Home Blog Page 601

সত্য ৰঞ্জন বৰাৰ গ্ৰন্থ “দ্ৰোহ সনাতন – শ্ৰীমন্ত শংকৰদেৱ আৰু জাতীয় দৰ্শন সাৰকথা’ উন্মোচন সভাতে ইচলামিক ধৰ্মগুৰু তথা সমাজ সচেতক, সমাজ সংস্কাৰক মুস্তাফা কামাল আজহাৰীক কুটুম্ব সুৰক্ষা পৰিষদৰ ২০২৪ বৰ্ষৰ ‘সমন্বয় সেতুবন্ধন বঁটা’

অসমৰ অগ্ৰণী সামাজিক সাংস্কৃতিক সংগঠন কুটুম্ব সুৰক্ষা পৰিষদৰ সভাপতি তথা হিন্দুত্ববাদী নেতা সত্য ৰঞ্জন বৰা ‘দ্ৰোহ সনাতন – শ্ৰীমন্ত শংকৰদেৱ আৰু জাতীয় দৰ্শন সাৰকথা’ শীৰ্ষক গৱেষণা মূলক গ্ৰন্থখনি আজি গুৱাহাটী টাউন ক্লাবৰ প্ৰেক্ষাগৃহত উন্মোচন কৰা হয়।

অৱসৰপ্ৰাপ্ত লেফটেনেন্ট জেনেৰেল শ্ৰীযুত ৰাণা প্ৰতাপ কলিতা আৰু শ্ৰীবৰাৰ জন্মদাতা পিতৃ-মাতৃ ক্ষেমকান্ত বৰা আৰু লাৱণ্য বৰাৰ লগতে বাংলা সাহিত্য সভাৰ সাধাৰণ সম্পাদক তথা কটন বিশ্ববিদ্যালয়ৰ বাংলা বিভাগৰ অধ্যাপক ড° প্ৰশান্ত চক্ৰৱৰ্তী, পূৰ্বোত্তৰ প্ৰদেশীয় মাৰোৱাৰী সন্মিলনৰ সভাপতি কৈলাশ কাব্ৰাৰ লগতে শতাধিক গণ্য-মান্য বিদ্বান লোকৰ উপস্থিতিত গ্ৰন্থখনি ২৪ আগষ্টৰ দিনা বিয়লি‌ ৩ বজাত উন্মোচন কৰা হয়।

উক্ত সভাতে ইচলামিক ধৰ্মগুৰু তথা সমাজ সচেতক, সমাজ সংস্কাৰক মুস্তাফা কামাল আজহাৰীক কুটুম্ব সুৰক্ষা পৰিষদৰ ২০২৪ বৰ্ষৰ ‘সমন্বয় সেতুবন্ধন বঁটা’ প্ৰদান কৰা হয়।

সনাতন হিন্দু ধৰ্ম দৰ্শন আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ চিন্তা কেন্দ্ৰিক চিন্তা কৰ্ষণ সৰ্বমুঠ ২৬ টি লেখাৰে সম্বৃদ্ধ গ্ৰন্থখনিৰ ‘হিন্দুত্বৰ সিদ্ধান্ত’, সনাতন হিন্দু দৰ্শনত ‘আততায়ীৰ’ ব্যাখ্যা, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ হিন্দুত্ববাদ, পূৰ্ণাংগ শৰীৰৰূপী স্নানৰ পৰা অংগক্ষত অসমীয়া, জয়শ্ৰীৰাম ধ্বনি ভকতৰ অমূল্য শকতি, সনাতন আৰু পৰধৰ্ম, শ্ৰীমন্ত শংকৰদেৱ আৰু ব্ৰাহ্মণ সমাজ, তন্ত্ৰ-মন্ত্ৰ, শক্তি পূজা আৰু শ্ৰীমন্ত শংকৰদেৱ, মূৰ্তি পূজা, সনাতন দৰ্শন আৰু শ্ৰীমন্ত শংকৰদেৱ, একেশ্বৰবাদী দৰ্শন, চান্দসাইৰ আদৰ্শৰে সংস্কাৰী হওক অসমৰ মুছলমান আদি লেখা বিশেষ ভাৱে উল্লেখযোগ্য।

জাগৰণ সাহিত্য প্ৰকাশনে প্ৰকাশ কৰা ২২৪ পৃষ্ঠাৰ গ্ৰন্থখনি মূল্য ৩৫০ টকা। এই গ্ৰন্থখনিয়ে অসমীয়া সমাজ জীৱনলৈ নতুন চিন্তাৰ খোৰাক যোগাব বুলি লেখক সত্য ৰঞ্জন বৰাই মন্তব্য কৰে।

দীপৰ বিলৰ নান্দনিক সৌন্দৰ্যই হাত বাউল দি মাতে প্ৰকৃতিপ্ৰেমীক

আজাৰা , ২৪ আগষ্ট : বিশ্বৰ পক্ষী অভয়াৰণ্যৰ মানচিত্ৰত স্থান লাভ কৰা তথা আন্তৰ্জাতিক ৰামচাৰ ছাইট হিচাপে পৰিগণিত ঐতিহ্যমণ্ডিত দীপৰ বিলখনৰ নান্দনিক সৌন্দৰ্যত বিমুগ্ধ হৈ পৰিছে প্ৰকৃতিপ্ৰেমী জনগণ । বাৰিষাৰ সময়ত দীপৰ বিলৰ নান্দনিক সৌন্দৰ্যৰাজি উপভোগ কৰিবলৈ দৈনিক বিয়লিৰ পৰা দীপৰ বিলৰ পাৰত উপস্থিত হয় যথেষ্ট সংখ্যক দেশী-বিদেশী পৰ্যটক তথা প্ৰকৃতিপ্ৰেমী ।

কিন্তু দুখৰ বিষয় এয়ে যে ঐতিহ্যমণ্ডিত দীপৰ বিলখনৰ প্ৰাকৃতিক পৰিৱেশক কেন্দ্ৰ কৰি বিলখন অদ্যাপি পৰ্যটনৰ ক্ষেত্ৰলৈ উন্নীত নকৰিলে ৰাজ্য চৰকাৰৰ পৰ্যটন বিভাগে । ঐতিহাসিক তথ্য অনুসৰি আহোমৰ অসম আগমণৰ সময়ৰে পৰা ৰাণী ৰাজ্যৰ সৈতে দীপৰ বিলৰ এক পাৰস্পৰিক সম্পৰ্ক আছে । আনহাতে ভৌগোলিক দিশটো বিলখনৰ গুৰুত্ব অপৰিসীম । কিয়নো গুৱাহাটী মহানগৰীৰ সমীপৰ খাচী পাহাৰৰ পৰা নামি অহা বৰষুণৰ পানীভাগ আজাৰাৰ মাজেৰে বৈ যোৱা কালমণি নদীৰে বৈ গৈ দীপৰ বিলত পৰে । পাছত সেই অতিৰিক্ত পানীভাগ পুনৰ দীপৰ বিলৰ পৰা খানা নদীৰে ওলাই গৈ ব্ৰহ্মপুত্ৰত পৰে । তেনেক্ষেত্ৰত বিলখনৰ গুৰুত্ব সর্বাধিক ।

তদুপৰি যথেষ্টসংখ্যক থলুৱা প্ৰজাতিৰ মাছ-কাছ আৰু অতি মূল্যৱান জলজ উদ্ভিদেৰে পৰিপূৰ্ণ দীপৰ বিলখনক পৰ্যটনক্ষেত্ৰলৈ উন্নীত কৰিবলৈ স্থানীয় কেইবাটাও প্রকৃতিপ্রেমী দল-সংগঠনে সুদীর্ঘ বছৰ ধৰি ৰাজ্য চৰকাৰৰ পৰ্যটন বিভাগক দাবী জনাই আহিছে যদিও পৰ্যটন বিভাগে বিলখনক উন্নীতকৰণৰ ক্ষেত্ৰত অদ্যাপি কোনো ধৰণৰ বিভাগীয় পদক্ষেপ গ্ৰহণ নকৰিলে । প্ৰতিবছৰে খৰালি কালত বিনন্দীয়া শোভাৰে পৰিৱেষ্টিত দীপৰ বিলৰ পাৰত বনভোজ খাবলৈ সমাগম ঘটে যথেষ্ট সংখ্যক বনভোজৰ দলৰ।

দীপৰ বিলৰ পৰ্যটন ক্ষেত্ৰখনৰ উন্নয়ন আৰু পৰিবেশ সংৰক্ষণৰ হকে কাম কৰি অহা দীপৰ বিল সুৰক্ষা মঞ্চই বিলৰ পাৰিপাৰ্শ্বিক ভাৰসাম্য অটুত ৰাখি পৰ্যটকক আকৰ্ষণৰ বাবে বিলখনত কাশ্মীৰৰ ডাল লেকৰ আৰ্হিত নৌকাবিহাৰৰ ব্যবস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। এই সন্দৰ্ভত মঞ্চৰ সভাপতি হেনৰী ডেভিড টেৰণ, সাধাৰণ সম্পাদক প্ৰমোদ কলিতা আৰু সহকাৰী সম্পাদক সুশীল টেৰণে জানিবলৈ দিয়া মতে পৰ্যটন বিভাগে যদি বিলৰ পাৰিপাৰ্শ্বিক ভাৰসাম্য অটুত ৰাখি বিলখমত শব্দ আৰু যন্ত্ৰবিহীন নৌকাচালনাৰ ব্যৱস্থা গ্ৰহণ কৰে তেন্তে ইয়াৰ দ্বাৰা অধিক পৰ্যটক বিললৈ আহি নান্দনিক প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰাৰ লগতে কিছুসংখ্যক স্থানীয় যুৱক – যুৱতীয়েও বিভিন্ন কামত নিয়োজিত হৈ আৰ্থিক ভাবে স্বাবলম্বী হব পাৰিব। ইফালে দীপৰ বিলৰ অতন্দ্ৰ প্ৰহৰী স্বৰূপ আৰু দীপৰ বিলত মাছ ধৰি জীৱিকা নিৰ্বাহ কৰি অহা আঠ শতাধিক মাছমৰীয়া পৰিয়ালৰ উমেহতীয়া সংগঠন দীপৰ বিল পাছপাৰা সমবায় সমিতি লিমিটেডৰ উপদেষ্টা প্ৰদীপ দাস, সভাপতি গোলক দাস ( ১) আৰু সাধাৰণ সম্পাদক গোলক দাসে ( ২ ) জানিবলৈ দিয়া মতে বিলৰ পাৰিপাৰ্শ্বিক ভাৰসাম্য অটুত ৰাখি আৰু মাছমৰীয়া সকলৰ মাছ ধৰা কাৰ্য অকণো বিঘ্নিত নোহোৱাকৈ দীপৰ বিলক লৈ চৰকাৰে গ্ৰহণ কৰা সকলো ভাল কামতে তেওঁলোকে সহযোগিতা আগবঢ়াব বুলি সদৰি কৰিছে।

জনপ্ৰতিনিধিয়েই নহয়,তেওঁ যেন জয়দ্বীপৰ বাবে ভগৱান স্বৰূপ

জনপ্ৰতিনিধিয়েই নহয়,তেওঁ যেন জয়দ্বীপৰ বাবে ভগৱান স্বৰূপ। দায়িত্ব কি তেওঁ বুজি পায়?আজিৰ পৰা প্ৰায় তিনি মাহ পূৰ্বে হঠাতে এদিন দৰং-ওদালগুৰি জিলাৰ সীমামূৰীয়া অঞ্চল বৰঝাৰ বীৰেন্দ্ৰ নগৰ আশ্ৰমত আহি উপস্থিত হয় টি আৰৰ স্বাস্থ্য বিভাগৰ কাৰ্য্যবাহী সদস্য অৰুপ কুমাৰ দে। অৰুপ কুমাৰ দে বিৰেন্দ্ৰ নগৰ আশ্ৰমত উপস্থিত হৈ পাগল বাবাৰ প্ৰতিমূৰ্ত্তি দৰ্শন কৰি আশ্ৰমত থকা প্ৰায় ত্ৰিশ গৰাকী অনাথ শিশুৰ সৈতে মতবিনিময় কৰি ই এম গৰাকীয়ে সকলো অনাথ শিশুৰ দায়িত্ব লয়।কথাতে নহয় তাকে কামে কাজে প্ৰমাণ কৰি দিলে ই এম অৰুপ কুমাৰ দে।


পিতৃ মাতৃ হীনা বীৰেন্দ্ৰ নগৰ আশ্ৰমৰ ছয় বছৰীয়া শিশু এজন বৃক্ক ৰোগত আক্ৰান্ত জয়দ্বীপ কাষত বৃহস্পতি বাৰে আবেলি আহি পাঁচ বজাত উপস্থিত হয় বি টি আৰৰ স্বাস্থ্য বিভাগৰ কাৰ্য্যবাহী সদস্য অৰুপ কুমাৰ দে৷কনমানিটিৰ কাষত থিয় হৈয়ে বি টি আৰৰ কাৰ্য্যবাহী সদস্য অৰুপ কুমাৰ দেই দেখুৱালে মহানুভৱতা৷বৰঝাৰৰ বিৰেন্দ্ৰ নগৰ আশ্ৰমত লালিত পালিত হোৱা পিতৃ -মাতৃ হীনা জয়দ্বীপ কাহত সাহস হিচাবে থিয় দিলে বি টি আৰৰ কাৰ্য্যবাহী সদস্য অৰুপ কুমাৰ দে ৷বিগত কেইটামান দিনে এটা বৃক্ক নষ্ট হৈ যোৱাত আহাৰ খাব নোৱাৰা,পেট ফুলি যোৱা শিশু জয়দ্বীপ লৈ চিন্তিত হৈ পৰিছিল আশ্ৰম কতৃপক্ষ৷জয়দ্বীপক কেনেকৈ কৰিব চিকিৎসা,কেনেকৈ ঘুৰাই আনিব জয়দ্বীপৰ হেৰাই যোৱা হাঁহি।

জয়দ্বীপক উন্নত চিকিৎসা কৰাবলৈ আশ্ৰম খনৰো নাছিল পৰ্য্যাপ্ত অৰ্থ ৷সকলোৰে এটাই সম্বল,এটাই সাৰথি ভগৱান৷হঠাৎ শিশু জয়দ্বীপৰ খবৰ পায়ে কোকোৰাঝাৰ পৰা বৰঝাৰ বীৰেন্দ্ৰ নগৰ আশ্ৰম লৈ আহি বৃহস্পতি বাৰে আবেলি উপস্থিত হ’ল বি টি আৰৰ স্বাস্থ্য বিভাগৰ কাৰ্য্যবাহী সদস্য অৰুপ কুমাৰ দে ৷দায়িত্ব ললে পিতৃ মাতৃ হীনা জয়দ্বীপৰ সম্পূৰ্ণ চিকিৎসাৰ ৷কথা মতেই কাম আশ্ৰমত উপস্থিত হৈয়েই জয়দ্বীপক উন্নত চিকিৎসাৰ বাবে গুজৰাটৰ আহমেদাবাদত শুক্ৰবাৰৰ ভিতৰতে লৈ যোৱৰ ব্যৱস্থা কৰি দিলে ৷
কাটি দিলে শিশু সহ তিনিজনৰ উৰাজাহাজৰ টিকট। দায়িত্ব কি বুজি পায় অৰুপ কুমাৰ দে।সুস্থ হওঁক জয়দ্বীপ,পোনৰ কনমানি শিশুটিৰ মুখত ফুটি উঠক হাঁহি এই আশা।
অৰুপ কুমাৰ দেৰ এই মহানুভৱতাক লৈ এতিয়া বৰঝাৰ আশ্ৰমত সৰব চৰ্চা।
সকলোৰে মুখত এতিয়া এটাই কথা চেলুৎ অৰুপ কুমাৰ দে—তুমি যি কৰিলা ভাল কৰিলা।

নাজিৰাৰ বিহুবৰ ৰংগ মঞ্চত ড্ৰাগছ আসক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ…

নাজিৰা মহকুমাৰ শৈল নগৰী বিহুবৰ অঞ্চলৰ এটা ৰংগ মঞ্চত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে । ঘটনা মৰ্মে বিহুবৰ আৰক্ষী থানাৰ সমীপৰ ৰঙাজানৰ নিবাসী আবুল হুছেইনৰ পুত্ৰ আলটাব হুছেইনে কিছুদিন ধৰি ড্ৰাগছ আসক্ত হৈ পৰে । কালি বিয়লি ভাগতে ঘৰৰ পৰা ওলাই অহা যুৱকজন নিশা ঘৰলৈ উভতি নোযোৱাত পৰিয়ালৰ লোকে নিশাটো বিভিন্ন স্থানত বিছাৰি ফুৰোতে বিহুবৰ ৰংগ মঞ্চত

এজন যুৱক পৰি থকা বুলি জানিব পাৰি ওচৰ চাপি আলটাব হুছেইন নামৰ যুৱকজনক চিনাক্ত কৰে । খবৰ পৰা বিহুবৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিয়ালৰ সহযোগত যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে জয়সাগৰস্থ শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।উল্লেখ্য যে বিহুবৰ অঞ্চলত আজি কিছুদিন

ধৰি ড্ৰাগছৰ ৰমৰমীয়া বেহা অব্যহত থকাৰ লগতে বহু যুৱক – যুৱতী ড্ৰাগছ আসক্ত হৈ পৰিছে আৰু ইতিমধ্যে অঞ্চলটোৰ তিনিজন যুৱক ড্ৰাগছ আসক্ত হৈ অকালতে মৃত্যু মুখত পৰিছে । স্থানীয় ৰাইজে অঞ্চলটোৰ পৰা ড্ৰাগছৰ বেহা মুক্ত কৰিবৰ বাবে নাজিৰা উপ – জিলা প্ৰশাসন তথা শিৱসাগৰ জিলা প্ৰশাসন কৰ্তৃপক্ষক দাবী জনাইছে ।

বিহপুৰীয়াত কিশোৰীক অপকৰ্মৰ চেষ্টা ধৰ্মীয় শিক্ষক নিজাম আলীৰ…

ধিং, তেজপুৰ, হোজাই জিলাত এটা পিছত আন এটা ধৰ্ষণ কাণ্ড ।

বিহপুৰীয়াত কিশোৰীক ধৰ্ষণৰ অপচেষ্টা৷ ধৰ্মীয় শিক্ষকে ধৰ্ষণৰ চেষ্টা চলাই সপ্তম শ্ৰেণীৰ ছাত্ৰীক৷

নিজাম আলী নামৰ লোকজনৰ বিৰুদ্ধে অভিযোগ৷

ধিং কাণ্ডৰ মূল অভিযুক্ত পাষণ্ড তাফাজ্জুলৰ জানাজা নকৰে গাঁওবাসীয়ে…

ধিং কাণ্ডৰ মূল অভিযুক্ত পাষণ্ড তাফাজ্জুলৰ জানাজা নকৰে গাঁওবাসীয়ে।

তাফাজ্জুলৰ পৰিয়ালক এঘৰীয়া গাঁওবাসীৰ। বৰভেটি গাঁৱৰ ৰাইজে ল’লে এই সিদ্ধান্ত।

মুল অভিযুক্ত তফাজ্জুল ইছলামে আৰক্ষীৰ বেষ্টনিৰ পৰা পলায়ন কৰি জাপ দিয়ে পুখুৰীত ৷

ঘটনাস্থলীৰ কাষতে থকা পুখুৰীত জাপ দিয়ে তফাজ্জুলে৷

অগ্নিনিবাৰ্পক বাহিনীয়ে পানীৰ পৰা উদ্ধাৰ কৰে তফাজ্জুলৰ মৃতদেহ ৷

ATM চুৰিৰ ঘটনা প্ৰসংগত বিজনী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া শংকৰ দাসক নিলম্বন…

ATM চুৰিৰ ঘটনাক লৈ কঠোৰ DGP৷ বিজনী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া শংকৰ দাসক নিলম্বন ৷

বৃহস্পতিবাৰে নিশা বিজনীত চোৰে লুটপাত চলাইছিল ATMত ৷

ইয়াৰ পাছতেই আৰক্ষীৰ নিৰাপত্তাৰ প্ৰসংগক লৈ চলিছিল চৰ্চা ৷ চৰ্চাৰ মাজতে বিজনী থানাৰ OC শংকৰ দাসক নিলম্বনৰ নিৰ্দেশ৷

উপ-নিৰ্বাচনৰ পিছতহে মন্ত্ৰীসভা সম্প্ৰসাৰণ কৰা হ’বঃ মুখ্যমন্ত্ৰী…

উপ-নিৰ্বাচনৰ পিছতহে মন্ত্ৰীসভা সম্প্ৰসাৰণ কৰা হ’বঃ মুখ্যমন্ত্ৰী

মহিলাৰ ওপৰত হোৱা নিৰ্যাতনৰ ঘটনাক শক্ত হাতেৰে দমন কৰিবলৈ আৰক্ষীক নিৰ্দেশ হৈছে

পূজাৰ পূৰ্বে কৰিমগঞ্জৰ পথ মেৰামতিৰ বাবে ২০ কোটি টকা অনুমোদন ।

কৰিমগঞ্জ জিলাৰ বিজেপি কৰ্মীসকলৰ সৈতে মত বিনিময় কৰিবলৈ আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সীমান্ত চহৰলৈ আহে । সন্মিলনৰ শেষত আৱৰ্ত ভৱনত মধ্যাহ্ন ভোজন গ্ৰহণ কৰাৰ পিছত মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰ মুখামুখি হৈ ধিংত হোৱা মহিলাৰ ওপৰত সংঘটিত হোৱা হিংসাত্মক ঘটনাৰ ওপৰত আলোকপাত কৰি ৰাজ্যত নাৰী নিৰ্যাতন ৰোধ কৰিবলৈ আৰক্ষীক কঠোৰ নিৰ্দেশ দিয়া বুলি কয় তেওঁ ।

উপ-নিৰ্বাচনৰ পাছত মন্ত্ৰীসভা সম্প্ৰসাৰণৰ কৰাৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰীৱে । কৰিমগঞ্জৰ এগৰাকী বিধায়কে এই মন্ত্ৰীসভাত স্থান লাভ কৰিছে । আনহাতে, পূজাৰ আগেয়ে অৰ্থাৎ দুমাহৰ ভিতৰত কৰিমগঞ্জৰ বাট-পথ ঠিক কৰা হ’ব আৰু ইয়াৰ বাবে তেওঁ ২০ কোটি টকা অনুমোদন জনাইছে ।

আনফালে বাংলাদেশত হিন্দু উপৰত হোৱা অত্যাচাৰৰ বিষয় সন্দৰ্ভত মুখ্যমন্ত্ৰীৱে কয় যে বাংলাদেশৰ সংখ্যালঘু হিন্দুসকলক সুৰক্ষা দিবলৈ আন্তঃৰাষ্ট্ৰীয় হেঁচা সৃষ্টি কৰাটো অতি প্ৰয়োজন । তেওঁ লগতে মন্তব্য কৰে যে বাংলাদেশৰ বস্ত্ৰশিল্প কলসমূহ বন্ধ হোৱাৰ বাবে সেই মিলসমূহৰ শ্ৰমিকসকলে ভাৰতলৈ আহিব বিচাৰিছে ।

তিতাবৰৰ দেওঘৰীয়াত জঘন্য ঘটনা ! বোৱাৰীয়েকক অপকৰ্ম কৰি আৰক্ষীৰ জালত শহুৰ যাদৱ বৰা…

তিতাবৰৰ দেওঘৰীয়াত জঘন্য ঘটনা । ঘটনাৰ সংঘটিত কৰি পলায়ন কৰিছিল অভিযুক্ত যাদৱ বৰাই ।

বোৱাৰীয়েকক ধৰ্ষণ কৰি আৰক্ষীৰ জালত শহুৰেক।

বোৱাৰীয়েকৰ সৰ্বনাশ কৰি পলাই ফুৰা যাদৱ বৰাক ৰাইজে কৰায়ত্ত কৰি গতাই দিলে তিতাবৰ আৰক্ষীক।

আজি বিয়লি ৩ বজাত গুৱাহাটী টাউন ক্লাবত নতুন গ্ৰন্থ উন্মোচন কৰা হ’ব সত্য ৰঞ্জন বৰাৰ ! ইচলামিক ধৰ্মগুৰু মুস্তাফা কামাল আজহাৰীক কুটুম্ব সুৰক্ষা পৰিষদৰ ২০২৪ বৰ্ষৰ ‘সমন্বয় সেতুবন্ধন বঁটা’ প্ৰদান…

আজি বিয়লি ৩ বজাত গুৱাহাটীৰ কাছাৰীস্থিত গুৱাহাটী টাউন ক্লাবত নতুন গ্ৰন্থ উন্মোচন কৰা হ’ব সত্য ৰঞ্জন বৰাৰ। লগতে, ইচলামিক ধৰ্মগুৰু সমাজ সংস্কাৰক মুস্তাফা কামাল আজহাৰীক কুটুম্ব সুৰক্ষা পৰিষদৰ ২০২৪ বৰ্ষৰ

‘সমন্বয় সেতুবন্ধন বঁটা’ প্ৰদান কৰা হ’ব। মূখ্য অতিথি: অৱসৰপ্ৰাপ্ত লেফটেনেন্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতা; বিশিষ্ট অতিথি জন্মদাতা পিতৃ-মাতৃ সত্য ৰঞ্জন বৰাৰ ।

সকলোৰে উপস্থিতি আৰু সহায়-সহযোগিতা পৰম আন্তৰিকতাৰে কামনা কৰিছে সত্য ৰঞ্জন বৰাই ।