শ্যামকানু মহন্ত, সিদ্ধার্থ শর্মালৈ CIDৰ জাননী।(Zubeen Garg)
১০দিনৰ ভিতৰত CIDৰ কাৰ্যালয়ত উপস্থিত হোৱাৰ নিৰ্দেশ।
ছিংগাপুৰৰ ১১প্ৰৱাসী অসমীয়ালৈও জাননী।
ছিংগাপুৰৰ উচ্চাআয়ুক্তৰ সৈতে যোগাযোগ CIDৰ।
হাজিৰ নহ’লে জাৰি কৰিব লুকআউট নটিছ।
শ্যামকানু মহন্ত, সিদ্ধার্থ শর্মালৈ CIDৰ জাননী।(Zubeen Garg)
১০দিনৰ ভিতৰত CIDৰ কাৰ্যালয়ত উপস্থিত হোৱাৰ নিৰ্দেশ।
ছিংগাপুৰৰ ১১প্ৰৱাসী অসমীয়ালৈও জাননী।
ছিংগাপুৰৰ উচ্চাআয়ুক্তৰ সৈতে যোগাযোগ CIDৰ।
হাজিৰ নহ’লে জাৰি কৰিব লুকআউট নটিছ।
ৰীতা চৌধুৰীৰ সৈতে (zubeen garg) হোৱা এক সাক্ষাৎকাৰত জুবিন গাৰ্গে কৈছিল- “মোক সকলোৱে সোধে, বম্বেত কিয় নাথাকে আপুনি? মই কওঁ, এজন ৰজাই কেতিয়াও সাম্রাজ্য এৰি নাযায়। তাত কোনো ৰজা নাই। লতা মংগেশকাৰ মৰি গ’ল, তেওঁলোকে কিবা কৰিলেনে? নাই কৰা। ৰাজেশ খান্না মৰিলে নিউজ এটা ওলাইছিল যে, মৃত্যু হ’ল। মই যদি মৰোঁ অসমত এসপ্তাহ বন্ধ হৈ থাকিব। মই এনেকৈ থাকিব বিচাৰোঁ।”
লগতে তেওঁ কৈছিল মোৰ কোনো আশ্রয় নাই। মই নিজে নিজৰ সৃষ্ট মানুহ। আনকি মোৰ ঘৰো নাই। মোৰ ৫টা ঘৰ আছে কিন্তু মই ষ্টুডিঅ’ত শুই থাকোঁ। পৃথিৱীৰ প্ৰায়বোৰ মানুহেই অকলশৰীয়া। কিন্তু মই শক্তিশালী।
ৰীতা চৌধুৰীৰ সৈতে হোৱা এই সাক্ষাৎকাৰটোত যেন এজন অনন্য জুবিন গাৰ্গক বিচাৰি পাইছে ৰাইজে।
অব্যাহত আছে বিটিচি নিৰ্বাচনৰ ভোটগণণা । সবল স্থিতিত আছে বিপিএফ । তাৰমাজতেই আহিছে এটা বিশেষ খবৰ ।
দেৱৰগাঁও সমষ্টিত চতুৰ্থ ৰাউণ্ডতো পিছ পৰি আছে হাগ্ৰামা মহিলাৰী

দেৱৰগাঁও সমষ্টিত চতুৰ্থ ৰাউণ্ডৰ ভোট গণনা সম্পন্ন।
চতুৰ্থ ৰাউণ্ডৰ অন্ততো পিছ পৰি আছে বি পি এফৰ মুৰব্বী হাগ্ৰামা মহিলাৰী।
সমষ্টিটোত আগবাঢ়ি আছে ইউপিপিএলৰ খাম্ফা বৰগয়াৰী।

চতুৰ্থ ৰাউণ্ডলৈ খাম্ফা বৰগয়াৰী ৭৪১ টা ভোটত আগবাঢ়ি আছে ৷
তেওঁ লাভ কৰিছে- ১০৫৩০ টা ভোট।
হাগ্ৰামা মহিলাৰীয়ে লাভ কৰিছে ৯৭৮৯ টা ভোট।
সামাজিক মাধ্যমত সৃজনী ভাস্ব মহন্তৰ বিস্ফোৰক অভিযোগ। (Shyamkanu Mahanta) জুবিন গাৰ্গক শ্যামকানু মহন্তই পণ্য সামগ্ৰীৰ দৰে ব্যৱহাৰ কৰাৰ অভিযোগ। সামাজিক মাধ্যমত শ্যামকানু মহন্তৰ ভতিজী সৃজনী ভাস্ব মহন্তই লিখিছে, ‘জুবিনদা অসমৰ জাতীয় জীৱন আৰু প্ৰত্যেক অসমীয়াৰ ব্যক্তিগত জীৱনৰ বাবে কি আছিল, কি হৈ ৰ’ব চিৰদিন, তাৰ বিশালতাক কেইটামান শব্দত কেতিয়াও সামৰিব নোৱাৰি, শিৰাই-শিৰাই মাথোঁ অনুভৱহে কৰিব পাৰি। তেওঁৰ কৰ্ম আৰু জীৱনশৈলীৰে এগৰাকী সম্পূৰ্ণ মানুহ হোৱাৰ অৰ্থ আমাক সকলোকে বুজাই থৈ গ’ল। যোৱা এসপ্তাহ ধৰি মোলৈ ঢেৰ মেছেজ আহি আছে মোক শুধি যে মই কিয় একো এটা লিখা নাই, কোৱা নাই জুবিনদাৰ মৃত্যুকলৈ। আজিও একো নিলিখিলো হয়, কাৰণ সকলো মানুহে নিজ-নিজ ধৰণেৰে শোকৰ লগত মোকাবিলা কৰে। কিন্তু কিছুমান কথাৰ কাৰণে লিখিবলৈ বাধ্য হৈছো।
মোৰ কামক বা চিন্তাধাৰাক আপোনালোকে যেনেদৰে সমালোচনা কৰে, গালিও পাৰে মাজে-মাজে, মোৰ ভাল লাগে, নিজকে সৌভাগ্যশালী বুলি ভাবো। কিন্তু আজিৰ প্ৰেক্ষাপটত শ্যামকাণু মহন্ত ওৰফে ফেষ্টিভেল মহন্তৰ কৰ্মকাণ্ডৰ লগত বহুতে মোকো সাঙুৰি লোৱা দেখিবলৈ পাইছো। এইটোহে মোৰ বাবে গ্ৰহণযোগ্য নহয়। জন্মসূত্ৰে মই এটা পৰিয়ালৰ সদস্য। তেজৰ সম্পৰ্কৰ বাহিৰে ফেষ্টিভেল মহন্তৰ লগত মোৰ আন কোনো সম্পৰ্ক নাই। বহুত বছৰ ধৰি কোনো ধৰণৰ কথা-বতৰাও নাই উল্লিখিত ব্যক্তিজনৰ লগত। যিসকল লোকে মোক ব্যক্তিগতভাৱে চিনি পায়, তেওঁলোকে জানে আমাৰ মতাদৰ্শ আৰু জীৱন-যাপন কিমান পৃথক। তেওঁ মোৰ বিভিন্ন ৰাজনৈতিক আৰু সাংস্কৃতিক উক্তিৰ বিৰুদ্ধে কেইবাবাৰো সামাজিক মাধ্যমত স্পষ্টীকৰণ লিখি ঘোষণা কৰিছে যে তেওঁ আৰু তেওঁৰ আন ভাইকেইজনৰ লগত মোৰ কোনো সম্পৰ্ক নাই।
বহু বছৰৰ আগৰ কথা, এটা ঘৰুৱা পৰিৱেশত জুবিন গাৰ্গৰ বিষয়ে আলোচনা হৈ আছিল। এজনে ক’লে, “জুবিনে নিজৰ স্বাস্থ্যৰ যত্ন নলয়, কিয়যে ইমান মদ খায়!” ফেষ্টিভেল মহন্তৰ উত্তৰৰ মই প্ৰতক্ষদৰ্শী আছিলো – “বাদ দিয়া, মোৰ কি আহে-যায়, জুবিন মোৰ কাৰণে মাত্ৰ এটা commodity (পণ্য সামগ্ৰী)।” সেই একেটা মানুহে আকৌ শেহতীয়াকৈ কোনো অনুষ্ঠানত কয় জুবিন তেওঁৰ “ৰাজহাড়”, জুবিন তেওঁৰ “আত্মা”। ঘৃণা উপজে। জুবিনদাৰ জীৱনকলৈ খেলা কৰা প্ৰত্যেকটো প্ৰাণী জাহান্নামে যাওঁক। কঠোৰতম তদন্ত আৰু শাস্তি হওঁক।’

জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়াত উদ্ভণ্ডালিৰ অভিযোগত দেৰগাঁৱৰ কোবালপাম গাঁৱৰ এজন যুৱকক গ্ৰেপ্তাৰ। (Sarat Saurav)
গোলাঘাট আৰু দেৰগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে শৰৎ সৌৰভ নামৰ যুৱকজনক।
জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়াত উদ্ভণ্ডালিৰ অভিযোগত গ্ৰেপ্তাৰ যুৱকজনক।
জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়াৰ দিনা শ্যামকানু, সিদ্ধাৰ্থ, মিত্ৰালক গ্ৰেপ্তাৰ কৰিব লাগে বুলি প্ৰতিবাদ কৰি আইনী ৰোষত পৰিল দেৰগাঁৱৰ শৰৎ সৌৰভ।
গ্ৰেপ্তাৰৰ পূৰ্বে ফেচবুক লাইভ যোগে কি কৈছিল যুৱকজনে?

অসম জীয়ৰী অলংকৃতা বৰাই মূখ্য চৰিত্ৰত অভিনয় কৰা “তাৰা এণ্ড আকাশ-লাভ বিয়ণ্ড ৰিয়েল্ম”(Tara and Akash- Love beyond realm) নামৰ হিন্দী ভাষাৰ চলচিত্ৰখন অহা ২৬ চেপ্তেম্বৰৰ পৰা ভাৰতবৰ্ষৰ সকলো “পি ভি আৰ আইনক্স PVR INOX” চিনেমাগৃহত একেলগে মুক্তি পাব।

ভাৰতীয় চিনেমাৰ লিজেণ্ড (Legends) আমোল পালেকাৰ, দিপ্তী নাভেল, বৈজেন্দ্ৰ কালাই অভিনয় কৰা পূৰ্ণদৈৰ্ঘ্যৰ চিনেমাখনৰ নায়ক জীতেশ ঠাকুৰৰ বিপৰীতে পূৰ্বৰ মিচ্ ডিভা ইউনিভাৰ্চৰ ফাইনেলিষ্ট অসমৰ অলংকৃতাই অতি মননশীল নায়িকাৰ চৰিত্ৰটিত বলিষ্ঠ অভিনয় কৰিছে।

শ্ৰীনিবাস এব্ৰলে পৰিচালনা কৰা চিনেমাখনৰ সংগীত বলীউডৰ বিখ্যাত সংগীতজ্ঞ চি. সত্যৰ।
ভাৰত চৰকাৰ (National Film Development Corporation NFDC) আৰু চুইজাৰলেণ্ড চৰকাৰৰ (Switzerland Tourism and Swiss Air) ৰৰ সহযোগীতাত মোম্বাইৰ WFE Films য়ে চিনেমাখন প্ৰযোজনা কৰিছে।

শাশ্বত প্ৰেম আৰু ভাৰতীয় দৰ্শনৰ প্ৰতিফলন ঘটা পৰিয়ালৰ সকলোৰে উপভোগ্য চিনেমাখনৰ ইতিমধ্যে কানাডাৰ Toronto International Film Festival(TIFF) আৰু গোৱাৰ International Film Festival of India (IFFI-Goa)ত ক্ৰমে World Premiere আৰু Asian Premiere হৈ গৈছে। মোম্বাইত অনুষ্ঠিত World Audio Visual Summit WAVE-25 ত ভাৰতৰ হৈ “তাৰা এণ্ড আকাশ-লাভ বিয়ণ্ড ৰিয়েল্ম” প্ৰদৰ্শিত হৈছিল।

চিনেমাখনৰ মুক্তিৰ প্ৰাকমূহুৰ্তত ভাৰতৰ বিভিন্ন স্তৰৰ চিনেপ্ৰমী আৰু সংবাদজগতত বিশেষ চৰ্চা লাভ কৰিছে।
আশাকৰো, অসমৰ ৰাইজেও অসম জীয়ৰী অলংকৃতা অভিনীত চিনেমাখন আদৰি লব।

মুনিন্দ্ৰ, হেমচন্দ্ৰ, চন্দন, ৰজনীহঁত আছিল জুবিনৰ ল’ৰালিৰ বন্ধু। ৰজনী দুখীয়া ঘৰৰ অতি মেধাৱী ল’ৰা।
ৰজনীহঁতৰ ঘৰৰ লগত জুবিনৰ খোৱা-লোৱা,উঠা-বহা । মাক দেউতাকৰ মৰম চেনেহে কণমানি জুবিনক বৰকৈ আপ্লুত কৰিছিল । এটা সময়ত জুবিনে মেট্ৰিক পাছ কৰি কলেজত পঢ়িবলৈ বাহিৰলৈ গ’ল । ৰজনীয়েও পলিটেকনিক পঢ়িবলৈ গুৱাহাটীলৈ আহিল ।
কিন্তু নিয়তিৰ নিষ্ঠুৰ পৰিহাসত অন্তিম বছৰতে ৰজনী ৰাজবংশী নামৰ মেধাৱী ল’ৰাজনে পলিটেকনিকৰ কোঠাতেই সন্দেহজনকভাৱে মৃত্যুক আঁকোৱালি ল’ব লগা হয় ।
এসময়ত ৰজনীৰ স্মৃতিও তামুলপুৰবাসীৰ মনৰ পৰা লাহে লাহে হেৰাই যোৱাৰ উপক্ৰম হ’ল ।
কিন্তু জুবিন গাৰ্গ নামৰ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পীজনে সেয়া হ’বলৈ নিদিলে। ৰজনীৰ মাকৰ আধা শুকুৱা ঘাঁ টুকুৰা বহু বছৰৰ মূৰত আকৌ খজুৱাই বহলাই দিলে জুবিনে।
কথাটো এনেধৰণৰ –

তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষৰ সাংস্কৃতিক অনুষ্ঠানৰ মুখ্য আকৰ্ষণ আছিল জুবিন গাৰ্গ ।উল্লেখ্য যে, উক্ত অনুষ্ঠানত গীত পৰিৱেশনৰ বাবদ জুবিনে এটকাও মাননি লোৱা নাছিল। এয়া তেওঁ পঢ়ি যোৱা স্কুল খনৰ প্ৰতি অকৃত্ৰিম ভালপোৱাৰ নিদৰ্শন। সেই দিনটোতে তেওঁ শৈশৱৰ স্মৃতি ৰোমন্থন কৰি অতীতৰ বন্ধুবোৰ বিচাৰি ঘৰে ঘৰে গ’ল । ক’বলৈ গ’লে এক প্ৰকাৰৰ মহামিলনৰ থলী হৈ পৰিল। সেই সন্ধিয়াতে প্ৰতিকূল পথ অতিক্ৰম কৰি ৰজনীৰ পৰিয়ালক লগ কৰাৰ বাবে দক্ষিণ পুনিয়া গাঁৱত হাজিৰ হ’ল জুবিন ।অইনৰ ঘৰে ঘৰে কাম কৰি জীৱিকা নিৰ্বাহ কৰা ৰজনীৰ মাকক সেৱা কৰি তেতিয়াৰ পৰা সেইকামটো বন্ধ কৰিবলৈ দিলে। ৰজনীৰ ভায়েকক চাহ দোকানত কাম কৰাতো বন্ধ কৰি নিজে লৈ যোৱাৰ সিদ্ধান্ত ল’লে। মুঠৰোপৰত ঘৰখনৰ সম্পূৰ্ণ দায়িত্ব জুবিনে নিজে মূৰ পাতি ল’লে।
ৰজনীৰ পৰিৱৰ্তে জুবিনকে পুত্ৰ হিচাপে ল’বলৈ ৰজনীৰ মাকক অনুৰোধ জনালে।”…এয়াই জুবিন গাৰ্গ নামৰ মহান শিল্পীগৰাকীৰ মহানুভৱতা । যাৰ বুকুত ঠাই পায় হাজাৰ মানুহৰ সুখ দুখ আৰু সপোন। আৰ্তজনৰ কান্দোন অসহ্যকৰ জুবিনৰ বাবে।
অনুৰাগীৰ কান্দোনত গছৰ (Zubeen Garg) পাত সৰিল কমাৰকুছিত৷ অসমবাসীয়ে প্ৰাণৰ শিল্পী জুবিন গাৰ্গক হেৰুৱাই আজি মৰ্মাহত৷ ভোক-পিয়াহ কাটি কৰি অহৰ্নিশে সৰুসজাইত কটাই আজি দিনৰ ভাগত সোণাপুৰৰ কমাৰকুছিত প্ৰাণৰ শিল্পীগৰাকীক চিৰ বিদায় জনালে লাখ লাখ গুণমুগ্ধই৷ চৰকাৰে বান্ধি দিয়া নিয়ম অনুসৰণ কৰি অনুৰাগীয়ে চকুলোৰে বিদায় জনালে প্ৰিয় শিল্পীগৰাকীক৷ ডিমৰীয়া কলেজে আগবঢ়োৱা চন্দন গছৰ কাঠেৰে শিল্পীগৰাকীৰ অন্তে্যষ্টিক্ৰিয়া সম্পন্ন কৰা হয়৷ পঞ্চভূতত বিলীন হ’ল অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ৷ উল্লেখ্য, ৰাজ্যবাসীৰ হৃদয় চূৰ্ণ-বিচূৰ্ণ কৰি ছিংগাপুৰত চিৰদিনৰ বাবে চকু মুদিছিল অসমীয়াৰ প্ৰাণৰো প্ৰাণৰ শিল্পী জুবিন গাৰ্গে৷ অৱশেষত আজি তেওঁ অজান দেশলৈ গুচি গ’ল, য’ৰ পৰা তেওঁ আৰু কেতিয়াও উভতি নাহে৷ আজিৰে পৰা অসমবাসীৰ প্ৰাণৰো প্ৰাণ জুবিন গাৰ্গৰ নতুন ঠিকনা হ’ল কামৰূপ মহানগৰ জিলাৰ সোণাপুৰ ৰাজহ চক্ৰৰ পাণবাৰী মৌজাৰ কমাৰকুছি গাঁৱৰ হাতীমূৰা টিলা৷ মঙলবাৰে ৰাষ্ট্ৰীয় মৰ্যাদাৰে শিল্পীগৰাকীৰ শেষকৃত্য সম্পন্ন কৰা হয়৷ শিল্পীগৰাকীক পিন্ধাই দিয়া হয় তেওঁৰ প্ৰিয় ড্ৰেগন সাজযোৰ৷ শেষকৃত্যস্থলীত ভাৰত চৰকাৰৰ হৈ কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে মহান শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ শ্ৰদ্ধাঞ্জলি জনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে৷ আনহাতে, পৰিয়ালৰ লোকৰ উপৰি আছুকে ধৰি বিভিন্ন দল-সংগঠন আৰু ব্যক্তিবিশেষে শিল্পীগৰাকীৰ প্ৰতি শেষ শ্ৰদ্ধা নিবেদন কৰে৷ অসম আৰক্ষীৰ তৰফৰ পৰাও শেষ শ্ৰদ্ধা নিবেদন কৰা হয় ৷
লোকাৰণ্য হৈ পৰা শেষকৃত্যস্থলীত কৰা হয় বেদ পাঠ৷ চৌদিশে কেৱল মানুহ আৰু মানুহ৷ জনসমুদ্ৰত পৰিণত হয় সমগ্ৰ সোণাপুৰ অঞ্চল৷ নিশাৰে পৰাই সোণাপুৰলৈ জনতাৰ সোঁত বৈছিল৷ লাখ লাখ লোকৰ উপস্থিতিত আজি শিল্পীগৰাকী অগ্নি দেৱতাৰ কোলাত শুই অজান দেশলৈ গুচি গ’ল৷ পৰিয়ালৰ লোকে ধৰ্মীয় ৰীতি-নীতিৰ পৰ্ব সমাপ্ত কৰাৰ পিছতে চিতাৰ কাষলৈ অনা হয় জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ৷ লগে লগে আকাশে-বতাহে উচ্ছাৰিত ‘জয় জুবিনদা’, ‘জুবিনদা অমৰ হওক’ ৷ অন্তিম শয্যাত উঠাৰ পূৰ্বে পুত্ৰক শেষ বিদায় জনায় পিতৃ কপিল বৰঠাকুৰে৷ শেষ বিদায় দি শ্ৰদ্ধা নিবেদন কৰে পত্নী গৰিমা গাৰ্গে৷ ডবা, শংখ, ঘণ্টাৰ ধবনিৰ মাজতে চন্দন কাঠেৰে সজোৱা চিতাত জুবিন গাৰ্গৰ নশ্বৰ দেহ তুলি দিয়া হয়৷ চিতাত তুলি দিয়াৰ পিছতে ধৰ্মীয় ৰীতিৰে মুখাগ্নি কৰে জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰে৷ মুখাগ্নি কৰাত সংগ দিয়ে জুবিন গাৰ্গৰ অতিকৈ মৰমৰ ৰাহুল গৌতম শৰ্মা, অৰুণ গাৰ্গ আৰু ৰিতু প্ৰয়াগ গাৰ্গে ৷ মুখাগ্নিৰ সময়তে অসম আৰক্ষীয়ে টোপধবনিৰে শিল্পীগৰাকীলৈ সন্মান প্ৰদৰ্শন কৰে৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চিতাত তুলি দিয়ে চন্দন কাঠ৷ চিতাৰ কাষতে বহি প্ৰিয় মানুহজনক শেষ বিদায় দিয়ে পত্নী গৰিমা গাৰ্গে৷ চিতাত উঠাই দিয়াৰ পিছত ১২.২২ বজাত মুখাগ্নি কৰা হয়৷ লগে লগে গুঞ্জৰিত হয় টোপধবনি ৷ ২১ জাঁই গুলী ফুটাই ৰাষ্ট্ৰীয় মৰ্যাদাৰে শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনোৱা হয়৷ সকলোৱে হাতযোৰ কৰি মহান শিল্পীগৰাকীৰ প্ৰতি অন্তিম শ্ৰদ্ধা নিবেদন কৰে৷ আকাশে-বতাহে গুঞ্জৰিত হয় বেদৰ শ্লোক৷ লগতে গুঞ্জৰিত হয় ‘মায়াবিনী ৰাতিৰ বুকুত’ শীৰ্ষক শিল্পীগৰাকীৰ কালজয়ী গীতটো৷ যিটো গীত শিল্পীগৰাকীয়ে নিজৰ মৃত্যুত গোৱাটো বিচাৰিছিল৷ অন্তিম যাত্ৰাৰ সময়ত উপস্থিত অগণন জুবিনপ্ৰেমীয়ে একেলগে গালে গীতটো৷ পত্নী গৰিমা গাৰ্গেও কান্দি কান্দি গালে প্ৰিয়জনে বিচৰা গীতটো৷ এক বুজাব নোৱৰা আৱেগিক পৰিৱেশ৷
যাক ভাষাৰে বৰ্ণনা কৰিব নোৱাৰি ৷ এক বাক্ৰুদ্ধ পৰিৱেশ৷ চন্দন কাঠৰ আৱেশত দপদপাই জ্বলি উঠা জুইকুৰাৰ মাজত বিলীন হৈ পৰিল শিল্পীগৰাকীৰ পাৰ্থিৱ শৰীৰ৷ জুবিন গাৰ্গৰ নশ্বৰ দেহ পঞ্চভূতত বিলীন হৈ পৰাৰ লগে লগে অৱসান ঘটিল এটা বৰ্ণিল যুগৰ৷ যিটো যুগৰ নেতৃত্ব দিছিল কেৱল জুবিন গাৰ্গে৷ আজি সমগ্ৰ ৰাজ্য মৰ্মাহত৷ শুকুৰবাৰে বিয়লিৰে পৰাই শোক সাগৰত ডুব গৈ আছে সমগ্ৰ ৰাজ্য৷ সিদিনাই আহিছিল অসমবাসীৰ বাবে অত্যন্ত বেয়া খবৰটো৷ জুবিন গাৰ্গ নাই বুলি সুদূৰ ছিংগাপুৰৰ পৰা আহিছিল খবৰটো৷ নৰ্থ-ইষ্ট ফেষ্টিভেলৰ বাবে বুধবাৰে হাঁহিমুখে কাহিলিপাৰাৰ ঘৰখনৰ পৰা ছিংগাপুৰ অভিমুখে ওলাই গৈছিল জুবিন গাৰ্গ৷ কিন্তু সাগৰত সাঁতুৰিব গৈ ঘূৰি নাহিল শিল্পীগৰাকী৷ অসুস্থ হৈ পৰা শিল্পীগৰাকীয়ে ছিংগাপুৰতে শেষ নিশ্বাস ত্যাগ কৰে৷ সেই খবৰটো পোৱা মাত্ৰকে শোকস্তব্ধ হৈ পৰে সমগ্ৰ ৰাজ্যবাসী৷ ইয়াৰ পিছত শনিবাৰে নিশা ছিংগাপুৰৰ পৰা শিল্পীগৰাকীৰ নশ্বৰ দেহ দিল্লীলৈ অনা হয় আৰু তাৰ পিছত দিল্লীৰ পৰা নশ্বৰ দেহ দেওবাৰে পুৱা প্ৰায় জ্জ বজাত গুৱাহাটী আহি পায়৷ দেওবাৰে গুৱাহাটী বিমানবন্দৰৰ পৰা বিশাল সমদলেৰে শিল্পীগৰাকীৰ নশ্বৰ দেহ কাহিলিপাৰাৰ বাসগৃহলৈ অনা হয়৷ সেই সমদল আছিল অসমৰ ইতিহাসৰ এক বিৰল সমদল৷ জুবিন গাৰ্গৰ প্ৰতি থকা মানুহৰ প্ৰেম-ভালপোৱাই ৰাজপথক জনসমুদ্ৰৰ ৰূপ দিছিল৷ সেই সমদলত আছিল কেৱল মানুহ আৰু মানুহ ৷ জুবিনৰ মৃত্যুৰ লগে লগে এটা যুগৰ অন্ত পৰিল৷ যাৰ বাবে আজি সকলো শোক সাগৰত বুৰ গৈছে৷ বিমান বন্দৰৰ পৰা কাহিলিপাৰাৰ ঘৰখনলৈ নশ্বৰ দেহ আনোতে প্ৰায় ছঘণ্টা সময় লাগিছিল৷
ঘৰত কিছু সময় ৰখাৰ পিছত দেওবাৰে দিনৰ প্ৰায় ২.৪৫ বজাত সৰুসজাইলৈ নিয়া হৈছিল জুবিন গাৰ্গৰ নশ্বৰ দেহ৷ য’ত আয়োজন কৰা হৈছিল ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ৷ প্ৰিয় শিল্পীগৰাকীক শেষ শ্ৰদ্ধা নিবেদনৰ বাবে ৰখা হৈছিল সৰুসজাইৰ অজুৰ্ন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত৷ দেওবাৰে বিয়লি প্ৰায় ৩ বজাৰ পৰা সোমবাৰে নিশা ১২ বজালৈ লাখ লাখ লোকে শিল্পীগৰাকীলৈ শেষ শ্ৰদ্ধা নিবেদন কৰে৷ ৰ’দ-বৰষুণ নেওচি অগণন লোকে প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে৷ শ্ৰদ্ধা জনাবলৈ ওলাই আহে আবাল-বৃদ্ধ-বণিতা৷ ইফালে মঙলবাৰে পুৱতি নিশা প্ৰায় ৩.৩০ বজাত জি এম চি এইচত শিল্পীগৰাকীৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হয়৷ তাৰ পিছত পুনৰ সৰুসজাইলৈ নিয়া হয় নশ্বৰ দেহ৷ সৰুসজাইৰ পৰা পুষ্পসজ্জিত বাহনত সমদল কৰি জুবিন গাৰ্গৰ নশ্বৰ দেহ সোণাপুৰলৈ লৈ যোৱা হয়৷ সমগ্ৰ পথছোৱাৰ চৌদিশে কেৱল মানুহ আৰু মানুহ৷ সোণাপুৰৰ কমাৰকুছি গাঁৱৰ হাতীমূৰা টিলালৈ অনাৰ পিছত ৰাষ্ট্ৰীয় মৰ্যাদাৰে শিল্পীগৰাকীৰ শেষকৃত্য সম্পন্ন কৰা হয়৷ পঞ্চভূতত বিলীন হৈ পৰে মৰমৰ শিল্পীগৰাকীৰ নশ্বৰ দেহ৷ ৰাজ্যবাসীক কন্দুৱাই গুচি গ’ল অজানা দেশলৈ৷ আজি সমগ্ৰ ৰাজ্য নিস্তব্ধ আৰু নিতাল৷ শিল্পীগৰাকীৰ অন্তে্যষ্টিক্ৰিয়াৰ পোনপটীয়া সম্প্ৰচাৰ বিভিন্ন মাধ্যমযোগে ৰাজ্যবাসীয়ে প্ৰত্যক্ষ কৰি অশ্ৰুসিক্ত নয়নেৰে শিল্পীগৰাকীক অন্তিম বিদায় দিয়ে৷ আপোন শিল্পীগৰাকীক অন্তিম বিদায় দি আজি শোকস্তব্ধ ৰাজ্য৷
মনে নসহে, কিন্তু প্ৰকৃতিৰ বিধান, (Zubeen Garg) বিদায় দিবই লাগিব৷ মঙলবাৰে সোণাপুৰৰ কমাৰকুছিত লাখ লাখ গুণমুদ্ধই শেষ বিদায় জনালে প্ৰাণৰ শিল্পীগৰাকীক৷ চকুলোৰে তিতি গ’ল সোণাপুৰৰ ৰাজপথ৷ জুবিনে কৈছিল- ‘মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই, মই মুক্ত’ হয়, আজি তেওঁ সকলো পাৰ্থিৱ বিষয়ৰ পৰা মুক্ত৷ জাতি-বৰ্ণ-ধৰ্ম নিৰ্বিশেষে সকলোৱে সৰুসজাইত জুবিন গাৰ্গলৈ অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে৷
কেৱল সেয়াই নহয়, জুবিন গাৰ্গৰ শেষকৃত্য অনুষ্ঠানতো দেখা গ’ল জনগোষ্ঠীয় ঐক্যৰ চানেকি৷ প্ৰাণৰ শিল্পীজনক শ্ৰদ্ধাঞ্জলি দিবলৈ কোনোবাই যদি লৈ আহিছিল ফুলৰ তোৰা, ফুলৰ মালা আকৌ কোনোবাই লৈ আহিছিল স্বজাতিৰ স্বাভিমানস্বৰূপ গামোচাখন৷ সৰুসজাইলৈ অহা ৰাজ্যৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ অনুৰাগীসকলে তেওঁলোকৰ জাতীয় বস্ত্ৰৰে জুবিনদাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷
এই কথাই প্ৰমাণ কৰিলে তেওঁ অসমৰ প্ৰতিটো জনগোষ্ঠীৰে প্ৰিয় শিল্পী আছিল৷ লক্ষণীয়ভাৱে অনুৰাগীয়ে শ্ৰদ্ধাঞ্জলিস্বৰূপে জুবিন গাৰ্গলৈ আগবঢ়োৱা জাতীয় বস্ত্ৰবোৰৰ মাজত অসমীয়া গামোচা, বড়ো আৰণাই, মিচিং ডোমেত, দেউৰী গামোচা, ৰাভা পাঁজাৰ আদি সকলোৰে সমাহাৰ ঘটিছিল৷ একপ্ৰকাৰ জাতি-জনগোষ্ঠীৰ সম্প্ৰীতিৰ চানেকি হৈছিল অন্তিম শয়নৰত জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি থলী৷
সামাজিক মাধ্যমত চৰ্চাত আছে জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ সম্পত্তিৰ পাহাৰ-(Siddharth Sharma)
গুৱাহাটীৰ লখৰাত কেইবা কোটি টকীয়া হোটেল Royal Heritage !
ছয়গাওঁত কেইবা কোটি টকীয়া পানীৰ কোম্পানী !
গুৱাহাটীৰ বেলতলাত কেইবা কোটি টকীয়া প্রকাণ্ড বিলাসী ফ্লেট !
গুৱাহাটীৰ দাতাল পাৰাত কেইবা কোটি টকীয়া প্রকাণ্ড বিলাসী ফ্লেট !
গুৱাহাটীৰ Zoo Road ত Music Management Office !
২০২৩ চনৰ পৰা Music Management ৰ প্ৰধান পৰিচালক !
এতিয়া প্ৰশ্ন হয় কাৰ টকাৰে মেনেজাৰ সিদ্ধাৰ্থৰ সম্পত্তিৰ পাহাৰ?
এই সকলোৰ প্ৰশ্ন লাগে এতিয়া জুবিন প্ৰেমীকক।
বৰ্তমান সামাজিক মাধ্যমত তোলপাৰ লাগি আছে সিদ্ধাৰ্থৰ সম্পত্তিৰ পাহাৰক লৈ।