Home Blog Page 597

কাজু বাদামত কি কি গুণ আছে, যিবোৰ শৰীৰৰ বাবে উপকাৰী…

মিঠা সোৱাদৰ বাবে পৰিচিত কাজু বহু খাদ্যপ্ৰেমীয়ে ভাল পোৱা এবিধ শুকান ফল। কাজু বাদাম আপোনাৰ স্বাস্থ্যৰ বাবেও যথেষ্ট উপকাৰী। কাজু কেৱল সুস্বাদুয়ে নহয়, স্বাস্থ্যৰ বাবেও অতি উপকাৰী, কাজু বাদামত কোনবোৰ পুষ্টিকৰ উপাদান পোৱা যায় জানো আহক-


কাজুত ভাল পৰিমাণৰ প্ৰটিন থাকে, যিটো শৰীৰৰ পেশী গঠন আৰু মেৰামতিৰ বাবে অতি প্ৰয়োজনীয়।

অসংপৃক্ত চৰ্বি কাজুত পোৱা যায়, যিটো হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে উপকাৰী। ই বেয়া কলেষ্টেৰল হ্ৰাস কৰাত আৰু ভাল কলেষ্টেৰল বৃদ্ধি কৰাত সহায় কৰে।

ভিটামিন ই, বি ভিটামিন আৰু মেগনেছিয়াম আৰু জিংকৰ দৰে কিছুমান খনিজ পদাৰ্থও কাজুত পোৱা যায়।

কাজু বাদামতো আঁহ পোৱা যায়, যিয়ে পাচনতন্ত্ৰ সুস্থ কৰি ৰখাত সহায় কৰে।

কাজুত মেগনেছিয়াম আৰু জিংকৰ দৰে খনিজ পদাৰ্থ থাকে, যিবোৰ মগজুৰ স্বাস্থ্যৰ বাবে অতি গুৰুত্বপূৰ্ণ। কাজুত মেগনেছিয়াম আৰু তামৰ দৰে খনিজ পদাৰ্থ পোৱা যায়, যিয়ে হাড় শক্তিশালী কৰাত সহায় কৰে।কাৰ্বহাইড্ৰেট আৰু প্ৰটিন দুয়োটা কাজুত পোৱা যায়, যিয়ে শৰীৰক শক্তি প্ৰদান কৰে আৰু আপোনাক দীৰ্ঘদিন ধৰি সক্ৰিয় কৰি ৰাখে।
কাজুত ভিটামিন ই পোৱা যায়, যিয়ে ছালখনক সুস্থ কৰি ৰখাত সহায় কৰে। ই ছালত আৰ্দ্ৰতা প্ৰদান কৰে আৰু বয়স বৃদ্ধিৰ লক্ষণ কমোৱাত সহায় কৰে।

আজি কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ৰ ছাত্ৰীক নিযুত মইনা আঁচনিৰ প্ৰ-পত্ৰ বিতৰণ কৰে বিধায়ক অতুল বৰাই…

আজি কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ৰ ছাত্ৰীক নিযুত মইনা আঁচনিৰ প্ৰ-পত্ৰ বিতৰণ কৰে বিধায়ক অতুল বৰাই।

আজি ২০৭ গৰাকী ছাত্ৰীক এই নিযুত মইনা আঁচনিৰ প্ৰ-পত্ৰ বিতৰণ বিধায়কগৰাকীয়ে।

প্ৰ-পত্ৰ বিতৰণ অনুষ্ঠানত উপস্থিত থাকে কলেজৰ অধ্যক্ষা ডঃ শিখামনি কোঁৱৰ, উপাধ্যক্ষা ডঃ মৌচুমী বৰদলৈ হাজৰিকা গুৱাহাটী পৌৰ নিগমৰ ৬০ নং ৱাৰ্ডৰ পাৰিষদ তথা গুৱাহাটী পৌৰ নিগমৰ অধ্যক্ষ ভূপেন বৰুৱা আৰু শিক্ষা বিভাগৰ চিআৰচিচি চামচুন নাহাৰ বেগম।

মই নোৱাৰা কাম কংগ্ৰেছত অশোক শৰ্মাই কৰিব পাৰিব বুলি বিশ্বাসঃ হিমন্ত বিশ্ব শৰ্মা…

অশোক শৰ্মা কংগ্ৰেছত যোগদান কৰাক লৈ মই আনন্দিত। মই নোৱাৰা কাম কংগ্ৰেছত অশোক শৰ্মাই কৰিব পাৰিব বুলি বিশ্বাস। অশোক শৰ্মা য’তেই নাথাকক কিয় ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ আদৰ্শেৰে হিন্দুৰ কাৰণে কাম কৰক। নলবাৰীৰ বিজেপিৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাই কংগ্ৰেছত যোগদান কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

মহানগৰীৰ বান সমস্যাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, কেতিয়া নিশেষ হ’ব তাৰ উত্তৰ মোৰ ওচৰত নাই। মেঘালয়ে যিমানে পাহাৰ কাটিব সিমানে গুৱাহাটীত বান হ’ব।

মনীষ ছিছোডিয়াৰ জামিনৰ পিছত আপ নেত্ৰী আতিশীৰ চকুত চকুপানী…

দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়াৰ জামিন মঞ্জুৰ। আবকাৰী গোচৰত জামিন মঞ্জুৰ কৰিলে সৰ্বোচ্চ ন্যায়ালয়ে। বিগত এবছৰৰো অধিক কাল কাৰাবন্দী হৈ আছিল ছিছোদিয়া। মনীষ চিছ’দিয়াক জামিন প্ৰদান কৰা উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তক “সত্যৰ জয়” বুলি অভিহিত কৰি শুকুৰবাৰে আম আদমী পাৰ্টিয়ে আশা প্ৰকাশ কৰে যে আন কাৰাগাৰত থকা দলৰ নেতাসকলেও “ন্যায় লাভ” কৰিব। আনহাতে বিজেপিয়ে কয় যে মনীষ ছিছ’দিয়াই জামিন পাইছে, গোচৰটোত তেওঁক দোষমুক্ত কৰা হোৱা নাই।

মনীষ ছিছোডিয়াৰ জামিনৰ পিছত চৰকাৰী কাৰ্যসূচীৰ মাজতে কান্দোনত ভাঙি পৰিল আপ নেত্ৰী আতিশী। এক বিদ্যালয় উদ্বোধনী কাৰ্যসূচীত মনীষৰ জামিনৰ খবৰ পোৱাৰ লগে লগে আতিশীয়ে বিদ্যালয়ৰ কাৰ্যসূচীত আৱেগিক হৈ পৰিল। আতিশিয়ে কান্দি কান্দি ক’লে যে আজি শিক্ষা বিপ্লৱৰ পিতৃয়ে জয়লাভ কৰিছে। মনীষ ছিছ’দিয়াৰ বিৰুদ্ধে শ্ল’গান দিয়া হ’ল। মনীষ চিছ’দিয়াক জেলত ভৰোৱা হৈছিল কাৰণ তেওঁ দুখীয়া ল’ৰা-ছোৱালীক ভাল শিক্ষা দি আছিল।

দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়াৰ জামিন মঞ্জুৰ…

দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়াৰ জামিন মঞ্জুৰ। আবকাৰী গোচৰত জামিন মঞ্জুৰ কৰিলে সৰ্বোচ্চ ন্যায়ালয়ে। বিগত এবছৰৰো অধিক কাল কাৰাবন্দী হৈ আছিল ছিছোদিয়া।

মনীষ চিছ’দিয়াক জামিন প্ৰদান কৰা উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তক “সত্যৰ জয়” বুলি অভিহিত কৰি শুকুৰবাৰে আম আদমী পাৰ্টিয়ে আশা প্ৰকাশ কৰে যে আন কাৰাগাৰত থকা দলৰ নেতাসকলেও “ন্যায় লাভ” কৰিব। আনহাতে বিজেপিয়ে কয় যে মনীষ ছিছ’দিয়াই জামিন পাইছে, গোচৰটোত তেওঁক দোষমুক্ত কৰা হোৱা নাই।

দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমি পাৰ্টিৰ আহ্বায়ক অৰবিন্দ কেজৰিৱালৰ পত্নী সুনীতা কেজৰিৱালে মনীষ চিছ’দিয়াৰ জামিনক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁ কৈছে যে ঈশ্বৰৰ ঘৰত পলম হয়, আন্ধাৰ নহয়।

আপৰ ৰাজ্যসভাৰ সাংসদ ৰাঘৱ চাধাই ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’ত এক পোষ্টযোগে কয় যে, ‘দিল্লীৰ শিক্ষা বিপ্লৱৰ নায়ক মনীষ ছিছ’দিয়াই জামিন লাভ কৰাত আজি সমগ্ৰ দেশ সুখী।

আজি ‘আন্তঃৰাষ্ট্ৰীয় খিলঞ্জীয়া দিৱস’…

‘আন্তঃৰাষ্ট্ৰীয় খিলঞ্জীয়া দিৱস’ উপলক্ষে মন্ত্ৰী পীযুষ হাজৰিকাৰ সামাজিক মাধ্য়মত এটি পোষ্ট

বিশ্বৰ খিলঞ্জীয়া লোকসকলৰ অধিকাৰ ৰক্ষা কৰিবলৈ আৰু তেওঁলোকৰ অভিব্যক্তিক গোটেই বিশ্বৰ আগত দাঙি ধৰিবলৈ আজিৰ দিনটোত ‘আন্তঃৰাষ্ট্ৰীয় খিলঞ্জীয়া দিৱস’ উদযাপন কৰা হয়।

আজিৰ এই বিশেষ দিনটোত বিভিন্ন খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ বাসভূমি অসমৰ প্ৰতিগৰাকী ভূমিপুত্ৰলৈ শ্ৰদ্ধাপূৰ্ণ শুভকামনা জনাইছোঁ। এই বিশেষ ক্ষণত সকলোকে খিলঞ্জীয়া জাতি-জনগোষ্ঠীসমূহৰ অনুপম-অনন্য কলা-সংস্কৃতি,

ঐতিহ্য সংৰক্ষণৰ হেতু প্ৰতিশ্ৰুতিবদ্ধ হ’বৰ বাবে আহ্বান জনাইছোঁ। আন্তৰিকতাৰে আশা কৰিছোঁ, খিলঞ্জীয়া ৰাইজৰ একতা, সম্মিলিত প্ৰয়াস, ঐক্যবদ্ধ কৰ্ম-সেৱাই সকলো অপশক্তিক নাশ কৰিব।

চাচনি চিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ত মুখ্যমন্ত্ৰীৰ নিযুত মাইনা আঁ‌চনিৰ প্ৰ-পত্ৰ ছাত্ৰীসকলৰ মাজত বিতৰণ তৰংগ গগৈৰ…

বাল্য বিবাহৰ দৰে সামাজিক ব্যাধি প্রতিৰোধ তথা ছাত্রী সবলীকৰণৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা তথা শিক্ষা বিভাগৰ দূৰদৰ্শী চিন্তাৰে গ্ৰহণ কৰা এক সৰ্বাংগীণ পদক্ষেপ হৈছে ‘মুখ্যমন্ত্রীৰ নিযুত মইনা আঁচনি’।


আজি চাচনি চিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ত মুখ্যমন্ত্ৰীৰ নিযুত মাইনা আঁ‌চনিৰ প্ৰ-পত্ৰ ছাত্ৰীসকলৰ মাজত বিতৰণ কৰিবলৈ পাই আনন্দিত বিধান সভাৰ সদস্য তৰংগ গগৈ ।


এই আঁ‌চনিৰ সফল ৰূপায়ণে নাহৰকটীয়া সমষ্টি তথা ৰাজ্যৰ যুৱতীসকলক শিক্ষাৰ ক্ষেত্ৰত আগুৱাই লৈ যোৱাৰ লগতে বাল্যবিবাহ ৰোধত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। তেওঁ এই আচঁনিয়ে ছাত্ৰীসকলক শৈক্ষিক-সামাজিক উত্তৰণৰ ক্ষেত্ৰত যথেষ্ট উপকৃত কৰিব বুলি কয় ৷

কেনে আছে হাৰ্দিক, নাটাছা! বিচ্ছেদৰ পিছত নাটাছা ষ্টেনকভিচৰ জীৱন কিমান সলনি হৈছে…

নাটাছা ষ্টেনকভিচ আৰু হাৰ্দিক পাণ্ডিয়াৰ মাজত বিচ্ছেদ হোৱা এমাহ হ’ল। সম্প্ৰতি পুত্ৰ আগষ্ট্যাৰ সৈতে গৃহ চহৰ ছাৰ্বিয়াত থকা অভিনেত্ৰীগৰাকীয়ে ছ’চিয়েল মিডিয়াত অহৰহ ফটো শ্বেয়াৰ কৰি আছে। শেহতীয়াকৈ অভিনেত্ৰীগৰাকীয়ে এটা পোষ্ট শ্বেয়াৰ কৰি অনুৰাগীক আচৰিত কৰি তুলিছে।

যোৱা মাহত ১৮ জুলাইত অভিনেত্ৰী নাটাছা ষ্টেনকভিচ আৰু ক্ৰিকেটাৰ হাৰ্দিক পাণ্ডিয়াই নিজৰ ইনষ্টাগ্ৰামত এটা পোষ্ট শ্বেয়াৰ কৰিছিল, য’ত দুয়োজনে নিজৰ নিজৰ অনুৰাগীৰ সৈতে নিজৰ বিচ্ছেদৰ খবৰ শ্বেয়াৰ কৰি সকলোকে আচৰিত কৰি তুলিছিল। কিন্তু দুয়োজনে দীৰ্ঘদিন ধৰি ইজনে সিজনৰ পৰা পৃথকে থাছিল, তাৰ পিছত অনুৰাগীসকলে তেওঁলোকৰ বিচ্ছেদৰ ধাৰণা এটা লাভ কৰিছিল। এইদৰে তেওঁৰ পোষ্টটোৱে অনুৰাগীৰ হৃদয় ভাঙি পেলালে।

তেওঁলোকৰ বিচ্ছেদৰ ঘোষণাৰ পিছত অনুৰাগীয়ে হাৰ্দিকক অহৰহ সমৰ্থন কৰি থকাৰ সময়তে নাটাছাই ট্ৰ’লৰ সন্মুখীন হৈছে। লগতে ছ’চিয়েল মিডিয়াত সক্ৰিয় হৈ আছে অভিনেত্ৰীগৰাকীয়ে কিছু পোষ্ট শ্বেয়াৰ কৰি আছে। শেহতীয়াকৈ অভিনেত্ৰীগৰাকীয়ে এটা পোষ্ট শ্বেয়াৰ কৰি অনুৰাগীক আচৰিত কৰি তুলিছে। এখন ফটো শ্বেয়াৰ কৰি নাটাছাই কেপচন লিখিছে। এই ফটোখনত নাটাছাক গাড়ীত বহি থকা দেখা গৈছে আৰু তাইৰ মুখখন অতি শান্ত। কেপচনত লিখিছে, ‘ভগৱান পথ প্ৰদৰ্শনত, প্ৰেমেৰে আগুৰি থকা.. কৃতজ্ঞতাত জীয়াই থকা।

দেশৰ স্বাধীনতা দিৱসলৈ মাজত ৬ দিন ! ইতিমধ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সলনি কৰিছে সামাজিক মাধ্যমৰ প্ৰফাইল ফটো…

‘ঘৰে ঘৰে ত্ৰিৰংগ’ কাৰ্যসূচীত অংশ লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সলনি কৰিলে প্ৰফাইল ফটো ৷

ইতিমধ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সলনি কৰিছে সামাজিক মাধ্যমৰ প্ৰফাইল ফটো ৷ প্ৰতিগৰাকী নাগৰিকক এই কাৰ্যসূচীত অংশ লোৱাৰ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ৷

দেশৰ প্ৰতিজন নাগৰিকক ঘৰে ঘৰে ত্ৰিৰংগা কাৰ্যসূচীত সহযোগিতাৰ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

বাংলাদেশৰ অৰাজক পৰিস্থিতিৰ আঁৰত কোন! দেশত গণতন্ত্ৰ পুনৰুদ্ধাৰ হ’লে বাংলাদেশলৈ পুনৰ ঘূৰিব শ্বেখ হাছিনা…

এক সাক্ষাৎকাৰত হাছিনা পুত্ৰ ছাজিব ৱাজেদ জয়ে কয় যে আমি শ্বেখ মুজিবুৰ ৰহমানৰ পৰিয়াল। আমি আমাৰ দেশৰ জনসাধাৰণ আৰু আমাৰ দলৰ নেতা-কৰ্মী-সমৰ্থকক এনেদৰে পিঠি দিব নোৱাৰো। ছাজিবে কয় যে মই কৈছিলো, মা দেশলৈ ঘূৰি নাহে। কিন্তু তাৰ পিছৰ পৰাই যোৱা দুদিনত পৰিস্থিতিৰ বহু পৰিৱৰ্তন হৈছে। আমাৰ দলৰ নেতাসকলৰ ওপৰত ধাৰাবাহিক আক্ৰমণ আৰম্ভ হৈছে। গতিকে আমি সিদ্ধান্ত লৈছো, আমাৰ দলৰ নেতা-কৰ্মীক বচাবলৈ যি কৰিব লাগে আমি কৰিম।

সোমবাৰে বিয়লি বাংলাদেশৰ প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰি সেনাৰ বিমানেৰে ভাৰতলৈ আহিছিল হাছিনাই। তেওঁৰ লগত আছিল তেওঁৰ ভগ্নী শ্বেখ ৰেহানা। কিন্তু হাছিনা দেশ এৰি যোৱাৰ খবৰটোও নাজানিছিল তেওঁৰ দল আৱামী লীগৰ নেতা-মন্ত্ৰীসকলে। হাছিনা যোৱাৰ পিছত তেওঁলোকৰ বহুকেইজনক আন্দোলনকাৰীয়ে আক্ৰমণ কৰে। বহুতৰে মৃত্যু হ’ল। বহুতেই গৃহহীন। বহু নেতাই লুকাই থাকিব লগা হৈছে। শেষত এনে বহু নেতাই হাছিনাৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে। হাছিনাৰ কেবিনেটৰ এজন প্ৰাক্তন সদস্যই ক’লে, “তেওঁ আমাক ইমান বিপদত কেনেকৈ এৰি দিলে!” সাক্ষাৎকাৰত তেওঁ কয় যে আৱামী লীগ হৈছে বাংলাদেশৰ আটাইতকৈ ডাঙৰ আৰু পুৰণি ৰাজনৈতিক দল। আমি শ্বেখ মুজিবুৰ ৰহমানৰ পৰিয়াল। আমি আমাৰ দেশৰ জনসাধাৰণ আৰু আমাৰ দলৰ নেতা-কৰ্মী-সমৰ্থকক এনেদৰে পিঠি দিব নোৱাৰো। তেওঁ (শ্বেখ হাছিনা) দেশলৈ উভতি আহিব। বাংলাদেশত গণতন্ত্ৰ পুনৰুদ্ধাৰ হ’লেহে ঘূৰি আহিব।” অৱশ্যে ৭৬ বছৰীয়া শ্বেখ হাছিনা ‘সক্ৰিয় ৰাজনীতিবিদ’ হিচাপে দেশলৈ ঘূৰি আহিব নে নহয় সেয়া স্পষ্ট কৰা নাই জয়।