আজি আলাবৈৰ ৰণ স্মৃতি দিৱস ! মাতৃভূমিৰ হকে ১৬৬৯ চনৰ আজিৰ দিনটোতে বীৰদৰ্পে যুঁজ দি আত্মবলিদান দিয়া ১০ হাজাৰ অসমীয়া বীৰক সশ্ৰদ্ধ সোঁৱৰণ…

আজি আলাবৈৰ ৰণ স্মৃতি দিৱস।‘আলাবৈৰ ৰণ’ ১৬৬৯ চনৰ ৫ আগষ্ট অৰ্থাৎ আজিৰ দিনটোত সংঘটিত হৈছিল। সাহস আৰু আত্মবলিদানৰ এক অনুপম নিদৰ্শন হৈছে ‘আলাবৈৰ ৰণ’। এই ৰণ আহোম আৰু মোগলৰ মাজত সংঘটিত হৈছিল দলিবাৰীৰ ওচৰৰ আলাবৈ পথাৰত সংঘটিত হৈছিল । য’ত আহোমৰ ১০,০০০ সৈন্যৰ শ্বহীদ হয়। লাচিত বৰফুকনৰ কূটনৈতিক কৌশলত ৰাম সিংহ উত্তেজিত হৈ পৰিছিল। এই ৰণ হোৱাৰ আগতে অসমৰ ৰাজনৈতিক বহুতো উত্থান-পতন হৈছিল। যাৰ ফলত এই যুঁজ অনিবাৰ্য হৈ পৰিছিল। স্বৰ্গদেউ জয়ধ্বজ সিংহৰ দিনতে মীৰজুমলাৰ আক্ৰমণে আহোমৰ পৰা গুৱাহাটী কাঢ়ি নিছিল আৰু পৰাজয় সহ্য কৰিব নোৱাৰি জয়ধ্বজ সিংহৰ বিয়োগ হয়।মৃত্যুৰ পূৰ্বে গুৱাহাটী উদ্ধাৰৰ ভাৰ চক্ৰধ্বজ সিংহৰ হাতত অৰ্পণ কৰি যায়। এই দায়িত্ব পালন কৰাৰ অৰ্থে আতন বুঢ়াগোহাঁই আৰু লাচিত বৰফুকনৰ নেতৃত্বত এটা বিশাল সেণাবাহিনী গঢ়ি তোলে।আৰু এই সেন্যদলে গুৱাহাটী পুনৰ দখল কৰিবলৈ সক্ষম হয়।কিন্তু ইয়াৰ পিছতো লাচিত বৰফুকণ সাজু আছিল কাৰণ মোগল সম্ৰাট ঔৰংগজেৱে হাত সাৱটি বহি নাথাকে সেয়া স্পষ্ট আছিল।

আলাবৈৰ যুদ্ধ

স্বৰ্গদেউৰ কঠোৰ নিৰ্দেশৰ পিছতো সেনাপতি লাচিত বৰফুকনে মোগল সেনাক আক্ৰমণ কৰিবলৈ অমান্তি হ’ল। তাৰ মূল কাৰণ আছিল মোগল সেনাবাহিনীৰ সুবিধাজনক অৱস্থিতি। মোগল সেনাবাহিনীয়ে আলাবৈ পাহাৰৰ উচাঞ্চলত অৱস্থান গ্ৰহণ কৰিছিল। এই অৱস্থান আছিল অতি কৌশলী; কিয়নো ভৈয়ামৰ দিশৰ পৰা হ’ব পৰা যিকোনো আক্ৰমণ প্ৰতিহত কৰিব পৰাকৈ উচ্চাঞ্চলৰ সেনাবাহিনীৰ বাবে অতি সহজ আছিল। মোগল বাহিনীৰ সন্মুখত আছিল বিশাল সমতল, তাৰে এটা দিশত আছিল চেঁচা নদী আৰু আন দিশত ব্ৰহ্মপুত্ৰ। আলাবৈ যুদ্ধৰ প্ৰাক ক্ষণত আহোম সেনাপতি লাচিত বৰফুকনে যুদ্ধ কৰিবলৈ অমান্তি হোৱা কথাটো ঐতিহাসিক সূৰ্যকুমাৰ ভূঞাই তেওঁৰ গ্ৰন্থ ‘Lachit Borphukan and His Times’ ত উল্লেখ কৰিছে। অশ্বাৰোহী বাহিনীৰ বিৰুদ্ধে যুদ্ধত অপৈণত অসমীয়া সেনাই অতি সহজে যুদ্ধত পৰাজিত হ’ব বুলি বৰফুকনে পোনতেই অনুমান কৰিছিল বুলি ঐতিহাসিক জনে উল্লেখ কৰিছে। [9]সেনাপতি লাচিত বৰফুকনৰ অসন্মন্তি সত্ত্বেও স্বৰ্গদেউৰ কঠোৰ নিৰ্দেশনা মানিবলৈ তেওঁ বাধ্য হ’ল।   ঐতিহাসিক স্বৰ্ণলতা বৰুৱাই লিখিছে, ” Lachit Borphukan wanted to avoid an open encounter with the Rajput Cavalry, but, by king’s order, he had to proceed.”

আলবৈৰ যুদ্ধৰ অন্য এক ঐতিহাসিক নাম হৈছে মদনাৱতী নামৰ এগৰাকী ৰাজপুত মহিলা যোদ্ধা। বুৰঞ্জীত লিখা আছে যে এই গৰাকী মহিলা যোদ্ধাই বিজুলীসঞ্চাৰে তৰোৱাল ঘূৰাই বহুকেইজন অসমীয়া সেনাক মৃত্যুমুখত পেলাবলৈ সক্ষম হৈছিল। শেষত এজন অসমীয়া সেনাৰ গুলীত মদনাৱতীয়ে মৃত্যৱৰণ কৰে। যুদ্ধৰ প্ৰথমাৱস্থাত আহোম সেনাই  সাম্প্ৰতিক সফলতা লাভ কৰিবলৈ সক্ষম হৈছিল। মোগল সেনাপতি মীৰ নৱাবক যুদ্ধত ঘটোৱাই আহোম সেনাৰ আত্মবিশ্বাস দুগুণে বাঢ়িল। কিন্তু ড° সূৰ্যকুমাৰ ভূঞাই লিখাৰ দৰে ‘আহোমৰ এই সাম্প্ৰতিক ৰণ জয়ৰ পিছত মহা বিপৰ্যয় ঘটিল, আৰু আলাবৰ যুদ্ধৰ কথা পৰিতাপ আৰু দুখেৰে মানুহৰ মনত পৰি থাকিব। ‘ অসমীয়া সেনাক কূটনৈতিক যুদ্ধত ঘটোৱাব নোৱাৰি ৰামসিংহই এইবাৰ তেওঁৰ আটাইতকৈ সৰ্বশ্ৰেষ্ঠ যোদ্ধা কেইজনক ৰণথলীত নমোৱাবৰ বাবে প্ৰস্তুত হ’ল। এই নতুন আক্ৰমণৰ সময়ত মোগল সেনাই যন্ত্ৰৰ ব্যৱহাৰ আৰম্ভ কৰিলে। এনে ৰণশৈলীৰ লগত অসমীয়া সেনাৰ একেবাৰে চিনাকি নাছিল।   দীঘল বাৰুৰে সজ্জিত অশ্বৰোহী বাহিনীৰ আক্ৰমণত তিষ্ঠিব নোৱাৰি অসমীয়া সেনাই চত্ৰভংগ দিলে। ৰাজপুত সৈন্যই ইমান ওচৰৰ পৰা আক্ৰমণ কৰিবলৈ ধৰিলে যে অতি কম সংখ্যক আহোম সৈন্যইহে বন্দুকৰ লিপলিপিটো টানিব পাৰিলে আৰু ধনুত কাঁড় লগাব পাৰিলে। বৰফুকনৰ দহহাজাৰ সৈন্য আলাবৈৰ পথাৰত প্ৰাণহানি অৱস্থাত পৰি থাকিবলগীয়া হ’ল।

Related Articles