আজি ৮ আগষ্ট অৰ্থাৎ ০৮.০৮.২০২৪। ৮.৮.২০২৪ মানে তিনিটা ৮ অংকৰ বিৰল সংমিশ্ৰণ। ৮টা অংক দুটা হ’ল আৰম্ভণিৰ তাৰিখ আৰু মাহৰ অংক। লগতে তৃতীয় ৮টা অংক ২০২৪ চনৰ অংকৰ যোগফল। ২০২৪ যোগ হ’লে আমি ২+০+২+৪=৮ পাম। ৮,৮,৮ৰ এই আচৰিত সংমিশ্ৰণত কোনটো সময় বিশেষ, জানক-
৮৮৮ য়ে জীৱনত ডাঙৰ প্ৰভাৱ পেলাবঃ তাৰিখটোত ৩ বাৰ দেখা দিয়া ৮ নম্বৰৰ বিৰল সংমিশ্ৰণে সকলোকে ইতিবাচক আৰু নেতিবাচক দুয়োটা দিশতে প্ৰভাৱিত কৰিব। ৮ নং সংখ্যাৰ এই সংমিশ্ৰণক ‘লায়ন্স গেট পৰ্টেল’ বুলি জনা যায়। পৃথিৱীৰ পৰা দেখা আটাইতকৈ উজ্জ্বল তৰা ছিৰিয়াছ, অৰিয়ান বেল্ট নক্ষত্ৰমণ্ডল সিংহ ৰাশিত থকা সূৰ্য্য যেতিয়া লাইনত আহে তেতিয়া এইটো এটা জ্যোতিৰ্বিজ্ঞানৰ পৰিঘটনা। আজিৰ দিনটোত ৮৮৮ নম্বৰৰ লাইনতো আছে। সংখ্যা বিজ্ঞানৰ মতে এইটো এটা বিৰল তাৰিখ, এই তাৰিখত কৰা কাম বিশেষভাৱে ফলপ্ৰসূ হয়। কাৰণ ৮ সংখ্যাটো অসীম। আনহাতে ৮ নম্বৰ হৈছে শনিৰ সংখ্যা।
এইবাৰ এক অদ্ভুত সংমিশ্ৰণৰ সৈতে এই তাৰিখটো ৪টা ৰাশিৰ বাবে বিশেষভাৱে ফলপ্ৰসূ হ’ব। এই যোগে তুলা, কুম্ভ, কন্যা আৰু মকৰ ৰাশিৰ লোকৰ ওপৰত বিশেষ প্ৰভাৱ পেলাব। যদি এই ৪ ৰাশিৰ লোকে আজি ৰাতি ৮:০৮ মিনিট ৮ ছেকেণ্ডত বিশেষ সংকল্পৰে কাম আৰম্ভ কৰে বা কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লয় বা কোনো ডাঙৰ কাম আৰম্ভ কৰে, তেন্তে তেওঁলোকে ডাঙৰ সফলতা লাভ কৰিব পাৰে।
স্নাতকোত্তৰ প্ৰথম বৰ্ষত নামভৰ্তি কৰা প্ৰতিগৰাকী যোগ্য ছাত্ৰীৰ বাবে মাহিলী ২৫০০ টকাকৈ সৰ্বাধিক ১০ মাহলৈ বছৰত মুঠ ২৫,০০০ টকা। আগন্তুক তিনিটা বৰ্ষত এই আঁচনিৰ জৰিয়তে ১০ লাখ শিক্ষাৰ্থীক সাঙুৰি লোৱাৰ লক্ষ্য।প্ৰতিখন জিলাৰ বিদ্যালয় মহাবিদ্যালয়ত এই আঁচনিৰ আনুষ্ঠানিক শুভ উদ্বোধন।
অৱশ্যে ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানত অধ্যয়নৰত ছাত্ৰীসকলে এই আঁচনিৰ সুবিধা লাভ নকৰিব। উচ্চতৰ আৰু স্নাতক মহলাত অধ্যয়নৰত কোনো ছাত্ৰী যদি বিবাহিত তেওঁৱো এই আঁচনিৰ পৰা বঞ্চিত হ’ব। অৱশ্যে স্নাতকোত্তৰ অধ্যয়নৰত ছাত্ৰী বিবাহিত হ’লেও তেওঁ এই আঁচনিৰ সুবিধা লাভ কৰিব।
কোনো ছাত্ৰী যদি একেটা শ্ৰেণীতে অনুত্তীৰ্ণ হৈ থাকে তেন্তে তেওঁৱো এই আঁচনিৰ পৰা বঞ্চিত হ’ব লাগিব। আনহাতে এই আঁচনিৰ সুবিধা সেইসকল ছাত্ৰীয়েহে লাভ কৰিব যিসকলে স্কুটি নলয়। ৰাজ্য চৰকাৰে এই আঁচনিৰখনৰ বাবে বান্ধি দিয়া চৰ্ত অনুসৰি স্কুটি আৰু নিযুত মইনাৰ যিকোনো এখন আঁচনিহে বাচি ল’ব লাগিব ছাত্ৰীয়ে। একেলগে দুয়োখন আঁচনিৰ সুবিধা লাভ নকৰিব।
ৰাজ্যত ৫ বছৰত মুঠ ১০ লাখ ছাত্ৰীয়ে এই আঁচনিখনৰ সুবিধা লাভ কৰিব। আঁচনিখনৰ বাবে অসম চৰকাৰে ৩০০ কোটি টকা ধাৰ্য কৰিছে। আজি দিছপুৰৰ লোকসেৱা ভৱনত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দিনৰ ১১ বজাত আনুষ্ঠানিকভাৱে এই আঁচনি আৰম্ভ কৰিব।