প্ৰস্ৰাৱৰ সংক্ৰমণৰ সমস্যা পুৰুষ আৰু মহিলা উভয়ৰে ক্ষেত্ৰত দেখা যায় যদিও মহিলাসকলে এই সংক্ৰমণ হোৱাৰ সম্ভাৱনা বেছি। বেছিভাগ মহিলাই প্ৰস্ৰাৱৰ সংক্ৰমণত অসুবিধা পায়, এনে পৰিস্থিতিত আজি আমি আপোনালোকক কিছু প্ৰতিকাৰ আৰু ফলাফলৰ বিষয়ে ক’ম, যিয়ে আপোনাক সকাহ দিব। ইয়াৰ পৰা সকাহ পাবলৈ বহুতে ঔষধ খায়। কিন্তু ঔষধৰ অত্যধিক সেৱন স্বাস্থ্যৰ বাবে অতি ক্ষতিকাৰক।
ফল-মূল খোৱাটো স্বাস্থ্যৰ বাবে অতি উপকাৰী। এইবোৰ আমাৰ খাদ্য তালিকাত নিতৌ অন্তৰ্ভুক্ত কৰি আমি ৰোগৰ পৰা আঁতৰি থাকিব পাৰো। তেনেকুৱা এবিধ ফল হৈছে তৰমুজ। গ্ৰীষ্মকালত সৰ্বাধিক বিক্ৰী হোৱা তৰমুজ স্বাস্থ্যৰ বাবে অতি উপকাৰী বুলি গণ্য কৰা হয়। তৰমুজত ৯২% পানী থাকে, যিয়ে আমাৰ শৰীৰৰ পানীৰ অভাৱ পূৰণ কৰে। তৰমুজক মহিলাৰ বাবে ঔষধ হিচাপে গণ্য কৰা হৈছে। আপোনালোকক কওঁ যে মহিলাৰ প্ৰস্ৰাৱৰ সংক্ৰমণ এটা সাধাৰণ সমস্যা।
গ্ৰীষ্মকালত এই সমস্যা আৰু অধিক বৃদ্ধি পায়। ইয়াৰ বাবে প্ৰস্ৰাৱত বেক্টেৰিয়া হোৱাৰ সম্ভাৱনাও দেখা যায়। এই সকলোবোৰ সমস্যাৰ পৰা হাত সাৰিবলৈ গৰমৰ দিনত দৈনিক তৰমুজ খাব লাগে। তৰমুজে প্ৰস্ৰাৱৰ পৰিমাণ বৃদ্ধি কৰে আৰু প্ৰস্ৰাৱৰ সংক্ৰমণ ৰোধ কৰে। তৰমুজ খালে প্ৰস্ৰাৱৰ সময়ত জ্বলা-পোৰাৰ পৰাও সকাহ পোৱা যায়।
ভাৰতীয় পাকঘৰত তিলৰ তেল ব্যৱহাৰ কৰা হয়। ৰন্ধা-বঢ়াৰ পৰা আৰম্ভ কৰি চালাড ড্ৰেছিংলৈকে এই তেল ব্যৱহাৰ কৰা হয়। মূলতঃ এই তেল সোৱাদ আৰু সুগন্ধিৰ বাবে জনাজাত। এই তেলৰ ঔষধি গুণৰ বিষয়ে অতি কম সংখ্যক লোকেহে জানে। তিল তেলত চেচমল আৰু চেচামিনল নামৰ দুটা এন্টিঅক্সিডেন্ট থাকে, যিবোৰ স্বাস্থ্যৰ বাবে অতি সহায়ক বুলি প্ৰমাণিত হয়। বিশেষকৈ যদি আপোনাৰ এল ডি এল কলেষ্টেৰল বৃদ্ধি পায় তেন্তে আপুনি আপোনাৰ খাদ্যত তিলৰ তেল অন্তৰ্ভুক্ত কৰিব লাগিব।
এক গৱেষণাৰ মতে তিল তেল হৃদযন্ত্ৰৰ বাবে অতি উপকাৰী। ই প্ৰাকৃতিকভাৱে কলেষ্টেৰল হ্ৰাস কৰাৰ কাম কৰে। তিল তেলৰ সুফল পাবলৈ দৈনিক ইয়াৰ ৩-৪ চামুচ সেৱন কৰিব লাগিব।
তিল তেলৰ পৰাও কি কি সুফল পোৱা যায়-
তিল তেলত এন্টিঅক্সিডেন্ট, ভিটামিন ই আৰু চেচামোলিন আদি পুষ্টিকৰ উপাদান থাকে। এই উপাদানসমূহে ছালত আৰ্দ্ৰতা প্ৰদান কৰে, বয়সৰ লক্ষণ কমায় আৰু ছালখনক সুস্থ কৰি ৰাখে।
বৰা চাউলৰ সৈতে অসমীয়াৰ আৱেগ জড়িত হৈ আছে। বৰা চাউলৰ পৰা তৈয়াৰী সকলো খাদ্য অতি সুস্বাদু। পথাৰৰ পৰা পাকঘৰ, অতিথি আপ্যায়ণ, সকাম প্ৰতিটো অনুষ্ঠান পৰ্বতে বৰা চাউলে প্ৰাধান্য লাভ কৰে। বৰা চাউলক ইংৰাজীত Glutinous Rice বুলি কোৱা হয়।
খেতি-পথাৰতো বিভিন্ন ধানৰ ভিতৰত বৰা ধানে এক বিশেষ স্থান দখল কৰি আহিছে। বৰা চাউলৰ অবিহনে অসমীয়াৰ বাপতিসাহোন বিহু আধৰুৱা হ’ব। সেয়েহে খেতি-পথাৰৰ পৰা পাকঘৰলৈকে সকলোতে বৰা চাউলৰ স্থান বিশেষ। বৰা চাউ বিভিন্ন প্ৰকাৰৰ আছে। যেনে- তুলসী বৰা, ৰঙা বৰা, জাংগনী বৰা, ৰূপহী বৰা ঘিউ বৰা, বগা বৰা, আঘোণী বৰা, ক’লা বৰা ইত্যাদি। এই বৰা ধান বোৰ উজনি অসমৰ কৃষকসকলক অধিক ব্যৱহাৰ কৰা দেখা যায়।