Home Blog Page 606

এয়াৰ ইণ্ডিয়াৰ মুম্বাইৰ পৰা তিৰুৱনন্তপুৰমলৈ যাত্ৰা কৰা বিমানত বোমা বিস্ফোৰণৰ ভাবুকি…

এয়াৰ ইণ্ডিয়াৰ বিমানত বোমা বিস্ফোৰণৰ ভাবুকি। মুম্বাইৰ পৰা তিৰুৱনন্তপুৰমলৈ যাত্ৰা কৰা বিমানত বোমা বিস্ফোৰণৰ ভাবুকি।

তিৰুৱনন্তপুৰম বিমানবন্দৰত নিৰাপদে অৱতৰণ এয়াৰ ইণ্ডিয়াৰ ৬৫৭ বিমানৰ।

তিৰুৱনন্তপুৰম আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত পুৱা ০৭:৩৬ বজাত সম্পূৰ্ণ জৰুৰীকালীন অৱস্থা ঘোষণা।

আজিৰে পৰা অসম বিধান সভাৰ শৰৎকালীন অধিৱেশন…

আজিৰে পৰা অসম বিধান সভাৰ শৰৎকালীন অধিৱেশন
অসম বিধানসভাৰ শৰৎকালীন অধিবেশন প্ৰথম দিনটোত ১১ খন বিধেয়ক উণ্থাপন হব


ইয়াৰে ৮ খন সংশোধনী বিধেয়ক
নতুন তিনিখন বিধেয়ক
নতুন তিনি বিধেয়ক ক্ৰমে দি আসাম ৰিপিলিং বিল ২৪


আসমা ভেটেৰীনেৰী এণ্ড ফিছাৰী ইউনিভাৰ্ছিটি বিল ২০২৪
দি আসাম আৰবান ৱাটাৰ বডিজ প্ৰিভেনশেয এণ্ড কনজাৰভেশ্যন বিল ২০২৪

এহাতে স্মাৰ্ট মিটাৰ আনহাতে লেম্প লৈ প্ৰতিবাদ বিধায়ক অখিল গগৈৰ…

স্মাৰ্ট মিটাৰ বন্ধৰ দাবীত উত্তাল ৰাজ্য। বিধানসভা চৌহদত অখিল গগৈৰ প্ৰতিবাদ।

এহাতে স্মাৰ্ট মিটাৰ, আনহাতে লেম্প লৈ প্ৰতিবাদ বিধায়কজনৰ।

স্মাৰ্ট মিটাৰৰ লুণ্ঠন বন্ধ কৰাৰ আহ্বান অখিল গগৈৰ।

গোৱালপাৰাত চিএম ভিজিলেঞ্চৰ জালত সমবায় সমিতিৰ পঞ্জীয়ক বৰবাবু প্ৰবীণ মুছাহাৰী।

অসমৰ বিজেপি নেত্ৰীতাধীন চৰকাৰ খনে দুৰ্নীতিৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰাৰ পিছতে ৰাজ্যৰ বিভিন্ন বিভাগৰ ৪ৰ্থ বৰ্গৰ পৰা আৰাম্ভ কৰি বহু বিষয়া কৰ্মচাৰী ইতিমধ্যে চি এম ভিজিলেঞ্চৰ জালত পৰা পৰিলক্ষিত হৈছে, জিলাখনত সাৰি যাব পৰা নাই আৰক্ষী বিষয়া।তেনে সময়ত এইবাৰ লক্ষীপুৰ অঞ্চলৰ এখন মীন সমবায় সমিতিৰ পঞ্জীয়নৰ নামত উৎকোচ লৈ থাকোতে চিএম ভিজিলেন্সৰ দলে গ্ৰেপ্তাৰ কৰে

গোৱালপাৰা স্থিত সহকাৰী পঞ্জীয়কৰ কাৰ্যালয়ৰ , সমবায় সমিতি সমুহ গোৱালপাৰাৰ বৰবাবু প্ৰবীণ মুছাহাৰীক। নিব

লক্ষীপুৰৰ বাসিন্দা তথা জ্ঞানী লাল মাল্লা নামৰ এগৰাকী ভুক্তভোগীয়ে জানিব দিয়ে যে, দীৰ্ঘদিনৰ ধৰি এইগৰাকী দুৰ্নীতিৰ সম্ৰাট মুছাহাৰীয়ে ভাই ভনী হাতোগাওঁ মীন মহল কো: অপাৰেটিভ ছোছাইটি পঞ্জীয়নৰ নামত হাৰাশাস্তি কৰি আহিছিল।

উল্লেখ্য যে এই সমিতি খনৰ আজিৰ পৰা দুমাহ পূৰ্বেই অন লাইন যোগে পঞ্জীয়ন কৰা হৈছিল যদিও কিন্ত দুৰ্নীতিত লুটুৰি পুতুৰি হৈ থকা এই গৰাকী মুছাহাৰীয়ে অতি চলনাৰে সমিতি খনৰ পৰা সমস্ত নথি পত্ৰ আত্মসাত কৰে। পৰৱৰ্তী সময়ত সেই নথি পত্ৰ সমুহৰ নামত পঞ্চাছ হেজাৰ টকা দাবী কৰে বিষয়া গৰকীয়ে।

এইদৰে প্ৰায় দুমাহ মান অতিক্ৰম কৰাৰ পিছত আজি ভুক্তভোগী জ্ঞানী লাল মাল্লাই যেতিয়া কাৰ্যালয় লৈ আহে তেতিয়া পঞ্জীয়নৰ নামত পুৰ্বতে দাবী কৰা ধন দিবলৈ অহাত মুছাহাৰীক টকা খিনি দিওঁতে পুৰ্বতে খাপ পিটি থকা চি এম ভিজিলেঞ্চৰ দলে হাতে লটে বৰবাবু প্ৰবীণ মুছাহাৰীক আটক কৰে। প্ৰায় ৭ ঘন্টা জেৰাৰ অন্তত চি এম ভিজিলেঞ্চৰ দলটোৱে মুছাহাৰীক আটক কৰি গুৱাহাটীলৈ তথা চি এম ভিজিলেঞ্চৰ কাৰ্যালয়লৈ লৈ যায়।

মৰিগাঁও জিলা কৃষি বিজ্ঞান কেন্দ্ৰত ১৫ দিনীয়া স্ব-বিত্তীয় ইনপুট ডিলাৰৰ প্ৰমাণপত্ৰ প্ৰশিক্ষণ সামৰণি

মৰিগাঁও জিলা কৃষি বিজ্ঞান কেন্দ্ৰত অসমৰ প্ৰাথমিক কৃষি ক্ৰেডিট ছ’চাইটি (পিএচিএছ)ৰ অংশীদাৰসকলৰ বাবে অনুষ্ঠিত হোৱা ১৫ দিনীয়া স্ব-বিত্তীয় ইনপুট ডিলাৰৰ প্ৰমাণপত্ৰ প্ৰশিক্ষণ কাৰ্যসূচী আজি সফল সামৰণি পৰে ৷

যোৱা ৩১ জুলাই পৰা পৰা অনুষ্ঠিত হোৱা ১৫ দিনিয়া প্ৰশিক্ষণৰত মৰিগাঁও আৰু হোজাই সমবায় সমিতিৰ সহকাৰী পঞ্জীয়কৰ কাৰ্যালয়ে অংশগ্ৰহণকাৰীসকলক নিৰ্বাচিত কৰা প্ৰশিক্ষাৰ্থী সকলৰ প্ৰশিক্ষণ কাৰ্যসূচীৰ সময়ত ADEE (Vety), AAU, Zonal Research Station, Shillongoni, জিলা কৃষি বিভাগ মৰিগাঁও, জৈন জলসিঞ্চন ব্যৱস্থা, কৃষি বিজ্ঞান কেন্দ্ৰ মৰিগাঁও, কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁও, ভাৰতীয় ষ্টেট বেংক, জাগীৰোড, ASOCA, AAU-ODL, ৰাজ্যিক জনস্বাস্থ্য পৰীক্ষাগাৰ, অসম, বিশ্বনাথ কৃষি মহাবিদ্যালয়, IRRI, APART প্ৰকল্প আৰু POOHAR FPC য়ে প্ৰশিক্ষণ প্ৰদান কৰে।

এই কাৰ্যসূচীৰ অধীনত প্ৰশিক্ষাৰ্থী সকলক YANGLI FPC লৈ পৰিদৰ্শনৰ বাবে যোৱা হয় । উক্ত প্ৰশিক্ষণ কাৰ্যসূচীত মৰিগাঁও, নগাঁও আৰু হোজাই জিলাৰ ২৩ খন ভিন্ন সমবায় সমিতিক প্ৰতিনিধিত্ব কৰা মুঠ ২৩ গৰাকীয়ে অংশগ্ৰহণ কৰে। উল্লেখ যে প্ৰশিক্ষণৰ আজি সামৰণি অনুষ্ঠানত অসম চৰকাৰৰ সহযোগ বিভাগৰ সম্পাদক ঋতুৰাজ বৰা, জিলা আয়ুক্ত, দেৱাশীষ শৰ্মা, সমবায় সমিতি, গুৱাহাটী মণ্ডলৰ খণ্ড যুটীয়া পঞ্জীয়ক, বিশ্বজিৎ চক্ৰৱৰ্তী, কৃষি বিজ্ঞান কেন্দ্ৰ মৰিগাঁৱৰ জ্যেষ্ঠ বিজ্ঞানী আৰু মুৰব্বী ডাঃ ৰিজুস্মিতা শৰ্মা ডেকাৰ লগতে কৃষি বিজ্ঞান কেন্দ্ৰ মৰিগাঁৱৰ বিশেষজ্ঞ উপস্থিত থাকে।

কাৰ্যসূচীৰ সময়ত মূল্যায়নৰ বাবে অনুষ্ঠিত হোৱা পৰীক্ষাৰ টপাৰসকলকো বিশিষ্ট ব্যক্তিসকলে সম্বৰ্ধনা জনায়। কাৰ্যসূচীৰ শেষত প্ৰমাণ পত্ৰ বিতৰণ কৰা হয়।।

অৰ্ধ উলংগ প্ৰতিবাদেৰে উত্তাল নাৰায়ণপুৰ

দৈনন্দিন বাৰ্তাৰ সেৱা নাৰায়ণপুৰ, ২১ আগষ্ট: লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ কেইবাটাও পঞ্চায়তৰ সীমা নিৰ্ধাৰণৰ খচৰা প্ৰস্তুত কৰাত ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। আজি ইয়াৰ প্ৰতিবাদত কেইবাজনো ব্যক্তিয়ে অৰ্ধ উলংগ হৈ প্ৰতিবাদ সাবাস্ত কৰি কোনো কাৰণতে জালুককটা (ক)ৱাৰ্ড দক্ষিণ নাৰায়ণপুৰৰ পৰিৱৰ্তে নাৰায়ণপুৰ পঞ্চায়তত চামিল হ’বলৈ নিদিও বুলি স্পষ্ট মত আগবঢ়াইছে।

তাৰোপৰি আজি অৰ্ধ উলংগ হৈ প্ৰতিবাদ কৰাৰ পিছতো বিষয়টো সমাধান নহ’লে পৰৱৰ্তী পৰ্যায়ত উলংগ প্ৰতিবাদ কৰিব বুলিও সকিয়াই দিছে। উল্লেখ্য যে সমুখত পঞ্চায়ত থকাৰ পিছতো চাৰি পাঁচ কিলোমিটা আঁতৰত থকা পঞ্চায়তত ৱাৰ্ড অন্তৰ্ভূক্ত কৰাৰ প্ৰস্তুতি চলোৱাক লৈ ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ লগতে তীব্ৰ আন্দোলনৰ উকমুকনি দেখা গৈছে। দক্ষিণ নাৰায়ণপুৰ গাঁও পঞ্চায়ৰ বিভিন্ন ৱাৰ্ডত এনে বিসংগতি দেখা পোৱাৰ লগতে বিশেষকৈ জালুককটা (ক) ৱাৰ্ডটো নাৰায়ণপুৰ পনঞ্চায়তলৈ চামিৰ কৰা, তিনটিয়া ৱাৰ্ডটো কেইবাখণ্ডত বিভক্ত কৰি বিভিন্ন ৱাৰ্ডৰ লগত সংযোগ কৰোৱাৰ প্ৰস্তুতিত ৰাইজ বিমোৰত পৰিছে।

কোনো ধৰণৰ জৰীপ নচলোৱাকৈ, ৰাইজৰ লগত কোনো পৰামৰ্শ নকৰাকৈ সীমা নিৰ্ধাৰণৰ তালিকা প্ৰস্তত কৰাটো উচিত হোৱা নাই বুলি ৰাইজে মন্তব্য কৰিছে। অৱশ্যে এই সন্দৰ্ভত ৰাজহ চক্ৰ বিষয়াক অভিযোগ দি বিষয়টো সমাধানৰ দাবী জনাবলৈ ৰাইজে প্ৰস্তুতি চলোৱাও পৰিলক্ষিত হৈছে।

দেশত পুনৰ হ’ব লোকপিয়ল, চীনক পিছ পেলাই জনসংখ্যা থকা দেশ হৈ ভাৰত

২০১১ৰ পাছত দেশত পুনৰ হ’ব লোকপিয়ল

কেন্দ্ৰীয় চৰকাৰে লৈছে ডাঙৰ সিদ্ধান্ত

আগন্তুক ছেপ্টেম্বৰ মাহৰ পৰা আৰম্ভ হ’ব লোকপিয়ল

১৮ মাহৰ ভিতৰত সম্পূৰ্ণ হ’ব লোকপিয়ল

গৃহ মন্ত্রালয়ে পর্যৱেক্ষণ কৰিব সমগ্ৰ লোকপিয়ল

২০২৬ৰ মাৰ্চত লোকপিয়লৰ তথ্য প্ৰকাশৰ সম্ভাৱনা

ৰয়টাছে প্ৰকাশ কৰিছে দেশৰ গুৰুত্বপূৰ্ণ সংবাদটো

সম্প্রতি চীনক পিছ পেলাই সর্বাধিক জনসংখ্যা থকা দেশ হৈছে ভাৰত

ভুৱা সহকাৰী কৰ আয়ুক্ত ছিল মহৰ ব্যৱহাৰ কৰি বিভিন্ন যুৱক যুৱতীক টকাৰ বিনিময়ত চাকৰি প্ৰদান !

ধুবুৰীত ভুৱা সহকাৰী কৰ আয়ুক্ত ছিল মহৰ ব্যৱহাৰ কৰি বিভিন্ন যুৱক যুৱতীক টকাৰ বিনিময়ত চাকৰি প্ৰদান এজন যুৱকৰ।যুৱক যুৱতীক চাকৰিৰ প্ৰলোভন দি বিভিন্ন জনৰ পৰা টকা সংগ্ৰহ কৰি প্ৰদান কৰিলে চাকাৰীত যোগদানৰ অনুমতি পত্ৰ।

ছিল মহৰ চহী জাল কৰি বিভিন্ন জনক প্ৰদান কৰিছিল ডাটা এন্ট্ৰীৰ চাকৰি।

ধুবুৰীৰ সহকাৰী কৰ আয়ুক্তৰ কাৰ্যালয়ত যোগদান কৰিবলৈ গৈ ওলাই পৰে জোলোঙাৰ মেকুৰী।

প্ৰদান কৰা নিযুক্তি পত্ৰ ওলাল ভুৱা।

লগে লগে ধুবুৰীৰ কলেজ নগৰ আৰক্ষী চকীত চাকৰি প্ৰদান কৰা ৰোহিত দাস নামৰ যুৱক জনৰ বিৰুদ্ধে ভুক্তভোগী সকলে দাখিল কৰিলে অভিযোগ।

অভিযোগৰ ভিত্তিত চলিল আৰক্ষীৰ অভিজান। ধুবুৰীৰ ১৫ নং মিছন ৰোড স্থিত যুৱক জনৰ ঘৰৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিলে সহকাৰী কৰ আয়ুক্তৰ লগতে অশোক স্তম্ভ থকা কৰ বিভাগৰ সহকাৰী কৰ আয়ুক্তৰ বিভাগৰ তিনিটা কৈ ভুৱা ছিল মহৰ।লগে লগে আটক হয় ৰোহিত দাস নামৰ যুৱকজন , এতিয়া ৰঙা ঘৰৰ আলহী হল এই যুৱক জন।

কেন্দ্ৰীয় মন্ত্ৰী হৰ্ষ মালহোত্ৰাৰ শক্তিপীঠ কামাখ্যা মন্দিৰ দৰ্শন

ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় ঘাইপথ আৰু পথ পৰিবহণ দপ্তৰৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী হৰ্ষ মালহোত্ৰাই আজি বিয়লি নীলাচল পাহাৰৰ শক্তিপীঠ মা কামাখ্যা মন্দিৰ দৰ্শন কৰে ।

দুদিনীয়া চৰকাৰী কাৰ্য্যসূচীৰে ৰাজ্যখনলৈ অহা কেন্দ্ৰীয় মন্ত্ৰী গৰাকীক যাবতীয় পূজা অৰ্চনা কৰা কাৰ্যত সহযোগিতা কৰে কামাখ্যা দলৈ সমাজৰ বৰদেউৰী কৱীন্দ্ৰ প্ৰসাদ শৰ্মাই ।

পূজা অৰ্চনা কৰাৰ অন্ততঃ মন্ত্ৰীগৰাকীক দলৈ সমাজৰ কাৰ্যালয়ত কামাখ্যা মন্দিৰৰ যাৱতীয় পৰম্পৰাৰে আদৰণি জনোৱা হয়।

কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে কাইলৈ পুৱাই পশ্চিম কাৰ্বি আংলং জিলালৈ গৈ তাত কেবাটাও চৰকাৰী কাৰ্য্যসূচীত অংশগ্ৰহণ কৰিব আৰু তুলিৰাম ৰংহাং নেতৃত্বাধীন কাৰ্বি আংলং জিলা স্বায়িত্ব শাসিত পৰিষদৰ সৈতে মত বিনিময় কৰি জিলাখনত কেন্দ্ৰীয় আঁচনিৰ অধীনত ৰূপায়ণ হৈ থকা আঁচনি সমুহৰ পৰ্যালোচনা কৰিব।

উল্লেখ্য যে যোৱা জুন মাহত কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত কেন্দ্ৰীয় মন্ত্ৰী গৰাকীৰ এয়া হৈছে প্ৰথম অসম ভ্ৰমণ।

কেন্দ্ৰীয় মন্ত্ৰী হৰ্ষ মালহোত্ৰাৰ শক্তিপীঠ কামাখ্যা মন্দিৰ দৰ্শন

গুৱাহাটী ,২১ আগষ্ট : ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় ঘাইপথ আৰু পথ পৰিবহণ দপ্তৰৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী হৰ্ষ মালহোত্ৰাই আজি বিয়লি নীলাচল পাহাৰৰ শক্তিপীঠ মা কামাখ্যা মন্দিৰ দৰ্শন কৰে । দুদিনীয়া চৰকাৰী কাৰ্য্যসূচীৰে ৰাজ্যখনলৈ অহা কেন্দ্ৰীয় মন্ত্ৰী গৰাকীক যাবতীয় পূজা অৰ্চনা কৰা কাৰ্যত সহযোগিতা কৰে কামাখ্যা দলৈ সমাজৰ বৰদেউৰী কৱীন্দ্ৰ প্ৰসাদ শৰ্মাই ।

পূজা অৰ্চনা কৰাৰ অন্ততঃ মন্ত্ৰীগৰাকীক দলৈ সমাজৰ কাৰ্যালয়ত কামাখ্যা মন্দিৰৰ যাৱতীয় পৰম্পৰাৰে আদৰণি জনোৱা হয়। জানিব পৰা মতে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে কাইলৈ পুৱাই পশ্চিম কাৰ্বি আংলং জিলালৈ গৈ তাত কেবাটাও চৰকাৰী কাৰ্য্যসূচীত অংশগ্ৰহণ কৰিব আৰু তুলিৰাম ৰংহাং নেতৃত্বাধীন কাৰ্বি আংলং জিলা স্বায়িত্ব শাসিত পৰিষদৰ সৈতে মত বিনিময় কৰি জিলাখনত কেন্দ্ৰীয় আঁচনিৰ অধীনত ৰূপায়ণ হৈ থকা আঁচনি সমুহৰ পৰ্যালোচনা কৰিব। উল্লেখ্য যে যোৱা জুন মাহত কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত কেন্দ্ৰীয় মন্ত্ৰী গৰাকীৰ এয়া হৈছে প্ৰথম অসম ভ্ৰমণ।