Home Blog Page 607

কামাখ্যা মন্দিৰসহ নীলাচলৰ পাহাৰত মুক্ত বিচৰণ কৰা হাতীটোক অৱশেষত উদ্ধাৰ…

২০ জুলাইত গুৱাহাটী ৰেঞ্জৰ চন্দ্ৰপুৰ বিটত প্ৰথমবাৰৰ বাবে এটা হাতী (মাখনা) কৰ্মচাৰীয়ে দেখা পাইছিল।ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠ বৃদ্ধিৰ বাবে বন্যহস্তীটোৱে চাপৰি অঞ্চললৈ নদীৰ সোঁতৰ মাজেৰে চন্দ্ৰপুৰলৈ যায়। চন্দ্ৰপুৰত এদিন কটোৱাৰ পিছত হাতীটোৱে ৰাতি নদীয়েদি ৰামছিং চাপৰিলৈ যায় আৰু তাতেই চাৰিদিন আশ্ৰয় লয়। ২৪ জুলাইত নূনমাটিৰ সুঞ্চালী গ্ৰাণ্টৰ সমীপৰ ৰামছিং চাপৰি এৰি নীলাচল পাহাৰত বাস কৰে।২৬ জুলাইৰ সন্ধিয়ালৈকে হাতীটোক কামাখ্যাৰ বংছি বাগান অঞ্চলত স্থানীয় লোকে প্ৰত্যক্ষ কৰে, য’ত হাতীটোৱে এটা সীমাৰ দেৱালৰ কিছু ক্ষতিসাধন কৰাৰ পিছত কামাখ্যা কলনীৰ তলৰ হাবিত তিনিদিন ধৰি থাকে।

তেতিয়াৰ পৰাই প্ৰাঞ্জল বৰুৱাৰ নেতৃত্বত গুৱাহাটী ৰেঞ্জ, দক্ষিণ গুৱাহাটী ৰেঞ্জ, প্ৰটেকচন স্কোয়াড ৰেঞ্জ, আমচাং বন্যপ্ৰাণী ৰেঞ্জ, আৰু দীপৰ বিল ৰেঞ্জৰ যৌথ দলৰ লগতে অ’চি জালুকবাৰী আৰু জিলা প্ৰশাসনৰ নেতৃত্বত জিৱান কে গোস্বামীয়ে এৰি থৈ যোৱা জালুকবাৰী আৰক্ষী , এডিচি এডিচিয়ে হাতীটোৰ গতিবিধি নিৰীক্ষণ কৰি জন্তুটোৰ লগতে স্থানীয় বাসিন্দা উভয়ৰে সুৰক্ষা সুনিশ্চিত কৰি আহিছে। ২৭, ২৯ আৰু ৩১ জুলাইত হাতীটোক শান্ত কৰাৰ চেষ্টা কৰা হৈছিল যদিও প্ৰত্যাহ্বানমূলক ভূখণ্ড আৰু পথৰ দুৰ্বল ব্যৱস্থাই এই প্ৰচেষ্টাসমূহ বিফল কৰি তুলিছিল। কালিপুৰ অঞ্চলত ৫ দিন অৰ্থাৎ ২০২৪ চনৰ ৪ আগষ্ট পৰ্যন্ত কালিপুৰ অঞ্চলৰ সংযুক্ত বন আৰু আৰক্ষীৰ দলটোৱে হাতীটোক নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় যাতে কাষৰীয়া লোকৰ কোনো ধৰণৰ ক্ষতি নহয়।

চতুৰ্থ প্ৰয়াসত ৪ আগষ্টত দহ ঘণ্টীয়া নিষ্ঠাবান প্ৰচেষ্টাৰ অন্তত এফ ভি অ’ ডাঃ প্ৰণৱ দাসৰ নেতৃত্বত অসম ৰাজ্যিক চিৰিয়াখানা উদ্ধাৰকাৰী দলে বানপানীয়ে বুৰাই পেলোৱা হাতীটোক সফলতাৰে শান্ত কৰি শেষত কালিপুৰ অঞ্চলৰ পৰা উদ্ধাৰ কৰে। ৫ আগষ্টৰ পুৱা প্ৰায় ৭ বজাত কালিপুৰৰ নীলাচল বিদ্যাপীঠৰ সমীপত হাতীটো ডাৰ্ট কৰি লজিষ্টিক ব্যৱহাৰ কৰি কামৰূপ পূৱ সংমণ্ডলৰ ৰাণী আৰ এফলৈ লৈ যোৱা হয় আৰু মুকলি কৰি দিয়া হয়।

কুমকি হাতীৰ দুটা নং আৰু এটা বিশেষ এন্টি ডিপ্ৰেডেচন টিম নিয়োগ কৰা হয়, য’ত উপস্থিত থাকে বিষয়া ক্ৰমে পুষ্পধৰ বুঢ়াগোহাঁই, এএফএছ, এচিএফ মনুৰঞ্জন বৰ্মন, এএফএছ, এচিএফ, প্ৰাঞ্জল বৰুৱা এএফএছ ৰেঞ্জ অফিচাৰ গুৱাহাটী, মুকুট মালাকাৰ, বি অ’ ফটাচিল বিট, জিন্টু তালুকদাৰ, বি অ’ খানামুখ বিট আৰু এছিয়ান হাতী বিশেষজ্ঞ গোট আৰু অসম হাতী ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক।

বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ পদত্যাগ…

হিংসাত্মক প্ৰতিবাদৰ মাজতে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই পদত্যাগ। পদত্যাগ কৰি বাংলাদেশ এৰিলে শ্বেখ হাছিনাই। পদত্যাগ কৰিয়েই ভাৰতলৈ ৰাওনা শ্বেখ হাছিনা। বিশেষ বিমানেৰে আগৰতলাত অৱতৰণ হাছিনাৰ।

দেশখনত ছাত্ৰ বিদ্ৰোহৰ ফলত উদ্ভৱ হোৱা পৰিস্থিতিক লৈ নিয়ন্ত্ৰণত ব্যৰ্থ হাছিনা৷ প্ৰতিবাদকাৰীয়ে চৰকাৰী কাৰ্যালয়ৰ ভাঙি পেলোৱাৰ লগতে প্ৰতিবাদকাৰীয়ে জ্বলাই দিছিল আৰক্ষী থানাও৷

ৰুণা লাইলাৰ ছবি “পিঞ্জৰা”ক পাঁচটাকৈ বঁটা ! চলচ্চিত্ৰ সমালোচকৰ দ্বাৰা প্ৰশংসিত হোৱা ছবিখনে শীঘ্ৰে লাভ কৰিব মুক্তি…

ৰুণা লাইলাৰ ছবি “পিঞ্জৰা”ক পাঁচটাকৈ বঁটা ;
চলচিত্ৰ সমালোচকৰ দ্বাৰা প্ৰশংসিত হোৱা ছবিখনে শীঘ্ৰে লাভ কৰিব মুক্তি

শীঘ্ৰে ঘৰুৱা দৰ্শকৰ সমুখত মুক্তিপাবলগীয়া অসমীয়া ছবি “পিঞ্জৰা”য়ে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ সমাৰোহত মনোনয়ন লাভ কৰি বিভিন্নজনৰ পৰা উচ্চ প্ৰশংসিত হোৱাৰ লগতে কেইবাটাও ভিন্ন শিতানত বঁটা লাভ কৰিবলৈও সক্ষম হৈছে। অলপতে “Amader International Film Festival”ত প্ৰদৰ্শিত হৈ প্ৰায় ১,০০০ খন ছবিৰ ভিতৰত তিনিটাকৈ শ্ৰেষ্ঠত্বৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে “পিঞ্জৰা” য়ে। আনহাতে কালি “Roshani

International Film Festival 2024″ aurangabad ত ছবিখন প্ৰদৰ্শিত কৰা হয় আৰু ইয়াৰ সমান্তৰালকৈ পাঁচটাকৈ শিতানত পুৰস্কাৰ লাভ কৰিছে ছবিখনে। । JRM production ৰ বেনাৰত ৰুণা লাইলাৰ প্ৰযোজনা আৰু তেওঁৰ কাহিনীৰ আধাৰত নিৰ্মিত “পিঞ্জৰা”ৰ পৰিচালনা কৰিছে অসীম হাজৰিকাই আৰু চিত্ৰনাট্য দিগন্ত বৰা।আনহাতে এই সন্দৰ্ভত ৰুণা লাইলাই কয় – ছবিখনৰ আটাইতকৈ ভাল লগা বিষয়টো এয়াই যে এই ছবিখনত আকৌ এবাৰ আমি অসমীয়া সাংস্কৃতিক জগতৰ মহীৰূহ নিপন গোস্বামীৰ অভিনয় দেখিবলৈ পাম। লগতে ইয়াত আছে বিদ্যা ৰাও,

নিপন গোস্বামীৰ বোৱাৰী তথা এগৰাকী অভিনেত্ৰী কিনকিনী ভট্টাচাৰ্য, ড° জয় বৰা , উদয়ন দুৱৰা, চিমি ৰিয়ান, তুহিন কন্যা , শিশু অভিনেত্ৰী পৰ্নিকা চৌধুৰীৰ লগতে বন্দনা বৰুৱা আৰু বহুতো ন পুৰণি শিল্পী যে অভিনয় কৰিছে। ছবিখনে বঁটা লাভ কৰি পুনৰ এবাৰ অসমীয়া চলচিত্ৰ উদ্যোগলৈ গৌৰৱ কঢ়িয়াই আনিছে । Roshni international film festival 2024 Aurangabad Maharashtra ত শিশু অভিনেত্ৰী পাৰ্নিকা চৌধুৰীয়ে শ্ৰেষ্ঠ শিশু শিল্পী, শ্ৰেষ্ঠ নায়িকাৰ সন্মান কিনকিনী ভট্টাচাৰ্যই , শ্ৰেষ্ঠ গীতিকাৰ বঁটা ৰুণা লাইলাই , শ্ৰেষ্ঠ কণ্ঠশিল্পীৰ বঁটা হৰ্ষিতা ভট্টাচাৰ্য্যই , শ্ৰেষ্ঠ ছবি পৰিচালক বঁটা অসীম হাজৰিকাই লাভ কৰে ।

ইৰাণ-ইজৰাইলত পুনৰ উত্তেজনামূলক পৰিস্থিতি…

ইৰাণ-ইজৰাইলত পুনৰ উত্তেজনামূলক পৰিস্থিতি। ইজৰাইলৰ ওপৰত আজি আক্ৰমণ কৰিব পাৰে ইৰাণে।

G7 দেশসমূহক সতৰ্কবাণী আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ সচিব এণ্টনি ব্লিংকেনৰ।

বেঞ্জামিন নেতান্যাহুৰ নেতৃত্বাধীন চৰকাৰে ইৰাণৰ আক্ৰমণ প্ৰতিৰোধ কৰিব পৰাকৈ প্ৰাৰম্ভিক আক্ৰমণৰ অনুমোদন দিয়াৰ সম্ভাৱনা।

নাজিৰাৰ ৰহদৈ আলিৰ আৰক্ষী জোৱান ৰবিৰুল হুছেইন নিৰুদ্দেশ…

নাজিৰাৰ ৰহদৈ আলিৰ আৰক্ষী যোৱান সন্ধানহীন।


নিজা বাসগৃহৰ পৰা মানকাচাৰৰ কৰ্মস্থলীলৈ যোৱাৰ পথত সন্ধানহীন আৰক্ষী জোৱানজন।


শনিবাৰৰ পৰা সন্ধানহীন হৈ আছে ব্যক্তিজন।


সন্ধানহীন ৰবিৰুল হুছেইনৰ ঘৰ শিৱসাগৰ জিলাৰ নিমাইগড় হাবি গাঁৱত।


২৭ জুলাইৰ পৰা সন্ধানহীন হৈ আছে জোৱানজন।


কোনো লোকে আৰক্ষী জোৱানজনৰ সন্ধান পালে পৰিয়ালৰ লোকে 6000799948 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে।

বকোৰ মন্দিৰাত ষ্টেট বেংকত চোৰে লুটি নিলে ২ লাখ ৮০ হাজাৰ টকা…

বকোৰ মন্দিৰাত ষ্টেট বেংকৰ CSPত চুৰিকাণ্ড। চোৰে লুটি নিলে ২ লাখ ৮০ হাজাৰ টকা।

CSPটো বন্ধ কৰি ঘৰলৈ গৈছিল এনচি গাঁৱৰ ফজৰ আলী। তাৰেই সুযোগ লৈ চোৰে চলালে লুটপাত।

ঘটনাক লৈ ৰাইজে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ। শীঘ্ৰে চোৰক কৰায়ত্ত কৰাৰ দাবী ৰাইজৰ।

২০২৩-২০২৪ বৰ্ষৰ মুখ্যমন্ত্ৰীৰ কৰ্মশ্ৰী বঁটা ঘোষণা, ১৮ জন বিষয়ালৈ কৰ্মশ্ৰী, লোকসেৱা বঁটা…

২০২৩-২০২৪ বৰ্ষৰ মুখ্যমন্ত্ৰীৰ কৰ্মশ্ৰী বঁটা ঘোষণা। লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ পুণ্যতিথি উপলক্ষে এই দিৱস পালন। লোক কল্যাণ দিৱস উপলক্ষে ১৮ জন বিষয়ালৈ কৰ্মশ্ৰী, লোকসেৱা বঁটা। বিভিন্ন ক্ষেত্ৰত প্ৰদৰ্শন কৰা পাৰদৰ্শিতাৰ বাবে এই বঁটা চৰকাৰী বিষয়া-আমোলালক প্ৰদান কৰা হয়। কলাক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতত এই অনুষ্ঠান অনুষ্ঠিত হয়। কেইবাটাও শাখাত প্ৰদান কৰা হৈছে এই বঁটা।

২০২৩-২০২৪ বৰ্ষৰ মুখ্যমন্ত্ৰীৰ কৰ্মশ্ৰী বঁটা লাভ কৰে নগাঁৱৰ জিলা উপায়ুক্ত IAS নৰেন্দ্ৰ কুমাৰ শ্বাহে। তেওঁৰ সৈতে এই বঁটা লাভ কৰিবলৈ সক্ষম বিশ্বজিৎ চক্ৰৱৰ্তী (ডি আৰ চি এছ নগাঁও) আৰু শংখা প্ৰবাল সুন্দিল্য, ডি পি এম, এ এছ এল আৰ এম। অসম মুকুতা খেতি নগাঁৱৰ শাখাত তিনিওগৰাকীয়ে এই বঁটা লাভ কৰে। কৰ্মশ্ৰী বঁটাপ্ৰাপকসকলক প্ৰদান কৰা হয় ট্ৰফীৰ লগতে নগদ একলাখ টকা।

মিছন বসুন্ধৰা শাখাৰ অধীনতঃ
জ্ঞানেন্দ্ৰ দেৱ ত্ৰিপাঠী, আই এ এছ, ৰাজহ আৰু ডি এমৰ প্ৰধান সচিব, আৰু এ এছ ডি এম এৰ চি ই অ’


শান্তনু পি গটমাৰে, আই এ এছ, বিভাগ আৰু ভূমি ৰেকৰ্ড সঞ্চালক


নবজিৎ পাঠক, এ চি এছ, অতিৰিক্ত সঞ্চালক, লেণ্ড ৰেকৰ্ডছ, অসম


জে জে এমৰ অধীনত জলডুট কাৰ্যসূচী শাখাৰ অধীনতঃ
কৈলাশ কাৰ্তিক এন,আই এ এছ, পৰিচালন সঞ্চালক, জল জীৱন মিছন


অৰ্ণৱ কুমাৰ বৰুৱা, এ এল আৰ এছ, সহকাৰী মিছন সঞ্চালক, জে জে এম


সমৰ্থ নামভৰ্তি পৰ্টেলৰ জৰিয়তে কলেজত নামভৰ্তি শাখাৰ অধীনতঃ
নাৰায়ণ কোঁৱৰ, আই এ এছ, সম্পাদক, উচ্চ শিক্ষা


পমি বৰুৱা, এ চি এছ, সঞ্চালক, উচ্চ শিক্ষা, অসম


প্ৰাঞ্জল প্ৰতিম বৰুৱা, অ’এছডি, উচ্চ শিক্ষা সঞ্চালকালয়, অসম


ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰত চৰাইদেউ মৈদামৰ অন্তৰ্ভুক্তিঃ
ৰঞ্জন শৰ্মা, এ চি এছ, আয়ুক্ত আৰু সম্পাদক, খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি বিভাগ


পুৰাতত্ত্ব বিজ্ঞানৰ পৰিচালক ড° দীপি ৰেখা কৌলি


পুৰাতত্ত্ব বিভাগৰ উপ সঞ্চালক ড০ নবজিত দেউৰী


নামফাই সংৰক্ষিত বনাঞ্চলৰ অধীনত:
স্বপ্নীল পল, আই এ এছ, জিলা উপায়ুক্ত, তিনিচুকীয়া


টি চি ৰঞ্জিত ৰাম, সংমণ্ডল বন বিষয়া, ডিগবৈ


গৌৰৱ অভিজিত দিলীপ, আই পি এছ, আৰক্ষী অধীক্ষক, তিনিচুকীয়া

লোক কল্যাণ দিৱস উপলক্ষে এই ১৮ জন বিষয়ালৈ কৰ্মশ্ৰী, লোকসেৱা বঁটা আগবঢ়োৱা হয়।

মেঘালয়ৰ কুলিয়াঙত বৰাক-গুৱাহাটী সংযোগী ৬ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ ভূমিস্খলন…

মেঘালয়ৰ কুলিয়াঙত ভয়ংকৰ ভূমিস্খলন। পাহাৰৰ পৰা হোৰাহোৰে খহি পৰিছে বোকা-মাটি।

বোকা-মাটিত পোত গ’ল ট্ৰাকসহ আন এখন অল্টো বাহন।

বৰাক-গুৱাহাটী সংযোগী ৬ নং ৰাষ্ট্ৰীয় ঘাইপথত এই ভূমিস্খলন। ভূমিস্খলনৰ ফলত বন্ধ হৈ পৰিছে যাতায়াত ব্যৱস্থা।

ৰাজনীতিত ভৰি দিয়েই মুম্বাইত ঘৰ বিক্ৰী কংগনা ৰানাৱতৰ…

হিমাচল প্ৰদেশৰ মাণ্ডী সমষ্টি নৱ নিৰ্বাচিত সাংসদ কংগনা ৰানাৱটে তেওঁৰ মুম্বাইত থকা বিলাসী ঘৰটো বিক্ৰী কৰিছে। অভিনয়ৰ পৰাই ৰাজনীতিৰ জগতত ভৰি দিছে কংগনা ৰানাৱটে। তেওঁ প্ৰথমবাৰৰ বাবে প্ৰাৰ্থী হিচাপে নিৰ্বাচনত জয়লাভ কৰে। হিমাচল প্ৰদেশৰ মাণ্ডী আসন লাভ কৰি এতিয়া তেওঁ বিজেপিৰ সাংসদ। মুম্বাইৰ বান্দ্ৰা অঞ্চলৰ এই ঘৰটোত অৱস্থিত কংগনাৰ প্ৰডাকচন কোম্পানী ‘মণিকৰ্ণিকা ফিল্মছ’। সেই ঘৰটো অধিক মূল্যত বিক্ৰী কৰিছে অভিনেত্ৰীগৰাকীয়ে।

কংগনাই এতিয়া ৰাজনীতিৰ বাবে দিল্লী আৰু হিমাচল প্ৰদেশত বেছিভাগ সময় কটায়। সেইবাবেই আৰম্ভ হৈছে জল্পনা-কল্পনা যে তেওঁ মুম্বাইৰ ঘৰটো বিক্ৰী কৰাৰ। প্ৰশ্ন হয়, ঘৰ বিক্ৰী কৰি কংগনাই মুম্বাই এৰিছে নেকি? তেওঁৰ অভিনয় জীৱনৰ কি হ’ব? অৱশ্যে অভিনেত্ৰীগৰাকীয়ে নিজেই এই খবৰৰ ওপৰত কোনো মন্তব্য কৰা নাই। কংগনাই নিজৰ দুমহলীয়া ঘৰটো ৪০ কোটি টকাত বিক্ৰী কৰিছে। কিন্তু কংগনাই এতিয়া অভিনয় এৰিব বুলি কোনো ইংগিত পোৱা নাই।

আজি আলাবৈৰ ৰণ স্মৃতি দিৱস ! মাতৃভূমিৰ হকে ১৬৬৯ চনৰ আজিৰ দিনটোতে বীৰদৰ্পে যুঁজ দি আত্মবলিদান দিয়া ১০ হাজাৰ অসমীয়া বীৰক সশ্ৰদ্ধ সোঁৱৰণ…

আজি আলাবৈৰ ৰণ স্মৃতি দিৱস।‘আলাবৈৰ ৰণ’ ১৬৬৯ চনৰ ৫ আগষ্ট অৰ্থাৎ আজিৰ দিনটোত সংঘটিত হৈছিল। সাহস আৰু আত্মবলিদানৰ এক অনুপম নিদৰ্শন হৈছে ‘আলাবৈৰ ৰণ’। এই ৰণ আহোম আৰু মোগলৰ মাজত সংঘটিত হৈছিল দলিবাৰীৰ ওচৰৰ আলাবৈ পথাৰত সংঘটিত হৈছিল । য’ত আহোমৰ ১০,০০০ সৈন্যৰ শ্বহীদ হয়। লাচিত বৰফুকনৰ কূটনৈতিক কৌশলত ৰাম সিংহ উত্তেজিত হৈ পৰিছিল। এই ৰণ হোৱাৰ আগতে অসমৰ ৰাজনৈতিক বহুতো উত্থান-পতন হৈছিল। যাৰ ফলত এই যুঁজ অনিবাৰ্য হৈ পৰিছিল। স্বৰ্গদেউ জয়ধ্বজ সিংহৰ দিনতে মীৰজুমলাৰ আক্ৰমণে আহোমৰ পৰা গুৱাহাটী কাঢ়ি নিছিল আৰু পৰাজয় সহ্য কৰিব নোৱাৰি জয়ধ্বজ সিংহৰ বিয়োগ হয়।মৃত্যুৰ পূৰ্বে গুৱাহাটী উদ্ধাৰৰ ভাৰ চক্ৰধ্বজ সিংহৰ হাতত অৰ্পণ কৰি যায়। এই দায়িত্ব পালন কৰাৰ অৰ্থে আতন বুঢ়াগোহাঁই আৰু লাচিত বৰফুকনৰ নেতৃত্বত এটা বিশাল সেণাবাহিনী গঢ়ি তোলে।আৰু এই সেন্যদলে গুৱাহাটী পুনৰ দখল কৰিবলৈ সক্ষম হয়।কিন্তু ইয়াৰ পিছতো লাচিত বৰফুকণ সাজু আছিল কাৰণ মোগল সম্ৰাট ঔৰংগজেৱে হাত সাৱটি বহি নাথাকে সেয়া স্পষ্ট আছিল।

আলাবৈৰ যুদ্ধ

স্বৰ্গদেউৰ কঠোৰ নিৰ্দেশৰ পিছতো সেনাপতি লাচিত বৰফুকনে মোগল সেনাক আক্ৰমণ কৰিবলৈ অমান্তি হ’ল। তাৰ মূল কাৰণ আছিল মোগল সেনাবাহিনীৰ সুবিধাজনক অৱস্থিতি। মোগল সেনাবাহিনীয়ে আলাবৈ পাহাৰৰ উচাঞ্চলত অৱস্থান গ্ৰহণ কৰিছিল। এই অৱস্থান আছিল অতি কৌশলী; কিয়নো ভৈয়ামৰ দিশৰ পৰা হ’ব পৰা যিকোনো আক্ৰমণ প্ৰতিহত কৰিব পৰাকৈ উচ্চাঞ্চলৰ সেনাবাহিনীৰ বাবে অতি সহজ আছিল। মোগল বাহিনীৰ সন্মুখত আছিল বিশাল সমতল, তাৰে এটা দিশত আছিল চেঁচা নদী আৰু আন দিশত ব্ৰহ্মপুত্ৰ। আলাবৈ যুদ্ধৰ প্ৰাক ক্ষণত আহোম সেনাপতি লাচিত বৰফুকনে যুদ্ধ কৰিবলৈ অমান্তি হোৱা কথাটো ঐতিহাসিক সূৰ্যকুমাৰ ভূঞাই তেওঁৰ গ্ৰন্থ ‘Lachit Borphukan and His Times’ ত উল্লেখ কৰিছে। অশ্বাৰোহী বাহিনীৰ বিৰুদ্ধে যুদ্ধত অপৈণত অসমীয়া সেনাই অতি সহজে যুদ্ধত পৰাজিত হ’ব বুলি বৰফুকনে পোনতেই অনুমান কৰিছিল বুলি ঐতিহাসিক জনে উল্লেখ কৰিছে। [9]সেনাপতি লাচিত বৰফুকনৰ অসন্মন্তি সত্ত্বেও স্বৰ্গদেউৰ কঠোৰ নিৰ্দেশনা মানিবলৈ তেওঁ বাধ্য হ’ল।   ঐতিহাসিক স্বৰ্ণলতা বৰুৱাই লিখিছে, ” Lachit Borphukan wanted to avoid an open encounter with the Rajput Cavalry, but, by king’s order, he had to proceed.”

আলবৈৰ যুদ্ধৰ অন্য এক ঐতিহাসিক নাম হৈছে মদনাৱতী নামৰ এগৰাকী ৰাজপুত মহিলা যোদ্ধা। বুৰঞ্জীত লিখা আছে যে এই গৰাকী মহিলা যোদ্ধাই বিজুলীসঞ্চাৰে তৰোৱাল ঘূৰাই বহুকেইজন অসমীয়া সেনাক মৃত্যুমুখত পেলাবলৈ সক্ষম হৈছিল। শেষত এজন অসমীয়া সেনাৰ গুলীত মদনাৱতীয়ে মৃত্যৱৰণ কৰে। যুদ্ধৰ প্ৰথমাৱস্থাত আহোম সেনাই  সাম্প্ৰতিক সফলতা লাভ কৰিবলৈ সক্ষম হৈছিল। মোগল সেনাপতি মীৰ নৱাবক যুদ্ধত ঘটোৱাই আহোম সেনাৰ আত্মবিশ্বাস দুগুণে বাঢ়িল। কিন্তু ড° সূৰ্যকুমাৰ ভূঞাই লিখাৰ দৰে ‘আহোমৰ এই সাম্প্ৰতিক ৰণ জয়ৰ পিছত মহা বিপৰ্যয় ঘটিল, আৰু আলাবৰ যুদ্ধৰ কথা পৰিতাপ আৰু দুখেৰে মানুহৰ মনত পৰি থাকিব। ‘ অসমীয়া সেনাক কূটনৈতিক যুদ্ধত ঘটোৱাব নোৱাৰি ৰামসিংহই এইবাৰ তেওঁৰ আটাইতকৈ সৰ্বশ্ৰেষ্ঠ যোদ্ধা কেইজনক ৰণথলীত নমোৱাবৰ বাবে প্ৰস্তুত হ’ল। এই নতুন আক্ৰমণৰ সময়ত মোগল সেনাই যন্ত্ৰৰ ব্যৱহাৰ আৰম্ভ কৰিলে। এনে ৰণশৈলীৰ লগত অসমীয়া সেনাৰ একেবাৰে চিনাকি নাছিল।   দীঘল বাৰুৰে সজ্জিত অশ্বৰোহী বাহিনীৰ আক্ৰমণত তিষ্ঠিব নোৱাৰি অসমীয়া সেনাই চত্ৰভংগ দিলে। ৰাজপুত সৈন্যই ইমান ওচৰৰ পৰা আক্ৰমণ কৰিবলৈ ধৰিলে যে অতি কম সংখ্যক আহোম সৈন্যইহে বন্দুকৰ লিপলিপিটো টানিব পাৰিলে আৰু ধনুত কাঁড় লগাব পাৰিলে। বৰফুকনৰ দহহাজাৰ সৈন্য আলাবৈৰ পথাৰত প্ৰাণহানি অৱস্থাত পৰি থাকিবলগীয়া হ’ল।