Home Blog Page 588

স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ঢেকীয়াজুলি আৰক্ষীৰ বৃহৎ সফলতা

স্বাধীনতা দিৱসংস্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ঢেকীয়াজুলি আৰক্ষীৰ বৃহৎ সফলতা ৷

যোৱাকালি নিশা শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকিয়াজুলি আৰক্ষীথানা এলেকাৰ বাতাচীপুৰৰ পৰা বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হ’ল ঢেকীয়াজুলি আৰক্ষী৷উল্লেখ্য যে শোণিতপুৰ জিলা আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থৰ নিৰ্দেশত ঢেকীয়াজুলি আৰক্ষীথানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ধনজিৎ হালৈৰ নেতৃত্বত আৰক্ষীৰ দলে বাতাচীপুৰৰ পৰা নিশা বৃহৎ পৰিমাণ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰে

প্ৰাপ্ত তথ্য অনুসৰি বাতাচিপুৰৰ বিলাশিগুৰি নামৰ অঞ্চলটোৰ একালৰ দুৰ্ধৰ্ষ এন ডি এফ বি সদস্য লাইজৌ ওৰফে লালৰ বাসগৃহৰ তামোলবাৰীৰ পৰা যোৱাকালি মাজনিশা ১ বজাত মাটি খান্দি ১০ টা গ্ৰেণেড, ১টা ৭.৫ ৰিভলভাৰ আৰু ১টা  পিষ্টল উদ্ধাৰ কৰে ঢেকীয়াজুলি আৰক্ষীয়ে৷এই ক্ষেত্ৰত আজি ঢেকীয়াজুলি আৰক্ষীথানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ধনজিৎ হালৈৰ মন্তব্য৷

মাজবাট আৰক্ষীৰ পৃথক পৃথক অভিযানত ৮৫ কেজি ভাং সহ তিনিজন‌ ভাং সৰবৰাহকাৰীক গ্ৰেপ্তাৰ…

মাজবাট আৰক্ষীৰ পৃথক পৃথক অভিযানত
৮৫ কেজি ভাং সহ বিলাহী বাহন,মটৰ চাইকেল জব্দ কৰাৰ লগতে তিনিজন‌ ভাং সৰবৰাহ কাৰী গ্ৰেপ্তাৰ।
ভাং খিনিৰ বজাৰ মুল্য ৪২ লাখ ৫০ হাজাৰ টকা।

ওদালগুৰি জিলাৰ মাজবাট আৰক্ষীৰ পৃথক পৃথক অভিযানত যোৱা নিশা ৩৯ কেজি ভাং সহ দুখন মটৰ চাইকেল আৰু এজন ভাং.সৰবৰাহ কাৰীক আটক কৰে। আনহাতে আজি দিনৰ ১২ বজাত আন এটা অভিযানত মাজবাটৰ বাহিপুখুৰী চাহ বাগিচাৰ ১২ নম্বৰৰ ওৰাঙ ৰূপা পথৰ পৰা ৪৫ কেজি ভাং সহ বিলাহী বাহন আৰু দুজন ভাং সৰবৰাহ কাৰীক আটক কৰে আৰক্ষীয়ে।জানিব পৰামতে যোৱা নিশা বিশেষ সূত্ৰৰ খবৰৰ ভিত্তিত ৰৌতাৰ আৰক্ষী চক্ৰ পৰিদৰ্শক উৎপল শৰ্মা, মাজবাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জয় কুমাৰ ডুবে আৰু লালপানী আৰক্ষী

চকীৰ আই চি প্ৰনৱ বৰুৱা ,এছ আই কুশল চন্দ্ৰ নাথৰ লগত যোৱা এটা বৃহৎ আৰক্ষীৰ দলে অসম অৰুণাচল সীমান্ত এলেকাৰ জিয়াগুৰী অঞ্চলত অভিযান চলায়।আৰক্ষীৰ উক্ত অভিযানত হাবিৰ মাজত লুকুৱাই থোৱা অবস্থাত ৩৯ কেজি ভাং AS -13-B-0779/AS -01-AP-2650 নম্বৰৰ দুখন মটৰ চাইকেল সহ জিয়াগুৰী গাঁৱৰ বিবিছা বসুমতাৰী (২৪) নামৰ এজন ভাং সৰবৰাহ কাৰীক আটক কৰি মাজবাট আৰক্ষী থানাত লৈ আনে। আজি দিনৰ‌ ১২ বজাত

আৰক্ষীৰ দ্বিতীয়‌টো অভিযানত মাজবাটৰ বাহিপুখুৰী চাহ বাগিচাৰ ১২ নম্বৰ লাইনৰ ওৰাঙ ৰূপা পথৰ পৰা ৪৫ কেজি ভাং সহ AS-01-FX-8458 নম্বৰৰ এখন বিলাহী বাহন আৰু বৰপেটা জিলাৰ হাউলিৰ ৰাজেশ কুমাৰ‌ দেউৰী (৩৫) আৰু ওদালগুৰিৰ বিনাশ্ৰী বসুমতাৰীক আটক কৰি মাজবাট আৰক্ষী থানাত লৈ আনে। পিছত‌ মাজবাট আৰক্ষীয়ে ৩৮/২৪ /৩৯/২৪ নম্বৰত দুটা নম্বৰত কেচ ৰোজু কৰি তদন্ত অব্যাহত ৰাখিছে বুলি জনা যায়। জব্দ কৰা ভাংখিনিৰ আন্তর্জাতিক বজাৰ মূল্য প্ৰায় ৪২ লাখ ৫০ হাজাৰ টকা মান হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

বঙাইগাঁৱত পথ দুৰ্ঘটনাত থিতাতে বিজেপি নেতা লুভাস বৰ্মন…

বঙাইগাঁৱত পথ দুৰ্ঘটনাত বিজেপি নেতাৰ মৃত্যু। দুৰ্ঘটনাত থিতাতে নিহত বিজেপি নেতা লুভাস বৰ্মন।

বঙাইগাঁও জিলা বিজেপিৰ উপ-সভাপতি আছিল লুভাস বৰ্মন। বঙাইগাঁৱৰ কাকৈজানাত সংঘটিত হৈছিল পথ দুৰ্ঘটনা।

মৃত লুভাস বৰ্মনৰ ঘৰ চিদলস্বতী খৰাপাৰাত।

ওৰাং ৰাষ্ট্ৰীয় উদ্যানত বিশ্ব হস্তী দিৱস উদযাপন…

পৰিৱেশৰ ভাৰসাম্য বজাই ৰখাৰ লগতে হস্তীৰ ক্ষেত্ৰত এক সজাগতাৰ সৃষ্টি কৰিবলৈ প্ৰতি বছৰে ১২ আগষ্টৰ দিনটো পালন কৰা হয় বিশ্ব হস্তী দিৱস। হাতীৰ সুৰক্ষা আৰু সংৰক্ষণৰ ক্ষেত্ৰত সজাগতা তথা গুৰুত্ব প্ৰদান কৰাই হ’ল মূল উদ্দ্যেশ্য। প্ৰত্যেক বছৰৰ ১২ আগষ্ট তাৰিখে পালন কৰা হয় বিশ্ব হাস্তী দিৱস৷ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালভাৱে সোমবাৰে ওৰাং ৰাষ্ট্ৰীয় উদ্যানতো বিভিন্ন কাৰ্য্যসূচীৰে অনুষ্ঠিত কৰা হয় বিশ্ব হস্তী দিৱস৷হাতীক সন্মান জনাই উদ্যান খনত উদযাপন কৰা হাস্তী দিৱস৷ ৰাতিপুৱা বন বিভাগৰ পোহনীয়া হাতী সমূহক গা ধোৱাই পূজা কৰে বনকৰ্মী সকলে। লগতে ওৰাং ৰাষ্ট্ৰীয় উদ্যান কতৃপক্ষই হাতীৰ মাউত সকলক জনায় সম্বৰ্ধনা। ইয়াৰ অন্তত উদ্যানখনৰ মুল প্ৰবেশ দ্বাৰৰ পৰা বিভাগীয় পোহনীয়া হাতী নাম ক্ৰমে ৰাম প্ৰসাদ, পূৰ্ণিমা,ৰাজু,আজাদ আৰু মাউত ৰজৱ আলী,নিলেৰাম স্বৰ্গিয়াৰী, আবুল আলী শ্বাহাজুল হকৰ সৈতে বনকৰ্মী সকলে এক দীঘলীয়া শুভযাত্ৰা ওলায়।শুভাযাত্ৰা খন মুকলি কৰে ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ আটাইতকৈ পুৰণি বনৰক্ষী ৰামোল বড়োৱে।শুভা যাত্ৰা খন ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ মূখ্য প্ৰৱেশ দ্বাৰৰ পৰা প্ৰায় এক কিলোমিটাৰ দূৰ নলবাৰী প্ৰাথমিক বিদ্যালয়লৈ গৈ উদযাপন কৰে হাস্তী দিৱস৷

সোমবাৰে অনুষ্ঠিত এই কাৰ্য্যসূচীত বিভিন্ন সংস্থা,চৰকাৰী কৰ্মচাৰী আৰু বিভিন্ন পৰ্যায়ৰ ব্যক্তিসকলে আগভাগ লৈ হাতী দিৱস উপলক্ষে সজাগতা সৃষ্টি কৰা পৰিলক্ষিত হয়৷ওৰাং উদ্যান খনত বৰ্তমান ৩৭ টা ঘৰচীয়া হাতীৰ লগতে ১৬ টা বনৰীয়া হাতী থকা বুলি জনাইছে বনকৰ্মীয়ে৷ ৰাষ্ট্ৰীয় উদ্যানৰ নিৰাপত্তা আৰু পৰ্যটন সেৱাত নিয়োজিত লগতে উদ্যান খনৰ দূৰ্ঘম এলেকাত বনকৰ্মীৰ সৈতে কৰ্তব্য পালনৰ দৰে গধূৰ দায়িত্ব পালন কৰি আহিছে এই হাতী সমূহে। ওৰাং ৰাষ্ট্ৰীয় উদ্যানত সোমবাৰে আয়োজিত হস্তী দিৱস উপলক্ষে উদ্যানৰ দাঁতি-কাষৰীয়া অঞ্চল নলবাৰী প্ৰাথমিক বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ মাজত অনুষ্ঠিত হয় চিত্ৰাঅংকন প্ৰতিযোগিতা।বনপালক মমী বসুমতাৰীয়ে কয় যে হাতী আৰু মানুহৰ সম্পৰ্ক বহুত পূৰনীকলীয়া।ইয়াক সংৰক্ষণ আৰু সুৰক্ষা দিয়াৰ প্ৰতি জন নাগৰিকৰ দায়িত্ব। লগতে মনমী বসুমতাৰীয়ে সকলোকে হস্তি তথা বিভিন্ন জীৱ জন্তুৰ খাদ্য তথা অভাসস্থলী সংৰক্ষণ বাবে আহ্বান জনায়। সোমবাৰে ওৰাং ৰাষ্ট্ৰীয় উদ্যানত অনুষ্ঠিত হস্তী দিৱসত আগভাগলয় বনপালক বিচিত্ৰা ৰায়, মৌচুমী দাস, ASI বিপিন ডেকা, বনৰক্ষী সীতা পৌউডেল, দীপা ঠাকুৰ, আক্লিমা বেগম।

USTMৰ বিৰুদ্ধে পুনৰ সৰৱ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা…

মই বেণ্ডপাৰ্টি বা ৰাজহুৱা ঢোল নহয় চবেই বজাই চাব।

ৰিনিকিৰ সম্পত্তি সকলোবোৰ অসমৰ সম্পত্তি । স্কুল , ৰিজোট, নিউজলাইভ সকলো অসমৰ সম্পত্তি। উইলত গম পাব। মোৰ ল’ৰা – ছোৱালীক একো নালাগে। নিউজ লাইভৰ উপাৰ্জন হোৱাইট গতিকে পেলাই দিব নেকি? কিবাতো কৰিব লাগিব। USTM খনক লাভ জেহাদ বুলি নহয় তাৰ বাপ হয়।USTM গলে মোৰ মক্কাত যোৱা যেন লাগে।তাত নামঘৰ নিৰ্মাণ কৰক,সৰ্ব ধৰ্মীয় গেট বনাওক।USTM যে অসমৰ শিক্ষা নষ্ট কৰিছে।

USTM খন যদি ৰিনিকীৰ হল হেঁতেন তেতিয়া কংগ্ৰেছে কি কৰিলেহেতেন ? USTM ৰ মালিক মুছলমান বাবেই কংগ্ৰেছে তেওঁক বচাবলৈ উঠি পৰি লাগিছে।বৰষূণ দিলে ভূপেন বৰা ওলাইক মই দেখুৱাম পানী কত হয়,তেওঁ যাব মাটিৰ মানুহ তেওঁ কিন্তু যুৱৰাজ নাযায়।গৌৰবক যুৱৰাজ আখ্যা।মই USTM ৰ তাত ফিটা কাটিব যোৱা নাই।প্ৰতিদিনৰ জয়ন্ত বৰুৱাই মোক অনুৰোধ কৰা বাবে গৈছো ।

ৰামনাথ কবিন্দ অহা বাবে গৈছিলো।মই সেইদিনাই জেদ লৈছিলো মই এটা ডাঙৰ অদিতৰিয়াম বনাম।তালৈ মই নাযাওঁ। কংগ্ৰেছে মুছলমানক লৈ ওকালতি কৰে।কংগ্ৰেছ কেইটাই এনেকৈ শেষ কৰিব.কেতিয়াবা চেনেলৰ Anchor ,সাংবাদিক কোন হব চাই থাকক।আপোনালোকে কিয় সোধা নাই তাত কিয় শংকৰ দেৱৰ ফটো এখনো নাই
মুখ্যমন্ত্ৰী

মাৰ্ঘেৰিটাৰ বিশিষ্ট শিক্ষাবিদ কৃষ্ণ প্ৰসাদ সিংহৰ দেহাৱসান, প্ৰয়াত কৃষ্ণ প্ৰসাদ সিংহক ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন…

মাৰ্ঘেৰিটা পাব্লিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ,দক্ষ প্ৰশাসক, শিক্ষাবিদ কৃষ্ণ প্ৰসাদ সিংহই আজি পুৱা ইহলীলা সম্বৰণ কৰে। তেখেতৰ মৃত্যু খৱৰ লাভ কৰা পিছতেই মাৰ্ঘেৰিটাৰ অঞ্চলৰ গুণমুগ্ধই তেখেতৰ বাসগৃহত ভীৰ কৰে।

তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰি মাৰ্ঘেৰিটা পাব্লিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এক ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে তেখেতৰ নশ্বৰ দেহ লৈ এক শোভাযাত্ৰা উলিওৱা হয়। উক্ত অনুষ্ঠানত উপস্থিত থাকি মাৰ্ঘেৰিটাৰ অঞ্চলৰ বিভিন্ন দল সংগঠন, প্ৰাক্তন ছাত্ৰ, উপৰিও ব্যক্তি বিশেষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইয়াৰ পিছতে তেখেতৰ নশ্বৰদেহ উত্তৰ মাৰ্ঘেৰিটা ৰাজহুৱা শ্মশানত দাহ কৰা হয়। তেখেতৰ মৃত্যুত বৃহত্তৰ মাৰ্ঘেৰিটা অঞ্চলত শোকৰ ছাঁ পৰা পৰিলক্ষিত হৈছে।

আলু খালে ওজন বৃদ্ধি পায় নেকি? মেদবহুলতাৰ বাবে আলু কিমান দায়ী, জানি লওক…

আলুত পুষ্টিকৰ উপাদান থাকে যদিও সাধাৰণতে আলুক মেদবহুলতা বৃদ্ধিৰ বাবেও দায়ী বুলি গণ্য কৰা হয়।সেইবাবেই প্ৰথমে ওজন কমাব বিচৰা বেছিভাগ মানুহেই আলু খোৱা বন্ধ কৰে। কিন্তু এই কথা সত্য নে-


এটা সাধাৰণ ভুল ধাৰণা হ’ল আলুত কাৰ্বহাইড্ৰেটৰ পৰিমাণৰ বাবে স্বাভাৱিকতে ওজন বৃদ্ধি পায়। আনহাতে আলু জটিল কাৰ্বহাইড্ৰেটৰ এক উৎকৃষ্ট উৎস, যিয়ে শক্তি আৰু প্ৰয়োজনীয় পুষ্টিকৰ উপাদান প্ৰদান কৰে। ইয়াৰ লগতে আলুত ভিটামিন, খনিজ পদাৰ্থ, আঁহ আৰু এন্টিঅক্সিডেন্ট প্ৰচুৰ পৰিমাণে পোৱা যায়। এটা মজলীয়া আকাৰৰ আলুত প্ৰায় ১১০ কেলৰি থাকে, যাৰ বাবে ই কম কেলৰিযুক্ত খাদ্য। আলুত থকা আঁহে পাচনত সহায় কৰে আৰু পূৰ্ণতাৰ অনুভৱ দিয়ে, যিয়ে মুঠ কেলৰি গ্ৰহণ হ্ৰাস কৰিব পাৰে।

এইটো সঁচা যে কিছুমান বিশেষ বস্তু যেনে ডিপ ফ্ৰাই বা মাখন আৰু পনিৰেৰে ভৰাই আলুৰ কেলৰিৰ পৰিমাণ বহু পৰিমাণে বৃদ্ধি কৰিব পাৰে। কিন্তু আলুৰ বাবে নহয়, বৰঞ্চ ইয়াক ৰন্ধা পদ্ধতিৰ বাবে। আপুনি আলু কেনেকৈ ৰান্ধে তাৰ ওপৰত আপোনাৰ ওজনত প্ৰভাৱ পৰে।

বহুতে ওজন কমাব পৰা খাদ্যত আলু অন্তৰ্ভুক্ত নকৰে। কিন্তু ইয়াৰ দ্বাৰা ওজন কমোৱাত বিশেষ সহায় নহয়। ওজন ব্যৱস্থাপনা বিভিন্ন কাৰকৰ দ্বাৰা প্ৰভাৱিত হয়, য’ত সামগ্ৰিক খাদ্য, শাৰীৰিক কাৰ্যকলাপৰ মাত্ৰা, ব্যক্তিগত বিপাকীয় ক্ৰিয়া আদি অন্তৰ্ভুক্ত। স্বাস্থ্যসন্মত ওজন বজাই ৰখাৰ বাবে বিভিন্ন ধৰণৰ খাদ্যৰ লগতে নিয়মীয়া ব্যায়াম অন্তৰ্ভুক্ত কৰা সুষম খাদ্য গুৰুত্বপূৰ্ণ।

শ্ৰমিক নেতা প্ৰিয় গুপ্তৰ মৃত্যু বাৰ্ষিকী উপলক্ষে মালিগাঁৱত এন এফ ৰেলৱে মজদুৰ ইউনিয়নৰ ৰোগীসকলৰ মাজত ফল-মূল বিতৰণ…

সৰ্বভাৰতীয় শ্ৰমিক সংগঠন অল ইণ্ডিয়া ৰেলৱে মেনচ ফেডাৰেচন আৰ এন. এফ. ৰেলৱে মজদুৰ ইউনিয়নৰ প্ৰাক্তন সাধাৰণ সম্পাদক, প্ৰাক্তন সাংসদ তথা শ্ৰমিক বন্ধু খ্যাত কমৰেড প্ৰিয় গুপ্তৰ ৪৫ সংখ্যক মৃত্যু বাৰ্ষিকী এন এফ ৰেলৱে মজদুৰ ইউনিয়নৰ মালিগাওঁ শাখা, নিৰ্মান শাখা আৰু মালিগাঁও মহিলা শাখাৰ উদ্যোগত সফলতাৰে পালন কৰা হয়। আজীৱন মেহনতি শ্ৰমিকৰ সৰ্বাংগীন উন্নতিৰ হকে কাম কৰি যোৱা প্ৰয়াত শ্ৰমিক নেতা গৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন‌ কৰিবলৈ শাখা কেইটাই কেইবাটাও শ্ৰমিকৰ কল্যান জৰিত কাৰ্যসূচী হাতত লয়। এই অনুসৰি ৰাতিপুৱা এন এফ ৰেলৱেৰ মালিগাওস্থিত কেন্দ্ৰীয় চিকিৎসালয়ত চিকিৎসাধীন‌ তিনি শতাধিক শ্ৰমিক -কৰ্মচাৰী আৰু কৰ্তবৰত কৰ্মচাৰীসকলৰ মাজত ফল-মূল বিতৰণ কৰে।

এন এফ ৰেলৱে চেন্ট্ৰেল হস্পিতালৰ চিকিৎসা সঞ্চালক ডা. বি পি ডেকাই ৰোগীসকলৰ মাজত ফল-মূল বিতৰণৰ কাৰ্যসূচীৰ শুভাৰম্ভনি কৰে। এই কাৰ্যসূচীত এন এফ ৰেলৱে মজদুৰ ইউনিয়নৰ কেইবা গৰাকী কেন্দ্ৰীয় নেতা উপস্থিত থাকে। অনুষ্ঠানটোত কেন্দ্ৰীয় যুটীয়া সাধাৰণ সম্পাদক তথা মেডিকেল বিভাগৰ আহ্বায়ক(Medical Convenor ) উত্তম কুমাৰ ভট্টাচাৰ্য উপস্থিত থাকি মানৱ সেৱাই পৰম ধৰ্ম বুলি কয় আৰু শাখা কেইটাই লোৱা এই মানব দৰদী প্ৰচেষ্টাৰ ভূয়সী প্ৰসংশা কৰে। ইয়াৰ উপৰিও তিনিওটা শাখাৰ‌ নেতৃত্ব,কেইবাগৰাকীও বিষয়ববীয়া আৰু সদস্য উপস্থিত থাকি ফল-মূল বিতৰণৰ কাৰ্যসূচী তদাৰক কৰে।

উল্লেখযোগ্য যে-সন্ধিয়া মালিগাঁও শাখা কাৰ্যালয়ত প্ৰয়াত শ্ৰমিক নেতা গৰাকীৰ কৰ্মৰাজি আৰু শ্ৰমিক আন্দোলনৰ প্ৰতি তেওঁ আগবঢ়াই যোৱা অবদানক সুৱৰি এক স্মৃতিচাৰণ সভা অনুস্থিত হব বুলি মালিগাও শাখাৰ শাখা সম্পাদক তথা অনুষ্ঠানটোৰ আহ্বায়ক পংকজ কলিতাই জানিবলৈ দিয়ে। এই স্মৃতিচাৰণ সভাতেই শ্ৰমিক দৰদী নেতাজনৰ প্ৰতি প্ৰকৃত শ্ৰদ্ধাঞ্জলি জনোৱাৰ মানসেৰে আৰু ৰেলৱে কৰ্মচাৰীসকলৰ বিভিন্ন সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি এটি অভিযোগ কোষ(Grievance Cell) মুকলি কৰা হয়।এই অনুসৰি হোৱাটচ নম্বৰ ৯৩৬০৪৬৭৬৭৫ যোগে ৰেলৱে কৰ্মচাৰী সমুহে দৈনন্দিন জীৱনত সন্মুখীন‌ হোৱা বিভিন্ন সমস্যা সৰ্ম্পকে অভিযোগ পঠিয়াব পাৰিব। পৰৱৰ্তী সময়ত এন এফ ৰেলৱে মজদুৰ ইউনিয়নে পৰ্যায়ক্ৰমে এই অভিযোগ সমূহ ৰেলৱে প্ৰশাসনৰ দৃষ্টিগোচৰ কৰি সমস্যা সমুহ সমাধানৰ‌ বাবে উপযুক্ত পদক্ষেপ হাতত লব বুলি শাখা সম্পাদক পংকজ কলিতাই জনায়।

চৰাইদেউ জিলাৰ ৯৪ নং মাহমৰা বিধানসভা সমষ্টি বলীয়া বানৰ কবলত…

চৰাইদেউ জিলাৰ ৯৪ নং মাহমৰা বিধানসভা সমষ্টি ভয়ংকৰ বলীয়া বানৰ কবলত৷ হাজাৰ হাজাৰ ঘৰৰ মানুহৰ ভিতৰত পানী তথা বহু ৰাস্তা পানীৰ তলত বুৰ গৈছে৷ মানুহখিনিক বিপদৰ সময়ত সহায় কৰিবলৈ আহ্বান ৰাইজৰ।

আশা কৰাৰ দৰে মন্ত্ৰী যোগেন মহনে কোনো ব্যৱস্থা এতিয়ালৈকে লোৱা নাই বুলি অভিযোগ৷ ৰাঙলী, সুন্দৰপুৰ, খোকামৰা ডবা পাঁচআলি কাছমাৰী, কচুমাৰি আদি অঞ্চলত পানী বিপদ সীমাৰ ওপৰেদি বাগৰিছে৷ অতি সোনকালে বানবিধস্ত ৰাইজক বানসাহাৰ্য আৰু কেইখনমান চৰকাৰী নাঁৱৰ খুবেই জৰুৰী৷ অতি সোনকালে এই বিপদৰ সময়ত ৰাইজক সঁহাৰি জনাবলৈ অনুৰোধ ৰাইজ।

বিশেষ নিযুক্তিৰ বাবে জাৰি কৰা বিজ্ঞাপনত স্থগিতাদেশ উচ্চ ন্যায়ালয়ৰ…

প্রসংগ: ঠিকাভিত্তিক শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ
▶বিশেষ নিযুক্তিৰ বাবে জাৰি কৰা বিজ্ঞাপনত স্থগিতাদেশ উচ্চ ন্যায়ালয়ৰ
►চাকৰি নিয়মীয়াকৰণৰ নামত প্রাথমিক শিক্ষা সঞ্চালকালয়ে জাৰি কৰিছিল বিজ্ঞাপন

►ঠিকাভিত্তিক শিক্ষকৰ বেতন সুৰক্ষা সন্দৰ্ভত বিজ্ঞাপনত নাছিল স্পষ্টতা
►সময়সাপেক্ষ নিযুক্তিৰ ক্ষেত্ৰতো নাছিল নিশ্চয়তা


►ইয়াৰ বাবেই উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল শিক্ষক সমাজ
উভয়পক্ষৰ শুনানিৰ অন্তত উচ্চ ন্যায়ালয়ে স্থগিতাদেশ জাৰি কৰে এই বিজ্ঞাপনত