Home Blog Page 590

পেৰিছ অলিম্পিকৰ তালিকাত ৭১ নম্বৰত ভাৰত! সংগীত, পোহৰৰ মায়াসনা পৰিৱেশত সমাপ্তি ঘটিল অলিম্পিকৰ…

দেওবাৰে নিশা পেৰিছ সময় অনুসৰি নিশা ১১ বজাত অনুষ্ঠিত হৈছিল গেমছৰ সামৰণি অনুষ্ঠান। পুৱালৈকে কেইবাটাও অনুষ্ঠান অনুষ্ঠিত হয়। কিন্তু শনিবাৰে দুপৰীয়াৰ ভাগত ভাৰতৰ অলিম্পিক যাত্ৰা অন্ধকাৰত ডুব যায়। ৭৬ কেজি শাখাত মল্লযুঁজত ঋতিকা হুদাই ব্ৰঞ্জৰ পদক লাভ কৰিব পাৰিব বুলি দলটোৱে শেষ কৰিছিল যদিও সফল নহল। কিৰ্গিস্তানৰ ইপেৰি মেডেট কিজিৰ হাতত পৰাস্ত হয় ঋতিকা। সেইটোৱেই আছিল ভাৰতৰ অন্ত।


এইবাৰ পদকৰ তালিকাত ৰেংকিং ৮৪ পৰ্যন্ত। মুঠ দেশ যদিও ২০৬। কাৰণ একে ৰেংকিঙত একাধিক দেশ থাকিব পাৰে। উদাহৰণস্বৰূপে, শেহতীয়া ৮৪ খন ৰেংকিঙত ৮ খন দেশ আছে। প্ৰত্যেকেই ১টা ব্ৰঞ্জৰ পদক লাভ কৰে। এই ৮৪ নম্বৰত ভাৰতৰ স্থান ৭১ নম্বৰত। পাকিস্তানে মাত্ৰ এটা পদকহে লাভ কৰে। জেভেলিনত আৰ্ছাদ নাদীম সোণ।

আজি আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱস…

আজি আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱস। ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ পৰামৰ্শৰ পাছত ১৯৯৯ চনৰ ১২ আগষ্টত প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱস পালন কৰা হৈছিল । যুৱ দিৱসৰ মূল উদ্দেশ্য হৈছে সামাজিক, অৰ্থনৈতিক আৰু

ৰাজনৈতিক অনুষ্ঠানৰ পৰা আৰম্ভ কৰি বিভিন্ন বিষয়ত যুৱক-যুৱতীসকলৰ অংশগ্ৰহণ আৰু মতামত গ্ৰহণ কৰি আলোচনাৰ পথ প্ৰশস্ত কৰা ।

কংগ্ৰেছ দলে বিশ্বাস কৰে যে যুৱ শক্তি ভাৰতৰ প্ৰতিশ্ৰুতিপূৰ্ণ ভৱিষ্যতৰ ভেটি আৰু দৃষ্টিভংগী হৈছে তেওঁলোকক ৰাজনৈতিক, সামাজিক আৰু অৰ্থনৈতিকভাৱে প্ৰতিটো পৰ্যায়ত শক্তিশালী কৰা।

বিশ্ব ঐতিহ্যত অন্তর্ভুক্তিৰে প্রতিজ্ঞা পূৰণ, মডেল মেপৰ প্ৰস্তুতকৰ্তা ড০ আলমে ৬ বছৰৰ মুৰত কাটিলে চুলি…

২০১৮ চনৰ শেষৰ পৰা বর্তমানলৈকে অবিৰত ৰূপত প্রস্তাৱিত চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ বাবে প্রতিটো ক্ষেত্রত সংপৃক্ত হৈ থকা ড০ জাকিৰুল আলমে বিশ্ব ঐতিহ্য স্বীকৃতি পোৱাত ৬ বছৰৰ মূৰত কাটিলে চুলি। ২০১৪ চনতে ইউনেস্কই চৰাইদেউ মৈদাম সমূহক সাম্ভাব্য বিশ্ব ঐতিহ্য হিচাপে ঘোষণা কৰাৰ পাছত কেডাস্টাৰেল মেপৰ অভাৱত ডচিয়াৰ প্ৰস্তুত কৰি আবেদন কৰিব পৰা নাছিল। যাৰ বাবে প্রশাসনে ২০১৫ চনত জৰীপ কৰি বেদখলকাৰীৰ বাবে বিফল হল। পুনৰ ২০১৮ চনৰ মাজভাগত প্রশাসনে পুনৰ জৰীপ আৰম্ভ কৰোতে বেদখলকাৰীৰ লগত এখন সংঘর্ষ হৈ ১৪৪ ধাৰা প্রয়োগ হোৱাত সিমানতে ইউনেস্কলৈ আবেদন কৰাৰ পৰিকল্পনা ধোঁৱা চাঙত উঠিল। পুনৰ ড০ আলমৰ সমন্বয়ত জৰীপ কৰা কাৰ্য সম্পন্ন কৰিবলৈ ২০১৮ চনৰ নৱেম্বৰৰ পৰা পুনৰ বিজ্ঞানসম্মত ভাৱে বেদখলকাৰীৰ লগত সংঘর্ষ নোহোৱাকৈ সমগ্র চাৰি হাজাৰ সাতশ চাপন্ন বিঘা মাটিত কেনেদৰে জৰীপ কৰিব পাৰি, তাৰ গৱেষণাৰ কাম মিডিয়া মেনেজমেন্ট এণ্ড বিচাৰ্ছ এচছিয়েচনৰ হৈ আগবাঢ়িল।

ড০ দয়ানন্দ বৰগোহাঁই আৰু ড০ জাকিৰুল আলমৰ নেতৃত্বত ২০১৯ৰ পৰা যুদ্ধ দেহিং মনোভাৱেৰে প্রশাসনৰ বিভিন্ন জটিল স্তৰত আগুৱাই আহি ২০১৯ চনৰ ১ নৱেম্বৰৰ পৰা পুনৰ জৰীপ আৰম্ভ হল। কিন্তু পুনৰ জৰীপ বেদখলকাৰীৰ ষড়যন্ত্র আৰু হেঁচাত মণ্ডলৰ সৈতে অসম চৰকাৰৰ জৰীপ দলে কেন্দ্রীয় চৰকাৰৰ প্ৰত্নতত্ত্ব আৰু অসম চৰকাৰৰ প্ৰত্নতত্ত্ব বিভাগৰ অধীনত বাউণ্ডেৰী বালৰ ভিতৰত থকা মাত্র ৫৭৬ বিঘাৰ মৈদাম ক্ষেত্রৰ বাহিৰে বাকী মৈদাম সমূহ জৰীপ নকৰে কোৱাত ড০ আলমে এখন মডেল মেপ প্রস্তুত কৰে। য’ত জিলা উপায়ুক্ত লগতে সীমা নিৰ্দ্ধাৰণ কমিটিৰ সদস্য ড০ দয়ানন্দ বৰগোহাঁই, প্রয়াত দিলীপ বুঢ়াগোহাঁই আৰু জিতেন বৰপাত্র গোহাঁইয়ে স্বাক্ষৰ কৰাত পুনৰ ২ নৱেম্বৰৰ পৰা ড০ আলমৰ নেতৃত্বত প্রতিটো মৈদামৰ লগতে কীৰ্তিচিহ্নৰ জৰীপ হয়। ড০ দয়ানন্দ বৰগোহাঁই আৰু ড০ আলমৰ নেতৃত্বত জৰীপত কোনো ধৰণৰ পূৰ্বৰ দৰে সংঘর্ষ নহৈ সুকলমে আগবাঢ়িছিল। যদিও প্রতিটো জৰীপৰ শেষত পুনৰ মণ্ডল আৰু জৰীপ দলৰ ওপৰত ৰাজনৈতিক ভাৱে শক্তিশালী আৰু কয়লা ছিণ্ডিকেটৰ নেতৃত্ব লোৱা বেদখলকাৰীৰ হেঁচাত ভিতৰুৱাকৈ বাধা আহি থাকে। প্রতিটো বাধা ড০ আলমে, ড০ দয়ানন্দ বৰগোহাঁই, দিলীপ বুঢ়াগোহাঁই আৰু জিতেন বৰপাত্র গোহাঁইৰ সহযোগত আগবাঢ়ি যাবলৈ সক্ষম হৈছিল |এনেবোৰ ঘাত প্রতিঘাটেৰে আগবাঢ়িব লগা হোৱা বাবে ড০ আলমে ২০১৯ চনৰ পৰাই মূৰৰ চুলি নকটাৰ সংকল্প লয়, যেতিয়ালৈকে বিশ্ব ঐতিহ্যলৈ ৰূপান্তৰ নহয়। অৱশেষত সকলো দল-সংগঠন, সংবাদ-মাধ্যম, স্থানীয় ৰাইজ, অসমবাসী, ভাৰতবাসী, অসম চৰকাৰ, ভাৰত চৰকাৰৰ সহযোগত চৰাইদেউ মৈদাম সমূহ বিশ্ব ঐতিহ্য হিচাপে স্বীকৃতি পাবলৈ সক্ষম হ’ল। এই ক্ষেত্রত কিন্তু ড০ হিমন্ত বিশ্ব শর্মাৰ বুদ্ধিমত্তা, জ্ঞানী, কৌশলপূর্ণ নেতৃত্বৰে আগবঢ়াৰ বাবেহে ইউনেস্কই স্বীকৃতি দিবলৈ বাধ্য হল।

ড০ আলমে প্রতিজ্ঞা মতে অর্ধ চুলি কাটিলে যেতিয়ালৈকে চ্যুকাফাৰ সৈতে চৰাইদেউ সাতজন ৰজা গড়গাঁৱৰ দুজন ৰজা বাদ দি বাকী ৰজা আৰু ৰাণীৰ মৈদাম, চাৰিঙীয়া, টিপমীয়া আৰু নামৰূপীয়া ৰজাৰ আৰু ৰাণীৰ মৈদাম সমূহ প্রায় চাৰি হেজাৰ বিঘা মাটিত বাফাৰ জনত অক্ষত অৱস্থাত আছে। যদিও এতিয়ালৈকে চিনাক্ত আৰু সংৰক্ষণ হোৱা নাই । বিশ্ব ঐতিহ্যত মাত্র ৰংপুৰৰ পাঁচজন ৰজা আৰু গড়গাঁওৰ এজন ৰজা আৰু তেওঁলোকৰ কুঁৱৰী, মাতৃ আৰু সন্তান সকলৰহে মৈদাম অন্তর্ভুক্ত হ’ল। সেয়ে ড০ আলমে এই সমগ্র মৈদাম সমূহ যেতিয়ালৈকে সংৰক্ষণ কৰি বিশ্ব ঐতিহ্য ক্ষেত্রলৈ উলিয়াই নানে তেতিয়ালৈকে পুনৰ চুলি নাকাটে আৰু সংগ্রাম কৰি গৈ থাকিব বুলি উল্লেখ কৰে। উক্ত প্ৰেছ বিজ্ঞপ্তি আৰু সংবাদ মাধ্যমৰ আগত টাইপাৰ মুখ্য উপদেষ্টা হেমন্ত চাংমাইৰ গুৰুত্ব দি কয় যে, উল্লেখিত বিশ্ব ঐতিহ্যৰ বাফাৰ জনত থকা সমগ্র মৈদাম সমূহ অতি সোনকালে বেদখলকাৰীৰ পৰা মুক্ত কৰি বিশ্ব ঐতিহ্যৰ মুখ্য আকৰ্ষণ বিন্দুলৈ ৰূপান্তৰ কৰি পৰ্যটকৰ বাবে মুকলি কৰে। চ্যুকাফাক আদৰি ৰাজ্য স্থাপন কৰিবলৈ বৰাহী ৰজাই নিজৰ ৰাজ্য ত্যাগ কৰাৰ যি উদাৰতা দেখুৱালে সি ইতিহাসত বিৰল। সেয়ে উক্ত বৰাহী ৰজা সকলৰ ইয়াত থকা বহুতো কীৰ্তিচিহ্ন এতিয়াও অক্ষত অৱস্থাত আছে। বিশেষকৈ দেওশাল আৰু লাংকূৰী দল, সেয়েহে ইয়াত থকা বাগান সমূহ উচ্ছেদ কৰি বিশ্ব ঐতিহ্যৰ অংগ হিচাপে সংৰক্ষণ কৰিব লাগে। অতি সোনকালে চ্যুকাফাৰ সৈতে সকলো মৈদাম সিঁচৰিত হৈ থকা চাৰি হাজাৰ বিঘা মাটি সংৰক্ষণ নকৰিলে ইউনেস্কোৰ স্বীকৃতি হয়তো অক্ষুণ্ণ নাথাকিব পাৰে। এই দৰে চাংমাইয়ে দাবী কৰে।

ঢেকীয়াজুলিৰ বাতাচীপুৰত উদ্ধাৰ বৃহৎ অস্ত্ৰভাণ্ডাৰ…

স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ঢেকীয়াজুলিৰ বাতাচীপুৰত উদ্ধাৰ বৃহৎ অস্ত্ৰভাণ্ডাৰ। উদ্ধাৰ হৈছে ১০ টা গ্ৰেণেড, এটা ৭.৫ ৰিভ’লভাৰ, এটা পিষ্টল।

প্ৰাক্তন NDFBৰ সদস্যৰ বাসগৃহৰ পৰা উদ্ধাৰ অস্ত্ৰভাণ্ডাৰ। তামোলবাৰীৰ লাইজৌ ওৰফে লালৰ বাসগৃহৰ পৰা উদ্ধাৰ অস্ত্ৰখিনি।

ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত।

আজি শাওণৰ চতুৰ্থটো সোমবাৰঃ প্ৰতিটো কাম ভাল হ’ব, দান কৰক এই সমূহ বস্তু…

শাওণ মাহটো ভগৱান শিৱৰ বাবে উৎসৰ্গা কৰা হৈছে। এই মাহত ভগৱান শিৱ আৰু মাতৃ পাৰ্বতীক নিয়ম মানি পূজা কৰিলে এজন ব্যক্তিৰ জীৱনৰ সকলো বিপদ-দুখ দূৰ হৈ যায়। লগতে মহাদেৱ সন্তুষ্ট হৈ ভক্তসকলৰ সকলো কামনা পূৰণ কৰে। শাওণৰ সোমবাৰৰ গুৰুত্বও বহুত বেছি। আজিৰ দিনটোত পূজা, উপবাস আৰু কিছু জ্যোতিষৰ ব্যৱস্থাই ব্যক্তিৰ অসুবিধা দূৰ কৰে।

বিশ্বাস কৰা হয় যে সোমবাৰে ব্ৰত ৰাখিলে মানুহে নিজৰ আকাংক্ষিত জীৱন সংগী লাভ কৰে। লগতে আগতীয়াকৈ বিয়া হোৱাৰ সম্ভাৱনা থাকে আৰু ব্যক্তিজনে বৈবাহিক সুখ লাভ কৰে। মানুহৰ জীৱনৰ সকলো বিপদ নোহোৱা হৈ যায়। একে সময়তে যদি আপুনিও মহাদেৱৰ আশীৰ্বাদ লাভ কৰিব বিচাৰে তেন্তে শাওণ মাহৰ সোমবাৰে এইবোৰ বস্তু দান কৰক। কোৱা হয় যে এইবোৰ বস্তু দান কৰিলে ৰাশিফলৰ দোষবোৰো আঁতৰি যায়।

সোমবাৰে এইবোৰ বস্তু দান কৰক

  • শাওণৰ চতুৰ্থ সোমবাৰে বহুতো শুভ কাকতলীয়া কাণ্ডৰ সৃষ্টি হৈছে। এনে অৱস্থাত ক’লা তিল পানীত মিহলাই ভগৱান শিৱক অভিষেক কৰক। লগতে ক’লা তিল দান কৰিব। এনে কৰিলে শনি দোষ আঁতৰি যাব। যদি আপুনি এই কাম কৰিব নোৱাৰে তেন্তে অন্ততঃ এজন দুখীয়া মানুহক কিছু টকা দিয়ক।
  • আজি শাওণ মাহৰ চতুৰ্থ সোমবাৰে ভগৱান শিৱৰ পূজা আৰু অভিষেক পালন কৰক। সোমবাৰে শিৱলিঙক কেঁচা গাখীৰেৰে অভিষেক কৰক। লগতে আজিয়েই কেঁচা গাখীৰ দান কৰক। চন্দ্ৰ ৰাশিফলত শক্তিশালী হৈ শুভ ফল দিব।
  • যিসকল লোকৰ ৰাশিফলত দুৰ্বল চন্দ্ৰ আছে তেওঁলোকে সোমবাৰে দৰিদ্ৰ আৰু আৰ্তজনক চাউল, চেনি, ঘিউ আৰু গাখীৰ দান কৰিব লাগে। এনে কৰি ভগৱান শিৱ সন্তুষ্ট হয় আৰু চন্দ্ৰ ৰাশিফলত শক্তিশালী হৈ শুভ ফল দিবলৈ আৰম্ভ কৰে।

বৰষুণৰ আগজাননী! চাৰিখন জিলালৈ হাই এলাৰ্ট জাৰি…

বৰষুণৰ আগজাননী! চাৰিখন জিলালৈ হাই এলাৰ্ট জাৰি।

ৰাজস্থানৰ চাৰিখন জিলাত হাই এলাৰ্ট জাৰি।

ৰাজ্যখনৰ ভিন্ন প্ৰান্তত হোৱা প্ৰচণ্ড বৰষুণত বৰ্তমান সময়লৈকে ১৯ জন লোকৰ প্ৰাণহানি।

গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত চাৰিখন জিলাৰ সকলো বিদ্যালয় বন্ধৰ নিৰ্দেশ।

কাষলতিৰ ক’লা অংশ কিদৰে বগা কৰিব, ব্যৱহাৰ কৰক এই সমূহ বস্তু…

কেতিয়াবা ক’লা আণ্ডাৰআৰ্মৰ পৰা মুক্তি পোৱাটো কঠিন, কিন্তু সঠিক ঘৰুৱা উপায় গ্ৰহণ কৰি আপুনি ক’লা আণ্ডাৰআৰ্মৰ মুক্তি লাভ কৰিব পাৰে। ক’লা আণ্ডাৰআৰ্মৰ বাবে কেতিয়াবা হাতৰ আঁচল নথকা কাপোৰ পিন্ধিবলৈও আমি লাজ অনুভৱ কৰো। অৱশ্যে চিন্তাৰ কোনো কাৰণ নাই ঘৰুৱা উপায় আছে, যাৰ সহায়ত আপুনি আপোনাৰ বাহুৰ তলৰ অংশটো চাফা কৰি ৰাখিব পাৰে।

কিদৰে চাফা কৰিব বাহুৰ তলৰ ক’লা অংশ-

১/ নেমুৰ ব্যৱহাৰ

নেমুত প্ৰাকৃতিক ব্লিচিং এজেণ্ট থাকে, যিয়ে ছালৰ ক’লা কমোৱাত সহায় কৰিব পাৰে। নেমুৰ টুকুৰা এটা লৈ বাহুৰ তলত লাহে লাহে ঘঁহি ১০-১৫ মিনিট ৰাখিব আৰু তাৰ পিছত ঠাণ্ডা পানীৰে ধুব। নিয়মিতভাৱে ব্যৱহাৰ কৰিলে কেইসপ্তাহমানৰ ভিতৰতে আপুনি পাৰ্থক্যটো দেখা পাবলৈ আৰম্ভ কৰিব।

২/ বেকিং চোডা আৰু পানী

বেকিং ছ’ডাই এক্সফ’লিয়েটৰ হিচাপে কাম কৰে আৰু মৃত ছাল আঁতৰাই ছালৰ জিলিকনি বৃদ্ধি কৰে। এচামুচ বেকিং চোডাত অলপ পানী মিহলাই পেষ্ট বনাওক আৰু বাহুৰ তলত লগাওক। বৃত্তাকাৰ গতিৰে লাহে লাহে মালিচ কৰি তাৰ পিছত পানীৰে ধুব। সপ্তাহত ২-৩ বাৰ ব্যৱহাৰ কৰিলে আন্ধাৰ কমি যাব পাৰে।

৩) নাৰিকল তেলৰ মালিচ

নাৰিকল তেলত ভিটামিন ই থাকে, যিয়ে ছালৰ পুষ্টি প্ৰদান কৰে আৰু ছালৰ ৰং উন্নত কৰে। গা ধোৱাৰ আগতে বাহুৰ তলৰ অংশত নাৰিকল তেলেৰে মালিচ কৰিব লাগে। ১০-১৫ মিনিট ৰাখি তাৰ ধুব। ইয়াৰ ফলত ছালখন আৰ্দ্ৰ হৈ থাকিব আৰু লাহে লাহে ক’লা কমি যাব।

৪/ এলোভেৰা জেল

এলোভেৰাত এন্টিঅক্সিডেন্ট থাকে, যিয়ে ছালখন মেৰামতি আৰু পাতল কৰাত সহায় কৰে। এলোভেৰাৰ পাতৰ পৰা সতেজ জেল উলিয়াই বাহুৰ তলত লগাব লাগে। ২০-৩০ মিনিট ৰাখি তাৰ পিছত ঠাণ্ডা পানীৰে ধুব।

পেৰিছ অলিম্পিকৰ সামৰণি অনুষ্ঠানত ভাৰতৰ হৈ ধ্বজ্জা বাহক হিচাপে দেখা গ’ল মনু ভাকৰ আৰু পি আৰ শ্ৰীজেশক

সামৰণি পৰিল পেৰিছ অলিম্পিক ২০২৪।

বৰ্ণাঢ্য কাৰ্যসূচীৰে স্মৰণীয় হৈ পৰিল সামৰণি অনুষ্ঠানটি।

ভাৰতৰ হৈ সামৰণি অনুষ্ঠানত পতাকা বাহক পিআৰ শ্ৰীজেছ।

হকীৰ গ’লকীপাৰৰ লগতে মনু ভাকাৰেও পতাকা বহন কৰে।

ভাৰতীয় জনতা যুৱ মৰ্চাৰ উদ্যোগত জালুকবাৰী সমষ্টিৰ আজাৰা ৰাজহ চক্ৰ এলেকাত বিশাল ত্ৰিৰংগা বাইক ৰেলী

দেশৰ স্বাধীনতা আন্দোলনৰ সেনানী সকলৰ ত্যাগ, বলিদানক শ্ৰদ্ধাৰে সোঁৱৰণ কৰি তেওঁলোকৰ ত্যাগক নতুন প্ৰজন্মৰ আগত দাঙি ধৰা, দেশবাসীৰ মাজত দেশপ্ৰেমৰ প্ৰতি সজাগতা সৃষ্টিৰ লক্ষ্যৰে ভাৰতীয় জনতা যুৱ মৰ্চাৰ উদ্যোগত দেওবাৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে বিধানসভা সমষ্টি ভিত্তিত দেশজুৰি আৰম্ভ হৈছে ত্ৰিৰংগা বাইক ৰেলী। এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি অসমৰ আন সমষ্টিৰ লগতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিনিধিত্ব কৰা জালুকবাৰী বিধানসভা সমষ্টিত মৰ্চাৰ গুৱাহাটী জিলা সমিতিৰ উদ্যোগত গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা ৰাজহ চক্ৰ এলেকাৰ ভি আই পিৰ পৰা মাজিৰগাঁৱলৈ এক বিশাল ত্ৰিৰংগা বাইক ৰেলী উলিওৱা হয়। মৰ্চাৰ গুৱাহাটী বিমানকোঠ মণ্ডল সমিতিৰ সহযোগত ভি আই পিস্থিত শ্যামভুমি উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰৰ পৰা উলিওৱা ত্ৰিৰংগা বাইক ৰেলীটো পতাকা জোকাৰি উদ্ধোধন কৰে বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা দলৰ মেঘালয় আৰু নাগালেণ্ডৰ প্ৰভাৰী আৰু ত্ৰিৰংগা বাইক ৰেলীৰ ৰাষ্ট্ৰীয় মুৰব্বী অনিল কে এন্থনীয়ে। এই উপলক্ষে বিজেপিৰ গুৱাহাটী জিলা সমিতিৰ সভাপতি তপন চন্দ্ৰ দাসে আঁত ধৰা চমু অনুষ্ঠানত বিজেপি নেতা অনিল কে এন্থনীয়ে ভাষণ প্ৰসংগত দেশজুৰি ত্ৰিৰংগা বাইক ৰেলী অনুষ্ঠিত কৰা বিষয়টোৰ আলোকপাত কৰি কয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীৰ মাজত দেশপ্ৰেমৰ ভাৱ উধুদ্ধ কৰাৰ বাবে সকলো নাগৰিককে ঘৰে ঘৰে ত্ৰিৰংগা পতাকা উৰুৱাৰ আহ্বান জনায় এই ৰেলীত ভাগ লোৱা সকলোকো শুভেচ্ছা জ্ঞাপন কৰিছে।

অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰী, ভাৰতীয় জনতা যুৱ মৰ্চাৰ অসম প্ৰদেশৰ সভাপতি ৰাকেশ দাস, গুৱাহাটী জিলা সমিতিৰ সভাপতি নীহাৰেন্দ্ৰ শৰ্মাকে ধৰি কেবাজনো নেতা, বিজেপিৰ অনুসূচিত জনজাতি মৰ্চাৰ গুৱাহাটী জিলা সমিতিৰ সভাপতি বলেশ্বৰ ৰংপী, ৰেলীত ভাগ লোৱা জালুকবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত গুৱাহাটী বিমানকোঠ মণ্ডল সমিতি , বিশ্ববিদ্যালয় মণ্ডল সমিতি, জালুকবাৰী মণ্ডল সমিতি আৰু উত্তৰ গুৱাহাটী মণ্ডল সমিতিৰ যুৱ মৰ্চাৰ সভাপতি , সাধাৰণ সম্পাদক প্ৰমুখ্যে কেবাজনো কৰ্মকৰ্তা উপস্থিত থাকে। ইফালে ভি আই পিৰ পৰা ৰাণীগেট, ধাৰাপুৰ চাৰিআলি, গড়লহৈ মাজিৰগাঁওলৈ উলিওৱা ত্ৰিৰংগা বাইক ৰেলীত জালুকবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত যুৱ মৰ্চাৰ চাৰিওটা মণ্ডল সমিতিৰ প্ৰায় চাৰি হাজাৰ কৰ্মকৰ্তা, কাৰ্যকৰ্তা আৰু সমৰ্থকে ভাগ লয়। ৰেলীত ভাগ লোৱা সকলোৱে ত্ৰিৰংগা পতাকা উৰুৱাই ভাৰত মাতা কি জয়, বিজেপি জিন্দাবাদ, নৰেন্দ্ৰ মোদী জিন্দাবাদ, হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, ভাৰতীয় জনতা যুৱ মৰ্চা জিন্দাবাদ ধ্বনি দি আকাশ বতাহ মুখৰিত কৰি তোলে।

মন্ত্ৰী পীয়ূষ হাজৰিকাৰ মহানুভৱতা, গড়চুকত আহত বাইক আৰোহী যুৱকক নিজৰ বাহনত উঠাই লৈ গল জি এম চি এইচলৈ…

গুৱাহাটীৰ জালুকবাৰীৰ পৰা খানাপাৰা অভিমুখী ৰাষ্ট্ৰীয় ঘাইপথৰ গড়চুকৰ সমীপত দেওবাৰে নিশা প্ৰায় ৮.৫০ মান বজাত সংঘটিত এক পথ দুৰ্ঘটনাত দুজন বাইক আৰোহী কম-বেছি পৰিমাণে আহত হয়। সেই সময়তে জালুকবাৰীৰ পৰা দিছপুৰ অভিমুখে আহি আছিল অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীয়ুষ হাজৰিকাৰ কনভয়। মন্ত্ৰী হাজৰিকাই নিজৰ কনভয় ৰখাই বাহনৰ পৰা নামি গৈ আহত বাইক আৰোহী যুৱকদ্বয়ক নিজৰ বাহনত উঠাই চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ লৈ যায়।

পাছত দুৰ্ঘটনাথলীত গড়চুক থানাৰ আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। উল্লেখ্য যে যুৱক দুজনে এ এছ ০১ এফ জেদ ৭৩৯৮ নম্বৰৰ মটৰ চাইকেলত বৰাগাওঁ দিশৰ পৰা লখৰা অভিমুখে গৈ থকা অৱস্থাত আগে আগে গৈ থকা এখন ট্ৰাকত পাছফালৰ পৰা খুন্দা মাৰে আৰু পথত পৰি যায়। ফলত দুয়োজন কম-বেছি পৰিমাণে আহত হবলগীয়া হৈছিল। দুৰ্ঘটনাৰ পাছত পথত যানজঁটৰ সৃষ্টি হোৱাত গড়চুক থানাৰ যানবাহন শাখাৰ আৰক্ষীৰ লোক আহি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়।