Home Blog Page 617

যোৰহাট জিলা কৰ্মচাৰী পৰিষদৰ বাঘচোং আঞ্চলিক সমিতি গঠন

যোৰহাট, ১৬ আগষ্টঃ আজি যোৰহাট জিলা কৰ্মচাৰী পৰিষদৰ অন্তৰ্গত বাঘচোং আঞ্চলিক কৰ্মচাৰী পৰিষদৰ দ্বি-বাৰ্ষিক অধিৱেশনখন যোৰহাট জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি জীৱকান্ত বৰাৰ সভাপতিত্বত অনুষ্ঠিত হয়। যোৰহাটৰ বাঘচোং উন্নয়ন খণ্ড প্ৰেক্ষাগৃহত বিদায়ী আঞ্চলিক সম্পাদক বিনয় কুমাৰ শইকীয়াই উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত সদৌ অসম কৰ্মচাৰী পৰিষদৰ উপ-সভাপতি তথা যোৰহাট জিলা কৰ্মচাৰী পৰিষদৰ সম্পাদক প্ৰদীপ ৰাজখোৱা আৰু ৰাজ্যিক উপদেষ্টা নৃপেন ভূঞাই ক্ৰমে মুখ্য অতিথি আৰু পৰ্যবেক্ষক হিচাপে অংশগ্ৰহণ কৰি বক্তব্য আগবঢ়ায়।

মুখ্য অতিথিৰ ভাষণত ৰাজখোৱাই কৰ্মচাৰী পৰিষদৰ কৰ্মসূচী, জিলা অধিৱেশনৰ প্ৰস্তুতি লগতে সাংগঠনিক দিশত আলোচনা আগবঢ়ায়। ইয়াৰ পিছতে বাঘচোং আঞ্চলিক কৰ্মচাৰী পৰিষদৰ পুৰণি আঞ্চলিক সমিতিখনে পদত্যাগ কৰাৰ লগে লগে সৰ্বসন্মতিক্ৰমে কেশৱ গগৈক সভাপতি, বিনয় কুমাৰ শইকীয়া, ৰাধিকা দাস, দেৱেশ্বৰ শইকীয়া আৰু পৱিত্ৰ পাঠকক উপ-সভাপতি, প্ৰাঞ্জল প্ৰতীম বৰাক সম্পাদক, শংকুসিদ্ধ নাথ, প্ৰিয়তম বৰুৱা, পৰাগ কলিতা আৰু অতুল বৰাক সহকাৰী সম্পাদক, জিতুল গগৈ, ৰাখী ডেকা, মুহিধৰ বৰা আৰু দিলীপ বৰাক সাংগঠনিক সম্পাদক, ৰূপজ্যোতি বৰা, দিপক বৰুৱা, কৈলাশ বৰা, অজিৎ শইকীয়া, গৌৰৱ গগৈ, মুকুন্দ মাধৱ চাংমাই আৰু মাধূৰ্য মুকুল বৰা প্ৰমুখ্যে কাৰ্যনিৰ্বাহক সদস্যৰে ২১ জনীয়াকৈ আঞ্চলিক সমিতি গঠন কৰা হয়। সদৌ শেষত নতুন সমিতিৰ শপত গ্ৰহণৰ পিছতে সভাপতিৰ সাৰুৱা মন্তব্যৰে দ্বি-বাৰ্ষিক অধিৱেশনখনৰ সফল সামৰণি ঘটে ।।

ৰাজ্যিক মহিলা মৰ্চাৰ উদ্যোগত মৌন প্ৰতিবাদ

১৬আগুষ্ট ২০২৪: ভাৰতীয় জনতা পাৰ্টী মহিলা মৰ্চা অসম প্ৰদেশৰ উদ্যোগত আৰু কামৰূপ মহানগৰ জিলা বিজেপি ৰ সহযোগত লতাশিল খেলপথাৰত আজি এক মৌন প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয়। সমগ্ৰ দেশ কঁপাই যোৱা কলকাতাৰ এগৰাকী মহিলা ডাক্তৰক ধৰ্ষণ কৰি নৃশংস ভাৱে হত্যা কৰাৰ প্ৰতিবাদত লতাশিল খেলপথাৰত সহস্ৰাধিক মহিলা গোট খাই হাতে হাতে মমবাতি লৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

এই ঘটনাৰ লগত জড়িত সকলো দোষীকে শীঘ্ৰেই চৰম শাস্তি প্ৰদান কৰি ভুক্তভোগী পৰিয়ালক ন্যায় প্ৰদানৰ দাবী জনায়। ৰোগীক জীৱন দান দিয়া, ৰোগীৰ জীৱন ৰক্ষা কৰা ডাক্তৰ সকলক সুৰক্ষা প্ৰদানত ব্যৰ্থ হোৱা মমতা বেনাৰ্জীৰ চৰকাৰ তথা প্ৰশাসনৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি বিজেপিৰ জিলা সভাপতি তপন দাসে শীঘ্ৰেই দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী জনায়।

এই প্ৰতিবাদী কাৰ্যসূচীত ৰাজ্যিক মহিলা মৰ্চাৰ সাধাৰণ সম্পাদিকা দ্বয় ক্ৰমে পূৰবী ৰয় আৰু ৰত্না সিং ৰ নেতৃত্বত মহিলা মৰ্চাৰ ৰাজ্যিক বিষয়ববীয়া, ৰাজ্যিক কাৰ্য্যবাহী সদস্যা তথা ৰাজ্যিক আমন্ত্ৰিত সদস্যা সকলৰ লগতে কামৰূপ মহানগৰ জিলাৰ কাৰ্য্যকৰ্তা সকলক উপস্থিত থাকে।

১৭৫ চি আৰ পি এফৰ মুখ্য কাৰ্যালয়ত স্বাধীনতা দিৱস উদযাপন

আজাৰা: ১৬ আগষ্ট : কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী ( চি আৰ পি এফ ) ৰ গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ৰাণীস্থিত ১৭৫ বেটেলিয়ানৰ মুখ্য কাৰ্যালয় চৌহদত ১৫ আগষ্টত ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয় । পুৱা বিষয়া – জোৱানৰ অভিবাদন গ্ৰহণ কৰি ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে ১৭৫ চি আৰ পি এফ বেটেলিয়ানৰ কমাডেণ্ট ৰাজীৱ কুমাৰ ঝাই । ভাষণ প্ৰসংগত ৰাজীৱ কুমাৰ ঝাই বাহিনীটোৰ বিষয়া – জোৱান সকলে বিভিন্ন প্ৰতিকুল পৰিস্থিতিৰ মাজতো নিজৰ জীৱনক তুচ্ছ কৰিও দেশমাতৃক সুৰক্ষা দি অহা কথাটোৰ শ্ৰদ্ধাৰে সোঁৱৰণ কৰে ।

অনুষ্ঠানৰ লগত সংগতি ৰাখি সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত বাহিনীটোৰ ছেকেণ্ড – ইন – কমাণ্ড মুকুণ্ড মোহন আৰু অমৃত সিনহা, ডেপুটী কমাডেণ্ট ৰবি কুমাৰ শ্ৰীবাস্তৱ, সহকাৰী কমাডেণ্ট এছ জেকচন সিং আৰু জে পি কুমাৰ , চিকিৎসা বিষয়া ডাঃ অজয় কুমাৰকে ধৰি কেবাজনো বিষয়া , জোৱান উপস্থিত আছিল।

মিচিং স্বায়ত্তশাসিত পৰিোষদত ৭৮ সংখ্যক স্বাধীনতা দিৱস উদ্‌যাপন

দৈনন্দিন বাৰ্তাৰ সেৱা, গোগামুখ, ১৬ আগষ্টঃ সমগ্ৰ দেশৰ লগতে মিচিং স্বায়ত্তশাসিত পৰিষদেও বৃৃৃহস্পতিবাৰে বৰ্ণিল কাৰ্যসূচীৰে দেশৰ ৭৮ সংখ্যক স্বাধীনতা দিৱস উদ্‌যাপন কৰা হয় ৷ ধেমাজি জিলাৰ গোগামুখস্থিত পৰিষদৰ সচিবালয়ত অনুষ্ঠিত হোৱা স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ ছায়েঙ্গীয়াই ৷ পতাকা উত্তোলন কৰি তেওঁ দেশৰ স্বাধীনতা লাভৰ বাবে প্ৰাণ আহুতি দিয়া দেশৰ বীৰ সেনানীসকলক শ্ৰদ্ধাৰে সোঁৱৰে আৰু দেশৰ বীৰ শ্বহীদসকলক নতুন প্ৰজন্মই সন্মানসহকাৰে হৃদয়ত জীয়াই ৰাখিব লাগে বুলি আহ্বান জনায় ৷ মিচিং স্বায়ত্তশাসিত পৰিষদৰ এলানি উন্নয়নমুখী আঁচনিৰ খতিয়ান ডাঙি ধৰি তেওঁ লগতে কয়- পৰিষদৰ ফালৰ পৰা সকলোধৰণৰ উন্নয়নমূলক কাম ৰূপায়ণ কৰি থকা হৈছে ৷

পৰিষদে জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলোকে সমানে সুবিধা দিয়াৰ বিপৰীতে অসমৰ বিভিন্ন অঞ্চলত দ্ৰুত গতিত উন্নয়নমুখী আঁচনি ৰূপায়ণ কৰিছে ৷ শৈক্ষিক, ক্ৰীড়া, জীৱন-জীৱিকা, মীন পালন স্কিল ডেভেলপমেণ্টত  পৰিষদে অধিক গুৰুত্ব আৰোপ কৰিছে ৷ বিদ্যালয় গৃহ নিৰ্মাণ, পকী দেৱাল নিৰ্মাণ, শ্ৰেণী কোঠা নিৰ্মাণ, খেলপথাৰ উন্নয়ন, বিভিন্ন সামগ্ৰী প্ৰদান আদি কাৰ্যসূচীসমূহ ৰূপায়ণ কৰা হৈছে ৷ উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীণ ছাত্ৰ-ছাত্ৰীসকলক এককালীন আৰ্থিক সাহায্য, জলপানি আদিৰ ব্যৱস্থা কৰি দিয়াৰ লগতে উচ্চ শিক্ষা গ্ৰহণ কৰি থকাসকলৰ বাবেও জলপানি দি আহিছে ৷ ক্ৰীড়াক্ষেত্ৰত পুৰুষ আৰু মহিলাক সমানে গুৰুত্ব দিয়া হৈছে ৷ পৰিষদে প্ৰতিবছৰে পুৰুষ আৰু মহিলাৰ ফুটবল খেল অনুষ্ঠিত কৰি আহিছে ইয়াৰ পৰা ভাল প্ৰদৰ্শন কৰা খেলুৱৈসকলক উন্নত প্ৰশিক্ষণৰ বাবে বহিঃ ৰাজ্যলৈ প্ৰেৰণ কৰা হৈছে ৷ ইয়াৰে বহুকেইগৰাকী খেলুৱৈয়ে ৰাষ্ট্ৰীয় পৰ্যায়ৰ ভাল ভাল ক্লাবৰ হৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলত খেলি আছে ৷

একেদৰে এথ্‌লেটিক আৰু পেঞ্চাক চিলাট পৰিষদে প্ৰশিক্ষণ দিয়া খেলুৱৈয়ে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত মেডেল লাভ কৰিবলৈ সক্ষম হৈছে।  পৰিষদে  খেলুৱৈসকলৰ অভাৱৰ জোৰা মাৰিবলৈ খেলুৱৈসকলক আৰ্থিক সাহায্য আৰু জলপানি দি অহা হৈছে ৷ মীন পালনৰ ক্ষেত্ৰত পৰিষদে বহু সুদূৰপ্ৰসাৰী ভূমিকা পালন কৰি আহিছে ৷ পৰিষদৰ অন্তৰ্গত মীন পালকসকলক উন্নত প্ৰশিক্ষণৰ ব্যৱস্থা কৰি সফল মীনপালক সকলক এককালীন আৰ্থিক সাহায্য দি মীনপালৰ প্ৰতি সাধাৰণ জনতাক আকৰ্ষিত কৰি তোলা হৈছে ৷ সমন্বিত কৃষিপামৰ ক্ষেত্ৰতো পৰিষদে বিশেষভাৱে গুৰুত্ব দি গ্ৰামাঞ্চলত কৃষি বিপ্লৱৰ সূচনা কৰিছে ৷ স্কিল ডেভেলপমেণ্টৰ বাবে গোগামুখত পৰিষদে নিজাববীয়াকৈ স্কিল ডেভেলপমেণ্টৰ স্কুল প্ৰতিষ্ঠা কৰি ইতিমধ্যে পাঠদান দিয়া কাৰ্যসূচী আৰম্ভ কৰাই নহয় স্কিল ডেভেলপমেণ্ট স্কুলখনৰ পৰা ৩০-২৫ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে বহিঃৰাজ্যত কৰ্ম সংস্থাপন লাভ কৰিছে বুলি মুখ্য কাৰ্যবাহী সদস্য গৰাকীয়ে দোহাৰে ৷ ইয়াৰ পূৰ্বে পুৱা ৯–৩০ বজাত শ্বহীদ তৰ্পণ কৰে পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগুৱে ৷ ১১ বজাত গোগামুখ জ্ঞানজ্যোতি একাডেমীৰ ছাত্ৰ-ছাত্ৰীসকলে দেশপ্ৰেমমূলক নৃত্য পৰিৱেশন কৰে ৷ দুপৰীয়ৰ ১২ বজাত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷ অনুষ্ঠানত উপস্থিত থাকে গোগামুখ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দিলীপ কুমাৰ ঝা,  পৰিষদৰ কাৰ্যবাহী সদস্য দেৱৰঞ্জন মৰাং, বিজু পেগু, ইন্দিৰা চিন্তে, ভৱানী দুৱৰা, প্ৰশান্ত বড়ি প্ৰমূখ্যে পৰিষদৰ সাধাৰণ সদস্য, স্থানীয় জেষ্ঠ ব্যক্তি আৰু বিভিন্ন শিক্ষানুষ্ঠানৰ মুৰব্বীসকলে ৷

এক লোমহৰ্ষক ঘটনা ! পত্নীৰ পৰকীয়া প্ৰেমে কাল হ’ল স্বামীৰ…

বিলাসীপাৰা সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। বিলাসীপাৰাৰ চাটাপাৰাত লোমহৰ্ষক ঘটনা। ৰহমান আলী নামৰ ব্যক্তি এজনক পৰিকল্পিত ভাবে হত্যা কৰাৰ অভিযোগ পৰিয়ালৰ। ৰহমান আলীক নিশা তেওঁৰ শহুৰৰ পৰিয়ালে ঘৰৰ পৰা মাতি নিয়ে। ৰহমান আলীক মাতি নি হত্যা কৰি চিপ লগাই আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা কৰাৰ অভিযোগ | পত্নীৰ পৰকীয়া প্ৰেমৰ কাল হ’ল স্বামী ৰহমানে।

ৰহমান আলীয়ে একেখন গাঁৱৰ তুলদ্দি সেখৰ কন্যা তজিমা বেগমক ২ বছৰ পূৰ্বে বিয়া পাতিছিল ।পেষাত ৰাজমিস্ত্ৰী ৰহমান আলী আৰু তেওঁৰ পত্নীৰ মাজত কিছুদিনৰ পৰা কাজিয়া চলি আছিল বুলি জানিব পৰা গৈছে |

তজিমা বেগমে পৰ পুৰুষৰ সৈতে অবৈধ সম্পৰ্ক ৰক্ষা কৰি অহাৰ অভিযোগ ৰহমানৰ পৰিয়ালৰ |হত্যা কাৰি গ্ৰেপ্তাৰৰ দাবীত স্হানীয় ৰাইজে সাব্যস্ত কৰে প্ৰতিবাদ। পিছত ঘটনাস্থলীত বিলাসীপাৰা আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি থানা লৈ নিয়ে | পিছত মৃত্যু দেহটো মৰণোত্তৰ ভাবে ধুবুৰী মেডিকেল কলেজলৈ প্ৰেৰণ কৰে।

মৰিগাঁৱত দেশৰ ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপন

দৈনন্দিন বাৰ্তা মৰিগাঁও ১৬ আগষ্ট, মৰিগাঁও জিলা প্ৰশাসনে জিলা সদৰ মৰিগাঁৱৰ তৰুণৰাম ফুকন খেলপথাৰত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ অনুষ্ঠানত আজি জিলা আয়ুক্তই আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। আৰক্ষী বাহিনী, গৃহৰক্ষী বাহিনী, এন চি চি আৰু স্কুলীয়া তথা মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ কুচ-কাৱাজৰ অভিবাদন গ্ৰহণ কৰি আয়ুক্তগৰাকীয়ে দেশৰ স্বাধীনতা দিৱসৰ এই গৌৰৱোজ্জ্বল ক্ষণত জনসাধাৰণক সম্বোধন কৰি স্বাধীনতা দিৱসৰ শুভকামনা কৰে।

ভাষণৰ আৰম্ভণিতেই স্বাধীনতাৰ প্ৰতিষ্ঠাপক পিতৃপুৰুষসকলক, দেশৰ অখণ্ডতা আৰু সুৰক্ষাৰ বাবে নিজৰ জীৱন উছৰ্গা কৰা ভাৰত মাতৃৰ অমৃত সন্তানসকলক শ্ৰদ্ধাৰে স্মৰণ কৰাৰ লগতে তেওঁ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। আয়ুক্ত গৰাকীয়ে কয় যে আজি আমি আমাৰ জাতিৰ স্বাধীনতাৰ ৭৮ বছৰীয়া জয়ন্তী উদযাপনৰ বাবে সকলো একত্ৰিত হৈছো।


তেখেতে কয় যে আমাৰ কৃষি খণ্ডই উল্লেখযোগ্য বৃদ্ধি দেখুৱাইছে, আমাৰ শিক্ষাৰ পদক্ষেপে ফল দিছে, আৰু আমাৰ স্বাস্থ্যসেৱা সেৱাৰ যথেষ্ট উন্নতি হৈছে।আমি সকলো ক্ষেত্ৰতে উৎকৃষ্টতাৰ বাবে চেষ্টা অব্যাহত ৰাখিম, যাতে আমাৰ জিলাখন আশা আৰু প্ৰগতিৰ ৰেখা হিচাপে হৈ থাকে।আহক আমি একেলগে কাম কৰি নিজৰ, আমাৰ সন্তানৰ, আৰু আমাৰ জাতিৰ বাবে এক উজ্জ্বল ভৱিষ্যত গঢ়ি তোলোঁ।

সভাৰ শেষত আয়ুক্ত গৰাকীয়ে ৰাজ্য তথা দেশ নিৰ্মাণৰ যাত্ৰা পথত সকলোৰে সহযোগ-মাৰ্গদৰ্শন আৰু আশিস কামনা কৰে। অনুষ্ঠানত মৰিগাঁও সমষ্টিৰ বিধায়ক তথা ভৈয়াম জনজাতি উন্নয়ন নিগমৰ অধ্যক্ষ ৰমাকান্ত দেউৰী, তিৱা স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ, আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস, মৰিগাঁও পৌৰ সভাৰ পৌৰ পতি যোগেশ তামুলী, জিলা উন্নয়ন আয়ুক্ত সিদ্ধাৰ্থ গোস্বামীৰ লগতে বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত আছিল। অনুষ্ঠানৰ অংশৰূপে কেইবাটাও সাংস্কৃতিক কাৰ্যসূচীও গ্ৰহণ কৰা হয়। অনুষ্ঠানৰ শেষত কুচ-কাৱাজ আৰু প্ৰতীক পটৰ বিজয়ী দল তথা বিভাগসমূহক পুৰস্কৃত কৰা হয় আৰু কেইবাটাও অনুষ্ঠান আৰু ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়।

১৫ আগষ্টত কটন এলম্‌নাই প্ৰেক্ষাগৃহত অমৃত প্ৰবাহ কাকত গোষ্ঠীৰ বঁটা প্ৰদান অনুষ্ঠান সম্পন্ন…

সুনীতি সোণোৱালক প্ৰদান কৰা হ’ল ‘আদৰ্শ জননী’ ৰাজ্যিক বঁটা, গিৰীন্দ্ৰ বালা কেম্প্ৰাইক মৰণোত্তৰ ভাবে বিশেষ নাৰী বঁটা প্ৰদান

গুৱাহাটীৰ কটন বিশ্ববিদ্যালয়ৰ এলম্‌নাই হলত আজি অনুষ্ঠিত হ’ল এক গাম্ভীৰ্যপূৰ্ণ বঁটা প্ৰদান অনুষ্ঠান৷ ২০১৫ চনৰে পৰা আদৰ্শ জননী শশীপ্ৰভা কলিতা স্মৃতিৰক্ষা সমিতি আৰু অমৃত প্ৰবাহ কাকতগোষ্ঠীৰ উদ্যোগত প্ৰতি বছৰৰ দৰে ১৫আগষ্টৰ দিনটোত এই অনুষ্ঠানৰ আয়োজন কৰি অহা হৈছে ৷ এইবাৰ বিশিষ্ট সমাজকৰ্মী, অধিবক্তা সুনীতি সোণোৱাললৈ ২০২৪ বৰ্ষৰ সন্মানীয় আদৰ্শ জননী শশীপ্ৰভা কলিতা সোঁৱৰণী ৰাজ্যিক আদৰ্শ জননী বঁটা আৰু বিশিষ্ট সমাজকৰ্মী, অনুবাদক গিৰীন্দ্ৰ বালা কেম্প্ৰাইক মৰণোত্তৰ ভাবে বিশেষ নাৰী বঁটা আগবঢ়োৱা হয়৷ আদৰ্শ জননী শশীপ্ৰভা কলিতা স্মৃতিৰক্ষা সমিতি, জনপ্ৰিয় অসমীয়া সাপ্তাহিক অমৃত প্ৰবাহ কাকত আৰু ডিজিটেল সংবাদ মাধ্যম ‘অমৃত নিউজ’ৰ যৌথ উদ্যোগত জুৰি সমিতিৰ জৰিয়তে নিৰ্বাচিত এই বটাসমূহ ১৫ আগষ্টৰ বিয়লি ৪ বজাত কটন কলেজ এলম্‌নাই হাউচ প্ৰেক্ষাগৃহত আড়ম্বৰপুৰ্ণভাবে অনুষ্ঠিত আদৰ্শ জননী শশীপ্ৰভা কলিতাৰ দ্বাবিংশতম স্মৃতি দিৱস আৰু জনপ্ৰিয় অসমীয়া সাপ্তাহিক অমৃত প্ৰবাহ কাকতৰ দশম বৰ্ষপূৰ্তি উপলক্ষে আয়োজন কৰা বিশেষ অনুষ্ঠানত প্ৰদান কৰা হয়৷ সভাৰ আৰম্ভণিতে আদৰ্শ জননী শশীপ্ৰভা কলিতাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ, বন্তি প্ৰজ্বলন আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়৷ সভাত আদৰ্শ জননী শশীপ্ৰভা কলিতাৰ স্মৃতিত একমিনিট মৌনতা অৱলম্বন কৰে ৷ বঁটা প্ৰদানৰ এক গাম্ভীৰ্য আনুষ্ঠানত আদৰ্শ জননী ৰাজ্যিক বঁটা প্ৰাপক সুনীতি সোণোৱালে নিজে উপস্থিত থাকি বঁটা গ্ৰহণ কৰে ৷ আনহাতে প্ৰয়াত গিৰীন্দ্ৰ বালা কেম্প্ৰাইৰ পৰিয়ালৰ সদস্যসকল উপস্থিত থাকি বিশেষ নাৰী বঁটা গ্ৰহণ কৰে ৷


এই বঁটা প্ৰদান অনুষ্ঠানৰ সভাপতিত্ব কৰে বিশিষ্ট সমাজকৰ্মী কৈলাশ শৰ্মাই৷ অনুষ্ঠানত
২০২৩ বৰ্ষৰ আদৰ্শ জননী বঁটা প্ৰাপক তথা প্ৰাক্তন মন্ত্ৰী ড°হেমপ্ৰভা শইকীয়া, অসম সাহিত্য সভাৰ সভাপতি ড॰ সূৰ্যকান্ত হাজৰিকা, শিক্ষাবিদ তথা অমৃত নিউজৰ মুখ্য সম্পাদক ড॰ দয়ানন্দ পাঠক, সমাজকৰ্মী কৈলাশ শৰ্মা, গুৱাহাটী পৌৰ নিগমৰ প্ৰাক্তন আয়ুক্ত দেৱজ্যোতি হাজৰিকা, ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া দেবেশ্বৰ মালাকাৰ, গড়কাপ্তানি বিভাগৰ প্ৰাক্তন বিশেষ আয়ুক্ত সচিব ৰাজেশ কেম্প্ৰাই, তথ্য জনসংযোগৰ প্ৰাক্তন সচিব নীৰা গগৈ সোণোৱাল, অমৃত প্ৰবাহ কাকতগোষ্ঠীৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক হীৰেন চন্দ্ৰ কলিতা, অমৃত নিউজৰ মুখ্য কাৰ্যবাহী বিষয়া অমৰ কাশ্যপ,মৰ্ণিং ষ্টাৰ বিদ্যালয়ৰ অধ্যক্ষ গীতা কলিতাই বঁটা প্ৰদান কাৰ্যসূচীত অংশ গ্ৰহণ কৰে৷
সভাত সমাজৰ বিভিন্ন ক্ষেত্ৰত আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে ১৯ গৰাকী বিশিষ্ট ব্যক্তিক বিশেষ ব্যক্তি বিশেষ সন্মান বঁটা প্ৰদান কৰে৷এই বৰ্ষত এই বঁটা গ্ৰহণ কৰিছে হাবিবা চুলতানা, ভূষণ বৰদলৈ, ড°বন্দনা ভৰদ্বাজ, পৰেশ কলিতা, দৰ্শনা বৰুৱা, হিমাংশু দাস, স্নিগ্ধা দৈমাৰী ,ভাৰ্গৱ শইকীয়া, ৰঞ্জিতা দেৱী, বিকাশ অসম, অনিতা আগৰৱালা, কুমুদ বড়ো, নৱজিত নাথ, পপী দাস, পৱিত্ৰ মেছ, ৰাজেশ বাচফোৰ, শৰৎ কুমাৰ ভুঞা, কৰুণাধৰ শৰ্মা আৰু ড°অপূৰ্ব কলিতাই ৷


এই অনুষ্ঠানত অমৃত প্ৰবাহ কাকতৰ দশম বৰ্ষপূৰ্তি উপলক্ষে বিশেষ সংখ্যাটো উন্মোচন কৰে অসম সাহিত্য সভাৰ সভাপতি তথা আদৰ্শ জননী শশীপ্ৰভা কলিতা স্মৃতি ৰক্ষা সমিতিৰ মুখ্য উপদেষ্টা ড° সূৰ্য্যকান্ত হাজৰিকাই৷
উন্মোচনী ভাষণত ড° হাজৰিকাই জনপ্ৰিয় অসমীয়া সাপ্তাহিক অমৃত প্ৰবাহ কাকতৰ এক সুদীৰ্ঘ পৰিক্ৰমা আৰম্ভণিৰ পৰা জড়িত হৈ বৰ্তমানলৈ এক স্থিতিস্থাপকতা ৰক্ষা কৰি অনন্ত কাললৈ গতি কৰাৰ কামনা কৰে আৰু অমৃত প্ৰবাহ কাকতগোষ্ঠীৰ মহৎ কাৰ্যসূচীত উপস্থিত থাকি এক গৌৰৱ অনুভৱ প্ৰকাশ কৰি অমৃত প্ৰবাহ কাকতৰ দীৰ্ঘায়ু কামনা কৰে ৷

ডেৰ শতাধিক গণ্যমান্য ব্যক্তিৰ উপস্থিতিত সাংবাদিক দৰ্শনা বৰুৱাই আঁত ধৰা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত ড° সূৰ্যকান্ত হাজৰিকাই লোকনিৰ্মাণ পথ বিভাগৰ অৱসৰপ্ৰাপ্ত বিশেষ আয়ুক্ত সচিব ৰাজেশ কেম্প্ৰাই, ভাৰতীয় প্ৰশাসনিক সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া দেৱেশ্বৰ মালাকাৰ, তথ্য আৰু জনসংযোগ বিভাগৰ প্ৰাক্তন সচিব নীৰা গগৈ সোণোৱাল, ভাৰতীয় বায়ুসেনাৰ অৱসৰপ্ৰাপ্ত বিষয়া ধীৰেন চন্দ্ৰ কলিতা, বিপিন বৈশ্য, মীনা বৈশ্য, গিয়াছউদ্দিন আহমেদ, ৰাজকুমাৰ আগৰৱালা, ৰসধৰ শৰ্মা, পৰেশ চৌধুৰী, মৃদুল শৰ্মা, লাচিত নগৰ নামঘৰ সমিতিৰ সভানেত্ৰী সৰস্বতী দাস আৰু লাচিত নগৰ নামঘৰ সমিতিৰ সম্পাদিকা টুটুমণি কলিতা আৰু নটৰাজ কলা কেন্দ্ৰৰ অধ্যক্ষা ৰুনু ভুঞাক একোখনকৈ ফুলাম গামোচাৰে অভিনন্দন জনায়৷সভাৰ শেষত অসমৰ জাতীয় সংগীত ‘অ’ মোৰ আপোনৰ দেশ ‘ পৰিবেশন কৰা হয়৷

২০২২ বৰ্ষৰ ৭০সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা ! আইমী বৰুৱাৰ ‘বিৰুবালা ‘উইটচ টু পদ্মশ্ৰী’লৈ বিচাৰকৰ বিশেষ বঁটা…

২০২২ বৰ্ষৰ ৭০সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা
আইমী বৰুৱাৰ ‘বিৰুবালা ‘উইটচ টু পদ্মশ্ৰী’লৈ বিচাৰকৰ বিশেষ বঁটা

২০২২ বৰ্ষৰ ৭০সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা। নন ফিচাৰ ফিল্ম শাখাত আইমী বৰুৱা প্ৰডাকচন ছ’চাইটীৰ প্ৰযোজনাত আৰু আইমী বৰুৱাৰ পৰিচালনাত নিৰ্মিত ‘বিৰুবালা ‘উইটচ টু পদ্মশ্ৰী’(অসমীয়া)য়ে বিচাৰকৰ বিশেষ

বঁটা লাভ কৰে। আনহাতে, পাৰ্থসাৰথি মহন্তৰ ‘হাড়গিলা’লৈ বিচাৰকৰ বিশেষ বঁটা আগবঢ়োৱা হয়৷ পি আই ইণ্টাৰটেইডমেণ্টৰ প্ৰযোজনাত আৰু পাৰ্থ সাৰথি মহন্তই পৰিচালনা কৰা

‘হাড়গিলা-দ্য গ্ৰেটাৰ এডজুটেণ্ট ষ্টৰ্ক (অসমীয়া)’ই বিচাৰকৰ বিশেষ বঁটা লাভ কৰে।

প্ৰধানমন্ত্ৰী মৎস্য সম্পদ যোজনাৰ জৰিয়তে গুৰুত্ব প্ৰদান চৰকাৰৰ…

প্ৰধানমন্ত্ৰী মৎস্য সম্পদ যোজনাৰ জৰিয়তে আমি কামৰূপত এক অনন্য পদক্ষেপ হাতত লৈছিলোঁ৷ স্থানীয় মীনপালকসকলক মাছৰ গুড়ি তৈয়াৰৰ জৰিয়তে সবলীকৰণৰ দিশত গুৰুত্ব প্ৰদান কৰা হয়৷

উল্লেখ্য, শিশুৰ খাদ্যত প্ৰটিনৰ উৎস হিচাপে এনেধৰণে সম্পূৰ্ণ বিজ্ঞানসন্মতভাৱে উৎপাদিত মাছৰ গুড়ি অন্তৰ্ভুক্ত

কৰা হয়৷ ইয়াৰ দ্বাৰা শিশুৰ পুষ্টিহীনতাৰ মাত্ৰা যথেষ্ট হ্ৰাস পায়৷

আই টি-বেংকিঙৰ শ্বেয়াৰ ক্ৰয়ৰ বাবে ষ্টক মাৰ্কেটত হুলস্থুলীয়া পৰিৱেশ ! চেন্সেক্সে ১২০০ পইণ্ট বৃদ্ধি…

আই টি-বেংকিঙৰ শ্বেয়াৰ ক্ৰয়ৰ বাবে ষ্টক মাৰ্কেটত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হোৱা চেন্সেক্সে ১২০০ পইণ্ট বৃদ্ধি পাই পুনৰ ৮০ হাজাৰ পইণ্ট অতিক্ৰম কৰে। বিএছই মাৰ্কেট কেপিটেলাইজেচনঃ শ্বেয়াৰ মাৰ্কেটৰ উত্থানৰ বাবে বিনিয়োগকাৰীৰ সম্পদত ৬ লাখ কোটিতকৈ অধিক বৃদ্ধি দেখা গৈছে আৰু বিএছইৰ মাৰ্কেট কেপ ৪৫০.৩৫ লাখ কোটি টকা বৃদ্ধি।

ভাৰতীয় শ্বেয়াৰ বজাৰত ক্ৰয়ৰ বাবে বিএছই চেন্সেক্সে ১২০০ পইণ্ট বৃদ্ধিৰে ব্যৱসায় কৰি আছে। আজিৰ অধিবেশনত চেন্সেক্সে পুনৰ ৮০ হাজাৰৰ সীমা অতিক্ৰম কৰি ৮০৩১৬ পইণ্টত উপনীত হৈছে। ৰাষ্ট্ৰীয় ষ্টক এক্সচেঞ্জৰ নিফটিত ৩৫০ পইণ্টৰ পৰা দেখা গৈছে আৰু নিফটিয়ে ২৪,৪৯৫ পইণ্টত উপনীত হৈছে। বজাৰত এই বৃদ্ধিৰ মূল অৱদান হৈছে আই টি শ্বেয়াৰ যিয়ে বিপুল বৃদ্ধি দেখুৱাইছে। নিফটিৰ আই টি সূচকাংক ১০৩৭ পইণ্ট বৃদ্ধিৰে ব্যৱসায় চলি আছে। ষ্টকসমূহৰ ভিতৰত এমফেচিছে ৬.৭৭ শতাংশ আৰু এল এণ্ড টি টেকন’লজিয়ে ৫.৭৮ শতাংশ বৃদ্ধিৰে ব্যৱসায় কৰি আছে। ইয়াৰ উপৰিও উইপ্ৰ’ আৰু কফৰ্জত তীব্ৰ উত্থান ঘটিছে আৰু দুয়োটা ষ্টকতে ৩ শতাংশতকৈ অধিক বৃদ্ধিৰে ব্যৱসায় চলি আছে।

Financial data analysis graph showing stock market trends on a trading board. Horizontal composition with copy space and selective focus.

৬ লাখ কোটি টকাৰ সম্পত্তি বৃদ্ধি
ভাৰতীয় শ্বেয়াৰ বজাৰত তীব্ৰ উত্থানৰ বাবে বিনিয়োগকাৰীৰ ধন-সম্পত্তিত এক বৃহৎবৃদ্ধি । বিএছইত তালিকাভুক্ত ষ্টকৰ মাৰ্কেট কেপ পুনৰ ৪৫০ লাখ কোটি টকা অতিক্ৰম কৰি ৪৫০.৩৫ লাখ কোটি টকাত উপনীত হৈছে, যিটো যোৱা অধিবেশনত আছিল ৪৪৪.২৯ লাখ কোটি টকা। আজিৰ অধিৱেশনত বিনিয়োগকাৰীৰ ধন-সম্পত্তি ৬ লাখ কোটিতকৈ অধিক বৃদ্ধি হোৱা দেখা গৈছে।