Home Blog Page 602

তেজপুৰত অপৰাধীলৈ আৰক্ষীৰ গুলী ! যুৱতীৰ শ্লীলতা হানিৰ চেষ্টা কৰা মিৰাজ আলী গুলীবিদ্ধ…

যুৱতীক ধৰ্ষণৰ চেষ্টা চলোৱা মিৰাজ আলীক এনকাউণ্টাৰ।

তেজপুৰত আৰক্ষীৰ গুলীত আহত অভিযুক্ত মিৰাজ আলী। আৰক্ষীৰ পিষ্টল কাঢ়ি পলাবলৈ চেষ্টা কৰাৰ অভিযোগ।

সান্ধ্য ভ্ৰমণলৈ যোৱা যুৱতীৰ সৰ্বনাশ কৰাৰ চেষ্টা কৰিছিল মিৰাজে।

নগাঁৱৰ ধিং কাণ্ডৰ মূল অভিযুক্ত তাফাজ্জুল ইছলামৰ মৃত্যু…

নগাঁৱৰ ধিং কাণ্ডৰ মূল অভিযুক্ত তাফাজ্জুল ইছলামৰ মৃত্যু ৷

আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ পুখুৰীত জাঁপ দিছিল তাফাজ্জুলে ৷

দুঘণ্টাজোৰা অভিযানৰ অন্তত পুখুৰীৰ পৰা উদ্ধাৰ তাফাজ্জুলৰ মৃতদেহ৷

গুৱাহাটীৰ ৬০ নম্বৰ ৱাৰ্ডত ৰাজহুৱা শৌচগাৰ আৰু পথ মুকলি

গুৱাহাটী পৌৰ নিগমে জনহিতকৰ কাৰ্যসূচীৰ অংশ হিচাপে ৱাৰ্ড সমূহত অনাময় অৱস্থাৰ উন্নতি সাধনৰ লক্ষ্যৰে ৰাজহুৱা শৌচাগাৰ আৰু যাতায়াত ব্যৱস্থাৰ উন্নতি সাধনৰ বাবে পথ নিৰ্মাণ কৰি আহিছে।

এই কাৰ্যসূচীৰ অধীনত গুৱাহাটী পৌৰ নিগমৰ ৬০ নম্বৰ ৱাৰ্ডৰ সদাব্যস্ত খানাপাৰাত এটা ৰাজহুৱা শৌচাগাৰ আৰু পাঞ্জাবাৰীত নতুনকৈ এটা পথ নিৰ্মাণ কৰা হৈছে।

আজি মাংগলিক কাৰ্যৰ মাজেৰে ৰাজহুৱা শৌচাগাৰ আৰু পথটো মুকলি কৰে গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই।

এই উপলক্ষে ৬০ নম্বৰ ৱাৰ্ডৰ পাৰিষদ ভূপেন বৰুৱাই আঁত ধৰা অনুষ্ঠানত ভাষণ প্ৰসংগত মেয়ৰ মৃগেন শৰণীয়াই গুৱাহাটী পৌৰ নিগমে আগন্তুক দিনত গুৱাহাটীৰ আন ৱাৰ্ডৰ লগতে ৬০ নম্বৰ ৱাৰ্ডৰ উন্নয়নৰ বাবে কেনে ধৰণৰ আঁচনি গ্ৰহণ কৰিছে তাৰ আলোকপাত কৰে।

অনুষ্ঠানত গুৱাহাটী পৌৰ নিগমৰ দিছপুৰ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা হিৰণ্য কুমাৰ হাজৰিকা , বিজেপিৰ ৰাজধানী মণ্ডল কমিটিৰ সভাপতি ভাস্কৰ ডেকাকে ধৰি কেবাজনো বিশিষ্ট লোক উপস্থিত থাকে।

ধিঙৰ নাৰকীয় ঘটনাক মন্ত্ৰী পীযুষ হাজৰীকাৰ তীব্ৰ গৰিহণা

‘নিৰ্দিষ্ট একাংশ মানুহে অসমীয়া মানুহক বাৰে বাৰে আক্ৰমণ কৰিছে, বিভিন্ন প্ৰক্ৰিয়াৰে নিৰ্যাতন চলাইছে’
আমি যিমান কঠোৰ হৈছো, ইয়াতকৈ আৰু কঠোৰ হ’ব লাগিব, চৰকাৰ এইক্ষেত্ৰত বহি নাথাকেঃ মন্ত্ৰী পীযুষ হাজৰীকা । ধিঙৰ নাৰকীয় ঘটনাক মন্ত্ৰী পীযুষ হাজৰীকাৰ তীব্ৰ গৰিহণা

ধিঙত সংঘটিত নাৰকীয় ঘটনাক মন্ত্ৰী পীযুষ হাজৰীকাই তীব্ৰ গৰিহণা দিছে। আজি সাংবাদিকৰ আগত মন্ত্ৰীগৰাকীয়ে এই ঘটনা সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে এই ঘটনাক তীব্ৰ নিন্দা কৰাৰ লগতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশনাত দোষীক কঠোৰ শাস্তি দিয়াৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হ’ব প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে কালি সন্ধিয়া ধিঙত যিটো ঘটনা সংঘটিত হ’ল, সেইটো এটা বৰ্বৰচিত ঘটনা। মোৰ গৰিহণা দিয়াৰো ভাষা নাই। এগৰাকী কিশোৰীক কেইবাটাও পাষণ্ডই দলবদ্ধ ধৰ্ষণ কৰাৰ খবৰ আহিছে। এই ঘটনাক মই তীব্ৰ ভাষাৰে গৰিহণা দিছো। তীব্ৰ ভাষাৰে গৰিহণা দিছো বুলি কৈও যিটো মোৰ অন্তৰৰ উষ্মা সেয়া প্ৰকাশ কৰিব পৰা নাই। এই ক্ষেত্ৰত ক’বলৈকে মই শব্দ বিচাৰি পোৱা নাই। এজনী কণমানিক কেইটামান পাষণ্ডই পিছে পিছে বিচাৰি গৈ যদি অত্যাচাৰ কৰিছে, আক্ৰমণ কৰিছে, ধৰ্ষণ কৰিছে- ইয়াৰ বিৰুদ্ধে কঠোৰ শাস্তি নিশ্চয়কৈ হ’ব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে টুইটযোগে জনাইছে যে এই ঘটনাত জড়িত অপৰাধীক ৰেহাই দিয়া নহ’ব। তেওঁ পুনৰ কয় যে ড০ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰখন এই জঘন্য ঘটনাৰ বিৰুদ্ধে যিমানখিনি কৰিব লাগে সকলোখিনি কৰিব। ড০ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰত কোনোৱে বেয়া কাম কৰি সাৰি যাব নোৱাৰে। দোষীক কঠোৰৰ পৰা কঠোৰ শাস্তি নিশ্চয়কৈ বিহা হ’ব।

ধিঙৰ ঘটনাৰ বিৰুদ্ধে ইতিমধ্যে ৰাইজ ওলাই আহিছে, প্ৰতিবাদ সাব্যস্ত কৰিছে। মন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত কয় যে এই ঘটনাবিলাকৰ বিৰুদ্ধে ৰাইজ ওলাই অহাটো স্বাভাৱিক। ৰাইজ ওলাই আহিবই।কাৰণ বাৰে বাৰে, য’তে ত’তে এনেধৰণৰ ঘটনাবিলাক নিৰ্দিষ্ট কিছুমান মানুহে সংঘটিত কৰি আহিছে, ৰাইজৰ অশান্তি হোৱাটো স্বাভাৱিক। ৰাইজ ক্ষোভত থকাটো স্বাভাৱিক। এই ঘটনাৰ পিছত মন্ত্ৰীগৰাকীয়ে যোৱা নিশাৰ পৰাই জিলা আয়ুক্ত, আৰক্ষী অধীক্ষক সকলোৰে লগত যোগাযোগত আছে বুলি প্ৰকাশ কৰে। তেওঁ পুনৰ কয় যে নগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী বুলিয়েই নহয় অভিভক্ত নগাঁও-মৰিগাঁও জিলাৰ এজন ব্যক্তি হিচাপে পুৱাৰে পৰা মই মুখ্যমন্ত্ৰীৰ লগতো কোবালানিও কথা পাতিছো। এই ঘটনাত মানুহৰ ক্ষোভ হোৱাটো স্বাভাৱিক, এনেকুৱা বেয়া ঘটনা অসমত যদি হৈ থাকে অসমৰ অৱস্থা কি হ’ব, অসম কোন দিশে গৈ আছে, এয়া আমাৰ কাৰণে অলপ চিন্তা কৰিবলগীয়া কথা। মন্ত্ৰীগৰাকীয়ে কয় যে দোষীয়ে কোনোপধ্যে সাৰি যাব নোৱাৰে, চৰকাৰে দোষীক কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰিবই। নিৰ্দিষ্ট একাংশ মানুহে অসমীয়া মানুহক বাৰে বাৰে আক্ৰমণ কৰিছে, সন্ত্ৰাসিত কৰিছে, বিভিন্ন প্ৰক্ৰিয়াৰে নিৰ্যাতন চলাইছে। আমি যিমান কঠোৰ হৈছো, ইয়াতকৈ আৰু নিশ্চয়কৈ কঠোৰ হ’ব লাগিব, চৰকাৰ এইক্ষেত্ৰত বহি নাথাকে বুলি মন্ত্ৰী হাজৰীকাই মন্তব্য কৰে

স্মাৰ্ট মিটাৰ প্ৰত্যাহাৰৰ দাবীত আপৰ বিক্ষোভ

গুৱাহাটী, ২৩ আগষ্ট- এপিডিচিএলৰ প্ৰিপেইড স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে অসম বিধান সভা উত্তাল হৈ থকাৰ মাজতে আজি মহানগৰীত আম আদমী পাৰ্টিয়ে স্মাৰ্ট মিটাৰ প্ৰত্যাহাৰৰ দাবীত ৰূপায়ন কৰে বিক্ষোভ কাৰ্যসূচী। গণেশগুৰিস্থিত আপৰ ৰাজ্যিক কাৰ্যালয়ৰ সন্মুখত বহুসংখ্যক দলীয় কৰ্মীয়ে প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে।

হাতে হাতে প্লেকাৰ্ড লৈ আপৰ নেতা-কৰ্মী সকলে স্মাৰ্ট মিটাৰ প্ৰত্যাহাৰ কৰক, আদানী স্মাৰ্ট মিটাৰ নচলিব, শক্তি মন্ত্ৰী নন্দিতা গাৰ্লোচা হুচিয়াৰ আদি শ্লোগানেৰে বিক্ষোভ প্ৰদৰ্শন কৰে। প্ৰতিবাদস্থলীত উপস্থিত থকা দলৰ জ্যেষ্ঠ নেত্ৰী অনুৰূপা ডেকাৰজাই এপিডিচিএলৰ প্ৰিপেইড স্মাৰ্ট মিটাৰ প্ৰত্যাহাৰৰ দাবী জনাই কয়, “ৰাজ্য চৰকাৰে জনসাধাৰণৰ বৃহত্তৰ স্বাৰ্থত বিদ্যুত বিল সংগ্ৰহৰ পূৰ্বৰ পদ্ধতি বাহাল ৰখা উচিত। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে ক্ষমতাত অধিষ্ঠিত হোৱাৰ পূৰ্বে যি সমূহ প্ৰতিশ্ৰুতি দিছিল, সেইবোৰ পূৰণ কৰিব পৰা নাই। ৰাজ্যত দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰীৰ অস্বাভাৱিক মূল্য বৃদ্ধি হৈছে।

জনসাধাৰণৰ ক্ৰয় ক্ষমতা বৃদ্ধি হোৱা নাই। এনে অৱস্থাত চৰকাৰে প্ৰিপেইড স্মাৰ্ট মিটাৰৰ জৰিয়তে ৰাইজক মাধমাৰ সোধাইছে। বিজেপিৰ ঘনিষ্ঠ ব্যৱসায়ী গৌতম আদানীৰ স্বাৰ্থত অসমীয়া ৰাইজৰ ওপৰত অস্বাভাৱিক বিদ্যুত বিলৰ বোজা জাপি দিছে চৰকাৰে। গতিকে আম আদমী পাৰ্টিয়ে প্ৰিপেইড স্মাৰ্ট মিটাৰ অবিলম্বে প্ৰত্যাহাৰ কৰি পূৰ্বৰ পদ্ধতি বাহাল ৰাখিবলৈ দাবী জনাওঁ। ” বিক্ষোভ কাৰ্যসূচীত অংশগ্ৰহণ কৰা আপৰ যুৱনেতা ৰুদ্ৰাংকুৰ হাজৰিকাই বিজেপি চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে সৰৱ হয়। তেওঁ প্ৰশ্ন কৰে ,” দিল্লীত আম আদমী পাৰ্টিৰ চৰকাৰে যদি ২০০ ইউনিটলৈকে বিনামূলীয়া বিদ্যুৎ যোগান দিব পাৰে, তেন্তে অসমৰ তথাকথিত ডাবল ইঞ্জিন চৰকাৰে ৰাইজৰ ওপৰত এনে মাধমাৰ সোধাইছে কিয়? শীঘ্ৰেই চৰকাৰক আদানী মিটাৰ প্ৰত্যাহাৰ কৰি ৰাইজক সকাহ দিবলৈ দাবী আমি দাবী জনাইছোঁ।”

“ছয় জনগোষ্ঠীয় যৌথ মঞ্চ, অসম “ৰ কাৰ্যনিৰ্বাহক সভা

২৩ আগষ্ট, ২০২৪, দিচপুৰ প্ৰেছ ক্লাৱত মৰাণ, মটক, টাই আহোম, চুতীয়া, কোঁচ ৰাজবংশী আৰু আদিবাসী-চাহ জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে সংগ্ৰাম অব্যাহত ৰখা জনগোষ্ঠী কেইটাৰ এক উমৈহতীয়া মঞ্চ “ছয় জনগোষ্ঠীয় যৌথ মঞ্চ, অসম “ৰ এখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈ যায়। সভাত ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰ বিজেপি নেতৃত্বাধীন দুয়োখন চৰকাৰে কৰা চুড়ান্ত প্ৰতাৰণাৰ সন্দৰ্ভত মঞ্চৰ অংশীদাৰী প্ৰতিটো সংগঠনৰ নেতৃবৃন্দই আলোকপাত কৰি চৰকাৰৰ ভুমিকাক কঠোৰ ভাষাৰে সমালোচনা কৰে। সভাত ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত নিৰবিচ্ছিন্ন তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰি প্ৰথম লানি কাৰ্যসূচী ছয় জনগোষ্ঠীয় যৌথ মঞ্চই ঘোষণা কৰে।

সভাৰ শেষত এই সন্দৰ্ভত ছয় জনগোষ্ঠীয় যৌথ মঞ্চৰ হৈ টাই আহোম যুৱ পৰিষদ, অসম চমুকৈ টাইপাৰ সভাপতি দিগন্ত তামুলী, সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি মহেন বৰা, সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ সভাপতি গডউইন হেমৰম, সদৌ কোঁচ ৰাজবংশী ছাত্ৰ সন্থাৰ সভাপতি নিতুল ৰাজবংশী, সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদৰ মুখ্য উপদেষ্টা উদয় শংকৰ মহন, সভাপতি সত্য গোহাঁই, মৰাণ যুৱ পৰিষদৰ সভাপতি দিব্যজ্যোতি মৰাণ, , সদৌ অসম মটক ছাত্ৰ সন্থাৰ সভাপতি সঞ্জয় হাজৰিকাই এক সংবাদ মেল আহ্বান কৰে।

সংবাদ মেলত টাইপাৰ সভাপতি দিগন্ত তামুলীয়ে কয় যে – বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য দুয়োখন চৰকাৰৰে ছয় জনগোষ্ঠীক জনজাতিকৰণ প্ৰদানৰ কোনো সদিচ্ছা নাই আৰু ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো কেৱল নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ কৌশল ব্যৱহাৰ কৰি আহিছে। ছয় জনগোষ্ঠীৰ জনজাতিকৰণে নিৰ্দিষ্ট ৰাজনৈতিক নেতা আৰু দলৰ ক্ষমতাৰ ৰাজনীতি আৰু সান্দহ খোৱা বালি তল যোৱাৰ ভয়ত ছয় জনগোষ্ঠীৰ জনজাতিকৰণ কৰিব বিছৰা নাই। জনজাতিকৰণ নোপোৱা পৰ্যন্ত এইবাৰ ছয় জনগোষ্ঠীয় যৌথ মঞ্চই জনজাতিকৰণৰ দাবীত নিৰ্ণায়ক পৰ্যায়ৰ চুড়ান্ত আৰু তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি যাৱ বুলি টাইপাৰ সভাপতি গৰাকীয়ে সংবাদ মেলত অৱগত কৰে। সংবাদ মেলত ছয় জনগোষ্ঠীয় যৌথ মঞ্চৰ নেতৃত্বই এলানি প্ৰতিবাদী কাৰ্যসূচী ঘোষণা কৰে। সভাৰ সিদ্ধান্ত অনুসৰি ছয় জনগোষ্ঠীয় যৌথ মঞ্চই ৪ ছেপ্টেম্বৰ তাৰিখে প্ৰতি জিলা মহকুমা সদৰত প্ৰধানমন্ত্ৰী, কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী , অসমৰ মূখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ, ২৮ ছেপ্টেম্বৰত লক্ষীমপুৰত, ১৬ অক্টোবৰত তিনিচুকীয়াত, ৩ অক্টোবৰত বিশ্বনাথত, অক্টোবৰত,২৩ অক্টোবৰত শিৱসাগৰত , ৩০ অক্টোবৰত শ্ৰীৰামপুৰত ধৰ্ণা কাৰ্যসূচী, ১৩ নবেম্বৰত “দিচপুৰ লৈ যাওঁ” শীৰ্ষক কাৰ্যসূচী ৰূপায়ণ আৰু পৰৱৰ্তী সময়ত বৌদ্ধিক আলোচনা চক্ৰ অনুষ্ঠিত কৰি জিলাই জিলাই গণ সমাবেশ অনুষ্ঠিত হ’ব।

ধিঙত সংঘটিত জঘন্য কাণ্ডৰ বিৰুদ্ধে শিৱসাগৰত প্ৰতিবাদ অব্যাহত ৰাখিছে একাংশ দল সংগঠনে…

ধিঙত এগৰাকী ছাত্ৰীক কেইটামান নৰ পিশাচে ধৰ্ষণ কৰা কাণ্ডকলৈ শিৱসাগৰতো প্ৰতিবাদ অব্যাহত ৰাখিছে একাংশ দল সংগঠনে।

ধিং কাণ্ডৰ বিৰুদ্ধে শিৱসাগৰ দৌলমুখ চাৰিআলিত উজনি অসম মুছলিম কল্যাণ পৰিষদ, উজনি অসম সন্মিলিত মুছলিম পৰিষদে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ। ছাত্ৰী ধৰ্ষণৰ সৈতে জড়িত সকলোকে কঠোৰতকৈ কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাইছে।

ধৰ্ষনকাৰীক ফাঁচী দিয়ক, অবৈধ মিঞাক ৰক্ষণাবেক্ষণ দিয়া বন্ধ কৰক আদি শ্লোগান দি পৰিৱেশ উত্তাল কৰে খিলঞ্জীয়া মুছলমান সমাজে। প্ৰতিবাদী কাৰ্যসূচীত আটাছু, জাতীয় সংগ্ৰামী সেনা অসম, অনুসূচীত জাতি ছাত্ৰ সন্থাৰ প্ৰতিনিধিয়েও অংশগ্ৰহণ কৰে।

তুলিকা নৃত্যাঞ্জলি কলাকেন্দ্ৰৰ দ্বি বাৰ্ষিক প্রতিষ্ঠা দিৱসৰ আয়োজন…

সত্রীয়া, ভাৰত নাট্যম, পাশ্চাত্য আৰু সৃষ্টিশীল নৃত্যকে ধৰি ৰাজ্যৰ পৰম্পৰাগত সংস্কৃতি নতুন প্ৰজন্মৰ বাবে শুদ্ধ ৰূপত উপস্থাপন কৰাৰ লক্ষ্যৰে ২০২২ চনৰ ২৭ মে’ত নৃত্যশিল্পী তুলিকা ভূঞা বৰুৱাৰ বিশেষ উদ্যোগত গঢ় লৈ উঠা তুলিকা নৃত্যাঞ্জলি কলাকেন্দ্রই ২৭ মে’ত দ্বিতীয়টো বৰ্ষ সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছে।

সেই দ্বিতীয় বৰ্ষৰ প্ৰতিষ্ঠা দিৱসৰ উদযাপনৰ হকে অহা ২৫ আগষ্টৰ দিনা বিয়লি ৪:৩০ বজাৰ পৰা পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ চৌহদৰ শ্রীশ্রীমাধৱদেৱ আন্তর্জাতিক প্রেক্ষাগৃহত কলাকেন্দ্ৰই এটি সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠানৰ আয়োজন কৰা হৈছে ।

য’ত সেই বিশেষ সন্ধিয়াটোত তুলিকা নৃত্যাঞ্জলি কলা কেন্দ্ৰৰ শীৰ্ষক গীতটো মুকলি কৰাৰ লগতে পদ্মশ্ৰী নৃত্যচাৰ্য্য যতীন গোস্বামীক জীৱনযোৰা সাধনা বঁটাও প্ৰদান কৰা হব আৰু অনুষ্ঠানটোত কলাকেন্দ্ৰৰ শিক্ষার্থীসকলে নৃত্য, গীতকে ধৰি বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰিব। অনুষ্ঠানটিত তুলিকা নৃত্যাঞ্জলি কলা কেন্দ্ৰৰ পৰিয়ালৰ ফালৰ পৰা সিদিনাৰ অনুষ্ঠানত শুভাকাংক্ষী ৰাইজৰ উপস্থিতি কামনা কৰিছে।

মৰিগাঁৱত ভাৰত চৰকাৰৰ মহিলা আৰু শিশু উন্নয়ন বিভাগৰ ৰাজ্যিক মন্ত্ৰী সাবিত্ৰী ঠাকুৰ…

ভাৰত চৰকাৰৰ মহিলা আৰু শিশু উন্নয়ন বিভাগৰ ৰাজ্যিক মন্ত্ৰী সাবিত্ৰী ঠাকুৰে শুকুৰবাৰে মৰিগাঁও জিলাৰ কৃষিখণ্ড পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে প্ৰথমে জিলা কৃষি বিভাগৰ অধীনৰ মানিপুৰস্থিত ইয়াংলী কৃষক উৎপাদক কোম্পনীৰ কাৰ্যালয়ত উপস্থিত হৈ জিলা কৃষি বিভাগৰ নৱতন সংযোজন “কৃষি-কেঁচুসাৰ-পৰ্যটন”ৰ শুভাৰম্ভণি কৰি কৃষি বিভাগে গ্ৰহণ কৰা এই যুগান্তকাৰী পদক্ষেপৰ শলাগ লয়। ইয়াৰ পিছতে মন্ত্ৰীগৰাকীয়ে বিভাগীয় বিষয়া কৰ্মচাৰী সকলৰ উপস্থিতিত কৃষক উৎপাদক কোম্পানীটোৰ বিষয় ববীয়া আৰু সদস্য তথা কৃষক ৰাইজৰ সৈতে এক মতবিনিময় অনুষ্ঠানত মিলিত হয়। উক্ত অনুষ্ঠানত মন্ত্রী গৰাকীয়ে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ দ্বাৰা ৰূপায়িত বিভিন্ন ধ্বজাবাহী আচঁনিৰ ৰূপায়ন সন্দৰ্ভত পৰ্যালোচনা কৰাৰ লগতে ইয়াৰ দ্বাৰা কৃষক ৰাইজ কেনেদৰে উপকৃত হৈছে,

প্ৰকৃতাৰ্থত কৃষক ৰাইজে আঁচনিৰ সুবিধা লাভ কৰিছেনে নাই, চলি থকা প্ৰকল্পসমূহৰ অগ্ৰগতি, কৃষিখণ্ড বিকাশৰ পদক্ষেপ ৰূপায়ণৰ ক্ষেত্ৰত জিলাখনে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহ, কৃষক ৰাইজৰ উন্নতিৰ বাবে কৌশল আৰু ভৱিষ্যত পৰিকল্পনা আদি বিষয়ত পুংখানুপুংখ ভাৱে পৰ্যালোচনা কৰে। অনুষ্ঠানত মন্ত্ৰীগৰাকীক “কৃষি-কেঁচুসাৰ- পৰ্যটন” সন্দৰ্ভত প্ৰস্তুত কৰা তথ্য চিত্ৰ প্ৰদৰ্শন কৰাৰ লগতে বৃক্ষ ৰূপন কাৰ্যসূচী ৰূপায়ন কৰা হয়। এই ক্ষেত্ৰত চৰকাৰৰ ফালৰ পৰা সহায় সহযোগিতাৰ আশ্বাস প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে। ইয়াৰ পিছত ইয়াংলী কৃষক উৎপাদক কোম্পানীটোৱে কৃষি বিভাগৰ পৰা লাভ কৰা Custom Hiring Centreত উপস্থিত হৈ আধুনিক কৃষি সজুলিসমূহ,

কেঁচুসাৰ প্ৰস্তুত কৰা প্ৰক্ৰিয়া, ঔষধি উদ্ভিদৰ নাৰ্চাৰী পৰিদৰ্শন কৰে। ইয়াৰ পিছতে কৃষক উৎপাদক কোম্পানীটোৰ মহিলা কৃষক সদস্য সকলে প্ৰস্তুত কৰা কেঁচুসাৰৰ ইউনিট পৰিদৰ্শন কৰাৰ লগতে শিপিনী সকলৰ দ্বাৰা উৎপাদিত তাত শালৰ প্ৰকল্প পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে মহিলা সকলক উৎসাহিত কৰাৰ লগতে ইয়াৰ দ্বাৰা কৃষি খণ্ড অধিক আগবাঢ়ি যোৱাৰ লগতে মহিলা সকলে স্বাৱলম্বীতাৰ উৎকৃষ্ট নিৰ্দশন দাঙি ধৰা বুলি মন্তব্য কৰে। মৰিগাঁও পৰিদৰ্শনৰ সময়চোৱাত মন্ত্ৰীদ্বয়ক জিলা আয়ুক্ত দেৱাশীষ শৰ্মা, জিলা কৃষি বিষয়া অশোক কুমাৰ শৰ্মা, সহকাৰী কৃষি সঞ্চালক তপন কুমাৰ ব্ৰহ্ম, মহকুমা কৃষি বিষয়া মেহেদী আৰিফ হুছেইন, জিলা কৃষি বিভাগৰ বিষয়া কৰ্মচাৰী সকলৰ লগতে জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়া, বিভাগীয় মূৰব্বী বিষয়া কৰ্মচাৰী সকলে সংগ দিয়ে।

ভিক্টৰ দাসৰ বিৰুদ্ধে চাংসাৰি থানাত এজাহাৰ দাখিল…

ভিক্টৰ দাসৰ বিৰুদ্ধে চাংসাৰি থানাত এজাহাৰ দাখিল ।

চাংসাৰি ধোপাতাৰীৰ যুৱ শক্তিয়ে এজাহাৰ দাখিল কৰিলে ভিক্টৰ দাসৰ বিৰুদ্ধে ।

মন্ত্ৰী পীয়ুষ হাজৰিকাকে ধৰি কেইবাজনো লোকক অশ্লীল গালি গলাজ পৰাৰ বাবে এজাহাৰ দাখিল ।

গোপন অংগ কাটি পেলোৱাৰ ভাবুকি প্ৰদান কৰাৰ বাবে দিলে এজাহাৰ ।

প্ৰায়েই জেলৰ আলহী হোৱা ভিক্টৰ দাসৰ বিৰুদ্ধে চাংসাৰি আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হব লক্ষণীয়।