Home Blog Page 605

পুৰুষৰ ৰেড বল ক্ৰিকেটত ৪১ বছৰীয়া অভিলেখ ভংগ শ্ৰীলংকাৰ মিলান ৰথনায়কৰ…

৪১ বছৰীয়া অভিলেখ ভংগ। পুৰুষৰ ৰেড বল ক্ৰিকেটত ৪১ বছৰীয়া অভিলেখ ভংগ শ্ৰীলংকাৰ মিলান ৰথনায়কৰ। বেটছমেন মিলানে পুৰুষৰ ৰেডবল ক্ৰিকেটত ৯ নম্বৰ স্থানত কৰিলে সৰ্বাধিক স্ক’ৰ।

অভিষেক টেষ্টত ১৩৫ বলত ৭২ ৰান সংগ্ৰহ কৰিলে মিলান ৰথনায়কে।

ইয়াৰ পূৰ্বে ১৯৮৩ চনত হায়দৰাবাদত পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ বলৱিন্দৰ সন্ধুৱে সংগ্ৰহ কৰিছিল ৭১ ৰান।

২০২৬ চনৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব দক্ষিণ ভাৰতীয় চলচ্চিত্ৰ তাৰকা বিজয়ে…

২০২৬ চনৰ তামিলনাডুৰ নিৰ্বাচনৰ বাবে সাজু বিজয়।

২০২৬ চনৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব দক্ষিণ ভাৰতীয় চলচ্চিত্ৰ তাৰকা বিজয়ে।

চেন্নাইত দলীয় কাৰ্যালয়ত দলৰ পতাকা উন্মোচন অভিনেতা তথা TVK ৰ মুৰব্বী বিজয়ৰ।

২০২৫ চনত ইংলেণ্ডৰ বিৰুদ্ধে ৫খন টি-২০ আৰু ৩খন এদিনীয়া শৃংখলাত অংশগ্ৰহণ কৰিব ভাৰতীয় মহিলা ক্ৰিকেট দলে…

২০২৫ চনত ইংলেণ্ডৰ বিৰুদ্ধে ৫খন টি-২০ আৰু ৩খন এদিনীয়া শৃংখলাত অংশগ্ৰহণ কৰিব ভাৰতীয় মহিলা ক্ৰিকেট দলে। ২৮ জুন ২০২৫ৰ পৰা আৰম্ভ হ’ব টি-২০ শৃংখলা।

আনহাতে ২০ জুন ২০২৫ৰ পৰা ইংলেণ্ডৰ বিৰুদ্ধে ৫ খনীয়া টেষ্ট শৃংখলাত অংশগ্ৰহণ কৰিব ভাৰতীয় ক্ৰিকেট দল।

ইতিমধ্যে ইংলেণ্ডৰ বিৰুদ্ধে ৫খন টেষ্ট মেচৰ প্ৰকাশ পালে সূচী। ৰোহিত শৰ্মাৰ নেতৃত্বত ইংলেণ্ডলৈ যাব ভাৰতীয় দলটো।

সমগ্ৰ ৰাজ্যজুৰি সাংবাদিক সংগঠনৰ প্ৰতিক্ৰিয়া ! গুৱাহাটীত দিছপুৰ প্ৰেছ ক্লাব , জাফা , গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰতিক্ৰিয়া প্ৰকাশ…

সাংবাদিকৰ কামেই হৈছে বিভিন্ন ঘটনা -পৰিঘটনাৰ সত্য তথ্য উদ্ঘাটন কৰা। সেই উদ্দেশ্যে
সাংবাদিক শ্বাহ আলমে এটা প্ৰশ্ন কৰিছিল । শ্বাহ আলমে এখন পাহাৰ কটা লৈ প্ৰশ্ন কৰিছিল অসমৰ মুখ্যমন্ত্ৰী ড’ হিমন্ত বিস্ব শৰ্মাক। তাৰ পিছত মুখ্যমন্ত্ৰী গৰাকীয়ে সাংবাদিক শ্বাহ আলমক উদ্দেশ্যি যি মন্তব্য আগবঢ়ালে সেয়া হয়তো সকলোৱে শুনিছে বা দেখিছে । এগৰাকী সাংবাদিকক কৰা এনে ব্যৱহাৰ কেতিয়াও গ্ৰহণযোগ্য হব নোৱাৰে ।
এক বিবৃতিত জাফাৰ সভাপতি অভিদ্বীপ চৌধুৰী, কাৰ্যকৰী সভাপতি পংকজ ডেকা, মুখ্য সাংগঠনিক সম্পাদক কুশল শইকীয়া আৰু সম্পাদক প্ৰধান কুঞ্জ মোহন ৰায়ে কয় যে –
প্ৰশ্ন কৰাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মাই সাংবাদিক শ্বাহ আলমক যি ব্যৱহাৰ কৰিলে তাৰ বাবে জাফা’ই দুখ প্ৰকাশ কৰিছে । অনাগত দিনত যাতে মুখ্যমন্ত্ৰী গৰাকীয়ে এনে ধৰনৰ মন্তব্য আগ নবঢ়ায় তাৰ বাবে আমি জাৰ্ণেলিষ্ট এছোচিয়েচন ফৰ আসাম চমুকৈ জাফা’ৰ তৰফৰ পৰা বিনম্ৰভাবে আহ্বান জনালোঁ ।

ধৰ্মৰ ভিত্তিত সাংবাদিকক লক্ষ্য কৰি লোৱাটো উদ্বেগজনক

অসমৰ বহুকেইগৰাকী ৰাজনৈতিক নেতাই বিভিন্ন সময়ত সাংবাদিকসকলক তুচ্ছ-তাচ্ছিল্য কৰি অহাৰ সময়তে মাননীয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ২১ আগষ্টত এগৰাকী সাংবাদিকে সোধা এটা প্ৰশ্নৰ প্ৰসংগত ধৰ্মীয় মেৰুকৰণেৰে সাংবাদিকগৰাকীক লক্ষ্য কৰি লোৱাতো গুৱাহাটী প্ৰেছ ক্লাবৰ দৃষ্টি গোচৰ হৈছে।

মুখ্যমন্ত্ৰী গৰাকীৰ এই মন্তব্যত উদ্বেগ প্ৰকাশ কৰা হৈছে। ভৱিষ্যতে এনে ধৰণৰ কাৰ্যৰ পুনৰাবৃত্তি যাতে নকৰে তাৰ প্ৰতি গুৰুত্ব দিবলৈ মুখ্যমন্ত্ৰীৰ লগতে সকলো ৰাজনৈতিক নেতাক আহ্বান জনালো।


সাধাৰণ সম্পাদক
গুৱাহাটী প্ৰেছ ক্লাব

আদিবাসী উন্নয়ন পৰিষদৰ প্ৰশংসনীয় পদক্ষেপ ! ওদালগুৰিত বিতৰণ কৰিলে কৃষকক ৩৪ হাজাৰ তামোলৰ পুলি…

আদিবাসী উন্নয়ণ পৰিষদৰ প্ৰশংসনীয় পদক্ষেপ। ওদালগুৰিত বিতৰণ কৰিলে কৃষকক ৩৪ হাজাৰ তামোলৰ পুলি । ১৭০জন আদিবাসী সম্প্ৰদায়ৰ কৃষকক এক অনুষ্ঠানৰ জৰিয়তে বিতৰণ কৰে ২০০টাকৈ তামোলৰ পুলি। আদিবাসী উন্নয়ণ পৰিষদৰ উদ্যোগত আৰু ওদালগুৰি জিলা কৃষি বিভাগৰ সহযোগত বিতৰণ কৰা হয় এই তামোল পুলিখিনি।

প্ৰতিজন কৃষককে প্ৰদান কৰা হয় ২০০টাকৈ উন্নত জাতৰ তামোলৰ পুলি। ওদালগুৰি অঞ্চলৰ প্ৰায় ১৭০ জন কৃষকক নিজহাতে তামোলৰ পুলি প্ৰদান কৰে আদিবাসী উন্নয়ন পৰিষদৰ কাৰ্যবাহী সদস্য মহোন কিছকুৱে।

অনুষ্ঠানত ওদালগুৰি জিলা কৃষি বিষয়া, আদিবাসী উন্নয়ন পৰিষদৰ ৰাজনৈতিক আৰু আইন উপদেষ্টা প্ৰিয়াংকু প্ৰতিম দাসৰ লগতে বহুসংখ্যক গণ্যমান্য লোক উপস্থিত থাকে।

মূলত অনগ্ৰসৰ অঞ্চলৰ লোকসকলক আৰ্থিকভাৱে স্বচ্ছল হ’ব পৰাকৈ প্ৰতিজন কৃষকক বিতৰণ কৰা হয় দুশকৈ তামোল পুলি। এই কাৰ্যসূচীত সাহিত্য সভাইও সহযোগিতা আগবঢ়াই আদিবাসী উন্নয়ন পৰিষদক।

মধ্য বৰদলনি ভেবেলী উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহৰ অভ্যৰ্থনা সমিতি গঠন…

ধেমাজি জিলাৰ বৰদলনি অঞ্চলৰ মধ্যস্থল ভেবেলীত ১৯৭৮ চনত স্থাপিত হোৱা মধ্য বৰদলনি ভেবেলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ে চাৰিটা বৰ্ষৰ পাছতে গৌৰৱ উজ্জ্বল সোণালী জয়ন্তী বৰ্ষত ভৰি দিব। তাৰ প্ৰাক ক্ষণত বিদ্যালয়খনৰ প্ৰচাৰ আৰু প্ৰসাৰ তথা প্ৰাক্তন ছাত্ৰ ছাত্ৰী সকলৰ একত্ৰিকৰণ কৰি ইতিবাচক বাৰ্তা প্ৰেৰণৰ উদ্দেশ্যে প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহ আয়োজন কৰাৰ সন্দৰ্ভত আজি মধ্য বৰদলনি ভেবেলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চৌহদত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়। বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ তথা গোসাঁইবাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক বিনন্দ চাংমাইৰ সভাপতিত্বত অনুষ্ঠিত হোৱা ৰাজহুৱা সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে আহ্বায়ক অমৃত দাসে। সমাৰোহ অনুষ্ঠিত কৰাৰ সন্দৰ্ভত কেইবাজনো প্ৰাক্তন ছাত্ৰ-ছাত্ৰীয়ে ধনাত্মক মন্তব্য আগবঢ়োৱাৰ লগতে বিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ হিৰেণ বৰুৱাই সমাৰোহ অনুষ্ঠিত কৰাৰ সন্দৰ্ভত যোগাত্মক বিশ্লেষণ আগবঢ়ায়।

উক্ত সমাৰোহখনি নবেম্বৰ মাহৰ ২৩ আৰু ২৪ তাৰিখে মধ্য বৰদলনি ভেবেলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাঙ্গনত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰাৰ পোষকতা কৰে ৰাজহুৱা সভাই। সমাৰোহখনিৰ লগত সংগতি ৰাখি মধ্য বৰদলনি ভেবেলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মূল তোৰণখন শিক্ষক শুভাকাংশী আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ দান বৰঙণিৰে স্থায়ীভাৱে নিৰ্মাণ কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। উক্ত সভাত সমাৰোহৰ বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা, স্মৃতি গ্ৰন্থ প্ৰকাশ কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহৰ ধেমাজি বিধানসভা সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ শিক্ষা মন্ত্ৰী ডা০ ৰনোজ পেগুক অভ্যৰ্থনা সমিতিৰ সভাপতি হিচাপে সভাই সৰ্ব সন্মতি মৰ্মে সমৰ্থন কৰে আৰু সিদ্ধান্ত গ্ৰহণ কৰে। মুখ্য উপদেষ্টা হিচাপে সোনোৱাল কছাৰী স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ সোনোৱাল, ধেমাজি জিলা আয়ুক্ত অংকুৰ ভৰালী, ধেমাজি জিলা শিক্ষা বিষ‌য়া বিতুপন হাজৰিকা,

মধ্য বৰদলনি ভেবেলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ হিৰেণ বৰুৱা, কাৰ্যকৰী সভাপতি হিচাপে মধ্য বৰদলনি ভেবেলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তথা ৰাজনৈতিক বিষয় শিক্ষক গোপাল সোনোৱাল, উপ-সভাপতি বিনন্দ চাংমাই, কাশীনাথ সোনোৱাল,মনোজ কুমাৰ দাস, গোবিন্দ বনিয়া, মুখ্য সম্পাদক অমৃত দাস, যুটীয়া সম্পাদক পংকজ বড়া, কল্পজিৎ সোনোৱাল, সহ: সম্পাদক অনন্ত বৰা , ভদ্ৰেশ্বৰ সোনোৱাল,উৎপল দাস, কোষাধ্যক্ষ ক্ষীৰোদ সোনোৱালৰ লগতে কেইবাখনো উপ-সমিতি গঠন কৰি এখন শক্তিশালী অভ্যৰ্থনা সমিতি গঠন কৰা হয়। উক্ত সভাত বিদ্যালয়ৰ সংস্কৃত বিষয়ৰ শিক্ষক ইন্দ্ৰেশ্বৰ শইকীয়া, শিক্ষক জিতেন বৰা, অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া দেবেন্দ্ৰ দাস, প্ৰাক্তন ছাত্ৰ তথা অসমীয়া প্ৰতিদিন কাকতৰ সাংবাদিক লোচন দাসৰ লগতে শতাধিক ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱক অভিভাভিকা উপস্থিত থাকে। অনুষ্ঠানটো সৰ্বতোপ্ৰকাৰে সাফল্য মণ্ডিত কৰি তোলাৰ ক্ষেত্ৰত সকলো ৰাইজৰ সহায় সহযোগ কামনা কৰিছে অভ্যৰ্থনা সমিতিয়ে।

স্বামী স্ত্ৰীৰ কাজিয়াই ৰূপ ল’লে ভয়ংকৰ পৰিণতি ! স্বামীয়ে নিজ পত্নীক হত্যা কৰাৰ সন্দেহ বোৱাৰীগৰাকীৰ পৰিয়ালৰ…

স্বামী স্ত্ৰীৰ কাজিয়ায় ৰূপ ল’লে ভয়ংকৰ পৰিণতিৰ । স্বামীয়ে নিজ পত্নীক হত্যা কৰাৰ সন্দেহ বোৱাৰী গৰাকীৰ পৰিয়ালৰ । চাপৰৰ ৰঙামাটিৰ হলদিবাৰীত সংঘটিত হয় এই ঘটনা । ঘটনাৰ পিছৰ পৰায় স্বামী আতোৱাৰ আলীৰ কোনো খবৰ পোৱা নাই বোৱাৰী গৰাকীৰ পৰিয়ালৰ লোকে । উল্লেখ্য যে চাপৰ আৰক্ষী থানাৰ অন্তৰ্গত ৰঙামাটি হলদিবাৰীৰ বাসিন্দা আফ্ৰুজা বিবি নামৰ মহিলা গৰাকীয়ে কেইবছৰমান পূৰ্বে আৰিমাৰিৰ বাসিন্দা আতোৱাৰ আলীৰ লগত বিবাহ পাশত আবদ্ধ হয় ।

যোৱা নিশা আতোৱাৰ আলী নামৰ ব্যক্তি জনে ৰঙামাটিত আহি শহুৰেকৰ ঘৰৰ সন্মুখত আহি গালি গালাছ পাৰি নিজ পত্নীক ঘৰলৈ লৈ যায় । কিন্তু কিছুদূৰ যোৱাৰ পিছত বোৱাৰী গৰাকীৰ ঘৰত খবৰ দিয়ে পথ দুৰ্ঘটনা হোৱা বুলি । ততাতৈয়াকৈ পৰিয়ালৰ লোকে গৈ নিত্যবজাৰত লগ কৰে যদিও বঙাইগাঁওলৈ লৈ যায় ।

বঙাইগাঁওত বোৱাৰী গৰাকীৰ মৃত্যু হয় আৰু ঘৰলৈ লৈ আহে যদিও স্বামী আতোৱাৰ আলীয়ে মৃত পত্নী গৰাকীক নিজ ঘৰত নিনিয়াকৈ শহুৰেকৰ ঘৰলৈ পঠাই দি গাড়ীৰ পৰা নামি যায় । কিন্তু মৃত পত্নীৰ খবৰ লোৱা দূৰৰে কথা নিজৰ ম’বাইল ফোনটো অফ কৰি নিৰুদ্দেশ হৈ আছে স্বামী আতোৱাৰ আলীয়ে । ঘটনাস্থলীত চাপৰ আৰক্ষী উপস্থিত হৈ মৃতদেহটো থানালৈ লৈ আহে আৰু ঘটনা সংক্ৰান্তত তদন্ত অব্যাহত ৰাখিছে ।

উত্তৰ গুৱাহাটীত নিশা বলীয়া শিয়ালৰ আতংক ! ফুলুঙৰ ৮ জনকৈ লোকক আক্রমণ বলীয়া শিয়ালৰ…


উত্তৰ গুৱাহাটীত নিশা বলীয়া শিয়ালৰ আতংক
ফুলুঙৰ ৮ জনকৈ লোকক আক্রমণ বলীয়া শিয়ালৰ
সংকটজনক অৱস্থাত আহতসকলক AIIMS, GMCHত ভর্তি


বলীয়া শিয়ালৰ আতংকক লৈ নিদ্ৰা হৰিছে গঞাৰ
নিশা হাতে হাতে যাঠি-জোং লৈ পহৰা দিছে স্থানীয় ৰাইজে


ফটকা ফুটাই বলীয়া শিয়াল খেদাৰ চেষ্টা ৰাইজৰ
ঘটনাস্থলীত বন বিভাগৰ লোেক পলমকৈ উপস্থিত হোৱাৰ অভিযোগ

আৰ জি কৰ মেডিকেল কলেজ হাস্পতালৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদৰ পিছতে বৰ্খাস্ত অধ্যক্ষ সুৰহিতা পালক…

আৰ জি কৰ মেডিকেল কলেজ হাস্পতালৰ অধ্যক্ষ সুৰহিতা পালক অপসাৰণ।চিকিত্সালয়খনৰ আন দুজন চিকিত্সক অধীক্ষক ডাঃ বুলবুল মুখোপাধ্যায়, অৰুণভা দত্তক বদলি।

পশ্চিমবংগ স্বাস্থ্য বিভাগে বাতিল কৰিলে সন্দীপ ঘোষৰ নিযুক্তি।

ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদৰ পিছতে বৰ্খাস্ত কলকাতাৰ আৰ জি কাৰ চিকিৎসালয়ৰ নতুন অধ্যক্ষ।

হাজোৰ প্ৰবীন নাগাৰা নামৰ শিল্পী যোগেশ্বৰ মালাকাৰক  সাক্ষাৎ কৰি গ্ৰন্থ প্ৰণয়নৰ আহ্বান থানেশ্বৰ মালাকাৰৰ…

ঐতিহ্যমণ্ডিত হাজোৰ অন্তৰ্গত বৰদধি গাৱঁৰ এসময়ৰ বিখ্যাত নাগাৰা নামৰ পাঠক  যোগেশ্বৰ মালাকাৰ (পাঠক) ৰ স’তে  যোৱা ১৭ আগষ্ট তাৰিখে এক সৌজন্যমূলক সাক্ষাতত মিলিত হয় অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত আয়ুক্ত সচিব , বিশিষ্ট অনুভৱী লেখক , কামৰূপ ৰত্ন তথা বৰদধি গাঁৱৰে সু-সন্তান থানেশ্বৰ মালাকাৰ  ৷ এসময়ত বিভিন্ন ঠাইত স্বকীয় ভঙ্গীমাৰে শিল্প প্ৰদৰ্শনেৰে জনতাক মোহাচ্ছন্ন কৰি ৰখা  শিল্পপ্ৰাণ গৰাকীৰ নিজ বাসভৱনত উপস্থিত হৈ মালাকাৰে তেখেতক আজীৱন কৰি অহা চৰ্চ্চাৰ বাবে ধন্যবাদ আৰু কৃতজ্ঞতা জনায় । ভাৰতীয় প্ৰশাসনীয় সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে শিল্পী গৰাকীৰ স্বাস্থ্যৰ বুজ লোৱাৰ উপৰিও পৰিয়ালৰ প্ৰতিগৰাকী লোককে একগোট কৰি সকলোৰে সন্মুখত  তেখেতক পূৰ্বৰ পৰিৱেশন শৈলীৰে নাগাৰা নাম গায় শুনাবলৈ অনুৰোধ

কৰে আৰু শিল্পীগৰাকীয়েও তেখেতৰ অনুৰোধ ৰক্ষা কৰি সম্পূৰ্ণ নাগাৰা নামৰ শিল্পীৰ সাজ পৰিধান কৰি  নাম পৰিৱেশন কৰে ৷ উল্লেখযোগ্য যে যোৱা বছৰ বৰদধি গাৱত অনুষ্ঠিত শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱৰ ধৰ্মালোচনী সভাৰ মঞ্চৰ পৰা মালাকাৰে  শ্ৰোতাৰ আসনত বহি থকা শিল্পী গৰাকীক উদ্দেশ্য কৰি নাগাৰা নামৰ চৰ্চা পুনৰ আৰম্ভ কৰিবলৈ অনুৰোধ জনাইছিল ৷  তেখেতৰ অনুৰোধ ৰক্ষা কৰি শিল্পী গৰাকীয়ে অশেষ কষ্ট স্বীকাৰ কৰি শেহতীয়া ভাবে এটি নাম লিখি উলিয়াইছিল আৰু উক্ত নামটি শিল্পী গৰাকীয়ে সিদিনা মালাকাৰৰ উপস্থিতিত  প্ৰথমবাৰৰ বাবে পৰিৱেশন কৰি এক নান্দনিক পৰিৱেশৰ সৃষ্টি  কৰে ৷ এই বয়সতো তেখেতৰ বলিষ্ঠ কন্ঠ , অপূৰ্ব সুৰ আৰু স্মৃতি শক্তি

দেখি আপ্লুত হোৱাৰ লগতে মালাকাৰৰ অনুৰোধ ৰক্ষা কৰি পুনৰ নাগাৰা নামৰ চৰ্চা আগবঢ়াই নিয়া শিল্পী গৰাকীক  এখনি ফুলাম গামোচা , আৰু এসাজ বস্ত্ৰেৰে সম্ভাষণ জনায় ৷ লগতে থানেশ্বৰ মালাকাৰে শিল্পী গৰাকীক নাগাৰা নাম বিষয়ক এখন গ্ৰন্থ প্ৰস্তুত কৰিৱলৈ আহ্বান জনাই আৰু গ্ৰন্থ খনৰ ছপোৱা খৰচ বহন কৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে ৷ বিশিষ্ট লেখক তথা অৱসৰপ্ৰাপ্ত আয়ুক্তসচিব গৰাকীক এই মহান কাৰ্যত সংগ দিয়ে কামৰূপ জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক তথা অসম সাহিত্য সভাৰ বৰ্তমানৰ কাৰ্যনিৰ্বাহক সদস্য ৰাজেন মহন্তই ৷ মালাকাৰে এনে এগৰাকী মহান শিল্পীক সমগ্ৰ অসমবাসীৰ সৈতে পৰিচয় কৰি দিয়াৰ ক্ষেত্ৰত সাংবাদ মাধ্যমৰ সৈতে যোগাযোগ কৰি এটি সাক্ষাৎকাৰ প্ৰচাৰৰ ব্যৱস্থা কৰাৰ বাবে ৰাজেন মহন্তক দায়িত্ব অৰ্পণ কৰে ৷