বৰষুণৰ আগজাননী! চাৰিখন জিলালৈ হাই এলাৰ্ট জাৰি।
ৰাজস্থানৰ চাৰিখন জিলাত হাই এলাৰ্ট জাৰি।

ৰাজ্যখনৰ ভিন্ন প্ৰান্তত হোৱা প্ৰচণ্ড বৰষুণত বৰ্তমান সময়লৈকে ১৯ জন লোকৰ প্ৰাণহানি।
গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত চাৰিখন জিলাৰ সকলো বিদ্যালয় বন্ধৰ নিৰ্দেশ।
বৰষুণৰ আগজাননী! চাৰিখন জিলালৈ হাই এলাৰ্ট জাৰি।
ৰাজস্থানৰ চাৰিখন জিলাত হাই এলাৰ্ট জাৰি।

ৰাজ্যখনৰ ভিন্ন প্ৰান্তত হোৱা প্ৰচণ্ড বৰষুণত বৰ্তমান সময়লৈকে ১৯ জন লোকৰ প্ৰাণহানি।
গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত চাৰিখন জিলাৰ সকলো বিদ্যালয় বন্ধৰ নিৰ্দেশ।
কেতিয়াবা ক’লা আণ্ডাৰআৰ্মৰ পৰা মুক্তি পোৱাটো কঠিন, কিন্তু সঠিক ঘৰুৱা উপায় গ্ৰহণ কৰি আপুনি ক’লা আণ্ডাৰআৰ্মৰ মুক্তি লাভ কৰিব পাৰে। ক’লা আণ্ডাৰআৰ্মৰ বাবে কেতিয়াবা হাতৰ আঁচল নথকা কাপোৰ পিন্ধিবলৈও আমি লাজ অনুভৱ কৰো। অৱশ্যে চিন্তাৰ কোনো কাৰণ নাই ঘৰুৱা উপায় আছে, যাৰ সহায়ত আপুনি আপোনাৰ বাহুৰ তলৰ অংশটো চাফা কৰি ৰাখিব পাৰে।

কিদৰে চাফা কৰিব বাহুৰ তলৰ ক’লা অংশ-
১/ নেমুৰ ব্যৱহাৰ
নেমুত প্ৰাকৃতিক ব্লিচিং এজেণ্ট থাকে, যিয়ে ছালৰ ক’লা কমোৱাত সহায় কৰিব পাৰে। নেমুৰ টুকুৰা এটা লৈ বাহুৰ তলত লাহে লাহে ঘঁহি ১০-১৫ মিনিট ৰাখিব আৰু তাৰ পিছত ঠাণ্ডা পানীৰে ধুব। নিয়মিতভাৱে ব্যৱহাৰ কৰিলে কেইসপ্তাহমানৰ ভিতৰতে আপুনি পাৰ্থক্যটো দেখা পাবলৈ আৰম্ভ কৰিব।
২/ বেকিং চোডা আৰু পানী
বেকিং ছ’ডাই এক্সফ’লিয়েটৰ হিচাপে কাম কৰে আৰু মৃত ছাল আঁতৰাই ছালৰ জিলিকনি বৃদ্ধি কৰে। এচামুচ বেকিং চোডাত অলপ পানী মিহলাই পেষ্ট বনাওক আৰু বাহুৰ তলত লগাওক। বৃত্তাকাৰ গতিৰে লাহে লাহে মালিচ কৰি তাৰ পিছত পানীৰে ধুব। সপ্তাহত ২-৩ বাৰ ব্যৱহাৰ কৰিলে আন্ধাৰ কমি যাব পাৰে।
৩) নাৰিকল তেলৰ মালিচ
নাৰিকল তেলত ভিটামিন ই থাকে, যিয়ে ছালৰ পুষ্টি প্ৰদান কৰে আৰু ছালৰ ৰং উন্নত কৰে। গা ধোৱাৰ আগতে বাহুৰ তলৰ অংশত নাৰিকল তেলেৰে মালিচ কৰিব লাগে। ১০-১৫ মিনিট ৰাখি তাৰ ধুব। ইয়াৰ ফলত ছালখন আৰ্দ্ৰ হৈ থাকিব আৰু লাহে লাহে ক’লা কমি যাব।
৪/ এলোভেৰা জেল
এলোভেৰাত এন্টিঅক্সিডেন্ট থাকে, যিয়ে ছালখন মেৰামতি আৰু পাতল কৰাত সহায় কৰে। এলোভেৰাৰ পাতৰ পৰা সতেজ জেল উলিয়াই বাহুৰ তলত লগাব লাগে। ২০-৩০ মিনিট ৰাখি তাৰ পিছত ঠাণ্ডা পানীৰে ধুব।
সামৰণি পৰিল পেৰিছ অলিম্পিক ২০২৪।
বৰ্ণাঢ্য কাৰ্যসূচীৰে স্মৰণীয় হৈ পৰিল সামৰণি অনুষ্ঠানটি।

ভাৰতৰ হৈ সামৰণি অনুষ্ঠানত পতাকা বাহক পিআৰ শ্ৰীজেছ।
হকীৰ গ’লকীপাৰৰ লগতে মনু ভাকাৰেও পতাকা বহন কৰে।
দেশৰ স্বাধীনতা আন্দোলনৰ সেনানী সকলৰ ত্যাগ, বলিদানক শ্ৰদ্ধাৰে সোঁৱৰণ কৰি তেওঁলোকৰ ত্যাগক নতুন প্ৰজন্মৰ আগত দাঙি ধৰা, দেশবাসীৰ মাজত দেশপ্ৰেমৰ প্ৰতি সজাগতা সৃষ্টিৰ লক্ষ্যৰে ভাৰতীয় জনতা যুৱ মৰ্চাৰ উদ্যোগত দেওবাৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে বিধানসভা সমষ্টি ভিত্তিত দেশজুৰি আৰম্ভ হৈছে ত্ৰিৰংগা বাইক ৰেলী। এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি অসমৰ আন সমষ্টিৰ লগতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিনিধিত্ব কৰা জালুকবাৰী বিধানসভা সমষ্টিত মৰ্চাৰ গুৱাহাটী জিলা সমিতিৰ উদ্যোগত গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা ৰাজহ চক্ৰ এলেকাৰ ভি আই পিৰ পৰা মাজিৰগাঁৱলৈ এক বিশাল ত্ৰিৰংগা বাইক ৰেলী উলিওৱা হয়। মৰ্চাৰ গুৱাহাটী বিমানকোঠ মণ্ডল সমিতিৰ সহযোগত ভি আই পিস্থিত শ্যামভুমি উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰৰ পৰা উলিওৱা ত্ৰিৰংগা বাইক ৰেলীটো পতাকা জোকাৰি উদ্ধোধন কৰে বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা দলৰ মেঘালয় আৰু নাগালেণ্ডৰ প্ৰভাৰী আৰু ত্ৰিৰংগা বাইক ৰেলীৰ ৰাষ্ট্ৰীয় মুৰব্বী অনিল কে এন্থনীয়ে। এই উপলক্ষে বিজেপিৰ গুৱাহাটী জিলা সমিতিৰ সভাপতি তপন চন্দ্ৰ দাসে আঁত ধৰা চমু অনুষ্ঠানত বিজেপি নেতা অনিল কে এন্থনীয়ে ভাষণ প্ৰসংগত দেশজুৰি ত্ৰিৰংগা বাইক ৰেলী অনুষ্ঠিত কৰা বিষয়টোৰ আলোকপাত কৰি কয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীৰ মাজত দেশপ্ৰেমৰ ভাৱ উধুদ্ধ কৰাৰ বাবে সকলো নাগৰিককে ঘৰে ঘৰে ত্ৰিৰংগা পতাকা উৰুৱাৰ আহ্বান জনায় এই ৰেলীত ভাগ লোৱা সকলোকো শুভেচ্ছা জ্ঞাপন কৰিছে।

অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰী, ভাৰতীয় জনতা যুৱ মৰ্চাৰ অসম প্ৰদেশৰ সভাপতি ৰাকেশ দাস, গুৱাহাটী জিলা সমিতিৰ সভাপতি নীহাৰেন্দ্ৰ শৰ্মাকে ধৰি কেবাজনো নেতা, বিজেপিৰ অনুসূচিত জনজাতি মৰ্চাৰ গুৱাহাটী জিলা সমিতিৰ সভাপতি বলেশ্বৰ ৰংপী, ৰেলীত ভাগ লোৱা জালুকবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত গুৱাহাটী বিমানকোঠ মণ্ডল সমিতি , বিশ্ববিদ্যালয় মণ্ডল সমিতি, জালুকবাৰী মণ্ডল সমিতি আৰু উত্তৰ গুৱাহাটী মণ্ডল সমিতিৰ যুৱ মৰ্চাৰ সভাপতি , সাধাৰণ সম্পাদক প্ৰমুখ্যে কেবাজনো কৰ্মকৰ্তা উপস্থিত থাকে। ইফালে ভি আই পিৰ পৰা ৰাণীগেট, ধাৰাপুৰ চাৰিআলি, গড়লহৈ মাজিৰগাঁওলৈ উলিওৱা ত্ৰিৰংগা বাইক ৰেলীত জালুকবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত যুৱ মৰ্চাৰ চাৰিওটা মণ্ডল সমিতিৰ প্ৰায় চাৰি হাজাৰ কৰ্মকৰ্তা, কাৰ্যকৰ্তা আৰু সমৰ্থকে ভাগ লয়। ৰেলীত ভাগ লোৱা সকলোৱে ত্ৰিৰংগা পতাকা উৰুৱাই ভাৰত মাতা কি জয়, বিজেপি জিন্দাবাদ, নৰেন্দ্ৰ মোদী জিন্দাবাদ, হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, ভাৰতীয় জনতা যুৱ মৰ্চা জিন্দাবাদ ধ্বনি দি আকাশ বতাহ মুখৰিত কৰি তোলে।
গুৱাহাটীৰ জালুকবাৰীৰ পৰা খানাপাৰা অভিমুখী ৰাষ্ট্ৰীয় ঘাইপথৰ গড়চুকৰ সমীপত দেওবাৰে নিশা প্ৰায় ৮.৫০ মান বজাত সংঘটিত এক পথ দুৰ্ঘটনাত দুজন বাইক আৰোহী কম-বেছি পৰিমাণে আহত হয়। সেই সময়তে জালুকবাৰীৰ পৰা দিছপুৰ অভিমুখে আহি আছিল অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীয়ুষ হাজৰিকাৰ কনভয়। মন্ত্ৰী হাজৰিকাই নিজৰ কনভয় ৰখাই বাহনৰ পৰা নামি গৈ আহত বাইক আৰোহী যুৱকদ্বয়ক নিজৰ বাহনত উঠাই চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ লৈ যায়।

পাছত দুৰ্ঘটনাথলীত গড়চুক থানাৰ আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। উল্লেখ্য যে যুৱক দুজনে এ এছ ০১ এফ জেদ ৭৩৯৮ নম্বৰৰ মটৰ চাইকেলত বৰাগাওঁ দিশৰ পৰা লখৰা অভিমুখে গৈ থকা অৱস্থাত আগে আগে গৈ থকা এখন ট্ৰাকত পাছফালৰ পৰা খুন্দা মাৰে আৰু পথত পৰি যায়। ফলত দুয়োজন কম-বেছি পৰিমাণে আহত হবলগীয়া হৈছিল। দুৰ্ঘটনাৰ পাছত পথত যানজঁটৰ সৃষ্টি হোৱাত গড়চুক থানাৰ যানবাহন শাখাৰ আৰক্ষীৰ লোক আহি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়।
AIUDFৰ যুৱমৰ্চাৰ সভাপতি জেহেৰুল ইছলামৰ পদত্যাগ।

আজমলৰ ভেটিত কঁপনি
AIUDFৰ যুৱমৰ্চাৰ সভাপতি জেহেৰুল ইছলামৰ পদত্যাগ
অমৃত বৃক্ষ আন্দোলনৰ অধীনত ১প্ৰথম বি এন এছ এছ সোণাপুৰ ৰ উদ্যোগত অনুষ্ঠিত হয়

অমৃত বৃক্ষ আন্দোলন ২০২৪ৰ অধীনত নলবাৰীৰ সৰিয়াতোলিৰ গোপাল থান মন্দিৰত ১নং বি এন এছ এছ বি সোণাপুৰ, অসমৰ কমাণ্ডেণ্ট শ্ৰী সুনীল কৌশিকৰ নেতৃত্বত বাগিচা অভিযান অনুষ্ঠিত হয়
এই বাগিচা অভিযানৰ মূল উদ্দেশ্য আছিল মানুহক পৰিৱেশৰ প্ৰতি সচেতন কৰা যাতে তেওঁলোকে গছ ৰোপণৰ প্ৰতি নিজৰ দায়িত্ব উপলব্ধি কৰিব পাৰে, আৰু সেউজ সংঘাত বৃদ্ধি কৰা আৰু তাৰ দ্বাৰা অসমৰ সেউজ আৱৰণ বৃদ্ধি কৰা। এই অনুষ্ঠানৰ সময়ত এছ এছ বি কৰ্মী, গাওঁ প্ৰধান & স্থানীয় গাঁওবাসীয়ে অংশগ্ৰহণ কৰি আজি মুঠ ৩২০ টা পুলি ৰোপণ কৰা হৈছে
ধেমাজি জিলাৰ গোগামুখৰ অন্যতম ক্ৰীড়া সংগঠক ন-গাঁও যুৱক সংঘৰ উদ্যোগত গোগামুখ নগৰ হাইস্কুল খেলপথাৰত দেশৰ ৭৮ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে অনুষ্ঠিত হৈ থকা প্ৰয়াত কনকেশ্বৰ গগৈ আৰু ধনবৰ দত্ত সোঁঁৱৰণি প্ৰাইজমানি আৰু ট্ৰফী ফুটবল প্ৰতিযোগিতাৰ আজি বিয়লি অনুষ্ঠিত প্ৰথমখন ছেমিফাইনেল খেলত গা-ডাঙৰচুুুক এফ চিয়ে গোগামুখ চৃঃচাং এফ চিক ৩-১ গ’লৰ ব্যৱধানত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছে ৷

উত্তেজনাপূৰ্ণ খেলখনত চৃঃচাং এফ চিয়ে সুন্দৰ খেল প্ৰদৰ্শন কৰিি অধিক সময় নিজৰ ভৰিত বল ৰাখিবলৈ সক্ষম হৈ যদিও গ’লকীপাৰৰ দুৰ্বলতাৰ বাবে দুটা গ’ল অযথা হজম কৰিবলগীয়া হয় ৷
চৃঃচাং এফ চিয়ে লোৱা তিনিটা সুতীব্ৰ শ্বট গা-ডাঙৰ চুকৰ গ’লবাৰত লাগি ঘুৰি অহাৰ বিপৰীতে গা-ডাঙচুক এফ চিয়েও কেবাটাও নিশ্চিত গ’ল কৰাৰ সুযোগ নষ্ট কৰে ৷ গা-ডাঙৰচুক এফ চিৰ গলকীপাৰে আজি সুন্দৰ খেল প্ৰদৰ্শন কৰি নিজৰ দলক বহুকেইটা নিশ্চিত গ’লৰ পৰা ৰক্ষা কৰে ৷
আজিৰ খেলখন পৰিচালনা কৰে কিৰণ কুলি, মহানন্দ মিলি আৰু আৰু গৌৰৱজ্যোতি দলেয়ে ৷ চতুৰ্থ পৰিচালক হিচাপে থাকে ভূবন পেগুৱে ৷ মেচ কমিছনাৰ হিচাপে থাকে মণিৰাম পেগুৱে ৷ স্বাধীনতা দিৱস কাপ ফুটবল প্ৰতিযোগিতাৰ আয়োজক সমিতিৰ সভাপতি কল্যাণ গগৈ আৰু সম্পাদক সদানন্দ দাসে জনোৱা মতে কাইলৈ প্ৰতিযোগিতাখনৰ খেল বন্ধ থাকিব আৰু ১৩ আগষ্টত গোগামুখ জি এম এছ এফ চি আৰু মৰ্ণিং এফ চিৰ মাজত দ্বিতীয়খন ছেমিফাইনেল অনুষ্ঠিত হ’ব ৷
১৯৮৭ চনত অসমৰ বহু সংখ্যক গণ্য মাণ্য কবিৰ বিশেষ প্ৰচেষ্টাত গঠিত হোৱা উত্তৰ-পূব ভাৰতৰ সৰ্ববৃহৎ কাব্যানুষ্ঠান অসম কবি সন্মিলনৰ অন্তৰ্গত মাজুলীত প্ৰথমবাৰৰ বাবে আজি প্ৰতিষ্ঠা লাভ কৰে মাজুলী জিলা কবি সন্মিলনে ।

আজি বিয়লি ১ বজাৰ পৰা গড়মূৰ প্ৰেছ ক্লাবত মাজুলীৰ অৰ্ধ শতাধিক কাব্যপ্ৰেমী ৰাইজৰ উপস্থিতিত বিশিষ্ট শিক্ষাবিদ তথা সাহিত্যকৰ্মী ৰমেশ চন্দ্ৰ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত ৰাজহুৱা সভাত অসম কবি সন্মিলনৰ লক্ষীমপুৰ জিলা কবি সন্মিলনৰ সম্পাদক ডঃ তৰুণ চন্দ্ৰ বৰা, দুলাল দিহিঙ্গীয়া, মিনু নেওগ ভৰালী প্ৰমুখ্যে বহুকেইজন কেন্দ্ৰীয় বিষয়ববীয়াৰ পৰ্যবেক্ষণত পোনপ্ৰথমবাৰৰ বাবে অসম কবি সন্মিলনৰ অন্তৰ্গত মাজুলী জিলা কবি সন্মিলনে জন্ম লাভ কৰে।
সাহিত্য সংগঠক মনোজ্যোতি ৰেগন, কবি শংকুসিদ্ধ নাথ, কবি পাৰুল বৰা মিলি, সংবাদ সেৱক কিশোৰী মোহন পালে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰা সভাখনত সৰ্বসন্মতিক্ৰমে কবি-সংগঠক ৰমেশ চন্দ্ৰ শইকীয়াক সভাপতি, মনোজ্যোতি ৰেগনক কাৰ্যকৰী সভাপতি, ৰূপজ্যোতি নাথ আৰু মুনিন টায়েক উপ-সভাপতি, পাপু বৰাক সম্পাদক, শংকুসিদ্ধ নাথ আৰু পাৰুল বৰা মিলিক যুটীয়া সম্পাদক, বিকাশ শইকীয়াক প্ৰচাৰ সম্পাদক, মহানন্দ হাজৰিকাক সাংগঠনিক সম্পাদক, ভৱানন্দ হাজৰিকাক পত্ৰিকা সম্পাদক, বিজয় শইকীয়াই কাব্য সংকলনৰ সম্পাদক, ৰুণমণি শইকীয়াক কোষাধ্যক্ষ, উৎপল কাকতি, ইভাৰাণী গোস্বামী, মহিম চন্দ্ৰ নাথ, খগেন হাজৰিকা, ৰাজীৱ বৰা, কৃষ্ণাৰাণী শইকীয়া বৰুৱা, দীপাংকৰ ভাগৱতী, অনন্ত কুমাৰ ঙাটে, কবিতা মৰাং পেগু, শৰ্মী দলে পেগু, শুভ্ৰা দলে, উমেশ সিং ৰাজপুত, তিলক ৰাজখোৱাক কাৰ্যকৰী সদস্য আৰু কিশোৰী মোহন পাল, বিষ্ণু প্ৰসাদ দেউৰী আৰু মানিক বৰুৱাক উপদেষ্টা হিচাপে লৈ এখন শক্তিশালী সমিতি গঠন কৰা হয় ।
অসম কবি সন্মিলনৰ কেন্দ্ৰীয় বিষয়ববীয়া ডঃ তৰুণ চন্দ্ৰ বৰাই উদ্দেশ্য ব্যাখ্যা কৰা ৰাজহুৱা সভাখন জাতীয় সংগীত পৰিৱেশনৰে সফল সমাপ্তি ঘটে।
অসমৰ এগৰাকী বিশিষ্ট কবি, সমালোচক তথা গল্পকাৰ ৰবীন্দ্ৰ বৰাৰ আকস্মিক মৃত্যু৷ হৃদৰোগত আক্ৰান্ত হৈ ৮৫ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে বৰ্ষীয়ান সাহিত্যিকগৰাকীয়ে৷ ১৯৩৯ চনত মাকুমত জন্মগ্ৰহণ কৰা ৰবীন্দ্ৰ বৰাই ৰামধেনু যুগতে কবি হিচাপে আত্মপ্ৰকাশ কৰি অসমীয়া সাহিত্য জগতলৈ গুৰুত্বপূৰ্ণ বৰঙণি আগবঢ়াইছে৷

১৪ খন কাব্যসংকলন, ৪ খন গল্পসংকলন, এখন উপন্যাসকে ধৰি বহু মূল্যৱান গ্ৰন্থৰে অসমীয়া সাহিত্যক সমৃদ্ধ কৰি গ’ল ৰবীন্দ্ৰ বৰাই৷ তেখেতৰ উল্লেখযোগ্য কাব্যগ্ৰন্থৰ ভিতৰত আছে ’দীৰ্ঘদিনৰ প্ৰস্তুতিৰে’,’ নিৰ্বাসিত সময়’, ’শইচৰ মানুহ’,’ উত্তৰ প্ৰজন্ম’, ’ৰাতি ভাঙি আহে’, ’ক’ৰবাত ৰ’দৰ গান’, ’ৰ’দৰ চৰাই’ আদি৷ ’মই পৰ্যটক’ নামেৰে নতুন কাব্যগ্ৰন্থ এখন প্ৰকাশৰ পথত অাছিল৷ ৰবীন্দ্ৰ বৰাৰ প্ৰকাশিত গল্প সংকলন কেইখন হ’ল ’আলিদোমোজাত’, ’পূৰ্বাপৰ’, ’অকলশৰীয়া ভয়’ আৰু ’আকাশ য’ত হেৰালে’৷
১৯৯৬ চনত প্ৰকাশ পায় বৰাৰ একমাত্ৰ উপন্যাস ’দ্ৰৌপদী’৷ অসম সাহিত্য সভাই প্ৰকাশ কৰিছিল ৰবীন্দ্ৰ বৰাই সম্পাদনা কৰা অতি গুৰুত্বপূৰ্ণ গ্ৰন্থ ’সাম্প্ৰতিক তৰুণৰ কবিতা’৷ অসম কবি সমাজৰ প্ৰাক্তন সভাপতি বৰাই ১৯৮৮ চনত অসম সাহিত্য সভাৰ বোকাখাত অধিৱেশনৰ কবি সন্মিলনত সভাপতিত্ব কৰিছিল৷
২০১২ চনত লাভ কৰিছিল অসম সাহিত্য সভাৰ ছগনলাল জৈন বঁটা৷ এগৰাকী সমালোচক হিচাপে গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা ৰবীন্দ্ৰ বৰাই নতুন প্ৰজন্মক মাৰ্গদৰ্শন কৰাৰ লগতে প্ৰতিষ্ঠাৰ বাট দেখুৱাই দিয়াত অহোপুৰুষাৰ্থ কৰিছিল৷ অসম চৰকাৰৰ জনসংযোগ বিভাগৰ অৱসৰপ্ৰাপ্ত বিষয়া ৰবীন্দ্ৰ বৰাই পত্নী অঞ্জুলা ভূঞা বৰাৰ লগতে দুই কন্যা ভাস্বতী বৰা ৰাজগুৰু, গীতাৰ্থী বৰা, জোৱাই বিশিষ্ট সাংবাদিক প্ৰশান্ত ৰাজগুৰু আৰু কাৰ্টুনিষ্ট উৎপল বৰাৰ লগতে বহু আত্মীয় স্বজনক এৰি থৈ গৈছে৷ বৰাৰ মৃত্যুৰ বাতৰি বিয়পাৰ লগে লগে অসমৰ সাহিত্য জগতত গভীৰ শোকৰ ছাঁ পৰিছে৷