Home Blog Page 62

বিদ্ৰোহৰ অন্ত পৰিলঃ বিধায়ক নহয়, সাংসদ হোৱাৰহে মন অতুল বৰাৰ

বিদ্ৰোহৰ অন্ত পৰিলঃ বিধায়ক নহয়, সাংসদ হোৱাৰহে মন অতুল বৰাৰ
বিদ্ৰোহৰ অন্ত পৰিলঃ বিধায়ক নহয়, সাংসদ হোৱাৰহে মন অতুল বৰাৰ

বিদ্ৰোহৰ অন্ত পৰিল৷ দৰাচলতে বিধায়ক নহয়, সাংসদ হোৱাৰহে মন অতুল বৰাৰ৷ অসম বিধানসভা নিৰ্বাচনত দিছপুৰ সমষ্টিৰ পৰা দলীয় টিকট লাভৰ পৰা বঞ্চিত হোৱাৰ পিছত ভাৰতীয় জনতা পাৰ্টীৰ জ্যেষ্ঠ নেতা অতুল বৰাই বিদ্ৰোহৰ পথ ত্যাগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ দেওবাৰে সংবাদ মাধ্যমৰ আগত এই কথা স্পষ্ট কৰি বৰাই জানিবলৈ দিয়ে যে তেওঁ ২০২৯ চনৰ লোকসভা নিৰ্বাচনত গুৱাহাটী সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব আৰু বৰ্তমান ডিমৰীয়া সমষ্টিত দলীয় কাম-কাজত মনোনিৱেশ কৰিব৷ শেহতীয়াকৈ কংগ্ৰেছৰ পৰা আহি বিজেপিত যোগদান কৰা প্ৰদু্ৎ বৰদলৈক দিছপুৰ সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ পিছতেই অতুল বৰাৰ পৰৱৰ্তী ৰাজনৈতিক পদক্ষেপক লৈ সৃষ্টি হোৱা জল্পনা-কল্পনাৰ এতিয়া অৱসান ঘটিছে৷

মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই অতুল বৰাৰ বাসগৃহলৈ গৈ তেওঁৰ সৈতে আলোচনাত মিলিত হোৱাৰ পিছতেই জ্যেষ্ঠ নেতাজনে নিজৰ স্থিতি সলনি কৰে৷ দেওবাৰে সংবাদ মাধ্যমক সম্বোধন কৰি তেওঁ কয় যে মুখ্যমন্ত্ৰীগৰাকীৰ বাসগৃহলৈ অহাৰ সময়তে তেওঁ আগন্তুক লোকসভা নিৰ্বাচনত গুৱাহাটী সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ ইচ্ছা প্ৰকাশ কৰিছিল৷ বৰাই ২০২৯ চনৰ লোকসভা নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হোৱাৰ কথা মুখ্যমন্ত্ৰীক অৱগত কৰা বুলিও জানিবলৈ দিয়ে৷ ইয়াৰ জৰিয়তে তেওঁ নিৰ্দলীয় হিচাপে বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সকলো সম্ভাৱনা নুই কৰিলে৷

দলীয় টিকটৰ পৰা বঞ্চিত হোৱাৰ পিছত অতুল বৰাৰ সমৰ্থকসকলৰ মাজত মূলতঃ তিনিটা বিকল্পক লৈ চৰ্চা চলিছিল৷ সেই বিকল্পসমূহ আছিল ক্ৰমে নিৰ্দলীয় হিচাপে নিৰ্বাচন খেলা, কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰক সমৰ্থন জনোৱা অথবা ৰাজনৈতিকভাৱে নিি©য় হৈ থকা৷ কিন্তু এতিয়া তেওঁ নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা নকৰে বুলি স্পষ্ট কৰি দিছে৷ ইয়াৰ পৰিৱৰ্তে, সমষ্টি পুনৰ্নিৰ্ধাৰণৰ ফলত মঠঘৰীয়া, বীৰকুছি, নুনমাটি, নাৰেংগী আৰু সাতগাঁৱৰ দৰে অঞ্চল অন্তৰ্ভুক্ত হোৱা ডিমৰীয়া সমষ্টিত তেওঁ সক্ৰিয়ভাৱে ৰাজনৈতিক কাম-কাজ চলাই যাব৷ দিছপুৰৰ পৰিৱৰ্তে ডিমৰীয়াত সক্ৰিয় হৈ থাকিব বুলি তেওঁ ইতিমধ্যে মুখ্যমন্ত্ৰীকো অৱগত কৰিছে৷

কংগ্ৰেছৰ ছাদুল্লা শিকদাৰক মন্ত্ৰী পীয়ূষৰ কঠোৰ সকীয়নি

কংগ্ৰেছৰ ছাদুল্লা শিকদাৰক মন্ত্ৰী পীয়ূষৰ কঠোৰ সকীয়নি
কংগ্ৰেছৰ ছাদুল্লা শিকদাৰক মন্ত্ৰী পীয়ূষৰ কঠোৰ সকীয়নি

অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিকৃতিত গোৰ মৰাৰ অভিযোগত অভিযুক্ত এজন ব্যক্তি কংগ্ৰেছ দলৰ সৈতে জড়িত বুলি অভিযোগ কৰিছে মন্ত্ৰী পীয়ূষ হাজৰিকাই৷ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত দিয়া এক পোষ্টত হাজৰিকাই দাবী কৰে যে ছাদুল্লাহা শিকদাৰ নামৰ অভিযুক্ত ব্যক্তিজন এজন কংগ্ৰেছ নেতা৷ তেওঁ লগতে অভিযোগ কৰে যে শিকদাৰ আৰু তেওঁৰ ভাতৃ আবু শিকদাৰৰ কংগ্ৰেছৰ জ্যেষ্ঠ নেতাৰ সৈতে সম্পৰ্ক আছে৷

হাজৰিকাই ৰিপুণ বৰা, ৰকিবুল হুছেইন, গৌৰৱ গগৈকে ধৰি কংগ্ৰেছৰ বিশিষ্ট ব্যক্তিসকলৰ নামো উল্লেখ কৰি এইক্ষেত্ৰত তেওঁলোকৰ ৰাজনৈতিক সমৰ্থন আছে বুলি দাবী কৰে৷ বিজেপি নেতাগৰাকীৰ এই মন্তব্যই এতিয়া শ’লঠেকত পেলাইছে কংগ্ৰেছক৷ কাৰণ জুবিন গাৰ্গৰ বাবে ন্যায় বিচৰা কংগ্ৰেছৰ নেতাই এতিয়া জুবিনক অপমান কৰাৰ কথাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷

ইপিনে জুবিন গাৰ্গক অপমান কৰা ছাদুল্লা শিকদাৰক কঠোৰভাৱে সকীয়াই দিছে মন্ত্ৰী পীয়ূষ হাজৰিকাই৷ উল্লেখ্য, জুবিন গাৰ্গৰ ছবিত গোৰ মাৰিবলৈ দুঃসাহস কৰা ছাদুল্লা শিকদাৰ হৈছে ৰকিবুল হুছেইনৰ ঘনিষ্ঠ চিৰাং জিলা কংগ্ৰেছৰ সাংগঠনিক সাধাৰণ সম্পাদক আবু তালেপ শিকদাৰৰ ভাতৃ৷

অস্কাৰৰ বাবে মনোনীত গাজাৰ ছবি ভাৰতত মুক্তি দিয়াত চেন্সৰ ব’ৰ্ডৰ বাধা

অস্কাৰৰ বাবে মনোনীত গাজাৰ ছবি ভাৰতত মুক্তি দিয়াত চেন্সৰ ব’ৰ্ডৰ বাধা
অস্কাৰৰ বাবে মনোনীত গাজাৰ ছবি ভাৰতত মুক্তি দিয়াত চেন্সৰ ব’ৰ্ডৰ বাধা

যুদ্ধৰ প্ৰভাৱ এতিয়া ছবি জগতৰ ওপৰতো পৰিছে৷ আন্তঃৰাষ্ট্ৰীয় মনোৰঞ্জনধৰ্মী আলোচনী ‘ভেৰাইটী’ত প্ৰকাশিত এক বাতৰি অনুসৰি চেন্সৰ ব’ৰ্ডে [চিবিএফচি] ‘দ্য ভইচ অৱ হিন্দ ৰাজব’ ছবিখন ভাৰতত মুক্তিৰ ক্ষেত্ৰত বাধা প্ৰদান কৰিছে৷ গাজাৰ এটি ৬ বছৰীয়া শিশুৰ কৰুণ ভাগ্যৰ ওপৰত আধাৰিত এই ছবিখন৷ এই ছবিখনে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বহুল প্ৰশংসা লাভ কৰিছে৷ ইয়াৰ উপৰি অস্কাৰৰ মনোনয়ন লাভ কৰিছে৷ এই সকলোবোৰৰ পিছতো কিয় এই ছবিখনক অনুমতি দিবলৈ অস্বীকাৰ কৰিলে ছেণ্ট্ৰেল ব’ৰ্ড অৱ ফিল্ম চাৰ্টিফিকেচনে? ছবিখনৰ বিতৰকসকলে দাবী কৰিছে যে চিবিএফচিৰ এই পদক্ষেপৰ মূল কাৰণ হৈছে ইজৰাইলৰ সৈতে ভাৰতৰ দ্বিপাক্ষিক সম্পৰ্ক ক্ষতিগ্ৰস্ত হ’ব পাৰে বুলি কৰা আশংকা৷ কাউথেৰ বেন হানিয়াৰ পৰিচালনাত নিৰ্মিত এই ছবিখন মাৰ্চ মাহত ভাৰতত মুক্তি পোৱাৰ কথা আছিল৷

‘ভেৰাইটী’ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত মনোজ নন্দৱানা নামৰ এজন বিতৰকে কয় যে চেন্সৰ ব’ৰ্ডৰ এজন সদস্যই তেওঁক পোনপটীয়াকৈ জনাইছে, ‘যদি এই ছবিখন ভাৰতত মুক্তি পায় তেন্তে ভাৰত-ইজৰাইলৰ সম্পৰ্ক ভাঙি যাব৷’ নন্দৱানাৰ দৰে বিতৰকসকলৰ যুক্তি হ’ল আমেৰিকা, ব্ৰিটেইন, ইটালী বা ফ্ৰান্সৰ দৰে দেশতো ছবিখন মুক্তি পাইছে৷ ইয়াৰ ফলত ইজৰাইলৰ সৈতে সেই দেশসমূহৰ সম্পৰ্কত কোনো প্ৰভাৱ পৰা নাই৷ তথাপি কোৱা হৈছে যে চেন্সৰ ব’ৰ্ডে নিজৰ সিদ্ধান্তত অটল৷ গাজাৰ ৬ বছৰীয়া শিশুৰ মৃত্যুৰ কৰুণ সত্য কাহিনীৰ আধাৰত নিৰ্মিত এই ডকু-ড্ৰামা ধাৰাৰ ছবিখন৷ ২০২৪ চনৰ জানুৱাৰী মাহত হামাছ আৰু ইজৰাইল সেনাৰ মাজত হোৱা যুদ্ধৰ সময়ত গাজাত এখন গাড়ীত আবদ্ধ হৈ পৰিছিল হিন্দ৷ অভিযোগ অনুসৰি ইজৰাইল সেনাৰ আক্ৰমণত শিশুটি আৰু তেওঁৰ পৰিয়ালৰ ছজন সদস্য নিহত হৈছিল৷ তেওঁক উদ্ধাৰ কৰিবলৈ অহা দুজন পেৰামেডিকেল কৰ্মীৰো মৃত্যু হয়৷

এই ঘটনাই ইজৰাইলৰ মানৱ অধিকাৰ উলংঘাক লৈ আন্তঃৰাষ্ট্ৰীয় সমাজত ব্যাপক ক্ষোভৰ সৃষ্টি কৰিছিল৷ ছবিখনে ভেনিচ আন্তঃৰাষ্ট্ৰীয় চলচ্ছিত্ৰ মহোৎসৱত ‘গ্ৰেণ্ড জুৰী বঁটা’কে ধৰি মুঠ জ্জটা বঁটা লাভ কৰে৷ কিন্তু ভাৰতীয় দৰ্শকে হয়তো ছবিখন চাব নোৱাৰিব৷ প্ৰশ্ন উত্থাপন হৈছে, ভাৰত-ইজৰাইলৰ সম্পৰ্ক ইমান ঠুনুকা নে? ইৰাণৰ সৈতে যুদ্ধ আৰম্ভ হোৱাৰ ঠিক আগতেই ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে সেই দেশ ভ্ৰমণ কৰিছিল৷ প্ৰধানমন্ত্ৰী মোদীকো তেওঁলোকৰ সংসদৰ অধ্যক্ষৰ পদক প্ৰদান কৰা হয়৷ কেৱল এখন চিনেমাৰ বাবেই ইমান ভাল সম্পৰ্ক নষ্ট হ’ব পাৰেনে? নে এইক্ষেত্ৰত আন কোনো গোপন স্বাৰ্থই কাম কৰিছে?

ঘৰুৱা কাম কেৱল পত্নীৰ নহয়, স্বামীয়েও ভগাই ল’ব লাগে সেই দায়িত্ব

ঘৰুৱা কাম কেৱল পত্নীৰ নহয়, স্বামীয়েও ভগাই ল’ব লাগে সেই দায়িত্ব
ঘৰুৱা কাম কেৱল পত্নীৰ নহয়, স্বামীয়েও ভগাই ল’ব লাগে সেই দায়িত্ব

ঘৰুৱা কাম কেৱল পত্নীৰ দায়িত্ব নহয়, সেই দায়িত্ব স্বামীয়েও ভাগ কৰি ল’ব লাগে৷ বিবাহ বিচ্ছেদ গোচৰত উচ্ছতম ন্যায়ালয়ে এনেদৰে মন্তব্য কৰে৷ বিয়াৰ পিছত পত্নীয়ে ৰন্ধা-বঢ়া কৰিব বিচৰা নাছিল৷ এই অভিযোগ লৈ বিবাহ বিচ্ছেদ বিচাৰি আদালতলৈ গৈছিল এজন ব্যক্তি৷ সেই গোচৰত এতিয়া উচ্ছতম ন্যায়ালয়ে এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে৷ আদালতে স্পষ্ট কৰি দিছে যে ঘৰুৱা কাম কেৱল পত্নীৰ দায়িত্ব নহয়, সেই দায়িত্ব স্বামীয়েও ভাগ কৰি ল’ব লাগিব৷ শেহতীয়াকৈ বিবাহ বিচ্ছেদৰ গোচৰত স্বামীয়ে অভিযোগ কৰিছিল যে বিয়াৰ মাত্ৰ এসপ্তাহৰ পিছত পত্নীৰ আচৰণ সলনি হৈছিল৷ তেওঁ ৰন্ধা-বঢ়া কৰিবলৈ অস্বীকাৰ কৰিছিল, আনকি তেওঁৰ লগত বেয়া আচৰণ কৰা আৰু মাক-দেউতাকক অপমান কৰা বুলিও অভিযোগ কৰিছিল৷

এই অভিযোগৰ ভিত্তিত তেওঁ বিবাহ বিচ্ছেদ বিচাৰি উচ্ছতম ন্যায়ালয়ৰ কাষ চাপিছিল৷ শুনানিৰ সময়ত ন্যায়াধীশসকলে স্পষ্টকৈ কয় যে পত্নী কোনো কাৰণতে পৰিচাৰিকা নহয়৷ ন্যায়াধীশ সন্দীপ মেহতাই মন্তব্য কৰে যে, ‘আপুনি পৰিচাৰিকাক বিয়া কৰোৱা নাই, আপুনি জীৱন সংগীক বিয়া কৰাইছে৷’ একে সময়তে ন্যায়াধীশ বিক্ৰমনাথেও কয় যে সময় সলনি হৈছে৷ এতিয়া পুৰুষ আৰু নাৰী সমান৷ গতিকে স্বামীয়েও ৰন্ধা-বঢ়া, বাচন ধোৱা বা আন ঘৰুৱা কাম-কাজ কৰি পত্নীৰ কাষত থিয় দিব লাগে৷ উল্লেখ্য যে এই দম্পতীয়ে ২০১৭ চনত বিবাহপাশত আবদ্ধ হয় আৰু তেওঁলোকৰ এটা আঠবছৰীয়া পুত্ৰ সন্তান আছে৷ সম্পৰ্কৰ অৱনতি ঘটাৰ বাবে পৰিয়াল আদালতত বিবাহ বিচ্ছেদ হয়৷ তাত স্বামীয়ে পত্নীৰ বিৰুদ্ধে ‘নিষ্ঠুৰতা’ৰ অভিযোগ আনে৷

কিন্তু পত্নীয়ে উচ্ছ ন্যায়ালয়ত আবেদন জনোৱাত বিবাহ বিচ্ছেদৰ ৰায় খাৰিজ কৰা হয়৷ তাৰ পিছত ৰায়দানত অসন্তুষ্ট হৈ স্বামীয়ে উচ্ছতম ন্যায়ালয়ত আবেদন জনায়৷ আনহাতে, শহুৰেকৰ পৰিয়ালৰ সন্মতি সাপেক্ষে সন্তান জন্ম দিবলৈ পিতৃৰ ঘৰলৈ যোৱা বুলি দাবী কৰে পত্নীয়ে৷ কিন্তু শিশুটিৰ অন্নপ্ৰাশন্নত তেওঁৰ স্বামী উপস্থিত নাছিল৷ ইয়াৰ উপৰি তেওঁৰ পিতৃৰ পৰা সোণ আৰু নগদ যৌতুক দাবী কৰা বুলি অভিযোগ আনিছে৷ ইয়াৰ পূৰ্বে এই গোচৰত মধ্যস্থতাৰ বাবে প্ৰেৰণ কৰা হৈছিল দম্পতীহালক৷

পেট্ৰ’লৰ মূল্যবৃদ্ধিক লৈ অসমতো গ্ৰাহকৰ মাজত তীব্ৰ অসন্তুষ্টি

পেট্ৰ’লৰ মূল্যবৃদ্ধিক লৈ অসমতো গ্ৰাহকৰ মাজত তীব্ৰ অসন্তুষ্টি
পেট্ৰ’লৰ মূল্যবৃদ্ধিক লৈ অসমতো গ্ৰাহকৰ মাজত তীব্ৰ অসন্তুষ্টি

পেট্ৰ’লৰ মূল্যবৃদ্ধিক লৈ অসমতো গ্ৰাহকৰ মাজত তীব্ৰ অসন্তুষ্টিৰ সৃষ্টি হৈছে৷ উল্লেখ্য, শুকুৰবাৰে নিশাৰ ভাগত হঠাতে প্ৰিমিয়াম পেট্ৰ’লৰ মূল্য প্ৰতি লিটাৰত ২ টকাকৈ বৃদ্ধি পোৱাৰ খবৰে সমগ্ৰ দেশৰ লগতে ৰাজ্যবাসীৰ মাজতো তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ দেশৰ আগশাৰীৰ তৈল বিপণন কোম্পানীসমূহে কোনো আগতীয়া জাননী নিদিয়াকৈয়ে নিশাৰ ভিতৰতে এই মূল্যবৃদ্ধিৰ সিদ্ধান্ত কাৰ্যকৰী কৰাৰ ফলত শনিবাৰে পুৱাই পেট্ৰ’ল পাম্পলৈ যোৱা গ্ৰাহকসকল হতাশগ্ৰস্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে৷ অসমকে ধৰি দেশৰ ভিন্ন প্ৰান্তত নতুন দৰ অনুসৰি পেট্ৰ’লৰ মূল্যই গ্ৰাহকৰ পকেটত এক অতিৰিক্ত বোজা জাপি দিছে৷ জানিব পৰা মতে, আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্যৰ উত্থান-পতন আৰু আনুষংগিক কাৰণসমূহৰ কথা উল্লেখ কৰি তৈল কোম্পানীসমূহে এই মূল্যবৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ এই অস্বাভাৱিক মূল্যবৃদ্ধিয়ে যাতায়াত আৰু পৰিবহণ ব্যৱস্থাৰ ওপৰত প্ৰত্যক্ষ প্ৰভাৱ পেলোৱাৰ সমান্তৰালকৈ বজাৰত সা-সামগ্ৰীৰ মূল্য পুনৰ বৃদ্ধি পোৱাৰ এক নিশ্চিত শংকা কঢ়িয়াই আনিছে৷ ইতিমধ্যে মুদ্ৰাস্ফীতিৰ কবলত পৰি দিশহাৰা হোৱা ৰাইজৰ বাবে পেট্ৰ’লৰ এই মূল্যবৃদ্ধিয়ে সৰ্বত্ৰ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ সৰ্বসাধাৰণ ৰাইজে চৰকাৰক এই মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিবলৈ আৰু তৈল কোম্পানীসমূহৰ ওপৰত কঠোৰ নজৰদাৰী ৰাখিবলৈ আহ৩ান জনাইছে৷

কি কাৰণে এইবাৰ অখিল, গৌৰৱে নামাজ নপঢ়িলে?

কি কাৰণে এইবাৰ অখিল, গৌৰৱে নামাজ নপঢ়িলে?
কি কাৰণে এইবাৰ অখিল, গৌৰৱে নামাজ নপঢ়িলে?

কংগ্ৰেছ দলৰ সভাপতি গৌৰৱ গগৈ আৰু ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ বিৰুদ্ধে জাতীয় সংগ্ৰামী সেনা, অসমৰ সভাপতি চিতু বৰুৱাই এক বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে৷ কি কাৰণে এইবাৰ অখিল গগৈ আৰু গৌৰৱ গগৈয়ে নামাজ নপঢ়িলে? তেওঁলোকে ধৰ্মনিৰপেক্ষতাৰ কথা কৈ আৰু নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি নামাজ নপঢ়িলে নেকি? তাৰ স্পষ্টীকৰণৰ দাবী তুলিলে জাতীয় সংগ্ৰামী সেনা, অসমৰ সভাপতি চিতু বৰুৱাই৷ এটা বিশেষ ভিডিঅ’যোগে অখিল গগৈ আৰু গৌৰৱ গগৈলৈ প্ৰশ্ন কৰি তেওঁ কয়- ‘প্ৰত্যেক বছৰে দেখিবলৈ পাওঁ যে, ৰাইজৰ দলৰ সভাপতি অখিল গগৈ আৰু কংগ্ৰেছ দলৰ সভাপতি গৌৰৱ গগৈয়ে ঈদত মুছলমান লোকসকলৰ সৈতে নামাজ পঢ়ে, কিন্তু এইবাৰ তাৰ বিপৰীত ছবি দেখিবলৈ পালোঁ৷ আজি পৱিত্ৰ ঈদৰ দিনটোত অখিল গগৈ আৰু গৌৰৱ গগৈক ক’তো নামাজ পঢ়া দেখা নাপালোঁ৷ নিজকে সংখ্যালঘু লোকসকলৰ ত্ৰাণকৰ্তা বুলি পৰিচয় দি অহা গৌৰৱ গগৈ আৰু অখিল গগৈয়ে এইবাৰ পৱিত্ৰ ঈদৰ দিনাখন নামাজ নপঢ়াৰ কাৰণটো কি? নিৰ্বাচন আহি আছে, নিৰ্বাচনৰ আগত যাতে ইয়াৰ কোনো ধৰণৰ প্ৰভাৱ নপৰে তাৰ প্ৰতি লক্ষ্য ৰখাৰ বাবে ক’তো দেখা নগ’ল নেকি দুয়োজনকে? লগতে, কয় ঈদৰ দিনাখন নামাজ পঢ়াৰ পিছত হিন্দু ভোটখিনি যাতে কাট নাখায় তেনে ধৰণৰ কিছুমান কথা-বতৰা চিন্তা কৰি অখিল গগৈ বা গৌৰৱ গগৈয়ে এইবাৰ নামাজ নপঢ়িলে নেকি বুলিও প্ৰশ্ন উত্থাপন কৰে৷

Nandita Garlosa: সিদ্ধান্ত সলালে নন্দিতা গাৰ্লোচাই, থাকিব বিজেপিতে

Nandita Garlosa: সিদ্ধান্ত সলালে নন্দিতা গাৰ্লোচাই, থাকিব বিজেপিতে
Nandita Garlosa: সিদ্ধান্ত সলালে নন্দিতা গাৰ্লোচাই, থাকিব বিজেপিতে

সিদ্ধান্ত সলালে (Nandita Garlosa) নন্দিতা গাৰ্লোচাই, বিজেপিতে থাকিব তেওঁ৷ হাফলং সমষ্টিৰ বিজেপিৰ বৰ্তমান বিধায়িকা নন্দিতা গাৰ্লোচাই শেষমুহূৰ্তত ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰাৰ পূৰ্বৰ সিদ্ধান্ত সলনি কৰি বিজেপি দলতে থকাৰ সিদ্ধান্ত লৈছে ৷ ১১৩ নম্বৰ হাফলং [জনজাতি] সমষ্টিৰ পৰা বিজেপিৰ টিকট নাপাই বিজেপি দল ত্যাগ কৰি কংগ্ৰেছ দলত যোগদান কৰাৰ সিদ্ধান্ত লৈছিল আৰু সেয়া লৈ ডিমা হাছাও জিলাৰ ৰাজনীতিত এক হুলস্থূলীয় পৰিস্থিতিৰ সৃষ্টি কৰিছিল৷

অৱশেষত বিজেপি নেত্ৰীগৰাকীয়ে কংগ্ৰেছত যোগদান কৰাৰ নিজৰ স্থিতি সলনি কৰি বিজেপি দলৰ হৈ কাম কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ বিজেপিৰ টিকটৰ পৰা বঞ্চিত হোৱাৰ পিছতে যোৱা তিনি দিন বিজেপি নেত্ৰী নন্দিতা গাৰ্লোচাৰ লগত কংগ্ৰেছ নেতৃত্বৰ লগতে বহুকেইখন বৈঠক অনুষ্ঠিত হয়৷

কংগ্ৰেছ দলত যোগদান কৰিলে হাফলং সমষ্টিৰ পৰা নন্দিতা গাৰ্লোচাক কংগ্ৰেছৰ প্ৰাৰ্থী কৰা হ’ব বুলি দলীয় নেতৃত্বই তেওঁক আশ্বাস প্ৰদান কৰিছিল৷ দলৰ স্বাৰ্থত হাফলং সমষ্টিৰ পৰা কংগ্ৰেছ প্ৰাৰ্থিত্বৰ প্ৰবল দাবীদাৰ নিৰ্মল লাংথাচাই প্ৰাৰ্থিত্ব এৰি দিয়াৰ সিদ্ধান্ত লৈছিল৷ যাৰ বাবে আজিলৈকে কংগ্ৰেছ দলে হাফলং সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থীৰ নাম ঘোষণা কৰা নাছিল৷ শুকুৰবাৰে কংগ্ৰেছ দলে সাতজনীয়া প্ৰাৰ্থী তালিকা ঘোষণা কৰে ৷ কিন্তু সেই তালিকাত হাফলং সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থীৰ নাম ঘোষণা কৰা নাছিল৷

শুকুৰবাৰে নিশালৈকে গুৱাহাটীত নন্দিতা গাৰ্লোচাৰ লগতে কংগ্ৰেছ নেতৃত্বৰ মাৰাথন বৈঠক অনুষ্ঠিত হৈছিল৷ কিন্তু অৱশেষত হাফলং সমষ্টিৰ বৰ্তমান বিধায়িকাগৰাকীয়ে শেষ মুহূৰ্তত তেওঁৰ কংগ্ৰেছ দলত যোগদানৰ সিদ্ধান্ত সলনি কৰে ৷ উল্লেখযোগ্য যে, হাফলং সমষ্টিৰ পৰা বিজেপিৰ টিকট নাপাই ক্ষোভিত হৈ বিজেপি দল ত্যাগ কৰি কংগ্ৰেছ দলত যোগদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল৷ ইপিনে এইবাৰ হাফলং সমষ্টিত বৰ্তমান বিধায়িকা নন্দিতা গাৰ্লোচাক টিকট নিদি বিজেপিৰ যুৱ নেত্ৰী ৰূপালী লাংথাচাক বিজেপি দলে টিকট প্ৰদান কৰে৷

Sherman Ali Ahmed: মন্দিয়াৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ’ব শ্বেৰমান আলী

Sherman Ali Ahmed: মন্দিয়াৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ'ব শ্বেৰমান আলী
Sherman Ali Ahmed: মন্দিয়াৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ'ব শ্বেৰমান আলী

এমাহৰ ভিতৰত দুবাৰকৈ দল সলনি শ্বেৰমানৰ।(Sherman Ali Ahmed)

কিছুদিন পূৰ্বে যোগদান কৰিছিল ৰাইজৰ দলত।

বিচৰামতে সমষ্টি নাপাই অসন্তুষ্ট হৈছিল শ্বেৰমান।

অৱশেষত তৃণমূল কংগ্ৰেছত যোগদান শ্বেৰমান আলীৰ।

মন্দিয়াৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ’ব শ্বেৰমান আলী।

মন্দিয়া সমষ্টিৰ পৰা TMCৰ প্ৰাৰ্থিত্ব লাভ শ্বেৰমান আলী আহমেদৰ।

ৰাইজৰ দলে প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত কৰাত এই সিদ্ধান্ত।

৪৮ ঘণ্টাৰ ভিতৰতে ইৰানে খুলি দিব লাগিব ষ্ট্ৰেইট অব হৰমুজ

৪৮ ঘণ্টাৰ ভিতৰতে ইৰানে খুলি দিব লাগিব ষ্ট্ৰেইট অব হৰমুজ
৪৮ ঘণ্টাৰ ভিতৰতে ইৰানে খুলি দিব লাগিব ষ্ট্ৰেইট অব হৰমুজ

মাত্ৰ ৪৮ ঘণ্টা!

ইৰানক সকীয়নি ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ।

হৰমুজ প্ৰণালী খুলি দিবলৈ ইৰানক সময় বান্ধি দিলে ট্ৰাম্পে

৪৮ ঘণ্টাৰ ভিতৰতে ইৰানে খুলি দিব লাগিব ষ্ট্ৰেইট অব হৰমুজ।

৪৮ ঘণ্টাৰ ভিতৰত হৰমুজ প্রণালী খুলি নিদিলে আমেৰিকাই ইৰাণৰ বিদ্যুৎ কেন্দ্ৰসমূহত বৃহৎ আক্ৰমণ চলাব।।

ট্ৰাম্পে নিজৰ ছ’চিয়েল মিডিয়া হেণ্ডেল ‘ট্ৰুথ ছ’চিয়েল’ত একপ্ৰকাৰৰ ভাবুকিয়েই দিছে ইৰানক।

তিনিচুকীয়াৰ জাগুনত অসম আৰক্ষীৰ কমাণ্ড বাহিনীৰ কেম্পত গ্ৰেণেড বিস্ফোৰণ

তিনিচুকীয়াৰ জাগুনত অসম আৰক্ষীৰ কমাণ্ড বাহিনীৰ কেম্পত গ্ৰেণেড বিস্ফোৰণ
তিনিচুকীয়াৰ জাগুনত অসম আৰক্ষীৰ কমাণ্ড বাহিনীৰ কেম্পত গ্ৰেণেড বিস্ফোৰণ

তিনিচুকীয়াৰ জাগুনত গ্ৰেণেড বিস্ফোৰণ।

অসম আৰক্ষীৰ কমাণ্ড বাহিনীৰ কেম্পত গ্রেণেড বিস্ফোৰণ।

বিস্ফোৰণৰ লগতে সংঘটিত হয় গুলীচালনা।

আলফা স্বাধীনৰ দ্বাৰা বিস্ফোৰণৰ সন্দেহ কৰা হৈছে।

চাৰিজন জোৱান গুৰুতৰভাৱে আহত আহত তিনিজনৰ অৱস্থা সংকটজনক।

পুৱতি নিশা ভয়ংকৰ কামাণ্ডো শিবিৰলৈ লক্ষ্য কৰি RPG নিক্ষেপ।

গ্ৰেণেড বিস্ফোৰণৰ লগতে সেনা চাউনীলৈ লক্ষ্য কৰি গুলীচালনা।