Home Blog Page 60

Rejaul karim sarkar: কংগ্ৰেছৰ পৰা ৰেজাউল কৰিম সৰকাৰক বৰ্খাস্ত নকৰিলে অশান্ত হ’ব উজনি অসম

কংগ্ৰেছৰ পৰা ৰেজাউল কৰিম সৰকাৰক বৰ্খাস্ত নকৰিলে অশান্ত হ'ব উজনি অসম
কংগ্ৰেছৰ পৰা ৰেজাউল কৰিম সৰকাৰক বৰ্খাস্ত নকৰিলে অশান্ত হ'ব উজনি অসম

কংগ্ৰেছৰ পৰা (Rejaul karim sarkar) ৰেজাউল কৰিম সৰকাৰক বৰ্খাস্তৰ বাবে ২৪ ঘণ্টাৰ সময়সীমা বান্ধি দিলে আটাছুৱে।

‘কংগ্ৰেছৰ পৰা ৰেজাউল কৰিম সৰকাৰক বৰ্খাস্ত নকৰিলে অশান্ত হ’ব উজনি অসম’।

আমগুৰিতো ৰেজাউল কৰিম সৰকাৰৰ প্ৰতিকৃতি দাহ।

অসমীয়া যুৱ মঞ্চই সৰকাৰৰ প্ৰতিকৃতি ৰছীৰে বান্ধি ৰাজ‌আলিত চোচৰাই।

কংগ্ৰেছত যোগ দিয়েই শিৱসাগৰ, ডিব্ৰুগড়, তিনিচুকীয়াক ধুবুৰী বনোৱাৰ পৰিকল্পনাৰ কথা ৰাজহুৱাভাৱে ব্যক্ত কৰি জাতীয় সংগঠনৰ ৰোষত আমছুৰ প্ৰাক্তন নেতা ৰেজাউল কৰিম সৰকাৰ।

অসমীয়া যুৱ মঞ্চই উভতি ধৰিলে ৰেজাউলক।

জাতীয় সংগঠনটোৱে আমগুৰি চাৰিআলিত ৰেজাউল কৰিমৰ প্ৰতিকৃতি ৰছীৰে বান্ধি ৰাজ‌আলিত চোচৰাই লৈ ফুৰে।

Magh Bihu: মাঘ বিহুৰ আগতে নিত্যপ্ৰয়োজনীয় সামগ্ৰীৰ দামেৰে নিয়ন্ত্ৰণ, মাংস-কণী-গাখীৰৰ মূল্য নিৰ্ধাৰণত কঠোৰ নিৰ্দেশ

মাংস-কণী-গাখীৰৰ মূল্য নিৰ্ধাৰণত কঠোৰ নিৰ্দেশ
মাংস-কণী-গাখীৰৰ মূল্য নিৰ্ধাৰণত কঠোৰ নিৰ্দেশ

মাঘ বিহুল আগত(Magh Bihu)ৰাজ্যজুৰি নিত্যপ্ৰয়োজনীয় খাদ্য সামগ্ৰীৰ অস্বাভাৱিক মূল্য বৃদ্ধি ৰোধ কৰিবলৈ অসম চৰকাৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। উৎসৱৰ সময়ত সাধাৰণ জনতাই অধিক মূল্যেৰ নলয়, সেই উদ্দেশ্যত মাংস, কণী, গাখীৰ আৰু দুগ্ধজাত সামগ্ৰীৰ দাম নিৰ্ধাৰণৰ নিৰ্দেশ জাৰি কৰা হৈছে।

অসম চৰকাৰৰ পশুপালন আৰু পশুচিকিৎসা বিভাগৰ পক্ষৰ পৰা জাৰি কৰা এক নিৰ্দেশনাত ৰাজ্যৰ সকলো জিলাৰ আয়ুক্তক অনতিপলমে নিজ জিলাত মাংস, কণী ,গাখীৰ আৰু দুগ্ধজাত সামগ্ৰীৰ দাম নিয়ন্ত্ৰিত মূল্য নিৰ্ধাৰণ কৰাৰ নিৰ্দেশ দিয়া হৈছে। লগতে নিৰ্ধাৰিত দামত সামগ্ৰী বিক্ৰী হ’ইছে নে নাই, সেয়া নিশ্চিত কৰিবলৈ জিলা পৰ্যায়ত মনিটৰিং দল গঠন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

পশুপালন আৰু পশুচিকিৎসা বিভাগের সচিব অনিল চন্দ্ৰ ডেউৰীয়ে স্বাক্ষৰিত উক্ত নিৰ্দেশনাত উল্লেখ কৰা হৈছে, মাঘ বিহুক কেন্দ্ৰ কৰি বজাৰত কৃত্ৰিম নাটনি সৃষ্টি কৰি কোনো ব্যৱসায়ী অথবা বিক্ৰেতাই যাতে অতিরিক্ত মূল্য আদায় কৰিব নোৱাৰে, তাৰ বাবে জিলা প্ৰশাসনে কঠোৰভাৱে লক্ষ্য ৰাখিব লাগিব। বজাৰত নিয়মিত পৰ্যবেক্ষণ চলাই, বিক্ৰেতাসকলে চৰকাৰ নিৰ্ধাৰিত মূল্য মানি চলিছে নে নাই, সেয়া পৰীক্ষা কৰাৰ নিৰ্দেশ দিয়া হৈছে। নির্দেশনাত আৰু উল্লেখ কৰা হৈছে, প্ৰত্যেক জিলাত গঠন হোৱা মনিটৰিং দল বজাৰ পৰিদৰ্শন কৰি মাংস, কণী, আৰু দুগ্ধজাত সামগ্ৰীৰ মূল্য পুনৰীক্ষণ কৰিব।

কংগ্ৰেছে নহ’বলগীয়া বিষয়ক ইছ্যু বনাই দেশত অশান্তিৰ সৃষ্টি কৰিছে : মন্ত্ৰী পীযুষ হাজৰীকা

কংগ্ৰেছে নহ’বলগীয়া বিষয়ক ইছ্যু বনাই দেশত অশান্তিৰ সৃষ্টি কৰিছে : মন্ত্ৰী পীযুষ হাজৰীকা
কংগ্ৰেছে নহ’বলগীয়া বিষয়ক ইছ্যু বনাই দেশত অশান্তিৰ সৃষ্টি কৰিছে : মন্ত্ৰী পীযুষ হাজৰীকা

কংগ্ৰেছ দলে এটা নহ’বলগীয়া বিষয়ক ইছ্যু বনাই দেশখনত অশান্তিৰ পৰিৱেশ সৃষ্টি কৰি আহিছে বুলি মন্তব্য কৰে অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ আদি দপ্তৰৰ মন্ত্ৰী পীযুষ হাজৰীকাই। শনিবাৰে তেজপুৰত উপস্থিত হৈ বিৰোধী দল কংগ্ৰেছে উত্থাপন কৰা ‘ভোট চুৰি’ অভিযোগ নস্যাৎ কৰি মন্ত্ৰীগৰাকীয়ে এই মন্তব্য আগবঢ়ায়।

পীযুষ হাজৰীকাই কয়, “কংগ্ৰেছ দলে এটা আবাস্তৱ বিষয়ত ইছ্যু সৃষ্টি কৰি দেশত অশান্তিৰ পৰিৱেশ গঢ়ি তুলিবলৈ চেষ্টা কৰিছে। এই কাৰণতেই তেওঁলোকে নিৰ্বাচনত একেৰাহে পৰাজয়ৰ মুখ দেখিছে।”

নিৰ্বাচনী প্ৰক্ৰিয়া সন্দৰ্ভত তেওঁ স্পষ্ট কৰি কয়, “প্ৰতিটো দলৰ পৰা প্ৰতিটো প’লিং ষ্টেশ্যনত এজনকৈ প’লিং এজেণ্ট থাকে। তেওঁলোকে ভোটাৰৰ পৰিচয় নিশ্চিত কৰে। যদি কোনো ভোটাৰ সঠিক নহয়, তেন্তে তেওঁলোকে ভোট দিবলৈ নিদিয়ে। এইটো নিৰ্বাচনৰ নিয়ম। কংগ্ৰেছ দলৰ যদি প’লিং এজেণ্টেই নাই, তেতিয়া আমি ক’বলগীয়া কিবা আছে নেকি?”

কংগ্ৰেছক কটাক্ষ কৰি মন্ত্ৰীগৰাকীয়ে লগতে কয়, “মই ভাবো কংগ্ৰেছৰ প’লিং এজেণ্ট সকলো ঠাইতে আছে, কিন্তু তেওঁলোকে নিজৰ প’লিং এজেণ্টকেই বিশ্বাস নকৰে। এটা আবাস্তৱ কথা কৈ দেশত অশান্তি সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে, কিন্তু মানুহে সেইটো মানি লোৱা নাই।”

আনহাতে গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হোৱা-নোহোৱাৰ প্ৰসংগত পীযুষ হাজৰীকাই কয়, “সেইটো ভগৱানে ক’ব। আমি দুৰ্নীতিৰ বিৰুদ্ধে সদায় মাত মাতি আহিছোঁ। ৰাজ্য চৰকাৰে দুৰ্নীতিৰ বিৰুদ্ধে অতি কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে আৰু প্ৰায় ২ লাখ চৰকাৰী চাকৰি দিয়াৰ ব্যৱস্থা কৰিছে। কিন্তু কংগ্ৰেছে ক’ৰবাত এক টকাৰ দুৰ্নীতি হৈছে বুলি ক’ব নোৱাৰে। তেওঁলোকে কাম নকৰাৰ কথাও ক’ব নোৱাৰে। সেয়ে আবাস্তৱ মিছা কথা কৈ আন্দোলন কৰিছে আৰু মানুহে তাৰ প্ৰত্যুত্তৰ নিৰ্বাচনত দি দিছে।”

উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ১৮ জানুৱাৰীত কাজিৰঙা এলিভেটেড কৰিডৰৰ আধাৰশিলা স্থাপন কৰিব। এই উপলক্ষে তেজপুৰ সমীপৰ কলিয়াবৰৰ মৌচন্দা পথাৰত অনুষ্ঠিত হ’বলগীয়া বিশাল ৰাজহুৱা সভাৰ প্ৰস্তুতি সন্দৰ্ভত শনিবাৰে শোণিতপুৰ জিলাৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰীকাই বিজেপিৰ তেজপুৰস্থিত জিলা কাৰ্যালয়ত এক গুৰুত্বপূৰ্ণ বৈঠকত অংশ লয়।

বৈঠকত অসম গণ পৰিষদৰ বিধায়ক পৃথ্বীৰাজ ৰাভা, অসম গণ পৰিষদৰ উপ-সভাপতি অপূৰ্ব কুমাৰ ভট্টাচাৰ্য, বিজেপিৰ ৰাজ্যিক সাধাৰণ সম্পাদক তথা প্ৰাক্তন সাংসদ পল্লৱলোচন দাস প্ৰমুখ্যে বিজেপি আৰু মিত্ৰদল অগপৰ জ্যেষ্ঠ নেতা-বিষয়ববীয়া আৰু দলীয় কৰ্মীসকল উপস্থিত থাকে। বৈঠকত ১৮ জানুৱাৰীৰ দিনা মৌচন্দা পথাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সম্বোধন কৰিবলগীয়া জনসভাখন সফল কৰাৰ বাবে কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

উচ্চ ন্যায়ালয় অসম চৰকাৰৰ মতে নচলে: সংবাদমেলত মহাধিবক্তা দেৱজিৎ শইকীয়া

উচ্চ ন্যায়ালয় অসম চৰকাৰৰ মতে নচলে: সংবাদমেলত মহাধিবক্তা দেৱজিৎ শইকীয়া
উচ্চ ন্যায়ালয় অসম চৰকাৰৰ মতে নচলে: সংবাদমেলত মহাধিবক্তা দেৱজিৎ শইকীয়া

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্থানান্তৰ প্ৰক্ৰিয়া সন্দৰ্ভত চলি থকা বিতৰ্কৰ মাজতে মহাধিবক্তা দেৱজিৎ লন শইকীয়াই আজি সংবাদমেল সম্বোধন কৰি স্পষ্ট কৰে যে উচ্চ ন্যায়ালয় অসম চৰকাৰৰ মতে নচলে আৰু চৰকাৰৰ ভুল-ভ্ৰান্তি দেখুৱাই দিয়াটো হাইক’ৰ্টৰ দায়িত্ব।

ৰংমহলত উচ্চ ন্যায়ালয়ৰ শিলান্যাস সন্দৰ্ভত দেৱজিৎ শইকীয়াই কয়, “যোৱা ৩-৪ বছৰৰ পৰা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্থানান্তৰ প্ৰক্ৰিয়াক লৈ বিতৰ্ক চলি আছে। এই প্ৰক্ৰিয়াত কোনোবাই সমৰ্থন কৰিছে, কোনোবাই বিৰোধ কৰিছে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সন্দীপ মেহতা থকাৰ সময়তেই এই সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল।”

তেওঁ কয়, “২০২২ চনৰ অক্টোবৰ-নৱেম্বৰ মাহত বৰাগাঁৱলৈ CJM আদালতৰ স্থানান্তৰ কৰাৰ চেষ্টা চলোৱা হৈছিল। ২৫ নৱেম্বৰ ২০২২ তাৰিখে এই সন্দৰ্ভত সিদ্ধান্ত লোৱা হৈছিল যদিও তেতিয়ালৈ গুৱাহাটী উচ্চ ন্যায়ালয় স্থানান্তৰৰ কোনো প্ৰস্তাৱ অহা নাছিল। বাৰ কাউন্সিলে কেৱল এখন কৰ্ট স্থানান্তৰ কৰিলে অসুবিধা হ’ব বুলি কৈছিল। সকলো কৰ্ট একেটা স্থানলৈ লৈ গ’লে কোনো আপত্তি নাথাকিব বুলিও তেওঁলোকে উল্লেখ কৰিছিল।”

ন্যায়াধীশসকলৰ নিৰাপত্তা আৰু সুবিধা সন্দৰ্ভত দেৱজিৎ শইকীয়াই কয়, “পূৰ্বে ১৯ জন ন্যায়াধীশ আছিল যদিও বৰ্তমান সেই সংখ্যা ৩০ জনলৈ বৃদ্ধি পাইছে। ন্যায়াধীশসকলৰ নিৰাপত্তা আৰু বাসস্থানক লৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন উঠিছে। বৰ্তমান তেওঁলোক ফ্লেটত থাকিবলগীয়া হৈছে আৰু কেৱল ৭টা কোৱাটাৰহে উপলব্ধ। মহিলা ন্যায়াধীশসকলৰ বাবে থকা-খোৱাৰ সু-ব্যৱস্থা নাই। পাৰ্কিঙৰ ব্যৱস্থা অতি দুৰ্বল। প্ৰায় ১ হাজাৰ প্ৰেকটিচ কৰা অধিবক্তাই নিজ নিজ গাড়ীতেই চেম্বাৰ খুলি ল’বলগীয়া হৈছে। কেণ্টিনৰ ব্যৱস্থা বেয়া, প্ৰেক্ষাগৃহো নাই।”

শইকীয়াই লগতে কয়, “মুখ্য ন্যায়াধীশৰ কোৱাটাৰটো হেৰিটেজ বিল্ডিং হিচাপে ঘোষণা কৰি থোৱা হৈছে। ২০২৩ চনত মুখ্য ন্যায়াধীশ সন্দীপ মেহতাই এই সন্দৰ্ভত অনুৰোধ কৰিছিল। উচ্চ ন্যায়ালয় স্থানান্তৰৰ সিদ্ধান্ত অসম চৰকাৰে একপক্ষীয়ভাৱে লোৱা নাই। এই সন্দৰ্ভত ভুল ব্যাখ্যা দিয়া হৈছে। উচ্চ ন্যায়ালয় ক’ত বহিব আৰু কেনেকুৱা হ’ব—এই সিদ্ধান্ত লোৱাৰ কৰ্তৃত্ব মুখ্য ন্যায়াধীশৰ হাততেই আছে।”

ইফালে, গুৱাহাটী উচ্চ ন্যায়ালয় উত্তৰ গুৱাহাটীৰ ৰংমহললৈ স্থানান্তৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মায়ো গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। মুখ্যমন্ত্ৰীয়ে কয়, “হাই কৰ্ট বাৰ এচ’ছিয়েচনৰ ধৰ্মঘটৰ কোনো যুক্তি নাই। গুৱাহাটীৰ পৰা ৰংমহললৈ আহিবলৈ ৪০০-৫০০ টকা খৰচ কৰাৰ প্ৰয়োজন নাই। ফেব্ৰুৱাৰী মাহত গুৱাহাটী-উত্তৰ গুৱাহাটীৰ দলং মুকলি হোৱাৰ লগে লগেই নিমিষতে হাইক’ৰ্টলৈ আহিব পাৰিব।”

তেওঁ আৰু কয়, “মই যদি মুখ্যমন্ত্ৰী হৈ থাকো, অহা ১০ বছৰত ৰিং ৰ’ডৰ কাষে কাষে মেট্ৰ’ ট্ৰেইনৰ ব্যৱস্থাও কৰা হ’ব। যিসকলে এই প্ৰক্ৰিয়াৰ বিৰোধ কৰিছে তেওঁলোকে নিৰাশাৰে দেখে, মই আশাৰে দেখো। উচ্চ ন্যায়ালয় উত্তৰ গুৱাহাটীৰ ৰংমহললৈ স্থানান্তৰ কৰাৰ সিদ্ধান্ত মোৰ নহয়—এইটো ন্যায়াধীশসকলৰ সিদ্ধান্ত। প্ৰথম পৰ্যায়ত ৫০০ কোটি টকা ব্যয়েৰে কাম আৰম্ভ কৰি পৰৱৰ্তী সময়ত আৰু ১২০০ কোটি টকা খৰচ কৰি এখন পূৰ্ণাংগ ‘Judicial City’ নিৰ্মাণ কৰা হ’ব।”

Nationwide Campaign Against Drugs: তিনি বছৰৰ বাবে সমগ্ৰ দেশৰ সকলো প্ৰান্ততে ড্ৰাগছৰ বিৰুদ্ধে সামূহিক অভিযান

দেশৰ সকলো প্ৰান্ততে ড্ৰাগছৰ বিৰুদ্ধে সামূহিক অভিযান
দেশৰ সকলো প্ৰান্ততে ড্ৰাগছৰ বিৰুদ্ধে সামূহিক অভিযান

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা(Nationwide Campaign Against Drugs) সমবায় দপ্তৰৰ মন্ত্ৰী অমিত শ্বাহৰ সভাপতিত্বত আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত নাৰ্কো-কৰ্ডিনেচন চেণ্টাৰৰ নৱম শীৰ্ষ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয়। এই উপলক্ষে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে অমৃতসৰত মাদক দ্ৰব্য নিয়ন্ত্ৰণ ব্যুৰো (এন চি বি)ৰ কাৰ্যালয় উদ্বোধন কৰে। এনচিবিয়ে হাইব্ৰিড মোডত আয়োজন কৰা এই বৈঠকত কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰালয় আৰু বিভাগসমূহৰ গুৰুত্বপূৰ্ণ অংশীদাৰ আৰু ৰাজ্য চৰকাৰৰ লগতে ড্ৰাগছ আইন প্ৰয়োগকাৰী সংস্থাসমূহৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে।

ভাষণ প্ৰসংগত কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে ড্ৰাগছৰ বিৰুদ্ধে যুঁজত ভাৰত চৰকাৰৰ সকলো বিভাগে ২০২৯ চনলৈকে ৰোডমেপ প্ৰস্তুত কৰি ইয়াৰ কাৰ্যকৰীকৰণৰ বাবে সময়সীমাবদ্ধ পৰ্যালোচনা ব্যৱস্থা স্থাপন কৰিব লাগে। তেওঁ কয় যে এই প্ৰত্যাহ্বান আইন-শৃংখলাৰ সৈতে নহয়, নাৰ্কো-টেৰ’ৰ বিষয়টোৰ সৈতে বেছিকৈ জড়িত আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল, ই দেশৰ আগন্তুক প্ৰজন্মক ধ্বংস কৰাৰ এক ষড়যন্ত্ৰ। শ্ৰী শ্বাহে কয় যে যুৱক-যুৱতীসকলৰ স্বাস্থ্য, তেওঁলোকৰ চিন্তা আৰু পৰিবেশন ক্ষমতা, সমাজত ক্ৰমবৰ্ধমান অসন্তুষ্টি এই সকলোবোৰ এই সমস্যাৰ সৈতে জড়িত।গৃহমন্ত্ৰীগৰাকীয়ে কয় যে ২০২৬ চনৰ ৩১ মাৰ্চৰ পৰা আমি সকলোৱে মিলি এই সমস্যাৰ বিৰুদ্ধে তিনি বছৰীয়া সামূহিক অভিযান আৰম্ভ কৰিম, য’ত ড্ৰাগছ সেৱনৰ বিৰুদ্ধে সকলো স্তম্ভৰ কৰ্ম পদ্ধতি নিৰ্ধাৰণ কৰা হ’ব, লক্ষ্য নিৰ্ধাৰণ কৰা হ’ব, আৰু সময়সীমা নিৰ্ধাৰিত পৰ্যালোচনা কৰা হ’ব।

অমিত শ্বাহে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিগত ১১ বছৰত আমি ড্ৰাগছৰ বিৰুদ্ধে যুঁজত যথেষ্ট সফলতা লাভ কৰিছো, আৰু ২০১৯ চনত এন চি অ’ আৰ ডিৰ পুনৰ্গঠনৰ পিছত এই সমস্যাৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণৰ পথো আমি নিশ্চিত কৰিছো। এতিয়া আমি গতি লাভ কৰিছো আৰু তিনিফালৰ কাৰ্য্য পৰিকল্পনাৰে আগবাঢ়ি যাম। তেওঁ কয় যে ড্ৰাগছ যোগান শৃংখলৰ প্ৰতি সামূহিক নিৰ্দয় পন্থা, চাহিদা হ্ৰাসৰ দিশত কৌশলগত দৃষ্টিভংগী, ক্ষতি হ্ৰাসৰ দিশত মানৱীয় দৃষ্টিভংগী গ্ৰহণ কৰিলেহে আমি ড্ৰাগছমুক্ত ভাৰতৰ লক্ষ্যত উপনীত হ’ব পাৰিম।কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে এন চি অ’ ডিৰ বৈঠকৰ সংখ্যা বৃদ্ধি পাইছে যদিও আৰু অধিক বৃদ্ধি কৰাৰ প্ৰয়োজন আছে। জিলা পর্যায় আৰু ৰাজ্যিক পর্যায়ৰ বৈঠক নিয়মীয়াকৈ অনুষ্ঠিত হ’ব লাগে বুলিও তেওঁ কয়৷ শ্ৰী শ্বাহে কয় যে ভাৰত চৰকাৰৰ দৃষ্টিভংগী অতি স্পষ্ট যে ড্ৰাগছ প্ৰস্তুত কৰা বা বিক্ৰী কৰাসকলৰ প্ৰতি কোনো মমতা থাকিব নালাগে। তেওঁ কয় যে আমি ড্ৰাগছৰ বলি হোৱা লোকসকলৰ প্ৰতি মানৱীয় দৃষ্টিভংগীৰে আগবাঢ়িব লাগে।

গৃহমন্ত্ৰীগৰাকীয়ে কয় যে আমি এই যুঁজত আগবাঢ়িব লাগিব কেৱল নিৰ্দেশ, অনুপালন আৰু জবাবদিহিতা শক্তিশালী কৰি। এতিয়া সভাৰ সংখ্যাৰ পৰিৱৰ্তে আমি সেইবোৰৰ ফলাফল পুনৰীক্ষণ কৰা উচিত। তেওঁ কয় যে ড্ৰাগছ ব্যৱসায়ৰ মূল লোক, বিত্তীয়, আৰু লজিষ্টিক সমৰ্থনৰ বিৰুদ্ধে গ্ৰহণ কৰা কঠোৰ ব্যৱস্থা আমাৰ পৰ্যালোচনাৰ বিষয় হ’ব লাগে।শ্ৰী শ্বাহে লগতে কয় যে আমি ফৰেনছিক বিজ্ঞান লেব (এফ এছ এল)ৰ ব্যৱহাৰ আৰু সময়মতে চাৰ্জ শ্বীট দাখিল কৰাৰ হাৰ বৃদ্ধি আৰু দোষী সাব্যস্ত কৰাটো আমাৰ লক্ষ্যত অন্তৰ্ভুক্ত কৰিব লাগে। তেওঁ কয় যে সমগ্ৰ ড্ৰাগছ নেটৱৰ্কৰ তদন্তৰ বাবে ওপৰৰ পৰা তললৈ আৰু তলৰ পৰা ওপৰলৈ পদ্ধতি গ্ৰহণ অত্যন্ত প্ৰয়োজনীয়। অমিত শ্বাহে কয় যে ২০০৪ চনৰ পৰা ২০১৩ চনৰ ভিতৰত ৪০ হাজাৰ কোটি টকা মূল্যৰ ২৬ লাখ কিলোগ্ৰাম ড্ৰাগছ জব্দ কৰা হৈছে, আনহাতে ২০১৪ চনৰ পৰা ২০২৫ চনলৈকে ১ লাখ ৭১ হাজাৰ কোটি টকাৰ ১ কোটি ১১ লাখ কিলোগ্ৰাম মূল্যৰ ড্ৰাগছ জব্দ কৰা হৈছে। শ্ৰী শ্বাহে কয় যে ড্ৰাগছৰ বিৰুদ্ধে আমাৰ অভিযান উৎসাহজনক হৈ আহিছে। আমি ড্ৰাগছ ধ্বংসৰ পৰিমাণো ১১গুণ বৃদ্ধি লাভ কৰিছো। তেওঁ কয় যে ২০২০ চনত ১০,৭৭০ একৰ মাটিত আফিঙৰ খেতি ধ্বংস কৰা হৈছিল আৰু ২০২৫ চনৰ নৱেম্বৰ মাহলৈকে ৪০ হাজাৰ একৰ মাটিৰ আফিং ধ্বংস কৰা হৈছে।কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে সকলো বিভাগকে নিৰ্দেশ দিছে যে ড্ৰাগছৰ সমস্যাৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰত নিজ নিজ দায়িত্ব অনুসৰি ৩১ মাৰ্চৰ ভিতৰত এখন ৰোডমেপ প্ৰস্তুত কৰি নিৰীক্ষণ ব্যৱস্থা স্থাপন কৰি এই বিষয়ত সম্পূৰ্ণ মনোনিৱেশ কৰিব লাগিব। যাতে এই সমস্যাৰ সৰ্বাংগীন সমাধান লাভ কৰিব পৰা যায়।তেওঁ কয় যে আগন্তুক তিনি বছৰত আমি সমগ্ৰ দেশতে ড্ৰাগছৰ বিৰুদ্ধে সকলো প্ৰান্ততে যুঁজিব লাগিব আৰু ভাৰতক ‘ড্ৰাগছ ফ্ৰী ইণ্ডিয়া’ হিচাপে গঢ়ি তুলিব লাগিব। দেশৰ যুৱক-যুৱতীসকলক ড্ৰাগছৰ পৰা ৰক্ষা কৰিবলৈ সকলো প্ৰচেষ্টা চলাব লাগিব।

তেওঁ কয় যে নিৰন্তৰ সজাগতাইহে আমাক সুৰক্ষিত ৰাখিব পাৰে। তেওঁ কয় যে আমি এনে এক স্থায়ী ব্যৱস্থা সৃষ্টি কৰিব বিচাৰো যিয়ে আমাক এই যুদ্ধখন যুঁজিবলৈ সক্ষম কৰি তোলে ।অমিত শ্বাহে কয় যে ড্ৰাগছৰ বিৰুদ্ধে যুঁজত ফৰেনছিক বিজ্ঞান পৰীক্ষাগাৰৰ (FSL) অতি গুৰুত্বপূৰ্ণ ভূমিকা আছে। জব্দ কৰা ড্ৰাগছ ধ্বংস কৰাৰ গতি লেহেমীয়া হোৱা ৰাজ্যসমূহে ইয়াক দ্ৰুত কৰিব লাগিব। তেওঁ সকলো ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধানক তেওঁলোকৰ ৰাজ্যত ৰোডমেপ প্ৰস্তুত কৰি সময়মতে ড্ৰাগছ ধ্বংস কৰাৰ বাবে সুনিৰ্দিষ্ট পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনায়।কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০৪৭ চনৰ ভিতৰত, যেতিয়া স্বাধীনতাৰ শতবাৰ্ষিকী উদযাপন কৰা হ’ব, তেতিয়া ভাৰতক প্ৰতিটো ক্ষেত্ৰতে বিশ্বৰ ভিতৰতে এক নম্বৰ স্থান হিচাপে গঢ়ি তোলাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। এনে এখন ভাৰত সৃষ্টিৰ বাবে নৱপ্ৰজন্মক ড্ৰাগছৰ পৰা সম্পূৰ্ণ সুৰক্ষা প্ৰদান কৰাটো আমাৰ সকলোৰে দায়িত্ব। শ্ৰী শ্বাহে কয় যে এই যুঁজখন বৰ্তমান এনে পৰ্যায়ত আছে যে আমি জয়ী হ’ব পাৰো। গৃহমন্ত্ৰীগৰাকীয়ে কয় যে আমি দেশৰ পৰৱৰ্তী প্ৰজন্মক ৰক্ষাৰ কামটো সৰ্বোচ্চ অগ্ৰাধিকাৰ দি সম্পন্ন কৰিম।

Gaurav Gogoi: সমাগত নিৰ্বাচনত বিৰোধী দলৰ মিত্ৰতা হোৱাতো ১০০ শতাংশ নিশ্চিতঃ গৌৰৱ গগৈ

সমাগত বিধানসভা নিৰ্বাচনত বিৰোধী দলৰ মিত্ৰতা হোৱাতো ১০০ শতাংশ নিশ্চিতঃ গৌৰৱ গগৈ
সমাগত বিধানসভা নিৰ্বাচনত বিৰোধী দলৰ মিত্ৰতা হোৱাতো ১০০ শতাংশ নিশ্চিতঃ গৌৰৱ গগৈ

‘ৰাইজৰ পদূলিত (Gaurav Gogoi) ৰাইজৰ কংগ্ৰেছ’ কাৰ্যসূচীৰ অংশস্বৰূপে আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈয়ে গোলাঘাটত বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধি আৰু বিশিষ্ট ব্যক্তিসকলৰে মত বিনিময় কৰে। এই কাৰ্যসূচীত সভাপতি গৌৰৱ গগৈৰ লগত নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সম্পাদক তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সহঃ তত্ত্বাৱধায়ক বিকাশ উপাধ্যায় আৰু প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভানেত্ৰী ৰ’জলিনা তিৰ্কীয়েও অংশগ্ৰহণ কৰে। কাৰ্যসূচীৰ অন্তত সাংবাদিকৰে হোৱা বাৰ্তালাপত গগৈয়ে কয় যে বৰ্তমানৰ চৰকাৰৰ বিভাজনকামী আৰু স্বজন-তোষণ নীতিসমূহক লৈ ৰাইজ অসন্তুষ্ট হৈ পৰিছে। ৰাইজৰ সৈতে সহোৱা মত বিনিময়ত তেনে কথাৰ ইংগিত স্পষ্টকৈ পোৱা গৈছে বুলিও কয় গগৈয়ে। তেওঁ কয়, ”অসমৰ জনসাধাৰণে আজি এখন নতুন অসমৰ কথা ভাবিবলৈ আৰম্ভ কৰিছে। এই নতুন অসমখনত সকলোৱে যাতে সমিলমিলেৰে জীয়াই থাকিব পাৰে তাৰ কথা চিন্তা কৰিছে।’’ বৰ্তমানৰ বিজেপি চৰকাৰখনে সকলোকে হিতাধিকাৰীৰ দৃষ্টিৰেহে চাই আহিছে বুলিও গগৈয়ে কয়। ”অসমৰ ৰাইজ স্বাভিমানী। অসমৰ ৰাইজে হিতাধিকাৰী হিচাপে নহয়, অংশীদাৰ হিচাপেহে থাকিব বিচাৰে।’’-গগৈয়ে কয়।

তেওঁ আৰু কয় যে দুখীয়া লোকসকলে আঁচনি লাভ কৰিবই। পূৰ্বৰ কংগ্ৰেছৰ দিনটো দুখীয়া লোকসকলে আঁচনি লাভ কৰিছিল আৰু পৰৱৰ্তী সময়ত কংগ্ৰেছৰ চৰকাৰ আহিলেও আঁচনিবোৰ পাইয়েই থাকিব। কিন্তু আঁচনি লাভ কৰা আৰু আঁচনি লাভ নকৰা সকলোৱে কৰ্মশীল তথা স্ব-নিৰ্ভৰশীল হ’ব বিচাৰে যদিও এইখন চৰকাৰে তেনে সুবিধা দিয়াত ব্যৰ্থ হৈ আহিছে। গগৈয়ে কয় যে অসমৰ জনসাধাৰণক স্ব-নিৰ্ভৰশীল কৰি তোলাৰ ক্ষেত্ৰত বিজেপি চৰকাৰৰ কোনোধৰণৰ সুপৰিকল্পনা নাই। ”চৰকাৰৰ উদ্দেশ্য কয়লা ছিণ্ডিকেট, বালি ছিণ্ডিকেট চলাই থকা আৰু দুখীয়া মানুহৰ মাটি কব্জা কৰা।’’-গগৈয়ে কয়। বসুন্ধৰা আঁচনিৰ পৰা বিজেপিৰ মন্ত্ৰী-বিধায়কসকলৰ পৰিবাৰসকলহে অধিক উপকৃত হৈছে বুলিও গগৈয়ে অভিযোগ কৰে। দুখীয়া লোকসকলে বসুন্ধৰা আঁচনিৰ পৰা পাবলগীয়া সুবিধা আজিও পোৱা নাই বুলিও কয় গগৈয়ে। সেয়ে এইবাৰ ৰাইজে অহংকাৰী বিজেপি চৰকাৰৰ পতন বিচাৰিছে বুলিও মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। আনহাতে মিত্ৰতা সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত গগৈয়ে সমাগত নিৰ্বাচনত বিৰোধীয়ে ঐক্যৱদ্ধভাৱে অৱতীৰ্ণ হ’ব বুলি স্পষ্ট কৰি দিয়ে। তেওঁ কয়, ”কোন দলে কিমান আসনত খেলিব সেয়া প্ৰক্ৰিয়াৰ মাজেৰে হ’ব। এই কথা প্ৰতিটো বিৰোধী দলে জানে।

সকলোৱ জানে যে ৰাইজে আমাক চাই আছে। ৰাইজে আমাক অধ্যায়ন কৰিব। ৰাইজে ক’ব যে আমাৰ কামবোৰ সঠিক হৈছে নে নাই। ৰাইজে মিত্ৰতা হোৱাতো বিচাৰে। মিত্ৰতা সম্পৰ্কত আমি এখোজ পিছুৱাইছো নে দুখোজ পিছুৱাইছো সেই সম্পৰ্কত ৰাইজে চকু ৰাখিছে। শেষত ৰাইজৰ পৰা যি মতামত আহিব সেয়া আমি সকলোৱে স্বীকাৰ কৰিব লাগিব। গতিকে মই বিশ্বাসী যে আমাৰ মিত্ৰতা হোৱাতো ১০০ শতাংশ নিশ্চিত।’’ গগৈয়ে আৰু কয় যে প্ৰথমে কোন দলে কিমান আসনত খেলিব সেয়া নিৰ্দিষ্ট কৰা হ’ব আৰু তাৰপিছত কোনে কোনটো সমষ্টিত খেলিব সেই সম্পৰ্কে সিদ্ধান্ত গ্ৰহণ কৰা হ’ব। ইফালে, বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ ভিডিঅ’ কনফাৰেন্স কাণ্ড সন্দৰ্ভতো আজি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সমুখত মন্তব্য প্ৰদান কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। তেওঁ কয়, ”সংবাদ মাধ্যমত প্ৰকাশ পোৱা বাতৰিৰ ভিত্তিত নিৰ্বাচন আয়োগে নিজাববীয়াকৈ তদন্তৰ ব্যৱস্থা কৰা উচিত আছিল। কিন্তু নিৰ্বাচন আয়োগ আজি নিশ্চুপ হৈ ৰৈছে।’’ দেশৰ নিৰ্বাচন আয়োগ বিজেপিৰ হাতৰ পুতলা হৈ পৰিছে নেকি বুলিও প্ৰশ্ন কৰে গগৈয়ে। এই সন্দৰ্ভত অভিযোগ দাখিল কৰাৰ পিছতো যদিহে আয়োগে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে নিৰ্বাচন আয়োগ যে নিৰপেক্ষ নহয় সেয়া স্পষ্ট হৈ পৰিব বুলিও উল্লেখ কৰে লোকসভাৰ বিৰোধী দলৰ উপ-দলপতি গৌৰৱ গগৈয়ে। বিজেপিৰ ৰাজ্যিক সভাপতিয়ে ভিডিঅ’ কনফাৰেন্সত বিজেপিক ভোট নিদিয়া লোকসকলৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰাৰ কথা কোৱাতো দেশৰ গণতন্ত্ৰৰ বাবে অতি ভয়ংকৰ বুলিও গগৈয়ে কয়।

Assam Earthquake: পুনৰ অসমত ভূমিকম্পৰ জোকাৰণি

পুনৰ অসমত ভূমিকম্পৰ জোকাৰণি
পুনৰ অসমত ভূমিকম্পৰ জোকাৰণি

পুনৰ ভূমিকম্পৰ জোকাৰণি অসমত।(Assam Earthquake)

পুৱা ৬ বাজি ৬ মিনিটত ভূমিকম্পৰ জোকাৰণি।

ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল নলবাৰী জিলা।

ৰিখটাৰ স্কেলত প্রাবল্য আছিল ২.৯।

৫ আৰু ৮ জানুৱাৰীতো ভূমিকম্পই জোকাৰি গৈছিল অসম।

Zubeen Garg Death Case: জুবিন গাৰ্গৰ ন্যায়ৰ বাবে চৰকাৰে গঠন কৰা অধিবক্তা দলক লৈ প্ৰতিক্ৰিয়া গৰিমা গাৰ্গৰ

জুবিন গাৰ্গৰ হত্যাৰ(Zubeen Garg Death Case)গোচৰৰ বাবে বিশেষ টীম গঠন
জুবিন গাৰ্গৰ হত্যাৰ(Zubeen Garg Death Case)গোচৰৰ বাবে বিশেষ টীম গঠন

জুবিন গাৰ্গৰ হত্যাৰ(Zubeen Garg Death Case)গোচৰৰ বাবে বিশেষ টীম গঠন। ৫জনীয়া লোক অধিবক্তাক লৈ গঠন কৰা হৈছে টীম। টীমত আছে অধিবক্তা জিয়াউৰ কামাৰ, ব্ৰজেন্দ্ৰ মোহন চৌধুৰী, কিশোৰ দত্ত, বিকাশ জামাৰ, প্ৰাঞ্জল দত্ত। সংবাদমেলযোগে জনালে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই এই কথা।

জুবিন গাৰ্গৰ ন্যায় যুঁজৰ বাবে চৰকাৰে গঠন কৰা অধিবক্তা দলক লৈ গৰিমা গাৰ্গৰ সামজিক মাধ্যমত প্ৰতিক্ৰিয়া। গৰিমাই সামাজিক মাধ্যমত লিখে-

“আজি Public Prosecutor ৰ team টো ঘোষণা কৰা হ’ল ।

সৰ্বশ্ৰী জিয়াউৰ কামাৰ মহোদয়কে প্ৰমুখ্য কৰি ব্ৰজেন্দ্ৰ মোহন চৌধুৰী , কিশোৰ দত্ত , প্ৰাঞ্জল দত্ত আৰু বিকাশ জামাৰ ডাঙৰীয়ালৈ আমাৰ নমস্কাৰ, শ্ৰদ্ধা আৰু কৃতজ্ঞতা জনাইছোঁ । আইনৰ পৃথিৱীখনত আপোনালোকৰ প্ৰজ্ঞা, বহুবছৰযোৰা সাধনা আৰু অভিজ্ঞতা আমাৰ বাবে সাহস আৰু শকতি। এতিয়া কেৱল অসমেই নহয়, সমগ্ৰ বিশ্বই অতি আস্থাৰে আপোনালোকৰ মুখলৈকে চাই আশা কৰিব ন্যায়ৰ যুঁজখন অধিক সবল, সাহসী আৰু মহাপৰাক্ৰমী যুঁজাৰু ৰূপে আপোনালোকে আগুৱাই নিব আৰু আদালতত ন্যায় প্ৰতিষ্ঠা সুনিশ্চিত কৰিব । আশা কৰিছো, আপোনালোকে সম্পূৰ্ণ প্ৰচেষ্টাৰে যাতে যুঁজ দি নৰপিশাচবোৰক পৃথিৱীৰ আটাইতকৈ কঠোৰতম শাস্তি প্ৰদান কৰাব । তাৰবাবে আমাৰ পৰিয়ালৰ লগতে সমূহ ৰাইজৰ প্ৰাৰ্থনা, শুভকামনা আৰু জ্যেষ্ঠ সকলৰ আশীৰ্বাদ আছে , সদায় থাকিব ।

দেশৰ আইন আৰু ন্যায় ব্যৱস্থাৰ প্ৰতি আমাৰ সদায় আস্থা আছে । সকলোৰে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায় প্ৰদানৰ প্ৰতি অসম চৰকাৰৰ সম্পূৰ্ণ দ্বায়িত্ব আছে .. লগতে জড়িত হৈ আছে সমগ্ৰ ৰাইজৰ অনুভৱ, আৱেগ‌ আৰু অভিমান । যিহেতু এই যুঁজখন হত্যাকাৰী নৰপিশাচ কেইটাৰ বিপক্ষে সমগ্ৰ অসমৰ যুঁজ ।আপোনালোকে এই বিচাৰ প্ৰক্ৰিয়াটো ক্ষীপ্ৰ আৰু ফলপ্ৰসূ কৰাৰ বাবে যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশা কৰিছোঁ ।

সদায় বিচৰাৰ দৰেই অসমৰ ৰাইজ, চৰকাৰ, ন্যায় ব্যৱস্থা সকলোৰে সহায়, সম্পূৰ্ণ সহযোগিতা, সঠিক আৰু শুদ্ধ দিহা পৰামৰ্শও বিচাৰিছোঁ । আমাৰ সহায় হৈ থাকক সকলো !

ভগৱান আমাৰ সহায় হওক আৰু বিজয় সুনিশ্চিত কৰক”

Raijor Dol: নিৰ্বাচন আয়োগলৈ স্মাৰকপত্ৰ ৰাইজৰ দলৰ

নিৰ্বাচন আয়োগলৈ স্মাৰকপত্ৰ ৰাইজৰ দলৰ
নিৰ্বাচন আয়োগলৈ স্মাৰকপত্ৰ ৰাইজৰ দলৰ

ভাৰতৰ মুখ‍্য নিৰ্বাচনী আয়ুক্ত আৰু অসমৰ মুখ্য নিৰ্বাচনী বিষয়ালৈ স্মাৰক পত্ৰ ৰাইজৰ দলৰ।(Raijor Dol)

বিধানসভা সমষ্টিৰ পৰা ১০ হাজাৰকৈ বিজেপি বিৰোধীৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তনৰ ভয়ংকৰ অভিসন্ধি ব্যক্ত কৰিছিল বিজেপিৰ ৰাজ‍্যিক সভাপতি দিলীপ শইকীয়াই।

৪ জানুৱাৰীৰ সন্ধিয়া ভিডিঅ’ কনফাৰেন্সযোগে এই তথ্য ব‍্যক্ত কৰিছিল বিজেপি সভাপতিগৰাকীয়ে।

সেই ভিডিঅ’টো জব্দ কৰিবলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে।


মুক্তি পালে জীতেন তাঁতিৰ টুচু গীত “টুচু মায়েৰ চৰনে”

মুক্তি পালে জীতেন তাঁতিৰ টুচু গীত " টুচু মায়েৰ চৰনে "
মুক্তি পালে জীতেন তাঁতিৰ টুচু গীত " টুচু মায়েৰ চৰনে "

আদিবাসী চাহ জনগোষ্ঠীৰ উদীয়মান গীতিকাৰ, সুৰকাৰ, কণ্ঠশিল্পী জীতেন তাঁতিৰ এটি মনমোহা দৃশ্য শ্ৰব্য টুচু গীত ” টুচু মায়েৰ চৰনে ” মুক্তি পালে । গীতটোৰ কথা আৰু সুৰ জীতেন তাঁতিৰ। গীতটোত নিজে কণ্ঠদান কৰাৰ লগতে প্ৰিয়ংকা মুণ্ডা আৰু সংগীতা মুণ্ডাই সহযোগী কণ্ঠ শিল্পী হিচাপে কণ্ঠদান কৰিছে।

সংগীত ব্যবস্থাপনা কৰিছে অনুপম মাঝিয়ে। ইতিমধ্যে গীতৰ চিত্ৰগ্ৰহণো কৰা হৈছে। চিত্ৰগ্ৰহণ কৰিছে কিৰণ ৰয় আৰু পৰিচালনা কৰিছে ৰাধা গোবিন্দ তাঁতিয়ে। সুন্দৰ চিত্ৰগ্ৰহণৰ গীতটো অসমবাসী ৰাইজে আদৰি লব বুলি কণ্ঠশিল্পী জীতেন তাঁতি আশাবাদী। গীতটো Jiten Janu Official ইউটিউব চেনেলত উপলব্ধ হ’ব বুলি কণ্ঠশিল্পী গৰাকীয়ে জানিবলৈ দিয়ে।