Home Blog Page 63

৪৮ ঘণ্টাৰ ভিতৰতে ইৰানে খুলি দিব লাগিব ষ্ট্ৰেইট অব হৰমুজ

৪৮ ঘণ্টাৰ ভিতৰতে ইৰানে খুলি দিব লাগিব ষ্ট্ৰেইট অব হৰমুজ
৪৮ ঘণ্টাৰ ভিতৰতে ইৰানে খুলি দিব লাগিব ষ্ট্ৰেইট অব হৰমুজ

মাত্ৰ ৪৮ ঘণ্টা!

ইৰানক সকীয়নি ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ।

হৰমুজ প্ৰণালী খুলি দিবলৈ ইৰানক সময় বান্ধি দিলে ট্ৰাম্পে

৪৮ ঘণ্টাৰ ভিতৰতে ইৰানে খুলি দিব লাগিব ষ্ট্ৰেইট অব হৰমুজ।

৪৮ ঘণ্টাৰ ভিতৰত হৰমুজ প্রণালী খুলি নিদিলে আমেৰিকাই ইৰাণৰ বিদ্যুৎ কেন্দ্ৰসমূহত বৃহৎ আক্ৰমণ চলাব।।

ট্ৰাম্পে নিজৰ ছ’চিয়েল মিডিয়া হেণ্ডেল ‘ট্ৰুথ ছ’চিয়েল’ত একপ্ৰকাৰৰ ভাবুকিয়েই দিছে ইৰানক।

তিনিচুকীয়াৰ জাগুনত অসম আৰক্ষীৰ কমাণ্ড বাহিনীৰ কেম্পত গ্ৰেণেড বিস্ফোৰণ

তিনিচুকীয়াৰ জাগুনত অসম আৰক্ষীৰ কমাণ্ড বাহিনীৰ কেম্পত গ্ৰেণেড বিস্ফোৰণ
তিনিচুকীয়াৰ জাগুনত অসম আৰক্ষীৰ কমাণ্ড বাহিনীৰ কেম্পত গ্ৰেণেড বিস্ফোৰণ

তিনিচুকীয়াৰ জাগুনত গ্ৰেণেড বিস্ফোৰণ।

অসম আৰক্ষীৰ কমাণ্ড বাহিনীৰ কেম্পত গ্রেণেড বিস্ফোৰণ।

বিস্ফোৰণৰ লগতে সংঘটিত হয় গুলীচালনা।

আলফা স্বাধীনৰ দ্বাৰা বিস্ফোৰণৰ সন্দেহ কৰা হৈছে।

চাৰিজন জোৱান গুৰুতৰভাৱে আহত আহত তিনিজনৰ অৱস্থা সংকটজনক।

পুৱতি নিশা ভয়ংকৰ কামাণ্ডো শিবিৰলৈ লক্ষ্য কৰি RPG নিক্ষেপ।

গ্ৰেণেড বিস্ফোৰণৰ লগতে সেনা চাউনীলৈ লক্ষ্য কৰি গুলীচালনা।

কংগ্ৰেছৰ সৈতে মিত্ৰতাৰ পাছতে তিনিটা সমষ্টিত প্ৰাৰ্থীৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ ৰাইজৰ দলৰ

কংগ্ৰেছৰ সৈতে মিত্ৰতাৰ পাছতে তিনিটা সমষ্টিত প্ৰাৰ্থীৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ ৰাইজৰ দলৰ
কংগ্ৰেছৰ সৈতে মিত্ৰতাৰ পাছতে তিনিটা সমষ্টিত প্ৰাৰ্থীৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ ৰাইজৰ দলৰ

কংগ্ৰেছৰ সৈতে মিত্ৰতাৰ পাছতে ৰাইজৰ দলৰ প্ৰাৰ্থী তালিকা সংশোধন। ১৩ টা সমষ্টিৰ ভিতৰত ১২ টা সমষ্টিৰ প্ৰাৰ্থীৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ।

আনহাতে কংগ্ৰেছৰ সৈতে মিত্ৰতাৰ পাছতে জালুকবাৰী, নাওবৈচা, ধেমাজিৰ ৰাইজৰ দলৰ প্ৰাৰ্থীৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ ৰাইজৰ দলৰ। জালুকবাৰী সমষ্টিৰ ৰমেন বৰঠাকুৰ, নাওবৈচাত হৰিকান্ত দাস, ধেমাজিত বাবুল সোণোৱালৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ ৰাইজৰ দলৰ। এই তিনিওটা সমষ্টিতে বিৰোধী মিত্রদল কংগ্ৰেছে প্রক্ষেপ কৰিব প্ৰাৰ্থী।

Screenshot

নিশা সংশোধিত প্রার্থী তালিকা ঘোষণা ৰাইজৰ দলৰ। ২টা সমষ্টিত ৰাইজৰ দলে সলনি কৰিছে প্রার্থী। লক্ষ্যজ্যোতি গগৈৰ পৰিৱৰ্তে ডিগবৈত দুলাল মৰাণক প্রার্থিত্ব প্ৰদান। বোকাখাত সমষ্টিত ৰতন দাৱৰ পৰিৱৰ্তে আন এজনক প্রার্থিত্ব দিব ৰাইজৰ দলে। গৌৰীপুৰ, কলিয়াবৰ সমষ্টিত নতুন প্রার্থী প্রক্ষেপ ৰাইজৰ দলৰ। গৌৰীপুৰত আবুল মিঞা, কলিয়াবৰত প্ৰদীপ কুমাৰ বৰুৱাক প্রার্থিত্ব ৰাইজৰ দলৰ।

কণ্ঠশিল্পী জবা চক্ৰৱৰ্তীৰ নতুন গোৱালপৰীয়া ভিডিঅ’ এলবাম “মই সুন্দৰী বান্ধন জানং না” উন্মোচন

কণ্ঠশিল্পী জবা চক্ৰৱৰ্তীৰ নতুন গোৱালপৰীয়া ভিডিঅ’ এলবাম “মই সুন্দৰী বান্ধন জানং না” উন্মোচন
কণ্ঠশিল্পী জবা চক্ৰৱৰ্তীৰ নতুন গোৱালপৰীয়া ভিডিঅ’ এলবাম “মই সুন্দৰী বান্ধন জানং না” উন্মোচন

আকাশবাণী আৰু দূৰদৰ্শনৰ ‘এ গ্ৰেড’ৰ কণ্ঠশিল্পী জবা চক্ৰৱৰ্তীৰ নতুন গোৱালপৰীয়া ভিডিঅ’ এলবাম “মই সুন্দৰী ৰান্ধন জানং না” গুৱাহাটীৰ আমবাৰীস্থিত নিউ আৰ্ট প্লেয়াৰ্ছৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ মাজেৰে উন্মোচন কৰা হয়। এছ.ডি. প্ৰডাকশ্যনৰ বেনাৰত নিৰ্মিত এই ভিডিঅ’ এলবামটিৰউন্মোচনী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকেবিশিষ্ট সংগীত পৰিচালক তথা একৰ্ডিয়ান বাদক অনুপম চৌধুৰী,অসম চৰকাৰৰ ২০২৬ বৰ্ষৰ সন্মানীয় শিল্পী বঁটা প্ৰাপক তথা বিশিষ্ট লোকসংগীত শিল্পী ধনদা পাঠক, পদ্মশ্ৰী বঁটা প্ৰাপক তথা বিশিষ্ট সমাজকৰ্মী অজয় দত্ত আৰু প্ৰতিদিন টাইম’ৰ মুখ্য সম্পাদক তথা বিশিষ্ট সাংবাদিক নিতুমণি শইকীয়া আদি বিশিষ্ট ব্যক্তিসকল।

মঞ্চত এলবামটোৰ আনুষ্ঠানিক উন্মোচনী হৈ যোৱাৰ পিছতেই উপস্থিত বিশিষ্ট ব্যক্তিসকলে এলবামটোৰ ওপৰত আলোকপাত কৰি নিজ নিজ বক্তব্য আগবঢ়ায়।

বক্তব্য প্ৰসংগত অতিথিসকলে জবা চক্ৰৱৰ্তীৰ কণ্ঠৰ শলাগ লোৱাৰ লগতে গোৱালপৰীয়া লোকসংগীত সংৰক্ষণৰ ক্ষেত্ৰত তেওঁৰ এই প্ৰয়াসক ভূয়সী প্ৰসংশা আৰু আদৰণি জনায়। বিশেষকৈ লোকসংগীতৰ লগত আধুনিক দৃশ্য-শ্ৰব্য সংমিশ্ৰণ কৰি উপস্থাপন কৰা এই এলবামটো যুৱ প্ৰজন্মৰ বাবে বিশেষভাৱে আকৰ্ষণীয় হ’ব বুলি অতিথিসকলে মত পোষণ কৰে।

অনুষ্ঠানটোৰ শেষত গায়িকা জবা চক্ৰৱৰ্তীৰ জীয়াৰী অনন্যা দাসে অনুষ্ঠানটোৰ লগত ৰজিতাখুৱাই এটি সুন্দৰ গোৱালপৰীয়া লোক গীতেৰে উপস্থিত শ্ৰোতা দৰ্শকক মুগ্ধ কৰে।
উল্লেখ্য যে, শাস্ত্ৰীয় সংগীতত এম.মিউজ ডিগ্ৰীধাৰী আৰু ‘হৰাইজ’ন সংগীত শিৰোমণি বঁটা ২০২৩’ বিজয়ী জবা চক্ৰৱৰ্তীয়ে পূৰ্বেও আন্তঃৰাষ্ট্ৰীয় মঞ্চত সংগীত পৰিৱেশন কৰি অসমৰ লোক-সংস্কৃতিক প্ৰতিনিধিত্ব কৰিছে।

অভিনেত্ৰী মেলডি পাটগিৰিয়ে আঁত ধৰা আজিৰ এই অনুষ্ঠানত মহানগৰীৰ বহুকেইগৰাকী বিশিষ্ট ব্যক্তি, সাংস্কৃতিক কৰ্মী আৰু সংবাদ মাধ্যমৰ প্ৰতিনিধি উপস্থিত থাকে। শিল্পীগৰাকীয়ে তেওঁৰ এই নৱতম সৃষ্টিৰ বাবে সমূহ ৰাইজৰ আশীৰ্বাদ আৰু সহযোগিতা কামনা কৰিছে।

প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হোৱাৰ পিছতে ডাঙৰ সিদ্ধান্ত জয়ন্ত দাসৰ

প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হোৱাৰ পিছতে ডাঙৰ সিদ্ধান্ত জয়ন্ত দাসৰ
প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হোৱাৰ পিছতে ডাঙৰ সিদ্ধান্ত জয়ন্ত দাসৰ

বিজেপি ত্যাগ কৰিলে জয়ন্ত দাসে।

প্ৰাৰ্থীত্বৰ পৰা বঞ্চিত হৈ ল’লে এই সিদ্ধান্ত।

দিলীপ শইকীয়ালৈ পদত্যাগ পত্ৰ প্ৰেৰণ।

দিছপুৰ সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী হ’ব জয়ন্ত কুমাৰ দাস।

প্ৰদ্যুৎ বৰদলৈৰ বিৰুদ্ধে দিছপুৰত খেলিব নিৰ্বাচন।



ডলাৰৰ বিপৰীতে ভাৰতীয় মূল্যৰ পতনঃ প্ৰথমবাৰৰ বাবে ডলাৰৰ বিপৰীতে ৯৩ টকাৰ সীমা অতিক্ৰম

ডলাৰৰ বিপৰীতে ভাৰতীয় মূল্যৰ পতনঃ প্ৰথমবাৰৰ বাবে ডলাৰৰ বিপৰীতে ৯৩ টকাৰ সীমা অতিক্ৰম
ডলাৰৰ বিপৰীতে ভাৰতীয় মূল্যৰ পতনঃ প্ৰথমবাৰৰ বাবে ডলাৰৰ বিপৰীতে ৯৩ টকাৰ সীমা অতিক্ৰম

পশ্চিম এছিয়াত ক্ৰমাৎ বৃদ্ধি পোৱা সংঘাতৰ বাবে ভাৰতীয় মুদ্ৰাই পুনৰ ডাঙৰ আঘাতৰ সন্মুখীন হৈছে৷ শুকুৰবাৰে প্ৰথমবাৰৰ বাবে ডলাৰৰ বিপৰীতে ৯৩ টকাৰ সীমা অতিক্ৰম কৰি অভিলেখ সৃষ্টি কৰিছে৷ বজাৰ খোলাৰ কেইমিনিটমানৰ ভিতৰতে টকাৰ মূল্য পতন হৈ প্ৰায় ৯৩.১৫ত উপনীত হয়৷ বিশেষজ্ঞসকলৰ মতে এই পতনৰ আঁৰৰ মূল কাৰণ হৈছে আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য বৃদ্ধি আৰু পশ্চিম এছিয়াত অস্থিৰতা৷ ব্ৰেণ্ট খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰেলত ১০০ ডলাৰৰ ওপৰত, যিটো ভাৰতৰ দৰে তেল আমদানি নিৰ্ভৰশীল দেশৰ বাবে এক ডাঙৰ চিন্তাৰ বিষয়৷ অৰ্থনীতিবিদসকলে অনুমান কৰিছে যে যদি খাৰুৱা তেলৰ মূল্য ১ ডলাৰ বৃদ্ধি পায় তেন্তে ভাৰতৰ আমদানি ব্যয় প্ৰায় ১৬ হাজাৰ কোটি টকা বৃদ্ধি পায়৷ তেলৰ দাম বাঢ়িলে দেশৰ আমদানি ব্যয় বাঢ়ি যায়৷ ফলত ডলাৰৰ চাহিদা বাঢ়ি যায়, যাৰ ফলত টকাত পোনপটীয়াকৈ চাপ পৰে৷ একে সময়তে ইন্ধনৰ ব্যয় বৃদ্ধিৰ বাবে সামগ্ৰিকভাৱে মূল্যবৃদ্ধিৰ আশংকাও বৃদ্ধি পাইছে৷ কেৱল তেলৰ মূল্যই নহয়, আন্তঃৰাষ্ট্ৰীয় বিনিয়োগকাৰীৰ মনোভাৱেও এই পতনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে৷ বিশ্বজুৰি অনি(য়তা বৃদ্ধি পোৱাৰ লগে লগে বিনিয়োগকাৰীসকলে নিৰাপদ সম্পদৰ পিনে মুখ কৰিছে৷

ফলত মাৰ্কিন ডলাৰৰ চাহিদা বাঢ়িছে, যাৰ ফলত টকাৰ দৰে উদীয়মান অৰ্থনীতিৰ মুদ্ৰা দুৰ্বল হৈ পৰিছে৷ ইয়াৰ উপৰি বিদেশী প্ৰতিষ্ঠানিক বিনিয়োগকাৰীসকলেও ভাৰতীয় শ্বেয়াৰ বজাৰৰ পৰা ধন উলিয়াই নিবলৈ ধৰিছে৷ ইয়াৰ ফলত টকাক ডলাৰলৈ ৰূপান্তৰিত কৰাৰ প্ৰৱণতা বাঢ়িছে, যাৰ ফলত মুদ্ৰাৰ ওপৰত অধিক চাপ পৰিছে৷ আমেৰিকাৰ ফেডাৰেল ৰিজাৰ্ভৰ নীতিয়েও এই পৰিস্থিতিত প্ৰভাৱ পেলাইছে৷ সুতৰ হাৰ হ্ৰাস কৰাৰ ক্ষেত্ৰত সতৰ্ক স্থিতিৰ বাবে ডলাৰ শক্তিশালী হৈছে৷ ফলত বিশ্বৰ বজাৰত ইয়াৰ প্ৰভাৱ পৰিছে৷ এই পৰিস্থিতিৰ প্ৰভাৱ কেৱল বৈদেশিক মুদ্ৰাৰ বজাৰতে সীমাবদ্ধ নহয়৷ টকাৰ হ্ৰাস আৰু তেলৰ মূল্যবৃদ্ধিৰ ফলত দেশত আমদানি নিৰ্ভৰশীল সামগ্ৰীৰ ব্যয় বৃদ্ধি পাব পাৰে৷ ইয়াৰ ফলত ব্যৱসায়ী আৰু সাধাৰণ মানুহৰ ব্যয় বৃদ্ধিৰ আশংকাও সৃষ্টি হৈছে৷

প্ৰসংগক্ৰমে চলিত মাহৰ আৰম্ভণিতে ভাৰতীয় মুদ্ৰাই ডলাৰৰ বিপৰীতে ৯২ টকা অতিক্ৰম কৰি অভিলেখ সৃষ্টি কৰিছিল৷ এতিয়া বজাৰে আৰব বিশ্বৰ পৰিস্থিতি, তেলৰ মূল্যৰ উঠা-নমা আৰু ভাৰতীয় ৰিজাৰ্ভ বেংকৰ সম্ভাব্য পদক্ষেপৰ ওপৰত চকু ৰাখিব৷ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ৰিজাৰ্ভ বেংকে হস্তক্ষেপ কৰে নে নকৰে সেয়াও অনাগত দিনত গুৰুত্বপূৰ্ণ হ’ব৷

মধ্য প্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱঃ প্ৰিমিয়াম পেট্ৰ’লৰ মূল্য প্ৰতি লিটাৰত ২.৩৫ টকাকৈ বৃদ্ধি

মধ্য প্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱঃ প্ৰিমিয়াম পেট্ৰ’লৰ মূল্য প্ৰতি লিটাৰত ২.৩৫ টকাকৈ বৃদ্ধি
মধ্য প্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱঃ প্ৰিমিয়াম পেট্ৰ’লৰ মূল্য প্ৰতি লিটাৰত ২.৩৫ টকাকৈ বৃদ্ধি

২০ মাৰ্চৰ পৰা বিপিচিএলৰ স্পীড, এইচপিচিএলৰ পাৱাৰ আৰু আইঅ’চিএলৰ এক্সপি ৯৫১ মূল্য প্ৰতি লিটাৰত আজিৰে পৰা ২.০৯-২.৩৫ টকা বৃদ্ধি পাইছে৷ পশ্চিম এছিয়াত বৃদ্ধি পোৱা উত্তেজনাৰ ফলত বিশ্বজুৰি খাৰুৱা তেলৰ মূল্যবৃদ্ধিৰমাজতে আজিৰ পৰা কাৰ্যকৰী হোৱাকৈ ভাৰতত পেট্ৰ’লৰ প্ৰিমিয়াম মূল্য বৃদ্ধি কৰিছে তেল বিপণন কোম্পানীসমূহে৷ ২০২৬ চনৰ ২০ মাৰ্চৰ পৰা ২.৩৫ টকা পৰ্যন্ত ব্যয়বহুল হৈ পৰিছে প্ৰিমিয়াম পেট্ৰ’ল৷ বিপিচিএলৰ স্পীড, এইচপিচিএলৰ পাৱাৰ আৰু আইঅ’চিএলৰ এক্সপি ৯৫১ মূল্য প্ৰতি লিটাৰত ২.০৯-২.৩৫ টকা বৃদ্ধি পাইছে৷ কিন্তু বৰ্তমানলৈ সাধাৰণ পেট্ৰ’লৰ দামৰ কোনো পৰিৱৰ্তন হোৱা নাই৷

উল্লেখ্য, আজি খাৰুৱা তেলৰ মূল্য ৩.৩৯ শতাংশ পৰ্যন্ত হ্ৰাস পাই দিনটোৰ ভিতৰতে নূ্যনতম ১০৪.৯৬ ডলাৰ প্ৰতি বেৰেলত উপনীত হোৱাৰ বিপৰীতে আমেৰিকাৰ ডব্লিউ টি আই খাৰুৱা তেলৰ মূল্য ৩.২২ শতাংশ হ্ৰাস পাই ৯২.৪৭ ডলাৰ হয় আৰু দিনটোৰ ভিতৰতে নিম্নতম স্তৰত উপনীত হয়৷ শেহতীয়াকৈ ভূ-ৰাজনৈতিক উত্তেজনাৰ মাজত খাৰুৱা তেলৰ মূল্য তীব্ৰভাৱে বৃদ্ধি পাইছে৷ পশ্চিম এছিয়াৰ সংঘাতৰ ২১সংখ্যক দিনত ভৰি দিয়াৰ লগে লগে খাৰুৱা তেলৰ মূল্য প্ৰায় ৪০ শতাংশ বৃদ্ধি পাই ২ মাৰ্চত ৭৭.৭৪ ডলাৰৰ পৰা ১৯ মাৰ্চত ১০৮.৬৫ ডলাৰলৈ বৃদ্ধি পায়৷

social media accounts: চৰকাৰক কৰিছিল সমালোচনাঃ বন্ধ কৰি দিয়া হ’ল একাধিক ছ’চিয়েল মিডিয়া একাউণ্ট

social media accounts: চৰকাৰক কৰিছিল সমালোচনাঃ বন্ধ কৰি দিয়া হ’ল একাধিক ছ’চিয়েল মিডিয়া একাউণ্ট
social media accounts: চৰকাৰক কৰিছিল সমালোচনাঃ বন্ধ কৰি দিয়া হ’ল একাধিক ছ’চিয়েল মিডিয়া একাউণ্ট

কেইবাখনো (social media accounts) ৰাজ্যৰ বিধানসভা নিৰ্বাচন সমাগত৷ চৰকাৰক সমালোচনা বা ব্যংগ কৰা কেইবাটাও ছ’চিয়েল মিডিয়া একাউণ্ট হঠাতে বন্ধ কৰি দিয়া কাৰ্যক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিৰোধী দল কংগ্ৰেছ আৰু ডিজিটেল অধিকাৰৰ হকে মাত মাতি অহা সংস্থা ইণ্টাৰনেট ফ্ৰীডম ফাউণ্ডেচনে৷ বৰ্তমানৰ অৰ্থনৈতিক, কূটনৈতিক আৰু ৰাজনৈতিক সংকটৰ সময়ত চৰকাৰে বিৰোধীৰ মাত অৱদমন কৰিবলৈ এনে পদক্ষেপ গ্ৰহণ কৰা বুলি বিৰোধীয়ে অভিযোগ উত্থাপন কৰিছে৷ একে সময়তে, নিৰ্দিষ্ট কোনো আইনী কাৰণ নোহোৱাকৈ কেৱল ব্যংগাত্মক আৰু ৰাজনৈতিক মত প্ৰকাশ কৰা একাউণ্টসমূহক লক্ষ্য কৰি লোৱা কাৰ্যত আই এফ এফে তীব্ৰ উদ্বেগ প্ৰকাশ কৰিছে আৰু চৰকাৰক এইক্ষেত্ৰত স্বচ্ছতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে৷ বৃহস্পতিবাৰে সাংবাদিকৰ আগত এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কংগ্ৰেছৰ ছ’চিয়েল মিডিয়া বিভাগৰ মুৰব্বী সুপ্ৰিয়া শ্ৰীনাটে কয় যে ডিজিটেল প্লেটফৰ্মসমূহত প্ৰৱেশ নিয়ন্ত্ৰণ কৰাটোৱে চৰকাৰৰ ভয় আৰু ব্যৰ্থতাক প্ৰতিফলিত কৰিছে৷

তেওঁ অভিযোগ কৰে যে বন্ধ কৰি দিয়া একাউণ্টসমূহৰ বেছি ভাগেই আছিল স্বাধীন কণ্ঠ, যিসকলে চৰকাৰক উত্তৰদায়ী কৰিবলৈ চেষ্টা কৰিছিল আৰু তেওঁলোকৰ কংগ্ৰেছ দলৰ সৈতে কোনো পোনপটীয়া সম্পৰ্ক নাছিল৷ শেহতীয়াকৈ ইৰাণৰ যুদ্ধৰ পৰিপ্ৰেক্ষিতত ভাৰতৰ ভূমিকা সন্দৰ্ভত প্ৰশ্ন উত্থাপন হোৱাৰ সময়তে অনলাইন মাধ্যমত চৰকাৰৰ এই কঠোৰ স্থিতি পৰিলক্ষিত হৈছে বুলি তেওঁ উল্লেখ কৰে৷ চৰকাৰী নিৰ্দেশনাত ভাৰতত যিবোৰ ছ’চিয়েল মিডিয়া হেণ্ডেল বন্ধ কৰা হৈছে, তাৰ ভিতৰত কেইবাটাও পেৰ’ডী আৰু ব্যংগাত্মক একাউণ্ট অন্তৰ্ভুক্ত আছে৷ প্ৰকাশিত তথ্য অনুসৰি, এই বন্ধ কৰা একাউণ্টসমূহৰ মাজত প্ৰধানকৈ কেইটামান বিশেষ হেণ্ডেল যেনে ‘@DrNimoYadav’, ‘@Nehr_who’, ‘@indian_armada’ আৰু ব্যংগাত্মক একাউণ্ট ‘@mrjethwani_’, ‘@Doc_RGM’ আদি আছে৷ ইয়াৰ লগতে সমাজকৰ্মী সন্দীপ সিঙৰ একাউণ্টো স্থগিত ৰখা হৈছে৷ আনহাতে, ‘দ্য কেৰাভান’ আলোচনীৰ ৰাজনৈতিক সম্পাদক হৰতোষ সিং বলে প্ৰকাশ কৰা মতে, ২০০২ চনৰ ‘ইণ্ডিয়া টুডে’ আলোচনীৰ এখন বেটুপাত শ্বেয়াৰ কৰা তেওঁৰ এটা পোষ্টো ছ’চিয়েল মিডিয়া প্লেটফৰ্মৰ পৰা আঁতৰাই দিয়া হৈছে৷

এই বেটুপাতখনত সেই সময়ৰ গুজৰাটৰ মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোদীক আৰ এছ এছৰ টুপী পৰিহিত অৱস্থাত ‘হিৰো অৱ হেট্ৰেড’ শিৰোনামেৰে প্ৰদৰ্শন কৰা হৈছিল৷ ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে তথ্য প্ৰযুক্তি আইনৰ ৬৯ [এ] ধাৰাৰ অধীনত বৰ্তমানৰ ইলেক্টªনিক্‌ছ আৰু তথ্য-প্ৰযুক্তি মন্ত্ৰণালয়ৰ উপৰি প্ৰতিৰক্ষা, বৈদেশিক পৰিক্ৰমা আৰু গৃহ মন্ত্ৰণালয়কো ছ’চিয়েল মিডিয়াৰ সমল আঁতৰোৱাৰ নিৰ্দেশ দিয়াৰ ক্ষমতা প্ৰদান কৰাৰ বিষয়ে চিন্তা-চৰ্চা কৰিছে বুলি বাতৰি প্ৰকাশ পাইছে৷ এনে পৰিস্থিতিত ইণ্টাৰনেট ফ্ৰীডম ফাউণ্ডেচনে জনাইছে যে ব্যৱহাৰকাৰীসকলে একাউণ্ট বন্ধ কৰাৰ কোনো স্পষ্ট কাৰণ নোপোৱাকৈ কেৱল ‘ভাৰতত স্থগিত ৰখা হৈছে’ বুলি এক সাধাৰণ জাননীহে লাভ কৰিছে৷ আই এফ এফে এই ঘটনাক বেআইনী সমলৰ পৰিৱৰ্তে ৰাজনৈতিক আৰু ব্যংগাত্মক বক্তব্যক লক্ষ্য কৰি লোৱা হৈছে বুলি সতৰ্ক কৰি দিছে৷ লগতে সংস্থাটোৱে চৰকাৰক সৰ্বোচ্ছ ন্যায়ালয়ৰ শ্ৰেয়া সিংঘল গোচৰৰ ৰায়দান মানি চলি একাউণ্ট বন্ধ কৰাৰ নিৰ্দেশনাসমূহ স্বচ্ছতাৰে প্ৰকাশ কৰিবলৈ আৰু ভুক্তভোগী ব্যৱহাৰকাৰীসকলক স্পষ্ট কাৰণ তথা আইনী প্ৰতিকাৰৰ ব্যৱস্থা প্ৰদান কৰিবলৈ দাবী জনাইছে৷

Topon Kumar Gogoi: একালৰ আছুৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক তপন কুমাৰ গগৈৰ ৰাজনৈতিক ভৱিষ্যতক লৈ সন্দেহ! কংগ্ৰেছত যোগদান কৰি মাহমৰা সমষ্টিৰ পৰা ভোট যুদ্ধত নামিব নে নিৰ্দলীয়ভাৱে সোণাৰিত ধৰ্মেশ্বৰ কোঁৱৰৰ বিৰুদ্ধে দিব থিয়

একালৰ আছুৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক তপন কুমাৰ গগৈৰ ৰাজনৈতিক ভৱিষ্যতক লৈ সন্দেহ!
একালৰ আছুৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক তপন কুমাৰ গগৈৰ ৰাজনৈতিক ভৱিষ্যতক লৈ সন্দেহ!

৯৩নং সোণাৰি (Topon Kumar Gogoi) বিধানসভা সমষ্টিৰ এসময়ৰ সদৌ অসম ছাত্ৰ সন্থা চমুকৈ আছুৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক পৰৱৰ্তী সময়ত সংসদীয় ৰাজনীতিত যোগদান কৰি বিজেপি দলৰ পৰা টিকট লাভ কৰি ২০১৬ চনত সোণাৰি বিধানসভা সমষ্টিত কংগ্ৰেছৰ অপ্ৰতিৰোধ্য নেতা, সোণাৰি সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী শৰৎ বৰকটকীক পৰাস্ত কৰি বিধানসভালৈ নিৰ্বাচিত হৈ ৰাজনৈতিক জীৱন আৰম্ভ কৰা তপন কুমাৰ গগৈক ২০২৬ ৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ দলীয় টিকটৰ পৰা বঞ্চিত কৰাত সচেতন মহলে তপন কুমাৰ গগৈৰ ৰাজনৈতিক ভৱিষ্যতক লৈ সন্দেহ প্ৰকাশ কৰিছে ৷

এসময়ৰ সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক, পৰৱৰ্তী সময়ত ৰাজনীতিত প্ৰৱেশ কৰি বিজেপি দলৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি জয়ী হৈ পৰ্যায়ক্ৰমে যোৰহাট লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ, অসম চৰকাৰৰ প্ৰাক্তন কেবিনেট মন্ত্ৰী, ভাৰতীয় জনতা পাৰ্টী অসম প্ৰদেশৰ উপ-সভাপতি তথা অসম ঔদ্যোগিক নিগমৰ অধ্যক্ষ তপন কুমাৰ গগৈয়ে শীঘ্ৰে বিজেপি দল ত্যাগ কৰি কংগ্ৰেছত যোগদান কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে বুলি সৰ্বত্ৰ চৰ্চা লাভ কৰিছে৷ আগন্তুক ২০২৬ চনৰ ৯ এপ্ৰিল তাৰিখে ৰাজ্যত হ’ব লগা বিধানসভা নিৰ্বাচনৰ সোণাৰি বিধানসভা সমষ্টিৰ প্ৰাৰ্থীৰূপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলৈ যোৱা পাঁচ বছৰৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, প্ৰাক্তন বিধায়িকা নৱনীতা সন্দিকৈ, বিজেপি মহিলা মৰ্চাৰ সভানেত্ৰী মীনা চাহু, বিজেপিৰ চাহ মৰ্চাৰ সম্পাদক লক্ষ্মীনাথ তাছাৰ উপৰি তপন কুমাৰ গগৈয়েও দলৰ ফালৰ পৰা প্ৰাৰ্থিত্ব বিচাৰি আবেদন জনাইছিল৷ বিজেপি দলৰ একাংশ দলীয় কৰ্মকৰ্তাৰ লগতে নেতা-কৰ্মী আৰু অনুগামীসকলেও তপন কুমাৰ গগৈক দলে টিকট প্ৰদান কৰাটো মনে-প্ৰাণে কামনা কৰিছিল৷ তপন কুমাৰ গগৈয়ে শেষমুহূৰ্তত দলে তেওঁকে টিকট প্ৰদান কৰিব বুলি আত্মবিশ্বাসী হৈ আছিল৷ আনকি টিকটৰ আশাত দিল্লীলৈ উৰা মাৰি শীৰ্ষ নেতৃত্বক সাক্ষাৎ কৰিছিল যদিও মূৰকত যোৱা পাঁচ বছৰৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰক দলে পুনৰ প্ৰাৰ্থিত্ব প্ৰদান কৰাত তপন কুমাৰ গগৈৰ অনুগ্ৰামীসকল ভিতৰি ক্ষুণ্ণ হৈ পৰিছে৷ বিজেপিৰ দলীয় টিকটৰ পৰা বঞ্চিত হৈ তপন কুমাৰ গগৈয়ে সোণাৰি সমষ্টিত ধৰ্মেশ্বৰ কোঁৱৰৰ বিৰুদ্ধে নিৰ্দলীয়ভাৱে নিৰ্বাচনত অৱতীৰ্ণ হ’ব বুলি সমষ্টিবাসীৰ মাজত চৰ্চিত হোৱাৰ সমান্তৰালকৈ আন একাংশই তপন কুমাৰ গগৈয়ে কংগ্ৰেছ দলৰ পৰা ৯৪নং মাহমৰা বিধানসভা সমষ্টিৰ পৰা বিৰো¸ধী উমৈহতীয়া মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচনী যুঁজত নমাৰ সন্দেহ প্ৰকাশ কৰিছে৷

ইতিমধ্যে তপন কুমাৰ গগৈয়ে কংগ্ৰেছ দলত যোগদান কৰিব বুলি সৰ্বত্ৰ প্ৰচাৰ হোৱাৰ সমান্তৰালকৈ কংগ্ৰেছ দলৰ হৈ মাহমৰাত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা অৱতীৰ্ণ হ’বৰ বাবে তপন কুমাৰ গগৈৰ নামত মনোনয়ন-পত্ৰ সংগ্ৰহ কৰাৰ খবৰ ভোটাৰ মাজত বিয়পি পৰিছে৷ এসময়ৰ সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক তপন কুমাৰ গগৈয়ে আছু ত্যাগ কৰাৰ পিছত সংক্ৰিয় ৰাজনীতিত যোগদান কৰিছিল৷ গগৈয়ে আছু ত্যাগ কৰাৰ সময়ত তৰুণ গগৈ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰৰ বিৰুদ্ধে প্ৰতিষ্ঠান বিৰুধী ঢৌ তুংগত উঠিছিল৷ প্ৰাক্তন আছু তপন কুমাৰ গগৈয়ে সেই সময়ত শাসকীয় কংগ্ৰেছ দল বা আঞ্চলিকতাবাদী শিবিৰ অসম গণ পৰিষদ দলত যোগদান কৰাৰ পৰিৱৰ্তে বিৰোধী বিজেপি দলত যোগদান কৰি সক্ৰিয় ৰাজনীতিত জড়িত হৈছিল৷ পৰৱৰ্তী সময়ত ২০১৬ চনত বিজেপি দলৰ পৰা সোণাৰি বিধানসভা সমষ্টিৰ দলীয় প্ৰাৰ্থী হিচাপে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈ দীৰ্ঘদিনে কংগ্ৰেছৰ দখলত থকা সমষ্টিটো উদ্বাৰ কৰিবলৈ সক্ষম হৈছিল৷ তপন কুমাৰ গগৈয়ে বিধায়ক হিচাপে নিৰ্বাচিত হৈ সমষ্টি উন্নয়নত মনোনিৱেশত নামি পৰিছিল ৷

২০১৯ চনৰ এপ্ৰিল দেশত অনুষ্ঠিত হোৱা ১৭সংখ্যক লোকসভা নিৰ্বাচনত দলে যোৰহাট সংসদীয় লোকসভা সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ’বৰ বাবে দলীয় টিকট প্ৰদান কৰাত নিৰ্বাচনত জয়ী হৈ ২০১৯ চনৰ পৰা ২০২৪ চনলৈ দিল্লীৰ মছনদত যোৰহাট লোকসভাৰ সাংসদৰ পদ শুৱনি কৰা তপন কুমাৰ গগৈ পুনৰ ২০২৪ চনৰ ১৯ এপ্ৰিলত অনুষ্ঠিত হোৱা ১৮সংখ্যক লোকসভা নিৰ্বাচনত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈৰ হাতত শোচনীয়ভাৱে পৰাজয়বৰণ কৰিছিল৷ ২০২৬ৰ দলীয় টিকটৰ পৰা বঞ্চিত তপন কুমাৰ গগৈৰ ৰাজনৈতিক ভৱিষ্যতক লৈও সচেতন মহলে সন্দেহ প্ৰকাশ কৰিছে ৷ আনহাতে, তপন কুমাৰ গগৈয়ে দল বিৰো¸ধী কাৰ্যত লিপ্ত নহয় বুলি উল্লেখ কৰাৰ লগতে সোণাৰি সমষ্টি নিৰ্দলীয়ভাৱে নিৰ্বাচনত অৱতীৰ্ণ হোৱা আৰু কংগ্ৰেছ দলত যোগদান কৰি ৯৪নং মাহমৰা সমষ্টিৰ পৰাও নিৰ্বাচন খেলাৰ কোনো ধৰণৰ অভিলাস নাই বুলি নিজা ফেচবুক পেজৰ জৰিযতে অৱগত কৰিছে৷ অৱশ্যে ৰাজনীতিত অসম্ভৱ বুলি একো নাই, ৰাজনীতিত সকলো সম্ভৱ, ৰাজনীতিত ৰাতিটোৰ ভিতৰতে সকলো ওলট-পালট হৈ যায়৷ এই কথা সময় আৰু ইতিহাসে প্ৰমাণ কৰি আহিছে ৷ সময়ে প্ৰমাণ কৰিব টিকটবঞ্চিত তপন কুমাৰ গগৈয়ে বিজেপিতে থাকিব নে আন দললৈ ঢাপলি মেলিব ইয়ো এক লাখটকীয়া প্ৰশ্ন হিচাপে সাধাৰণ ৰাইজ আৰু ভোটাৰৰ মাজত বিবেচিত হৈ ৰ’ব৷

Fasting Food: নৱৰাত্ৰীৰ ব্ৰত পালন কৰা সকলে চাগু দানা গ্ৰহণ কৰিছে নেকি? এই খাদ্য বিশুদ্ধ নে…

Fasting Food: নৱৰাত্ৰীৰ ব্ৰত পালন কৰা সকলে চাগু দানা গ্ৰহণ কৰিছে নেকি? এই খাদ্য বিশুদ্ধ নে...
Fasting Food: নৱৰাত্ৰীৰ ব্ৰত পালন কৰা সকলে চাগু দানা গ্ৰহণ কৰিছে নেকি? এই খাদ্য বিশুদ্ধ নে...

নৱৰাত্ৰীৰ ব্ৰতত (Fasting Food)থকা সময়ত চাগু খাব পাৰি নে নোৱাৰি তাকে লৈ বহু মানুহ চিন্তাত পৰে। চাগু দানা শস্য নে ফল আদি বহু প্ৰশ্ন উত্থাপন হয়। আৰম্ভ হৈছে নৱৰাত্ৰী। কিছুমান মানুহে পূজা কৰে আৰু তাৰ পিছত নৱৰাত্ৰীৰ উপবাসব বাবে ফলমূল খায় আৰু পানী খায়। কোনো কোনোৱে ব্ৰতৰ সময়ত চাগু খীৰ বা খিচড়িও গ্ৰহণ কৰে। কিন্তু আপোনাৰ মনত এই প্ৰশ্ন উত্থাপন হয়নে যে ব্ৰতৰ সময়ত চাগু খোৱাটো ভাল নে বেয়া? চাগু খাব লাগে নে নালাগে? বিশুদ্ধতা আৰু স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা চাগু খোৱাটো উচিত নে? নৱৰাত্ৰীৰ উপবাসৰ সময়ত ফলৰ খাদ্য হিচাপে চাগু খোৱাৰ কিছু টিপছ জানো আহক-

ধৰ্মীয় নিয়ম অনুসৰি বহু উপবাসৰ লগতে নৱৰাত্ৰি উপবাসতো ঘেঁহু বা চাউলৰ দৰে শস্য খোৱাত নিষেধাজ্ঞা আৰোপ কৰা হয়। চাগুৰ কথা ক’বলৈ গ’লে ই কোনো শস্য নহয়। চাগু দানা শিমলা আলু গছৰ পৰাই তৈয়াৰ কৰা হয়।। সেয়ে ব্ৰতৰ সময়ত চাগু খাব পাৰে। অৱশ্যে বিশুদ্ধতা বজাই ৰাখিবলৈ বহুতে নৱৰাত্ৰিৰ সময়ত সতেজ ফল খায়। ব্ৰতৰ সময়ত সদায় মানসিক নিয়ন্ত্ৰণ বজাই ৰাখক। ভক্তি বজাই ৰাখক আৰু প্ৰাৰ্থনাৰ সময়ত ঈশ্বৰ আৰু দেৱী দুৰ্গাৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰক। সাত্ত্বিক খাদ্য খাওক আৰু মনটো শান্ত কৰি ৰাখক। একাগ্ৰতা বজাই ৰাখক আৰু দেৱী দুৰ্গাৰ আশীৰ্বাদৰ বাবে প্ৰাৰ্থনা কৰক।


বৈজ্ঞানিকভাৱেও নৱৰাত্ৰি বা আন যিকোনো উপবাসৰ সময়ত চাগু গ্ৰহণ কৰাটো স্বাস্থ্যৰ বাবে এটা ভাল বিকল্প হ’ব পাৰে। অৱশ্যে চেগো খোৱাৰ আগতে চিকিৎসক বা বিশেষজ্ঞৰ পৰামৰ্শ লোৱাটো গুৰুত্বপূৰ্ণ। অৱশ্যে চাগু খালে শৰীৰত শক্তি প্ৰদান হয়।