পেৰিছ অলিম্পিকত ৰূপৰ পদক লাভ কৰাৰ সম্ভাৱনা ভিনেশ ফ’গাটৰ। ক’ৰ্ট অৱ আৰ্বিট্ৰেচন ফৰ স্প’ৰ্টছে(CAS) ভিনেশৰ পক্ষত দ্বিতীয়খন আবেদনৰ ৰায়দান দিলে ৰূপৰ পদক লাভ কৰিব ভিনেশ ফ’গাটে। পেৰিছ অলিম্পিকত

৫০ কেজি শাখাৰ চূড়ান্ত খেলৰ পৰা অযোগ্য ঘোষণা কৰাৰ পাছতেই ক’ৰ্ট অৱ আৰ্বিট্ৰেচন ফৰ স্প’ৰ্টছত (CAS) আবেদন দাখিল কৰিছিল ভাৰতীয় মল্লযুঁজাৰু ভিনেশ ফ’গাটে। এখন আবেদনত পুনৰ ওজন কৰিবলৈ দিয়া আৰু

দ্বিতীয়খন আবেদনত যৌথ ৰূপৰ পদকৰ দাবী জনাইছিল। প্ৰথমখন আবেদন নাকচ কৰিছিল CASএ। শুকুৰবাৰে পুৱা প্ৰায় ১১:৩০ বজাৰ ভিতৰত ফ’গাটৰ দ্বিতীয়খন আবেদনৰ ওপৰত চূড়ান্ত ৰায়দান দিব CASএ।