Home Blog Page 599

প্ৰবীণ ভাৱৰীয়া শিল্পী প্ৰতাপ চন্দ্ৰ বেজবৰুৱাৰ দেহাৱসান

পশ্চিম নলবাৰী ৰাজহ চক্ৰৰ অন্তর্গত জাগাৰা গোপালপুৰ চুবুৰী নিবাসী প্ৰতাপ চন্দ্ৰ বেজবৰুৱাৰ আজি পুৱতি নিশা ৩-৫০ বজাত নলবাৰী মেডিকেল কলেজ হাস্পতালত বার্ধক্যজনিত ৰোগত ভূগি পৰলোকপ্ৰাপ্তি ঘটে ৷ সমগ্ৰ নলবাৰী জিলাৰ লগতে ভিন্ ভিন্ প্ৰান্তত ভাৱৰীয়া শিল্পী হিচাপে পৰিচিত,এগৰাকী সুদক্ষ ফুটবল খেলুৱৈ তথা ডাক বিভাগৰ অৱসৰপ্ৰাপ্ত কর্মচাৰী বেজবৰুৱাৰ মৃত্যুৰ সময়ত বয়স হৈছিল ৮০ বছৰ ৷

১৯৪৫ চনৰ ২৯ অক্টোৱৰত জন্ম গ্ৰহন কৰা শিল্পী বেজবৰুৱাই জীৱনত বিভিন্ন ঘাট প্ৰতিঘাট নেওচি সুদীর্ঘ ৫৬ বছৰ ধৰি ভাৱৰীয়া শিল্পৰ লগত জড়িত হৈ শিল্পী সত্তাক জীয়াই ৰখাৰ বাবে চেষ্টা চলাইছিল ৷ ২০২০ চনত তেওঁক অসম চৰকাৰে শিল্পী পেন্সন প্ৰদান কৰিছিল ৷ উল্লেখ্য যে জাগাৰা গোপালপুৰ ভাৱৰীয়া দলৰ দলপতি বেজবৰুৱাই অঞ্চলটোত কেইবাটাও ভাৱৰীয়া দলৰ জন্ম দিছিল ৷ আনকি তেওঁ জীৱনৰ শেষ সময়লৈকে ভাৱৰীয়া শিল্পক নতুন প্ৰজন্মৰ জৰিয়তে জীয়াই ৰাখিবলৈ অহোপুৰুষার্থ কৰি আহিছিল ৷ উঠি অহা প্ৰজন্মক তেওঁ সাহস আৰু প্ৰেৰণাৰে উদ্বুদ্ধ কৰি থৈ গৈছে ৷ মৃত্যুৰ আগমূহুর্তলৈকে সর্বজন সমাদৃত ব্যক্তি হিচাপে পৰিগনিত এই প্ৰবীণ শিল্পী গৰাকীৰ মৃত্যুত সমগ্ৰ পশ্চিম নলবাৰীত শোকৰ ছাঁ পৰিছে ৷

তেখেতৰ মৃত্যুত জাগাৰাৰ প্ৰতিটো অনুষ্ঠান-প্ৰতিষ্ঠান,দক্ষিণ পকোৱা আঞ্চলিক ছাত্ৰ সন্থা,সামাজিক সাংস্কৃতিক অনুষ্ঠান ‘প্ৰজন্ম’,মাহেকীয়া সাহিত্য-সংস্কৃতিমূলক আলোচনী ‘জোনাক’ৰ বৃহত্তৰ পৰিয়ালবর্গ,উত্তৰ পুৰুষৰ মঞ্চই শোক ব্যক্ত কৰে ৷ আজি অজস্ৰ গুণমুগ্ধৰ উপস্থিতিত জাগাৰাৰ ৰাজহুৱা শ্মশানত শিল্পী গৰাকীৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয় ৷ মৃত্যুৰ সময়ত তেওঁ পত্নীৰ লগতে দুই পুত্ৰ-বোৱাৰী,তিনি জী-জোৱাই আৰু নাতি-নাতিনী এৰি থৈ যায় ৷

১৪ আগষ্টত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই উন্মোচন কৰিব লৌহমানৱ বিষ্ণুৰাম মেধিৰ প্ৰতিমূৰ্ত্তি

হাজো, ৮ আগষ্ট — অসমৰ দ্বিতীয়গৰাকী মুখ্যমন্ত্ৰী তথা প্ৰথম অসমীয়া ৰাজ্যপাল লৌহমানৱ বিষ্ণুৰাম মেধিৰ হাজো ভৰালীটোলাস্থিত নিজ বাসভৱন শিশু কল্যাণ ভৱনত বিষ্ণুৰাম মেধিৰ প্ৰতিমূৰ্ত্তি উন্মোচনক লৈ আৰম্ভ হৈছে ব্যাপক প্ৰস্তুতি। অহা ১৪ আগষ্ট তাৰিখে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই লৌহ মানৱ বিষ্ণুৰাম মেধিৰ সাত ফুট উচ্চতাৰ প্ৰতিমূৰ্ত্তি উন্মোচন কৰিব ।

ভৰালীটোলাস্থিত শিশু কল্যাণ ভৱনত নিৰ্মাণ সমিতিৰ সভাপতি ডাঃ সোণ চন্দ্ৰ মালাকৰৰ সভাপতিত্বত দিনৰ ১১ বজাত অনুষ্ঠিত প্ৰস্তুতি সভাত হাজোৰ বিধায়িকা সুমন হৰিপ্ৰিয়া, অসম যুৱ আয়োগৰ সদস্য ৰাতুল শৰ্মা, যুৱ নেতা প্ৰকাশ দাস, প্ৰাক্তন প্ৰশাসনিক বিষয়া বিবেকানন্দ চৌধুৰী, থানেশ্বৰ মালাকৰৰ লগতে হাজোৰ ভিন্ন ক্ষেত্ৰৰ লগত জড়িত শতাধিক লোক উপস্থিত থাকে । মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই লৌহমানৱ বিষ্ণুৰাম মেধিৰ নিৰ্মীয়মান প্ৰতিমূৰ্ত্তি উন্মোচনী কাৰ্যসূচীক লৈ হাজোৰ স্থানীয় ৰাইজ উৎসাহিত হৈ পৰা দেখা গৈছে।

বাংলাদেশৰ শেহতীয়া পৰিস্থিতিক লৈ ঢেকীয়াজুলিত সনাতনী বীৰ হিন্দু সেনাৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত…

বাংলাদেশৰ শেহতীয়া পৰিস্থিতিক লৈ আজি ঢেকীয়াজুলিত সনাতনী বীৰ হিন্দু সেনাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷উল্লেখ্য যে বাংলাদেশৰ ছাত্ৰ আন্দোলনে এতিয়া সিংহাত্বক ৰূপ ধাৰণ কৰিছে৷বাংলাদেশৰ প্ৰধানমন্ত্ৰী শেখ হাচিনাই পদত্যাগ কৰাৰ পিছতে বৰ্তমান বাংলাদেশত অৰাজকতাৰ সৃষ্টি হৈছে৷বাংলাদেশৰ ছাত্ৰ আন্দোলনে সিংহাত্বক ৰূপ ধাৰণ কৰাত বৰ্তমান বাংলাদেশৰ পৰিস্থিতি অনিয়ন্ত্ৰিত হৈ পৰিছে৷ছাত্ৰ আন্দোলন ক্ৰমাৎ এতিয়া সিংহাত্বক আন্দোলনত পৰিনত হোৱা পৰিলক্ষিত হৈছে ৷ বৰ্তমান একাংশ আন্দোলনকাৰীৰ লক্ষ্য হৈ পৰিছে

বাংলাদেশৰ সংখ্যালঘু অমুছলমান সকল৷বাংলাদেশত এতিয়া হিন্দু,বৌদ্ধ,জৈন,খ্ৰীষ্টান তথা অমুছলমান লোকসকলৰ ওপৰত কটামৰা,মহিলা সকলৰ ওপৰত শাৰিক,মানষিক নিৰ্যাতনৰ লগতে শিশু সকলৰ গণতান্ত্ৰিক অধিকাৰ খৰ্বকৰি অত্যাচাৰ চলাই বৰ্বৰ ভাবে হত্যা কৰা হৈছে৷ইয়াকেলৈ আজি ক্ষোভিত হৈ পৰিছে সনাতনী বীৰ হিন্দু সেনা৷ সেয়েহে বাংলাদেশত হিন্দু অৰ্থাৎ অমুছলমান সকলৰ ওপৰত হোৱা বৰ্বৰ অত্যাচাৰ বন্ধ কৰাৰ দাবীত আজি ঢেকীয়াজুলিত

সংগঠনটোৱে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ সনাতনী বীৰ হিন্দু সেনাৰ অসম প্ৰান্তৰ নেতা মিঠুন সেন আৰু মণিকণ দাসৰ নেতৃত্বত সংগঠনটোৰ নেতাকৰ্মী সকলে ঢেকীয়াজুলিৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত বাংলাদেশী জেহাদীৰ পুত্তলিকা দাস কৰি বিভিন্ন শ্ল’গান দি আজি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি পৰিবেশ উত্তাল কৰে৷লগতে বাংলাদেশত থকা অমুছলমান সংখ্যালঘু সকলক সুৰক্ষা দিয়াৰ দাবী জনায়৷

পেৰিছ অলিম্পিকত ৰূপৰ পদক লাভ কৰাৰ সম্ভাৱনা ভিনেশ ফ’গাটৰ…

পেৰিছ অলিম্পিকত ৰূপৰ পদক লাভ কৰাৰ সম্ভাৱনা ভিনেশ ফ’গাটৰ। ক’ৰ্ট অৱ আৰ্বিট্ৰেচন ফৰ স্প’ৰ্টছে(CAS) ভিনেশৰ পক্ষত দ্বিতীয়খন আবেদনৰ ৰায়দান দিলে ৰূপৰ পদক লাভ কৰিব ভিনেশ ফ’গাটে। পেৰিছ অলিম্পিকত

৫০ কেজি শাখাৰ চূড়ান্ত খেলৰ পৰা অযোগ্য ঘোষণা কৰাৰ পাছতেই ক’ৰ্ট অৱ আৰ্বিট্ৰেচন ফৰ স্প’ৰ্টছত (CAS) আবেদন দাখিল কৰিছিল ভাৰতীয় মল্লযুঁজাৰু ভিনেশ ফ’গাটে। এখন আবেদনত পুনৰ ওজন কৰিবলৈ দিয়া আৰু

দ্বিতীয়খন আবেদনত যৌথ ৰূপৰ পদকৰ দাবী জনাইছিল। প্ৰথমখন আবেদন নাকচ কৰিছিল CASএ। শুকুৰবাৰে পুৱা প্ৰায় ১১:৩০ বজাৰ ভিতৰত ফ’গাটৰ দ্বিতীয়খন আবেদনৰ ওপৰত চূড়ান্ত ৰায়দান দিব CASএ।

কৃতী ছাত্ৰ- ছাত্ৰীৰ সম্বৰ্ধনা আৰু কৰ্মশালাৰ সামৰণি অনুষ্ঠান…

ঐতিহ্যমণ্ডিত কুমাৰপাৰাস্থিত শ্ৰীশ্ৰী ৰাজহুৱা সত্ৰ(নামঘৰ)ৰ উদ্যোগত শংকৰ-মাধৱ সাংস্কৃতিক সমন্বয় সমাজৰ উদ্যোগত অহা ইং ১১ আগষ্ট, ২০২৪ তাৰিখ, দেওবাৰে দিনৰ ১১ বজাৰ পৰা বৰগীত আৰু সত্ৰীয়া নৃত্যৰ গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি অনুষ্ঠান আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত ডিষ্টিংচনসহ উত্তীৰ্ণ হৈ বৃহত্তৰ কুমাৰপাৰা অঞ্চলটোলৈ সুনাম তথা গৌৰৱৰ ঢল কঢ়িয়াই অনা শিক্ষাৰ্থীসকলক সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে গীত-মাতৰ এক বৰ্ণিল অনুষ্ঠানৰ আয়োজন কৰা হৈছে বুলি শ্ৰীশ্ৰী ৰাজহুৱা সত্ৰ, কুমাৰ পাৰাৰ মুখ্য সেৱক সনাতন দাস বাপে জানিব দিয়ে।

উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব নিউজ লাইভৰ পৰিচালন সম্পাদক চৈয়দ জাৰিৰ হুচেইন, সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব জনপ্ৰিয় অভিনেত্ৰী তথা প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকা বিশেষ আমন্ত্ৰণিত অতিথি হিচাপে শিশু নিকেতন হায়াৰ চেকেণ্ডাৰী স্কুলৰ অধ্যক্ষ ৰীণা ভৌমিকৰ লগতে বিশিষ্ট অতিথি হিচাপে সদৌ অসম ছাত্ৰ সন্থাৰ উপ-সভাপতি খনিন্দ্ৰ ৰাজবংশী, সহকাৰী পৰিবহন আয়ুক্ত গৌতম দাস, উত্তৰ-পূৱ

দিব্যাংগ উন্নয়ন সন্থাৰ সভাপতি নিৰঞ্জন কলিতা, সমাজ সেৱক ৰাজু সাহানী, পৱন কুমাৰ আগৰৱালা, অভিজিৎ মজুমদাৰ, সত্ৰ মহাসভাৰ উত্তৰ পশ্চিম মণ্ডলৰ সাংস্কৃতিক সম্পাদক যুগান্ত বায়ন, সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষক হৰিপ্ৰসাদ শইকীয়া বৰবায়ন, অনাতাঁৰ শিল্পী নলিনী মহন্ত উপস্থিত থাকিব বুলি শংকৰ মাধৱ সাংস্কৃতিক সমন্বয় সমাজৰ কাৰ্যকৰী সম্পাদক কমল কুমাৰে জনায়।

দিল্লীত ভাৰত চৰকাৰৰ ৰাসায়নিক আৰু সাৰ মন্ত্ৰী জে পি নাড্ডাক সাক্ষাৎ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ…

দিল্লীত ভাৰত চৰকাৰৰ ৰাসায়নিক আৰু সাৰ মন্ত্ৰী জে পি নাড্ডাক সাক্ষাৎ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ।

নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ গোট স্থাপন, তৃতীয় গোটক জীয়াই ৰাখিবলৈ সাহায্য প্ৰদান আৰু নামৰূপ সাৰ কাৰখানাত সংঘটিত ৮০৪ টা ৰাসায়নিক সাৰৰ ডিলাৰ আৱণ্টনৰ কেলেংকাৰিৰ উচ্চ পৰ্যায়ৰ তদন্ত সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক সাক্ষাৎ কৰি স্মাৰকপত্ৰ প্ৰদান কৰে শংকৰজ্যোতি বৰুৱাৰ নেতৃত্বত যোৱা প্ৰতিনিধি দলটোৱে৷

যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত মহিলা চিকিৎসকক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ…

যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভয়ংকৰ ঘটনা। মহিলা চিকিত্সকক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ।

JMCHৰ এজন চিকিত্সকৰ বিৰুদ্ধে উত্থাপন এই অভিযোগ। তিনিদিন পূৰ্বে JMCHত সংঘটিত এই ঘটনা।

ঘটনা সন্দৰ্ভত JMCHৰ অধ্যক্ষক লিখিত অভিযোগ দাখিল ভুক্তভোগীৰ। সমগ্ৰ ঘটনাৰ তদন্তৰ নিৰ্দেশ JMCHৰ অধ্যক্ষৰ।

অসম ক্ৰিকেট সন্থাই নিজৰ স্ক’ৰিং এপ প্ৰস্তুত কৰিলে…

খেলুৱৈ, কৰ্মকৰ্তা আৰু অনুৰাগীসকলৰ বাবে এক নিৰৱচ্ছিন্ন আৰু কাৰ্যক্ষম অভিজ্ঞতা প্ৰদান কৰি খেলুৱৈৰ প্ৰদৰ্শনৰ তথ্য অনুসৰণ আৰু মেচৰ স্ক’ৰিং সৰল আৰু বৃদ্ধিৰ বাবে অসম ক্ৰিকেট সন্থাই নিজৰ স্ক’ৰিং এপ আপডেট কৰিছে। এপটো মসৃণভাৱে গ্ৰহণ কৰাটো নিশ্চিত কৰিবলৈ এ চি এই আজি অৰ্থাত্ ৮ আগষ্টত এ চি এ ষ্টেডিয়াম কমপ্লেক্সত এক ইন্টাৰেক্টিভ স্ক’ৰাৰ কৰ্মশালা অনুষ্ঠিত কৰে, য’ত প্ৰায় ৬০ জন উৎসাহী স্ক’ৰাৰক বিশেষজ্ঞৰ নিৰ্দেশনা আৰু হাতে কামে প্ৰশিক্ষণ প্ৰদান কৰা হয়।

এ চি এ স্ক’ৰিং এপক সঠিক আৰু বাস্তৱ সময়ৰ তথ্য অনুসৰণ প্ৰদান কৰিবলৈ ডিজাইন কৰা হৈছে, যাৰ ফলত খেলুৱৈ, প্ৰশিক্ষক আৰু কৰ্মকৰ্তাসকলে জ্ঞাত সিদ্ধান্ত ল’ব পাৰে আৰু খেলুৱৈৰ প্ৰদৰ্শনৰ মূল্যৱান অন্তৰ্দৃষ্টি লাভ কৰিব পাৰে। এই এপটো সকলো এ চি এ মেচৰ বাবে ব্যৱহাৰ কৰা হ’ব, যাৰ ফলত স্ক’ৰিং আৰু ডাটা মেনেজমেণ্টৰ ক্ষেত্ৰত সামঞ্জস্য আৰু দক্ষতা নিশ্চিত কৰা হ’ব।

মেঘালয়ৰ ৰাজ্যপালক সাক্ষাৎ ইউ এছ টি এমৰ প্ৰতিনিধি দলৰ…

ইউ এছ টি এমৰ এটা প্ৰতিনিধি দলে মেঘালয়ৰ নৱনিযুক্ত ৰাজ্যপাল চি.এইচ. বিজয়াশংকৰক বুধবাৰে শ্বিলঙৰ ৰাজ ভৱনত সাক্ষাৎ কৰে। ইউ এছ টি এমৰ দলটোত আছিল আচাৰ্য মাহবুবুল হক; উপাচাৰ্য অধ্যাপক জি ডি শৰ্মা; ড° আৰ.কে. শৰ্মা, উপদেষ্টা; আৰু ড° মেহজাবিন ৰহমান। বৈঠকৰ সময়ত প্ৰতিনিধি দলটোৱে বিশ্ববিদ্যালয়খনৰ অগ্ৰগতিৰ বিষয়ে এক আপডেট প্ৰদান কৰে, আগন্তুক প্ৰকল্পসমূহৰ বিষয়ে আলোচনা কৰে আৰু বিশ্ববিদ্যালয়খনৰ ভিজিতৰ হিচাপে তেওঁৰ ভূমিকাক লক্ষ্য কৰি ৰাজ্যপালক সমাৱৰ্তন-২০২৪ৰ সভাপতিত্ব কৰিবলৈ আমন্ত্ৰণ জনায়। ৰাজ্যপালগৰাকীয়ে তেওঁৰ সমগ্ৰ কাৰ্যকালতে বিশ্ববিদ্যালয়খনৰ উন্নয়নৰ প্ৰতি পূৰ্ণ সমৰ্থন আৰু দায়বদ্ধতা থাকিব বুলি প্ৰকাশ কৰে।


আচাৰ্য এম হকে ইউ এছ টি এমৰ আউটৰিচ কাৰ্য্যকলাপৰ ওপৰত আলোকপাত কৰি উল্লেখ কৰে যে বিশ্ববিদ্যালয়খনে কেম্পাছৰ পৰা ৩০ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত সমাজ কল্যাণ মূলক কাৰ্যসূচী পৰিচালনা কৰে, স্থানীয় শিশুসকলক বিনামূলীয়া শিক্ষা প্ৰদান কৰে। বৰ্তমান ইউ এছ টি এমৰ প্ৰায় ২০ শতাংশ ছাত্ৰ-ছাত্ৰীয়ে এই পদক্ষেপৰ দ্বাৰা উপকৃত হয়। ইউ এছ টি এমক উৎকৃষ্টতাৰ সাধনা অব্যাহত ৰাখিবলৈ ৰাজ্যপালৰ উৎসাহেৰে বৈঠকৰ সামৰণি পৰে।

দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আৱদ্ধ হ’বলৈ সাজু দক্ষিণৰ অভিনেতা নাগা চৈতন্য, পৰিয়ালৰ সৈতে এংগেজমেণ্ট ফটো…

দক্ষিণৰ অভিনেতা নাগা চৈতন্য আৰু সোভিতা ধুলিপালাৰ এংগেজমেণ্টৰ ফটো সামাজিক মাধ্যমত ভাইৰেল হৈছে।এই ফটোসমূহ শ্বেয়াৰ কৰাৰ সময়তে সোভিতা ধূলিপালাৰ আৰু নাগা চৈতন্যৰ সৈতে নাগাৰ্জুনৰ ফটোও ভাইৰেল হৈছে। আজি প্ৰেমিকা শোভিতা ধূলিপালাৰ সৈতে বাগ্দান হয় নাগাৰ।

অভিনেতা নাগাৰ্জুনে নিজৰ পুত্ৰ আৰু বোৱাৰীৰ ফটো শ্বেয়াৰ কৰে। লগতে ঘোষণা কৰিলে যে দুয়োৰে এংগেজমেণ্ট হৈছে। পোষ্টটোত বিশেষ তাৰিখৰ কথাও উল্লেখ কৰে। লগতে লিখিছিল পুত্ৰ আৰু বোৱাৰীক আশীৰ্বাদ দি এটা মৰমলগা পোষ্ট।


নাগাৰ্জুনে লিখিছে, ‘শোভিতা ধূলিপালাৰ সৈতে পুত্ৰ নগা চৈতন্যৰ বাগ্দান ঘোষণা কৰি সুখী হৈ আজি পুৱা ৯:৪২ বজাত দুয়োজনে বিবাহপাশত আবদ্ধ হয়। শোভিতাক আমাৰ পৰিয়াললৈ আদৰণি জনাই আমি অতি সুখী। দম্পতীহালক অভিনন্দন! গোটেই জীৱন মৰম আৰু সুখ কামনা কৰক। ৮.৮.৮..’ এইদৰে সামাজিক মাধ্যমত প’ষ্ট শ্বেয়াৰ কৰে নাগাৰ্জুনে।