Home Blog Page 616

অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ নগাঁৱত চাঞ্চল্য ! বৰ্তমানেও উদ্ধাৰ হোৱা নাই মৃত লোকজনৰ পৰিচয়…

অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ নগাঁৱত চাঞ্চল্য। হাত-ভৰি বান্ধি থোৱা অৱস্থাত উদ্ধাৰ মৃতদেহটো। বগৰীগুৰি-ৰাইডঙীয়া সংযোগী পথৰ কাষতে উদ্ধাৰ মৃতদেহটো।

পথচাৰীয়ে মৃতদেহ প্ৰত্যক্ষ কৰি খবৰ দিয়ে আৰক্ষীক। ঘটনাস্থলীত উপস্থিত জাজৰি আৰক্ষী। বৰ্তমানেও উদ্ধাৰ হোৱা নাই মৃত লোকজনৰ পৰিচয়।

দুৰ্বৃত্তই হত্যা কৰি মৃতদেহ পথৰ কাষত পেলাই থৈ যোৱাৰ সন্দেহ।

পুনৰ বহিঃৰাজ্যত সন্ধানহীন অসমৰ যুৱক ৰাজীৱ বৰুৱা হায়দৰাবাদত সন্ধানহীন…

পুনৰ বহিঃৰাজ্যত সন্ধানহীন অসমৰ যুৱক। হায়দৰাবাদত সন্ধানহীন পুৰণিগুদামৰ ৰাজীৱ বৰুৱা নামৰ যুৱকজন। কৰ্মসংস্থাপন বিচাৰি হায়দৰাবাদলৈ গৈছিল ৰাজীৱ বৰুৱা।

কলংপাৰ-হালোৱাগাঁৱৰ যুৱকজনৰ সন্ধানহীনৰ পাছতে পৰিয়ালত হাহাকাৰ। ২১ মাৰ্চত বাংগালুৰুলৈ বুলি গৈছিল যুৱকজন। ২৯ জুনৰ পৰা আজিপৰ্যন্ত পৰিয়ালৰে যোগাযোগ নাই ৰাজীৱ বৰুৱাৰ।

স্বামীৰ নিৰুদ্দেশ সন্দৰ্ভত থানাত এজাহাৰ দাখিল পত্নীৰ। যুৱকজনৰ সন্ধান পালে 99572-89992 নম্বৰত যোগাযোগৰ আহ্বান পৰিয়ালৰ।

স্বাস্থ্যৰ বহু সমস্যা দূৰ কৰিবলৈ মুখৰ লেলাৱটি অতি উপকাৰী…

আমি প্ৰায়ে মুখৰ পৰা ওলোৱা লেলাৱটি আওকাণ কৰো, কিন্তু ই আমাৰ শৰীৰৰ বাবে অতি উপকাৰী। ইয়াত পানী, এনজাইম, এন্টিবডি আৰু অন্যান্য গুৰুত্বপূৰ্ণ উপাদান থাকে। ৰাতিপুৱা সাৰ পোৱাৰ পিছত মুখত লালা জমা হ’লে বহু উপকাৰ পোৱা যায়। ইয়াক প্ৰায়ে ঘৰুৱা ঔষধত ব্যৱহাৰ কৰা হয়। পেটৰ সমস্যা, ছালৰ সংক্ৰমণ আৰু চকুৰ এলাৰ্জী আদি সমস্যাত ই উপকাৰী হ’ব পাৰে। লেলাৱটি অধিক পৰিমাণৰ হিউমেক্টেণ্ট থাকে, যিয়ে ছালখনক গভীৰভাৱে হাইড্ৰেট কৰে আৰু ইয়াৰ আৰ্দ্ৰতা ধৰি ৰাখে।

শুকানতা হ্ৰাস কৰেঃ লেলাৱটিয়ে ছালখন শুকান হোৱাৰ পৰা ৰক্ষা কৰাত সহায় কৰে। ই ছালখন কোমল আৰু মসৃণ কৰি ৰাখে।

বিশেষকৈ যদি আপোনাৰ কোনো ধৰণৰ আঘাত বা ঘাঁ আছে তেন্তে ই ছালৰ কলাবোৰ ভাল কৰাত সহায় কৰিব পাৰে লেলাৱটিয়ে।

নিয়মিতভাৱে লেলাৱটি প্ৰয়োগ কৰিলে ছালৰ স্থিতিস্থাপকতা বৃদ্ধি পায় আৰু বয়স বৃদ্ধিৰ লক্ষণ হ্ৰাস পাব পাৰে।

লেলাৱটি লগালে ছালৰ দাগ কমিব পাৰে। ইয়াৰ লগতে ই ছালখন চিকচিকিয়া আৰু সুস্থ কৰি তোলাত সহায় কৰিব পাৰে।

লেলাৱটিয়ে আমাক খাদ্যৰ সোৱাদ লোৱাত সহায় কৰে।

লেলাৱটিয়ে এন্টিব’ডি থাকে যিয়ে মুখত বেক্টেৰিয়া বৃদ্ধি হোৱাত বাধা দিয়ে।

লেলাৱটিয়ে মুখখন আৰ্দ্ৰ কৰি ৰখাত সহায় কৰে।

লেলাৱটিয়ে দাঁতক খনিজ পদাৰ্থৰে ভৰাই মজবুত কৰে।

গুৱাহাটীৰ পানীখাইতিত প্ৰাতঃভ্ৰমণলৈ অহা মহিলাক খুন্দা তীব্ৰবেগী বলেৰ’ পিকআপ ভানৰ…

গুৱাহাটীৰ পানীখাইতিত পথ দুৰ্ঘটনা। প্ৰাতঃভ্ৰমণলৈ অহা মহিলাক খুন্দা তীব্ৰবেগী বলেৰ’ পিকআপ ভানৰ।

দুৰ্ঘটনাত আহত মহিলাগৰাকীক GMCHত ভৰ্তি। চন্দ্ৰপুৰ দিশৰ পৰা গুৱাহাটী অভিমুখী আছিল ভানখন।

পথত এচাম ব্যৱসায়ীয়ে বালি মজুত কৰি ৰখাৰ ফলত দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ।

ৰাখীবন্ধনৰ দিনা ৰাখী বন্ধাৰ সময়ত মানি চলক এই সমূহ নিয়ম, লাভ কৰিব দেৱী লক্ষ্মীৰ আশীৰ্বাদ…

ৰাখীবন্ধন অতি গুৰুত্বপূৰ্ণ। ৰাখীবন্ধনৰ দিনটোত কৰা কিছু কামে দেৱী লক্ষ্মীৰ বিশেষ আশীৰ্বাদ লাভ কৰিব। ভাতৃ-ভগ্নী প্ৰেমৰ প্ৰতীক ৰক্ষাবন্ধনৰ দিনা ভাতৃৰ হাতত ভাতৃদ্বয়ে ৰাখী বান্ধে। ভাতৃদ্বয়ে গোটেই জীৱন ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। শাওণৰ পূৰ্ণিমাৰ দিনা ৰাখীনন্ধন পালন কৰা হয়। এইবাৰ শাওণৰ পূৰ্ণিমাৰ দিনটোও শাওণ মাহৰ অন্তিম সোমবাৰ। ১৯ আগষ্ট সোমবাৰ দিনটোতে ৰক্ষাবন্ধন পালন কৰা হ’ব। ভাই-ভনীৰ সুখ আৰু সমৃদ্ধিৰ দিশতো এই দিনটো বিশেষ। যদিহে ৰক্ষাবন্ধনৰ দিনটোত কিছু ব্যৱস্থা গ্ৰহণ কৰা হয়, তেন্তে দেৱী লক্ষ্মী সুখী হৈ আপোনাক দিব আশীৰ্বাদ। ৰক্ষাবন্ধনৰ দিনা দেৱী লক্ষ্মীক সন্তুষ্ট কৰাৰ উপায় জানি লওক-

ৰক্ষাবন্ধনৰ দিনা ভাতৃক ৰাখী বান্ধি দিয়াৰ পূৰ্বে দেৱী লক্ষ্মী আৰু ভগৱান গণেশক পূজা কৰিব। গণপতি বাপ্পাৰ লগত হালধীয়া ৰঙৰ ৰাক্ষসূত্ৰ বান্ধিব। ইয়াৰ পিছত শুভ সময়ত ভাইটিৰ লগত ৰাখী বান্ধিব।

দুখীয়া আৰু আৰ্তজনক সহায় কৰা সেইসকল লোকৰ লগত মা লক্ষ্মী অতি সুখী। দান আৰু ধৰ্ম কৰক। এই কাম কৰাসকলে বহুগুণ বেছি ধন লাভ কৰে। গতিকে সুৰক্ষাবন্ধনৰ দিনটোত ভাই-ভনীসকলে একত্ৰিত হৈ নিজৰ সামৰ্থ্য অনুযায়ী দৰিদ্ৰ লোকক দান-বৰঙণি আগবঢ়াব লাগে। ইয়াৰ ফলত ভাতৃ-ভগ্নীৰ সম্পৰ্ক মজবুত হয়।

ৰাখী বান্ধি থাকোঁতে ভগ্নীসকলে মনত ৰাখিব লাগে যে ভাইটিৰ হাতত ৰাখী বান্ধি থাকোঁতে ৩ গাঁঠি বান্ধিব লাগে। লগতে ইজনে সিজনক অন্তৰেৰে আশীৰ্বাদ কৰক আৰু সুস্থ আৰু সমৃদ্ধিশালী জীৱনৰ কামনা কৰক।

আজি দেশজুৰি চিকিৎসকৰ কৰ্মবিৰতি…

আজি দেশজুৰি চিকিৎসকৰ কৰ্মবিৰতি। জৰুৰীকালীন সেৱাৰ বাদে আন সকলো সেৱাৰ পৰা বিৰত থাকিব চিকিৎসকসকল।

কলকাতাত মহিলা চিকিৎসকক ধৰ্ষণ-হত্যাৰ প্ৰতিবাদত IMA-এ ঘোষণা কৰিছে কৰ্মবিৰতি। আজি পুৱা ৬ বজাৰ পৰা কাইলৈ পুৱা ৬ বজালৈ কৰ্মবিৰতি।

কলকাতাত চিকিৎসকক ধৰ্ষণ-হত্যাৰ বিৰূদ্ধে শুক্ৰবাৰে চৰকাৰী গুৱাহাটী আয়ুৰ্বেদিক মহাবিদ্যালয়তো ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদী সমদল

কলকাতাত চিকিৎসকক ধৰ্ষণ – হত্যাৰ বিৰূদ্ধে চৰকাৰী আযুৰ্বেদিক মহাবিদ্যালয়ত ছাত্ৰ – ছাত্ৰীৰ প্ৰতিবাদী সমদল

জালুকবাৰী ,১৬ আগষ্ট : কলকাতাৰ আৰ.জি.কৰ মেডিকেল কলেজৰ তৰুণী চিকিৎসক ধৰ্ষণ- হত্যাৰ গোচৰে সমগ্র দেশক জোঁকাৰি গৈছে। দেশৰ বিভিন্ন প্ৰান্তৰ চিকিৎসালয় মহাবিদ্যালয়ৰ সমান্তৰালভাৱে অসমৰো বিভিন্ন চিকিৎসালয় মহাবিদ্যালযৰ লগতে গুৱাহাটীৰ জালুকবাৰীস্থিত চৰকাৰী আযুৰ্বেদিক মহাবিদ্যালয় চিকিৎসালয়ৰ ছাত্ৰ একতা সভাৰ নেতৃত্বত ১৪ আগষ্টৰ সন্ধিয়া এক শান্তি সমদল উলিওৱা হয় ।

সকলোৱে তৰুণী চিকিৎসক ধৰ্ষণ হত্যাৰ বিৰুদ্ধে প্ৰতিবাদ জনাই আৰু ইয়াৰ উচিত তদন্ত, দোষীক কঠোৰ শাস্তি আৰু চিকিৎসাকৰ্মীৰ সঠিক নিৰাপত্তাৰ দাবী জনায়। সমাজ সেৱাত ব্ৰতী চিকিৎসকসকলে যদি নিজ কৰ্তব্যস্থলতেই সুৰক্ষিত নহয় তেনেহলে কিদৰে আতুৰ জনতাক নিৰ্ভিকভাবে চিকিৎসা সেৱা আগবঢ়াব সেয়া এক প্ৰশ্নবোধক বুলি ছাত্ৰ ছাত্ৰী সকলে ব্যক্ত কৰে। এনেধৰণৰ ঘটনা যাতে পুনৰাবৃত্তি নহয় তাৰ বাবে চিকিৎসা মহাবিদ্যালয়, চিকিৎসালয় সমূহৰ লগতে সকলো শিক্ষানুষ্ঠানতেই সঠিক নিৰাপত্তাৰ ব্যবস্থাৰ দাবী জনায় প্ৰতিবাদকাৰী ছাত্ৰ – ছাত্ৰীসকলে।

৭০ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত উজলিত কেইবাখনো অসমীয়া ছবি

১৬ আগষ্টত ঘোষণা কৰা হয় ৭০ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা। ২০২২ চনৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত এইবেলি কেইবাখনো অসমীয়া ছবি উজলি উঠে। পূৰ্বৰ দৰেই ৭০ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰি অসমীয়া ছবিয়ে নিজৰ সুনাম অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হয় ৷ বঁটাৰ এটা বিশেষ শাখাত দুখনকৈ অসমীয়া ছবিয়ে বিশেষ সন্মান লাভ কৰে ৷ আইমী বৰুৱা প্ৰডাকশ্যন ছ’চাইটিৰ বেনাৰত বিৰুবালা উইটছ টু পদ্মশ্ৰী (Birubala Witch to Padmashri )এ বিশেষ বঁটা লাভ কৰে ৷ ছবিখনৰ পৰিচালনা কৰিছিল আইমী বৰুৱাই ৷ আনখন ছবি হ’ল হাড়গিলা দ্য গ্ৰেট এডজুটেণ্ট ষ্ট্ৰ’ক (Hargila The Greater Adjutant Stork) ৷ পাৰ্থসাৰথি মহন্তৰ পৰিচলানাৰে পি আই এণ্টাৰটেইনমেণ্টৰ বেনাৰত নিৰ্মিত এই ছবিখনে বঁটা লাভ কৰে ৷ একেদৰে অসমীয়া ছবি ‘শূন্যতা’ ই লাভ কৰে শ্ৰেষ্ঠ চুটি ছবিৰ বঁটা ৷ এই ছবিখন পৰিচালনা কৰিছে নৱপণ ডেকাই।


৭০ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ এইবাৰৰ জুৰীসকলৰ ভিতৰত আছে ৰাহুল ৰাৱাইল (ফিচাৰ ফিল্ম জুৰীৰ অধ্যক্ষ), নীলা মাধব পাণ্ডা (নন-ফিচাৰ ফিল্ম জুৰীৰ অধ্যক্ষ) আৰু গংগাধৰ মুদলাইয়াৰ (চিনেমা জুৰীৰ শ্ৰেষ্ঠ লেখাৰ অধ্যক্ষ)।

বঁটা বিজয়ীৰ তালিকা :

নন-ফিচাৰ ফিল্ম শাখা

শ্ৰেষ্ঠ নন-ফিচাৰ ছবি : আয়েনা (হিন্দী/উৰ্দু)

শ্ৰেষ্ঠ আত্মপ্ৰকাশৰ ছবি : মধ্যান্তৰ (কানাড়া)

শ্ৰেষ্ঠ জীৱনীমূলক / ঐতিহাসিক পুনৰ্গঠন / সংকলন চলচ্চিত্ৰ : আনাখি এক মহেঞ্জো দাৰো (মাৰাঠী)

শ্ৰেষ্ঠ কলা / সংস্কৃতি চলচ্চিত্ৰ : ৰংগ বিভোগা (কানাড়া) আৰু বৰ্ষা (মাৰাঠী)

শ্ৰেষ্ঠ তথ্যচিত্ৰ : মাৰ্মাৰ্ছ অব দ্য জাংগল (মাৰাঠী)

সামাজিক আৰু পৰিৱেশগত মূল্যবোধৰ প্ৰচাৰ কৰা শ্ৰেষ্ঠ নন-ফিচাৰ ফিল্ম :অন দ্য ব্ৰিংক ছিজন-২ ঘঁৰিয়াল

শ্ৰেষ্ঠ এনিমেশ্যন ছবি : এ কক’নাট ট্ৰী

শ্ৰেষ্ঠ চুটি ছবি (৩০ মিনিট জোৰা) : শূন্যতা (অসমীয়া)

শ্ৰেষ্ঠ পৰিচালক: ফ্ৰম দ্য শ্বেডছৰ পৰিচালক মিৰিয়াম চাণ্ডী মেনাচেৰী (বাংলা/হিন্দী/ইংৰাজী)

শ্ৰেষ্ঠ চিনেমেট’গ্ৰাফী: সিদ্ধাৰ্থ দিৱান মনো নো এৱেৰ (হিন্দী আৰু ইংৰাজী)

শ্ৰেষ্ঠ শব্দ ডিজাইন: মানস চৌধুৰী , য়ান (হিন্দী/মালৱী) ৰ বাবে

শ্ৰেষ্ঠ সম্পাদনা:মধ্যান্তৰ (কানাড়া)ৰ বাবে সুৰেশ

শ্ৰেষ্ঠ সংগীত পৰিচালনা: ফুৰছত ছবি(হিন্দী)ৰ বাবে বিশাল ভৰদ্বাজলৈ

শ্ৰেষ্ঠ কথন/ ভইচ অভাৰ: সুমন্ত শিণ্ডে মাৰ্মাৰ্ছ অব দ্য জাংগল (মাৰাঠী)

শ্ৰেষ্ঠ চিত্ৰনাট্য: মনো নো এৱেৰ (হিন্দী আৰু ইংৰাজী)ৰ বাবে কৌশিক সৰকাৰ

বিশেষ উল্লেখ: বিৰুবালা উইটছ টু পদ্মশ্ৰী (অসমীয়া) আৰু হাড়গিলা দ্য গ্ৰেট এডজুটেণ্ট ষ্ট্ৰ’ক (অসমীয়া)

ফিচাৰ ফিল্ম শাখা

শ্ৰেষ্ঠ বৈশিষ্ট্যপূৰ্ণ ছবি: আট্টাম (মালয়ালম)

এজন পৰিচালকৰ শ্ৰেষ্ঠ আত্মপ্ৰকাশ ছবি: ফৌজাৰ বাবে প্ৰমোদ কুমাৰলৈ

ৰাষ্ট্ৰীয়, সামাজিক আৰু পৰিৱেশগত মূল্যবোধৰ প্ৰচাৰ কৰা শ্ৰেষ্ঠ বৈশিষ্ট্যপূৰ্ণ ছবি: কুটচ্ছ এক্সপ্ৰেছ (গুজৰাটী)

এভিজিচিৰ শ্ৰেষ্ঠ ছবি (এনিমেশ্যন, ভিজুৱেল ইফেক্টছ গেমিং আৰু কমিক): ব্ৰহ্মাস্ত্ৰ- প্ৰথম খণ্ড: শিৱা (হিন্দী)

শ্ৰেষ্ঠ পৰিচালক: আঞ্চল (হিন্দী)ৰ বাবে সূৰজ আৰ বৰজাত্য

মুখ্য চৰিত্ৰত শ্ৰেষ্ঠ অভিনেতা: কান্তাৰা (কানাড়া)ৰ বাবে ঋষভ শ্বেট্টী

মুখ্য চৰিত্ৰত শ্ৰেষ্ঠ অভিনেত্ৰী: থিৰুচিট্ৰাম্বালাম (তামিল)ৰ বাবে নিথ্যা মেনেন আৰু কুটচ্ছ এক্সপ্ৰেছ (গুজৰাটী)ৰ বাবে মানসী পাৰেখ

সহযোগী চৰিত্ৰত শ্ৰেষ্ঠ অভিনেতা: ফৌজা (হাৰিয়ানৱী)ৰ বাবে পৱন ৰাজ মালহোত্ৰা

সহযোগী চৰিত্ৰত শ্ৰেষ্ঠ অভিনেত্ৰী: আঞ্চল (হিন্দী)ৰ বাবে নীনা গুপ্তা

শ্ৰেষ্ঠ শিশু শিল্পী: শ্ৰীপাথ (মালয়ালম)ৰ বাবে আলিক্কাপুৰম

শ্ৰেষ্ঠ পুৰুষ প্লেবেক গায়ক: অৰিজিত সিং

শ্ৰেষ্ঠ মহিলা প্লেবেক গায়িকা: মালয়ালমৰ বাবে বম্বে জয়শ্ৰী

শ্ৰেষ্ঠ অসমীয়া চলচ্চিত্ৰ: এমুঠি পুঠি

শ্ৰেষ্ঠ বাংলা ছবি: কাবেৰী অন্তৰ্ধান

শ্ৰেষ্ঠ হিন্দী চলচ্চিত্ৰ: গুলমোহৰ

শ্ৰেষ্ঠ তিৱা ছবি: ছিকাইছাল (SIKAISAL)

১৫আগষ্টত কটন এলম্‌নাই প্ৰেক্ষাগৃহত অমৃত প্ৰবাহ কাকত গোষ্ঠীৰ বঁটা প্ৰদান অনুষ্ঠান সম্পন্ন

সুনীতি সোণোৱালক প্ৰদান কৰা হ’ল ‘আদৰ্শ জননী’ ৰাজ্যিক বঁটা, গিৰীন্দ্ৰ বালা কেম্প্ৰাইক মৰণোত্তৰ ভাবে বিশেষ নাৰী বঁটা প্ৰদান

গুৱাহাটী আগষ্ট, ১৫:গুৱাহাটীৰ কটন বিশ্ববিদ্যালয়ৰ এলম্‌নাই হলত আজি অনুষ্ঠিত হ’ল এক গাম্ভীৰ্যপূৰ্ণ বঁটা প্ৰদান অনুষ্ঠান৷ ২০১৫ চনৰে পৰা আদৰ্শ জননী শশীপ্ৰভা কলিতা স্মৃতিৰক্ষা সমিতি আৰু অমৃত প্ৰবাহ কাকতগোষ্ঠীৰ উদ্যোগত প্ৰতি বছৰৰ দৰে ১৫আগষ্টৰ দিনটোত এই অনুষ্ঠানৰ আয়োজন কৰি অহা হৈছে৷ এইবাৰ
বিশিষ্ট সমাজকৰ্মী, অধিবক্তা সুনীতি সোণোৱাললৈ ২০২৪ বৰ্ষৰ সন্মানীয় আদৰ্শ জননী শশীপ্ৰভা কলিতা সোঁৱৰণী ৰাজ্যিক আদৰ্শ জননী বঁটা আৰু বিশিষ্ট সমাজকৰ্মী, অনুবাদক গিৰীন্দ্ৰ বালা কেম্প্ৰাইক মৰণোত্তৰ ভাবে বিশেষ নাৰী বঁটা আগবঢ়োৱা হয়৷ আদৰ্শ জননী শশীপ্ৰভা কলিতা স্মৃতিৰক্ষা সমিতি, জনপ্ৰিয় অসমীয়া সাপ্তাহিক অমৃত প্ৰবাহ কাকত আৰু ডিজিটেল সংবাদ মাধ্যম ‘অমৃত নিউজ’ৰ যৌথ উদ্যোগত জুৰি সমিতিৰ জৰিয়তে নিৰ্বাচিত এই বটাসমূহ ১৫ আগষ্টৰ বিয়লি ৪ বজাত কটন কলেজ এলম্‌নাই হাউচ প্ৰেক্ষাগৃহত আড়ম্বৰপুৰ্ণভাবে অনুষ্ঠিত
আদৰ্শ জননী শশীপ্ৰভা কলিতাৰ দ্বাবিংশতম স্মৃতি দিৱস আৰু জনপ্ৰিয় অসমীয়া সাপ্তাহিক অমৃত প্ৰবাহ কাকতৰ দশম বৰ্ষপূৰ্তি উপলক্ষে আয়োজন কৰা বিশেষ অনুষ্ঠানত প্ৰদান কৰা হয়৷
সভাৰ আৰম্ভণিতে আদৰ্শ জননী শশীপ্ৰভা কলিতাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ, বন্তি প্ৰজ্বলন আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়৷


সভাত আদৰ্শ জননী শশীপ্ৰভা কলিতাৰ স্মৃতিত একমিনিট মৌনতা অৱলম্বন কৰে৷
বটা প্ৰদানৰ এক গাম্ভীৰ্য আনুষ্ঠানত আদৰ্শ জননী
ৰাজ্যিক বঁটা প্ৰাপক সুনীতি সোণোৱালে নিজে উপস্থিত থাকি বঁটা গ্ৰহণ কৰে৷ আনহাতে প্ৰয়াত গিৰীন্দ্ৰ বালা কেম্প্ৰাইৰ পৰিয়ালৰ সদস্যসকল উপস্থিত থাকি বিশেষ নাৰী বঁটা গ্ৰহণ কৰে৷
এই বঁটা প্ৰদান অনুষ্ঠানৰ সভাপতিত্ব কৰে বিশিষ্ট সমাজকৰ্মী কৈলাশ শৰ্মাই৷ অনুষ্ঠানত


২০২৩ বৰ্ষৰ আদৰ্শ জননী বঁটা প্ৰাপক তথা প্ৰাক্তন মন্ত্ৰী ড°হেমপ্ৰভা শইকীয়া, অসম সাহিত্য সভাৰ সভাপতি ড॰ সূৰ্যকান্ত হাজৰিকা, শিক্ষাবিদ তথা অমৃত নিউজৰ মুখ্য সম্পাদক ড॰ দয়ানন্দ পাঠক, সমাজকৰ্মী কৈলাশ শৰ্মা, গুৱাহাটী পৌৰ নিগমৰ প্ৰাক্তন আয়ুক্ত দেৱজ্যোতি হাজৰিকা, ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া দেবেশ্বৰ মালাকাৰ, গড়কাপ্তানি বিভাগৰ প্ৰাক্তন বিশেষ আয়ুক্ত সচিব ৰাজেশ কেম্প্ৰাই, তথ্য জনসংযোগৰ প্ৰাক্তন সচিব নীৰা গগৈ সোণোৱাল, অমৃত প্ৰবাহ কাকতগোষ্ঠীৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক হীৰেন চন্দ্ৰ কলিতা, অমৃত নিউজৰ মুখ্য কাৰ্যবাহী বিষয়া অমৰ কাশ্যপ,মৰ্ণিং ষ্টাৰ বিদ্যালয়ৰ অধ্যক্ষ গীতা কলিতাই বঁটা প্ৰদান কাৰ্যসূচীত অংশ গ্ৰহণ কৰে৷
সভাত সমাজৰ বিভিন্ন ক্ষেত্ৰত আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে ১৯ গৰাকী বিশিষ্ট ব্যক্তিক বিশেষ ব্যক্তি বিশেষ সন্মান বঁটা প্ৰদান কৰে৷এই বৰ্ষত এই বঁটা গ্ৰহণ কৰিছে হাবিবা চুলতানা, ভূষণ বৰদলৈ,
ড°বন্দনা ভৰদ্বাজ, পৰেশ কলিতা, দৰ্শনা বৰুৱা, হিমাংশু দাস, স্নিগ্ধা দৈমাৰী ,ভাৰ্গৱ শইকীয়া, ৰঞ্জিতা দেৱী, বিকাশ অসম, অনিতা আগৰৱালা, কুমুদ বড়ো, নৱজিত নাথ, পপী দাস, পৱিত্ৰ মেছ, ৰাজেশ বাচফোৰ, শৰৎ কুমাৰ ভুঞা, কৰুণাধৰ শৰ্মা আৰু ড°অপূৰ্ব কলিতাই ৷


এই অনুষ্ঠানত অমৃত প্ৰবাহ কাকতৰ দশম বৰ্ষপূৰ্তি উপলক্ষে বিশেষ সংখ্যাটো উন্মোচন কৰে অসম সাহিত্য সভাৰ সভাপতি তথা আদৰ্শ জননী শশীপ্ৰভা কলিতা স্মৃতি ৰক্ষা সমিতিৰ মুখ্য উপদেষ্টা ড° সূৰ্য্যকান্ত হাজৰিকাই৷
উন্মোচনী ভাষণত ড° হাজৰিকাই জনপ্ৰিয় অসমীয়া সাপ্তাহিক অমৃত প্ৰবাহ কাকতৰ এক সুদীৰ্ঘ পৰিক্ৰমা আৰম্ভণিৰ পৰা জড়িত হৈ বৰ্তমানলৈ এক স্থিতিস্থাপকতা ৰক্ষা কৰি অনন্ত কাললৈ গতি কৰাৰ কামনা কৰে আৰু অমৃত প্ৰবাহ কাকতগোষ্ঠীৰ মহৎ কাৰ্যসূচীত উপস্থিত থাকি এক গৌৰৱ অনুভৱ প্ৰকাশ কৰি অমৃত প্ৰবাহ কাকতৰ দীৰ্ঘায়ু কামনা কৰে৷

ডেৰ শতাধিক গণ্যমান্য ব্যক্তিৰ উপস্থিতিত সাংবাদিক দৰ্শনা বৰুৱাই আঁত ধৰা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত ড° সূৰ্যকান্ত হাজৰিকাই লোকনিৰ্মাণ পথ বিভাগৰ অৱসৰপ্ৰাপ্ত বিশেষ আয়ুক্ত সচিব ৰাজেশ কেম্প্ৰাই, ভাৰতীয় প্ৰশাসনিক সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া দেৱেশ্বৰ মালাকাৰ, তথ্য আৰু জনসংযোগ বিভাগৰ প্ৰাক্তন সচিব নীৰা গগৈ সোণোৱাল, ভাৰতীয় বায়ুসেনাৰ অৱসৰপ্ৰাপ্ত বিষয়া ধীৰেন চন্দ্ৰ কলিতা, বিপিন বৈশ্য, মীনা বৈশ্য, গিয়াছউদ্দিন আহমেদ, ৰাজকুমাৰ আগৰৱালা, ৰসধৰ শৰ্মা, পৰেশ চৌধুৰী, মৃদুল শৰ্মা, লাচিত নগৰ নামঘৰ সমিতিৰ সভানেত্ৰী সৰস্বতী দাস আৰু লাচিত নগৰ নামঘৰ সমিতিৰ সম্পাদিকা টুটুমণি কলিতা আৰু নটৰাজ কলা কেন্দ্ৰৰ অধ্যক্ষা ৰুনু ভুঞাক একোখনকৈ ফুলাম গামোচাৰে অভিনন্দন জনায়৷সভাৰ শেষত অসমৰ জাতীয় সংগীত ‘অ’ মোৰ আপোনৰ দেশ ‘ পৰিবেশন কৰা হয়৷

কামৰূপ জিলা কাৰাটে লংকেশ্বৰ কাৰাটে গিল্ডৰ ২০টা পদক

আজাৰা,১৬ আগষ্ট:আজাৰা তালুক ভৱন প্ৰাংগণত কালি চতুৰ্থ কামৰূপ জিলা কাৰাটে প্ৰতিযোগিতাখন অনুষ্ঠিত হয় । প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি লংকেশ্বৰ কাৰাটে গীল্ডৰ প্ৰতিযোগি সকলে ২০ টাকৈ পদক লাভ কৰি সুনাম কঢ়িয়াই আনে ।

গীল্ডৰ প্ৰশিক্ষক খগেন কলিতা,ৰাব্বা আহমেদ আৰু প্ৰতিস্মিতা দাসে জানিবলৈ দিয়ামতে গীল্ডৰ হৰ্ষিতা কাশ্যপ , মনজিষ্ঠা কলিতা আৰু প্ৰত্যাশা কলিতাই সোণৰ পদক লাভ কৰে । কৃষ্টাঙ্গী দাস,জিষ্নু কাশ্যপ,গৌৰব জ্যোতি দাস,আৰিফ আলীয়ে ৰূপৰ পদক লাভ কৰে । উপস্যা কাশ্যপ , মৌচুমী দাস,মহৰ্ষি কাশ্যপ, বিটুপন দাস,ৰিয়ান কলিতা, হেমজ্যোতি দাস দুই,আৰ্টিকা কলিতা দুই হৰ্ষজিত কলিতা দুই আৰু তেহজিব ৰহমানে দুটাকৈ ব্ৰণ্জৰ পদক লাভ কৰে।