Home Blog Page 64

Zubeen Garg: সৰুসজাইত অন্তিম শয়নত হাৰ্টথ্ৰ’ব জুবিন গাৰ্গ, কাষত পাপন…

সৰুসজাইত অন্তিম শয়নত হাৰ্টথ্ৰ'ব জুবিন গাৰ্গ
সৰুসজাইত অন্তিম শয়নত হাৰ্টথ্ৰ'ব জুবিন গাৰ্গ

অসমীয়াৰ হিয়াৰ আমঠু (Zubeen Garg) জুবিন গাৰ্গৰ শেষ শ্রদ্ধা জনাবলৈ অংগৰাগ পাপন মহন্ত কালি গুৱাহাটিত উপস্থিত হয়।

জুবিনৰ মৃত্যুত শোক প্ৰকাশ অংগৰাগ পাপন মহন্তৰ।

পাপনে কয়, “অসমৰ এই ক্ষতি আজি সমগ্ৰ পৃথিৱীয়ে দেখিছে”।

“জুবিনৰ দৰে ব্যক্তি হৈ জন্ম ল’বলৈ ধন্য হ’ব লাগিব”।

“জুবিনৰ অন্তিম যাত্ৰাত হোৱা জনসমুদ্ৰ বিশ্বৰ ভিতৰতে বিৰল”।

“বিশ্বত কোনো শিল্পীয়ে এনে মৰম পোৱা নাই”।

“জুবিনক শ্ৰদ্ধাঞ্জলি জনাবলৈ আহি পাপনৰ আৱেগিক মন্তব্য”।

Zubeen Garg: মৰমৰ জুবিনক আজি গোটেই নিশা আৰু কাইলৈ সৰুসজাইত শ্ৰদ্ধাঞ্জলি জনাব পাৰিব অনুৰাগীয়ে

মৰমৰ জুবিনক আজি গোটেই নিশা আৰু কাইলৈ সৰুসজাইত শ্ৰদ্ধাঞ্জলি জনাব পাৰিব অনুৰাগীয়ে
মৰমৰ জুবিনক আজি গোটেই নিশা আৰু কাইলৈ সৰুসজাইত শ্ৰদ্ধাঞ্জলি জনাব পাৰিব অনুৰাগীয়ে

মৰমৰ জুবিনক আজি গোটেই (Zubeen Garg) নিশা আৰু কাইলৈ সৰুসজাইত শ্ৰদ্ধাঞ্জলি জনাব পাৰিব অনুৰাগীয়ে। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যম যোগে জনাই যে আমাৰ মৰমৰ জুবিনক শেষবাৰৰ বাবে চাবলৈ বহুতেই ইচ্ছা প্ৰকাশ কৰিছে৷ আৰু এয়া স্বাভাৱিক৷ আমি সকলোৰে সেই আৱেগ-অনুভূতিক গভীৰভাৱে অনুধাৱন কৰিব পাৰিছোঁ৷ সেয়েহে আজি গোটেই নিশা সৰুসজাইৰ ভোগেশ্বৰ বৰুৱা ষ্টেডিয়াম খোলা থাকিব, যাতে আমাৰ হিয়াৰ আমঠু জুবিনক সকলোৱে শ্ৰদ্ধাঞ্জলি জনাব পাৰে। কাইলৈও একেই উদ্দেশ্যৰে জুবিনৰ পাৰ্থিৱ শৰীৰ সৰুসজাইতে ৰখা হ’ব।


আনহাতে জুবিনৰ অন্তিম যাত্ৰাত প্রায় ১০ লাখ অনুৰাগী। জুবিনৰ অন্তিম যাত্ৰাৰ সমদল বিশ্বৰ চতুৰ্থ সর্বোচ্চ বৃহৎ সমদল। প্রথম সমদল আছিল মাইকেল জেকচন, দ্বিতীয় আছিল ৰজা পোপ ফ্রেঞ্চিচ। তৃতীয় আছিল ৰাণী এলিজাবেথ ২ আৰু চতুর্থ আমাৰ মৰমৰ জুবিন গাৰ্গ।

Shyamkanu Mahanta: যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ’ব পাৰে শ্যামকানু মহন্ত!

যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে শ্যামকানু মহন্ত!
যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে শ্যামকানু মহন্ত!

শীঘ্ৰেই আহি আছে ডাঙৰ খবৰ।(Shyamkanu Mahanta)

যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ’ব পাৰে শ্যামকানু মহন্ত!


দিল্লীত গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা শ্যমকানু মহন্তক।

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু ঘটনাৰে জড়িত হৈ পৰিছিল শ্যামকানুৰ নাম।

Zubeen Garg: অসমে এটি সম্পদ হেৰুৱালেঃ শিতল শৰীৰে নীৰৱ আগমনত স্তদ্ধ অসমীয়া

শিতল শৰীৰে নীৰৱ আগমনত স্তদ্ধ অসমীয়া
শিতল শৰীৰে নীৰৱ আগমনত স্তদ্ধ অসমীয়া

এক বুজাব নোৱাৰা শোকে হেঁচা মাৰি ধৰিছে ৰাজ্যবাসী। প্ৰাণৰ শিল্পীগৰাকী আৰু নাই।

আজি পুৱাৰ ভাগত অসম পালেহি প্ৰিয়শিল্পীগৰাকীৰ নশ্বৰ দেহ। দুদিন ধৰি ওৰে নিশা উজাগৰে কটালে ৰাজ্যবাসী।

আজি অসমবাসীৰ মৰমৰ জুবিনৰ কাষত অগণন অনুৰাগী।

লাখ লাখ জুবিন ভক্তই লৈ গৈছে জুবিন গাৰ্গৰ নিজ বাসগৃহলৈ।

বৰঝাৰ বিমানবন্দৰৰ পৰা কাহিলিপাৰা বাসগৃহলৈ অনা হৈছে জুবিনৰ নিথৰ দেহ।


জুবিন গাৰ্গৰ নশ্বৰদেহৰ কাষত কান্দোনত ভাঙি পৰিছে পত্নী গৰিমা শইকীয়া গাৰ্গ।

Zubeen Garg: জুবিন গাৰ্গৰ মৃত্যুঃ শ্যামকানু মহন্তৰ বিৰুদ্ধে এফআইআৰ

জুবিন গাৰ্গৰ মৃত্যুঃ শ্যামকানু মহন্তৰ বিৰুদ্ধে এফআইআৰ
জুবিন গাৰ্গৰ মৃত্যুঃ শ্যামকানু মহন্তৰ বিৰুদ্ধে এফআইআৰ

কিংবদন্তি শিল্পী জুবিন গাৰ্গৰ (Zubeen Garg) অকাল মৃত্যুৰ পিছত শ্যামকানু মহন্তৰ ওপৰত জাঙুৰ খাই উঠিছে বহু গুণমুগ্ধ। প্ৰাণৰ শিল্পীগৰাকীৰ মৃত্যুৰ পিছতে এজন ব্যক্তিয়ে শ্যামকানু মহন্তৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰে। উল্লেখ্য শ্যামকানু মহন্তই জুবিনক ছিংগাপুৰলৈ নিয়া বুলি চৰ্চা হৈছে। বৃহস্পতিবাৰে মৰিগাঁও থানাত এই অভিযোগ দাখিল কৰে অধিবক্তা ৰাতুল বৰাই। মৰিগাঁৱৰ পিছতে লাহোৱাল আৰু শিৱসাগৰত অভিযোগ দাখিল কৰিছে।

আৰক্ষীৰ সূত্ৰ অনুসৰি এই এফআইআৰত মহন্তৰ বিৰুদ্ধে গাফিলতি আৰু অপ-ব্যৱস্থাপনাৰ অভিযোগ উত্থাপন কৰা হৈছে। তেওঁলোকৰ ভুলৰ ফলতে ছিংগাপুৰত বিখ্যাত শিল্পীগৰাকীয়ে প্ৰাণ হেৰুৱালে বুলি অভিযোগ কৰা হৈছে। অভিযোগ অনুসৰি জুবিনক পৰ্যাপ্ত চিকিৎসা সম্পৰ্কীয় পৰীক্ষা, সুৰক্ষা ব্যৱস্থা, অথবা তত্বাৱধান অবিহনে স্কুবা ডাইভিঙলৈ যাবলৈ দিয়া হৈছিল। এজাহাৰত পৰিস্থিতিৰ পুংখানুপুংখ তদন্তৰ দাবী উত্থাপন কৰা হৈছে। আৰক্ষীয়ে নিশ্চিত কৰিছে যে অভিযোগ পঞ্জীয়ন কৰা হৈছে আৰু প্ৰাৰম্ভিক তদন্ত আৰম্ভ কৰা হৈছে।

Zubeen Garg: সাগৰতলিক সাৱটি চিৰনিদ্ৰাত জুবিনঃ এন্ধাৰহীন মায়াবিনী দেশলৈ জুবিন গাৰ্গ

সাগৰতলিক সাৱটি চিৰনিদ্ৰাত জুবিনঃ এন্ধাৰহীন মায়াবিনী দেশলৈ জুবিন গাৰ্গ
সাগৰতলিক সাৱটি চিৰনিদ্ৰাত জুবিনঃ এন্ধাৰহীন মায়াবিনী দেশলৈ জুবিন গাৰ্গ

কোনেও নভৱা এটা ঘটনা। (Zubeen Garg) কোনেও কল্পনা কৰিব নোৱাৰা এটা ঘটনা। কিন্তু শেষত সেয়াই ঘটি গল। অসম তথা ভাৰতবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গ আৰু নাই ৷ শুক্ৰবাৰে এক দুৰ্ঘটনাত পতিত হৈ শেষ নিশ্বাস ত্যাগ কৰে গীতেৰে-সুৰেৰে লাখ লাখ অনুৰাগীৰ আমঠুৰ শিল্পীগৰাকীয়ে ৷ ছিংগাপুৰত অনুষ্ঠিত চতুৰ্থ উত্তৰ-পূব ভাৰত মহোৎসৱ (এন ই আই এফ) ২০২৫ত অংশ ল’বলৈ গৈ দুৰ্ঘটনাৰ সন্মুখীন হয় অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ ৷ ছিংগাপুৰত স্কুবা ডাইভিঙৰ সময়ত সাগৰত পৰি যায় শিল্পীগৰাকী ৷ অচেতন হৈ পৰে তেওঁ ৷ লগে লগে গুৰুতৰ অৱস্থাত ছিংগাপুৰৰ জেনেৰেল হাস্পতালত ভৰ্তি কৰোৱা হয় জুবিনক ৷ কিন্তু সংকটজনক অৱস্থাত থকা শিল্পীগৰাকীৰ প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম নহ’ল চিকিৎসকৰ দল ৷ শুক্ৰবাৰে দুপৰীয়া আহে সেই দুঃখবৰটো- জুবিন গাৰ্গ আৰু নাই ৷ছিংগাপুৰত অনুষ্ঠিত চতুৰ্থ উত্তৰ-পূব ভাৰত মহোৎসৱ (এন ই আই এফ) ২০২৫ ত অংশ ল’বলৈ গৈছিল জুবিন ৷ সাঁতুৰি থাকোঁতে সাগৰৰ মাজত কালি দিনৰ প্ৰায় ১-১০ বজাত দুৰ্ঘটনাত পতিত হয় তেওঁ ৷ অচেতন হৈ পৰে শিল্পীগৰাকী ৷ লগে লগে গুৰুতৰ অৱস্থাত ছিংগাপুৰ জেনেৰেল হাস্পতালত ভৰ্তি কৰোৱা হয় জুবিনক ৷ পিছে শিল্পীগৰাকীৰ প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম নহ’ল চিকিৎসকৰ দল ৷ ছিংগাপুৰৰ সময় অনুসৰি ৫বাজি ১৪ মিনিট (ভাৰতীয় সময় মতে প্ৰায় ২.১০ বজাত) মৃত্যু ঘটে তেওঁৰ ।

ইতিমধ্যে নৰ্থ ইষ্ট ফেষ্টিভেল কৰ্তৃপক্ষই এই খবৰ নিশ্চিত কৰে। ইতিমধ্যে এই খবৰ বিয়পি পৰাৰ লগে লগেই গায়কগৰাকীৰ অগণন গুণমুগ্ধ শোকত ভাগি পৰিছে ৷ সকলোৱে যেন মানি ল’ব পৰা নাই যে এনেদৰে অকস্মাৎে সকলোকে একপ্ৰকাৰ স্তব্ধ-নিৰ্বাক কৰি চিৰদিনলৈ আৰু ঘূৰি নাহে সকলোৰে নয়নৰ মণি, সকলোৰে প্ৰিয় কণ্ঠশিল্পীগৰাকী ৷ ইতিমধ্যেই ৰাস্তাই ঘাটে ওলাই আহিছে জুবিনৰ অগণন ফেন, তেওঁৰ ভাল পোৱা অনুৰাগী ৷ সকলো আজি ম্ৰিয়মাণ, ক’বলৈ একো ভাষা বিচাৰি পোৱা নাই ৷ জুবিনক এনেদৰে হেৰুৱাই আজি একপ্ৰকাৰ শূন্য হৈ পৰিছে অসম ৷ছিংগাপুৰত অনুষ্ঠিত চতুৰ্থ উত্তৰ-পূব ভাৰত মহোৎসৱ (এন ই আই এফ) ২০২৫ ত অংশ ল’বলৈ গৈছিল জুবিন ৷ ২০ ছেপ্টেম্বৰত সাংস্কৃতিক অনুষ্ঠানত জুবিনে গান গোৱাৰ কথা আছিল ৷

অচেতন হৈ পৰে শিল্পীগৰাকীক লগে লগে গুৰুতৰ অৱস্থাত ছিংগাপুৰ জেনেৰেল হাস্পতালত ভৰ্তি কৰোৱা হয় জুবিনক ৷ পিছে শিল্পীগৰাকীৰ প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম নহ’ল চিকিৎসকৰ দল ৷ ছিংগাপুৰৰ সময় অনুসৰি ৫বাজি ১৪ মিনিট (ভাৰতীয় সময় মতে প্ৰায় ২.১০ বজাত) মৃত্যু ঘটে তেওঁৰ ।শিল্পীগৰাকীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মাই ৷ মুখ্যমন্ত্ৰীয়ে কয়- “এইমাত্ৰ ফোনত মোক পৱিত্ৰ মাৰ্ঘেৰিটাই ফোনযোগে কথাটো জনাইছে যে জুবিন গাৰ্গ ডাঙৰীয়া বা আমাৰ মৰমৰ জুবিন এই সংসাৰত নাই ৷ তেখেত এই সংসাৰৰ পৰা আঁতৰি গৈছে ৷ খুব মৰ্মান্তিক ঘটনা… দুখদায়ক ঘটনা ৷ আজি আমি বিজেপি দলে গধূলি নিৰ্বাচনী প্ৰচাৰ নকৰোঁ ৷ মই এতিয়া খালী গোমাত গৈ মানুহখিনিক নমস্কাৰ কৰি গুৱাহাটীলৈ উভতি যাম ৷ তেখেতৰ সৎকাৰ বা কি ধৰণে তেখেতক আমি আনো গোটেই কথাবিলাক আমি গুৱাহাটীত গৈ আলোচনা কৰিম ৷ অসমবাসীৰ ৰাইজৰ হৈ… কি ক’ম.. দুখৰ…ক‘বলগীয়া একো শব্দই নাই, শব্দই বিচাৰি পোৱা নাই ৷ এটা মৰ্মান্তিক ঘটনা… জাতিৰ অপূৰণীয় ক্ষতি… জাতিৰ এটা অমূল্য সম্পদ আমি হেৰুৱাই পেলালোঁ৷”

Zubeen Garg: কাইলৈ পুৱাৰ ভাগত অসম পাবহি জুবিন গাৰ্গৰ নশ্বৰদেহ

Zubeen Garg: কাইলৈ পুৱাৰ ভাগত অসম পাবহি জুবিন গাৰ্গৰ নশ্বৰদেহ
Zubeen Garg: কাইলৈ পুৱাৰ ভাগত অসম পাবহি জুবিন গাৰ্গৰ নশ্বৰদেহ

জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই স্তব্ধ হ’ল গুৱাহাটী মহানগৰ। (Zubeen Garg)

আজি স্বতস্ফূৰ্তভাৱে বন্ধ ৰাখিছে সকলো দোকান-পোহাৰ, ব্যৱসায়িক প্ৰতিষ্ঠান।

আজি ছিংগাপুৰত সম্পন্ন হ’ল জুবিনৰ মৰোণত্তোৰ পৰীক্ষা।


জুবিনৰ নশ্বৰ দেহ ভাৰতীয় দূতাবাসৰ বিষয়াসকলৰ উপস্থিতিত সংগী দল শেখৰজ্যোতি গোস্বামী, সন্দীপন গার্গ আৰু শ্রীসিদ্ধার্থ শর্মা (মেনেজাৰ)ৰ হাতত অর্পণ কৰা হৈছে।

ছিংগাপুৰৰ জেনেৰেল হাস্পতালত সম্পন্ন মৰণোত্তৰ পৰীক্ষা সম্পন্ন।

এঘণ্টাৰ বাবে জুবিনৰ পাৰ্থিৱ শৰীৰ পৰিয়ালৰ হাতত গটাব।

তাৰপিছতে তেওঁক সৰুসজাই ষ্টেডিয়ামলৈ লৈ যাব।

তাতে অুৰাগীয়ে শ্ৰদ্ধাঞ্জলী জনাব পাৰি।

জুবিনৰ অন্তিম সৎকাৰৰ দিনা বিদ্যালয়, মহাবিদ্যালয় সকলো বন্ধ দিয়া হ’ব।

zubeen garg: অসমে কান্দিছেঃ উজাগৰী নিশা কটালে অসমবাসীয়ে

অসমে কান্দিছেঃ উজাগৰী নিশা কটালে অসমবাসীয়ে
অসমে কান্দিছেঃ উজাগৰী নিশা কটালে অসমবাসীয়ে

উজাগৰী নিশা (zubeen garg) কটালে অসমবাসীয়ে। জুবিন গাৰ্গৰ মৃত্যুত দেশজুৰি শোকৰ বন্যা। অসমৰ সংগীত জগতৰ এটা নক্ষত্ৰ খহি পৰিল। এই দুঃখবৰ বিয়পি পৰাৰ লগে লগে ৰাজ্যজুৰি শোকৰ ছাঁ। জুবিন গাৰ্গৰ মৃত্যুত আজি সকলো শোকস্তব্ধ।

সৰুসজাইত ৰখা হ’ব জুবিন গাৰ্গৰ নশ্বৰদেহ। কিছুসময়ৰ পাছতেই সৰুসজাইত উপস্থিত হ’ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। জুবিন গাৰ্গক কোন ঠাইত শ্ৰদ্ধাঞ্জলি জনাব সকলো নিৰীক্ষণ কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে। হঠাতে হেৰাই গ’ল আমাৰ প্ৰাণৰ জুবিন।

আজি জুবিন গাৰ্গ বিহীন প্ৰথমটো পুৱা। এতিয়াও যেন কোনেও সহজভাৱে মানি ল’ব পৰা নাই আমাৰ মাজৰ পৰা জুবিন গাৰ্গ আঁতৰি যোৱাৰ খবৰ। কাহিলিপাৰাৰ জুবিনৰ বাসগৃহৰ সন্মুখত এতিয়াও অগণন অনুৰাগীৰ ভিৰ। অনুৰাগীয়ে জুবিনৰ ফটোলৈ ওৰে নিশা উজাগৰে কটালে।

Zubeen Garg: আজি ছিংগাপুৰত সম্পন্ন হ’ব জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা

আজি ছিংগাপুৰত সম্পন্ন হ'ব জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা
আজি ছিংগাপুৰত সম্পন্ন হ'ব জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা

ছিংগাপুৰতে সম্পন্ন হ’ব জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা। (Zubeen Garg)

সামাজিক মাধ্যমযোগে জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

ভাৰতীয় সময়মতে ১১.৩০ বজাত সম্পন্ন হ’ব জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা।

ইয়াৰ পিছতেই ছিংগাপুৰ প্ৰশাসনে ভাৰতৰ প্ৰশাসনক চমজাই দিব জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ।

ইয়াৰ পিছতেই অসমলৈ ঘূৰাই অনা হ’ব জুবিন গাৰ্গক।

ছিংগাপুৰৰ উচ্চায়ুক্তৰ সৈতে সঘনে যোগাযোগ ৰাখিছে অসম চৰকাৰে।

জুবিন গাৰ্গৰ মৃত্যু: ছিংগাপুৰত শেষ নিশ্বাস ত্যাগ, শ্যামকানু মহন্তৰ স্পষ্টীকৰণ । Zubeen Gard

জুবিন গাৰ্গৰ মৃত্যু: ছিংগাপুৰত শেষ নিশ্বাস ত্যাগ, শ্যামকানু মহন্তৰ স্পষ্টীকৰণ । Zubeen Gard
জুবিন গাৰ্গৰ মৃত্যু: ছিংগাপুৰত শেষ নিশ্বাস ত্যাগ, শ্যামকানু মহন্তৰ স্পষ্টীকৰণ । Zubeen Gard

Zubeen Gard । অসমবাসীৰ হৃদয়ৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুতে ৰাজ্য জুৰি শোকৰ ছাঁ পৰিছে। ‘মায়াৰ ধৰা’ৰ শিল্পী জুবিন গাৰ্গে ছিংগাপুৰ জেনেৰেল হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে। দুদিন পূৰ্বে নর্থ ইষ্ট ফেষ্টিভেলৰ অংশ হিচাপে ছিংগাপুৰ গৈছিল গায়কগৰাকী।

শ্যামকানু মহন্তই প্ৰকাশ কৰে যে, ‘‘ছিংগাপুৰৰ ব্যৱসায়িক আলোচনাত ব্যস্ত থকাৰ সময়তে জুবিন গাৰ্গৰ মেনেজাৰৰ ফোন আহে। তেওঁ জানিবলৈ দিয়ে যে জুবিন গাৰ্গ দুঘৰ্টনাত পৰি চিকিৎসাধীন।’’

শ্যামকানু মহন্তই লগতে কয়, ‘‘জুবিন কেইজনমান সতীৰ্থৰ সৈতে অৱসৰ বিনোদনৰ বাবে গৈ থকা সময়তে দুঘৰ্টনাত পৰে। খবৰ পোৱাৰ লগে লগে আমি হাস্পতালত দৌৰি যাওঁ। ছিংগাপুৰৰ উচ্চাআয়ুক্তালয়ৰ সৈতে যোগাযোগ কৰি আমি সকলো প্ৰক্ৰিয়া আগবঢ়াই লৈছোঁ।’’

জুবিন গাৰ্গৰ অকাল মৃত্যুতে সংগীত জগতত সৃষ্টি হৈছে অপূৰণীয় শূন্যতা। এই পৰিস্থিতিত সকলো অনুষ্ঠান বাতিল কৰা হৈছে বুলি জানিবলৈ দিয়ে শ্যামকানু মহন্তে।

আপুনি বিচাৰেনে মই ইয়াক আৰু অধিক আনুষ্ঠানিক সংবাদ প্ৰতিবেদন ৰূপত প্ৰস্তুত কৰোঁ (যাতে সংবাদমাধ্যমত সজলভাৱে প্ৰকাশ কৰিব পৰা যায়)?