিলা ধঁপাত নিয়ন্ত্ৰণ কোষৰ নডেল বিষয়া, যক্ষ্মা বিষয়া তথা যোৰহাট জিলা এইডচ্ নিয়ন্ত্ৰণ বিষয়া ডাঃ ভক্তিময় ভট্টাচাৰ্য, দেবেৰাপাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া, নিউজ নাওৰ পৰিচালন সঞ্চালক উৎপল দাস, দুয়োখন মহাবিদ্যালয়ৰ অধ্যক্ষ আদি বিভাগীয় মুৰব্বীসকলৰ উপস্থিতিত আজিৰ সভাতে প্ৰেক্ষাগৃহত সমবেত ছাত্ৰছাত্ৰী আৰু ৰাইজক নিচাবিৰোধী শপত গ্ৰহণ কৰোৱা হয় ৷

মহাবিদ্যালয়ৰ ছাত্ৰছাত্ৰীসকলৰ গীত-নৃত্য, ঝুমুৰ, বিহু হুচৰিৰ আকৰ্ষণীয় সাংস্কৃতিক কাৰ্যসূচীৰে অতি উচ্চ মানদণ্ডৰ কৰি তোলা যুৱ মহোৎসৱৰ কাৰ্যসূচীৰ মাজতে আজিয়েই জিলা এইডচ্ নিয়ন্ত্ৰণৰ ভ্ৰাম্যমাণ দৃশ্য-শ্ৰব্য সজাগতা ছবিৰ শুভাৰম্ভ কৰা হয় ৷ নকছাৰি খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ খণ্ড আঁচনি প্ৰৱন্ধক মৃণাল ভূঞাই শলাগৰ শৰাই আগবঢ়োৱা সভাখনতে ’ৰেপ্লিকা’ৰ এখনি অতি অৰ্থবহ বাটৰ নাটেৰে নিচাবিৰোধী সজাগতাক যুৱ মহোৎসৱৰ অংগাংগী হিচাপে প্ৰদৰ্শন কৰে ৷ শেষত জাতীয় সংগীতেৰে কাৰ্যসূচী সমাপনৰ কৰা হয় ৷

‘ঘৰে ঘৰে ত্ৰিৰংগ’ আৰু ‘বন্দে মাতৰম’ মন্ত্রী বিমল বড়া

ঘৰে ঘৰে ত্ৰিৰংগ’ আৰু ‘বন্দে মাতৰম’ মন্ত্রী বিমল বড়া

গুৱাহাটীত স্বাধীনতা দিৱস উপলক্ষে সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত শ্রী মন্ত শংকৰদেৱ কলাক্ষেত্ৰ প্ৰাংগণত ৰখা ত্ৰিৰংগ কেনভাচত ‘ঘৰে ঘৰে ত্ৰিৰংগ’ আৰু ‘বন্দে মাতৰম’ লিখি নিজ নিজ স্বাক্ষৰ কৰে

পাছত সাংস্কৃতিক পৰিক্ৰমা মন্ত্রী বিমল বড়া প্ৰমুখ্যে বিশিষ্ট ব্যক্তি সকলে

স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ঢেকীয়াজুলি আৰক্ষীৰ বৃহৎ সফলতা

স্বাধীনতা দিৱসংস্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ঢেকীয়াজুলি আৰক্ষীৰ বৃহৎ সফলতা ৷

যোৱাকালি নিশা শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকিয়াজুলি আৰক্ষীথানা এলেকাৰ বাতাচীপুৰৰ পৰা বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হ’ল ঢেকীয়াজুলি আৰক্ষী৷উল্লেখ্য যে শোণিতপুৰ জিলা আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থৰ নিৰ্দেশত ঢেকীয়াজুলি আৰক্ষীথানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ধনজিৎ হালৈৰ নেতৃত্বত আৰক্ষীৰ দলে বাতাচীপুৰৰ পৰা নিশা বৃহৎ পৰিমাণ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰে

প্ৰাপ্ত তথ্য অনুসৰি বাতাচিপুৰৰ বিলাশিগুৰি নামৰ অঞ্চলটোৰ একালৰ দুৰ্ধৰ্ষ এন ডি এফ বি সদস্য লাইজৌ ওৰফে লালৰ বাসগৃহৰ তামোলবাৰীৰ পৰা যোৱাকালি মাজনিশা ১ বজাত মাটি খান্দি ১০ টা গ্ৰেণেড, ১টা ৭.৫ ৰিভলভাৰ আৰু ১টা  পিষ্টল উদ্ধাৰ কৰে ঢেকীয়াজুলি আৰক্ষীয়ে৷এই ক্ষেত্ৰত আজি ঢেকীয়াজুলি আৰক্ষীথানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ধনজিৎ হালৈৰ মন্তব্য৷