Home Blog Page 609

সাত মাহত ২৬১ জনক গ্ৰেপ্তাৰ ; ১৯ কোটি টকাৰো অধিক মূল্যৰ নিষিদ্ধ সামগ্ৰী উদ্ধাৰ

মালিগাঁও, ৪ আগষ্ট : উত্তৰ পূব সীমান্ত ৰেলৱেৰ ৰেলৱে সুৰক্ষা বাহিনী ( আৰ পি এফ ) যাত্ৰীবাহী ৰেল , ৰেল ষ্টেচন , ৰেলৱে পৰিসৰত নিষিদ্ধ বা নিচাযুক্ত , চোৰাং সামগ্ৰী সৰবৰাহ হব নোৱাৰে তাৰ প্ৰতি সদা সতৰ্ক দৃষ্টি ৰাখি আহিছে ।

উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া সব্যসাচী দে’ই সদৰি কৰা অনুসৰি চলিত বৰ্ষৰ পহিলা জানুৱাৰীৰ পৰা ৩১ জুলাই পৰ্যন্ত সাত মাহত আৰ পি এফে বিভিন্ন যাত্ৰীবাহী ৰেল , ৰেল ষ্টেচনকে ধৰি ইয়াৰ পৰিসৰত চলোৱা অভিযানত নিষিদ্ধ সামগ্ৰী সৰবৰাহৰ বহুকেইটা ঘটনা ধৰা পেলায় ।

এই অভিযানত ১৯.৭০ কৌটি টকাতকৈ অধিক মূল্যৰ নিষিদ্ধ – চোৰাং সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয় অভিযানকাৰী দলে । একেদৰে অভিযানত হাতে – লোটে ২৬১ জন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় অভিযানকাৰী দল। আনহাতে বিগত ২০২৩ বৰ্ষত আৰ পি এফে ২৫.৪৩ কোটি টকাৰো অধিক মূল্যৰ নিষিদ্ধ আৰু চোৰাং সামগ্ৰী উদ্ধাৰ কৰাৰ লগতে এই সন্দৰ্ভত ৩৯২ জন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা হৈছিল।

বাংলাদেশত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ পদত্যাগৰ দাবীত সৰ্বাত্মক অসহযোগ আন্দোলন…

বাংলাদেশত  হিংসা, সন্ত্ৰাস তথা বঙহৰ বাবে দেওবাৰে প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ পদত্যাগৰ দাবী তোলে একাংশই ।

প্ৰধানমন্ত্ৰীগৰাকীৰ পদত্যাগৰ দাবীত ‘সৰ্বাত্মক অসহযোগ আন্দোলন’ৰ প্ৰথম দিনাই প্ৰতিবাদৰ সূত্ৰপাত হয়।

হাজাৰ হাজাৰ লোক আহত হৈছে । ২৫ জন লোকৰ মৃত্যুৰ খবৰ পোৱা গৈছে। 

উক্ত প্ৰতিবাদত বৰিচালৰৰ এজন, ঢাকাৰ এজন আৰু গাজীপুৰৰ এজনৰ লোকৰ মৃত্যু হয়। ইফালে আহতসকলৰ ভিতৰত ৫০ জনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

ভাৰত তিব্বত সহযোগ মঞ্চৰ ৰাষ্ট্ৰীয় পৰিষদৰ সভাত অসমৰ প্ৰতিনিধিৰ অংশগ্ৰহণ…

ভাৰত তিব্বত সহযোগ মঞ্চ, অসম প্ৰান্ত।
ভাৰত তিব্বত সহযোগ মঞ্চৰ ৰাষ্ট্ৰীয় পৰিষদৰ সভাত অসমৰ প্ৰতিনিধিৰ অংশগ্ৰহণ।

ভাৰত তিব্বত সহযোগ মঞ্চ, অসম প্ৰান্তৰ অধ্যক্ষ কৈলাশ শৰ্মাৰ নেতৃত্বত তথা মঞ্চৰ উত্তৰ পূৰ্বাঞ্চলৰ সহ সংযোজক বিধায়ক হেমাঙ্গ ঠাকুৰীয়া,অসম প্ৰান্তৰ মহামন্ত্ৰী ড০ বিচম কুমাৰ সিং, মঞ্চৰ উপসভাপতি হেকচন,যুৱ বিভাগৰ সভাপতি হেমাঙ্গ মজুমদাৰ,দেৱাশীষ শৰ্মা, গণেশ সিং প্ৰমুখ্যে এটা ১২ জনীয়া প্ৰতিনিধি দলে ৩ আগষ্ট

তাৰিখে হাৰিয়ানাৰ সমালখাৰ পানীপটত অনুষ্ঠিত হৈ থকা ভাৰত তিব্বত সহযোগ মঞ্চৰ ৰাষ্ট্ৰীয় পৰিষদৰ মহাসভাত উপস্থিত থাকি মুকলি আলোচনাত অংশ গ্ৰহণ কৰে। ৰাষ্ট্ৰীয় পৰিষদ সদস্য অসমৰ উৰ্বশী মহন্তয়ো অংশ গ্ৰহণ

কৰে। ৰাষ্ট্ৰীয় পৰিষদৰ সভাত ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ জেষ্ঠ্য প্ৰচাৰক তথা মঞ্চৰ মাৰ্গদদৰ্শক ড০ ইন্দ্ৰেশ কুমাৰ,তিব্বতৰ নিৰ্বাসিত চৰকাৰৰ প্ৰতিৰক্ষা মন্ত্ৰী, ভাৰত তিব্বত সহযোগ মঞ্চৰ ৰাষ্ট্ৰীয় মহামন্ত্ৰী শ্ৰী পঙ্কজ গোৱেলজিকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

কাইলৈ পৱিত্ৰ শাওণ মাহৰ অন্তিমটো সোমবাৰ…

পৱিত্ৰ শাওণ মাহৰ অন্তিমটো সোমবাৰে শিৱক আৰধনা কৰা উদ্দেশ্যে আজি মাৰ্ঘেৰিটাৰ পৰাও তিনিচুকীয়া শিৱ ধামলৈ ‘বল বম যাত্ৰা’ উলিওৱা হয়। মাৰ্ঘেৰিটাৰ হিলভিউৰস্থিত বুঢ়ীদিহিং নৈৰ বল বম ঘাটত পানী তুলি হাজাৰ হাজাৰ শিৱ ভক্তই খোজ কাঢ়ি গৈ পুৱা তিনিচুকীয়া শিৱ ধামৰ শিৱ লিংগত পানী অৰ্পণ কৰিব। পৱিত্ৰ শাওণ মাহক হিন্দুসকলে আৰাধ্য দেৱতা মহাদেৱ শিৱৰ মাহ বুলি জ্ঞান কৰি আহিছে।

এই মাহত শিৱক পূজা-অৰ্চনা কৰি মনৰ কামনা পুৰণ হয় বুলি বিশ্বাস কৰে। মাৰ্ঘেৰিটা ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ আজি বল বম যাত্ৰাৰ বাবে সম্পূৰ্ণ ৰূপে গেৰুৱা হৈ পৰে। গেৰুৱা বসন পৰিধান কৰি শিৱ ভক্তসকলে মুখেৰে উচ্চাৰিক বল বম শব্দই সমগ্ৰ পথছোৱাত ভক্তিময় পৰিৱেশৰ সুচনা কৰে। ভক্তপ্ৰাণ ৰাইজৰ যাতে কোনো ধৰণৰ অসুবিধা নহয় তাৰ বাবে মাৰ্ঘেৰিটাৰ আৰক্ষীয়ে কটকটীয়া ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে।

আল্লু অৰ্জুনৰ কেৰালা সাহায্য পুঁজিলৈ ২৫ লাখ টকাৰ অনুদান…

কেৰালাৰ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ২৫ লাখ টকাৰ বৰঙণি অভিনেতা আল্লু অৰ্জুনৰ। ৱায়ানাডৰ ভূমিস্খলনত ক্ষতিগ্ৰস্তক সহায়ৰ বাবে আগবঢ়ায় এই অনুদান।

কেৰালাৰ ৱায়ানাড জিলাত এক ভয়াৱহ ভূমিস্খলনত ৩০০ৰো অধিক লোকে প্ৰাণ হেৰুৱাইছে। ধাৰাসাৰ বৰষুণৰ আৰু ভূমিস্খলনৰ ফলত যথেষ্ট ক্ষতি হৈছে। বহু চেলিব্ৰিটিয়ে আগবাঢ়ি আহি ভুক্তভোগীৰ বাবে ধন আগবঢ়াইছে। আল্লু অৰ্জুনে কেৰেলাৰ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ২৫ লাখ টকা আগবঢ়াই নিহতসকলৰ বাবে প্ৰাৰ্থনা কৰে।

কোনোবা এম বি এ, কোনোবাই অভিনয়ৰ কেৰিয়াৰ গঢ়িবলৈ মাজ বাটতে এৰিলে কলেজ! বচ্চন পৰিয়ালৰ কোন, কিমান পঢ়া…

অমিতাভ বচ্চনৰ পৰা জয়া বচ্চনলৈ, অভিষেক বচ্চনৰ পৰা ঐশ্বৰ্য ৰায় বচ্চনলৈকে তেওঁলোকৰ শৈক্ষিক অৰ্হতাৰ কিমান জানেনে। অমিতাভ বচ্চনে পাঁচ দশকজুৰি ২০০ৰো অধিক ছবিত অভিনয় কৰিছে। অমিতাভ বচ্চন এলাহাবাদৰ এখন বিদ্যালয়ত পঢ়িছিল। ইয়াৰ পিছত তেওঁ এলাহাবাদ এৰি নৈনীতাললৈ যায়। তাতে এখন স্কুলত পঢ়া-শুনা সমাপ্ত কৰিছিল। স্কুলীয়া শিক্ষা সমাপ্ত কৰি দিল্লীৰ এখন কলেজত পঢ়ে অমিতাভ বচ্চন। ১৯৬২ চনত তেওঁ সেই মহাবিদ্যালয়ৰ পৰা বিজ্ঞান শাখাত স্নাতক ডিগ্ৰী লাভ কৰে। ইয়াৰ পিছত অমিতাভ অভিনয় জগতত প্ৰৱেশ কৰে।

১৯৭৩ চনত অমিতাভে বলীউডৰ অভিনেত্ৰী জয়া বচ্চনৰ সৈতে বিবাহপাশত আবদ্ধ হয়। জয়াই ভোপালৰ এখন স্কুলত পঢ়িছিল। উচ্চ শিক্ষাৰ বাবে জয়া ভোপালৰ পৰা পুনেলৈ গুচি যায়। তেওঁ পুনেৰ ফিল্ম ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। অমিতাভ আৰু জয়াৰ কন্যা শ্বেতাৰ জন্ম হৈছিল ১৯৭৪ চনত। শ্বেতাই দিল্লীৰ স্কুলৰ পৰা শিক্ষা সমাপ্ত কৰে। শ্বেতা উচ্চ শিক্ষাৰ বাবে আমেৰিকালৈ গৈছিল। বষ্টনৰ এখন বিশ্ববিদ্যালয়ৰ পৰা এম বি এ কৰিছিল। ১৯৭৬ চনৰ ৫ ফেব্ৰুৱাৰীত মহাৰাষ্ট্ৰৰ মুম্বাইত অমিতাভ আৰু জয়াৰ ঘৰত জন্মগ্ৰহণ কৰিছিল অভিষেক বচ্চনে। অভিষেক মুম্বাই আৰু দিল্লীৰ স্কুলত পঢ়িছিল যদিও পিছলৈ বিদেশলৈ গুচি যায়। অভিষেকে ছুইজাৰলেণ্ডৰ এখন স্কুলৰ পৰা পঢ়া-শুনা সমাপ্ত কৰিছিল। বায়েকৰ দৰে তেওঁও বষ্টন বিশ্ববিদ্যালয়ত ব্যৱসায় প্ৰশাসনৰ শিক্ষা গ্ৰহণৰ বাবে নামভৰ্তি কৰে। কিন্তু অমিতাভ-পুত্ৰই মাজ বাটতে কলেজ এৰে অভিনয়ৰ কেৰিয়াৰ গঢ়িবলৈ।


পত্নী ঐশ্বৰ্য ৰায় বচ্চনৰ সৈতে অভিষেকৰ সম্পৰ্ক অন্তহীন। বালিপাৰাৰ অধিকাংশ লোকে দাবী কৰে যে বচ্চন পৰিয়ালৰ সৈতে ঐশ্বৰ্যৰ ভাল সম্পৰ্ক নাই। অভিষেকৰ সৈতেও বিবাহ বিচ্ছেদৰ কথা ভাবিছে অভিনেত্ৰীগৰাকীয়ে।২০০৭ চনত অভিষেকৰ সৈতে বিবাহপাশত আবদ্ধ হয় ঐশ্বৰ্যই। আনহাতে ঐশ্বৰ্যই কৰ্ণাটকত জন্মগ্ৰহণ কৰিলেও পিতৃৰ বদলিৰ চাকৰিৰ বাবে পৰিয়ালটো মুম্বাইলৈ গুচি যায়। ঐশ্বৰ্যই তাতেই স্কুলীয়া শিক্ষা সমাপ্ত কৰিছিল। ঐশ্বৰ্যই স্নাতক ডিগ্ৰী লাভ কৰিবলৈ মুম্বাইৰ এখন কলেজত নামভৰ্তি কৰে। কিন্তু কলেজৰ পঢ়া-শুনা মাজ বাটতে এৰি অভিনয় কৰিবলৈ। অভিনেত্ৰীগৰাকীয়ে মডেলিঙৰ জৰিয়তে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল আৰু পিছলৈ অভিনয় জগতত প্ৰৱেশ কৰিছিল। বলিপাৰাৰ সূত্ৰ অনুসৰি শ্বেতাৰ জ্যেষ্ঠ কন্যা নব্য নোভেলী নন্দই নিউয়ৰ্ক চহৰৰ এখন বিশ্ববিদ্যালয়ৰ পৰা ডিজিটেল টেকন’লজি আৰু ইউএক্স ডিজাইনত স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰিছে। শ্বেতাৰ কনিষ্ঠ পুত্ৰ অগস্ত্য নন্দই লণ্ডনৰ এখন কলেজৰ পৰা পঢ়িছিল। ২০১৯ চনত তেওঁ স্নাতক ডিগ্ৰী লাভ কৰে। অভিষেক আৰু ঐশ্বৰ্যৰ কন্যা আৰাধ্যা বচ্চন বৰ্তমান মুম্বাইৰ ধীৰুভাই আম্বানী ইণ্টাৰনেশ্যনেল স্কুলত অধ্যয়ন কৰি আছে।

মধ্যপ্ৰদেশৰ সাগৰ জিলাত শ্বাহপুৰত মন্দিৰৰ বেৰ খহি ৯টি শিশুৰ মৃত্যু…

মধ্যপ্ৰদেশৰ সাগৰ জিলাত শোকাৱহ ঘটনা। জিলাখনৰ শ্বাহপুৰত মন্দিৰৰ বেৰ খহি ৯টি শিশুৰ মৃত্যু। হঠাৎ খহি পৰে প্ৰায় ৫০ বছৰীয়া পুৰণি বেৰখন। ঘটনাত আহত ৪টা শিশুৰ অৱস্থা গুৰুতৰ।

হৰদৌল মন্দিৰত সংঘটিত এই ঘটনা। শিৱলিংগ স্থাপনৰ সময়তে সংঘটিত এই ঘটনা। পুৱা প্ৰায় ১০ বজাত শিৱলিংগ স্থাপনৰ কাৰ্যসূচী চলি আছিল।

শিৱলিংগ স্থাপন কাৰ্যসূচীত জড়িত আছিল শিশুসকল। আহতসকলক প্ৰয়োজনীয় চিকিত্সা প্ৰদানৰ নিৰ্দেশ মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰীৰ। মৃত শিশুসকলৰ পৰিয়াললৈ ৪ লাখ টকাকৈ সাহায্য ঘোষণা।

অলিম্পিকৰ হকীৰ ছেমি ফাইনেলত ভাৰত, ভাৰতীয় দলে পৰাস্ত কৰিলে ব্ৰিটেইনক…

অলিম্পিকৰ কোৱাৰ্টাৰ ফাইনেলত ভাৰতৰ যাদু।

অলিম্পিকৰ হকীৰ ছেমি ফাইনেলত প্ৰৱেশ ভাৰতীয় পুৰুষ হকী টীমৰ।

দহজনীয়া ভাৰতীয় দলে পৰাস্ত কৰিলে এঘাৰজনীয়া ব্ৰিটেইনক।

গল কিপাৰ পি আৰ শ্ৰীজেছৰ অভূতপূৰ্ব প্ৰদৰ্শন।

কোৱাৰ্টাৰ ফাইনেলত গ্ৰেট ব্ৰিটেইনক ধৰাশায়ী টীম ইণ্ডিয়াৰ।

বাথৰুমৰ বাস্তু দোষে কেৰিয়াৰত বাধা দিয়ে, বাথৰুম কোন দিশে হ’ব লাগে জানেনে…

বাস্তুৰ দোষে জীৱনত বেয়া প্ৰভাৱ পেলায়। বাথৰুমত বাস্তুৰ দোষে কেৰিয়াৰ ৰাস্তা বন্ধ কৰি দিয়াই নহয় সম্পৰ্কও ধ্বংস কৰে। ব্যক্তিজনক আৰ্থিকভাৱে আগবাঢ়ি যাবলৈ সুবিধা নিদিয়ে। বাস্তু শাস্ত্ৰত ঘৰৰ প্ৰতিটো অংশৰ বাবে নিয়ম দিয়া হৈছে, যদি সেইবোৰ মানি চলা নহয় তেন্তে ইয়াৰ ফলত বহুত লোকচান হয়। কঠোৰ পৰিশ্ৰমৰ পিছতো কেৰিয়াৰত সফলতা লাভ নকৰা, সদায় আৰ্থিক সংকটত থকা, প্ৰগতি নোপোৱা আদিও বাস্তু দোষৰ লক্ষণ। আজি আমি বাথৰুমৰ বাস্তু দোষ আৰু ইয়াৰ প্ৰতিকাৰৰ বিষয়ে জানিম।

বাথৰুম-টয়লেট কেতিয়াও দক্ষিণ, দক্ষিণ-পূব বা দক্ষিণ-পশ্চিম দিশত নিৰ্মাণ কৰিব নালাগে। এনে বাথৰুমে ঘৰত ঋণাত্মক শক্তি বৃদ্ধি কৰে। বাস্তু শাস্ত্ৰৰ মতে বাথৰুম ঘৰৰ উত্তৰ বা উত্তৰ-পশ্চিম দিশত হ’ব লাগে।

ভুলতে বাথৰুমটো পাকঘৰৰ সন্মুখত বা পাকঘৰৰ কাষতে বনাব নালাগে। এনে বাথৰুম থাকিলে ঘৰত ৰোগে বাস কৰে।

বাথৰুমত হালধীয়া বা কমলা ৰং নিদিব। বাস্তুৰ মতে বাথৰুমত নীলা ৰং বা টাইলছ লগোৱাটো শুভ। বাল্টি আৰু মগৰ ৰং নীলা কৰি ৰাখিলে ভাল হ’ব।

বাথৰুমৰ বাল্টিটো কেতিয়াও খালীকৈ নাৰাখিব। সদায় ভৰাই ৰাখিব। নহলে ঘৰত কেতিয়াও টকা নাথাকিব।

দুৱাৰৰ সন্মুখত থকা বাথৰুমত আইনাখন স্থাপন নকৰিব। ইয়াৰ ফলত ঋণাত্মক শক্তিৰ প্ৰবাহ বৃদ্ধি পায়।

বাথৰুমৰ দুৱাৰখন বন্ধ কৰি ৰাখিব, যদি বাথৰুম সংলগ্ন থাকে তেন্তে ভুলতেও দুৱাৰখন খোলা ৰাখিব নালাগে। ইয়াৰ ফলত আৰ্থিক সংকট আৰু কেৰিয়াৰত বাধাৰ সৃষ্টি হয়।

বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ কাৰ্যালয় বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি…

বিহাৰৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয় বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি ।

ভাবুকিভৰা ই-মেইল প্ৰেৰণ দুৰ্বৃত্তৰ। নীতিশ কুমাৰ পূৰ্বে অল-কায়েদাৰে জড়িত থকাৰ অভিযোগ পত্ৰত।

ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল।