Home Blog Page 590

কেতিয়া হ’ব ৰাজ্য চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ বাবে পৰীক্ষা?

ৰাজ্য চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ দিন ঘোষণা

১৫ ছেপ্টেম্বৰ আৰু ২৯ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব তৃতীয়বৰ্গৰ পৰীক্ষা

আনহাতে ২৭ অক্টোবৰত অনুষ্ঠিত হ’ব চতুৰ্থ বৰ্গৰ পৰীক্ষা

তৃতীয় বৰ্গৰ উচ্চতৰ মাধ্যমিক উত্তীৰ্ণসকলৰ পৰীক্ষা অনুষ্ঠিত হ’ব ১৫ ছেপ্টেম্বৰত

২৯ ছেপ্টেম্বৰত আগবেলা অনুষ্ঠিত হ’ব স্নাতক ডিগ্ৰীধাৰীসকলৰ পৰীক্ষা আৰু পিছবেলা অনুষ্ঠিত হ’ব মেট্ৰিক উত্তীৰ্ণ চালক পদৰ বাবে পৰীক্ষা

ডুমডুমাত ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত ধন লৈ থকা অৱস্থাত চি এম ভিজিলেঞ্চৰ হাতে-লুটে গ্ৰেপ্তাৰ লাট মণ্ডল যোখেশ্বৰ মৰাণক…

arrest circle officer
ডুমডুমাত ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যালয়ত ধন লৈ থকা অৱস্থাত চি এম ভিজিলেঞ্চে হাতে-লুটে গ্ৰেপ্তাৰ কৰে লাট মণ্ডল এজনক

ডুমডুমাত ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যালয়ত ধন লৈ থকা অৱস্থাত চি এম ভিজিলেঞ্চে হাতে-লুটে গ্ৰেপ্তাৰ কৰে লাট মণ্ডল এজনক । লাট-মণ্ডল জনৰ নাম যোখেশ্বৰ মৰাণ বুলি জানিব পৰা গৈছে । বৰ্তমানো চি এম ভিজিলেঞ্চে যোখেশ্বৰ মৰাণক সুধা-পোছা অব্যাহত ৰখাৰ লগতে তেওঁৰ ঘৰটো জেৰা আৰু তালাচি চলাই থকাৰ খবৰ পোৱা হৈছে ।

উল্লেখযোগ্য যে আগন্তুক অক্টোবৰ মাহত তেওঁ অৱসৰ গ্ৰহণ কৰিব লগীয়া আছিল । ডুম-ডুমা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ বহু খেলি মেলিৰ আঁৰত তেওঁ থকা বুলিও জানিব পৰা গৈছে।

এজন প্ৰশিক্ষণ প্ৰাপ্ত এছ কে (চুপাৰভাইজৰ কাননগু)কাৰ্যালয়ত থকাৰ চৰ্তেও প্ৰশিক্ষণ প্ৰাপ্ত জনৰ বিপৰীতে ধৃত লাট মণ্ডল যোখেশ্বৰ মৰাণে এছ কেৰ দায়িত্বত থকাটো এক ৰহস্যৰ সম্ভেত সৃষ্টি কৰিছে । চি এম ভিজিলেঞ্চে সকলো তালাছি আৰু জেৰা সম্পূৰ্ণ কৰাৰ পাছত হে জানিব পৰা যাব ধৃত মণ্ডল জনৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰা হৈছে ।

লগতে পঢ়কঃ https://www.dainandinbartagroup.in/north-easts-so-called-rich-utibber-is-again-caught-in-the-web-of-fraud-fir-lodged-at-police-station/নৰ্থ ইষ্টৰ তথাকথিত ধনী ইউটিবাৰৰ পুনৰ প্ৰৱঞ্চনাৰ জাল ফাদিল ! থানাত এজাহাৰ দাখিল…

শ্বাহৰুখ খানৰ চুবুৰীয়া হ’ব দীপিকা-ৰণবীৰ! অতি সোনকালে ১০০ কোটি টকাৰ অট্টালিকাত দেখা যাব দীপিকা-ৰণবীৰক…

Deepika-Ranveer New Flat
শ্বাহৰুখ খানৰ নেইবাৰ হ'ব দীপিকা-ৰণবীৰ

বলীউডৰ অন্যতম প্ৰিয় দম্পতী দীপিকা পাডুকন আৰু ৰণবীৰ সিঙে অতি সোনকালে প্ৰথম সন্তানক আদৰিবলৈ ওলাইছে। চলিত বৰ্ষৰ আৰম্ভণিতে দুয়োজনে প্ৰথম সন্তানৰ ভাল খবৰ অনুৰাগীক দিছিল, ছেপ্টেম্বৰ মাহতে হয়তো দুয়ো পিতৃ-মাতৃ হ’ব। প্ৰথম সন্তানক লৈ দীপিকা আৰু ৰণবীৰৰ অনুৰাগীসকল অতিশয় উৎসাহিত। ইফালে প্ৰথম সন্তানক আদৰণি জনোৱাৰ লগতে দীপিকা-ৰণবীৰেও নতুন ঘৰলৈ স্থানান্তৰিত হোৱাৰ পৰিকল্পনা কৰিছে। বিশেষ কথাটো হ’ল এই দম্পতী শ্বাহৰুখ খানৰ প্ৰতিবেশী হ’বলৈ সাজু হৈছে। খবৰ অনুসৰি তেওঁলোক ফ্লেটতো প্ৰায় ১০০ কোটি টকাৰ। বান্দ্ৰাৰ বেণ্ডষ্টেণ্ড এলেকাত সাগৰমুখী চাৰি মহলীয়া অট্টালিকাটোৰ ভিতৰৰ ঠাই ১১,২৬৬ বৰ্গফুট। ইয়াৰ উপৰিও এই ফ্লেটটোত ১৩৩০ বৰ্গফুটৰ টেৰেচৰ স্থানো থাকিব।

Deepika-Ranveer New Flat

কেৱল এয়াই নহয়, অট্টালিকাটোৰ এটা ভিডিঅ’ও ভাইৰেল হৈ পৰিছে, দেখাত যথেষ্ট বিলাসী যেন লাগিছে। ভিডিঅ’টোত দেখা গৈছে যে অট্টালিকাটোৰ নিৰ্মাণৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে। এনে পৰিস্থিতিত দম্পতীহালে নতুন ঘৰত প্ৰথম সন্তানক আদৰি ল’ব পাৰে বুলি ক’লেও ভুল নহ’ব।

লগতে পঢ়কঃ পদবী সলনি হ’লেও দল সলনি নহয়ঃ ভূপেন বৰা, অসম প্ৰদেশ কংগ্ৰেছত পুনৰ বিদ্ৰোহৰ উকমুকনি!

নৰ্থ ইষ্টৰ তথাকথিত ধনী ইউটিবাৰৰ পুনৰ প্ৰৱঞ্চনাৰ জাল ফাদিল ! থানাত এজাহাৰ দাখিল…

rich youtuber frauds
পুনৰ প্ৰৱঞ্চনাৰ জালত ইউটিবাৰ

নৰ্থ ইষ্টৰ তথাকথিত ধনী ইউটিবাৰৰ পুনৰ প্ৰৱঞ্চনাৰ জাল ফাদিল,থানাত এজাহাৰ দাখিল।

আৰক্ষীৰ বিৰুদ্ধে দুৰ্ব্যৱহাৰৰ অভিযোগ

তৎকালীন ভাৱে আৰক্ষী বিষয়া বদলি কৰাৰ বাবে মুখ্যমন্ত্ৰীক আহ্বান

এসময়ৰ তথাকথিত উত্তৰ পুৰ্ৱাঞ্চলৰ ধনী ইউটিবাৰ নামে খ্যাত তথা পকচো আইনৰ অধীনত জেল ফেৰৎ ইউটিউবাৰ মুস্তাফিজুৰ ৰহমানৰ অপৰাধৰ তালিকা খন সৰ্বজনবিদিত। নাৰী কেলেংকাৰীৰ পৰা আৰম্ভ কৰি শিশুক যৌন নিৰ্যাতন চলোৱা, গুলীয়াই হত্যা কৰাৰ ভাবুকি প্ৰদান কৰাৰ লগতে গাঁওবাসীৰ বাসগৃহত সোমাই মাৰপিট কৰাৰে পৰা বহু অপৰাধ জনীত কামত জড়িত থকাৰ বহুকেইটা গোচৰত অভিযুক্ত ইউটিউবাৰ মুস্তাফিজুৰ ৰহমান। ইতিমধ্যে মুস্তাফিজুৰৰ বিৰুদ্ধে গোৱালপাৰা আদালতত বিচাৰধীন প্ৰক্ৰিয়াত চলি আছে বহুকেইটা গোচৰ।

এইবাৰ আন এক অপৰাধ জনীত কামত লিপ্ত হৈ পৰিছে এইগৰাকী তথাকথিত ইউটিউবাৰ। জানিব পৰা মতে গোৱালপাৰাৰ জ্যোতিৰময় জে গুৰুং নামৰ এটা ইউটিউব চেনেলত গোৱালপাৰাৰ কেতবোৰ খিলঞ্জীয়া যুৱকে বিভিন্ন ধৰণৰ সংগীত- নৃত্যৰ ভিডিঅ’ আপলোড কৰি ইউটিউব চেনেলটোৰ যোগেদি স্বাৱলম্বীৰ এক পথ বাচি লৈছিল । কিন্ত বিশেষ কাৰণত জ্যেতিৰ্ময় জে গুৰুং চেনেলটো ইউটিউবৰ পৰা বিলীন হৈ গৈছিল আৰু এই চেনেলটো পুনৰুদ্ধাৰ কৰিবৰ বাবে যুৱক কেইজনে লম্পট ইউটিউবাৰ মুস্তাফিজুৰৰ সহায় বিচাৰিছিল।

চেনেল পুনৰুদ্ধাৰৰ নামত যুৱক কেইজনৰ পৰা প্ৰৱঞ্চক ইউটিউবাৰ মুস্তাফিজুৰে ছয়চল্লিশ হাজাৰ টকাও লৈছিল। উল্লেখ্য যে পৰৱৰ্তী সময়ত প্ৰৱঞ্চক মুস্তাফিজুৰে জ্যোতিৰ্ময় জে নামৰ চেনেলটো পুনৰুদ্ধাৰ কৰে যদিও চেনেলটোৰ পূৰ্বৰ নাম সলনি কৰি ৰুবিনা মিউজিক কোম্পানী নাম দি চেনেলটো ঘুৰাই দিবলৈ অমান্তি হয় আৰু পুৰ্বৰ স্বত্বাধিকাৰী জ্যোতিৰ্ময় সূত্ৰধৰক ধন দাবী দিয়াৰো অভিযোগ উত্থাপিত হৈছে। যাৰ পৰিপ্ৰেক্ষিতত মুস্তাফিজুৰৰ বিৰুদ্ধে জ্যেতিৰ্ময়ৰ সুত্ৰধৰৰ আৰু চেনেলটোত জড়িত থকা বিভিন্ন জাতি জনগোষ্ঠীৰ যুৱক সমুহৰ লগতে সদৌ অসম সুত্ৰধৰ ছাত্ৰ সন্থাৰ সভাপতি লক্ষ্মীকান্ত সূত্ৰধৰে গোৱালপাৰা সদৰ থানাত উপস্থিত হৈ এখন এজাহাৰ দাখিল কৰে।

লগতে পঢ়কঃWe Want Justice ধ্বনিয়ে মুখৰিত মাৰ্ঘেৰিটাৰ আকাশ-বতাহ…

We Want Justice ধ্বনিয়ে মুখৰিত মাৰ্ঘেৰিটাৰ আকাশ-বতাহ…

We Want Justice
We Want Justice

গামৰিণ মাকাট হত্যাকাণ্ড উচ্চ পৰ্যায়ৰ ন্যায়িক তদন্তৰ দাবীত মাৰ্ঘেৰিটাত তিনিদিনীয়া ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ। We Want Justice ধ্বনিয়ে মুখৰিত মাৰ্ঘেৰিটাৰ আকাশ-বতাহ। লেখাপানী চেণ্টপল স্কুলৰ ছাত্ৰ গামৰিণ মাকাট হত্যাকাণ্ডক লৈ বৰ্তমানেও উত্তাল হৈ আছে বৃহত্তৰ মাৰ্ঘেৰিটা অঞ্চল। যোৱা ১ আগষ্টত লেখাপানী উদয়পূৰৰ চেণ্টপল স্কুলৰ আৱাসিক চৌহদত এক ৰহস্যজনক অৱস্থাত উদ্ধাৰ হৈছিল গামৰিণ মাকাট মৃতদেহ। উক্ত ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰিছিল অসম অৰুণাচল সীমান্তঞ্চল জাগুন।

মৃত ছাত্ৰ গামৰিণ মাকাটৰ পৰীয়ালে ছাত্ৰজন হত্যাকাণ্ড বুলি হোৱা বুলি বিদ্যালয়খনৰ বিৰুদ্ধে অভিযোগ উত্থাপিত কৰছিল। স্থানীয় দল সংগঠনে এই ঘটনাৰ উচিত তদন্ত বিচাৰি বিভিন্ন সময়ত সাব্যস্ত কৰি আহিছে উত্তাল প্ৰতিবাদ।প্ৰায় এক মাহ দিন উকলি যোৱা পিছতো পৰিয়ালৰ লোকে গামৰিণ মাকাটৰ হত্যাকাণ্ড ন্যায় নোপোৱা প্ৰতিবাদত আজিৰে পৰা পুনৰ চিংফৌ জাতীয় পৰিষদ আৰু সদৌ চিংফৌ ছাত্ৰ সন্থাৰ উদ্যোগত মাৰ্ঘেৰিটাত তিনিদিনীয়াকৈ গ্ৰহণ কৰা হৈছে অৱস্থান ধৰ্মঘট কাৰ্যসূচী। উক্ত প্ৰতিবাদী কাৰ্যসূচীলৈ মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থা, ছাত্ৰ মুক্তি সংগ্ৰাম, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, গোৰ্খা ছাত্ৰ সন্থা, অসমীয়া যুৱ মঞ্চকে ধৰি বিভিন্ন জাতীয় জনগোষ্ঠীয় দল সংগঠন তথা ৰাইজে পুৰ্ণ সমথৰ্ন আগবঢ়াইছে।

লগতে পঢ়কঃ কোন দিশে মুখ কৰি খাদ্য খাব লাগে? ধন-সম্পত্তি বৃদ্ধি কৰিবলৈ কোন দিশে খাদ্য খাব…

কোন দিশে মুখ কৰি খাদ্য খাব লাগে? ধন-সম্পত্তি বৃদ্ধি কৰিবলৈ কোন দিশে খাদ্য খাব…

খাদ্য খোৱাৰ আছে বহু নিয়ম। খাদ্য খোৱাৰ সময়ত কিছুমান নিয়ম মানি চলিব লাগে। এই সমূহ নিয়ম মানি চলিলে আপুনি অগাধ সম্পত্তি অধিকাৰী হ'ব পাৰিব।
খাদ্য খোৱাৰ সঠিক দিশ

দৈনন্দিন বাৰ্তা ডিজিটেলঃ এষাৰ কথা আছে যে আপুনি যি খাদ্য খাওক, সেই খাদ্য আপোনাৰ মনটোৱেও খাব লাগে। গতিকে খাদ্য প্ৰস্তুত আৰু খোৱা সম্পৰ্কে কিছুমান গুৰুত্বপূৰ্ণ নিয়ম মানি চলিব লাগে। যাতে জীৱনত সুখ আৰু সমৃদ্ধি থাকে। বাস্তু শাস্ত্ৰ মতে সদায় সঠিক দিশৰ ফালে মুখ কৰি খাদ্য খোৱা উচিত, অন্যথা ভুল দিশত বহি বা ভুল দিশত মুখ কৰি খাদ্য গ্ৰহণ কৰিলে জীৱনত বিপদৰ সৃষ্টি হয়।

বাস্তু শাস্ত্ৰৰ মতে পূব বা উত্তৰ-পূব দিশলৈ মুখ কৰি খাদ্য খোৱাটো অতি শুভ। এই দিশৰ ফালে মুখ কৰি খাদ্য খালে মাতৃ লক্ষ্মী সন্তুষ্ট হয়। ধন-সম্পত্তি বাঢ়ি গৈ থাকে। খাদ্য খোৱাৰ বাবেও পশ্চিম দিশটো অশুভ বুলি গণ্য কৰা হয়। পশ্চিম দিশৰ সন্মুখত খাদ্য খোৱাটোৱে ঋণ বৃদ্ধি কৰে, কিন্তু যিসকল যুৱক-যুৱতীয়ে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছে তেওঁলোকৰ বাবে পশ্চিম দিশৰ সন্মুখত খাদ্য খোৱাটো ভাল। দক্ষিণ দিশত খাদ্য খোৱাৰ ফলত আটাইতকৈ বেছি ক্ষতি হয়। দক্ষিণ দিশক খাদ্য খোৱাৰ বাবে আটাইতকৈ অশুভ বুলি গণ্য কৰা হয়। ইয়াৰ বাবে ৰোগ বিয়পি পৰে আৰু আয়ুস কমি যায়। জীৱনত নেতিবাচকতা বৃদ্ধি পায়।

বাস্তু শাস্ত্ৰৰ মতে কেতিয়াও বিচনাত বহি খাদ্য নাখাব। বিচনাত বহি খাদ্য খালে মাতৃ লক্ষ্মীৰ খং উঠে, লগতে ঋণ আৰু দৰিদ্ৰতা বাঢ়ি যায়। কেতিয়াও ভঙা বাচনত খাদ্য নাখাব আৰু ঘৰত নাৰাখিব। ভঙা বাচন ঘৰত ৰখাটো অশুভ।ভুলতেও খাদ্য বা শস্য অপচয় নকৰিব। সদায় যিমান খাদ্য খাব পাৰে সিমানহে খাদ্য ল’ব। খাদ্য নষ্ট কৰিলে মাতৃ মাতৃ লক্ষ্মীক খং উঠে আৰু দৰিদ্ৰতাই প্ৰাধান্য পায়।

লগতে পঢ়কঃ গুৱাহাটী মহানগৰীৰ ফটাশিল আমবাৰী থানাত জব্দকৃত প্ৰায় ৪০খন চুৰি বাহন

Forest guard found dead in Orang: প্ৰায় আঢ়ৈ ঘণ্টা ধৰি বাঘৰ মুখত ধনমণি ডেকা…

Forest guard found dead in Orang National Park in Assam tiger attack suspected
প্ৰায় আঢ়ৈ ঘণ্টা ধৰি বাঘৰ মুখত ধনমণি

দৈনন্দিন বাৰ্তা,২৯ আগষ্ট: বুধবাৰে ওৰাং ৰাষ্ট্ৰীয় উদ্যানত সংঘটিত হয় এক শিহৰণকাৰী ঘটনা। ৰাইফল হাতত লৈ গৈ থকা অৱস্থাত সতীৰ্থৰ সন্মুখৰ পৰাই প্ৰকাণ্ড বাঘে এজন গৃহৰক্ষী জোৱানক থপিয়াই লৈ গ’ল ঘন জংঘললৈ। জানিব পৰা মতে বুধবাৰে সন্ধিয়াৰ ভাগত উদ্যান খনৰ বিলপাৰ বন শিবিৰত কৰ্মৰত গৃহৰক্ষী জোৱান ধনমণি ডেকা আৰু হাতীৰ মাউত শ্বাহাজুল হকৰ সৈতে হাতী লৰাবলৈ পাছনৈৰ পাৰে পাৰে কাহিবাৰী বন শিবিৰলৈ গৈছিল আবেলি প্ৰায় ৫:৩০ বজাত। সেই সময়তে সংঘটিত হয় এই ভয়ংকৰ ঘটনা।

এটা প্ৰকাণ্ড বাঘে আক্ৰমণ কৰি থপিয়াই ধনমণি ডেকাক জংঘললৈ যোৱাৰ সময়তে ধনমণিয়ে চিঞৰি মাতিছিল সতীৰ্থ শ্বাহাজুল হকক। সেই সময়তে শ্বাহাজুল হকে প্ৰত্যক্ষ কৰে সমগ্ৰ ঘটনা। ধনমণিক কিছু নিলগত চোচৰাই লৈ যোৱাৰ পিছতে ধনমণিৰ হাতৰ পৰা পিছলি পৰে ৰাইফল। পিছত সতীৰ্থ হাতীৰ মাউত শ্বাহাজুল হকে বাৰ বাৰ গুলি ফুটুৱাৰ পিছতো বাঘে এৰি দিয়া নাছিল ধনমণিক।

তৎক্ষণাত সেই খবৰ বিয়পি পৰে সমগ্ৰ উদ্যানত৷ তাৰ পিছতেই উদ্যান খনত চলে ধনমণিক বিচাৰি তীব্ৰ উদ্ধাৰ অভিযান। অভিযানত প্ৰায় ১০ টা হাতীৰ জৰিয়তে ৫০ গৰাকী বনকৰ্মীৰ দলে চলাই অভিযান। প্ৰায় আঢ়ৈ ঘণ্টাৰ শ্বাসৰুদ্ধকৰ অভিযানৰ অন্তত উদ্ধাৰ হয় সৎ, আদৰ্শবান তথা সদায় সকলো কামত আগ-ভাগ লোৱা ব্যক্তি ধনমণি ডেকাৰ মৃতদেহ। ধনমনি ডেকা ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ অভিজ্ঞ বনকৰ্মচাৰী। ধনমনি ডেকা গৃহৰক্ষী জোৱান হিচাপে ওৰাঙত একেৰাহে ১৫ বছৰ মান সেৱা আগবঢ়াই আহিছিল।


ধনমনি ৩২ বছৰীয়া চফল ডেকা। ঘৰ ছিপাঝাৰৰ হাতীমৰা নগাঁৱত। দীৰ্ঘ কাল সেৱা আগবঢ়ায় অহা সূত্ৰে সকলো কামতে অভিজ্ঞ আৰু পাৰদৰ্শী। ধনমনিয়ে কেইমাহ মানৰ আগতে বিয়া কৰাইছিল ৷ এনে ঘটনা অতি বিৰল। ওৰাঙত সম্ভৱতঃ ২০০৬ চন মানত এনে ধৰণৰ এটা ঘটনা ঘটিছিল। সম্প্ৰতি সমগ্ৰ ওৰাং ৰাষ্ট্ৰীয় উদ্যানত পৰিছে শোকৰ ছাঁ।

লগতে পঢ়ক: ছিপাঝাৰৰ ভেৰুৱাত মিণ্টু শৰ্মা নামৰ যুৱকজনক ডকাইতৰ আক্ৰমণ…

বিদ্যালয়ৰ পুঁজিৰ ধন আত্মসাৎ কৰি ৰঙা ঘৰৰ আলহী হ’ল চাপৰৰ এখন চৰকাৰী বিদ্যালয়ৰ প্ৰধান শিক্ষক…

এইবাৰ চাপৰত ৰঙা ঘৰৰ আলহী হ’ল এখন চৰকাৰী বিদ্যালয়ৰ প্ৰধান শিক্ষক । বিদ্যালয়ৰ পুঁজিৰ ধন আত্মসাৎ কৰি ৰঙা ঘৰৰ আলহী হ’ল চাপৰ-শালকোচা শিক্ষাখণ্ডৰ অন্তৰ্গত ২২৫৪ নং সন্তোষপুৰ এল.পি.স্কুলৰ প্ৰধান শিক্ষক তুলিৰাম দাস(৪০)

উল্লেখযোগ্য যে বিদ্যালয়ৰ মধ্যাহ্ন ভোজন,আন্ত:গাঁথনি আৰু গৃহ মেৰামতিৰ তথ্য অনুসৰি প্ৰায় ২.৫ লাখ টকা আত্মসাৎ কৰি পলাই আছিল প্ৰধান শিক্ষকগৰাকী ।

ইয়াৰ উপৰিও আৰু কেইবা লক্ষাধিক টকা আত্মসাত কৰাৰ অভিযোগ প্ৰধান শিক্ষক গৰাকীৰ বিৰুদ্ধে অৱশেষত বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি গৰাকীৰ

এজাহাৰৰ ভিত্তিত শালকোছা আৰক্ষীয়ে বিহপুৰীয়া আৰক্ষীৰ সহযোগত লক্ষ্মীপুৰৰ ৰূপতোলীৰ পৰা আটক কৰিবলৈ সক্ষম হয় প্ৰধান শিক্ষক গৰাকীক

পদবী সলনি হ’লেও দল সলনি নহয়ঃ ভূপেন বৰা, অসম প্ৰদেশ কংগ্ৰেছত পুনৰ বিদ্ৰোহৰ উকমুকনি!

অসম প্ৰদেশ কংগ্ৰেছত পুনৰ বিদ্ৰোহৰ উকমুকনি। ভূপেন বৰাক সভাপতি পদৰ পৰা অপসাৰণ কৰাৰ প্ৰস্তুতি চলিছে বুলি খবৰ ওলাইছে। কংগ্ৰেছৰ বিধায়ক ২১ জন। খবৰ অনুসৰি প্ৰায় ১৮- ১৯ গৰাকী বিধায়কে ভূপেন বৰাৰ বিৰুদ্ধে থিয় দিছে!

আনহাতে শেহতীয়াকৈ লোকসভা নিৰ্বাচনতো কংগ্ৰছে ভাল ফলাফল দেখুৱাইছে। গতিকে ভূপেন বৰাৰ ঠাইত অন্য এজনক সভাপতি পাতিব মন। সূত্ৰ অনুসৰি এই গোটেই বিষয়টো নেতৃত্ব দিছে এজন কংগ্ৰেছী সাংসদে। আনহাতে এই বিযয়ৰ ওপৰত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয় পদবী সলনি হ’লেও দল সলনি নহয়।

গুৱাহাটী মহানগৰীৰ ফটাশিল আমবাৰী থানাত জব্দকৃত প্ৰায় ৪০খন চুৰি বাহন…

গুৱাহাটী মহানগৰীত আজৱ ঘটনা! ফটাশিল আমবাৰী থানাত জব্দকৃত প্ৰায় ৪০খন বাহন চুৰি। ঘটনা সন্দৰ্ভত এইপৰ্যন্ত ৩ জন লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

ধৃত লোককেইজন পৰেশ দলে, ৰাকেশ গোৱালা, ৰাতুল কাকতি।

তিনিওৰে পৰা জব্দ কৰা হৈছে ঘটনাত জড়িত থকা বহু তথ্য-প্ৰমাণ। পৰেশ দলেই প্ৰায় ৪ লাখ টকাত বিক্ৰী কৰিছিল বাহনসমূহ।